সম্পাদকৰ টোকা : অন্ধবিশ্বাস আৰু বিজ্ঞান :: বিজ্ঞানকৰ্মীৰ দায়িত্ব- (কৌশিক দাস)

 অন্ধবিশ্বাস আৰু শৱ-ব্যৱচ্ছেদ :: প্রাচীন গ্রীচৰপৰা ঊনবিংশ শতিকাৰ ভাৰতবৰ্ষলৈ

বিজ্ঞান আৰু অন্ধবিশ্বাসৰ মাজৰ সম্বন্ধটো সদায়েই বৈৰীমূলক; দুয়োটাৰে মাজত সেতুবন্ধন একেবাৰেই অসম্ভৱ। মানুহৰ মনৰ অতি গভীৰলৈ প্রোথিত হৈ থকা অজস্ৰ অন্ধবিশ্বাস, কুসংস্কাৰ, অযৌক্তিক ধৰ্মীয় ধ্যান-ধাৰণা ইত্যাদিয়ে যুগে যুগে বিজ্ঞানৰ বিকাশৰ ওপৰতো একধৰণৰ পশ্চাৎমুখী হেঁচা প্রদান কৰা পৰিলক্ষিত হয়। আমাৰ এই আলোচনাৰ প্রথমভাগত বিজ্ঞান আৰু অন্ধবিশ্বাস — এই দুয়োটাৰ মাজৰ মৌলিক বিৰোধ-দ্বন্দ্বৰ কথা মানৱ-মৃতদেহ-ব্যৱচ্ছেদবিদ্যা নামৰ চিকিৎসা-বিজ্ঞানৰ এটি বিশেষ দিশৰ কথাৰে চমুকৈ উপস্থাপন কৰাৰ প্রয়াস কৰিম। উল্লেখ কৰি থোৱা যুগুত হ’ব যে আলোচনাৰ বাট সুগম কৰিবলৈহে আমি ইয়াত তেনে এটা বিশেষ দিশৰ কথা উত্থাপন কৰিছোঁ ; বিজ্ঞান আৰু অন্ধবিশ্বাসৰ মাজৰ অনতিক্রম্য ব্যৱধানৰ কথা অন্যান্য বহুতো দিশৰ মাজেৰে উন্মোচন কৰা যায়।

মানুহৰ মৃতদেহ কাটি-ছিঙি পৰীক্ষা কৰা, অর্থাৎ শৱ-ব্যৱচ্ছেদ কৰাটো হ’ল আধুনিক চিকিৎসাবিজ্ঞানৰ আনুষ্ঠানিক পাঠ্যক্ৰমৰ এটা অপৰিহার্য অংগ। শৱ-ব্যৱচ্ছেদৰ অবিহনে মানৱ-শৰীৰৰ অভ্যন্তৰীণ অংগ-প্রত্যংগসমূহৰ গঠন আৰু সেইবোৰৰ কাৰ্য-প্রণালীৰ বিষয়ে সম্যক জ্ঞান লাভ কৰাটো সম্ভৱ নহয়। প্রাচীন গ্রীচৰ বিজ্ঞানীসকলে এই কথাটো উপলব্ধি কৰিছিল বহুদিনৰ আগতেই। খ্রীষ্টপূৰ্ব তৃতীয় শতকত আলেকজাণ্ড্ৰিয়াত চিকিৎসাবিজ্ঞানৰ প্রাণচঞ্চল শিক্ষাকেন্দ্র এটি প্রতিষ্ঠা হোৱাৰ সৈতে সংগতি ৰাখি প্রাচীন গ্রীচত চিকিৎসাবিজ্ঞানৰ অভূতপূৰ্ব স্ফুৰণ ঘটিছিল। এই আলেকজাণ্ড্ৰিয়াতেই খ্রীষ্টপূৰ্ব তৃতীয় শতকৰ প্রথম ভাগত হাৰফিলাছ (Herophilus) আৰু ঈৰাচিছট্রাটাছ (Erasistratus) নামৰ দুগৰাকী যশোধৰ চিকিৎসাবিজ্ঞানীয়ে সম্পাদন কৰা মানৱ-শৰীৰৰ ব্যৱচ্ছেদকেই প্রথম পদ্ধতিগত শৱ-ব্যৱচ্ছেদ বুলি গণ্য কৰা হয়। এই কথাটো বিশ্বৰ বিজ্ঞান-ইতিহাসৰ এটা উল্লেখযোগ্য ঘটনা।

উক্ত শৱ-ব্যৱচ্ছেদৰ কথাটোৰ তাৎপৰ্য কি বাৰু? হাৰফিলাছ আৰু ঈৰাচিছট্রাটাছৰ পূৰ্বেও মানুহে শৱ-ব্যৱচ্ছেদ কৰাৰ উদাহৰণ থাকিলেও সেইসমূহ আছিল বিক্ষিপ্ত আৰু বৈজ্ঞানিক শৃংখলতাৰহিত। তথাপি আমি ধাৰণা কৰাটো অসংগত নহ’ব যে বিজ্ঞানৰ স্বাভাৱিক বিকাশে নিশ্চয় এদিন তেনে বিসংগতি আঁতৰাই পেলাবলৈ সক্ষম হ’লহেঁতেন। কিন্তু হাৰফিলাছ আৰু ঈৰাচিছট্রাটাছে কৰা শৱ-ব্যৱচ্ছেদৰ অপৰিসীম গুৰুত্ব নিহিত হৈ আছিল অন্য এটা দিশতহে। মানুহৰ মনৰ অতি গভীৰ স্তৰলৈকে শিপাই থকা প্রাচীন সংস্কাৰ, অনড় অন্ধবিশ্বাস, প্রচণ্ড নৈতিক বাধা-নিষেধ আদিৰ বাবে শৱ-ব্যৱচ্ছেদ সম্পাদন কৰিবলৈ সৰহভাগ চিকিৎসকেই আছিল অনিচ্ছুক আৰু অপাৰগ। তেনে কাৰ্যক সমাজৰ প্রচলিত ৰীতি-নীতি-মূল্যবোধে অনুমোদন জনোৱাটো আছিল এটা অভাবনীয় কথা। হাৰফিলাছ আৰু ঈৰাচিছট্রাটাছে তেনে মানসিক জাড্য আঁতৰাই চিকিৎসাবিজ্ঞানলৈ ক‌ঢ়িয়াই আনিলে এছাটি নতুন সজীৱ বতাহ। আলেকজাণ্ড্ৰিয়াৰ বহুমাত্রিক, বৈচিত্র্যময় আৰু জংগম বৌদ্ধিক বাতাৱৰণো আছিল তেনে বৈপ্লৱিক বৈজ্ঞানিক উল্লম্ফনৰ অন্যতম নিৰ্ণায়ক কাৰণ।

কিন্তু পৰিতাপৰ কথা, হাৰফিলাছ আৰু ঈৰাচিছট্রাটাছৰ পাছত মানৱ-মৃতদেহ-ব্যৱচ্ছেদবিদ্যাৰ বিকাশ বহুদিনলৈ স্থবিৰ হৈ পৰিল। এই কথাটো মাত্র আলেকজাণ্ড্ৰিয়াতেই নহয়, সমগ্র গ্রীচতেই পৰিলক্ষিত হৈছিল। পৰীক্ষা-পৰ্যবেক্ষণক তেনেকৈ গুৰুত্ব প্রদান নকৰা ভাববাদী দৰ্শনৰ শক্তিশালী উত্থান আছিল উক্ত নেতিবাচক ঘটনাটোৰ এটা মুখ্য কাৰণ। হাতে-কামে কৰা পৰীক্ষাৰ পৰিৱৰ্তে চিকিৎসকসকলে মূলতঃ নিৰ্ভৰ কৰিবলগীয়া হ’ল পূৰ্বৰ চিকিৎসাবিজ্ঞানীসকলে লিপিবদ্ধ কৰি থৈ যোৱা গ্রন্থসমলৰ ওপৰত। ভূতৰ ওপৰত দানহ পৰাৰ দৰে আলেকজাণ্ড্ৰিয়াৰ বিশাল গ্রন্থাগাৰটোও অগ্নিকাণ্ডত ধ্বংস হৈ পৰাৰ পাছত এনাটমি-বিজ্ঞান একেবাৰেই স্থাণু হৈ পৰিল।

তাৰ পৰৱৰ্তী যুগটো মাত্র চিকিৎসাবিজ্ঞানৰ বাবেই নহয়, বিজ্ঞানৰ সকলো শাখাৰ বাবেই সঁচাই আছিল এটা অন্ধকাৰৰ যুগ। বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষাৰ ওপৰত অমিত শক্তিশালী খ্রীষ্টান চাৰ্চৰ অবিৰত হস্তক্ষেপ আছিল তাৰ এটা প্রধান কাৰণ। তেনে ধৰ্মীয় হস্তক্ষেপে মানুহৰ যৌক্তিক চিন্তা-ভাবনাক পংগু কৰি পেলাইছিল। চিকিৎসকসকলে এৰিষ্টটল বা গেলানৰ পুৰণিকলীয়া ধ্যান-ধাৰণাকেই, সেইসমূহৰ যুক্তিযুক্ততাত কোনো প্রশ্ন নকৰাকৈ, নিঃচৰ্তভাবে মানি লোৱাটো আছিল বাধ্যতামূলক।

খ্রীষ্টীয় একাদশ আৰু দ্বাদশ শতিকাৰপৰা পৰিস্থিতিটো সামান্য সলনি হ’বলৈ আৰম্ভ কৰে। সেই সময়ত ইউৰোপৰ নানান স্থানত [যেনে, ফ্রান্সৰ পেৰিছ আৰু মন্টপিলিয়েৰত (Montpellier), ইংলেণ্ডৰ অক্সফোৰ্ড আৰু কেম্ব্রিজত, ইটালিৰ বলন্যা (Bologna) আৰু পাডুৱাত] বিশাল বিশাল প্রাণপ্রাচুৰ্যৰে উচ্ছল বিশ্ববিদ্যালয় কিছুমান গ‌ঢ় লৈ উঠাৰ সৈতে সংগতি ৰাখি বিজ্ঞানৰ অগ্রগতিও ত্বৰান্বিত হৈ পৰিল। বিশেষকৈ বলন্যা বিশ্ববিদ্যালয়ত ব্যৱচ্ছেদবিদ্যাই নতুন গতি লাভ কৰিলে। ৰোমান সম্রাট দ্বিতীয় ফিড্‌ৰিকে ১২৩১ চনত জাৰি কৰা এটা নিৰ্দেশনাই চিকিৎসাবিজ্ঞানত, বিশেষকৈ মানৱ-মৃতদেহ-ব্যৱচ্ছেদবিদ্যাৰ ক্ষেত্রত, অভূতপূৰ্ব প্রভাৱ পেলোৱা পৰিলক্ষিত হ’ল। উক্ত ৰাজঘোষণাৰ জৰিয়তে প্রতি পাঁচ বছৰত ন্যূনতম এবাৰ হ’লেও মানৱ-শৱ-ব্যৱচ্ছেদ কৰি চাবলৈ নিৰ্দেশ দিয়া হ’ল। লগতে তেনে শৱ-ব্যৱচ্ছেদত পেশাদাৰী চিকিৎসকসকলৰ উপস্থিতি বাধ্যতামূলক কৰা হ’ল। অৱশ্যে পোপ অষ্টম বনিফেছে ১২৯৯ চনত জাৰি কৰা এটা ধৰ্মীয় নিৰ্দেশে মানৱ-মৃতদেহ-ব্যৱচ্ছেদবিদ্যাৰ তেনে বিকাশক আকৌ এবাৰ সাময়িকভাৱে স্তব্ধ কৰি দিছিল। পোপৰ উক্ত নিৰ্দেশনাত মানুহৰ মৃতদেহৰ বিকৃতিকৰণক নিষিদ্ধ কৰা হৈছিল আৰু তেনে কাৰ্যক ঘোষণা কৰা হৈছিল শাস্তিযোগ্য অপৰাধ বুলি।

তাৰ পৰৱৰ্তী যুগৰ কাহিনীটোতো সৰ্বজনবিদিত। প্রাচীন অন্ধবিশ্বাস, ধৰ্মীয় বাধা-নিষেধ, পৰম্পৰাৰ অহেতুক হেঁচা আদিৰ প্রতিমুখে মানৱ সমাজলৈ নতুনত্বৰ বাণী ক‌ঢ়িয়াই আনিলে ৰেনেছাঁৰ নৱধ্বনিৰে স্পন্দিত ইউৰোপে। মানৱ-মননৰ বিভিন্ন দিশত সঁচাকৈয়ে যুগান্তকাৰী বিপ্লৱৰ সূচনা হ’ল। তেনে নৱজাগৰণৰ প্রাণপ্রাচুৰ্যময় সঞ্জীৱনী বতাহৰ স্পৰ্শ চিকিৎসাবিজ্ঞানৰ অংগনতো প্রৱেশ কৰিলেহি। অন্ধবিশ্বাস আৰু ধৰ্মীয় বাধা-নিষেধৰ প্রতিবন্ধক ওফৰাই পেলাবলৈ ব্যৰ্থ হ’লে আধুনিক চিকিৎসাবিজ্ঞানৰ বিকাশ যে বহু বিলম্বিত হ’লহেঁতেন, সেইটো অনুমান কৰা কঠিন নহয়। ধৰ্ম, অন্ধবিশ্বাস, কুসংস্কাৰ আদিৰ বাধা অতিক্রম কৰাৰ পৰিণতিতেই প্রকৃতপক্ষে আধুনিক চিকিৎসাবিজ্ঞানৰ উন্মেষ আৰু পৰৱৰ্তী কালৰ দ্রুততৰ বিকাশ সম্ভৱ হৈছিল।

এইখিনিতে প্রশ্ন উঠিব পাৰে, ৰেনেছাঁৰ যি উজ্জীৱিত স্পন্দনে ইউৰোপৰ সমাজখন তৰংগিত কৰি তুলিছিল, সেই নৱজাগৰণৰ অভিঘাত ভাৰতত কেতিয়াকৈ আহি পৰিছিল? এইটো প্রশ্নৰ উত্তৰত বৰ মজাৰ অথচ তাৎপৰ্যপূৰ্ণ ঘটনা কিছুমান চকুত পৰে। শৱ-ব্যৱচ্ছেদৰ প্রসংগৰেই কথাটো আলচ কৰা যাওক।

১৮৩৬ চনৰ কথা; কলকাতাৰ মেডিকেল কলেজৰ কাম-কাজ আৰম্ভ হোৱাৰ এবছৰ হৈছেহি মাথোন। সেই সময়ৰ কলেজৰ কর্তৃপক্ষই এটা বৰ অদ্ভুত সমস্যাৰ সন্মুখীন হ’ল। মেডিকেল কলেজখন খুলিলে হয়, কিন্তু কোনো হিন্দু ছাত্ৰই শৱ-ব্যৱচ্ছেদ কৰিবলৈ মান্তি নহয়হে নহয়। অন্ধবিশ্বাস কিম্বা কুসংস্কাৰেই আছিল তাৰ প্ৰধান কাৰণ। মৃতদেহ স্পৰ্শ কৰাটোৱেই আছিল সংস্কাৰেৰে ভাৰাক্রান্ত কৰা ভাৰতীয় সমাজখনত এটা ভয়ংকৰ কথা।

ভাৰতীয় উপমহাদেশত চিকিৎসাবিজ্ঞান চৰ্চাৰ সুপ্রাচীন ঐতিহাসিক সাক্ষ্য বিদ্যমান। কিন্তু দেবীপ্রসাদ চট্টোপাধ্যায় আদি কৃতবিদ্য পণ্ডিতে তথ্য আৰু যুক্তিৰে ফঁহিয়াই দেখুৱাইছে, ধৰ্মীয় বাধা-নিষেধে কিদৰে ঐতিহ্যমণ্ডিত ভাৰতীয় চিকিৎসাবিজ্ঞানক পক্ষাঘাতদুষ্ট কৰি পেলাইছিল। যুক্তিবাদী ঐতিহাসিকসকলে দেখুৱাইছে যে ধৰ্মৰ ছত্রছায়াত লালিত-পালিত হোৱা বৰ্ণভিত্তিক শ্রম-শোষণৰ অমানৱীয় ব্যৱস্থাটো আছিল তেনে নেতিবাচক প্রৱণতাৰ আঁৰৰ অন্যতম প্রধান কাৰক। চিকিৎসাসেৱাৰ বাবে চিকিৎসকসকলে সৰ্বসাধাৰণ মানুহৰ সৈতে কৰা সঘন যোগাযোগ আৰু মিলামিছা কৰা কাৰ্যটোক বৰ্ণাশ্রমভিত্তিক ব্যৱস্থাটোৱে অনুমোদন জনোৱা নাছিল। তাৰ সাক্ষ্য এখন প্রাচীন ভাৰতীয় শাস্ত্রগ্রন্থ “মনু-সংহিতা”ত পোৱা যায়। এই শাস্ত্রখনত চিকিৎসাবিজ্ঞান আৰু চিকিৎসকসকলক নিন্দা কৰা হৈছিল।

তেনে বিজ্ঞানবিৰোধী অন্ধবিশ্বাসেৰে ভাৰাক্রান্ত পৰিৱেশ এটাত মৃতদেহ ব্যৱচ্ছেদ কৰাটো বৰ কঠিন কাম আছিল। কলকাতাত মেডিকেল কলেজ স্থাপন কৰাৰ আগতে যদিও কিছুমান মহাবিদ্যালয় আৰু মাদ্রাছাত চিকিৎসাশাস্ত্রৰ নামত কিবা অলপ প‌ঢ়োৱা হৈছিল, সেইবোৰ আছিল অবৈজ্ঞানিক কথাৰে ভৰা; আধুনিক চিকিৎসাবিজ্ঞানৰ জ্ঞান দিবলৈ সেইসমূহ আছিল একেবাবেই অনুপযোগী। ১৮২৪ চনত “নেটিভ মেডিকেল ইনষ্টিটিউশ্যন”-কে ধৰি দুটিমান চিকিৎসাবিজ্ঞানৰ শিক্ষা প্রতিষ্ঠানৰ কাম কলকাতাত আৰম্ভ হয়। কিন্তু তেনে প্রতিষ্ঠানত অন্ধবিশ্বাসীসকলৰ বাধাৰ বাবেই মৃতদেহ ব্যৱচ্ছেদৰ ব্যৱস্থা কৰাটো সম্ভৱ হোৱা নাছিল। কাষৰ চিকিৎসালয়ত যেতিয়া ইউৰোপিয়ান ডাক্টৰে মৃতদেহ প’ষ্টমৰ্টেম কৰিছিল, তেতিয়া ছাত্রসকলে আঁতৰৰপৰা সেই কাৰ্যটো নিৰীক্ষণ কৰিয়েই সন্তুষ্ট থাকিবলগীয়া হৈছিল। চিকিৎসাবিজ্ঞানৰ শিক্ষা-প্রতিষ্ঠানৰ ভিতৰলৈ মৃতদেহ লৈ যোৱাটো ধৰ্মীয় নেতাসকলে বন্ধ কৰি থৈছিল। ব্যৱহাৰিক জ্ঞানত দুৰ্বল ছাত্রসকল ভৱিষ্যতে যে বিজ্ঞানসন্মত চিকিৎসা আগ ব‌ঢ়োৱাত সফল নহ’ব, সেইটো যুক্তিযুক্তভাৱে অনুমান কৰিয়েই ইংৰাজৰ পৃষ্ঠপোষকতাত কলকাতাত চৰকাৰী মেডিকেল কলেজ এখন স্থাপন কৰা হয়।  ১৯৩৫ চনৰ ২০ ফেব্রুৱাৰিত তাত ছাত্রৰ নামভৰ্তি আৰম্ভ কৰা হয়। পঞ্চাশগৰাকী ছাত্রৰে শ্রেণী আৰম্ভ হয় সেই বছৰৰেই ১ জুনৰপৰা। অন্যান্য সকলো বিভাগৰ শিক্ষাদান সুকলমে সম্পন্ন কৰা সম্ভৱ হ’লেও, এনাটমি বিভাগটোৱে সেই আগৰ সমস্যাটোৰেই সন্মুখীন হ’ল। ধৰ্মীয় বাধা আৰু অন্ধবিশ্বাসৰ বাবে কোনো এজনো ভাৰতীয় ছাত্র নোলাল মৃতদেহ ব্যৱচ্ছেদ কৰিবলৈ। জনা যায় যে কাঠেৰে নিৰ্মিত এটি ভেৰাৰ মগজু আৰু ছাগলীৰ যকৃৎ ছাত্রসকলক দেখুৱাই মানৱ-শৰীৰতো যে অনুৰূপ অংগৰ কাৰ্য-কলাপ সংঘটিত হৈ থাকে, সেইটো বুজাবলৈ প্রয়াস কৰা হৈছিল। তেতিয়াৰ দিনতেই প্রায় পোন্ধৰ হাজাৰ টকাৰ এটি মানৱ-কংকাল সদৃশ মডেল ইংলেণ্ডৰপৰা অনা হৈছিল ছাত্রসকলক প্রদৰ্শন কৰিবলৈ। এইসমূহ বিসংগতি আঁতৰ কৰিবলৈ ব্রামলি আৰু হেনৰি নামৰ দুগৰাকী ইংৰাজ চিকিৎসকে ছাত্রসকলক প্রকৃত অৰ্থত মৃতদেহ ব্যৱচ্ছেদ কৰোৱাৰ চেষ্টা চলায়। এই বাতৰিটো প্রচাৰ হোৱাৰ লগে লগেই অন্ধবিশ্বাসী মহলটোৱে উগ্র প্রতিক্রিয়া প্রকাশ কৰিলে। ছাত্রসকলক সকীয়াই দিয়া হ’ল যে বিদেশীৰ প্রৰোচনাত পৰি কোনোবা ছাত্রই মৃতদেহ ব্যৱচ্ছেদ কৰাৰ দৰে বিধৰ্মী কাম কৰিলে পতিত হৈ এঘৰীয়া হ’ব লাগিব। এই কথাটোৱে ছাত্রসকলৰ মাজত আতংকৰ সৃষ্টি কৰিলে। ধৰ্মীয় মহলৰ তেনে অন্ধবিশ্বাসী কামৰ বাবে উদ্বেগ প্রকাশ কৰিলে দ্বাৰকানাথ ঠাকুৰ, ডেভিড হেয়াৰ আদিৰ দৰে চিন্তাশীল আৰু প্রভাৱশালী ব্যক্তিয়ে। কিন্তু অন্ধবিশ্বাসৰ প্রবক্তা প্রতিক্রিয়াশীল মহলটো অনড়-অটল হৈয়েই ৰ’ল। আঁতৰ নহ’ল মৃতদেহ ব্যৱচ্ছেদৰ ধৰ্মীয় প্রতিবন্ধক।

তাৰ মাজতেই কিন্তু ব্রামলি আৰু হেনৰিয়ে মুষ্টিমেয় কেইগৰাকীমান ছাত্রক শৱ-ব্যৱচ্ছেদৰ বাবে মানসিকভাৱে প্রস্তুত কৰি তুলিছিল। জেনাৰেল হস্পিতালৰপৰা এটা অচিনাক্ত মৃতদেহ সংগ্রহ কৰা হ’ল অতি গোপনে। ১৮৩৬ চনৰ ২৮ অক্টোবৰত মহাবিদ্যালয়ৰ মূল ভৱনৰপৰা আঁতৰৰ অন্য এটা ঘৰত আৰম্ভ হ’ল সঁচা অৰ্থত এক ঐতিহাসিক শৱ-ব্যৱচ্ছেদ। সহকাৰী শিক্ষক মধুসূদন গুপ্তই নেতৃত্ব দি লৈ গ’ল চাৰিজন মাত্র ছাত্রক সেই ঘৰটোলৈ। তেওঁলোক আছিল ৰাজকৃষ্ণ দে, দ্বাৰকানাথ গুপ্ত, উমাচৰণ শেঠ আৰু নবীনচন্দ্র মিত্র। মধুসূদন গুপ্ত পূৰ্বতে আছিল সংস্কৃত কলেজৰ অধ্যাপক। তেওঁ ১৮৩৫ চনত মেডিকেল কলেজত সহকাৰী শিক্ষক হিচাপে যোগ দিয়ে আৰু লগতে ছাত্রসকলক লগতে পাশ্চাত্যৰ চিকিৎসাবিজ্ঞানৰ আনুষ্ঠানিক অধ্যয়নো আৰম্ভ কৰে। সেইদিনা মধুসূদন গুপ্তই অচিনাক্ত মৃতদেহটোত তীক্ষ্ম ছুৰীৰে ব্যৱচ্ছেদৰ কাম আৰম্ভ কৰে। মধুসূদন গুপ্তৰ ছুৰীৰ সেই আঘাত প্রকৃততে পৰিছিল বহু যুগ ধৰি বৰ্তি থকা অন্ধবিশ্বাসৰ অনড় বাধাৰ ওপৰত। সেই সময়ত ঘটনাটোৰ ইমানেই তাৎপৰ্য আছিল যে কামটোৰ বাবে ওচৰতে থকা দুৰ্গৰপৰা টোপ ফুটোৱা হৈছিল বুলি জনা যায় (দ্রঃ দেবীপ্রসাদ চট্টোপাধ্যায়, ভাৰতে বস্তুবাদ প্রসঙ্গে, অনুষ্টুপ প্রকাশনী, কলকাতা, ১৯৮৭, পৃঃ ১৭০-১৭১)। ঘটনাটোৱে মাত্র কলকাতা মহানগৰতেই চাঞ্চল্যৰ সৃষ্টি কৰিছিল বুলি ভাবিলে ভুল হ’ব। সেই তেতিয়াই অৰুণোদই সম্বাদ পত্ৰত প্রকাশ হৈছিল মধুসূদন গুপ্তৰ কাহিনী। অৰুণোদইৰ ভাষাত ছাত্রজনে “মৰা শ কাটিবলৈ সাহ পালে”  (অৰুণোদই সম্বাদ পত্র, জুন, ১৮৪৯, Vol. IV. No. 6; অৰুণোদই ১৮৪৬-১৮৫৪, অসম প্রকাশন পৰিষদ, গুৱাহাটী, ১৯৮৩, পৃঃ ৩৪৩)। অৰুণোদই সম্বাদ পত্ৰই আমাক আকৌ বাতৰি দিছে যে মধুসূদন গুপ্তই কৰা ঐতিহাসিক শৱ-ব্যৱচ্ছেদৰ ঘটনাটোৰ দহ বছৰ পাছতহে অসমৰপৰা প্ৰথমচাম ছাত্র কলকাতাৰ মেডিকেল কলেজলৈ পঢ়িবলৈ যায় (অৰুণোদই সম্বাদ পত্র, নৱেম্বৰ, ১৮৪৬, Vol I. No. 11)। অন্যান্য কাৰকৰ বাহিৰেও অন্ধবিশ্বাস, কুসংস্কাৰ, ধর্মীয় বাধা-নিষেধ আদি আছিল তেনে বিলম্বৰ অন্যতম কাৰণ। তেনেজাতীয় অন্ধবিশ্বাস আৰু ধৰ্মীয় সংস্কাৰৰ বাবেও চিকিৎসাবিজ্ঞানৰ ক্ষেত্ৰত অসমীয়া সমাজখন বহু পিছুৱাই গৈছিল বুলি চিন্তাবিদ ইন্দিবৰ দেউৰীদেৱে মত প্রকাশ কৰিছে (ইন্দিবৰ দেউৰী, ‘বিজ্ঞান, প্রযুক্তিবিজ্ঞান আৰু ধৰ্ম’, পৰমানন্দ মজুমদাৰ সম্পাদিত প্রযুক্তি আৰু সমাজ গ্রন্থত, প্রাগজ্যাতিষ মহাবিদ্যালয় বিজ্ঞান সমিতি, গুৱাহাটী, ১৯৯৮, পৃ. ৮৫)।

আজিকালি চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভর্তি কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত তীব্র প্রতিযোগিতা চলা আমি দেখিবলৈ পাওঁ। এনে এটা পটভূমিত, শৱ-ব্যৱচ্ছেদ কৰিবলৈ মান্তি নোহাৱা, শৱ-ব্যৱচ্ছেদৰ বাবে টোপ ফুটোৱা, অসমৰপৰা ছাত্র-ছাত্রী চিকিৎসাবিজ্ঞান পঢ়িবলৈ নোযোৱা – এইবোৰ বৰ্তমানৰ দৃষ্টিভংগীৰে বিচাৰ কৰিলে বৰ হাঁহি উঠা কথা যেন লাগিব পাৰে। বহুতো মানুহেই বর্তমানৰ উন্নত বিজ্ঞানৰ কথা ভাবি আধুনিক যুগৰ আধুনিক মনৰ মানুহ বুলি গৌৰৱ কৰে। তেনে বিজ্ঞানগৰ্বী মানুহৰ বাবে অতীতৰ অন্ধবিশ্বাস-কুসংস্কাৰসমূহ হয়তো সৰস আলোচনাৰ লঘু বিষয়ৰূপেই পৰিগণিত হ’ব। কিন্তু আধুনিক বিজ্ঞানৰ ক্ষেত্রত অভাবনীয় অগ্রগতি লাভ কৰা দেশ এখনৰ সাম্প্রতিক সময়ত পৰিলক্ষিত হোৱা ঘটনা এটাই আমাক অলপ অন্য ধৰণে চিন্তা-চৰ্চা কৰিবলৈ সহায় কৰিব। দেশখন হ’ল অভাবনীয় প্রাযুক্তিক প্রাচুৰ্যৰ শক্তিৰে গৰ্বিত সূৰ্য উঠা দেশ জাপান।

জাপানৰ কায়’টো (Kyoto) বিশ্ববিদ্যালয়ৰ কেন্‌জি হিৰা (Kenji Hira) আৰু তেখেতৰ সহযোগী চাৰিগৰাকী গৱেষকে এটা পদ্ধতিগত সমীক্ষা চলাইছিল ১৯৯২ চনৰপৰা ১৯৯৫ চনলৈকে (দ্রষ্টব্য : Hira K, Fukui T, Endoh A,  Rahman M  and Maekawa M, Influence of superstition on the date of hospital discharge and medical cost in Japan: retrospective and descriptive study, BMJ 1998; 317: 1680-3)। জাপানত মংগলময় দিনক কোৱা হয় টায়ান (Taian) বুলি। তেনেদৰে অমংগলীয়া দিনক বুট্‌চুমেট্‌ছু (Butsumetsu) বোলে। কেন্‌জি হিৰাৰ দলটোৱে কায়’টো বিশ্ববিদ্যালয়ৰ চিকিৎসালয়ৰপৰা ৰোগীসকলে ওলাই আহিবলৈ (Release ল’বলৈ) টায়ান নে বুট্‌চুমেট্‌ছু— কোনটো দিন বাছি লৈছিল, সেইটো লক্ষ্য কৰিবলৈ ধৰিলে। দেখা গ’ল যে সৰহভাগেই মংগলময় টায়ানতহে চিকিৎসালয় এৰি যায়। তাৰ বাবে চিকিৎসালয়ৰ কৰ্তৃপক্ষই ঘৰলৈ যাবলৈ দিয়া ৰোগীসকলেও পকেটৰ ধন ভৰি হাস্পাতালতেই থাকি পৰৱৰ্তী টায়ানলৈ অপেক্ষা কৰি আছিল ! তেনে অন্ধবিশ্বাসৰ বাবে সামগ্রিকভাৱে ব্যয় হৈছিল ৭.৪ মিলিয়ন ইয়েনৰ (তেতিয়াৰ হিচাপত ৩১,০০০ পাউণ্ড) !

বৈজ্ঞানিক মনৰ বিজ্ঞানকৰ্মী

গতিকে আমি দেখিলোঁ যে বিজ্ঞান আৰু প্রযুক্তিৰ অগ্রগতিৰ এই আধুনিক যুগতো অন্ধবিশ্বাসৰ প্রকোপ মুঠেও হ্রাস পোৱা নাই। যদিও অন্ধবিশ্বাস আৰু ধৰ্মীয় প্রতিবন্ধকতাৰ সৈতে যুঁজ দি, সেইসমূহক পৰাভূত কৰি আধুনিক বিজ্ঞানৰ জয়যাত্রা আৰম্ভ হৈছিল, তথাপি আজিও সমাজত অজস্র অন্ধবিশ্বাসৰ পয়োভৰ। এই কথাটো সাধাৰণ পৰ্যবেক্ষণৰপৰাই সহজে ধৰিব পাৰি। প্রকৃততে বিজ্ঞান-প্রযুক্তিৰ চমকপ্রদ অগ্রগতিয়ে সমাজৰপৰা অন্ধবিশ্বাস দূৰ কৰাৰ নিশ্চয়তা প্রদান নকৰে। তেনেদৰেই কোনোবা মানুহৰ বিজ্ঞান বিষয়ক বৰ-বৰ আনুষ্ঠানিক ডিগ্ৰী একোটা থাকিলেই তেওঁৰ মনটো অন্ধবিশ্বাসৰপৰা মুক্ত বুলি পোনছাটেই কৈ দিব নোৱাৰি। যিদৰে কোনো এজন সুদক্ষ চিকিৎসকে নিজৰ ৰোগ নিৰাময়ৰ কাৰণে অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ তাবিজ-মাদুলি পৰিধান কৰিব পাৰে, তেনেদৰেই কোনো সুনিপুণ অভিযন্তাই গৃহ নির্মাণৰ সময়ত বাস্তুশাস্ত্ৰ মানি চলিব পাৰে, কোনো কৃতবিদ্য কৃষি-বিজ্ঞানীয়ে শস্যৰ বীজ সিঁচাৰ আগতে পঞ্জিকাৰ পাত লুটিয়াব পাৰে, কোনো কম্পিউটাৰ বিশেষজ্ঞই বিশ্বকর্মা পূজাত কম্পিউটাৰৰ মনিটৰৰ ওপৰত সেন্দূৰৰ ফোঁট লগাব পাৰে। বিজ্ঞান-শিক্ষাৰ আনুষ্ঠানিক অৰ্হতা বৈজ্ঞানিক মানসিকতাৰ সমার্থক বুলি কোৱাটো ভুল। বিশিষ্ট পণ্ডিত শিৱনাথ বৰ্মনদেৱৰ এটা উক্তি এই সন্দৰ্ভত বৰ প্ৰাসংগিক— “চুটপেণ্ট-টাই পৰিহিত ব্যক্তিৰ অন্তৰালত গাত ছাই সনা নঙঠা ফকীৰৰ অস্তিত্ব আজিও বিদ্যমান” (শিৱনাথ বৰ্মন, ‘প্রাচীন ভাৰতত অন্ধবিশ্বাসৰ ভূমিকা’, পৰমানন্দ মজুমদাৰ সম্পাদিত বিজ্ঞান, অন্ধবিশ্বাস আৰু সমাজ গ্রন্থত, প্ৰাগজ্যোতিষ মহাবিদ্যালয় বিজ্ঞান সমিতি, গুৱাহাটী, ১৯৯৩, পৃ. ৬০)। তেনেহ’লে, আমি এই নিবন্ধৰ শিৰোনামাত “বিজ্ঞানকৰ্মী” বুলি যে লিখিছোঁ, এই বিজ্ঞানকর্মীনো কোন? “বিজ্ঞানকর্মী” এই শব্দটোৰ অৰ্থই বা কি?

আমি এই নিবন্ধত এটা বিশেষ প্ৰসংগত “বিজ্ঞানকর্মী”– এই শব্দটিক ব্যৱহাৰ কৰিম। প্ৰসংগটো হ’ল মানুহৰ অন্ধবিশ্বাস। প্রশ্ন উঠিব, সৰু-বৰ জটিল জটিল যন্ত্র-পাতি লৈ গৱেষণাগাৰত কৰ্মৰত ব্যস্ত বিজ্ঞানীসকলকহে মাত্র আমি “বিজ্ঞানকর্মী”’ বুলি বিবেচনা কৰিম নেকি? “বিজ্ঞানকর্মী” বুলিলে তৎক্ষণাৎ তেনেকুৱা এটা ধাৰণাই আমাৰ মনলৈ আহিব পাৰে। কিন্তু আমি আগতেই কৈ আহিছোঁ, বিজ্ঞানী এজনৰো বৈজ্ঞানিক মন এটা নেথাকিব পাৰে, বৰ ডাঙৰ বিজ্ঞানী এজন বৰ ডাঙৰ অন্ধবিশ্বাসী হ’বও পাৰে। সাধাৰণভাৱে, প্রচলিত অন্ধবিশ্বাসৰপৰা সমাজখনক মুক্ত কৰিবলৈ চেষ্টা কৰা, নিৰন্তৰ আত্মসমালোচনাৰে আত্মশুদ্ধি কৰিবলৈ প্রস্তুত, বৈজ্ঞানিক মনৰ সচেতন লোকসকলকেই আমি বিজ্ঞানকৰ্মী বুলি ইয়াত অভিহিত কৰিম। এনে বিজ্ঞানকর্মীসকলৰ কেইটামান বৈশিষ্ট্য হ’ব এনেধৰণৰ –

১। বিজ্ঞানকর্মীসকল বৈজ্ঞানিক মন এটাৰ গৰাকী হ’ব লাগিব। এজন ব্যক্তি বিজ্ঞানকৰ্মী হ’বলৈ হ’লে এই প্রধান চৰ্তটো পূৰণ কৰিব লাগিব।

২। বৈজ্ঞানিক মানসিকতা থকা কোনো লোকেই অন্ধবিশ্বাসসমূহ মানি নলয়। বিজ্ঞানকর্মীয়ে কিন্তু আৰু এখোজ আগুৱাই গৈ, অন্ধবিশ্বাসসমূহৰ বিৰোধিতা কৰিব লাগিব। কোনো এটা কথা নির্লিপ্তভাৱে মানি নোলোৱা আৰু তাৰ বিৰোধিতা কৰা – দুয়োটা একে কথা নহয়। বিজ্ঞানকৰ্মীয়ে অন্ধবিশ্বাসৰ বিৰোধিতা কৰি সেইসমূহ যে অযুক্তিকৰ আৰু অপকাৰী, সেইটো প্ৰতিপন্ন কৰিব লাগিব।

৩। কোনো মানুহ এজনৰ বৈজ্ঞানিক মন এটা থাকিলেও তেওঁ বিজ্ঞানকৰ্মী হ’ব নোৱাৰিব, যদিহে তেওঁ সমাজখনক অন্ধবিশ্বাসৰপৰা মুক্ত কৰাৰ সামান্য প্রয়াসো নকৰে। বৈজ্ঞানিক মানসিকতাৰ পোহৰত তেওঁ সমাজৰ শুভাশুভ দিশসমূহ বিবেচনা কৰিব লাগিব, সমাজৰ মংগলৰ হকে কাম কৰিব লাগিব। অর্থাৎ, বিজ্ঞানকৰ্মীসকল সমাজসচেতন হ’বই লাগিব।

৪। বিজ্ঞানকর্মীসকল যিহেতু বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী, সেইবাবেই তেওঁলোক নিৰন্তৰ আত্মসমালোচনা আৰু আত্মশুদ্ধিৰ বাবে আগ্ৰহী আৰু সক্ষম হ’ব লাগিব।

কোৱা বাহুল্য, এনে বিজ্ঞানকর্মী হ’বলৈ বিজ্ঞান-শিক্ষাৰ আনুষ্ঠানিক উচ্চশিক্ষা একমাত্র আৰু অপৰিহার্য অৰ্হতা কেতিয়াও নহয়।

অন্ধবিশ্বাসৰ সৰু-বৰ নাই

অন্ধবিশ্বাসসমূহ সমাজৰপৰা দূৰ কৰাৰ প্রচেষ্টাত বিজ্ঞানকৰ্মীৰ দায়িত্ব আছে নে? “আছে’ বুলি টপৰাই উত্তৰটো দিয়াৰ আগতে, আমি এখোজ পিছুৱাই গৈ স্পষ্ট হৈ লোৱা ভাল – অন্ধবিশ্বাসসমূহ কিয় দূৰ কৰিব লাগে।

অন্ধবিশ্বাসসমূহক দূৰ কৰিবলৈ চেষ্টা কৰিব লাগে মূলতঃ দুটা কাৰণৰ বাবে। প্রথম কাৰণটো হ’ল, অন্ধবিশ্বাসসমূহৰ সিংহভাগেই হ’ল বৰ অপকাৰী। সেইসমূহে আমাৰ, অর্থাৎ আমাৰ সমাজখনৰ বহু ক্ষতি কৰে। এই প্ৰসংগত দুটামান উদাহৰণ বোধকৰোঁ অপ্ৰাসংগিক নহ’ব।

১৯৮৬ চনত মধ্যপ্রদেশত বহুদিন বৰষুণ দিয়া নাছিল। অনাবৃষ্টি দূৰ কৰিবলৈ তাত বলি দিয়া হৈছিল এজনী ছোৱালীক। নৰ (নাৰী?) বলি দিয়াৰ কাৰণটো আছিল এটা বীভৎস অন্ধবিশ্বাস— তপত, শুকান বালিয়ে হেনো মানুহৰ তেজ বিচাৰিছিল ! ২০০১ চনৰ ২২ আগষ্টত, কোকৰাঝাৰ জিলাৰ গাৰোটিলা গাঁৱত এদল উন্মত্ত মানুহে খাইলো বসুমতাৰী আৰু তেওঁৰ পত্নী থিলেন বসুমতাৰীক যাঠি-জোঙেৰে খুঁচি খুঁচি হত্যা কৰে। কি আছিল খাইলো আৰু থিলেনৰ অক্ষমণীয় অপৰাধ? অপৰাধ আছিল এটাই— স্বামী-স্ত্রীহালে কোনোপধ্যেই নিজকে ‘ডাইনী” বুলি স্বীকাৰ কৰা নাছিল। অসমত ‘ডাইনী’ হত্যাৰ সকৰুণ ঘটনাৰ সংখ্যা ক্ৰমাৎ বাঢ়ি আহিছে। কিন্তু উপৰিউক্ত ঘটনাটোৰ দিনাই, অর্থাৎ খাইলো-থিলেনৰ হত্যাকাণ্ডৰ দিনাই সংঘটিত হৈছিল আৰু এটা প্রাণহানিৰ মৰ্মন্তুদ ঘটনা, এইখন অসমতেই অন্য এটা অন্ধবিশ্বাসক কেন্দ্ৰ কৰি। ঘটনাটোৰ উল্লেখ কৰা দৰকাৰ।

২০০১ চনৰ প্ৰায় মাজভাগত মৰিগাঁও জিলাৰ টিংকু ডেকা নামৰ এজন কিশোৰৰ কথা-কাণ্ডৰ বিষয়ে বৰকৈ আলোচনা-বিলোচনা হৈছিল। কিশোৰজনক হেনো বিষ্ণুৱে সপোনত এটা ঔষধিৰ বতৰা দিছে। কিশোৰজনে কেইজনমান প্রাপ্তবয়স্ক লোকৰ সহযোগত ঔষধৰ বিতৰণ আৰম্ভ কৰে; সেই ঔষধ আনিবলৈ এক বুজনসংখ্যক মানুহৰ মাজত হেতা-ওপৰা লাগে। ঔষধ সেৱনৰ ফলত কিম্বা হেঁচা-চেপাত মানুহৰ মৃত্যুৰ বাতৰিও ওলাল। লগে লগে ওলাল আৰু দুই-এজন স্বপ্নপ্রদত্ত ঔষধ বিতৰকৰ গৰম খবৰ।

কিশোৰজনে সপোনত যিটো বস্তু/মানুহ/জন্তু বা অন্য কিবা দেখিছিল (তাকো যদিহে দেখিছিল!), সেইটোক বা সেইজনক কেনেকৈ বিষ্ণু বুলি চিনাক্ত কৰিলে? বিষ্ণুৰ যদি ৰুগীয়া মানুহৰ ৰোগ দূৰ কৰাৰ হেঁপাহ আছিল, তেনেহ’লে কিয় তেওঁ তেনে মানুহক পোনে পোনে ঔষধৰ বতৰা নিদিলে? মাজতে কিশোৰজনক কিয় ঠেলি ঠেলি সুমুৱাবলগীয়া হ’ল? সর্বশক্তিমান ঈশ্বৰে মানুহক বেমাৰী কৰি, আকৌ সেই একেজন ঈশ্বৰেই এজন মধ্যভোগীৰ সহায়েৰে মানুহক ৰোগমুক্ত কৰাৰ ব্যাখ্যা কি হ’ব? এনেকুৱা আহুকলীয়া প্রশ্ন আঁতৰাই থৈ বহুতো মানুহেই তৰা-নৰা ছিঙি কিশোৰজনৰ কাষলৈ দৌৰি গ’ল।

গভীৰ বিশ্বাসৰ বাবে, ক্ষেত্রবিশেষে বহুতো বেমাৰ ভাল হয়। এই কথাটো মনোবিজ্ঞানৰ এটা প্রতিষ্ঠিত সত্য। কিশোৰজনৰ ঔষধ ব্যৱহাৰ কৰি কোনো কোনো মানুহে কোনো কোনো বিশেষ বেমাৰৰপৰা – সাময়িকভাৱে হ’লেও - সকাহ পোৱাটো একো অলৌকিক বা অসম্ভৱ কথা নহয়। আধুনিক চিকিৎসা বৰ ব্যয়বহুল বাবে বহুতৰ কাৰণে সি সাধ্যৰ অতীত। কিন্তু তেনে মানুহৰ আৰোগ্য লাভৰ আকাংক্ষা অন্য মানুহতকৈ জানো কম? নিশ্চয় নহয়। সেইবাবেই, তেওঁলোকৰ মাজৰ এটা অংশই “টিংকু ডেকা-জাতীয়” কাণ্ড-কাৰখানাবোৰত বৰ হেঁপাহেৰে ভাগ লয়। তেওঁলোকৰ লগত যোগ দিয়ে আধুনিক চিকিৎসাবিজ্ঞানে আৰোগ্য কৰিব নোৱৰা, দুৰাৰোগ্য ৰোগত আক্রান্ত এক বুজনসংখ্যক লোকে। তেওঁলোকৰ আশা – কিজানিবা তেনেজাতীয় কর্মকাণ্ডই তেওঁলোকক আৰোগ্য কৰি তুলিব পাৰেই! এনে লোকসকলে যেতিয়া তেনে ‘স্বপ্নপ্রাপ্ত ঔষধ বিতৰক’-ৰ কাষলৈ যায়, তেতিয়া তেওঁলোকৰ কথাবোৰ, সমস্যাবোৰ, দুখ-বেদনাবোৰ নিশ্চয় গভীৰ সহানুভূতিৰে বিবেচনা কৰি চোৱা উচিত। কিন্তু তেনে সহানুভূতিয়ে উক্ত কর্মকাণ্ডসমূহক সমর্থন কৰাটো নুবুজায়। কিয় নুবুজায়, সেই কথাটো, আমি ওপৰত ক’ম বুলি কৈ অহা এই ঘটনাটোৱে প্রমাণ কৰিব।

ঢেকীয়াজুলিৰ ফুলতল–গেৰুজুলিৰ মনেশ্বৰী বৰাৰ এগৰাকী কন্যা সৰলাৰ ৰোগ নিৰাময় কৰিবৰ বাবে টিংকু ডেকাৰপৰা ঔষধ অনা হৈছিল। কিন্তু মনেশ্বৰীৰ পুত্ৰই ঔষধটো পেলাই দিলে৷ ককায়েকৰ তেনে কার্যই কনিষ্ঠ ভনীয়েক ৰেখাক মানসিকভাৱে বিকাৰগ্ৰস্ত কৰি পেলালে। মানসিকভাৱে বিধ্বস্ত অৱস্থা এটাত ৰেখা গাঁৱৰে পুখুৰী এটাৰ পানীত পৰিল আৰু কক্‌বকাই মৃত্যুক সাবটি ল’লে। তাৎপর্যপূর্ণ আৰু বৰ দুখ লগা কথা, ঘটনাটো ঘটে গাঁৱৰ বহু লোকৰ উপস্থিতিত; কিন্তু কোনো লোকেই ৰেখাক পানীৰপৰা উদ্ধাৰ নকৰিলে। কাৰণ, তেওঁলোকৰ ভয়—জানোচা টিংকু ডেকাকেন্দ্ৰিক তেনে বেমাৰ তেওঁলোকৰ গালৈকো সোঁচৰে। ঘটনাটো ঘটে ২০০১ চনৰ ২২ আগষ্টত, বহুপ্ৰচাৰিত কম্পিউটাৰ-ইণ্টাৰনেটৰ অত্যাধুনিক প্রযুক্তিৰ যুগত – যিদিনাখন অসমৰে অন্য এটা প্রান্তত অন্য এটা অন্ধবিশ্বাসৰ বাবেই “ডাইনী” বুলি বৰ কৰুণভাৱে মৃত্যুক আলিংগন কৰিছিল থিলেন বসুমতাৰী আৰু তেওঁৰ পত্নীয়ে।

অন্ধবিশ্বাসসমূহ যে অতি ক্ষতিকাৰক, সেই কথাটোৰ ব্যাখ্যা কৰিবলৈ আমি উপৰিউক্ত দুটা উদাহৰণৰ সহায় লৈছোঁ। অন্ধবিশ্বাসৰ তেনে অপকাৰী দিশৰ উদাহৰণ অসংখ্য। অন্ধবিশ্বাসৰ অন্ধকাৰ-অস্বাস্থ্যকৰ দিশটোৰ প্ৰসংগত ভবেন্দ্রনাথ শইকীয়াদেৱে বৰ সুন্দৰকৈ লিখিছে এইদৰে— “মই এইটো দেখুৱাব পাৰোঁ যে এঘৰ সাধাৰণ মানুহে গোটেই বছৰটোত মাছ-মঙহ-গাখীৰ কিনি ল’ৰা-ছোৱালীক স্বাস্থ্যৱান কৰিবলৈ যিখিনি চেষ্টা কৰিব লাগিছিল, সেইখিনি তেওঁলোকে কৰা নাই; কিন্তু তেওঁলোকে বছৰটোত যথেষ্ট পৰিমাণৰ টকা-পইচা এনেধৰণৰ অনুষ্ঠানৰ লগত খৰচ কৰে যিবিলাক অনুষ্ঠানৰ বিজ্ঞান বা যুক্তিৰ ফালৰপৰা বহু দুর্বলতা আছে”।

তদুপৰি, অন্য কিছুমান অন্ধবিশ্বাস আমি দেখিবলৈ পাওঁ, যিসমূহৰ ৰেহৰূপ অলপ বেলেগধৰণৰ। প্রাচীন কোনো কাব্যগ্রন্থৰ কোনো নায়ক ইতিহাসৰ বাস্তৱ চৰিত্ৰ হয় নে নহয় কোৱা টান। তেনেস্থলত, তেনে মানুহজনৰ জন্ম এটা নিৰ্দিষ্ট স্থানত হৈছিল বুলি কৰা দ্বিধাহীন বিশ্বাসটো হ’ল বৰ উদ্ভট আৰু বালখিল্য। কিন্তু দেখা গৈছিল যে তেনে এটা বিশ্বাসৰ বশৱৰ্তী হৈয়েই এচাম মানুহে উন্মাদ হৈ এটা পুৰাকীর্তিচিহ্ন ধ্বংস কৰি পেলালে। তাতোকৈও ডাঙৰ কথা, সেই ধ্বংসকাৰ্যৰ অন্যতম পৰিণতিস্বৰূপে বহু মানুহৰ প্ৰাণ গ’ল সাম্প্রদায়িক সংঘৰ্ষত।  শেষত, খাটিখোৱা সাধাৰণ মানুহৰ প্রাণৰ বিনিময়ত লাভ হ’ল কিছুমান অপ-আদর্শবাদী ৰাজনৈতিক দলৰ স্বাৰ্থান্ধ নেতৃবৃন্দৰ।

গতিকে আমি সাধাৰণভাৱে ক’ব পাৰোঁ, অন্ধবিশ্বাসসমূহৰ মাজৰ সৰহভাগেই প্রত্যক্ষভাৱে অতি অপকাৰী আৰু এই অপকাৰী স্বৰূপটোৰ বহুতো দিশ থাকিব পাৰে। শাৰীৰিক, মানসিক, ৰাজনৈতিক, আর্থ-সামাজিক – আদি বহুতো দিশত অন্ধবিশ্বাসবোৰ ক্ষতিকাৰক আৰু সেইবাবেই সেইসমূহক দূৰ কৰাৰ চেষ্টা কৰিব লাগে। এইটো হ’ল, অন্ধবিশ্বাসবোৰ “কিয় দূৰ কৰিব লাগে” বুলি উত্থাপিত প্রশ্নৰ এক নম্বৰ উত্তৰ।

এতিয়া দ্বিতীয় কাৰণটোৰ কথা।

কিছুমান অন্ধবিশ্বাস আপাত দৃষ্টিত বৰ নিৰীহ যেন লাগে। ধৰক, মই এই কথাটো কোৱাৰ লগে লগেই জেঠী এটাই টিক্‌ টিক্‌কৈ দিলে মাতি ! এতিয়া মই যদি জেঠীটোৰ ফালে আঙুলিয়াই কওঁ – “সেয়া, মই সঁচা কথা কৈছোঁ”, – তেনেহ’লে, এইটো হ’ব মোৰ এটা অন্ধবিশ্বাস। ভাত খাই থাকোঁতে আপোনাৰ চৰচৰণি উঠক! আপোনাৰ কাষতে থকা এজনে কৈ উঠিল– “কোনোবাই আপোনাৰ নাম লৈছে যেন পাওঁ”!— এইবোৰ বৰ নিমাখিত-নিৰীহ যেন লগা অন্ধবিশ্বাস। যেন এইবোৰ অন্ধবিশ্বাস অকণো অপকাৰীয়েই নহয় ! কিন্তু অলপ গমি চালেই ধৰিব পাৰি, তেনে অন্ধবিশ্বাসসমূহেও বিজ্ঞানমনস্ক জীৱনবীক্ষা এটা গঢ়ি উঠাত বাধা দিয়ে আৰু তেনে বাধাৰ বাবে বিজ্ঞান মানসিকতাই প্ৰসাৰ লাভ কৰিব নোৱাৰে। অর্থাৎ, তেনেকুৱা অন্ধবিশ্বাসবোৰেও পৰোক্ষভাৱে অন্যান্য অপকাৰী অন্ধবিশ্বাসৰ কঠীয়াতলীত সযত্নে সাৰ-পানীৰ যোগান ধৰে। সেইবাবেই, আপাত দৃষ্টিত অপকাৰী যেন নলগা অন্ধবিশ্বাসসমূহকো দূৰ কৰাৰ চেষ্টা কৰিব লাগে। “সাপৰ সৰু-বৰ নাই”– এই কথাষাৰ বিষাক্ত সাপৰ প্ৰতি থকা মানুহৰ ভয়ৰপৰা উদ্ভূত। বিষৰ কথাটো বিবেচনা কৰিলে সাপৰ সৰু-বৰ আছে নে? আছে। কিছুমান সাপৰ বিষৰ তীব্রতা কম, কিছুমানৰ বেছি ; কিছুমানৰ বিষৰ পৰিমাণ কম, কিছুমানৰ বেছি। গতিকে “সাপৰ সৰু-বৰ নাই” বোলা কথাষাৰ এইটো দিশৰপৰা বৰ এটা বিজ্ঞানসন্মত নহয়। সেইবাবেই, “সাপৰ সৰু-বৰ নাই”— এই খণ্ডবাক্যটিক অলপ পৰিৱৰ্তন কৰি আমাৰ এই আলোচ্য প্রসংগত এইদৰে ক’লে নিশ্চয় ভুল নহ’ব— “অন্ধবিশ্বাসৰ সৰু-বৰ নাই”। গতিকে কোৱা বাহুল্য হ’ব, অন্ধবিশ্বাসসমূহ সমাজৰপৰা দূৰ কৰাটো এটা বৰ জৰুৰী কথা আৰু তেনে প্রচেষ্টাত বিজ্ঞানকৰ্মীৰ দায়িত্বৰ কথাটো অৱধাৰিতভাবে উত্থাপিত হ’ব।

বিজ্ঞানকৰ্মীৰ দায়িত্ব বৰ গধুৰ

সমাজৰপৰা অন্ধবিশ্বাসসমূহ দূৰ কৰাৰ প্রচেষ্টাত বিজ্ঞানকৰ্মীৰ গুৰুদায়িত্ব আছে। এই দায়িত্ব বিজ্ঞানকৰ্মীয়ে কেনেকৈ সম্পাদন কৰিব? স্পষ্টকৈ কৈ থোৱাটো ভাল, চিকিৎসকে যেনেকৈ ঔষধৰ ব্যৱস্থাপত্র দিয়ে, তেনেদৰে বিজ্ঞানকর্মীৰ দায়িত্বৰ তালিকা এখন দিয়া নাযায়। তাৰ সলনি যদি আমি আলোচনা কৰোঁ– দায়িত্ব সম্পাদন কৰিবলৈ যাওঁতে বিজ্ঞানকৰ্মীক কেনেকুৱা পৰিৱেশ আৰু আন্তগাঁথনিৰ আৱশ্যক, তেন্তে তেনে আলোচনাই আমাক বিজ্ঞানকৰ্মীৰ দায়িত্ব বুজাত অলপ হ’লেও সহায় কৰিব। কাৰণ, আৱশ্যকীয় পৰিবেশ আৰু আন্তগাঁথনি কোনেও উপযাচি প্রদান নকৰে। বিজ্ঞান-আন্দোলন এটাৰ বাবে প্রয়োজনীয় পৰিবেশ সৃষ্টি কৰিব লাগিব বিজ্ঞানকৰ্মীসকলেই, বিজ্ঞান-আন্দোলনৰ প্রয়োজনসমূহো পূৰণ কৰিব লাগিব তেওঁলোকেই। এনেকৈ বিচাৰ কৰিলে, এইসমূহো হ’ল বিজ্ঞানকৰ্মীৰ দায়িত্ব, তাকো একেবাৰেই প্ৰাৰম্ভিক দায়িত্ব।

আমাৰ মাজৰ বহুতেই আধুনিক যুগৰ আধুনিক মানুহ বুলি পৰিচয় দি ভাল পায়। আমাৰ এনে আধুনিকতাৰ গৌৰৱ ১৯৯৫ চনৰ ২১ ছেপ্টেম্বৰৰ দিনা মাটিত মিলি গৈছিল। হেজাৰ-বিজাৰ মানুহে এহাতে চামুচ আৰু এহাতে গাখীৰৰ পাত্ৰ লৈ দৌৰি গৈছিল গণেশৰ মূর্তিৰ ফালে। অভূতপূৰ্ব গণসন্মোহনৰ বশৱৰ্তী হৈ অজস্র মানুহে প্রস্তৰ মূর্তিক “দুগ্ধপান কৰাইছিল”।  সেইদিনা আমি আৰু আমাৰ সতীর্থ দুই-এজনে কুকুৰৰ মূর্তি এটাক “গাখীৰ খুৱাই” বহুতো মানুহক দেখুৱাইছিলোঁ। তেনে মানুহৰ মাজত, আনুষ্ঠানিকতাৰ বিচাৰত, অতি উচ্চ শিক্ষিত আৰু একেবাৰেই স্বল্পশিক্ষিত লোক আছিল। পৃষ্ঠ-টান (Surface-tension—এই প্রপঞ্চটো, মূর্তিবিলাকে গাখীৰ খোৱা যেন লগাৰ এটা মুখ্য কাৰণ আছিল)-ৰ কথা আমি তেওঁলোকক বুজাই কৈছিলো ; কিন্তু আমাৰ সেই ব্যাখ্যাতকৈ, হাতে-কামে কৰি দেখুওৱা কাৰ্যটোৰ ফল আছিল বেছ নাটকীয় আৰু দ্রুত। ঘটনাটোৰ বহুদিন পাছলৈও আমাৰ ওচৰলৈ বহুতো মানুহ আহিছিল “কুকুৰে গাখীৰ খোৱা” চাবলৈ। আমাৰ কাৰ্যত ক্ষেত্রবিশেষে মানুহ উৎফুল্লিত কিম্বা ক্ষুব্ধ হৈছিল। তাতোকৈ ডাঙৰ আৰু ভাল কথা এটা আমি লক্ষ্য কৰিছিলোঁ— বহুকেইগৰাকী লোকে নিজৰ পূৰ্বৱৰ্তী ভ্রান্ত ধাৰণাক আঁতৰাই পেলাবলৈ সক্ষম হৈছিল আৰু তেওঁলোকে অন্যক বুজাইছিল দুগ্ধপানৰ ঘটনাটোৰ অন্তঃসাৰশূন্যতাৰ কথা।

ব্যক্তিগত যেন লগা এইখিনি কথা আলোচনা কৰাৰ এটা কাৰণ আছে। কথাটো হ’ল, আমি সেইদিনা বিজ্ঞানকৰ্মীৰ সংগঠন এটাৰ আৱশ্যকতা বৰকৈ অনুভৱ কৰিছিলোঁ। দুই-এজন মানুহে, বিচ্ছিন্নভাৱে, অন্ধবিশ্বাসৰ বিৰোধিতা কৰি তাক দূৰ কৰিব নোৱাৰে। দুগ্ধপানৰ সেই আচৰিত আৰু লজ্জাজনক ঘটনাটোৰ পাছত, ততাতৈয়াকৈ এখন বৈঠকৰ আয়োজন কৰা হৈছিল অসমৰ যুক্তিবাদী চিন্তা-চৰ্চাৰ এগৰাকী পথিকৃৎ প্রসেনজিৎ চৌধুৰীদেৱৰ বাসগৃহত। বৈঠকত স্থিৰ কৰা হ’ল, গণেশৰ দুগ্ধপানৰ বিষয়টো যুক্তিৰে বিচাৰ-বিশ্লেষণ কৰি পুস্তিকা এখন ৰচনা আৰু প্রকাশ কৰা হ’ব। সেই সিদ্ধান্তমৰ্মে পুস্তিকাখন প্রকাশ কৰা হৈছিল। কিন্তু প্রকাশ কৰোঁতে যথেষ্ট বিলম্ব হৈছিল আৰু সুসংগঠিত সংগঠন নোহোৱাৰ বাবে সেইটো আছিল অতি স্বাভাৱিক। তেনে বিলম্ব বিজ্ঞানকৰ্মীৰ বাবে স্বস্তিদায়ক নিশ্চয় নহয়। উপৰিউক্ত ঘটনাটোৰপৰা আমি নিশ্চয় ক’ব পাৰোঁ যে অন্ধবিশ্বাসৰ বিৰুদ্ধে যুঁজিবলৈ বিজ্ঞানকর্মীসকল সংগঠিত হ’বই লাগিব, জন্ম দিব লাগিব সুনির্দিষ্ট, সুসংঘবদ্ধ বিজ্ঞানকৰ্মীৰ নিটোল সংগঠনৰ।

বিজ্ঞানকৰ্মীৰ সংগঠনৰ চৰিত্ৰ বাৰু কেনেকুৱা হ’ব ? সংগঠনটোৰ চৰিত্ৰ, ৰেহ-ৰূপ এনেকুৱা হ’ব লাগে, তেনেকুৱা হোৱা উচিত বুলি আমি বহু কথাই আলোচনা কৰিব পাৰোঁ। কিন্তু আমাৰ তেনে ভৱিষ্যৎমুখী পৰিকল্পনাৰ বাবে, বর্তমানৰ বাস্তৱ পৰিস্থিতিৰ সীমাবদ্ধতাই এক নির্দিষ্ট সীমা স্থিৰ কৰে। কথাটো সহজ-সৰলকৈ বুজিবলৈ/বুজাবলৈ এটা কাল্পনিক ঘটনাৰ সহায় ল’ম৷

বৰ খৰাং বতৰত জ্বলা-কলা দেখি দুজনমান মানুহে ভেকুলীৰ বিয়া পাতিছে। তেওঁলোকৰ আশা, ভেকুলীৰ বিয়াৰ ফলত বৰষুণ আহিব। বিয়াখনৰ আয়োজন দেখি এজন ডেকাই উষ্মা প্রকাশ কৰিলে—এতিয়াৰ দিনতো এনে অন্ধবিশ্বাস! ডেকাজনৰ হাতৰ দহোটা আঙুলিৰ পাঁচোটাতেই গ্ৰহ-ৰত্নৰ আঙঠি জিলিকি আছিল। ডেকাজনৰ পাছফালে অন্য এজন ডেকা আহি তীক্ষ্ণস্বৰে কৈ উঠিল—“ভেকুলীৰ বিয়া যে এটা অন্ধবিশ্বাস, সেইটো সঁচা। কিন্তু তোমাৰ আঙুলিৰ আঙঠিৰ বেলিকা কি ক’বা তুমি? এয়া জানো অন্ধবিশ্বাস নহয়”! এই দুই নম্বৰ ডেকাজনৰ কপালত তিৰবিৰাই আছিল কোনো মন্দিৰত পূজা কৰি লোৱা সেন্দূৰৰ ৰঙা ফোঁট এটা!!

উপৰিউক্ত কথাখিনি, বিজ্ঞানকৰ্মীৰ সংগঠনৰ প্ৰসংগত আমি অলপ ফঁহিয়াই চাব পাৰোঁ। ভেকুলীৰ বিয়া পতা মানুহকেইজনে বিশ্বাস কৰে যে ভেকুলীৰ বিয়া পাতিলে বৰষুণ আহিব। প্ৰথমজন ডেকাই ভাগ্য-পৰিৱৰ্তনৰ বাবে জ্যোতিষৰ ওপৰত বিশ্বাস স্থাপন কৰিছে। দ্বিতীয়জন ডেকা কিন্তু গভীৰভাৱে আস্থাশীল কোনো ঐশ্বৰিক শক্তিৰ ওপৰত। কোনো এজনেই কিন্তু নিজৰ নিজৰ তেনে বিশ্বাসসমূহক ভ্রান্ত বুলি নেভাবে। অর্থাৎ আমি ক’ব পাৰোঁ— কোনো অন্ধবিশ্বাসীয়েই নিজে কৰা অন্ধবিশ্বাসমূহক ‘অন্ধ’ বুলি নাভাবে। প্রথম ডেকাই জানো কেতিয়াবা ক’ব – “মই জ্যোতিষত অন্ধবিশ্বাস কৰোঁ” বুলি? অন্যহাতেদি, প্রথম ডেকাজনে ভেকুলীৰ বিয়া পতাক অন্ধবিশ্বাস বুলি ভাবে, দ্বিতীয়জন ডেকাই অন্ধবিশ্বাস বুলি গণ্য কৰে জ্যোতিষবিদ্যাক। তেওঁলোকৰ তেনে আংশিক অন্ধবিশ্বাস-বিৰোধিতাৰ বাবেই তেওঁলোকো অন্ধবিশ্বাসবিৰোধী যুক্তিবাদী আৰু বিজ্ঞান-আন্দোলনৰ কর্মী হ’ব পাৰিবনে? এটা পর্যায়লৈকে তেওঁলোককো ‘বিজ্ঞানকৰ্মী’ বুলি অভিহিত কৰিব পাৰিনে?

বাস্তৱতো এনে এটা পৰিস্থিতিৰ উদ্ভৱ নহ’ব বুলি ক’ব নোৱাৰি। এনে ক্ষেত্ৰত, যিসকল বিজ্ঞানকৰ্মীৰ বিজ্ঞানমনস্কতা তুলনামূলক হিচাপত অধিক উন্নত, অধিক পৰিশ্রুত, তেওঁলোকে তেওঁলোকৰ উন্নত চিন্তা-ভাবনাক সতীর্থসকলৰ মাজলৈও লৈ যোৱাটো হ’ব তেওঁলোকৰ দায়িত্ব। লগে লগে তেওঁলোকে নিজৰ মনবোৰো অধিক যুক্তিগ্রাহ্য, অধিক বিজ্ঞানসন্মত চিন্তা-চৰ্চাৰ বাবে উন্মুক্ত কৰি ৰখাটোও হ’ব এটা গুৰুত্বপূর্ণ গুৰুদায়িত্ব।

বিজ্ঞানকর্মীসকলৰ মাজৰ তেনে মানসিকতাৰ তাৰতম্যই কিন্তু বিজ্ঞানকর্মীসকলৰ মাজতেই বিবিধ অন্তর্বিৰোধৰ জন্ম দিব পাৰে। অৱশ্যে, তেনে অন্তর্বিৰোধ বর্তমান সময়ত হ’ল এটা অতি স্বাভাৱিক কথা। তেনে অন্তর্বিৰোধৰ উৎস বিজ্ঞানকর্মীৰ নিজ নিজ শ্রেণীগত অৱস্থান হওক বা নহওক, তাৰ পৰিণতিত কিন্তু সমগ্র বিজ্ঞান আন্দোলনটোৰেই গতি ব্যাহত হ’ব পাৰে। ইয়াৰ এটা বাস্তৱ নিদর্শন বৰ প্ৰাসংগিক হ’ব।

১৯৯০ চনত পশ্চিমবংগৰ এটা বিজ্ঞানকৰ্মীৰ সংগঠনে (“গণ বিজ্ঞান সমন্বয় কেন্দ্ৰ’’, পশ্চিমবঙ্গ) স্থিৰ কৰিলে যে যিবোৰ অন্ধবিশ্বাস তাৎক্ষণিকভাৱে ক্ষতিকাৰক, সেইসমূহৰ বিৰুদ্ধেহে মাথোন অভিযান আৰম্ভ কৰা দৰকাৰ। কিন্তু এই সিদ্ধান্তৰ প্ৰতিক্রিয়াস্বৰূপে আমি প্রত্যক্ষ কৰিছোঁ, “ভাৰতীয় বিজ্ঞান আৰু যুক্তিবাদী সমিতি”-ৰ প্ৰতিষ্ঠাতা আৰু তেতিয়াৰ সম্পাদক প্রবীৰ ঘোষদেৱৰ তীব্র প্রতিক্রিয়া। ঘোষদেৱে উক্ত সংগঠনটোৰ তেনে সিদ্ধান্তক “শোষক আৰু ৰাষ্ট্র ক্ষমতাৰ স্বাৰ্থৰক্ষাকাৰী”, “শোষিত মানুহৰ শোষণ-মুক্তিৰ চিন্তাধাৰাৰ বিৰোধী” আদি কাঢ়া বাক্য ব্যৱহাৰ কৰি সমালোচনা কৰিছে [দ্রঃ প্ৰবীৰ ঘোষ আৰু পিনাকী ঘোষ, অলৌকিক নয় লৌকিক (২য় খণ্ড), দে’জ পাবলিশিং, কলকাতা, ১৯৯২, পৃঃ ৪৩-৪৫]। ইয়াৰপৰা কাৰ মত অধিক বিজ্ঞানসন্মত, বেছি গ্রহণযোগ্য— সেইটো কথা আমি বিচাৰ নকৰাকৈয়ো, বিজ্ঞানকর্মীৰ মাজত যে অন্তৰ্দ্বন্দ্ব আছে, সেইটো বুজাত অলপো অসুবিধা নহয়।

আমি অতি গুৰুত্বসহকাৰে পুনৰ ক’বলৈ বিচাৰিছোঁ, বিজ্ঞানকৰ্মীৰ মাজৰ তেনে অন্তৰ্দ্বন্দ্বক অস্বীকাৰ কৰি, তাক ঢাকি ৰাখি কামত আগ বঢ়াটো যুগুত নহয়। এনে ক্ষেত্ৰত মুকলি বিতর্ক বৰ লাগতিয়াল হ’ব। তেনে বিতর্কত কিন্তু বিজ্ঞানকৰ্মীয়ে নিজৰ অহংভাবক আঁতৰাই ৰাখিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব লাগিব। কাৰণ, তেওঁলোক যে বিজ্ঞানকৰ্মী! অহং গোড়ামি নিশ্চয় বিজ্ঞানমনস্কতাৰ লক্ষণ নহয় আৰু বিতর্কৰ ক্ষেত্ৰতো, নিজৰ বিজ্ঞানমনস্কতাক সাৱধানে ৰক্ষা কৰাটো হ’ল বিজ্ঞানকৰ্মীৰ এটা এৰাব নোৱৰা দায়িত্ব।

বিজ্ঞানকর্মী তথা যুক্তিবাদী লোকসকলৰ মাজৰ অন্তৰ্দ্বন্দ্বৰ সম্ভাৱনা এটাৰ বিষয়ে প্রতিনিধিত্বমূলক উদাহৰণ এটিৰ সহায়েৰে আলোচনা কৰা যাওক। অসমৰ এজন জনপ্রিয় লিখক ডাঃ মছউদুল হক ডাঙৰীয়াই এঠাইত লিখিছে : “ঈশ্বৰ বা বিশেষ কোনো শক্তিৰ উপস্থিতি ধৰিব পৰা কোনো প্রযুক্তি আজিও ওলোৱা নাই। যুক্তিবাদীয়ে অতীতত সদায়ে ঈশ্বৰৰ অস্তিত্ব সম্পর্কে বিতর্কলৈ গৈছে। আজি অজানা ৰহস্য ইমান বাঢ়িছে যে এই সম্পর্কে অযথা বিতর্কই অ-যুক্তিকহে শক্তিশালী কৰিব পাৰে। বিজ্ঞানৰ দৰেই যুক্তিবাদে এই সম্পর্কে মন্তব্য নকৰাই ভাল।” তেখেতৰ এই মন্তব্যৰ প্রসংগত কিন্তু বহুতো প্রশ্নৰ উদ্ভৱ হ’ব। যুক্তিবাদী মানুহে, বৈজ্ঞানিক মনৰ লোকে ঈশ্বৰৰ অস্তিত্ব সম্পর্কে একো মন্তব্যই বাৰু নিদিব নেকি? মন্তব্য দিলেই তেনে মন্তব্যই কিয়ই বা অযুক্তিক শক্তিশালী কৰিব ? কেনেকৈ কৰিব ? তেনে চিন্তা-ভাবনাবোৰক অযথা বিতর্ক বুলি বাৰু কিয় ক’ম ? এনে কথাবোৰ কিন্তু যিকোনো বৈজ্ঞানিক মন থকা মানুহেই ভাবি চাব, কাৰণ প্রশ্ন কৰাটো হ’ল বৈজ্ঞানিক মানসিকতাৰ এটা প্রধান অঙ্গ। ডাঃ হকদেৱে আকৌ কৈছে, সেই একেটা নিবন্ধতেই, এনেদৰে— “সাধাৰণ মানুহৰ বিশ্বাস আৰু অনুভূতিক আঘাত কৰি, শাস্ত্রই নিষেধ কৰা দ্রব্য ভক্ষণ কৰি যুক্তিবাদৰ বিকাশত সহায় কৰিব পৰা নাযায়”। ডঃ হকদেৱৰ এই উক্তিৰ পৰিপূৰক প্রশ্ন হিচাপে কিন্তু কোনো বিজ্ঞানকৰ্মীয়ে সুধিব পাৰে— মানুহৰ মনত অন্ধবিশ্বাসসমূহ অতি গভীৰভাৱে প্রোথিত হৈ আছে; এনেস্থলত সেই বিশ্বাস আৰু অনুভূতিক আঘাত নকৰোঁ বুলি সংকল্পবদ্ধ হৈ আমি বাৰু কেনেকৈ অন্ধবিশ্বাসৰ বিৰোধিতা কৰিম? যুক্তিবাদৰ প্ৰচাৰেই বা কৰিম কেনেকৈ?

শাস্ত্ৰই নিষেধ কৰা কোনো বিশেষ খাদ্যৰ কথাই ধৰা যাওক। এজন মানুহে যুক্তি আৰু বিজ্ঞানৰ ফালৰপৰা বুজি পালে যে শাস্ত্ৰই নিষেধ কৰা উক্ত খাদ্যবিধ ভক্ষণ কৰাটো কোনো অযুক্তিকৰ কথা নহয়। কিন্তু কেৱল মানুহৰ বিশ্বাস-অনুভূতিৰ উক্ত প্ৰসংগটোৰ বাবে মানুহজনে খাদ্যবিধ যদি ভক্ষণ নকৰে, তেন্তে পৰোক্ষভাৱে হ’লেও, মানুহজনে জানো শাস্ত্ৰৰ কর্তৃত্বক মানি নল’লে? এইটো প্রক্রিয়াৰ মাজেদি দেখোন খাদ্যৰ বাহিৰেও, আন কথাবোৰো শাস্ত্ৰৰ মতেই পালন কৰিব লাগিব, নহ’লে যে সর্বসাধাৰণ মানুহৰ অনুভূতিত আঘাত পৰিব! এনে এটা দৃষ্টিভংগীৰে আগ বাঢ়িলে বিজ্ঞানকৰ্মীসকল বিভ্রান্ত হোৱাৰ সম্ভাৱনা নাই বুলি ক’ব নোৱাৰি। ডাঃ হকদেৱৰ সমসুৰীয়া মত-মন্তব্য সাধাৰণতেই চকুত পৰে। আমাৰ আলোচনাৰ বর্তমানৰ প্ৰসংগত আমি ক’ব পাৰোঁ যে উক্ত মাৰ্গৰ চিন্তা কিম্বা মত-মন্তব্যসমূহ যুক্তিবাদী আৰু বিজ্ঞানকৰ্মীসকলৰ বাবে মুকলি বিতৰ্কৰ বিষয় হোৱা ভাল। এনে ক্ষেত্ৰত বিজ্ঞানকৰ্মীসকলে লক্ষ্য ৰাখিব লাগিব যাতে তর্ক-বিতর্কৰ বাতাৱৰণটো সুস্থ হৈ থাকে, যাতে তেনে মতবিৰোধে সমগ্ৰ বিজ্ঞান আন্দোলনটোক মাৰাত্মকধৰণে ক্ষতিগ্রস্ত কৰিব নোৱাৰে। এইটো জানো বিজ্ঞানকৰ্মীৰ কম ডাঙৰ দায়িত্ব!

আমি আকৌ এটা উদাহৰণৰ উত্থাপন কৰিম যিটোৰ চৰিত্ৰ কিন্তু ওপৰৰ উদাহৰণ দুটাৰপৰা গুণগতভাৱে সামান্য পৃথক। শশী শৰ্মা অসমৰ এজন আগশাৰীৰ চিন্তাশীল বামপন্থী লিখক। মার্ক্সবাদী নিবন্ধকাৰ শর্মাদেৱে এঠাইত বৰ স্পষ্টভাৱে কৈছে— “শিৱপূজাই যদি আজিও সমাজত স্ত্রী-পুৰুষৰ সমান মর্যাদা প্রতিষ্ঠা কৰিব পাৰে, জাতি, বর্ণ, ধর্ম সম্প্রদায়ৰ বিভেদ আঁতৰাই মানুহক বিবেক-বিবেচনা-আত্মপ্রতীতি আৰু মনুষ্যত্ববোধসম্পন্ন মহাজাগতিক যুগৰ মানুহৰূপে প্রতিপন্ন কৰিব পাৰে, তেনেহ’লে শিৱপূজাৰ আৱশ্যক আছে।” [শশী শৰ্মা, ‘শিৱ পূজা : উৎপত্তিৰ বিষয়ে এক লোকতাত্ত্বিক বিচাৰ’, প্রান্তিক (আলোচনী), ১৬-৩১ মার্চ, ২০০০, পৃঃ ৪৫]। বৈজ্ঞানিক মানসিকতা থকা যিকোনো মানুহৰ মনত কিন্তু প্রশ্ন উপজিব— জাতি, বর্ণ, ধর্ম, সম্প্রদায়ৰ বিভেদ আঁতৰাবলৈ বর্তমান যুগত শিৱপূজাৰ আৱশ্যকতাৰ কথা কোৱাটো জানো এটা পশ্চাদমুখী চিন্তাৰ স্বাক্ষৰ নহয়? শিৱক ইছলাম, বৌদ্ধ, খ্ৰীষ্টান আদি ধৰ্মৰ মানুহে স্বীকাৰ কৰিবনে ? যদি নকৰে, শিৱই ধর্ম সম্প্রদায়ৰ বিভেদ কিদৰে আঁতৰাব? শর্মাদেৱে যদিও “শিৱই যদি পাৰে” বুলি উল্লেখ কৰিছে, প্রকৃত বিজ্ঞানমনস্ক লোকে ডাঠি ক’ব– “শিৱই বাস্তৱত তেনে কৰিব কেতিয়াও নোৱাৰে”। মুক্ত চিন্তাৰ মানুহে সেইবাবে নিশ্চয় সুধিব, শর্মাদেৱৰ মন্তব্যত মার্ক্সবাদী সুৰ আছেনে? এনে প্রশ্ন উঠিবই আৰু বিজ্ঞান আন্দোলনত এইসমূহক অস্বীকাৰ কৰিব নোৱাৰি। বিজ্ঞান আৰু যুক্তিবাদী আন্দোলনৰ এনে বিভ্রান্তি হয়তো বহু দিনলৈ থাকি যাব আৰু এনে বিভ্রান্তিৰ মাজেদিয়েই যুক্তিবাদী আৰু বিজ্ঞানকৰ্মীয়ে সঠিক পথৰ সম্ভেদ উলিয়াব লাগিব।

সামৰণিৰ দুই-এটা সাধাৰণ কথা

(১) বিজ্ঞানকৰ্মী সংগঠনে মুখপত্ৰ, পুস্তিকা, আলোচনী আদি নিয়মিতভাৱে প্রকাশ কৰা দৰকাৰ। তেনে প্রচেষ্টাই যুক্তিবাদী চিন্তা-চৰ্চাৰ প্ৰসাৰ আৰু প্ৰচাৰত নিশ্চয় অৰিহণা যোগাব। সেইসমূহত সুস্থ বিতর্ক সন্নিৱিষ্ট কৰা হ’লে বিজ্ঞান-আন্দোলনে এটা নতুন মাত্রা লাভ কৰিব। অন্ধবিশ্বাসৰ বিষয়ে গৱেষণাধর্মী, জ্ঞান-গৰ্ভ প্রবন্ধ-পাতিও তাত প্রকাশ কৰিব লাগিব। লগে লগে কিন্তু বিজ্ঞানকৰ্মীসকলে মনত ৰাখিব লাগিব, আমাৰ সমাজৰ বহু মানুহেই নিৰক্ষৰ। এই নিৰক্ষৰ লোকসকলৰ সৈতে যোগাযোগ কৰাটো হ’ল বিজ্ঞানকৰ্মীৰ বাবে এক দুৰূহ প্রত্যাহ্বান আৰু এই প্রত্যাহ্বানক গুৰুত্ব দি গ্রহণ কৰাটো হ’ল বিজ্ঞানকৰ্মীৰ এৰাব নোৱৰা দায়িত্ব । এনে ক্ষেত্ৰত প্ৰচাৰৰ বাবে অভিনৱ আৰু ব্যতিক্রমী উপায়-পন্থা কিছুমান বিজ্ঞানকৰ্মীসকলে উলিয়াই ল’বই লাগিব। সাম্প্রতিক কালত ইন্টাৰনেট ব্যৱস্থাই মতপ্রকাশৰ ক্ষেত্রত আক্ষৰিক অৰ্থত এক বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা কৰিছে। বিজ্ঞানকৰ্মীসকলে এই প্রযুক্তিকো তেওঁলোকৰ মত-মন্তব্যৰ প্রচাৰত সতৰ্কতাৰে ব্যৱহাৰ কৰা উচিত।

বর্তমানৰ বৃহৎ প্ৰচাৰ-মাধ্যমসমূহ কম-বেছি পৰিমাণে শাসক আৰু শোষক শ্রেণীৰ বহতীয়া। এনে প্ৰচাৰ-মাধ্যমসমূহৰ চৰিত্ৰ বৰ আচৰিতধৰণৰ। কোনো এখন বাতৰি কাকতৰ প্রথম পৃষ্ঠাত যদি অন্ধবিশ্বাসৰ বিৰুদ্ধে বৰ যুক্তিপূর্ণ লিখা প্রকাশ হৈছে, তাৰ ঠিক পিছফালে, দ্বিতীয় পৃষ্ঠাত দেখিব সপ্তাহটোৰ ৰাশিফল! কিন্তু বিজ্ঞানকৰ্মীসকলে মন কৰিব লাগিব, তেনে প্ৰচাৰ মাধ্যমসমূহৰ জনগণৰ বৰ বেছি ওচৰলৈ যোৱাৰ শক্তি আছে; তেনে শক্তি বর্তমানে যুক্তিবাদী বিজ্ঞান সংগঠনৰ নাই। এই কথাটো আমি অস্বীকাৰ কৰিব নোৱাৰোঁ। সেইবাবেই, বিজ্ঞানকর্মীসকলে শোষকৰ বহতীয়া বুলি প্ৰচাৰ মাধ্যমসমূহক একেবাৰেই এলাগী কৰি যোৱাৰ কোনো যুক্তি নাই। বৈজ্ঞানিক চিন্তা-চৰ্চাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে, তেনে প্ৰচাৰ মাধ্যমসমূহকো, যেতিয়াই সুযোগ আৰু সুবিধা পোৱা যায়, ব্যৱহাৰ কৰিব লাগে।

(২) আমি আগতেই আলোচনা কৰি আহিছোঁ যে বিজ্ঞানকৰ্মীৰ বাবে আনুষ্ঠানিক বিজ্ঞান শিক্ষাৰ উচ্চ ডিগ্রী অপৰিহার্য নহয়। ইয়াৰ অৰ্থ এইও নহয় যে বিজ্ঞানকৰ্মীৰ বাবে বিজ্ঞানৰ প্ৰাথমিক জ্ঞানসমূহৰ কোনো প্রয়োজনেই নাই। আজিকালি অন্ধবিশ্বাস কিছুমানক বিশ্বাসযোগ্য কৰিবলৈ বিজ্ঞানৰ সহায় লোৱা দেখা যায়। কম্পিউটাৰত ৰাশিফল গণনা কৰা কার্যই সুন্দৰকৈ দেখুৱায়, আধুনিক প্রযুক্তিক কিদৰে অন্ধবিশ্বাসক, অপ-বিজ্ঞানক নতুন ৰূপ দিয়াত ব্যৱহাৰ কৰিব পাৰি। সেইবাবেই বিজ্ঞানকৰ্মীসকলে আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিৰ সৰু-বৰ কথাবোৰৰ বিষয়ে অবগত হৈ থকাটো ভাল। “আঙঠি এটাৰ মাজেদি মহাজাগতিক ৰশ্মি পৰিশ্রুত হৈ শৰীৰত প্ৰভাৱ পেলায়”– এজন জ্যোতিষীয়ে যদি তেনেদৰে কয়, তেতিয়া বিজ্ঞানকৰ্মীয়ে কিন্তু ব্যাখ্যা কৰিব পাৰিব লাগিব, মহাজাগতিক ৰশ্মিনো প্রকৃততে কি। কোনোবাই ঈশ্বৰক দেখিছোঁ বুলি দাবী কৰিলে বিজ্ঞানকর্মীয়ে ক’ব পাৰিব লাগিব অলীক বিশ্বাস বা হ্যালুচিনেশ্যনৰ (Halucination)-ৰ মনোবৈজ্ঞানিক তাৎপর্য কি। আত্মা হৈছে কুঁৱলীৰ নিচিনা বস্তু এটা, নাম এক্টোপ্লাজম’ ; কোনো চতুৰ লোকে এনেদৰে মিথ্যা কথা এটা উলিয়ালে ক’ব পাৰিব লাগিব, কোষ (Cell)ৰ এক্টোপ্লাজমনো আচলতে কি! বিজ্ঞানৰ পৰিভাষাক অবিজ্ঞানসন্মতকৈ ব্যৱহাৰ কৰাৰ প্ৰৱণতাটো অন্ধবিশ্বাসৰ প্ৰৱক্তা কিছুমানৰ মাজত বৰকৈ শিপাইছে। এইচাম মানুহ সাধাৰণতে উচ্চ শিক্ষিত, সমাজৰ উচ্চ স্তৰত থকা লোক। সমাজৰ নিম্ন স্তৰত থকা সর্বসাধাৰণ, সহজ-সৰল অন্ধবিশ্বাসীৰ সৈতে তেওঁলোকৰ কিছুমান গুণগত পার্থক্য আছে। সৰল বিশ্বাসতকৈ স্বাৰ্থপ্রণোদিত ধান্দাবাজি তেওঁলোকৰ কর্মকাণ্ডৰ মূল চালিকা শক্তি। বিজ্ঞানৰ পৰিভাষাৰে পৰিপূৰ্ণ তেওঁলোকৰ কুযুক্তিৰ উচিত উত্তৰ দিয়াৰ বাবে বিজ্ঞানকর্মীসকলে বিজ্ঞানৰ নানান দিশসমূহৰ বিষয়ে অৱগত হৈ থকাটো ভাল।

(৩) কিছুমান পণ্ডিত লোকে আশা কৰে, বিজ্ঞানৰ বিকাশে এদিন নিজে নিজেই অন্ধবিশ্বাসসমূহ সমাজৰপৰা দূৰ কৰিব। আমি তাৰ এটা চমৎকাৰ উদাহৰণ পাওঁ ভবেন্দ্রনাথ শইকায়াৰ মাজত – তেওঁ আশা কৰিছিল যে বৈজ্ঞানিক চিন্তা-চৰ্চাৰ ব্যাপ্তিৰ ফলত এদিন অবৈজ্ঞানিক অসত্যৰ স্বাভাৱিক মৃত্যু ঘটিব (দ্রঃ ভবেন্দ্রনাথ শইকীয়া, ‘জ্যোতির্বিজ্ঞান আৰু জ্যোতিষবিদ্যা’, প্ৰান্তিক (আলোচনী), ১৬-৩১ জুলাই, ২০০১, পৃ. ৬৬)। সঁচা কথা, অন্ধবিশ্বাসসমূহক দূৰ কৰাত বিজ্ঞানৰ এটা ক্ৰান্তিকাৰী ভূমিকা আছে। কিন্তু বিজ্ঞানৰ তেনে বলিষ্ঠ ভূমিকাৰ বাবেই অন্ধবিশ্বাসৰ স্বাভাৱিক মৃত্যু ঘটিব নে? এডওৱার্ড জেনাৰে বসন্ত ৰোগৰ প্ৰতিষেধক ছিটা আৱিষ্কাৰ কৰা বহু বছৰ পাৰ হ’ল। তেনে প্রতিষেধকৰ ব্যৱহাৰৰ ফলত কুৰি শতিকাৰ প্ৰথম পঞ্চাশ বছৰত ইউৰোপ আৰু উত্তৰ আমেৰিকাৰপৰা বসন্ত ৰোগ নিৰ্মূল হ’ল। ভাৰতৰ শেষৰজন বসন্ত ৰোগীৰ নাম চাইবান বিবি। ত্ৰিশ বছৰীয়া এই ৰোগীগৰাকীক ১৯৭৫ চনত কৰিমগঞ্জৰ ৰে’ল ষ্টেচনত বসন্ত ৰোগত আক্রান্ত অৱস্থাত পোৱা গৈছিল। পৃথিৱীৰ শেষ বৰ আই ৰোগীজনক পোৱা গৈছিল ১৯৭৭ চনৰ অক্টোবৰ মাহত, ছোমালিয়াত। বিজ্ঞানৰ জয়যাত্ৰাৰ কি সুন্দৰ, কি চমৎকাৰ সাফল্যৰ নিদর্শন। কিন্তু, এতিয়াও আমি দেখিছোঁ, মানুহৰ জ্বৰ হৈ গাত ৰঙা ৰঙা গুটি ওলালেই “শীতলা আই”-ৰ পূজা পতাৰ সেই প্রাচীন প্রকোপক। বহুতো কাৰণৰ বাবেই সমাজত বিজ্ঞান-চিন্তাৰ আগমন আৰু অন্ধবিশ্বাসৰ নিৰ্গমনৰ হাৰ একে নহয়। এক বিশেষ সমাজব্যৱস্থাৰ বাবেই, বিজ্ঞানৰ বস্তুগত সুফলৰ কথা বাদেই, মননগত দিশৰপৰাও, সমাজৰ সকলো স্তৰৰ মানুহৰ মাজত বিজ্ঞান সমভাৱে সক্রিয় নহয়। অর্থাৎ, আমি ক’ব পাৰোঁ— ত্বৰান্বিত বিজ্ঞানচর্চাৰ বাবে অন্ধবিশ্বাসৰ দ্রুততৰ স্বাভাৱিক মৃত্যু হ’ব বুলি ডাঠি কোৱাটো টান। এই দিশটোৰ প্ৰতি বিজ্ঞানকৰ্মীয়ে চকু দিয়াটো যুগুত হ’ব।

(৪) সম্প্রতি ভাৰতবৰ্ষত ধৰ্মীয় পুনৰুত্থানৰ প্রৱণতাই এটা অভূতপূৰ্ব দ্রুতি লাভ কৰাটো পৰিলক্ষিত হৈছে। তেনে সাম্প্রদায়িক তৎপৰতাৰ বাবে ইতিহাসকো বিকৃত কৰাৰ প্ৰৱণতা বাঢ়ি আহিছে। কাৰণ, পুনৰুত্থানবাদী প্ৰবক্তাসকলে জানে, ইতিহাসৰ ইচ্ছাকৃত তেনে বিকৃতিয়ে বর্তমানৰ সাম্প্রদায়িক দৃষ্টিভংগীক এক প্রকাৰৰ বৌদ্ধিক ন্যায্যতা প্রদান কৰিব। এইটো এটা বৰ গুৰুতৰ আৰু জ্বলন্ত সমস্যা। বিজ্ঞানকৰ্মীসকল যিহেতু সমাজসচেতন, সেইবাবে এনে সামাজিক সমস্যাৰ প্ৰতি তেওঁলোক নির্বাক-নির্লিপ্ত হৈ থাকিব নোৱাৰে। ইতিহাসৰ বৈজ্ঞানিক আৰু বস্তুনিষ্ঠ ব্যাখ্যা জনসাধাৰণৰ মাজত প্ৰচাৰ কৰাটো বর্তমানৰ পৰিস্থিতিত, বিজ্ঞানকৰ্মীৰ বাবে বৰ দৰকাৰী কাম বুলি পৰিগণিত হ’ব লাগে।

এইটো প্ৰসংগত, এটা বিশেষ ক্ষেত্ৰত, বিজ্ঞানকৰ্মীৰ দায়িত্ব অধিক নির্দিষ্ট। পুনৰুত্থানবাদৰ লগৰীয়া হিচাপে এনে এটা ধাৰণাও বৰকৈ শিপাইছে যে অতীত ভাৰতৰ বিজ্ঞান, বর্তমানৰ বিজ্ঞানতকৈও বেছি আগবঢ়া আছিল; ভাৰতৰ প্ৰাচীন ধর্মশাস্ত্ৰতেই বর্তমানৰ বিজ্ঞানৰ বহুত কথা সোমাই আছে। এই মাৰ্গৰ চিন্তাৰ জন্মদাতা হ’ল কিছুমান বিভ্রান্ত কিম্বা স্বাৰ্থান্ধ উচ্চ শিক্ষিত মানুহ। এইজাতীয় চিন্তা-চৰ্চাক যুক্তিনিষ্ঠভাৱে বিচাৰ কৰি চোৱাটো, তেনে বিচাৰৰ ফলাফল মানুহৰ মাজত প্ৰচাৰ কৰাটো বিজ্ঞানকৰ্মীৰ এটা দায়িত্ব হোৱা উচিত।

(৫) আমাৰ সমাজখনত বিজ্ঞানমনস্ক লোকৰ তুলনাত অন্ধবিশ্বাসী লোকৰ সংখ্যাটো বৰ ডাঙৰ। সেইবাবেই বিজ্ঞানকৰ্মীয়ে সাধাৰণতেই সোঁতৰ বিপৰীতে কাম কৰিব লগীয়া হয়। ফলস্বৰূপে তেওঁলোকৰ কাৰ্য-কলাপৰ এটা মুখ্য বৈশিষ্ট্য হৈ পৰে প্ৰতিবাদী, তার্কিকসুলভ আৰু ক্ষেত্রবিশেষে আক্রমণাত্মক। বিজ্ঞানকৰ্মীৰ এনে বৈশিষ্ট্যই সমগ্র বিজ্ঞান আন্দোলনটোকেই প্ৰভাৱান্বিত কৰাৰ সম্ভাৱনা আছে।

এনে এটা পটভূমিত, বিজ্ঞানকর্মীসকলৰ নিৰন্তৰ আত্মবিশ্লেষণৰ প্রয়োজন আছে। এনে ক্ষেত্ৰত সমমনোভাবাপন্ন অন্য গোষ্ঠীৰ সৈতেও সহযোগিতা আৰু মতৰ বিনিময় হ’ব বৰ দৰকাৰী। কেৱল প্রত্যক্ষ প্রতিবাদেই নহয়, অন্যান্য কিছু ইতিবাচক কর্ম-কাণ্ডৰ প্রতিও বিজ্ঞানকর্মীয়ে মনোযোগ দিব লাগিব।

গণেশৰ প্ৰস্তৰ মূর্তিয়ে গাখীৰ “খাইছিল” ; কথাটো প্রকৃততে কি আছিল, এদিন মানুহে বুজি পালে। টিংকু ডেকাৰ স্বপ্নপ্রাপ্ত ঔষধ আনিবলৈ অভাবনীয় ভিৰ হৈছিল ; দৰবৰ আচল কথাটো কি বহু মানুহে গম পালে। গণেশৰ মূর্তিক গাখীৰ খুৱাবলৈ হয়তো আৰু মানুহ নোলাব; টিংকু ডেকাৰ ঔষধৰ বাবেও তেনেকুৱা ভিৰ হয়তো নহ’ব। ইয়াৰ অৰ্থ জানো সমাজৰপৰা অন্ধবিশ্বাসসমূহ একেবাৰেই নির্মূল হ’ব? নহয়। তেনেজাতীয় কাণ্ডবোৰে সম্পূর্ণ বেলেগ এটা ৰূপ লৈ, আকৌ অন্যধৰণে অন্য এক উন্মাদনাৰ সৃষ্টি কৰিব। টিংকু ডেকাৰ কাষলৈ এতিয়া হয়তো দৰব আনিবলৈ কোনো নাযায়। কিন্তু সম্প্রতি পংকজ পাঠক নামৰ এগৰাকী লোকে বিভিন্ন বৈদ্যুতিন মাধ্যমৰ মাজেদি ৰোগ-ব্যাধিকেন্দ্রিক অন্ধবিশ্বাস প্রসাৰত চকমপ্রদ তৎপৰতা প্রদৰ্শন কৰা দেখা গ’ল। সেইবাবেই, বিজ্ঞানকৰ্মীৰ দায়িত্ব মাথোন এদিনীয়া নহয়। এই দায়িত্ব হ’ব লাগিব নিৰন্তৰ সজ প্রচেষ্টাৰ এক অবিচ্ছিন্ন প্রবাহ।

*******

Share Button
Print Friendly, PDF & Email

2 Comments : "সম্পাদকৰ টোকা : অন্ধবিশ্বাস আৰু বিজ্ঞান :: বিজ্ঞানকৰ্মীৰ দায়িত্ব- (কৌশিক দাস)"

  1. দীনেশ বৈশ্য

    সুদীৰ্ঘ কাল ধৰি অন্ধবিশ্বাসৰ বিৰুদ্ধ কৈছো লিখিছো । দেখিছোঁ ক্ৰমান্বয়ে অন্ধবিশ্বাস বৃদ্ধিহে হৈছে কমা নাই । যেতিয়ালৈ সমাজত যুক্তিবাদ প্ৰতিষ্ঠা কৰিব পৰাকৈ এক ৰাজনৈতিক পৰিস্থিতি সৃষ্টি নহয় তেতিয়ালৈ অন্ধবিশ্বাস চলি থাকিব ।

  2. চন্দন কুমাৰ দাস

    অতি বাস্তৱ লিখনি- পঢ়ি ভাল পাইছো, বহুতো নজনা কথা জানিব পাৰিছো।

Leave a Comment

Your email address will not be published. Required fields are marked *