আপোন মাতৃৰ অশ্ৰু নমচিলে বিশ্বপ্ৰেম হ’ব বৃথা

পৰিয়ালৰ একাকিত্বৰ পিছতেই মানুহ সামাজিক পৰিবেশৰ মাজলৈ সোমাই আহিবলগা হয় ৷ এজন সুস্থ নাগৰিকে এখন সুস্থ সমাজৰ প্ৰতিনিধিত্ব কৰিব পাৰে ৷ সমাজত মানুহ হিচাপে জীয়াই থাকিব লাগিলে সেই সমাজৰ প্ৰতিজন মানুহৰে নৈতিক দায়িত্ব থকাৰ প্ৰয়োজন ৷ এই নৈতিকতাৰ অৱলম্বনতেই মানুহৰ মনত জাগি উঠে - সমাজ সচেতনতা আৰু মানৱীয়তাৰ ভাৱ ৷ এই মানৱ প্ৰেমেই হৈছে মানৱতাবাদীসকলৰ মূলমন্ত্ৰ ৷

ড০ ভূপেন হাজৰিকাৰ সৃষ্টিত বিশ্বমানৱতাবাদ আৰু জাতীয়তাবাদৰ কথা আলোচনা কৰিবলৈ যাওঁতে আমি প্ৰথমে দেখিছোঁ যে অগ্ৰজ সমাজ সচেতক বিষ্ণু ৰাভা আৰু জ্যোতিপ্ৰসাদৰ সংস্পৰ্শত ড০ ভূপেন হাজৰিকাই মানৱতাবোধৰ বহল পথাৰখনত খোজ পেলাই এজন মানৱদৰদী অথবা মানৱতাবাদী শিল্পীৰূপে খ্যাতি কৰি থৈ গৈছে বুলি ক'লেও ভুল নহ'ব ৷

ইয়াৰ লগতে তেওঁৰ এই মানৱতাবাদত আলোকপাত কৰিছিল কাৰ্ল মাৰ্ক্সৰ দৰে বিশ্ব বৰণ্যে সমাজ সংগঠকে ৷ ড০ ভূপেন হাজৰিকাৰ সূক্ষ্ম পৰ্যবেক্ষণে যেনেদৰে তেওঁৰ সেই সমাজখনৰ প্ৰতি এক গভীৰ আৱেগ-অনুভূতিৰে সচেতন কৰি তুলিছিল সিয়েই শেষলৈ বিশ্বমানৱতালৈ উত্তৰিত কৰিবলৈ সমল যোগাইছিল ৷

সৰ্বসাধাৰণ মানুহৰ কোমল অনুভূতিবোৰ দুখ,সুখ,হাঁহি,কান্দোন, দৰিদ্ৰতাৰ কৰুণ চিত্ৰই মানৱতাবাদী ভূপেন হাজৰিকাৰ শিল্পীপ্ৰাণত আলোড়ন তুলিছিল ৷ তেওঁ মানৱপ্ৰেমৰ বিশ্বজনীন ভাবেৰে লুইত পাৰৰ অসমীয়া জাতীয় জীৱনত আন্তৰ্জাতিক সাঁচত ৰূপ দিবলৈ অগ্ৰসৰ হৈছিল ৷

জ্যোতিপ্ৰসাদ আৰু বিষ্ণুপ্ৰসাদ ৰাভাই জাতীয়তাবাদক সামন্তীয় বৰ্ণহিন্দু, জাত্যভিমানী উগ্ৰতাৰপৰা মুক্ত কৰি এক আধুনিক জাতীয়তাবাদৰ ৰূপ দিয়াৰ চেষ্টা কৰিছিল ৷ বিষ্ণুপ্ৰসাদ ৰাভাই এই সম্পৰ্কে কৈছিল, "অসমীয়া জাতিৰ মৃত্যুবান এই হোজা,গাঁৱলীয়া অসমীয়াৰ হাততে, কিন্তু যিবিলাক ধনী,জমিদাৰ, হাকিম, পুঁজিপতি চাহ বাগিচাৰ মালিক, তেওঁলোকে এই বাপতিসাহোনীয় সম্পত্তি অসমীয়া কৃষ্টি-সংস্কৃতিক উপহাস আৰু আমোদৰ উপকৰণ বুলি ইতিকিং কৰি নিষ্ঠুৰ আনন্দ লভে ৷ তেওঁলোক জানো অসমীয়া? তেওঁলোক অসমীয়াও নহয়, ভাৰতৰ নাগৰিকো নহয় ৷ পৃথিৱীৰ আন আন দেশৰ সেই শোষক সম্প্ৰদায়ৰ তেওঁলোক যাৰ জাতি নাই, দেশ নাই – কেৱল সুবিধাবাদী মুনাফালোভৰ চোৰাং বেপাৰী ৷"

এনে এক আধুনিক মানৱতাবাদ আৰু আধুনিক জাতীয়তাবাদৰ ধাৰণাতেই ড০ ভূপেন হাজৰিকাৰ চিন্তা বিকশিত হৈছিল ৷ এই দুই ধাৰাৰ মাজত দ্বন্দ্ব আছিল যদিও ই বৈৰীমূলক নহয়,বৰঞ্চ অবৈৰী দ্বন্দ্বহে ৷

ড০ ভূপেন হাজৰিকাৰ জীৱনত,সৃষ্টিত মতাদৰ্শগত সেই সময়ৰ সামাজিক আৰু ৰাজনৈতিক পৰিৱেশৰ প্ৰভাৱ পৰিছিল ৷ উদাহৰণস্বৰূপে তেওঁ লিখা দ্বিতীয়টো গীত 'অগ্নিযুগৰ ফিৰিঙতি মই,নতুন অসম গঢ়িম' – এই গীতটি মাথোন তেৰ বছৰ বয়সতে লিখিছিল ৷ তেতিয়া মাৰ্ক্সবাদৰ উমান পোৱাই নাছিল ৷ তেওঁ নিজৰ ভাষাৰে গীতটো কথা উল্লেখ কৰিছে –‘গীতটো মই যেতিয়া লিখিছিলোঁ, মই তেতিয়া সৰু আছিলোঁ ৷ দ্বিতীয় মহাসমৰৰ হত্যালীলা,আনফালে ভাৰতৰ স্বাধীনতা সংগ্ৰাম ৷ কেউফালে কেৱল নানা সংঘাত সেয়া আছিল অগ্নিযুগ ৷ সেই অগ্নিযুগৰে ময়ো এটি ফিৰিঙতি হ'ব খুজিছোঁ ৷”

উদ্দেশ্য জাতি,ধৰ্মৰ বিভেদক পুৰি নাশ কৰি সকলোৰে অন্তৰত ভ্ৰাতৃত্ববোধ জগাই তোলা আৰু মোৰ এই জন্মভূমি অসমৰ বুকুত সকলো জনগোষ্ঠীক লৈ এখনি সাম্যৰ সৰগ প্ৰতিষ্ঠা কৰা ৷ "

এই গীতটি প্ৰথমে ‘নতুন ভাৰত’ গঢ়িব বুলি লিখিছিল যদিও বিষ্ণু ৰাভাই 'চিৰাজ'বোলছবি নিৰ্মাণ কৰোতে নতুন ভাৰতৰ ঠাইত 'নতুন অসম'কৰি দিবলৈ কৈছিল ৷

ভূপেন হাজৰিকাৰ ওপৰত জ্যোতিপ্ৰসাদ আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰভাৱ অপৰিসীম ৷ বিংশ শতাব্দীৰ সেই সময়ত সমগ্ৰ বিশ্বতেই সমাজবাদৰ জোৱাৰ ঔপনিবেশকতাৰ বিৰুদ্ধে সংগ্ৰাম ক্ৰমান্বয়ে গঢ়ি উঠা জাতীয় চেতনা এই সকলোৰে প্ৰভাৱে তেওঁক স্পৰ্শ কৰিছিল ৷ জ্যোতিপ্ৰসাদৰপৰা লাভ কৰিছিল 'বিশ্বখনলৈ হাত মেলি দিও নিজৰ মাটিখিনিৰ প্ৰতি মোহ'আৰু বিষ্ণু ৰাভাৰপৰা ৰোমান্টিচিজম্৷

ভাৰতীয় গণনাট্য সংঘ আছিল ড০ ভূপেন হাজৰিকাক প্ৰভাৱিত কৰা অন্য এক সংগঠন ৷ অসমত ইয়াৰ প্ৰতিষ্ঠাপক আছিল হেমাঙ্গ বিশ্বাস ৷ ১৯৪৭ চনত অনুষ্ঠিত হোৱা অসম শাখাৰ সন্মিলনত প্ৰথম সভাপতি হিচাপে জ্যোতিপ্ৰসাদ নিৰ্বাচিত হয় ৷ ১৯৪৮ চনৰপৰা ড০ ভূপেন হাজৰিকা ভাৰতীয় গণনাট্য সংঘৰ লগত জড়িত হৈ পৰে যদিও ১৯৪৯ চনত তেওঁ আমেৰিকালৈ যায় আৰু ১৯৫৩ চনৰপৰাহে পুনৰ গণনাট্য সংঘৰ লগত লাগি পৰে ৷ বিভিন্ন অনুষ্ঠানত তেওঁ সংগীত পৰিৱেশন কৰে ৷ ১৯৫৯ চনত বিষ্ণুপ্ৰসাদ ৰাভা গণনাট্য সংঘৰ দ্বিতীয়জন সভাপতি হয় আৰু এবছৰৰ পিছতেই আৰম্ভ হোৱা ভাষা আন্দোলনৰ সময়ত ভাষিক সম্প্ৰদায়ৰ মাজত সংঘাত বন্ধ কৰিবলৈ আৰু সমন্বয় ঘূৰাই অনাৰ বাবে বিভিন্ন অনুষ্ঠানৰ অনুষ্ঠিত কৰে ৷ 'সাগৰ সংগমত'গীতটো বঙালী আৰু অসমীয়া দুয়োটা ভাষাত গায় ৷ হেমাংগ বিশ্বাস আৰু ড০ ভূপেন হাৰজৰিকাই যুটীয়াভাৱে "হাৰাধন ৰংমন" গীতটি লিখি উলিয়াই পৰিৱেশন কৰে ৷ শান্তি-সম্প্ৰীতিৰ ক্ষেত্ৰত গণনাট্য সংঘই লোৱা প্ৰচেষ্টাত নিজকে যুক্ত কৰি গোটেই অসমখনক ঘূৰি ফুৰিছিল ৷
"মানুহৰ মাজত ভুলতেই সৃষ্টি হোৱা ভুল বুজাবুজি আৰু হিংসা-হত্যাৰ বিভীষিকা আঁতৰ কৰিবৰ কাৰণে আমি আৰম্ভ কৰিলোঁ আমাৰ সাংস্কৃতিক অভিযান ৷ সেই অভিযানত গাঁৱৰ কাৰণে মই লিখিলোঁ "মানুহে মানুহৰ বাবে"। এয়া আছিল তেওঁৰ ব্যক্তিগত চিন্তা আৰু সামাজিক দায়বদ্ধতা ৷ ইয়াতেই আধুনিক বিশ্বমানৱতাবাদী আৰু আধুনিক জাতীয়তাবাদৰ অবৈৰী দ্বন্দ্বৰ দিশটো উন্মোচন হয় ৷ বৰঞ্চ ই compolementary.” আধুনিক মানৱীয়তাবাদ কেতিয়াও উগ্ৰ হ'ব নোৱাৰে ৷ ই সকলোৰে সমবিকাশৰ কথাহে কয়, যি সম্ভৱ সকলো জাতিৰ শোষিতসকলৰ ঐক্যৰ মাজেৰেহে ৷ আধুনিক জাতীয়তাবাদৰ ঠাইত যেতিয়া অসম আন্দোলনৰ মাজৰে দেখা দিয়া সমস্যাই গা কৰি উঠিছিল তেতিয়া ইয়াত তেওঁ বিৰোধিতা কৰিছিল ৷ তেওঁ কৈছিল, "১৯৭৯ত দেখা দিয়া সমস্যাটো হ'ল ভাৰতীয় আৰু পৰৰাষ্ট্ৰৰপৰা অহা অনুপ্ৰৱেশকাৰী অভাৰতীয়ৰ মাজৰ সমস্যাহে ৷ ইয়াত ভাষা,ধৰ্মৰ প্ৰশ্ন নাই,ই এক জাতীয় সমস্যা ৷... বল প্ৰয়োগ, হত্যা,মাৰধৰ,জোৰ-জুলুম আদি অগণতান্ত্ৰিক নেতিবাচক পন্থা ৷ কিন্তু ই কেতিয়াও কোনো সুস্থ আন্দোলনক আগুৱাই নিনিয়ে,নিব নোৱাৰে ৷ হিংসাই আন্দোলনৰ উদ্দেশ্যত বাধা জন্মায়,লক্ষ্যস্থান পোৱাত পলম ঘটায় ৷”

আঞ্চলিকতাবাদ সম্পৰ্কে তেওঁ কৈছিল, "আমিয়েইতো প্ৰথমে জনগণতান্ত্ৰিক দলৰ কথা ভাবিছিলোঁ ৷ তাত কৈছিলোঁ যে ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰেই আঞ্চলিক দল লাগে ৷ নানা জাতি-উপজাতিক লৈ এটি আঞ্চলিক দল গঠনৰ চিন্তা কৰিছিলো যাৰ শিপাটো ইয়াতে থাকিব, তেতিয়াহে ফলমূল পাম ইয়াত ৷”

আলফাৰ স্বাধীন অসমৰ দাবী সন্দৰ্ভত তেওঁ কৈছিল –"বন্দুকেৰে দৃষ্টি আকৰ্ষণ কৰিব পাৰে ৷... বন্দুকটোৱে যে সকলো সমস্যাৰ সমাধান কৰি দিব,সেই বিষয়ে মই সন্দিহান ৷ ইতিহাসৰ গতি এটা বন্দুকে পৰিৱৰ্তন কৰাৰ পক্ষে মই নহয় ৷ ভাৰতৰপৰা বাহিৰ হৈ যোৱা কথাটোক আমি ভাবো যে আমি মহাভাৰতৰ মহা অংগ ৷ আমি ভয় কৰিম কিয়? আমি বাহিৰলৈ যাম কিয়? আমি দিল্লীয়ে নিদিয়া বস্তুখিনি কৰি কাঢ়ি ল’ম ৷ দৰকাৰ হ'লে 'ফেডাৰলিজিম'বিচাৰিম,কিন্তু ওলাই কিয় যাম?”

ড০ ভূপেন হাজৰিকাৰ এনে এটা জাতীয়তাবাদী ধাৰাও বিশ্বাসী আছিল "যিয়ে অন্ধ অতীতপ্ৰীতি পৰিহাৰ কৰি ৰাজতন্ত্ৰ,অভিজাততন্ত্ৰৰ অৱসান ঘটাই প্ৰজাতন্ত্ৰৰ পৃষ্ঠপোষকতা কৰে ৷ সাহিত্য,ধ্ৰুপদী আৰু লোককলা তথা সংস্কৃতিৰ উপাদানবোৰৰ বাদে এই জাতীয়তাবাদে অতীতৰ সামাজিক নীতি-নিয়ম,বিশ্বাস,পৰম্পৰা আদি কোনোটিকে আদৰি নলয় ৷"

~নিৰংকুশ নাথ

Share Button
Print Friendly, PDF & Email

No Comments : "আপোন মাতৃৰ অশ্ৰু নমচিলে বিশ্বপ্ৰেম হ’ব বৃথা"

Leave a Comment

Your email address will not be published. Required fields are marked *