আৰ্যবাদ, নমামি ব্ৰহ্মপুত্ৰ আৰু নদী সংযোগ আঁচনি ইত্যাদি - (প্ৰাঞ্জল দেউৰী)

প্ৰাচীন মানৱ সভ্যতাবোৰ গঢ় লৈ উঠিছিল একো একোখন বিশাল নদীক কেন্দ্ৰ কৰি। নদী উপত্যকাকেন্দ্ৰিক বহু প্ৰাচীন সভ্যতাৰ বিষয়ে মানৱ জাতিৰ ইতিহাসত উল্লেখ পোৱা যায়। মানৱ সভ্যতা গঢ়ি উঠা নদীবোৰ মানৱ জাতিৰ দৰেই ইতিহাস আছে যদিওবা সেইবোৰৰ সৃষ্টি প্ৰাকৃতিকভাৱেই হৈছিল। প্ৰাকৃতিকভাৱে সৃষ্ট প্ৰতিখন নদীৰেই এক ঐতিহাসিক প্ৰৰিক্ৰমা আছে যি প্ৰৰিক্ৰমাক মানৱ জাতিয়ে যুগ যুগান্তৰ ধৰি স্বীকাৰ কৰি আহিছে। নদীৰ উৎপত্তিস্থল আৰু তাৰ অৱবাহিকাক লৈ মানৱ জাতি যিমানেই উৎসুক, ঠিক তেনেকৈ নদীৰ অতীত আৰু বৰ্তমানক লৈও মানৱ জাতি সদায়ে সন্দিগ্ধ। কাৰণ নদী হৈছে মানৱ সভ্যতাৰ জীৱন প্ৰৱাহ।

এইটো এটা নিতান্তই প্ৰকৃতিগত স্বাভাৱিক প্ৰক্ৰিয়া যে নদীয়ে সভ্যতা গঢ়ে আৰু ভাঙে। প্ৰকৃতিয়ে নদীৰ জন্ম আৰু মৃত্যু নিৰ্ধাৰণ কৰে। আৰু জীৱনো পালন কৰে। পৃথিৱীৰ জীৱন পৰিক্ৰমাত দেখা যায় যে বহু নদীৰ ইতিমধ্যে মৃত্যু ঘটিছে আৰু কিছুমান নদীৰ জন্ম হৈছে। নদীৰ মৃত্যুৰ লগে লগে সেই সেই নদীৰ অৱবাহিকা তৰাং হৈছে আৰু তাত পাৰত গঢ়ি উঠা মানৱ সভ্যতাও উচ্ছন্ন হৈ গৈছে। নদীৰ মৃত্যুৰ কাৰণ নদীখন নিজেই নহয়, পৰিৱৰ্তিত প্ৰকৃতিহে তাত কাৰক। মানুহে ভবাৰ দৰে কোনো ৰুষ্ট দেৱতাই নদীক হত্যা কৰা নাই। প্ৰকৃতিৰ ওপৰত মানুহে কৰা অত্যাচাৰে প্ৰকৃতিৰ ভাৰসাম্যক অসন্তুলিত কৰিছে আৰু প্ৰকৃতিয়ে নিজৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ নদীক হত্যা কৰিছে। '৫০ৰ বৰভূঁইকঁপৰ পিছত ব্ৰহ্মপুত্ৰ তৰাং হৈ অহাটোও নিতান্তই এনেধৰণৰ প্ৰাকৃতিক পৰিঘটনাই।

নদী পাৰত মানৱ সভ্যতা গঢ় লৈ উঠাৰ লগে লগে নদীভিত্তিক আচাৰ-আচৰণ গঢ়ি উঠাটোও স্বাভাৱিক প্ৰক্ৰিয়াই। প্ৰকৃতিৰ তাণ্ডৱ আচৰণত মানুহে শংকিত হৈ বিভিন্ন উপাদানবোৰক দেৱত্ব আৰোপ কৰি পূজা-পাতল কৰাটো মানৱ সভ্যতাৰ এক মৌলিক প্ৰবৃত্তিয়েই আছিল। তেওঁলোকে বিশ্বাস কৰিছিল যে ৰুষ্ট প্ৰকৃতিক পূজা-অৰ্চনা কৰি সন্তুষ্ট কৰিব পাৰি আৰু প্ৰকৃতি সন্তুষ্ট হ'লেহে মানৱ কূল পৃথিৱীত বৰ্তি থাকিব পাৰিব। সেইদৰে মানুহৰ মনত দেৱত্ব ধাৰণাই পোখা মেলিলে, (যিটোৱে পৰৱৰ্তী সময়ত মানৱ সমাজক শ্ৰেণীবদ্ধ কৰি তুলিলে)। প্ৰাকৃতিক উপাদানবোৰত দেৱত্ব আৰোপ কৰাৰ লগে লগে মানুহে সমীহ কৰি এক নিৰ্দিষ্ট আচাৰত অভ্যস্ত হৈ পৰে। সেইদৰে নদীকো দেৱত্ব আৰোপ কৰি পূজা-অৰ্চনা কৰি অহা হৈছিল।

আচলতে প্ৰকৃতিয়ে কোনোদিন মানুহৰ ওপৰত ৰুষ্ট হৈ তাণ্ডৱ চলোৱা নাই। যিবোৰ ঘটিছে পাৰিপাৰ্শ্বিক কাৰণতে ঘটি আহিছে। বজ্ৰপাত, বানপানী, ধুমুহা অথবা ভূঁইকঁপ আদিবোৰ কোনো দেৱত্বৰ প্ৰভাৱত সংঘটিত হৈ থকা নাই। সেয়া মানুহৰ স্ব-আৰোপিত দেৱত্ব বুলি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই প্ৰমাণ কৰিছে। তেনে বৰ্তমানে নদীকেন্দ্ৰিক পূজাবোৰ কিয় ৰাজকীয়ভাৱে কোটি কোটি ৰাজকোষৰ ধনেৰে আয়োজন কৰি থকা হৈছে ?

স্বৰাজোত্তৰ ভাৰতবৰ্ষত এইদৰে কোটি কোটি ৰাজকোষৰ ধনেৰে নদী পূজা কৰাৰ কোনো দস্তুৰ নাছিল। ই আচলতে হিন্দু ব্ৰাহ্মণ্য ধৰ্মৰ পুনৰুত্থান আৰু আগ্ৰাসনৰ এক কাৰ্যসূচীহে। ব্ৰাহ্মণ্য হিন্দু ধৰ্মৰ আগ্ৰাসনে চৰকাৰী পৃষ্ঠপোষকতা লাভ কৰি এনে ধৰ্মীয় এজেণ্ডাক বলপূৰ্বকভাৱে জনসাধাৰণৰ ওপৰত জাপি দিছে। নদী পূজন সেই এজেণ্ডাৰেই এক মূল কাৰ্যক্ৰম।

হিন্দু ব্ৰাহ্মণ্যবাদে প্ৰাচীন কালতেই ব্ৰহ্মপুত্ৰক হিন্দুকৰণ, আচলতে বৈদিকীকৰণ কৰিছিল। নদীখনক ব্ৰহ্মাৰ পুত্ৰ বুলি কৈ ব্ৰাহ্মণ্য হিন্দু ধৰ্মৰ জাতত তুলিছিল। প্ৰণিধানযোগ্য যে হিন্দু ব্ৰাহ্মণ্যবাদে প্ৰাচীন কামৰূপ তথা প্ৰাগজ্যোতিষপুৰৰ মঠ-মন্দিৰবোৰ বৈদিকীকৰণ অথবা আৰ্যীকৰণ কৰাৰ মূল উদ্দেশ্যই আছিল গোটেই অঞ্চলটোকেই আৰ্যীকৰণ কৰা। মেইনষ্ট্ৰিম ভাৰতৰ দেৱ-দেৱীসকলক কামৰূপত প্ৰতিষ্ঠা কৰাৰ মূল কাৰণো আছিল এইটোৱেই। শদিয়াৰ ভীষ্মকৰ বিৰ্দভৰ ৰাজ্য, শোণিতপুৰৰ বাণ ৰাজ্য আৰু নৰকৰ ৰাজ্যখনৰো কোনো ঐতিহাসিক অৱস্থিতি নাই, এইবোৰ আখ্যান-উপাখ্যানৰূপেহে ইয়াত উপস্থাপন কৰা একো একোটা কাহিনীহে মাত্ৰ। কামাখ্যা আৰু দিক্কৰবাসিনী অৰ্থাৎ শদিয়াৰ তাম্ৰেশ্বৰী মন্দিৰ আছিল আৰ্যসকলৰ প্ৰধান লক্ষ্য। তেওঁলোকে ঠিকেই বুজিছিল যে এই মন্দিৰ দুটাৰ আৰাধ্য দেৱীক আৰ্যীকৰণ কৰি ল'ব পাৰিলেই তেওঁলোকৰ আগ্ৰাসনে সহজেই ইয়াত সিদ্ধি লাভ কৰিব।

আমাৰ ধাৰণা হয়, ব্ৰহ্মপুত্ৰৰ উপত্যকাৰ এটা ডাঙৰ দুৰ্বলতা আছিল। ইয়াৰ আদিবাসীসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত এক সভ্যতা গঢ়ি তুলিলেও এই সভ্যতাক উমৈহতীয়াভাৱে সৰ্বজনস্বীকৃত এটা নাম দিবলৈ সক্ষম হোৱা নাছিল। আনকি এই বিশাল নদীখনক তেওঁলোকে উমৈহতীয়াকৈ এটা নাম দিবলৈকো ব্যৰ্থ হৈছিল। এটা স্বতন্ত্ৰ নদীকেন্দ্ৰিক সভ্যতাৰ বাবে ই আছিল অতি দুৰ্ভাগ্যজনক কথা। আচলতে ইয়াৰ অদিবাসীসকল আছিল বিভিন্ন জনগোটত বিভক্ত স্বতন্ত্ৰ একো একোটা গোষ্ঠী যিবোৰৰ মাজত ভাষিক আৰু সাংস্কৃতিক ভিন্নতা আছিল। এই ভিন্নতাই খুব সম্ভৱ এই নদী উপত্যকাটোক এটা সৰ্বজনগৃহীত নাম দিবলৈ অক্ষম কৰি পেলালে। তাৰেই সুযোগ গ্ৰহণ কৰিলে আগ্ৰাসী ব্ৰাহ্মণ্যবাদী আৰ্যসকলে।

এই অঞ্চলটোৰ বৃহৎ বড়ো কছাৰীসকলে এই বিশাল নদখনক বুৰ্লুংবুথুৰ বুলি নামকৰণ কৰিছিল। কিন্তু সেই নাম কিয় প্ৰসাৰ অথবা প্ৰচাৰ লাভ নকৰিলে সিয়ো অতি গুৰুত্বপূৰ্ণ দিশ। হয়তো মহানদখনৰ এই নামটোৱে বিস্তৃতি লাভ কৰাৰ সমসাময়িকভাৱে নদখনক ব্ৰহ্মপুত্ৰ বুলি নাম দি আৰ্যীকৰণ কৰি তোলা হৈছিল। আৰু উৰ্বৰ মস্তিষ্কৰ আৰ্যসকলে লগে লগে ইয়াৰ উপত্যকাটোক ব্ৰহ্মপুত্ৰ সভ্যতা বুলি প্ৰচাৰ কৰিবলৈ সক্ষমো হ'ল। কিন্তু সমান্তৰালভাৱে অন্যান্য কাৰকো আছে বুলি আমাৰ ধাৰণা হয়। মানস সৰোবৰৰপৰা এই নদীখন উৎপত্তি হোৱা বুলি কোৱাটো আছিল আৰ্যীকৰণৰ এটা সুপৰিকল্পিত কৌশল। ইফালে অঞ্চলটোৰ বৃহৎ বড়ো জনগোষ্ঠীয়ে নদীখনক বুৰ্লুংবুথুৰ বুলি নামকৰণ কৰিলেও নদী সভ্যতাটোক বিশেষ গতি দিবলৈ সক্ষম নোহোৱাটোৱে কিছুমান দিশৰো সম্ভেদ দিয়ে।

নদীক আৰ্যভিন্ন জনগোটবোৰে আৰ্যসকলৰ দৰে দেৱত্ব আৰোপ কৰি পূজন কৰা দস্তুৰ দেখা নাযায়। প্ৰাকৃতিক পৰিৱেশত তেওঁলোকে নদীক প্ৰকৃতিৰ এক উপাদান হিচাপে নিজস্ব আচাৰেৰে স্তুতি কৰিহে আহিছিল। সেই স্তুতিত কোনো বৈদিক শাস্ত্ৰীয় পূজাবিধি প্ৰচলন নাই। বৰঞ্চ সেইবোৰত কিছুমান প্ৰাকৃতিক অথবা শাক্ত পূজনহে লক্ষ্য কৰিব পাৰি।

খুব সম্ভৱ দশম শতিকা মানৰপৰা ব্ৰহ্মপুত্ৰক আৰ্যীকৰণ কৰাৰ প্ৰক্ৰিয়াটো অতি পৰিকল্পিতভাৱে চলিবলৈ ধৰে। কিন্তু ব্ৰহ্মপুত্ৰৰ গোটেই উপত্যকাটোক কোনোদিন আৰ্য সভ্যতাই চূড়ান্ত ৰূপ দিব নোৱাৰিলে। এই সম্পূৰ্ণ ৰূপ দিব নোৱৰাৰ দুৰাকাংক্ষাটো এতিয়াও মাৰ যোৱাই নাই। সেয়ে এতিয়া আৰ এছ এছ আদি কট্টৰ হিন্দুত্ববাদীসকলে ব্ৰহ্মপুত্ৰক সম্পূৰ্ণৰূপে হিন্দুত্বকৰণ কৰিবলৈ উঠি-পৰি লাগিছে।

সন্দেহ নাই, এতিয়াৰ হিন্দুত্বকৰণত কেৱল ধৰ্মীয় কাৰকটোৱেই ক্ৰিয়া কৰি থকা নাই। ৰাজনৈতিক কাৰকো আছে। ব্ৰহ্মপুত্ৰৰ খনন কাৰ্য আৰু তাৰ দুয়োপাৰে দ্ৰুতবেগী ৰাজপথ নিৰ্মাণ ভাৰত ৰাষ্ট্ৰৰ এক ঔপনিৱেশিক কৌশলহে। পূৰ্বৰ বাজপেয়ী নেতৃত্বাধীন এন ডি এ চৰকাৰৰ নদী সংযোগ আঁচনিৰ পুনৰ আৰম্ভ কৰাৰ ই একধৰণৰ বহুমাত্ৰিক কৌশল।

Share Button
Print Friendly, PDF & Email

No Comments : "আৰ্যবাদ, নমামি ব্ৰহ্মপুত্ৰ আৰু নদী সংযোগ আঁচনি ইত্যাদি - (প্ৰাঞ্জল দেউৰী)"

Leave a Comment

Your email address will not be published. Required fields are marked *