জ্যোতিষশাস্ত্ৰ আৰু জ্যোতিৰ্বিজ্ঞান, বিজ্ঞানমনস্কতা আৰু আমি -(ৰঞ্জিত ভূঞা)

বিশ্বৰ এজন অন্যতম শ্ৰেষ্ঠ পদাৰ্থবিজ্ঞানী ৰিচাৰ্ড ফিলিপ‌্ছ ফাইনমেন (Richard Phillips Feynman), যিগৰাকীক বহু বিশেষজ্ঞই আইনষ্টাইনৰ পাছতেই স্থান দিছে, তেওঁৰে এক যুগান্তকাৰী উক্তি, "Religion is a culture of faith;Science is a culture of doubt", অৰ্থাৎ ধৰ্ম হৈছে কেৱল বিশ্বাসৰ সংস্কৃতি যি মানুহক কোনো প্ৰশ্ন নকৰাকৈ বিশ্বাস কৰিবলৈ শিকায়। আনহাতে, বিজ্ঞান হৈছে সন্দেহ বা জিজ্ঞাসাৰ সংস্কৃতি যি মানুহক কোনো কথা বা বিষয় যুক্তি আৰু প্ৰমাণ অবিহনে মানি নল'বলৈ, বাৰে বাৰে প্ৰশ্ন কৰিবলৈ শিকায়। আজিৰ এই একবিংশ শতিকাত, যি সময়ত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জয়জয়কাৰ চাৰিওফালে, তেনে সময়তো কুসংস্কাৰ, অন্ধবিশ্বাস, ধৰ্মীয় গোড়ামি আৰু সাম্প্ৰদায়িক চিন্তা-চৰ্চাই ছানি ধৰা বৰ্তমানৰ ভাৰতবৰ্ষত ফাইনমেনৰ এই উক্তিৰ প্ৰাসংগিকতা আৰু গ্ৰহণযোগ্যতা কিমান বেছি, তাক আধুনিক শিক্ষাৰে শিক্ষিত মানুহক বুজাই নক'লেও হ'ব। ভাৰতৰ এগৰাকী প্ৰথিতযশা, মানৱদৰদী বিজ্ঞানী পুষ্পমিত্ৰ ভাৰ্গৱ, 'নিখিল ভাৰত জনবিজ্ঞান আন্দোলন’ৰ যোগেদি সৰ্বসাধাৰণ জনতাৰ মাজত বিজ্ঞানৰ জনপ্ৰিয়কৰণ আৰু বিজ্ঞান মানসিকতাৰ প্ৰসাৰৰ বাবে যিগৰাকীয়ে নিৰলস প্ৰচেষ্টা চলাইছিল,আমাৰ পৰম শ্ৰদ্ধেয় এইগৰাকী বিজ্ঞানীয়ে 1976 চনতে “The Scientific Temper,Secular Democracy (Nehru number) নামৰ এখন আলোচনীত বৰ গুৰুত্বপূৰ্ণ কথা এষাৰ কৈছিল, যিখিনি কথাৰ বৰ্তমান সময়ত প্ৰাসংগিকতা দুগুণে বৃদ্ধি পাইছে। যিকোনো কথা বা বিষয় যুক্তি আৰু প্ৰমাণ অবিহনে গ্ৰহণ কৰিবলৈ অমান্তি হোৱা, প্ৰতিটো কথা বা বিষয়কে যুক্তিৰে চালিজাৰি চাইহে মানি লোৱা মানসিকতাই বিজ্ঞানমনস্কতা, সেই বিজ্ঞানমনস্কতাৰ বিষয়ে ক’বলৈ গৈ পুষ্পমিত্ৰ ভাৰ্গৱে লিখিছিল, "বৰ্তমান বহুল ব্যৱহৃত শব্দ “Scientific temper" অৰ্থাৎ বিজ্ঞানমনস্কতা – এই শব্দ প্ৰথম ব্যৱহাৰ কৰা ব্যক্তিগৰাকীয়েই আছিল জৱাহৰলাল নেহৰু।সমাজত নিজৰ প্ৰতিভা আৰু ব্যক্তিত্বৰ প্ৰভাৱেৰে প্ৰতিষ্ঠিত হোৱা বিজ্ঞানীকে ধৰি মুষ্টিমেয় প্ৰতিভাশালী ব্যক্তিৰ মাজৰে নেহৰুও এজন যিসকলে উপলব্ধি কৰে যে আমাৰ দেশৰ মানুহৰ মাজত বিজ্ঞানমনস্কতা বা বিজ্ঞান-মানসিকতাৰ অভাৱেই হৈছে সামাজিক প্ৰগতি, জনগণৰ মুক্তি আৰু অৰ্থনৈতিক উন্নয়নৰ এটা গুৰুত্বপূৰ্ণ বাধা। দেশৰ ভিতৰতে নেহৰুৱেই আছিল প্ৰথম ব্যক্তি, যিজনে উপলব্ধি কৰিছিল যে যেতিয়ালৈকে আমাৰ চিন্তাত বিজ্ঞানমনস্কতা প্ৰোথিত নহ’ব, তেতিয়ালৈকে জনগণে তেওঁলোকৰ নায্য প্ৰাপ্য, অধিকাৰ আদায় কৰিবলৈ অপাৰগ হৈ থাকিব। আমি জনগণৰ মাজত ব্যাপক হাৰত বিজ্ঞান মানসিকতাৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটাব নোৱাৰিলে কোনো নহয় কোনো শ্ৰেণীৰ পৰা যিকোনোধৰণৰ শোষণ সমাজত চলিয়েই থাকিব আৰু এখন প্ৰকৃত অৰ্থত সমাজতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ শক্তিশালী গণতান্ত্ৰিক দেশ গঢ়ি তোলাৰ ক্ষেত্ৰত ই বাধা হৈ থাকিব। এনে অত্যন্ত সময়োচিত উপলব্ধিৰ বাবেই তেওঁ চল্লিশৰ দশকৰ শেষৰ পিনে গঠন হোৱা ভাৰতৰ বিজ্ঞান কৰ্মীসকলৰ সংস্থা Association of Scientific Workers' of India (ASWI)ৰ প্ৰথম সভাপতি পদ গ্ৰহণৰ বাবে আগ বাঢ়ি আহিছিল। বিজ্ঞানমনস্কতাৰ প্ৰচাৰ, প্ৰসাৰ আছিল এই সংস্থাৰ গুৰুত্বপূৰ্ণ উদ্দেশ্য। দুখৰ কথা এই যে এই সংগঠনে নিজৰ প্ৰতিজ্ঞা পূৰণ কৰিব নোৱাৰিলে আৰু তাৰ দায়িত্ব আমাৰ বিজ্ঞানীসকলে পূৰামাত্ৰাই মূৰ পাতি ল'ব লাগিব।"

মানৱতাবাদ আৰু বিজ্ঞানমনস্কতাৰ এইগৰাকী বলিষ্ঠ প্ৰবক্তা, বিজ্ঞানী পুষ্পমিত্ৰ ভাৰ্গৱৰ আজিও গুৰুত্বপূৰ্ণ আৰু সমানে প্ৰাসংগিক কথাখিনি মনলৈ আহিল “মুক্ত চিন্তা"-ৰ এইবাৰৰ সংখ্যাৰ “অতিথি সম্পাদকৰ চ’ৰা”-ৰ আলোচনাৰ বিষয়বস্তু হিচাবে নিৰ্বাচন কৰা “জ্যোতিষশাস্ত্ৰ আৰু জ্যোতিৰ্বিজ্ঞান”ৰ বিষয়ে কিছু কথা লিখিবলৈ যোৱাৰ আগতে। এই সংখ্যাৰ “অতিথি সম্পাদকৰ চ’ৰা”ৰ এই বিষয়বস্তুৰ ওপৰত আলোচনা কেইবাটাও গুৰুত্বপূৰ্ণ আৰু তথ্যসমৃদ্ধ লেখাৰে সজাই তুলিছে অসমৰ কেইবাগৰাকীও প্ৰতিষ্ঠিত যুক্তিবাদী লেখকে, ই আমাৰ বাবে অতি উৎসাহ আৰু আনন্দৰ বিষয়। জ্যোতিৰ্বিজ্ঞান কি, ইয়াৰ অধ্যয়নৰ পৰিসৰ, অগ্ৰগতি সম্পৰ্কে তথ্যসমৃদ্ধ আলোচনা কৰাৰ লগতে জ্যোতিষশাস্ত্ৰ বা বিদ্যাৰ স'তে জ্যোতিৰ্বিজ্ঞানৰ বিস্তৰ পাৰ্থক্যৰ কথাও ফঁহিয়াই আলোচনা কৰা হৈছে। জ্যোতিষ বিজ্ঞানো নহয়, বৈদিকো নহয়, ই অপবিজ্ঞান,অন্ধবিশ্বাসৰ বাহিৰে আন একো নহয়,বিজ্ঞান বুলি ক'ব পৰাকৈ কোনো লক্ষণ, বৈশিষ্ট্য যে জ্যোতিষৰ নাই, পৃথিৱীৰ মানুহৰ জীৱন-জীৱিকাৰ ওপৰত প্ৰভাৱ পেলাব পৰা কোনো ক্ষমতা আকাশৰ গ্ৰহ-নক্ষত্ৰৰ নাই - এই বিষয়ে বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিজ্ঞানীসকলে কৰা গবেষণা,পৰীক্ষা-নিৰীক্ষাই ইতিমধ্যে প্ৰমাণ কৰিছে৷ এই গোটেইবোৰ বিষয় সামৰি তথ্যসমৃদ্ধ লেখা আগ বঢ়াইছে নতুন প্ৰজন্মৰ তিনিগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন লেখকে, তেওঁলোক ক্ৰমে ভাৰ্গৱ বৰঠাকুৰ (জ্যোতিষ কিয় বিজ্ঞান নহয়), কৌশিক তালুকদাৰ (সপোনৰ বিপণী) আৰু গৌৰীশংকৰ ভূঞা (জ্যোতিষশাস্ত্ৰ আৰু বিজ্ঞান)। অসমৰ এগৰাকী বিশিষ্ট চিন্তাবিদ, লেখক প্ৰসেনজিৎ চৌধুৰীয়ে তেখেতৰ সুখপাঠ্য লেখা “……আৰু জ্যোতিষ"-ত আমাৰ সমাজত জ্যোতিষীৰ প্ৰভাৱ, তেওঁলোকৰ ভৱিষ্যতবাণীৰ স্বৰূপ আৰু অসাৰতা, জ্যোতিষ এক অন্ধবিশ্বাস বুলি প্ৰতিপন্ন হোৱাৰ পাছতো প্ৰচাৰ মাধ্যমত ইয়াৰ চৰ্চা চলি থকাৰ আঁৰৰ উদ্দেশ্য, ৰাজনীতিকে ইয়াৰ প্ৰচাৰ-প্ৰসাৰত লোৱা ভূমিকা আৰু উদ্দেশ্যৰ কথা প্ৰকাশ পাইছে। যুক্তিবাদী লেখক হিচাপে সুপ্ৰতিষ্ঠিত আৰু জনপ্ৰিয় দেৱকান্ত সন্দিকৈয়ে লেখা “জ্যোতিষ বিদ্যাৰ স্বৰূপ”ৰ মাজেৰেও তেখেতৰ আকৰ্ষণীয় বাক্যগাঁথনিৰে আমাৰ সমাজত জ্যোতিষক লৈ চলি অহা ব্যৱসায়, জ্যোতিষীৰ ভৱিষ্যতবাণীৰ স্বৰূপ কেইবাটাও উদাহৰণৰে উদঙাই দিছে। অসমৰ আন এগৰাকী বিশিষ্ট লেখক, শিক্ষাবিদ ডঃ খৰ্গেশ্বৰ ভূঞাৰ "জ্যোতিৰ্বিজ্ঞান বনাম জ্যোতিষশাস্ত্ৰ” শীৰ্ষক লেখনিত তেখেতে প্ৰাঞ্জল ভাষাৰে জ্যোতিষৰ ইতিহাস বৰ্ণনা কৰাৰ লগতে ভাৰতত ই কেনেকৈ জনপ্ৰিয়তা লাভ কৰিলে, জ্যোতিৰ্বিজ্ঞানৰ স'তে থকা জ্যোতিষৰ পাৰ্থক্য, জ্যোতিষ বিজ্ঞানো নহয়, বৈদিকো নহয় - এই সকলো দিশ সামৰি আলোচনা কৰিছে। বিজ্ঞানৰ সৰু-বৰ কথাবোৰ ছাত্ৰ-ছাত্ৰীৰ লগতে সৰ্বসাধাৰণে বুজিব পৰাকৈ সহজ ভাষাৰে লিখি বিজ্ঞানক জনপ্ৰিয়কৰণৰ কাৰণে চেষ্টা চলাই অহা অসমৰ এগৰাকী বিশিষ্ট লেখিকা ডঃ ৰাস্না ৰাজখোৱাই “জ্যোতিষ আৰু বিশ্বাস-অন্ধবিশ্বাস” শীৰ্ষক লেখাটোৰ মাজেৰে জ্যোতিষৰ ইতিহাসৰ লগতে ব্যক্তিগত জীৱনৰ অভিজ্ঞতাৰে জ্যোতিষীৰ স্বৰূপ আৰু অন্তঃসাৰশূন্যতা প্ৰতিপন্ন কৰিছে। প্ৰগতিশীল চিন্তাধাৰাৰ বিশিষ্ট নিবন্ধকাৰ, লেখক দুলাল পূজাৰীদেৱে “জ্যোতিষশাস্ত্ৰ : এক অপবিজ্ঞান,শাসকৰ শোষণৰ হাতিয়াৰ” শীৰ্ষক চিন্তাউদ্ৰেককাৰী লেখনিত বৰ্ণনা কৰিছে কিদৰে প্ৰাচীন কালৰে পৰা এতিয়ালৈকে শাসক গোষ্ঠীয়ে নিজৰ শাসন ক্ষমতা বৰ্তাই ৰখাৰ স্বাৰ্থতে ধৰ্মীয় গোড়ামি, অন্ধবিশ্বাস কুসংস্কাৰৰ প্ৰচাৰ-প্ৰসাৰত উদ্গনি যোগাই আহিছে। জ্যোতিষশাস্ত্ৰৰ প্ৰতি শাসকীয় পৃষ্ঠপোষকতাৰ কাৰণ সেয়াই। সৰ্বসাধাৰণৰ মাজত যুক্তিবাদী চিন্তা-চেতনাই যাতে ঠন ধৰি উঠিব নোৱাৰে তাৰ বাবেই বিভিন্ন কৌশল অৱলম্বন কৰা হয়। তাৰ মাজতো কিন্তু নজনাক জানিবলৈ অদম্য ইচ্ছাৰ বাবেই মানুহৰ মাজত বিজ্ঞানৰ বিকাশ ঘটিছে।অন্ধবিশ্বাস-কুসংস্কাৰৰ বিৰুদ্ধে বিজ্ঞানমনস্কতাৰ যুঁজ চলি আহিছে যুগে যুগে।

এইদৰে জ্যোতিষ আৰু জ্যোতিৰ্বিজ্ঞানৰ সকলো দিশ সামৰি আগ বঢ়োৱা উপৰিউক্ত লেখাসমূহৰ পাছত এই বিষয়ে আৰু অধিক আলোচনাৰ নিশ্চয় অৱকাশ নাই, কৰিবলৈ গ'লেও পুনৰাবৃত্তিৰে আলোচনা আমনিদায়ক হোৱাৰ আশংকা আছে। গতিকে জ্যোতিষ কিয় বিজ্ঞান নহয় বা মানুহৰ জীৱনৰ ওপৰত ভাগ্য গণনাৰ যে কোনো কাৰ্যকৰী প্ৰভাৱ নাই - এই বিষয়ে অধিক আলোচনা নকৰি আমি ইয়াৰ প্ৰচাৰ-প্ৰসাৰ অথবা জনপ্ৰিয় কৰি তোলাৰ কৌশলগত উদ্দেশ্য আৰু মনস্তাত্ত্বিক দিশটোৰ ওপৰত কিছু আলোকপাত কৰিব বিচাৰিছো। জ্যোতিষ নিঃসন্দেহে এক অন্ধবিশ্বাস। ই জনপ্ৰিয় হৈ উঠাটো প্ৰতিপত্তিশালী শাসকগোষ্ঠীয়ে বিচৰাটো তেনেই স্বাভাৱিক, কাৰণ সাধাৰণ জনতাৰ মাজত যদি ভাগ্য বা অদৃষ্টবাদত বিশ্বাস কৰিবলৈ উৎসাহ যোগোৱা হয়, তেন্তে তেওঁলোকে দৈনন্দিন জীৱনত দেখা দিয়া বিভিন্ন সমস্যাৰ কাৰণ জানিবলৈ কোনোদিনেই চেষ্টা নকৰিব, নিজৰ জীৱন-জীবিকাৰ দুৰ্দশা, পাৰিবাৰিক সমস্যাৰ কাৰণ নিজৰ পূৰ্বজন্মৰ কৰ্মফল বুলিয়েই ভাবি সান্ত্বনা লভিব। শাসকগোষ্ঠীয়ে সঠিক নীতি গ্ৰহণ নকৰাৰ বাবেই, তেওঁলোকৰ অপশাসন, দুৰ্নীতিৰ বাবেই যে আমাৰ দৈনন্দিন জীৱনলৈ, সমাজজীৱনলৈ অভাবনীয় দুৰ্দশা নামি আহিছে, উঠি অহা প্ৰজন্মৰ ভবিষ্যতক লৈ গভীৰ আশংকাৰ সৃষ্টি হৈছে, কৰ্মসংস্থাপনৰ অভাৱে ব্যাপক ৰূপ ধাৰণ কৰিছে, এইবোৰ প্ৰশ্ন সুধিবলৈ সাধাৰণ মানুহ শিক্ষিত হৈ উঠা; সচেতন হোৱা, যুক্তিবাদী হোৱাটো নিবিচৰাটোৱেই স্বাভাৱিক। গতিকে যিবোৰ পোৱা নাই, তাৰ বাবে যদি ভাগ্যক ধিয়াই থাকিবলৈ শিকোৱা হয়, ধৰ্মীয় বাণীৰে, জ্যোতিষীৰ ভাগ্য গণনাৰে, অন্ধবিশ্বাস-কুসংস্কাৰক উদ্গনি যোগায়; তেতিয়া শাসকগোষ্ঠীৰ ব্যৰ্থতাৰ কথা সাধাৰণ মানুহৰ মনলৈকে নাহিব, প্ৰাপ্য বিচাৰি প্ৰতিবাদ কৰাটো দূৰৈৰ কথা! জ্যোতিষশাস্ত্ৰৰ ওপৰত আস্থা, জ্যোতিষীৰ ভবিষ্যতবাণীৰ ওপৰত বিশ্বাস কৰা মানেই হ’ল মানুহে কোনো কথা যুক্তিৰে চালিজাৰি চোৱাৰ মানসিকতাৰ অভাৱ, বিজ্ঞানমনস্কতাৰ অভাৱ, কিন্তু মানুহৰ মাজত সেই অভাৱ পূৰ হোৱাটো শাসনৰ গাদীত থকাসকলে কেতিয়াও নিবিচাৰে, তাত আচৰিত হ’ব লগা একোৱেই নাই। 2001 চনত তেতিয়াৰ বিজেপি চৰকাৰে কলেজ-বিশ্ববিদ্যালয়ত এটা বিষয় হিচাবে কৰা সিদ্ধান্তও আছিল সেই কৌশলৰে অংশ। অৱশ্যে প্ৰগতিশীল চিন্তা-চৰ্চাৰে শাসনলৈ অহা বিশেষকৈ বাঁওপন্হীসকল এই ক্ষেত্ৰত এক উজ্জ্বল ব্যতিক্ৰম‌। জ্যোতিষ অশিক্ষিত মানুহৰ মাজততো বাদেই,আধুনিক শিক্ষাৰে শিক্ষিত মানুহৰ মাজতো ক্ৰমবৰ্ধমান জনপ্ৰিয়তাৰ কিছু মনস্তাত্ত্বিক দিশ থকাৰ কথাও আওকাণ কৰিব নোৱাৰি। প্ৰসেনজিৎ চৌধুৰীদেৱে তেখেতৰ সুলিখিত প্ৰবন্ধৰ মাজত প্ৰখ্যাত বিজ্ঞানী জয়ন্ত নাৰ্লিকাৰৰ লেখনিৰ উদ্ধৃতিৰে কিছু লক্ষণৰ কথা উল্লেখ কৰিছে। ভাৰ্গৱ বৰঠাকুৰদেৱেও তেখেতৰ লেখনিত এই দিশটোও উল্লেখ কৰিছে। সাধাৰণ জনতাই নিজৰ ভৱিষ্যত জীৱনৰ বিষয়ে কোনোবাই ভাল লগাকৈ কথা ক’লে মানুহে ভাল পোৱাটো স্বাভাৱিক। প্ৰতি খোজতে প্ৰত্যাহ্বান, অনিশ্চয়তাই আৱৰি থকা জীৱনত ভৱিষ্যত কি হ’ব, জানিবলৈ উৎকণ্ঠা অনুভৱ কৰে আৰু সেই সুযোগ বৰ কৌশলৰে গ্ৰহণ কৰে জ্যোতিষীয়ে। ৰাজনীতিৰ স’তে জড়িতসকলে জ্যোতিষ আৰু জ্যোতিষীৰ ওপৰত বিশ্বাস এফালে সাধাৰণ মানুহৰ মাজত ইয়াক গ্ৰহণযোগ্য, জনপ্ৰিয় কৰাৰ কৌশল যিটোৰ প্ৰয়োজনৰ কথা আমি আগতে উল্লেখ কৰি আহিছোঁ, আনহাতে প্ৰচুৰ অনিশ্চয়তা আৰু প্ৰায় বিষয়তে নীতিবৰ্হিভূত কাম কৰাৰ বাবে হোৱা মানসিক হেঁচাৰ পৰা ৰক্ষা পাবলৈ ত্ৰাণকৰ্তা হিচাবে তেওঁলোকে এক অলৌকিক শক্তি, পূজা-পাতল আদিকে ধৰি ধৰ্মীয় কৰ্মকাণ্ড আৰু জ্যোতিষীৰ শৰণ ল’বলৈ বাধ্য হৈ পৰে। উচ্চ মধ্যবিত্ত, উচ্চ বিত্ত শ্ৰেণীৰ উদ্যোগী-ব্যৱসায়ীসকলে এই পুঁজিবাদী অৰ্থনীতিৰ প্ৰতিনিয়ত তীব্ৰ প্ৰতিযোগিতাৰ চাপত নিজৰ উদ্যোগ, ব্যৱসায়-বাণিজ্য সঠিকভাৱে চলাই নিব পাৰিবনে নোৱাৰে, তাকে লৈ মনলৈ অহা আশংকা, অনিশ্চয়তাৰ পৰা মুক্তি পাবলৈ, মানসিক সকাহ পাবলৈ ভৱিষ্যতৰ কথা ৰস লগাকৈ ক'ব জনা, বিপদ মোচনৰ বিধান দিব পাৰে বুলি বিশ্বাস জন্মোৱা জ্যোতিষীৰ আশ্ৰয় লয়। মধ্যবিত্ত,উচ্চ মধ্যবিত্ত, উচ্চবিত্ত শ্ৰেণীৰ আমোলা-বিষয়া, কৰ্মচাৰীৰো এক বুজনসংখ্যকে নিজৰ নিজৰ কেৰিয়াৰৰ স্বাৰ্থতে হওক নাইবা কম সময়ত, কম কষ্টত অধিক ধন ঘটাৰ স্বাৰ্থতে হওক, বিভিন্ন সময়ত কৰি অহা দুৰ্নীতি, অনিয়মৰ বাবে হোৱা কেতিয়াবা বিবেক-দংশন, আন কেতিয়াবা ধৰা পৰাৰ ভয় বা আতংকৰ বাবেই জ্যোতিষীৰ ওচৰ চাপি বিধান বিচাৰে। বৈষয়িক আৰু পদোন্নতিৰ বাবেও জ্যোতিষীৰ বিধান মানিবলৈ উদগ্ৰীৱ হৈ পৰে। সাধাৰণ মানুহতকৈ এই শ্ৰেণীসমূহৰ অন্তৰ্ভুক্ত মানুহৰ মাজত জ্যোতিষীৰ জনপ্ৰিয়তা সেয়েহে বেছি চকুত লগা। বহু দামী ৰত্ন ধাৰণ কৰিবলৈও এওঁলোকৰ যিহেতু আৰ্থিক সামৰ্থ্যও থাকে যিটো সাধাৰণ শ্ৰেণী মানুহৰ নাথাকে। এফালে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ শেহতীয়া অগ্ৰগতি, চমকপ্ৰদ আৱিষ্কাৰ, উদ্ভাৱনে নিতে নতুন নতুন বিলাসী সামগ্ৰীৰে আমাৰ দৈনন্দিন জীৱনযাত্ৰা সহজ আৰু অতি আৰামদায়ক কৰি তুলিছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ এই জয়যাত্ৰাৰ আঁৰত যিসকল বিজ্ঞান সাধকৰ নিৰলস সাধনা,সীমাহীন ত্যাগ, অক্লান্ত পৰিশ্ৰম নিহিত হৈ আছে, সেইকথা বিজ্ঞানে আনি দিয়া সীমাহীন সুবিধা উপভোগ কৰাৰ সময়ত মনলৈ নহাটোৱেই স্বাভাৱিক। পাতনিতে উল্লেখ কৰা বিজ্ঞানী ফাইনমেনৰ ধৰ্ম আৰু বিজ্ঞান সম্পৰ্কে কৰা সেই বিখ্যাত উক্তিটো আকৌ মনত পেলাব বিচাৰিছো। “বিজ্ঞান হৈছে “culture of doubt” অতি সঁচা কথা,এই culture of doubtৰ বাবেই মানুহৰ সভ্যতাৰ অৰ্থেই চমকপ্ৰদ অগ্ৰগতি সম্ভৱ হ’ল, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই আপোনাৰ-মোৰ জীৱনযাত্ৰাক ইমান সহজ আৰু আৰামদায়ক কৰি তুলিব পাৰিছে।আমি কেতিয়াবা ভাবি চাইছোনে যে যদি মানুহে প্ৰকৃতিৰ বিভিন্ন পৰিঘটনাক কোনো অলৌকিক শক্তিৰ দ্বাৰা সংঘটিত হৈছে বুলিয়েই চিৰদিন ভাবি থাকিলেহেঁতেন, তেন্তে মানুহৰ সভ্যতাৰ বিকাশ সম্ভৱ হ’লহেঁতেন নে? কেতিয়াও নহ'লহেঁতেন।এই যে মানুহৰ মাজৰ এটা চামে নিজকে নিজে প্ৰশ্ন সুধিবলৈ ল'লে, উত্তৰ বিচাৰি সাধনাত লিপ্ত হ’ল, যুগে যুগে মানুহৰ এই প্ৰশ্নৰ উত্তৰ বিচৰাৰ প্ৰয়াস, culture of doubtয়ে সম্ভৱ কৰি তুলিলে মানুহৰ সভ্যতাৰ জয়যাত্ৰা।গতিকে সংখ্যাত তাকৰ হ'লেও সেই এচাম মানুহ যাক আমি আজি বিজ্ঞানমনস্ক ব্যক্তি বা বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী বুলি অভিহিত কৰিছোঁ, সেইসকলৰ বাবেই সম্ভৱ হৈছে মানুহৰ সভ্যতাৰ অগ্ৰগতি।আজি আমাৰ জীৱনযাত্ৰা সুচল কৰি তোলাৰ বাবে আমি সেইসকলৰ ওচৰত চিৰকৃতজ্ঞ হোৱা উচিত। কিন্তু মানুহৰ সভ্যতাৰ ইতিহাসৰ অত্যন্ত পৰিতাপৰ বিষয় এই যে এইসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ বা তেওঁলোকৰ সীমাহীন ত্যাগক স্বীকৃতি দিয়াটো দূৰৈৰ কথা, বিভিন্ন সময়ত তেওঁলোকৰ মাজৰ অনেকেই জীৱনৰ চৰম মূল্য ভৰিব লগা হৈছিল অন্ধবিশ্বাস-কুসংস্কাৰ, ধৰ্মীয় গোড়ামিৰে মানুহক সদায় অন্ধকাৰত ৰাখি নিজৰ স্বাৰ্থ সুৰক্ষিত কৰি ৰাখিব বিচৰা শক্তিশালী শাসক আৰু পুৰোহিত গোষ্ঠীৰ হাতত। তাৰ উদাহৰণ তেতিয়াৰ গেলিলিও, জিওৰ্দানো ব্ৰুনোৰ পৰা আৰম্ভ কৰি সৌসিদিনাৰ আমাৰ দেশৰ নৰেন্দ্ৰ ডাভোলকাৰ, গোবিন্দ পানছেৰ, কালবুৰ্গী, গৌৰী লংকেশলৈকে অনেকজনে প্ৰাণ দিব লগা হৈছে! তেওঁলোকৰ অপৰাধ সমাজত প্ৰচলিত ধাৰণাৰ বিপৰীতে, বিজ্ঞান মনস্কতাৰ সপক্ষে আৰু ধৰ্মীয় গোড়ামি, অন্ধবিশ্বাস-কুসংস্কাৰৰ বিৰুদ্ধে কথা কোৱা, কাম কৰা, পৰীক্ষা-নিৰীক্ষা চলোৱাটো। অথচ এনে ব্যক্তি এচামৰ বুদ্ধিমত্তা, সাহস আৰু ত্যাগৰ বলতে আমাৰ এই অগ্ৰগতি! একমাত্ৰ যুক্তিবাদী চিন্তা-চেতনাৰ অভাৱৰ বাবেই আমাৰ মাজৰে সৰহসংখ্যকেই আজিও বুজিবলৈ সক্ষম নহ’ল সেই সত্য।ই কম পৰিতাপৰ বিষয় নহয়! স্কুল -কলেজ-বিশ্ববিদ্যালয়ৰ আনুষ্ঠানিক আধুনিক শিক্ষাৰ পৰা বঞ্চিতসকলৰ কথা বাদেই দিলোঁ, আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত আমাৰ মাজৰে অনেকজনে আঙুলিত দামী গ্ৰহ ৰত্নৰ আঙুঠি পিন্ধি হাতত অত্যাধুনিক প্ৰযুক্তিৰ বহুদামী মোবাইলত কোনো দেৱ-দেৱীৰ ফটো শ্বেয়াৰ কৰি দহ/বিশজনলৈ সেই ফটো পঠাবলৈ আনকো উপদেশ দিয়ে। তেনে কৰিলে দিনটোৰ ভিতৰতে ধন-বিত, ভাল খবৰৰ আশা কৰে, তাকে নকৰিলে বেয়া খবৰ আনকি মৃত্যু পৰ্যন্ত হ'ব পাৰে বুলি নিজেও ভয় খায়, আনকো ভয় খুৱাবলৈ চেষ্টা কৰে! ডিঙিত ডিগ্ৰীৰ মালা, হাতত আধুনিক বিজ্ঞানৰ আহিলা,কিন্তু মানসিকতা সেই মান্ধাতা যুগৰে! কিমান দুখলগা,লাজ লগা কথা! শিক্ষাৰ মূল্য, মৰ্যাদা এইয়া নে! অত্যন্ত পৰিতাপৰ বিষয় এই যে বিজ্ঞানমনস্কতাৰ অভাৱৰ বাবেই অত্যাধুনিক প্ৰযুক্তি এতিয়া ব্যৱহাৰ হৈছে অন্ধবিশ্বাস-কুসংস্কাৰৰ প্ৰচাৰৰ কামত, যাৰ কুফল ডাইনী, সোপাধৰাৰ সন্দেহত মানুহৰ হত্যা, বিভিন্ন মনে সজা উত্তেজক কাহিনীৰে সাম্প্ৰদায়িক সংঘৰ্ষ, ৰক্তপাতৰ অসংখ্য দুখলগা ঘটনা!

পুনৰ মূল বিষয় জ্যোতিষলৈ আহোঁ। বহুজনে যুক্তি দিয়ে, জ্যোতিষীয়ে দিয়া ৰত্ন-পাথৰৰ আঙুঠি, বিধান, পীৰ-বাবা-ফকীৰ, সাধু-সন্ত, কবিৰাজে দিয়া বিধানে যদি মানসিক শান্তি দিব পাৰে, "টনিক”ৰ দৰে কাম কৰিব পাৰে, তেন্তে আমি আপত্তি কৰিবলৈ কি আছে? দেখাত একেবাৰে সহজ-সৰল যুক্তি! কিন্তু ই হ’ল সহজ সৰলভাৱে দিয়া আটাইতকৈ ভয়ানক কু-যুক্তি। কাৰণ ইয়াৰ দ্বাৰা মানুহৰ যুক্তিবাদী মন, চিন্তা-চেতনাক কলিতে মোহাৰি পেলাবলৈ চেষ্টা চলোৱা হৈছে। এইধৰণে প্ৰতিটো কথা,জীৱনত আহি পৰা সমস্যা সি ব্যক্তিগত, পাৰিবাৰিক বা সামাজিক, যি সমস্যাই নহওক লাগে, ভালকৈ চালিজাৰি চাই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ মানুহক অক্ষম কৰি তুলিব, নিজৰ কপাল,ভাগ্য বা অদৃষ্টৰ লিখন বুলি ভাবিবলৈ লোৱা মানুহে চিৰদিনৰ বাবেই আত্মবিশ্বাস হেৰুৱাই পেলাব। ফলত তেনে মানুহ সদায়ে কাৰোবাৰ নহয় কাৰোবাৰ অন্যায়, প্ৰতাৰণা আৰু শোষণৰ বলি হৈয়ে থাকিব। আত্মপ্ৰত্যয় হেৰুৱাই সাধাৰণ সমস্যা এটাকো কোনোবা অপদেৱতাৰ কোপদৃষ্টিৰ বাবে বা গ্ৰহৰ কু প্ৰভাৱত হোৱা বুলি ধৰি লোৱাৰ ফলত এফালে মানসিক অশান্তি বাঢ়িব, আনফালে সময়ত সমস্যাৰ সঠিক সমাধানৰ বাবে চিন্তা নকৰা বাবে সমস্যাৰ গভীৰতাই দিশহাৰা কৰি তুলিব। এনেধৰণৰ বিভ্ৰান্তিৰ পৰা নিজকে বচোৱাৰ একমাত্ৰ উপায় হৈছে সকলো কথা যুক্তিৰে চালিজাৰি চাবলৈ শিকা,নিজৰ বিদ্যা,বুদ্ধি; সামৰ্থৰ ওপৰত আস্থা বঢ়োৱা।বিজ্ঞানমনস্কতাৰ প্ৰসাৰৰ বাবে কাম কৰি থকা সকলেও বহু কাম কৰিবলগীয়া আছে।

“অতিথি সম্পাদকৰ চ’ৰা” সম্পাদনাৰ কামত সময়োচিত দিহা-পৰামৰ্শৰে সহায় কৰা ডঃ কৌশিক দাস, ডঃ বৰ্ণালী বৰুৱা দাস আৰু ভাৰ্গৱ বৰঠাকুৰলৈ অশেষ ধন্যবাদ। আমাৰ অনুৰোধ ৰক্ষা কৰি নিজৰ অনেক ব্যস্ততাৰ মাজতো মূল্যৱান লেখা আগ বঢ়োৱা প্ৰতিগৰাকী লেখক-লেখিকালৈ আন্তৰিক ধন্যবাদ জনালোঁ। সৰ্বশেষত সমাজত যুক্তিবাদী চিন্তা-চেতনা, বিজ্ঞান মানসিকতা প্ৰসাৰৰ আমাৰ এই ক্ষুদ্ৰ প্ৰয়াসক পাঠক সমাজে আদৰি ল'ব বুলি আশা আৰু প্ৰত্যয়ৰে সকলোলৈকে ধন্যবাদ জনাই ক'বলগীয়াখিনি ইমানতে সামৰিলোঁ।

Share Button
Print Friendly, PDF & Email

No Comments : "জ্যোতিষশাস্ত্ৰ আৰু জ্যোতিৰ্বিজ্ঞান, বিজ্ঞানমনস্কতা আৰু আমি -(ৰঞ্জিত ভূঞা)"

Leave a Comment

Your email address will not be published. Required fields are marked *