অসমত বৰ্ষাৰণ্যৰ সুষমা (ড০ নৱ কুমাৰ চমুৱা)

পৃথিৱীৰ বিষুৱৰেখাৰ দুয়োফালে অৰ্থাৎ কৰ্কট ক্রান্তি আৰু মকৰ ক্রান্তিৰ মাজৰ অঞ্চলক ক্রান্তীয় অঞ্চল নামেৰে জনা যায়৷ এনে অঞ্চলত দেখিবলৈ পোৱা অৰণ্যৰাজিক ক্রান্তীয় অৰণ্য বা ট্ৰ'পিকেল ৰেইন ফৰেষ্ট বুলি কোৱা হয়৷  এই অৰণ্য অঞ্চলক পৃথিৱীৰ আটাইতকৈ সমৃদ্ধিশালী আৰু চহকী অৰণ্য হিচাপে চিহ্নিত কৰা হৈছে৷ পৃথিৱীৰ সকলো অৰণ্যৰ ভিতৰতে চহকী এই অৰণ্যকেই কোৱা হৈছে—বৰ্ষাৰণ্য৷

বৰ্ষাৰণ্য বা ৰেইন ফৰেষ্ট হৈছে এনে এক অৰণ্য,--য'ত অনবৰতে সেমেকা বাতাবৰণে বিৰাজ কৰে৷ এনে অৰণ্যবিশিষ্ট অঞ্চলত বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ আশী ইঞ্চিতকৈও বেছি হোৱা দেখা যায়৷ এনে অৰণ্যক বুজাবলৈ ১৮৯৮ চনত এজন জাৰ্মান উদ্ভিদবিদে পোনপ্ৰথম ৰেইনফৰেষ্ট শব্দটো ব্যৱহাৰ কৰিছিল৷ জৈৱবৈচিত্ৰ্যত অতি সমৃদ্ধ৷ এনে অঞ্চল বছৰটোৰ সকলো সময় আৰ্দ্ৰ হৈ থাকে৷ ফলত বিভিন্ন প্ৰজাতিৰ বৃক্ষ, তৃণ, লতা আৰু প্ৰাণীৰ জন্ম আৰু বৃদ্ধিৰ অনুকুল পৰিৱেশৰ সৃষ্টি কৰে৷ বিভিন্ন প্ৰাণীৰ জন্ম আৰু বিকাশৰ অনুকুল পৰিৱেশৰ আবাসস্থল এনে অৰণ্যৰ সূৰ্যৰ ৰশ্মিয়ে চুই যোৱা শীৰ্ষস্তৰৰ পাতৰপৰা শেলুৱৈয়ে আৱৰা ভূমি সংলগ্ন স্তৰৰ শিপা আৰু জলাশয়ৰ অন্তৰ্ভাগৰলৈকে বৰ্ষাৰণ্যৰ প্ৰতিটো স্তৰেই বিভিন্ন প্ৰজাতিৰ জীৱকুলৰ আশ্ৰয়স্থল৷ পৃথিৱীৰ প্ৰায় দুই লাখ পঁচিশ হাজাৰ প্ৰজাতিৰ উদ্ভিদ আৰু বাৰ লাখ প্ৰজাতিৰ প্ৰাণীকুলৰ সৰহভাগৰে বাসস্থান এই বৰ্ষাৰণ্য৷ তদুপৰি, বিশ্বৰ প্ৰায় পঞ্চাশ কোটি মানুহ প্ৰত্যক্ষ বা পৰোক্ষভাৱে বৰ্ষাৰণ্যৰ ওপৰত নিৰ্ভৰশীল৷ এই বৰ্ষাৰণ্যবোৰ ধ্বংস হোৱা মানে পৃথিৱীৰ প্ৰায় আধা অংশ উদ্ভিদ আৰু প্ৰাণী চিৰকাললৈ লুপ্ত হোৱা৷

এই বৰ্ষাৰণ্যসমূহৰ কিছুমান বিশেষ বৈশিষ্ট্য আছে৷ সেই বৈশিষ্ট্যবোৰৰ ভিতৰত --যিবোৰ অৰণ্য অঞ্চল বছৰৰ বেছিভাগ সময়েই সেমেকা হৈ থাকে আৰু এটা সেমেকা বাতাবৰণতহে এনে অৰণ্যৰ গঠন প্ৰক্রিয়া নিৰ্ভৰ কৰে৷ এনে অৰণ্যৰ উদ্ভিদৰাজিৰ চাৰিটা প্ৰধান স্তৰ পৰিলক্ষিত হয়৷ এনে অৰণ্যত ডাঙৰ গছ, জোপোহা, গুল্ম, ঢেঁকীয়া, শেলুৱৈজাতীয় উদ্ভিদৰ লগতে আন আন গছৰ সমাহাৰত এক জটিল তৰপৰ সৃষ্টি হয়৷ এই বহু তৰপীয়া অৱস্থাটো ঠাইভেদে ভিন্ন হোৱাৰ বাবে এই অৰণ্যৰ উদ্ভিদবোৰৰ চাৰিটা স্তৰ পৰিলক্ষিত হয়৷ এই চাৰিপ্ৰকাৰৰ উদ্ভিদ-স্তৰ থকাৰ বাবে সেয়েহে, সাধাৰণ অৰণ্যতকৈ বৰ্ষাৰণ্যৰ সেউজৰ মাত্ৰা বেছি হয়৷ এশ বৰ্গকিলোমিটাৰৰ এখন বৰ্ষাৰণ্য চাৰিশ বৰ্গকিলোমিটাৰৰ এখন সাধাৰণ অৰণ্যৰ সমান বুলি ক'ব পাৰি৷

বৰ্ষাৰণ্যৰ যি চাৰিটা স্তৰৰ কথা কোৱা হৈছে, তাৰ ভিতৰত আটাইতকৈ ওপৰৰ স্তৰটো শীৰ্ষস্তৰ বা ইমাৰজেন্ট লেয়াৰ৷ শীৰ্ষস্তৰৰ গছবোৰ সাধাৰণতে ১১৫ ফুটৰপৰা ১৫০ ফুট পৰ্যন্ত ওখ হয়৷ এইধৰণৰ বৃক্ষ প্ৰতি একৰত দুজোপামানহে দেখা যায়৷ এনেধৰণৰ বৃক্ষৰ পাতবোৰ সৰু আৰু দেখাত এটা মেলি থোৱা ছাতিৰ দৰে, গা-গছডাল ওখ আৰু খীণ৷ হোলোং, মেকাই আদি এইশ্ৰেণীৰ গছ৷

শীৰ্ষস্তৰৰ ঠিক তলতে যিটো স্তৰ দেখিবলৈ পোৱা যায়, তাক কোৱা হয় মধ্যস্তৰ বা কেনপী লেয়াৰ৷ এই স্তৰৰ গছবোৰৰ শীৰ্ষভাগ সাধাৰণতে চেপেটা আৰু ৬৫ৰপৰা ১০০ ফুট পৰ্যন্ত ওখ হয়৷ শীৰ্ষ স্তৰ আৰু মধ্যস্তৰৰ বৃক্ষই সমগ্ৰ অৰণ্যখনকে এটা বৃহৎ ছাতিৰদৰে ঢাকি ৰাখে৷ এই দুইস্তৰৰ গছৰ পাতবোৰে সূৰ্যৰ বেছিভাগ ৰশ্মি আহৰণ কৰে৷ কেৱল দুইৰপৰা পাঁচ শতাংশমান ৰশ্মিহে এই স্তৰৰ মাজেৰে পাৰ হৈ অৰণ্যৰ ভূমিভাগত পৰে৷

মধ্যস্তৰৰ কিছুমান অপৈণত গছ আৰু কিছুসংখ্যক জোপোহা গছৰ সমষ্টিৰে গঠিত হৈছে বৰ্ষাৰণ্যৰ তৃতীয় উদ্ভিদ-স্তৰ নিম্নস্তৰ বা আণ্ডাৰষ্টেৰী লেয়াৰ৷ এই স্তৰৰ গছবোৰ সাধাৰণতে ১৫ৰপৰা ২০ ফুটলৈকে ওখ হয়৷

বৰ্ষাৰণ্যৰ বৈশিষ্ট্য প্ৰকাশক উদ্ভিদ-স্তৰৰ চতুৰ্থ স্তৰটো ভূমিসংলগ্ন স্তৰ বা হাৰ্ব লেয়াৰ৷ এই স্তৰ সাধাৰণতে বিভিন্ন উদ্ভিদেৰে পৰিপূৰ্ণ হৈ থাকে৷ বিবিধ প্ৰজাতিৰ ঢেঁকীয়াজাতীয় উদ্ভিদ, গুল্মজাতীয় উদ্ভিদ, হৰেক প্ৰজাতিৰ কচু, বেত, বনৰীয়া কল, ঘাঁহজাতীয় উদ্ভিদ দেখিবলৈ পোৱা যায়৷

পৃথিৱীৰ আটাইতকৈ সমৃদ্ধিশালী অৰণ্য বৰ্ষাৰণ্যত দেখা পোৱা জৈৱবৈচিত্ৰ্য অন্যান্য অৰণ্যত পোৱা নাযায়৷ কিন্তু পৰিতাপৰ বিষয় হ'ল--সমগ্ৰ পৃথিৱীতে বৰ্ষাৰণ্যৰ পৰিমাণ মাত্ৰ সাত শতাংশহে৷ যোৱা কেইবছৰমানৰ আগতে পৃথিৱীৰ উপৰিভাগত প্ৰায় বিশ শতাংশ এনে অৰণ্য আছিল৷ তদুপৰি সমগ্ৰ বিশ্বৰ প্ৰায় পঞ্চাশখন দেশতে বৰ্ষাৰণ্যৰ প্ৰসাৰতা মন কৰিবলগীয়া আছিল যদিও তিনিখন দেশতহে ইয়াৰ অস্তিত্ব বিচাৰি পোৱা গৈছিল৷ সেই দেশকেইখন হ'ল-- ব্ৰাজিল(৩৩%), জেইৰী (১০%) আৰু ইণ্ডোনেচিয়া(১০%)৷ বিশ্বৰ মুঠ ৮৫খন ৰাষ্ট্ৰত বৰ্ষাৰণ্যৰ প্ৰায় ৯০% বিয়পি আছে৷ ইয়াৰে প্ৰতিখন ৰাষ্ট্ৰৰ গড়ে দহ মিলিয়ন হেক্টৰ মাটি বৰ্ষাৰণ্যই আগুৰি আছে৷

বৰ্ষাৰণ্যই হৈছে পৃথিৱীৰ বহুতো আপুৰুগীয়া বন্যপ্ৰাণীৰ বাসস্থান৷ সেয়েহে এনে অৰণ্যত প্ৰাণ প্ৰাচুৰ্যও বেছি পৰিলক্ষিত হয়৷ আনহাতে বৰ্ষাৰণ্য পৃথিৱীৰ জৈৱবৈচিত্ৰ্যৰ ভাণ্ডাৰ৷ ই হাজাৰ হাজাৰ প্ৰজাতিৰ ঔষধি উদ্ভিদৰো বাসস্থান৷ মানুহৰ ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বৰ্ষাৰণ্যবোৰে ভৱিষ্যতে ঔষধৰ ভঁৰাল হিচাপে কাম কৰিব৷ বৰ্ষাৰণ্যক বিজ্ঞানীমহলে সেয়েহে জীৱন্ত পৰীক্ষাগাৰ বুলিও আখ্যা দিছে৷

বৰ্ষাৰণ্যত আছে মানুহৰ বিকল্প খাদ্য৷ এতিয়াও বৰ্ষাৰণ্যত হাজাৰ হাজাৰ প্ৰজাতিৰ উদ্ভিদ, ফল-মূল ইত্যাদি আছে, যিবোৰ মানুহে এসময়ত ব্যাপক হাৰত খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰে৷ এই অজান, অনাৱিষ্কৃত খাদ্য সম্ভাৰে ভৱিষ্যত প্ৰজন্মৰ ক্ষুধা নিবাৰণ কৰিব আৰু পুষ্টিৰ যোগান ধৰিব৷

জলবায়ু আৰু পৰিৱেশ নিয়ন্ত্ৰণতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে বৰ্ষাৰণ্যই৷ বৰ্ষাৰণ্যৰ প্ৰভাৱতে এক বিস্তীৰ্ণ অঞ্চলৰ জলবায়ু আৰু ভূমিভাগ আৰ্দ্ৰ হৈ থাকে৷ তদুপৰি এই অৰণ্যৰপৰা উৎপন্ন হোৱা জৈৱসাৰে পৰোক্ষভাৱে আমাৰ কৃষি-মাটিক হাজাৰ হাজাৰ বছৰ ধৰি উৰ্বৰ কৰি ৰখাত সহায় কৰে৷ ভূ-গৰ্ভস্থ পানীৰ নিয়ন্ত্ৰণতো এই বৰ্ষাৰণ্যই অনুকুল ভূমিকা পালন কৰি আহিছে৷

যিকেইটা উদ্ভিদ-স্তৰে বৰ্ষাৰণ্যক সমৃদ্ধি দান কৰিছে, সেই আটাইকেইটা স্তৰতেই বিভিন্ন প্ৰজাতিৰ প্ৰাণীয়েও  সিহঁতৰ বাসস্থান হিচাপে বাচি লৈছে৷ প্ৰজাতি অনুসৰি প্ৰাণীসমূহকো জীয়াই থাকিবৰ বাবে ভিন্ন পৰিৱেশৰ প্ৰয়োজন হয়৷ বৰ্ষাৰণ্যত চাৰিধৰণৰ উদ্ভিদ-স্তৰবিশিষ্ট পৰিৱেশ বিৰাজমান বাবে প্ৰতিটো স্তৰতেই বিবিধ প্ৰজাতিৰ প্ৰাণীয়ে নিজৰ জীৱানুকুল বাতাবৰণ তৈয়াৰ কৰি সমস্ত অৰণ্যখনকেই সৌন্দৰ্যমন্দিত কৰি তোলে৷ গতিকে বিভিন্ন স্তৰৰ উদ্ভিদ আৰু প্ৰাণীকুলে কেৱল বৰ্ষাৰণ্যত জীয়াই থকাই নহয়, এই গোটেইবোৰৰ সমষ্টিয়েই হৈছে--ৰেইন ফৰেষ্ট বা বৰ্ষাৰণ্য৷ ইয়াৰ প্ৰতিটো জীৱই ইটোৰ-সিটোৰ ওপৰত নিৰ্ভৰশীল আৰু পৰিস্থিতিতন্ত্ৰটোৰ ভাৰসাম্য ৰক্ষাত ইয়াৰ প্ৰতিটো সদস্যৰ গুৰুত্ব অপৰিসীম৷

অভয়াৰণ্য হিচাপে স্বীকৃত দিহিং-পাটকাই অসমৰ প্ৰথমখন বৰ্ষাৰণ্য৷ ২০০৪ চনৰ ১৩ জুনত জয়পুৰ, ডিৰাক আৰু আপাৰ দিহিঙৰ ১১১.১৯ বৰ্গকিলোমিটাৰ সাঙুৰি দিহিং-পাটকাই অভয়াৰণ্য ঘোষণা কৰে৷ দিহিং-পাটকাইৰ সমগ্ৰ অঞ্চলটোত ৪২ বিধ স্তন্যপায়ী প্ৰাণী, ২৯৩ বিধ বনৰীয়া চৰাই, ৪০ বিধ সৰীসৃপ আৰু উভচৰ, ৩০ বিধ পখিলা চিনাক্ত কৰা হৈছে৷ এই বৰ্ষাৰণ্য পৃথিৱীৰ ভিতৰতে বান্দৰজাতীয় প্ৰাণীৰ অন্যতম সৰ্বোৎকৃষ্ট বাসস্থান৷ এই বনাঞ্চলত হলৌ বান্দৰকে ধৰি লাজুকী বান্দৰ, গাহৰিনেজীয়া বান্দৰ, টুপীমূৰীয়া বান্দৰ, হাতী, বাঘ, বনগৰু, হিমালয়ৰ কেৰ্কেটুৱা, নাহৰফুটুকী, লতামাকৰী, গোধাফুটুকী, শৰপহু, বনৰৌ, কেটেলা পহু, কেঁকোৱা খোৱা নেউল, ভালুক আদি বন্যজীৱ পোৱা যায়৷ চৰাইৰ ভিতৰতো হয়কলি, ৰাজধনেশ, দেওহাঁহ, হুদু, বাঢ়ৈটোকা, সাপকটা, শেন, ঈগল, চুলটান টিট, ৰূপহী, হাইঠা ইত্যাদি পৰিদৃষ্ট৷ ভাৰতৰ ভিতৰতে কাঠনিৰ চৰাইৰ বাবে এই অঞ্চল সৰ্বপেক্ষা চহকী৷

নামচাং আৰু বুঢ়ী দিহিঙৰ সংগমস্থলী দিহিং-পাটকাই৷ সেয়েহে বিভিন্ন প্ৰজাতিৰ মাছ আৰু অভ্যন্তৰৰ পিতনিবোৰ দেওহাঁহৰ আদৰ্শ বাসস্থান৷ বিশ্বৰ সৰ্বসংখ্যক দেও হাঁহৰ সংখ্যা সংৰক্ষিত হৈ আছে এই অৰণ্যতে৷ তদুপৰি হলৌ বান্দৰৰো প্ৰধান আশ্ৰয়স্থল এই দিহিং-পাটকাই৷ হলৌ বান্দৰৰ লগতে আন ছবিধ বান্দৰজাতৰ প্ৰাণীৰ আবাসস্থল এই বৰ্ষাৰণ্য৷ এই বৰ্ষাৰণ্যত প্ৰধানকৈ হোলোং, মেকাই, ধূনা, উৰিয়াম, নাহৰ, চামকঁঠাল, ভেলু, শিমলু, ঔ টেঙা, চিধা আৰু বিভিন্ন প্ৰজাতিৰ ডিমৰু বৃক্ষ পৰিলক্ষিত হয়৷

উজনি অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত থকা এই দিহিং-পাটকাইৰ উপৰিও আন এখন সমৃদ্ধিশালী বৰ্ষাৰণ্য ধেমাজি জিলাৰ জোনাই মহকুমাত অৱস্থিত পবা বনাঞ্চল৷ ১০,২২১ হেক্টৰ বিস্তীৰ্ণ বনভূমিৰে আবৃত এই বৰ্ষাৰণ্য ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে অৰুণাচল প্ৰদেশৰ লগত সংলগ্ন৷ পবা অঞ্চলৰ উত্তৰে অৰুণাচল, উত্তৰ-পূব কোণেৰে বৈ অহা চিয়াং নৈ পশ্চিমলৈ দহ কিলোমিটাৰ বৈ গৈ ব্ৰহ্মপুত্ৰত পৰিছেগৈ৷ পূব দিশত কবু চাপৰি আৰু ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান৷ অৰুণাচলৰ দি ইৰিং, লক্ষী ৰিজাৰ্ভ আৰু ৰুকচিন মহকুমাৰ অন্তৰ্গত সংৰক্ষিত বনাঞ্চলসমূহে পবাক সংগঠিত ৰূপত ৰাখিছে৷

হোমেন বৰগোহাঞিয়ে তেওঁৰ এখন ৰচনাৰ প্ৰসংগ উত্থাপন কৰিবলৈ যাওঁতে ধেমাজি-ঢকুৱাখনাৰ এসময়ৰ প্ৰাকৃতিক পৰিৱেশৰ কথা উল্লেখ কৰিছে৷ যোৱা ছটা দশকৰ আগৰ ধেমাজি-ঢকুৱাখনাৰ সেই প্ৰাকৃতিক চিত্ৰ লিপিবদ্ধ হৈ থকা হোমেন বৰগোহাঞিৰ ৰচনাখন এখন ঐতিহাসিক লিখিত নিদৰ্শন হিচাপে অভিহিত কৰিব পাৰি৷ ৰচনাখনত তেওঁ লিখিছে যে, ঢকুৱাখনাৰপৰা ধেমাজিলৈ ২৪ মাইলৰ বাটছোৱাৰ প্ৰায় আধাভাগতে আছিল গভীৰ অৰণ্য৷ সেই চিৰসেউজ ক্রান্তীয় অৰণ্যৰ বৰ্ণনা আছে অ'ল্ডছ হাক্সলিয়ে ৱৰ্ডছৱৰ্থৰ কবিতাৰ বিষয়ে কৰা আলোচনাত৷ সেই গভীৰ অৰণ্য, যাৰ শাখা-পত্ৰ-জঁটা-জাল ভেদ কৰি সূৰ্যৰ পোহৰে কাছিৎহে মাটি স্পৰ্শ কৰিব পাৰে৷ যিসকল লোকৰ অৰণ্যৰ লগত পৰিচয় নাই, অথচ কিতাপত ব্ৰাজিল অথবা মধ্য আফ্ৰিকাৰ 'ৰেইন ফৰেষ্ট'ৰ চিত্ৰৱৎ বৰ্ণনা পঢ়িছে, তেওঁলোকে সেই অৰণ্যৰ ৰূপ অনুমান কৰি ল'ব পাৰে৷

যোৱা প্ৰায় ছটা দশকৰ পূৰ্বৰ পৰিস্থিতি আছিল সেয়া৷ সম্ভৱতঃ সমগ্ৰ জিলাখনতে তেনেধৰণৰ অৰণ্যৰ বিস্তৃতি আছিল৷ ব্ৰিটিছ শাসন কালৰ সময়ছোৱাতো এই অঞ্চল যে দুৰ্গম আছিল তাৰ উদাহৰণ পোৱা যায়৷ ধেমাজি জিলাতো যে পৃথিৱীৰ সমৃদ্ধিশালী চহকী অৰণ্যৰ নিদৰ্শন বৰ্ষাৰণ্য থাকিব পাৰে, সেয়া আমাৰ বাবে কল্পনাতীত আছিল৷

অসমৰ সমৃদ্ধিশালী অৰণ্যসমূহৰ ভিতৰত ধেমাজি জিলাৰ পবা সংৰক্ষিত বনাঞ্চল লেখত ল'বলগীয়া৷ ধেমাজিৰ একমাত্ৰ অক্ষত অৱস্থাত থকা বনাঞ্চলখনেই পবা৷ ছিয়াং, দিবং, লোহিত, ব্ৰহ্মপুত্ৰৰ উৎস নৈসমূহৰ সংগমস্থলত ই অৱস্থিত৷ ইপিনে অৰুণাচল প্ৰদেশৰ অন্তৰ্গত বিশাল বনভূমি পবাৰ লগত সংলগ্ন হৈ আছে৷ এই বনাঞ্চলক বৃটিছ চৰকাৰে ১৯২৬ চনতেই সংৰক্ষিত বনাঞ্চললৈ উন্নীত কৰে৷

2৭৪৫' উত্তৰ অক্ষাংশ আৰু ৯৫২০' পূব দ্ৰাঘিমাংশত পবা বনাঞ্চল অৱস্থিত৷ ইয়াৰ জলবায়ু ক্রান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত৷ বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ প্ৰায় ৩৬০০ মিলিমিটাৰৰপৰা ৪০০০ মিলিমিটাৰ পৰ্যন্ত হয়৷ গ্ৰীষ্মকালত সৰ্বোচ্চ ৩৫০ চেণ্টিগ্ৰেড উষ্ণতা আৰু শীতকালত সৰ্বনিম্ন ৭০ চেণ্টিগ্ৰেড উষ্ণতা পৰ্যন্ত তাপমান পোৱা যায়৷ বৰ্তমান পবা বনাঞ্চলৰ মুঠ মাটিকালিৰ ৬০ শতাংশ অৰণ্য পাহাৰৰ দাঁতি কাষৰীয়া অঞ্চলত অৱস্থিত৷ ৩০ শতাংশ এলেকা জলাহভূমি আৰু ১০ শতাংশ প্লাৱন ভূমিৰে গঠিত৷

এই বনাঞ্চলৰ ভূ-প্ৰকৃতি গঠন প্ৰণালী অসমৰ অন্যান্য অৰণ্যবোৰতকৈ সম্পূৰ্ণ পৃথক৷ ইয়াৰ বৃক্ষবিন্যাস প্ৰক্রিয়া সুকীয়া৷ পৰিৱেশবিদসকলৰ মতে পৃথিৱীৰ অন্যতম সেমেকা অঞ্চলৰূপে খ্যাত হিমালয় পৰ্বতমালাৰ জৈৱ মণ্ডলত পবা অন্তৰ্গত৷ ভাৰতৰ ভিতৰত এই মণ্ডলৰ জৈৱ বিচিত্ৰতা সবাতোকৈ উৎকৃষ্ট৷ এই জৈৱমণ্ডলৰ (Bio-sphere) দ্বাৰা প্ৰভাৱিত হোৱাৰ হেতুকে সম্ভৱতঃ পবাৰ সমগ্ৰ বনভূমিত চিৰসেউজীয়া, পৰ্ণপাতী অৰণ্য, ঘাঁহনি, তৃণজাতীয় উদ্ভিদৰ উপৰিও বনাঞ্চলত সৃষ্টি হৈছে বিশাল জলাশয় আৰু প্লাৱনভূমি৷ বনাঞ্চলৰ পাহাৰৰ দাঁতি কাষৰীয়া এলেকাত বৃহৎ বৃহৎ গছ-গছনি, লতাজাতীয় উদ্ভিদ আৰু জোপোহা বননিৰে ভৰপুৰ হৈ আছে৷ সূৰ্যৰ পোহৰেও ভেদ কৰিব নোৱাৰা ডাঠ গেজেপনি অৰণ্যই ছাতিৰ দৰে বনভূমিক ঢাকি ৰাখিছে৷ পবা বনাঞ্চলৰ আটাইতকৈ উল্লেখনীয় দিশটো হৈছে যে ইয়াত বিভিন্ন প্ৰজাতিৰ শলখ গছৰ বননি দেখিবলৈ পোৱা যায়৷ এই বননিসমূহ প্ৰাকৃতিকভাৱে বিস্তাৰিত৷ প্ৰাপ্ত তথ্যমতে অসমৰ ভিতৰতে একমাত্ৰ পবা বনাঞ্চলতহে প্ৰাকৃতিকভাৱে বংশ বিস্তাৰ হোৱা শলখ গছৰ অৰণ্য দৃশ্যমান হয়৷ তদুপৰি পবা বনাঞ্চল অকিৰ্ডৰ বাবে বিশেষকৈ বিখ্যাত৷ বিভিন্ন প্ৰজাতিৰ অৰ্কিডৰ লগতে ইয়াত মাটিত ফুলা আপুৰুগীয়া কপৌফুল (Ground orchid) পোৱা যায়৷ আনহাতে পবা বনাঞ্চলৰ প্লাৱন ভূমি অংশৰ ভূ-প্ৰকৃতিৰ গঠন প্ৰণালী সম্পূৰ্ণ সুকীয়া৷ এই অংশক ছিয়াং নদীৰ পানীয়ে বষৰ্াকালত সম্পূৰ্ণ বুৰাই পেলাই৷ নদী কাষৰীয়া উদ্ভিদবোৰৰ ৰূপ প্ৰতি বছৰে হোৱা পানীত সলনি হৈ থাকে৷ বনাঞ্চলৰ জীৱ-জন্তুবোৰ এই বিশাল ভূমি সংলগ্ন ঘাঁহনিৰ ওপৰত নিৰ্ভৰশীল৷

পবা এখন উৎকৃষ্ট বৰ্ষাৰণ্য৷ বৰ্ষাৰণ্যৰ প্ৰতিটো বৈশিষ্ট্যই পবাত দেখিবলৈ পোৱা যায়৷ পবাত এতিয়ালৈকে ২১৮ বিধ বনৰীয়া চৰাই, ২১ বিধ স্তন্যপায়ী প্ৰাণী, ২৬০ বিধ বৃক্ষ আৰু অলেখ প্ৰজাতিৰ পখিলাৰ সন্ধান পোৱা গৈছে৷ পবা বনভূমিত নদী কাষৰীয়া অৰণ্যৰ বৈশিষ্ট্য দেখিবলৈ পোৱা যায়৷ পবাৰ কাষেৰে বৈ যোৱা চিয়াং নৈয়ে পবাক ভৰপূৰ উপাচাৰ প্ৰদান কৰিছে৷ চিয়াংপৰীয়া পবাৰ অঞ্চল বিশেষত প্ৰচুৰ শিমলু গছ দেখিবলৈ পোৱা যায়৷

পবাৰ পূব দিশে ব্ৰহ্মপুত্ৰৰ মাজত অৱস্থিত ব্ৰহ্মপুত্ৰৰ দ্বিতীয় বৃহৎ নদীদ্বীপ কবু চাপৰি৷ এটা সময়ত  কবু চাপৰি বনৰীয়া ম'হৰ আবাসস্থল আছিল৷ এতিয়াও কবু চাপৰিৰ জৈৱবৈচিত্ৰ্য চকুত লগা৷ এই কবু চাপৰিৰ পূবলৈ ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান৷ পবাৰ উত্তৰ দিশত থকা অৰুণাচলৰ অখণ্ড বনভূমি আৰু পবা, কবু চাপৰি, ডিব্ৰু ছৈখোৱা --এই চাৰিওখন অৰণ্যভূমি যেন একেডাল সূতাৰে গঁথা৷ পবাক কেন্দ্ৰ কৰি এই বনাঞ্চল কেইখনে সমকোণী অৱস্থান গ্ৰহণ কৰিছে৷ বন্যপ্ৰাণীসমূহে পবা আৰু কবু চাপৰিক কৰিদ'ৰ হিচাপে গ্ৰহণ কৰি আহিছে৷ আপুৰুগীয়া বন্যপ্ৰাণীসমূহে কবু চাপৰিক কৰিদ'ৰ হিচাপে ব্যৱহাৰ কৰি পবা বনাঞ্চলত বিচৰণ কৰে আৰু অৰুণাচলৰ অবিচ্ছিন্ন অৰণ্যৰ লগত সম্পৰ্ক-সূত্ৰ স্থাপন কৰে৷

অনেক পৰিভ্ৰমী পক্ষীৰ বাবে পবা আৰু চিয়াং নৈৰ উপকণ্ঠ অঞ্চল আদৰ্শ বিচৰণভূমি৷ পবা বনাঞ্চলত দেখা যায় বিবিধ প্ৰজাতিৰ উদ্ভিদ, তৰু লতা আৰু অকিৰ্ডৰ সুষম সমাহাৰ৷ কচু, ঢেঁকীয়াপৰা গুল্ম আৰু ডাঙৰ জোপোহা গছৰ সমৃদ্ধি পবাত লক্ষণীয়৷ ঔষধি উদ্ভিদৰ ক্ষেত্ৰতো পবা অত্যন্ত চহকী৷ তদুপৰি জলাহভূমিসমূহত মাছ, কাছ, জলজ উদ্ভিদৰ প্ৰাচুৰ্য মনকৰিবলগীয়া৷

দিহিং-পাটকাইৰ পিছতে অসমত সন্ধান পোৱা দ্বিতীয়খন বৰ্ষাৰণ্যই হৈছে পবা৷ এই বৰ্ষাৰণ্যখনকো মানৱ জাতিৰ হিতাৰ্থে, স্থায়ী সংৰক্ষণৰ উদ্দেশ্যে অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়াৰ সময় আহি পৰিছে৷ অনেক সংকট আৰু দুৰ্ভাৱনাৰ মাজত দিন কটোৱা পবাক অচিৰেই অভয়াৰণ্য হিচাপে ঘোষণা কৰিলে, অসমৰ প্ৰাকৃতিক, অৰ্থনৈতিক আৰু পৰ্যটন উদ্যোগেও নতুন মোৰ ল'ব৷

Share Button
Print Friendly, PDF & Email

No Comments : "অসমত বৰ্ষাৰণ্যৰ সুষমা (ড০ নৱ কুমাৰ চমুৱা)"

Leave a Comment

Your email address will not be published. Required fields are marked *