বেংমৰাৰ বুৰঞ্জী

(এক)

১৯৬৪ চনৰ এপ্ৰিল মাহত, ভাৰতে স্বাধীনতা লাভ কৰা প্ৰায় ১৭ বছৰৰ পাছত উজনি অসমৰ এগৰাকী স্বাধীনমনা ব্যক্তিয়ে নতুন দিল্লীত উপস্থিত হৈ তদানীন্তন ভাৰতৰ ৰাষ্ট্ৰপতি সৰ্বেপল্লী ৰাধাকৃষ্ণণক সাক্ষাৎ কৰি এখন স্মাৰক-পত্ৰ দাখিল কৰিলে৷ স্মাৰক-পত্ৰত উল্লেখ কৰা তেওঁৰ মূল দাবীটো আছিল – উত্তৰাধিকাৰী সূত্ৰে পাবলগীয়া এসময়ৰ বেংমৰা ৰাজ্যখন নহ'লেও অন্ততঃ তিনিচুকীয়া নগৰখন তেওঁক শাসন কৰিবলৈ এৰি দিব লাগে৷ প্ৰথমাৱস্থাত ৰাধাকৃষ্ণণে হয়তো সেই স্মাৰক-পত্ৰখন পঢ়ি উক্ত ব্যক্তিগৰাকীক মানসিক বিকাৰগ্ৰস্ত বুলিয়েই ভাবিছিল৷ কিন্তু তেওঁৰ লগত কথা-বতৰা পাতি আৰু পুৰণি নথি-পত্ৰ পৰীক্ষা কৰি বুজিব পাৰিলে যে ব্যক্তিগৰাকী সঁচাকৈয়ে ইংৰাজৰ দিনৰপৰা ৰাজপেঞ্চন ভোগ কৰি অহা এসময়ৰ এখন স্বাধীন ৰাজ্যৰ উত্তৰাধিকাৰী৷ ৰাষ্ট্ৰপতিয়ে লগে লগে কেন্দ্ৰীয় চৰকাৰলৈ এই নিৰ্দেশ প্ৰেৰণ কৰিলে যে অসম চৰকাৰৰ সৈতে যোগাযোগ কৰি এই সম্পৰ্কত কোনো এক নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হ'ব লাগে৷ কিন্তু কেন্দ্ৰীয় চৰকাৰৰপৰা কোনো আশানুৰূপ সঁহাৰি লাভ নকৰাত ব্যক্তিজনে তিনি বছৰৰ পাছত অৰ্থাৎ ১৯৬৭ চনৰ মাৰ্চ মাহত পুনৰ নতুন দিল্লীলৈ ৰাওনা হ'ল৷ নিজৰ হৃত ৰাজ্য ঘূৰাই বিচাৰি ভাৰত চৰকাৰৰ তদানীন্তন গৃহমন্ত্ৰী গুলজাৰিলাল নন্দৰ হাতত দ্বিতীয়খন স্মাৰক-পত্ৰ দাখিল কৰিলে৷ এইবাৰ ভাৰত চৰকাৰে স্পষ্টভাৱে জনাই দিলে যে স্বাধীন ভাৰতত ৰজা-মহাৰজাৰ দিন উকলিল, কোনো ৰাজ পৰিয়ালকে উপৰিপুৰুষৰ ৰাজ্য ঘূৰাই দিয়া সম্ভৱ নহয়৷ এই কথাত স্বাধীনমনা ব্যক্তিগৰাকী স্বাভাৱিকতে অসন্তুষ্ট হৈছিল, বিফল মনোৰথেৰে গৃহভূমিলৈ উভতি আহিলেও উপৰিপুৰুষৰ হৃত ৰাজ্য উদ্ধাৰৰ সপোন তেওঁ ত্যাগ কৰিব পৰা নাছিল আৰু সেই অপূৰ্ণ সপোন বুকুত সাবটিয়েই তেওঁ ১৯৭৩ চনৰ ৭ মাৰ্চত এই পৃথিৱীৰপৰা বিদায় ল'লে৷

উল্লিখিত ব্যক্তিগৰাকী হ'ল আধুনিক অসম বুৰঞ্জীৰ এক উপেক্ষিত চৰিত্ৰ ৰাজকুমাৰ লংকেশ্বৰ গোহাঁই৷ কেৱল লংকেশ্বৰ গোহাঁয়েই নহয়, তেওঁৰ উপৰিপুৰুষ তথা বেংমৰা ৰাজ্যৰ ৰজা সৰ্বানন্দ সিংহও অসমৰ ঐতিহাসিকসকলৰ দৃষ্টিত অদ্যপি উপেক্ষিত হৈয়ে ৰৈছে৷

(দুই)

বুৰঞ্জীৰ ছাত্ৰ মাত্ৰেই মোৱামৰীয়া বিদ্ৰোহৰ বিষয়ে অৱগত৷ শিৱসিংহ ৰজা (১৭১৪-১৭৪৪)ৰ দিনতে উমি উমি জ্বলি উঠা মোৱামৰীয়া বিদ্ৰোহৰ জুয়ে গৌৰীনাথ সিংহ (১৭৮০–১৭৯৫)ৰ দিনত ব্যাপক ৰূপ ধাৰণ কৰিছিল৷ এই বিদ্ৰোহত সাধাৰণ প্ৰজায়ো সদলবলে অংশগ্ৰহণ কৰাৰ ফলত একালৰ প্ৰবল প্ৰতাপী আহোম ৰাজশক্তি ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিছিল৷ মোৱামৰীয়া বিদ্ৰোহৰ সুযোগ লৈ অসমৰ বিভিন্ন প্ৰান্তত, বিশেষকৈ কামৰূপত হৰদত্ত বুজৰবৰুৱা, দৰঙত কৃষ্ণনাৰায়ণ, শদিয়াত খামতি জনগোষ্ঠী আদিয়েও আহোম ৰাজশক্তিৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ কৰিছিল৷ ৰাজ্যৰ চৌদিশে ইটো-সিটোকৈ মূৰ দাঙি উঠা বিদ্ৰোহবোৰে আহোম ৰাজশক্তিক অস্থিৰ কৰি ৰখাৰ সময়তে বৰ্তমান তিনিচুকীয়া জিলাৰ চাংমাই পথাৰত এগৰাকী মোৱামৰীয়া বিদ্ৰোহী তথা প্ৰভাৱশালী ব্যক্তি মেজেৰাই ‘বেংমৰা’ নামৰ এখন নগৰ স্থাপন কৰিছিল আৰু কালক্ৰমত সেই বেংমৰা নগৰক কেন্দ্ৰ কৰিয়েই প্ৰায় আশী হাজাৰ পূৰা মাটিকালিৰে স্বাধীন বেংমৰা ৰাজ্য গঢ় লৈ উঠিছিল৷ উল্লেখ্য যে মেজেৰাৰ আজোককাক আছিল মধুৰি, শদিয়াৰ ফালৰ চুতীয়া ৰাজবংশৰ লোক৷ মধুৰিৰ দুই পুত্ৰ হ'ল – সৰ্পসিন্ধু আৰু মৰুৎনন্দন৷ এই মৰুৎনন্দনৰ দ্বিতীয় পত্নীৰ সন্তানেই হ'ল বেংমৰা ৰাজ্যৰ প্ৰতিষ্ঠাপক মেজেৰা৷ মেজেৰাই ৰজা হৈয়ে পূৰ্বৰ নাম ত্যাগ কৰি নিজ ধৰ্মগুৰু প্ৰদত্ত সৰ্বানন্দ সিংহ নাম লৈছিল৷

সৰ্বানন্দ সিংহই ১৭৮৮ চনৰপৰা ১৮০১ চনলৈ বেংমৰা ৰাজ্য শাসন কৰিছিল আৰু ৰাজ্যৰ ৰাজধানী প্ৰথমতে বৰ্তমানৰ ৰঙাগড়াত স্থাপন কৰিছিল ৷ পাছতহে বেংমৰা বা আধুনিক তিনিচুকীয়ালৈ ৰাজধানী তুলি আনিছিল৷ সুলভী, পাভই আৰু বৰুণী নামৰ তিনিগৰাকী কন্যাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা সৰ্বানন্দ সিংহই ১৭৯১ চনত ‘শ্ৰীশ্ৰী সৰ্বানন্দ সিংহ নৰেন্দ্ৰস্য' বুলি নিজৰ নামত এটা মোহৰ মৰাইছিল৷ নিজৰ ৰাজত্ব কালত সৰ্বানন্দই মাহ ধোৱা পুখুৰী, চাউল ধোৱা পুখুৰী, কদমনি পুখুৰী আদি কেইবাটাও পুখুৰী খন্দাইছিল৷ সেইবোৰৰ ভিতৰত ১৭৯৫ চনত ন-পূৰা মাটিত খন্দোৱা ন-পুখুৰীটোৱেই সবাতোকৈ ডাঙৰ আছিল৷ ৰজাই খন্দোৱা এই আটাইবোৰ পুখুৰী আছিল চাৰিচুকীয়া৷ কিন্তু ৰজাৰ মন্ত্ৰী গোধা বৰবৰুৱাই তিনিটা চুক থকা এটা নতুন ধৰণৰ পুখুৰী খন্দোৱাইছিল আৰু সেই তিনিচুকীয়া পুখুৰীটোৰপৰাই কালক্ৰমত বেংমৰা নামটো তল পৰি নগৰখনৰ নাম তিনিচুকীয়া হ'ল৷

সৰ্বানন্দ সিংহৰ মৃত্যুৰ পাছত অৰ্থাৎ ১৮০২ চনত বেংমৰা ৰাজ্যৰ ৰাজ সিংহাসনত বহে তেওঁৰ জ্যেষ্ঠ পুত্ৰ মটিবৰ৷ মটিবৰে ২৪ বছৰ ধৰি স্বাধীনভাৱে ৰাজ্য শাসন কৰিলেও ১৮২৬ চনত মান আৰু ইংৰাজৰ মাজত সম্পন্ন হোৱা ইয়াণ্ডাবু চুক্তি অনুসৰি সমগ্ৰ অসমৰ লগতে বেংমৰা ৰাজ্যও ইংৰাজৰ অধীনলৈ যায়৷ তেতিয়াৰপৰা মটিবৰে ইংৰাজৰ কৰতলীয়া ৰজা হিচাপে বেংমৰা শাসন কৰিবলৈ ধৰে৷ উল্লেখ্য যে সৰ্বানন্দ সিংহৰ মটিবৰৰ উপৰি কলিবৰ আৰু কমলেশ্বৰ নামৰ আন দুজন পুত্ৰও আছিল৷ কাৰ্তিকী আৰু পাহাড়ী নামৰ দুগৰাকী কন্যাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা মটিবৰৰ আকৌ দহজন পুত্ৰ (ভোগবৰ, ভগীৰথ, দুখীৰাম, সুৰথ, পেলন, সুদুগোহাঁই, পিৰিকা, সত্যবৰ, দিলীবৰ আৰু ৰবিবৰ) আৰু পাঁচগৰাকী কন্যা (ভগবৰী, ভোগদৈ, এলানি, পেলানি আৰু বিলতী) আছিল৷

১৮৩৯ চনৰ দুই জানুৱাৰিত মটিবৰৰ মৃত্যু হয়৷ মটিবৰৰ মৃত্যুৰ পাছত ৰাজতন্ত্ৰৰ নিয়ম অনুসৰি তেওঁৰ প্ৰথম পুত্ৰ ভোগবৰে বেংমৰা ৰাজ্যৰ শাসনভাৰ পাব লাগিছিল৷ কিন্তু, সৰুৰেপৰা স্বাধীনচিতীয়া ভোগবৰৰপৰা ভৱিষ্যতে বিপদৰ আশংকা কৰি ইংৰাজ চৰকাৰে তেওঁৰ ভ্ৰাতৃ ভগীৰথকহে ৰাজ্য শাসনৰ ভাৰ দিলে৷ সেই বছৰৰে ১২ নৱেম্বৰৰ দিনা ইংৰাজৰ ইষ্ট ইণ্ডিয়া কোম্পানিৰ কেপ্টেইন হেমিলটন ভেটচ্ তিনিশ সৈনিকৰে সজ্জিত হৈ ভগীৰথৰ কাষলৈ আহি তেওঁৰ ওপৰত ৰাজ্য শাসনৰ কেতবোৰ নতুন চৰ্ত আৰোপ কৰিছিল৷ সেই চৰ্তবোৰ মানি ল'লে ভগীৰথৰ ৰজা হিচাপে কোনো বিশেষ স্বাধীনতা নাথাকে বাবে তেওঁ চৰ্তবোৰ মানি লোৱা নহ'ব বুলি জনোৱাত কেপ্টেইন ভেটচে বেংমৰা ৰাজ্যখন ইষ্ট ইণ্ডিয়া কোম্পানিৰ অধীনলৈ নিয়া হ'ল বুলি ঘোষণা কৰিলে৷ সেই ঘোষণা অনুসৰি ১৮৩৯ চনৰ ২৪ ডিচেম্বৰৰপৰা বেংমৰা ৰাজ্যখন ইংৰাজ শাসনৰ অধীন হৈ পৰিল৷

উত্তৰাধিকাৰী সূত্ৰে পোৱা ৰাজ্যখন হেৰুৱাই ভগীৰথ খং-ক্ষোভ-দুখত বিদ্ৰোহী হৈ উঠিল৷ তেওঁ হৃত ৰাজ্য ফিৰাই আনিবৰ বাবে ১৮৪১ চনত খামতি, চিংফৌ আদি জনগোষ্ঠীৰ সৈতে মিলি ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিলে৷ সেই অপৰাধতে ইংৰাজে তেওঁক সপৰিয়ালে ধৰাই নি বৰ্তমানৰ বিশ্বনাথ জিলাত নজৰবন্দী কৰি থৈছিল৷ পাছত তেওঁক মুক্তি প্ৰদান কৰি নিজ ঠাইলৈ অনাই সামান্য ক্ষমতা অৰ্পণেৰে তিনিচুকীয়া অঞ্চলৰ সদৰ আমিন পাতিছিল৷ ভগীৰথৰ মালিবৰ, বীৰুবৰ, বিষবৰ, মনোবৰ আৰু মান্যবৰ নামৰ পাঁচজন পুত্ৰ আছিল৷ ১৮৪৭ চনত তেওঁৰ মৃত্যুৰ পাছত ইংৰাজে তৃতীয় পুত্ৰ বিষবৰকে ধৰি ৰাজ পৰিয়ালৰ অন্যান্যসকলক ৰাজপেঞ্চন, মৌজা, মাটি-বাৰী আদি দি তিনিচুকীয়া অঞ্চলটো সম্পূৰ্ণভাৱে নিজৰ অধীনলৈ নিয়ে৷ এই বিষবৰৰে কনিষ্ঠ পুত্ৰ আছিল লংকেশ্বৰ গোহাঁই৷ আনকেইজন পুত্ৰ হ'ল – সুখবৰ, ৰুদ্ৰবৰ, ভজন, দৰশন আৰু আদিবৰ৷

(তিনি)

মোৱামৰীয়া বিদ্ৰোহৰ ফলতে বেংমৰা ৰাজ্যখন গঢ় লৈ উঠিছিল বাবে এই বিদ্ৰোহ উৎপত্তিৰ কাৰণ আৰু বিদ্ৰোহৰ স্বৰূপৰ বিষয়ে আলোচনাৰ প্ৰয়োজনীয়তাও নিশ্চয় আছে৷ অৱশ্যে, ইয়াৰ পূৰ্বে মোৱামৰীয়া বিদ্ৰোহৰ নেতৃত্ব গ্ৰহণ কৰা মটক আৰু মৰাণ জনগোষ্ঠীৰ বিষয়ে কিছু কথা কৈ ল'ব লাগিব৷ মটক জনগোষ্ঠীক বহু ঐতিহাসিকে মোৱামৰীয়া বিদ্ৰোহৰ সময়ত উদ্ভৱ হোৱা এক ধৰ্মীয় সম্প্ৰদায় বুলি অভিহিত কৰিলেও এই জনগোষ্ঠীৰ বাসিন্দাসকল যে প্ৰাক্-আহোম যুগৰপৰাই অসমৰ সৌমাৰখণ্ডত বসবাস কৰি আছিল, এই সম্পৰ্কত কেতবোৰ ঐতিহাসিক তথ্য উদ্ধাৰ হৈছে৷ ১৯৩৯ চনত গঠিত ‘সদৌ অসম মটক সন্মিলন'ৰ ৱেবছাইটত উল্লেখ আছে যে নৱম-দশম শতিকাতে চীনৰ ইয়াংছিকিয়াং উপত্যকাৰপৰা লাওচ-থাইলেণ্ড-ম্যানমাৰ হৈ অসম নামৰ ভূ-খণ্ডলৈ আগমন ঘটা মটকসকল তাই মংগোলীয় ‘ফুথাই' নামৰ মানৱ ঠালটোৰ এটি শাখা৷ ফুথাই তিনি ভাগত বিভক্ত – ফুখ্যাও, ফুডাম বা তাইডাম আৰু তাইডেঙ৷ ইয়াৰ ফুখ্যাও নামৰ শাখাটিয়েই হ'ল মটকসকল৷ ১২২৮ চনত চাওলুং চ্যুকাফাৰ নেতৃত্বত তাই-আহোমসকলে সৌমাৰখণ্ডত প্ৰৱেশ কৰি প্ৰথমে লগ পোৱা ‘থানগিৰি'সকল আছিল মটক, মৰাণ আৰু বৰাহী জনগোষ্ঠী৷ গোপাল চন্দ্ৰ বৰুৱাৰ আহোম বুৰঞ্জীত উল্লেখ আছে–‘The Matak descended from Phukhao family (A family originated from seed sewn)’. Ahom Bruanji, Page: 38, Spectrum publication, Guwahati). ড০পুষ্প গগৈয়ে মটক জনগোষ্ঠী সম্পৰ্কত উল্লেখ কৰিছে–‘‘When in the early thirteenth century the Ahom came under the Leadership of Chau Sue–ka-pha, they first met the Phukhau families, who were a section of the phuthai. Buranji records - ‘Mu-nun-tan-phan-khau chan ba Motok’, which means, in those days, the Phukhau people called Motok .’ (‘Thai of North-East India’) মটকসকলৰ নৃগোষ্ঠীয় পৰিচিতি আৰু তেওঁলোকৰ অধ্যুষিত ভূ-খণ্ডৰ সম্পৰ্কত ড০পদ্মেশ্বৰ গগৈৰ মত হ'ল–‘Motoks were a powerful group of Thai people who were earlier migrated from Burma and settled in the upper part of eastern Assam. In course of time the land in which they settled came to be known as Motok country. The Ahoms called them Motok Tai-Klang’. (Tai-Ahom Religion and Customs).

ৱেবছাইটটোত এয়াও উল্লেখ কৰা হৈছে – চ্যুকাফাই মটকৰ ভালেকেইজন বৰমূৰীয়াক লগ পোৱাৰ পাছত তেওঁলোকক নিজা গোষ্ঠীৰ উপৰিপুৰুষ বুলি জ্ঞান কৰিছিল৷ কিন্তু, সোতৰ শতিকাত বিভিন্নধৰণৰ ধৰ্মীয় আৰু আৰ্থ-সামাজিক কাৰণত আহোম ৰাজশক্তিৰ সৈতে মটক জনগোষ্ঠীৰ সংঘাত আৰম্ভ হোৱাত সেই ভ্ৰাতৃত্বপূৰ্ণ সম্পৰ্কত ভাঙোন ধৰে৷ মোৱামৰীয়া বিদ্ৰোহ ওৰ পৰাৰ পাছত আহোম আৰু মটক জনগোষ্ঠীৰ সম্পৰ্ক পূৰ্বৰ দৰেই ভ্ৰাতৃত্বসুলভ হৈ পৰিলেও এইখিনিতে এক প্ৰশ্ন উঠে : অসমত বসবাস কৰা তাইমূলীয় চাৰিটা জনগোষ্ঠী ক্ৰমে আহোম, খামতি, আইতনীয় আৰু ফাকেয়াল বিভিন্ন ক্ষেত্ৰত একেখন মঞ্চত সমবেত হ'লেও মটক জনগোষ্ঠী কিয় বাহিৰত ৰৈ যায়? তাইমূলীয় জনগোষ্ঠী হিচাপে মটকসকলো একেখন মঞ্চত – পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ চ'ৰাতেই হওক বা অন্য কোনো অনুষ্ঠানৰ চ'ৰাতেই হওক – সমবেত হোৱাৰ যুক্তি আছে৷

এই প্ৰশ্নৰ উত্তৰ হয়তো এনেকুৱা হ'ব পাৰে – মটকসকল যে প্ৰাক্-আহোম যুগৰেপৰা অসমত বসবাস কৰি অহা এক স্বকীয় নৃগোষ্ঠীয় পৰিচিতিসম্পন্ন তাইমূলীয় জনগোষ্ঠী, এই ঐতিহাসিক সত্য অদ্যপি অসমৰ সমাজজীৱনত বিদ্যায়তনিকভাৱেই হওক বা অবিদ্যায়তনিকভাৱেই হওক, সুপ্ৰতিষ্ঠিত হোৱা নাই৷ সৰ্বসাধাৰণৰ কথা বাদেই, বহু ইতিহাসবিদ বা ইতিহাসৰ বহু শিক্ষক-গৱেষক-ছাত্ৰয়ো এই মত পোষণ কৰে যে মটক জনগোষ্ঠী এক ধৰ্মীয় সম্প্ৰদায় বিশেষহে৷ এওঁলোকৰ মত হ'ল – ৰজাঘৰীয়া চাৰি সত্ৰ আৰু ব্ৰাহ্মণ্য আচাৰ-প্ৰধান সত্ৰসমূহৰ বাহিৰেও নৱবৈষ্ণৱ ভক্তিধৰ্মৰ কালসংহতি ধাৰাৰ অনিৰুদ্ধদেৱে প্ৰতিষ্ঠা কৰা মায়ামৰা সত্ৰসমূহৰ শিষ্যসকল মোৱামৰীয়া বা মায়ামৰীয়া সম্প্ৰদায় হিচাপে পৰিচিত হৈ পৰিছিল৷ মায়ামৰা সত্ৰত আহোম ৰাজ্যৰ প্ৰজা মৰাণসকলৰ উপৰি আহোম, কছাৰী, চুতীয়া, কৈৱৰ্ত, ব্ৰাহ্মণ আদি জাতি-জনগোষ্ঠীৰ লোকেও শৰণ লৈছিল আৰু এই আটাইবোৰ শিষ্যই কালক্ৰমত ‘মটক' নামেৰে পৰিচিত হৈ পৰিল৷

স্থানান্তৰত উল্লেখ কৰা হৈছে যে বেংমৰা ৰাজ্যৰ ৰজা সৰ্বানন্দ সিংহৰ উপৰিপুৰুষ চুতীয়া সম্প্ৰদায়ৰ ব্যক্তিহে আছিল৷ এনে তথ্য (উৎস : কুতুব উদ্দীন আহমেদৰ পুৰণি পেটাৰি মেলি)ৰ আধাৰত নিশ্চয় ক'ব পাৰি যে মায়ামৰা সত্ৰত শৰণ লোৱা আহোম, চুতীয়া, কছাৰী আদি জনগোষ্ঠীৰ লোকসকলো কালক্ৰমত মটক হিচাপে পৰিচিত হৈ পৰাটো ঐতিহাসিকভাৱেই সত্য৷ এই প্ৰসংগতে ড০জুমি বৰুৱা গগৈৰ এটি মন্তব্য উল্লেখযোগ্য–‘উজনি আহোম ৰাজ্যৰ প্ৰজা মৰাণ-মটকসকল আছিল কালসংহতিৰ শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱে (১৬০১–১৬২৬ চন) প্ৰতিষ্ঠা কৰা মোৱামৰা/মায়ামৰীয়া সত্ৰৰ শিষ্য৷ এই সত্ৰৰ ধৰ্মগুৰুসকলে শঙ্কৰ-মাধৱৰদ্বাৰা প্ৰচাৰিত নৱৱৈষ্ণৱ ধৰ্মৰ শিক্ষা আৰু বাণী আন্তৰিকতাৰে শিষ্যসকলৰ মাজত বিলাইছিল৷ একতা, সমতা, মানৱতা আৰু গণতান্ত্ৰিক আদৰ্শক মূলমন্ত্ৰ হিচাপে লৈ সমাজৰ তথাকথিত পিছপৰা জাতি-জনজাতি ক্ৰমে আহোম, মৰাণ, মটক, চুতীয়া, কছাৰী, কোচ, কৈৱৰ্ত আৰু অন্যান্য বৃত্তিয়াল লোকসকলৰ মাজত বিলাই সমাজত এক নৱজাগৰণৰ সূচনা কৰিবলৈ সক্ষম হৈছিল৷ এই পিছপৰা জাতি-জনজাতিৰ লোকসকলে মায়ামৰা সত্ৰত শৰণ লৈ ব্ৰাহ্মণ-কায়স্থৰ দৰে সমাজৰ তথাকথিত উচ্চ সম্প্ৰদায়ৰ শিষ্যৰ লগত মায়ামৰা সমাজৰ সামাজিক আৰু ব্যক্তিগত অনুষ্ঠানত সম-মৰ্যদা আৰু সম-অধিকাৰ লাভ কৰিছিল৷ মায়ামৰা সত্ৰৰ সকলো শিষ্যই কালক্ৰমত ‘‘মটক জনগোষ্ঠী'' হিচাপে জনাজাত হয়৷ মৰাণ-মটকসকল হ'ল এই ৰাজ্যখনৰ ভূমিপুত্ৰ৷

উল্লেখযোগ্য যে মায়ামৰা সত্ৰৰ প্ৰতিষ্ঠাপক শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱৰ প্ৰথম শিষ্য আছিল ‘‘ধেলী'' নামৰ এজন মুছলমান দৰ্জী আৰু পৰৱৰ্তী সময়ত এওঁ ধ্যানপতি নামেৰেই বিখ্যাত হয়৷ এই ধ্যানপতিদেৱৰ বংশধৰসকল বৰ্তমান ডিব্ৰুগড় জিলাৰ লাহোৱালত বাস কৰি আছে আৰু বৰ্তমান এওঁলোক মটক জনগোষ্ঠীৰ এক অবিচ্ছেদ্য অঙ্গ৷” (‘মোৱামৰীয়া বিদ্ৰোহ আৰু ইয়াৰ প্ৰাসঙ্গিকতা’, মায়ামৰা সম্প্ৰদায় : ঐতিহ্য আৰু ইতিহাস, পৃ. ৫৭)

লক্ষ্যণীয় যে মটক আৰু মৰাণ দুটা সুকীয়া জনগোষ্ঠী হিচাপে পৰিগণিত হৈ আহিছে যদিও হৰকান্ত বৰুৱা সদৰামিনৰ অসম বুৰঞ্জীত মটক আৰু মৰাণক একেটা জনগোষ্ঠী বুলিহে উল্লেখ কৰা হৈছে – ‘ইতঃপূৰ্ব্বে ১১৬৪ শকত মটকৰ বদৌচা ৰাজা ও বৰাহীৰ থাকুমথা ৰাজা এই দুই ৰাজাৰে চুকাফা ৰাজাদেও মিত্ৰ কৰি ও মিলিৰে বশ কৰি ১১৭৩ শক মটকক খৰিভাৰী ও বাৰীচোৱা কৰি ললে৷ এই মটককে মৰাণ বা মোৱামৰা বোলে৷২৫৷' (পৃ. ১২ )

এনেধৰণৰ বিভ্ৰান্তিকৰ তথ্যৰ খেও ধৰিয়েই ক'ব পাৰি যে বৰ্তমানে উপলব্ধ অসমীয়া বা ইংৰাজী ভাষাত ভিন্ন সময়ত ভিন্ন উদ্দেশ্য আৰু দৃষ্টিভংগীৰে ৰচিত/সম্পাদিত অসম বুৰঞ্জীসমূহৰ ইখনৰ তথ্যৰ সৈতে সিখনৰ তথ্যৰ অলেখ বিসংগতি (বহু ক্ষেত্ৰত বিৰোধিতাও) পৰিলক্ষিত হয় বাবে মটক জনগোষ্ঠীৰ উৎপত্তি, বিকাশ আৰু বিস্তাৰৰ সন্দৰ্ভত অবিতৰ্কিতভাৱে এক সঠিক সিদ্ধান্তত উপনীত হোৱাটো কঠিনেই হৈ পৰে৷ সেয়ে অদ্যপি ধূসৰ হৈ থকা মটক জনগোষ্ঠীৰ উৎপত্তি-বিকাশ-বিস্তাৰৰ সন্দৰ্ভত বিদ্যায়তনিক পৰ্যায়ত বিস্তৃত আৰু প্ৰণালীবদ্ধ গৱেষণা হোৱা উচিত, যি গৱেষণাই জনগোষ্ঠীটোৰ পৰৱৰ্তী প্ৰজন্মক মূল শিপাৰ সৈতে নিৰ্ভুলকৈ পৰিচয় কৰাই দি ভৱিষ্যতৰ পথত দৃঢ়তাৰে আৰু স্বাভিমানেৰে খোজ কঢ়াৰ সুবিধা দিব পাৰে৷ এইখিনিতে মনত ৰাখিব লাগিব অসমত বস্তুনিষ্ঠ ইতিহাস চৰ্চাৰ ক্ষেত্ৰত এক নতুন দিগন্ত সূচনা কৰোঁতা লক্ষ্মীনাথ তামুলীৰ সেই সোণসেৰীয়া উক্তি–‘সকলোবোৰ তথ্যই নিজে পোনপটীয়াকৈ ইতিহাস নকয়৷ অৰ্থাৎ সকলোবোৰ উকা তথ্যই সঁচা ইতিহাস নকয়৷ তথ্যই ইতিহাসৰ আত্মা যদিও আত্মাৰ আত্মপ্ৰকাশৰ বাবে যিদৰে শৰীৰৰ প্ৰয়োজন, তথ্যও ইতিহাস হৈ পৰিবলৈ তথ্যৰ ব্যাখ্যাকাৰী ইতিহাসবিদ এজনৰ প্ৰয়োজন৷' (‘চুকাফা : নায়ক নে খলনায়ক’, সাতসৰী, জানুৱাৰি, ২০১৪, পৃ. ২৮)

(চাৰি)

মোৱামৰীয়া বিদ্ৰোহৰ নেতৃত্ব বহন কৰা মৰাণ জনগোষ্ঠীয়েও প্ৰাক্-আহোম যুগৰপৰাই সৌমাৰখণ্ডত সুকীয়া ৰাজ্য পাতি বসবাস কৰি আছিল৷ ড০জুমি বৰুৱা গগৈয়ে মায়ামৰা সম্প্ৰদায় : ঐতিহ্য আৰু ইতিহাস গ্ৰন্থত উল্লেখ কৰিছে যে ইতিহাসবিদ এডৱাৰ্ড গেইট আৰু নৃতত্ত্ববিদ ভুবন মোহন দাসৰ মতে, মৰাণসকল কছাৰীসকলৰ অলপ পাছতে, আনুমানিক খৃঃপূঃ ২৫০০ চনত অসমলৈ আহিছিল৷ মৰাণসকলৰ আদিভূমি হ'ল, চীন দেশৰ হংকং উপত্যকা৷ কোনো ৰাজনৈতিক বা সামাজিক কাৰণত তেওঁলোকে নতুন বাসভূমিৰ সন্ধানেৰে হংকং উপত্যকাৰ য়ুকং অঞ্চলৰপৰা প্ৰব্ৰজিত হৈ দুৰ্গম পাহাৰ-পৰ্বত, নদ-নদী অতিক্ৰমি এসময়ত অসমৰ সৌমাৰখণ্ডত প্ৰৱেশ কৰিছিল৷ বেণুধৰ শৰ্মা, কেদাৰ ব্ৰহ্মচাৰী, মনু সেন, ভূদেব মুখাৰ্জী, বীৰধৰ দাস আদিয়ে মৰাণসকলৰ আদিভূমি নেপাল বুলি মন্তব্য আগ বঢ়ালেও এনে মন্তব্য অনুমাননিৰ্ভৰহে, তথ্যনিৰ্ভৰ নহয়৷ অৱশ্যে, ইতিহাসত এই তথ্য উপলব্ধ যে চীনৰপৰা প্ৰব্ৰজিত হৈ হিমালয়ৰ নিম্নাঞ্চল পোৱাৰ সময়ত মৰাণসকল তিনিভাগত বিভক্ত হৈছিল আৰু তাৰে এভাগ নেপালত প্ৰৱেশ কৰিছিল৷ সম্ভৱতঃ পৰৱৰ্তী সময়ত সেই ভাগৰে একাংশই স্বগোষ্ঠীৰ সন্ধানত অসমলৈ আহিছিল৷ মৰাণসকলৰ নৃগোষ্ঠীয় পৰিচয় সম্পৰ্কত এডৱাৰ্ড গেইট, পি আৰ টি গৰ্ডন, ছিডনি এণ্ডেল, জি এ গ্ৰিয়েৰছন, বিষ্ণু ৰাভা, বিৰিঞ্চি কুমাৰ বৰুৱা, ড০বীৰেন্দ্ৰ কুমাৰ গোহাঁই, ড০স্বৰ্ণলতা বৰুৱা, ড০ডম্বৰুধৰ নাথ, ইন্দিবৰ দেউৰী আদি ইতিহাসবিদ-গৱেষকসকলে মন্তব্য আগ বঢ়াইছে – এওঁলোক অসমৰ আদিম জনগোষ্ঠী বৃহৎ বড়ো বা কিৰাট গোষ্ঠীৰ এটা ঠাল৷

প্ৰাক্-আহোম যুগৰ পূৰ্বে এই অঞ্চলত বুৰঞ্জী লেখাৰ প্ৰথা নাছিল বাবে মৰাণসকলৰ আদিম কালছোৱাৰ সম্পৰ্কত বিস্তৃত তথ্য অনুন্মোচিত হৈয়ে ৰৈছে৷ তথাপি, আহোম যুগৰ বুৰঞ্জীসমূহৰপৰা উদ্ধাৰ হোৱা সামান্য তথ্যই প্ৰতীয়মান কৰে যে এসময়ত সৌমাৰত মৰাণ জনগোষ্ঠীৰ শক্তিশালী স্থিতি আছিল৷ আহোমসকলৰ আগমনৰ বহু পূৰ্বেই মৰাণসকলে লাহদৈ (শদিয়া)ত ৰাজ্য পাতিছিল৷ ১২২৮ চনত ছ্যু-কা-ফাই সৌমাৰত প্ৰৱেশ কৰাৰ সময়ত মৰাণ ৰাজ্যৰ ৰজা আছিল বদৌচা আৰু ৰাজধানী আছিল কাকতল (কাকপথাৰ)ত৷ ৰাজ্যখন উত্তৰে বুঢ়ীদিহিঙৰপৰা দক্ষিণে দিচাং নদীলৈ, পূবে চফ্ৰাই নদীৰপৰা পশ্চিমে ব্ৰহ্মপুত্ৰলৈকে বিস্তৃত আছিল৷ বুৰঞ্জীৰ তথ্য মতে, সেই সময়ত সৌমাৰত মৰাণ, মটক, বৰাহী, চুতীয়া, কছাৰী আদি জনগোষ্ঠীৰ প্ৰায় চাৰি হেজাৰ লোকে বসবাস কৰিছিল (দেওধাই অসম বুৰঞ্জী, পৃ. ১০০)৷ ছ্যু-কা-ফাই পোনতে বদৌচা ৰজাৰ আতিথ্য গ্ৰহণ কৰি কৈছিল –‘আমি উজনি ৰাজ্যৰপৰা আহিছো৷ আমি মিত্ৰ হ'ব খোজো৷ সেইবোৰ হ'ল ‘থানগিৰি আমি আলহী।' (সাতসৰী অসম বুৰঞ্জী, পৃ. ১০০)৷

মৰাণ আৰু বৰাহীসকলৰ সহায়-সহযোগিতাৰ ফলতে সৌমাৰত এখন নতুন ৰাজ্য স্থাপন কৰাটো ছ্যু-কা-ফাৰ বাবে সহজ হৈ পৰিছিল৷ এই প্ৰসংগত ৰামেশ্বৰ বৰাই লেখিছে–‘দিচাং নদীৰ উত্তৰ-পূব পাৰে দিহিঙলৈকে মৰাণসকলৰ বসতি আছিল৷ দক্ষিণ-পশ্চিম পাৰে দিখৌ নৈলৈকে বৰাহীসকল আছিল৷ ... মৰাণে চুতীয়া ৰাজ্যৰপৰা আৰু বৰাহীয়ে কছাৰী ৰাজ্যৰপৰা মাজে-সময়ে ঠেলা-হেঁচাও পাই আছিল৷ এই কাৰণে তেওঁলোক দুয়ো জাতিয়ে চাও ছু-কা-ফাৰ দলৰ লগত কোনো সংঘৰ্ষত নাহি, ব্যৱহাৰতো ভাল পাই, মিত্ৰতা সূত্ৰত আবদ্ধ হ'বলৈ চালে৷ ছু-কা-ফাই তেওঁলোকক আহ-যাহ কৰি থাকিবলৈ দিলে৷ দুই-একক কাম বনতো লগালে৷ বৰাহীৰপৰা চাংমাই ল'লে৷ মৰাণৰপৰা যোগনিয়াৰ ল'লে৷ চাংমাই আহোম শব্দ, অৰ্থ ৰান্ধনি, চাং মানে পাৰ্গত, মাই মানে ৰন্ধা বা পোৰা৷ এইদৰে স্থানীয় মৰাণ বৰাহীসকলক সামৰি পাটকাই পৰ্বতৰপৰা দিহিঙলৈকে দিখৌ দিহিঙৰ মাজৰ এই এচমকা ঠাইকে ৰাজ্য পাতি চাও ছু-কা-ফা তাৰ ৰজা হ'ল৷ পূব-পশ্চিমৰ চুতীয়া আৰু কছাৰী ৰাজ্যৰ লগত কোনো সংঘৰ্ষত নহাকৈ সাৱধানে নিজৰ শক্তি টনকিয়াল কৰাত মনোনিৱেশ কৰিলে৷' (বৃহৎ তাই জাতি (আহোম বুৰঞ্জী), পৃ. ৫৬)

কূটনীতিজ্ঞ ছ্যু-কা-ফাই মৰাণ আৰু বৰাহী সম্প্ৰদায়ৰ দুগৰাকী কন্যা বিয়া কৰাই থলুৱা সম্প্ৰদায়ৰ লোকসকলৰ সৈতে মিলি যাব বিচাৰিছিল৷ এনেদৰেই অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছিল৷ উল্লেখ্য যে মৰাণ সম্প্ৰদায়ৰ কন্যাগৰাকী আছিল বদৌচা ৰজাৰ জীয়ৰী৷ বদৌচাই বৃদ্ধ বয়সত ৰাজলক্ষণযুক্ত জোঁৱাই ছ্যু-কা-ফাক নিজৰ ৰাজ্যভাৰ গতাই দিয়াৰ লগে লগে মৰাণ জনগোষ্ঠীৰ স্বাধীনতাৰ বেলিও মাৰ গ'ল৷ সি যি নহওক, মৰাণ জনগোষ্ঠীৰ নৃগোষ্ঠীয় পৰিচয়, ঐতিহাসিক অৱস্থান, অসমৰ সমাজজীৱনলৈ তেওঁলোকে আগ বঢ়োৱা অৱদান আদিৰ সম্পৰ্কত বিস্তৃত আলোচনাৰ প্ৰয়োজনীয়তা আছে৷ বিশ্ব ইতিহাসৰ পাতত এক নতুন অধ্যায়ৰ সূচনা কৰা ফৰাচী বিপ্লৱৰো কুৰি বছৰৰ পূৰ্বেই অসম মুলুকত সামন্তবাদী ৰাজতন্ত্ৰৰ বিৰুদ্ধে গণ বিদ্ৰোহৰ পাতনি মেলি গণতান্ত্ৰিক শাসন প্ৰতিষ্ঠাৰ বাবে অহোপুৰুষাৰ্থ কৰা মৰাণ জনগোষ্ঠীৰ সংগ্ৰামী আদৰ্শই পৰিৱৰ্তনকামী জনসাধাৰণক আজিও পথ নিদেৰ্শনা দিব পাৰে৷ (আগলৈ)

টুনুজ্যোতি গগৈ

Share Button
Print Friendly, PDF & Email

No Comments : "বেংমৰাৰ বুৰঞ্জী"

Leave a Comment

Your email address will not be published. Required fields are marked *