যি শিল্পত "হাতেৰে নুচুব" বুলি লেখা নাথাকে... : কুশলী শিল্পী বেণু মিশ্ৰ সম্পৰ্কে যৎকিঞ্চিত

(২২ নৱেম্বৰ, ২০১৫ তাৰিখে বাণ থিয়েটাৰ, তেজপুৰত শ্ৰীযুত বেণু মিশ্ৰ আৰু শ্ৰীযুত ৰমেন বৰুৱাদেৱলৈ আগ বঢ়োৱা চাতক সন্মান উপলক্ষে লিখিত)

অলপমান ডুখৰীয়া কথাৰেই আৰম্ভ কৰোঁ। শিল্পচৰ্চাৰ প্ৰত্যেক মাধ্যমৰেই একোখন আছুতীয়া জগত থাকে। সেই জগতখনত স্ৰষ্টা আৰু ৰসগ্ৰাহীৰ উমৈহতীয়া কিছুমান চৰিত্ৰ থাকিলেহে সেই জগতখনৰ উন্নতি সম্ভৱপৰ হয়।  নাট্যজগতৰ সমৃদ্ধিৰ বাবে প্ৰয়োজন যে কেৱল নাট্যকাৰ, পৰিচালক আৰু কলা-কুশলীৰহে, তেনে নহয়। তাৰ বাবে প্ৰয়োজন ৰুচিৱান দৰ্শকৰো। দৰাচলতে – এই শেহৰটো উপাদান আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ হৈ উঠে যিহেতু 'নাট্যজগত সমৃদ্ধিৰ বাবে এটা উপযুক্ত পৰিবেশ' বুলি যদি আমি কওঁ তেনেহ'লে এই উপাদানটোৱেহে সেই পৰিবেশ গঢ় দিয়ে। চলচ্চিত্ৰৰ পৰিবেশ, সাহিত্যচৰ্চাৰ পৰিবেশ, দৃশ্যকলাৰ পৰিবেশ - এই সকলো ক্ষেত্ৰতে একেটাই কথা। দৰ্শক নেপালে চলচ্চিত্ৰ এখন অসাৰ। পাঠক অবিহনে সাহিত্য-কৃতি নিৰ্জীৱ মাত্ৰ। এই দৰ্শক, দ্ৰষ্টা, পাঠক, শ্ৰোতাৰ যিটো পক্ষ - সেয়াই গুণগ্ৰাহী আৰু ৰসগ্ৰাহীৰ পক্ষ। সেয়াই সমালোচকৰো পক্ষ। এতিয়া এই যি দুই পক্ষ - স্ৰষ্টাৰ আৰু দ্ৰষ্টাৰ, দুয়ো দুয়োৰে পৰিপূৰকো। এটাই আনটোক সম্পূৰ্ণ কৰে, সংপৃক্ত কৰে। কেৱল সেয়াই নহয়, এটাই আনটোক গঢ়ো দিয়ে। এটা সৃষ্টিকৰ্মই যদি গুণগ্ৰাহীৰ জন্ম দিয়ে, - গুণগ্ৰাহীৰ তাগিদা, আকাঙ্ক্ষা আৰু মান-বিচাৰে সৃষ্টিকৰ্মকো এটা শৰীৰ দিয়ে।

Benu Misra - article written by Samudra Kajal Saikia (1)আধুনিক দৃশ্যশিল্প চৰ্চাৰ জগতখন সম্ভৱ বাকীবোৰ নান্দনিক চৰ্চাতকৈ অধিক স্পৰ্শকাতৰ। এজন শিল্পীৰ সৃষ্টি প্ৰক্ৰিয়াই নিজে সম্পৃক্ত হৈ উঠিবলৈ যেনেকৈ শিল্পীৰ সম্পূৰ্ণ মনোযোগ, অধ্যৱসায় আৰু জীৱনবীক্ষা দাবী কৰে, তেনেকৈয়ে তাৰ ৰসগ্ৰহণৰ কাৰণে এজন দ্ৰষ্টাৰ ওচৰতো তাৰ প্ৰচুৰ দাবী। চিত্ৰ, বা ভাস্কৰ্য, বা যিকোনো দৃশ্যশিল্প অনায়াস কৃতি কোনোকালেই নাছিল। সেইবোৰৰ ৰসগ্ৰহণৰ প্ৰক্ৰিয়া সদায়েই আৰু বেছি জটিল। সেইকাৰণেই হয়তো, শিল্প-সাহিত্য আৰু সংস্কৃতিৰ উৰ্বৰক্ষেত্ৰ বুলি আমি সততে গৌৰৱ কৰি অহা অসম মুলুকতো সৃষ্টিৰ বাকীবোৰ মাধ্যমতকৈ দৃশ্যশিল্পৰ চৰ্চা (সৃষ্টি আৰু ৰসগ্ৰহণ সমন্বিতে) প্ৰশমিত যেন বোধ হয়। স্বকীয় এটা শিল্পভাষাৰ সন্ধান - কোনোবাখিনিত যেন আগ বাঢ়িব খুজিও বাঢ়িব নোৱৰা হৈ ৰয়। কলাবীথিকাত মানুহৰ সমাগমো প্ৰতিহত হৈ ৰয়। 'আমি আৰ্ট বুজি নাপাওঁ' বুলি কৈয়েই আমি দায় সাৰি থাকোঁ, আৰু এই আপাত সামান্য কথাষাৰ কোৱাৰ আঁৰত থাকিব পৰা দায়িত্বখিনিও আমি পালন নকৰোঁ। দায়িত্ব? সেয়া বা আকৌ কেনেধৰণৰ দায়িত্ব? সেই দায়িত্ব মানে ইমানেই যে - কিমান সময় ধৰি আমি এখন ছবি চাবলৈ চেষ্টা কৰোঁ? যিমান সময় ধৰি আমি এখন উপন্যাস পঢ়োঁ, অথবা এখন নাটক বা এখন চিনেমা চাবলৈ আমি যিমান সময় দিওঁ – তাৰ বিপৰীতে এখন ছবি অথবা এটা অবয়ৱ চাবলৈ আমি কিমান নিজস্ব ব্যক্তিগত সময় নিয়োজিত কৰোঁ? কবিতা এটা পঢ়ি একেবাৰতে হৃদয়ঙ্গম কৰিব নোৱাৰিলে আমি যেনেকৈ তাক বাৰে বাৰে পঢ়োঁ, ছবি এখন 'বুজি নাপাওঁ' বা 'ভাল নাপাওঁ' বুলি কোৱাৰ আগতে আমি তাক বাৰে বাৰে চাওঁনে? কেতিয়াবা বাৰু এনেকুৱাও হয় নে, - যে প্ৰথমবাৰ শুনি ভাল নোপোৱা গান এটা বাৰে বাৰে শুনাৰ পিছত হয়তো ভাল লগা হৈ উঠিছে? আৰু এনেকুৱাও হ'ব পাৰে নেকি, কবিতা এটা হয়তো আপোনাৰ ভাল নালাগিল, বাৰে বাৰে পঢ়িও ভাল নালাগিল, কিন্তু কেনেবাকৈ কোনোবাখিনিত তাৰ কোনোবা এটা অংশ বা সংবেদনা আমাৰ মনত ক'ব নোৱৰাকৈ ৰৈ গ'ল - আৰু অন্য কোনোবা এটা অসংলগ্ন মুহূৰ্তত অৱচেতনতাতেই হয়তো কিবা এটা অনুভৱ কৰিলোঁ? এখন ছবিৰ লগতো এই একেটা কাৰবাৰ হ'ব নোৱাৰে জানো?

Benu Misra - article written by Samudra Kajal Saikia (2)আৰু এটা প্ৰসংগ উনুকিয়াই লওঁ। শিল্প সচৰাচৰ এটা দ্বৈত চৰিত্ৰৰ লক্ষণেৰে ভুক্তভোগী। সেইমতে শিল্পীও। এহাতে শিল্প সাধনাই বিচাৰে নিভৃতি, অৱসৰ, , নিৰলা এটা পৰিবেশ। ঐকান্তিক আৰু অন্তৰঙ্গ পৰিবেশ একোটাত ভাব এটাই ভাষা পায়, ভাষা এটাই প্ৰাণ পায়। নিৰ্জনতা সেই সূত্ৰে এক আকাংক্ষিত বিষয়। কিন্তু তাৰ সমান্তৰালভাৱে এয়াও সঁচা যে, সামূহিকতাৰপৰা আঁতৰত একান্ত নিৰ্জনতাত শ্ৰেষ্ঠ শিল্পৰ সৃষ্টি সম্ভৱপৰ নহয়। সমাজৰ উপস্থিতিৰ অবিহনে নিছক ব্যক্তিগত কচৰতেৰে মাত্ৰ শিল্পই উৎকৰ্ষ নাপায়। সৃষ্টি প্ৰক্ৰিয়াৰ আগতেও যেনেকৈ ই বহল জনজীৱনৰপৰা সমল আহৰিত কৰিব খোজে, সৃষ্টি প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ উঠাৰ পিছতো ই বহলসংখ্যক মানুহক স্পৰ্শ কৰিবলৈ উদবাউল হৈ উঠে।

বিশ্বৰ শিল্প ইতিহাসলৈ চালে আমি দেখিম যে একো একোটা শিল্প আন্দোলন গঢ়ি উঠিবৰ সময়ত নিভৃত গহন কোণত শিল্পচৰ্চাত নিমগ্ন কিছুসংখ্যক শিল্পীৰ অধ্যৱসায়ৰ লগতে, তদনুৰূপ শিল্প ভাবনাক বিৰাট জনজীৱনৰ সৈতে যুক্ত কৰিবলৈকো কিছুমান কাৰ্যপন্থা ঘটিব লাগিছে। বিভিন্ন উপাদান-নিৰ্ভৰ মাধ্যমে ইটোৱে সিটোৰ পৰিপূৰক হিচাপে কাম কৰি আহিছে - সৃষ্টি আৰু তাৰ সংবেদনাক বহল ক্ষেত্ৰলৈ সম্প্ৰসাৰণ কৰিবলৈ। উপাদান-নিৰ্ভৰ মাধ্যম বুলি কওঁতে - তেলৰং আৰু লিথোগ্ৰাফিয়ে হাতে হাত ধৰি আগ বঢ়াৰ কথালৈ মন কৰিব পাৰি।

Benu Misra - article written by Samudra Kajal Saikia (4)বেণু মিশ্ৰ সম্পৰ্কে ভাবিলেই এইখিনি কথা মনলৈ অহাৰ কাৰণ এয়াই যে ভিন্নতৰ মাধ্যমেৰে বহুলসংখ্যক মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা খুব কমসংখ্যক শিল্পীৰ মাজৰেই এজন হৈছে বেণু মিশ্ৰ। নিজস্বতা-বিশিষ্ট হৈয়ো সাধাৰণ জনমানসৰ সহজাত সংবেদনাক সহজে চুই যাব পৰা গুণখিনিৰ কাৰণেই শিল্পী বেণু মিশ্ৰ শলাগৰ পাত্ৰ। বৰপেটা সত্ৰৰ দুটা মিশ্ৰ পৰিয়ালৰ জ্ঞানচর্চা, সংস্কৃত আৰু সঙ্গীতচৰ্চাৰ বাবে বিখ্যাত এটা পৰিয়ালত জন্ম বেণু মিশ্ৰৰ। সত্তৰৰ দশকত অগ্ৰণী ভূমিকা পালন কৰি অসমৰ শিল্পচৰ্চাৰ জগতখনক টনকিয়াল কৰা শিল্পীসকলৰ এজন বেণু মিশ্ৰ। শান্তিনিকেতনৰ স্নাতক আৰু ১৯৭৬ চনত স্থাপিত হোৱা গৌহাটী আৰ্টিষ্ট গিল্ডৰ প্ৰতিষ্ঠাপক এইজন শিল্পীয়ে নিজাববীয়া শিল্প মনোনিৱেশৰ লগতে শিল্পচৰ্চাৰ এক পৰিবেশ সৃষ্টিতো অৰিহণা যোগাই আহিছে। কলা-সমালোচক মৌচুমী কন্দলীয়ে সঠিকভাৱেই মূল্যায়ন কৰি উল্লেখ কৰা অনুযায়ী, "বেণু মিশ্ৰৰ শিল্পচেতনাত ফুটি উঠে সংবেদনা আৰু বৌদ্ধিক মননশীলতাৰ ভাৰসাম্য। তেওঁৰ শিল্পকৰ্ম সমাজ-ইতিহাস-পৰম্পৰা-কলা-সংস্কৃতিৰ বিষয়ে সম্যক ধাৰণা তথা একধৰণৰ ৰাজনৈতিক প্ৰত্যাবৃত্তিৰে (Political Reflexivity) পৰিপূৰ্ণ। অসমৰ আধুনিক কলাৰ বিকাশ আৰু বিৱৰ্তনত তেওঁৰ বিশেষ ভূমিকা আছে। ভাৰতীয় চিত্ৰ পৰম্পৰা, লোকসংস্কৃতিৰ উপাদানৰপৰা আৰম্ভ কৰি পাশ্চাত্যৰ প্ৰতীকবাদী অথবা অধিবাস্তৱবাদী চিন্তাৰ সংশ্লেষিত চৰিত্ৰ তেওঁৰ শিল্পকৰ্মত ফুটি উঠে। গৌৰীপুৰৰ কুঁহিলা-পুতলা শিল্পই হওক অথবা মাইকেল এঞ্জেল'ৰ সাৱলীল অংকন, ভেন গঘৰ অভিব্যক্তিবাদী অভিঘাত অথবা টাৰ্নাৰ হুইচ্ছালৰৰ picturesque বৰ্ণচ্ছায়া - এই সকলোবোৰ উপাদানক তেওঁৰ সৃষ্টিয়ে সামৰি লৈছে..."।

কনট্ৰাষ্ট...

আনন্দময় অথচ  বিষাদগ্ৰস্ত জগতখন...

নিয়ম মানিও নিয়ম নমনা জ্যামিতিবোৰ...

চিনাকী অচিনাকী মুখবোৰ...

Benu Misra - article written by Samudra Kajal Saikia (3)কনট্ৰাষ্ট - বেণু মিশ্ৰৰ সৃষ্টিৰাজিৰ বাবে এটা পৰিচয়সূচক শব্দ। হাই কনট্ৰাষ্ট, বা তীব্ৰ বৈপৰীত্য এহাতে যদি ফৰ্ম আৰু বৰ্ণৰ সমাহাৰৰ ক্ষেত্ৰত দেখা পাইছোঁ, একে সময়তে বিষয়বস্তুৰ চয়নৰ ক্ষেত্ৰতো দেখা পাইছোঁ। ৰঙীন কেনভাছবোৰ পৰস্পৰ পৰিপূৰক অথচ বিপৰীতধৰ্মী বৰ্ণৰ সমাহাৰ। ৰঙৰ ঘনত্বতো কনট্ৰাষ্ট। 'চিটিস্কেপ' নামৰ তৈলচিত্ৰখনে আমাৰ দৃষ্টি আকৰ্ষণ কৰে পাতল হালধীয়া ৰঙৰ লগতে ডাঠ নীলা ৰঙৰ সংঘাতৰ বাবে, আৰু পাতলীয়া প্ৰেক্ষাপটত গাঢ়ৰঙী ফিগাৰবোৰৰ বাবে। ‘মৃত্যু’ শীৰ্ষক ছবিখনতো হালধীয়া আৰু নীলাৰ সঙ্ঘাত। মৌচুমী কন্দলীৰ ভাষাৰে, "ভাৰতীয় আধুনিক কলাৰ অবয়ৱধৰ্মী (figurative) ধাৰাটোৰ এজন শক্তিশালী অংশীদাৰ এই শিল্পীজনৰ চিত্ৰায়নত বলিষ্ঠ ৰেখাৰ সাৱলীল গতি, ফৰ্মৰ সংবেদনা আৰু বৰ্ণ সুষম Harmony পৰিস্ফুট হয়।" বেণু মিশ্ৰৰ ছবি বিপুল জনসমাদৃত হোৱাৰ কাৰণ এইখিনিতেই। ৰঙৰ প্ৰাচুৰ্য থকা ছবিখিনিতো তেওঁ ড্ৰয়িঙকে ভেটি কৰি ৰাখিছে। হাই কনট্ৰাষ্টেৰে ড্ৰয়িঙৰ জঁকাটো তেওঁ বান্ধি ৰাখিছে।

Benu Misra - article written by Samudra Kajal Saikia (5)বেণু মিশ্ৰৰ জগতখন সততে আননন্দময় আৰু ফূৰ্তিবাজ। কবি হীৰেন ভট্টাচাৰ্যৰ খুহুতীয়া পদ্যলানিৰ সৈতে বেণু মিশ্ৰৰ ড্ৰয়িংবোৰ কোনে পাহৰিব – "ফাটেহপুৰ চিক্ৰি/দুই টকাত বিক্ৰী..."। ৰাজনৈতিক পৰিস্থিতি, মৃত্যু আৰু বিষাদৰ দৰে গভীৰ চেতনাৰ সৈতে যুক্ত হ'বৰ সময়তোশিল্পী মিশ্ৰই তেখেতৰ প্লে'-ফুল-নেছখিনি পৰিহাৰ কৰা নাই। ৰং, ৰূপ আৰু ৰেখাৰ এই জগতখনে ইটোৱে সিটোৰ সৈতে পৰস্পৰে সংঘাতত লিপ্ত হৈ খেলা কৰে। এইখিনিতেই বিষয়বস্তুৰ ক্ষেত্ৰতো, ভাবৰ বৈপৰীত্য দেখা পাইছোঁ তেখেতৰ একাধিক কৰ্মত। এই বৈপৰীত্যই কেতিয়াবা কেতিয়াবা ছবি এখনক এটা জটিল সাঁথৰ কৰি পেলাইছে আৰু সেইখিনিয়েই ব্যংগৰ উৎসও হৈ উঠিছে। ৰঙে ৰূপে প্লে'-ফুল হৈয়ো মিশ্ৰৰ বিষয়বস্তুত আছে মৃত্যু, বিষাদ, ৰাজনৈতিক প্ৰৱঞ্চনা আদি। নীলমণি ফুকনৰ স্মৃতি ৰোমন্থনৰপৰা আমি এইখিনি কথা জানিব পাৰোঁ – "...এই ডেকা শিল্পীগৰাকীৰ মনত, চেতনাত এটা বিষাদবোধ ক্ৰিয়াশীল হৈ আছে; যিটো কথা তেওঁৰ পৰৱৰ্তী কালৰ, বিশেষকৈ তেওঁৰ দুখন সৰ্বশ্ৰেষ্ঠ ছবিত প্ৰায় মূৰ্ত হৈ পৰিছে। এই কথা তেওঁৰ ছবি 'চেয়াৰ' আৰু 'ডেথ' চোৱা যিকোনো সংবেদনশীল সূক্ষ্মদৰ্শী ৰসিক দৰ্শকৰ চকুত নপৰাকৈ থকা নাই। এটা সাক্ষাৎকাৰত তেওঁ নিজেও কৈছে, – ...মোৰ ভাবনাত প্ৰায়ে এটা বিষণ্ণ সুৰ থাকে। হয়তো মই ডাঙৰ হোৱা পৰিবেশ বা মোৰ অভিজ্ঞতা আৰু সামাজিক অৱস্থান সকলোৰে সমাহাৰত বিষণ্ণ এই চিন্তাৰ জন্ম। দৃশ্যমান জগতৰ এনে সুৰ থকা ঘটনাই মোৰ মনৰ জগতক আলোড়িত কৰাৰ পাছত এক প্ৰক্ৰিয়াৰ জৰিয়তেই মনৰ মাজত একোখন চিত্ৰ অংকুৰিত হয়। ...মানুহ, প্ৰকৃতিৰ মাজত নিহিত চিৰন্তন দুখবোধে মোক বেছিকৈ আলোড়িত কৰে।"

Benu Misra - article written by Samudra Kajal Saikia (6)'মৃত্যু' শীৰ্ষক ছবিখনে প্ৰথম দৃষ্টিতে আকৰ্ষণ কৰে তাৰ ৰঙেৰে, কেৰিকেছাৰধৰ্মী অবয়ৱেৰে আৰু অভিব্যক্তিৰে। তাৰ পিছতে ই কিছুমান প্ৰশ্নৰ উদ্ৰেক কৰে - সাঁথৰৰ দৰে। হাতত ফুল লৈ অহা পাখিলগা মানুহবোৰেৰে, হাই-কনট্ৰাষ্ট ৰঙৰ সমাহাৰেৰে এয়া কি মৃত্যুৰ উদযাপন? মৃত্যুও আনন্দময় হ'ব পাৰে। মৃত্যুৰ উদযাপন একো নতুন কথা নহয় - যদি চুফী কবিসকলৰ মৃত্যুচেতনালৈ মনত পেলাওঁ। শান্তিনিকেতনৰ স্নাতক মিশ্ৰ নিশ্চয় ৰবীন্দ্রিয় মৃত্যু-ভাবনাৰ সৈতেও অপৰিচিত নাছিল। কিন্তু পিছফালৰ এজন পলৰীয়া মানুহে সাঁথৰৰ জন্ম দিয়ে।

সেই সাঁথৰৰ অন্য বিশ্লেষণ এনেধৰণৰ – "মৃত্যু শীৰ্ষক এই ছবিত কথকতাৰ বহুতৰপীয়া অভিব্যঞ্জনা অনুভূত হয়। তৎকালীন সামাজিক-ৰাজনৈতিক আবহাৱাৰ দ্বিধা-সংশয়-নৈৰাজ্যৰ ৰেঙনি লাগি থকা 'Death'-অৰ দৃশ্যপটত পাখিলগা প্ৰতিকৃতি দুটাই গোপন ভয়-শংকাৰ ভাবৰ লগতে পলায়নবাদী মনোবৃত্তিৰো আভাস দিয়ে। ফিগাৰ দুটা যেন কোনো দেৱদূতৰ ছদ্মবেশী চয়তানহে! কোলাত মৃত শৰীৰ এটা লৈ মুখমণ্ডলৰ চৌপাশে ফুটি উঠা বলয়ৰে দেৱীসদৃশ নাৰীগৰাকী অথবা মানৱীসদৃশ দেৱীগৰাকীৰ চিত্ৰকল্পটোৱে মাইকেল এঞ্জেল'ৰ 'Pieta' (কুমাৰী মেৰিয়ে মৃত যিশুক কোলাত লৈ থকা ৰূপ) মনত পেলায়। দৃশ্যপটৰ ওপৰত উৰি থকা দেৱদূতৰ ফিগাৰ দুটাই পৰম্পৰাগত কল্পৰূপ ত্যাগ কৰি বৰ্তমানৰ ৰূঢ় কঠিন বাস্তৱৰ সুবিধাবাদী চৰিত্ৰ চয়তানৰ ৰূপত উদ্ভাসিত হৈছে। 'Death'-অৰ ছবিখনত এক অধিবাস্তৱিক আৰু মায়াৱী বাস্তৱবাদী ৰেশ লাগি আছে। ছবিখনত ভাবগত প্ৰক্ষেপণ একমাত্ৰিক নহয়। ইয়াত মৃত্যু কেৱল একক অৰ্থৰ দ্যোতক নহয়। মৃত্যু সকলোতে ঘটিছে। কায়িক স্তৰত, সাংস্কৃতিক, আধিভৌতিক, আধ্যাত্মিক স্তৰত। সকলোধৰণৰ বহুমাত্ৰিক মৃত্যুৰ ৰূপক এই 'Death'!" (মৌচুমী কন্দলী)

Benu Misra - article written by Samudra Kajal Saikia (10)সংৰচনা বা কম্পোজিচনৰ ক্ষেত্ৰত বেণু মিশ্ৰই জ্যামিতিৰ সহজাত ব্যাকৰণ কেতিয়াও উপেক্ষা কৰা নাই। উলম্ব আৰু আনুভূমিক কেনভাছৰ তাগিদা অনুসৰি তেওঁ কম্পোজিচন ৰচনা কৰিছে। আনহাতে, স্বয়ংসম্পূৰ্ণ ড্ৰয়িংসমূহৰ ক্ষেত্ৰত তেওঁ জ্যামিতিৰ চেতনা আয়ত্ত কৰিছে লোকায়ত শিল্পৰপৰা – অসমৰ বয়ন শিল্পত দেখা পোৱা মিনিমেলিষ্ট ফৰ্মৰ আৰ্হি তেওঁৰ ড্ৰয়িঙত বিদ্যমান।

মিশ্ৰ এবষ্ট্ৰেক্ট শিল্পী নহয়। কিছুসংখ্যক ষ্টাইলাইজ্ড বা ডিছ্টোৰ্টেড ড্ৰয়িং তেখেতৰ আছে যিবোৰৰ অনুপ্ৰেৰণা নিঃসন্দেহে লোকশিল্পৰপৰা আহৰিত। বাকী যিখিনি বাস্তৱবাদী ফিগাৰেটিভ অবয়ৱ আছে সেইখিনিও লোকজীৱনৰ আৱেদনেৰে পূৰ্ণ। সেয়েহে বেণু মিশ্ৰৰ ছবিৰ মানুহবোৰৰ মুখবোৰ যেন অচিনাকি হৈও চিনাকি। ক'ৰবাত যেন লগ পাইছোঁ, কেনেবাকৈ যেন চিনি পাওঁ মানুহবোৰক। কোনোবাখিনিত যেন নিচেই আপোন এই মানুহবোৰ। এই মুখবোৰ।

হাতে হাতে শিল্প, ঘৰে ঘৰে শিল্প...

Benu Misra - article written by Samudra Kajal Saikia (7)যদি বুজিবৰ সুবিধাৰ অৰ্থে আমি শিল্পকৰ্মক উচ্চ-শিল্প (হাই আৰ্ট) আৰু জনপ্ৰিয় (পপুলাৰ) বা বহুল-সম্প্ৰসাৰণৰ শিল্প (mass media) বুলি দুটা ভাগ কৰি লওঁ (যদিওবা এনেদৰে কৰা ভাগ-বিভাগ সদায়েই অসুবিধাজনক), তেনেহ'লে ক'ব লাগিব বেণু মিশ্ৰ দুয়োটা ধাৰাৰেই নিৰৱচ্ছিন্ন আৰু সফল কৰ্মী। অসমৰ ক্ষেত্ৰত উচ্চ-শিল্পৰ জগতখন আজিও চালুকীয়া বুলি ক'ব পাৰি। অন্যহাতে, জনপ্ৰিয় শিল্পৰ জগতখনো তথৈৱচ। নব্বৈৰ দশকৰ গোলকীকৰণ বা এই শতিকাৰ ডিজিটেল আন্দোলনেও অসমৰ সাংস্কৃতিক পৰিমণ্ডলত দৃশ্যমান সংবেদনাক বিশেষ টনকিয়াল নকৰিলে। সহজকৈ বুজাবলৈ গ'লে - এটা সময়ত হাতেৰে লেখা কিতাপ-আলোচনীৰ বেটুপাতৰ যি অলপ-অচৰপ কলাসুলভ কেলিগ্ৰাফি আছিল, আজিলৈ সিও প্ৰায় নোহোৱাই হ'লগৈ। ডিজিটেল আগ্রাসনক ইতিবাচক বুলি গ্ৰহণ কৰিব খুজিলেও এই কথা সত্য যে অসমীয়া লিপিৰ এটা বা দুটা 'ফন্ট' বাদ দি কোনো দৃষ্টিনন্দন 'ফন্ট' আজিলৈকে নোলাল। টাইপ'গ্ৰাফিৰ কোনো প্ৰচলিত চৰ্চা আমাৰ মাজত নাই। হঠাতে জাকে জাকে প্ৰকাশ হ'বলৈ ধৰা অজস্ৰ অসমীয়া ভাষাৰ আলোচনীত সুস্থ কলা-ৰুচিবোধ অৱহেলিত হৈ ৰ'ল। বেটুপাতত মহিলা মডেল এগৰাকীৰ ফটো একোখন লগাই দিয়াতেই কলা-সম্পাদকৰ কাম শেষ হোৱা হ'ল। এনেকুৱা এটা সময়ত বেণু মিশ্ৰক বাৰে বাৰে মনলৈ অনাটো একো অস্বাভাৱিক নহয়।

Benu Misra - article written by Samudra Kajal Saikia (8)বেণু মিশ্ৰৰ ড্ৰয়িং সম্পৰ্কে নিলগাই কথা পতাৰ অৱকাশ আছে। অসমৰ লোকজীৱনৰ সমল আহৰণ কৰি তেখেতে নিজস্ব এটা শৈলী উদ্ভাৱন কৰি লৈছিল। মিশ্ৰৰ অবয়ৱ বা ফিগাৰসমূহ সাৰ্বজনীন বা ইউনিভাৰ্ছেল হৈয়ো সাধাৰণীকৃত নহয়। একোটা স্থান-কালৰ সৈতে সেইবোৰ যুক্ত। এনাটমি আৰু সাৰ্বিক আবেদনত বহু জনজাতীয় সমাৱেশৰ এই ভূখণ্ডৰ নৃগোষ্ঠীয় প্ৰচ্ছায়া জলজল-পটপট হৈ আছে। গুৱাহাটীৰ ‘কথা’ৰদ্বাৰা প্ৰকাশিত 'কবিতা' আলোচনীৰ পৃষ্ঠা দখল কৰা এলানি পানীৰং আৰু চিঞাহীৰ ড্ৰয়িং যিসকলৰ মনত আছে সেইসকলে বিনা দ্বিধাই স্বীকাৰ কৰিব পানীৰং, চিঞাহী আৰু কলম মাধ্যমত মিশ্ৰৰ দখল কিমান। দ্বিতীয়তে, সেই স্কিল বা কলা-কুশলতাক এক অনন্য দৃশ্যমান আৱেদন দি কেনেকৈ এটা নতুন দৃশ্যভাষা মিশ্ৰই তৈয়াৰ কৰি লৈছিল। তৃতীয়তে, এইটোও মনত ৰাখিব কেনেকৈ ছপাশাল-নিৰ্ভৰ এটা বহুল প্ৰকাশনৰ মাধ্যমকো ছিৰিয়াছ শিল্পভাষাৰ বাবে তেখেতে গুৰুত্বসহকাৰে লৈছিল।

বেণু মিশ্ৰৰ আটাইতকৈ ডাঙৰ অৱদানটোৱেই হ'ল হাতেৰে স্পৰ্শ কৰা নিষিদ্ধ বুলি ঘোষিত, শুকুলা ৰঙেৰে বোলোৱা গেলেৰিৰ চাৰিবেৰৰ মাজত আবদ্ধ উচ্চ-শিল্পৰ সংৱেদনাকো তেখেতে মানুহৰ হাতে হাতে তুলি দিলে, মানুহৰ ঘৰে ঘৰে বিলাই দিলে - তেখেতৰ সহস্ৰাধিক ইলাষ্ট্ৰেশ্যনেৰে, বেটুপাত-অংকনেৰে, অৱলীলায় কৰা ড্ৰয়িঙেৰে। এই আপাত দৃষ্টিৰে পপুলাৰ বা নিম্নবৰ্গীয় বুলি সততে উপেক্ষিত কৰ্মৰাজিয়েও বিদ্বান সমালোচক সুধীজনৰ দৃষ্টি সমানেই আকৰ্ষণ কৰিলে। কলা সমালোচক মৌচুমী কন্দলীয়ে সেয়ে কয়, "কেনভাছৰ লগতে বেটুপাত সংৰচনা, ইলাষ্ট্ৰেশ্যন, স্কেচ আদি কলাক্ষেত্ৰতো তেওঁৰ স্বকীয় প্ৰতিভা পৰিস্ফুট হৈছে। উল্লেখযোগ্য যে বেটুপাত সংৰচনাৰ ক্ষেত্ৰত অসমত এক নতুন ধাৰা প্ৰৱৰ্তন কৰি এক বৈপ্লৱিক পৰিৱৰ্তন অনা শিল্পীগৰাকীয়েই হৈছে বেণু মিশ্ৰ"।

Benu Misra - article written by Samudra Kajal Saikia (9)প্ৰবীণ কবি আৰু কলা-আলোচক নীলমণি ফুকনদেৱেও বেণু মিশ্ৰৰ কথা ক'বলৈ গৈ "বেণু মিশ্ৰ : কিছু স্মৃতিকথা, কিছু ছবিৰ কথা" নামক লেখাটি আৰম্ভ কৰিছে ষাঠিৰ দশকৰ আৰম্ভণিতে মহেন্দ্ৰ বৰা সম্পাদিত 'মণিদীপ'ৰ সাংস্কৃতিকী শিতানত ছপা হোৱা ৰবীন্দ্ৰনাথৰ এটা কবিতাৰ আধাৰত অঁকা 'নিৰ্ঝৰেৰ স্বপ্নভংগ' নামৰ ছবিৰে। তেখেতৰ প্ৰথম কবিতাপুথি 'সূৰ্য হেনো নামি আহে এই নদীয়েদি' (১৯৬৩)ৰ প্ৰচ্ছদখনো কৰিছিল মিশ্ৰই। তাৰ পিছত ফুকনদেৱৰ ভাষ্য এনে – "কিতাপখন ছপা হৈ ওলোৱাৰ পাছত মিশ্ৰই অঁকা প্ৰায় বিমূৰ্তধৰ্মী এই প্ৰচ্ছদ চিত্ৰখনিয়ে কিছুসংখ্যক বিদ্বান লেখক-পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিছিল। মহেন্দ্ৰ বৰাই 'মণিদীপ'ৰ এটা সম্পাদকীয়ত প্ৰচ্ছদখনৰ বিষয়ে লিখি মিশ্ৰক উৎসাহিত কৰিছিল। তাৰ পাছত, তেওঁৰ প্ৰচ্ছদ চিত্ৰই যোৱা চাৰিটা দশক ধৰি অসমৰ লেখক-প্ৰকাশকৰ অসংখ্য গ্ৰন্থ-আলোচনীক এটা শোভন ৰূপ দিছে, কিঞ্চিত পৰিমাণে হ'লেও ছবিৰ লগত সম্পৰ্ক নথকা বা ছবি চোৱাৰ অভ্যাস নথকা পাঠকৰো দৃশ্যগত কল্পনা, চেতনা দৃষ্টি ৰুচিক সমৃদ্ধ কৰিছে; এখন প্ৰচ্ছদ চিত্ৰই বিশেষকৈ মুদ্ৰণ আৰু স্পেচ বা স্থান সম্পৰ্কীয় অনেক সীমাবদ্ধতাৰ মাজত যিমানখিনি কৰিব পাৰে।"

সম্ভৱতঃ কবিতাৰ জনপ্ৰিয়কৰণত হীৰুদাৰ যি ভূমিকা আছিল, দৃশ্যমান শিল্পক জনপ্ৰিয়কৰণৰ ক্ষেত্ৰত বেণু মিশ্ৰৰ ভূমিকাও তেনেকুৱাই বুলি ক'ব পাৰোঁ। "...বেণু মিশ্ৰই যোৱা চাৰিটা দশকজুৰি কৰা ড্ৰয়িং আৰু চিত্ৰায়ণৰ (Illustration) সংখ্যা হাজাৰৰ ঘৰত। ড্ৰয়িং এতিয়া শিল্পীৰ কেৱল ব্যক্তিগত অনুশীলনৰ বস্তু হৈ থকা নাই, ছবিৰ প্ৰস্তুতিমূলক অঙ্কনো নহয়, - নিজেই বিশিষ্ট এক কলা, সম্পূৰ্ণ ছবি" – এয়া ফুকনদেৱৰ কথা। একেটা সুৰতে এইখিনি কথাও গুৰুত্বপূৰ্ণ – "কল্পনা, উদ্ভাৱনী শক্তি, অঙ্কন দক্ষতা, ইমেজ ৰচনা, বৰ্ণচয়ন আৰু বৰ্ণ প্ৰয়োগেৰে অসমৰ কিতাপ-আলোচনীৰ প্ৰচ্ছদ চিত্ৰক মিশ্ৰই নতুন এটা মাত্ৰা, মৰ্যাদা দিলে। মিশ্ৰৰ আগতে শ্ৰীযুত হেমন্ত মিশ্ৰ ('ৰামধেনু'ৰ প্ৰচ্ছদ) আৰু শ্ৰীযুত ভৱানীভূতি ভট্টাচাৰ্যৰ ('নতুন কবিতা') দুখনমান প্ৰচ্ছদে অসমীয়া কিতাপ-আলোচনীৰ প্ৰচ্ছদলৈ এটা নবীনতা আনিছিল। মিশ্ৰই এতিয়ালৈকে হাজাৰখন প্ৰচ্ছদ চিত্ৰ আঁকিছে। মিশ্ৰৰ প্ৰায় প্ৰত্যেকখন প্ৰচ্ছদ চিত্ৰই নয়নাভিৰাম, চিত্তাকৰ্ষক। কোনোখনৰ শিল্পগুণ, সৃজনশীল এটা মূল্যও আছে।"

সাধাৰণ মানুহৰ সহজাত চিত্ৰকল্পৰ চেতনা, দৃশ্যগত ভাবনাৰ প্ৰতি বুভুক্ষা আৰু শিল্পক নিজৰ আৰু সমাজৰ দাপোণ হিচাপে চাবলৈ যি হাবিয়াস – তাক আজিলৈকে আটাইতকৈ ভালকৈ বুজি পালে বেণু মিশ্ৰই। আমি বুজি পাম কেতিয়া?

সমুদ্ৰ কাজল শইকীয়া

Share Button
Print Friendly, PDF & Email

1 Comment : "যি শিল্পত "হাতেৰে নুচুব" বুলি লেখা নাথাকে... : কুশলী শিল্পী বেণু মিশ্ৰ সম্পৰ্কে যৎকিঞ্চিত"

Leave a Comment

Your email address will not be published. Required fields are marked *