ভূমি অধিগ্রহণ আইন আৰু কৃষক-বিৰোধী নীতি (দ্বিপেন কাকতি)

ইউ পি এ চৰকাৰে ২০১৩ চনত প্রৱর্তন কৰা ‘Right to Fair Compensation and Transparency in Land Acquisition, Rehabilitation and Resettlement Act, 2013, or LARR Act’-ত নতুন কিছু ধাৰা সন্নিৱিষ্ট কৰি ভূমি অধিগ্রহণ সংক্রান্তীয় একেই নামৰ আন এখন কঠোৰ অধ্যাদেশ জাৰি কৰিলে এন ডি এ চৰকাৰে৷ কংগ্রেছ, বাঁওপন্থী দল প্রমুখ্যে বিভিন্ন ৰাজনৈতিক দলে সংসদত ঐক্যস্বৰে এই অধ্যাদেশৰ তীব্র বিৰোধিতা কৰিলে৷ আনহাতে, এন ডি এৰ গোত্রভুক্ত কিছুমান ৰাজনৈতিক দল, যেনে– আকালি দল, শিৱসেনা আদিয়েও এই অধ্যাদেশৰ ক্ষেত্রত চৰকাৰৰ বিৰুদ্ধে স্থিতি গ্রহণ কৰিলে৷ সংসদৰ বাহিৰতো বিভিন্ন স্বেচছাসেৱী সংগঠন, কৃষক সংগঠন আৰু আনকি ভাৰতীয় জনতা পার্টিৰ ভাতৃ সংগঠন কিছুমানো এই অধ্যাদেশ প্রত্যাহাৰৰ দাবীত সোচ্চাৰ হৈ উঠিছিল৷

এই অধ্যাদেশখন আইনলৈ ৰূপান্তৰিত কৰাৰ আগতে বিৰোধী পক্ষই প্রস্তাৱ কৰা ৫২টা সংশোধনীৰ বিপৰীতে মাত্র ৯টা সংশোধনীৰে, গোত্রভুক্ত দলৰ সমর্থন লৈ এন ডি এ চৰকাৰে উক্ত বিধেয়কখন সংসদত গৃহীত কৰিলে৷ কোৱা বাহুল্য যে এন ডি এ চৰকাৰৰ ‘নিউক্লিয়াছ’ হিচাপে কাম কৰা ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘই এই ক্ষেত্রত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিলে৷

কংগ্রেছ নেতৃত্বাধীন ইউ পি এ চৰকাৰে যিখন আইন প্রৱর্তন কৰিছিল, সি ব্রিটিছ-প্রণীত ‘কেন্দ্রীয় ভূমি অধিগ্রহণ আইন, ১৮৯৪’-ৰ ব্যাপক সংশোধন ঘটাই ‘যৎসামান্য’ মানৱীয় বিচাৰ-বিবেচনাৰে উন্নয়নৰ চাহিদা পূৰাব পৰা ভিত্তি এটা প্রস্তুত কৰাৰ প্রয়াস কৰিছিল৷ ব্রিটিছে শোষণৰ আহিলা হিচাপে ব্যৱহাৰ কৰা সেই আইনখন দৰাচলতে স্বাধীনতাৰ পাছতে সংশোধন হ’ব লাগিছিল৷ কিন্তু স্বাধীন ভাৰতৰ অর্ধ-সামন্ততান্ত্রিক চৰিত্র অটুট থকা কাৰণে নেহৰু কিম্বা ইন্দিৰা গান্ধীৰ চৰকাৰে সেই দিশত অগ্রসৰ হ’বলৈ সাহস কৰিব পৰা নাছিল৷ এতিয়া নব্য উদাৰ অর্থনীতিত পৰিস্থিতি সলনি হৈছে,পুঁজিৰ প্রভাৱ-প্রতিপত্তি বাঢ়িছ়ে, সকলো ক্ষেত্রতে অগ্রাধিকাৰো লাভ কৰিছে৷ আৰু, পুঁজিৰ স্বার্থ পূৰাবলৈকে যদিও পূর্বৰ ইউ পি এ চৰকাৰে উক্ত আইনৰ সংশোধন ঘটাই  ‘LARR Act’ প্রৱর্তন কৰিছিল, এন ডি এ চৰকাৰে পুঁজিৰ স্বার্থক সমৃদ্ধ কৰাৰ ক্ষেত্রত অধিক তৎপৰ আৰু অধৈর্য হৈ উঠাই নহয়, অধিক আক্রমণাত্মকো হৈ উঠা দেখা গ’ল৷ আচৰিত হ’ব লগা নাই, কাৰণ নব্য উদাৰ অর্থনীতিৰ পটভূমিত উন্নয়নৰ সপোন দেখা এন ডি এৰ এই ভূমিকা অপ্রত্যাশিত নাছিল৷

ভূমি অধিগ্রহণ আইনত ব্যৱহাৰ হোৱা ‘ৰাজহুৱা উদ্দেশ্য’ৰ দৰে শব্দাৱলীয়ে অর্থগত দিশত অস্পষ্টতাৰ সৃষ্টি কৰে৷ ৰাস্তা-ঘাট নির্মাণ, জলসিঞ্চনৰ নলা নির্মাণ, উদ্যোগ নির্মাণ আৰু আনকি উন্নত পদ্ধতিৰে যান্ত্রিক ব্যৱস্থাৰে কৃষি উৎপাদন কৰাটোকো ‘ৰাজহুৱা উদ্দেশ্য’ বুলি যুক্তি দর্শাব পৰা যায়৷ আন কথাত ক’বলৈ গ’লে, দেশৰ ঘৰুৱা উৎপাদন বৃদ্ধি কৰিব পৰা সকলো অর্থনৈতিক কাম-কাজকে ৰাজহুৱা স্বার্থসমৃদ্ধ কাম বুলি দাবী কৰিব পৰা যায়৷ কিন্তু দেশৰ ঘৰুৱা উৎপাদন বৃদ্ধি হ’লেই অথবা জনমূৰি আয় বৃদ্ধি হ’লেই জনগণৰ অৱস্থা অথবা কৃষকৰ অৱস্থা উন্নত হয়নে অথবা হ’ব পাৰেনে? যদি কোনোবাই কয় – হ’ব পাৰে, তেন্তে আমি প্রশ্ন কৰিম – যোৱা দুটা দশকত তিনি লক্ষাধিক কৃষকে কিয় আত্মহত্যা কৰিছে? আমি প্রশ্ন কৰিম – যোৱা পাঁচটা দশকত দেশৰ জনমূৰি খাদ্য গ্রহণৰ পৰিমাণ বছৰি ১৭৮ কিল’গ্রামৰপৰা কমি ১৪৮ কিল’গ্রাম কিয় হ’ল? আৰু আমি প্রশ্ন কৰিম – যোৱা দুটা দশকত মুকেশ আম্বানিৰ প্রতি মিনিটৰ উপার্জন প্রায় চল্লিশ গুণ কেনেকৈ বৃদ্ধি পালে? এইফালে কৃষকে জীৱিকাৰ একমাত্র সম্বল কৃষি ভূমিকণ বিক্রী কৰিছে, আনফালে ৰতন টাটাই বিদেশত ইটোৰ পাছত সিটো কোম্পানি ক্রয় কৰিছে৷ কেনেকৈ?

কোৱা বাহুল্য যে তদানীন্তন ব্রিটিছ-প্রণীত আইনখনৰ সুবিধা লৈ ইতিমধ্যেই দেশৰ মহাজন, জোটদাৰ, শিল্পপতি, মাটিৰ দালালে শত-সহস্র কৃষকক সর্বস্বান্ত কৰিলেই৷ সেইসকলৰ ষড়যন্ত্রৰ ফলত বহুতো দৰিদ্র, নিৰক্ষৰ আৰু অজলা কৃষকৰ কৃষিভূমি স্থাৱৰ সম্পত্তিলৈ ৰূপান্তৰিত হ’ল আৰু সেইবিলাকৰপৰা পৰৱর্তী কালত তেওঁলোকে হাজাৰ হাজাৰ কোটি টকা উপার্জন কৰিলে৷ তাৰপৰা সমাজৰ কিবা লাভ হ’লনে? কর্মসংস্থাপন বৃদ্ধি পালেনে? সমাজৰ কিবা লাভ হ’লনে? নহ’ল৷ কিন্তু অর্থনীতিৰ অংকত ঘৰুৱা উৎপাদন বৃদ্ধি পালে৷ (আজিৰপৰা বছৰদিয়েক আগতে অখিল গগৈয়ে অনা-অসমীয়া মাটিৰ দালালৰ বিৰুদ্ধে আন্দোলন গঢ়ি তোলাৰ কথা স্মৰণীয়৷)

সেই আইনৰ সীমাবদ্ধতা আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ ২০১৩ চনৰ সংশোধিত আইনত যিবোৰ চর্ত আৰোপ কৰা হৈছিল, সেইবিলাক আছিল – (১) ব্যক্তিগত প্রকল্পৰ বাবে ৮০ শতাংশ আৰু ৰাজহুৱা-ব্যক্তিগত খণ্ডৰ যৌথ প্রকল্পৰ বাবে ৭০ শতাংশ ভূমি স্বত্বাধিকাৰীৰ সন্মতি জনাব লগা হোৱাৰ বাধ্যতামূলক পূর্বচর্ত, (২) কৃষিভূমিৰ ক্ষেত্রত ভূমিৰ মূল্য বজাৰ মূল্যতকৈ চাৰিগুণ বেছিকৈ আৰু নগৰীয়া ভূমিৰ ক্ষেত্রত দুগুণ বেছিকৈ ধার্য কৰা, (৩) পাঁচ বছৰৰ ভিতৰত প্রকল্পৰ কাম কার্যকৰী নহ’লে, মাটিখিনি পূর্বৰ মালিকক ওভতাই দিয়া হ’ব, (৪) অধিগৃহীত ভূমিৰ পৰিয়ালৰ সদস্যক সংশ্লিষ্ট প্রকল্পত চাকৰি দিয়াৰ উপৰি আক্রান্ত কৃষক পৰিয়ালটোৰ ক্ষতিপূৰণ দিয়া আৰু পুনৰসংস্থাপন কৰাটো বাধ্যতামূলক কৰা৷ কিন্তু সচেতন লোকসকলক আশ্চর্যান্বিত কৰি এন ডি এ চৰকাৰৰ প্রস্তাৱিত অধ্যাদেশত নির্দিষ্ট কিছুমান ক্ষেত্রত এই চর্তসমূহ প্রত্যাহাৰ কৰিবলৈ বিচৰা হৈছে৷ সেই ক্ষেত্রসমূহক যে ‘ৰাজহুৱা উদ্দেশ্য’ৰ আওতাত অন্তর্ভুক্ত কৰা হ’ব, সেই সম্পর্কে আমাৰ সন্দেহ নাই৷ যা হওক, ইউ পি এ চৰকাৰৰ আইনখন আসোঁৱাহমুক্ত নহয় যদিও এন ডি এ চৰকাৰৰ আইনখনৰ তুলনাত সেইখন আইন বহু পৰিমাণে কৃষকৰ সপক্ষে থকা বুলি বহু সংগঠনৰ নেতৃত্বই অনুভৱ কৰে৷

ভাৰতবর্ষত আধাতকৈ বেছি লোক খেতিৰ লগত জড়িত৷ মাটিৰ লগত তেওঁলোকৰ আৱেগ জড়িত হৈ থাকে৷ সেই মাটিডোখৰ তেওঁলোকৰ জীৱিকাৰো মাধ্যম৷ সেইকাৰণেই সম্ভৱ, খেতিৰ মাটিডোখৰক তেওঁলোকে হিয়াৰ আমঠুৰ দৰে আঁকোৱালি ৰাখে৷ তদুপৰি খেতিৰ মাটিডোখৰ তেওঁলোকৰ সামাজিক মর্যাদাৰো পৰিচায়ক৷ গতিকে সেইডোখৰ মাটিৰ মূল্য দি বলপূর্বক কিনি ল’বলৈ বিচৰা কার্যক কৃষক-বিৰোধী পদক্ষেপ বুলিয়েই অনুভৱ কৰা হয়৷

‘LARR Act’-ৰ সংশোধনী অধ্যাদেশ/বিধেয়কখনৰ ঘোষিত লক্ষ্য হ’ল– অর্থনৈতিক বুনিয়াদ গঢ়ি তুলি, পাঁচবিধ শিল্পোদ্যোগ (জাতীয় নিৰাপত্তা, প্রতিৰক্ষা, বিদ্যুৎ, জলসিঞ্চনকে ধৰি অন্যান্য প্রয়োজনীয় সামগ্রী উৎপাদন-বিতৰণৰ লগত জড়িত প্রতিষ্ঠান, ঔদ্যোগিক কৰিড’ৰ আৰু ৰাজহুৱা-ব্যক্তিগত খণ্ডৰ উমৈহতীয়া সামাজিক প্রকল্প আদি এই ক্ষেত্রত মাটিৰ মালিকানা চৰকাৰৰ হাতত থাকিব বুলি কোৱা হৈছে) প্রতিষ্ঠাৰ বাবে জেগা উলিয়াই দি গ্রাম্য অর্থনীতিৰ বিকাশ সাধন কৰা৷ এন ডি এ চৰকাৰে অধ্যাদেশৰ সপক্ষে এইবুলি যুক্তি দর্শাইছে যে ‘LARR Act-২০১৩’ই গ্রাম্য অর্থনীতিৰ বিকাশৰ দিশত কোনো পদক্ষেপ লোৱা নাছিল আৰু আইনখনৰ ১০৫ নং ধাৰাৰ আসোঁৱাহখিনি আঁতৰোৱাৰ কোনো ব্যৱস্থা লোৱা নাছিল৷ অৱশ্যে উক্ত আইনে নির্ধাৰণ কৰি দিয়া ক্ষতিপূৰণ আৰু পুনৰসংস্থাপনৰ নির্দেশাৱলীৰ লগত তেওঁলোকৰ কোনো বিৰোধ নাই৷ সেইবিলাক বাহাল ৰখা হৈছে৷ বিত্তমন্ত্রী অৰুণ জেটলিয়ে এটা নিবন্ধত লেখিছিল যে ‘LARR Act-২০১৩’ত সন্নিৱিষ্ট কর্মসংস্থান যোগান ধৰাৰ বাধ্যতামূলক চর্তটো ক্ষতিপূৰণ আৰু পুনৰসংস্থাপনৰ ব্যৱস্থাই নির্ধাৰণ কৰি দিয়া পৰিসৰৰ মাজত থাকি, নির্দিষ্ট তেৰটা শিল্প (Coal Bearing Areas Acquisition And Development Act, 1956, The National Highways Act, 1956, The Land Acquisition Mining Act,1885 ইত্যাদি)-ৰ ক্ষেত্রতহে প্রযোজ্য হ’ব৷ (এই ক্ষেত্রতো আইনৰ মেৰপেঁচ ইমান বেছি হ’ব যে তাৰ জঁট ভঙাই মস্কিল হ’ব৷) প্রস্তাৱিত আইনখনৰ জৰিয়তে ভূমি অধিগ্রহণ প্রক্রিয়াক যথাসম্ভৱ সহজ আৰু সৰল কৰি তুলিবলৈ বিচৰা হৈছে বুলিও জেটলিয়ে কৈছে৷

সি যি নহওক, নতুন ভূমি আইনখন দেশৰ সৰহভাগ দল-সংগঠনেই মানি ল’বলৈ বিচৰা নাই৷ ‘একতা পৰিষদ’ নামৰ হাৰিয়ানাত মুখ্য কার্যালয় থকা স্বেচ্ছাসেৱী সংগঠন এটাৰ সাধাৰণ সম্পাদক পি ভি ৰাজাগোপালৰ মতে এন ডি এ চৰকাৰে বিশ্ব বেংকৰ ভাষাত কথা ক’বলৈ লৈছে৷ বিশ্ব বেংকে কোন দেশে কিমান বিদেশী পুঁজি আকর্ষণ কৰিব পাৰে, তাৰ ওপৰত ভিত্তি কৰি দেশবোৰক শ্রেণীবদ্ধ কৰে৷ গতিকে চৰকাৰে বিদেশী পুঁজিৰ পৰিমাণ বঢ়াই নিজৰ অৱস্থান উন্নত কৰিবলৈ বিচাৰিছে৷ তেওঁ আৰু কয়– চৰকাৰে কর্মসংস্থাপনৰ কথা কয় ঠিকেই, কিন্তু তাতো ঠগবাজি আছে, কাৰণ তেনে প্রতিষ্ঠানবোৰত সৃষ্টি হ’ব লগা চাকৰিৰ সংখ্যা মুঠ শ্রমিক-কর্মচাৰীৰ পাঁচ শতাংশৰ অধিক নহ’ব৷ আমাৰ দেশত কৃষকসকলে খেতি আৰু জনজাতিসকলে বনাঞ্চলৰ ওপৰত নির্ভৰ কৰি, স্বনিযুক্ত হৈ জীৱিকা উপার্জন কৰে৷ এই আইনৰ জৰিয়তে, বণিক-শিল্পপতিৰ স্বার্থত, তেওঁলোকৰ স্বনিযুক্তিৰে জীৱিকা নির্বাহৰ পথো বন্ধ কৰিবলৈ লৈছে৷

বহু দল-সংগঠনে ইউ পি এ চৰকাৰে প্রৱর্তন কৰা আইনখনকে বাহাল ৰখাটো বিচাৰিছে৷ তেওঁলোকৰ মতে, সেইখন আইনো দৰাচলতে গ্রহণযোগ্য নহয়, কিন্তু অগ্নিবক্ষলৈ নিক্ষেপিত হোৱাতকৈ তপত খোলাই ভাল বুলি তেওঁলোকে ভাবে৷ তাত অন্ততঃ অধিগৃহীত ভূমিৰ স্বত্বাধিকাৰীৰ পৰিয়ালক কর্মসংস্থাপন দিয়াৰ আৰু দেশৰ পাঁচ কোটি ভূমিহীন মানুহক সম্ভ্রমেৰে জীয়াই থাকিবলৈ এচিকটাকৈ মাটি দিয়াৰ প্রতিশ্রুতি আছে৷ উল্লেখযোগ্য যে এন ডি এ চৰকাৰে প্রৱর্তন কৰা ভূমি অধিগ্রহণ আইনখনত যি ৯টা সংশোধনী ঘটালে, তাৰ ভিতৰত ভূমিৰ স্বত্বাধিকাৰী পৰিয়ালৰ এজনক কর্মসংস্থাপন দিয়া, ঔদ্যোগিক কৰিড’ৰৰ পৰিসৰ কিছু সংকুচিত কৰা আৰু যিমান সম্ভৱ কমকৈ ভূমি অধিগ্রহণ কৰাৰ প্রতিশ্রুতি বিশেষভাৱে উল্লেখযোগ্য৷ শেহৰ প্রতিশ্রুতিটো আপেক্ষিক, কাজেই তাৰ অর্থৰ স্থান-কালভেদে তাৰতম্য থাকিব৷

পৰিয়ালৰ এজনক কর্মসংস্থাপন দিব আৰু বাকীসকলক ক্ষতিপূৰণ দিব৷ উল্লেখযোগ্য যে ক্ষতিপূৰণৰ প্রশ্নত প্রায়বোৰ সংগঠনেই এই কথাত একমত যে ই দৰাচলতে এখন ফান্দহে৷ দৰিদ্র, ৰোগগ্রস্ত, অজ্ঞ কৃষকসকলক মোটা অংকৰ ধনৰ লোভ দেখুৱাই তেওঁলোকক ভূমি বিক্রীৰ সিদ্ধান্ত ল’বলৈ ফুচুলোৱা হয়৷ এনে ফুচুলনিত ভোল যোৱা বহু লোকৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা৷ তেওঁলোকৰ বহুতে ২০১৩ চনৰ ভূমি অধিগ্রহণ আইনখন বাহাল ৰাখি তাত ভূমিৰ স্বত্বাধিকাৰীয়ে লাভ কৰা ক্ষতিপূৰণৰ ধনৰাশিৰ সমুচিত সুৰক্ষাৰ ব্যৱস্থা অন্তর্ভুক্ত হোৱাটো বিচাৰিছিল৷

পিছে ভূমি অধিগ্রহণ আইনখন ইউ পি এৰে হওক বা এন ডি এৰে হওক, প্রতিবাদী সংগঠনসমূহৰ সৈতে আমিও এটা কথাত এক মত যে কোনোখন আইনেই কৃষকসকলক সকাহ নিদিয়ে, সি বৰং নব্য উদাৰ অর্থনীতিত ইতিমধ্যেই জলা-কলা খোৱা কৃষিজীৱী লোকসকলক তপত খোলাৰপৰা অগ্নিবক্ষলৈহে নিক্ষেপ কৰিব৷

Share Button
Print Friendly, PDF & Email

No Comments : "ভূমি অধিগ্রহণ আইন আৰু কৃষক-বিৰোধী নীতি (দ্বিপেন কাকতি)"

Leave a Comment

Your email address will not be published. Required fields are marked *