অতিথি সম্পাদকৰ চ'ৰাতৃতীয় বছৰতৃতীয় বছৰ (তৃতীয় সংখ্যা)

বিকল্প শক্তি ৰূপে সৌৰশক্তিৰ প্ৰয়োজনীয়তা-(পাপৰি বৰা)

সূৰ্যৰ পোহৰ সকলো শক্তিৰে আধাৰ। যুগে যুগে  এই শক্তিৰ বাবেই অতীজৰে পৰা  আমাৰ পৰম্পৰাতো সূৰ্য  দেৱতা ৰূপে আৰাধ্য।  জীৱকুলৰ শক্তিৰ আধাৰ ইয়াৰ পৰাই যেন আৰম্ভ। এই সূৰ্যৰ প্ৰখৰ ৰশ্মিৰ পৰা আমি শক্তি আহৰণ কৰিব পাৰোঁ। পুন: পুন: ব্যৱহাৰ কৰিব পৰা অৰ্থাৎ নবীকৰণযোগ্য শক্তিৰ ভিতৰত সূৰ্যৰ পৰা প্ৰাকৃতিকভাবে আহৰণ কৰা সৌৰ শক্তি অন্যতম৷ মুখ্যতঃ তাপকেন্দ্ৰ, থাৰ্মেল শক্তি, কৃত্রিমভাবে উদ্ভিদৰ সালোক সংশ্লেষণ পৰ্যন্ত সম্ভৱপৰ হৈ উঠিছে এই শক্তিৰ দ্বাৰা। অধিক পৰিমাণৰ সৌৰ শক্তিয়ে বিদুৎ উৎপাদনত সহায়ক হয় ।

আৰ্ন্তজাতিক শক্তি প্ৰতিষ্ঠানৰ মতে শুদ্ধ সৌৰ শক্তিৰে চালিত বিভিন্ন প্ৰযুক্তি আৰু সঁজুলিসমূহ দীৰ্ঘম্যাদী লগতে স্থায়ী হোৱাৰ উপৰিও প্ৰদূষণ ৰোধ কৰাত যথেষ্ট সহায়ক হয়। গোলকীয় উষ্ণতা হ্ৰাস কৰাতো ইয়াৰ উল্লেখযোগ্য ভূমিকা আছে। আমাৰ জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ সীমিত কৰি মূল্যবৃদ্ধি ৰোধ কৰাতো ই সহায় কৰে। কৃষিখণ্ডত আৰু আমাৰ উদ্যান শস্য খণ্ডতো এই সৌৰ শক্তি ব্যৱহাৰ কৰি উৎপাদন বৃদ্ধি কৰিব পৰা যায়। ইতিমধ্যে কৰা হৈছে যদিও বহুলভাবে প্ৰসাৰ কৰিলে ইয়াৰ উপকাৰিতা আৰু লক্ষ্যসমূহ পূৰ্ণ হ’ব। কৃষিখণ্ডত পানী যোগানৰ বাবে পাম্প চলোৱা, শস্য শুকুৱা আদি কামত ব্যৱহাৰ কৰাৰ উপৰিও ব্ৰইলাৰ ফাৰ্ম আদিতো সৌৰ তাপ ব্যৱহাৰেৰে উপকৃত হব পাৰি। শীত-তাপনিয়ন্ত্ৰিত কোঠা, ৰন্ধন আদিতো এই শক্তি কামত লগাব পাৰি। ইয়াৰ উপৰিও ঘৰুৱা প্ৰায় ৮০ শতাংশ প্ৰয়োজন যেনে টেলিভিছন, টেলিফোন, পাম্প, পাংখা, গাড়ী আদিও এই শক্তিৰে চালনা কৰিব পাৰি। বিভিন্ন সৌৰ শক্তিৰ চাৰ্জৰে চালিত হোৱা ৰিক্সা, অন্য বাহন, চ’লাৰ নাও বা সৌৰ নাও, বেলুন আদিও ইয়াৰে দান। চ’লাৰ বেলুন এনে এটা ক’লা বৰণৰ বেলুন য’ত বায়ু ভৰাই ল’ব পাৰি। যেতিয়া সেই বায়ুভৰ্তি বেলুনত সৌৰ ৰশ্মি পৰে তেতিয়া ই গৰম হৈ পৰে আৰু বহলি যায় ঠিক কৃত্রিম হট এয়াৰ বেলুনৰ দৰে।

১৯৭৫ চনতে প্ৰথম ইংলেণ্ডত সৌৰশক্তি চালিত নাও নিৰ্মিত হৈছিল। ১৯৭৯ চনত প্ৰথম যাত্ৰী কঢ়িয়াব পৰা  সৌৰ শক্তি চালিত উৰাজাহাজ নিৰ্মিত হয় যিখন প্ৰায় ৪০ ফুট উচ্চতাত উৰুৱা হৈছিল। কৃত্রিমভাৱে হাইড্ৰজেন উৎপাদন কৰিও সৌৰশক্তিৰ সহায়ত সালোক সংশ্লেষণ কৰি ইন্ধন উৎপাদন সম্ভৱ পৰ হৈছে। থাৰ্মেল ভৰ প্ৰক্ৰিয়াৰে সৌৰ শক্তিক ঘৰুৱা ব্যৱহাৰৰ উষ্ণতাত ৰখা সম্ভৱ। সৌৰ শক্তি চালিত পানী গৰম কৰা হিটাৰ ১৮৯০ চনৰে সংযুক্ত যুক্তৰাষ্ট্ৰ দান।

বৰ্তমান সময়ত দেশ এখনৰ অৰ্থনৈতিক অৱস্থাৰ উন্নতি সাধনত সৌৰ শক্তি উৎপাদনে যথেষ্ট অৰিহনা যোগাব পাৰে। এই প্ৰযুক্তি দীৰ্ঘস্থায়ী যি প্ৰদূষণ ৰোধত সহায়ক। জীৱাশ্ম ইন্ধনৰ বৰ্দ্ধিত ব্যৱহাৰ আৰু তাৰ ফলত হোৱা মূল্যবৃদ্ধি ভাৰতৰ দৰে এখন  দেশৰ জলন্ত সমস্যা গতিকে এনে এক জীৱন্ত সমস্যা হ্রাস কৰাত এই উন্নত সৌৰ শক্তি আহৰণ প্ৰযুক্তি যথেষ্ট সহায়ক। ২০১১ চনৰ আৰ্ন্তজাতিক সৌৰশক্তি প্ৰতিষ্ঠানৰ মতে এই সৌৰ শক্তি পৰিচালিত প্ৰযুক্তিসমূহে অদূৰ ভৱিষ্যতে পৃথিৱীৰ শক্তি উৎপাদনৰ ক্ষেত্ৰত মূল ভূমিকা লবলৈ সক্ষম হ’ব। আমেৰিকা যুক্তৰাষ্ট্ৰ এই সৌৰ শক্তি ব্যৱহাৰৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰতে প্ৰথম স্থান পাবলৈ সক্ষম হৈছে।

ভাৰতবৰ্ষৰ প্ৰায় ৭২ শতাংশ জনসংখ্যা গাঁও অঞ্চলত বসবাস কৰে। বহু গাঁওত বিজুলীৰ ব্যৱস্থা  আজিকোপতি নাই। বহু নগৰ আৰু গাঁও অঞ্চলত বিজুলীৰ ব্যৱস্থা আছে যদিও সি পৰ্যাপ্ত নহয়, তাত সৰহভাগ সময়তে বিজুলী যোগান ব্যাহত হয়। ২৪ ঘণ্টা বিজুলী যোগান এতিয়াও স্বপ্ন হৈয়েই আছে। কিন্তু এই অৱস্থাত সৌৰশক্তিয়ে ইয়াৰ অভাৱ দূৰ কৰিব পাৰে। ভাৰতবৰ্ষৰ প্রকৃতি এই ক্ষেত্রত যথেষ্ট অনুকূল। ভাৰতৰ ভৌগলিক অৱস্থান সৌৰশক্তি আহৰণ কৰিবলৈ উপযুক্ত ঠাই। ট্ৰপিকেল দেশ হিচাপে ভাৰতবৰ্ষত প্ৰায় গোটেই বছৰ জুৰি সূৰ্যৰ পোহৰ পৰে যাৰ পৰিমাণ হব প্ৰায় ৩০০০ ঘণ্টা। গতিকে ই এক যোগাত্মক দিশ। ভাৰতবৰ্ষৰ ৰাজস্থান, উত্তৰপ্ৰদেশ, কৰ্ণাটক, কেৰেলা আদি ঠাই সৌৰশক্তিত যথেষ্ট চহকী ।

২০১৫ চনত আবু ধাবিৰ পৰা হাৱাইলৈ প্ৰথমখন সৌৰশক্তি চালিত উৰাজাহাজ উৰা মাৰে যিখন বিশ্বৰ অতি বেছি দূৰত্ব অতিক্ৰম কৰা প্ৰথমখন সৌৰশক্তি চালিত উৰাজাহাজ আছিল। ২০১৬ চনত বাৰট্ৰেণ্ড পিকাৰ্ড’ (Bertrand Piccard) আৰু আন্দ্ৰে ব’ৰচবাৰ্গ (Andre Borschberg) নামৰ দুজন পাইলটে এই নতুন প্ৰযুক্তিৰে কোনো বিকল্প ইন্ধনৰ সহায় নোলোৱাকৈ ৪০,০০০ কি:মি: উৰণ সম্পূৰ্ণ কৰি সৌৰশক্তি চালিত উৰাজাহাজ চলোৱাৰ বিশ্ব ৰেকৰ্ড স্থাপন কৰিছিল। একেৰাহে ২৩ দিন ধৰি বায়ুমণ্ডলত থাকি প্ৰশান্ত মহাসাগৰ আৰু আটলাণ্টিক মহাসাগৰ অতিক্ৰম কৰিবলৈকো সক্ষম হৈছিল। যিটো সমগ্ৰ বিশ্বৰ বাবে আছিল এক বিস্ময়, এক অসাধ্য যি এই দুই মহান পাইলটে সম্ভৱ কৰি দেখুৱাইছিল।

বিশুদ্ধ সৌৰ শক্তি উৎপাদনৰে দৈনন্দিন সকলো ধৰণৰ বিদুৎ শক্তিৰ ওপৰত নিৰ্ভৰ কৰা কাৰ্যসমূহ সুচাৰুৰূপে সমাধা কৰিব পাৰোঁ। দৈনন্দিন ব্যৱহাৰৰ ওপৰিও  ইয়াক ঔদ্যোগিক ৰূপত বহুলভাৱে ব্যৱহাৰ কৰিব পাৰি।  অৱশ্যে বাৰিষাৰ দিনত যদিও ইয়াৰ শক্তি আহৰণ কৰিব পৰা ক্ষমতা হ্ৰাস পায়, তথাপি ই আন দিনৰ বাবে যথেষ্ট ফলপ্ৰসূ হয়।

শেষত ক’বলৈ গ’লে সৌৰ শক্তি আহৰণেৰে প্ৰয়োজনীয় বিদুৎৰ চাহিদা পূৰাব পাৰিলে সেই সাফল্যই নিশ্চয়কৈ আমাৰ দেশৰ অৰ্থ সামাজিক অৱস্থাৰ উন্নতি সাধনত সহায়ক হ’ব। এই নৱজাগৰণ আনিবলৈ সকলোৱে  একেলগে  আঁচনি সমূহ ফলপ্ৰসু হোৱাত সহায়ক হব লাগিব। বিশ্বজনীন সৌৰ বিপ্লৱত আমাৰ দেশেও সকলো দেশৰ লগত হাত মিলাই এক চমকপ্ৰদ সাফল্য পাব বুলি আশা কৰোঁ।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *