বজাৰ - (প্ৰণৱজ্যোতি ডেকা)

 

 

মোৰ শৰীৰটোৰ অংগ-প্ৰত্যংগ

এপদ এপদকৈ

বিক্ৰী হৈ আছে বজাৰত।

দুয়োখন হাতত

ৰচি লগাই ওলোমাই থৈছে

কছাইখানাৰ ছাগলীটোৰ দৰে

 

বজাৰ বহাৰ লগে লগে কোনোবা এজন আহি মোৰ চুলিখিনি খুৰাই পেলালে।

গুজি দিলে মাথোঁ দহটা টকা বেপাৰীটোৰ হাতত।

ভালেই হ’ল

মোক আৰু কোনেও চিনি নাপাব

মোৰ সতীৰ্থ, মোৰ প্ৰিয়তমা পত্নী অথবা মোৰ ল’ৰা-ছোৱালীহালে।

 

চৰকাৰী মানুহ এজন আহি জিভাখন কাটি নিলে।

অব্যক্ত বেদনাত ওলমি থাকিলোঁ

মুখেৰে বৈ আহিল এসোঁতা কেঁচা তেজৰ লেলাৱতি

বহুত কথাই নহ’ল কোৱা, ক’বলগা কথাবোৰ শিল হৈ বুকুত খুন্দিয়াই থাকিল

 

এখনি ধাৰাল চুৰি মোৰ চকুৰ সমুখত

অন্তিমবাৰৰ বাবে চাই ল’লোঁ বজাৰখনি।

দমাই থোৱা শাক-পাচলি

পচা মাছ

কচাইৰ দোকানত মোৰ দৰে ওলমি থকা জন্তুৰ মৃতদেহ

অথবা মৰণ কাতৰ চিঞৰত ঢপঢপাই থকা কুকুৰা চৰাইবোৰ।

 

হাতত মোনা লৈ

মোৰ কবিতাৰ মানুহবোৰ ইফালৰপৰা সিফালে দৌৰিছে,

নিজকে বিক্ৰী কৰিবলৈ দৰদাম খেলিছে

মধ্যভোগীৰ লোলুপ দৃষ্টিৰপৰা কোনো সাৰি যোৱা নাই

আনকি তেওঁলোকৰ পত্নী অথবা সন্তান

 

ইয়াৰ পিছত মই আৰু একো দেখা নাপালোঁ

ধাৰাল চুৰিখনত লাগি আহিল

মোৰ দুয়োটা চকু

হয়তো কোনোবা ভক্তই ঈশ্বৰৰ শ্ৰীচৰণত অৰ্পণ কৰিব

বিনিময়ত গ্ৰহণ কৰিব অন্তহীন অন্ধতা।

 

দেহত মোৰ আৰু কোনো অংগ নাথাকিল।

মগজুটো কিনি নিলে মন্ত্ৰী এজন আহি।

নাক কাণ হাতৰ আঙুলি, গুপ্তাঙ্গ আৰু মোৰ  হাত ভৰি সকলো বিক্ৰী হৈ গ’ল।

কিডনি, লিভাৰ আৰু ছালৰ দৰ উঠিল

নিলাম বজাৰৰ দৰে।

 

থাকিল মাথোঁ হৃদয়খন বাকী।

বেপাৰী ককাই ভাগৰি পৰিছে

দিনটো চিঞৰি চিঞৰি

তথাপিও অহা নাই কোনো মোৰ হৃদয় বিচাৰি।

 

"আহক আহক মহাশয় আহক"

বেচেৰাই চিঞৰি আছে।

 

"এয়া চাওক, বুকুখন ফালি দিছোঁ, চুই চাওক, তপত কেঁচা তেজ

ধপধপাই আছে সতেজ হৃদয়খনি আহক মহাশয় আহক

নিজেই চাই লওক, ইয়াতকৈ সস্তা দামত কবিৰ হৃদয় আৰু ক’তো নাপাব।"

 

আহক মহাশয় আহক...

 

Share Button
Print Friendly, PDF & Email

No Comments : "বজাৰ - (প্ৰণৱজ্যোতি ডেকা)"

Leave a Comment

Your email address will not be published. Required fields are marked *