গ্রন্থ পৰিচয়

বকুল ৰয়ৰ অনুবাদ গ্ৰন্থ ‘কামৰূপ, কামতা, কুচবেহাৰ ৰাজ্যৰ ইতিহাস’-(বৰ্ণালী বৰুৱা দাস)

আমাৰ এক পুৰণিকলীয়া অভ্যাস অনুসৰি অসমৰ ইতিহাস বুলিলেই ৬০০ বছৰীয়া আহোম ৰাজত্বৰ কালচোৱাৰ কথাই স্বাভাবিকভাবে মনলৈ আহে। এনে এক সুদীৰ্ঘ কালৰ শাসন পৃথিবীৰ ইতিহাসতেই বিৰল‌। সেই কথা সত্য‌। লগতে তেওঁলোকৰ প্ৰণালীবদ্ধভাবে থকা লিখিত বুৰঞ্জীৰ পৰম্পৰাইও সহজেই তেওঁলোকৰ শাসনকালৰ লগত আমাৰ পৰিচয়ক গাঢ় কৰাত সহায় কৰে। কিন্তু তাৰ লগতে এই কথাও সত্য যে সেই বুৰঞ্জীৰ বাহিৰেও যে বৰ্তমান অসম নামেৰে সামৰি লোৱা ভূ খণ্ডৰ বিভিন্ন সৰু সৰু অঞ্চলৰ নিজা সমৃদ্ধিশালী ইতিহাস আছিল সেই কথা যেন বহু পৰিমাণে উপেক্ষিত হৈ ৰয়। মহাকাব্যিক যুগৰ পৰাই প্ৰাগজ্যোতিষপূৰ বা কামৰূপ নামৰ উল্লেখ আছে বুলি দোহাৰি আৰু লগতে সেই নামৰ উৎপত্তি সম্পৰ্কীয় কিংবদন্তীমূলক কাহিনী বা আখ্যানৰ উল্লেখেৰেই এই সমগ্ৰ ইতিহাস সামৰি ৰাখিবলৈ যত্ন কৰা হয়।

সম্প্ৰতি এই অভাব বহু পৰিমাণে পুৰণ কৰিবলৈ সক্ষম হৈছে “কামৰূপ, কামতা, কুচবেহাৰ ৰাজ্যৰ ইতিহাস” নামৰ গ্ৰন্থখনিয়ে। গ্ৰন্থখনৰ মূল লেখকদ্বয় ক্ৰমে শ্ৰী ধৰ্মনাৰায়ণ বাৰ্মা আৰু ধনেশ্বৰ মান্তা, ৰাজবংশী সমাজৰ এক পৰিচিত নাম। শ্ৰী ধৰ্মনাৰায়ণ বাৰ্মাক উত্তৰ বংগৰ কমতাপুৰী ভাষা গবেষণাৰ ‘ভীষ্ম’ বুলি অভিহিত কৰা হয়‌। অশেষ যত্নেৰে তেখেতসকলে কামৰূপ, কমতা আৰু কুচবেহাৰ ৰাজ্যৰ এক বিস্তৃত সময়ৰ ইতিহাসক সামৰি লৈছে‌। ৰাজ্য হিচাপে এইকেইখনৰ উৎপত্তি, এইকেইখনৰ পৰিসীমা তথা প্ৰসাৰণ-সংকোচন বা উত্থান-পতনৰ বিষয়ে বহু নিৰ্ভৰযোগ্য তথ্যৰে বৰ্ণনা কৰা হৈছে‌। তেনে তথ্য সংগ্ৰহত আনকি কেবল পৌৰাণিক কাব্য বা পুৰাণ আদিতেই সীমাবদ্ধ নাথাকি ৰাজ্যকেইখনৰ তদানীন্তন ৰাজবংশসমূহৰ জীৱীত বংশধৰসকলৰ কাষ চাপিও বিভিন্ন তথ্য সংগ্ৰহ কৰি সন্নিবিষ্ট কৰিছে‌। তেওঁলোকৰ এই পৰিশ্ৰমেই গ্ৰন্থখনক পাঠক সমাজৰ বাবে, বিশেষকৈ ইতিহাসৰ পাঠকৰ বাবে এক অৱশ্য পঠনীয় গ্ৰন্থ কৰি তুলিছে‌।
গ্ৰন্থখন অসমীয়া ভাষালৈ অনুবাদ কৰিছে বকুল ৰয়ে। অতি নিষ্ঠা সহকাৰে অনুবাদ কৰি শ্ৰী যুতা ৰয়ে অসমীয়া ভাষাত এই কামৰূপ, কমতা আৰু কুচবেহাৰ ৰাজ্যৰ উপেক্ষিত ইতিহাসকেই যেন লোকচক্ষুৰ আগলৈ তুলি আনিবলৈ যত্ন কৰিছে‌। এনে এক কষ্টকৰ কামৰ বাবে অনুবদিকা অসমৰ পাঠক সমাজৰ ধন্যবাদৰ পাত্ৰী‌।
আমি ইমানদিনে কোচ বিহাৰ বুলি কোৱাতেই অভ্যস্ত আছিলো‌। পিছে গ্ৰন্থখন পঢ়াৰ পাছতহে ভুল ভাগিল যে ই প্ৰকৃততে ‘কুচবেহাৰ’হে‌। পাঠানসকলক পৰাজিত কৰি যি কামতাপুৰৰ ৰাজত্ব আৰম্ভ হয় সেই ৰাজ্যতেই অৰ্থাৎ কামতা বা কামতা-বেহাৰত লক্ষ্মী নাৰায়ণ আৰু পৰবৰ্তি ৰজাসকলে ক্ৰমান্বয়ে ৰাজত্ব কৰে‌। পাছত ইষ্ট ইণ্ডিয়া কোম্পানীৰ লগত হোৱা চুক্তি অনুসৰি ধৈৰ্যেন্দ্ৰ নাৰায়ণৰ শাসন কালত ৰাজ্যৰ ভালেখিনি অংশ কোম্পানীৰ হাতলৈ যায়‌। যিখিনি অৱশিষ্ট বেহাৰৰ অংশ থাকিল সেইখিনিক বুজাবলৈ ‘নিজ বেহাৰ’ শব্দটি ব্যৱহাৰ কৰা হয়‌। এই অংশ যিহেতু সৰু আছিল সেইবাবে তাক ‘কুচ বেহাৰ’ অৰ্থাৎ সংকুচিত বেহাৰ বা সৰু বেহাৰ বোলা হৈছিল‌।

গ্ৰন্থখনিত উক্ত ৰাজ্যখণ্ডৰ প্ৰশাসনৰ নীতি, ভূমিনীতি, অৰ্থনীতি আদিৰ বিষয়েও বিস্তৃত বিবৰণ আছে‌। সেই নৰকাসুৰৰ দিনৰ পৰা ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰভাৱলৈকে তথা স্বাধীনোত্তৰ কালত স্বাধীন দেশীয় ৰাজ্য কুচবেহাৰৰ পশ্চিম বংগৰ সৈতে সংযুক্তিকৰণ আদিলৈকে এক সুদীৰ্ঘ সময়ৰ ইতিহাসক সাৱলীলভাবে বৰ্ণনা কৰা হৈছে। শংকৰদেৱৰ স্মৃতি বিজৰিত কুচবেহাৰক অসমৰ সতে চামিকৰণৰ বাবে গোপীনাথ বৰদলৈৰ প্ৰচেষ্টা, পশ্চিম বংগৰ সৈতে চামিল কৰিবলৈ বিধান চন্দ্ৰ ৰায়ৰ প্ৰচেষ্টা আৰু এই দুই চামিলকৰণৰ বিপৰীত স্থিতি গ্ৰহণ কৰা কুচবেহাৰৰ ‘প্ৰজা হিত সাধিনী সভা’ৰ তুমুল আন্দোলন আদিৰ বিষয়ে তথ্য সহকাৰে জানিবলৈকো পাঠকে গ্ৰন্থখনৰ সহায় ল’ব পাৰে।

এইখিনিতে পাঠক হিচাপে হোৱা এটা ব্যক্তিগত অনুভবৰ কথা কৈ থওঁ। কথাটো এই গ্ৰন্থ সমালোচনাৰ সময়ত সিমান প্ৰাসংগিক নহ’বও পাৰে। তথাপি কওঁ যে এই দেশীয় ৰাজ্যসমূহৰ ৰাজপৰিয়ালৰ বিভিন্ন বৰ্ণনাবোৰ পঢ়ি থাকোঁতে মোৰ অতিকে প্ৰিয় বাংলা লিখক শীৰ্ষেন্দু মুখোপাধ্যায়ৰ শিশু উপন্যাসবোৰলৈ মনত পৰিছিল। তেখেতৰ বহুবোৰ উপন্যাসৰ পটভূমি এনে ৰাজ পৰিয়ালৰ ৰাজবাৰী, গুপ্তধন আৰু তাত বাস কৰা বিচিত্ৰ চৰিত্ৰৰ ভগা ৰাজবংশৰ বংশধৰসকল। ‘নবীগঞ্জৰ দৈত্য’ নামৰ শীৰ্ষেন্দু মুখোপাধ্যায়ৰ উপন্যাসখনৰ কাহিনীৰে এখন চিনেমাও নিৰ্মান হৈছে। এনে ৰাজবংশৰ প্ৰতি শীৰ্ষেন্দুৰ এক অহৈতুকী প্ৰীতি মন কৰা যায়। পিছে সেই একেই প্ৰীতি এজন ইতিহাসবিদৰ পৰা আমি আশা নকৰাই ভাল। তেনে প্ৰীতিয়ে ইতিহাস লিখনক নিৰ্মোহতা প্ৰদান নকৰে। বৰ্তমান আলোচিত গ্ৰন্থখনৰ লিখকো কিছু পৰিমাণে এই প্ৰীতিত আক্ৰান্ত যেন বোধ হ’ল। অৱশ্যে এইখিনি কৈ আমি গ্ৰন্থখনৰ অবদানক নসাৎ কৰিব খোজা নাই। গ্ৰন্থখনৰ লিখক আৰু অনুবাদক নিশ্চিতভাবে ধন্যবাদৰ পাত্ৰ।

গ্ৰন্থখন প্ৰকাশ কৰিছে ‘সম্পাদক, শোনিতপুৰ জিলা সাহিত্য সভা’ই। প্ৰথম প্ৰকাশ এপ্ৰিল, ২০১৮। মূল্য ৩০০ টকা। কিতাপখনৰ পকাবন্ধা উন্নত যদিও বেটুপাত আদিৰ কাম আৰু উন্নত হোৱাটো বাঞ্চনীয় আছিল। বিশেষকৈ বেটুপাততে এজন লিখকৰ নামৰ আগত ছপা হোৱা কিবা এটা ভুল শব্দত লগোৱা ক’লা চিঞাহিৰ বোলে অসাবধানতাৰ ইংগিত দিছে। কিন্তু গ্ৰন্থখনৰ সামগ্ৰিক মূল্যই এইসমূহ সৰু সুৰা ত্ৰুটি বাদ দিবলৈকে পাঠকক অনুপ্ৰেৰণা যোগাব। আশা কৰিছো পাঠক সমাজে গ্ৰন্থখন আদৰি ল’ব।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *