সম্পাদকীয়

সম্পাদকৰ টোকা :: বোৰ্খাৰ প্রসংগত (কৌশিক ‍দাস)

(১)

২০০২ চনৰ কথা, স্থান চৌদি আৰবৰ মক্কা। এখন ছোৱালী-বিদ্যালয়ৰ একেবাৰে ওপৰ মহলাত কোনোবাই অসাৱধানবশতঃ পেলাই দিয়া জ্বলন্ত চিগাৰেট এটাৰ পৰা অগ্নিকাণ্ডৰ সূচনা হৈছিল। কম বয়সীয়া ছাত্রীসকলৰ মাজত সৃষ্টি হৈছিল আতংকৰ আৰু স্বাভাবিকতেই তেওঁলোকে চেষ্টা কৰিছিল বিদ্যালয়ৰ পৰা ওলাই আহিবলৈ। প্রথম অৱস্থাত অগ্নিকাণ্ডটোৱে সিমান ভয়াৱহ ৰূপ ধাৰণ কৰা নাছিল। ছাত্রীসকল অনায়াসে বিদ্যালয়খনৰ ভিতৰৰ পৰা নিৰাপদ স্থানলৈ ওলাই আহিবলৈ সক্ষম হ’লহেঁতেন। কিন্তু তেনে নহ’ল ; লেলিহান জুইৰ পৰা নিৰ্গত হোৱা প্রচণ্ড উত্তাপ আৰু শ্বাসৰুদ্ধকৰ ধোঁৱাই ১৫-গৰাকী ছাত্রীক বিদ্যালয়ৰ ভিতৰতেই মৃত্যুৰ মুখলৈ নিক্ষেপ কৰিলে, লগতে প্রায় ৫০-গৰাকী বেয়াকৈ অগ্নিদগ্ধ হ’ল।

স্বাভাবিকতেই প্রশ্ন উঠিব, ছাত্রীসকল বিদ্যালয়খনৰ পৰা সহজেই যদি নিৰাপদ স্থানলৈ ওলাই আহিব পাৰিলেহেঁতেন, তেনেহ’লে কেনেকৈ উক্ত দুখজনক পৰিণতি সম্ভৱপৰ হৈছিল? অগ্নিকাণ্ডৰ সময়তো ছাত্রীসকল কিয় বিদ্যালয়খনৰ ভিতৰতেই থাকি গ’ল? কথাটো হ’ল, সেই ভয়াৱহ বিপদৰ মাজতো কিছুমান মানুহে ছাত্রীসকলক বিদ্যালয়ৰ পৰা ওলাই আহিবলৈ দিয়া নাছিল। চৌদি আৰবত এটা “ধৰ্মীয় পুলিচ”-ৰ বাহিনী আছে, যিটোৰ প্রচলিত নাম মুতাওৱা (Mutaween)। এইটো কোনো বেচৰকাৰী সংগঠন নহয়, বাহিনীটো চৰকাৰী। এই বাহিনীটোৱে বিদ্যালয়খনৰ চৌহদৰ পৰা প্রাণৰক্ষাৰ বাবে বাহিৰলৈ ‌লৰ মাৰি অহা আতংকিত ছাত্রীসকলক খেদি খেদি, প্রহাৰ কৰি পুনৰ বিদ্যালয়খনলৈ ওভতাই পঠালে। যি সময়ত ছাত্রীসকলৰ ফালে তেওঁলোকৰ আশ্বাসভৰা সহায়ৰ হাত আগ বা‌ঢ়ি আহিব লাগিছিল, সেই সময়ত তেওঁলোকৰ হাতবোৰ ব্যস্ত হৈ আছিল ছাত্রীসকলক মাৰপিট কৰাত। সিমানেই নহয়, বাহিনীটোৱে স্কুলখনৰ সকলো ছাত্রীকেই তলা মাৰি আবদ্ধ কৰি থ’লে। উদ্ধাৰকাৰী দলকো স্কুলখনলৈ সোমাবলৈ দিয়া নহ’ল। তেনে কাৰ্যৰ কাৰণটো শুনিলে তবধ মানিব লাগিব। কাৰণটো এনেকুৱা, ছোৱালীবিলাকে তেওঁলোকৰ সমগ্র শৰীৰ আবৃত কৰি বস্ত্র পৰিধান কৰা নাছিল, সেইবাবে তেনেদৰে তেওঁলোক বাহিৰৰ মানুহৰ চকুৰ আগলৈ ওলোৱা অনুচিত বুলি “ধৰ্মীয় পুলিচ”-ৰ বাহিনীটোৱে সিদ্ধান্ত লৈছিল। লগতে, উদ্ধাৰকাৰী দলটোত যিহেতু পুৰুষ আছিল, সেইবাবে ছাত্রীসকল পুৰুষৰ সংস্পৰ্শলৈ আহিব বুলি আশংকা কৰি তেওঁলোকক বিদ্যালয়ত প্রৱেশ কৰাত বাধা দিয়া হৈছিল। তাৰ সকৰুণ আৰু মৰ্মান্তিক পৰিণতি কি আছিল, সেইটো উনুকিয়াই আহিছোঁ। প্রখ্যাত মানৱ-অধিকাৰ কৰ্মী হান্নি মেগালিয়ে (Hanny Megally) কৈছিল, পোছাকৰ সংক্রান্তত ইছলামীয় চূড়ান্ত বাছ-বিচাৰৰ বাবেই ছাত্রীসকল অনাহকত মৃত্যুৰ মুখত পৰিছিল  (“Women and girls may have died unnecessarily because of extreme interpretations of the Islamic dress code”, দ্রষ্টব্য: Human Rights Watch, March 14, 2002)। কিছুমান গোড়া ধৰ্মান্ধ লোকৰ মনত মানুহৰ জীৱনতকৈও কিছুমান অলাগতিয়াল প্রথা যে বহুত বেছি মূল্যৱান, এই কথাটো উক্ত ঘটনাটোৱে আমাক বাৰে বাৰে সকীয়াই থাকিব। বোৰ্খাৰ বিষয়ে চমু টোকা এটি প্রস্তুত কৰাৰ কথা চিন্তা কৰোঁতেই উপৰিউক্ত ভয়াৱহ আৰু মৰ্মান্তিক ঘটনাটোৰ কথা মনলৈ আহিল।

বোৰ্খাৰ প্রসংগটো অসমত ব্যাপক চৰ্চা আৰু তীব্র বিতৰ্কলৈ আহিছে কিছুদিনৰ আগতে শ্রীলংকাত মুছলিম সন্ত্রাসবাদীয়ে সংঘটিত কৰা ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাটোৰ পাছৰে পৰা। আত্মঘাতী মুছলিম সন্ত্রাসবাদীৰ দলে ইষ্টাৰৰ দিনা (২১ এপ্রিল, ২০১৯) কেইবাটাও গীৰ্জাকে ধৰি শ্রীলংকাৰ বিভিন্ন স্থানত শক্তিশালী বোমা বিস্ফোৰণ সংঘটিত কৰে আৰু তাৰ ফলত বহুতো নিৰীহ লোক হতাহত হয়। সন্দেহ কৰা হৈছিল যে সন্ত্রাসবাদীয়ে ছদ্মবেশ ধাৰণ কৰি বোমাবোৰ ক‌ঢ়িয়াই আনিছিল। কোৱা বাহুল্য হ’ব, বোৰ্খা পৰিধানৰ জৰিয়তে মুখমণ্ডল ঢাকি ৰাখি কূটাঘাত সংঘটিত কৰাটো সন্ত্রাসবাদীৰ বাবে যথেষ্ট সুবিধাজনক। উক্ত পৈশাচিক নৰসংহাৰৰ পাছত, নিৰাপত্তাজনিত কাৰণত শ্রীলংকাত “বোৰ্খা পৰিধান কৰাটো বেআইনী” বুলি ঘোষণা কৰা হয়। তাতে উৎসাহী হৈ এই দেশৰো কোনো কোনোৱে মত দিছে যে বোৰ্খা প্রথাক ভাৰততো, শ্রীলংকাৰ দৰেই, বেআইনী বুলি ঘোষণা কৰিব লাগে। উদাহৰণ স্বৰূপে, মহাৰাষ্ট্রৰ অমিত শত্তিশালী সংগঠন “শিৱসেনা”-ৰ মুখপত্ৰ “চামনা”-ৰ সম্পাদকীয়ত লিখা হ’ল যে শ্ৰীলংকাত মুছলিম সন্ত্রাসবাদীয়ে নৰসংহাৰ কৰাৰ পাছতহে বোৰ্খা নিষিদ্ধ কৰা হৈছে; ভাৰতত কিন্তু তেনে কূটাঘাত সম্পন্ন কৰাৰ আগতেই বোৰ্খা নিষিদ্ধ কৰা উচিত। অসমতো উক্ত মতৰ প্রতিধ্বনি শুনিবলৈ পোৱা গ’ল।

আইন প্রণয়ন কৰি বোৰ্খাক নিষিদ্ধ কৰা উচিত নে? এই প্রশ্নটোৰ উত্তৰৰ সন্ধান কৰোতে আমি লক্ষ্য কৰিব লাগিব, বিষয়টোৰ সৈতে বহুকেইটি দিশ জড়িত হৈ আছে। মুছলিম সন্ত্রাসবাদী কাৰ্যকলাপ তেনে বহুমাত্রিকতাৰ এটা দিশহে মাথোন। সাধাৰণতেই বোৰ্খাৰ সৈতে ইছলাম ধৰ্মৰ অভিন্নতা এটা স্বতঃসিদ্ধ কথা বুলি ধাৰণা কৰি লোৱা হয়। কিন্তু ঐতিহাসিক তথ্য-পাতিয়ে দেখুৱায় যে ইছলাম ধৰ্মতকৈ বোৰ্খাৰ বয়স বহুত বেছি; ইছলাম ধৰ্মৰ অভ্যুদয়ৰ বহু পূৰ্বে মধ্যপ্রাচ্যত নাৰীৰ দেহ সম্পূৰ্ণ আবৃত কৰি, পুৰুষৰ চকুৰ পৰা আঁৰ কৰি ৰখা পোচাকৰ সম্ভেদ পোৱা যায় (দ্রষ্টব্য: চিত্র ১)। তাৰ লিপিবদ্ধ নিশ্চিত সাক্ষ্য জেনেচিছত আছে—“…..উটৰ পিঠিৰ পৰা নামি সেই দাসজনক সুধিলে, ‘আমাক সাক্ষাৎ কৰিবলৈ পথাৰৰ মাজেদি যে আহিছে, সেই পুৰুষজন কোন’? দাসজনে ক’লে, ‘তেওঁ মোৰ মালিক’। তেতিয়া ৰিবিকাই আৱৰণ লৈ নিজকে ‌ঢাকি পেলালে” (Genesis, 24.65; ভাবানুবাদ এই লেখকৰ)। জেনেচিছত উল্লিখিত তেনে আৱৰণে যে নাৰীৰ সম্পূৰ্ণ শৰীৰ ঢাকি পেলাইছিল— তেনে আৱৰণৰ বাবে আনকি নাৰীগৰাকীনো কোন, সেইটো পৰ্যন্ত নিৰ্ণয় কৰা সম্ভৱ নাছিল—, তাৰ পৰোক্ষ সাক্ষ্য জেনেচিছতেই বিদ্যমান— “শহুৰেকৰ আদেশমৰ্মে তামৰে বিধবাৰ সাজ পিন্ধি নিজৰ পিতৃৰ ঘৰত আছিল। তেনেতে তামৰে খবৰ পালে, শহুৰেকে ভেড়াৰ নোম কাটিবলৈ গৈ আছে। তেতিয়া তামৰে সমগ্র শৰীৰ আবৃত কৰা সাজ পৰিধান কৰি বাটতে ৰৈ থাকিল। চিনিব নোৱাৰি শহুৰেকে তামৰত উপগত হয়, যাৰ ফলত তেওঁৰ বোৱাৰী গৰ্ভৱতী হৈ পৰে” (Genesis 38.11-38.18 ; সাৰাংশ এই লেখকৰ)।


চিত্র ১. ইছলাম ধৰ্মৰ উদ্ভৱৰ পূৰ্বেও মধ্যপ্রাচ্যত নাৰীৰ দেহ আবৃত কৰা পোচাকৰ প্রচলন আছিল। খ্রীষ্টিয় প্রথম শতিকাৰ প্রাচীন ছিৰিয়াৰ এটি উপাসনা স্থলৰ শিল্পকৰ্মত তাৰ সাক্ষৰ
(উৎস: https://en.wikipedia.org/wiki/Burqa)

জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ ঐছলামিক অধ্যয়নতত্ত্বৰ প্রাক্তন অধ্যাপিকা ফাৰিদা খানমে বোৰ্খা সন্দৰ্ভত কেইটিমান বৰ কৌতূহলোদ্দীপক কথা জানিবলৈ দিছে (দ্রষ্টব্য: https://timesofindia.indiatimes.com/Heres-the-truth-behind-the-veil/articleshow/5516871.cms)। চমুকৈ তেখেতৰ সাৰগৰ্ভ মতটি এনেকুৱা—। ভাষাতত্ত্বৰ ইতিহাসৰ মতে বোৰ্খা শব্দটো সপ্তম শতিকাৰ প্রথমাৰ্ধত ইছলামৰ উদ্ভৱৰ পূৰ্বেই, আৰবত প্রচলিত আছিল। সেই সময়ত বোৰ্খা শব্দটোৱে শৰীৰক ৰক্ষা কৰা—বিশেষকৈ শীতৰ পৰা— কাপোৰক নিৰ্দেশ কৰিছিল। প্রাক্‌-ইছলামীয় যুগত শব্দটোৰ ব্যৱহাৰ দুই ধৰণে হৈছিল। প্রথম, শীতকালত জীৱজন্তুক সুৰক্ষা দিয়া আচ্ছাদন; আৰু দ্বিতীয়, গ্রাম্য মহিলাই শৰীৰটো আবৃত কৰি চাদৰৰ দৰে পৰিধান কৰা বস্ত্র। তাৎপৰ্যপূৰ্ণ কথা, যদিও প্রাক্‌-ইছলামীয় যুগৰ পৰাই আৰবী ভাষাত বোৰ্খা শব্দটোৰ স্থান আছিল, কোৰান নামৰ কিতাপখনত কিন্তু নাৰীৰ শৰীৰ ঢকা পৰিচ্ছদ হিচাপে বোৰ্খা শব্দটোৰ ব্যৱহাৰ হোৱা নাছিল। তাৰো পূৰ্বে—সম্ভৱতঃ প্রথমে—পাৰস্য দেশত বোৰ্খাৰ প্রচলন আছিল। যেতিয়া পাৰস্যলৈ ইছলামৰ প্রৱেশ ঘটিছিল, তেতিয়া তাত বিৰাজ কৰিছিল তুলনামূলকভাবে এটা উন্নত সভ্যতাই। স্বাভাৱিকতেই পাৰস্যৰ বহুতো সাংস্কৃতিক উপাদান ইছলামৰ ধৰ্মীয় সংস্কৃতিৰ অংগীভূত হৈ পৰিছিল। তাৰ এটা চমৎকাৰ উদাহৰণ হৈছে ঈশ্বৰক বুজাবলৈ ব্যৱহাৰ কৰা “খোদা” শব্দটো। তেনে সংমিশ্রণ প্রক্রিয়াৰ ফলতেই—পাৰস্যৰ সংস্কৃতিৰ প্রভাৱত—বোৰ্খা প্রথাটোৰ ইছলামীকৰণ সম্পন্ন হৈছিল আৰু কালক্রমত ক্ষেত্রবিশেষে সি মুছলিম সংস্কৃতিৰো অংগ হৈ পৰিল।

 (২)

উল্লেখ কৰি আহিছোঁ, মুছলিম সন্ত্রাসবাদীয়ে শ্রীলংকাত সংঘটিত কৰা নৰসংহাৰৰ পাছত, সেই দেশত “বোৰ্খা নিষিদ্ধ” কৰা ঘোষণাত উৎসাহিত হৈ ভাৰততো অনুৰূপ ব্যৱস্থা গ্রহণ কৰিবলৈ একাংশ লোকে দাবী উত্থাপন কৰিছে। মন কৰিবলগীয়া কথা, তেনে দাবীৰ উত্থাপকসকলে শ্রীলংকাৰ বোৰ্খা নিষিদ্ধকৰণৰ ঘোষণাৰ আঁৰৰ কাৰণ, কিম্বা তাৰ পটভূমিটো সম্পূৰ্ণৰূপে অগ্রাহ্য কৰিছে। অসমত বোৰ্খা বেআইনী কৰিব লাগে বুলি আগ ব‌ঢ়োৱা মতটো নাৰী অৱদমন, ধৰ্মীয় নিষ্পেষণ আদিৰ সৈতে সম্পৰ্কিত কৰিহে উত্থাপিত হৈছে। লগতে কোৱা হৈছে যে বোৰ্খা প্রথা অসমত এটা বিজতৰীয়া সাংস্কৃতিক উপাদান।

শ্রীলংকাৰ উপৰিউক্ত পটভূমিটোলৈ লক্ষ্য কৰা যাওক। তাত বোৰ্খাৰ কথাটো পাৰ্শ্বীয় প্রসংগ হিচাপেহে আহিছে, দ্বীপ-ৰাষ্ট্রখনত মূলতঃ নিষিদ্ধ কৰা হৈছে মুখ ‌ঢকা যিকোনো আৱৰণ। কাকতৰ শিৰোনাম চালেই কথাটো পৰিষ্কাৰ হ’ব, “Sri Lanka bans all types of face covers including burqa after Easter Sunday bombings” (India Today Web Desk, April 28, 2019; বাক্যাংশত গুৰুত্ব প্রদান এই লেখকৰ)। কিন্তু কিয় তেনে কৰা হৈছে? অপ্রয়োজনীয় ধৰ্মীয় প্রথাৰ বিৰুদ্ধে? নাৰী স্বাধীনতাৰ সপক্ষে? পুৰুষতন্ত্রৰ বিৰুদ্ধে? বিজতৰীয়া সংস্কৃতি বুলি? নহয়। সেইবোৰ একো নহয়। তেনে কৰা হৈছে কাৰণ, “…..the ban is to ensure national security” (দ্রষ্টব্য::https://www.samaa.tv/global/2019/04/sri-lanka-bans-face-veils-to-ensure-national-security/)। অৰ্থাৎ, ৰাষ্ট্রীয় নিৰাপত্তাহে উক্ত নিষিদ্ধকৰণৰ একমাত্র আইনগত কাৰণ। ঘোষণাটোত কোৱা হৈছে, “Any form of face covering that will hinder the identification of a person is banned under emergency regulations” (India Today Web Desk, April 28, 2019)। সৰ্বভাৰতীয় পৰ্যায়ত মূলতঃ বোৰ্খা নিষিদ্ধকৰণৰ দাবী উত্থাপন কৰিছে শিৱসেনাৰ দৰে হিন্দুত্ববাদী সংগঠনৰ মুখপাত্রই। অসমত কিন্তু ঘটনাটো এটা মোচৰ খাইহে প্রৱেশ কৰিছে। দেখা গৈছে যে অসমত বোৰ্খা নিষিদ্ধকৰণৰ দাবীৰ সৈতে অন্যান্য দিশ কিছুমানো সাঙোৰ খাই পৰিছে। উদাহৰণ এটাই কথাটো বুজাত সহায় কৰিব। অসমত তেনে দাবী আহিছে মুছলিম সম্প্রদায়ৰ ভিতৰৰ পৰাই। অসমৰ মুছলিম সম্প্রদায়ৰ সংগঠন এটাৰ উপদেষ্টা এগৰাকীয়ে সজোৰে তেনে দাবী উত্থাপন কৰিছে। তেখেতৰ মতে, বোৰ্খাই থলুৱাৰ (অসমৰ) পৰিচয়ৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। লগতে কোৱা হৈছে যে কোৰানত উল্লেখ নথকা বোৰ্খাক অসমত অপপ্ৰয়োগ কৰা হৈছে। বোৰ্খা আৰব আৰু মধ্যপ্ৰাচ্যৰ সংস্কৃতি, ই এবিধ বিজতৰীয়া বস্তু, সেয়ে অসমীয়া মুছলমানসকলক স্বেচ্ছাই বোৰ্খা পৰিত্যাগ কৰিবলৈও তেখেতে আহ্বান জনাইছে। তাৎপৰ্যপূৰ্ণ কথা, উপদেষ্টাগৰাকীৰ উক্ত মত অন্য একাংশ মুছলিম লোকে, বিশেষকৈ পশ্চিম অসমত শক্তি সঞ্চয় কৰা মুছলিম সংগঠন এটাই তীব্র বিৰোধিতা কৰিছে। ইয়াৰ পৰাই বুজিব পাৰি, একমাত্র ধৰ্মীয় গণ্ডীৰ ভিতৰত আলোচ্য বিষয়টো সীমাবদ্ধ কৰি ৰাখি আলোচনা আগ ব‌ঢ়াই নিয়াটো সম্ভৱ আৰু যুগুত নহয়। আগতে উনুকিয়াই অহাৰ দৰে কথাটো বহুমাত্রিক দিশৰ সৈতে সাঙোৰ খাই আছে।

বোৰ্খা প্রথাক আইন প্রণয়ন কৰি নিষিদ্ধ কৰা যুগুত নে? এই প্রশ্নটোৰ বিচাৰ-বিশ্লেষণ কৰিবলৈ আগ বা‌ঢ়োতে প্রথমতেই আমি লক্ষ্য কৰিব লাগিব যে শ্রীলংকাৰ আগতেই বিশ্বৰ বিভিন্ন দেশত ৰাজহুৱা স্থানত বোৰ্খা পৰিধান কৰা কাৰ্যক আইনগতভাৱে নিষিদ্ধ কৰা হৈছে (চিত্র: ২)। কিন্তু জৰুৰী কথাটো হৈছে, দেশ-কালভেদে তেনে নিষিদ্ধকৰণৰ কাৰণবোৰ কিন্তু বেলেগ বেলেগ। এই দিশটোত আমি গুৰুত্বসহকাৰে মনোযোগ দিয়া উচিত। উদাহৰণস্বৰূপে, আইনগতভাৱে ৰাজহুৱা স্থানত বোৰ্খা নিষিদ্ধ কৰা ইউৰোপৰ প্রথম ৰাষ্ট্র হৈছে ফ্রান্স। ২০১১ চনত দেশখনত আইন প্রণয়ন কৰি উক্ত নিষেধাজ্ঞা বলবৎ কৰা হৈছিল। তেনে নিষিদ্ধকৰণৰ আঁৰত কিন্তু শ্রীলংকাত পৰিলক্ষিত হোৱাৰ দৰে কোনো নিৰাপত্তাজনিত কাৰকে মুখ্য ভূমিকা লোৱা নাছিল। কোৱা হৈছিল যে ধৰ্মীয় পৰিচ্ছদ ফ্রান্সত আদৰণীয় নহয় ; বোৰ্খাৰ নিষিদ্ধকৰণে দেশখনৰ ছেকুলাৰ মূল্যবোধক ৰক্ষা কৰা লগতে নাৰীসকলক জোৰকৈ দেহাবয়ৱ আবৃত কৰি ৰখাৰ বাধ্যবাধ্যকতাৰ পৰা মুক্ত কৰিব। কিন্তু লক্ষণীয় কথা, ২০১৮ চনত ৰাষ্ট্রসংঘৰ মানৱাধিকাৰ সমিতিয়ে (UNHRC) মত প্রকাশ কৰে যে ফ্রান্সে বোৰ্খা আৰু অন্যন্য মুখ-ঢকা আচ্ছাদনৰ নিষিদ্ধৰণৰ মাজেদি মানৱ-অধিকাৰক উলংঘা কৰিছে (দ্রষ্টব্য: https://www.indiatoday.in/world/story/countries-that-ban-burkha-hijab-niqab-1514673-2019-05-02)।


চিত্র ২. ২০১৯ চনত ইউৰোপত বোৰ্খাৰ স্থান। মেপৰ গা‌ঢ় বৰণ যিসমূহ দেশৰ, তাত বোৰ্খাৰ ওপৰত ৰাষ্ট্রীয় নিষেধাজ্ঞা বলবৎ কৰা হৈছে। পাতল বৰণৰ স্থানসমূহত বোৰ্খাৰ ওপৰত আৰোপ কৰা হৈছে হয় স্থানীয়, নহয় আংশিক নিষেধাজ্ঞা ।
(উৎস :https://en.wikipedia.org/wiki/Islamic_dress_in_Europe#/media/File:Full-face_veils_ban_in_Europe.svg)

গতিকে দেখা যায়, বোৰ্খা নিষিদ্ধকৰণৰ ক্ষেত্রত বিশ্বজুৰি নানান মত আৰু মতবিৰোধ বিদ্যমান। এটা চামে মত দিয়ে যে বোৰ্খা পৰিধান কৰা কাৰ্যটো নাৰী এগৰাকীৰ এটা বিশুদ্ধ ব্যক্তিগত বিষয়; তাত হস্তক্ষেপ কৰিবলৈ যোৱাটো হৈছে ব্যক্তিগত স্বাধীনতা খৰ্ব কৰাৰ নামান্তৰ মাথোন। এইটো মতৰ বিৰুদ্ধ মাৰ্গটোৰ মত—, বোৰ্খা প্রথাটোৰ জৰিয়তে নাৰীসকলক প্রকৃততে বোৰ্খা পিন্ধিবলৈ বাধ্য কৰোৱা হৈছে; গতিকে বোৰ্খা প্রথাটোৱেহে নাৰীসকলৰ স্বাধীনতা খৰ্ব কৰিছে। এই দ্বিধা-দ্বন্দ্বৰ দিশটো এটা সৰু উদাহৰণৰ সহায়েৰে বুজিবলৈ চেষ্টা কৰিলে কথাটো পৰিষ্কাৰ হ’ব। ধৰা হওক, এজন ব্যক্তিয়ে ৰঙা চোলা পিন্ধি ভাল পায়, আৰু সেইমতে তেওঁ পোছাক পিন্ধে। অন্য এগৰাকীৰ আকৌ ৰঙা ৰংটো ভাল নালাগে, বগা ৰঙৰ টি-চাৰ্ট তেওঁৰ অতিকৈ প্রিয়। স্পষ্ট কথা, কোনোবাই ৰঙা চোলা পিন্ধিব নে বগা টি-চাৰ্ট পিন্ধিব, সেইটো কথা ব্যক্তিজনৰ বিশুদ্ধ ব্যক্তিগত স্বাধীনতাৰ সৈতে সম্পৰ্কিত, তাত কোনো বিতৰ্কৰ অৱকাশ নায়েই। একাংশ লোকে এই কথাটো বোৰ্খা প্রথাটোৰ সৈতে সমাৰোপন কৰি এটা সাদৃশ্যমূলক “যুক্তি” উপস্থাপন কৰা দেখা যায়। তেখেতসকলৰ মত—, ৰঙা নে বগা, কোনটো বৰণৰ পোছাক ব্যক্তি এগৰাকীয়ে পৰিধান কৰিব—, সেইটো যেনেকৈ এটা ব্যক্তিগত কথা, তাত অন্যৰ বলপূৰ্বক হস্তক্ষেপ যেনেদৰে বাঞ্ছনীয় নহয়, তেনেদৰেই নাৰী এগৰাকীয়ে বোৰ্খা পৰিধান কৰা কথাটো এটা নিজস্ব বিষয়, তাক নিষিদ্ধ কৰিলে সি ব্যক্তিগত স্বাধীনতাত অবাঞ্ছনীয় হস্তক্ষেপৰ বাহিৰে অন্য একো নহ’বগৈ।

ওপৰে ওপৰে চালে কথাটোৰ যৌক্তিক ভিত্তি শক্তিশালী যেনেই লাগে। কিন্তু অলপ গমি চালেই সম্পূৰ্ণ বিপৰীত দিশ এটাহে আমাৰ চকুত পৰিব। ৰঙা চোলা-বগা টি-চাৰ্টৰ সৈতে বোৰ্খাৰ এটা মৌলিক প্রভেদ আছে। বোৰ্খা পৰিধান কৰাটো এটা প্রথা; ব্যক্তিগত পচন্দ-অপচন্দৰ দিশটো ইয়াত পাৰ্শ্বীয়। সেইবাবেই, ৰঙা চোলা, বগা টি-চাৰ্টৰ যুক্তি ইয়াত প্রযোজ্য নহয়, কিয়নো ৰঙা চোলা-বগা টি-চাৰ্ট পৰিধান কৰাৰ কথাটো কোনো প্রথাই নিৰ্ধাৰণ কৰি দিয়া নাই। যিহেতু বোৰ্খা পৰিধান কৰাটো এটা প্রথা, গতিকে কোনো এগৰাকী নাৰীয়ে বোৰ্খা পিন্ধা কাৰ্যটো ব্যক্তিগত পচন্দ, আৱেগ-অনুভূতি আদিৰ বাবে নকৰিবও পাৰে। প্রচলিত প্রথা এটা কোনো ব্যক্তিয়ে নিয়মমাফিক পালন কৰিলেই সি ব্যক্তিগত স্বাধীনতাৰ স্মাৰক হৈ নপৰে। বিপৰীত দিশৰ পৰা কথাটো লক্ষ্য কৰিলেই তেনে “ব্যক্তিগত স্বাধীনতা”-ৰ প্রকৃত স্বৰূপটো স্পষ্টকৈ ওলাই পৰিব। ধৰা হওক, বোৰ্খা প্রথাৰ প্রচলন থকা সমাজ এখনত নাৰী এগৰাকীয়ে বোৰ্খা পৰিধান কৰিবলৈ অস্বীকাৰ কৰিছে; এই কথাটোৰ বাৰু কেনেকুৱা ধৰণৰ সম্ভাব্য পৰিণতি দেখিবলৈ পোৱা যাব? প্রথা-জৰ্জ্জৰ সমাজখনে নাৰীগৰাকীৰ তেনে কাৰ্যক ব্যক্তিগত স্বাধীনতাৰ নামত মহিমামণ্ডিত কৰিবনে? নকৰে, কৰাৰ সম্ভাৱনা নাই। ব্যক্তিগত স্বাধীনতাৰ নাম লৈ প্রথা-সংৰক্ষণত “যুক্তি” প্রদান কৰা লোকসকল তেনে ক্ষেত্রত ব্যক্তিগত স্বাধীনতা হৰণ কৰা কাৰ্যত নিমগ্ন হোৱাৰ সম্ভাৱনাই বেছি। হয়, বোৰ্খা পৰিধান কৰাটো ব্যক্তিগত ৰুচি-অভিৰুচিৰ কথা হ’ব, যদিহে কোনো পুৰুষ কিম্বা অ-মুছলিম মহিলাই নিজ ইচ্ছাত বোৰ্খা পৰিধান কৰিবলৈ লয়। তেনে এক কল্পিত পৰিস্থিতিত এটা আমোদজনক ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। প্রচলিত প্রথাই (পুৰুষে কিম্বা অ-মুছলিম নাৰীয়ে বোৰ্খা পৰিধান নকৰাৰ প্রথা) তেওঁলোকৰ ব্যক্তিগত স্বাধীনতা খৰ্ব কৰিবলৈ—এই ক্ষেত্রত বোৰ্খা পিন্ধাৰ পৰা বিৰত ৰাখিবলৈ—তৎপৰ হৈ উঠিব। এই স্ববিৰোধটোৰ অন্য এটা অতি আমোদজনক দিশো আছে। ব্যক্তি-স্বাধীনতা, ব্যক্তি-স্বতন্ত্রতা এইবোৰ হৈছে আধুনিক সমাজৰ ধ্যান-ধাৰণা। তেনে আধুনিক আৰু সভ্য ধাৰণাক বোৰ্খাৰ দৰে এটা প্রাচীন আৰু পৰিত্যাজ্য বস্তুৰ সমৰ্থনত ব্যৱহাৰ কৰিবলৈ প্রয়াস কৰা হৈছে। বিসংগতিপূৰ্ণ হ’লেও, কথাটো অতি বিচিত্র আৰু বৰ মজাৰ।

আলোচনাৰ প্রথমছোৱাত উনুকিয়াই আহিছিলোঁ, আদিতে হয়তো বোৰ্খা পৰিধান কৰাৰ সৈতে বতৰ কিম্বা জলবায়ুৰ কিবা সমন্ধ আছিল। কিন্তু কোনো এটা প্রথাৰ আদি-উৎসই সেই প্রথাটোৰ বৰ্তমানৰ বাস্তৱ তাৎপৰ্য কিম্বা প্রয়োজনীয়তাক নিৰ্দেশ কৰাৰ সম্ভাৱনা ক্ষীণ। বৰ্তমান সময়ত বোৰ্খা হৈছে নাৰী-অৱদমনকাৰী পুৰুষতান্ত্রিকতাৰ এটা তৰ্কাতীত প্রতীক। এই কথাটোৰ কোনো বিস্তাৰিত আলোচনাৰ প্রয়োজন নাই। সেইবাবেই, লিংগভিত্তিক সাম্যৰ সুস্থ সমাজ এখনত প্রথা হিচাপে বোৰ্খাক পৰত্যাজ্য বুলি গণ্য কৰা যুগুত। লক্ষণীয় কথা, পুৰুষতান্ত্রিক ৰীতি-নীতিৰ শিকলি বহুতো নাৰীয়ে স্বইচ্ছাৰে আৰু আনন্দেৰে পিন্ধি লয়। ই এক প্রকাৰৰ আত্মপ্রবঞ্চনা। তেনে আত্মপ্রবঞ্চনা চতুৰ পুৰুষতন্ত্রৰ দ্বাৰা মহান বুলি আখ্যায়িত আৰু প্রয়োজনীয় বুলি প্রক্ষেপিত হয়। বোৰ্খা প্রথাক ব্যক্তিগত পচন্দ-অপচন্দ বুলি কৰা ধাৰণাটোৰ আঁৰত, সচেতন কিবা অচেতনভাৱে, তেনে মনোভাবে এটা ডাঙৰ ভূমিকা লয়। বহুতো নাৰীয়ে স্বেচ্ছাই, বিনাপ্রশ্নে আৰু হয়তো মনত কোনো অসন্তোষ নৰখাকৈ বোৰ্খা পৰিধান কৰি আহিছে। আত্মপ্রবঞ্চনাত আক্রান্ত তেনে নাৰীৰ ব্যক্তিগত ৰীতি-নীতি আৰু ধ্যান-ধাৰণাই বোৰ্খা প্রথাক মুঠেও ন্যায্যতা প্রদান নকৰে।

বোৰ্খা প্রথাৰ সৈতে ইছলাম ধৰ্ম কেনেদৰে সম্পৰ্কিত? এই সংক্রান্তত আমাৰ দৰে সীমিত জ্ঞান-অভিজ্ঞতাৰ লোকে আলোচনা কৰা উচিতেই নহয়। তথাপি সাধাৰণ দুই-এটা পৰ্যবেক্ষণৰ পৰা স্পষ্টকৈ ক’ব পাৰি যে অসমৰ ক্ষেত্রত সকলো ইছলামধৰ্মী মানুহৰ মাজত বোৰ্খাৰ প্রচলন নাই, প্রথাটোৰ সমৰ্থকো নাই। বৰঞ্চ, এইটো আলোচনাতেই আমি পাই আহিছিলোঁ যে অসমৰ একাংশ ইছলামধৰ্মী লোকে বোৰ্খা প্রথাটো নিষিদ্ধ কৰিবলৈহে দাবী উত্থাপন কৰিছে। হ’লেও, যিসকলৰ মাজত বোৰ্খা প্রচলিত, তেওঁলোক নিশ্চিতভাৱে ইছলামধৰ্মী লোক। এই ক্ষেত্রত, মূল ধৰ্মগ্রন্থত বোৰ্খাৰ কথাটো আছে নে নাই, সেইটো সিমান ডাঙৰ কথা নহয়। প্রথাটোক যে এটা সময়ত, স্থান বিশেষত, ইছলামীকৰণ কৰা হৈছিল, সেই কথাটো উল্লেখ কৰি অহা হৈছে। গতিকে প্রথাটোৰ আঁৰত, সাৰ্বজনীনভাৱে নহ’লেও, ধৰ্মীয় প্রচ্ছায়াৰ প্রগা‌ঢ় উপস্থিতি অনুভূত হয়। তেনে এখন সমাজত, বোৰ্খা প্রথাৰ আঁৰত থকা পুৰুষতান্ত্রিকতাৰ শক্তিশালী পৃষ্ঠপোষক হৈছে ধৰ্ম। এই প্রসংগত ধৰ্ম নে পুৰুষতন্ত্র, কোনটো মূল নিৰ্ণায়ক শক্তি, তাৰ সূক্ষ্ম বিচাৰ অৱশ্যেই কৰা যায়। অৱশ্যে আমাৰ ধাৰণা, দুয়োটাৰ মাজত সুস্পষ্ট সীমা অংকন কৰা সম্ভৱ নহয়। ধৰ্ম আৰু পুৰুষতন্ত্র সদায় হাতত হাত ধৰি আগ বা‌ঢ়ে, ইটো আনটোৰ পৰিপূৰক হৈ। উক্ত পটভূমিটো—পুৰুষতন্ত্র আৰু ধৰ্মীয় অৱদমনৰ কথাটো— বিবেচনা কৰিলে প্রগতিশীল, যুক্তিবাদী আৰু আধুনিক মনৰ মানুহে সিদ্ধান্তলৈ আহিব যে প্রথা হিচাপে বোৰ্খা এটা পৰিত্যাগ কৰিবলগীয়া বস্তু। কিন্তু সামাজিক প্রপঞ্চসমূহৰ যে বহুমাত্রিক দিশ থাকে, বোৰ্খা প্রথাও যে তাৰ ব্যতিক্রম নহয়, সেই কথাটো আমি উনুকিয়াই আহিছোঁ। “বোৰ্খা পৰিত্যাগ কৰিব লাগে” কিম্বা “আইন প্রণয়ন কৰি বোৰ্খা প্রথাটোক নিষিদ্ধ ঘোষণা কৰিব লাগে”, এই কথাবোৰ বিভিন্ন দিশৰ পৰা উত্থাপিত হ’ব পাৰে। এই কথাটোৰ এটি বিশেষ দিশ আমি উদাহৰণ স্বৰূপে উল্লেখ কৰিছোঁ। দেখা যায় যে বোৰ্খাক পৰিত্যাজ্য বুলি কোৱা লোকসকলৰ একাংশই সঁচা অৰ্থত নাৰীমুক্তি কামনা কৰে। তেওঁলোকৰ চিন্তা আদৰণীয়। কিন্তু একাংশ লোকে সাম্প্রদায়িক মনোভাবৰ ভিত্তিতো বোৰ্খাৰ বিৰোধিতা কৰে। যেনে, হিন্দু সাম্প্রদায়িক মনোভাব লৈ বহুতেই বোৰ্খা প্রথাৰ বিৰোধিতা কৰা দেখা যায়। বোৰ্খা প্রথাৰ পৰা মুক্ত একাংশ মুছলিমৰো বোৰ্খা প্রথাৰ প্রচলন থকা মুছলিম সমাজখনৰ প্রতি ক্ষেত্রবিশেষে ঘৃণা-বিদ্বেষ থকা পৰিলক্ষিত হয়। তেনে ক্ষেত্রত ভিন্ন মনোভাবসম্পন্ন লোকসকলৰ সাধাৰণ (Common) উদ্দেশ্য যদিও বোৰ্খা প্রথাৰ বিৰোধিতা কৰা, তেওঁলোকৰ তেনে উদ্দেশ্যৰ আঁৰৰ চালিকা শক্তি কিন্তু বেলেগ বেলেগ। গমি চালেই ধৰিব পাৰি, তেওঁলোকৰ নেপথ্যৰ উদ্দেশ্যসমূহৰ মাজত দুস্তৰ ব্যৱধান আছে। বোৰ্খা-বিৰোধিতাৰ বাবেই প্রগতিশীল, যুক্তিবাদী আৰু আধুনিক মনৰ মানুহে প্রতিক্রিয়াশীল লোকক সহযোগী বুলি গণ্য কৰাৰ সকাম নাই। কথাটো উল্লেখ কৰিবলগীয়া হ’ল, কিয়নো প্রথম চামৰ কোনো কোনো লোক সম্প্রতি তেনে অবাটে যোৱা পৰিলক্ষিত হৈছে। এই দিশটোত আমি অতি গুৰুত্বসহকাৰে চিন্তা কৰা যুগুত।

আমি উল্লেখ কৰি আহিছোঁ যে বোৰ্খা এটা পৰিত্যাগ কৰিবলগীয়া প্রথা। কিন্তু দেখা গৈছে যে কোনো কোনো প্রগতিশীল মানুহে আৰু এঢাপ ওপৰলৈ গৈ কৈছে যে বোৰ্খা প্রথাক আইন প্রণয়ন কৰি নিষিদ্ধ কৰিব লাগে। কথাটোৰ সমৰ্থনত কোৱা হৈছে যে অতীততো কিছুমান অপ্রয়োজনীয় আৰু ক্ষতিকাৰক প্রথা নিষিদ্ধ কৰাৰ উদাহৰণ আছে। এই ক্ষেত্রত তেওঁলোকে সততেই আইন প্রণয়নৰ জৰিয়তে সতীদাহ প্রথাক নিষিদ্ধ কৰাৰ উদাহৰণটো ব্যৱহাৰ কৰা দেখা যায়। কোৱা হয়, যেনেকৈ সতীদাহ প্রথাটোক আইন প্রণয়ন কৰি নিষিদ্ধ কৰা হৈছিল, তেনেদৰেই বোৰ্খাকো বেআইনী কৰিব লাগে। তেনে উদাহৰণৰ মাজত কিন্তু এটা ডাঙৰ যৌক্তিক বিভ্রান্তি (fallacy) লুকাই আছে। কথাটো স্পষ্ট কৰা যাওক। সতীদাহ আৰু বোৰ্খা, এই দুটা প্রথাৰ মাজত আলোচ্য প্রসংগত এটাই মাথোঁ সাদৃশ্য আছে, সেইটো হৈছে নিষিদ্ধকৰণ। ধৰা হৈছে যে দুটা পৃথক বিষয়ৰ মাজত এটা অভিন্ন সাদৃশ্য থাকিলেই অন্য দিশবোৰতো, বিষয় দুটাৰ মাজত, অভিন্ন সাদৃশ্য থাকিব। কথাটো দেখদেখকৈ ভুল। যদিও দুয়োটাৰে আঁৰত পুৰুষতন্ত্র আৰু ধৰ্ম হৈছে একো একোটা নিৰ্ণায়ক কাৰক, তথাপি বোৰ্খা কেতিয়াও সতীদাহ নহয়। সতীদাহৰ সৈতে বোৰ্খাক ৰিজাই সিদ্ধান্তলৈ অহাটো বিসংগতিপূৰ্ণ। ভাৰত আৰু অসমৰ পটভূমিত, নাৰীমুক্তিৰ বাবে বোৰ্খা প্রথাক আইন প্রণয়ন কৰি নিষিদ্ধ কৰাৰ প্রস্তাৱ অযৌক্তিক। আৰু অজস্র ধৰ্ম-আশ্রয়ী পুৰুষতান্ত্রিক ৰীতি-নীতি বিনা বাধাই আমাৰ মাজত চলি আহিছে। প্রত্যেকৰেই বিৰুদ্ধে আইন প্রণয়ন কৰাটো বাৰু সম্ভৱ নে? উত্তৰ, সম্ভৱ নহয়। যদি ধৰিও লোৱা হয় সেইটো কৰা সম্ভৱ, তাতো প্রশ্ন এটা থাকি যাব যে সেইটো নাৰীমুক্তিৰ বাবে এটা প্রশস্ত বাট হ’ব নে? আমাৰ মত নেতিবাচক।

ধৰ্ম আৰু পুৰুষতন্ত্রই জন্ম আৰু আশ্রয় দিয়া বোৰ্খাৰ দৰে অজস্র প্রথা, নীতি, পৰম্পৰা আৰু নিৰ্দেশনা অতি শক্তিশালী ৰূপত সমাজৰ মৰ্মে মৰ্মে প্রোথিত হৈ আছে। তাৰ মাজৰ মাত্র এবিধক টাৰ্গেট কৰি (যেনে, বোৰ্খা) সামগ্রিকভাৱে বৰ এটা লাভ নাই। তেনে পৰিত্যাজ্য বস্তুবোৰৰ মূল উৎস, প্রধান পৃষ্ঠপোষক ইত্যাদিক বিবেচনালৈ নানি, মাত্র এবিধৰ বিৰুদ্ধে অতি-জংগী আক্রমণাত্মক স্থিতি ল’লে, সি একধৰণৰ উৎকেন্দ্রিকতাৰ জন্ম দিয়াৰ সম্ভাৱনাহে আছে। প্রসংগত উল্লেখ কৰা প্রয়োজন যে অসমৰ কিছুমান অঞ্চলত বোৰ্খাৰ প্রচলন ক্রমাৎ বা‌ঢ়ি আহিছে। এই কথাটোক গোড়া আৰু ৰক্ষণশীল একাংশ মুছলিমৰ ধৰ্মীয় কৰ্মকাণ্ডৰ নিশ্চিত পৰিণতি হিচাপে প্রক্ষেপ কৰা হৈছে। কথাটো বহুলাংশে সত্য। কিন্তু ঘটনাটো ইমান সৰলৰৈখিকো নহয়। অসমৰ যিটো জনগোষ্ঠীৰ মাজত তেনে ধৰ্মীয় প্রতিক্রিয়াশীল প্রৱণতাই গা-কৰি উঠিছে, সেইটো হৈছে শিক্ষা-দীক্ষাত অনগ্রসৰ এটা নিৰ্যাতিত জনগোষ্ঠী। সেই সমাজখনৰ স্থবিৰ আৰু পশ্চাৎমুখী পৰিৱেশটো ধৰ্মীয় ৰক্ষণশীলতাক জীয়াই ৰখাত অতি কাৰ্যকৰী। গতিকে তেনে পৰিৱেশত ধৰ্মীয় প্রথাসমূহে পল্লৱিত ৰূপ ধাৰণ কৰাটো অস্বাভাবিক কথা নহয়। তাৰ লগতে আছে আৰু এটা অতি জৰুৰী প্রসংগ। অস্তিত্বৰ সংকটত আক্রান্ত তেনে জনগোষ্ঠীৰ লোকে ধৰ্মীয় আৰু সাংস্কৃতিক উপাদানসমূহকেই নিজৰ অস্তিত্বৰ চিহ্ন হিচাপে সাবটি ধৰি থাকে। মাথোন সিমানেই নহয়, তেনে পৰিস্থিতিত, ধৰ্মীয় আৰু সাংস্কৃতিক উপাদানসমূহে পুনৰ্জীৱনো লাভ কৰে। স্বাভাবিকতেই তেনে প্রথাৰ (যেনে, বোৰ্খা) প্রসাৰ হোৱাৰ ঘটনাটো সকলোৰে চকুত স্পষ্টভাৱে ধৰা দিয়ে, কিন্তু তাৰ আঁৰৰ কাৰণ (যেনে, অস্তিত্বৰ সংকট) প্রচ্ছন্ন হৈয়েই থাকি যায়। এই কথাসমূহক অগ্রাহ্য কৰি, একমাত্র আইনগত পন্থাৰে বোৰ্খাৰ দৰে প্রথাক নিষিদ্ধ ঘোষণা কৰিলে মূল কথাবোৰ একেধৰণেই থাকি যাব। প্রগতিশীল চিন্তা-চৰ্চাৰ প্রসাৰ, যুক্তিবাদী আন্দোলন, বিজ্ঞানমনস্কতাৰ বিস্তাৰণ, শিক্ষা আদিৰ জৰিয়তে সম্পন্ন হোৱা মানুহৰ মননৰ শুভংকৰ পৰিৱৰ্তনৰ পৰাহে তেনেবোৰ ক্ষেত্রত স্থায়ী ফল লাভ আশা কৰিব পাৰি।

Print Friendly, PDF & Email

6 thoughts on “সম্পাদকৰ টোকা :: বোৰ্খাৰ প্রসংগত (কৌশিক ‍দাস)

  • আৰম্ভণি তে পঢ়ি বোৰ্খা প্ৰথা নিষিদ্ধকৰণৰ প্ৰতিয়েই মত দিয়াৰ বিবেচনা কৰিছিলো, কিন্তু সামৰণি ত আপোনাৰ ইয়াৰ বিৰুদ্ধে দিয়া যুক্তি খিনিত নিজৰ মত সলাবলৈ বাধ্য হলো।
    ধন্যবাদ চাৰ।

    Reply
  • Siddhartha Sankar Saikia

    Bhal lagil sir. Burkha hombondhe study nasil agote. Janibo palu bohu Kotha. Protha hoboloi o kisuman niyomor Majot domon thake jodihe prothatu horbohonmoto nohoi. Sanskriti xundar hole manuhr taak nije akuali loi. Jenekoi bihu… Iat thoka Protha xomuhor logot manuhor anondo jorito..heye utsav parvon adit protha onujayi nijr pindhibi mon jai. Heibuli prothatur nirdisto niyomawoli thakiboei. Heya prothatur juktir uporot nirbhorxil. Manuhe etia burkha pindhibo lagene nalage heya o theek tenekua hobo. Tekhet luke burkhar dhonatmok keitaman dikh bisari kobo jitu motobador logot nissoi manuh thakibo. Heya tekhet lukor nabe hundar sanskriti. Dhormiyo onuxakhon grohon koratu nijor pasand or podokhyep, taar jukti xomuh ei xomoyot khap nakhabou pare. Kuntu ekebare ojuktikor nohoi. Dhonatmok aru wrinatmokor bharxomyo he beleg beleg. Ami juktire kisuman protha xeye wrinatmokor fale theli pothiabo paru. Jivonxoili tu nirdisto kisuman onuxakhonot soluai niyatu dhormiyo porompora/prothaburot pao. Heya nijeo rochona kori lobo pari.

    Thanking you
    Siddhartha Sankar Saikia

    Reply
    • Minakshi bezboruah

      Pohi val lagil sir! Gutei kthakhini akou abar vabiboloi badhya holu.

      Reply
    • Sukanya gogoi

      ছাৰ ,লিখনিটি পঢ়ি ভাল লাগিল

      Reply
  • পৰাগ পবন শৰ্মা বড়া

    সুন্দৰ তথ্যভিত্তিক নিবন্ধ।প্ৰায়খিনি বক্তব্যই সমৰ্থনযোগ্য। জনগোষ্ঠীৰ টোৰ শৈক্ষিক সাংস্কৃতিক বৌদ্ধিক তথা আৰ্থিক সামাজিকভাৱে সৰ্বতোপ্ৰকাৰ বিকাশ সাধন নকৰাকৈ কেৱল আইনী বাধ্যবাধকতাৰে বোৰ্খা নিষিদ্ধ কৰি ধৰ্মীয় মৌলবাদৰ কবলৰ পৰা জনগোষ্ঠীটোক উদ্ধাৰ কৰিব নোৱাৰি।এইটো একেবাৰে সঠিক কথা।কিন্তু নিবন্ধটোৰ শেষত অস্তিত্বৰ সংকটত ভোগা জনগোষ্ঠীটোৱে (মুছলমান সকলে) বোৰ্খা আদি সাংস্কৃতিক বৈশিষ্ট্যকে জোৰকৈ সাবতি ধৰি আত্মৰক্ষাৰ চেষ্টা কৰা বুলি যিটো যুক্তি দাঙি ধৰা হৈছে সেইটোহে মুঠেই গ্ৰহনযোগ্য নহয়।এইখন দেশৰ তথাকথিত বাঁওপন্থী উদাৰ চেকুলাৰবাদী সকলে এইটো যুক্তিতে আমাৰ দেশত সদায় ইছলামিক মৌলবাদৰ প্ৰতি নমনীয় বা উদাৰ তোষনকাৰী নীতি এটা অবলম্বন কৰি আহিছে।তেওঁলোকৰ মাজত দেখা দিয়া উগ্ৰবাদ।সন্ত্ৰাসবাদ আদি অপৰাধপ্ৰবণতা বিলাককো সদায় ৰক্ষণাবেক্ষণ দি আহিছে।ইয়াৰ ফলত বাঁওপন্থী সকলে এইখন দেশত ভৰিৰ তলৰ মাটি এতিয়া হেৰুৱাব লগা হৈছে।ইয়াৰ সুবিধা লৈ উগ্ৰহিন্দুবাদী শক্তিয়ে দেশৰ চৌপাশে নিজৰ সাংগঠনিক বিস্তাৰ ঘটাইছে।এইখন বিশ পঁচিশ কোটী মুছলমানৰ কাৰ পৰা কেনেকৈ অস্তিত্বৰ সংকট আহিছে?নামাজ ৰোজা জাকাত হজ ফিতৰা আদি ইছলামৰ পাঁচটা মুলনীতি মানি চলাত এইখন দেশত কোনে কেতিয়া ইছলামধৰ্মী সকলক বাধা প্ৰদান কৰিছে? পাৰ্চনেল আইন উঠাই দি চাৰিজনী নিকাহ কৰাৰ সুবিধা উঠাই দিল, নাৰী নিগ্ৰহকাৰী তিনি তালাক নিষিদ্ধ ঘোষণা কৰিলে, বোৰ্খা হিজাপ পৰিধানত শিথিলতা আহিল, ভাৰত মাতা কি জয় বুলি ক’ল, মুছলমান লৰা ছোৱালীয়ে স্কুলত বন্দে মাতৰম গীত গালে, মুছলমান ছোৱালী অনা মুছলমানৰ লগত বিয়াত বহি সেন্দুৰ লৈ মঙ্গলসুত্ৰ পৰিধান কৰিলে ইছলাম বিপন্ন হব বুলি ইছলামিক ধৰ্মতত্ত্বই কয় নে এতিয়া ধৰ্মৰ অভিভাবকত্ব কৰা পুৰুষতান্ত্ৰিক মৌলবাদী মনোবৃত্তিৰ আলিম উলেমা আদি ধৰ্মত্ত্ববিদ সকলে কয়? এই সকলৰ ৰঙাচকুলৈ ভয় কৰি কঁপি কঁপি থকাতকৈ ইছলাম ধৰ্মাৱলম্বী ৰাইজৰ মাজলৈ গৈ সকলো কথা ভাঙি পাতি বুজাই তেওঁলোকৰ বৌদ্ধিক সাংস্কৃতিক চেতনাৰ মান উন্নীত কৰিবলৈ চেষ্টা কৰাটোহে বেছি ফলপ্ৰসূ কথা হ’ল নেকি? তথাপিতো গভীৰ অধ্যয়ন আৰু চিন্তাপ্ৰসুত এই লেখাটো পঢ়ি বিশেষভাৱে উপকৃত হৈছোঁ।

    Reply
  • Sujata pachoni dutta

    সনত্রাসবাদৰ বিষবাষপৰ বাবে যিসময়ত নাৰীয়ে নিজৰ পুত্র,সৱামী,ভাতৃক হেৰুৱাব লগীয়া হৈছে,সেইসময়ত নাৰীয়েই সনত্রাসবাদ নিৰমূলৰ ক্ষেত্রত ধৰমীয় নীতি-নিয়মৰ অজুহাতত বা কেৱলমাত্র বয়কতিগত ৰুচিৰ অজুহাতত বাধাৰ কাৰণ হোৱাটো দুখজনক| এইক্ষেত্রত কিনতু পুৰুষসকলৰো দৃষটিভংগীৰ সালসলনি হোৱাটো খুবেই প্রয়োজনীয়| কাৰণ পুৰুষতানত্রীকতাৰ অৱসান এতিয়াও বহুত দূৰৈত যেন মোৰ বোধ হয়|

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *