গৌতম বুদ্ধ , বৌদ্ধ দৰ্শন আৰু কেতবোৰ প্ৰশ্ন-(অনুপমা বৰগোহাঁই)

 ১.গৌতম বুদ্ধ  এজন পলায়নবাদী পুৰুষ? 

এই কথাষাৰ প্ৰায়ে বহুতৰ মুখত শুনিবলৈ পোৱা যায় ।  জ্ঞান সাধনাৰ কাৰণে  নিজৰ সদ্যোজাত পুত্ৰ আৰু বিদূষী পত্নীক এৰি থৈ  সন্ন্যাস গ্ৰহণ কৰা এজন ব্যক্তিক সাধাৰণ দৃষ্টিত পলায়নবাদী বুলিয়েই ক'ব  পাৰি । কিন্তু আমি যদি অন্য দৃষ্টিকোণেৰে চাওঁ - গৌতম  বুদ্ধক পলায়নবাদী বুলি  কোৱাৰ পৰিবৰ্তে তেওঁক আৰু তেওঁৰ পত্নী যশোধৰা দুয়োকে পৰম সমাজহৈতেষী আৰু বাস্তৱমুখী ব্যক্তি বুলিহে ক'ব লাগিব ।

ষোল্ল বছৰীয়া এজন সুন্দৰ সুশ্ৰী যুৱক - যাৰ কোনো বৈষয়িক দুখ নাই , অভাৱ নাই , অসুখ নাই । প্ৰবল প্ৰতাপী পিতৃ-মাতৃৰ সমস্ত ধ্যান, আশা-আকাংক্ষাৰ কেন্দ্ৰবিন্দু সেই যুৱকক এখন সমৃদ্ধিশালী দেশৰ দায়িত্ব ল'ব পৰাকৈ গঢ়িবলৈ অহোপুৰুষাৰ্থ কৰা হৈছিল । কিন্তু সেই যুৱক ৰাজকুমাৰৰ মন সদায় আনৰ দুখ-যন্ত্ৰণাত ভাৰাক্ৰান্ত হৈ  থাকিছিল । জগতৰ কোনো মায়া-মোহ, লাহ-বিলাসেৰে মনলৈ  আনন্দ ঘূৰাই আনিব নোৱাৰি ৰজা-ৰাণীয়ে শেষ প্ৰচেষ্টা হিচাপে  ৰাজকুমাৰ গৌতমক এগৰাকী সুন্দৰী ৰাজকুমাৰীৰ লগত বিবাহৰ ডোলেৰে বান্ধি  দিয়াৰ সিদ্ধান্ত ল'লে । পৰম সুন্দৰী, উচ্চমনা , বিনয়ী প্ৰায় সমবয়সী যশোধৰাৰ লগত বিষাদগ্ৰস্ত ৰাজকুমাৰ  গৌতমক বিবাহৰ জৰীৰে বান্ধি দিয়া হ'ল । ষোল্ল বছৰীয়া সেই অপৰিপক্ব যুৱকে প্ৰতিবাদৰ ভাষাই বিচাৰি নাপালে ।  ৰাজকুমাৰী যশোধৰা বিবাহৰ পূৰ্বেই গৌতমৰ বিষাদগ্ৰস্ততাৰ বিষয়ে জ্ঞাত আছিল । গৌতমৰ  মাতৃ মহাৰাণী প্ৰজাপতিয়ে যশোধৰাক ৰাজকুমাৰ গৌতমৰ বিষাদগ্ৰস্ততা দূৰ কৰি সংসাৰৰ মায়া-মোহত আবদ্ধ কৰাৰ প্ৰতিশ্ৰুতি লৈহে বোৱাৰী কৰি আনিছিল । যশোধৰাই নিজৰ দায়িত্ব পালন কৰিবলৈ চেষ্টাৰ ত্ৰুটি কৰা নাছিল । গৌতমে যেতিয়া যশোধৰাৰ আগত জ্ঞান অন্বেষণৰ বাবে সংসাৰৰ মায়া ত্যাগ কৰি সন্ন্যাসী হোৱাৰ কথা ব্যক্ত কৰিছিল , সেই উচ্চ মনৰ বিদূষী ৰাজকুমাৰীয়ে কম্পিত অথচ দৃঢ় স্বৰেৰে তেওঁৰ পতিক কৈছিল : ‘‘ প্ৰিয়তম , আপোনাৰ সুখেই মোৰ সুখ। মই আপোনাৰ জ্ঞান সাধনাৰ প্ৰতিবন্ধক নহওঁ - বৰঞ্চ মই আপোনাৰ জ্ঞান আৰু সত্য উন্মোচনৰ অন্বেষণত সদায় সহযোগিতাহে কৰিম ।''

‘‘ এনমা নদীৰ পাৰত গেৰুৱা বসন পিন্ধি, মুণ্ডন কৰি খালি ভৰিৰে ৰাজকুমাৰ গৌতম অৰণ্য অভিমুখী হ'ল '' –এনে এটা সত্য স্বীকাৰ কৰি ল'বলৈ ৰাজকুমাৰী যশোধৰা বিবাহৰ পূৰ্বেই মানসিকভাৱে প্ৰস্তুত হৈ আহিছিল । কিন্তু সিদিনা গৌতমৰ সাৰথি ছন্দকৰ মুখত এই সত্যটো শুনি যশোধৰাৰ মনত হয়তো অলপ দুখ-অভিমানৰ সৃষ্টি হৈছিল । ৰাজকুমাৰে তেওঁৰ কিয় মাত লগাই থৈ নগ'ল, তেওঁক কিয় ইমান ক্ষুদ্ৰ মনৰ নাৰী বুলি ভাবিলে? এজন মহান ৰজাই সকলো সময়তে নিজৰ দেশৰ প্ৰজাৰ সুখ-শান্তিৰ কাৰণে সকলো প্ৰকাৰৰ ত্যাগ স্বীকাৰ কৰিবলৈ সাজু থাকিব লাগে -  ৰাজকুমাৰী যশোধৰাই সৰুৰে পৰা ইয়াকে শিকিছে আৰু বুজিছে ।  তেওঁৰ পতি ৰাজকুমাৰ গৌতমে কেৱল এখন দেশৰ জনগণৰ কাৰণেই নহয় - পৃথিৱীৰ সমস্ত জনগণৰ সুখ, শান্তি  আৰু কল্যাণৰ বাবে নিজৰ সৰ্বস্ব ত্যাগ কৰিবৰ বাবে সাজু হৈছিল । যশোধৰাইতো তেওঁক কেতিয়াও বাধা নিদিলেহেঁতেন। কিন্তু কিছু চিন্তা কৰি যশোধৰাই এই কথা বুজি পাইছিল যে  গৌতমৰ মানসিক সাধনা তেতিয়াও সম্পূৰ্ণ হোৱা নাছিল ।  সদ্যোজাত পুত্ৰৰ নিৰ্মল মুখ আৰু যশোধৰাৰ আকুল দুনয়নে তেওঁক নিজৰ লক্ষ্যৰপৰা আতঁৰাই আনিব - এই ভয়ৰ বাবেই হয়তো গৌতমে মনে মনে ৰাজকাৰেং ত্যাগ কৰিলে ।

যশোধৰা সাধাৰণ নাৰী নাছিল । তেওঁ নিজৰ ক্ষুদ্ৰ স্বাৰ্থ , সাংসাৰিক সুখ-আনন্দৰ বাবে  পতিক বান্ধি ৰাখিব বিচৰা নাছিল । আজিৰ যুগতো এনে বহুত যশোধৰা আছে । এই যে শত্ৰুৰ হাতৰপৰা দেশক উদ্ধাৰ কৰিবলৈ নিজৰ  সদ্যবিবাহিত পত্নী বা ফুলকুমলীয়া সন্তান, মৃত্যুমুখী পিতৃ-মাতৃক নিজৰ ঘৰত এৰি থৈ সীমান্তলৈ দৌৰ মৰা সৈনিকসকল, গৱেষণাৰ খাতিৰত বহু বছৰ ঘৰ পৰিয়ালৰপৰা আঁতৰত থাকি কাম কৰা ব্যক্তিসকল - এওঁলোককো আমি পলায়নবাদী বুলি কম নেকি?  দেশৰ আহ্বানত ঘৰ এৰি ওলাই যোৱা প্ৰতিজন সৈনিকেই জানে যে নিজৰ মৰমৰ পত্নী , সন্তান বা মাতৃৰ লগত তেওঁৰ পুনৰ মিলন হয়তো সম্ভৱ নহ’বও পাৰে । তথাপিও তেওঁলোকে নিজৰ কৰ্তব্যৰ আহ্বানক জলাঞ্জলি দি ঘৰত সোমাই নাথাকে । সেইসকল সৈনিক যিদৰে পলায়নবাদী নহয় - সেইদৰে গৌতম বুদ্ধও পলায়নবাদী নহয় । ৰাজকুমাৰ  গৌতম জীৱন যুদ্ধৰ এনে এক পৰম বীৰ সৈনিক - যি সমস্ত মানৱ জাতিক দুখ-কষ্টৰপৰা ৰক্ষা কৰিবলৈ নিজৰ সৰ্বস্ব ত্যাগ কৰিছিল ।

সিদ্ধাৰ্থ গৌতম প্ৰকৃততে এজন মানৱদৰদী ৰাজকুমাৰ আছিল । কেৱল মানৱ জাতিৰ প্ৰতিয়েই নহয় - পৃথিৱীৰ সকলো জীৱৰ প্ৰতিয়েই তেওঁ দায়বদ্ধতা আৰু অনুকম্পা প্ৰদৰ্শন কৰিছিল । তেখেত সেই সময়ৰ প্ৰথম দাৰ্শনিক যি ‘‘ভগৱান''  নামৰ অদেখা শক্তিৰ অস্বিত্ব অস্বীকাৰ কৰিছিল । মানুহক  বাস্তৱ জীৱনৰ লগত , নিজৰ জগতৰ লগত পৰিচয় কৰাই দিছিল । প্ৰতিজন মানুহৰ  নিজৰ ভিতৰত থকা অসীম অন্তৰ্নিহিত শক্তিৰ লগত পৰিচয় কৰাই  দিয়া  ৰাজকুমাৰ গৌতম ‘‘ পলায়নবাদী'' নহয় , বৰঞ্চ এজন ‘‘ বাস্তৱবাদী আৰু যুক্তিবাদী '' বিদ্বান পুৰুষ - এজন প্ৰকৃত বুদ্ধ । এইজনা বুদ্ধৰ দৰ্শন অনুশীলন কৰিলে আমি কেৱল সুখী  হোৱাই নহয়, এখন সৎ , সুন্দৰ আৰু নিকা সমাজো গঢ়িব পাৰিম ।

. বৌদ্ধ দৰ্শন আৰু জন্মান্তৰবাদ

সিদিনা এজন বন্ধুৱে প্ৰশ্ন কৰিলে - ‘‘ বুদ্ধই আত্মা-পৰমাত্মা তথা ভগৱানৰ অস্তিত্বক  স্বীকাৰ নকৰিছিল । কিন্তু জন্মান্তৰবাদত বিশ্বাস কৰিছিল । কৰ্মৰ ফলৰ ওপৰত বিশ্বাস কৰিছিল । প্ৰতিটো জন্মতে পূৰ্বজন্মৰ ভাল আৰু বেয়া কামৰ প্ৰভাৱ কঢ়িয়াই আনে বুলিও কৈছিল । কিন্তু কথা হ'ল, আমাৰ যদি ‘আত্মা' বুলি একো অস্তিত্বই নাই, তেনে পুনৰ জন্ম কেনেকৈ হয়? কৰ্মৰ প্ৰভাৱ কোনে কঢ়িয়ায়? ''

বন্ধুৰ প্ৰশ্ন  যুক্তিসংগত আৰু যথেষ্ট চিন্তা উদ্ৰেগকাৰী । এনে প্ৰশ্নই কেৱল মোৰ এজন বন্ধুকে নহয় – বহু লোককে খুন্দিয়াই থাকে । বৌদ্ধ দৰ্শনৰ অনুশীলন আপাত দৃষ্টিত তেনেই সহজ যদিও এই দৰ্শনৰ গূঢ়াৰ্থ অনুধাৱন কৰাটো অতি সহজ নহয় । নিচিৰেন ডাইচনিন নামৰ  তেৰ শতিকাৰ জাপানী বৌদ্ধ গুৰুজনাই কোৱাৰ দৰে  বিশ্বাস, অনুশীলন আৰু অধ্যয়ন - এই তিনিটাও কাৰ্যৰ সমান প্ৰয়োগৰদ্বাৰাহে বৌদ্ধ দৰ্শনক অনুধাৱন কৰিব পৰা যায় ।

বুদ্ধৰ মতে আত্মাৰ ধাৰণা কি সেই প্ৰশ্নৰ উত্তৰ জানিবলৈ ‘আগি বচ্চাগত্তা সূত্ৰ' অধ্যয়ন কৰিব পৰা যায় ।   আত্মা আৰু জন্মান্তৰবাদ সন্দৰ্ভত গৌতম বুদ্ধৰ লগত বচ্চাগত্তা নামৰ সন্ত এজনৰ কথোপকথন ‘আগি বচ্চাগত্তা  সূত্ৰ'  নামেৰে লিপিবদ্ধ কৰা হৈছে ।

ভাৰতৰ সনাতন হিন্দু ধৰ্মৰ মতে আত্মা অবিনেশ্বৰ । বচ্চাগত্তাই গৌতম বুদ্ধৰ জৰিয়তে জানিব বিচাৰিছিল যে আত্মা অবিনশ্বৰ -  বোলা কথাষাৰ  শুদ্ধনে? আত্মা সঁচাকৈয়ে আছেনে? গৌতম বুদ্ধৰ দৰে আলোকিত ব্যক্তি এজনৰো পুনৰ্জন্ম হ'বনে? ... বচ্চাগত্তাৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰত  বুদ্ধই  ‘নহয়' বা ‘এই কথাটো ইয়াত খাপ নাখায়' বুলি কৈ থাকিল । বুদ্ধৰ এই আচৰণত প্ৰচণ্ড বিৰক্ত হৈ বচ্চাগত্তাই  কৈ উঠিল : ‘ হে তথাগত আপোনাৰ বাৰু নিজস্ব কোনো ৰায় নাই নেকি?’

 তেতিয়া এটি  মধুৰ হাঁহিৰে  তথাগতে বচ্চাগত্তাৰ এই প্ৰশ্নৰ উত্তৰ  দিছিল  - ‘ হে বচ্চা, এই সন্দৰ্ভত মোৰ  ‘ৰায়'  বা নিজস্ব অভিমত বোলা কথাষাৰ  মই অস্বীকাৰ কৰো । ‘আত্মা'  বা ‘মই'  বোলা কথাষাৰ মাত্ৰ এটা প্ৰচলিত শব্দ যাৰ কোনো প্ৰকৃত আৰু স্বতন্ত্ৰ অস্তিত্ব নাই। আত্মাই দেহা সলনি কৰি ঘূৰি ফুৰা , সৰগলৈ গৈ সুখ ভোগ কৰা  বা নৰকলৈ গৈ দুখ ভোগ কৰা - এনেবোৰ কথাও ভিত্তিহীন । আত্মাৰ সন্ধানত বৰ্তমানৰ সময় ব্যয়িত কৰাটোও অন্ধকাৰ ৰুমত বেজী এটাৰ সন্ধান কৰাৰ দৰে অৰ্থহীন প্ৰয়াস ।  আত্মাৰ আৱিষ্কাৰ নকৰাকৈও  মানুহে বহুতো কল্যাণকামী কাম কৰি গৈছে । আত্মা  আছে নে নাই - এই বিতৰ্কত সময় নষ্ট নকৰি বৰ্তমানৰ প্ৰতিটো মুহূৰ্তৰ সদ প্ৰয়োগ কৰি নিৰ্বাণ লাভৰ প্ৰচেষ্টা কৰা ।''

 বুদ্ধৰ অনাত্তা (অআত্মা) সূত্ৰ অনুসৰি ‘‘ মোৰ এটা আত্মা  আছে '' বা ‘‘ মোৰ কোনো আত্মা  নাই '' -  এই দুয়োটা ধাৰণাই ব্যক্তিক আত্মোপলব্ধি  কৰাত বা নিৰ্বাণ লাভ কৰাত বাধা দিয়ে । নিজৰ ধাৰণা  প্ৰক্ষেপণ নকৰাকৈ  সকলো  বস্তুকে আমি কৰ্মকাৰক হিচাপে চাব লাগে । বুদ্ধৰ মতে  তথাকথিত  ‘‘আত্মা'' হ'ল এক শক্তি । কিন্তু এই শক্তি একক শক্তি নহয় । ই হয় কিছুমান ভৌতিক আৰু মানসিক শক্তিৰ সমস্তি - যাক পঞ্চখণ্ড বুলি ক'ব পৰা যায় । এই পঞ্চখণ্ড হ'ল - শাৰীৰিক অৱস্থিতি (ৰূপকখণ্ড) , অনুভূতি (বেদনাকখণ্ড), উপলব্ধি (সন্নাকখণ্ড) , মানসিক অৱস্থিতি ( সমসাৰকখণ্ড)  আৰু চেতনা (ভিন্ননাকখণ্ড) । এই পাঁচটা শক্তিৰ প্ৰবাহতে  প্ৰতিটো মুহূৰ্ততে বিশ্ব চৰাচৰ পৰিবৰ্তন হৈ থাকে । প্ৰতিটো মুহূৰ্তই নতুন । প্ৰতিটো মুহূৰ্ততেই জীৱৰ মৃত্যু আৰু নৱজন্ম হয় ।

প্ৰায় ২৫০০ বছৰৰ পূৰ্বে গৌতম বুদ্ধই কৈ যোৱা এই কথাষাৰ বৰ্তমান বিজ্ঞানেও এক প্ৰকাৰে সত্য বুলি প্ৰমাণ কৰিছে । বিজ্ঞানে প্ৰমাণ কৰি দেখুৱাইছে যে প্ৰতিটো মুহূৰ্ততে আমাৰ শৰীৰৰ বহু কোষৰ মৃত্যু হয় আৰু জন্মও হয় ।

গোটেই বিশ্বব্ৰক্ষ্মাণ্ড প্ৰকৃততে এক অনন্ত শক্তিৰ প্ৰবাহ আৰু মানৱ জাতিও এই শক্তিৰেই  এটা অংশ । বুদ্ধই কৈছিল -

“তুমি কেৱল ‘তুমি' য়েই নহয়, তুমি এই ব্ৰক্ষ্মাণ্ডৰপৰা পৃথক নহয় ।'' বিজ্ঞানে এইটোও  প্ৰমাণ কৰিছে যে শক্তিৰ মৃত্যু নহয় - শক্তিৰ ৰূপান্তৰহে ঘটে । মানুহো যিহেতু শক্তিৰেই প্ৰবাহ - মানুহৰো মৃত্যু নহয় - ৰূপান্তৰহে হয় । এই ৰূপান্তৰকে আমি পুনৰ্জন্ম বুলি কওঁ ।

৩. বৌদ্ধ দৰ্শন বনাম  সমাজ দৰ্শন

ধৰ্ম  আৰু আধ্যাত্মিক দৰ্শনৰ মাজত পাৰ্থক্য নাই বুলি বহু লোকে ক'ব বিচাৰে । কিন্তু এই ধাৰণা শুদ্ধ যেন বোধগম্য নহয়। সাধাৰণতে একো একোটা সুন্দৰ দৰ্শনক ৰীতি-নীতিৰ সাজ-পোছাকেৰে ঢাকি ধৰ্মৰ নাম  দিয়া যায়। ঈশ্বৰৰ অস্তিত্বক অস্বীকাৰ কৰা গৌতম  বুদ্ধকো ভগৱান সাজি তেওঁ বাণী বা শিক্ষাসমূহক  ধৰ্মৰ সাজ পিন্ধোৱা হৈছে । ফলত বৌদ্ধ দৰ্শনৰ বিস্তৃতি আধ্যাত্মিকতাৰ মাজতেই সীমাবদ্ধ হৈ  আছে ।

 বুদ্ধই যদিও নিৰ্বাণ বা মুক্তিৰ কথা কৈছিল - কিন্তু ইয়াৰ বাবে  ঘৰ , সংসাৰ সকলো পৰিত্যাগ কৰি সন্ন্যাসী হোৱাৰ কথা কোৱা নাছিল ।  নিৰ্বাণৰ ফলত স্বৰ্গলাভ , ভগৱানৰ লগত মিলন বা পৰমাত্মাৰ লগত আত্মাৰ মিলন হোৱাৰ দৰে ইতিবাচক সম্ভাৱনা বা আশাও দাঙি ধৰা নাছিল ।  তেওঁ মাত্ৰ চাৰিটা মহৎ কৰ্তব্যৰ প্ৰতি মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছিল । সেই কৰ্তব্যকেইটা হ'ল :

  ১. সকলো জীৱৰ প্ৰতি মৰম আৰু বন্ধুত্ব

 ২. কৰুণা

৩. অন্যৰ সুখত সুখী

৪. অন্যৰ দোষ-ত্ৰুটিৰ ওপৰত বিশেষ চকু নিদিয়া

তেওঁ আৰু কৈছিল : ‘‘ তন্ত্ৰ মন্ত্ৰ , পূজা পাঠ বা ভগৱান বিশ্বাসেই ধৰ্ম নহয় । আচল ধৰ্ম বিচাৰি পোৱা যায় নৈতিকতা , সংযম , ত্যাগ, প্ৰেম , কৰুণা আৰু জীৱ সেৱাত ।''

মানুহৰ  দুখৰ কাৰণ সন্দৰ্ভত তেওঁ কৈছিল  - ‘‘ ব্যক্তিকেন্দ্ৰিকতা আৰু লোভেই ব্যক্তি জীৱনৰ দুখৰ প্ৰধান কাৰণ । জনসাধাৰণৰ মনত সম্যক দৃষ্টি প্ৰতিষ্ঠিত নহ’লে অহংকাৰ আৰু স্বাৰ্থৰপৰা উৎপন্ন হোৱা নানা হিংসা , বিবাদ নকমিব আৰু জগতত কেতিয়াও শান্তি প্ৰতিষ্ঠিত নহ'ব । যদি প্ৰত্যেক ব্যক্তিয়ে কেৱল নিজৰ ঐশ্বৰ্য আৰু ক্ষমতা বঢ়াবৰ বাবে সংকল্প কৰে , তেনে তাৰদ্বাৰা নিজে আৰু সমাজৰ অন্যান্যসকলো সমানভাৱে ক্ষতিগ্ৰস্ত হ'বলৈ বাধ্য । মিছা কথা কোৱা , গালি দিয়া , অযথা চিঞৰ-বাখৰ কৰা ইত্যাদিৰপৰা সমাজত অশান্তি, কাজিয়া আৰু হিংসাৰ সৃষ্টি হয় । সেয়ে যিবোৰ কথাত পৰস্পৰৰ মাজত বন্ধুত্ব উৎপন্ন হয় - সেইধৰণৰ কথা , মিতভাষণ তথা সৎ আচৰণ কৰা  সমীচীন ।''  বৌদ্ধ দৰ্শনত ইয়াকেই সম্যক বাণী বুলি  জনা যায় ।  সম্যক বাণীৰ লগতে প্ৰতিজন ব্যক্তিক ‘‘সম্যক ব্যায়াম ''  কৰিবলৈও তেওঁ দিহা দিছিল । শাৰীৰিক ব্যায়ামৰ লগত কোনো সম্পৰ্ক নাই যদিও এই সম্যক ব্যায়ামৰ উপকাৰিতা শাৰীৰিক ব্যায়ামতকৈ কোনোগুণে কম নহয় ।

প্ৰকৃততে  ‘‘সম্যক ব্যায়াম ''  হ'ল চাৰিটা মানসিক প্ৰযত্ন । সেইকেইটা হ'ল :

১. যিবোৰ বেয়া চিন্তা মনলৈ আহিছে সেইবোৰক নাশ কৰা ।

২. যিবোৰ বেয়া চিন্তা মনলৈ  অহা নাই , সেইবোৰক মনলৈ আহিবলৈ অৱকাশ নিদিয়া।

৩. যিবোৰ  ভাল  চিন্তা মনলৈ আহিছে সেইবোৰক বঢ়াই পৰিপূৰ্ণ কৰাৰ চেষ্টা কৰা ।

৪. যিবোৰ ভাল চিন্তা মনত উৎপন্ন হোৱা নাই সেইবোৰক উৎপন্ন  কৰা ।

গৌতম বুদ্ধই মানৱ জাতিক নিজৰ মাজত থকা অপৰিসীম শক্তিৰ সৈতে চিনাকি কৰি দিবলৈ চেষ্টা কৰিছিল । জীৱৰ ৰোগ, মৃত্যু, দুখ , সুখ আদি এক এৰাব নোৱৰা সত্য । সেয়ে তেওঁ আমাক এই সত্যক স্বীকাৰ কৰি যিকোনো  প্ৰতিকূল পৰিস্থিতিৰ লগত  সিংহৰ দৰে সাহসেৰে যুঁজি যাবলৈ কৈছিল । নিজৰ লগতে আনৰো কল্যাণ আৰু  সুখৰ  বাবে চিন্তা কৰাটোৱেই প্ৰতিজন মানৱৰ উদ্দেশ্য হ'ব লাগে।

এতিয়া  আমাৰ এই আলোচনাত ধৰ্মৰ সাজ সোলোকাই কেৱল দৰ্শনৰ ৰূপত বুদ্ধৰ এই শিক্ষাসমূহৰ সামাজিক  প্ৰয়োজনীয়তা  বিচাৰ কৰি চোৱাৰ প্ৰয়াস কৰা হ'ব ।

পৃথিৱীত বৰ্তমানলৈকে সৃষ্টি হোৱা  সকলো আধুনিক  সমাজ দৰ্শনৰে  উদ্দেশ্য হ'ল এখন শ্ৰেণীবিহীন  সমাজ সৃষ্টি কৰা। শোষণকাৰী, ভোগবাদীসকলক সমাজৰপৰা নিষ্কাষণ কৰা আৰু জাতি, ধম, বৰ্ণ নিৰ্বিশেষে সকলোৰে মাজত সমতাৰ সৃষ্টি কৰা। কিন্তু  দুখজনকভাৱে  কোনো  এক  নিৰ্দিষ্ট  সমাজ দৰ্শনেই আজিলৈকে সমাজলৈ সমতা আনিব পৰা নাই । ভোগবাদী বা শোষক শ্ৰেণীয়ে নিতে নতুন ৰূপত আত্মপ্ৰকাশ  কৰিয়েই আছে। সাম্যবাদ প্ৰতিষ্ঠাৰ চেষ্টা কৰা পৃথিৱীৰ বহুবোৰ দেশৰ সাধাৰণ লোকৰ দুৰ্গতিৰ কথা আজি সকলোৱে জানিব পাৰিছে। মানৱতাবাদক বিসৰ্জন দিয়া সমাজ দৰ্শনে সাম্যবাদ প্ৰতিষ্ঠা কৰাত  কেতিয়াও সফল হ'ব পৰা নাই । সাম্যৰ সমাজ প্ৰতিষ্ঠা কৰিবলৈ গৈ মানৱতাবাদক বিসৰ্জন দিলে  সেয়া অন্য এক শোষণহে হ'ব ।

মানুহ মাত্ৰেই ভাল আৰু বেয়া প্ৰবৃত্তিৰ সমাহাৰ। ভাল প্ৰবৃত্তিবোৰ যিমানেই কাৰ্য ক্ষেত্ৰত প্ৰয়োগ কৰিব,  বেয়া  প্ৰবৃত্তিবোৰ সিমানেই দুৰ্বল হৈ পৰিব । এই ভাল প্ৰবৃত্তিবোৰেই হ'ল মানৱতাবাদৰ মূল আধাৰ । বৌদ্ধ দৰ্শনে  আমাক আমাৰ মাজত থকা ভাল প্ৰবৃত্তিবোৰক সততে প্ৰয়োগ আৰু  বিকশিত কৰিবলৈ মানসিক শক্তি দিয়ে ।

এয়া অনস্বীকাৰ্য যে মানুহৰ ভাল প্ৰবৃত্তিবোৰক বিকশিত কৰাৰ উদ্দেশ্যেই পৃথিৱীত ভিন ভিন ধৰ্মৰ সৃষ্টি হৈছিল। কিন্তু বিভিন্ন ৰীতি-নীতি , আচাৰ-অনুষ্ঠানৰ প্ৰকোপত ধৰ্মসমূহৰ আচল উদ্দেশ্য অৱহেলিত হৈ পৰি থাকিল । ফলস্বৰূপে বহু সময়ত ধৰ্মই সমাজখন ঘুণীয়া কৰাহে দেখা গৈছে ।  বৌদ্ধ দৰ্শন যিহেতু ৰীতি-নীতি, ঈশ্বৰ বিশ্বাস , আচাৰ-অনুষ্ঠানৰ  আদিৰপৰা মুক্ত - সেয়ে ইয়াত ভাল প্ৰবৃত্তিসমূহ বিকশিত কৰাৰ পথ সহজতেই বিচাৰি পোৱা যায়।

এতিয়া কথা হ'ল - মানৱতাবাদৰ সাধনা কৰিলেই এখন দেশৰ ৰাজনৈতিক , অৰ্থনৈতিক , সামাজিক সকলো সমস্যা শেষ হৈ যাব  নেকি? দেশ এখনৰ প্ৰগতি , বিজ্ঞান-প্ৰযুক্তি আদি সকলো মানৱতাবাদৰ সাধনা কৰিলেই উন্নত  হ'বনে?  মোৰ বিশ্বাস - নিশ্চয় হ'ব ।

মানুহে যেতিয়া লোভ , মোহ , ঈষা, হিংসা আদি  বেয়া প্ৰবৃত্তি ত্যাগ কৰি দয়া , ক্ষমা , সমমৰ্মিতা , সেৱা আদি ভাল মনোবৃত্তিৰে  নিজৰ নিজৰ কাম কৰিবলৈ লয় - সমাজখনৰ প্ৰতিটো ক্ষেত্ৰৰে কামবোৰ নিশ্চয় ভাল হ'ব ।  প্ৰতিটো ক্ষেত্ৰতে যদি মানুহৰ ভাল কামৰ আধিপত্য থাকে - বেয়া কামৰ প্ৰভাৱ স্বাভাৱিকতে কমি যাব।

বিচক্ষণ ৰাজনীতিবিদ,  অৰ্থনীতিবিদ , শিক্ষাবিদ ,  বিজ্ঞানী  সকলো মিলিও এখন  সুন্দৰ আৰু সাম্যৰ সমাজ সৃষ্টি কৰিব নোৱাৰে, যদিহে তেওঁলোকৰ মাজত  ভাল মানৱীয় প্ৰবৃত্তি নাথাকে । মানুহৰ জ্ঞান , বুদ্ধিমত্তা , বিচক্ষণতাই নিঃসন্দেহে সমাজলৈ প্ৰগতি কঢ়িয়াই আনিব পাৰিছে।  মানুহৰ জীৱন যাত্ৰা সহজ আৰু আৰামদায়ক কৰিবও পাৰিছে । কিন্তু সমাজলৈ শান্তি আনিব পৰা নাই। হিংসা , সন্ত্ৰাস , ঘৃণা দূৰ কৰিব পৰা নাই ।  যিবোৰ দেশত হিংসা , সন্ত্ৰাস চলি আছে - সেইবোৰ দেশৰ প্ৰগতিও স্তব্ধ হৈ পৰি আছে । সৰ্বসাধাৰণ লোকৰ বিলাই-বিপত্তিৰ সীমা নোহোৱা হৈছে । সমাজলৈ শান্তি তেতিয়াহে আহিব - যেতিয়া সমাজৰ প্ৰতিজন লোকৰ মন শান্ত আৰু স্থিৰ হ'ব ।  শান্ত  আৰু স্থিৰ  মনেৰে কৰা কামৰ  ফলাফল  সদায় ভাল হয় । বুদ্ধ দৰ্শনে আমাৰ মন শান্ত আৰু স্থিৰ ৰাখিবলৈও দিহা দিয়ে । গতিকে বৌদ্ধ দৰ্শনক আমি কেৱল এক আধ্যাত্মিক বিকাশ সাধনৰ পথ হিচাপে নলৈ সামাজিক দৰ্শন হিচাপে অনুশীলন কৰিলে নিশ্চয় এখন সুন্দৰ আৰু উন্নত দেশ বা সমাজ এখন গঢ় দিব পাৰিম।

Share Button
Print Friendly, PDF & Email

2 Comments : "গৌতম বুদ্ধ , বৌদ্ধ দৰ্শন আৰু কেতবোৰ প্ৰশ্ন-(অনুপমা বৰগোহাঁই)"

  1. ঈশান

    অতি সুন্দৰ লেখা। আপ্লুত হ'লোঁ। জটিল যেন লগা কথা কিছুমানো অতি সৰলতাৰে বিশ্লেষণ কৰা হৈছে। ব্যক্তিগত ত্ৰুটি-বিচ্যুতিৰ সংশোধনৰে, কল্যাণকামী চিন্তাৰ অনুশীলনৰে মানুহৰ মন, দেশ তথা জাতিৰ উত্তৰণ সাধন কৰায়েই প্ৰতিটো ধৰ্মৰ প্ৰকৃত দৰ্শন। স্বামী বিবেকানন্দই কোৱাৰ দৰে "Be good and do good.That is our religion."। এই কথাষাৰৰ তাৎপৰ্যও এইখিনিতে মন কৰিবলগীয়া।

  2. দীপা

    ভাল লাগিল অনু বা 🙂 বৌদ্ধ দৰ্শনৰ বহু কথা নতুনকৈ বুজিলো 🙂

Leave a Comment

Your email address will not be published. Required fields are marked *