বুলবুল কেন ছিং - (ডালিম দাস)

জীৱনৰ সকলো বৈচিত্ৰ্য আৰু স্বাভাৱিকতাক দমন আৰু নিয়ন্ত্ৰণ কৰিবলৈ, এক কথাত 'সেও মনাবলৈ' সমাজ আৰু ইয়াৰ সংস্কৃতিৰ কেতবোৰ শক্তি ক্ৰিয়াশীল হৈ থাকে। এটা পৰ্যায়লৈ এই শক্তি ধৰ্ম, আচাৰ-অনুষ্ঠান, নৈতিকতা ইত্যাদিৰ মাজত দ্ৰৱীভূত হৈ থাকে। কিন্তু একোটা পৰ্যায়ৰ পিছত সেই শক্তিয়ে দানৱীয় ৰূপ পৰিগ্ৰহণ কৰে।

জীৱনৰ সেই স্বাভাৱিকতাৰ ৰূপায়ণ সেয়ে অনিবাৰ্যভাৱে সমাজৰ নিষ্ঠুৰতাৰো উন্মোচন। "বুলবুল কেন ছিং"-ত "ভিলেজ ৰকষ্টাৰ্ছ"ৰ পিছপৰা গ্ৰাম্য সমাজৰ ফ্ৰেমত কৈশোৰৰ পৃথিৱীখন, ইয়াৰ অন্তৰ্লীন জীৱনটোৰ ছাঁ‌-পোহৰ পৰিচালকে একেই সহৃদয়তা আৰু নাৰীসুলভ মমতাৰে উপস্থাপন কৰিছে। 'পুৰুষ /নাৰী'-ৰ পূৰ্বনিৰ্ধাৰিত সূত্ৰই বান্ধি ৰখা বহিষ্কৰণবাদী (exclusive) গ্ৰাম্য-সমাজত সুমন ('চুমু')ৰ স্থান সংকটময়। কেনে এক সহজ বিশ্বাসেৰে কিশোৰীহঁ‌তে তাক আৱৰি ৰাখিছে, কেনে অপাপ-ৰঙিয়াল মনেৰে ল'ৰাটোৱে তাইহঁ‌তৰ অন্তৰঙ্গ মুহূৰ্তৰ অংশ লৈছে! লগৰবোৰে, এনেকি গাঁৱ‌ৰেই জনা-বুজাবোৰে তাৰ লৈংগিক পৰিচয়ক লৈ ভেঙুচালি কৰিলেও দৰ্শকে তেনে স্ফূৰ্তিত ভাগ ল'ব নোৱাৰে। স্বাভাৱিক স্ফূৰ্তিৰ খোৰাক হিচাপেই গাঁৱে-ভূঞে‌ গণ্য কৰা এনে 'ন ধৰ্তব্য' বিষয় চুমুৰ উচুপনিৰ মাজেৰে গম্ভীৰ ৰূপত উপস্থাপিত হৈছে। তেনে পৰিস্থিতিত বুলবুলেই ল'ৰাবোৰক ধমকি দিছে, তাইহঁ‌তেই তাক সাহচৰ্যৰে তাক এনে প্ৰতিকূলতাৰ পৰা বচাই ৰাখিছে। বনী আৰু বুলবুলৰ জীৱনলৈ প্ৰেম আহিল, জাকৰুৱা জীৱনৰ আঁ‌ৰে আঁ‌ৰে সিহঁ‌তৰ 'অন্য' আনুভূতিক জীৱন আৰম্ভ হ'ল, সেই অন্য আৱিষ্কাৰৰ কাহিনীৰ আলেঙে আলেঙে সিও থাকিল, অথচ সি যেন অনুভৱ কৰিলে এক নামহীন বিপন্নতা! তাৰ আনুভুতিক জীৱনটো অস্বীকৃত, অবান্তৰ - ল'ৰালি দিনৰ সেই প্ৰেমৰ আকৰ্ষণৰ ইচ্ছা থমকি ৰয় গছত খোদিত কৰা আঁ‌হতৰ পাতৰ ছবিত। কথাটো দেখাত 'সৰু' আৰু মামুলি হ'লেও ই সুমনৰ একধৰণৰ সংকটৰেই দ্যোতক। পৰ্যৱেক্ষণৰ এনে সূক্ষ্মতা ৰীমা দাসৰ মূলধন।

"বুলবুল কেন ছিং" এখন মনোৰম প্ৰেমৰ চিনেমা। স্কুলঘৰৰ নিজান ছাঁ‌-পোহৰত বুলবুলহঁ‌তৰ গুণগুণ কথা, অভিমান-ঈৰ্ষাৰ ঘুনুক-ঘানাক নাটক, প্ৰতিমাৰ অনিবাৰ্য আকৰ্ষণ, লজ্জা আৰু কবিতা আৰু লিখিত ভাষাৰ ব্যৱহাৰ - পৰিচালকৰ কৌতূহলী, সহৃদয় দৃষ্টিৰ পৰা একোৱেই সাৰি যাব নোৱৰাটো আমাৰ বাবে কিঞ্চিত আশ্বৰ্যৰ ব্যাপাৰ! পৰাগ-বুলবুলে ঘাঁ‌হনিত শুই থকা দৃশ্যটো মন কৰক। অবুজ-অপাপ প্ৰেমৰ নিঃসংগতা-ভয়-কাৰুণ্য আৰু নিশ্চৰ্ত আত্মসমৰ্পণৰ সেই নিঃশ্চিদ্ৰ-নীৰৱ মুহূৰ্তকেইটাৰ অভিঘাত অনন্য। নাইবা সেই নৈপৰীয়া হাবিৰ সোঁ‌-সোঁ‌ বতাহ আৰু ৰ'দ-ছায়াৰ নিসৰ্গই যদি এক অজান আৱিষ্কাৰৰ শিহৰণৰ বতৰা দিয়ে, সেই অস্বীকৃত গোপনীয়তাৰ শাস্তিৰ এক অনামী শংকাও ই কঢ়িয়ায়।

কিন্তু "বুলবুল কেন ছিং"-ত দৰ্শকে একধৰণৰ নীৰৱ সাক্ষী হোৱাৰ যন্ত্ৰণা অনুভৱ কৰিব। উন্মত্ত যুৱক-বাহিনীৰ নিৰ্দয় প্ৰহাৰৰ দীৰ্ঘায়িত দৃশ্য প্ৰায় অভাবনীয়, ইয়াৰ পৰৱৰ্তী বনীৰ আত্মহত্যা, অপ্ৰত্যাশিতভাৱে আহি যোৱা শৱযাত্ৰা আৰু অৱশেষত শ্মশানৰ জ্বলি যোৱা দগমগ আঙঠা, কোনোবা এজনে শৱদেহ খুঁচি খুঁচি জ্বলাই দিয়াৰ লং শ্বট ("একোৱেই নাই অ', আধুনমান আপী")  - ইয়াত সকলো সমীকৰণ ওলট-পালট হৈ গৈছে। শান্ত, জাকৰুৱা জীৱনটোৰ মাজত লুকাই থকা এনে নিষ্ঠুৰতাৰ একধৰণৰ অসহায়, নীৰৱ সাক্ষী হোৱাৰ অভিজ্ঞতা দৃশ্যকেইটাই প্ৰদান কৰে।

বহুতৰে মনত এনে ধাৰণাও হৈছে যে ৰীমা দাসৰ চিনেমাত সহজ-সৰল গ্ৰাম্য সমাজৰ সুন্দৰ ছবি ফুটি উঠিছে। (অৱশ্যে সেয়া পৰ্যটন বিভাগৰহে কাম হ'লহেঁতেন; শিল্পী আৰু শিল্পৰ দায়িত্ব অন্য।) শিল্পত গ্ৰাম্য-জীৱন দেখিলেই নষ্টালজিয়াৰ চশমা পিন্ধি লোৱাটো বহুতৰে এক সাংস্কৃতিক মুদ্ৰাদোষ। হ'ব পাৰে, বৰ্তমানৰ অৰ্থনিৰ্ভৰ, যন্ত্ৰৱৎ প্ৰৱাহৰ মাজত সি কিছুদূৰ অনুভূত প্ৰয়োজন। (এসময়ত খুব জনপ্ৰিয় হৈ পৰা, অধুনালুপ্ত ভিছিডি ছবিবোৰৰ কথা মনলৈ আহে। সেইবোৰ আছিল 'আদৰ্শ গাঁ‌ৱ'ৰ ছবি, প্ৰেম-প্ৰণয়ৰ উপযুক্ত পটভূমি। থিয়েটাৰতো আছিল। ("দাইটি, অ' দাইটি" "কোন অ'? অ' বাপুকণ! গুৱাহাটীৰ পৰা কেতিয়া - কম জনপ্ৰিয় নাছিল। উৎপল দাসৰ বিয়া ঠিক হ'লত তিনিদিন ভাত-পানী নোখোৱা ছোৱালীক লগ পাইছোঁ‌।) নক'লেও হ'ব, তেনে ষ্টিৰিঅ'টাইপৰ পৰা পৰিচালক মুক্ত।

নৈপৰীয়া হাবিত যুৱকৰ দলে একধৰণৰ শান্ত, ধৰ্ষকামী নিৰুদ্বেগেৰে ল'ৰা-ছোৱালীদুহালক উপৰ্যুপৰি প্ৰহাৰ কৰে। ইয়াৰ পৰৱৰ্তী দৃশ্যপটত যুৱকৰ দল অনুপস্থিত। (এজনে মন্তব্য দিছে : সিহঁ‌তক শাস্তি দিব লাগিছিল!) অথচ সকলো জাহি-জাবৰ ওলাই পৰিল। বিদ্যালয় কমিটিত উত্তপ্ত বিতৰ্ক, ধৰ্মীয় আলোচনা, ৰাধাকৃষ্ণৰ প্ৰেমৰ উদাহৰণ ইত্যাদিৰে শুচিবায়ুৱা যৌন নৈতিকতা পুনৰ প্ৰতিষ্ঠিত হ'ল; বুলবুলক প্ৰায়শ্চিত্ত কৰোৱা হ'ল। অথচ মুখত পানী মাৰি জুপুকা মাৰি ৰৈ থকা বুলবুলৰ মুখমণ্ডল চাবলগীয়া—, দৃঢ়তা আৰু অবাধ্যতাৰ ইংগিত তাত স্পষ্ট। স্কুলৰ পৰা সিহঁ‌তক বাহিৰ কৰি দিয়া হ'ল। মাজতে বুলবুলক লোলুপ দৃষ্টিৰে চোৱা ডেকা শিক্ষকৰ মুখ। ধৰ্ম-নৈতিকতা-অনুশাসনৰ আঁ‌ৰৰ মৰেল প'লিচিঙৰ উপাদানবোৰ ওলাই পৰিল। এই কোলাহলৰ মাজত পুৰুষতন্ত্ৰই গাপ দি ৰখা অসৎ অভিপ্ৰায় সন্তৰ্পনে লুকাই পৰিছে। অৰ্থাৎ বুলবুলহঁ‌তৰ বিচাৰ আৰু শাস্তিৰ মাজেৰে 'শান্ত-নিৰীহ' গ্ৰাম্য সমাজৰ স্বৰূপ ওলাই পৰিছে। কৈশোৰক লালন কৰিবলৈ প্ৰাপ্তবয়স্ক পৃথিৱীৰ অসমৰ্থতা, ইয়াৰ অসংবেদনশীলতা, এনেকি নিৰ্মমতা উন্মোচিত হৈছে। তাৰ মাজতো হঠাৎ দেখা দিছে নাৰীসুলভ ঔদাৰ্য আৰু মমতাৰ সোঁ‌ত : "আপা আপী ভাল পালি চুমা খায়ে।"—তাঁ‌তশালত চুমুৰ মাকহঁতে আলোচনা কৰিছে। যদিও পৰম্পৰা ধৰ্ম আৰু পুৰুষতন্ত্ৰৰ হেঁ‌চাত এনে ঔদাৰ্যৰ দৰ্শন প্ৰভাৱহীন। মৰেল পুলিচৰ কথাটো এনে : শিহুৰ দৰে ওলাই কাৰ্য সমাপন কৰি মৰেল পুলিচ অদৃশ্য হৈছে, কিন্তু ধীৰ গতিৰ বিচাৰৰ দৰে ম'ৰেল প'লিছিচৰ প্ৰক্ৰিয়া উন্মোচিত হৈছে। পৰিয়াল, বিদ্যালয়, ধৰ্ম, সংস্কৃতি— সকলোতে ম'ৰেল পুলিচৰ সম্ভাব্য উৎসৰ সন্ধান পোৱা গৈছে।

ভাব হ'ব পাৰে, এয়া লেখকৰ নিজা মত, ছবিখনে মাথোঁ পৰিস্থিতিবোৰ দেখুৱাইছে। কিন্তু আলোচ্য দৃশ্যৰাজিয়ে বনীৰ মৃত্যু (আত্মহত্যা)ৰ retrospective প্ৰভাৱত তেনে ব্যঞ্জনাই কঢ়িয়াব। আনহাতে মন কৰিব, ছবিখনৰ পৰিস্থিতিসমূহত 'নিৰ্মিতি'ৰ চাপ তেনেকৈ অনুভূত নহয়; দৃশ্যসমূহ দীঘলীয়া, গতি মন্থৰ। ক্ষিপ্ৰ মন্টাজধৰ্মী নহয়। উৎকণ্ঠা বা পূৰ্বানুমানৰ অৱকাশ থাকিলেও প্ৰয়োজন কম। যুৱকদলৰ অত্যাচাৰৰ দৃশ্যত, বনীৰ আত্মহত্যাৰ পৰৱৰ্তীত দৰ্শক যেন নীৰৱ, অসহায় সাক্ষীলৈ পৰ্যৱসিত হৈছে। ছোৱালীজনী হয়তো বাচিব, এই প্ৰত্যাশা ভংগ হৈছে ক্ৰমশঃ স্পষ্ট হৈ অহা স্মশানযাত্ৰাৰ দৃশ্যত। ক'ব নোৱৰাকৈয়ে পৰিস্থিতি গম্ভীৰ হৈ পৰিছে। ইয়াৰ পিছৰ দৃশ্য শ্মশানৰ; অগ্ৰভূমিত বিমূঢ়, বিক্ষিপ্ত গঞা—দূৰৈৰ সেউজীয়াৰ সিপাৰে চিতাৰ জুই। চিতাৰ দগমগ আঙঠা; শৱদেহ খুঁচি খুঁচি জ্বলাই দিয়াৰ লং শ্বট। "একোৱে নাই অ'। আধুনমান খিলটিংটিং আপী।" কথাখিনিত দুখ নাই, আছে সহজাত আৰু ব্যৱহাৰিক নিৰ্মমতা। (শ্মশানলৈ যোৱাৰ অভিজ্ঞতা থকাসকলে কথাটো টং কৰিব পাৰিব।) গোটেই দৃশ্যলানিত নীৰৱ সাক্ষী হোৱাৰ যন্ত্ৰণা অনুভৱ কৰা যায়; পূৰ্বৱৰ্তীৰ উচিৎ-অনুচিতৰ বিচাৰ ইয়াতে মূল্যহীন। ৰক্ষণশীল নিঠুৰ সমাজৰ প্ৰতি ধিক্কাৰ এনে অনুভৱৰ সংগী।

অৱশ্যে ৰীমা দাসৰ পৃথিৱীখনত প্ৰান্তিক জীৱনৰ স্বাভাৱিক অভিব্যক্তিৰ উদযাপন সণ্ঢালনিকৈ হয়; অভাৱ-দুৰ্যোগৰ মাজতো তাত শিশু-কিশোৰৰ ৰং-ৰহইছ আৰু উদ্দামতাৰ হৰণ-ভগন নাই। চৌপাশৰ প্ৰকৃতিয়েও দিয়ে অবাধ বিচৰণৰ ক্ষেত্ৰ। এই পৃথিৱী সেয়ে নেতিত শেষ হৈ নাযায়। ব্যক্তিমনৰ উদ্যম আৰু ইচ্ছাৰ ভাৰ ইয়াত সকলোতকৈ বেছি। হ'ব পাৰে, এয়া কিছুদূৰ স্ৰষ্টাৰ যাপিত অভিজ্ঞতাৰ ফচল। অতএব বুলবুলৰ পথ বনীৰ পথ নহয়, স্বীকৃত সামাজিকতাৰ পথো নহয়। স্পষ্টতঃ এই পথ জীৱনৰ সপক্ষে। গছৰ জীয়া ফৰিঙ এটা ধৰি আনি পুনৰাই গছত মেলি দি বুলবুলে যেন নীৰৱে এই ৰায়দান দিলে। এই পথ আত্ম-আৱিষ্কাৰৰ। স্বাধীনচিতীয়া বনীৰ মাকে বুলবুলৰ মাজত হয়তো নিজৰ জীয়ৰীক বিচাৰি পাইছে। এনে twist ভাবোদ্দীপক আৰু মৰ্মস্পৰ্শী। সামৰণিৰ সন্ধিয়াৰ বিশাল আকাশত মেঘৰ থোপা; তাৰ মাজতো ডুবন্ত বেলিৰ আভা আৰু বুলবুল আৰু খুৰীয়েকৰ দীৰ্ঘায়িত দৃশ্য অৰ্থৱহ। সেই বিশাল, ঈষৎ আন্ধাৰ আকাশৰ স্থিৰ ফ্ৰে'মেই কয় - এই যাত্ৰাত সহজ ৰোমাণ্টিকতাৰ স্থান নাই। জাহ্নু বৰুৱাৰ 'কণিকাৰ ৰামধেনু'ৰ সামৰণিত আছিল ককা-নাতিৰ আত্মবিভোৰ ছায়ামূৰ্তি পাহাৰৰ সীপাৰৰ কোনো স্বপ্নাদেশলৈ ঢাপলি মেলাৰ বিনন্দীয়া অথচ বাস্তৱবিমুখ আয়োজন। যেন কুকৈৰ অতদিনৰ traumaৰ এক নান্দনিক ক্ষতিপূৰণ! ৰীমা দাসৰ পৃথিৱীখন মনৰ শক্তি আৰু সম্ভাৱনাক লৈ যিদৰে আশাবাদী, সমাজৰ প্ৰতিসোঁ‌ত আৰু প্ৰত্যাহ্বান সম্পৰ্কেও গভীৰভাৱে সজাগ।

"সব মানহুৰে কথা শুনলি জীৱনটো শেষ হৈ যাবো। মনে যিটো কয় সেটো কৰবি।" ই নিশ্চয় দায়িত্বহীন, ভাবপ্ৰৱণ ৰোমাণ্টিকতাৰ শিক্ষা নহয়।

Share Button
Print Friendly, PDF & Email

No Comments : "বুলবুল কেন ছিং - (ডালিম দাস)"

Leave a Comment

Your email address will not be published. Required fields are marked *