দুৰ্গা পূজা আৰ্যসকলৰ উৰ্বৰ মস্তিষ্কৰ পৰিকল্পিত সৃষ্টি - ( প্ৰাঞ্জল দেউৰী)

সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বাংলাদেশৰ কোনো কোনো স্থানত দুৰ্গা পূজাই সৰ্বাত্মক ৰূপ লৈছে। দুৰ্গা পূজা কেতিয়াৰপৰা আৰু কি উপলক্ষ্যত উদযাপিত হৈছে সেই লৈ বহুধাবিভক্ত মত দেখা যায়। দুৰ্গা দেৱীৰ আবিৰ্ভাৱক লৈও তেনে মত দেখা যায়। দুৰ্গা পূজাৰ প্ৰচলন কেতিয়াৰপৰা হৈছে সেয়া স্পষ্টকৈ নিৰূপণ নহ'লেও এটা কথা স্পষ্ট যে ভাৰতীয় বৈদিক সভ্যতাৰপৰা দুৰ্গা পূজাৰ প্ৰচলন হোৱাটো নিশ্চিত। ঋগবেদৰপৰা জনা যায় যে আৰ্যসকলে ভাৰতবৰ্ষত বৈদিক সভ্যতাৰ সৃষ্টি কৰিছিল। আৰ্যসকলে বৈদিক সভ্যতা আৰম্ভ কৰাৰ লগে লগেই ভাৰতত ঐতিহাসিক যুগৰ সূচনা হোৱা বুলি কোৱা হয়।
ঋগবেদক ভাৰতীয় বৈদিক সভ্যতাৰ আদি গ্ৰন্থ বুলি চিহ্নিত কৰা হৈছে। ঋগবেদৰ পৰৱৰ্তী বেদ, ব্ৰাহ্মণ সাহিত্য, আৰণ্যক, উপনিষদ আদিবোৰত বৈদিক সভ্যতাৰ বিষয়ে উল্লেখ আছে। কিন্তু অতি গুৰুত্বপূৰ্ণ কথাটো হ'ল যে বৈদিক সভ্যতাৰ এই সাহিত্যকেন্দ্ৰিক ৰচনাসমূহ ঐতিহাসিক তথ্যৰূপে অভ্ৰান্ত বুলি দাবী কৰিব নোৱাৰি। তথাপিও এইবোৰৰ ওপৰত ভিত্তি কৰিয়েই ঐতিহাসিকসকলে ভাৰতীয় বৈদিক সভ্যতাৰ ইতিহাস ৰচনা কৰি উলিয়াইছে। কিন্তু অতি লক্ষণীয় কথা যে ভাৰতৰ জনমানসত ব্যাপকভাৱে প্ৰভাৱ বিস্তাৰ কৰা দুই কল্পনাশ্ৰয়ী মহাকাব্য ৰামায়ণ আৰু মহাভাৰত ইতিহাসৰ সাহিত্যিক সমল হিচাপে বেদ-উপনিষদৰ দৰে চৰ্চিত হোৱা নাই। অথচ বহু আৰ্যতাত্ত্বিকে এই দুই মহাকাব্যকো বৈদিক সভ্যতাৰ ইতিহাস হিচাপে প্ৰক্ষেপ কৰাও দেখা যায়।
এই বেদ-উপনিষদসমূহ কোনে ৰচনা কৰিছিল? ঋগবেদত বৈদিক সভ্যতাই সমাজৰ বৃত্তিভিত্তিক শ্ৰেণী বিভাজনক ভগৱানকৃত বুলি ঘোষণা কৰিছিল। এই বৃত্তিভিত্তিক শ্ৰেণীবিভাজন স্পষ্ট ৰূপত শ্ৰম বিভাজনৰেই নামান্তৰ আছিল। চাৰি বৰ্ণৰ শ্ৰেণীবিভাজনৰ ব্যৱস্থাৰ যোগেদি ব্ৰাহ্মণসকল সমাজৰ আটাইতকৈ উচ্চ শ্ৰেণী আছিল আৰু তেওঁলোকে জ্ঞান চৰ্চাৰ অধিকাৰটো একচেটিয়াকৈ লাভ কৰিছিল। নিঃসন্দেহে তেওঁলোকেই বৈদিক সভ্যতাৰ গ্ৰন্থাদিৰ লিপিকাৰ আছিল। এই লিপিকাৰসকলেই আৰ্যসকলৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰাৰ লগতে শৌৰ্য-বীৰ্য প্ৰচাৰ কৰিবলৈ বৈদিক সাহিত্যক ব্যৱহাৰ কৰিছিল। আনহাতেদি, অতি গুৰুত্বপূৰ্ণ যে বৈদিক সভ্যতাত দৃশ্যমান (মানৱ শৰীৰধাৰী) দেৱ-দেৱী আৰু ভগৱানৰো আবিৰ্ভাৱ ঘটিছিল। দেৱ-দেৱী আৰু ভগৱানবোৰে মানুহৰ শৰীৰৰ ধাৰণ কৰি মানৱ সমাজত বাস কৰিছিল। সঁচাই মানৱ শৰীৰধাৰী দেৱ-দেৱী আৰু ভগৱানৰ আবিৰ্ভাৱ ঘটিছিল নে ? বৈদিক সভ্যতাৰ পূৰ্বৱৰ্তী সিন্ধু সভ্যতা অথবা পৰৱৰ্তী কালত কোনো দৃশ্যমান দেৱ-দেৱী আৰু ভগৱানৰ আবিৰ্ভাৱৰ নজিৰ নাই। আমাৰ ধাৰণাত এই কল্পনাশ্ৰয়ী অতিলৌকিক কাহিনীবোৰ বৈদিক সভ্যতাৰ বৃত্তিভিত্তিক চাৰি বৰ্ণ ব্যৱস্থাটো সুৰক্ষিত কৰাৰ লগতে আৰ্যভিন্ন জাতিবোৰক বশ কৰি ৰখাৰ কৌশলৰেই একোটাহঁত অংশ। যিবোৰ বৈদিক সাহিত্যত লিপিবদ্ধ হোৱাৰ লগতে সময়ৰ গতিত লোকসমাজত কিম্বদন্তী হিচাপেও প্ৰচলন হ'বলৈ ধৰিলে।
দুৰ্গা পূজাও এনেধৰণৰ এক কল্পিত আৰ্যবাদী ধাৰণাহে মাত্ৰ, যি ধাৰণাৰে বৈদিক সভ্যতাত আৰ্যসকলে অনাৰ্যসকলৰ ওপৰত বৰ্ণবাদী আগ্ৰাসন চলাই আহিছে। মহিষাসুৰ নিধন যজ্ঞৰ যোগেদি আৰ্যবাদী বৈদিক সভ্যতাই এইটো প্ৰতিষ্ঠা কৰিব বিচাৰিছিল যে আৰ্যসকল হ'ল সকলো দিশৰপৰাই শ্ৰেষ্ঠ জাতি যি জাতিয়ে অসুৰ তথা অনাৰ্যসকলক কোনোদিন পশ্ৰয় নিদি কেৱল তোষণ-নিষ্পেষণহে চলাই যাব। অসুৰ বুলি আৰ্যবাদী কল্পিত কাহিনীবোৰে যিসকলক নিধন কৰিছে তেওঁলোক হ'ল অনাৰ্যসকলৰ একো একোজন বীৰ।
দুৰ্গাৰদ্বাৰা মহিষাসুৰ নিধনো এই কাহিনীৰে এক অংশ। কিন্তু দুৰ্গাৰদ্বাৰা অনাৰ্য মহিষাসুৰ নিধন যজ্ঞ কিয় আয়োজন কৰা হ'ল ?
পূৰ্বে উল্লেখ কৰা হৈছে যে মহাভাৰত-ৰামায়ণৰ মহাকাব্যিক কাহিনীৰ লগতে বৈদিক গ্ৰন্থাদিৰে ভাৰতত আৰ্যসকলৰ শৌৰ্য-বীৰ্য প্ৰচাৰহে কৰা হৈছে। ৰামায়ণ আৰু মহাভাৰত দুয়োখন মহাকাব্যত বিবৃত কাহিনীসমূহ সম্পূৰ্ণ কাল্পনিক কাহিনী মাত্ৰ। হিন্দুধৰ্মীয় অথবা বৈদিক গ্ৰন্থবোৰতো আৰ্যসকলৰ বৰ্ণবাদী ধাৰণাক শ্ৰেষ্ঠত্ব প্ৰদান কৰাৰ উদ্দেশ্য প্ৰচ্ছন্নভাৱে নিহিত হৈ আছে (ঋগবেদৰ চাৰি বৰ্ণ সৃষ্টিৰ কাহিনীটো ইয়াৰ প্ৰথম প্ৰমাণ)। বৈদিক সভ্যতাত ৰচিত দুই মহাকাব্য মহাভাৰত আৰু ৰামায়ণত আৰ্যসকলৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ গৈ অনাৰ্যসকলক কিৰাত আৰু নিষাদ বুলি একপ্ৰকাৰৰ নিন্দাই কৰা হৈছে। গুৰু দ্ৰোণাচাৰ্যই গুৰু দক্ষিণাৰূপে অনাৰ্য ধনুৰ্বিদ একলব্যৰ অংগ ক্ষত কৰি পৰিতৃপ্তি লভিছে। কিন্তু মহাভাৰতৰ লিপিকাৰসকল অনাৰ্য বীৰ একলব্যই বৃদ্ধাঙুলি গুৰু দক্ষিণাৰূপে দান দিয়াৰ পিছত মহাকাব্যত তেওঁৰ অৱস্থিতি সম্পৰ্কে সম্পূৰ্ণ নিমাত। মহাভাৰতীয় পেক্ষাপটত ক'ত গ'ল সেই অনাৰ্য বীৰ একলব্য ? মহাভাৰতৰ লিপিকাৰসকল একলব্য সম্পৰ্কে নিমাত থাকিল কিয় ? কিন্তু আৰ্য বীৰ হোৱা হ'লে মহাভাৰতীয় যুদ্ধত সেই লিপিকাৰসকলেই একলব্যক দপদপাই থাকিবলৈ দিলেহেঁতেন। ইমানেই নহয়, অনাৰ্য বীৰ ভগদত্ত, ঘটোৎকচ আৰু হিড়িম্বাৰ নামৰ নাৰীগৰাকীকো মহাভাৰতীয় লিপিকাৰসকলে অবিচাৰ কৰিছে। আনকি অনাৰ্য বীৰ ঘটোৎকচৰ দৈহিক বিৱৰণ আৰু মানৱীয় আচৰণক একপ্ৰকাৰ দানৱ আৰু ৰাক্ষসৰ সৈতে ৰিজোৱা হৈছে। ঘটোৎকচক ভীমৰ ঔৰসজাত সন্তান বুলি প্ৰতিপন্ন কৰিবলৈ যোৱাটো আৰ্যসকলৰ অনাৰ্য ওপৰত চলোৱা এক পৰিকল্পিত আগ্ৰাসন বুলিহে আমাৰ ধাৰণা, যাতে ঘটোৎকচৰ অনুগতসকলে আৰ্যসকলৰ আগ্ৰাসন নতশিৰে মানি লয়। ঘটোৎকচ আৰু ভগদত্ত অনাৰ্য বীৰ নহৈ আৰ্য বীৰ হোৱা হ'লে মহাভাৰতীয় যুদ্ধত তেওঁলোকৰ ভূমিকা হয়তো সৰ্বাত্মক ৰূপত উপস্থাপন কৰা হ'লহেঁতেন। এতিয়া প্ৰশ্ন হ'ল মহাভাৰতীয় কাল্পনিক কাহিনীত ভগদত্ত, ঘটোৎকচ, হিড়িম্বা আদিৰ আবিৰ্ভাৱ কেনেকৈ হ'ল ? এইসকল অনাৰ্য ঐতিহাসিক পুৰুষ আৰু মহিলা আছিল নে ? ঐতিহাসিক তেজ-মঙহৰ মানুহ হিচাপে এওঁলোকৰ মহাভাৰতীয় কাহিনীত আবিৰ্ভাৱ অতি তাৎপৰ্যপূৰ্ণ। ধাৰণা হয় কিৰাত (অনাৰ্য) অধীকৃত অঞ্চলত আৰ্যসকলৰ শৌৰ্য-বীৰ্য প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে শ্ৰেষ্ঠ প্ৰতিপন্ন কৰাটোও অন্যতম কাৰক আছিল।
পৰশুৰামৰদ্বাৰা মাতৃ হত্যা কৰোৱা আৰু হাতত লাগি থকা কুঠাৰখন বৰ্তমানৰ পৰশুৰাম কুণ্ডত স্নান কৰি এৰুওৱাটোও এইবিলাকৰপৰা বিছিন্ন ঘটনাক্ৰম নহয়। কৃষ্ণ ধাৰণাটো দক্ষিণাত্যৰপৰা আমদানি কৰিও তাত আৰ্য সভ্যতাই বিশেষ প্ৰভাৱ বিস্তাৰ কৰিব নোৱৰাৰ পিছত কিৰাত অধ্যুষিত এই অঞ্চলত এইধৰণৰ কিম্বদন্তীবোৰৰ প্ৰচলন হোৱাটো আচৰিত কথা নহয়।
নৰকক হত্যা কৰা আৰু বাণ ৰজাক হৰি-হৰ যুদ্ধত ঘটুওৱাটো অন্য এক প্ৰহেলিকা নহয় নে ! অৱশ্যে নৰক অথবা বাণক আমি ঐতিহাসিক তেজ-মঙহৰ মানুহ নহয় বুলি ক'ব খোজা নাই। অনাৰ্য নৰক চূড়ান্তভাৱে ব্যভিচাৰী বুলি প্ৰতিপন্ন কৰি কামাখ্যাৰদ্বাৰা হত্যা কৰোৱা হ'ল (মিথিলাৰ ৰজা জনকৰ সন্তান নৰক কামৰূপত ৰজা হোৱাৰ কাহিনীটো অন্য এটা মিথ)। এই নৰক হত্যাৰদ্বাৰা কামাখ্যাকো হিন্দু দেৱীৰ মৰ্যাদা দি উন্নীতকৰণ কৰা হ'ল। বাণকো সম্ভৱতঃ একেবোৰ কাৰণতে হৰি-হৰ যুদ্ধৰ জৰিয়তে ঘটুওৱা হ'ল। বাণ, ঊষা, অগ্নিগড় এইবোৰৰ ঐতিহাসিক ভিত্তি বা স্থিতি আমি অস্বীকাৰ কৰা নাই। কিন্তু যিটো প্ৰেমৰ কাহিনী সৃষ্টি কৰি হৰি-হৰৰ যুদ্ধৰ আয়োজন কৰা হ'ল তাত আশ্বস্ত হ'ব নোৱাৰি। এইবোৰ কিৰাত অধ্যুষিত অঞ্চলত বৰ্ণবাদী আৰ্য সভ্যতাৰ প্ৰসাৰ কৰাৰ কৌশলহে মাত্ৰ।
হৰি-হৰ যুদ্ধৰ থিমটো অতি মন কৰিবলগীয়া। কৃষ্ণ আৰু শংকৰ, মানে শিৱৰ যুদ্ধ। শিৱ অনাৰ্য দেৱতা। কিন্তু শিৱ দেৱতা আছিল নে ? কঠোৰ শ্ৰম আৰু কৃচ্ছ্ৰ সাধনাৰ জৰিয়তে শিৱই হয়তো শ্ৰেষ্ঠ মানৱ হৈছিল। আৰু তেওঁকো আৰ্যীকৰণৰ চেষ্টা কৰি আৰ্যসকলে দেৱতাৰ শাৰীলৈ উন্নীত কৰিবলৈ উঠি-পৰি লাগিল। কিন্তু সেই প্ৰচেষ্টাত সফল নহৈ আৰ্যসকলে হৰি-হৰ যুদ্ধত শিৱক কৃষ্ণৰদ্বাৰা ঘটুৱাইছে।
মূলসুঁতিৰ ভাৰতৰ বিদৰ্ভকো আনি শদিয়াত প্ৰতিষ্ঠা কৰা হৈছে। একালৰ অঘৰী যাযাবৰ আৰ্যসকলে স্থায়ী সভ্যতা বিকাশৰ লগে লগে যথেষ্ট বুদ্ধিমত্তাৰ পৰিচয় দিছিল। স্বাভাৱিক উৰ্বৰ বুদ্ধিমত্তাৰ বাবেইতো মধ্য পাৰস্যৰ মৰুভূমি ভেদি ভাৰতৰ সেউজ ভূমিত তেওঁলোকে স্থায়ী বসতি কৰি সভ্যতাৰ বিকাশ ঘটাব পাৰিলে। বুদ্ধিবৃত্তিত উন্নত আৰ্যসকলে ৰুক্মিণী হৰণৰ কল্পিত কাহিনীটো শদিয়ালৈ আনি ভীষ্মকক ৰজা পাতিলেহি। ভীষ্মকৰ কন্যা ৰুক্মিণীক শদিয়াৰপৰা হৰণ কৰি নি দ্বাৰকাত পোৱালেগৈ স্বয়ং কৃষ্ণই। শদিয়াৰ (কাহিনীৰ মতে ভীষ্মক নগৰ অথবা কুণ্ডিলৰ)পৰা ৰুক্মিণীক হৰণ কৰি নিয়া কল্পিত কাহিনীটোকে বহুতে আকৌ ক'ব খোজে ঐতিহাসিক বুলি। আমাৰ ধাৰণা যে আৰ্যসকলৰ আগ্ৰাসী বৈদিক সভ্যতাই বৰ্তমানৰ মহাৰাষ্ট্ৰৰ বিৰ্দভৰ এই কল্পিত কাহিনীটোকে শদিয়াত স্থাপন কৰি অনাৰ্য দেৱী তাম্ৰেশ্বৰীকো হিন্দুকৰণৰ প্ৰচেষ্টা কৰিছিল।
এই কাহিনীবোৰে জনমানসত কেনেকৈ ইমান প্ৰসাৰ আৰু প্ৰভাৱ বিস্তাৰ কৰিলে ? আচলতে এইবোৰক কাহিনী হিচাপে নহয়, কল্পিত ভগৱান আৰু দেৱ-দেৱীৰ ক্ৰিয়াকাণ্ডক সমল হিচাপে লৈ মিথলৈ উন্নত কৰা হৈছিল। মিথলৈ উন্নীত হোৱা এই কল্পিত কাহিনীবোৰকেই লিপিকাৰসকলে হয়তো লিপিৰদ্ধ কৰি গৈছিল। সেয়ে এইবোৰে হাজাৰ হাজাৰ বছৰ ধৰি লোকসমাজত চলি আহি ঐতিহাসিক মূল্যৰ দাবীদাৰ হৈ উঠিছিল।
শৈশৱত ককাৰ মুখত সঘনে শুনিছিলো ৰামায়ণ আৰু মহাভাৰতৰ কাহিনী। জনক ৰজাৰ ঘৰত সীতাৰ অস্বাভাৱিক জন্ম আৰু স্বয়ম্বৰৰ যোগেদি ৰামে সীতাক বিয়া কৰোৱাৰ কাহিনীও প্ৰথম ককাৰ মুখতেই শুনিছিলো। ককাই আৰু এটা কথা প্ৰায়ে কৈছিল যে বাল্মীকিয়ে "ৰাম নৌ ওপজোতেই ৰামায়ণ ৰচনা কৰা" কৰিছিল। ৰাম নৌ ওপজোতে ৰামায়ণ সৃষ্টি কেনেকৈ সম্ভৱ হ'ব পাৰে ? ককাৰ যুক্তি আছিল অতি সুন্দৰ। কঠোৰ তপস্যাৰ বলত ৰত্নাকৰৰপৰা বাল্মীকিলৈ ৰূপান্তৰ হওঁতে বাল্মীকিক ঐশ্বৰিক জ্ঞান কিছুমান বৰ হিচাপে দিয়া হৈছিল আৰু সেই দিব্য জ্ঞানেৰে তেওঁ ৰাম নৌ ওপজোতেই ৰামায়ণ ৰচনা কৰিব পাৰিছিল। ককা আছিল অৰ্ধশিক্ষিত। অসমীয়া আৰু বঙলা ভাষা পঢ়িব পৰা ককাই পাঠশালা পাছ কৰিয়ে আনুষ্ঠানিক শিক্ষা সাং কৰিছিল। ককাৰ মুখত ৰাম নৌ ওপজোতে ৰামায়ণ সৃষ্টিৰ সপক্ষে যিটো সুন্দৰ যুক্তি আছিল সেইটোৱে বহু দিশ উন্মোচনো কৰিছিল। আচলতে শতিকা শতিকা জুৰি এইধৰণৰ যুক্তিবোৰেই এই ঈশ্বৰ সম্বন্ধীয় কিম্বদন্তিবোৰক লোকসমাজত জী থাকিবলৈ সাৰ-পানী দি আহিছে। যাৰ ফলত সাধাৰণ মানুহৰ মন-মগজুত আৰ্যবাদী বৈদিক সভ্যতা আৰু মহাভাৰত, ৰামায়ণ আদি মহাকাব্যবোৰে ঐতিহাসিক ভিত্তিৰূপে নিজকে প্ৰতিষ্ঠা কৰি আহিব পাৰিছে।
দস্যু ৰত্নাকৰ বাল্মীকিলৈ উত্তৰণ ঘটাৰ কাহিনীটো অবিশ্বাস্য। এজন দস্যুক মহাকবিলৈ ৰূপান্তৰেই নহয়, উত্তৰণ ঘটাই তেওঁৰদ্বাৰাই ভাৰতৰ আদি কাব্য ৰামায়ণ (তাকো মহাকাব্য) ৰচনা কৰোৱাটো সাধাৰণ অপৰিকল্পিত ঘটনাক্ৰম হ'বই নোৱাৰে। ধাৰণা হয়, আৰ্যসকলৰ অনাৰ্য অভিযানৰ ইয়েই প্ৰথম অংশ। লংকাৰ ৰাৱণক এই মহাকাব্যই চিৰদিনলৈ দুৰাচাৰৰ প্ৰতিভূ হিচাপে প্ৰতিষ্ঠা কৰি থৈ গ'ল। ৰাৱণক দশমুণ্ডধাৰী সজোৱাটো আৰ্যসকলৰ উৰ্বৰ মস্তিষ্কৰ ফল, দশমুণ্ডধাৰী তেওঁৰ দৈহিক অৱয়বক দানৱীয় ৰূপ দিয়া হ'ল। লংকাৰ ৰাৱণে সীতাক হৰণ কৰাটো আৰু তাৰ পিছত কেৱল সীতাৰ বাবেই আৰ্য ভগৱান ৰামে স্বৰ্ণলংকাক ধ্বংস কৰাটোৱে কি সূচায় ? ৰাৱণ অনাৰ্য হোৱাৰ বাবেই এই অভিযান চলা নাছিল জানো ! অনাৰ্য ৰাৱণক আদি কবি বাল্মীকিয়ে দুৰাচাৰৰ প্ৰতিভূৰূপে সৃষ্টি কৰিলে। অথচ এইটো জনা যায় যে লংকাখন ৰাৱণৰ শাসনকালত স্বৰ্ণলংকা হৈ উঠিছিল। তাৰ মানে অনাৰ্য ৰাৱণ দানৱ নাছিল, আছিল প্ৰজাহিতৈষী ৰজা। কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো হ'ল যে লংকাতো বাদেই, আনকি দাক্ষিণাত্যত এতিয়াও ৰাৱণক আৰ্য প্ৰতিৰোধী অনাৰ্য বীৰৰূপে পূজা কৰা হয়। দাক্ষিণাত্যৰ সাধাৰণ মানুহৰ মাজত ৰাৱণ কেৱল বীৰ হৈয়ে থকা নাই, আৰ্যই বধ কৰাৰ পিছত তেওঁ দেৱতাৰ শাৰীলৈ হয়তো উত্তৰণ ঘটিছে। বিভীষণ চৰিত্ৰটো সৃষ্টি কৰি বাল্মীকিয়ে কি সূচালে ? লক্ষ্মণৰদ্বাৰা শূৰ্পণখাৰ (এইগৰাকী নাৰীও অনাৰ্য বুলিয়ে জনা যায়) নাক কৰ্তনো অনাৰ্য নাৰীক কৰা নিৰ্যাতনৰ প্ৰকৃষ্ট উদাহৰণ।
দুৰ্গা আৰু মহিষাসুৰক লৈ বহু কাহিনী চলতি আছে। ইফালে ৰামে ৰাৱণক বধ কৰিবলৈ ব্যৰ্থ হোৱাৰ কাহিনীও শুনা যায়। ই কিমান বিশ্বাসযোগ্য ? অনাৰ্য বীৰ লংকাৰ ৰজা দশমুণ্ডধাৰী ৰাৱণক যুদ্ধ কৰি হত্যা কৰিবলৈও ভগৱান ৰামে দুৰ্গাক পূজিব লগা হোৱাটো কিমান দূৰ বিশ্বাসযোগ্য? ইফালে মহিষাসুৰো এজন অনাৰ্য বীৰহে মাত্ৰ। যিজন ৰাৱণৰ দৰে শৌৰ্য-বীৰ্যৰ অধিকাৰী নহয়। ধৰি ল'লো, হ'লেই যেনিবা, তথাপিও দুৰ্গাৰ দৰে দেৱীয়ে অনাৰ্য মহিষাসুৰক যুদ্ধ কৰি বধিব লগা হ'ল কিয় ? এই প্ৰশ্নবোৰৰ উত্তৰবোৰ আৰ্যবাদী বৈদিক ভাৰতীয়ৰ বাবে বৰ সহজ নহয়। কিন্তু অনাৰ্যৰ বাবে একা? জনা যায় যে দুৰ্গা অনাৰ্য দেৱীহে (শিৱৰ ভাৰ্যা)। তেনে অনাৰ্য দেৱী দুৰ্গাই অনাৰ্য বীৰ মহিষাসুৰক বধিলে কিয়? ইফালে কিছুৱে ক'ব খোজে, বাল্মীকি সৃষ্ট মূল ৰামায়ণত আৰ্য ভগৱান ৰামে ৰাৱণ বধিবলৈ দুৰ্গা পূজাৰ আয়োজন কৰাৰ কথাৰ উল্লেখ নাই। যদি বাল্মীকিৰ মূল ৰামায়ণত দুৰ্গা পূজাৰ উল্লেখ নাই তেনে উক্ত কাহিনীটো তাত কোনে প্ৰৱিষ্ট কৰিলে ? যিসকলে কৰিলে তেওঁলোকো আৰ্যবাদী ধ্বজা উৰুওৱা লিপিকাৰেই নহয় জানো! এজন ভগৱানে দুৰ্গাৰ দৰে এগৰাকী সাধাৰণ দেৱীক কিয় পূজা কৰিব লগা হ'ল ? কেৱল লংকাপতি ৰাৱণক বধিবলৈকে নে ! নিশ্চয় নহয়। আৰ্যসকলৰ বাবে অনাৰ্য বীৰসকল সদায় দানৱ অথবা অসুৰ। কিন্তু অনাৰ্য দেৱ-দেৱীবোৰ আৰ্য ভগৱানৰো পূজ্য। অৰ্থাৎ অনাৰ্য দেৱ-দেৱীক আৰ্যীকৰণৰ স্বাৰ্থত স্বয়ং আৰ্য ভগৱানেও আঁঠু ল'বলৈ কুণ্ঠিত হোৱা নাছিল। ভগৱান ৰামে দুৰ্গাক মহিষাসুৰৰ বধৰ অচিলা লৈ হিন্দুকৰণ, মানে আৰ্যীকৰণৰ স্বাৰ্থতহে পূজা কৰিছিল।
অতি তাৎপৰ্যপূৰ্ণ কথা যে এতিয়া দুৰ্গা দেৱীক বৰ্ণবাদী হিন্দুসকলৰ উচ্চবৰ্ণই পূজা কৰাৰ বিপৰীতে আৰ্য প্ৰতিৰোধী মহিষাসুৰক আদিবাসীসকলে এতিয়াও পূজা কৰি আহিছে। কাৰণ মহিষাসুৰ আছিল অনাৰ্য বীৰ যিজন বীৰক এতিয়াও ছট্টিশগড়, উৰিষ্যা আদিৰ প্ৰান্তীয় আদিবাসীসকলে তেওঁলোকৰ দেৱতা বুলি পূজা কৰে।
মহিষাসুৰ, ৰাৱণ, নৰক, বাণ অথবা ঘটোৎকচ আৰ্য তথা আজিৰ তথাকথিত উচ্চবৰ্ণ হিন্দুসকলৰ বাবেহে অসুৰ। অনাৰ্য শ্ৰেণীৰ আজিৰ প্ৰতিনিধি নিম্নবৰ্গৰ বাবে তেওঁলোক কোনোদিন অসুৰ নাছিল, আছিল আৰ্য প্ৰতিৰোধী সংগ্ৰামৰ বীৰ যোদ্ধা। তেতিয়া তেওঁলোকৰ বীৰ আছিল আৰু আজি তেওঁলোকৰ বাবে সেইসকল পূজ্য দেৱতা। গতিকে দেখা যায় যে আৰ্য বৈদিক সভ্যতাৰ বিকাশ অথবা আৰ্যীকৰণৰ স্বাৰ্থত বৰ্ণাশ্ৰয়ী আৰ্যসকলে অনাৰ্যসলক তেতিয়াৰপৰাই শোষণ-নিষ্পেষণ চলাই আহিছে মহাকাব্য, শাস্ত্ৰ আদি বৈদিক গ্ৰন্থাদিৰ যোগেদি। বৰ্তমানৰ গৈৰিক আগ্ৰাসনো যেন তাৰেই ফলশ্ৰুতি। উগ্ৰ হিন্দুত্ববাদী গৈৰিক আগ্ৰাসনে এতিয়াও তাৰ বিৰোধিতা কৰাসকলক অসুৰ আৰু দানৱ বুলিয়ে অভিহিত কৰাত আচৰিত হ'বলগীয়া একো নাই। আমাৰ ধাৰণা, দুৰ্গা দেৱীৰ পূজাও সম্পূৰ্ণ এক পৰিকল্পিত কল্পনাশ্ৰয়ী পূজাহে (কিন্তু অতি তাৎপৰ্যৰ কথা যে কিছুমান জনজাতিয়ে পাৰ্বতীক দেৱীৰূপে নিজস্ব ৰীতিৰে পূজা-সেৱা কৰা আহিছে, যি পূজাৰ লগত এই দুৰ্গা পূজাৰ কোনো সামঞ্জস্য আৰু সংযোগ নাই। অৰ্থাৎ অনাৰ্যৰ উপৰিপুৰুষে পাৰ্বতীকহে অনাৰ্য ৰূপত এতিয়াও পূজা কৰে, দুৰ্গাৰ ৰূপত নকৰে)। আনকি আমি ধাৰণাত দৃঢ় যে মহিষাসুৰৰ দৰে অনাৰ্য বীৰক কোনো দুৰ্গাই বধ কৰা নাই। ই মাত্ৰ আৰ্যসকলৰ উৰ্বৰ মস্তিষ্কৰ কৌশল আছিল যি কৌশলেৰে অনাৰ্যৰ ওপৰত শোষণ আৰু নিষ্পেষণ চলোৱাৰ পথটো সুগম কৰি তুলিছিল।

Share Button
Print Friendly, PDF & Email

No Comments : "দুৰ্গা পূজা আৰ্যসকলৰ উৰ্বৰ মস্তিষ্কৰ পৰিকল্পিত সৃষ্টি - ( প্ৰাঞ্জল দেউৰী)"

Leave a Comment

Your email address will not be published. Required fields are marked *