অতিথি সম্পাদকৰ কলম - পংকজ জ্যোতি মহন্ত

যোৱা ৫ জুন তাৰিখে স্বনামধন্য অনুবাদক ড° প্ৰফুল্ল কটকীদেৱৰ মৃত্যু হয়৷ তেওঁ বিজ্ঞান সম্পৰ্কীয় কেইবাখনো গ্ৰন্থও অনুবাদ কৰিছিল৷ তাৰে এখন হ'ল "লুচি মই আহিছোঁ", যিখন অনুবাদ কৰা হৈছে ড° দেবব্ৰত দাসগুপ্ত নামৰ এজন লেখকৰ মূল বাংলা গ্ৰন্থৰ পৰা৷ এইখন হ'ল মহান বিজ্ঞনী চাৰ্লছ ডাৰউইনৰ জীৱনভিত্তিক উপন্যাস৷ ডাৰউইন বোলা মানুহজন কেনেকৈ বিকশিত হৈ উঠিল তাৰ উৎসৰ সন্ধান কৰি উপন্যাসখন আৰম্ভ হৈছে ইংলেণ্ডত জ্ঞান-বিজ্ঞান চৰ্চাৰ এক দীঘলীয়া ইতিহাসেৰে৷ উপন্যাসখন পঢ়িবলৈ আৰম্ভ কৰাৰ অলপ পাছতে বুজি পোৱা যায়, জ্ঞানদায়ক সাহিত্যও কিমান মধুময় হ'ব পাৰে! যদি নামটো বেলেগ হ'লহেঁতেন, গ্ৰন্থখন হয়তো আৰু অধিক জনপ্ৰিয় হ'লহেঁতেন৷ ডাৰউইনক তথা ডাৰউইনে প্ৰভাৱিত কৰা বিশাল জগতখনক হৃদয়ংগম কৰিবলৈ এইখন এখন অতি সহজবোধ্য অথচ গভীৰতাপূৰ্ণ গ্ৰন্থ৷ ডাৰউইনৰ তত্বৰ সম্পৰ্কে এজন মন্ত্ৰীয়ে কৰা কু-মন্তব্যৰ পৰিপ্ৰেক্ষিতত আমাৰ সমগ্ৰ দেশত বিতৰ্ক চলি থকা অৱস্থাত এই গ্ৰন্থখন নশিকাৰুসকলৰ বাবে বুনিয়াদ হ'ব পাৰে৷ তাৰোপৰি, অতি সাৱলীল ভাষাৰে লিখিত উপন্যাসখনে প্ৰতিজন পাঠককে যোগাব পাৰে উদ্যম আৰু অন্বেষণৰ স্পৃহা।

ডাৰউইনৰ বিবৰ্তনবাদ ভুল আৰু সেয়েহে পাঠ্যপুথিৰ পৰা সেয়া আঁতৰাব লাগে বুলি এজন মন্ত্ৰীয়ে মন্তব্য কৰিলে কিয়? সেইটো এটা বৈজ্ঞানিক কথা আৰু সেইটো যদি ভুল বুলি প্ৰমাণিত হয় তেন্তে পাঠ্যপুথি প্ৰণয়নৰ লগত জড়িত বিজ্ঞানীসকলে সেই কাম কৰিব, স্বাভাৱিকভাৱেই৷ কিন্তু এই ক্ষেত্ৰত মন্ত্ৰীয়ে প্ৰৰোচনামূলক মন্তব্য কৰাৰ কাৰণটো হ'ল, বিষয়টোৰ লগত ধৰ্মও জড়িত হৈ আছে৷ ধৰ্ম-শাস্ত্ৰই সকলো জীৱক এজন ঈশ্বৰে নিৰ্দিষ্ট ৰূপত সৃষ্টি কৰা বুলি ধাৰণা দিয়ে৷ গতিকে জীৱৰ ক্ৰমবিকাশ ভুল বুলি ক'ব পাৰিলে ধৰ্মৰ নামত ভণ্ড ব্যৱসায়ত সহায় হ'ব আৰু ৰাজনৈতিক ন্যস্তস্বাৰ্থ পূৰণ হ'ব৷ তাৰ বাবে এইবোৰ কথাত বৈধতা আৰোপ কৰা দৰকাৰ হয় তেনে লোকক৷ ডাৰউইনৰ তত্ব ভুল বুলি প্ৰমাণিত হ'লেও তাৰ পৰা নতুন তাৎপৰ্য ওলাব; তাৰ অৰ্থ এইটো নহয় যে ডাৰউইন ভুল মানে কাল্পনিক ধৰ্মমতবোৰ শুদ্ধ৷ অন্বেষণৰ এই প্ৰক্ৰিয়াটো ভৱিষ্যতমুখী৷ গুহামুখী নহয়৷ বিজ্ঞানত এনেদৰে সৰু-বৰ নতুন তত্ব প্ৰতিষ্ঠা হোৱাৰ অলেখ উদাহৰণ আছে৷

এতিয়া ইয়াত আমি জৈৱিক অংগৰ বিবৰ্তনৰ পৰিৱৰ্তে আন কিছুমান বস্তুৰ বিবৰ্তনৰ কথা আলোচনা কৰিব বিচাৰিছোঁ৷ গছৰ বাকলি, জন্তুৰ ছাল আদি পিন্ধা মানুহে সূতা উলিয়াই কাপোৰ ব'বলৈয়ো এদিন শিকিলে৷ কিন্তু মসৃণ কাপোৰবোৰ সমানেই মসৃণকৈ চিলোৱা কামটো সিমান সহজ নাছিল৷ আমাৰ পৰম্পৰাগত পোছাকবোৰত এখনীয়া বস্ত্ৰ এতিয়াও আছে৷ অতীতৰ মানুহে কাপোৰ চিলোৱাৰ সামৰ্থ্য নথকাৰ সেয়া এক জীৱন্ত প্ৰমাণ মাথোঁ৷ কাপোৰ চিলাবলৈ বেজী নিৰ্মাণ কৰাটো, বিজ্ঞানে দিয়া তত্ত্বৰ দ্বাৰা নিৰ্মিত যন্ত্ৰই এদিন সম্ভৱ কৰি তুলিলে৷ জন্তুৰ ছালেৰে, গছৰ বাকলিৰ পৰা উলিওৱা ৰচিৰে বা কাঠৰ শলাৰে গাঠি খুৱাই কপোৰ পিন্ধা মানুহে বুটাম আৰু চেইন লগাবলৈ শিকিলে৷ মানুহৰ মাজলৈ এই চেইন অহা বেছিদিন হোৱা নাই৷ আৰু ইয়াৰো ক্ৰমবিকাশ হৈ আছে৷ আপোনাৰ শৈষৱৰ দিনৰ পোছাকৰ চেইন আৰু আজিৰ পোছাকৰ চেইনৰ মাজৰ পাৰ্থক্য নিশ্চয় মন কৰিছে৷ নতুন ধৰণৰ চেইন নিৰ্মাণৰ বাবে এতিয়াও পেটেণ্ট ৰেজিষ্টাৰ হৈয়ে আছে৷ দৈনন্দিন ব্যৱহৃত এনেধৰণৰ বহুতো বস্তুৰ ক্ৰমবিকাশক বিষয়ৰূপে লৈ "The Evolution of Useful Things" নামৰ এখন কিতাপ লিখিছে হেনৰী পেট্ৰস্কী নামৰ অভিযন্তা তথা লেখক এজনে৷ এই সৰু সৰু বস্তুবোৰৰ ক্ৰমবিকাশেও ডাঙৰ ডাঙৰ সামাজিক চেতনা, ধৰ্মীয় চেতনাৰ ক্ৰমপৰিবৰ্তন ঘটাই গৈছে৷ পোন্ধ সুলকিলেও ধৰ্মীয় ৰীতিমতে লঘোণ দিয়া মানুহে এতিয়া চিলোৱা পেণ্ট পিন্ধি ঘূৰে৷

নতুন বৈজ্ঞানিক তত্ত্ব প্ৰতিষ্ঠা, তাৰ দ্বাৰা সঁজুলিৰ বিকাশ, যন্ত্ৰৰ বিকাশ, প্ৰাকৃতিক ৰহস্য উদ্ঘাটন আদিয়ে মানুহ বিশ্বাস আৰু দক্ষতাৰো বিকাশ সাধন কৰিছে৷ ভূত লম্ভা বুলি বিশ্বাস কৰা মানুহে মানসিক ৰোগৰ কথা বুজি পোৱা হৈছে৷ বেমাৰ হ'লে ঈশ্বৰে কিবা দোষৰ শাস্তি দিয়া বুলি চিকিৎসা নকৰাকৈ থকা মানুহে অস্ত্ৰোপচাৰ কৰাৰো অনুমতি দিছে৷ আজি সহজসাধ্য পদ্ধতি উদ্ভাৱন হোৱা বাবে, আনক অস্পৃশ্য জ্ঞান কৰা মানুহেও আনৰ অংগ নিজৰ দেহত পুনৰ সংস্থাপনৰো অনুমতি দিছে৷

কিন্তু বিশ্বাসৰ এই পৰিবৰ্তনবোৰ সকলো স্তৰৰ মানুহৰ মাজলৈ এতিয়াও যোৱা নাই। বৈজ্ঞানিক চিন্তাৰ অধিকাৰী মানুহ যিমান বাঢ়িছে, একেদৰেই অন্ধবিশ্বাসী মানুহো বাঢ়ি আছে৷ যুক্তি, পৰীক্ষা, সত্য, অন্বেষণ আদিৰ ভেটিত প্ৰতিষ্ঠিত বিজ্ঞান বিষয়টোৱে অনা সুবিধাসমূহ ভোগ কৰিও অজস্ৰ মানুহ অবৈজ্ঞানিক চিন্তাৰে আক্ৰান্ত। উদাহৰণস্বৰূপে, পৃথিৱীখন চেপেতা বুলি ভবা মানুহ এতিয়াও আছে৷ আনকি, এই (অন্ধ)বিশ্বাস প্ৰসাৰৰ বাবে গঠিত Flat Earth Society বুলি এটা সংস্থা এতিয়া অনলাইন মাধ্যমতো অতি সক্ৰিয়৷ তেওঁলোকৰ টুইটাৰ একাউণ্টৰ ফলোৱাৰৰ সংখ্যা ৫০ হাজাৰৰো অধিক৷ কিন্তু তেওঁলোকে যে এইবোৰ মাধ্যম ব্যৱহাৰ কৰি আছে, সেইবোৰ সম্ভৱ হৈছে গোলাকাৰ পৃথিৱীৰ কৃত্ৰিম উপগ্ৰহবোৰৰ বাবেহে৷ যিখিনি জ্ঞান তেওঁলোকে অৰ্জন কৰা নাই; অথচ আনৰ সেইখিনি জ্ঞান নিজৰ অজ্ঞাতে ব্যৱহাৰ কৰি তাৰেই ওলোটা বিশ্বাসবোৰ তেওঁলোকে প্ৰচাৰ কৰি আছে৷ যিবোৰ বিশ্বাসৰ ভিত্তি হ'ল সংশোধনহীন কথাৰে ভৰপুৰ ধৰ্মশাস্ত্ৰ৷ এইধৰণৰ মানুহক সত্যৰ প্ৰতি আকৰ্ষিত কৰাৰ এটা উপায় হ'ল, দেখাত সাধাৰণ যেন লগা বহু ব্যৱহৃত বস্তুবোৰৰ ক্ৰমবিকাশৰ সম্পৰ্কে জানিবলৈ দিয়া৷ যেনে, এটা টুইট দূৰ প্ৰান্তৰ পৰা আহি এজন মানুহৰ সমুখৰ স্ক্ৰীণত কেনেদৰে তৎক্ষণাৎ প্ৰকাশ হৈ উঠিছে, সেইটো এতিয়া কেনেকৈ সম্ভৱ হৈছে, সেইধৰণৰ শুদ্ধবোৰ সহজ ভাষাৰে বুজাবলৈ চেষ্টা কৰা৷

মানৱৰ বিবৰ্তন ভৱিষ্যতে কেৱল জৈৱিক হৈয়েই নাথাকে - এইধৰণৰ এক নতুন ধাৰণাও ইতিমধ্যে আহিছে৷ এই বিবৰ্তনত জৈৱিক অংগৰ লগত যন্ত্ৰৰ সমন্বয় ঘটিব৷ যোৱা এপ্ৰিল মাহত অনুষ্ঠিত টেড (ted.com) সন্মিলনলৈ দ্বিতীয়বাৰৰ বাবে বক্তাৰূপে নিমন্ত্ৰিত হৈছিল হিউ হাৰ নামৰ অভিযন্তাজন৷ তেওঁ হ'ল এমআইটিৰ এজন অধ্যাপক৷ তেওঁ আৰু তেওঁৰ গৱেষক দলটোৱে মানুহৰ কৃত্ৰিম অংগ নিৰ্মাণ কৰে৷ এই অংগসমূহৰ বিশেষত্ব হ'ল সেইসমূহ আমাৰ অঞ্চলৰ অংগক্ষত মানুহৰ গাত লগোৱা সাধাৰণ কৃত্ৰিম অংগবোৰৰ দৰে জঠৰ নহয়৷ সেইসমূহ অংগ মানুহজনে ধাতুৰ পাত বা কাঠৰ টুকুৰা কঢ়িয়াই নিয়াৰ দৰে কঢ়িয়াই নিব নালাগে৷ সেইসমূহক মানুহজনে সম্পূৰ্ণ নিজৰেই প্ৰাকৃতিক অংগ যেন অনুভৱ কৰে৷ সেইসমূহ চালিত হয় মানুহজনৰ স্নায়ুৰ সংকেতৰ দ্বাৰাই৷ হিউ হাৰৰ নিজৰ ভৰি দুখনো কৃত্ৰিম৷ সেই প্ৰতিখন ভৰিত আছে ২৪টাকৈ sensor, ৬টাকৈ মাইক্ৰ'প্ৰছেচৰ৷ এইধৰণৰ অংগ ধাৰণ কৰা মানুহখিনিৰ বিশেষত্বটো হৈছে, তেওঁলোকে নিজকে কৃত্ৰিম অংগধাৰী বুলি অনুভৱেই কৰিবলৈ নাপায়৷ এই অংগবোৰ এতিয়াই ইমান উন্নত পৰ্যায় পাইছেগৈ যে তেওঁলোকে নিজকে ৰবটৰ অংশ যেনো অনুভৱ নকৰে৷ তেওঁলোক যেন সম্পূৰ্ণ প্ৰাকৃতিক এটা নতুন ৰূপ৷ হিউ হাৰে সেইদিনা উল্লেখ কৰিছে যে এই শতিকাতে মানুহে বহিঃকংকাল নিৰ্মাণো সম্ভৱপৰ কৰি তুলিব৷ এই বহিঃকংকালৰ অৰ্থ হৈছে কৃত্ৰিমভাৱে লগোৱা অংগ, যিসমূহ মানুহৰ স্নায়ুতন্ত্ৰৰ সৈতে সংযোজিত হৈ থাকিব আৰু যিসমূহ নিয়ন্ত্ৰিত হ'ব মানুহজনৰ নিজৰ মগজুৰ সংকেতেৰে৷ যেনে পখীৰ ডেউকাৰ দৰে মানুহৰো নতুন কিবা অংগ!

Share Button
Print Friendly, PDF & Email

No Comments : "অতিথি সম্পাদকৰ কলম - পংকজ জ্যোতি মহন্ত"

Leave a Comment

Your email address will not be published. Required fields are marked *