আইনষ্টাইনৰ ৰাজনৈতিক জীৱন — ড° হীৰেন গোহাঁই

আইনষ্টাইনৰ বহুপ্রচাৰিত আলোকচিত্ৰত প্রায় ডিঙিলৈকে পৰা শুকুলা সিংহকেশৰৰ দৰে চুলি, কপালৰ বলিৰেখা, উজ্জ্বল এহাল চকু আৰু মুখমণ্ডলৰ গভীৰ প্রশান্তি দেখিলে তেওঁক প্রাচীন যুগৰ ঋষিমুনিৰ আধুনিক অৱতাৰ যেন লাগে। যেন সংসাৰৰ ধূলি-মাকতি, দুখ-তাপ আৰু ৰাজনৈতিক আৱেগ-উত্তেজনাই স্পর্শ কৰিব নোৱৰা এজন মনীষী। আমেৰিকা তথা বিশ্বৰ শাসক শ্রেণীয়েও তেওঁক তেনেকৈয়ে জনাজাত হৈ থকাটো বিচাৰে। বিশেষকৈ মৃত্যুৰ পিছৰপৰা পুঁজিবাদী বিশ্বৰ অন্যতম জাকত জিলিকা বাতালোচনী TIMEঅত তেওঁক বিশ্ব ৰহস্যৰ অবিৰত অন্বেষণত নিমগ্ন বিজ্ঞানী ঋষি ৰূপত দেখুওৱাৰ অনুসৰণ কৰি আটায়ে সেই ভাবমূর্তিকে আইনষ্টাইনৰ প্রকৃত স্বৰূপ বুলি ধৰি ল’লে।

ইয়াতেই ক্ষান্ত হৈ থকা হ’লেও কথা বেলেগ আছিল। কিন্তু আইনষ্টাইনৰ জীৱনৰপৰা তেওঁৰ সকলো সামাজিক আৰু ৰাজনৈতিক কৰ্মৰাজি ক’লা-চিঞাহীৰে মচি দি তেওঁক পদাৰ্থবিজ্ঞানৰ তত্ত্বৰ বিচাৰতে দিনটোৰ চৌবিছ ঘণ্টাই সম্পূৰ্ণৰূপে উৎসর্গিত বুলি নিৰন্তৰ প্ৰচাৰ চলোৱা হ’ল। অথচ ত্ৰিছৰ দশকৰপৰা আইনষ্টাইনৰ ৰাজনীতিত অংশগ্রহণ ক্রমাগতভাৱে প্ৰসাৰিত। শেষত তেওঁৰ বাবে বিজ্ঞানচর্চাৰ দৰেই গুৰুত্বপূর্ণ আৰু আন্তৰিকতাসম্পন্ন হৈ পৰিছিল।

আইনষ্টাইনৰ ৰাজনৈতিক সক্রিয়তাৰ বিপুল পৰিধি সম্পৰ্কে অকাট্য প্রমাণ এক অপ্রত্যাশিত উৎসৰপৰা পোৱা গৈছে। মার্কিন চৰকাৰৰ অতিশয় দক্ষ আৰু প্রতিক্রিয়াশীল গুপ্তচৰ সংস্থা FBI-এ সঞ্চালক জে এড্‌গাৰ হুভাৰৰ নির্দেশত আইনষ্টাইনৰ গতিবিধি আৰু জীৱনৰ খুটি-নাটিৰ ওপৰত চৌবিছ ঘণ্টা তীক্ষ নজৰ ৰাখিছিল সেইবোৰ প্রতিবেদনৰ ফাইল প্রায় অর্ধ-শতাব্দী ধৰি গোপনীয় ৰাষ্ট্ৰীয় তথ্য ৰূপে অন্ধকাৰত ৰখা হৈছিল। ২০০০ খ্ৰীষ্টাব্দত অৱশ্যে Freedom of Information (তথ্য লাভৰ স্বাধীনতা) আইনৰ চৰ্তানুসাৰে এইবোৰ ফাইল সম্পূৰ্ণৰূপে পোহৰলৈ অনা হয়। আৰু মার্কিন যুক্তৰাষ্ট্ৰৰ আভ্যন্তৰীণ ৰাজনীতি আৰু বিশ্ব ৰাজনীতিৰ ক্ষেত্ৰত নানাধৰণে আইনষ্টাইন সক্রিয় হৈ থকাৰ প্ৰচুৰ প্রমাণ ৰাজহুৱা হয়।

অৱশ্যে আইনষ্টাইনে যদি মার্কিন সমাজৰ কলংকস্বৰূপ বর্ণবাদ, অর্থনৈতিক বৈষম্য আৰু পুঁ1জিবাদী জীৱন দৰ্শনৰ গুণগান কৰিলেহেঁতেন, যদি মার্কিন সাম্রাজ্যবাদৰ প্ৰসাৰক গণতন্ত্রৰ জয়যাত্রা বুলি উচ্ছ্বাস কৰিলেহেঁতেন (কোনো কোনো নামজ্বলা লেখক, বিজ্ঞানী আদিয়ে কৰাৰ দৰে), তেনেহ’লে তেওঁৰ বিস্ময়কৰ ৰাজনৈতিক কর্মযজ্ঞ অপ্রকাশিত হৈ নৰ’লহেঁতেন। বৰং মার্কিন ৰাষ্ট্রই আৰু তাৰ পুঁজিবাদী মহলে বিশ্বজুৰি তাৰ বিষয়ে প্ৰচাৰ চলালেহেঁতেন। কিন্তু যিহেতু আইনষ্টাইন গণতন্ত্ৰ আৰু সাম্যবাদত গভীৰ বিশ্বাসী আছিল, তেওঁৰ ৰাজনৈতিক চিন্তাধাৰা আৰু কার্যকলাপ গভীৰ চক্রান্তৰে বহুপ্রবন্ধে ঢাকোন দি থোৱা হ’ল। তেওঁৰ বহু জীৱনীকাৰে সেই বিষয়ে একো উল্লেখ বা মন্তব্য নকৰিলে। আজি অর্ধশতাব্দীৰ মূৰত পোহৰলৈ অহা সেই অপ্রকাশিত বা অপ্রচাৰিত ঘটনাবোৰ নিৰৱচ্ছিন্ন অপপ্রচাৰৰ মূৰত পুনৰ পোহৰৰ মুখ দেখিছে। আইনষ্টাইনৰ মহত্ত্বৰ এক স্বল্পখ্যাত দিশ পুনৰ উন্মোচিত হৈছে।

তলত দিয়া বিৱৰণৰ তথ্যসমূহ লোৱা হৈছে Freedom Jeromeঅৰ  The Einstein File (St. Martin's Press, New York, 2002) নামৰ কিতাপখনৰপৰা। ৰাষ্ট্ৰীয় তদন্ত সংস্থা এফ বি আইৰ সঞ্চালক জে' এডগাৰ হুভাৰ আছিল অতি উগ্র পুঁজিবাদী চিন্তাধাৰাত অভ্যস্ত আৰু ৰাজনৈতিকভাৱে প্রতিক্রিয়াশীল ব্যক্তি। মার্কিন পুঁজিবাদী অর্থনীতি আৰু ৰাষ্ট্ৰৰ উচ্চতম হর্তা-কর্তাসকল তেওঁৰ ঘনিষ্ঠ আছিল। সকলো মার্কিন ক্ষমতাশালী ব্যক্তিৰ (যেনে— ৰাষ্ট্রপতি জে এফ কেনেডিৰে) ব্যক্তিগত জীৱনৰ নানা গোপন কেলেংকাৰিৰ ওপৰতো তেওঁ ফাইল ৰাখিছিল ৰাষ্ট্ৰীয় সংস্থাৰ গুপ্তচৰ নিয়োগ কৰি। এনেকৈ কেইবাটাও দশক ধৰি মার্কিন ৰাষ্ট্ৰ আৰু ৰাজনীতিত দোৰ্দণ্ড প্রতাপেৰে প্ৰভাৱ বিস্তাৰ কৰি তেওঁ মার্কিন সমাজ আৰু ৰাষ্ট্ৰত গণতন্ত্রৰ বিকাশ বাধাগ্রস্ত কৰি ৰাখিছিল। তেওঁৰ দপ্তৰত সংৰক্ষিত গোপন ফাইলবোৰে কেৱল আইনষ্টাইনৰ ৰাজনৈতিক কার্যকলাপৰ ওপৰত নজৰ ৰখাই নহয়, তেওঁক মার্কিন ৰাষ্ট্ৰৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্রত লিপ্ত কমিউনিষ্ট বুলি সাব্যস্ত কৰিবলৈ দীর্ঘদিন চলি থকা চক্রান্তৰ আভাসো দিয়ে।

অসমতো আইনষ্টাইনৰ ৰাজনীতি সম্পর্কে ক’ৰবাত কিবা উল্লেখ কৰিলেও এচাম সাত্ত্বিক বৈজ্ঞানিকে তৎক্ষণাৎ সেইবোৰ জীয়াফাকি বা বৌদ্ধিক জালিয়াতি বুলি হৈ-চৈ লগায়। কিন্তু উপৰিউক্ত ফাইলবোৰে আইনষ্টাইনৰ জীৱন কাহিনীৰ ওপৰত তৰা আৱৰণখন আঁতৰাই দিলে। এইবোৰ কথা আৰু অৱদমন কৰা সম্ভৱ নহ’ব।

আইনষ্টাইনৰ এইবোৰ কাৰ্যকলাপ কোনো তথাকথিত “সৎ নাগৰিকৰ” সৎ কার্য নাছিল। বৰং এক সুচিন্তিত মতাদর্শৰপৰাহে তাৰ উদ্ভৱ হৈছিল। এই লেখক ‘নতুন পৃথিৱী’ আলোচনীৰ মুখ্য সম্পাদক হৈ থকা কালত (পৰৱৰ্তী কালত কিয় নাজানো, আমাক অন্যতম সম্পাদক বুলিহে সাত্ত্বিক মার্ক্সীয় মহলত উল্লেখ কৰা চকুত পৰিছে।) আইনষ্টাইনৰ ‘Why socialism’ নামৰ এটা প্রবন্ধ মই শিৱনাথ বৰ্মনৰ হতুৱাই অনুবাদ কৰাই প্রকাশ কৰিছিলো। বিলাতৰপৰা লৈ অনা Monthly Review পত্রিকাৰ প্রথম সংখ্যাটোৰপৰা সেই প্রবন্ধ সংগ্রহ কৰা হৈছিল। সেই সময়ত ভাৰতত আলোচনীখন দুর্লভ আছিল। আইনষ্টাইনে নিজৰ ৰাজনৈতিক মতাদর্শ দ্বিধাহীন ভাষাত সেই প্রবন্ধতে প্রথমে প্রকাশ কৰিছিল। অৱশ্যে সমসাময়িক ছোভিয়েট ইউনিয়নৰ সমাজৰ কেতবোৰ দিশ তেওঁৰ মনঃপূত নাছিল। এই মতাদর্শৰ আধাৰত তেওঁ মার্কিন সমাজত কৰাল মাৰি ধৰি থকা উগ্র বর্ণবাদৰ বিৰোধিতা কৰিছিল, ফেছিবাদী প্রৱণতাৰ লগত সংগ্ৰামত সর্বান্তঃকৰণে যুক্ত হৈছিল। মহাযুদ্ধৰদ্বাৰা গণতন্ত্র ৰক্ষাৰ মার্কিন সাম্রাজ্যবাদী প্রকল্পত পাৰ্যমানে বাধা দিছিল। এই মতাদর্শ তেওঁৰ মন আৰু হৃদয়ত অংকুৰিত হৈছিল। ত্ৰিছৰ দশকৰ জার্মানিত ফেছিবাদৰ দানৱীয় স্বৰূপ প্রত্যক্ষ কৰি আৰু তাৰ বলিশালৰপৰা কাণে কাণ মাৰি সাৰি আহি। এফ বি আইৰ ফাইলৰ ভাষাত ‘আক্ষৰিকভাৱে শত শত কমিউনিষ্ট সমর্থক গোষ্ঠীৰ লগত তেওঁ জড়িত হৈছিল‌‌।’

তেওঁৰ চিন্তাধাৰাৰ ঐতিহাসিক পটভূমি সম্পৰ্কে আমাৰ পাঠকসকলক জনোৱা উচিত হ'ব। ১৯১৪-১৯১৮ চনজুৰি হোৱা প্রথম বিশ্বযুদ্ধত নিহত হ’ল লক্ষ লক্ষ সৈনিক‌। যুৰোপৰ বিভিন্ন দেশৰ সাম্রাজ্যবাদী তথা ঔপনিৱেশিকতাবাদী পুঁজিৰ মাজত অনুন্নত বিশ্বৰ দখল লৈ হোৱা খৰিয়ালে ভয়ানক বিধ্বংসী মহাযুদ্ধৰ ৰূপ ল'লে। জাতীয়তাবাদী মোহত আচ্ছন্ন হৈ প্রাণোৎসর্গ কৰিলে বহু দেশৰ বহু নিৰীহজনে। সেই সময়তে যেন ঘোৰ কুঁৱলীৰ জাল ফালি ৰুছিয়াত নতুন সূৰ্যৰ আৱিৰ্ভাৱ হ’ল নৱজীৱনৰ বাণী লৈ। যুদ্ধত জয়ী হোৱা দেশবোৰতো যুদ্ধৰ বিৰুদ্ধে, শান্তিৰ সপক্ষে চিন্তাশীল মহল আৰু জনমানসত আকুল হাবিয়াস জাগি উঠিল। কিন্তু সাম্রাজ্যবাদী পুঁজিৰ বিকাশৰ নিয়ম মতে পুনৰ গঢ়ি উঠিল নতুন যুদ্ধৰ সম্ভাৱনা। দুই মহাযুদ্ধৰ মাজৰ সময়ছোৱাত সাম্রাজ্যবাদী পুঁজিৰ প্ৰসাৰণত আগভাগ লোৱা নতুন পুঁজিবাদী ৰাষ্ট্র আমেৰিকাই অভূতপূর্ব উন্নয়ন তথা বিস্তাৰণৰ সৌভাগ্য অর্জন কৰিলে। কিন্তু পুঁজিৰ এই হুতাশনীয়া বিস্তাৰে অনিবাৰ্যভাৱে ১৯২৯ চনৰ মহাস্খলনত (Great Depression) গড়খাৱৈত বাগৰি পৰি মার্কিন আৰু বিশ্ব অর্থনীতিত বিপর্যয়ৰ সৃষ্টি কৰিলে। আনকি ভাৰততো খেতিয়ক সমাজ তাৰ ফলত ধৰাশায়ী হৈছিল। পৰাজিত আৰু বিদেশী শক্তিৰ ওচৰত ঋণগ্রস্ত জার্মানিত প্রবল মুদ্রাস্ফীতি, নিবনুৱা সমস্যা, আনকি অনাহাৰ-অপুষ্টিৰ কবলত পৰিল জনগণ। এই পৰিস্থিতিত বুৰ্জোৱা গণতন্ত্রৰ পক্ষে সমৃদ্ধিজনিত ভাৰসাম্য আৰু শ্রেণীগত প্রতিপত্তি ৰক্ষা কৰা টান হৈ পৰিল। দেশে দেশে শ্রমিক শ্রেণীৰ নেতৃত্বত শ্রমজীৱী ৰাইজৰ সংগঠিত আন্দোলনে পুঁজিবাদীৰ একচ্ছত্ৰী ক্ষমতাক প্রতিহত কৰিবলৈ উঠি-পৰি লাগিল। সকলোৰে প্ৰাণত আশাৰ সঞ্চাৰ কৰিলে ছোভিয়েট বিপ্লৱৰ সাফল্য, ৰুছিয়াৰ পৰিকল্পিত উন্নয়নৰ অভূতপূর্ব অগ্রগতিয়ে। বিশেষকৈ ফ্রান্স, ইটালি, জার্মানিত সমাজবাদী আদৰ্শৰ প্রতি অনুৰক্ত শ্রমিক আন্দোলনে বিপুল প্রভাৱ আৰু গণভিত্তি অর্জন কৰিলে। বুদ্ধিজীৱী, লেখক, শিল্পী, বিজ্ঞানীও সাম্যবাদৰ প্রতি অনুৰক্ত হ’ল। কিন্তু এইবোৰ দেশতে সমাজবাদী সংগঠনৰ শৃংখলাৰ বিকৃত অনুকৰণ কৰা আওপুৰণি আৰু ঘোৰ প্ৰতিক্ৰিয়াশীল ধাৰণা আৰু আৱেগক আশ্রয় কৰি জনগণক মোহগ্ৰস্ত কৰিব পৰা উগ্ৰজাতীয়তাবাদী, ঘোৰ হিংসাশ্রয়ী, গণতন্ত্র, মানৱতা আৰু যুক্তিক নাকচ কৰা, ফেছিবাদী আন্দোলন গঢ় ল’লে‌ প্ৰগতিশীল আন্দোলনক ধ্বংস কৰিবলৈ‌। মতাদর্শৰ সংগ্রামৰ উপৰি ৰাস্তাই-ঘাটে দুই বিপৰীতমুখী আন্দোলনৰ সমৰ্থকসকলৰ সংঘৰ্ষও সঘনাই হ’বলৈ ধৰিলে। পুঁজিপতি মহলে দেখিলে যে দুয়োটা আন্দোলনৰ ভিতৰত ফেছিবাদ সিহঁতৰ বাবে কম বিপজ্জনক। অসংকোচে সিহঁতে একনায়কত্ববাদী ফেছিবাদী নেতাক বিপুল ধন যোগান ধৰিলে। সিহঁতৰ লগত মিতিৰালি থকা চৰকাৰী প্রশাসনৰ আৰক্ষী-আমোলা আদিয়েও ফেছিবাদীসকলৰ প্ৰতি নৰম মনোভাব লৈ সাম্যবাদীসকলক কঠোৰ হাতেৰে দমন কৰিবলৈ ধৰিলে। বুৰ্জোৱা গণতন্ত্রৰ ব্যক্তি স্বাধীনতা, স্বাধীন চিন্তা, আইনৰ শাসন আদি প্রমূল্যত বিশ্বাসী বুদ্ধিজীৱী আৰু শিল্পী-সাহিত্যিক দুই শিবিৰৰ যুদ্ধত বিভ্রান্ত হৈ গভীৰ নৈৰাশ্যৰ গীত গাবলৈ ধৰিলে। জীৱনৰ অর্থহীনতা, কৰ্মৰ অসাৰতা, সভ্যতাৰ শূন্যতা —এইবোৰ হ’ল তেওঁলোকৰ প্রিয় বিষয়। এই পৰিস্থিতিৰ সুযোগ লৈ পূর্বে সন্ত্রান্ত শ্রেণীৰ অৱজ্ঞাৰ পাত্র, গুণ্ডা চৰ্দাৰ বুলি বিবেচিত নাৎসি দলৰ নেতা এডলফ হিটলাৰে প্রতিষ্ঠিত বৃহৎ পুঁজিপতি, বুৰ্জোৱা ৰাজনৈতিক আৰু পদস্থ বিষয়াৰ অনুগ্রহ লাভ কৰিবলৈ সমর্থ হয়। ফলত নির্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰিলেও তেওঁ সংসদী কৌশলেৰেই জার্মানিৰ সর্বময়কর্তা হৈ পৰে। লগে লগে স্বৈৰতন্ত্রৰ বিৰোধিতা কৰা সাম্যবাদী, সমাজবাদী আদি দল আৰু মুক্তমনা স্বাধীনচিতীয়া বিবেকবান শিল্পী-সাহিত্যিক-বুদ্ধিজীৱীক গ্রেপ্তাৰ কৰি কাৰাৰুদ্ধ কৰাৰ প্রক্রিয়া আৰম্ভ হয়। নাৎসি উগ্রজাতীয়তাবাদ অনুসৰি জার্মান জাতিৰ প্রধান প্রধান শক্ৰৰ ভিতৰত ইহুদী জাতিক প্রচণ্ড নির্যাতনৰ কবলত পেলোৱা হ’ল। যাৰ শেষ পর্যায়ত ষাঠি লাখ ইহুদীক গেছ চেম্বাৰত পুৰি মৰা হৈছিল। আইনষ্টাইনৰ বিশ্বখ্যাতিৰ বাবে তেওঁক সহজে জার্মানিৰ ঘৰবিভীষণ বুলি প্রমাণ কৰা কঠিন আছিল। সেয়ে বাৰজন নোবেল বঁটাবিজয়ী জার্মান পদার্থবিদৰ স্বাক্ষৰেৰে আইনষ্টাইনৰ যুগান্তকাৰী আপেক্ষিকতাবাদ তত্ত্বক জার্মান-বিৰোধী ইহুদী বিজ্ঞান বুলি প্রচাৰ-পত্র বিলোৱা হ'ল! আইনষ্টাইনৰ বাসভৱন খানাতালাচ কৰি চৰকাৰে দখল কৰিলে। সেই সময়ত দেশৰ বাহিৰত থকা আইনষ্টাইনে স্বদেশলৈ ঘূৰি আহিবলৈ মন নকৰিলে। বহু খ্যাতনামা ইহুদী আৰু গণতন্ত্রবাদী, সমাজবাদী জার্মানে স্বদেশ এৰি বিদেশলৈ পলায়ন কৰিলে‌। এইবোৰ দেখি-শুনি আইনষ্টাইনে কেৱল বিচলিত হোৱাই নহয়, আজীৱন ফেছিবাদৰ বিৰোধী হ’বলৈ সংকল্প কৰিলে‌। প্রিন্সটনৰ উন্নত গৱেষণা (Institute of Advance studies)ৰ বিখ্যাত প্রতিষ্ঠাতাৰ আহ্বানত তেওঁ আমেৰিকাত অধ্যাপনা আৰু গবেষণাত ৰত হয়‌। অৱশেষত তেওঁ আমেৰিকাৰ নাগৰিকত্ব গ্রহণ কৰে। ‌

কিন্তু মার্কিন সমাজৰ গণতন্ত্রৰ নানা মাৰাত্মক সীমাবদ্ধতা আৰু ত্ৰুটি তেওঁৰ ৰাজনৈতিক সচেতনতাৰপৰা সাৰি নগ’ল। প্রকৃততে সেই সময়ত FBI-ৰ সঞ্চালক হুভাৰৰ উপৰি অনেক মার্কিন ৰাষ্ট্রদূত, ছিনেটৰ, উচ্চপদস্থ আমোলা, সাংবাদিক, আৰু সামাজিক ক্ষেত্ৰত প্রতিপত্তি থকা ব্যৱসায়ী শিল্পপতি নাৎসিবাদ আৰু হিটলাৰৰ অনুৰাগী আছিল। আচৰিত নহয় যে ভিতৰি এইসকল মানুহ আছিল উগ্র বর্ণবাদী আৰু কমিউনিষ্টবিৰোধী। তেওঁলোকেই বিশ্বযুদ্ধত জার্মানিৰ বিৰুদ্ধে অভিযানত যোগ দিয়াৰপৰা আমেৰিকাক আঁতৰাই ৰাখিছিল। পার্ল হার্বাৰত জাপানী আক্রমণক হিটলাৰে সমৰ্থন জনোৱা বাবেহে আমেৰিকাই নাৎসি জার্মানিৰ বিৰুদ্ধে প্রত্যক্ষ সংগ্রামত নামিছিল।

আইনষ্টাইনৰ দৰে মুক্ত চিন্তা আৰু উদাৰ মানৱীয়তাৰ অনুৰাগী ব্যক্তিয়ে মার্কিন সমাজৰ এনেবোৰ বিকাৰ সহজে মানি লোৱা সম্ভৱ নাছিল। তেওঁ নিৰৱচ্ছিন্নভাৱে আৰু পৰম ঐকান্তিকতাৰে এইবোৰৰ বিৰুদ্ধে যুঁজিছিল। কাৰণ কলংকময় বর্ণবাদৰ উপৰি মার্কিন সমাজৰ হৰ্তাকর্তাসকলে শ্রমজীৱী জনগণৰ ন্যায্য দাবী দমনৰ নামত কমিউনিষ্ট বিৰোধিতাক ধৰ্মত পৰিণত কৰিছিল আৰু ফেছিবাদী আচৰণ আৰম্ভ কৰিছিল। সেই অশুভ আৰু বিকৃত প্রৱণতাসমূহৰ বিৰুদ্ধে সাম্যবাদীসকলৰ সৈতে অক্লান্ত সৈনিক আছিল আইনষ্টাইন। কুৰি শতিকাৰ ত্ৰিছৰ দশকটোৰ শেষভাগত জার্মানিৰ পুনৰস্ত্রীকৰণ দুর্দান্ত বেগে চলিবলৈ ধৰে। হিটলাৰে চুবুৰীয়া বিভিন্ন দেশৰ বিৰুদ্ধে ভাবুকি দিবলৈ আৰম্ভ কৰে আৰু জার্মানিৰ পূৰ্বৰ অংশ বুলি সেইবোৰ দেশৰ বিস্তৃত অঞ্চল দাবী কৰে। সেইবোৰ এনে আঁকোৰগোজ আৰু ভীতিপ্ৰদ আছিল যে সমগ্র ইউৰোপ ত্ৰাসিত হৈছিল। তদুপৰি নাৎসি পার্টি আৰু তাৰ গণসংগঠনসমূহৰ উৎপীড়নত জার্মানিৰ জনসাধাৰণ নিৰুৎসাহ আৰু নিৰ্জীৱ হৈ পৰিছিল। শেষৰ পিনে তেওঁলোক নিৰৱচ্ছিন্ন প্ৰচাৰ অভিযানৰ প্ৰভাৱত হিটলাৰ আৰু নাৎসি বৰ্বৰতাৰ অন্ধ সমৰ্থক হৈ পৰিছিল‌। জাৰ্মানিৰ বাহিৰতো বিভিন্ন দেশত এনে বর্বৰোচিত মতাদর্শৰ সমৰ্থক ওলাইছিল।

কমিউনিষ্টসকলেই তথাকথিত উদাৰ গণতন্ত্রবাদীৰ তুলনাত অনমনীয় দৃঢ়তা আৰু সাহসেৰে নাৎসিবাদৰ বিৰোধিতা কৰিছিল। তেওঁলোকে নাৎসি গুণ্ডাবাহিনীবোৰৰ বিৰুদ্ধে সংঘৰ্ষত নামিছিল। তেওঁলোকৰ অপপ্রচাৰ আৰু বৰ্ণবাদী কুযুক্তিৰ উত্তৰ দিছিল। কমিউনিষ্ট ডিমিত্ৰভে নাৎসি আদালতত প্ৰখৰ যুক্তি-তর্কৰে চক্রান্তমূলক গোচৰ নস্যাৎ কৰি বিশ্ববাসীক চমকিত কৰিছিল। ব্রিটেন আৰু ফ্রান্সে জার্মানিক তোষণ কৰি ছোভিয়েট ৰুছিয়াৰ বিৰুদ্ধে উচটোৱাৰ প্রমাণ পাই নিৰুপায় স্তালিনে জার্মানিৰ লগত অনাক্রমণ চুক্তি কৰিছিল। তথ্যবোৰ গোপনীয় হৈ থকাৰ ফলত স্তালিনৰ এই কাৰ্যক চূড়ান্ত প্ৰতাৰণা বুলি কমিউনিষ্টৰ প্ৰতি বীতশ্ৰদ্ধ হৈ পৰিছিল‌। কিন্তু হিটলাৰে নিজেই ১৯৪১ চনত ছোভিয়েট ৰুছিয়াৰ বিৰুদ্ধে অপ্রত্যাশিত অভিযানত এক বিশাল জার্মান বাহিনী নিয়োগ কৰি নাৎসি-কমিউনিষ্ট একতাৰ বিষয়ে প্রচলিত উপাখ্যান বেলুন ফুটোৱাদি ফুটাই দিলে।

আইনষ্টাইনৰ ব্যক্তিগত বন্ধুবৰ্গৰ ভিতৰত ৱালেণ্টিন বাৰ্গমেন, পিটাৰ বাৰ্গমেন, আটো নাথান আৰু লে'ৱ'পল্ড ইনফে’ল্ড আছিল কমিউনিষ্ট ভাবাপন্ন। স্তালিনৰ কেতবোৰ আতিশয্য (যেনে— বিৰোধীবিলাকৰ বিৰুদ্ধে ভুৱা মোকদর্মা, বিৰুদ্ধ মত দমনত নৃশংসতা) আইনষ্টাইনে ৰূঢ় ভাষাত গৰিহণা দিলেও সমগ্র ছোভিয়েট ব্যৱস্থাটোৰ ইতিবাচক দিশো তেওঁ স্বীকাৰ কৰিছিল। তেওঁৰ মতে, ‘পুঁজিবাদী সমাজৰ অর্থনৈতিক নৈৰাজ্য হ’ল অমংগলৰ (evil) প্রধান উৎস।’ তেওঁ আৰু কৈছিল যে সাধাৰণ মানুহক শোষণৰপৰা মুক্তি দিবলৈ আৰু উৎপন্ন দ্রব্য আৰু সামাজিক শ্রম মানুহৰ প্রয়োজন আৰু কৰ্মক্ষমতা অনুযায়ী ভাগ কৰিবলৈ কমিউনিজিমৰ উদ্যম এক অতি প্রশংসনীয় প্রয়াস। “দুখৰ বিষয়, এই অতি গুৰুত্বপূর্ণ ৰাজনৈতিক পৰীক্ষা চলোৱা হৈছে সা-সৰঞ্জামৰ পিনৰপৰা নিঃস্ব এটা পৰীক্ষাগাৰত।” দ্বিতীয় মহাযুদ্ধৰ সময়ত তেওঁ ৰুছিয়াত বৈজ্ঞানিক অগ্রগতিৰ ভূয়সী প্রশংসা কৰিছিল আৰু কৈছিল যে ৰুছিয়াই একমাত্র দেশ, য’ত মানৱীয় সাম্য (Equality) এক অন্তঃসাৰশূন্য ধ্বনি নহয়। ছোভিয়েট ৰুছিয়াৰ সমাজ ব্যৱস্থাই জ্ঞান-বিজ্ঞানৰ প্রভূত উন্নতি সাধন কৰাৰ উপৰি সাধাৰণ মানুহক এনেদৰে সবল আৰু অনুপ্ৰাণিত কৰিছিল যে স্বদেশ আৰু মানৱজাতিক নাৎসিবাদৰ কবলৰপৰা উদ্ধাৰ কৰিবলৈ তেওঁলোকে অভাবনীয় ক্লেশ আৰু ত্যাগ স্বীকাৰ কৰিছিল। অপ্রতিৰোধ্য যেন লগা নাৎসি সেনাবাহিনীক স্তালিনগ্ৰাডত স্তব্ধ কৰি বিশ্বজোৰা ফেছিবাদী অভিযানক নিশ্চিত পৰাজয় আৰু ধ্বংসৰ মুখলৈ ঠেলি দিছিল ছোভিয়েট ৰুছিয়াৰ লাল ফৌজে (Red Army)। সেই সময়ত আইনষ্টাইনে মুক্তকণ্ঠে ছোভিয়েট ৰুছিয়াৰ গুণগান কৰিছিল। ওপৰৰ বাক্যবোৰ আইনষ্টাইনৰ বক্তব্যৰপৰাই আহৰণ কৰা হৈছে।

কিন্তু দ্বিতীয় মহাযুদ্ধৰ অৱসানৰ পিছত যুদ্ধৰ প্রচণ্ড ক্ষয়-ক্ষতিৰ ফলত ছোভিয়েট ৰুছিয়াৰ পৰাক্রম, দেশে-বিদেশে বিয়পি পৰা সাম্যবাদী বৃহৎ প্রভাৱ, প্রাক্তন উপনিৱেশবোৰত মুক্তিসংগ্রামৰ ঢৌ আদিয়ে সাম্রাজ্যবাদী বৃহৎ পুঁজিক আতংকিত কৰিলে আৰু মহাযুদ্ধৰ পিছত সেই সাম্রাজ্যবাদী পুঁজিৰ শিবিৰৰ নেতৃত্ব অধিগ্রহণ কৰিলে আমেৰিকাই। ছোভিয়েট ৰুছিয়া আৰু নতুন সমাজবাদী দেশবোৰৰ কঠোৰ স্বৈৰতন্ত্রী শাসন আৰু তাত বিৰোধী মহলবোৰৰ ওপৰত নিপীড়নকে অপপ্রচাৰৰ মূল বিষয় কৰি লৈ আমেৰিকাৰ ভিতৰে-বাহিৰে এক আতংকজনক পৰিস্থিতিৰ জন্ম দিলে। ১৯৪৬ চন মানৰপৰা ১৯৮৫-৮৬ চনমানলৈ তাৰ ফলত পছিমীয়া পুঁজিবাদী দেশবোৰত অহৰহ সশস্ত্র প্রস্তুতি আৰু বিষাক্ত প্রচাৰৰ আখৰা চলিল। ইয়াৰ নাম হ’ল “শীতল যুদ্ধ’ (Cold War)। সম্প্রতি উন্মোচিত হোৱা গোপনীয় মার্কিন নথি-পত্ৰৰপৰা নিশ্চিতভাৱে প্রমাণ হৈছে যে সেই কালত চলোৱা তুমুল উত্তেজনামূলক প্রচাৰত ঘোষণা কৰাৰ দৰে ছোভিয়েট ৰুছিয়াৰ আন দেশ আক্রমণ কৰাৰ কোনো উদ্দেশ্য নাছিল। বৰং নাৎসি অভিযানত বিধ্বস্ত স্বদেশ পুনৰ্নির্মাণ কৰোঁতেই তাৰ সৰ্বশক্তি নিযুক্ত হৈছিল। কিন্তু উগ্র ছোভিয়েট-বিৰোধী প্রচাৰৰ প্রতিক্রিয়াৰূপে নিজেও অস্ত্রসজ্জা আৰু সামৰিক প্রস্তুতিত জাতীয় সম্পদৰ বিপুল অংশ ব্যৱহাৰ কৰিবলগীয়া হৈছিল। তথাপি সেই সময়তে বিশ্ব শান্তি আন্দোলনৰ পৃষ্ঠপোষকতা কৰিছিল ছোভিয়েট ৰুছিয়াইহে।

এই শীতল যুদ্ধৰ পৰিণামস্বৰূপে আমেৰিকাতো পুঁজিবাদী সাম্রাজ্যবাদ, যুদ্ধ আৰু ঔপনিৱেশিক শোষণৰ বিৰোধিতা কৰা, বর্ণবাদৰ উচ্ছেদ দাবী কৰা, দৰিদ্র-নিপীড়িতৰ হৈ মাত মতা অপৰাধত পৰিণত হ'ল। সাম্যবাদ দূৰৰ কথা, সামাজিক ন্যায়ৰ সপক্ষে মাত মতাজনো দেশদ্রোহী বুলি – ৰাষ্ট্ৰৰ সন্দেহৰ পাত্ৰ হৈ পৰিল। এনে ঘোৰ দেশদ্রোহীৰ ভিতৰত আইনষ্টাইনৰ নামো সোমাল। এফ বি আইৰ ফাইল অনুযায়ী অধ্যাপক আইনষ্টাইন ‘দেশদ্রোহী’ (Un-American)‌ কার্যকলাপৰ বাবে দেশৰ মহাধিবক্তাই উল্লেখ কৰা দহটা বিপজ্জনক সংগঠনৰ আৰু দেশদ্ৰোহী কাৰ্যকলাপৰ বাবে সংসদী কমিটিয়ে (House Committee On Un-American Activities) উল্লেখ কৰা তেৰটা সংগঠনৰ হয় পৃষ্ঠপোষক, নহয় সভাপতি, নতুবা সদস্য। ... এনে এজন ব্যক্তি কদাপি দেশভক্ত মার্কিন নাগৰিক হ’ব নোৱাৰে (!!)

আইনষ্টাইনে নিজেই কৈছিল : গণিতৰ সমীকৰণ আৰু ৰাজনীতি, দুয়োটাৰ মাজত মোৰ জীৱন বিভক্ত। তেওঁ এই সময়ছোৱাত ৰাজনৈতিক বিষয়ত প্রায়ে প্রতিবাদী দৃষ্টিভংগীৰে ১৯৫টা নিবন্ধ প্রকাশ কৰিছিল আৰু ১৫০টা বিবৃতি, ভাষণ আৰু সম্পাদকলৈ লিখা চিঠিৰে ৰাজনৈতিক মতামত প্রকাশ কৰিছিল। বুৰ্জোৱা মহলে প্রচাৰ কৰাৰ দৰে তেওঁ মুঠেই এজন বিজ্ঞানী ঋষি নাছিল। ১৯২৯ চনত আৰম্ভ হোৱা অর্থনৈতিক মহাস্খলনে যেতিয়া তাৰ পিছত কেইবাবছৰো ধৰি আমেৰিকাৰ জনসাধাৰণক কাল ধুমুহাৰ দৰে আক্রমণ কৰিছিল, তেতিয়া New Leader নামৰ এখন মার্কিন পত্রিকাত সেই সংকটৰ এক সমাজবাদী সমাধানৰ পোষকতা কৰিছিল। তেওঁ ‘সর্বসাধাৰণৰ কল্যাণৰ প্রতি এক নিঃস্বার্থ আৰু নিষ্ঠাপূৰ্ণ সেৱা’ই (devotion) সমসাময়িক পুঁজিবাদী ব্যৱস্থাৰ বিকল্প হ’ব পাৰে বুলি দৃঢ় মত ব্যক্ত কৰিছিল। স্পেইনত যেতিয়া সেনাধ্যক্ষ ফ্রান্সিস্কো ফ্রাংকোৰ নেতৃত্বত ফেছিবাদী প্রতিবিপ্লৱে গণতান্ত্রিক ৰাষ্ট্ৰৰ বিৰুদ্ধে মাৰমুখী আক্রমণ চলাইছিল, তেতিয়া দেশ-বিদেশৰ গণতন্ত্রপ্রেমী মানুহে স্পেইন গণতান্ত্রিক প্রজাতন্ত্ৰৰ প্রতি উত্তাল সমর্থন জ্ঞাপন কৰিছিল। বহু খ্যাতনামা কবি-শিল্পী-সাহিত্যিকে স্পেইনৰ এই গৃহযুদ্ধত ফেছিবাদৰ বিৰুদ্ধে গণতান্ত্রিক ৰাষ্ট্ৰৰ সপক্ষে যুদ্ধত অংশগ্রহণ কৰিছিল। হিটলাৰ আৰু মুছোলিনিয়ে উন্নত অস্ত্র-শস্ত্ৰৰ উপৰি বিমানবাহিনীৰে ফেছিবাদী ফ্রাংকেক সহায় কৰিছিল। সেই বিমানবাহিনীৰ বোমাবর্ষণত বিধ্বস্ত হোৱা গুৱেৰ্নিকা চহৰৰ দশা উপলক্ষ কৰি পিকাছোৱে আঁকিছিল বিখ্যাত ‘গুৱেৰ্নিকা’। ‘গুৱেৰ্নিকা’ ছবিৰ ষাঁড়গৰুটোৰ উদ্ধত, পাশৱিক, ক্রূৰ অহংকাৰে বহু সমালোচকৰ মনত ফেছিবাদৰ দানৱীয় শক্তি আৰু ঘোঁৰাটোৰ আর্ত চিৎকাৰে নির্যাতিত জনগণৰ যন্ত্রণা আৰু প্রতিবাদ মূর্ত কৰি তোলে। আনহাতে, আকাশত সূর্য আৰু প্রশান্ত মহীয়সী নাৰীগৰাকীৰ উৰি অহা আশ্বাসে ভৰসা দিয়ে যে এই অন্ধকাৰৰ অৱসান ঘটিব। ছবিখনৰ বলিষ্ঠ ছন্দই অসামান্যভাৱে ফুটা তুলিছে ফেছিবাদ-বিৰোধী সংগ্রামৰ দুৰ্জয় প্রেৰণা (কোনো কোনো অসমীয়া চিত্রৰসিকে এতিয়াও কলাকৈৱল্যবাদী ৰাজনীতি-বিৰোধী বিদেশী সমালোচনা অনুকৰণ কৰি ছবিখনৰ বিপৰীত ব্যাখ্যা দাঙি ধৰিছে।)

কিন্তু এই সময়তে মার্কিন ৰাষ্ট্রপতিয়ে দুয়োপক্ষৰ প্ৰতি নিৰপেক্ষতা অৱলম্বন কৰে, যদিও ফেছিবাদৰ প্রতি নিৰপেক্ষতা খুনীৰ প্রতি নিৰপেক্ষতাৰ দৰে। কেথলিক সম্প্রদায়ৰ হৰ্তাকর্তাসকল, সদনৰ উচ্চ ক্ষমতাসম্পন্ন কমিটি আৰু এচাম ‘শিল্পী-সাহিত্যিক’ বুদ্ধিজীৱীয়ে মার্কিন ৰাষ্ট্রপতিৰ এই মনোভাবক স্বাগতম জনালে‌। কিন্তু আইনষ্টাইন জড়িত হ’ল ফ্রাংকোৰ বিৰোধিতা কৰা প্রগতিশী শিল্পী, লেখক, বৈজ্ঞানিকৰ লগত – পল ৰবছন, জিন কে’লি, আৰ্নেষ্ট  হেমিংৱেই, লেংষ্টন হিউজ, হেৰল্ড, ইউৰি, ৰবার্ট অপেনহাইমাৰ আদিৰ শিবিৰত।

প্রথম মহাযুদ্ধৰ পিছত যুদ্ধবিৰোধী অৱস্থান লোৱা আইনষ্টাইনে পূৰ্বৰ শান্তিবাদী সতীর্থসকলক বিচলিত কৰি ১৯৩৬ চনত ক’লে যে ফেছিবাদৰ বিৰুদ্ধে যুদ্ধ অবিহনে আন প্রতিকাৰ নাই। ১৯৩৮ চনৰ ১০ নৱেম্বৰ তাৰিখে জার্মানিত সংখ্যালঘু ইহুদীসকলৰ বিৰুদ্ধে আৰম্ভ হয় ৰাষ্ট্ৰপৰিচালিত গুগুামি‌। পুলিচৰ প্রশ্ৰয়ত গুণ্ডা দলে বহু দোকান, বাসভৱন, উপাসনাগৃহ ধ্বংস কৰে। ১০০জন ইহুদী সেইদিনা নিহত হৈছিল। চৰকাৰে ইহুদীসকলকে দোষাৰোপ কৰি ত্ৰিছ হেজাৰ ইহুদীক গ্রেপ্তাৰ কৰে। বহু বিশিষ্ট ইহুদী প্রতিভাই প্রাণ লৈ পলায়ন কৰে জার্মানিৰপৰা। ইহুদী সন্তান আইনষ্টাইনক এই নির্মম আৰু পাশৱিক গণহত্যাই ইমান বিচলিত কৰিছিল যে পৰৱৰ্তী কালত তেওঁ জার্মানিৰ লগত সকলো সম্পর্ক ত্যাগ কৰিছিল। কিছু ব্যতিক্রম বাদ দিলে সমগ্র জার্মান জনগণৰ নাৎসি বর্বৰতাৰ প্রতি সমর্থনে তেওঁক মৰ্মমূললৈকে দগ্ধ কৰিছিল। আনহাতে, এফ বি আইৰ সঞ্চালক হুভাৰ আন একাংশ মার্কিন নাগৰিকৰ দৰে ঘোৰ ইহুদীবিৰোধী আছিল। তেওঁ নাৎসি আৰু সোঁপন্থী জার্মান সংবাদ-পত্ৰৰপৰা আইনষ্টাইনৰ বিৰুদ্ধে অতিৰঞ্জিত বা ভুৱা তথ্য আহৰণ কৰি ফাইল তৈয়াৰ কৰিছিল। আচৰিত নহয় যে ১৯৪০ চনত আইনষ্টাইনে মার্কিন নাগৰিকত্ব গ্রহণ কৰাৰ পিছতো এফ বি আয়ে তেওঁৰ আমেৰিকাৰ ঘৰটোক a Communist Center and clearing house (সাম্যবাদীহঁতৰ ঘাটি আৰু চিঠি-পত্র বিনিময়ৰ কেন্দ্ৰ) বুলি ফাইলত টোকা লিখিছিল। এফ বি আই কেৱল এজন অৰ্ধোন্মাদ বিষয়াৰ কবলত পৰা অনুষ্ঠান নাছিল, সি মার্কিন শাসনযন্ত্র আৰু শাসক শ্রেণীৰ হাতত থকা এক মাৰাত্মক অস্ত্র। নাৎসিবিলাকে ইহুদীসকলৰ ওপৰত চলোৱা নিদাৰুণ অত্যাচাৰে আইনষ্টাইনক কিন্তু উগ্র ইহুদী জাতীয়তাবাদীত (zionist) পৰিণত কৰা নাছিল। ইজ্ৰায়েল ৰাষ্ট্র তথা দেশৰ ইহুদীসকলৰ গৃহভূমি হিচাপে গঠন কৰাত তেওঁৰ পূৰ্ণ সমর্থন আছিল। ছোভিয়েট ৰুছিয়ায়ো ৰাষ্ট্ৰসংঘৰ সেই স্বীকৃতি সমর্থন কৰিছিল। সেই সময়ত থলুৱা আৰবসকলক অত্যাচাৰ কৰি বিতাড়ন কৰি ইজ্ৰায়েলৰ বাবে মাটি উলিওৱাৰ কথা সিমান জনাজাত হোৱা নাছিল। পিছলৈ আইনষ্টাইন এই বিষয়ে অৱগত হৈ বিশেষ বিচলিত হৈছিল। তেতিয়া পেলেস্তাইন বুলি এক অঞ্চল আছিল, কিন্তু সি কোনো দেশ বা ৰাষ্ট্র হিচাপে পৰিগণিত হোৱা নাছিল। আইনষ্টাইনে পেলেস্তাইনত আৰব আৰু ইহুদীৰ সমমর্যাদা আৰু সমান অধিকাৰ থকা নাগৰিক হিচাপে লৈ এখন ৰাষ্ট্র গঠন হোৱা বিচাৰিছিল। (পেলেস্তাইনৰ স্বাধীনতা সংগ্রামৰ নায়ক য়াছেৰ আৰাফাতৰো এনে ধাৰণাই আছিল।) কিন্তু শীঘ্ৰে ইজ্ৰায়েলে উগ্রজাতীয়তাবাদী আৰব-বিদ্বেষী ৰূপ ল’লে, যাৰ পূর্ণ বিকশিত ৰূপ আইনষ্টাইনে দেখা নাপালে। (১৯৫৫ চনত তেওঁৰ মৃত্যু হৈছিল।) কিন্তু ৰাজনীতিত তেতিয়া গভীৰভাৱে জড়িত হৈ পৰা আইনষ্টাইনে ইজ্ৰায়েলৰ ৰাষ্ট্রপতিৰ পদ প্রত্যাখ্যান কৰিছিল। এনে ৰাজনৈতিক পদত তেওঁ সুখী হ’ব নোৱাৰিব বুলি। তেওঁৰ ব্যক্তিগত পত্রালাপৰপৰা প্রমাণিত হয় যে আৰবসকলক ইজ্ৰায়েলত দ্বিতীয় শ্রেণীৰ অবাঞ্ছিত নাগৰিক হিচাপে স্থান দিয়া বাবে তেওঁ ব্যথিত আৰু উদ্বিগ্ন হৈছিল। কিন্তু আইনষ্টাইনৰ বেছিভাগ সময় গৈছিল আমেৰিকাৰ কমিউনিষ্টবিৰোধী পৰিৱেশৰ বিৰুদ্ধে অনমনীয় দৃঢ়তা আৰু সাহসেৰে যুদ্ধ কৰাত। সেয়ে সকলো প্রগতিশীল গণতান্ত্রিক শক্তিৰ বাবে তেওঁ এজন আদর্শ ব্যক্তি।

পুঁজিবাদৰ সংকটকালত এপিনে যেনেকৈ শ্রমজীৱী তথা অভাৱক্লিষ্ট জনতাৰ মাজত মুক্তিকামী বৈপ্লৱিক চেতনা সঞ্চাৰ হয়, আনপিনে পৰিৱর্তনবিৰোধী শক্তিবোৰেও নানা অযুক্তিকৰ, অন্ধ সংস্কাৰৰ আশ্ৰয় লৈ ঘোৰতৰ প্রতিক্রিয়াশীল আন্দোলনৰ জন্ম দিয়ে। প্রথম মহাযুদ্ধত জার্মানিৰ পৰাজয় আৰু তৎজনিত হতাশাই হিটলাৰ দৰে উন্মাদ অথচ প্রবল প্রভাৱশালী নেতাক জাতীয় নেতৃত্বত প্রতিষ্ঠিত কৰা ঘটনা বিচ্ছিন্ন বস্তু নাছিল। নাৎসি দলৰ আৱিৰ্ভাৱৰ এক দশক পূর্বেই জার্মানিত থকা বিজয়ী ফৰাচী বাহিনীয়ে ইহুদি জাতিৰ প্রতি আক্রোশ আৰু বিদ্বেষেৰে পৰিচালিত এদল জিঘাংসু জার্মান বৰ্ণবাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল‌, সমগ্ৰ জাৰ্মানিত যাৰ সদস্য সংখ্যা আছিল ১৬,০০০। আগতেই উল্লেখ কৰা হৈছে যে এদল বিজ্ঞানীয়ে আইনষ্টাইনৰ আপেক্ষিকতাবাদক ‘ইহুদি বিকৃতি’ বুলি গৰিহণা দিছিল আৰু উপৰিউক্ত বর্ণবাদী হত্যাকাৰী দলটোৱে আইনষ্টাইনকো লক্ষ্যৰূপে নির্বাচন কৰিছিল। অৱেশ্য সেই সময়তে জার্মানিত বিপুলসংখ্যক শান্তিকামী আৰু প্রগতিশীল মানুহৰ সহানুভূতি আইনষ্টাইনে পাইছিল।

ছোভিয়েট ৰুছিয়াৰ বিপ্লৱৰ পিছত পুঁজিবাদী ৰাষ্ট্ৰবোৰ এক নতুন আতংকত আক্রান্ত হ’ল, সেইটো হৈছে সমাজবাদৰ ভয়। আনকি আমেৰিকাতো সেই আতংকই শাসক মহলৰ মাজত উগ্র প্রতিক্রিয়াৰ উদ্রেক কৰিছিল। ১৯২৯ চনত আৰম্ভ হোৱা মহামন্দাই (Great Depression) মার্কিন অর্থনীতি প্রায় বিধ্বস্ত কৰি হাজাৰ-বিজাৰ উদ্যোগ আৰু ব্যৱসায় দেউলীয়া কৰিছিল, লাখ লাখ শ্রমিকক সংস্থানহীন কৰিছিল, তাৰ পিছত আইনষ্টাইনে ১৯৩০, ১৯৩১, ১৯৩২ চনত আমেৰিকা ভ্রমণ কৰিছিল আৰু তেতিয়া New Leader নামৰ পত্রিকাত দিয়া সাক্ষাৎকাৰত সুস্পষ্ট ভাষাত সমাজবাদী সমাধানেৰে সংকটৰ অৱসান ঘটোৱাৰ পোষকতা কৰিছিল। এই প্রসংগত তেওঁ কৈছিল : “যি সময়ত আমি পূৰ্বৰ আন কোনো প্রজন্মত বিৰল উৎপাদনৰ আহিলা আৰু সময়তে ভোগ্যপণ্যৰ বিপুল পৰিমাণৰ অধিকাৰী হৈছো, সেই সময়তে বৃহৎসংখ্যক মানুহ দাৰুণ অভাৱত জর্জৰিত, উৎপাদন আৰু উপভোগ অতিশয় নিশকতীয়া হৈ পৰিছে, ৰাজহুৱা অনুষ্ঠানবোৰৰ প্ৰতি ৰাইজৰ আস্থা অভাবনীয়ভাৱে হ্ৰাস পাইছে। এই অমংগল অতিক্রম কৰিবলৈ আমাৰ যে বুদ্ধিমত্তা নাই তেনে নহয়, কিন্তু সার্বজনীন কল্যাণ আৰু নিৰাপত্তাৰ প্রতি আমাৰ নিঃস্বার্থ, দায়িত্বপূর্ণ নিষ্ঠাৰহে অভাৱ ঘটিছে।”

সেই সময়তে পুঁজিবাদী সমাজৰ ৰক্ষণশীল আৰু প্রতিক্রিয়াশীল মহলবোৰে আমেৰিকাত বীভৎস আৰু চাঞ্চল্যকৰ ৰূপ লৈছিল। পুঁজিবাদৰ প্রকৃত সংকটৰপৰা জনসাধাৰণৰ দৃষ্টি অপসাৰণ কৰিবলৈ কৃষ্ণাংগসকলৰ প্রতি নতুন ঘৃণা-বিদ্বেষৰ উদ্গীৰণ আছিল তাৰ লক্ষণ। মাধ্যমসমূহে কৃষ্ণাংগসকলৰ বিৰুদ্ধে ন ন অপপ্রচাৰৰ ধল বোৱাইছিল। স্কটছবৰো নামে এখন ঠাইত কেইজনমান নির্দোষ কৃষ্ণাংগ যুৱকৰ বিৰুদ্ধে নামমাত্ৰ আৰু অনিশ্চিত সাক্ষ্যপ্রমাণৰ ভিত্তিত শ্বেতাংগ মহিলাক ধর্ষণ কৰাৰ অভিযোগ আনি মৃত্যুদণ্ডৰে দণ্ডিত কৰা হৈছিল। ঔপন্যাসিক থিয়ডৰ ৰ’জভেল্টৰ নেতৃত্বত বহু গণতান্ত্রিক লেখক-শিল্পী-বুদ্ধিজীৱীৰদ্বাৰা গঠিত এখন কমিটিয়ে এই অন্যায় দণ্ডাদেশৰ বিৰুদ্ধে প্রতিবাদ কৰিছিল। আইনষ্টাইন সেই কমিটিৰ সদস্য হৈছিল। (সেই সময়ত শ্বেতাংগ সমাজত বর্ণবাদৰ বিৰুদ্ধে আপোচহীন সংগ্রাম চলাই গৈছিল। কৃষ্ণাংগ সংগ্রামীসকলৰ মুখপত্র The Crisis পত্ৰিকাত আইনষ্টাইনে দ্ব্যর্থহীন ভাষাত বর্ণবাদক গৰিহণা দিছিল। আজিৰ তুলনামূলকভাৱে উন্নত পৰিস্থিতিত বিশ্বাস কৰিবলৈ টান হয় যে সেই সময়ত বর্ণবাদ আছিল মার্কিন শাসকমহলৰ বিভাজনৰ ৰাজনীতিৰ প্রধান সঁজুলি। কৃষ্ণাংগসকলৰ অৱস্থা প্রায় ভাৰতৰ অস্পৃশ্যসকলৰ নিচিনাই আছিল‌।)

ত্রিশৰ দশকতে আমেৰিকাত স্থায়ীভাৱে বসবাস কৰিবলৈ ল’বৰ সময়ত ৰুজভেল্টৰ আভ্যন্তৰীণ নীতিৰ জনকল্যাণমুখী চৰিত্ৰই তেওঁক আকর্ষণ কৰিছিল। কিন্তু বৈদেশিক নীতিৰ ক্ষেত্ৰত ৰুজভেল্ট চৰকাৰো আছিল পুঁজিবাদী কূটনীতিৰ অনুগামী। নাৎসি জার্মানিক উদীয়মান ছোভিয়েট ইউনিয়নৰ বিৰুদ্ধে এক প্রবল প্রতিবন্ধকৰূপে গণ্য কৰা ৰুজভেল্ট চৰকাৰৰ মুখপাত্র কর্ডেল হলেও নাৎসি জার্মানিত ইহুদিসকলৰ ওপৰত চলা নির্যাতনৰ খবৰক অতিৰঞ্জিত বুলিবলৈ কুষ্ঠিত হোৱা নাছিল।

স্পেইনৰ গণতান্ত্রিক চৰকাৰক যেতিয়া হিটলাৰ আৰু মুছোলিনিৰ অস্ত্রসাহায্যপুষ্ট ফেছিষ্ট সেনাধ্যক্ষ ফ্রাংকোৱে অপসাৰণ কৰিবলৈ অভিযান চলাই সমগ্র বিশ্বতে তুমুল উত্তেজনা সৃষ্টি কৰিছিল, আৰু গণতন্ত্রবাদী ফেছি-বিৰোধীসকলক স্পেইনৰ গণতান্ত্রিক ছোভিয়েট ইউনিয়নেহে স্পেইনৰ গণতান্ত্রিক চৰকাৰক সহায় কৰিবলৈ আগুৱাই আহিছিল। তেতিয়াও ৰুজভেল্ট চৰকাৰে ‘নিৰপেক্ষ’ অৱস্থান লৈছিল। সম্ভৱতঃ ফ্রাংকোৰ ফেছিবাদী সেনাবাহিনীক মার্কিন তেল কোম্পানিবোৰে বিপুল পৰিমাণৰ তেল যোগান ধৰাৰ বাবেই এনে ‘নিৰপেক্ষতা’ৰ প্রয়োজন হৈছিল।

আনহাতে, আর্নেষ্ট হেমিংৱেই, লেংক্টন হিউজ, হেলেন কেলাৰ, জিন কেলি, ডৰোথি পার্কাৰ, পল ৰবছন আদি লেখক শিল্পী, হেৰল্ড ইউৰি, আর্থাৰ কম্পটন, অপেনহাইমাৰ আদি বিজ্ঞানী আৰু ফ্রেণ্ডজ ব’ৱছ, ৰুথ বেনেডিক্ট আদি সমাজবিজ্ঞানীয়ে স্পেইনৰ গণতান্ত্রিক চৰকাৰৰ প্রতি সমর্থন জনাইছিল। ২৮০০ মার্কিন যুৱকে ফ্রাংকোৰ বিৰুদ্ধে যুদ্ধত স্পেইনৰ গণতান্ত্রিক চৰকাৰৰ সপক্ষে যোগদান কৰিছিল। আইনষ্টাইনে দ্বিধাহীন ভাষাত এই শিবিৰৰ প্রতি সমর্থন জনাইছিল। আনহাতে, মার্কিন সংসদৰ দুখনমান শক্তিশালী কমিটি, ৰোমান কেথলিক চার্চ আদি ফ্রাংকোৰ সমর্থকে আইনষ্টাইনৰ বিৰুদ্ধে তীব্র বিষোদগাৰ কৰিছিল।

১৯৩৯ চনৰ পূর্বে আইনষ্টাইন আছিল শান্তিবাদী (Pacifist)। অর্থাৎ নীতিগতভাৱে যুদ্ধবিৰোধী। কিন্তু এই গভীৰ বিশ্বাসো তেওঁ বর্জন কৰিলে জার্মানিত যুদ্ধবাজ নাৎসি চৰকাৰ ক্ষমতাসীন হোৱাৰ পিছত। তেওঁ জার্মানিৰ আগ্রাসনৰ বলি হ’ব পৰা বেলজিয়াম, ফ্রান্স আদি দেশক সামৰিকভাৱে সুসজ্জিত হ’বলৈ আহ্বান জনালে। পূৰ্বৰ শান্তিবাদী সতীর্থসকলৰ তীব্র প্রতিক্রিয়াৰ প্রত্যুত্তৰ দি তেওঁ বিবৃতি দিলে – হিংসা আৰু নিষ্ঠুৰতাৰ প্রতি ঘৃণাৰ বাবেহে তেওঁ দীর্ঘদিনৰ অৱস্থান সলনি কৰিছিল। ১৯৩৮ চনৰপৰা নাৎসি পাৰ্টিৰ সদস্যবিলাকে দলবদ্ধভাৱে ইহুদী, নাৎসি-বিৰোধী, গণতন্ত্রবাদীসকলৰ বিৰুদ্ধে প্রকাশ্যে ব্যাপক নির্যাতন আৰম্ভ কৰিলে আৰু আৰক্ষী নিষ্ক্রিয়, নিষ্পৃহ হৈ ৰ’ল। বৰং গণতন্ত্রবাদী আৰু নির্যাতিতসকলকহে গ্রেপ্তাৰ কৰিলে। সাম্যবাদীসকলে নাৎসি-বিৰোধী প্রতিবাদ আৰু বিক্ষোভৰ নেতৃত্ব দিছিল। আমেৰিকাতো ৰাষ্ট্রপতি ৰুজভেল্টে পূৰ্বৰ নিৰপেক্ষতাৰ নীতিৰপৰা আঁতৰি অধিক নাৎসি-বিৰোধী অৱস্থান ল’বলৈ ধৰাত আইনষ্টাইন উৎসাহিত হ’ল।

এই সময়তে এনে এক ঘটনা ঘটিল, যি বিশ্বজুৰি ফেছিবাদবিৰোধী শিবিৰত বিৰূপ প্রতিক্রিয়া আৰু বিভাজন সৃষ্টি কৰিলে। বিশ্বক চমকিত কৰি নাৎসি-বিৰোধী স্তালিনে হিটলাৰৰ লগত ‘অনাক্ৰমণ চুক্তি’ (Non-aggression pact) স্বাক্ষৰ কৰিলে, যাক বহুতে নীতিহীন ৰাজনৈতিক কপটালি আৰু অনাচাৰৰ নিদর্শন বুলি ভাবিছিল। সাম্যবাদী আন্দোলনে ইউৰোপত প্রচণ্ড মাৰ খালে। ঘটনাৰ আঁৰৰ কথা বহু পিছতহে উন্মোচিত হৈছিল। স্তালিনে ৰাষ্ট্রদূত লিৎভিনফৰ জৰিয়তে হিটলাৰৰ বিৰুদ্ধে ইংলেণ্ড আৰু ফ্রান্সৰ লগত মিত্ৰতাৰ চুক্তি কৰিবলৈ বহুকাল গোপন আলোচনা কৰি আছিল। কিন্তু ইংলেণ্ড আৰু ফ্রান্সে আশা কৰিছিল নাৎসি জার্মানি আৰু ছোভিয়েট ৰুছিয়াই পৰস্পৰৰ বিৰুদ্ধে যুদ্ধত লিপ্ত হৈ শক্তিক্ষয় কৰক আৰু ইংলেণ্ড আৰু ফ্রান্স সাৰি যাওক। স্তালিনৰ সেই প্রয়াস বিফল হোৱাত ৰুছিয়াক বচাবলৈ স্তালিনে হিটলাৰৰ লগত আক্রমণৰ চুক্তি কৰিলে‌। অৱশ্যে সেই সময়তে ভৱিষ্যতে ছোভিয়েট ৰুছিয়াৰ বিৰুদ্ধে দুর্বাৰ অভিয়ান চলাবলৈ হিটলাৰে "Operation Barbaossa" গুপ্ত নামেৰে বিশদ আঁচনি যুগুতাই ৰাখিছিল। ১৯৪০ চনত আইনষ্টাইনে মার্কিন নাগৰিকত্বৰ বাবে আৱেদন জনালে। কাৰণ হিচাপে মার্কিন গণতন্ত্রত ব্যক্তিৰ ৰাজনৈতিক অধিকাৰ আৰু বৌদ্ধিক অনুসন্ধিৎসাৰ স্বাধীনতাত আস্থা উল্লেখ কৰিছিল। সেই সময়তো মার্কিন গণতন্ত্ৰৰ সীমাবদ্ধতা সম্পর্কে তেওঁ সজাগ আছিল। কিন্তু বিশ্বপৰিস্থিতিয়ে তেওঁক এই অৱস্থান ল’বলৈ বাধ্য কৰিলে।

এফ বি আইৰ সঞ্চালক হুভাৰে ঘাইকৈ নাৎসি সূত্ৰৰপৰা সংগ্ৰহ কৰা বহু তথ্য (প্রায়ভাগেই অপপ্রচাৰ আৰু উপাখ্যান) মজুত কৰি আইনষ্টাইনৰ বিৰুদ্ধে সাম্যবাদী মার্কিন-বিৰোধী বুলি শকত ফাইল প্রস্তুত কৰিছিল। কিন্তু দ্বিতীয় বিশ্বযুদ্ধৰ গতিয়ে তেওঁক এই চক্রান্ত স্থগিত ৰাখিবলৈ বাধ্য কৰিলে। কিন্তু দ্বিতীয় বিশ্বযুদ্ধত জার্মানি পৰাজিত হোৱাৰ পিছত সেইবোৰ তথ্যৰেই তেওঁ পুনৰ আইনষ্টাইনৰ পিছত লাগিল। কাৰণ কোনো ব্যক্তিগত আক্রোশ নাছিল, বৰং আইনষ্টাইনৰ “বিপজ্জনক” মতাদর্শগত অৱস্থানহে আছিল। (হুভাৰৰ প্রধান উৎস আছিল Elizabeth Dilling নামৰ এগৰাকী মহিলাৰ The Red Network (১৯৩৪) নামৰ কিতাপখন। পৰৱৰ্তী কালত মহিলা জার্মান গুপ্তচৰ বুলি চিনাক্ত হৈছিল।) দ্বিতীয় বিশ্বযুদ্ধৰ অৱসানৰ পাছত সকলোৱে আশা কৰিছিল মানৱ জাতিক ছাৰখাৰ কৰি দিয়া এই মর্মান্তিক দুর্যোগৰপৰা শিক্ষা গ্রহণ কৰি সকলোৱে সন্মিলিতভাৱে শান্তি, ন্যায়, সমৃদ্ধিৰ চেষ্টা কৰিব। কিন্তু যুদ্ধ শেষ হোৱাৰ চাৰি মাহৰ পিছত এখন সভাত আইনষ্টাইনে খেদ কৰিলে যে যুদ্ধৰ পিছত বিভিন্ন জাতিৰ মাজত আতংক আৰু অবিশ্বাস বৃদ্ধি পাইছে, কোনো কোনো অঞ্চল সুখ-স্বাচ্ছন্দ্যত বুৰ হৈ থকা অৱস্থাত পৃথিৱীৰ বিশাল অংশজুৰি অভাৱ আৰু ক্ষুধাত জর্জৰিত হৈছে অগণন মানুহ, আৰু ন্যায় আৰু স্বাধীনতা বিচৰা মানুহৰ ওপৰত চলি আছে সেনাৰ গুলীচালনা।

যদিও পাৰমাণৱিক বোমা নির্মাণৰ উদ্যোগৰ অন্তৰালত আইনষ্টাইনে ৰাষ্ট্রপতি ৰুজভেল্টলৈ দিয়া চিঠি এখন আছিল, নিৰীহ নাগৰিকৰ ওপৰত সেই বোমাৰ প্রয়োগ আইনষ্টাইনে বিচৰা নাছিল। তেওঁ ভাবিছিল যে শক্রক পাৰমাণৱিক বোমাৰ ধ্বংসাত্মক ক্ষমতাৰ বিষয়ে পতিয়ন নিয়াবলৈ প্রকাশ্যে নির্জন অঞ্চলত সেই বোমাৰ বিস্ফোৰণ ঘটালেই শক্ৰৱে চেতনা লাভ কৰিব। কাৰণ ইতিমধ্যে কেউফালে পৰাস্ত হৈ জাপান পিছলৈ হটি আহিছিলেই। ১৯৪৫ চনত নাগাছাকি আৰু হিৰোশ্বিমা ভস্মীভূত কৰি ৰাষ্ট্রপতি ট্ৰুমেনে প্রকৃততে ভয় খুৱাবলৈহে বিচাৰিছিল।

পাৰমাণৱিক বোমাৰ ধ্বংসলীলাৰ পিছত সেই বোমা নির্মাণৰ প্রকল্পত জড়িত জে ৰবার্ট অ’পেনহাইমাৰ, লেৱ শ্বিলার্ড, হেৰল্ড ইউৰি আদি প্রসিদ্ধ বিজ্ঞানীয়ে অহৰহ বিবেক দংশনত ভুগিছিল। জন হেৰছিৰ হিৰোশ্বিমা কিতাপখনত পাৰমাণৱিক বোমাই লাখ লাখ মানুহক দিয়া ভয়াৱহ যন্ত্রণাৰ জ্বলন্ত বিৱৰণ প্রকাশ পোৱাত আইনষ্টাইনে তাৰ এহাজাৰ কপি কিনি নিজ খৰচত কেউপিনে বিলাই দিছিল। মানৱ জাতিৰ জীৱন ৰক্ষাৰ বাবে পাৰমাণৱিক অস্ত্ৰৰ গৱেষণা আৰু পৰীক্ষা নিষিদ্ধ কৰা অভিযানত সক্রিয় হৈ পৰিছিল আইনষ্টাইন‌। বিশেষকৈ Bulletin of the Atomic Scientists নামৰ পত্রিকাৰ জৰিয়তে তেওঁৰ পৰামর্শ অনুযায়ী এদল বিজ্ঞানীয়ে বিশ্বশান্তিৰ সপক্ষে আৰু যুদ্ধবিৰোধী মনোভাবৰ পোষকতা কৰি প্রচাৰ চলাইছিল। অথচ সেই সময়তে মার্কিন শাসকমহলে শীতল যুদ্ধৰ আয়োজন কৰি দেশৰ ভিতৰে-বাহিৰে যুদ্ধোন্মাদনা বৃদ্ধি কৰিছিল। আইনষ্টাইনে আনকি ৰুছিয়াৰ লগত পাৰমাণৱিক বিজ্ঞান আৰু প্রযুক্তিৰ মুক্ত বিনিময়ৰ পোষকতা কৰিছিল।

শীতল যুদ্ধৰ উদ্বোধন কৰি মার্কিন মিত্র উইনষ্টন চাৰ্চিলে ৰুছিয়াক লৌহ যৱনিকাৰে আবৃত বিপজ্জনক দেশ বুলি অভিহিত কৰি আমেৰিকাৰ মিছৌৰিত এটা বক্তৃতা দিছিল। বহু গণতান্ত্রিক ব্যক্তিয়ে বক্তৃতাটোৰ প্রতি বিৰূপ প্রতিক্রিয়া প্রকাশ কৰিছিল। আইনষ্টাইনেও ক’লে—“মার্কিন যুক্তৰাষ্ট্র ছোভিয়েট ৰুছিয়াৰ ওচৰত অনন্ত কাললৈ ঋণগ্রস্ত হৈ থাকিব। ফেছিবাদৰ বিৰুদ্ধে যৌথ বিজয়ৰ ক্ষেত্ৰত ছোভিয়েট ৰুছিয়াই আন সকলো দেশতকৈ অধিক মূল্য দিবলগীয়া হৈছে, আৰু সেই ৰুছিয়াৰ লগত অস্ত্রসজ্জাৰ প্রতিযোগিতা চলোৱা নিৰৰ্থক।” উপ-ৰাষ্ট্রপতি ৱলেছে ছোভিয়েট-বিৰোধী নীতিৰ প্রতি মার্কিন চৰকাৰৰ ক্রমবর্ধমান প্রৱণতাৰ সমালোচনা কৰা বাবে তেওঁক বৰ্খাস্ত কৰিলে ট্ৰুমেনে। আইনষ্টাইনকে ধৰি আঠ হাজাৰ ব্যক্তিয়ে ৱলেছক অভিনন্দন জনাইছিল। ফ্রান্স, ইটালি, গ্ৰীচ আৰু চীনত সমাজবাদী বিপ্লৱৰ সম্ভাৱনা মষিমূৰ কৰিবলৈ অজস্র কোটি ডলাৰ আৰু সামৰিক উপদেষ্টা আমেৰিকাৰপৰা পঠোৱা হ’ল। আনহাতে, বিশ্বৰ কেউপিনে উপনিৱেশৰ জনগণৰ মুক্তিসংগ্রামেও মার্কিন শাসকমহলক উদ্বিগ্ন কৰি তুলিলে। কাৰণ খনিজ সম্পদৰ অবাধ একচ্ছত্ৰী দখল সেইবোৰে বিপন্ন কৰিব। সেয়ে আমেৰিকাৰ অভ্যন্তৰত কঠোৰ সাম্যবাদ-বিৰোধী পদক্ষেপ লোৱা হ’ল। মার্কিন সংসদত গৃহীত হ’ল “তাফত-হার্টলি আইন”– যাৰদ্বাৰা শ্রমিক সংঘসমূহত কোনো সাম্যবাদী বিষয়ববীয়া নির্বাচিত হোৱাটো নিষিদ্ধ কৰা হ’ল। ১৯৪৭ চনৰ ২২ মাৰ্চত ট্ৰুমেনে আদেশ দিলে যে যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ কৰ্মচাৰী বা বিষয়াৰূপে নিযুক্ত ব্যক্তি সাম্যবাদী সংসর্গ বা চিন্তাধাৰাৰপৰা মুক্ত হ’ব লাগিব। এনে অনুসন্ধানৰ দায়িত্ব দিয়া হ’ল হুভাৰৰ এফ বি আইক মার্কিন সাম্যবাদী দলৰ বাৰজন বিষয়ববীয়াক কোনো নির্দিষ্ট অভিযোগ নোহোৱাকৈ গ্রেপ্তাৰ কৰা হ’ল। আইনষ্টাইনে তুৰন্তে প্রতিবাদ জনাই ক’লে যে হিটলাৰেও সাম্যবাদীসকলক গ্রেপ্তাৰ আৰু কাৰাৰুদ্ধ কৰি গণতন্ত্ৰৰ ধ্বংসযজ্ঞ আৰম্ভ কৰিছিল।

হুভাৰে ক’লে আমেৰিকাত ৫৪০,০০০ সাম্যবাদী চক্রান্তকৰ আছে‌। LIFE TIME, NEWYORK TIMES  আদিত সাম্যবাদ-বিৰোধী কুৎসা ৰটনা চলিল অজস্র ধাৰে।

সাম্যবাদ-বিৰোধী বিষক্রিয়া ইমান প্রবল হ’ল যে ১৯৪৮ চনত ফৰাচী নোবেল বঁটা বিজয়িনী পদাৰ্থ আমেৰিকালৈ আহোতে বিমান বন্দৰতে তেওঁক গ্রেপ্তাৰ কৰি আবদ্ধ কৰি ৰখা হৈছিল‌। House un-American Activities Committee নামৰ কমিটি গঠন কৰা হ’ল সাম্যবাদৰ প্ৰভাৱ অনুসন্ধান কৰি তাৰ কণকঠীয়া মাৰিবলৈ, বিশেষকৈ ছিনেটৰ মেকার্থিৰ অধ্যক্ষতাত এই কমিটিখনৰ সাম্যবাদ-বিৰোধী অভিযানে দেশজুৰি প্রগতিশীল মহলত ব্যাপক সন্ত্রাসৰ সৃষ্টি কৰিছিল। সাম্যবাদী মহলৰ লগত অতীতত সম্পর্ক থকাৰ দোষত, প্রগতিশীল মতামত পোষণ কৰাৰ দোষত, সাম্যবাদী বন্ধু-বান্ধৱ থকাৰ দোষত বহুতকে কমিটিৰ পৰামর্শ মতে চাকৰিৰপৰা বৰ্খাস্ত কৰা হৈছিল, বহু লেখকৰ কিতাপৰ প্রকাশ বন্ধ কৰি দিয়া হৈছিল, বহু শিল্পীৰ গীত-মাত প্ৰচাৰৰ বাট ৰুদ্ধ কৰি দিয়া হৈছিল। নামজ্বলা শিল্পী, বিজ্ঞানীয়ে চকিদাৰ, ঘৰ ঝাড় দিয়া জেনিটৰ, প্রুফৰিডাৰ, ৱেইটাৰ, কেৰাণী কামত সোমাই ভাত মোকলাবলৈ বাধ্য হৈছিল। পল ছুইজি, পল ৰবছন আদি কেইজনমানেহে উন্নত শিৰে কমিটিৰ প্রশ্নৰ উত্তৰ দিবলৈ অমান্তি হৈছিল। কিছুমানে ভয়ত আতুৰ হৈ আত্মসমৰ্পণ কৰিছিল। সেই ফেছিবাদী শ্বাসৰুদ্ধকৰ পৰিৱেশত আইনষ্টাইন আছিল গণতন্ত্র আৰু বাকস্বাধীনতাৰ সপক্ষে থকা ভৰসাৰ থল। কিন্তু স্থিতপ্রজ্ঞ আইনষ্টাইনেও কাৰবাস খাটিবলগা হ’ব পাৰে বুলি উদ্বেগ অনুভৱ কৰিছিল, তেওঁৰ বন্ধু অটো নাথানৰ মতে। এতিয়া আইনষ্টাইনক ঋষিমুনি বনোৱাসকলে সেই অধ্যায়ত ঢাকোন দি ৰাখে।

ছোভিয়েট ৰুছিয়াই আমেৰিকাৰ বিৰুদ্ধে যিকোনো মুহূর্তত আক্রমণ চলাব পাৰে বুলি ব্যাপক আৰু নিৰন্তৰ প্ৰচাৰ চলোৱাৰ লগে লগে মার্কিন শাসকমহলে ছোভিয়েট ৰুছিয়াক পাৰমাণৱিক বোমাৰ গোপন তথ্য যোগান ধৰা বুলি কেইবাজনো বিজ্ঞানীক অভিযুক্ত কৰিলে। তেওঁলোকৰ কোনো কোনোৱে (যেনে জার্মান বিজ্ঞানী ক্লাউজ ফখছে) গোপন তথ্য সৰবৰাহ কৰাও সঁচা। কিন্তু আমেৰিকাত তেতিয়া প্রবল হৈ উঠা উগ্রজাতীয়তাবাদী ৰুছ-আতংকৰ ফলত তেওঁলোকে ভাবিছিল যে আমেৰিকাইহে পাৰমাণৱিক অস্ত্ৰৰে ৰুছিয়াক আক্রমণ কৰিব। প্রথম পাৰমাণৱিক বোমা নির্মাণত আমেৰিকাই বিপুল অর্থ যোগান ধৰিছিল, কিন্তু প্রকল্পটোত জড়িত হৈছিল বিভিন্ন দেশৰ ফেছিবাদ-বিৰোধী বিজ্ঞানী। তেনে কিছুসংখ্যক লোকে ছোভিয়েট ৰুছিয়াক গোপন তথ্য যোগান ধৰিছিল— কিন্তু অর্থলোভত নহয়, পাৰমাণৱিক শক্তিৰ ওপৰত একচ্ছত্ৰী মার্কিন দখলৰ ওৰ পেলাবলৈহে। সি যি নহওক, এনে দুই-চাৰিজন বিজ্ঞানী সঁচাই-মিছাই অভিযুক্ত হোৱাৰ ফলত দেশজুৰি আতংক আৰু সাম্যবাদ-বিদ্বেষী ঘৃণাৰ সোঁত ব’বলৈ ধৰিলে। প্রমাণ অবিহনেই দৃষ্টান্তমূলকভাৱে জুলিয়ান আৰু এথেল ৰজেনবাৰ্গক ফাঁচি দিয়া হ’ল। এনে সংকটৰ সময়ত মতামতৰ আৰু চিন্তাৰ স্বাধীনতাৰ সপক্ষে উদাত্তকণ্ঠে মাত মাতিছিল আইনষ্টাইনে। প্রগতিশীল মহলৰ ওপৰত ভুৱা অভিযোগ আৰু চক্রান্তৰ বিৰুদ্ধে দেশবাসীক সঘনে সকীয়াই দিছিল। আইনৰ শাসন প্রতিষ্ঠা কৰিবলৈ অক্লান্তভাৱে যুঁজ দিছিল তেওঁ এফ বি আইৰ সঞ্চালক হুভাৰৰ ভাষাত আইনষ্টাইনৰ বাসগৃহ দেশদ্রোহী কমিউনিষ্টৰ যোগাযোগ আৰু আশ্ৰয়ৰ স্থল হৈ পৰিছিল!

একে সময়তে অতিশয় সংকীর্ণ অন্ধ বর্ণবাদ প্রচলন কৰি শাসকমহলে জনগণক আৰু অস্থিৰ তথা বিভ্রান্ত কৰিবলৈ আঁচনি লৈছিল। কাকতে-পত্ৰই হঠাতে কৃষ্ণাংগসকলৰ অপৰাধৰ খবৰ প্ৰচুৰ ওলাবলৈ ধৰিলে। বিপুলসংখ্যক কৃষ্ণাংগ লোকৰ ওপৰত বর্ণবাদী নির্যাতন বৃদ্ধি পাইছিল। বহু নিৰীহ যুৱকক দলবদ্ধভাৱে আটক কৰি আইনবহির্ভূতভাৱে ফাঁচি দিছিল উগ্রবর্ণবাদী জনতাই। সেই বর্ণবাদৰ বিৰুদ্ধেও স্পষ্টভাৱে আৰু সাহসেৰে প্রতিবাদ কৰিছিল আইনষ্টাইনে। পল ৰবছন এইসূত্ৰে তেওঁৰ ঘনিষ্ঠ বন্ধুত পৰিণত হৈছিল।

পূৰ্বৰ আলোচনাৰপৰা স্পষ্ট হয় যে আইনষ্টাইন মতাদর্শৰ পিনৰপৰা পুঁজিবাদৰ ঘোৰ বিৰোধী অথচ আদর্শ মানৱ হ’লেও ছোভিয়েট ৰুছিয়াৰ তৎকালীন সমাজ ব্যৱস্থাক আদর্শ সমাজ বুলি তেওঁ বিশ্বাস কৰা নাছিল। ফেছিবাদৰ বিভীষিকা বিশ্বৰপৰা নির্মূল কৰাত ছোভিয়েট ৰুছিয়াৰ অতুলনীয় অৱদান আৰু সেই ক্ষেত্ৰত ছোভিয়েট জনগণে কৰা অপৰিসীম ত্যাগ মুক্তকণ্ঠে আদৰিলেও আইনষ্টাইনৰ ছোভিয়েট ৰুছিয়াৰ প্রতি যথেষ্ট সংশয় আছিল। ঘাইকৈ চিন্তাৰ স্বাধীনতা দমন কৰাৰ বাবে তেওঁ ব্যৱস্থাটোক সর্বান্তঃকৰণে সমর্থন কৰিব পৰা নাছিল। এইটো কোনো বুৰ্জোৱা ভাব-বিলাস নহয়, বৰং সমাজবাদী বিপ্লৱীসকলৰ বাবেই এক অতি গুৰুত্বপূর্ণ সকীয়নি। মানুহৰ কৌতূহল আৰু অনুসন্ধিৎসা এক ঠেক গণ্ডীৰ মাজত আবদ্ধ ৰখাৰ সকলো প্রয়াসেই মধ্যযুগৰ চাৰ্চ আৰু আধুনিক যুগৰ স্বৈৰতন্ত্ৰৰ অমানুষিক চৰিত্ৰ।

সেয়ে স্তালিনৰ অনুৰোধ সত্ত্বেও তেওঁ ছোভিয়েট ৰুছিয়াত বসবাস কৰিবলৈ নগ’ল। আনহাতে, মার্কিন গণতন্ত্রই সাম্যবাদৰ ভয়ত ক্রমে অধিকতৰ স্বৈৰতন্ত্ৰী ৰূপ ল’বলৈ ধৰাত আইনষ্টাইন বিচলিত হৈছিল আৰু তাৰ বিৰুদ্ধে সংগ্রামত আমৃত্যুকাল নিজকে নিয়োজিত ৰাখিছিল।

যিকোনো ৰঙৰ ফেছিবাদেই স্বদেশত এক আভ্যন্তৰীণ শক্ৰ আৱিষ্কাৰ বা উদ্ভাৱন কৰি জনগণক তাৰ বিৰুদ্ধে প্রৰোচিত কৰে। তদুপৰি সেই শক্ৰক দমন কৰাৰ নামত জনগণৰ মৌলিক নাগৰিক স্বাধীনতা ভালেখিনি হ্রাস কৰে। আমি ইতিপূর্বে দেখিছো, কেনেকৈ সাম্যবাদৰ প্রতি আকৃষ্ট শিল্পী-সাহিত্যিক আৰু বিজ্ঞানীক মার্কিন চৰকাৰ আৰু শাসক শ্রেণীয়ে নিপীড়ন কৰিছিল। সেইসকলৰ নিৰাপত্তা আৰু সুনাম ৰক্ষাৰ বাবে আইনষ্টাইনে ভালেখেনি সময় ব্যয় কৰিছিল। কিন্তু মার্কিন শাসক শ্রেণীৰ হাতত গণতন্ত্রক কূটাঘাত কৰিব পৰা আন এপাত মোক্ষম অস্ত্র আছিল, সেইটো হ’ল বর্ণবৈষম্য। যুগ যুগ ধৰি অকথ্য নির্যাতনৰ বলি হৈ থকা কৃষ্ণাংগসকলৰ প্রতি স্বচ্ছল বুৰ্জোৱা মার্কিন নাগৰিকৰ মনত এনেয়ে কিছু গ্লানিবোধ আৰু বিদ্বেষৰ মিশ্রিত উপাদান আছিল। তেওঁলোকে এপিনে দাসত্ব প্রথাৰ ফলত কেনেকৈ কৃষ্ণাংগসকল দৰিদ্ৰ আৰু পিছপৰা হৈ পৰিছিল, সেই সহজ কথাটো স্বীকাৰ কৰিব খোজা নাছিল। আৰু আনপিনে তেওঁলোকৰ উঠি অহা চামটোৱে শ্বেতাংগসকলৰ সামাজিক প্রতিপত্তিত ব্যাঘাত জন্মাব বুলি শংকিত হৈ আছিল। এই পৰিৱেশত স্বাভাৱিকতে বর্ণবৈষম্যৰ প্ৰাদুৰ্ভাৱ ঘটিছিল। ইহুদীবিলাকৰ বিৰুদ্ধে ইউৰোপত তথাকথিক আৰ্যসকলে চলোৱা অমানুষিক নির্যাতনৰ সাক্ষী আইনষ্টাইনে তথাকথিত ‘স্বাধীনতাৰ দেশ’ (Land of the free) আমেৰিকাতো জনগণৰ একাংশৰ বিৰুদ্ধে প্রভুত্বকামী শ্বেতাংগ চামে একেধৰণৰ মানৱবিদ্বেষী নীতি চলোৱা দেখি মনে মনে সহি থাকিব নোৱাৰিলে। কৃষ্ণাংগসকলৰ আত্মসন্মান আৰু অধিকাৰ ৰক্ষাৰ আন্দোলনত তেওঁ সৰ্বান্তঃকৰণে সমর্থন দিলে। এই সূত্রেই গায়ক পল ৰবছনৰ লগত তেওঁৰ ঘনিষ্ঠ বন্ধুত্ব আছিল। ৰবছন প্রায়ে তেওঁৰ ঘৰত আলহী আছিল, দুয়োৰে আলাপ-আলোচনা একেৰাহে পাঁচ-ছয় ঘণ্টা পর্যন্ত চলিছিল।

সেই সময়লৈকে আমেৰিকাত Lynching বুলি এটা বর্বৰোচিত প্রথা প্রচলিত আছিল। শ্বেতাংগ জাতিক অপমান কৰা তথা শ্বেতাংগ নাৰীক অশালীন আচৰণ কৰা কৃষ্ণাংগ লোকক বিনা বিচাৰে দলে দলে শ্বেতাংগ লোক গৈ ওচৰৰে গছৰ ডালত ফাঁচি দি হত্যা কৰিছিল। বহু সময়ত এনে অভিযোগবিলাক আছিল মনেসজা। আনকি কামনাসক্ত শ্বেতাংগ নাৰীয়ে কোনো কৃষ্ণাংগ লোকৰ ওচৰত দৈহিক সংগমৰ ইচ্ছা প্রকাশ কৰি বিফল মনোৰথ হ’লে বেচৰা কৃষ্ণাংগজনকে ধৰ্ষণৰ চেষ্টা কৰা বুলি অভিযোগ কৰিছিল। কেতিয়াবা আকৌ কোনো কৃষ্ণাংগ যুৱকে সামান্য বৌদ্ধিক প্রতিভা বা ব্যৱসায়-বুদ্ধি প্রদর্শন কৰিলেও তেওঁৰ বিৰুদ্ধে মিছা অভিযোগ আনি Lynch কৰি তেওঁক প্রতিযোগিতাৰ মঞ্চৰপৰা আঁতৰাই দিয়া হৈছিল। ১৯৪৪ চনৰ ২৬ জুলাইত বিশজন শ্বেতাংগ লোকে জর্জিয়া ৰাজ্যত দুটা কৃষ্ণাংগ দম্পতীক কোনো জগৰ নোহোৱাকৈ গুলীয়াই হত্যা কৰিছিল। দুয়োটা দম্পতীৰ আত্মীয়-কুটুম্ব আৰু বন্ধু-বান্ধৱে তেওঁলোকৰ সৎকাৰ কাৰ্যতো যোগ দিবলৈ ভয় কৰিছিল। আদালতৰ পৰিবৰ্ধিত জুৰিয়ে (Grand Jury) ১০৬জন সাক্ষীক পৰীক্ষা কৰি উক্ত ২০জন হত্যাকাৰীক নির্দোষী বুলি ৰায় দিছিল। Lynching প্রথাৰ বিৰুদ্ধে আন্দোলন চলাবলৈ পল ৰবছনে এখন সমিতি গঠন কৰি আইনষ্টাইনক তাৰ সহ অধ্যক্ষ পাতিছিল। আইনষ্টাইনে নিজে কাম কৰা ঠাই বিখ্যাত প্রিন্সটন বিশ্ববিদ্যালয়ত কৃষ্ণাংগ ছাত্ৰৰ নামভর্তি অনানুষ্ঠানিকভাৱেই নিষিদ্ধ আছিল, আৰু Princeton Herald নামৰ স্থানীয় কাগজখনে মন্তব্য কৰিছিল নৈতিকভাৱে কৃষ্ণাংগ ছাত্ৰৰ নামভর্তি যুক্তিযুক্ত হ’লেও সামাজিকভাৱে কথাটো আপত্তিজনক। আইনষ্টাইনে প্রিন্সটনৰ কেউফালে নিযুক্তিৰ ক্ষেত্রত বর্ণবৈষম্যৰ প্ৰচুৰ প্রমাণ নিজ চকুৰে দেখিছিল। মার্কিন ৰাষ্ট্ৰৰ নিৰাপত্তাৰ হকে নিয়োজিত F B I কৃষ্ণাংগসকলৰ সম অধিকাৰৰ আন্দোলন প্রতি অতিশয় বিৰূপ ভাবাপন্ন আছিল। মহান কৃষ্ণাংগ গায়িকা মেৰিয়ান এণ্ডাৰছনে সংগীত পৰিৱেশন কৰি প্রিন্সটনৰ শ্বেতাংগ সংগীত ৰসিকসকলক মন্ত্রমুগ্ধ কৰিছিল। কিন্তু ৰাতিটো কটাবলৈ প্রিন্সটনৰ কোনো হোটেলত ঠাই পোৱা নাছিল। পল ৰবছনে গঠন কৰা সমিতিয়ে ৱাশ্বিংটনত বিশাল জন সমাৱেশ পাতি Lynching বন্ধ কৰিবৰ কাৰণে স্মাৰক-পত্রসহ এটা সঁজাতী দলক ৰাষ্ট্রপতি ট্ৰুমেনৰ ওচৰলৈ পঠাইছিল। ৰাষ্ট্রপতিজনে সঁজাতী দলে এনে আচৰণৰ পৰিণতি ভয়াৱহ হ’ব বুলি কোৱা কথাটোকে ভাবুকি বুলি অজুহাত দেখুৱাই সেই সাক্ষাৎ আধাতে বন্ধ কৰি দিয়ে। কোৱা বাহুল্য যে এফ বি আয়ে মার্কিন লুথাৰ কিং প্রমুখ্যে কৃষ্ণাংগসকলৰ সম অধিকাৰ বিচাৰি আন্দোলন কৰা নেতাসকলৰ বিৰুদ্ধেও সক্রিয় চক্রান্তত লিপ্ত হৈছিল, আৰু মার্কিন সমাজৰ বাবে সাম্যবাদ আৰু কৃষ্ণাংগৰ সম অধিকাৰৰ দাবী দুয়োটাকে মার্কিন গণতন্ত্ৰৰ প্রতি বিপদজনক বুলি ধাৰণা কৰি নানা নিষেধাজ্ঞা আৰু ক’লা আইনৰ জৰিয়তে এক অত্যন্ত অগণতান্ত্রিক ৰাজনৈতিক পৰিৱেশৰ জন্ম দিছিল। বিখ্যাত লেখক টমাছ মান, এৰিখ মাৰিয়া ৰেমার্কে আৰু স্বনামধন্য বিজ্ঞানী কুৰ্ত্ত গয়ডেল, ৱিক্তৰ ভাইছকফ আদিৰ ওপৰত চৰকাৰী গুপ্তচৰে নজৰ ৰাখিছিল। ১৯৪৮ চনৰ জুলাই মাহত পোলেণ্ডৰ ৰাষ্ট্রদূতক আইনষ্টাইনে কৈছিল— “মই ভাবোঁ আপুনি বুজি পাইছে যে মার্কিন ৰাষ্ট্র এতিয়া আৰু এখন মুক্ত ৰাষ্ট্র হৈ থকা নাই, আৰু আমাৰ মাজত হোৱা আলাপ-আলোচনা গোপনে ৰেকর্ড কৰা হৈছে, আৰু মোৰ কোঠাটোতে ধৰিব নোৱৰাকৈ ক্ষুদ্র মাইক্ৰ’ফোন লগোৱা হৈছে।”

বহু গৱেষকৰ মতে আমেৰিকাত ৰাষ্ট্রপতি ট্ৰুমেনৰ উপস্থিতিত ব্রিটিছ প্রধান মন্ত্রী উইনষ্টন চাৰ্চিলে ছোভিয়েট ৰুছিয়াক ‘লৌহ যৱনিকা’ৰে অৱৰুদ্ধ দেশ বুলি অভিহিত কৰি সেই দেশ স্বাধীনতা আৰু গণতন্ত্ৰৰ শত্রু বুলি অভিযোগ কৰিছিল। সেই বক্তৃতাই আছিল তথাকথিত শীতল যুদ্ধৰ প্রথম সংকেত। তেতিয়াৰেপৰা ছোভিয়েট ৰুছিয়াৰ বিৰুদ্ধে প্রবল অস্ত্রসজ্জা, সমগ্র বিশ্বত ৰুছবিৰোধী প্ৰচাৰ অভিযান আৰু চক্রান্ত আৰু আমেৰিকাৰ ভিতৰত নাগৰিক অধিকাৰৰ ওপৰত নানা ধৰণৰ বাধা-নিষেধ একেলগে আৰম্ভ কৰা হৈছিল। বহু বিখ্যাত গণতন্ত্রপ্রিয় লোকে চাৰ্চিলৰ এই বক্তৃতাক গৰিহণা দিছিল। আইনষ্টাইনে লিখিছিল যে ফেছিজমৰ বিভীষিকাৰ বিৰুদ্ধে আমেৰিকাৰ জয়লাভত ছোভিয়েট ৰুছিয়াৰ অৱদান আছিল অতুলনীয়। ফেছিবাদ দমনৰ বাবে অপৰিসীম ত্যাগ স্বীকাৰ কৰা ছোভিয়েট ৰুছিয়াৰ বিৰুদ্ধে যুদ্ধৰ প্রস্তুতি চলোৱাটো আছিল অক্ষমনীয়। কিন্তু ৰাষ্ট্ৰ আৰু শাসক শ্রেণীৰ অনর্গল আৰু ব্যাপক প্রচাৰৰ ফলত সর্বসাধাৰণ মার্কিন ৰাইজো কমিউনিষ্ট-ভীতিত আক্রান্ত হৈছিল। সেই সময়তে চীনত সাম্যবাদীসকলৰ বিজয়, পূর্ব ইউৰোপত কেইবাখনো সমাজবাদী চৰকাৰ গঠন আৰু এছিয়া আৰু আফ্ৰিকাত ঔপনিৱেশিকতা-বিৰোধী মুক্তিযুদ্ধৰ প্রসাৰে মার্কিন শাসক শ্রেণীক আতংকিত কৰিছিল; আৰু এই সকলোবোৰকে ছোভিয়েট ৰুছিয়াৰ বিশ্বব্যাপী চক্রান্তৰ ফল বুলি প্ৰচাৰ কৰা হৈছিল। ফ্রান্সত সেই সময়ত লাখ লাখ মানুহ সাম্যবাদৰ সমর্থক আছিল। কিন্তু সাম্যবাদ, সাম্যবাদী সংগঠনক নিষিদ্ধ কৰা হোৱা নাছিল। কিন্তু আমেৰিকাত কোনো সাম্যবাদীয়ে নিযুক্তি পোৱাতো সম্ভৱ নাছিলেই, শ্রমিক সংগঠনতো সাম্যবাদী নেতাই নেতৃত্ব দিয়াটো নিষিদ্ধ কৰা হৈছিল। ১৯৪৯ চনৰ বসন্তকালত দেশ-বিদেশৰ ৫৫০জন শিল্পী, লেখক আৰু বিজ্ঞানীক লৈ অধিৱেশন পতা হৈছিল আৰু তাত শীতল যুদ্ধৰ ঠাইত ছোভিয়েট ৰুছিয়াৰ লগত আলাপ-আলোচনাৰ জৰিয়তে বিবাদৰ নিষ্পত্তি কৰিবলৈ আৱেদন জনোৱা হৈছিল। এই আৱেদনত টমাছ মান আৰু আইনষ্টাইন আছিল স্বাক্ষৰকাৰী। কিন্তু সেই সময়তে ‘লাইফ’, ‘টাইম' আদি বহু প্রচাৰিত আলোচনীয়ে সেই সন্মিলনত যোগ দিয়াসকলক কমিউনিষ্টৰ সহযাত্ৰী আৰু দালাল বুলি অভিহিত কৰিছিল। তাৰ পাঁচ বছৰমানৰ ভিতৰতে নিউয়র্ক টাইমছ, ৱাশ্বিংটন পোষ্ট আদি নিৰপেক্ষ বুলি জনাজাত বাতৰিকাকততে সাম্যবাদীসকলৰ বিৰুদ্ধে তীব্র বিষোদগাৰ আৰম্ভ হৈছিল। অৱশ্যে সেই সময়ত আটাইতকৈ ভয়ংকৰ প্রতিষ্ঠান আছিল ছিনেটৰ মেকার্থিৰ নেতৃত্বত চলা আমেৰিকা-বিৰোধী কার্য-কলাপ নিৰীক্ষণ কৰা সংসদীয় কমিটি (House Un-American Activities Committee, চুটিকৈ HUAC) ‌।

এই কমিটিয়ে আমেৰিকাৰ ইমূৰৰপৰা সিমূৰলৈ চৰকাৰী খা-খৰচত ভ্রমণ কৰি শই শই চৰকাৰী বিভাগীয় কার্যালয়, বিশ্ববিদ্যালয় আদিৰ বিষয়া-কর্মচাৰীক জেৰা কৰি সাম্প্রতিক কালত বা অতীতত সাম্যবাদী দল আৰু সংগঠনৰ লগত কিবা যোগাযোগ আছিল নেকি উলিয়াবলৈ চেষ্টা কৰে। সাম্যবাদী দল বা সংগঠনৰ লগত সামান্য সম্পর্ককে আমেৰিকা-বিৰোধী বুলি অভিহিত কৰি দণ্ড বিধান কৰা হৈছিল। বহু হাজাৰ বিষয়া-কর্মচাৰী নিপীড়িত হয় আৰু চাকৰিৰপৰা বখাস্ত হয়। আনকি হলীউডলৈ গৈ তাৰো চিত্ৰতাৰকাসকলৰ ওপৰত মানসিক নির্যাতন চলাইছিল। চৰকাৰী বিষয়াৰ কথা বাদেই, অসংখ্য প্রগতিশীল আৰু উদাৰমনা শিল্পীৰ জীৱিকা উপাৰ্জনৰ বাট বন্ধ কৰি দিয়া হৈছিল। এই কালছোৱাত কিছুমানে যদি প্রখৰ বিবেক-বুদ্ধি আৰু অদম্য সৎ সাহসৰ পৰিচয় দিছিল, সেইদৰে কিছুমান কাপুৰুষে নিজৰ ছাল বচাবলৈ বন্ধু-বান্ধৱৰ বিৰুদ্ধে সাক্ষ্য দি যাউতিযুগীয়া অপযশ অর্জন কৰিছিল। বিখ্যাত চিত্ৰ পৰিচালক এলিয়া কাজানক জীৱনজোৰা কৃতিৰ বাবে একাডেমি এৱার্ড দিয়া অনুষ্ঠানটো এইবাবেই হলিউডৰ বহু শিল্পীয়ে বর্জন কৰিছিল ঘটনাৰ আধা শতিকাৰ পিছতো। এই সময়ছোৱাত আইনষ্টাইনে দৃঢ়তা আৰু সাহসেৰে এনেদৰে নির্যাতিত হোৱাসকলৰ সপক্ষে থিয় দিছিল আৰু ৰাষ্ট্ৰীয় নির্যাতনৰ বিৰুদ্ধে প্রচাৰ চলাইছিল। ১৯৫৩ চনত এটা বিবৃতিযোগে সকলো বুদ্ধিজীৱী, শিল্পী, সাহিত্যিকক HUACৰ লগত অসহযোগ কৰিবলৈ তেওঁ আহ্বান দিছিল আৰু প্রয়োজন হ’লে জে’ললৈ যাবলৈকেও সাজু থাকিবলৈ কৈছিল। তেওঁৰ এইধৰণৰ কাৰ্যকলাপ আৱেগিক তথা চিন্তাহীন নাছিল। বহু ভাবি-চিন্তিহে, সকলো দিশ বিচাৰ কৰিহে তেওঁ তেনে কাৰ্য-কলাপত জড়িত হৈছিল। তেওঁ কৈছিল যে আমেৰিকাৰ দেহত বাহিৰৰ মাৰাত্মক বীজাণু প্রৱেশ কৰা বুলি চলোৱা চৰকাৰী প্রচাৰ আচলতে শাসকমহলৰ এটা কূট-কৌশল আৰু সাহসেৰে গণতন্ত্ৰ ৰক্ষাৰ সংগ্রামত সকলোৱে যোগ নিদিলে আমেৰিকা নিজেই ফেছিবাদৰ গৰাহত পৰিব। তেওঁ আৰু কৈছিল যে এই সময়ত নীৰৱতা হ’ব ৰাষ্ট্রসন্ত্রাসৰ প্রতি সমর্থন আৰু সেয়ে তেওঁ এইবোৰ কাণ্ড-কাৰখানাৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে। মৃত্যুৰ ডেৰ মাহ আগতে তেওঁ এনে এজন নির্যাতিতলৈ লিখা চিঠিত সন্তোষ প্রকাশ কৰিছিল যে “এইধৰণৰ নিৰ্বোধ অত্যাচাৰৰ বিৰুদ্ধে ধীৰে ধীৰে প্ৰতিৰোধ অভিযানে গঢ় লৈছে।” কোনে জানে, এদিন হয়তো মানুহৰ ইতিহাসত আইনষ্টাইনৰ এই ভূমিকা তেওঁৰ যুগান্তকাৰী বৈজ্ঞানিক তত্ত্বসমূহৰ দৰে মানৱীয় সভ্যতাৰ প্রতি সমানেই অবিস্মৰণীয় অৱদান বুলি স্বীকৃত হ’ব!

("নতুন পদাতিক"ত ধাৰাবাহিকভাৱে প্ৰকাশিত)

Share Button
Print Friendly, PDF & Email