অতিথি সম্পাদকৰ চ'ৰাপঞ্চম বছৰপঞ্চম বছৰ(পঞ্চম সংখ্যা)

জেনেটিক ইঞ্জিনিয়াৰিং আৰু বিৱৰ্তনবাদ-(ড° বিজিত তালুকদাৰ)

বিগত কেইটামান দশকত জেনেটিক বিদ্যাৰ চমকপ্ৰদ বিকাশে মানৱ সভ্যতাৰ গতি সলনি কৰি দিয়াৰ পূৰ্ণ সম্ভাৱনা বহন কৰিছে৷ কিন্তু এই সম্ভাৱনাৰ আঁৰত যথেষ্ট শংকাও লুকাই থাকিব পাৰে বুলি বিভিন্ন বিজ্ঞানীয়ে মত পোষণ কৰিছে৷ নোবেল বঁটা বিজয়ী ভাৰতীয় বংশোদ্ভৱ বৃটিছ-আমেৰিকান বিজ্ঞানী ভেংকটৰমন “ভেংকি” ৰামকৃষ্ণণে জেনেটিক বিদ্যাৰ ওপৰত মানুহৰ নিয়ন্ত্ৰণক লৈ যথেষ্ট শংকা প্ৰকাশ কৰি আহিছে৷ বৰ্তমান লণ্ডনস্থিত ৰয়েল ছ’চাইটিৰ অধ্যক্ষৰূপে কাৰ্যনিৰ্বাহ কৰি থকা এইজন প্ৰসিদ্ধ বিজ্ঞানীৰ মতে জেনেটিক বিদ্যাৰ বহুল প্ৰয়োগ কৰাৰ পূৰ্বে এই পদ্ধতিৰ ব্যৱহাৰযোগ্যতাক লৈ বিজ্ঞানী মহলত যথেষ্ট পৰিমাণে আলোচনা-বিলোচনাৰ প্ৰয়োজন আছে৷ যিহেতু পৃথিৱীৰ উন্নত আৰু উন্নয়ণশীল দেশবোৰৰ জনসাধাৰণৰ সমস্যাৰ গভীৰতা আৰু বিস্তাৰ একে নহয়, সেয়েহে জেনেটিক বিদ্যাৰ সকলো দিশ সামৰি চোৱাৰ প্ৰয়োজন আছে৷
 
অৱশ্যে জেনেটিক বিদ্যাৰ ফলত বৰ্তমানলৈ মানৱ সমাজে যিবোৰ সুফল লাভ কৰি আহিছে তাৰ পৰিপ্ৰেক্ষিতত ইয়াক সম্পূৰ্ণৰূপে বাদ দিয়াটো সম্ভৱো নহয় আৰু সেয়া উচিতো নহয়৷ কাৰণ প্ৰধানকৈ খাদ্য সংকটৰ দৰে সমস্যাত পৰি পৃথিৱীৰ বহু অনুন্নত দেশ উপায়হীন হৈ পৰিছে, তেনে দেশবিলাকত অতি কম সময়তে প্ৰচুৰ পৰিমাণে নিৰোগী শস্য উৎপাদন কৰাৰ বাবে জেনেটিক বিদ্যাৰ প্ৰয়োগৰ বাহিৰে অন্য বিকল্প কাৰো হাতত নাই৷ ইয়াতে এটা কথা উল্লেখ কৰিব পাৰি যে ২০১৬ চনত Greenpeace International নামৰ আন্তৰ্জাতিক সংস্থা এটাই জেনেটিক বিদ্যাৰে পৰিৱৰ্তন কৰা জীৱ (GMOs- Genetically Modified Organisms)ৰ বিপক্ষে এক বিশ্বব্যাপী কাৰ্যসূচী হাতত লৈছিল৷ এই সংস্থাটোৰ মতে GMOৰ ব্যৱসায়িক উৎপাদন আৰু ব্যৱহাৰৰ যথেষ্ট ঋণাত্মক দিশ আছে আৰু প্ৰকৃতিৰ ওপৰত ইয়াৰ অকল্পনীয় কুপ্ৰভাৱ পৰিব পাৰে৷ এই সংস্থাটোৱে golden rice (সোনালী ধান) নামৰ এবিধ নতুন হাইব্ৰিড ধানৰ বিপক্ষে জনজাগৰণৰ সৃষ্টি কৰিছিল৷ প্ৰকৃততে অনুন্নত আৰু উন্নয়ণশীল দেশবোৰত ভিটামিন-Aৰ অভাৱত বহুতো শিশুৰ দৃষ্টিহীনতাৰ দৰে সমস্যা দেখা দিয়ে আৰু বহুক্ষেত্ৰত শিশুৰ মৃত্যুও ঘটে৷ Golden rice নামৰ ধানবিধ প্ৰধানকৈ এই ভিটামিন-Aৰ অভাৱ দূৰ কৰিবলৈ প্ৰস্তুত কৰা হৈছিল৷ Greenpeace Internationalৰ এই পদক্ষেপত বিৰুদ্ধে বিশ্বৰ শতাধিক নোবেল বঁটা বিজয়ী বিজ্ঞানীয়ে আন এক কাৰ্যসূচী গ্ৰহণ কৰিছিল য’ত তেওঁলোকে দাবী কৰিছিল যে এনেধৰণৰ জেনেটিক বিদ্যাৰে পৰিৱৰ্তন কৰা শস্য মুঠেই অপকাৰী নহয়, বৰঞ্চ বিভিন্ন বেমাৰ-আজাৰৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাকে ধৰি খাদ্যসংকট দূৰ কৰাৰ দৰে বহু সমস্যাৰ ই দ্ৰুত সমাধান কৰি মানৱজাতিলৈ প্ৰচুৰ সহায়হে আগবঢ়াব৷
 
দৰাচলতে জেনেটিক বিদ্যা কি? জেনেটিক বিদ্যা (জেনেটিক ইঞ্জিনিয়াৰীং) হ’ল জীৱ-প্ৰযুক্তিবিদ্যাৰ এনে এক আহিলা যাৰ জৰিয়তে জিনীয় স্তৰত কিছু সালসলনি ঘটাই জীৱৰ চৰিত্ৰগত পৰিৱৰ্তন সাধন কৰিব পাৰি৷ যিহেতু জীৱদেহত নিৰ্দিষ্ট জিনে নিৰ্দিষ্ট কোনো চৰিত্ৰক প্ৰতিনিধিত্ব কৰে, গতিকে ডিএনএৰ ক্ৰমৰ পৰিৱৰ্তন কৰি জিনৰ পৰিৱৰ্তন কৰিব পৰা যায়৷
 
কিন্তু এইখিনিতে এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হয়৷ জেনেটিক বিদ্যাৰ এনে পৰিৱৰ্তন কিমানদূৰ গ্ৰহণযোগ্য? কাৰণ ই জীৱজগতৰ স্বাভাৱিক বিৱৰ্তন (evolution)ত হস্তক্ষেপ কৰিব আৰু ইয়াৰ ফলাফল ভয়াৱহ হোৱাৰ শংকা থাকে৷ উদাহৰণস্বৰূপে প্ৰফেচৰ এণ্ড্ৰিয়া ক্ৰিচান্টি আৰু তেওঁৰ সহযোগীসকলে মেলেৰীয়া ৰোগ সৃষ্টিকাৰী এন’ফেলিচ মহ (Anopheles gambiae)ৰ ওপৰত গৱেষণা কৰি পাইছিল যে যদি এই মহবিধৰ জিনীয় পৰিৱৰ্তন কৰা যায় তেন্তে ৭ৰ পৰা ১১টা বংশক্ৰমৰ পিছত এই মহবিধৰ বংশবৃদ্ধি বাধাপ্ৰাপ্ত হৈ পৃথিৱীৰ পৰাই ই নাইকীয়া হৈ যাব৷ ফলত মেলেৰীয়া বেমাৰবিধো নাইকীয়া হৈ পৰিব আৰু প্ৰতিবছৰে লাখ লাখ মানুহ এই বেমাৰত মৃত্যুমুখত পৰাৰ পৰা ৰক্ষা পৰিব৷ কিন্তু প্ৰফেচৰ এণ্ড্ৰিয়া ক্ৰিচান্টিৰ এই গৱেষণাক তীব্ৰ সমালোচনা কৰি এচাম বিজ্ঞানীয়ে দাবী কৰিছে যে এনে গৱেষণাক বাস্তৱায়িত কৰাটো অত্যন্ত ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে কাৰণ সাধাৰণ মহ হ’লেও ই জীৱজগতৰ এক অংশ৷ খাদ্য শৃংখলত ইয়াৰ এক ভূমিকা আছে৷ এই মহবিধ সমূলঞ্চে নাইকীয়া হৈ পৰিলে খাদ্য শৃংখলেই বিনষ্ট হৈ যাব পাৰে আৰু কিবা অবাঞ্ছিত পৰিস্থিতিৰ সৃষ্টি হ’লে পূৰ্বৰ পৰিৱেশ ঘূৰাই অনাৰ কোনো উপায় নাথাকিব৷
 
কিন্তু বিৱৰ্তনবিদ্যাৰ ওপৰত জেনেটিক বিদ্যাৰ প্ৰভাৱ সামান্য আৰু স্বাভাৱিক বুলিহে বহুতে  বিশ্বাস কৰে৷ ডাৰউইনে তেওঁৰ গ্ৰন্থ On the origin of the speciesত উল্লেখ কৰিছিল যে বিৱৰ্তন এক স্বাভাৱিক প্ৰক্ৰিয়া৷ প্ৰকৃতিয়ে নানা উপায়ে বিৱৰ্তনৰ বাট উলিয়াই লয়৷ তদুপৰি কোনো বিৱৰ্তনেই স্থায়ী নহয়৷ ভাল বেয়া সকলো বিৱৰ্তনেই ভৱিষ্যতে আন ৰূপলৈ পৰিৱৰ্তন হয়৷ জেনেটিক বিদ্যাৰ দ্বাৰা মানুহে জিনৰ পৰিৱৰ্তন কৰি বিৱৰ্তন প্ৰক্ৰিয়াত হস্তক্ষেপ কৰিলেও এই বিৱৰ্তনে আন কিছু বিৱৰ্তনৰ বাট মুকলি কৰি দিব৷ যিহেতু বৰ্তমান সময়ত নানা ৰোগ-ব্যাধি সৃষ্টি কৰা অণুজীৱ-ভাইৰাছ আদিৰো উৎপৰিৱৰ্তন ঘটিছে সেয়েহে মানৱ সমাজে যদি জেনেটিক বিদ্যাৰ সহায়ত ক্ষতিকাৰক জিনসমূহৰ ওপৰত নিয়ন্ত্ৰণ নানে তেন্তে মানৱ সভ্যতাই অদূৰ ভৱিষ্যতে ঘোৰ অন্ধকাৰৰ সন্মুখীন হ’ব৷ মানুহে নানা প্ৰযুক্তিবিদ্যা-আহিলা আদিৰ সহযোগত বিগত কেইবাটাও শতিকাৰ তুলনাত এক উন্নততৰ সভ্যতা গঢ়ি তুলিছে৷ ফলত মানুহৰ জীৱনধাৰণৰ মানদণ্ডৰ ওপৰতো নানা প্ৰভাৱ পৰিছে৷ এনে প্ৰেক্ষাপতত মানৱদেহত যি হাৰত জিনীয় পৰিৱৰ্তনৰ প্ৰয়োজন হৈ পৰিছে তাক স্বাভাৱিক বিৱৰ্তন প্ৰক্ৰিয়াৰে অনাটো সম্ভৱ নহয়, কাৰণ প্ৰাকৃতিক বিৱৰ্তন প্ৰক্ৰিয়াটো অতি লেহেমীয়া৷ তদুপৰি মানুহৰ প্ৰয়োজনীয় বিভিন্ন ভেকচিন ঔষধ আদিৰ নিৰ্মাণত জেনেটিক বিদ্যাই যিদৰে সহায় কৰি আছে সেইখিনি বাদ দি আজিৰ জীৱনযাত্ৰা চলিবই নোৱাৰি৷ এনে প্ৰেক্ষাপটত বিৱৰ্তন বিদ্যাৰ দিশসমূহ নিশ্চয় প্ৰাসংগিক হ’ব৷
 
মানৱ সমাজৰ ওপৰত জেনেটিক বিদ্যাৰ সফল প্ৰয়োগৰ বিভিন্ন দিশ দেখিবলৈ পোৱা যায়৷ শস্যৰ উৎপাদনৰ ওপৰত জেনেটিক বিদ্যাই বহু পৰিৱৰ্তন আনিছে৷ ৰোগ প্ৰতিৰোধী, কীটনাশক প্ৰতিৰোধী, ভাইৰাছ প্ৰতিৰোধী, অধিক খাদ্যপ্ৰাণযুক্ত, নানা পৰিৱেশৰ সৈতে খাপ খাব পৰা শস্যৰ উৎপাদনে মানৱজাতিলৈ নানা সুফল কঢ়িয়াই আনিছে৷ তেনেকৈ হৰমন, এন্টিবডি আদিৰ উৎপাদনেৰে চিকিৎসা বিজ্ঞানলৈ ই নানা সম্ভাৱনা কঢ়িয়াই আনিছে৷ স্মৰ্তব্য যে জেনেটিক বিদ্যাৰেই অন্তৰ্গত ক্লনিং পদ্ধতিৰে ডলি নামৰ এটা ভেৰাৰ জন্ম দিয়া হৈছিল৷ এই ঘটনাটোৱে বিশ্বজুৰি তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল কাৰণ এনে প্ৰক্ৰিয়াই জীৱৰ স্বাভাৱিক বংশগতি প্ৰক্ৰিয়াত নেতিবাচক প্ৰভাৱ পেলাব বুলি আশংকা কৰা হৈছিল৷ ডলি নামৰ সেই ভেৰাটো স্বাভাৱিক ভেৰাতকৈ কমদিন জীয়াই আছিল আৰু এই কথাটোৱেও ক্লনিং পদ্ধতিৰ সফলতাৰ ওপৰত কেতবোৰ প্ৰশ্নবোধক চিন আনি দিছিল৷ কিন্তু ডলি বা ক্লনিঙৰ সপক্ষে থকা বিজ্ঞানীসকলে আত্মপক্ষ সমৰ্থনত যুক্তি আগবঢ়াইছিল যে কেৱল এটা বা দুটা পৰীক্ষণতে ক্লনিঙৰ সফলতা-বিফলতা দাবী কৰাটো অনুচিত৷ মানৱ সভ্যতাৰ বহু যুগান্তকাৰী পদ্ধতিয়েই আৰম্ভণিৰ সময়ত যথেষ্ট বিসংগতিপূৰ্ণ আছিল তথা সেইবোৰ বেছি সম্ভাৱনাপূৰ্ণ যেন দেখা নগৈছিল৷ কিন্তু পৰৱৰ্তী সময়ত তেনে পদ্ধতিবোৰৰ ক্ৰমাগত বিকাশ ঘটি মানৱসমাজলৈ প্ৰচুৰ অৱদান আগবঢ়াইছে৷ গতিকে জেনেটিক বিদ্যাৰো এনেবোৰ দিশত প্ৰচুৰ গৱেষণাৰ অৱকাশ নিশ্চয় আছে৷

শস্য আৰু জীৱজন্তুৰ ক্ষেত্ৰত জেনেটিক বিদ্যাৰ দ্বাৰা কৰা পৰিৱৰ্তনৰ এক প্ৰধান আহিলা হ’ল selective breeding। কিন্তু এই আহিলাৰ এক নেতিবাচক দিশ আছে৷ সেয়া হ’ল যে selective breedingত বিজ্ঞানীসকলে মানুহৰ বাবে উপযোগী চৰিত্ৰকেইটাহে বাছি লয়৷ ইয়াৰ বিপৰীতে স্বাভাৱিক বংশবৃদ্ধিত প্ৰকৃতিয়ে ভাল বেয়া সকলো চৰিত্ৰৰ মাজত সমানে বিস্তাৰ ঘটায়৷ সেইসূত্ৰে selective breedingৰ দ্বাৰা সৃষ্ট জীৱজন্তুত জিনীয় আৰু চৰিত্ৰগত ভিন্নতা অতি কমকৈ থাকে৷ এনে ভিন্নতাৰ অভাৱে বিৱৰ্তনত বিৰূপ প্ৰভাৱ পেলাব পাৰে৷

অৱশ্যে জেনেটিক বিদ্যাৰ আন কেতবোৰ আহিলাৰ প্ৰভাৱ কেৱল নিৰ্দিষ্ট একোটা প্ৰাণীতেই সীমাবদ্ধ হৈ থাকে৷ ই বংশানুক্ৰমে বিয়পি নাযায়৷ গতিকে এনেবোৰ আহিলাৰ প্ৰয়োগে সেই নিৰ্দিষ্ট জীৱবিধৰ ওপৰত অত্যাধিক প্ৰভাৱ পেলালেও ই বিৱৰ্তনত কোনো প্ৰভাৱ নেপেলায়৷

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *