এজন অসমীয়া কৃষকৰ আত্মহত্যা - ( ত্রিদীৱ নীলিম দত্ত)

কিছুদিনৰপৰা মৰিগাঁৱৰ বৃহত্তৰ ভূৰাগাঁও অঞ্চলটোত লক্ষ্মণ বিশ্বাস নামটো চিনাকি হৈ পৰিছে৷ লক্ষ্মণৰ নাম কৈ তেওঁৰ ডুঙাৰপাৰ গাঁওখন বিচাৰি উলিয়াব পৰা যায়৷ আমি তেওঁৰ নাম কৈ তেওঁৰে গাঁও আৰু ঘৰ উলিয়াইছিলোঁগৈ৷ জুপুৰি ঘৰটোৰপৰা সেই সময়ত লক্ষ্মণ ওলাই অহা নাছিল৷ আহিছিল তেওঁৰে ভাতৃ প্রায় ৫০ বছৰীয়া নেপাল বিশ্বাস৷ অভাৱে জুৰুলা কৰা এজন দৰিদ্র কৃষকৰ প্রতিমূর্তি যেন লাগিছিল নেপালক৷

লক্ষ্মণ এজন ধনী কৃষক নাছিল৷ কৃষি উৎপাদনত তেওঁ কোনো অভিলেখ স্থাপন কৰা নাছিল৷ ৪০ বছৰীয়া লক্ষ্মণে নিজৰ মাটিত সাধাৰণতে ধান, সৰিয়হৰ খেতি কৰিছিল৷ যোৱা বছৰ (২০১০) তেওঁ খেতি বহলাবলৈ বিচাৰিছিল৷ নিজৰ ৬ বিঘা মাটিৰ লগতে মহাজনৰ ৪ বিঘা মাটিত খেতি কৰিবৰ বাবে মন মেলিলে৷ ভালদৰে খেতি কৰিবৰ বাবে উপযাচি মাটি অথবা ধন ধাৰলৈ দিয়া মানুহৰ অভাৱ গাঁওখনত নাছিল৷ গাঁওসমূহত সচৰাচৰভাৱে প্রচলিত হৈ থকাৰ দৰে মাহে ১০ শতাংশ সুদত (বছৰি ১২০ শতাংশ সুদ) লক্ষ্মণে তিনি ঠাইৰপৰা টকা ধাৰলৈ লৈছিল৷ এই পৰিমাণ আছিল ক্রমে ৯৫০০ টকা, ৬৮০০ টকা আৰু ৫০০০ টকা৷ লক্ষ্মণে নিজকে সৌভাগ্যৱান বুলি ভাবিছিল কিয়নো তেওঁলোকৰ গাঁওসমূহত স্বাভাৱিকতে এনে সুদৰ পৰিমাণ ২০ৰপৰা ৩০ শতাংশলৈকে হয় (বছৰি ২৪০ শতাংশৰপৰা ৩৬০ শতাংশ সুদ)৷ এখন সেউজ পথাৰৰ স্বপ্নত বিভোৰ হোৱা লক্ষ্মণে তেতিয়াই সুদৰ কথা চিন্তা কৰা নাছিল৷ মাহে প্রায় ২২০০ টকাৰ সুদত লক্ষ্মণে লোৱা মুঠ ঋণৰ পৰিমাণ আছিল প্রায় ২২ হাজাৰ টকা৷ আনহাতে, মহাজনৰপৰা আধিয়া ৰূপে লোৱা ৪ বিঘা মাটিৰ ক্ষেত্রত হোৱা চুক্তি অনুসৰি খেতিৰ সকলো খৰচ লক্ষ্মণে বহন কৰাৰ লগতে মুঠ উৎপাদনৰ আধা অংশ মহাজনক দিব লাগিব৷ আনহাতে, কিবাপ্রকাৰে ধানৰ উৎপাদন কম হ’লে বা নহ’লে প্রতিবিঘাত ৭ মোন ধানৰ মূল্য আধিয়াৰে মাটিৰ মালিকক দিয়াৰ নিয়ম আছিল৷ লক্ষ্মণ মান্তি হৈছিল৷
‘আমাৰ গাঁৱত জলসিঞ্চনৰ কোনো ব্যৱস্থা নাই৷ বাৰিষা গোটেই গাঁও-পথাৰ পানীত বুৰ গৈ থাকে৷ পানী নোলোৱা চৰকাৰী দমকল এটা গাঁওখনত আছে৷ পথাৰত পাম্পেৰে পানী দিয়াৰ বাবত মালিকক তেতিয়াই একো দিব নালাগে যদিও শস্য চপোৱাৰ সময়ত উৎপাদনৰ এটা অংশ দিব লাগে৷ সাৰ, কীটনাশকো মহাজনে যোগান ধৰি দিয়ে, অৱশ্যে পাছত ধান দিব লাগে৷ বীজ সিঁচাৰপৰা চপোৱালৈকে আমাক বিভিন্ন ধৰণে সহায় কৰা ভূমিৰ গৰাকী, বীজ-কীটনাশক সাৰ যোগান ধৰা মানুহ, ধন ধাৰে দিয়া মহাজন অথবা পাম্পছেটৰ গৰাকী – এই সকলোৱে আমি শস্য চপোৱাৰ সময়ত নিজৰ অংশ নিবৰ বাবে ৰৈ থাকে৷’– লক্ষ্মণৰ ভাতৃ নেপাল বিশ্বাসে ক’লে৷
১০ বিঘা মাটিত বৰোধানৰ খেতি কৰোঁতে লক্ষ্মণে বহু টকা খৰচ কৰিব লগা হৈছিল৷ কীটনাশক, ইউৰিয়া আদিৰ বাবত প্রতি বিঘাত প্রায় ১০০০ টকাকৈ খৰচ কৰিছিল৷ লক্ষ্মণে এটা অনুমান কৰিছিল যে ধান ভাল হ’লে বিঘাত অন্ততঃ ১৮-২০ মোনকৈ ১০ বিঘাৰপৰা প্রায় ৭৫-৮০ কুইণ্টল ধান উৎপাদন কৰিব পৰা হ’ব৷ ধান বিক্রী কৰি ৫০ হাজাৰ মান টকা উপার্জন কৰিলে সকলো পক্ষকে সুদ দিয়াৰ পাছতো কিছু টকা হাতত ৰাখিব পৰা যাব বুলি লক্ষ্মণে ভাবিছিল৷ সকলো ঠিকেই গৈছিল৷ কঠীয়া পৰা হৈছিল৷ মাটি চহোৱাৰপৰা কঠীয়া পৰালৈকে ১০ বিঘা মাটিত খৰচ পৰিছিল প্রায় ১৫ হাজাৰ টকা৷ বিঘাত ৩ মোনকৈ ধান দিয়াৰ বন্দৱস্তিৰে কেইবিঘামানত ট্রেক্টৰো চলোৱাইছিল৷ কিন্তু কঠীয়া পৰাৰ কিছুদিনৰ পাছতে ব্রহ্মপুত্রৰ পানীয়ে পথাৰ বুৰাই পেলাইছিল৷ এদিন, দুদিনকৈ গৈ দুমাহ পাৰ হ’ল৷ কিন্তু পথাৰৰ পানী নুশুকাল৷ ইতিমধ্যে নতুনকৈ কঠীয়া পৰাৰ সময়ো পাৰ হৈছিল৷ লক্ষ্মণে দিনতে আন্ধাৰ দেখিলে৷ মূৰৰ ওপৰত থকা প্রায় ২২ হাজাৰ টকাৰ ধাৰৰ বোজাটো চাৰি মাহমানতে সুদসহ হৈছিলগৈ প্রায় ৩২ হাজাৰ টকা৷ মহাজনৰ প্রতি ভয় আৰু ধৰুৱা হৈ থকাৰ লজ্জাই লক্ষ্মণৰ দিনৰ আহাৰ আৰু নিশাৰ টোপনি হৰি নিছিল৷ খেতিডৰা পানীত বুৰি থকাত তেওঁক কোনেও ধন ধাৰে নিদিয়া হ’ল৷ ঋণৰপৰা নিজকে মুক্ত কৰিবৰ বাবে তেওঁ পথ বিচাৰি ফুৰিবলৈ ধৰিলে৷
‘আমি দুজনেই ভাই-ককাই আছিলোঁ৷ লক্ষ্মণ সৰু৷ সি ষষ্ঠ শ্রেণীলৈকে পঢ়িছিল৷ বিয়া কৰাবলৈ কোৱাৰ পাছতো সি বিয়া কৰোৱা নাছিল৷ কৈছিল – হাতলৈ টকা আহক, তাৰ পাছত সংসাৰ কৰিম৷ তাৰ চাৰিজনী গাই আৰু এহাল হালৰ গৰু আছিল৷ কিন্তু থাকিলে কি হ’ব, সুদৰ ধন যোগাৰ কৰিবৰ বাবে লক্ষ্মণে হালৰ গৰু বিক্রী কৰিব লগা হৈছিল৷ কিন্তু ইয়াৰ পাছতো সুদৰ পৰিমাণ শেষ নহ’ল৷ মহাজনে তাক নিতৌ ককর্থনা কৰিছিল৷ পুলিচত দিয়াৰ ভয় দেখুৱাইছিল৷ লক্ষ্মণ নিৰুপায় হৈ পৰিছিল৷ পানীয়ে বুৰাই পেলোৱা পথাৰখনলৈ চাই সি নীৰৱে চকুলো টুকিছিল৷’ নেপাল বিশ্বাসে ক’লে৷
লক্ষ্মণৰ বহুত সপোন আছিল৷ খেতি বহলোৱাৰ পাছত ধান-খেৰ ৰাখিবলৈ ভঁৰাল ঘৰটো নতুনকৈ সজাৰ কথা ভাবিছিল৷ ঘৰৰ চালখনত টিং লগোৱাৰ কথা চিন্তা কৰিছিল৷ কিন্তু সঁজাল ধৰা পথাৰ এখনৰ গৰাকী হোৱাৰ সপোনটো বাস্তৱ হ’বলৈ নাপালে৷ কিয়নো লাহৰীঘাট বিধানসভা সমষ্টিৰ ডোঙাৰপাৰ গাঁওখন বছৰটোৰ বহু সময় পানীৰ তলত থাকে৷ যোৱাবছৰো সেয়াই হৈছিল৷ ব্রহ্মপুত্রৰ আগতীয়া বানে লক্ষ্মণৰ সপোনৰ পথাৰখন বুৰাই পেলাইছিল৷ ব্রহ্মপুত্রৰ বানে অঞ্চলটোৰ আন বহু হাজাৰ কৃষকৰ দৰেই লক্ষ্মণ বিশ্বাসৰো সকলো আশা মুহূর্ততে ধূলিসাৎ কৰি পেলাইছিল৷
‘আমাৰ দৰে দুখীয়া কৃষকৰ বাবে চৰকাৰৰ কোনো সাহায্য নাই৷ সাৰ, কীটনাশক, বীজ আদি অধিক দামত কিনিব লাগে৷ কে চি চি ঋণ ল’ব বিচাৰিলেও ঋণৰ আধামান টকা চৰকাৰৰ মানুহক ঘোচ দিওঁতেই যায়৷ জলসিঞ্চনৰ ব্যৱস্থা নাই৷ আমাৰপৰা খাদ্য নিগমে ধানো ক্রয় নকৰে৷ সেয়েহে আমি বাধ্যত পৰি পুনৰ মহাজনৰ ওচৰ চাপিব লগা হয়৷ এতিয়া মাটিত খেতি কৰাৰপৰা শস্য চপোৱালৈকে প্রায় ৯-১০টা মানুহ লগাব লগা হয়৷ এতিয়া বনুৱাৰ হাজিৰা ১০০ টকা৷ নিজৰ হাল নথকাসকলৰ আৰু বিপদ৷ ট্রেক্টৰেৰে মাটি চহালে ট্রেক্টৰৰ মালিকক বিঘাই প্রতি ৪-৫ মোনকৈ শস্য দিব লাগে৷ সকলোকে দিওঁতে-মেলোতে আমালৈ একোৱেই নাথাকে৷ ৬ মাহমান চাউল কিনিব লগা হয়৷’– নেপাল বিশ্বাসে কৈ গ’ল৷
২০১০ চনৰ ৭ মে’ৰ পুৱা ভূৰাগাঁও থানাৰ আৰক্ষী আহি লক্ষ্মণৰ ঘৰত গিজগিজাই আছিলহি৷ লক্ষ্মণৰ শোৱা কোঠাত সোমাই পিটপিটাই ফুৰিছিল৷ ডায়েৰিত বহু কথা লিখি লৈ গ’ল৷ ইয়াৰ কিছুদিন পাছত গেৰুৱাপাৰাৰপৰা এজন চৰকাৰী মানুহ আহিছিল ১০০০ টকা লৈ৷ দুদিনমানৰ পাছত কৃষি বিভাগৰপৰাও মানুহ আহিছিল৷ কিছুদিন নিতাল মাৰি থকাৰ পাছত লক্ষ্মণক ধন ধাৰে দিয়া মহাজন, খেতিত পাম্পেৰে পানী যোগান ধৰা মানুহ, ট্রেক্টৰেৰে মাটি চহোৱা মানুহ আহি নেপালৰ ওচৰ চাপিলহি৷ অতিষ্ঠ হৈ পৰা নেপালে অৱশেষত গৰু-গাই, ছাগলী আদি বিক্রী কৰি সুদে-মূলে সকলো ধাৰ মাৰিলে৷ লক্ষ্মণ ঋণমুক্ত হ’ল৷ ইয়াৰ পাছত সকলো তল পৰিল৷ সকলোৰে জীৱন স্বাভাৱিক হৈ পৰিল৷ মহাজনৰপৰা মাটি-ধন লৈ পথাৰত কৃষক পুনৰ ব্যস্ত হৈ পৰিল৷ মহাজনে আঁকি দিয়া লক্ষ্মণ-ৰেখাৰ ভিতৰত সোমাই শ শ কৃষকে সুদৰ উপৰি সুদ দি গ’ল৷ কৃষকক কোঙা কৰা ভয়ংকৰ মহাজনী ব্যৱস্থা আৰু চৰকাৰৰ কৃষি বিভাগক উপলুঙা কৰি যোৱা লক্ষ্মণৰ কথা সকলোৱে পাহৰি গ’ল৷ ৬ মে’ৰ নিশা লক্ষ্মণ বিশ্বাসে ঘৰৰ পিছফালে যিজোপা গছত চিপ লৈছিল সেইজোপাও ধন ধাৰে দিয়া মহাজনে কাটি লৈ গৈছিল৷
‘লক্ষ্মণে সংকীর্তনত নাম গাই ভাল পাইছিল৷ আজি ইয়াত সংকীর্তন হৈ আছে৷ ভাইটিলৈ মনত পৰিছে৷ তাৰ কোনো বেমাৰ-আজাৰ নাছিল৷ মদ-পানী খোৱাৰ অভ্যাসো নাছিল৷ এ পি এল কার্ড এখন পাবৰ বাবে লক্ষ্মণে বহুত চেষ্টা কৰিছিল৷ কাৰোবাক টকা-পইচাও দিছিল৷ অৱশেষত তাৰ মৃত্যুৰ পাছত কার্ডখন আহিছিল৷ আমি এসাঁজ খাই আনসাঁজলৈ চিন্তা কৰা মানুহ৷ আমি আচলতে বি পি এল কার্ড পাব লাগে৷ শুনিবলৈ পোৱা মতে লক্ষ্মণ আৰু মোৰ নামত চৰকাৰী ঘৰৰ অনুমোদন জনোৱা হৈছে, কিন্তু এতিয়ালৈকে কিয় পোৱা নাই নাজানো৷ আমাৰ গাঁওখন গেৰুৱা মৌজাৰ নিজ চহৰীয়া গাঁও পঞ্চায়তৰ অধীনত পৰে৷ কৃষি ক্ষেত্রকর্মী, গ্রাম সেৱকক আমি চিনি নাপাওঁ, আমাৰ গাঁৱত দেখা পোৱা নাই৷’ নেপাল বিশ্বাসে আমাক জনালে৷
‘মনুস্মৃতি’ত মনুৱে ১৮বিধ প্রধান আইন ৰজাৰ বাবে নির্ধাৰণ কৰি দিছিল৷ ইয়াৰে প্রথমটো আছিল অনাদায় হৈ থকা ঋণ সম্পর্কীয় আইন৷ মনুৱে কৈছিল – ৰজাই ঋণ আদায়ৰ বাবে ঋণগ্রস্তজনক ভয় খুৱাব পাৰিব৷ প্রয়োজনত সম্পত্তি বাজেয়াপ্ত কৰিব পাৰিব৷ অৱশ্যে আঢ্যৱন্ত শ্রেণীক ঋণৰপৰা ৰেহাই দিয়াৰ বিপৰীতে নিম্ন বর্গৰসকলক বনুৱা হিচাপে ৰাখি ঋণ আদায় কৰোৱা আৰু ব্রাহ্মণসকলক কিস্তি হিচাপত লাহে লাহে পৰিশোধৰ বাবে দিহা দিছিল মনুৱে৷ মনুৰ দিনৰ তেনে চিন্তা আজিও সলনি হোৱা নাই৷
অলপতে কিংফিছাৰ নামৰ বিমান পৰিবহণ সংস্থাটোৱে ৭ হাজাৰ কোটি টকাৰ লোকচানৰ সন্মুখীন হোৱাত চৰকাৰ আৰু একাংশ বুদ্ধিজীৱীয়ে চিন্তাত তৰণি হেৰুৱাইছিল৷ কোম্পানিটোক ঋণৰপৰা সম্পূর্ণৰূপে মুক্ত কৰিব পৰা যায় নেকি সেই বিষয়ে এতিয়াও চিন্তা-চৰ্চা চলি আছে৷ অথচ যোৱা ১৫ বছৰে ঋণ ফান্দত পৰি সমগ্র ভাৰতত আত্মহত্যা কৰা ২ লাখ ৫০ হাজাৰ (চৰকাৰী হিচাপ অনুসৰি) কৃষকৰ আত্মহননৰ কৰুণ গাথা এতিয়াও যেন শুনা পোৱা নাই চৰকাৰে৷ প্রতিদিনে গড়ে এতিয়াও ৪৮জন হতভগীয়া কৃষকে ঋণগ্রস্ত হৈ আত্মহননৰ পথ বাছি ল’ব লগা হৈছে৷ চৰকাৰৰ ভুল নীতিৰ বাবেই ঋণ ফান্দত পৰি আত্মহত্যা কৰাসকলক ঋণমুক্ত কৰিবৰ বাবে চৰকাৰে কোনো ফলপ্রসূ আঁচনি গ্রহণ নকৰি এইটোকে বুজাই দিছে যে সমাজবাদত বিশ্বাসী ভাৰতে সামন্তবাদী চিন্তাৰ মনু-স্মৃতিকহে অধিক গুৰুত্ব দিয়ে৷ অসমতো ইয়াৰ ব্যতিক্রম হোৱা নাই৷ যোৱাবছৰ কেন্দ্রীয় চৰকাৰে ধানৰ মূল্য নির্ধাৰণ কৰি দিছিল কুইণ্টলত ১১৫০ টকা৷ কিন্তু অভিলেখ পৰিমাণৰ ধান উৎপাদন কৰা বাবে কেন্দ্রৰপৰা বঁটা লাভ কৰা ৰাজ্য চৰকাৰে ধানৰ মূল্য নির্ধাৰণ কৰি দিছিল কুইণ্টলত ৫০০-৬০০ টকা৷ ৰাজ্যৰ প্রায় ৫০ লাখ কৃষকে খেতি কৰি অনাহাৰত দিন কটাইছে, অথচ ২০খনতকৈয়ো অধিক আঁচনি কৃষকৰ বাবে চৰকাৰে প্রস্তুত কৰিছিল৷ ধানৰ বিনামূলীয়া বীজ প্রদানৰ নামত ৰাজ্য চৰকাৰে যোৱা তিনি বছৰত ২০০ কোটি টকা খৰচ কৰিছে, অথচ বীজ ক্রয়ৰ বাবে কৃষকে মহাজনৰ ওচৰত হাত পাতিব লগা হয়৷ অসমৰ প্রায় ২৭ লাখ হেক্টৰ (চৰকাৰী হিচাপ অনুসৰি) কৃষিভূমিৰ মাত্র ২০ শতাংশ ভূমিকো জলসিঞ্চন ব্যৱস্থাই সামৰি ল’ব পৰা নাই৷ ধান-মৰাপাটৰ বিক্রীমূল্য অধিক বিচৰা কৃষকৰ তেজেৰে হাত ৰাঙলী কৰা চৰকাৰে হয়তো পাহৰি গৈছে যে শস্য উৎপাদনৰ বাবে পানীৰহে প্রয়োজন, কৃষকৰ তেজেৰে শস্যৰ গুৰি জীপাল কৰাৰ উদাহৰণ পৃথিৱীৰ ক’তোৱেই নাই৷
‘শ বছৰ পূর্বেই আমাৰ পূর্বপুৰুষসকল পশ্চিম বংগৰপৰা এই ঠাইলৈ আহিছিল৷ আমি বাঙালী নমঃশূদ্র (দলিত) সম্প্রদায়ৰ৷ গাঁৱৰ ধনী ব্যক্তিসকল, মহাজনসকল উচচ সম্প্রদায়ৰ৷ চৰকাৰে কৃষকক বিনামূলীয়াকৈ বীজ দিয়াৰ কথা জানো৷ এবাৰ ঘেঁহুৰ বীজ পাইছিলোঁ৷ কিন্তু খেতি ভাল নহ’ল৷ চৰকাৰী বীজৰ ওপৰত বিশ্বাস কৰিব পৰা নাযায়৷ আটাইতকৈ ডাঙৰ কথা হ’ল যে শস্য চপোৱাৰ পাছতহে চৰকাৰে কৃষকক বীজ দিবলৈ আহে৷ আমাৰ বেমাৰ-আজাৰ, বিয়া আদি হ’লে মহাজনৰ ওচৰত সস্তাতে মাটি, ধান বিক্রী কৰোঁ৷ সেই মাটিকে পাছত আমাক আধিত খেতি কৰিবলৈ দি শস্যৰ আধাতকৈয়ো বেছি আমাৰপৰা লৈ যায়৷’– লক্ষ্মণৰ ভাতৃ নেপাল বিশ্বাসে ক’লে৷
ডুঙাৰপাৰৰ দৰে গাঁৱত জলসিঞ্চন ব্যৱস্থা নাই বাবে পাম্পছেট থকাসকলে দুই হাতেৰে ধন ঘটাটো পৰিলক্ষিত হয়৷ প্রতি বিঘাত প্রায় ৫০ টকাৰ তেল পুৰি তেওঁলোকে ৩০০-৪০০ টকাৰ শস্য কৃষকজনৰপৰা লৈ যায়৷ ভূমিহীন কৃষকক ভূমি প্রদানৰ বাবে ব্যৱস্থা নোলোৱা চৰকাৰে যোৱা কেইবছৰমানত বৃহৎ পুঁজিপতিক কৃষি উপযোগী প্রায় ১ লাখ বিঘা মাটি চমজাই দিছে৷ মহাজনৰপৰা ঋণ হিচাপে লোৱা প্রতি হাজাৰ টকাৰ বিপৰীতে সুদৰ পৰিৱর্তে ৭ মোন ধান দিয়াৰ ব্যৱস্থাও আছে৷ এইদৰে পোৱা ধান অর্থাৎ ২.৮০ কুইণ্টল ধানৰপৰা পোৱা প্রায় ১.৭০ কুইণ্টল চাউল উপযুক্ত দামত বিক্রী কৰি মহাজনে প্রতি হাজাৰ টকাৰ বিপৰীতে প্রায় ৩০০০-৩৫০০ টকালৈকে উপার্জন কৰিব পাৰে৷ ইয়াৰ বিপৰীতে প্রতি বিঘাত প্রায় ৬ৰপৰা ৬.৫ কুইণ্টল ধান উৎপাদন কৰা কৃষকৰ বাবে যৎসামান্যহে থাকে বা নাথাকে৷ তেওঁলোকে চৰকাৰী মূল্য আদি নাজানে বাবে ধান বিক্রীৰ বাবে ঘাইকৈ মহাজনৰ ওপৰতে নির্ভৰ কৰে৷ ফলত প্রতি কুইণ্টল ধান ৬০০-৬৫০ টকাত বিক্রী কৰি বিঘাত প্রায় ৩৫০০-৪০০০ টকা উপার্জন কৰে৷ য’ত প্রতিবিঘা ধানত তেওঁলোকৰ উৎপাদন ব্যয় হয় কমেও ৩০০০-৩৫০০ টকা৷ চাউল হিচাপে বিক্রী কৰিলে কৃষকে লাভৰ মুখ দেখে যদিও ইয়াৰ বাবে প্রয়োজনীয় যোগাযোগ ব্যৱস্থা নথকা বাবে তেওঁলোক পুনৰ মহাজনৰ ওচৰ চাপিব লগা হয়৷ সাৰ-কীটনাশক-বীজ ব্যৱসায়ী, পাম্পছেটৰ গৰাকী অথবা মহাজনৰ হাতত অধিকাংশ লাভ তুলি দিবলৈকে যেন হাড়ভঙা পৰিশ্রম কৰে এইসকল কৃষকে৷
সূর্যই পৃথিৱীৰপৰা আকাশলৈ পানী শুহি নিলেও যিদৰে পুনৰ বৰষুণৰ ৰূপত পৃথিৱীক ওভতাই দি প্রকৃতি সুজলা-সুফলা কৰি ৰাখে সেইদৰে চৰকাৰেও দৰিদ্র জনগণৰপৰা সংগ্রহ কৰা কৰ-কাটলখিনি পুনৰ উন্নয়নৰ ৰূপত দৰিদ্র জনগণক ওভতাই দিব লাগে৷ দিয়া উচিত৷ কিন্তু ভাৰতত এয়া সম্ভৱ হোৱা নাই৷ লক্ষ্মণে নিজৰ ৬ বিঘা মাটিৰ খাজনা বছৰি দি আছিল৷ কিন্তু বিনিময়ত চৰকাৰে তেওঁক বাধ্য কৰালে আত্মহননৰ বাবেহে৷
মৃতজনে কেতিয়াও কথা ক’ব নোৱাৰে৷ কিন্তু লক্ষ্মণ বিশ্বাসৰ দৰে হতভগীয়া অসমীয়া কৃষকৰ আত্মহত্যাই বহু কথাৰেই ইংগিত দি যায়৷ তথাপি লক্ষ্মণৰ আত্মহত্যাই চৰকাৰৰ গা লৰাব পৰা নাই৷ অৱশ্যে লক্ষ্মণৰ আত্মহননৰ পাছত দুটা পৰিৱর্তন চকুত পৰিল৷ গাঁওখনত সুদৰ হাৰ ১০-১৫ৰপৰা ৩০-৩৫লৈ সর্বগ্রাসী ৰূপত বৃদ্ধি পালে আৰু এমুঠি সোণগুটি ধানৰ বাবে আত্মহত্যা কৰা লক্ষ্মণৰ ঘৰটো ভঁৰালঘৰত পৰিণত হ’ল৷

Share Button
Print Friendly, PDF & Email

No Comments : "এজন অসমীয়া কৃষকৰ আত্মহত্যা - ( ত্রিদীৱ নীলিম দত্ত)"

Leave a Comment

Your email address will not be published. Required fields are marked *