ঘটোৎকচ a story of privileging - ( সমুদ্ৰ কাজল শইকীয়া)

[মহেন্দ্ৰদা আৰু হেমাঙ্গ]

"কি চলি আছে এইকেইদিন?"
"তেনেকৈ একো নাই, মহেন্দ্ৰদা। এনেয়ে আছোঁ এইকেইদিন।"
"তই ক'লেই মানিম নে? একো নকৰাকৈ থকা মানেই কিবা এটাই নিশ্চয় পাকঘূৰণি খাই আছে তোৰ মনত।"
"আপোনাকনো আৰু কি ক'ম। গল্প এটা লিখাৰ কথা ভাবি আছোঁ, কিন্তু নিজে একো ওৰ-মোৰ নোপোৱা হৈ আছোঁ।"
"ছ' হোৱাট?"
"এইটোৱেই আপোনাৰ ভয়ঙ্কৰ অস্ত্ৰ। আপুনি ছ' হোৱাট বা তাতে কি বুলি ওলোটাই সুধি দিয়াৰ পিছত আমাৰ আৰু একো ক'বলৈকে নেথাকে।"
"কিন্তু কথাটোতো তেনেকুৱা হ'ব নালাগে। ছ' হোৱাট বুলি সুধি তাৰ পিছতেই মই সোধোঁ - হোৱাট নেক্সট?"
"কিন্তু আপোনাক কেনেকৈ বুজাম যে আপুনি ছ' হোৱাট বুলি সুধি দিয়াৰ লগে লগেই আমাৰ ব্ৰহ্মতালুৱেদি জীৱ বাজ হওঁ হওঁ হয়।"
"বাৰু এতিয়া ক। হেমাংগ, গল্পৰ কথা ক।"
"আচলতে মনতে ভাবিহে আছোঁ। অলপ লিখিবৰ চেষ্টা কৰিছিলোঁ - কিন্তু বৰ আগ নাবাঢ়িল। আপোনাৰ লগত কথা পাতিলে অলপ লাভেই হ'ব। আপুনি গাইড কৰিব পাৰিব।"
"ধ্যেৎ, তই নিজেই ইমান ভাল লেখা-মেলা কৰ। তোক আকৌ গাইড কৰিব পৰাকৈ মোৰ কিডাল আছে?"
[খন্তেক ৰৈ] "আৰু এটা ধৰ্মসংকটত ভুগিছোঁ। লিখিম লিখিম বুলি ভাবি থকা বস্তু এটা কাৰোবাৰ লগত আলোচনা কৰি দিলে বা কথা পাতি দিলেই তাৰ পিছত আৰু সেইটো মোৰ লিখা নহয়গৈয়েই।"
"বুজিছোঁ। হয় কেতিয়াবা তেনেকুৱা। আচলতে লেখা এটা লিখা হয় কিবা এটা ভাব প্ৰকাশৰ বাবে থকা আন্তৰিক তাগিদাৰ কাৰণে। নহয় জানো? এতিয়া সেই কথাখিনি এবাৰ প্ৰকাশ হৈ গ'লেই তাৰ আন্তৰিক তাগিদাখিনিও শিথিল হৈ আহে।"
"ঠিকেই কৈছে।"
"এই ক্ষেত্ৰত সমাধানটো হ'ল - তই আৰু অলপ ডিছিপ্লিনড হ'ব লাগিব। যিখিনি মানুহে নিয়মানুৱৰ্তিতা পালন কৰে, লে'-আউট এটা কৰি লৈ এটা ৱৰ্ক-প্লেন নিৰ্ধাৰণ কৰি তাৰ পিছত কামত আগ বাঢ়ে সেইবোৰ মানুহৰ এনেবোৰ সমস্যা নহয়।"
"হয়তো ঠিকেই কৈছে। কিন্তু মোৰ আকৌ গল্পকাৰ হোৱাৰ বাসনাও নাই নহয়।"
"ছ' হোৱাট? এটাও যদি গল্প লেখ, সেইটো গল্পৰ পৰিপ্ৰেক্ষিতত তইতো গল্পকাৰেই। নহয় জানো?"
"হয় অৱশ্যে। বাৰু কওঁ শুনক। গল্পটোৰ নাম ঘটোৎকচ। কেইদিনমানৰপৰা এই ঘটোৎকচ নামটোকে লৈয়েই ভাবি আছোঁ।"
"ভাল দেখোন। বহুতৰে আকৌ সমস্যা হয় কিবা এটা লিখি লৈ কি নাম দিম সেইটোক লৈ। তেতিয়াহ'লে হেমাংগ, তোৰ এটা সমস্যাৰ সমাধান হৈয়েই আছে।"
"চৰিত্ৰটোৰ প্ৰতি কোনোবাখিনিত মই বৰ আকৰ্ষণ অনুভৱ কৰোঁ। ঠিক কিয় মই নিজেই নাজানো।"
"এতিয়া পিছে কেনেকৈ আগ বাঢ়িম বুলি ভাবিছ?"
"আজিকালি পুৰণা মহাকাব্যিক বা পৌৰাণিক চৰিত্ৰ একোটাক লৈ নতুনকৈ লিখা-মেলা খুব চলি আছে। গতিকে তাৰ মাজত মইনো কেনেকৈ আগ বাঢ়িম ওৰ-মোৰ নোপোৱা হৈছোঁ। চৰিত্ৰটোক তাৰ নিজৰ স্থান কালতেই ৰাখিম নে এতিয়াৰ সমসাময়িকতাৰ লগত তাক অভিযোজনা কৰাই ল'ম সেইখিনিতেই থমকি ৰ'লোঁ।"
"বুজিছোঁ, কথা গম্ভীৰ। কিন্তু অলপ আৰম্ভণি যে কৰিম বুলি ভাবিছিলি সেয়া কি আছিল?"

*

"ল'ৰাটোৱে আনদিনা সদায়ে কৰাৰ দৰেই আজিও জুৰিটিৰ কাষলৈ গৈ পানীত নিজৰ প্ৰতিবিম্বটো চালে। তাৰ পিছত একেজাঁপে প্ৰকাণ্ড শিলাখণ্ডৰ ওপৰত উঠি তাৰপৰা আকৌ পানীলৈ চালে। দুৰ্দান্ত তৰুণ সি। প্ৰচণ্ড শক্তিৰ অধিকাৰী। সদায়ে এইখিনি ঠাইলৈ আহি সি নিজে নিজৰ মুখখনলৈ চাই থাকে। সি বুজিবলৈ চেষ্টা কৰি থাকে - সি দেখিবলৈ আচলতে কেনেকুৱা। লগৰ সমনীয়াবোৰতকৈ সি আচলতে কোনখিনিত পৃথক? কোনখিনিত সি দেখিবলৈ মাকৰ নিচিনা হ'ল, কোনখিনিত সি পিতাকৰ নিচিনা হ'ল? পিতাক? সি যদি পিতাকৰ নিচিনাও হ'ল - সেয়া সি কেনেকৈ বুজিব পাৰিব? সিতো কোনোদিন পিতাকক দেখাই নাই। শুনিছেহে মাথোঁ। মানুহে কোৱাহে শুনিছে তাৰ বাহু দুটা হেনো পিতাকৰ দৰে। তেনেহ'লে বাহুৰ বলো পিতাকৰ দৰে? আছেনে তাৰ বাহুত হেজাৰ হাতীৰ বল? হাজাৰটা কৌতূহল থাকিলেও মানুহে তাক পিতাকৰ দৰে বুলি ক'লে কিন্তু তাৰ মনটো ভাল লাগি যায়। কোনোবাখিনিত এটা গৌৰৱবোধৰ উদয় হয়। কাৰণ পিতাকৰ বীৰত্ব আৰু পৰাক্ৰমৰ কাহিনীবোৰ শুনিয়েইতো সি ডাঙৰ হৈছিল। মাকে তাক বাৰে বাৰে কোৱা শুনিছে - পিতাক এদিন উভতি আহিব। তাৰ জীৱনটো আন দহজনৰ দৰে সাধাৰণ জীৱন নহয়। কিবা এটা মহৎ উদ্দেশ্য সন্মুখত ৰাখিহে সি জন্ম হৈছে। সেই উদ্দেশ্য কি, কেনেকৈ কেতিয়া সি তাৰ জীৱনটো কামত লগাব তাৰ কোনো ধাৰণাই নাই। কিন্তু সিও মানি লৈছে কথাটো। কথাটো ভাবি সি শিহৰিত হৈও উঠে - এটা উদ্দেশ্য আছে তাৰ। এটা কিবা লক্ষ্য আছে।"

*

"হোঁ, চাহ একাপ খাই ল। ৰঙা চাহ। ঘৰত গাখীৰ নাই।"
"ভালেই দিয়ক। গাখীৰ চাহে মোৰ পেট বেয়াহে কৰে।"
"মই কিন্তু বৰ মজা পালোঁ তোৰ আৰম্ভণিখিনিত। মোৰ মনলৈ তৎক্ষণাত এটা কথাই আহিল - "আত্মপৰিচয়ৰ সংকট"। এই আত্মপৰিচয়ৰ সঙ্কট অথবা আত্মপৰিচয়ৰ সন্ধানটোৱেই তোক ভাবিবলৈ বাধ্য কৰিছিল নেকি?"
"ঠিক বুজি পোৱা নাই, মহেন্দ্ৰদা। ময়ো এতিয়াহে তেনেকৈ ভাবিছোঁ। আচলতে আৰম্ভ হৈছিল অন্য এটা সৰু অভিজ্ঞতাৰপৰা।"
"কি সেই সৰু অভিজ্ঞতা?"
"মানে আজিকালি চবেই যেনিয়ে তেনিয়ে জধে-মধে ছেল্ফি তুলিবলৈ লৈছে যে..."
"অঁ, মহাব্যাধী ছেল্ফি"
"তাকেই। মই ভাবি পাৰ নাপাওঁ - মানুহবোৰ নিজক লৈ ইমান অবছেছড কেনেকৈ হ'ব পাৰে! বিশেষকৈ নিজৰ লুকটোক লৈ। দুবাৰমান ময়ো চেষ্টা কৰিছিলোঁ ছেল্ফি তুলিবলৈ। কিন্তু দেখোন মুখখন কিবা উত্তল লেন্সত চোৱাৰ দৰেহে লাগে। কেবাটাও এঙ্গলৰপৰা চাইছিলোঁ। এটাতো পছন্দ নহ'ল। তেনেকৈ চাই থাকোতেই এদিম মই নিজেই নিজকে লৈ কনফিউজড হৈ গ'লোঁ। মোৰ মুখখন বাৰু আচলতে ঘূৰণীয়া নে দীঘলীয়া। এটা এঙ্গলৰপৰা বেলেগ লাগে, আকৌ বেলেগ এটা এংগলৰপৰা দেখোন বেলেগ যেনহে লাগে। তেনেকুৱাতে মনলৈ ধেমালিৰ নিচিনাকৈ আহিছিল ঘটোৎকচৰ কথা। দেউতাকৰ সন্ধান নথকা ল'ৰা এটাই যদি নিজৰ লুকটোকে লৈ সন্দিহান হৈ ভাবিবলৈ লয় - কেনেকৈ ভাবিব বাৰু?"

[হাঁহি] "জমনি দেই কাৰবাৰটো। খুব ধুনীয়া দেখোন আৰম্ভণিটো।"
"অঁ"
"আচলতে তয়েই ঘটৎকচ। ময়ো। আমি সকলোবোৰ - আমাৰ অসমখন, আমি অসমীয়াবোৰ - আমি সকলো ঘটোৎকচেই।"
"এইপাট বা আকৌ কি বাণ এৰিলে?"
"দে, চাহৰ কাপটো দে হ'ল যদি। ভিতৰত থৈ আহোঁ।"

*

"আপুনি এই আত্মপৰিচয়ৰ সংকট বুলি ইমান ডাঙৰ প্ৰসঙ্গটো কৈ দি মোক অলপ শ'লঠেকত পেলালে।"
"কিয়?"
"কথাষাৰ বৰ গধুৰ।"
"হয়। ছ' হোৱাট? তই বিচাৰিলেও বা নিবিচাৰিলেও বাৰে বাৰে আহি তোক আমনি কৰি থাকিব এইবোৰ কথাই। এতিয়া কথাবোৰ তই পাতিবলৈ বিচাৰিবি নে উটপক্ষীৰ দৰে বালিত মূৰ গুঁজি থাকিবি সেয়া তোৰ কথা।"
"এতিয়া কেনেকৈ আগ বাঢ়োঁ?"
"কথাবোৰ যেনেকৈ সহজভাৱে আগ বাঢ়ে তেনেকৈয়ে আগ বঢ়া ভাল। জোৰ কৰি কিবা এটা কৰিবলৈ গ'লে কিবাহে হ'বগৈ। অথবা প্ৰাথমিক সূত্ৰবোৰলৈ এবাৰ মন দিয়া যাওক। গল্প এটাৰ বাবে নেৰেটিভ নিৰ্মাণত মূল উপাদানবোৰ কি কি?"
"চৰিত্ৰ, পটভূমি, সংঘাত - এইবোৰৰ কথা কৈছে নেকি?"
"অঁ। চৰিত্ৰ এটা তই পালি বুলি ধৰি লৈছোঁ।"
"হয় আছে। চৰিত্ৰটো বাৰু আছে।"
"নাই। ইমান সহজ নহয়। পটভূমি - মানে স্থান-কালৰ পৰিপ্ৰেক্ষিততহে চৰিত্ৰটো নিৰ্মাণ হ'ব। এফালৰপৰা চাবলৈ গ'লে তোৰ চৰিত্ৰটোও এতিয়া আত্মপৰিচয়ৰ সন্ধানতেই আছে।"
"মোৰ পটভূমি হ'ব অসম। মই যেতিয়াই যি নিলিখোঁ কিয় মোৰ পটভূমি সদায়েই হ'ব অসম।"
"ছ' হোৱাট?"
"মানে?"
"মানে তেনেকৈ উপৰুৱাকৈ কৈ দিবলৈ সহজ। পৃথিৱীত সম্ভৱ আটাইতকৈ সহজ কামটোৱেই হ'ল দেশপ্ৰেমী অথবা জাতীয়তাবাদী হোৱাটো। স্থান-কালৰ কথা পাতি আছোঁ। ইয়াত স্থান মানে কেৱল এটুকুৰা ঠাইৰ নাম নহয়। এই স্থানৰ ধাৰণাই তোৰো অৱস্থান নিৰ্ধাৰণ কৰি গৈ থাকিব। অৱস্থান নিৰূপণ নোহোৱাকৈ একো নহয়। উৰুলিপুঙা এটা হ'বলৈ ভাল পাবি জানো?"
"স্থান... মানে আপুনি কোৱা এই অৱস্থানৰ কথাটো - আপুনি পলিটিকেল অৱস্থানৰ কথা বুজোৱা নাই জানো?"
"তোৰ কথা। তই যেনেকৈয়ে বুজ বুজ। এতিয়া হোৱাট নেক্সট? তাৰ পিছত কি?"
"আপুনি বৰ গধুৰ কৰি পেলালে।"
"ওহোঁ। চিধা কথা। স্থান। বা যাক দেশ বুলিও কোৱা হয় - দৰ্শনত। বাৰু এটা উদাহৰণ চা। "মই মোৰ দেশৰ হকে কাম কৰিম" - এইবুলি যদি মই কওঁ - তেতিয়া এই দেশৰ ধাৰণাটো মোৰ বাবে কি সেইটো আগতে বুজি ল'ব নালাগিব জানো? দেশ মানে কেৱল এটা নামতো নহয়। দেশ মানে এটা ধাৰণা।"
"হয়।"
"এতিয়া তোৰ গল্পৰ, বা তোৰ কল্পনাৰ, বা তই পাতিব খোজা কথাখিনিৰ মাজৰ যি দেশ - বা দেশৰ ধাৰণা - সেইটোৱে তোৰ শাৰীৰিক দেশখনকো নিৰূপণ কৰিব।"
"আকৌ কওকচোন, মহেন্দ্ৰদা।"
"মানে, তোৰ গল্পৰ নায়কৰ এখন দেশ আছে - সেইখন দেশ তই নিৰ্মাণ কৰিবলৈ গৈ আছ। কথাটো হ'ল, গল্পৰ বাহিৰত অন্য বাস্তৱত তয়োতো এটা চৰিত্ৰ, তোৰোতো এখন দেশ আছে। আছেনে নাই? তই তোৰ চৰিত্ৰটোক কেনেকৈ কোন স্থানত বা কোন দেশত অৱস্থান কৰাবি সেই কথাটোৱে ওলোটাকৈ আকৌ তোৰ এই বাস্তৱৰ অৱস্থানটোকো চিহ্নিত কৰাব।"
"হুঁ..."
"হয়তো মই বুজাব পৰা নাই। কথাবোৰ আচলতে তেনেই সহজ কথাই কৈ আছোঁ। [অলপ ৰৈ] বাৰু তই ভাবিবলৈ সময় ল। ই-মেইল কৰিবলগীয়া কামটো ঠিকে ঠাকে হ'ল নহয়?"
"হ'ল।"
"হ'ল মানে মই তোৰ কথা সোধা নাই। তইতো কৰিবিয়েই - জানো। পিঙ্কু, ৰাজু, বেদব্ৰত - আৰু কোন কোন আছিল জানো তহঁতৰ লগৰ - সিহঁতকেইটাৰ কি খবৰ?"
"কৰিলে আটাইকেইটাই কৰিলে। এই ৰূপজ্যোতিটোৱেহে অলপ গণ্ডগোল লগাই আছে।"
"জানো - সি অলপ ওভতগোৰে নাচিবই। এই অল্পমতিবোৰৰপৰা আৰু উপায় নাই। কিন্তু কি কৰিবি। এইবোৰৰেই সংখ্যা বেছি আজিৰ সমাজত। সকলো মানুহে তোৰ দৰে চিন্তা নকৰেতো।"
"বাৰু মহেন্দ্ৰ-দা। আপোনাক কথা এটা সোধোঁ।"
"সোধ, ইমান ফৰ্মেলিটিৰ কি কথা আছে?"
"ধৰক আপোনাকে সুধিলোঁ - আপুনি ঘটোৎকচ চৰিত্ৰটোৰ সম্পৰ্কে কি ক'ব?"
"ওলোটাই মোকে ধৰিলি হ'বলা?"
"নাই - মই মানে ভাবিলোঁ এনেকৈ কথা পাতিলেও কিবা এটা দিশ ওলাব নিশ্চয়।"
"মোৰ মতে ঘটোৎকচৰ অৱস্থান পেৰিফেৰিত। পৰিধিত অথবা পৰিধিৰ বাহিৰৰ ফালেহে। মহাভাৰতৰ মূল কেন্দ্ৰীয় চৰিত্ৰবোৰৰ ভিতৰত ই নাই। ঘটোৎকচৰ কথা নোকোৱাকৈয়ো কোনোবাই চমুকৈ মহাভাৰতখন গাই শুনাব পাৰে। অতি সহজে হাতে যাব পাৰে। ভৌগোলিক অৱস্থানৰ ফালৰপৰাও - হস্তিনাপুৰ, ইন্দ্ৰপ্ৰস্থ আদি যিবোৰ ঠাই - সেইবোৰ ঠাইত ঘটোৎকচ নাই। ঘটোৎকচ ক'ত আছে? পেৰিফেৰিত। ক'ৰবাত আউটাৰ চাৰ্কোলত।"
"হয়। একদম সঁচা।"
"মানুহ হিচাপেও তাৰ স্বীকৃতি নাই।"
"হয় তাৰ আধাভাগ অসুৰ বা ৰাক্ষস। এক-চতুৰ্থাংশ মানৱ আৰু বাকী এক-চতুৰ্থাংশ দৈৱ।"
"মুঠতে কিবা এটা হয় আৰু বুলি থৈ ভাবি থৈ দিলেই হ'ল - জানিবা বেছি মাথা মাৰি লাভ নাই। পঞ্চ পাণ্ডৱৰ বাকীবোৰ চৰিত্ৰৰ এটা এটা কথা ভাবি আমি যেনেকৈ আবেগিক হৈ উঠোঁ, যেনেকৈ আমি উত্থান-পতন ঘাত-সংঘাতৰ সৈতে উত্তেজিত হওঁ তাৰ বিপৰীতে আমি এবাৰো কেতিয়াও সুধিও নাচালোঁ বাপেকে এৰি থৈ যোৱাৰ পিছত হিড়িম্বা বা ঘটোৎকচৰ কি হ'ল। সি ডাঙৰ হৈ উঠা গোটেই সময়খিনি সি উপেক্ষিত হৈয়েই থাকিল।"
"হয়। এইখিনিয়েই মোৰো মনৰ ভাব। কাব্যে উপেক্ষিতা বুলি যে উৰ্মিলাক কোৱা হয়, আনকি হিড়িম্বাক কাব্যে উপেক্ষিতা বুলিও কোনেও আজিলৈকে নক'লে।"
"একেবাৰে ঠিক জেগাত ধৰিছ। হেমাংগ, সেয়াই কথা আৰু।"
"আপুনি এই স্থান বা দেশৰ কথা উলিয়াই সাংঘাতিক ধৰণেৰে মই ভাবি থকা আচল কথাখিনি উলিয়াই আনিলে। এই উপেক্ষাৰ ধাৰণাটোৱেই মোৰ সমল হ'ব।"
"সেয়া বাৰু ভাল কথা। কিন্তু ছ' হোৱাট? তাৰ পিছত? হোৱাট নেক্সট।"
"সেয়া সুধিলেই নহয়। সেইকাৰণে আপোনাৰ লগত কথা পাতিবলৈ ভয় লাগে কেতিয়াবা।"
"[হাঁহি] যালৈ ভয় কৰিব লাগে তালৈতো ভয় কৰা নেদেখিলোঁ কেতিয়াও। বাৰু চাহ আৰু একাপ কৰোঁ ৰ।"
"ৰ'ব, ময়ো পাকঘৰলৈকে আহিছোঁ..."

*

"এতিয়া ক-চোন কালি ৰূপজ্যোতিয়ে কিবা খেলিমেলি লগাইছিল বুলি শুনিছিলোঁ। কথাটো কি?"
"আমি সৰুকৈ কলেজতে মানুহ গোটাইছিলোঁ। নাগৰিকত্ব আইনৰ সংশোধনী প্ৰস্তাৱৰ বিৰুদ্ধে পিটিচনখনত চহী কৰিবলৈ সকলোকে আবেদন জনালোঁ। আমি বুজালোঁ এই গেৰুৱা মতাদৰ্শৰ সমৰ্থক চৰকাৰখনে বিদেশৰপৰা কেৱল হিন্দু ধৰ্মৰ হ'ল বুলিয়েই মানুহ এখিনিক আনি অসমত সংস্থাপিত কৰিলে আমাৰ সামাজিক, আৰ্থনৈতিক আৰু সাংস্কৃতিক পৰিমণ্ডলত যে বিস্তৰ ক্ষতি সাধন হ'ব। তাতে আহিল নহয় সিহঁতকেইটা সদলবলে।"
"সিহঁতৰ বক্তব্য কি?"
"সিহঁতৰ একো বক্তব্য নাই। কথা এটাই - বোলে আমি নতুনকৈ হোৱা চৰকাৰখনক শান্তিৰে কাম কৰিবলৈকে দিয়া নাই। চৰকাৰে জনগণৰ ভালৰ বাবেই কাম কৰিব খুজিছে - আমিহে বোলে দেশদ্ৰোহিতাৰ লক্ষণ দেখুৱাইছোঁ।"
"অ', সেই একেবোৰ কথাই তাৰ মানে? কিন্তু তহঁতে গোটোৱা মানুহবোৰৰ কি মত?"
"এইটো দেখি ভাল লাগিল যে মতৰ অমিল থকা মানুহখিনিও এইবাৰ এক হৈ পৰিছে।"
"আচলতে কথাটোৱেই গুৰুতৰ - মানুহে বুজি পাইছে। হয়নে হেমাংগ?"
"হয়। ভাৰত দেশক কোনোবাই হিন্দু ৰাষ্ট্ৰ কৰিব খুজিলে তাতো এসময়ত যিখিনি মানুহে সমৰ্থন দিছিল, এতিয়া সেইখিনি মানুহেও কৈছে যে এইবাৰ নহ'ব। বাংলাদেশৰপৰা হিন্দু হ'ল বুলিয়েই মানুহৰ আমদানি কৰাত আমি সমৰ্থন জনাব নোৱাৰোঁ। বিদেশী বিদেশীয়েই।"
"তাকেই। এইবাৰ যিহেতু চৰকাৰে মত প্ৰকাশৰ চিধাচিধি প্ৰস্তাৱ এটা দিছে যেতিয়া কাৰ কি আপত্তি থাকিব লাগে? লোকসভাৰ ছেক্ৰেটেৰিয়েটে নিজেই যেতিয়া ৰাইজৰ মত বিচাৰিছে, ৰাইজে মত-অমত প্ৰকাশ কৰিলে কাৰ কি আপত্তি থাকিব লাগে?"
"সমস্যাবোৰ চৰকাৰৰ হঠকাৰিতা বা জনবিৰোধী কাৰ্যকলাপতকৈ বেছিকৈ হয় এই চাটুকাৰ সুবিধভোগী মূৰ্খবোৰৰ কাৰণে।"

"তহঁতে ৰূপজ্যোতিহঁতক কি ক'লি?"
"কি ক'ম আৰু। অংশুমালা বুলি ছোৱালী এজনী যে আছে, তাই তাক ফেপেৰি পাতি ধৰিলে। তাই সুধিলে - তই আগতে তোৰ ঘৰত কেইটা ৰুম আছে সেইটো ক, আৰু সেইকেইটা ৰুমৰ ভিতৰত কেইটা ৰুমত কিমানজন বাংলাদেশৰপৰা অনা হিন্দু পৰিয়ালক এক'মোডেট কৰিব পাৰিবি সেইটো আগতে ক। বাদ বাকী কথা পিছত হ'ব।"
"বঢ়িয়া। সি কি ক'লে?"
"কি ক'ব আৰু। ইমানপৰে সিহঁতৰ ৰণনীতি আছিল আনৰ দোষ খোঁচৰা। বুদ্ধিজীৱীবোৰে কি কৰিছে, কৃষক মুক্তি কাৰ দালাল, কাৰ ঘৰত কিমান সম্পত্তি আছে সেইবোৰ উলিয়াই আচল কথাবোৰৰপৰা দৃষ্টি আকৰ্ষণ কৰাই সিহঁতৰ কাম আছিল। কিন্তু মুখামুখিকৈ টু ডি পইন্ট কথা পাতিবলৈ গ'লেই সিহঁত ভিজা মেকুৰীৰ দৰে হয়।"
"ল। চাহকাপ ল। ব'ল ভিতৰৰ ৰুমতে বহোগৈ।"
"মহেন্দ্ৰদা। এতিয়া আচলতে মোৰো অলপ সমস্যা হৈছে। মানে আপুনিতো জানেই, মই আপোনাৰ দৰেও কিছুমান কথা নাভাবোঁ। অসম, অসমীয়া বুলি মই বৰ বেছি কথা পাতিবলৈ বেয়াই পাওঁ। জাতীয়তাবাদী বুলি লেবেলটো কোনোবাই লগাই দিয়ে বুলি মই অলপ সাৱধানেই হৈ থাকোঁ।"
"সেইটো জানো। কথাষাৰ তই মোক কাট মাৰিবলৈকে ক'লি যেন পাইছোঁ।"
"নহয় নহয়, তেনেকৈ নল'ব কথাটো। মানে জাতীয়তবাদী হোৱাৰ আগতে মই অলপ মানৱতাবাদীয়েই আছিলোঁ। আগতে মানুহ। তাৰ পিছতহে দেশ। মানুহ থাকিলেহে দেশ। জাতীয়তাবাদ আৰু দেশপ্ৰেমৰ নামত ইমানবোৰ হিংসা-হিংসি হৈ গ'ল আৰু হৈয়েই আছে – ক’ৰবাত যেন আচল কথাখিনি পাহৰিয়েই থাকিলোঁ - যে আমি আগতে মানুহ। তাৰ পিছতহে আন কথা।"
"ঠিক আছে, এতিয়া বিতৰ্ক নকৰোঁ বাৰু। হোৱাট নেক্সট?"
"এই মুহূৰ্তত কিছুমান কথা স্পষ্ট হৈ গ'ল। ইমানদিনে বাংলাদেশী কোন হয় কোন নহয়, কিমান বাংলাদেশী অসমত আছে, অসমত অনুপ্ৰৱেশকাৰী আছে নে নাই - এই গোটেইবোৰ কথাই পাক লগোৱা হৈ আছিল। এতিয়াতো অন্ততঃ কথাখিনি স্পষ্ট - যে বাংলাদেশৰপৰা আৰু লগতে আন আন চুবুৰীয়া দেশৰ মানুহ আমদানি কৰা হ'ব - তাকো এটা বিশেষ ধৰ্মৰ মানুহহে। গোটেই কথাবোৰেই দেখোন জলজল পটপট। কোনখিনিত কাৰ কি উদ্দেশ্য সেইখিনি তেনেই স্পষ্ট। তাৰ লগতে আমাৰ সম্ভাব্য বিপদৰ কথাখিও আমি সকলোৱেই জানো। এতিয়া মানুহে মোক জাতীয়তাবাদী বুলি কওক, বা যিয়েই কওক - মই এতিয়া সৰৱ হ'মেই।"
"মানে এইবাৰ ঘটোৎকচৰ উদ্দেশ্যপূৰণৰ সময় সমাগত।"
"ঘটোৎকচৰ উদ্দেশ্যপূৰণ? নুবুজিলোঁ।"
"চাহ খা। শেষ হ'ল নেকি?"
"নাই আৰু অলপ আছে।"
"তই ক। তোৰ কি প্লেন আছিল তোৰ গল্পটোত? যদি তই ঘটোৎকচৰ গল্পটোকেই ক'লিহেঁতেন, মানে সমসাময়িকতাৰ অভিযোজনা বুলি নধৰিলিহেঁতেন, কাহিনীটো কিমান দূৰলৈকে গ'লহেঁতেন?"
"নাই সিমানখিনিলৈকে ভবাই নাই নহয়।"
"কেতিয়াবা আমি কিছুমান কথা অলৰেডি ভাবিয়েই থওঁ। নাই ভবা বুলি ভাবিহে থাকোঁ। মানে অলপ সহজ কৰি দিওঁ ৰ। ঘটোৎকচৰ মৃত্যুৰ লগে লগে কাহিনীটো শেষ হ'ব, নে তাৰ পিছতো তোৰ গল্পত আৰু কিবা থাকিব?"
"নাই নাই, মই ঘটোৎকচৰ মৃত্যুলৈকে যাবই খোজা নাই। ঘটোৎকচ আৰু ভীমৰ মুখামুখি হোৱালৈকেহে মই ভাবিছোঁ।"
"সেয়া চা। তই ভাবিয়েই থৈছ। মই তাকেই সুধিছোঁ। কিবা এটা ডাইৰেকচন তোৰ মনত আছেই, হেমাংগ। তই বেছি কনফিউজড হৈ থাকিবলগীয়া দেখোন মই দেখা নাই।"
"হয়। কোনোবাখিনিত মই স্পষ্ট। এতিয়া গল্প হিচাপে হিড়িম্বা পুত্ৰ ঘটোৎকচ ডাঙৰ হৈ উঠাৰ কথাখিনি - তাৰ উদ্বিগ্নতা, উৎকন্ঠা, অপেক্ষা এইবোৰ উপজীব্য হোৱা উচিত হ'ব, নে ভীমৰ সৈতে প্ৰথম দেখাদেখি হোৱাৰ মুহূৰ্তখিনি হ'ব সেইখিনিত মই সিদ্ধান্ত ল'ব পৰা নাই। ভীম, মানে তাৰ পিতাকৰ সৈতে যি সাক্ষাতৰ মুহূৰ্ত সেয়া মোৰ বাবে খুব সাঙ্ঘাতিক এটা নাটকীয় মুহূৰ্ত। দুয়োটা চৰিত্ৰৰে ফালৰেপৰাই চাইছোঁ। এজন পুত্ৰ যি আজন্ম নিজৰ পিতাকক চাবৰ বাবে ব্যাকুল হৈ আছে। এই প্ৰথম দেখা পালে। কিন্তু সকলো মানৱীয় আৱেগ-অনুভূতিৰ ওপৰত যিটো সত্য - সেয়া হ'ল আচলতে কিবা এটা অভীপ্সা লৈহে পিতাক আহিছিল তাৰ ওচৰলৈ।"
"ঠিকেই।"
"কিন্তু আনটো চৰিত্ৰৰ কথাও ভাবিছোঁ। ভীমক ভিলেইন কৰি দিবৰ মোৰ মন নাই। এজন পিতাক। যি নিজৰ সন্তানক ইমান বছৰৰ পিছত লগ পাইছে - নিজৰ অলক্ষিতেই ইমান ডাঙৰ হ'ল! কিন্তু এতিয়া বুকুত শিল বান্ধি তেওঁ যি আগ বঢ়ালে সেয়া হ'ল পুতেকৰ মৃত্যু প্ৰস্তাৱ। খুব মৰ্মান্তিক!"
"দুটা চৰিত্ৰৰ মানসিক সংঘাত - এয়াই উপজীব্য তেনেহ'লে। নহয় জানো?"
"হয়, কিন্তু মানসিক সংঘাতৰ কথা ক'বলৈ গৈ খুব ভাবগধুৰ কাব্যিক কাব্যিক যেন লগা গল্প এটা লিখিবৰ মোৰ মন নাই। ভাবঘন বা ভাবগধুৰ বৰ্ণনাই কেতিয়াবা গল্প এটাৰ কথকতাত আমনিহে দিয়ে। সেইকাৰণেই মই নতুন অসমীয়া গল্প কিছুমান পঢ়ি বেয়া পাওঁ।"
"তেনেকুৱা একো কথা নাই। ইমান জেনেৰেলাইজড কৰি নোচোৱাই ভাল।"
"হয়। মানিছোঁ বাৰু। মোৰ এই দোষটো আছে। অলপতে ফে’চবুকত এনেকৈ নতুন অসমীয়া গল্প সম্পৰ্কে টুলুঙা মন্তব্য এটা দিয়াৰ কাৰণে মন্তব্যটো নিজে গাত পাতি লৈ জুৰিয়ে মোক ফে'চবুকত আনফ্ৰেইণ্ডো কৰি পেলালে।"
"অ' সিদিনা যে তই বৰকৈ কৈ আছিলি, সেইজনী ছোৱালীয়েই নহয় জানো? কথা বিষম তাৰ মানে?"
"জোকাবলৈ এৰক। সেইবোৰ ইমান ডাঙৰ একো কথা নহয়। বাদ দিয়ক।"
"মহাভাৰতৰ প্ৰতিটো চৰিত্ৰ বা প্ৰতিটো পৰিস্থিতিয়েই জটিল। ইমানবোৰ প্ৰসংগ-অনুষংগ জড়িত হৈ আছে, তাৰ লগতে ইমানবোৰ মনস্তাত্ত্বিক দিশ।"
"হয়। সেয়েহে ঘটোৎকচৰ চৰিত্ৰটো গঢ় দিবলৈ যেনেকৈ সি জুৰিৰ পানীত নিজৰ মুখ চাই থকাৰ কথাখিনিৰে আৰম্ভ কৰিছিলোঁ, মই ভাবো ভীমৰো অলপ অন্য মুহূৰ্তৰ কথা আনিব লাগিব। মানে কেনেকৈ কি পৰিস্থিতিত ভীম পুতেকৰ ওচৰলৈ তাৰ বলিদান বিচাৰি আহিল - সেইখিনি।"
"মানে?"
"মানে - এই ধৰক - কুৰুক্ষেত্ৰৰ ৰণ চলি আছে, কৃষ্ণ আৰু পাণ্ডৱে মিলি আগন্তুক ৰণনীতি প্ৰস্তুত কৰি আছে। এতিয়া সকলোৱে জানে যে কৰ্ণৰ হাতত এনে এপাট অস্ত্ৰ আছে যাৰ প্ৰয়োগত অৰ্জুনৰ মৃত্যু অৱশ্যম্ভাৱী। আৰু অতি শীঘ্ৰেই কৰ্ণই যে সেইপাট অস্ত্ৰ প্ৰয়োগ কৰিব সেয়াও সকলোৱে জানে। এতিয়া কি কৰা উচিত? কৰ্ণৰ সন্মুখলৈ অৰ্জুনৰ সমকক্ষ অন্য এজন বীৰক পঠাব লাগিব যাক হৰুৱাব নোৱাৰি বাধ্য হৈয়েই সেই বিশেষ অস্ত্ৰপাট কৰ্ণই প্ৰয়োগ কৰিবলগীয়া হয়। যদি এনে কৰিব পৰা যায় তেনেহ'লে অৰ্জুন বাচি যাব।"
"আৰু অৰ্জুন বাচি থকাটো জৰুৰী। নহয় জানো।"
"হয়।"
"এইটোৱেই কথা। গোটেই মহাভাৰতখনেই হ'ল - অল এবাউট প্ৰিভিলেজিং। কাক কি সুবিধা দিয়া হ'ব আৰু কাক কি দিয়া নহ'ব। জীয়াই থকাৰ অধিকাৰ কাক দিয়া হ'ব আৰু কাক বঞ্চিত কৰা হ'ব। কোন পৰিস্থিতিত কাক অব্যাহতি দিয়া হ'ব, কাৰ অধিকাৰ কাঢ়ি নিয়া হ'ব - এইবোৰেই। নে মিছা কৈছোঁ?"
"ঠিকেই কৈছোঁ। ভীম পিতাক হিচাপে মান্তি হ'ব খোজা নাছিল কৃষ্ণৰ বুদ্ধিত। কৃষ্ণৰ বুদ্ধি আছিল যে ঘটোৎকচৰ সমকক্ষ বীৰ আৰু নাই। কৰ্ণই সেই বিশেষ অস্ত্ৰপাট ব্যৱহাৰ নকৰালৈকে ঘটোৎকচক কোনোপধ্যেই হৰুৱাব নোৱাৰিব। ভীমৰ বাবে কথাটো বৰ অসহনীয় আছিল। নিজৰ পুতেকটোক মৰিবলৈনো কেনেকৈ আগ বঢ়াই দিব? আৰু ডাঙৰ কথা, যিটো পুতেকক আজিলৈকে দেখাই পোৱা নাই তাক প্ৰথমবাৰৰ বাবে লগ পায়েই এই মৃত্যুৰ প্ৰস্তাৱ কেনেকৈ আগ বঢ়াই দিব? সেয়েহে ভীমেও কৈছিল যে পুতেকক আগ বঢ়াই দিয়াতকৈ তেওঁ নিজেই কৰ্ণৰ সন্মুখলৈ আগ বাঢ়ি যাব। নিজেই বুকু পাতি ল'ব কৰ্ণৰ সেই অপ্ৰতিৰোধ্য অস্ত্ৰ।"
"কিন্তু বৃকোদৰ ভীমৰো জীৱন ইম্পৰটেন্ট। নহয় জানো?"
"হয়।"
"বাৰু এটা কথা ক-চোন।"
"কওক, কি?"
"পিতা বৃকোদৰে যেতিয়া আপোন পুত্ৰক প্ৰথম সাক্ষাততে যুদ্ধলৈ মাতি আত্ম বলিদানৰ বাবে প্ৰৰোচিত কৰিব, তেতিয়া ঘটোৎকচে সেই আহ্বান মানি ল'ব নে বিৰোধিতা কৰিব?"
"মানি ল'ব। সি যেন এই দিনৰ অপেক্ষাতেই আছিল।"
"নহয়, মই সুধিছোঁ তোৰ গল্পৰ ঘটোৎকচৰ কথা। তোৰ গল্পৰ ঘটোৎকচে সকলো নিৰ্বিবাদে হাঁহিমুখে মানি ল'ব নে ওলোটাই প্ৰশ্ন কৰিব? বাৰু এতিয়াই উত্তৰ দিব নালাগে। অলপ ভাবি লৈ ক'লেও হ'ব। তোৰ দেৰি হোৱা নাইতো?"
"নাই। আৰু আধা ঘন্টামান বহিব পাৰিম।"
"আকৌ বহুত দূৰ চাইকেল কোবাই যাব লাগিব নহয়।"
"নাই। বিশেষ অসুবিধা নাই। এনেয়েও আপোনাৰ ওচৰলৈ কেবাদিনো আহিবই পৰা নাছিলোঁ। আজি ভাল লাগিছে। ইমানবোৰ কথা উঠিছে।"

"মানে সাৰাংশ উলিয়াই ক'বলৈ গ'লে ঘটোৎকচৰ জন্মই হৈছিল বলিদানৰ বাবে। সি জানিছিলেই যে তাৰ জীৱনৰ এটা উদ্দেশ্য আছে - যিটো তই আৰম্ভণিতেই কৈছিলি। সেই উদ্দেশ্যটো হ'ল বলিদানৰ। নহয় জানো?"
"হয়। এতিয়া সেই বলিদানৰ সময় আহিল।"
"ওঁ। বলিদানলৈ তাকেই আগ বঢ়োৱা হয় যাক তুলনামূলকভাৱে তুচ্ছ বুলি ভবা হয়। জীৱ-জন্তুৰ ক্ষেত্ৰতো চা, মানুহে সাধাৰণতে মূৰ্খ বুলি ভবা ছাগলী আৰু ম'হকে বলি দিয়ে। মহাভাৰতৰ নেৰেটিভত কেন্দ্ৰত থকা চৰিত্ৰ এটাক বাদ দি বলি দিবলৈ বাছনি কৰা হ'ল পেৰিফেৰিত থকা চৰিত্ৰ এটাক।"
"ঠিকেই কৈছে। মই এতিয়ালৈকে এই পেৰিফেৰি-ৰ আইডিয়াটো ভবাই নাছিলোঁ।"
"এতিয়া হয়তো অসমৰ লগত ঘটোৎকচৰ ধাৰণাটোৰ সংযোগটো বুজি পাবলৈ অসুবিধা নহ'ব।"
"ভাবি আছোঁ।"
"আৰম্ভণিৰেপৰাই ভাবিব পাৰ। পিতৃপুৰুষ কোন ঘটোৎকচেও দেখা পোৱা নাই। অসমেও নাজানে। কাৰোবাৰ মতে যদি আধুনিক অসমৰ পিতৃপুৰুষ ছুকাফা, কাৰোবাৰ মতে শংকৰদেৱ। কাৰোবাৰ মতে আকৌ তাৰো আগৰ ভূমিপুত্ৰসকলেই। কিন্তু ব্ৰিটিছ শাসনৰ পিছৰ কালৰ ভাৰতবৰ্ষৰ যি ধাৰণা - তাৰ আধাৰতেইহে আজিৰ অসমৰ ধাৰণাটো বৰ্তি আছে বুলি যি মত - সেইমতে আকৌ আধুনিক ভাৰতেই আধুনিক অসমৰো জন্মদাতা। ঘটোৎকচৰ আত্মপৰিচয়ৰ সংকট আৰু অসম দেশৰ আত্মপৰিচয়ৰ সংকট - কোনোবাখিনিত একেই। খিলঞ্জীয়া জনজাতীয় মূল। ব্ৰাহ্মণ্যবাদৰ আগ্ৰাসন। নিজৰ অস্তিত্বক লৈ প্ৰশ্ন। আৰু বুজাই ক'ব লাগিব নেকি?"
"নালাগে।"
"তাৰ পিছতে মনত পেলা উপেক্ষাৰ ৰাজনীতি আৰু একেবাৰে শেষত বলিদান। কেন্দ্ৰীয় ভাৰতবৰ্ষৰ ধাৰণাটোত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু ইয়াৰ মানুহৰ অৱস্থান কি তাকতো আৰু বহলাই ক'ব নেলাগে। প্ৰয়োজনত মনত পেলালেই হ'ল। অপ্ৰয়োজনত অস্তিত্বও স্বীকাৰ কৰিব নেলাগে। মহাভাৰতৰ কাহিনী কওঁতে ঘটোৎকচলৈ আৰু বিনা কাৰণত মনত পেলায় কোনে? নহয় জানো? তাৰ পিছত এতিয়া আহিল চূড়ান্ত সময় - বলিদানৰ। আত্ম আহুতিৰ আহ্বান। আহক, সমগ্ৰ দেশকে হিন্দু ৰাষ্ট্ৰ কৰি তোলাৰ মহান উদ্দেশ্য সফল কৰিবৰ স্বাৰ্থতে - আহক আত্মবলিদান দিয়ক। এয়াই পিতা ৰাষ্ট্ৰৰ আহ্বান। এতিয়া সময় হ'ল। জীৱনৰ উদ্দেশ্য সাফল্যমণ্ডিত কৰি তোলক।"
"মহেন্দ্ৰদা, আপুনি অলপ উত্তেজিত হৈছে।"
"নাই হোৱা। হোৱা উচিত। বাৰু তোৰ দেৰি হৈছে নেকি? বহু দূৰ যাব লাগিব নহয়।"
"তাকেহে। মই উঠোঁ আজিলৈ।"
"যা বাৰু। এনেকৈয়ে আহি গৈ থাকিবি। এতিয়া বেছি দেৰি কৰিলে সিফালে তোৰ ঘৰ গৈ পাওঁতেও পলম হ'ব।"
"আহোঁ। পিছৰবাৰ আহোতে আশা কৰিছোঁ, হাতত কিবা এটা লৈহে আহিম। লিখিত ৰূপত।"
"এয়াহে কথা।"
"কিবা এটা কথা বুজি পালোঁ যেন লাগিছে। আমি জানো কথাবোৰ। কিবা ভাবিহে নাচাওঁ। কিন্তু গল্প নহৈ এইটো বেলেগ কিবা এটা লেখাহে হ'বগৈ যেন লাগিছে।"
"ছ' হোৱাট?"

(পৰিশিষ্ট : হেমাঙ্গৰ ঘটোৎকচে পিতাকৰ অনুৰোধ মানি নোলোৱাটোকেই সিদ্ধান্ত হিচাপে ল'লে। সি ওলোটাই প্ৰশ্ন কৰিব।)

Share Button
Print Friendly, PDF & Email

1 Comment : "ঘটোৎকচ a story of privileging - ( সমুদ্ৰ কাজল শইকীয়া)"

Leave a Comment

Your email address will not be published. Required fields are marked *