অতিথি শিতানৰ সম্পাদকৰ একলম : প্ৰথম সংখ্যা

সুজাতা হাতীবৰুৱা

আলোচনীখনৰ আৰম্ভণি সংখ্যাৰ অতিথি শিতানৰ বাবে এটা মূল বিষয় বাছি লোৱাৰ কথা যেতিয়াই আহিল, শিশুসকলৰ কথাই মনলৈ আহিল। সমাজৰ সচেতন বুলি ভবা লোকসকলৰ ওচৰত তৰ্ক-বিতৰ্ক, আলোচনা কৰিবলৈ বহু ডাঙৰ ডাঙৰ বিষয় থাকে। আৰু সেইবোৰৰ মাজত শিশুসকলৰ লগত জড়িত বিষয়সমূহৰ আলোচনা চকুত নপৰেই। আমি শিশুৰ কথা নাভাবোঁ, কাৰণ হয়তো শিশুসকলে নিজৰ সমস্যাবোৰ ভালদৰে নিজে বুজিব নোৱাৰে বা বুজিলেও ডাঙৰক ফুটাই প্ৰকাশ কৰিব নোৱাৰে। ৰাজনৈতিক দলবোৰৰ বাবেও শিশুসকল অৱহেলিত, কাৰণ তেঁওলোকে ভোট দিব নোৱাৰে। অথচ খাবলৈ নাপাই ৰাস্তাত ঘূৰি ফুৰা শিশুটোৰপৰা কোনোদিনে মাটিত ভৰিখনো দি নোপোৱা শিশুটোলৈকে, তেঁওলোকে কিমান যে আমি ধৰিব নোৱৰা অসুবিধাৰ মাজেৰে দিন নিয়াইছে! বুঢ়া বাঁহ পোনোৱাত ব্যস্ত আমি কুমলীয়া বাঁহৰ কথা পাহৰিয়েই যাওঁ।

আমি ওপৰতে শিশুৰ সুৰক্ষা আৰু অধিকাৰৰ কথা কওঁ, অথচ প্ৰতিদিনে জনাই-নজনাই কিমানধৰণে যে শিশুৰ অধিকাৰ উলংঘন কৰি থাকোঁ! মৰমৰ নামত বিনা অনুমতিত চুমা খোৱা, গাল পিটিকাৰপৰা আৰম্ভ কৰি বাছত খালী আসন বিচাৰি শিশুসকলক থিয় হ'বলৈ বাধ্য কৰোৱালৈকে, আকৌ ফটোগ্ৰাফিৰ নামত নিজৰ বা আনৰ শিশুসকলৰ নগ্ন ফটো উঠাই ছ'চিয়েল ছাইটত upload কৰাৰপৰা নিজৰ ধাৰণাবোৰকে প্রশ্ন কৰিবলৈ নিদিয়াকৈ মানি চলিবলৈ বাধ্য কৰোৱালৈকে৷ আনকি প্রাপ্তবয়স্কৰ ধৰ্মীয় নাটবোৰ শিশুৰদ্বাৰা মঞ্চস্থ কৰাওঁ,‘শীলা কী জৱানী’-জাতীয় গীততো শিশুক প্রতিযোগিতাত নচুৱাওঁ৷ শিশু শ্ৰমিক প্ৰতিৰোধ আইনৰ সংশোধনৰ নামতে শিশু শ্ৰমিকক বৈধতা দিয়াৰ কথা উঠিছে। এইবোৰত যেন আমাৰ কৰিবলগা, ভাবিবলগা একো নাই। ভাবোঁ, এহ্ এইবোৰনো আৰু কি? সংঘৰ্ষপীড়িত অঞ্চলৰ শিশু, অনাথ, অঘৰী শিশুসকলৰ কথা নকৱেঁই!

শিশুসকলে নিজৰ কথা ক’ব নোৱাৰে, অথচ ৰাতিপুৱা শুই উঠি মুখত লোৱা টুথপেষ্টটোৰপৰা ৰাতি শুবলৈ গৈ মহ খেদোৱা জুলীয়া ঔষধবিধ চালু কৰালৈকে, সকলোবোৰ বস্তুৰে বিশেষজ্ঞ হিচাপে শিশুসকলক ব্যৱহাৰ কৰিবলৈ লৈছে কোম্পানিবোৰে। এইবোৰ ভাবিবলগা বিষয় নহয় জানো? দেশৰ বাজেটত শিশুসকলৰ বাবে ধন কমি আহিছে, শিশু সাহিত্যত বিনোদনমূলক উপাদান বাঢ়িছে, জ্ঞানবৰ্ধক উপাদান বাঢ়িছে। পিছে ক'ৰবাত নহয় ক'ৰবাত যেন চূড়ান্ত ব্যক্তিবাদ আৰু বজাৰসৰ্বস্ব মানসিকতাহে ফুটি উঠিছে। অলপ দিনৰ আগৰ এটা ভাষণত হীৰেন গোহাঁইদেৱে ক'বৰ দৰে, পুৰণি দিনৰ শিশুৰ সাধুবোৰে, য'ত গছে, বনৰীয়া জীৱ-জন্তু আদি প্ৰকৃতিৰ বিভিন্ন অংগই কথা কৈছিল, শিশুসকলক এটা সামাজিক জীৱনৰ গুৰুত্ব তথা প্ৰকৃতিক ভাল পাবলৈ শিকাইছিল যিটো বৰ্তমান শিশু সাহিত্যত প্ৰায় অনুপস্থিত। আগৰ লব্ধপ্ৰতিষ্ঠিত সাহিত্যিকৰ কাপৰপৰাও শিশুক ক'বলৈ কথা উলাইছিল। আজিকালি সেয়া কিমান বা দেখা যায়! বছৰি শিশু চলচ্চিত্ৰওনো কেইখন বনোৱা হয়!

শিশুসকলৰ কথা ভবাটো শিশু অধিকাৰ কৰ্মী, শিশু সাহিত্যিক বা চৰকাৰৰে দায়িত্ব বুলি বহি থকাটো আমাৰ আলস্য আৰু চূড়ান্ত মূৰ্খামি নহয়নে? যুক্তিনিৰ্ভৰ মানৱতাবাদী সমাজ এখনৰ বাবে ডাঙৰসকলৰ দৰেই শিশুসকলৰ ওপৰতো গুৰুত্ব দিয়াটো সমানেই দৰকাৰী নিশ্চয়। সেয়ে আনবোৰ বিষয়ৰ সমান্তৰালভাৱে শিশু-বিষয়ক বিভিন্ন দিশসমূহৰ আলোচনায়ো সকলোতে সমানেই গুৰুত্ব পাওক যেন।

এইবাৰ বিষয়টোৰ বাবেই শিতানটিত লেখা হয়তো কমকৈ পৰিল। পিছে শিশুৰ মাজত মননশীল আৰু সুস্থ জীৱনবোধৰ বিকাশ, শিশুৰ সমস্যা, শিশুৰ নিজস্ব মানসিক জগতখন আদিক বিষয় হিচাপে লৈ লিখা হাতত পৰা লেখাকেইটা সময়োচিত আৰু মনোগ্ৰাহী।
কোনোধৰণৰ পূৰ্ব-অভিজ্ঞতা অবিহনে শিতানটি সম্পাদনা কৰাৰ কামটো লোৱা হৈছে যদিও আলোচনীখনৰ বাকী কৰ্মদলৰ সদস্য-সদস্যাসকলৰ আৰু লেখক-লেখিকাসকল তথা ‘মুক্ত চিন্তা’ গোটৰ সদস্য-সদস্যাসকলৰ সহায়-সহযোগতহে এইটো সম্ভৱ হৈছে। সকলোলৈকে আন্তৰিক কৃতজ্ঞতাৰে আৰু পঢ়ুৱৈসকলে আলোচনীখনক আদৰি লোৱাৰ কামনাৰে।

Share Button
Print Friendly, PDF & Email

No Comments : "অতিথি শিতানৰ সম্পাদকৰ একলম : প্ৰথম সংখ্যা"

Leave a Comment

Your email address will not be published. Required fields are marked *