সমকামিতা আৰু তৎসংলগ্ন দুটামান প্ৰশ্ন

যৌনতা তথা যৌন আচৰণৰ বিশ্লেষণৰ প্ৰসংগত কেৱল জীৱবিজ্ঞানৰ ওপৰত অত্যধিক গুৰুত্বাৰোপ কৰাটো আমাৰ বোধেৰে পদ্ধতি হিচাপে বেছি দূৰলৈ গ্ৰহণযোগ্য নহয়। জীৱবিজ্ঞানৰ তথ্য-পৰ্যবেক্ষণৰপৰা ইয়াৰ বাবে যথেষ্ট মূল্যৱান সমল পোৱা যাব পাৰে আৰু সেয়া বাঞ্ছনীয়ও। কিন্তু তেনে ধাৰণাৰ একাধিপত্যই আমাক একপ্ৰকাৰ জীৱবিজ্ঞানবাদ বা জীৱবৈজ্ঞানিক নিৰ্ধাৰণবাদৰ পিনে টানি নিয়াৰ আশংকা নুই কৰিব নোৱাৰি। গতিকে জীৱবিজ্ঞান আৰু সামাজিক প্ৰক্ৰিয়া – এই দুটাৰ কেনেধৰণৰ দ্বান্দ্বিক আৰু পৰিপূৰক সমন্বয় আৰু সংঘৰ্ষৰ মাজেৰে আমাৰ যৌন সত্তা তথা পৰিচিতিৰ নিৰ্মাণ হৈছে সেইটোহে আমি ভবাত ঘাই বিষয়। এইটো নিঃসন্দেহে সমাজবিজ্ঞানৰ প্ৰশ্ন। আৰু এই সম্পৰ্কত ইতিমধ্যে বিশ্বজুৰি আৰু ভালেমান দশকজুৰি ব্যাপক আৰু গভীৰ চিন্তা-চৰ্চা হৈছে। সেইসমূহ চিন্তা-চৰ্চা আমাৰ বৌদ্ধিক পৰিবেশত প্ৰবেশ কৰাহি নাই বাবেই আমি আজি শূন্যৰপৰা কৰাৰ দৰে – প্ৰচলিত নৈতিকতা, প্ৰাকৃতিক-অপ্ৰাকৃতিক আদিৰ সৰল ধাৰণাৰে – এইসমূহ বিষয়ৰ আলোচনা কৰিছো। এনেকুৱা বৌদ্ধিক পশ্চাদপদতা আমাৰ ইয়াত কিয় হৈছে তাৰো সমাজবৈজ্ঞানিক আৰু ৰাজনৈতিক কাৰণ আছে। সি যি নহওক, আমি সেই সম্পৰ্কীয় বহল আলোচনালৈ নগৈ আলোচ্য প্ৰসংগত থোৰতে দুই-এটা ধাৰণা বিক্ষিপ্ত ৰূপত দাঙি ধৰিবলৈ চেষ্টা কৰিম।

এটা সময়ত সাধাৰণভাৱে গ্ৰহণ কৰা হৈছিল যে মানুহৰ যৌন পৰিচিতি প্ৰাকৃতিক, আনহাতে লিংগ হ’ল সামাজিক নিৰ্মাণ। কিন্তু যৌন পৰিচিতিৰ এনে প্ৰাকৃতিক, সম্পূৰ্ণ আৰু বদ্ধ চৰিত্ৰ সম্পৰ্কে এতিয়া মৌলিক প্ৰশ্ন উত্থাপিত হৈছে। পূৰ্বে নাৰীবাদে নাৰী আৰু পুৰুষ কেটেগৰি দুটা যিধৰণে স্বয়ংসম্পূৰ্ণ হিচাপে গ্ৰহণ কৰিছিল আজি সেইদৰে গ্ৰহণ নকৰে। খুব সাধাৰণভাৱে ক’বলৈ গ’লে, যৌন পৰিচিতিক এতিয়া একশৈলিক আৰু কটকটীয়া ৰূপত ভবাৰ সলনি একধৰণৰ লেজুৱা আৰু বহুমুখী প্ৰক্ৰিয়া ৰূপতহে ভবা হয় – যাক সমাজে এক জটিল ব্যৱস্থাপনাৰ জৰিয়তে নিৰ্দিষ্ট ৰূপ দিবলৈ আৰু সেইমতে নিয়ন্ত্ৰণ কৰিবলৈ অহৰহ চেষ্টা কৰি থাকে। গতিকে এই দিশৰপৰা যৌনতাৰ প্ৰশ্নটো পূৰামাত্ৰাই ৰাজনৈতিক প্ৰশ্ন। যৌনতাৰ নিয়ন্ত্ৰণ হ’ল পুৰুষতন্ত্ৰৰ প্ৰধান স্তম্ভস্বৰূপ। বিষমলৈংগিক যৌনতা হ’ল পুৰুষতন্ত্ৰৰ যৌন ৰাজনীতিৰ মূল তত্ত্ব। বাধ্যতামূলক বিষমলৈংগিক যৌনতাৰ জৰিয়তে পুৰুষতন্ত্ৰই পুৰুষসত্তা আৰু নাৰীসত্তাৰ এক বৈপৰীত্যমূলক কটকটীয়া ধাৰণা প্ৰতিষ্ঠা কৰে, আৰু তাৰ ভিত্তিত সমাজৰ বিভিন্ন বস্তুগত-সাংস্কৃতিক সম্পদৰ বিতৰণত নিয়ন্ত্ৰণ সাব্যস্ত কৰে। ইয়াৰ ফলস্বৰূপে নাৰীৰ স্বাৰ্থ আৰু ইচ্ছা-অনিচ্ছাৰ ওপৰত পুৰুষৰ আধিপত্য প্ৰতিষ্ঠিত হয়। এই ব্যৱস্থাক বৰ্তাই ৰাখে বৈচিত্ৰ্যপূৰ্ণ আৰু অসংখ্য সামাজিক সম্পৰ্ক আৰু সাংস্কৃতিক আচৰণৰ এক নেটৱৰ্কে যি বিষমলৈংগিক পৰিয়াল ব্যৱস্থা তথা তাৰ প্ৰমূল্যসমূহক (যেনে, মাতৃত্বৰ মহিমান্বয়ন) অলংঘনীয় আদৰ্শ হিচাপে দাঙি ধৰে। কিন্তু কেৱল নাৰীয়েই নহয়, বিষমলৈংগিক যৌনতাৰ উচ্চ আদৰ্শৰ ব্যতিক্ৰম হিচাপে, প্ৰত্যাহ্বান হিচাপে বা অস্বস্তিকৰ হিচাপে থিয় দিয়া যিকোনো ব্যক্তিসমষ্টি বা আচৰণৰ ওপৰতেই এই ব্যৱস্থাই দমন আৰু অত্যাচাৰ চলায়। উদাহৰণস্বৰূপে, হিজৰাসকলৰ দুখজনক অৱস্থাৰ কথা ক’ব পাৰি। ক’বলৈ গ’লে, হিজৰাসকল বিষমলৈংগিক পৰিয়াল ব্যৱস্থাৰ প্ৰতি এক মৌলিক প্ৰত্যাহ্বান। এই প্ৰত্যাহ্বানটো মোকাবিলা কৰিবৰ বাবেই তেওঁলোকৰ প্ৰান্তীয়কৰণ ঘটোৱা হৈছে : ধৰ্মীয় চৰিত্ৰৰ কিছুমান বিশেষ পৰিস্থিতিত তেওঁলোকৰ আহ-যাহ ঘটিলেও সমাজৰ মূলসুঁতিত তেওঁলোকক স্থান দিয়া নহয়, তেওঁলোকৰ স্থান হ’ল সমাজৰ এচুকত অলক্ষিত অন্ধকাৰত। অৱশ্যে তাতেই তেওঁলোকে তেজৰ সম্পৰ্কৰ বাহিৰৰ এক সখিত্ব আৰু সম্প্ৰদায়গত বান্ধোনেৰে সমূহীয়া জীৱনৰ এক নতুন ৰূপ গঢ় দিছে। সি যি নহওক, হিজৰাসকলৰ নিচিনাকৈয়ে শিশু, ‘ছোৱালীসুলভ’ ল’ৰা, ‘ল’ৰাসুলভ’ ছোৱালী, দৰিদ্ৰ-নিম্নবৰ্গ পুৰুষ আদি সকলোৱেই এই ব্যৱস্থাটোৰদ্বাৰা অত্যাচাৰিত। কিন্তু তাতোকৈ ডাঙৰ আৰু প্ৰাতিষ্ঠানিক অত্যাচাৰ হ’ল ‘স্বাভাৱিক’ ‘পুৰুষ’ আৰু ‘স্বাভাৱিক’ ‘নাৰী’য়ে সেই অৱস্থাত উপনীত হ’বলৈ আৰু তাক বৰ্তাই ৰাখিবলৈ নিজৰ ওপৰত চলোৱা অহৰ্নিশ আৰু অন্তহীন সাংস্কৃতিক অত্যাচাৰ। নাৰীয়ে ‘নাৰীত্ব’ বজাই ৰাখি যিদৰে নিজৰ হীনাৱস্থা স্বীকাৰ কৰিব ল’বলগা হয়, একেদৰে পুৰুষেও ‘পুৰুষত্ব’ বজাই ৰাখিবলৈ যথেষ্ট কষ্ট কৰিবলগা আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগা হয়। তদুপৰি নাৰীৰ ‘নাৰীত্ব’ আৰু পুৰুষৰ ‘পুৰুষত্ব’ কেতিয়াও, জীৱনৰ কোনো স্তৰতে ‘নিশ্চিত’ আৰু ‘নিশ্ছিদ্ৰ’ নহয় যাৰ পাছত তেওঁলোকে নিৰ্বিচাৰভাৱে জীৱন-আচৰণ কৰিব পাৰিব : তেওঁলোকে সকলো স্তৰতে অহৰহ আৰু দৈনন্দিন ভিত্তিত নিজৰ পৰিচিতিক সাব্যস্ত কৰি যাব লাগিব। নহ’লে তেওঁলোকৰ পতন অনিবাৰ্য – ‘পুৰুষত্ব’ আৰু ‘নাৰীত্ব’ৰপৰা পতনৰ এনে সম্ভাৱনাই জন্ম দিয়া আতংকই তেওঁলোকৰ অৱচেতন জীৱনত এক ঘাই সাংস্কৃতিক হেঁচা হিচাপে কাম কৰে।

আনহাতে, বাধ্যতামূলক বিষমলৈংগিক যৌন সম্পৰ্কই সন্তান উৎপাদন আৰু তাৰ জৰিয়তে সম্পদৰ উত্তৰাধিকাৰক নিশ্চিত কৰে। গতিকে আন যিকোনোধৰণৰ যৌন আচৰণ আৰু সম্পৰ্কই এই ব্যৱস্থাৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰে। উদাহৰণস্বৰূপে, হস্তমৈথুনে একধৰণৰ অনিয়ন্ত্ৰিত আৰু স্বয়ংসম্পূৰ্ণ যৌন আনন্দৰ ধাৰণা দাঙি ধৰে। এই ধাৰণাটো সন্তান উৎপাদনৰ ধাৰণাৰ প্ৰতি অস্বস্তিদায়ক। সেইবাবেই হয়তো হস্তমৈথুনক নাৰকীয় আৰু বীভৎস ৰূপত চিত্ৰিত কৰি এক নৈতিক আতংকৰ জন্ম দিব বিচৰা হয়। ক’বলৈ গ’লে, সমকামিতা বা অন্যান্যধৰণৰ যৌন পৰিচিতি তথা সম্পৰ্কসমূহক (এল জি বি টি – লেছবিয়ান, গে’, বাইছেক্সুৱেল আৰু ট্ৰেন্স-ছেক্সুৱেল) আমাৰ সমাজত ঘৃণাৰ চকুৰে চোৱা হয় কেৱল সিহঁতৰ শাৰীৰিক ৰূপ বা যৌন কাৰ্যকলাপৰ বাবে নহয় – বিষমলৈংগিক পৰিয়াল ব্যৱস্থাৰ প্ৰতি সিহঁতে সৃষ্টি কৰা প্ৰত্যাহ্বানৰ বাবেহে। সেইসমূহক চিত্ৰিত কৰা হয় ‘অস্বাভাৱিক’, ‘অপ্ৰাকৃতিক’, ‘মনস্তাত্ত্বিক বিকাৰ’ আদি বিবিধ ৰূপত। এইটো কৰাটো প্ৰয়োজনীয়, কাৰণ একমাত্ৰ তাৰ জৰিয়তেহে সিহঁতে সৃষ্টি কৰা প্ৰত্যাহ্বানক অবৈধ-অসিদ্ধ হিচাপে সংজ্ঞাবদ্ধ কৰি বিষমলৈংগিক পৰিয়াল ব্যৱস্থাৰ অবিসম্বাদী আধিপত্য অটুট ৰাখিব পৰা যায়। আনহাতে, এইসমূহ যৌন পৰিচিতি তথা সম্পৰ্কই সমাজত ‘বিশৃংখলা’ৰ সৃষ্টি কৰিব বুলিও কোৱা হয় – উপৰোক্ত দাবীটোৰ সৈতে এইটো দাবী স্ববিৰোধমূলক। কিন্তু ইয়াৰ জৰিয়তে – অৰ্থাৎ, ‘প্ৰাকৃতিক’ আৰু ‘স্বাভাৱিক’ ছিষ্টেম এটা সামাজিক শৃংখলাৰ মাধ্যমেৰে অটুট ৰখাৰ প্ৰয়োজনীয়তাৰ জৰিয়তে – ‘প্ৰাকৃতিক’, ‘স্বাভাৱিক’ আদি দ্বিবিভাজনযুক্ত ধাৰণাসমূহ কিদৰে সামাজিকভাৱে নিৰ্মাণ কৰা হয় আৰু বৰ্তাই ৰখা হয় তাৰ এটা আভাস পাব পাৰি। সি যি নহওক, এই প্ৰসংগতে বেশ্যালয়ৰ কথা উল্লেখ কৰিব পাৰি। এই ব্যৱস্থাই একে সময়তে পৰিয়াল ব্যৱস্থাক প্ৰশ্নও কৰিছে আৰু ব্যৱস্থাটো টিকি থাকিবৰ বাবে ঢোকাও যোগান ধৰিছে। কিন্তু ইয়াৰ স্বীকৃতিয়ে পৰিয়ালৰ আদৰ্শৰ প্ৰতি সৃষ্টি কৰিব পৰা প্ৰত্যাহ্বানৰ বাবেই বেশ্যালয় সম্পৰ্কে এক গভীৰ নীৰৱতা বজাই ৰাখিব বিচৰা হয়। এই প্ৰৱণতা আনকি বাঁও-গণতান্ত্ৰিক, কিছু নাৰীবাদী মহলতো বিদ্যমান।

গতিকে বেশ্যালয়, এল জি বি টি আদি প্ৰশ্নসমূহ তোলাৰ অৰ্থ হ’ল বিষমলৈংগিক যৌনতাৰ ওপৰত বৰ্তি থকা পুৰুষতন্ত্ৰৰ বিৰুদ্ধে থিয় দিয়া। কিন্তু দেখা যায় যে এল জি বি টি আন্দোলনসমূহ সম্প্ৰতি ঘাইকৈ লিবাৰেল ধাৰাত প্ৰৱহমান – সেইসমূহে ব্যক্তিৰ অধিকাৰ তথা ‘চইচ’ বা পছন্দৰ প্ৰশ্নটোকে মূল আদৰ্শ হিচাপে দাঙি ধৰিছে। ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৭ নং অনুচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদেই হওক (য’ত ‘প্ৰাকৃতিক শৃংখলা’ৰ বিৰুদ্ধে যোৱা যিকোনোধৰণৰ যৌন কৰ্মক শাস্তিযোগ্য অপৰাধ হিচাপে ঘোষণা কৰা হৈছে) বা অন্যান্য প্ৰসংগৰ ভিত্তিত আন্দোলনেই হওক, এল জি বি টি আন্দোলনসমূহে ভাৰতবৰ্ষত ইতিমধ্যে ভালেখিনি শক্তি আহৰণ কৰিছে আৰু ৰাজহুৱা পৰিসৰত তাৰ সগৌৰৱ আত্মঘোষণা পৰিলক্ষিত হৈছে। আচলতে ভাৰতৰ আধুনিক ৰাজহুৱা পৰিসৰত যোৱা শতিকাৰ নব্বৈৰ দশকৰপৰাই বিষমলৈংগিক যৌনতাক প্ৰশ্নৰ কাঠগৰাত থিয় কৰোৱাৰ প্ৰক্ৰিয়া ক্ৰমাগতভাৱে দেখিবলৈ পোৱা যায়। নাৰীবাদী আন্দোলনৰ জোৱাৰ, বিশ্বায়নে কঢ়িয়াই অনা সাংস্কৃতিক পৰিবৰ্তন, বিশেষকৈ এইডছ ৰোগক কেন্দ্ৰ কৰি হোৱা যৌনতা-সম্পৰ্কীয় চৰ্চা আদিয়েই ইয়াৰ ঘাই কাৰণ। এনে প্ৰেক্ষাপটতে যৌনতাক প্ৰথমবাৰৰ বাবে সন্তান উৎপাদন, সতীত্ব আৰু পৰিয়ালৰপৰা আঁতৰাই এক স্বতন্ত্ৰ কেটেগৰি হিচাপে দাঙি ধৰা হ’ল। আনহাতে, পুৰুষৰ ‘যৌন অত্যাচাৰ’ৰদ্বাৰা ‘নিপীড়িত’ ‘অসহায় ভুক্তভোগী’ নাৰীৰ সলনি যৌনভাৱে আত্মপ্ৰত্যয়দীপ্ত আৰু সবল নাৰীৰ আবিৰ্ভাব ঘটিল – নাৰীৰ বহল যৌন আত্মপ্ৰকাশৰ বাট মুকলি হ’ল। (ইয়াৰ প্ৰতিফলন জনপ্ৰিয় সংস্কৃতিতো দেখিবলৈ পোৱা গ’ল। বলিউডৰ পূৰ্বৰ সতী-সাধ্বী হিৰ’ইন আৰু তাৰ বিপৰীতে যৌনভাৱে সহজলভ্য-স্থূল ভেম্প – এই দুইটা সত্তা এতিয়া নতুন হিৰ’ইনগৰাকীৰ মাজত বিলীন হৈ যোৱা পৰিলক্ষিত হ’ল, যিগৰাকী হিৰ’ইন একে সময়তে সামাজিক মৰ্যাদাধাৰী আৰু ‘ছেক্সি’। কৈ থোৱা ভাল যে এনে পৰিবৰ্তন পৰিলক্ষিত হ’লেও জনপ্ৰিয় সংস্কৃতিৰ এই ধাৰাসমূহত বিষমলৈংগিক পৰিয়ালেই আদৰ্শ হিচাপে কাম কৰে। সেইবাবেই নায়িকাপ্ৰধান সৰহভাগ চিনেমাতে অকলশৰীয়া নায়িকাগৰাকীয়ে শেষত ডিপ্ৰেছন বা বিকাৰগ্ৰস্ততাত ভোগে বা আত্মহত্যা কৰে – অৰ্থাৎ, পৰিয়ালৰ বাহিৰত নাৰীৰ মুক্তি নাই।) যৌনতা আৰু যৌন ৰাজনীতি আদি বিষয়ত হোৱা এইসমূহ চিন্তা-চৰ্চায়েই মূলতঃ বিষমলৈংগিক যৌনতাৰ বিভিন্ন সমালোচনা বিকশিত কৰিলে তথা যৌনতাৰ বহুত্ববাদী ৰূপটো উন্মোচন কৰিলে। এই তাত্ত্বিক আধাৰ তথা সাংস্কৃতিক বাতাৱৰণক অৱলম্বন কৰিয়েই নাৰীবাদী আন্দোলনৰ লগতে বহু পৰিমাণে এল জি বি টি আন্দোলনসমূহ আগ বাঢ়িছে। কিন্তু তৎসত্ত্বেও ধাৰণা হয় যে এইসমূহে সামগ্ৰিকভাৱে বিষমলৈংগিক যৌনতা তথা তৎভিত্তিক পৰিয়াল ব্যৱস্থাৰ বিষয়ে মৌলিক আৰু ব্যৱস্থাগত তাত্ত্বিক সমালোচনা থিয় কৰিব পৰা নাই। কোনো কোনো নাৰীবাদী চিন্তাবিদেই স্বীকাৰ কৰিছে ভাৰতত নাৰীবাদী আন্দোলনসমূহে মূলতঃ পুৰুষতান্ত্ৰিক পৰিয়াল ব্যৱস্থাৰ মলম লগোৱা আৰু জুই নুমুওৱাৰ কামহে কৰি আছে। অৱশ্যে ইয়াত আমি নাৰীবাদী আন্দোলনসমূহৰ বিষয়ে অধিক আলোচনা কৰিব বিচৰা নাই। সি যি নহওক, এল জি বি টি আন্দোলনসমূহ ঘাইকৈ কস্ম’পলিটান নাগৰিক মধ্যবিত্ত সমাজৰ মাজত আবদ্ধ – চইচ বস্তুটো মূলতঃ তেওঁলোকৰে সম্পদ। এইসমূহে আইনগত আৰু সাংস্কৃতিক দিশৰপৰা মূল্যৱান সফলতা অৰ্জন কৰিব পাৰে। কিন্তু সমকামিতা বা অন্যান্যধৰণৰ অ-বিষমলৈংগিক যৌনতাক চইচ হিচাপে বা প্ৰাইভেচিৰ বিষয় হিচাপে প্ৰতিষ্ঠা কৰিব খোজাটোৱে আধিপত্যশীল যৌন আদৰ্শৰ বিপৰীতে কিছুমান বৈকল্পিক বা ব্যতিক্ৰমী যৌনতাৰ সম্ভাৱনাহে দাঙি ধৰে – ই বিষমলৈংগিক যৌনতাৰ ওপৰত প্ৰতিষ্ঠিত পুৰুষতান্ত্ৰিক ব্যৱস্থাটোক প্ৰত্যাহ্বান জনাব নোৱাৰে। এই ব্যৱস্থাক প্ৰত্যাহ্বান জনাবলৈ হ’লে লিবাৰেল ব্যক্তিবাদৰ ধাৰণাক অতিক্ৰম কৰি পুৰুষতন্ত্ৰ সম্পৰ্কে অধিক মৌলিক প্ৰশ্ন উত্থাপন কৰিব লাগিব। সেইটো কৰিবলৈ এল জি বি টি আন্দোলনসমূহ সাজুনে? ধৰক, স্বঘোষিত পুৰুষ সমকামীসকলৰ সৰহভাগেই হয়তো সম্পদশালী গ্লেমাৰাছ ব্যক্তি। তেওঁলোকে সামাজিক অৱস্থানৰ বিশেষাধিকাৰ ত্যাগ কৰি হিজৰাসকলৰ সৈতে, বেশ্যাসকলৰ সৈতে, শ্ৰমিকসকলৰ মাজৰ সমকামীসকলৰ সৈতে একে শাৰীত থিয় দিবহি নে? পুৰুষতন্ত্ৰৰ প্ৰমূল্যৰ বিৰুদ্ধে থিয় দিব খুজিলে শ্ৰেণীগত, বৰ্ণগত, ধৰ্মীয় আদি বিভিন্ন আৰু বিচিত্ৰ জটিল প্ৰশ্নৰ সন্মুখীন হ’ব লাগিব আৰু গভীৰ ৰাজনৈতিক দায়বদ্ধতা মূৰ পাতি ল’ব লাগিব। এইটো অনস্বীকাৰ্য যে এল জি বি টি আন্দোলনে বৰ্তমানৰ ৰূপতে বিষমলৈংগিক প্ৰমূল্যৰ প্ৰতি বহুখিনি সমালোচনা দাঙি ধৰিছে। তথাপি আমাৰ ভাব হয় যে পুৰুষতন্ত্ৰ সম্পৰ্কীয় মৌলিক প্ৰশ্নসমূহ উত্থাপন কৰিবলৈ আগ বাঢ়ি আহিলেহে এই আন্দোলনসমূহে বিষমলৈংগিক যৌনতাৰ এক সামগ্ৰিক আৰু অন্তৰ্ভেদী সমালোচনা দাঙি ধৰিব পাৰিব।

জিতেন বেজবৰুৱা

Share Button
Print Friendly, PDF & Email

No Comments : "সমকামিতা আৰু তৎসংলগ্ন দুটামান প্ৰশ্ন"

Leave a Comment

Your email address will not be published. Required fields are marked *