ঈশ্বৰ বিশ্বাস সম্পৰ্কে দুআষাৰ - (মানস প্ৰতীম কলিতা)

 

বিশ্বাস :

বিশ্বাস বৰ সাধাৰণ, নিমাখিত _ কিন্তু বহু ক্ষেত্ৰত গণ্ডগোল লগাব পৰা উপাদানেৰে সংপৃক্ত এটা অনুভূতি। পিতৃ-মাতৃৰ প্ৰতি সন্তানৰ বিশ্বাস, পিতৃ-মাতৃৰ সন্তানৰ প্ৰতি বিশ্বাস, আৰু বহুতো বিশ্বাসৰ আধাৰতেই এই পৃথিৱীত মানুহে মানুহৰ প্ৰতি ভাতৃ-ভাব পোষণ কৰি সমাজ পাতি বাস কৰি আছে। পিছে এইসমূহ বিশ্বাসে মানুহক বিপথগামী কৰি নোতোলে, মানুহৰ উত্তৰণত বাধা নজন্মায়। কিন্তু অজানা শক্তি (?) বা মানুহৰ চিন্তা-চেতনাই ঢুকি নোপোৱা কেতবোৰ ঘটনা-পৰিঘটনাৰ কাৰক (?)ৰ প্ৰতি বিশ্বাস অতীজৰেপৰা মানুহৰ উত্তৰণৰ বাটত হেঙাৰ হোৱা আমাৰ দৃষ্টিত ধৰা পৰিছে।

সাধাৰণতে দেখা যায় যে যিকোনো “ধৰ্ম বনাম বিজ্ঞান”ৰ আলোচনাত ধৰ্মৰ পক্ষত ধৰ্ম (আচলতে ঈশ্বৰ) বিশ্বাসীসকলৰ শেষ অস্ত্ৰ এপাটেই - “বিশ্বাসে মিলয় হৰি তৰ্কে বহু দূৰ“- বছ, খেল খতম। তাৰ মানে বিনা প্ৰমাণে দীৰ্ঘদিন ধৰি চলি অহা এটা “বিশ্বাস”ক বিশ্বাসেৰে আঁকোৱালি লোৱাটোৱেই ঈশ্বৰ বিশ্বাসীসকলৰ মূল কৰ্তব্য। কথা হ'ল, এই বিশ্বাসৰ আধাৰটোনো কি ? আন এটা বিশ্বাস ? অ', কাৰণ চেতনাৰ বিকাশৰ লগে লগে এটি শিশুৱে মাক-দেউতাক, ওচৰ-চুবুৰীয়া আটাইৰেপৰা ভগৱান, ঈশ্বৰ, তেৰাৰ কৰুণা-কৃপাৰ কথা শুনি থাকে, আৰু যিহেতু মাক-দেউতাকৰ ওপৰত এটি শিশুৰ অগাধ বিশ্বাস জন্মৰপৰাই থাকে, তেনেস্থলত তেওঁলোকৰ বিশ্বাসকো শিশুৱে নিজৰ বিশ্বাসৰ চাৰিসীমাত লালন-পালন কৰিবলৈ আৰম্ভ কৰে। (এই কথা সদম্ভে ক'ব পৰা যায় যে যদিহে মাক-দেউতাক বা ওচৰ-চুবুৰীয়াৰপৰা এটি শিশুৱে ঈশ্বৰৰ কথা নুশুনে তেন্তে নিজে নিজেই শিশুটোৱে ঈশ্বৰক ভকতি কৰিবলৈ আৰম্ভ নকৰে। এইখিনিতে এটা কথা মন কৰা যাওক, অসমত জন্ম হোৱা শিশু এটিয়ে জন্মৰ পিছত চাইনিজ ভাষা ক'বলৈ আৰম্ভ নকৰে, কিছুদিন পিছত সি অসমীয়া ক'বলৈহে আৰম্ভ কৰে। কিয় ? কাৰণ সি দেখে, শুনে আৰু শিকে। নে জন্মৰ লগে লগেই সি মহেশ্বৰ নেওগৰ প্ৰবন্ধ পঢ়ি অসমীয়া শিকে ?) এই বিশ্বাসৰ যুক্তিযুক্ততাৰ কথা ক'বলৈ যোৱাটো বাহুল্য মাথোন। সামাজিক জীৱনৰ অন্যতম এটি ভেটি হৈছে আইন-শৃংখলা। সকলোৱে এই কথা স্বীকাৰ কৰিবই যে আইন শৃংখলাৰ সুস্থ প্ৰয়োগ অবিহনে সমাজৰ অস্থিৰতাই নিয়ন্ত্ৰণৰ সীমাৰেখা পাৰ কৰিব। আইন যিহেতু ঈশ্বৰ বিশ্বাসী-অবিশ্বাসী নিৰ্বিশেষে সকলোৰে মংগলকামী এক আহিলা, আহকচোন, বিশ্বাস নামৰ অনুভূতিৰ লগত তাৰ দ্বন্দ্ব কোনখিনিত, তাক অলপ যুকিয়াই চাওঁ।

আইন :

আইননো কি ? শৃংখলাবদ্ধ সমাজ এখন গঠনৰ উদ্দেশ্যে মানুহে পৰিৱেশ-পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সকলোৰে বাবে প্ৰযোজ্য হোৱাকৈ বান্ধি লোৱা কেতবোৰ নীতি-নিয়ম। এতিয়া, এই যে “নিয়ম-নীতি”, তাৰ আধাৰটোনো কি ? সকলোৱেই এই কথাত ঐক্যমত পোষণ কৰিব যে এই নিয়ম-নীতিসমূহ বাস্তৱ আৰু বিজ্ঞানসন্মত যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত। আকৌ, ই অকল যুক্তিৰ ওপৰতেই নিৰ্ভৰ নকৰি প্ৰমাণৰ ওপৰতো নজৰ ৰাখে। আইনৰ নীতি-নিয়মৰ ভিত্তিটো এনেকুৱা যে ধৰা হ'ল, “ক”ই যদি অকাৰণে নিজৰ স্বাৰ্থৰ বাবে “খ”ক অশান্তি দি জে'ল খাইছে,  তেন্তে “গ”ই ঠিক একে কাৰণতে জে'ল খাব যদিহে “ক”ৰ ঘটনা পৰিস্থিতিৰ লগত “গ”ৰ পৰিস্থিতিও একে। এইটো কেৱল যুক্তিৰে প্ৰতিষ্ঠিত হয় _ যদি a=b আৰু b= c, তেন্তে  a= c। এতিয়া ধৰা হ'ল, কোনো ৭/ ৮ বছৰীয়া ল'ৰাই ভোকত থাকিব নোৱাৰি ফুটপাথৰ বাসিন্দা নিজৰ অক্ষম পিতৃ-মাতৃ বা ভাই-ভনীৰ বাবে ৰুটীৰ টুকুৰা চুৰ কৰি পুলিচৰ হাতত ধৰা পৰিলে তাক নিশ্চয়কৈ গুৰুতৰ অপৰাধ বুলি বিবেচনা নকৰে। এইক্ষেত্ৰত আইনে কথাটো মানৱীয় দৃষ্টিকোণেৰে চালি-জাৰি চায় ( মানে ওপৰত উল্লেখ কৰা ধৰণে “পৰিৱেশ-পৰিস্থিতিৰ” প্ৰতি লক্ষ্য ৰাখি)। যিহেতু ঈশ্বৰ অবিশ্বাসীসকলেও আইনকেই ভৰসা কৰে  তেতিয়াহ'লে আমি ক'ম যে আইনৰ মূল উপাদান “যুক্তিনিৰ্ভৰতা”ৰ ওপৰত ঈশ্বৰবিশ্বাসীসকলৰ “বিশ্বাস” অটুট। কথাটো অলপ টং কৰি চাবলগীয়া, কাৰণ কোনোবা বিষয়ত যুক্তিৰ ওপৰত সম্পূৰ্ণ বিশ্বাস, আকৌ ক'ৰবাত “তৰ্কে (যুক্তি) বহু দূৰ” বুলি উলাই কৰাতো সম্পূৰ্ণ স্ববিৰোধী। কথাখিনিৰ এইবাবেই অৱতাৰণা কৰা হ'ল যে বিশ্বাস কেৱল আৰু কেৱল ব্যক্তিগত পৰ্যায়ৰ কেতবোৰ ক্ষেত্ৰৰ অবিহনে অন্য প্ৰায় ক'তোৱেই ব্যৱহাৰ নহয়। ঠিক যেনেকৈ অফিচ-কাছাৰিৰ হিচাপ-নিকাচৰ বিভিন্ন নথি-পত্ৰ কেৱল প্ৰমাণ হিচাপে দাখিল কৰিবলৈকে ৰাখি থোৱা হয়, য'ত বিশ্বাসৰ ভিত্তিত বিত্তীয় লেনদেন কেৱল উপহাস মাত্ৰ। পৰৱৰ্তী পৰ্যায়ত “অজানা শক্তিয়েই এই বিশ্বৰ খনিকৰ”ধৰণৰ বিশ্বাসতো যে বিজ্ঞানভিত্তিক প্ৰত্যক্ষ প্ৰমাণৰ প্ৰয়োজন তাকেই কেৱল দোহৰা হৈছে।

ধৰ্মীয় অনুভূতি :

আটাইতকৈ শক্তিশালী আৰু প্ৰতিক্ৰিয়াশীল অস্ত্ৰ এইপাট। ব্ৰুনোক জীয়াই জীয়াই পুৰি মৰা হৈছিল কেৱল এই ধৰ্মীয় অনুভূতিত আঘাত দিয়াৰ বাবেই (অজুহাত আছিল এইটো, শাসক শ্ৰেণীৰ স্বাৰ্থত আঘাত হনা বাবেহে তেওঁক এই অজুহাতত হত্যা কৰা হৈছিল)। গেলিলিও গেলিলিৰ ক্ষেত্ৰতো একেই কথা প্ৰযোজ্য। ইংৰাজীত ক'বৰ লেখীয়া এইটো crystal clear যে ধৰ্মীয় অনুভূতিয়ে মানুহক কেতিয়াও আগুৱাবলৈ দিয়া নাই। য'তেই বাধা পাইছে ত'তেই মানুহক পুৰিছে, গুলীয়াইছে। প্ৰত্যেক ক্ষেত্ৰতেই যদি আমি ধৰ্মীয় অনুভূতিক প্ৰশ্ৰয় দিওঁ, আমাৰ উত্তৰণৰ পথ বন্ধ হ'ব, হৈছেই। যেনে ক'ৰবাত ধৰ্মৰ নামত আফিং, ভাং আদিৰ প্ৰচলনৰ আইনে বিৰুদ্ধাচৰণ কৰিছে, তেতিয়াই তথাকথিত ধৰ্মীয় অনুভূতিক আইনৰ বিৰুদ্ধেই প্ৰয়োগ কৰা হৈছে। এই ক্ষেত্ৰত এটা দ্বন্দ্বই দেখা দিয়ে।  মানৱীয় দৃষ্টিকোণেৰে মানৱীয় অনুভূতিৰ ব্যাখ্যা সহজ যদিও একেই মানুহৰ উত্তৰণৰ বাটৰুদ্ধকাৰী “অনুভূতি”ৰ প্ৰতি সন্মান প্ৰদৰ্শন বা মূল্য প্ৰদান কিমান গ্ৰহণীয় ? বা কথাটো অন্য দৃষ্টিৰে ল'লে এনে হ'ব যে আইনৰ গইনা লৈ মানুহে নিজে নিজৰ উত্তৰণৰ পথ বন্ধ কৰি আহিছে।

ঈশ্বৰ বিশ্বাসী, জ্যোতিষী, বাবা, সমাজৰ বিভিন্ন উচ্চ পদবী ধাৰণকাৰী শিক্ষিত (?) মানুহবোৰে জানি-শুনি বা অজানিতে সমাজৰ প্ৰচুৰ পৰিমাণে ক্ষতি কৰে। যুক্তিবাদীসকলৰ প্ৰতি কৰা অন্যায় দেখিও হাত সাবটি বহি থকাটো নৈতিক সমৰ্থন (moral support)ৰ আওতাত পৰে। অথচ আজিৰ সমাজখন এই পৰ্যায়লৈ আগ বঢ়াই নিয়াত সকলোতকৈ বেছি অৱদান আছে যদি সেয়া যুক্তিবাদী বিজ্ঞানমনস্ক ব্যক্তিসকলৰ, যিয়ে বিশ্বাসতকৈ প্ৰত্যক্ষ অথবা পৰোক্ষ প্ৰমাণভিত্তিক বিজ্ঞানক সমাজ উত্তৰণৰ আহিলা হিচাপে ব্যৱহাৰ কৰাৰ পক্ষে সদায় মাত মাতি আহিছে।

অলপ দিন আগতে ঈশ্বৰ বিশ্বাসী এজন লোকে ভগৱানৰ প্ৰমাণ আৰু বিজ্ঞানৰ বিফলতাৰ উদাহৰণ দিছিল এইবুলি যে যদি পাৰে বিজ্ঞানে কেতবোৰ সূত্ৰ প্ৰমাণ কৰি দেখুৱাওক (সূত্ৰ হিচাপে তেওঁ যিবোৰ উল্লেখ কৰিছিল সেইবোৰ এতিয়ালৈ বিজ্ঞানৰদ্বাৰা অনাৱিষ্কৃত)। এই কথাৰ উত্তৰ হিচাপে এটা কথা উনুকিয়াব খোজোঁ যে বিজ্ঞানৰ কিছুমান কথা আজি প্ৰমাণ কৰিব নোৱাৰিলেই বিজ্ঞান বিফল নহয়। বিজ্ঞান এটা কষ্টকৰ যাত্ৰা। শিলে শিলে জুই লগা দিনৰপৰা আজিপৰ্যন্ত বিজ্ঞানে নিজকে শুধৰাই অহাৰ লগতে নিজৰ উত্তৰণ ঘটাইছে, যাৰ সুফল আমি সকলোৱে আজি ভোগ কৰিবলৈ পাইছোঁ। যেনে কিছু দশক আগলৈ যক্ষ্মা ৰোগৰ চিকিৎসা সম্ভৱ নহৈছিল। তেতিয়া ঈশ্বৰ বিশ্বাসীসকলে এইবুলি তালফাল লগাইছিল যে যদি বিজ্ঞানৰ ইমানেই শকতি তেন্তে পাপৰ শাস্তিস্বৰূপে ঈশ্বৰৰদ্বাৰা আৰোপিত যক্ষ্মা ৰোগ নিৰ্মূল কৰি দেখুৱাওক। সেই সময়ত ততালিকে নোৱাৰিলেও আজি কিন্তু আমি সকলোৱে দেখিছোঁ যে যক্ষ্মা ৰোগ সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব পাৰি। ইয়াত হাৰি ঈশ্বৰ বিশ্বাসীসকলে এইডছত ধৰিছে। বিজ্ঞানে যিমানে আগুৱাই গৈ থাকে, ধৰ্ম বা ঈশ্বৰ বিশ্বাসে তাতকৈ দুখোজ আগুৱাই গৈ “তেতিয়ালৈ অনাৱিষ্কৃত” বস্তুৰ হাতত ধৰি বিজ্ঞানক বিফল আৰু ঈশ্বৰক সফল বা প্ৰামাণ্য বুলি ক'ব খোজে।

বিজ্ঞানে পৰ্যায়ক্ৰমে পৰীক্ষা-নিৰীক্ষা কৰি যি কথা universally applicable (এই ক্ষেত্ৰত universe বোলোতে কেতিয়াবা কেৱল পৃথিৱীখনকে ধৰা হয় ) তাক গ্ৰহণ কৰি ঢাপে ঢাপে আগ বাঢ়ে। বিজ্ঞানে পুৰাতন ধাৰণাকে খামুচি ধৰি নাথাকি যুক্তিৰ আলম লৈ নতুন ধাৰণাক আঁকোৱালি লয় (যিটো ধৰ্মৰ ক্ষেত্ৰত দেখিবলৈ পোৱা নাযায়)। ধৰ্মই কিন্তু একে স্থানতেই ৰৈ থাকিল। (ইয়াতে ইশ্বৰ বিশ্বাসীসকলে এটা বহুপঠিত কৌতুকৰ উদাহৰণ দিব পাৰে। এজন মানুহক সোধা হ'ল - আপোনাৰ বয়স কিমান ? তেওঁ ক'লে ৪০, প্ৰশ্নকৰ্তা - ৫ বছৰ আগতেও একেটা বয়সেই কৈছিল যে, মানুহজন - মই ভদ্ৰলোক, মোৰ কথাৰ লৰচৰ নহয়!!) এতিয়া বহুতেই ক'ব যে ধৰ্মৰ ক্ষেত্ৰতো নতুনত্ব আঁকোৱালি লোৱা হৈছে, নতুন সংস্কাৰধৰ্মী তাঙৰণ ওলাইছে। কিন্তু ঈশ্বৰ বিশ্বাসৰ যি অযৌক্তিক আৰু ভ্ৰান্ত ধাৰণা বা মূল বিষয়বস্তু একেই থাকিল। কাল্পনিক ঈশ্বৰৰ স্তুতিয়েই ব্যক্তিগত জীৱনৰ সুখ-দুখ নিৰ্ধাৰণৰ কাৰক বোলা ধাৰণা বৰ্তি থাকিল।

এইখিনিতে ঈশ্বৰ বিশ্বাসীসকলৰ হাস্যকৰ প্ৰত্যাহ্বান যে পাৰে যদি বিজ্ঞানে এটা ক্ষুদ্ৰ পোক সৃষ্টি কৰি দেখুৱাওক। হাস্যকৰ এইবাবেই যে তেওঁলোকে অকল “বিশ্বাসে”ই নহয়, বিনা বিচাৰে প্ৰমাণো কৰিলে যে ঈশ্বৰেই স্বৰ্গৰ বাৰাণ্ডাত বহি আজৰি পৰত লিষ্ট চাই চাই পোক-পৰুৱা সৃষ্টি কৰিছে। ইফালে বিজ্ঞানে ক'ব খোজে যে আমি পোক-পৰুৱা সৃষ্টি নাই কৰা সঁচা কথা, কিন্তু ঈশ্বৰ নামধাৰী কোনো শক্তিয়েই যে সিবোৰ স্ৰজিছে তাৰো কোনো গ্ৰহণযোগ্য প্ৰমাণ নাই। আকৌ বোলে ঈশ্বৰ নিৰাকাৰ, এই যুক্তিৰে তেওঁলোকে বিজ্ঞানৰ বল, শক্তি প্ৰভৃতিৰ সংজ্ঞাৰ কাষ চাপিব খোজে। তেওঁলোকে কয় বল অনুভূত হয়, তাৰ আকাৰ নাই। কিন্তু বলক যেতিয়াই মন যায়, যেনেকৈ মন যায়, তেনেকৈ অনুভৱ কৰোৱাব পাৰি বা দিন-ৰাতি নিৰ্বিশেষে তাৰ প্ৰমাণ দিয়াব পাৰি (যদিহে প্ৰমাণ লওঁতা বিশেষভাৱে সক্ষম বা স্নায়ুৰোগী নহয় )। এতিয়া আকৌ প্ৰশ্ন হয় যে বলৰ দৰে ঈশ্বৰো ঈশ্বৰ বিশ্বাসীসকলৰদ্বাৰা অনুভূত হয়। কিন্তু বল ঈশ্বৰ বিশ্বাসী বা অবিশ্বাসী নিৰ্বিশেষে সকলোকে অনুভৱ কৰোৱাব পাৰি, কিন্তু ঈশ্বৰ বিশ্বাসীসকলক বাদে অবিশ্বাসীসকলক “ঈশ্বৰ” অনুভৱ কৰোৱাব নোৱাৰি। কথাটো ওলোটাহে হ'ব লাগিছিল কাৰণ ঈশ্বৰ অদ্বিতীয় (?), সৰ্বশক্তিমান (?)। আকৌ ঈশ্বৰৰ অনুভৱ ইমানেই মূল্যহীন বা অৰ্থহীন যে তাক নিচাৰ সামগ্ৰী হিচাপে নধৰিলে আন কোনো লাগতিয়াল কামৰ উপযোগী নহয়। কিন্তু বল ৰকেট টেকন'ল'জিৰপৰা আদি কৰি জলবিদ্যুত প্ৰকল্প পৰ্যন্ত সমাজ উত্তৰণৰ আহিলাসমূহৰ এক অভিন্ন উপাদান। হাঁহি উঠা কথা এয়ে যে ঈশ্বৰ বিশ্বাসৰ উপকাৰিতা আমি অবিশ্বাসীসকলে অনুভৱ নকৰিলেও অপকাৰিতা যেনে ধৰ্মীয় সংঘৰ্ষৰ কুফল আজিকোপতি ভোগ কৰি আহিছোঁ।

আকৌ এটা প্ৰশ্নৰ প্ৰায়ে সন্মুখীন হোৱা দেখা যায়, যদি ঈশ্বৰ নায়েই তেন্তে ইমান মানুহে (৯০%) তাক অনুভৱ কৰে কেনেকৈ ? কথাটোৰ উত্তৰ হিচাপে জন্মৰপৰা ডাঙৰ হোৱা পৰিৱেশৰ প্ৰভাৱ বুলি কৈ থ'ব পাৰি যদিও ইয়াৰ কিছু ব্যাখ্যাৰ প্ৰয়োজন আছে। ধৰা হ'ল, 'ক'ই ৮০ বছৰীয়া জীৱনত মদ খাই পোৱা নাই, তেন্তে 'ক'ই মদাহী মানুহৰ নিচিনা মদ নহ'লে চলিব নোৱাৰো বুলি ভাবিবনে ? ভবাটো যুক্তিকৰ হ'বনে ? এনেকৈ ক'বলৈ হ'লে 'ক'ই নিয়মিত মদ খাব লাগিব যাতে নিচা নহ'লে চলিব নোৱৰা হয়। ঈশ্বৰ অনুভূতিও ঠিক তেনেকুৱা, যিটো নিজে আৰ্জি নল'লে স্বতঃস্ফূৰ্তভাৱে উদ্ভৱ নহয়। স্বতঃস্ফূৰ্ত বুলি যুক্তিৰ খাতিৰত ধৰি ল'লেও আমি তাক 'চিগুৱেটেৰা' বা 'স্কিজোফ্ৰেনিয়া'ৰ লগত তুলনা কৰিব পাৰো। গতিকে অনুভৱ কৰিলেই নহ'ব, অনুভূতিৰো বিজ্ঞানসন্মত বিশ্লেষণ দৰকাৰী।

আকৌ আহো কিছুমান উপাখ্যান/আখ্যানলৈ (নে গাজাখুৰি গল্প ?)। ব্ৰহ্মপুত্ৰৰ সৃষ্টি, গংগা আহি শিৱৰ জঁটাত আবদ্ধ হোৱা ইত্যাদি। যদি এইবোৰেই সত্য তেন্তে পৰীক্ষাত গংগা, ব্ৰহ্মপুত্ৰৰ উত্পত্তিৰ কাৰণ হিচাপে এইবোৰ লিখিলে শুদ্ধ হ'বনে নহয় ? নম্বৰ দিবনে নাই ? যদি নিদিয়ে সেই তথাকথিত শিক্ষিত ডক্টৰেট, এম ফিল প্ৰভৃতিৰে নিজৰ নামৰ নেগুৰ দীঘলীয়া কৰা পৰীক্ষকে (য'ত প্ৰফেছৰ, হাইস্কুলৰ শিক্ষকো সোমাই আছে ) মাক-দেউতাকৰ শ্ৰাদ্ধ, বছৰেকীয়া তিথি বা অন্যান্য সকামত সেইবোৰ পাঠ কৰোৱাই কি শান্তি পায় ? যিটো বিদ্যায়তনিক ক্ষেত্ৰত অশুদ্ধ বুলি নম্বৰ দিব নোখোজে সেইটো আকৌ ব্যক্তিগত পৰ্যায়ত “কায়-বাক্য-মনে“ পৰম সত্য বুলি মানি লয় , ই কেনে কথা ? স্ববিৰোধিতাৰ ইয়াতকৈ নিকৃষ্ট উদাহৰণ আৰু নাই বুলিয়েই মই ভাবো। সাধাৰণতে গাজাখুৰি গল্প আমোদ বা ৰস দিবলৈ কোৱা বা পঢ়া হয় বুলিয়েই জানো, তেনেস্থলত মৃতকৰ মৃত্যুদিৱসত সেইবোৰ পাঠ কৰি মৃতকক তাচ্ছিল্য কৰা হয় নেকি ? নে এনেবোৰ কথা বাস্তৱবৰ্জিত ? নে কাণ্ডজ্ঞানহীন, কান্ধৰ ওপৰত কেৱল লাওখোলা ধাৰণকাৰী তথাকথিত উচ্চ শিক্ষিতসকলে ভাবিয়েই নাচায় ? সমাজৰদ্বাৰা স্বীকৃত এই শিক্ষিত ব্যক্তিসকলৰপৰা অতি সাধাৰণ মানুহবোৰে কেনে শিক্ষা ল'ব ? কি পথ অনুসৰণ কৰিব ? এনে কাৰণতেই আমি আৰম্ভণিতে “ঈশ্বৰবিশ্বাসীসকলে জানি নাজানি সমাজৰ প্ৰচুৰ পৰিমাণে ক্ষতি কৰি আছে” বুলি কৈছিলো। কম্পিউটাৰত হাত চোৱা জ্যোতিষীয়ে ভাবে, বিজ্ঞানৰ উপকৰণৰ সহায়ত ভৱিষ্যত বাণী শুনালেই মানুহে কথাটোত বিজ্ঞানৰ গোন্ধ পাই দৌৰি আহিব, য'ত হস্তৰেখাসহিতে হাতখনৰ ফটো স্কেন কৰি তাক কেৱল কম্পিউটাৰ স্ক্ৰিনত চোৱাহে হয়। নোমটেঙৰ বেপাৰীৰ ফান্দত ভৰি দি কাললৈ অন্ধ হয় হোজা জনতা। বঢ়িয়া, চমত্কাৰ।

আমি সচৰাচৰ দেখি থকা কাৰৰ ইন্টাৰ্নেল কম্বাচন ইঞ্জিন উদ্ভাৱন কৰিছিল কাৰ্ল বেঞ্জ নামৰ জাৰ্মানিৰ ব্যক্তি এগৰাকীয়ে। নাম আৰু ঠাইৰপৰাই এইটো অনুমান কৰিব পাৰি যে তেওঁ বিশ্বকৰ্মাৰ ভক্ত বা অনুৰাগী নাছিল। কিন্তু পুণ্যভূমি “ভাৰতবৰিষ”ত এনেকুৱা এটা পৰম্পৰা যে কাৰিকৰী কাম য'ত বিশ্বকৰ্মাৰ উপাসনা ত'ত। তেওঁৰ আশীৰ্বাদতহে এই সকলোবোৰ সম্ভৱ। (অতি হোজা জনতাই কৰে যদি তাত বৰ দুখ নালাগিলহেঁতেন, কিন্তু অতিকায় অভিযান্ত্ৰিক ক্ষেত্ৰবিশেষত যেনে কাৰখানা, ইঞ্জিনিয়াৰ উত্পাদন কেন্দ্ৰ, অন্য ভাষাত অভিযান্ত্ৰিক কলেজ আদিত বিৰাট বিৰাট কাণ্ডাৰী বাবাৰ মূৰ্তিৰ আগত কৰা সাষ্টাংগ প্ৰণিপাত দেখিহে দুখ লাগে )। কিন্তু বিশ্বকৰ্মাৰ আশীষ মূৰত সানি নোলোৱাকৈ পশ্চিমীয়া দেশবোৰৰ অন্য ধৰ্মৰ উদ্ভাৱকবোৰ কিহৰ বলত প্ৰযুক্তি বিদ্যাত আগবঢ়া ? তাৰ মানে বিশ্বকৰ্মাৰ অবিহনেও এইবোৰত আগ বাঢ়িব পাৰি ? যদি পাৰি বিশ্বকৰ্মাৰ কাম কি ? ইয়াক show piece হিচাপে ৰখাৰ অৰ্থ কি ? মূল কথাটো হ'ল, বিশ্বকৰ্মা নাথাকিলে বিশ্বকৰ্মা পূজাৰ পুৰোহিতে (মানে ঈশ্বৰ আৰু সাধাৰণ মানুহৰ মাজৰ যোগসূত্ৰকাৰী এক শ্ৰেণীৰ মধ্যভোগী, যিয়ে অন্য কায়িক শ্ৰমৰ প্ৰতি বিৰাগ অনুভৱ কৰে) কি কৰিব ? পুৰোহিত, পূজা নাথাকিলে গেৰুৱা বসন ধাৰণকাৰী কিছু প্ৰতিক্ৰিয়াশীল গোটে কেনেকৈ হিন্দু সন্ত্ৰাসবাদ চলাব ? সন্ত্ৰাসবাদ, ধৰ্ম নাথাকিলে সমাজত স্থিতাৱস্থা কেনেকৈ বাহাল থাকিব ? স্থিতাৱস্থা বাহাল নাথাকি সমাজ আগ বাঢ়ি গ'লে (ইয়াত সমাজ বোলোতে গৰিষ্ঠসংখ্যক সৰ্বহাৰা শ্ৰেণীটোৰ কথায়ে প্ৰধানকৈ কোৱা হৈছে) সাম্ৰাজ্যবাদী শোষণ কেনেকৈ চলিব ? সৰস্বতী পূজাৰ ক্ষেত্ৰতো একে কথাই প্ৰযোজ্য। বিদ্যাদেৱীৰ আশীষ নোলোৱা অন্য ধৰ্মৰ মানুহবোৰ অশিক্ষিত হৈ থাকিব লাগিছিল। নাক টানিলে কাণ অহাৰ দৰে আৰু এটা নিমাখিত অথচ সাংঘাতিক কথা হৈছে _ স্কুল-কলেজ ইউনিভাৰ্ছিটিত ধৰ্মীয় অনুষ্ঠান পালন য'ত সৰস্বতী আৰু বিশ্বকৰ্মাৰ প্ৰাধান্যই দৃশ্যমান। ই দেখদেখকৈ এটা অসাংবিধানিক আৰু আইনবিৰুদ্ধ কথা। আইনৰ মতে ভাৰত এখন ধৰ্মনিৰপেক্ষ দেশ। যদি ধৰ্মনিৰপেক্ষই হয়, তেন্তে সংখ্যাগুৰু হিন্দুৰ পূজা স্কুল-কলেজ-ইউনিভাৰ্ছিটিত (যিবোৰ সমূহীয়া শিক্ষাৰ স্থল) পালন হয় কেনেকৈ ? ই সংখ্যাগুৰুৰ আধিপত্য নুবুজায়নে ? এই পূজাবোৰ ধৰ্মীয় সংখ্যালঘুসকলৰ ওপৰত বলপূৰ্বক আৰোপ (impose) কৰা নুবুজায়নে ? অৱশ্যে গ্লোবেলাইজেচনৰদ্বাৰা আমদানিকৃত ভোগবাদৰ কৃপাত পূজা বা অন্য যিকোনো অনুষ্ঠানসমূহ কেৱল বিনোদনৰ সামগ্ৰীলৈ পৰ্যবসিত হোৱাত অন্য ধৰ্মাৱলম্বীসকলেও বিনা বাক্য ব্যয়ে, বিনা প্ৰতিবাদে মৌলিক চিন্তা পৰিহৰি “ENJOY” কৰা পৰিলক্ষিত হৈছে। এইক্ষেত্ৰত সততে সৰৱ হৈ থকা ফটোৱাজীৱী মুছলমান সংগঠন বা খ্ৰীষ্টানসকলে সজোৰে প্ৰতিবাদ নকৰে কিয় ? নে ইয়াৰ অন্তৰালত হিন্দু সন্ত্ৰাসবাদে নেলী বা গুজৰাটৰ অনুৰূপ গণহত্যাৰ লেখীয়া অদৃশ্য ভাবুকি নিহিত হৈ থাকে?

অলপ ৰস :

১.  কিমাননো বিৰক্তিকৰ কথাবোৰকে কৈ থাকিম ? অলপ বেলেগ ফালে যাওঁ আহকচোন। এটা আমোদজনক কথা লক্ষ্য কৰিছেনে ? আমাৰ বিশ্বকৰ্মা, কৃষ্ণ বা যিকোনো পুৰুষ ভগৱানৰ ফটোবোৰত মুখাৱয়ব, হাত (মণিবন্ধৰপৰা আঙুলিলৈকে) আদিৰ অদ্ভুত সাদৃশ্য আছে। কেৱল ক'ৰবাত দাঢ়ি আছে, ক'ৰবাত নাই বা মোচৰ ক্ষেত্ৰতো কেৱল প্ৰান্তীয় গঠনৰ ভিন্নতা।

২.  গল্প কাহিনীৰ “হস্তী কলেবৰ” মানে শাস্ত্ৰসমূহত থকা কিছুমান কাহিনীয়েও চিন্তাৰ উদ্ৰেক ঘটায়। যেনে, কাৰোবাৰ গলধনলৈকে বৈ পৰা কেশ, কিন্তু দাঢ়িহীন (চুলি আৰু দাঢ়ি যে জৈৱিক ক্ৰিয়া-প্ৰক্ৰিয়াৰ ফল তালৈ নাযাৱেঁই যেনিবা)। ক'তো লিখা নাই যে এদিন ইন্দ্ৰই দাঢ়ি খুৰাই থাকোতে নাৰদ আহি ওলাল। প্ৰায়ে তেওঁলোকে সোমৰস পান কৰে। পিয়াহ লাগিলে জীৱকূলে পানীয় খায়, তাৰে অৱশিষ্টখিনি ওলায়ো যায়। দেৱতাসকলৰ ওলাই যায়নে ? এইবোৰৰ বিৱৰণ নাই হ'লে। দাঢ়ি যিহেতু নাই, নিশ্চয় কোনোবাই কাটে। এইবোৰ কোন ? অলপ তলখাপৰ দেৱতা নে কি ? কোনে জনাব ?

৩.  এই যে তেত্ৰিছ কৌটি দেৱতা তেওঁলোকৰতো সৰু সৰু পোৱালি দেৱতা আছে বুলি পাইছো। এইবোৰ আছে বুলি বহু হাজাৰ বছৰৰ আগতে শাস্ত্ৰত লিখা আছে। এই হাজাৰ হাজাৰ বছৰত তেওঁলোক ডাঙৰ হ'লনে ? ডাঙৰ হৈ বৰলা ভাত খাই থাকিলনে ? যিমান দূৰ জনা যায়, তেওঁলোক ইমান ইন্দ্ৰীয় সংযমকাৰী নহয়। হোৱা হ'লে চিত্তাকৰ্ষক, মনভুলোৱা অপ্সৰাৰ নৃত্য চাই ইন্দ্ৰৰ সভাসদ আপোনপাহৰা হৈ নাথাকিলহেঁতেন। এতিয়া তেৰাসৱৰ বিবাহৰ পিছত নিশ্চয় কেঁচুৱা হৈছে। তাৰামানে তেত্ৰিছ কৌটিৰ পিছৰ সংযোজন ? (আগৰবোৰতো নিশ্চয় জীয়াই আছে, কাৰণ তেওঁসকল অমৰ) এতিয়া এই লেটেষ্ট আপডেটবোৰ কোনে দিব? কেতিয়া দিব ? কিহৰ ওপৰত ভিত্তি কৰি দিব ? কাৰণ মই কোৱা মতে হ'বও পাৰে, নহ'বও পাৰে। (দেৱতাসকলৰ কেঁচুৱা বা কেনেকৈ জন্ম হৈছিল !)

৪. কুকুৰ, ঘোঁৰা, বা শিয়ালৰ ভগৱান আছেনে ? থাকিলহেঁতেন যদিহে, সিহঁতে মানুহৰ দৰে চিন্তা কৰিব পাৰিলেহেঁতেননে? আমাৰ শ্যাম কলেবৰ, আজানুলম্বিত হাতৰ, পীত বস্ত্ৰ পৰিহিত যি ভগৱানৰ আকাৰ আৰু ৰূপসজ্জা সি সম্ভৱ হৈছে কেৱল মানুহৰ কল্পনা শক্তিৰ বাবে। গতিকে ভগৱানৰ আকাৰ (নিৰাকাৰ বুলি ক'লেও কিন্তু শংখ-চক্ৰ-গদা-পদ্মেৰে সুশোভিত এক কায়া মনলৈ আহে) মানুহৰ দৰেই। এককোষী জীৱৰপৰা ক্ৰমবিকাশৰ পৰ্যায়েৰে সৃষ্টি হোৱা আজিৰ মানুহে কল্পনাৰ বলত 'নিৰাকাৰ' ভগৱানক সাকাৰ ৰূপত, নিজৰ ভৌগোলিক অৱস্থান আৰু সংস্কৃতি অনুযায়ী বিভিন্ন সাজ-পাৰেৰে সজাই তুলিছে। যেনে, আমাৰ দেৱতাৰ ধুতি-খৰম, পশ্চিমীয়া দেৱতাৰ ঠেঙা-জোতা ইত্যাদি। এনেও এনেকৈয়ে ভবা হয় যে ভগৱানে আমাৰ দুৰ্গা পূজাত কলিকতীয়া খনিকৰে সাঁচত বহুৱাই দেৱী প্ৰতিমা সজাৰ লেখীয়া ভগৱানৰ নিজা সাঁচত বহুৱাই মনুক স্ৰজিছিল, আমি কিতাপত পঢ়াৰ দৰে এককোষী জীৱৰ ক্ৰমবিকাশৰ ফলত নহয়।

৫. “বুইছা বোপা, এটা কিবা আছেহে যিটোৱে আমাক ধৰি ৰাখিছে, এই পূজা-পাতল, বলি-বিধান ময়ো নামানো, কিন্তু এটা শক্তি আছে বুইছা, সেই শক্তিটোকহে মানো মই“ _ এই বাক্যশাৰী শুনাৰ সৌভাগ্য হৈছেনে? অলপমান বুধিয়ক মানুহে এনেদৰেই কয় আজিকালি। জানে যে মান্ধাতা যুগৰ বাৰেভচহু কথাবোৰ আজিকালি চূড়ান্ত হাস্যকৰ আৰু নিৰ্বুদ্ধিতাৰ পৰিচায়ক, গতিকে অলপ সাৱধানে উপৰোক্ত বাক্যশাৰী আওৰায়। কিন্তু খুড়া, এই যে কিবা এটা, সেইটোৱেইতো মূল সমস্যা। এই কিবাটো কেনেকুৱা ? আৰু তাক মানা নামানা কি কথা আছে ? ধৰি ল'লো যে সেই কিবাটোৰ ফলতেই এই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি-স্থিতি-প্ৰলয়, সেই কিবাটোৰ লীলা-খেলাৰ বাবেই মানুহ-দুনুহ, পৰ্ন ইন্ডাষ্ট্ৰি, বন্দুক-বাৰুদ, বিমুদ্ৰাকৰণ, নমামিৰ অস্তিত্ব। এতিয়া কথা হ'ল, মিঃ কিবাই বিভিন্ন শাস্ত্ৰত এনেকৈ কিয় কয় যে “মোকেই পূজা, মোকেই ভজা, মোতেই বিলীন হোৱা, মোতহে মুক্তি পাবা“ ? মিঃ কিবাক পৰি নমস্কাৰ কৰি, মুখেৰে নাম লৈ নাথাকিলে তেওঁ বেয়া পাই যাব নেকি ? নে কৃতঘ্নৰ পৰিচয় নিদিবলৈকে মানুহে দিন-ৰাতি একাকাৰ কৰি মিঃ কিবাক বন্দনা কৰি থকাৰ নিয়ম কৰি লৈছে ? এজন নিঃস্বাৰ্থ মানুহ কোনজন ? যিয়ে সহায়ৰ বিনিময়ত একো নোখোজে, যিয়ে তেওঁ কৰা সহায়ৰ বাবে মানুহে তেওঁৰ নাম লৈ নাথাকিলেও বেয়া নাপায়। কিন্তু এই যে মিঃ কিবা, তেওঁ মহা স্বাৰ্থপৰ যেন ভাব হয়। কাৰণ বিভিন্ন শাস্ত্ৰত লিখা আছে, যি দুৰ্জনে তেওঁৰ নাম নোলোৱাকৈ জীৱন পাত কৰিলে তাক ৰৌ ৰৌ নৰকলৈ নিক্ষেপ কৰা হ'ব। হৰিক নভজাৰ দৰে জানো পাপ আছে ! সূৰ্যই আমাক পোহৰ দিয়ে, খাদ্য দিয়ে, সূৰ্যৰ বাবে উদ্ভিদ আছে যিয়ে অক্সিজেন যোগান ধৰে। তাৰ মানে ? সূৰ্যৰ নামটো আমি দিনটো লৈ থাকো নেকি ?  সূৰ্যটো য'ত যেনেকৈ আছে, থাকিব লাগে, তেনেকৈয়ে আছে। সূৰ্যৰ নামটো নোলোৱাৰ বাবে সূৰ্যই ঠেহ পাতি ৰ'দ নিদিয়াকৈ আছে নেকি ? ভাবকচোন। যদি ভাবিছে যে সূৰ্যৰ সৃষ্টিকৰ্তা সেই মিঃ কিবা, তেন্তে ৰ'ব, অলপ আৰু ভাবক কাৰণ সূৰ্য বুলি স্বতন্ত্ৰ দেৱতা এজন আছে। স্বতন্ত্ৰ বুলি এইবাবেই ক'লো যে সূৰ্য কাৰোবাৰ অধীনস্থ নহয় যেন লাগে, হোৱা হ'লে হায়াৰ্কি অৰ্ডাৰ শাস্ত্ৰত থাকিলেহেঁতেন আৰু সূৰ্যক কোনে জন্ম দিলে তাৰো বিশেষ উল্লেখ নাই।

অতবোৰ বলকনিৰ অৰ্থ এটাই যে বিজ্ঞানৰ অনাৱিষ্কৃত কথাৰ ওপৰত ভিত্তি কৰি বিজ্ঞানৰ বিফলতা বুলি তালফাল লগাই বিজ্ঞানৰ যুঁজাৰু ঘোঁৰাৰ গতি স্তব্ধ কৰি দিব খোজা হয় একমাত্ৰ মানুহক অন্ধকাৰত ৰখাৰ স্বাৰ্থত। ধৰ্মৰ বেপাৰীয়ে বিভিন্ন চাতুকাৰিতাৰে মানুহক মোহাচ্ছন্ন কৰি ৰাখে। দৈনন্দিন জীৱনৰ দুখ-কষ্টৰ আচল কাৰণ বিচৰাৰ দিনাই প্ৰকৃত যুঁজখন আৰম্ভ হ'ব। বৰ কৰুণ এই দৃশ্য যেতিয়া ন জোন দেখি মাকে কেঁচুৱাক শিকায় _ মাইনা নমো দিয়া, নমো। সিদিনাৰপৰাই সকলোৰে অলক্ষিতে এটি শিশুৰ সহজাত যুক্তি-বুদ্ধিক হত্যা কৰি কফিনত শে__ষ গজালটো মৰা হয়। নিউজ পেপাৰতো বিস্তৃতভাৱে জ্যোতিষীৰ মতামত পৰিবেশন কৰা হয়। নৱবৰ্ষৰ প্ৰথম দিনটোত “লালপুৰুষে কি কয় ?”-জাতীয় শিতান প্ৰথম পৃষ্ঠাৰ বাতৰি হয়। বাৰম্বাৰ বিফল ভবিষ্যতবাণী (?)ৰ পিছতো কেইজনমান ভণ্ডৰ উদ্দেশ্যপ্ৰণোদিত বাগাড়ম্বৰ গধূলিৰ টক শ্বোত হট কেকৰ দৰে পৰিবেশন কৰা হয়।

শেষত কওঁ, যদি এই লিখনিয়ে কাৰোবাৰ ধৰ্মীয় অনুভূতিত আঘাত দিছে তেন্তে মই নিৰুপায়, কাৰণ আপোনালোকৰ ধৰ্মীয় অনুভূতি বৰ ঠুনুকা বা ভংগুৰ (fragile)। আপোনালোকৰ অখণ্ড পালনামৰ গগণবিদীৰ্ণ হোৱা চাপৰিত, অখণ্ড ভাগৱত পাঠৰ কাণফলা চিঞৰত (তাকো স্পিকাৰটো ১৯৪৭ চনৰ আগৰ এটা অসহ্যকৰ এলুমিনিয়ামৰ পেঁপা), মছজিদৰপৰা নিৰ্গত আল্লাভিমুখী আত্ৰাহি চিঞৰে আমাৰ বৈজ্ঞানিক অনুভূতি (= অধৰ্মীয় অনুভূতি, নাজানো এনে শব্দ আছে নে নাই)ত প্ৰচণ্ড আঘাত হানে।

বিঃদ্ৰঃ অভিজিত ৰায়, নৰেন্দ্ৰ ডাভোলকাৰ, কালবুৰ্গীক কায়িকভাৱে হত্যা কৰিলেও একো বিশেষ লাভ নহ'ব, কাৰণ তেওঁলোকৰ মানৱহিতৈষী চিন্তাই আমাৰ নিচিনা আৰু বহুতো ৰক্তবীজৰ জন্ম দিছে আৰু আগলৈও দি থাকিব।

 

Share Button
Print Friendly, PDF & Email

No Comments : "ঈশ্বৰ বিশ্বাস সম্পৰ্কে দুআষাৰ - (মানস প্ৰতীম কলিতা)"

Leave a Comment

Your email address will not be published. Required fields are marked *