জাতীয়তাবাদ- (ডা. ধ্ৰুৱজ্যোতি বৰা)

জাতীয়তাবাদ – আলোচনাৰ আৰম্ভণি আৰু আলোচনাৰ প্ৰাসংগিকতা

জাতীয়তাবাদ হয়তো আমাৰ সময়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সামাজিক আৰু ৰাজনৈতিক বিষয় যি প্ৰতিদিনেই বিভিন্ন প্ৰকাৰে আমাৰ জীৱনক স্পৰ্শ কৰিছে। অথচ জাতীয়তাবাদ সম্পৰ্কে আমাৰ অসমত আলোচনা যথেষ্ট পৰিমাণে হোৱা বুলি ক'ব নোৱাৰি। কুৰি শতিকাৰ সত্তৰ দশকৰ শেষভাগৰপৰা আশীৰ দশকটোত অসমত জাতি সমস্যা সম্পৰ্কে যথেষ্ট পৰিমাণে আলোচনা আৰু বিতৰ্ক হোৱাটো চকুত পৰে। কিন্তু জাতি বা নেশ্যন অভিধাটোৰ যিটো মতাদৰ্শগত ভিত্তি, যি মতাদৰ্শ বা আইডিয়'লজিক আধাৰ কৰি জাতি গঠনৰ কৰ্মকাণ্ডবোৰ সংঘটিত হয়, সেই জাতীয়তাবাদ সম্পৰ্কে আমাৰ আলোচনা বেছ কম হৈছে আৰু এই বিষয়ত আমাৰ বহুতৰে বহুধৰণৰ অস্পষ্টতা আছে।

২০০৭ চনৰপৰা মই বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত জাতীয়তাবাদ সম্পৰ্কে বক্তৃতা দিছিলো। সেই বক্তৃতাৰ পাছত মোৰ এই অনুভৱ আৰু দৃঢ় হ'ল যে জাতীয়তাবাদ সম্পৰ্কে স্পষ্ট ধাৰণাৰ আমাৰ সঁচাকৈয়ে অভাৱ। অথচ যোৱা দুটা দশকৰ ওপৰ কাল অসমৰ ইতিহাস জাতীয়তাবাদী চিন্তা আৰু ৰাজনীতিৰ আৰু জাতীয়তাবাদী কৰ্মকাণ্ডৰ এক জীৱন্ত লেবৰেটৰি বুলি উল্লেখ কৰিলেও অত্যুক্তি কৰা নহ'ব।

সত্তৰ আৰু আশীৰ দশকত জাতি আৰু জাতি সমস্যা সম্পৰ্কে যিবোৰ আলাপ-আলোচনা, বিতৰ্ক আদি হৈছিল, সেইবোৰ জাতি, জাতি সমস্যা আৰু জাতীয়তাবাদ সম্পৰ্কে ইউৰোপীয় ধাৰণা, প্ৰেকটিচ আৰু আৱৰ্তৰ মাজতে গঢ় লৈ উঠিছিল। আনকি এনেধৰণৰ আলোচনাত আগভাগ লোৱা মাৰ্ক্সবাদীসকলো ইউৰোপীয় চিন্তাৰ জগতখনৰপৰা ওলাই আহিব পৰা নাছিল।

ইউৰোপত বুৰ্জোৱা জাতীয়তাবাদৰ তাত্ত্বিকসকলৰ চিন্তাধাৰাৰ বিৰুদ্ধে ইউৰোপীয় সমাজবাদী আৰু মাৰ্ক্সবাদীসকলে যি বিৰ্তক আৰম্ভ কৰিছিল, যিবোৰ তত্ত্ব দাঙি ধৰিছিল, অসমত চলা সেই মাৰ্ক্সবাদী আলোচনাও সেই চিন্তাধাৰাৰ আৱৰ্তৰ মাজতে সীমাবদ্ধ আছিল। দ্বিতীয় আন্তৰ্জাতিকৰ জৰিয়তে বিকাশ লাভ কৰা ইউৰোপৰ মাৰ্ক্সবাদী বা সমাজবাদীসকলৰ জাতি সমস্যা সম্পৰ্কীয় চিন্তাধাৰাও মূলতে ক্লাছিকেল ইউৰোপীয় চিন্তাধাৰাৰ মাজৰে এটা বস্তু। জাতি এটাই এক স্বাধীন জাতি-ৰাষ্ট্ৰ গঢ়িব - এয়ে হ'ল এনে চিন্তাধাৰাৰ কেন্দ্ৰীয় বিষয়।

কিন্তু ঔপনিবেশিক যুগৰ অৱসানৰ পাছত যেতিয়া শতাধিক পুৰণা উপনিবেশ স্বাধীন হৈ নতুন ৰাষ্ট্ৰবোৰ গঢ়ি তুলিলে তেতিয়া দেখা গ'ল এনে স্বাধীন ৰাষ্ট্ৰবোৰৰ বেছিভাগেই (ভাৰতবৰ্ষকে ধৰি) দৰাচলতে একোখন বহুজাতিক ৰাষ্ট্ৰহে আৰু এইবোৰৰ নিজৰ ভিতৰতেই জাতি সমস্যা আছে - বিভিন্ন জাতিৰ অৱস্থিতি আছে।

এতিয়া এই স্বাধীন ৰাষ্ট্ৰবোৰে যেতিয়া ইউৰোপীয় জাতীয়তাবাদী মতাদৰ্শৰ আলম লৈ এটা সুষম জাতি আৰু এখন জাতি-ৰাষ্ট্ৰ গঢ়িবলৈ অগ্ৰসৰ হ'ল তেতিয়াই সিবিলাক বহুধৰণৰ সমস্যাৰ সন্মুখীন হ'ল। এনে ইউৰোপীয় মতাদৰ্শ আৰু দৰ্শনে তেতিয়া বহুত সমস্যাৰ সৃষ্টি কৰিলে। দেশবোৰৰ ভিতৰত জাতিগত সংঘৰ্ষ সৃষ্টিৰ ভিত্তিভূমি তেতিয়া প্ৰস্তুত হৈ উঠিল। ইউৰোপীয় ধাৰণা আৰু মতাদৰ্শই তেতিয়া অবাঞ্ছনীয় আউল লগাবলৈ আৰম্ভ কৰিলে। এয়া এক ঐতিহাসিক বাস্তৱ। এনে পৰিস্থিতিত বিভিন্ন দেশে বিভিন্নধৰণৰ সমাধান সূত্ৰ উলিয়াবলৈ ধৰিলে - জাতিসংঘ তথা ৰাষ্ট্ৰসংঘৰ মজিয়াতো এই বিষয়ে নতুন নতুন চিন্তা-চৰ্চাৰ আৰম্ভ হ'ল। জাতি সমস্যা, জাতি আৰু জাতীয়তাবাদৰো নতুন ব্যাখ্যা বিচাৰিবৰ প্ৰয়াস কৰা হ'ল।
মই নিজেও এই বিষয়বোৰ লৈ বিভিন্ন সময়ত আলোচনা কৰিবলৈ যত্ন কৰিছো। জাতি সমস্যাৰ বিভিন্ন দিশ সম্পৰ্কে মোৰ নিজৰ কিতাপ, ‘জাতীয় প্ৰশ্ন আৰু আত্মনিয়ন্ত্ৰণ’ত আলোচনা কৰিছো। অন্যান্য ঠাইতো কৰিছো। কিন্তু মই নিজেও ভাৰতবৰ্ষৰ বাস্তৱত ইউৰোপীয় ধ্যান-ধাৰণাবোৰ যে সম্পূৰ্ণভাৱে খাপ খাই নপৰে সেই বিষয়ে কিছু আলোচনা কৰাৰ বাহিৰে ‘জাতি' ধাৰণাটোৰ মতাদৰ্শত ভিত্তি বা আইডিয়'লজিৰ বিষয়ে অৰ্থাৎ জাতীয়তাবাদৰ বিষয়ে বেলেগকৈ আলোচনা কৰা নাই। গুৱাহাটী বিশ্ববিদ্যালয়ত দিয়া দুটা বক্তৃতা আৰু সেই সম্পৰ্কে উত্থাপিত প্ৰশ্ন আৰু বিৰ্তকই মোৰ মনত ধাৰণা জন্মালে যে বিষয়টো সম্পৰ্কে আলোচনা কৰাৰ প্ৰয়োজনীয়তা আছে, বিশেষকৈ অসমৰ বৰ্তমান পৰিস্থিতিত।

অসমত জাতীয়তাবাদী আন্দোলন : নিৰ্দিষ্ট প্ৰকাশ আৰু স্বৰূপ

জাতীয়তাবাদ, বিশেষকৈ নৃগোষ্ঠীগত জাতীয়তাবাদ বৰ্তমান আমাৰ সময়ৰ এটা গুৰুত্বপূৰ্ণ সামাজিক আৰু ৰাজনৈতিক বিষয় হিচাপে আত্মপ্ৰকাশ কৰিছে। এই কথা হয়তো এনেদৰে ক'লে ভুল নহ'ব যে বৰ্তমান অসমত হৈ থকা বেছিভাগ আন্দোলনেই এনেধৰণৰ জাতীয়তাবাদ আৰু বিশেষকৈ নৃগোষ্ঠীগত জাতীয়তাবাদী আন্দোলনৰ বিভিন্ন দাবীৰ প্ৰকাশ। এটা সময়ত ব্ৰহ্মপুত্ৰ উপত্যকা কঁপাই যোৱা অসমীয়া জাতীয়তাবাদী আন্দোলন এতিয়া হয়তো কিছু পৰিমাণে স্তিমিত হৈ পৰিছে। বড়ো আৰু কাৰ্বি জাতীয়তাবাদী আন্দোলনবোৰো এটা নিৰ্দিষ্ট সামাজিক-ৰাজনৈতিক পৰ্যায় পোৱাৰ পাছত বৰ্তমান সক্ৰিয় আন্দোলনৰ স্তৰৰপৰা আঁতৰি আছে।

বৰ্তমান তিৱা, ৰাভা আৰু মিচিং জনগোষ্ঠীৰ আন্দোলনবোৰ একোটা পৰ্যায়ত সক্ৰিয় হৈ আছে আৰু একেবাৰে শেহতীয়াকৈ চাহ জনগোষ্ঠী, মৰাণ-মটক, টাই-আহোম আৰু কোচ ৰাজবংশীসকলৰ সংগঠনবোৰ জনজাতিকৰণৰ দাবীত আন্দোলনমুখৰ হৈ আছে।

অকণমান গভীৰভাৱে চালেই দেখা যাব যে অসমত এতিয়া যিবোৰ আন্দোলন হৈ আছে, যিবোৰ আন্দোলনে সময়ত গণ আন্দোলনৰ পৰ্যায় পাইছে, যিবোৰ আন্দোলনে সময়ে সময়ে বিক্ষোভ প্ৰদৰ্শন, ‘বন্ধ' আদিৰ দৰে কাৰ্যসূচী হাতত লৈছে, যিবোৰৰ মাজত কেতিয়াবা হিংসাত্মক কাম-কাজো সংঘটিত হৈছে আৰু যিবোৰ আন্দোলনৰ মাজেদি সশস্ত্ৰ গোটৰ আৰ্বিভাৱ ঘটিছে বা ঘটাৰ সম্ভাৱনা আছে, অৰ্থাৎ যিবোৰ আন্দোলনে বিভিন্ন কাৰ্যসূচীৰে অসমৰ জনজীৱন উত্তপ্ত কৰি ৰাখিছে, সেই আটাইবোৰ আন্দোলনেই চৰিত্ৰগত দিশৰপৰা প্ৰধানতঃ একোটাহঁত নৃগোষ্ঠীক আন্দোলন আৰু এইবোৰে উত্থাপন কৰা দাবীবোৰো বিভিন্ন পৰ্যায়ৰ জাতীয়তাবাদী চৰিত্ৰৰে দাবী।

অৰ্থাৎ জাতীয়তাবাদ বা বেছি স্পষ্ট অৰ্থত নৃগোষ্ঠীগত জাতীয়তাবাদ হ'ল বৰ্তমান সময়ৰ অসমৰ সমাজৰ এটা গুৰুত্বপূৰ্ণ সামাজিক আৰু ৰাজনৈতিক বিষয়। ঐতিহাসিকভাৱেও ইয়াৰ গুৰুত্ব অসাধাৰণ।

স্বাভাৱিকতেই এই প্ৰশ্ন উত্থাপিত হ'ব যে এই জনগোষ্ঠীয় বা নৃগোষ্ঠীগত আন্দোলনবোৰক আমি জাতীয়তাবাদী আন্দোলন বুলি ক'ব পাৰো জানো? এই আন্দোলনবোৰৰ কিছুমানে হয়তো ভৌগোলিক এলেকাভিত্তিক স্বায়ত্ত শাসনৰ দাবী উত্থাপন কৰিছে, কিন্তু কিছুমানটো জনজাতিকৰণ আদিৰ দৰে দাবীৰ মাজতে সীমাবদ্ধ হৈ আছে।

দৰাচলতে জাতীয়তাবাদ সম্পৰ্কে আমাৰ চিন্তাধাৰা এতিয়াও ক্লাছিকেল ইউৰোপীয় ধ্যান-ধাৰণা, বিশেষকৈ ইউৰোপীয় সমাজবাদী আৰু বামপন্থী শিবিৰৰ ধ্যান-ধাৰণা, আৰু বাগধাৰাৰদ্বাৰাই মূলতে প্ৰভাৱান্বিত হৈ আছে। আমি তাৰ মাজৰপৰা সহজে ওলাই যাবলৈ টান পাওঁ। জাতি সম্পৰ্কে যিটো ধ্ৰুপদী ইউৰোপকেন্দ্ৰিক ধাৰণা আৰু যাৰ স্পষ্ট ৰূপ এটা আমি ষ্টেলিনৰ জাতি সম্পৰ্কীয় বিখ্যাত লেখাৰ মাজত দেখা পাওঁ, সেই ধাৰণা মতে জাতি এটা হ'ল কেতবোৰ মৌলিক বৈশিষ্ট্যসম্পন্ন জনসমষ্টি যাৰ এটা অন্যতম স্বাভাৱিক আৰু ঐতিহাসিক কাম হ'ল এখন স্বাধীন জাতি-ৰাষ্ট্ৰ গঠন কৰা আৰু সেয়ে এনে কাম কৰিবলৈ সক্ষম হোৱা জাতিবোৰকহে দৰাচলতে অঘোষিতভাৱে হ'লেও পূৰ্ণাঙ্গ জাতিৰ মৰ্যাদা দিয়া হয়।

আনকি ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত ভাৰতীয় এটা জাতি নহয় বুলি ঔপনিবেশিক ঐতিহাসিকসকলে কৰা বক্তব্য স্বাধীনতা সংগ্ৰামৰ বুদ্ধিজীৱীসকলে খণ্ডন কৰিবলৈ বহুধৰণে চেষ্টা কৰিবলগীয়া হৈছিল। অসম আন্দোলনৰ সময়তো এনে সমস্যা উদ্ভৱ হৈছিল। তেতিয়া কোৱা হৈছিল যে নেশ্যনেলিজম বা জাতীয়তাবাদ যদি কিবা আছে তেনে সেয়া হ'ল ভাৰতীয় জাতীয়তাবাদ। ভাৰতৰ ভিতৰত অসমৰ জাতীয়তাবাদ কেনেকৈ থাকিব পাৰে? এনে প্ৰশ্নও উঠিছিল। কিছু বুদ্ধিজীৱীয়ে তেতিয়া বৃহৎ জাতীয়তাবাদ, ক্ষুদ্ৰ জাতীয়তাবাদ (Big Nationalism - little Nationalism), বৃহৎ জাতিৰ জাতীয়তাবাদ, ক্ষুদ্ৰ জাতিৰ জাতীয়তাবাদ আদি সূত্ৰ উদ্ভাৱন কৰিছিল।

ইয়াৰ উপৰিও আৰু বিভিন্নধৰণৰ সূত্ৰায়ন কৰা হৈছিল এই প্ৰক্ৰিয়াটোক বুজিবৰ বাবে, ইয়াৰ চৰিত্ৰ এই আলোচনাত নিৰ্ণয় কৰিবলৈ আৰু আনকি ইয়াক এক ঐতিহাসিক ন্যায্যতা প্ৰদান কৰিবলৈকো।

যিটো কথা স্পষ্টভাৱে কোৱা হোৱা নাছিল সেইটো হ'ল যে ঔপনিবেশিকতাৰ শিকলি দলিয়াই ভাৰতৰ দৰে যিবোৰ স্বাধীন ৰাষ্ট্ৰৰ জন্ম হৈছিল সেইবোৰ দৰাচলতে একজাতিক নহয় - বহুজাতিক ৰাষ্ট্ৰহে। কিন্তু ইউৰোপীয় জাতি, জাতি-ৰাষ্ট্ৰৰ ধাৰণাৰ এটা প্ৰধান অসুবিধা হ'ল যে ই বহুজাতিক ৰাষ্ট্ৰ বোলা বস্তু এটা থাকিব পাৰে বুলি মানিবই নোখোজে। আৰু কেতিয়াবা মানিলেও ইয়াক জাতি-ৰাষ্ট্ৰতকৈ তলৰ স্তৰৰ, অসুবিধাজনক আৰু অনাকাংক্ষিত বস্তু বুলিহে মানিব খোজে।

বৰ্তমান আলোচনাত এই কথা ক্ৰমান্বয়ে স্পষ্ট হৈ পৰিব যে জাতীয়তাবাদৰ প্ৰকাশ বেলেগ বেলেগ পৰিস্থিতিত বেলেগ বেলেগ ৰূপ আৰু পৰ্যায়ৰ হ'ব পাৰে।

জাতি-জাতিসত্তা-নৃগোষ্ঠীৰ যিবোৰ ভাগ আমি কৰি লৈছো সেইবোৰৰ মাজত গঠনগত পাথৰ্ক্য থাকিলেও জাতীয় চিন্তা, চেতনাৰ আৰু আকাংক্ষাৰ ক্ষেত্ৰত পাথৰ্ক্যৰ সীমাৰেখাডাল বহু ক্ষেত্ৰত বেছ ক্ষীণ। সৰু হ'লেও নৃগোষ্ঠীগত গোট এটাৰ জাতীয় চিন্তা-চেতনাৰ আৰু তাৰ প্ৰকাশ সচৰাচৰ প্ৰচলিত জাতীয়তাবাদী ধ্যান-ধাৰণা বা বাগধাৰা (discourse)ÃÃৰপৰা বৰ সুকীয়া একো নহয়। দৰাচলতে আধুনিক যুগত এটা শিক্ষিত শ্ৰেণীৰ সৃষ্টি হোৱাৰ পাছত প্ৰতিটো জনগোষ্ঠীৰ মাজত নিজৰ আত্মপৰিচয় ৰক্ষাৰ আৰু তাৰ বাবেই কিছুদূৰ ৰাজনৈতিক ক্ষমতাৰ ভাগ পোৱাৰ এটা প্ৰবৃত্তি অৱধাৰিতভাৱে গঢ়ি উঠিছে। নৃগোষ্ঠীগত জাতীয়তাবাদক আমি এক বাস্তৱ ঘটনা বুলিয়েই গণ্য কৰিব লাগিব আৰু জাতি সম্পৰ্কীয় ইউৰোপীয় ধ্ৰুপদী ধাৰণাৰ আৱৰ্তৰপৰা আমি ওলাই আহিব পাৰিব লাগিব। বহু সময়ত প্ৰচলিত মাৰ্ক্সীয় ধাৰণাৰপৰাও, কাৰণ এই ধাৰণাও মূলতেই জাতি সম্পৰ্কীয় ইউৰোপকেন্দ্ৰিক বাগধাৰাৰেই অনুষংগ।

অসমৰ ক্ষেত্ৰত এই প্ৰশ্নবোৰৰ সামাজিক আৰু ঐতিহাসিক গুৰুত্ব অসাধাৰণ। ৰাজ্যখনৰ বাস্তৱিক বিকাশ কি হাৰত, কেনেধৰণৰ আৰু কিমানদূৰ হ'ব বা হ'ব পাৰিব সেই কথাটো এনে জাতীয়তাবাদী তথা নৃগোষ্ঠীগত জাতীয়তাবাদী আন্দোলনবোৰে তুলি ধৰা প্ৰশ্নবোৰৰ সমাধানৰ ওপৰত নিৰ্ভৰ কৰিব। বিশেষকৈ সংঘৰ্ষৰ ক্ষেত্ৰবোৰ আঁতৰ কৰি শান্তিপূৰ্ণ সমাধানৰ বাট উলিওৱাৰ ক্ষেত্ৰত বিফল হ'লে অসমৰ পৰিচিত সশস্ত্ৰ সংগঠনবোৰৰ উপৰিও আৰু বহুতো সংগঠনৰ, বিশেষকৈ নৃগোষ্ঠীগত সশস্ত্ৰ সংগঠনৰ জন্ম হ'ব পাৰে আৰু ইতিমধ্যেই জন্ম হোৱাবোৰ শক্তিশালী হৈ সমাজত এক ভয়াৱহ অৱস্থাৰ গঢ় লৈ উঠিব পাৰে। Non-state armed force - অনা-ৰাষ্ট্ৰীয় সামৰিক সশস্ত্ৰ বাহিনী জন্ম দিব পাৰে জাতীয়তাবাদ আৰু নৃগোষ্ঠীগত জাতীয়তাবাদে (ইতিমধ্যে এনে ঘটনা ঘটিছেই)। এইটো এটা ভয়াৱহ প্ৰৱণতা। ই বৰ বিপদজনক কথা হৈ পৰিব পাৰে কাৰণ ই হিংসা, হত্যা আৰু ঘৃণাৰ এক শৃংখল বিক্ৰিয়া - চেইন ৰিয়েকশ্যন আৰম্ভ কৰিব পাৰে।

জাতীয়তাবাদী আন্দোলনৰ সমাজত প্ৰভাৱ আৰু প্ৰতিক্ৰিয়া

জাতীয়তাবাদ বা নৃগোষ্ঠীয় জাতীয়তাবাদ এবাৰ সমাজত উদ্ভৱ হোৱাৰ পাছত ই অতি কম সময়ৰ ভিতৰতে ৰাজনৈতিকভাৱে এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিব পাৰে। জাতীয়তাবাদী মতাদৰ্শ এবাৰ জনমানসত প্ৰতিষ্ঠিত হৈ পৰিলে আৰু এটা বিশেষ ৰাজনৈতিক প্ৰকল্পৰ জৰিয়তে সাধাৰণ মানুহক ই উদ্বুদ্ধ কৰিব পাৰিলে ই মানুহক সংগঠিত কৰি কম সময়ৰ ভিতৰতে ৰাজপথৰ আন্দোলনলৈ, ৰাজনৈতিক সংগ্ৰামলৈ উলিয়াই অনা আৰু আনকি স্থানীয় ক্ষমতা দখলৰ ক্ষেত্ৰত এক শক্তিশালী ৰাজনৈতিক আহিলালৈ পৰিণত হ'ব পাৰে।

গণজাগৰণ ঘটোৱাৰ ক্ষেত্ৰত জাতীয়তাবাদৰ মাজত নিহিত থকা এই প্ৰচণ্ড ক্ষমতাৰ বাবে ইয়াৰ বিৰোধীসকলে সাধাৰণতেই ইয়াক বৰ ভয় কৰে। ভয় কৰে ইয়াৰ উগ্ৰ আৱেগিক আৰু অন্ধ উপাদানবোৰক।

যেতিয়া জাতীয়তাবাদী আৰু নৃগোষ্ঠীয় জাতীয়তাবাদী আন্দোলনবোৰ প্ৰবল হৈ পৰে, তেতিয়া তাৰ সন্মুখত আন কোনো ৰাজনৈতিক মতাদৰ্শ বা সংগঠন কিছু সময়ৰ বাবে হ'লেও ঠাৱৰিব নোৱৰা অৱস্থা এটা হয় – বিশেষকৈ আন্দোলন সক্ৰিয়ভাৱে চলি থকাৰ সময়ত। ইয়াৰ উদাহৰণ আমি অসম আন্দোলনৰ সময়তেই পাওঁ। অসম আন্দোলন যেতিয়া একেবাৰে চৰম অৱস্থাত আছিল তেতিয়া সৰ্বভাৰতীয় দল, অন্যান্য ৰাজনৈতিক মতাদৰ্শ ইয়াৰ জাতীয়তাবাদী আৱেগৰ ঢৌৰ সন্মুখত ঠাৱৰিব নোৱৰা পৰিস্থিতি এটাৰ সৃষ্টি হৈছিল। আনকি আন্দোলনৰ সমৰ্থক জাতীয়তাবাদী বুদ্ধিজীৱীসকলে অসমত সৰ্বভাৰতীয় ৰাজনৈতিক দল, সৰ্বভাৰতীয় বা অ-জাতিক (বামপন্থী) মতাদৰ্শ সম্পূৰ্ণভাৱে অপ্ৰাসংগিক হৈ পৰা বুলি ৰাজহুৱাভাৱে ঘোষণা কৰিছিল। আনকি পৰিস্থিতি এনেকুৱা পৰ্যায় পাইছিলগৈ যে সৰ্বভাৰতীয় আৰু বামপন্থী দলবোৰৰ সদস্যৰ বিৰুদ্ধে ‘সামাজিক বৰ্জন'ৰ দৰে সামাজিকভাৱে হেঁচা দিয়া কাৰ্যসূচী আৰু কেতিয়াবা মুকলি হিংসাত্মক আক্ৰমণৰদ্বাৰা ভীতি প্ৰদৰ্শন কৰা হৈছিল। হত্যা পৰ্যন্ত সংঘটিত হৈছিল। ৰাজপথত লাঞ্ছিত হৈছিল লিখক-বুদ্ধিজীৱী। বহুতক সৰ্বভাৰতীয় বা বামপন্থী দল এৰিবলৈ বাধ্য কৰোৱাও হৈছিল আৱেগৰ হেঁচাৰে, নহয় ভীতি প্ৰদৰ্শনেৰে। এনেদৰে বিভিন্ন ধৰণে উদ্বেলিত জাতীয়তাবাদী আৱেগৰ সহায়ত প্ৰতিদ্বন্দ্বী দল-সংগঠন তথা মতাদৰ্শবোৰক গুৰুত্বহীন কৰি পেলোৱাৰ চেষ্টা চলিছিল। একে প্ৰৱণতা কম-বেছি পৰিমাণে অসমৰ অন্যান্য নৃগোষ্ঠীগত জাতীয়তাবাদী আন্দোলনবোৰৰ মাজতো দেখা যায়।
এবাৰ যদি এখন সমাজে জাতীয়তাবাদী আন্দোলনৰ পথ লয়, তেতিয়াহ'লে সমাজখন সেই পথৰপৰা সহজে উভতি অহাটো টান হৈ পৰে। নৃগোষ্ঠীয় জাতীয়তাবাদৰ ক্ষেত্ৰত এই কথাখিনি অধিক সত্য।

এনে জাতীয়তাবাদী বা নৃগোষ্ঠীয়ে জাতীয়তাবাদী আন্দোলনে বহু সময়ত তাৰ দাবী পূৰণৰ বাবে সশস্ত্ৰ সংগ্ৰামৰ হিংসাত্মক পথ গ্ৰহণ কৰে আৰু কেতিয়াবা অন্য জনগোষ্ঠীৰ বিৰুদ্ধে ই সংঘৰ্ষমুখী অৱস্থানো লয়। তেনে ক্ষেত্ৰত কেতিয়াবা সাম্প্ৰদায়িক বা গোষ্ঠী সংঘৰ্ষৰ, নৰসংহাৰ আদিৰ বাটো মুকলি হৈ পৰে।

এনে ঘটনা বেছিকৈ ঘটে যেতিয়া তেনে জাতীয়তাবাদী আন্দোলনৰ আভ্যন্তৰীণ গণতন্ত্ৰ দুৰ্বল হয়, গণতান্ত্ৰিক প্ৰমূল্যৰ প্ৰতি নেতাসকলৰ আস্থা কম হয় নাইবা যেতিয়া এনে আন্দোলন দুৰ্বল হৈ পৰে, হতাশাগ্ৰস্ত হয় আৰু প্ৰবল প্ৰতিপক্ষৰ সন্মুখত অসহায় বা ‘কোনথাচা' পৰিস্থিতিত পৰা বুলি ভাবিবলৈ লয়। তেনে পৰিস্থিতিত ৰাজনৈতিক হেঁচা প্ৰয়োগ কৰিবলৈকে কেতিয়াবা শীতল মস্তিষ্কৰে এনেধৰণৰ নৃশংস ঘটনাৱলী সংঘটিত কৰা হয়। এইবোৰ কথা আমি অসমত আমাৰ চকুৰ আগতে দেখি থকা কথা – আমাৰ অভিজ্ঞতাৰ ভিতৰুৱা কথা।

জাতীয়তাবাদী, বিশেষকৈ নৃগোষ্ঠীগত জাতীয়তাবাদী আন্দোলনৰ নামত সমাজখনক সদায় শত্ৰু আৰু মিত্ৰ – দুটা শিবিৰত ভাগ কৰি পেলোৱাৰ এটা প্ৰৱণতা দেখা যায়। শত্ৰু বুলি চিহ্নিত গোট, সম্প্ৰদায় আদিৰ বিৰুদ্ধে জাতীয়তাবাদে সক্ৰিয় বিৰোধিতা আৰু কেতিয়াবা হিংসাৰ সহায় লয়। সাম্প্ৰদায়িক গোষ্ঠীগত হিংসা, বিদ্বেষ, আক্ৰমণ ইয়াৰ তেতিয়া অংশ হৈ পৰে। অসম আন্দোলনৰ কালত নেলী, চমৰীয়া, গহপুৰ, বড়ো আন্দোলনৰ সময়ত হোৱা বিভিন্ন হত্যাকাণ্ড এনেধৰণৰ পৰিঘটনা।

বহুজাতিক সমাজত জাতীয়তাবাদী আন্দোলনৰ উদ্ভৱৰ কাৰণসমূহ

আৰম্ভণি :
এখন বহুজাতিক ৰাষ্ট্ৰ বা সমাজত বিভিন্ন জাতি-জাতিসত্তা আৰু বিশেষকৈ সৰু সৰু নৃগোষ্ঠীসমূহৰ বিভিন্নধৰণৰ অসন্তুষ্টি আৰু ক্ষোভ থাকে। এনে ক্ষোভ থাকে চৰকাৰৰ বিৰুদ্ধে, বৃহৎ আৰু প্ৰভুত্বশালী গোট বা গোটবোৰৰ বিৰুদ্ধে, অৰ্থনৈতিক শক্তি বা ব্যৱসায়-বাণিজ্য নিয়ন্ত্ৰণ কৰা বণিক গোষ্ঠীৰ বিৰুদ্ধে। ক্ষোভ থাকে অৱমাননাৰ। সময়ত এনে ক্ষোভবোৰ বিভিন্ন ধৰণে দানা বান্ধি প্ৰকাশ পাবলৈ ধৰে। এই দানা বন্ধা ক্ষেত্ৰবোৰে সময়ত গৈ জাতীয়তাবাদী দাবীৰ ৰূপ গ্ৰহণ কৰেগৈ।

পশ্চাৎপদতা আৰু বৈষম্যৰ ক্ষোভ :
যদি এখন সমাজত কিছুমান জনসম্প্ৰদায় বা নৃগোষ্ঠী অতি প্ৰান্তীয় আৰু পশ্চাৎপদ অৱস্থাত থাকে, যদি বহল সমাজখনত এনে গোটবোৰৰ বিশেষ ভূমিকা নাথাকে, তেতিয়া এনে গোষ্ঠীবোৰৰ মাজত অসন্তুষ্টি আৰু ক্ষোভবোৰো অধিক তীব্ৰ হৈ পৰে। সামাজিক, ভাষিক-সাংস্কৃতিক, অৰ্থনৈতিক এনে বৈধ ক্ষোভবোৰেই জাতীয়তাবাদ আৰু নৃগোষ্ঠীয় জাতীয়তাবাদৰ উদ্ভৱৰ অন্তৰালত নিহিত হৈ থাকে।

বাঢ়ি অহা আত্মসচেতনতাৰ ফলাফল :
এনে ক্ষোভবোৰৰ লগতে এটা জনগোষ্ঠীৰ আত্মসচেতনতা যদি তীব্ৰ হৈ পৰে, বহল সমাজখনৰ মাজত যদি নিজৰ স্বকীয় আত্মপৰিচয় ৰক্ষা কৰাৰ তাগিদা অনুভৱ কৰে আৰু বহল সমাজখনত তেওঁবিলাকৰ স্বকীয় পৰিচয় আৰু অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে বুলি ভাব হয়, তেনেহ'লে জাতীয়তাবাদ বা নৃগোষ্ঠীয় জাতীয়তাবাদৰ উত্থানৰ ক্ষেত্ৰখন আৰু প্ৰশস্ত হৈ পৰে।
অসম আন্দোলনৰ ক্ষেত্ৰতেই আমি এইবোৰ কথাৰ উদাহৰণ পাওঁ। ভাৰতৰ সামগ্ৰিক ৰাজনৈতিক প্ৰেক্ষাপটত অসমে নিজকে প্ৰান্তীয় আৰু গুৰুত্বহীন বুলি অনুভৱ কৰি অহাটো এটা বহুদিনীয়া কথা। সংখ্যাগতভাৱে কম প্ৰতিনিধিত্ব থকাৰ বাবে সংসদত অসমে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব নোৱাৰে, তথা হিন্দী বলয়ৰ সংখ্যাগত প্ৰভুত্বই সৰ্বভাৰতীয় ৰাজনীতিত অসমক তাৎপৰ্যহীন কৰি তোলাৰ অনুভৱো পুৰণি। অসমৰ সমস্যাৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ অমনোযোগিতা, অৱহেলা আৰু সহানুভূতিৰ অভাৱে অসমীয়া জনমানসত বহুদিনীয়া বিক্ষুব্ধিৰ সৃষ্টি কৰি আহিছে। স্বাধীনতাৰ পৰৱৰ্তী কালত অসমৰ জাতীয়তাবাদী ৰাজনীতিৰ উত্থানত এই কথাবোৰৰ যথেষ্ট প্ৰভাৱ আছে। ইয়াৰ লগতে যেতিয়া অসমলৈ ভাৰতৰ আন ঠাইৰ লোকৰ আৰু বিদেশী ৰাষ্ট্ৰৰপৰা হোৱা ভয়াৱহ জনপ্ৰব্ৰজনে অসমবাসীৰ মনত নিজৰ অস্তিত্ব হেৰুৱাই পেলোৱাৰ আশংকা ভালদৰেই জন্ম দিছে। এনে প্ৰব্ৰজন ৰোধ কৰাত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিফলতা তথা অমনোযোগিতাই এনে আশংকাৰ ভেটি অধিক দৃঢ় কৰি তুলিছে।
অসমৰ ভিতৰতো অসমৰ সৰু সৰু খিলঞ্জীয়া জনগোষ্ঠীবোৰৰ মাজত বৈষম্যৰ ক্ষোভৰ লগতে বাঢ়ি অহা আত্মসচেতনতাই নৃগোষ্ঠীগত জাতীয়তাবাদৰ জন্ম দিয়াটো বাস্তৱ ঘটনা। বড়ো, কাৰ্বি, মিচিং, তিৱা আদি জনগোষ্ঠীৰ মাজতে এনে পৰিৱৰ্তন আমাৰ সকলোৰে অভিজ্ঞতা।

ৰাষ্ট্ৰৰদ্বাৰা অৱমাননা আৰু দমন :
এনে ক্ষোভবোৰ জন্ম হোৱাৰ ক্ষেত্ৰত ৰাষ্ট্ৰৰ কেন্দ্ৰীয় কৰ্তৃত্বৰো এটা ডাঙৰ ভূমিকা থাকে। ৰাষ্ট্ৰীয় কৰ্তৃত্বৰদ্বাৰা কৰি অহা উপেক্ষা, অৱহেলা আৰু অৱদমন এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হৈ পৰে। বিশেষকৈ এনে গোষ্ঠী বা সমাজবোৰৰ আৱাসস্থলত যদি ৰাষ্ট্ৰৰ আন ঠাইৰ তুলনাত আন্তঃগাঁথনিৰ বা আৰ্থ-সামাজিক উন্নয়নৰ ক্ষেত্ৰত বৈষম্য থাকে আৰু জনগোষ্ঠীৰ ৰাজনৈতিক আকাংক্ষাৰ প্ৰতি যদি ৰাষ্ট্ৰীয় কৰ্তৃত্বৰ সহানুভূতিৰ পৰিবৰ্তে উপেক্ষা বা দমন থাকে তেনেহ'লে ই ক্ষোভ অধিক তীব্ৰ হোৱাত অৰিহণা যোগায়।
প্ৰথম অৱস্থাত এনে ৰাজনৈতিক আকাংক্ষা জনগোষ্ঠীটোৱে প্ৰচলিত ৰাজনৈতিক ব্যৱস্থা আৰু সংগঠনৰ মাজেদিয়েই পূৰণ কৰিব বিচাৰে। এনে কৰাত বিফলকাম হ'লে জনগোষ্ঠীটোৱে জাতীয়তাবাদী ধ্যান-ধাৰণাৰ সহায় লৈ নিজস্ব জাতীয়তাবাদী ৰাজনৈতিক সংগঠনেৰে ৰাজনীতিত হস্তক্ষেপ কৰাৰ প্ৰয়াস কৰে। যদি ৰাজ্য, স্বায়ত্তশাসিত অঞ্চল আদিৰ দৰে ৰাজনৈতিক-প্ৰশাসনিক গোট থাকে, তেনে তাৰ স্থানীয় ক্ষমতা দখল কৰাৰ চেষ্টা কৰে। নাথাকিলে এনে গোট সৃষ্টিৰ বাবে দাবী উত্থাপন কৰি আন্দোলন আৰম্ভ কৰে।
অসমৰ ক্ষেত্ৰতে, অসমীয়া জাতীয়তাবাদ আন্দোলনমুখী হোৱাৰ অন্তৰালত এনেধৰণৰ কথাবোৰে ক্ৰিয়া কৰাটো আমি দেখা পাওঁ। কেন্দ্ৰৰ অৱহেলা তথা শোষণ-বঞ্চনাৰ অভিযোগ; অসমৰ অৰ্থনৈতিক আৰু আন্তঃগাঁথনিগত দুৰ্বলতা, এইবোৰে যোৱা শতিকাৰ শেষ তিনিটা দশকত অসমত বিভিন্ন আন্দোলনৰ জন্ম দিয়াৰ লগতে অসমীয়া জাতীয়তাবাদী দাবীকো তীব্ৰতৰ কৰি তুলিছিল। আনকি অসমৰ ভিতৰত বিভিন্ন নৃগোষ্ঠীগত জাতীয়তাবাদৰ উত্থানৰ বেলিকাও এনেবোৰ কাৰকে কম-বেছি পৰিমাণে ক্ৰিয়া কৰি আহিছে বিভিন্ন সময়ত। অকণমান গভীৰভাৱে চালেই এই কথাবোৰ ধৰিব পাৰি।

ৰাষ্ট্ৰৰ আগ্ৰাসী মনোবৃত্তি তথা কাৰ্যকলাপ :
কেতিয়াবা ৰাষ্ট্ৰৰ আগ্ৰাসী প্ৰবৃত্তি বা কাম-কাজেও একোটা জাতি-জনগোষ্ঠীৰ ক্ষোভ বঢ়াই তুলিব পাৰে বা ই ইয়াৰ অস্তিত্ব বিপন্ন হোৱা বুলি ভাবিব পাৰে। ৰাষ্ট্ৰৰ আগ্ৰাসী ভূমিকা সাধাৰণতে প্ৰকাশ পায় প্ৰাকৃতিক সম্পদ, জলসম্পদ আদি আহৰণৰ বাবে সাধাৰণ মানুহৰ মাটি-বাৰী বা একোটা বৃহৎ অঞ্চল দখল কৰাৰ মাজেদি, নাইবা এলেকাটোৰ মানুহৰ স্বাৰ্থক অৱহেলা কৰি ইয়াৰপৰা প্ৰাকৃতিক আৰু খনিজ সম্পদ অন্য ঠাইলৈ উলিয়াই নিয়াৰ মাজৰে। একোটা বৃহৎ জলবিদ্যুৎ প্ৰকল্প বা উদ্যোগ স্থাপন, খনি উন্নয়ন বা অৰণ্য সম্পদ আহৰণৰ বাবে ৰাষ্ট্ৰই মাটি অধিগ্ৰহণ কৰাকে ধৰি কৰা বিভিন্ন কাম-কাজে যেতিয়া এটা জনগোষ্ঠীৰ জীৱনধাৰা ক্ষতিগ্ৰস্ত কৰে, বা অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰে আৰু বিশেষকৈ যেতিয়া এনেধৰণৰ কাম-কাজে সাধাৰণ মানুহৰ জীৱনলৈ কোনো উন্নয়ন বা পৰিবৰ্তন অনাৰ প্ৰতিশ্ৰুতি বহন নকৰে তেতিয়া এনে বিক্ষুব্ধিবোৰ সহজে জন্ম হয় আৰু জাতীয়তাবাদী মতাদৰ্শৰ উত্থানৰ ক্ষেত্ৰখনো অধিক সহজ হয়। অসমৰ ক্ষেত্ৰতেই ইয়াৰ চাহ, তেল, কয়লা উলিয়াই নিয়া আৰু ইয়াৰ কোনোধৰণৰ উদ্যোগ স্থাপন নকৰা কথাবোৰেও ক্ৰিয়া কৰিছিল। সেই সময়ছোৱাত যিহেতু বৃহৎ উদ্যোগ স্থাপন মূলতেই ৰাজহুৱা খণ্ডতহে হৈছিল, গতিকে এনে উদ্যোগ স্থাপন নকৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক অভিযুক্ত কৰাটো সহজ আছিল।
বৰ্তমানৰ সময়ত অসমৰ জলসম্পদৰ ব্যৱহাৰ, বৃহৎ নদীবান্ধৰ বিৰোধিতা, গৰাখহনীয়া প্ৰতিৰোধ আদি দাবীবোৰ অসমৰ জাতীয়তাবাদী দল-সংগঠনে গ্ৰহণ কৰিছে।

প্ৰব্ৰজন :
জাতীয়তাবাদৰ উত্থানৰ ক্ষেত্ৰত প্ৰব্ৰজনৰো এটা ডাঙৰ ভূমিকা থাকে।
যদি এখন ৰাষ্ট্ৰৰ সংবিধান আৰু প্ৰশাসনিক নীতি-নিয়ম তথা আইন-কানুনত এটা জনগোষ্ঠীয়ে পৰম্পৰাগতভাৱে বসবাস কৰি অহা এলেকালৈ অবাধে আভ্যন্তৰীণ প্ৰব্ৰজন (বেলেগ জনগোষ্ঠীৰ) হোৱাৰ বাট খোলা থাকে, বা এই ক্ষেত্ৰত বাধা-নিষেধ নথাকে তেতিয়া আভ্যন্তৰীণ প্ৰব্ৰজনৰ ফলত সেই ঠাইবোৰৰ জনগাঁথনিৰ পৰিবৰ্তন ঘটে।
ইয়াৰ লগতে যদি আজাতিক ৰাজনীতিৰ কুটিল পাশা খেলত সেই এলেকাবোৰলৈ বহিঃৰাষ্ট্ৰৰপৰা জনপ্ৰব্ৰজন হোৱাৰো বাট খোলা থাকে তেতিয়া পৰিস্থিতিৰ অধিক অৱনতি ঘটে। প্ৰশাসনিক শিঠিলতা, ৰাজনৈতিক অদূৰদৰ্শিতা আৰু ভোটবেংকৰ ৰাজনীতিয়ে এইবোৰ ঘটনা ঘটাত অধিক ইন্ধন যোগায়।
এনে ক্ষেত্ৰত সেই এলেকাটোৰ স্থায়ী বাসিন্দাসকলৰ ৰাজনৈতিক আৰু সামাজিক স্থিতিৰ প্ৰাধান্যৰ হীন-দেঢ়ি ঘটিব পাৰে। তেনে ক্ষেত্ৰত সেই জনগোষ্ঠীটোৱে (বা জনগোষ্ঠীবোৰে) নিজৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি হোৱা বুলি গণ্য কৰিব পাৰে। ইয়াৰ ফলত এহাতে প্ৰচলিত ব্যৱস্থাটোৰ ওপৰত আৰু ৰাজনৈতিক ক্ষমতাৰ কেন্দ্ৰীয় কৰ্তৃত্বৰ বিৰুদ্ধে ক্ষোভ আৰু অবিশ্বাসৰ সৃষ্টি হয়।
আনহাতেদি, সেই পৰিস্থিতিৰপৰা পৰিত্ৰাণৰ এক পথ হিচাপে পুৰণা বা খিলঞ্জীয়া গোষ্ঠীবোৰৰ ভিতৰত জাতীয়তাবাদী আন্দোলন আৰম্ভ হ'ব পাৰে। এনে জাতীয়তাবাদে এনেধৰণৰ পৰিস্থিতিক সহজেই সশস্ত্ৰ আৰু হিংসাত্মক ৰূপলৈ, উগ্ৰ জাতীয়তাবাদলৈ ৰূপান্তৰিত কৰিব পাৰে আৰু জাতীয়তাবাদৰ যিবোৰ ভয়াৱহ দিশ অৰ্থাৎ গোষ্ঠীসংহাৰ, নৃ-গোষ্ঠীগত চাফাইকৰণ, প্ৰব্ৰজনকাৰীসকলৰ বিৰুদ্ধে সশস্ত্ৰ হিংসাত্মক কাৰ্যকলাপ আদি সহজেই আৰম্ভ হৈ যাব পাৰে। এনে জাতীয়তাবাদৰ আক্ৰমণৰ লক্ষ্য এনে উগ্ৰতাক বিৰোধিতা কৰাসকলো হয়গৈ। পৃথিৱীৰ বিভিন্ন ঠাইৰপৰা এনে প্ৰক্ৰিয়াৰ বহু উদাহৰণ দিব পাৰি। দূৰলৈ যাবই নালাগে, অসমৰ অসম আন্দোলন, বড়ো আন্দোলন আৰু অন্যান্য নৃগোষ্ঠীগত আন্দোলনবোৰলৈ এবাৰ ভালকৈ মন কৰিলেই এই প্ৰক্ৰিয়াটো বুজি উঠিব পাৰি।

ৰাষ্ট্ৰৰ ‘এলিট' গোষ্ঠীবোৰৰ কাম-কাজ, ৰাজনৈতিক আৰু সামজিক প্ৰভুত্ববাদৰ ভূমিকা :
ৰাষ্ট্ৰ (বা ৰাজ্যৰ) শাসন ক্ষমতাত থকা ‘এলিট' গোষ্ঠীবোৰৰ কাম-কাজৰ বিৰুদ্ধেও এনেধৰণৰ ক্ষোভ দানা বান্ধি উঠে। এনে এলিট শাসকগোষ্ঠীৰ মাজত এটা বিশেষ জনগোষ্ঠীৰ এজন-দুজন প্ৰতিনিধি থাকিব পাৰে। কিন্তু সামগ্ৰিকভাৱে এনে এলিট গোষ্ঠীটোৱে নিজৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ কৰা কাম-কাজে জনগোষ্ঠীটোৰ সাধাৰণ মানুহৰ জীৱনলৈ কোনোধৰণৰ পৰিবৰ্তন নানে। বৰঞ্চ জনগোষ্ঠীটোৰ মাজৰ সচেতন মধ্যবিত্ত অংশটোৱে অধিক অৱহেলিত বুলিহে ধাৰণা কৰিব পাৰে। ইয়াৰপৰাই বিক্ষুব্ধিৰ জন্ম হয় আৰু সময়ত জাতীয়তাবাদী চিন্তা-চৰ্চাৰ উদ্ভৱৰ ক্ষেত্ৰত ইও অৰিহণা যোগায়।
স্বাধীনতাৰ পাছৰপৰা গঠন হোৱা (তাৰ আগৰ পৰ্যায়তো) প্ৰতিখন অসম মন্ত্ৰীসভাত একাধিক শক্তিশালী খাচী, গাৰো, বড়ো বা কাৰ্বি প্ৰতিনিধি আছিল। তথাপিও এই ‘এলিট' শাসকগোষ্ঠীটোৰ কাম-কাজৰ বিৰুদ্ধে বিভিন্ন ক্ষোভ জমা হ'বলৈ আৰম্ভ কৰিছিলে।
ইয়াৰ আন এটা দিশো আছে - বহুজাতিক, এক ৰাজনৈতিক ক্ষেত্ৰত এলিট শাসকগোষ্ঠীটোৰ চৰিত্ৰও বহুজাতিক হয় যদিও ইয়াত সাধাৰণতে সংখ্যাগুৰু গোষ্ঠীটোৰ প্ৰভুত্ব বা ‘হেজিমনি' অৱধাৰিতভাৱে থাকে। তেনে পৰিস্থিতিত সংখ্যালঘু গোষ্ঠীবোৰে নিজস্ব প্ৰতিনিধিত্ব থকা সত্ত্বেও উপেক্ষিত আৰু অৱদমিত অনুভৱ কৰাটো আচৰিত নহয়। বিশেষকৈ যেতিয়া এনে জনগোষ্ঠীবোৰৰ কিছুমান স্পৰ্শকাতৰ বিষয়ৰ প্ৰতি শাসক গোষ্ঠীটো উদাসীন হয়।
অতি বিকশিত গণতন্ত্ৰ, পাৰস্পৰিক সন্মান তথা সমতাৰ ভিত্তিত তৈয়াৰ কৰি লোৱা কেতবোৰ আইনী পন্থাৰ জৰিয়তেহে এনেধৰণৰ সমস্যাবোৰ গ্ৰহণযোগ্যভাৱে সমাধান কৰাৰ উপায় থাকে। (ক্ৰমশঃ)

(কৃতজ্ঞতা স্বীকাৰ : ডা. ধ্ৰুৱজ্যোতি বৰাদেৱৰপৰা এই লেখাটো সংগ্ৰহ কৰি অনাৰ বাবে মনোজ কুমাৰ মহন্ত আৰু আবিদ আজাদলৈ কৃতজ্ঞতা জ্ঞাপন কৰা হ’ল। – সম্পাদনা সমিতি।)

Share Button
Print Friendly, PDF & Email

No Comments : "জাতীয়তাবাদ- (ডা. ধ্ৰুৱজ্যোতি বৰা)"

Leave a Comment

Your email address will not be published. Required fields are marked *