জাতীয়তাবাদ (২য় খণ্ড) - (ডা. ধ্ৰুৱজ্যোতি বৰা)

জাতীয়তাবাদী মতাদৰ্শৰ চৰিত্ৰ আৰু দুটা প্ৰধান ভাগ। আধুনিক সমাজবিজ্ঞানে জাতীয়তাবাদ মূলতে দুই ধৰণৰ বুলি কয় – (১) নাগৰিক বা চিভিক জাতীয়তাবাদ, (২) এথনিক বা নৃগোষ্ঠীগত জাতীয়তাবাদ।

নাগৰিক বা চিভিক জাতীয়তাবাদ

নাগৰিক জাতীয়তাবাদ বা চিভিক নেচনেলিজম হ'ল একেবাৰে ক্লাছিকেল আৰু নিৰ্ভেজাল চৰিত্ৰৰ জাতীয়তাবাদ আৰু ইয়াক বহুতে নৃগোষ্ঠীগত বা এথনিক জাতীয়তাবাদৰ ওপৰৰ বা শ্ৰেষ্ঠ ধৰণৰ জাতীয়তাবাদ হিচাপে গণ্য কৰে। কোৱা হয় যে ই সকলোকে সামৰি ল'ব পৰা এক বহল অৰ্থৰ জাতীয়তাবাদ। এটা ৰাজনৈতিক-সামাজিক মতাদৰ্শ হিচাপে এই জাতীয়তাবাদৰ উন্মেষ ঘটে ফৰাচী বিপ্লৱৰ পাছৰ ফ্ৰান্সত। এমেৰিকা যুক্তৰাষ্ট্ৰ গঠনৰ বেলিকা গৃহীত হোৱা সংবিধানতেই এই ‘চিভিক' জাতীয়তাবাদৰ মূল মৰ্মবস্তু প্ৰতিষ্ঠিত হোৱা বুলিও কোৱা হয়। বিখ্যাত ঐতিহাসিক ই. জে. হবছবমৰ মতে আধুনিক জাতীয়তাবাদৰ উন্মেষ ঘটে উপৰোক্ত দুটা ঐতিহাসিক ঘটনাৰ জৰিয়তে ১৭৮০ চনত।
ফৰাচী বিপ্লৱ আৰু যুক্তৰাষ্ট্ৰৰ সংবিধানে ৰজা বা সম্ৰাটৰ ব্যক্তিগত সাৰ্বভৌমত্বৰ (ছভাৰ্নিটিৰ) ধাৰণাৰ অৱসান ঘটাই এই সাৰ্বভৌমত্বৰ অধিকাৰ জনতাৰ ওপৰত প্ৰতিষ্ঠা কৰিলে। এই সাৰ্বভৌমত্বই তাত্ত্বিকভাৱে সময়ত গৈ সীমিত ভোটদাতাৰপৰা সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ অধিকাৰ গৃহীত হোৱাৰ জৰিয়তে দেশ বা ৰাষ্ট্ৰ এখনৰ সকলো বাসিন্দাৰ ওপৰত ন্যস্ত হ'লগৈ।
এই বাসিন্দাসকলেই হ'ল দেশখনৰ নাগৰিকসকল। গতিকে এনেধৰণৰ এক ঐতিহাসিক প্ৰক্ৰিয়াৰ মাজেৰে জাতীয়তাবাদ, জাতি-ৰাষ্ট্ৰৰ কেন্দ্ৰীয় চৰিত্ৰ হৈ পৰিল নাগৰিক বা চিটিজেন। এই নাগৰিক বা চিটিজেন হ'ল এখন দেশৰ আইনগতভাৱে স্বীকৃত বিভিন্ন ধৰণৰ ভাষিক, সাংস্কৃতিক, অৰ্থনৈতিক আৰু ভোটাধিকাৰকে ধৰি বিভিন্ন ৰাজনৈতিক অধিকাৰ ভোগ কৰা একোজন ব্যক্তি। এনে ব্যক্তিয়ে হ'ল দেশ বা ৰাষ্ট্ৰৰ মূল গাঁথনিগত আধাৰ তথা সদস্য আৰু জাতীয়তাবাদী মতাদৰ্শৰো মূল আধাৰ বা সদস্য। সেয়ে চিভিক বা নাগৰিক জাতীয়তাবাদত নাগৰিকেই হ'ল সকলো তত্ত্বৰ কেন্দ্ৰবিন্দু, গঠনৰ আধাৰ আৰু প্ৰাথমিক সদস্য। এই সদস্যভুক্তিৰ স্বীকৃতিৰ লগত সদায় ৰাজনৈতিক ক্ষমতাৰ প্ৰশ্নটো অংগাংগীভাৱে জড়িত।
এনে নাগৰিকসকলে যি জাতি গঠন কৰিব প্ৰতিজন নাগৰিক হ'ব তাৰ সদস্য। যেনেদৰে প্ৰতিজন ফৰাচী নাগৰিক ফৰাচী জাতিৰ সদস্য। এনে এখন দেশ বা ৰাষ্ট্ৰৰ জাতীয়তাবাদী মতাদৰ্শ মতে সকলো সদস্য নাগৰিকেই সকলো দিশৰপৰা সমান। তেওঁলোকৰ সকলো অধিকাৰো সমান। তেওঁ যি নৃগোষ্ঠী, যি ভাষা, যি ধৰ্ম, যি বৰ্ণ আৰু যি পটভূমি তথা সংস্কৃতিৰেই লোক নহওক কিয়, জাতীয়তাবাদৰ চকুত তেওঁ সকলোৰে সমান। নাগৰিকৰ মাজত কোনো বৈষম্য থাকিব নোৱাৰিব - ৰাজহুৱা প্ৰাংগণত আৰু আইনৰ চকুত প্ৰতিজন নাগৰিকেই সম্পূৰ্ণভাৱে সমান।

জাতিৰ সদস্যভুক্ত হোৱা নাগৰিকসকলৰ জাতিৰ প্ৰতি কৰ্তব্য

কিন্তু এই সমতাৰ বিনিময়ত নাগৰিকসকলে কিছুমান দায়িত্ব আৰু কৰ্তব্য পালন কৰিব লাগিব। প্ৰথম কথা হ'ল তেওঁ নিজকে সেই জাতিৰ সাধাৰণ সদস্য হিচাপে গণ্য কৰিব লাগিব আৰু জাতি-ৰাষ্ট্ৰৰ প্ৰতি নিঃচৰ্ত আৰু সৰ্বোচ্চ বিশ্বস্ততা আৰু আনুগত্য প্ৰকাশ কৰিব লাগিব।
জাতি আৰু ৰাষ্ট্ৰৰ সুৰক্ষাৰ বাবে তেওঁ প্ৰয়োজন হ'লে আত্মবলিদান দিবলৈ প্ৰস্তুত থাকিব লাগিব।
জাতি আৰু জাতি-ৰাষ্ট্ৰৰ সংবিধান, তাৰ আধাৰত প্ৰস্তুত আইন-কানুন তেওঁ সৰ্বান্তঃকৰণে মানি ল'ব লাগিব।
জাতিৰ যিটো আধুনিক জাতীয় ভাষা সেইটো শিক্ষা, সাধাৰণ প্ৰশাসন, ভাব প্ৰকাশ আৰু যোগাযোগৰ মাধ্যম হিচাপে গ্ৰহণ কৰিব লাগিব আৰু জাতিৰ যি জাতীয় সাংস্কৃতিক পৰিমণ্ডল, যিবোৰ প্ৰতীক গঢ়ি তোলা হ'ব সেইবোৰ নিজস্ব বুলি গ্ৰহণ কৰিব লাগিব। তেওঁৰ নৃগোষ্ঠীগত, ভাষিক, বৰ্ণগত আদি পৰিচয়বোৰ গৌণ হিচাপে লৈ জাতীয় পৰিচয়ক তেওঁৰ প্ৰথম আৰু প্ৰধান পৰিচয় হিচাপে গণ্য কৰিব লাগিব।
ব্যক্তিগত ধৰ্মৰ ক্ষেত্ৰত তেওঁৰ স্বাধীনতা দিব ৰাষ্ট্ৰই নিজে এক ধৰ্মনিৰপেক্ষ বা ছেকুলাৰ ধৰ্মীয় নীতি গ্ৰহণ কৰাৰ জৰিয়তে। ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ আইন-কানুনৰ সন্মুখত সকলো ধৰ্মৰ চৰ্চা আৰু পালনৰ বাবে সমান অধিকাৰ থাকিব। অৰ্থাৎ এজন নাগৰিকে তেওঁৰ আন সকলো পৰিচয় এই গঢ়ি তোলা জাতি আৰু ৰাষ্ট্ৰৰ পৰিচয়ত বিলীন কৰি দিব লাগিব। এনেদৰে সকলো ফালৰপৰা সুষম (uniform) সমাজ গঢ়ি তোলাৰ প্ৰয়াস কৰা হয়।
কিছুমান নাগৰিকৰ যদি কিবা বেলেগ মাতৃভাষা থাকে সেয়া ঘৰুৱা ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰচলন থাকিব পাৰে। ৰাষ্ট্ৰই এইক্ষেত্ৰত বিশেষ হস্তক্ষেপ নকৰে যদিও এনে ভাষাৰ প্ৰচাৰ, প্ৰসাৰ, বিকাশ, স্বীকৃতি আৰু এনে ভাষাক প্ৰশাসন আৰু শিক্ষাৰ মাধ্যম কৰাৰ ক্ষেত্ৰত কোনোধৰণৰ উৎসাহ নেদেখুৱায়, বৰঞ্চ কেতিয়াবা জাতি আৰু ৰাষ্ট্ৰৰ দমনমূলক ব্যৱস্থাৰদ্বাৰা এনে ভাষাকো এসময়ত বিশেষকৈ ইউৰোপত দমন কৰাৰ প্ৰচেষ্টাও হৈছিল। আজিৰ গণতান্ত্ৰিক পৃথিৱীত আগৰ দৰে ভাষিক অৱদমন সম্ভৱপৰ নহয় যদিও আধুনিক জাতি, ৰাষ্ট্ৰ আৰু তাৰ মতাদৰ্শগত বাহন জাতীয়তাবাদে ভাষিক বৈচিত্ৰ্যক ভাল চকুৰে নাচায়। বৰঞ্চ এক সুষম সমাজ প্ৰতিষ্ঠাৰ স্বাৰ্থত সকলোকে এক সুষম ভাষা ব্যৱহাৰতহে উৎসাহ যোগায়।

নাগৰিক জাতীয়তাবাদৰ অন্তৰ্নিহিত সমস্যা

কিন্তু নাগৰিক জাতীয়তাবাদৰ কেতবোৰ ডাঙৰ সমস্যা আছে যিবোৰক সমাজৰ বৈচিত্ৰ্য আৰু বিভিন্নতাৰ প্ৰতি সংবেদনশীল আমি ঐতিহাসিক ঘাটি বা অসম্পূৰ্ণতা বুলিও অভিহিত কৰিব পাৰোহঁক।
এই নাগৰিক জাতীয়তাবাদৰ গঠনতন্ত্ৰ এনেকুৱা যে এক সুষম নাগৰিক সমাজ গঠন কৰিবলৈ যাওঁতে ই সমাজৰ বিভিন্নতা আৰু পাৰ্থক্যবোৰক কম স্বীকৃতি দিয়ে। এই বিভিন্নতা আৰু পাথৰ্ক্যবোৰ ভাষা, ধৰ্ম, জাতি, বৰ্ণ, সংস্কৃতি সকলো ধৰণৰ হ'ব পাৰে। সামাজিক বৈচিত্ৰ্য আৰু বিভিন্নতা (diversity and plurality) মানৱ সমাজৰ এক ঐতিহাসিক বিকাশৰ স্বাভাৱিক ফলাফল হিচাপে গণ্য কৰাৰ পৰিবৰ্তে জাতীয়তাবাদে ইয়াক অনাকাংক্ষিত বিকাশ বুলিহে গণ্য কৰিব বিচাৰে। (আনকি নাগৰিক জাতীয়তাবাদী মতাদৰ্শৰ আলম লৈ যি জাতি বা ৰাষ্ট্ৰ গঢ়ি তুলিব বিচৰা হয় বা গঢ়ি তোলা হয়, তাত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে এনেধৰণৰ বিভিন্নতাবোৰৰ অস্তিত্বকে অস্বীকাৰ কৰা হয়।)

সামাজিক সুষমতা সৃষ্টিৰ বাবে ক্ষমতাৰ ব্যৱহাৰ

সকলো নাগৰিক একেই – তেওঁলোকৰ মাজত কোনোধৰণৰ পাৰ্থক্য থাকিব নোৱাৰে। নাগৰিক বা চিভিক জাতীয়তাবাদে এনেধৰণৰ এখন সুষম সমাজ সৃষ্টিৰ পৃষ্ঠপোষকতা কৰে। সামন্তীয় ৰাজতন্ত্ৰত ৰজাৰ অধীনৰ প্ৰজাসকল বেলেগ বেলেগ জাতি, ভাষা বা সংস্কৃতিৰ প্ৰজা হ'ব পাৰে, কিন্তু আধুনিক জাতীয়তাবাদী জাতি-ৰাষ্ট্ৰৰ প্ৰকল্পত তেওঁলোক আটায়েই একে সুষম নাগৰিক হোৱাটো বাঞ্ছনীয়। সেয়ে এনে জাতি-ৰাষ্ট্ৰত বিভিন্নতাৰ প্ৰতি চৰকাৰী পৃষ্ঠপোষকতা জনোৱাতো নহয়েই, বৰঞ্চ প্ৰয়োজন হ’লে ৰাষ্ট্ৰৰ শক্তিৰে এনে বিভিন্নতাৰ প্ৰকাশ দমন কৰিবলৈহে বিচৰা হয়। সমাজৰ বিভিন্নতাবোৰ ৰাজনৈতিকভাৱে তাৎপৰ্যপূৰ্ণ বুলি ই সদায় অস্বীকাৰ কৰিব খোজে। ইয়াৰ মাৰাত্মক ফলাফল লাভ কৰে সংখ্যালঘুসকলে, সংখ্যালঘু নৃগোষ্ঠীবোৰে।

আভ্যন্তৰীণ প্ৰব্ৰজনৰ ক্ষেত্ৰত বাধা-নিষেধ প্ৰত্যাহাৰ

এনে জাতীয়তাবাদ আৰু জাতি-ৰাষ্ট্ৰই সকলো নাগৰিকৰ ওপৰত এটা উমৈহতীয়া চৰকাৰী-প্ৰশাসনিক-শৈক্ষিক ভাষা আৰু একেধৰণৰ আইন-কানুন আৰোপ কৰে। এনে ৰাষ্ট্ৰই ইয়াৰ প্ৰতিজন নাগৰিকৰে দেশখনৰ যিকোনো ঠাইলৈ যাতায়াত কৰাৰ, বসতি স্থাপন কৰাৰ, জীৱিকা উপাৰ্জন কৰাৰ অবাধ অধিকাৰ প্ৰদান কৰে - আৰু কাৰ্যক্ষেত্ৰত সেইটো হয়ো। ইয়াৰ জৰিয়তে নাগৰিকসকলৰ আভ্যন্তৰীণ প্ৰব্ৰজনত কেনোধৰণৰ বাধা-নিষেধ আৰোপ কৰা নহয়। ইয়াৰ ফলত আভ্যন্তৰীণ প্ৰব্ৰজন সংঘটিত হৈ সংখ্যালঘু জনসমাজ বা নৃগোষ্ঠীবোৰৰ অস্তিত্ব বিপদাপন্ন কৰি তুলিব পাৰে। বাস্তৱিকতে নাগৰিক জাতীয়তাবাদ তথা ৰাষ্ট্ৰৰ এনে ভূমিকাই এথনিক বা নৃগোষ্ঠীগত বিক্ষুব্ধি আৰু সংৰ্ঘষৰ পৃষ্ঠভূমিও প্ৰস্তুত কৰি তুলিব পাৰে।

ক্ষুদ্ৰ জনজাতিৰ অস্তিত্বৰ প্ৰতি উদাসীনতা

এনে জাতীয়তাবাদ আৰু ৰাষ্ট্ৰ সাধাৰণতেই সংখ্যালঘু নৃগোষ্ঠীবোৰৰ অস্তিত্বৰ প্ৰতি উদাসীন হয় – যেন ই উপেক্ষা কৰিবলৈহে ভাল পায়। য'ত য'ত সংখ্যালঘু জনগোষ্ঠীসমূহে সংখ্যালঘু গোষ্ঠী হিচাপে নিজৰ জাতীয়, ভাষিক, সাংস্কৃতিক অধিকাৰ অংশিকভাৱে সাব্যস্ত কৰিবলৈ সক্ষম হৈছে, সি এক দীঘলীয়া আন্দোলনৰ মাজেদিহে সম্ভৱপৰ হৈছে। ৰাষ্ট্ৰই য'ত এনেধৰণৰ স্বীকৃতি দিবলৈ বাধ্য হৈছে, তাতো ই এনে স্বীকৃতি সমানতাৰ আদৰ্শৰ ভিত্তিত নহয়, বৰঞ্চ এক সামন্তীয় পিতৃতান্ত্ৰিক কৰ্তৃত্বশীল সহনশীলতাৰ মনোভাবেৰেহে দিয়ে। ইউৰোপৰ প্ৰতিখন প্ৰধান জাতি-ৰাষ্ট্ৰত কিন্তু এতিয়াও এনেধৰণৰ কথা-কাণ্ডই চলি আছে।

ভাৰতীয় নাগৰিক জাতীয়তাবাদৰ ব্যতিক্ৰমসমূহ

এই ক্ষেত্ৰত ভাৰতবৰ্ষক আমি বেছ ব্যতিক্ৰম বুলি গণ্য কৰিব লাগিব। যদিও ভাৰত ৰাষ্ট্ৰই আগতে কৈ অহা ধৰণৰ নাগৰিক জাতীয়তাবাদী ধ্যান-ধাৰণাৰে প্ৰভাৱিত আৰু ই মূলতে তেনে আচৰণেই কৰিব বিচাৰে, তথাপিও ভাৰতীয় ৰাইজৰ আন্দোলনৰ হেঁচাত আৰু গণতান্ত্ৰিক ৰাজনীতিৰ প্ৰয়োজনত ই কিছুমান অন্য চৰিত্ৰও অৰ্জন কৰিছে। ব্ৰিটিছ-বিৰোধী সংগ্ৰামী ঐক্য স্থাপনৰ প্ৰয়োজনত স্বাধীনতাৰ আগতেই নেতাসকলে ভাষাভিত্তিক ৰাজ্য গঠন, ৰাজ্য পৰ্যায়ৰ স্বায়ত্তশাসন, আৰু বৈচিত্ৰ্যৰ মাজত ঐক্যৰ আদৰ্শৰ মাজেদি ভাৰতবৰ্ষৰ বহুত্ববাদী আৰু বহুজাতিক স্থিতি আৰু ঐক্যক কাৰ্যক্ষেত্ৰত মানি লৈছিল। স্বাধীনতাৰ পাছত গৃহীত সংবিধানত মাতৃভাষাত শিক্ষা, ৰাজ্যৰ অভ্যন্তৰৰ স্বায়ত্তশাসনৰ (ক্ষুদ্ৰ নৃগোষ্ঠীৰ বাবে) ব্যৱস্থা, সাংস্কৃতিক স্বকীয়তা আদিৰ ব্যৱস্থা কৰা হৈছিল। হিন্দী ভাষাক যদিও ৰাষ্ট্ৰভাষা হিচাপে গ্ৰহণ কৰা হ'ল, সেই ভাষাক ৰাষ্ট্ৰশক্তিৰ সহায়ত আৰোপ কৰাটো সম্ভৱপৰ নহ'ল। এনে ব্যৱস্থাবোৰ যিমানেই অসম্পূৰ্ণ বা আসোঁৱাহযুক্ত নহওক কিয়, এক গণতান্ত্ৰিক পৰিমণ্ডলত এই আদৰ্শাত্মক ব্যৱস্থাবোৰে ইমানদিনে ভাৰতৰ ঐক্য ৰক্ষাত ইন্ধন যোগাই আহিছে। ভাৰতত ইউৰোপীয় আৰ্হিৰ ক্লাছিকেল নাগৰিক জাতীয়তাবাদ বা জাতি-ৰাষ্ট্ৰৰ ধাৰণাটো বহুত্ববাদৰ স্বীকৃতিৰ জৰিয়তে বহুদূৰ সলনি হৈ পৰিছে।

নাগৰিক জাতীয়তাবাদে সংখ্যাগুৰু বা প্ৰতিপত্তিশালী গোটটোৰ আধিপত্য কায়েম ৰাখিব বিচাৰে

নাগৰিক জাতীয়তাবাদৰ আন এটা দিশো আমি এইখিনিতে উল্লেখ কৰিবই লাগিব। এনে জাতিয়তাবাদী মতাদৰ্শই কিন্তু সমাজত সংখ্যাগুৰু সম্প্ৰদায়ৰ ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক আধিপত্য বা হেজিমনি (Hegemony) প্ৰতিষ্ঠা কৰাত সহায় কৰে। গণতান্ত্ৰিক পদ্ধতিৰে নিৰ্বাচনৰ জৰিয়তেই হওক বা অগণতান্ত্ৰিক পদ্ধতিৰেই হওক, নাগৰিক জাতীয়তাবাদে যি ভাষা, যি নীতি-নিয়ম নিৰ্ধাৰণ কৰে, জাতীয় ভাষা বা আইন-কানুন হিচাপে তাকেই গৃহীত কৰা হয়। ইয়াত সংখ্যালঘুসকলৰ সমৰ্থন থাকিলেতো ভালেই, নাথাকিলেও সি উপেক্ষিত হ'ব পাৰে। নাগৰিক জাতীয়তাবাদে বহু জাতি, জাতিসত্তাৰ আৱাস, এখন দেশ আৰু তাৰ সাংস্কৃতিক পৰিমণ্ডলত এলেকাটোৰ বৃহত্তম নৃগোষ্ঠীটোৰ প্ৰভুত্ব (dominance) আৰু আধিপত্য (hegemony) সৃষ্টি কৰিব পাৰে। দৰাচলতে এনে ঘটনাই সাধাৰণতে সংঘটিত হয়। নাগৰিক জাতীয়তাবাদে এনেদৰেই সংখ্যাগৰিষ্ঠ অংশ বা জনগোষ্ঠীটোৰ স্বাৰ্থ পূৰণ কৰে।
এই ক্ষেত্ৰত আমি অসমৰ জাতীয়তাবাদী আন্দোলনৰ কাম-কাজ আৰু চৰিত্ৰৰ বিষয়ে ভালদৰে মন কৰাটো প্ৰয়োজন। ‘বৰ অসম', ‘বৃহৎ অসমীয়া জাতি' আদি ধাৰণাৰে অসমীয়া প্ৰধান সুঁতিৰ ভাষা-সংস্কৃতি, ধ্যান-ধাৰণাবোৰ আনৰ ওপৰত জাপি দিব বিচৰা হৈছিল নেকি বা আন সৰু সৰু নৃগোষ্ঠীবোৰে তেনে অনুভৱ কৰিছিল নেকি সেইটো ভাবি চাবলগীয়া কথা।

নৃগোষ্ঠীগত জাতীয়তাবাদ

নৃগোষ্ঠীগত জাতীয়তাবাদ হ'ল জাতীয়তাবাদৰ দ্বিতীয়টো প্ৰধান ৰূপ। নাগৰিক বা চিভিক জাতীয়তাবাদৰ লগত ইয়াৰ মূল পাথৰ্ক্য হ'ল গঠন আৰু চৰিত্ৰগত।
এথনিক বা নৃগোষ্ঠী এই শব্দটো আহিছে গ্ৰীক ‘এথনছ' শব্দটোৰপৰা যাৰ অৰ্থ হ'ল এনে এটা জনগোট যি গোটৰ সদস্যসকল তেজৰ সম্পৰ্কৰে সম্পৰ্কিত। কিন্তু সেই অৰ্থৰপৰা এতিয়ালৈ নৃগোষ্ঠীৰ অৰ্থৰ বহুত পৰিবৰ্তন ঘটিছে।
ইয়াৰ অৰ্থ এতিয়া বহুত বহল হৈছে। এতিয়া নৃগোষ্ঠী বুলিলে এনেকুৱা এটা গোট বুজা যায় যি গোটটোৱে এক উমৈহতীয়া বা একে উৎসৰপৰা উৎপত্তি হোৱা আৰু বিকাশ লাভ কৰা বুলি বিশ্বাস কৰে। এই উৎপত্তিৰ ধাৰণাটোৱে অতীজৰ তেজৰ সম্পৰ্কৰে ধাৰণাটোৰ ক্ৰমে ঠাই লৈছে।
এই একে উৎসৰপৰা উদ্ভৱ হোৱাৰ ধাৰণাটোৰ লগতে উমৈহতীয়া ভাষা, উমৈহতীয়া সংস্কৃতি, পৰম্পৰা, ঐতিহ্য, ঐতিহাসিক অভিজ্ঞতা তথা এক বা একাধিক অঞ্চলত পৰম্পৰাগতভাৱে বসবাস কৰাৰ বাবেও এটা জনগোষ্ঠীৰ মাজত গোষ্ঠীচেতনা আৰু জাতীয়তাবাদী ধ্যান-ধাৰণা বিকশিত হোৱাত সহায় কৰে।
এনে নৃগোষ্ঠীবোৰৰ মাজত দৰাচলতে বিভিন্ন পৰ্যায়ৰ গোষ্ঠীচেতনা আৱহমান কালৰপৰাই প্ৰচলিত হৈ আহিছে। আধুনিক যুগৰ এই আদিম গোষ্ঠীচেতনাই পৰিস্থিতি সাপেক্ষে অধিক বিকশিত হৈ আধুনিক জাতীয়তাবাদী চিন্তা-চেতনা আৰু মতাদৰ্শৰ ৰূপ গ্ৰহণ কৰিছে। এইধৰণৰ জাতীয়তাবাদী চেতনাকে নৃগোষ্ঠীগত জাতীয়তাবাদ বোলা হয়।

ইউৰোপত জাৰ্মানসকলৰ মাজতেই পোন প্ৰথমবাৰৰ বাবে এনে এথনিক বা নৃগোষ্ঠীগত জাতীয়তাবাদৰ উন্মেষ ঘটা বুলি কোৱা হয়। ১৮৭১ চনৰ আগতে দৰাচলতে এখন ঐক্যবদ্ধ জাৰ্মান ৰাষ্ট্ৰৰ কোনো অস্তিত্বই নাছিল। একাংশ জাৰ্মান ‘হলি ৰোমান এম্পায়াৰ অব জাৰ্মান নেচন' নামৰ এক সোলোক-ঢোলোক সংগঠনৰ অধীন হৈ আছিল যদিও স্থানীয় সামন্ত শাসকসকলৰ মাজত ঐক্যতকৈ অসূয়া আৰু অনৈক্যই আছিল প্ৰধান।
১৮০৬ চনৰ নাপোলায়ঁ বনাপাৰ্টৰ ফ্ৰেন্স সেনাবাহিনীৰ হাতত শোচনীয় পৰাজয়ৰ পাছত জাৰ্মানসকলৰ মাজত এক নৱ জাতীয় জাগৰণৰ সৃষ্টি হয়। জাৰ্মান বুদ্ধিজীৱী, কবি, সাহিত্যিকসকলে জাৰ্মানিৰ দুৰ্দশাৰ পাছত এক জাৰ্মান ঐক্যৰ বুনিয়াদৰ সন্ধান আৰম্ভ কৰে। এই সন্ধানৰ যুগটোকেই জাৰ্মান ৰোমান্টিক যুগ বুলিও কোৱা হয়।
এই জাৰ্মান ৰোমান্টিকসকলে আবিষ্কাৰ কৰে যে জাৰ্মানসকলৰ মাজত ঐক্য স্থাপন কৰিবৰ বাবে তিনিটা প্ৰধান দিশ আছে। এই দিশকেইটা হ'ল – এটা উমৈহতীয়া জাৰ্মান ভাষা, এটা উমৈহতীয়া জাৰ্মান সংস্কৃতি আৰু এটা একে মূলৰপৰা উদ্ভৱ হোৱা বুলি জাৰ্মানসকলৰ মাজত থকা বিশ্বাস - অৰ্থাৎ এক উমৈহতীয়া বা একে বংশ উৎসৰ বিশ্বাস। এইটোৱেই হ'ল নৃগোষ্ঠীগত বিশ্বাস।
ক্ৰমে জাৰ্মান জাতীয়তাবাদৰ উন্মেষৰ ক্ষেত্ৰত এই নৃগোষ্ঠীয় চেতনাটো এটা প্ৰধান বিষয় হৈ পৰিলগৈ আৰু জাৰ্মান জাতীয়তাবাদী প্ৰকল্প তথা জাতি গঠনৰপৰা অনা-জাৰ্মান সকলো লোককে (যিসকল লোকো সেই একে এলেকাৰ বাসিন্দা আছিল) বাদ দিয়া হ'ল। এনেদৰে জাৰ্মানিৰ ইহুদি লোকসকল, ৰ'মানী বা অঘৰী লোকসকল আৰু এই এলেকাৰ অধিবাসী শ্লাভ জাতিৰ লোকসকলক বাদ দিয়া হ'ল। এই জাৰ্মান জাতীয়তাবাদেই হ'ল আধুনিক বিশ্বৰ প্ৰথম নৃগোষ্ঠীক জাতীয়তাবাদ।

যি ক্ষেত্ৰত নাগৰিক জাতীয়তাবাদে বিভিন্ন ভাষা, ধৰ্ম, জনসম্প্ৰদায়ৰ মানুহক সামৰি এক সাধাৰণ আৰু সমান নাগৰিক তৈয়াৰ কৰি জাতীয়তাবাদী প্ৰকল্প তৈয়াৰ কৰে, সেই ক্ষেত্ৰত নৃগোষ্ঠীগত জাতীয়তাবাদে এটা নৃগোষ্ঠীয়মূলক আধাৰ কৰি জাতীয়তাবাদী প্ৰকল্প নিৰ্মাণ কৰিব বিচাৰে। এইধৰণৰ জাতীয়তাবাদ আৰু ৰাষ্ট্ৰত সেই নৃগোষ্ঠীয় মূলৰ লোকসকলেহে সম্পূৰ্ণ সা-সুবিধা পায়। অন্য নৃগোষ্ঠীয় লোকসকল ইয়াৰপৰা বাহিৰত থাকে - বা দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ পৰে। সেয়ে এখন দেশৰ ভিতৰতে নৃগোষ্ঠীয় জাতীয়তাবাদে নৃগোষ্ঠীগত সংঘৰ্ষ, দমন আনকি নাজি জাৰ্মানিৰ চূড়ান্ত পৰ্যায়ত ইহুদি হত্যাৰ দৰে গণহত্যাৰো পাতনি মেলিব পাৰে।

জাৰ্মানীৰ নৃগোষ্ঠীয় জাতীয়তাবাদক আমি অৱশ্যে ক্লাছিকেল নৃগোষ্ঠীয় জাতীয়তাবাদৰ এটা অন্যতম উদাহৰণ হিচাপেই ল'ব লাগিব।
আজিৰ বহুজাতিক দেশৰ পৃথিৱীত নৃগোষ্ঠীয় জাতীয়তাবাদ জাৰ্মান জাতীয়তাবাদৰ দৰে ভয়াৱহ পৰিণতিলৈ সহজে নগ'লেও নৃগোষ্ঠীগত জাতীয়তাবাদৰ উত্থানে কিন্তু নৃগোষ্ঠীগত গোষ্ঠী সংঘৰ্ষ, গোষ্ঠীগত চাফাইকৰণ আৰু নৰসংহাৰৰ বাবে পৃথিৱীৰ সকলো ঠাইতে ক্ষেত্ৰ প্ৰস্তুত কৰি তোলাটো আমি দেখিবলৈ পাইছো।
আফ্ৰিকাৰ ৰুৱাণ্ডাৰ হুটু-টুটছি সংৰ্ঘষ, বা বছনিয়াৰ ভয়াৱহ ধৰ্মীয় তথা নৃগোষ্ঠীগত সংৰ্ঘষ বা ইষ্ট টিম'ৰৰ ইণ্ডোনেছিয়াৰপৰা আৰু এৰিট্ৰিয়াৰ ইথিওপিয়াৰপৰা দীঘলীয়া সংৰ্ঘষৰ অন্তত বিচ্ছেদেই হওক, এইবোৰ ঘটনাই, এহাতে বিশেষকৈ প্ৰথম দুটা ক্ষেত্ৰত নৃগোষ্ঠীগত জাতীয়তাবাদৰ বিপদলৈ যেনেকৈ আঙুলিয়াই দিয়ে, আনহাতে শেহৰ দুটা উদাহৰণে নৃগোষ্ঠীয় জাতীয়তাবাদৰ সহায়ত আজিও যে পৃথিৱীত স্বাধীন দেশ গঠন কৰিব পাৰি সেই সম্ভাৱনাৰে বাট দেখুৱায়।

কিন্তু আজিৰ পৃথিৱীত, বিশেষকৈ ভাৰতবৰ্ষত, নৃগোষ্ঠীগত জাতীয়তাবাদৰ প্ৰকাশবোৰ ভাৰতবৰ্ষৰ ভিতৰতে বিভিন্ন পৰ্যায়ৰ স্বায়ত্তশাসন তথা অন্যান্য সা-সুবিধা লাভৰ ক্ষেত্ৰতেই সীমাবদ্ধ হৈ আছে।
আমি কেইটামান উদাহৰণ উল্লেখ কৰিম। ভাৰতৰ আটাইতকৈ পুৰণা নৃগোষ্ঠীগত জাতীয়তাবাদী আন্দোলন হ'ল নগাসকলৰ আন্দোলন। নগাসকলে ভাৰতৰপৰা বিচ্ছিন্ন হৈ স্বাধীন নগাৰাজ্য গঠনৰ প্ৰয়াস কৰিছিল যদিও নগা ৰাইজৰ এক বুজন অংশই ভাৰতৰ ভিতৰতে পূৰ্ণাঙ্গ ৰাজ্য পৰ্যায়ৰ স্বায়ত্তশাসনতে সম্প্ৰতি সন্তুষ্ট হৈছে। যি কেইটা সশস্ত্ৰ গোটে এতিয়াও সশস্ত্ৰ কাৰ্যকলাপ চলাই আছে সেইকেইটা গোটেও irredentismঅৰ অৰ্থাৎ নগা অধ্যুষিত এলেকাবোৰৰ একত্ৰীকৰণৰ দাবী উত্থাপনেৰে নগা জাতীয়তাবাদক এক সুকীয়া মাত্ৰা প্ৰদান কৰিছে আৰু ভাৰত চৰকাৰৰ লগত যুদ্ধবিৰতি আৰু আলোচনাৰ প্ৰক্ৰিয়া চলাই গৈছে।
মিজো নৃগোষ্ঠীগত জাতীয়তাবাদী আন্দোলনে পূৰ্ণাঙ্গ ৰাজ্য পৰ্যায়ৰ স্বায়ত্তশাসনতে সন্তুষ্ট হৈছে। মেঘালয়ৰ উপৰিও ত্ৰিপুৰা আৰু গোৰ্খালেণ্ডৰ নৃগোষ্ঠীগত জাতীয়তাবাদী আন্দোলনে ষষ্ঠ অনুসূচীৰ অধীনত কাউন্সিল পৰ্যায়ৰ স্বায়ত্তশাসনকে গ্ৰহণ কৰিছে।
অসমত ভৌগোলিক স্বায়ত্তশাসনৰ বাবে আন্দোলন কৰা বড়োসকলেও ষষ্ঠ অনুসূচীৰ অধীনত কাউন্সিল গঠন কৰিছে। তেনে কাউন্সিল পাৰ্বত্য জিলা দুখনৰ কাৰ্বি আৰু ডিমাছাসকলৰ বাবে আগৰেপৰা আছে আৰু শেহতীয়াকৈ দুইখন কাউন্সিলৰ ক্ষমতা বঢ়োৱা হৈছে।
মিচিং, তিৱা, ৰাভা, সোণোৱাল, দেউৰী আদি জনগোষ্ঠীৰ বাবে ৰাজ্যৰ ক্ষমতাৰ ভিতৰতে বিভিন্ন কাউন্সিল গঠন কৰি ৰাজনৈতিক ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ প্ৰক্ৰিয়া এটা চলোৱা হৈছে। এই আটাইবোৰ বিভিন্ন সৰু সৰু নৃগোষ্ঠীয়ে আৰম্ভ কৰা নৃগোষ্ঠীগত আন্দোলনৰ ফলশ্ৰুতি। আৰু এই নৃগোষ্ঠীগত আন্দোলনবোৰৰ চৰিত্ৰ মূলতেই জাতীয়তাবাদী চৰিত্ৰৰ। আৰু ইয়াৰ দাবীবোৰো প্ৰাথমিকভাৱে ভৌগোলিক জাতীয়তাবাদী দাবী। ৰাজ্যখনৰ ভিতৰতে নিজা নিজা নৃগোষ্ঠীৰ লোকসকলে বসবাস কৰা এলেকাসমূহ ই সামৰি ল'ব বিচাৰে।

জাতীয়তাবাদ : ভৌগোলিক সীমা আৰু ৰাজনৈতিক ক্ষমতা

"The European vision (of nationalism) has at its heart the concept of territorial nation state. Territory becomes symbol of individual and collective identities".

এক নিৰ্দিষ্ট ভূখণ্ডৰ ওপৰত নিয়ন্ত্ৰণ কায়েম কৰা বা এক ভৌগোলিক সীমা প্ৰতিষ্ঠাৰ ধাৰণাটো জাতীয়তাবাদৰ এক সাধাৰণ লক্ষণ।
জাতীয়তাবাদ নৃগোষ্ঠীয় বা নাগৰিক যেনে ধৰণৰেই নহওক কিয়, ভৌগোলিক ভূখণ্ডৰ ধাৰণাটো ইয়াৰ লগত দৃঢ়ভাৱে জড়িত হৈ থাকে। ইউৰোপীয় আৰ্হিৰ ক্লাছিকেল জাতীয়তাবাদী ধাৰণাই সদায় এখন ভৌগোলিক সীমাযুক্ত স্বাধীন আৰু সাৰ্বভৌম জাতি-ৰাষ্ট্ৰ গঠনৰ পৃষ্ঠপোষকতা কৰে। ইয়াক জাতীয়তাবাদৰ চৰম লক্ষ্য বুলি গণ্য কৰা হয়।
বৰ্তমান উত্তৰ-ঔপনিবেশিক যুগত বিভিন্ন পৰ্যায়ৰ জাতীয়তাবাদে এই চৰম লক্ষ্যটোৰ পৰিৱৰ্তে এখন বহুজাতিক ৰাষ্ট্ৰৰ গাঁথনিৰ মাজত বিভিন্ন পৰ্যায়ৰ স্বায়ত্তশাসনৰ সুবিধাতে সন্তুষ্ট থাকিবলৈ সন্মত হ'ব পাৰে। (এই বিষয়ে আমি অলপ পাছতে কিছু আলোচনা কৰিম)। বা আনধৰণে ভৌগোলিক সীমাৰ ধাৰণাটো মানি ল'ব পাৰে। সেয়া অন্য প্ৰসংগ। কিন্তু মূল কথাটো হ'ল জাতীয়তাবাদে সদায় এক ভৌগোলিক সীমা আৰু সেই সীমাৰে সামৰা ভৌগোলিক ভূখণ্ডৰ ওপৰত ৰাজনৈতিক ক্ষমতাৰ সন্ধান কৰে।
এনে ভৌগোলিক সীমাযুক্ত এলেকাৰ সন্ধানৰ মূল ৰাজনৈতিক উদ্দেশ্য হ'ল সেই নিৰ্দিষ্ট এলেকাটোৰ মাটি আৰু সম্পদৰ ওপৰত নিয়ন্ত্ৰণ প্ৰতিষ্ঠা কৰা। প্ৰাকৃতিক, যেনে – জলজ, খনিজ, অৰণ্য, কৃষিভূমি, বাগান, আৱাসস্থল, প্ৰতিষ্ঠিত উদ্যোগ আদি সম্পদৰ নিয়ন্ত্ৰণৰ বাহিৰেও প্ৰতিৰক্ষাৰ দিশৰপৰা এনে ভূমিখণ্ডৰ ওপৰত নিয়ন্ত্ৰণ গুৰুত্বপূৰ্ণ হৈ পৰে।
জাতীয়তাবাদী আন্দোলন এটাৰ প্ৰথম অৱস্থাত এই ৰাজনৈতিক দিশবোৰ সিমান প্ৰকট হৈ নাথাকিব পাৰে - প্ৰথমে সাধাৰণতেই ভাষিক, সাংস্কৃতিক দাবী বা জনগোষ্ঠীটোৰ বাবে বিশেষ আইনগত স্বীকৃতি (যিটো ভাৰতৰ আজিৰ পৰিস্থিতিত অনুসূচিত জনজাতিৰ স্বীকৃতি হ'ব পাৰে) আদি দাবীৰে সাধাৰণতে আৰম্ভ হয়, কিন্তু দিন যোৱাৰ লগে লগে যিমানেই জাতীয়তাবাদী আন্দোলনবোৰ প্ৰবল হৈ উঠে, সিমানেই এই সীমা আৰু ৰাজনৈতিক ক্ষমতাৰ দাবীবোৰো প্ৰকট হৈ পৰে। দৰাচলতে ৰাজনৈতিক ক্ষমতাৰ প্ৰশ্নটোৰ অবিহনে জাতীয়তাবাদৰ ঐতিহাসিক প্ৰাসংগিকতা আৰু যথাৰ্থতাও নাথাকে।

ভৌগোলিক সীমাৰ দাবীৰ তিনিটা ৰূপ

জাতীয়তাবাদৰ ভৌগোলিক সীমাৰ দাবীয়ে ঐতিহাসিকভাৱে তিনিটা প্ৰধান ৰূপ গ্ৰহণ কৰিব পাৰে। এই তিনিটা ৰূপ হ'ল এনে ধৰণৰ -

ক) বিচ্ছিন্নতাবাদ (Secession) – এই ধাৰণাটো বুজিবলৈ সহজ। এই ধাৰণা মতে এটা ঐতিহাসিকভাৱে গঢ়ি উঠা জাতিয়ে এখন সাম্ৰাজ্য বা এখন বহুজাতিক ৰাষ্ট্ৰৰপৰা এটা নিৰ্দিষ্ট ভৌগোলিক সীমা বা এলেকা লৈ বিচ্ছিন্ন হৈ পৰে আৰু এখন স্বাধীন জাতি-ৰাষ্ট্ৰ গঠন কৰে। ইউৰোপীয় ক্লাছিকেল জাতীয়তাবাদী চিন্তাধাৰাৰ ই এটা কেন্দ্ৰীয় বিষয় আৰু আমি ইয়াক অন্যভাৱে ‘ভৌগোলিক জাতীয়তাবাদ' হিচাপেও বৰ্ণনা কৰিব পাৰো।
এনে ভৌগোলিক জাতীয়তাবাদত এই ভৌগোলিক এলেকাটো জাতিটোৰ সদস্যসকলৰ ব্যক্তিগত আৰু সামূহিক পৰিচয়ৰ মূল প্ৰতীক হৈ পৰে। বিচ্ছিন্ন হৈ স্বাধীন জাতি-ৰাষ্ট্ৰ গঢ়াৰ উদাহৰণ হিচাপে বহুজাতিক পাকিস্তানৰপৰা বঙালী জাতি বেলেগ হৈ স্বাধীন বাংলাদেশ গঠনৰ কথা ক'ব পাৰো। চুবুৰীয়া শ্ৰীলংকাতো তামিলসকলে ‘তামিল ঈলম' নামেৰে দ্বীপটোৰ একাংশ সামৰি তামিল জাতিৰ বাবে এখন স্বাধীন সাৰ্বভৌম দেশ গঠন কৰিবৰ বাবে দীৰ্ঘদিন জুৰি এক ৰক্তাক্ত সংগ্ৰাম চলাই আহিছে। জাতীয়তাবাদৰ ক্লাছিকেল ধাৰণাত সেয়েই আত্মনিয়ন্ত্ৰণৰ অধিকাৰ মানেই বিচ্ছিন্ন হৈ ভৌগোলিক সীমাযুক্ত এক স্বাধীন জাতি-ৰাষ্ট্ৰ গঠনৰ অধিকাৰ বুলি গণ্য কৰা হৈছিল আৰু দুইটা শব্দ সমাৰ্থক হিচাপে ব্যৱহাৰ কৰা হৈছিল। কিন্তু তাৰ পাছৰপৰা, বিশেষকৈ উত্তৰ-ঔপনিবেশিক যুগত সন্মিলিত জাতিসংঘ গঢ়াৰ পাছৰপৰা, যেতিয়া জাতিসংঘৰ সদস্য ৰাষ্ট্ৰবোৰৰ ভৌগোলিক অখণ্ডতা ৰক্ষা কৰাৰ প্ৰশ্নটো জৰুৰী হৈ পৰিল, তেতিয়া আত্মনিয়ন্ত্ৰণৰ অৰ্থও সলনি হৈ ই কেৱল বিচ্ছিন্নতাবাদ নহৈ বিভিন্ন পৰ্যায়ৰ স্বায়ত্তশাসনকো সামৰি লোৱা হ'ল।
খ) স্বায়ত্তশাসন – সাম্প্ৰতিক পৃথিৱীত এটা জাতিৰ আত্মনিয়ন্ত্ৰণৰ আকাংক্ষা স্বায়ত্তশাসনৰদ্বাৰাও পূৰণ হোৱাটো সম্ভৱপৰ বুলি গণ্য হ'বলৈ আৰম্ভ কৰে কুৰি শতিকাৰ পাছৰ ফালৰপৰা। এখন দেশৰ ভিতৰতে, বিশেষকৈ এখন বহুজাতিক দেশৰ ভিতৰত, এটা জাতিয়ে নিজৰ জাতীয়তাবাদী আশা-আকাংক্ষা সংবিধান আৰু আইন-কানুনৰদ্বাৰা সুৰক্ষিত এক স্বায়ত্তশাসনৰ ৰাজনৈতিক ব্যৱস্থাৰ মাজেদিও লাভ কৰিব পাৰে বুলি স্বীকৃত হ'ল।
এনেদৰে কিছু এৰাধৰা কৰি হ'লেও জাতিবোৰে দেশখনৰ ভিতৰতে একোটা ভৌগোলিক এলেকাৰ নিয়ন্ত্ৰণ আৰু ৰাজনৈতিক ক্ষমতাৰ অংশ লাভ কৰিব পাৰে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতবৰ্ষৰ ৰাজ্যবোৰ হ'ল এনেধৰণৰ স্বায়ত্তশাসনৰ ব্যৱস্থা।
ভাৰতবৰ্ষত এই দিশটো অধিক গুৰুত্বপূৰ্ণ কিয়নো ভাৰতবৰ্ষখন গঠন কৰা প্ৰায়বোৰ প্ৰধান জাতিয়েই ভাষাভিত্তিক একোখন ৰাজ্য গঠন কৰাৰ জৰিয়তে ৰাজ্য ভূখণ্ডৰ ওপৰত কিছু কৰ্তৃত্ব, কিছু নিয়ন্ত্ৰণ আৰু ৰাজ্য পৰ্যায়ৰ ৰাজনৈতিক ক্ষমতা লাভ কৰিলে।
বিশ্বৰ বিভিন্ন ঠাইৰ লগত তুলনা কৰিলে দেখা যাব যে ভাৰতৰ এই ৰাজ্য পৰ্যায়ৰ স্বায়ত্তশাসনৰ ৰাজনৈতিক ক্ষমতা বৰ কম নহয়। ব্ৰিটেইনত স্কটলেণ্ডক স্কটিছ পাৰ্লিয়ামেন্টৰ জৰিয়তে যি ক্ষমতা দিয়া হৈছে তাতোকৈ ভাৰতৰ ৰাজ্য পৰ্যায়ৰ স্বায়ত্তশাসনৰ ক্ষমতা বহুত বেছি।
এই ব্যৱস্থাৰ জৰিয়তে ভাৰতবৰ্ষ গঠন কৰা প্ৰায়বোৰ প্ৰধান জাতিয়েই এটা পৰ্যায়লৈকে – অৰ্থাৎ স্বায়ত্তশাসনৰ জৰিয়তে আত্মনিয়ন্ত্ৰণৰ কিছু অধিকাৰ লাভ কৰিলে। ভাৰতৰ ঐক্যৰ এক মূল সঁচাৰকাঠি ইয়াতেই নিহিত হৈ আছে।
ৰাজ্যবোৰৰ ভিতৰতো, বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলত, অসমত সংবিধানৰ ষষ্ঠ অনুচ্ছেদৰ অধীনত প্ৰধান প্ৰধান নৃগোষ্ঠীসমূহৰ বাবে স্বায়ত্তশাসিত কাউন্সিলৰ ব্যৱস্থা কৰা হৈছে। চুবুৰীয়া ত্ৰিপুৰা, পশ্চিমবংগ আৰু মেঘালয়তো এই ব্যৱস্থা আছে। হয়তো ভৱিষ্যতে আন ৰাজ্যলৈকো ইয়াৰ সম্প্ৰসাৰণ ঘটিব। ভৌগোলিক স্বায়ত্তশাসনৰ ব্যৱস্থা এনেদৰেই ভাৰতীয় ব্যৱস্থাৰ মাজত কৰা হৈছে।
সংবিধানৰ পঞ্চম অনুচ্ছেদৰ অধীনতো জনজাতীয় তথা আদিবাসী লোকসকলৰ বাবে আন কিছু ব্যৱস্থা আছে অৱশ্যে তাত ভৌগোলিক স্বায়ত্তশাসনৰ সা-সুবিধা নাই।
যিহেতু আজিৰ পৃথিৱীত স্বায়ত্তশাসন আত্মনিয়ন্ত্ৰণৰ এক কাৰ্যকৰী পদ্ধতি বুলি স্বীকৃত হৈ পৰিছে, গতিকে বহুতো জাতীয়তাবাদী আন্দোলনৰ দাবী আৰু লক্ষ্য হয় দেশৰ ভিতৰতে স্বায়ত্তশাসনৰ ৰাজনৈতিক অধিকাৰ লাভ কৰাটো। যিহেতু এনে দাবীয়ে জাতিসংঘৰ সদস্য ৰাষ্ট্ৰবোৰৰ ঐক্য-সংহতি বিপদাপন্ন নকৰে, গতিকে এনে দাবীৰ প্ৰতি জাতীয় আৰু আন্তৰ্জাতিক সমৰ্থনো সহজে আহে। কিন্তু ৰাষ্ট্ৰই এনে দাবী সহজভাৱে গ্ৰহণ নকৰে। সাধাৰণতে ৰাষ্ট্ৰযন্ত্ৰই এনে দাবীকো সন্দেহৰ চকুৰেই চায় আৰু ইয়াক বিচ্ছিন্নতাবাদৰ এক পূৰ্বাভাস বুলিয়েই গণ্য কৰিব বিচাৰে। এইটো এটা বাস্তৱ ঘটনা। গতিকে এখন ৰাষ্ট্ৰৰ ভিতৰত স্বায়ত্তশাসনৰ বাবে এক জাতীয়তাবাদী আন্দোলন গঢ়ি তোলাটো আৰু তাক সফলতাৰ দিশলৈ আগ বঢ়াই নিয়াটো বৰ সহজ নহয়।
পঞ্জাবত হোৱা আন্দোলনৰ সময়ত যি আনন্দপুৰ চাহেব প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল বা অসম আন্দোলনৰ সময়ত (আলফাৰ বিচ্ছিন্নতাবাদৰ বাহিৰে) অসমৰ জাতীয়তাবাদী শিবিৰৰ বিভিন্ন অংশৰপৰা যিবোৰ দাবী উত্থাপন হৈছিল সেইবোৰ চৰিত্ৰগতভাৱে মূলতেই আছিল অধিক স্বায়ত্তশাসনৰ দাবী। আকৌ অসমৰ ভিতৰতে বড়ো, কাৰ্বি আৰু শেহতীয়াকৈ ৰাভা, তিৱা, মিচিং আদি জনগোষ্ঠীৰ তৰফৰপৰা যিবোৰ দাবী উত্থাপিত হৈ আহিছে - যিবোৰে হয়তো এটা পৰ্যায়ত কিছু সফলতাও লাভ কৰিছে, সেইবোৰ দাবীও মূলতেই হ'ল স্বায়ত্তশাসনৰ দাবী।

(গ) ইৰিডেন্টিজম (irredentism) – এটা জাতি বা নৃগোষ্ঠীয়ে কেতিয়াবা এক বৃহত্তৰ আৱাসভূমিৰ দাবী উত্থাপন কৰে। সাধাৰণতে যদি এটা জনগোষ্ঠী কেইবাখনো দেশত সিঁচৰতি হৈ থাকে বা এখন দেশৰ বিভিন্ন প্ৰশাসনিক বিভাগৰ (যেনে ৰাজ্যৰ) মাজত সিঁচৰতি হৈ থাকে, তেনে সেই জনগোষ্ঠীটোৱে এনে সকলো এলেকাক সামৰি এক বৃহত্তৰ আৱাসভূমি গঠন কৰাৰ বাবে দাবী তুলিব পাৰে। এই দাবীও চৰিত্ৰৰ দিশৰপৰা এক জাতীয়তাবাদী দাবীয়েই, কাৰণ এহাতেদি ই জাতিটোৰ সকলো সদস্যক এখন গৃহভূমিৰ অধীনত সমাবেশিত কৰিব বিচাৰে আৰু আনহাতেদি এই সমগ্ৰ এলেকাটোৰ ওপৰত জাতিটোৰ নিয়ন্ত্ৰণ কায়েম কৰিব বিচাৰে।
ইয়াৰ এটা প্ৰধান ধ্ৰুপদী উদাহৰণ হ'ল হিটলাৰৰ জাৰ্মানি। ইউৰোপৰ বিভিন্ন দেশত সিঁচৰতি হৈ থকা জাৰ্মান বংশোদ্ভৱ সকলো লোককে এখন দেশত একত্ৰিত কৰিবৰ বাবে জাৰ্মান জাতীয়তাবাদৰ আটাইতকৈ উগ্ৰ প্ৰবক্তা নাজিসকলে দাবী জনাইছিল আৰু হিটলাৰৰ নেতৃত্বত এই এলেকাবোৰ যুদ্ধৰ জৰিয়তে সময়ত দখল কৰি একত্ৰিত কৰিও পেলাইছিল। একেবাৰে আমাৰ কাষতে এন এছ চি এন সংগঠনটোৱে নাগালিম বা বৃহত্তৰ নাগালেণ্ড গঠনৰ যি দাবী উত্থাপন কৰিছে, সিও চৰিত্ৰগত দিশৰপৰা এনে ইৰিডেন্টিজম-ভিত্তিক জাতীয়তাবাদী দাবী। ভাৰত চৰকাৰৰ লগত হোৱা আলোচনাত এন এছ চি এনে ভাৰতৰ অৰুণাচল, অসম, মণিপুৰৰ সমগ্ৰ নগা অধ্যুষিত এলেকাক একত্ৰিত কৰি বৃহত্তৰ নাগালিমৰ কথা কৈছে। নগা সশস্ত্ৰ আন্দোলনৰ আনটো গোট খাপলাং-পন্থীসকলে ইয়াতকৈও আগ বাঢ়ি গৈ ভাৰত আৰু চুবুৰীয়া দেশ ম্যানমাৰৰ সকলো নগা অধ্যুষিত এলেকাক একত্ৰিত কৰাৰ কথা কয়। জাতীয়তাবাদ এনেধৰণৰ দাবীৰ মাজেৰেও প্ৰকাশ পায়।

(Irredentism – অসমীয়া প্ৰতিশব্দৰ অভাৱত এই অভিধাটো বুজোৱা ইংৰাজী শব্দটোকে ৰখা হ'ল। The Concise Oxford Dictionary of Politicsঅত ইৰিডেণ্টিজমৰ সংজ্ঞা দিয়া হৈছে এনেদৰে : The term 'irredentism' comes from Italian, irredenta meaning unredeemed. After the unification of Italy in 1870 with the annexation of the Papal States, there still remained certain pockets of ethnically Italian territory in Austrian hands, including Trieste (Austria's only port), Istria, Trentino, and South Tirol, which the irredentists claimed. The term has been extended to any movement or aspiration to recover territory claimed back for ethnic or linguistic reasons. ibid, p.275, Second Edition, 2003.)

Share Button
Print Friendly, PDF & Email

1 Comment : "জাতীয়তাবাদ (২য় খণ্ড) - (ডা. ধ্ৰুৱজ্যোতি বৰা)"

  1. ত্ৰিদিৱ দত্ত

    বৰাদেৱৰ প্ৰৱন্ধটো পঢ়ি যঠেষ্ট উপকৃত হলো। তেখেতলৈ ধন্যবাদ জনাই কেইটামান কথা উত্থাপন কৰিব বিছাৰিছো, সাম্প্ৰতিক অসমৰে নহয় ভাৰতীয় প্ৰেক্ষাপতত নব্য উদাৰবাদী ধাৰণাপ্ৰসুত যি জাতীয়তাবাদৰ উথ্থান ঘটিছে সেই সৰ্ম্পকে কিছু কথা আলোচনা হোৱাটো প্ৰয়োজন বুলি অনুভৱ কৰো। তেখেতে যি নাগৰিক জাতীয়তাবাদৰ কথা উল্লেখ কৰিছে তাৰ লগত পুঁজিবাদী চেতনাটোও অন্যতম আৰু ই জাতীয়তাবাদী ধাৰণাটোক নিয়ন্ত্ৰণ কৰে। আমি ভাৱো, জাতীয়তাবাদী চিন্তাবিলাকৰ বিস্তৃতঃ আলোচনাৰ বিশেষকৈ অসমৰ পৰিপ্ৰেক্ষিতত অতি প্ৰয়োজন আছে। মুক্তচিন্তালৈ ধন্যবাদ জনালো আৰু অনাগত সময়ত এই বিষয়েটাক অধিক চৰ্চালৈ আনিব বুলি আশা কৰিলো।

Leave a Comment

Your email address will not be published. Required fields are marked *