অতিথি সম্পাদকৰ চ'ৰাপঞ্চম সংখ্যাসাক্ষাৎকাৰ

জেহিৰুল হুছেইনৰ পৰিবাৰ ছফিয়া হুছেইনৰ সাক্ষাৎকাৰ- (সাক্ষাৎগ্ৰহণ – সুশান্ত কৃষ্ণ শৰ্মা)

(প্ৰগতিশীল লেখক প্ৰয়াত জেহিৰুল হুছেইনৰ পৰিবাৰ ছফিয়া হুছেইন, পেছাত এগৰাকী শিক্ষয়িত্ৰী, গোলাঘাট শিশু ভৱন বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা। ‘মুক্ত চিন্তা’  ই-আলোচনীৰ অতিথি সম্পাদকৰ চ’ৰাৰ এই সংখ্যা প্ৰয়াত হুছেইন ডাঙৰীয়াৰ জীৱন আৰু সাহিত্য আলোচনাৰে সজোৱা হৈছে। এই প্ৰসংগত তেখেতৰ পৰিবাৰ ছফিয়া হুছেইনৰ এটি সাক্ষাৎকাৰ গ্ৰহণ কৰা হয়। সাক্ষাৎকাৰ গ্ৰহণ কৰে অতিথি চ’ৰাৰ সম্পাদক সুশান্ত কৃষ্ণ শৰ্মাই।)

অভিনৱ গল্প-শৈলীৰ উদ্গাতাগৰাকী

সুশান্ত কৃষ্ণ শৰ্মা–বাইদেউ নমস্কাৰ। ইতিমধ্যে আপোনাক আমাৰ আলোচনীখনৰ এই সংখ্যাৰ পৰিকল্পনাৰ বিষয়ে কৈছোৱেই,  তেন্তে আপোনাৰ সৈতে আমি নাইচ ছাৰ আৰু আপোনাৰ যুগ্ম জীৱনৰ আৰম্ভণিৰপৰাই কিছু কথা ঘৰুৱাভাৱে পাতো।

ছফিয়া হুছেইন–নমস্কাৰ, হয়, হয়। আলোচনীখনৰ এই সংখ্যাৰ প্ৰচেষ্টাৰ কথা জানি সঁচাই বৰ আনন্দিত হৈছোঁ। তেখেতৰ বিষয়ে চৰ্চা হৈছে বুলি জানি ভাল লাগিছে। তুমি তেখেতৰ সৈতে মোৰ যুগ্ম জীৱনৰপৰাই কথাখিনি পাতিব পাৰা।

সুঃ কৃঃ শঃ–১৯৭৭ চনত, ২২ জুন তাৰিখে আপোনালোকৰ বিবাহ সম্পন্ন হয়। আপুনি আছিল বোকাখাতৰ জীয়ৰী আৰু নাইচ ছাৰ গোলাঘাটৰ। আপোনালোকৰ বিবাহৰ পূৰ্বে চা-চিনাকি আছিল নে?

ছঃ হুঃ– হয়, হয় তুমি ঠিকেই কৈছা। আমাৰ বিয়াখন পিছে ঘৰুৱাভাৱে হৈছিল আৰু তেখেতৰ বিষয়ে পূৰ্বতে মই আনৰ মুখেৰে শুনিছিলো যদিও চা-চিনাকি নাছিল।

সুঃ কৃঃ শঃ–বাইদেউ, আপোনালোকৰ বিয়াৰ পিছত ছাৰৰ প্ৰতি জীৱনসঙ্গী হিচাপে প্ৰথম অৱস্থাত কেনে ধাৰণা হৈছিল?

ছঃ হুঃ–তেখেতৰ সৈতে বৈবাহিক সূত্ৰে বান্ধ খোৱাৰ পিছত জীৱনসঙ্গী হিচাপে সদায় সহযোগিতা পাইছিলো। মই ভবাতকৈও তেখেত আছিল বিশাল ব্যক্তিত্বৰ ব্যক্তি। তেনে এজন ব্যক্তিৰ সৈতে জীৱনটো কটাবলৈ পাইছো এয়া ভাবি মোৰ খুব সন্তুষ্টি হৈছিল।

সুঃ কৃঃ শঃ–বাইদেউ, আমি জনাত বিয়াৰ পিছত আপুনি আপোনাৰ আধৰুৱা কলেজীয়া শিক্ষা কৰিছিল। আমাৰ সচৰাচৰ পৰিয়ালবোৰৰ যি এক অৱদান তাৰপৰা নাৰী হিচাপে আপুনি নতুন ঘৰখনত মুক্ত আছিল যেন লাগে।

ছঃ হুঃ–হয়, তুমি ঠিকেই কৈছা। তেখেতে এই ক্ষেত্ৰত অত্যন্ত সহযোগ কৰিছিল। তেখেতে কোনোদিন স্বাধীনতাত হস্তক্ষেপ নকৰিছিল। নিজৰ লগত মোৰ মতামত, দৃষ্টিভঙ্গীৰ প্ৰতিও সন্মান জনাইছিল। সেয়ে পঢ়া-শুনা চলাই নিব পাৰিছিলো।

কোনো এক সৃষ্টিশীল মুহূৰ্ত্তত

সুঃ কৃঃ শঃ–এইখিনিতে এটা কথা সোধো বাইদেউ, আপোনালোকৰ আমোলাপট্টীৰ ঘৰখন এসময়ত এটি বৌদ্ধিক আড্ডাস্থলী হিচাপে পৰিচিত আছিল।বাম পন্থী সংগঠনৰ অনুগামী ব্যক্তি হিচাপে তথা শিক্ষক হিচাপে ছাৰক লগ কৰা আৰু বিভিন্ন আলোচনাৰ এটি পৰিৱেশ আপোনালোকৰ ঘৰত আছিল। এই ক্ষেত্ৰত আপুনি আৰু পৰিয়ালে কেনেদৰে সহযোগ কৰিছিল?

ছঃ হুঃ–আমাৰ ঘৰখন তেনে এক আড্ডাস্থলী আছিল;  কথাটো সঁচা। তেখেতক বিচাৰি, তেখেতৰ লগত বিভিন্ন সমসাময়িক প্ৰসংগ আলোচনাৰ বাবে বিভিন্নজনৰ সঘন অহা-যোৱা আছিল। প্ৰথম অৱস্থাত মই তেখেতৰ মতাদৰ্শ বুজি পাব পৰাকৈ পৰিপক্ব নাছিলো। কিন্তু মইও লাহে লাহে পিছলৈ বুজি উঠিছিলো যে তেখেতে এক প্ৰগতিকামী চিন্তাৰ বাৰ্তা বিলোৱাত অহৰহ ব্যস্ত আছিল, যিটো সমাজখনৰ বাবে খুব দৰকাৰী আছিল। অতিথি আপ্যায়ন, হয়ভৰ দিয়াতে মই অৱশ্যে সীমাবদ্ধ আছিলোঁ।

সুঃ কৃঃ শঃ–বাইদেউ, এইখিনিতে এটি অন্য কথা জানিব বিচাৰিছো। এগৰাকী পিতৃ হিচাপে ঘৰৰ মুৰব্বী হিচাপে নাইচ ছাৰৰ ভূমিকা কেনে আছিল?

ছঃ হুঃ–মোৰ এটা কথা বৰ ভাল লাগিছিল যে তেখেতে সকলো ক্ষেত্ৰতে তাল-মিল ৰক্ষা কৰিব জানিছিল। সন্তান প্ৰতিপালন, বজাৰ-সমাৰ, ৰুচিসম্পন্ন খাদ্যৰ জুতিৰ ফৰমাইচ, ঘৰুৱা সম্পৰ্ক ৰক্ষা কৰা আদিত কোনোদিন তেখেতৰ খোকোজা লগা দেখা নাছিলোঁ।

পৰিয়ালৰ সৈতে তেখেত

সুঃ কৃঃ শঃ–বাইদেউ, ১৯৭৯ চনত নাইচ ছাৰক সেই সময়ৰ বিদেশী বহিষ্কাৰ আন্দোলনত বিপৰীত স্থিতি লোৱাৰ বাবে এমাহ কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল।  আন্দোলনকাৰীসকলে নাইচ ছাৰক কিবা বেয়া ব্যৱহাৰ কৰিছিল নেকি? পৰিয়ালেও সেই সময়ৰ পৰিস্থিতিত ভুক্তভোগী হৈছিল নেকি?

ছঃ হুঃ–হয়, মনত পৰে, তেখেতে সেই সময়ত দূৰদৰ্শিতাৰে সম্প্ৰীতিৰ কথা কৈছিল। সেই কথাবোৰ যুক্তিৰ আছিল,  কিন্তু আন্দোলনকাৰীসকল আছিল আৱেগৰ বন্যাত, তেওঁলোকে একো নিৰ্যাতন কৰা নাছিল যদিও যুক্তিবাদীসকলক উলাই কৰি চলিছিল।

সুঃ কৃঃ শঃ–নাইচ ছাৰ আছিল শক্তিশালী গল্পকাৰ, তেখেতে এবাৰ কৈছিল তেখেতৰ গল্পৰ প্ৰথম পাঠক আছিল আপুনি। তেখেতৰ লেখক জীৱনৰ বিষয়ে অলপ ক’ব নেকি?

ছঃ হুঃ–হয়, হয়, তেখেতে গল্প এটা লিখি প্ৰথমে মোকে পঢ়ি শুনাইছিল আৰু জানানে, গল্পৰ চৰিত্ৰবোৰ আছিল আমাৰ চিনাকি। মই আচৰিত হৈছিলো ‘সাত নম্বৰৰ সন্ধানত’ত লীলাৱতীক, ‘ভেঁটি’ত আমাৰ ওচৰৰে বিহু সন্মিলনখন, ‘ভাল মানুহৰ সংজ্ঞা’ত আমাৰে চুবুৰিৰ এটি অভিজ্ঞতা ইমান সুন্দৰকৈ তেখেতে তুলি ধৰিছিল। সাধাৰণ মানুহৰ জীৱন কেনেকৈ উত্তৰণ ঘটাব পাৰি তেখেতে তাকেহে যেন অহৰহ চিন্তা কৰিছিল। তেখেতৰ লেখক জীৱনৰ ক্ষেত্ৰখন আছিল তাতেই।

কোনো এখন সভাত। তেখেত আছিল এগৰাকী সুবক্তা

সুঃ কৃঃ শঃ–নাইচ ছাৰে কেনেকৈ এই জনজীৱনক তুলি ধৰিব পাৰিছিল? তেখেতৰ প্ৰত্যক্ষ অভিজ্ঞতা অথবা পৰ্যবেক্ষণ ক্ষমতা?

ছঃ হুঃ–হয়, হয়, মই মন কৰিছিলো তেখেত এজন ভাল শ্ৰোতা আছিল। বিভিন্নজনৰ কথা-বতৰা তেখেতে মন দি শুনিছিল। মানুহৰ সমস্যাৰ কথা তেখেতে গভীৰ উপলব্ধিৰে ল’ব জানিছিল।

সুঃ কৃঃ শঃ–বাইদেউ, নাইচ ছাৰৰ শিক্ষক হিচাপেও এটি সুনাম আছিল। আমি জনা মতে তেখেতক সদায় এচাম ছাত্ৰ-ছাত্ৰীয়ে আগুৰি ৰাখিছিল। এই বিষয়ে অলপ কওকচোন।

ছঃ হুঃ– হয়, তেখেতক শিক্ষক হিচাপে ছাত্ৰ-ছাত্ৰীসকলে বৰ হেঁপাহ কৰা দেখিছিলো। আনকি তেখেত এচাম ছাত্ৰ-ছাত্ৰীৰ ঘৰুৱা শিক্ষকো আছিল। সাধাৰণ আৰু উচ্চ গণিতৰ লগতে তেখেতক মই ছাত্ৰ-ছাত্ৰীসকলৰ অনুৰোধত সমাজ বিজ্ঞানো পঢ়ুওৱা দেখিছিলো।

ছাত্র-ছাত্রীসকলৰ সৈতে

সুঃ কৃঃ শঃ–বহুতৰে মুখত শুনো শিক্ষক হিচাপে বহু ছাত্ৰ-ছাত্ৰীৰ ‘ৰোল মডেল’ হ’ব পাৰিছিল।

ছঃ হুঃ–হয়, তেখেতৰ এটা কথা মন কৰিছিলো, সমাজ বিজ্ঞান পঢ়ুওৱাৰ বেলিকা তেখেতে প্ৰায়ে ছাত্ৰ-ছাত্ৰীসকলক সমসাময়িক বিভিন্ন সামাজিক বিষয়ৰ আলোচনাৰ ভাগ লোৱাইছিল। তেখেতৰ সমাজৰ বিভিন্ন আলোকপাত ছাত্ৰ-ছাত্ৰীসকলে মন দি শুনা দেখিছিলো। কিন্তু জোৰ কৰি তেখেতে কোনো কথা কাকো জাপি দিয়া নাছিল।

সুঃ কৃঃ শঃ– নাইচ ছাৰৰ সেইচাম অনুগামী ছাত্ৰ-ছাত্ৰী পিছলৈ সংযোগত আছিল নে বাইদেউ?

ছঃ হুঃ–নিশ্চয় আছিল, এতিয়াও আছে। তেখেতৰ বিভিন্ন প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে প্ৰায়ে তেখেতৰ ওচৰলৈ আহি নিজৰ ব্যক্তিগত প্ৰসংগতো দিহা পৰামৰ্শ লোৱা দেখিবলৈ পাইছিলো। তেখেতৰ অভাৱ অনুভৱ কৰি এতিয়াও এচাম ছাত্ৰ-ছাত্ৰীয়ে দুখ কৰে। বহুতৰে নাম মনলৈ আহে।

সুঃ কৃঃ শঃ–বাইদেউ, আন এটি কথা আপোনাক সোধো– ছাৰে সাধাৰণ জীৱনধাৰাৰ মাজতো আশাবাদী চিন্তাৰে উজ্জ্বল হৈ আছিল। তেখেতৰ লেখাতো সেইটো প্ৰকাশ পাইছে। কেতিয়াবা তথাপি ছাৰ হতাশ হৈছিল নেকি?

ছঃ হুঃ–হতাশা তেখেতৰ মই দেখা নাছিলো। কিন্তু তেখেত সমাজখনক লৈ বৰ চিন্তিত আছিল। দুখীয়া-নিছলাক এছাটি পোহৰ দিয়াৰ তেখেতৰ সদায় প্ৰচেষ্টা আছিল। কমলটো সেয়ে তেখেতে হাতত ৰাখিছিল। পিছত অসুস্থ অৱস্থাত অলপ মূক হৈ পৰিছিল,  তেখেতৰ নিশ্চয় আধৰুৱা সপোন এটা এৰি যাবলৈ প্ৰস্তুত নাছিল।

ব্লেক-ব’ৰ্ডত তেখেতৰ হস্তাক্ষৰ

সুঃ কৃঃ শঃ–হয় বাইদেউ, তথাপি তেখেতৰ শুভাকাংক্ষী আছে। এটা চিন্তাশীল প্ৰজন্ম তেখেতে সৃষ্টি কৰি যাব পাৰিছিল, শিক্ষক-লেখক হিচাপে আৰু মতাদৰ্শগতভাৱেও।

ছঃ হুঃ–হয়, হয়, তেখেতৰ সপোনটো তেওঁলোকৰ মাজতে চাগে আছিল।

সুঃ কৃঃ শঃ–এইখিনিত অন্য এটা কথা সোধো, আপোনালোকৰ দুই সন্তানৰ বিষয়ে কওকচোন।

ছঃ হুঃ–আমাৰ জীয়ৰীক ইতিমধ্যে বিয়া দিছো। পুত্ৰ-বোৱাৰীৰ সৈতে এতিয়া মই আমোলাপট্টীৰ ঘৰতে থাকো।

সুঃ কৃঃ শঃ–গোলাঘাটৰ জাতীয় বিদ্যালয়, নতুন সাহিত্য পৰিষদ, এমেচাৰ থিয়েটাৰ ছ’চাইটি আদি অনুষ্ঠানৰ লগত নাইচ ছাৰ জড়িত আছিল।  এই অনুষ্ঠানবোৰৰ প্ৰতি নাইচ ছাৰৰ বিশেষ আগ্ৰহ আছিল?

ছঃ হুঃ–হয় হয়, ছাৰে এই অনুষ্ঠানবোৰত খুব আন্তৰিকতাৰে জড়িত আছিল। এতিয়াও তেওঁলোকে ছাৰক সোঁৱৰে।

সুঃ কৃঃ শঃ–যি কি নহওক, বাইদেউ, গোলাঘাটৰ দৰে মফচলীয় ঠাই এখনত নাইচ ছাৰে নীৰৱে এটি বিপ্লৱ কৰি থৈ গ’ল। পৰিশ্ৰমী আৰু দায়বদ্ধ লেখক হিচাপে আমি তেখেতক পালো। আপুনি ইমান সময়ে ছাৰৰ বিষয়ে বহু কথাই ক’লে। আপোনালৈ থাকিল অশেষ ধন্যবাদ। লগতে আপোনাৰ সুস্বাস্থ্য কামনা কৰিলো।

ঘৰুৱা মুহূৰ্ত্ত এটা

ছঃ হুঃ–তোমালৈও ধন্যবাদ দেই। ভাল লাগিছে যে মোৰ ঘৰৰ মানুহজন বুলি নহয়, ব্যক্তি হিচাপে তোমালোকে তেখেতক চৰ্চালৈ আনিছা, তেখেতৰ লেখক সত্তাক আঁকোৱালি লৈছা, সুখৰ বিষয় এয়া। ‘মুক্ত চিন্তা’ আলোচনীখনৰ সকলোলৈকে শুভেচ্ছা জনালোঁ।

সুঃ কৃঃ শঃ–ধন্যবাদ বাইদেউ, আমি পুনৰ আপোনাৰ সৈতে কথা-বতৰা পাতিম, পুনৰ আপোনাক লগ পাম। বহুত কথা ছাৰৰ বিষয়ে পাতিবলৈ থাকিল।

ছঃ হুঃ–নিশ্চয় লগ পাম, আহিবা।

(ফ’টো সংগ্ৰহ: শ্বাবিনা ইছাক)

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *