শিল্প-কলা-সংস্কৃতি

জিলিৰ মাতটোৱে মনত পেলাই দিয়ে, এখন অৰণ্য আছে (বীৰেন্দ্ৰ নাথ দত্তৰ সৈতে কথোপকথন, দ্বিতীয় খণ্ড) -(উৎপল দত্ত)

 

* সুৰটো ব্ৰজেন বৰুৱাৰ?

* বীৰেন্দ্ৰ নাথ দত্ত – সুৰটো ব্ৰজেন বৰুৱাৰ। তেখেতে কৈ যায়, দিয়া, কথা দিয়া। আৰু তেনেকে তেনেকে সেইটো হৈছিলে আৰু ফাইনেলি সেইটো গাইছিলগৈ কোনে জানা? শ্যামল মিত্ৰই।

* গ্ৰামোফোন ৰেকৰ্ড বোধহয় নাই?

* বীৰেন্দ্ৰ নাথ দত্ত – নাই, তেতিয়া এখনো ৰেকৰ্ড নহ’ল সেইবিলাকৰ।

* মনত আছেনে গানটো?

* বীৰেন্দ্ৰনাথ দত্ত – আছে।

* অকণমান গাই দিয়কচোন গানটো।

* বীৰেন্দ্ৰনাথ দত্ত – মোক কৈছে, এনেকৈ বহুৱাচোন – শব্দবোৰ। ‘না না না না না না না না না… হ্যেয় চলক পৰি চান্দনী না না না না না না না…, এক বহেক ৰহি ৰাগিণী হাৱাও ম্যে ছায়ী মস্তি…’। এইধৰণৰ আছিল। গতিকে সেই তাতে তেনেকে তেনেকে সোমাই সোমাই গৈছোঁ। সেইবোৰ এক্সপেৰিমেণ্টেল বুলি ক’ব পাৰা। কিন্তু এটা কাম মই কৰিছিলো,হিন্দী গানবিলাকত অসমীয়া সুৰ সুমুৱাই সমুৱাই এক্সপেৰিমেণ্ট কৰিছিলো।

* যেনে?

* বীৰেন্দ্ৰ নাথ দত্ত – এই ‘আমাৰে মইনা শুব’ৰ ওপৰত কৰিছিলো।

* হিন্দী গান?

* বীৰেন্দ্ৰনাথ দত্ত – হিন্দী গান। আৰু আমাৰ ইউনিভাৰ্ছিটিৰ ফাংচনবিলাকত আমাৰ বন্ধু-বান্ধৱে গায়, তাত সেই হিন্দী গাতবোৰ গাইছিল। ‘দেউতাৰ পদূলিত’ গীতটোৰ সুৰত হিন্দী গীত কৰিছিলো, কোৰাছ হিচাপে। ফিমেল কোৰাছ। সেই সময়ৰ হিন্দী গানৰ ষ্টাইলটো লৈও কৰিছিলো। সেই সময়ত সেইবিলাক কৰিছিলো, পিছলৈ আৰু মই দেখিলো যে মই গান লিখাৰ কোনো অৰ্থ নাই, সেইখন মোৰ ফিল্ড নহয়। তেতিয়া মই যিসকল সঁচাকে কবি আৰু গীতিকাৰ আছিল, আচল, সেইসকলৰ আৰু…। বাকীখিনি তোমালোকে জানা। প্ৰথমতে তফজ্জুল আলি – তফাদাৰ লগত আমি বহুত এক্সপেৰিমেণ্ট কৰিছোঁ আৰু ফাইনেলি নৱকান্ত বৰুৱা। অন্যৰো লৈছোঁ মাজে মাজে। হীৰেন ভট্টাচাৰ্যৰো আছে, নিৰ্মলপ্ৰভা বৰদলৈৰ আছে, লক্ষহীৰা দাসৰো আছে।

* জয়ন্ত বৰুৱা।

* বীৰেন্দ্ৰ নাথ দত্ত – জয়ন্ত বৰুৱাৰ আছে।

* আপুনি নিজে অসমীয়া গান লিখা নাই?

* বীৰেন্দ্ৰ নাথ দত্ত – ক’লোতো। এসময়ত দেখিলো যে এইটো কোনো পদাৰ্থ হোৱা নাই…।

* নহয়, হিন্দী গানৰ কথাটো ক’লে।

* বীৰেন্দ্ৰ নাথ দত্ত – কেইটামান কিবাকিবি কৰিছিলো, কিন্তু কোনো পদাৰ্থ হোৱা নাই। প্ৰথমফালে ভাবিছিলো সুৰৰ কাৰণে কিবাকিবি, তাৰ পিছত মই চেষ্টা কৰা নাই।

* তফজ্জুল আলি ছাৰৰ গান এটা আছিল ‘বহুদিন বকুলৰ মালা গঁথা নাই’, সেইটো ছাৰে এটা কাহিনী কৈছিল নহয়, চিটি বাছত উঠি ক’ৰবালৈ গৈ আছিল; যাওঁতেই বাছত উঠা ছোৱালী এজনীৰ হাতত বকুলৰ মালা দুডাল পাই গোন্ধটো পালে, তেওঁৰ হঠাৎ গান এটা মনলৈ আহিল। বাছৰপৰা নামিলে আৰু ঘূৰি আহিলে, আহি গানটো লিখিলে।

* বীৰেন্দ্ৰ নাথ দত্ত – সেইটো, মোৰ ধাৰণা, সেইটো হয়; তেখেতে তেনে এটা অৱস্থাত গানটো লেখিছে। কিন্তু আচলতে তেখেতৰ এইটো ছাবকনচাছ মাইণ্ডত থকা বস্তু। বকুলৰ নামেৰে ওলাই আহিছে, কিন্তু সেইটো ছাবকনচাছ মাইণ্ডত থকা এটা বস্তু। শৈশৱৰ কখা, যৌৱনৰ কথা – এইবোৰ আছে। সেইধৰণৰ গীত এটা পিছত তেখেতে লেখিছে, যিটোত এইটো ক্লিয়াৰলি ওলাই আহিছে। ‘মই আকৌ উভতি আহিছোঁ’।

* দুয়োটা আপুনিয়ে গাইছে।

* ময়ে গাইছোঁ। আচলতে সেইটো অনুষংগ বুলি ক’ব পাৰি। স্মৃতি। বকুলটো স্মৃতি। এই যে ‘আঙুলিৰ ফাঁকেৰে মোৰ’ (আঙুলিকেইটি বিশেষ ভংগিমাত মেলি দিয়ে, যেন ৰামকিংকৰৰ ভাস্কৰ্য)। সেইটোৱেই। তফাদাৰ লগত মোৰ সম্বন্ধ আৰম্ভ হয় পঢ়ি থকা সময়তে। মোতকৈ তেখেত এক ক্লাছ ওপৰত। তেতিয়া তেখেত গীতিকাৰ হিচাপে খুব জনপ্ৰিয়। আৰু সেই সময়তে মই কিছুমান এক্সপেৰিমেণ্ট কৰিছিলো যিকেইটা ৰেকৰ্ড হোৱা নাই কেতিয়াও। কিন্তু এতিয়া কথা চলি আছে, যদি পাৰি সেইবিলাক ৰেকৰ্ড কৰিব লাগিব। যেনে, কিছুমান অৱশ্যে সাংঘাতিক ৰোমাণ্টিক, কিন্তু কেইটামান থট্ প্ৰভ’কিং। এটা হ’ল ‘এই অপৰূপ সজ্জা তোমাৰ বসুন্ধৰা’।

* অকণমান সুৰত…?

* বীৰেন্দ্ৰ নাথ দত্ত – এতিয়া নাগাওঁ দিয়া। এইটো মনত নপৰাকে কিবাকিবি গালে বেয়া হৈ যাব। আৰু এটা আছিল ‘হে বসন্ত পাহৰি নাযাবা তোমাৰ অংগীকাৰ’। সেইবিলাক ছিৰিয়াছধৰণৰ গান আছিল। ছিৰিয়াছ। আৰু ‘বকুলৰ’টোতো বহু পিছৰ। সত্তৰ চনৰ ওচৰা-উচৰি। বহু পিছৰ।

* আমাৰ আৰু এটা বহু আলোচিত গান ‘প্ৰাণৰ তীৰ্থজল’…।

* বীৰেন্দ্ৰ নাথ দত্ত – সেইটো নৱকান্ত বৰুৱাৰ শেষ বয়সৰ গান। আৰু তেখেতে, তেখেত বুদ্ধৰ প্ৰতি আকৃষ্ট আছিল, বৌদ্ধ দৰ্শনৰ প্ৰতি আকৃষ্ট আছিল, সেইটো জনা কথা, বহু কাম কৰিছিল সেইটো ক্ষেত্ৰত। কিন্তু শেষৰ ফালে অলপমান জৈন দৰ্শনৰ প্ৰতি তেখেতৰ এটা আকৰ্ষণ হৈছিল। মোক কৈছিল কথাটো। বৌদ্ধত হ’ল তোমাৰ নিৰ্বাণ লাভটোৱেই কথা। কিন্তু জৈন দৰ্শনত নিজকে নোহোৱা কৰি দিয়া – এই ধাৰণাটো সোমাই আছে। সেই বস্তুটো ইয়াৰ ভিতৰত সোমাই আছে। শেষৰ ফালে সেই কথাটো প্ৰায় স্পষ্টভাৱে আহিছে। কথাকেইটা ঠিক এইমাত্ৰ মোৰ মনত পৰা নাই, ‘ক্লান্ত খোজেৰে আকাশ খামুচি নিজৰ খোজেৰে খোজ মচি মচি ধূলিয়ৰি বাট পাৰ হৈ পালোঁ… কি আছিলে,- অ’ ‘বন তুলসীৰ তল, মোৰ মন তুলসীৰ তল, দেহা গলি অহা মন পমি অহা এটুপি সলিল, কি যে তাৰ কল কল – সেয়েই তীৰ্থজল’- এই যে নিজকে ক্ৰমে ক্ৰমে বিলীন কৰি দিয়াৰ কথাটো, শেষত সেইটো প্ৰায় স্পষ্টভাৱে ওলাই আহিছিলে। গতিকে সেইটোৱেই মোক (ক্ষণিক মৌনতা)… ক’ৰবাত মই অলপমান দেহবিচাৰধৰণৰ বস্তু এটাও আনিছোঁ, এই আইডিয়াটো আনিবৰ কাৰণে। সেই সময়ত মোৰ হাতত, হাতলৈ আহিছিল ৰবিশংকৰৰ সংগীত ৰচনাৰ এখন গ্ৰামোফোন ৰেকৰ্ড – ইষ্ট মিটছ্ ৱেষ্ট – তাত তেওঁ যিবোৰ এক্সপেৰিমেণ্ট কৰিছে, মানে অৰ্কেষ্ট্ৰা ৱেষ্টাৰ্ন কায়দাত কৰা সংগীত ৰচনা, বেছটো ভাৰতীয় শাস্ত্ৰীয় সংগীত – তাৰে এটা সংগীত ৰচনাই মোৰ ওপৰত কাম কৰিছিল। সেইটো তাত সোমাই আছে। ‘লা লালালা লালা লা লা লালালা লালা লা…’, সেইখিনি চাবা, এটা ঠাইত সেই ৰচনাখিনি সোমাই আছে। সেইধৰণে ক’ৰ বস্তু কেতিয়া আহি সোমায় মই নিজেই ক’ব নোৱাৰোঁ। কিন্তু মই দেখিছোঁ যে সেইটো কামত লাগিছিল। বৌদ্ধ সম্পৰ্কীয় কথাখিনি মই নিজেও সম্পূৰ্ণ বুজি পাইছোঁ নে নাই মই ক’ব নোৱাৰোঁ, অতি টান। কিন্তু গানটোতো একধৰণে সৃষ্টি হ’ল। সেইবিলাক অলপমান মোৰ কাৰণে বিস্ময়ো, মই নিজে ভবা নাছিলো যে ইমান বেছি জটিল সুৰ এটা হ’ব পাৰে। মোক এবাৰ আইনুৱে সুধিছিল, তুমি ইমান টান টান সুৰবিলাক কিয় দিয়া? মই তাইক কোৱা নাই, কিন্তু কেতিয়াবা ক’ম – তোৰ দেউতাৰে ইমান টান টান লেখাবিলাক কিয় লেখিছিল? এণ্ড ইট ইজ দেট। তাত চিন্তাৰ বস্তু আছে। আৰু সেইকাৰণে বোধহয় গীতটোৰ ভিতৰৰ কথাতো থাকে একধৰণৰ জটিলতা, তাক তুমি সাঁথৰৰ নিচিনাকৈ ভাঙি তাৰ অৰ্থ উলিয়াব লাগে। ঠিক তেনেকৈ সুৰটোও তেনেকৈ আহি যায়। এইটো কিয় দিছিলে, এইটো সুৰ কিয় – সেইবিলাক প্ৰশ্ন কেতিয়াবা নিজকো সুধিবলগীয়া হয়। এইটো কৰিছিলো, কিমান দূৰ খাপ খাইছে নাজানো, কিন্তু কেতিয়াবা খাপ খোৱা যেন লাগি গৈছে; মানুহে যেতিয়া কৈছে – এইটো ভাল লাগিছে, বাচ, সেইটোৱেই কথা আৰু।

* নৱকান্ত বৰুৱা ছাৰৰ গান ক’লেই সুৰটো আপোনাৰ হ’ব, সেইধৰণে মানুহে এটা…।

* বীৰেন্দ্ৰ নাথ দত্ত – সেইটো এটা সময়ত…। কিন্তু অইনৰ সুৰতো বহু ভাল কাম হৈছে, বহু ভাল গান আছে। জ্যোতিষ ভট্টাচাৰ্যৰ কণ্ঠত ‘মই এটি দিনৰ জোনাকী’। অতি সুন্দৰ গান আছে।

* আৰু ভূপেন হাজৰিকাই গোৱা ‘নিয়ৰৰে ফুল’?

* বীৰেন্দ্ৰ নাথ দত্ত – সেইটোতো তেখেতৰ কাৰণে বিশেষভাৱে লিখিছিল। সেইটো বিশেষভাৱে লেখা। আৰু সেইটোৱে অইন এটা গানৰ জন্ম দিছিল। সেইখিনি মই কওঁ। মোৰ ছোৱালীৰ নাম নিয়ৰ, ল’ৰাৰ নাম ডাৱৰ। কুঁহি তেতিয়াও হোৱা নাই, সেই সময়ত। জুনুকাৰ খুব আপত্তি হ’ল যে আইনুৰ নামত গান আছে, মোৰ নামত গান কিয় নাই? জুনুকা। আমি প্ৰায় তাত যাওঁ, দিনটো কটাই আহোঁ ইহঁতক লৈ পেলাই, কেতিয়াবা সিহঁত আহে। সেইদিনা দেখা গ’ল যে কাম কৰা ল’ৰাটো লগত আহিছে, তেতিয়া ৰাস্তা পাৰ হোৱাৰ কোনো চিন্তাই নাই। আহিছে আৰু খুব এটা উৎকণ্ঠা লৈ – এইখন দেউতাই দিছে।

* জুনুকা আহিছে?

* বীৰেন্দ্ৰ নাথ দত্ত – জুনুকাই লৈ আহিছে। ল’ৰাটো আছে। বোলো, কি? এনেয়ে মোক খাই মাৰিছে, তাইৰ নামত কিয় গান নাই। এই গানটো মই লিখিলোঁ, তোমালৈ পঠিয়াই দিলো, তাইক সোনকালে সুৰ এটা দি শুনাই যাবা। ময়ো সুৰ দিলো, দি পেলাই পিছত গৈ শুনাইছোঁ,- তাইৰ সেইদিনা মানে তাইৰ কি নাচোন – এনেকে নাচিছে। আৰু তাৰ পিছৰপৰা সেই গানটোৰ কথা ওলালে আমি হাঁহিছিলোঁ। নৱকান্ত আৰু মোৰ ফেমিলি দুটাৰ মাজত। তাৰ পিছত এতিয়া কিন্তু সেইটো গানৰ কথা ওলালে আমাৰ (হঠাৎ মৌন হৈ ৰৈ যায়, বহু সময়)… কষ্ট হয়।

* কোনটো গান ছাৰ?

* বীৰেন্দ্ৰ নাথ দত্ত – ‘মোৰ জুনুকা এদিন আছিল মাটিত বাগৰি/ দুখৰ ধেমালি ডালত ভাগৰি ভাগৰি/ কেতিয়াবা কাৰ সুৰৰ নিজৰা আহিল নিগৰি নিগৰি/ মোৰ জুনকা হ’ল জাগৰী’। সেইটো তাইৰ নামত কৰা গান। কথাবিলাক সেয়াই আৰু। আৰু মোৰ ‘ইমান আকাশে’ গীতটো কেতিয়া হৈছিল, কেনেকৈ হৈছিল – লেখিছিলোঁ, এটা বিচিত্ৰ পৰিৱেশ, বিচিত্ৰ অৱস্থাত সৃষ্টি হৈছিল। সেইবিলাক এতিয়া অন্যৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ নাজানো, কিন্তু মোৰ কাৰণে নিজৰ কাৰণে বা আমাৰ কাৰণে…।

* যিবিলাকে আপোনাৰ গান শুনে, তেওঁলোকৰ কাৰণে গুৰুত্বপূৰ্ণ।

* বীৰেন্দ্ৰ নাথ দত্ত – হয়তো হ’ব পাৰে যে বেকগ্ৰাউণ্ডটো জানিলে তেওঁলোকে আৰু তাক ভালকে হৃদয়ংগম কৰাত সুবিধা হ’ব পাৰে, কথাখিনি আৰু সুৰখিনি। এইটো সম্ভৱ। এইটো সম্ভৱ। কিন্তু সদায়তো তুমি আৰু সেইটো কৰিব নোৱাৰা।

* কৰি দিব পাৰিলে ভাল, যিবিলাকে মনোযোগেৰে শুনে, তেওঁলোকৰ কাৰণে…।

* বীৰেন্দ্ৰ নাথ দত্ত – যিসকল আগ্ৰহী মানুহ, লেখা-মেলাত ক’ৰবাত ক’ৰবাত এইবিলাক ওলাইছে, তেখেতসকলে…। মই আচৰিত হৈছোঁ, সিদিনা দুজন যথেষ্ট বয়সীয়া মানুহ আহিছে; কিয় আহিছে জানা? ক’লে – আপোনাক চাবলে আহিছোঁ। কি কৈছে, চাবলৈ আহিছে? বোলে, হয়। আমি এই গানবিলাক শুনি সেই গানবিলাকৰ বিষয়ে, লেখাবিলাক ক’ৰবাত ক’ৰবাত ওলাইছে, এনেকুৱা লাগিল যে আমি আপোনাক চাবলৈ যাওঁ। মই কোৱা নাই যে মোৰ ইম্পৰ্টেণ্সৰ কাৰণে। কিন্তু এই বস্তুটোৱে কিবা এটা তেওঁলোকৰ মনত প্ৰতিক্ৰিয়া কৰিছে। আৰু তাৰ সেই যেতিয়া ব্ৰেকগ্ৰাউণ্ডবিলাকৰ কথা কিছু কিছু ক’ৰবাত পাইছে, সেইখিনিয়ে তেওঁলোকক সহায় কৰিছে। সেইখিনিয়ে সহায় কৰিছে। এইটো হয়। ব্ৰেকগ্ৰাউণ্ডটো জনা থাকিলে সহায় হয়। কিন্তু প্ৰশ্নটো হৈছে, তোমাৰ কথাৰ, যিটোক ঐশ্বৰ্য বুলি ক’ম, আৰু সুৰৰ সংগতি বুলি ক’ম, কথাৰ লগত সংগতি, সেইটোৰ মূল্য মই নাই বুলি কোৱা নাই, প্ৰচুৰ আছে, কিন্তু সংখ্যাত কমি আহিছে বোধকৰোঁ। আজিকালি ধৰণ বদলি গৈছে। আচৰিত হ’বলগীয়া একো নাই। এতিয়াও ক’ৰবাত সুন্দৰ সুন্দৰ গান হৈছে। এইটো কথা ঠিক। আৰু মোক যেতিয়া সোধা হয় যে আজিকালি গানবিলাক এনেকুৱা হৈছে, তেনেকুৱা হৈছে…, মই বোলো এটা কথা আমি বোধকৰোঁ এতিয়ালৈকে এটা অল্ড ফেশ্যণ্ড ৱে’ত গানৰ বিচাৰ কৰি আছোঁ, কিন্তু ট্ৰেণ্ড বদলি গৈছে, মানুহৰ ৰুচি বদলি গৈছে। নতুন আহিছে। সেইবিলাকো আমি দলিয়াই দিব নোৱাৰোঁ। আৰু যিখিনি আগতেও বেয়া বস্তু আছিল, এতিয়াও হৈছে; সেইবিলাক আপোনাআপুনি নোহোৱা হ’ব। কিন্তু ভালখিনি থাকি যাব। এতিয়াও কিছুমান বৰ সুন্দৰ সুন্দৰ গান হৈ আছে। আৰু বৰ ভাল কণ্ঠৰ গায়ক-গায়িকা ওলাইছে নতুন। এইটোত কোনো সন্দেহ নাই। আৰু নিজে একধৰণে এজন, কি বুলি ক’ব পাৰি, গায়ক-সংগীতকাৰ আছিলো কাৰণে এইবিলাকত মত দিবলৈ মই খুব টান পাওঁ। কাৰণ মই নিৰপেক্ষ হ’ব পাৰোঁ নে নোৱাৰোঁ সেই লৈ পেলাই সন্দেহ থাকিব পাৰে।

* বৰগীত আপুনি শিকিছিল?

* বীৰেন্দ্ৰ নাথ দত্ত – সেইখিনি, সেইখিনি একেবাৰে যাক ক’ব পাৰি পদ্ধতিগতভাৱে শিকা হৈছিল। তাৰ আগৰপৰাই ৰবীন্দ্ৰ সংগীতৰ প্ৰতি মোৰ এটা আকৰ্ষণ আছিল, তেতিয়া তাত এখন নতুন দুৱাৰ খোলা গ’ল। সেইবিলাকেও কাম কৰিছে আৰু অন্যান্যধৰণে কেতিয়াবা ধৰা, মই আমাৰেই যিসকল পূৰ্বসূৰী, তেখেতসকলৰ গীত, আৰু মই পাশ্চাত্য সংগীত শুনিও ভাল পাওঁ, বিশেষকৈ ক্লাছিকেল। সেইবিলাকেও কেতিয়াবা কাম কৰিছে। নানাধৰণে কাম কৰিছে। আৰু… অমুক ওস্তাদৰ ওচৰত বা অমুক…, তেনেকৈ শিকা হোৱা নাই। কেতিয়াবা কোৱা শুনিলে লাজ লাগে, কোনোবাই কোনোবাই কয়, আপুনি বোলে বীৰেন ফুকনৰ ওচৰত সংগীত শিক্ষা লাভ কৰিছিল? কথাটো সেইটো নহয়। তেখেতে নিজেই মোক কৈছিল, মই নিজেই গম পাওঁ, মই ঠিক সুৰত থকা নাই যেন কেতিয়াবা কেতিয়াবা, তেতিয়া সেইবোৰ ঠিক কৰিবৰ কাৰণে মোক তেখেতে কেইটামান কিটিপ শিকাই দিছিল। সেইবিলাক অভ্যাস কৰিবলৈ কৈছিল। সেইবিলাকো হয়, সংগীত শিক্ষা সেইধৰণে হয়। আৰু কিছুদিন শান্তি নিকেতনত আমি, যাক কয়, ফৰ্মেল ট্ৰেইনিং ইন ৰবীন্দ্ৰ সংগীত, পাইছিলোঁ। তাৰ ভিতৰত আছে শৈলজাৰঞ্জন মজুমদাৰৰপৰা পোৱা শিক্ষা। সেইধৰণে কিছু কিছু নোপোৱা নহয়, কিন্তু যাক ক’ব পাৰি যে সংগীত, শিক্ষা সেইটো নাই।

* কিন্তু সংগীত পৰিচালনা কৰাৰ, মাজৰ যন্ত্ৰ সংগীত ৰচনাৰ অংশ ৰচনা কৰা, তাক পৰিচালনা কৰা – ভালেখিনি কাৰিকৰী কামো থাকে…।

* বীৰেন্দ্ৰ নাথ দত্ত – থাকে। সাধাৰণতে কি হয়, মই যেতিয়া এটা গানৰ সুৰ কৰোঁ, তাত এইবিলাক কি হ’ব, মানে যাক প্ৰলিউড, ইন্টাৰলিউড বুলি কোৱা হয়, একেলগে মোৰ মূৰত থাকে। গতিকে অকল সেই গানটোৰ এইকেইটা সুৰেইতো নহয়, মাজত কি হয় এটা কিবা কৰি দিয়া যাব, এইটো নহয়; সাধাৰণতে মোৰ লগে লগে তাৰ ভিতৰত একেলগে আহে যে গতিকে টোটেলিটি এটাই কাম কৰি থাকে। সেইকাৰণে বোধহয়, যেতিয়া পিছত কৰা হয়, ৰেকৰ্ডিঙত কৰা হয়, তেতিয়া টান নহয় – ইয়াত কি কৰা উচিত, সেইটো প্ৰায় পূৰ্বনিৰ্দিষ্ট হৈয়ে থাকে বুলি ক’ব পাৰি। তাৰে ভিতৰত বৈচিত্ৰ্য আহি যায়। সেইটোৱেই কথা।

* যিবিলাক গান আপুনি ৰেডিঅ’ত বাণীবন্ধন কৰিছিল, তাত যিধৰণৰ সংগীত সজ্জা আছিল, পিছত আপুনি যেতিয়া অডিঅ’ চিডিত ওলায়, তেতিয়া ভাবটো একে থাকিলেও সংগীত সজ্জাত ৰহণ দিয়া হৈছে।

* বীৰেন্দ্ৰ নাথ দত্ত – সেইটো দুটা কাৰণত। ৰেডিঅ’ত যেতিয়া কৰা হয়, তেতিয়া সীমিত ব্যৱস্থা। এইকেইটা আজি আছে – অমুক, অমুক, অমুক, অমুক। আজি চেতাৰ আছে, বোলে আজি চেতাৰ লাগিছিল, আজিতো চেতাৰ নাই, আজি বোলে এইটোত সৰোদ লাগিছিল, নাই হোৱা। ইত্যাদি। গতিকে সীমিত ব্যৱস্থাৰ মাজত যি কৰা হয়। কিন্তু ৰেডিঅ’ত, মই সেইটো স্বীকাৰ কৰিম যে সীমিত সা-সুবিধাৰ মাজতে মই বিচৰা বস্তু বহুখিনি পাই গৈছোঁ। আৰু এই উদাহৰণ এটা দিব খুজিছোঁ। এটা বা দুটা। ‘জিলিৰ মাতে’ বৰ টান, কিন্তু ‘জিলিৰ মাতে’ত মোৰ ইন্টাৰল্যুডখিনি ঠিক আছে। (গায়) ‘জিলিৰ মাতে গভীৰ কৰে নিৰ্জনতা – টা ডা ডা টা ডা ডা…’, গৈ থাকে। সেইখিনি নহ’লে গানটো সম্পূৰ্ণ নহয়। মই ভাবি আছিলো, আগতে এবাৰ মোৰ লগত প্ৰভাত শৰ্মাই বজাইছিল, প্ৰভাত শৰ্মাক দিলে কৰি দিব সেইখিনি। টা ডা ডা টা ডা ডা – এনেকুৱাধৰণৰ বস্তু। কিন্তু সেইদিনা প্ৰভাত শৰ্মা নাই। অসুখ আছিল নেকি, ছুটীত। কিহে দি কৰিম? তেতিয়া আছিল, প্ৰদ্যুম্ন দাস। চেতাৰ। মই ক’লো, আপুনি এইটো কৰক। মানুহজনে সেইদিনা সঁচাকে, যথেষ্ট টান আছিলে… যথেষ্ট টান আছিলে, কিন্তু আনিছিল। চেতাৰেৰেও আহি গ’ল ভবা ৰচনাখিনি, আহিছিল কিন্তু। আৰু এটা আছে, সেইটো আকৌ মোৰ চেতাৰৰ যন্ত্ৰ সংগীত আছিল, প্ৰভাত শৰ্মাই বাঁহীত বজালে। সেই যে ‘ফাগুন কোনেনো আনে’। ‘আহিনক কোনে আনে’। শেষৰ কাৰণে। শেষত (গায়) ‘ফাগুন কোনেনো আনে…’, তাত আছিলে টেৰে ৰেৰে টেৰেৰেৰে…। এইটো চেতাৰেৰে দিয়াৰ কথা আছিলে। সেইদিনা চেতাৰ পোৱা নগ’ল, মানে…; কিন্তু প্ৰভাত শৰ্মাই সুন্দৰকে আনি দিছে। তেখেতসকলৰ ভিতৰত সেই ক্ৰিয়েটিভিটিটো আছে, সেইটোৱে কাম কৰে কাৰণেহে এইবিলাক সম্ভৱ হৈছে।

আৰু তুমি যিটো কৈছা যে কেছেট কৰিবৰ সময়ত বা চিডি কৰিবৰ সময়ত, সেইটো দুটা কথা, এটা ক’লো যে সা-সুবিধাবিলাক তাত বেছি – ৰহণ সনাৰ কাৰণে। এক। দ্বিতীয় কথা, যাক ক’ব পাৰি ট্ৰেণ্ড। এইখিনি এইখিনি থাকিব লাগিব। সেইখিনি এইখিনিত থাকে। গতিকে সেইখিনি সময়ত কেতিয়াবা কেতিয়াবা সেইটো গ্ৰহণ কৰিবলগীয়া হয় যে যেতিয়া এই সা-সুবিধাখিনি আছে, সেইখিনি ব্যৱহাৰ কৰা নহয় কিয়? সেইকাৰণে এইখিনি কৰা হয়। আৰু তাৰে কিছুমানে কেতিয়াবা প্ৰশ্ন কৰে, এইখিনি এনেকুৱা হ’ল। মই কিন্তু মানি লৈছোঁ। আৰু এটা কথা, একেটা গানকে মই নিজেই যেতিয়া দহবাৰ গাম, সি দহটা ভাৰ্ছনত। দহবাৰ দহজনক যদি মিউজিক এৰেঞ্জ কৰি দিয়া হয়, হয়তো দহটাৰ কমো ওলাব পাৰে। আৰু সেইটো মই কোনো দোষ বুলি নাভাবোঁ। এইবিলাকতো আৰু এনেকুৱা নহয় যে ছিল মাৰি থৈ দিলা। এইবিলাকততো কোনো অমৰ হ’ব বুলি কোনো কথা নাই। কেইদিনমান থাকিলেই হৈ গ’ল আৰু।

* নিজে নিজেই হ’ব, যি হ’বলগীয়া আছে।

* বীৰেন্দ্ৰ নাথ দত্ত – যি হ’বলৈ থাকিব। ইমানদিন যে মানুহে শুনি আছে, কি ক’ম, সেইটো মোৰ কাৰণে…।

* এটা গান যদি পঞ্চাছ বছৰে শুনি আছে, বহুত।

* বীৰেন্দ্ৰ নাথ দত্ত – (খোলা হাঁহি)

টোকা : (১) গুৱাহাটীৰ শিলপুখুৰী আৰু গুৱাহাটী ক্লাবৰ মাজত, মণিৰাম দেৱান পথৰ দাঁতিৰ দুটি সৰু উপপথত দুয়োৰে ঘৰ – নৱকান্ত বৰুৱা ছাৰৰ, বীৰেন দত্ত ছাৰৰ। ৰাস্তা বুলি কওঁতে মণিৰাম দেৱান পথটোকে বুজোৱা হৈছে। (২) অতি কম বয়সতে জুনুকা আমাৰ মাজৰপৰা আঁতৰি গৈছিল। বৰুৱা ছাৰৰ ভাষাত – সেয়া আঘাত নাছিল, আঘাততকৈ বহু বেছি। (সমাপ্ত)

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *