জনহিতৈষী স্বপ্ন আৰু মোৰ সুদিন-দুৰ্দিন - (মীনাক্ষী বৰুৱা)

শোষিত, বঞ্চিতজনৰ মুক্তিৰ হকে অহৰ্নিশে কাম কৰি থকা সংগ্ৰামী যোদ্ধা, কমিউনিষ্ট নেতা আৰু অৱসৰপ্ৰাপ্ত শিক্ষক হেম বৰুৱাৰ আত্মকথা ‘জনহিতৈষী স্বপ্ন আৰু মোৰ সুদিন-দুৰ্দিন’ অলপতে প্ৰকাশ হৈ ওলাইছে। যোৱা ২ মে’ তাৰিখে বিশ্বনাথ জিলাৰ চতিয়াত প্ৰায় তিনি শতাধিক শুভাকাংক্ষীৰ উপস্থিতিত গ্ৰন্থখন উন্মোচন কৰে চি পি আই (এম)ৰ সৰভোগ সমষ্টিৰ প্ৰাক্তন বিধায়ক কমৰেড্ হেমেন দাসে। ভাৰত-চীন সীমান্ত-যুদ্ধৰপৰা আৰম্ভ কৰি জুয়ে পোৰা তিৰাশীৰ দুৰ্ভোগেৰে অভিজ্ঞ শ্ৰীযুত হেম বৰুৱা কমিউনিষ্ট দলৰ আজীৱন অক্লান্ত কৰ্মী। ১৯৩৬ চনত অবিভক্ত দৰং জিলাৰ চতিয়াত জন্মগ্ৰহণ কৰা ৮১ বছৰীয়া এই চিৰ তৰুণ নেতাজনৰ জীৱন পৰিক্ৰমা ভিন্ন সংঘাতেৰে ভৰা। বামপন্থী আদৰ্শৰদ্বাৰা প্ৰভাৱিত বিশিষ্ট কবি, গীতিকাৰ কেশৱ মহন্ত আৰু তেওঁৰ পৰিয়ালৰ সান্নিধ্যত শৈশৱতে হেম বৰুৱাই হাতত তুলি লৈছিল – “গাঁৱৰ দুখীয়ালৈ লেনিন”, “কমিউনিষ্ট পাৰ্টি কি ও কেন”, “বিৱৰ্তনৰ পথত মানৱ”, “কমিউনিষ্ট মেনিফেষ্টো”, “দ্বন্দ্বমূলক বস্তুবাদ”, “দ্বন্দ্বমূলক ঐতিহাসিক বস্তুবাদ” আদি কিতাপ। তেওঁ লিখিছে - “কিতাপবোৰ মেলি মোৰ ভাব হৈছিল, আমাৰ দৈনন্দিন দুখ-কষ্টবোৰৰ কাৰণ আৰু তাৰ সমাধানৰ পথ যেন এই কিতাপবোৰৰ বুকুতে সোমাই আছে”। কেৱল দলীয় নেতা বা কৰ্মী হিচাপেই নহয়, সামাজিক আৰু সাংস্কৃতিক কাম-কাজতো তেখেতৰ অভিজ্ঞতা আছিল প্ৰচুৰ। সত্তৰ-আশীৰ দশকত তেখেতে ৰচনা কৰা বিপ্লৱী গীতসমূহে সাধাৰণ শ্ৰোতাৰ উপৰিও অসমৰ বিশিষ্ট ব্যক্তি আৰু গায়কৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল –

শ্ৰমজীৱীৰ এক কাম
শ্ৰেণী ঐক্য সংগ্ৰাম
নহ'লে যে বচাৰ পথ নাই সোণটি
শোষণৰে বাঘজৰী
চাৰিওফালে আছে বেৰি
ছিঙিনো তাক পেলাবৰ
ছিঙিনো তাক পেলাবৰ হ'ল...

স্বনামধন্য কণ্ঠশিল্পী দিলীপ শৰ্মাই তেখেতে ৰচনা কৰা এটি গীত এবাৰ বিভিন্ন নিৰ্বাচনী সভাত পৰিবেশন কৰিবৰ বাবে লৈ গৈছিল। হেম বৰুৱাৰ সুৰীয়া কণ্ঠ আৰু অভিনয় প্ৰতিভাইও এসময়ত ৰাইজৰ যথেষ্ট সমাদৰ লাভ কৰিছিল। এই সংগীতপ্ৰেমী ব্যক্তিজনে হাইস্কুলত পঢ়ি থকা কালতে ১৯৫৩ চনত বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ চকুত ধূলি দি উপস্থিত হৈছিলগৈ তেজপুৰত অনুষ্ঠিত হোৱা AISFঅৰ ৰাজ্যিক সন্মিলনত। সেই মিটিঙৰ মূল আকৰ্ষণ আছিল ড০ ভূপেন হাজৰিকা আৰু তেওঁৰ নৱবিবাহিত পত্নী প্ৰিয়ম হাজৰিকা। প্ৰিয়ম হাজৰিকাৰ সৈতে ৰাইজক পৰিচয় কৰাই দিয়াৰ পিছত ড০ হাজৰিকাই কেইবা ঘণ্টা ধৰি শ্ৰোতা-দৰ্শকক মোহাচ্ছন্ন কৰি ৰাখিছিল। পিছদিনা বিদ্যালয়ৰ প্ৰধান শিক্ষকে এই কথা জানিব পাৰি তেখেতক ভৱিষ্যতলৈ এনে মিটিঙত উপস্থিত নাথাকিবৰ বাবে সকীয়াই দিছিল। আত্মপ্ৰতিষ্ঠাৰ বাসনাৰপৰা সমূলি মুক্ত, বঞ্চিতজনৰ অধিকাৰৰ হকে জীৱন উছৰ্গিত এইজন ব্যক্তি সমাজৰ সকলো শ্ৰেণীৰ লোকৰদ্বাৰা সমানে সমাদৃত। মানুহৰ জীৱনৰ সমস্যা চিৰদিন সমস্যা হৈ নাথাকে - এই কথা তেখেতৰ জীৱন পৰিক্ৰমাই স্পষ্ট কৰি দিছে। অসমত বিদেশী বিতাড়ন আন্দোলন ভৰপক হৈ উঠাৰ সময়ত কমিউনিষ্টসকলৰ জীৱনলৈ কেনেধৰণৰ প্ৰত্যাহ্বান আহিছিল সেইকথা দুকুৰি গৰকা সকলো লোকৰে জ্ঞাত। অভব্য আচৰণ আৰু মৃত্যুভয়েৰে পথচ্যুত কৰিব বিচৰা আন্দোলনৰ নেতাসকলৰ আক্ৰমণাত্মক আবেগৰ চকুত ধূলি দি এইজন নেতাই ১৯৮৩ চনত প্ৰায় ডেৰ বছৰ কাল আত্মগোপন কৰিবলৈ বাধ্য হৈছিল। এই প্ৰসংগত তেখেতে লিখিছে - "সন্ধ্যা সময়ত হাতত জোঁৰ লৈ সমদল আৰম্ভ হ'ল। ... হঠাতে শুনিলোঁ, মোৰ নাম লৈ কোনোবাই শ্ল'গান দিছে— “হেম বৰুৱাৰ মূৰ লাগে। মাতটো মোৰ চিনা চিনা লাগিল..... সমদলটো গৈ গাঁৱৰ ভিতৰলৈ সোমাল.....ঠিক সেই সময়তে মই ঘৰৰপৰা ওলাই আহিলোঁ........মাঘ মাহৰ ঠাণ্ডা........বহু সময় ধৰি নানান অত্যাচাৰ চলিল......মই হাবিখনৰ দাঁতিয়েদি সিমূৰলৈ আহিলোঁ”। সেই সন্ত্ৰাস-জৰ্জৰিত সময়তো বুকুত দুৰ্দান্ত সাহস লৈ দুদিনৰ পিছত গাত আঁচোৰ নপৰাকৈ তেখেত উপস্থিত হৈছিলগৈ ৰঙাপাৰাৰ পাৰ্টি অফিচত। চাকৰি জীৱনতো কেৱল এই আদৰ্শগত দোষৰ(?) বাবেই তেখেতে ভুগিব লগা হৈছিল অনেক দুৰ্ভোগ।

কাৰ্ল মাৰ্ক্সৰ আৱিষ্কাৰ “ডাছ কেপিটেল”-ৰ ব্যাখ্যা অথবা মূল্যায়ন সম্পৰ্কত তেখেতে কৈছে, “ইয়াৰ প্ৰয়োজন বিশ্বজুৰি একেই আছে— যথাযথ মুনাফা পালে পুঁজি সাহসী হৈ উঠে। দহ শতাংশ মুনাফা নিশ্চিত হ'লে পুঁজি যিকোনো ঠাইলৈ যাব পাৰে। বিছ শতাংশ মুনাফাই ব্যগ্ৰতাৰ সৃষ্টি কৰে। পঞ্চাছ শতাংশ মুনাফাৰ বাবে ই বেপৰোৱা হৈ উঠে। এশ শতাংশ মুনাফাৰ বাবে ই সকলোধৰণৰ মানৱীয় আইন ভৰিৰে মোহাৰি পেলাব পাৰে। আৰু তিনিশ শতাংশ মুনাফা পালে, ই যিকোনো কাম কৰিবলৈ কুণ্ঠাবোধ নকৰে। আনকি পুঁজিৰ মালিকজনে নিজে ফাঁচি-কাঠত ওলমিবলগীয়া প্ৰত্যাহ্বানো গ্ৰহণ কৰিবলৈ প্ৰস্তুত হ'ব পাৰে।” ৮১ বছৰীয়া এই দীঘলীয়া জীৱন পৰিক্ৰমাত আবেগ-বিজড়িত বহু ঘাত-প্ৰতিঘাতৰ সন্মুখীন হ’লেও তেখেতে কাৰো প্ৰতি মনত সামান্যতম ক্ষোভো পুহি ৰখা নাই। সেইবাবেই হয়তো অঞ্চলটোৰ বহু লোকে ব্যক্তিগত বা সামাজিক সমস্যা সংক্ৰান্তত এতিয়াও পৰামৰ্শ বিচাৰি তেখেতৰ কাষত উপস্থিত হয়।

“সবার ওপরে মানুষ সত্য, তাহার ওপরে নাই”— কবিগুৰু ৰবীন্দ্ৰনাথৰ এই আদৰ্শ আগত ৰাখি হেম বৰুৱাই এতিয়াও আশা কৰে—“ভাৰতৰ বুকুত শোষণ-বঞ্চনাৰ এদিন অন্ত পৰিব, গঢ়ি উঠিব নৱপ্ৰজন্মৰ বাবে এখন শোষণহীন নতুন সমাজ… … একাগ্ৰচিত্তে লাগি থাকিলে সমাজৰ ৰূপান্তৰ অনিবাৰ্য”। ১৫৭ পৃষ্ঠাৰ এই কিতাপখন যদিও আত্মজীৱনী হিচাপে প্ৰকাশ পাইছে, ইয়াৰ আশী শতাংশ কথাই সামাজিক। কুসংস্কাৰ, গোড়ামি, অন্ধবিশ্বাস সম্পৰ্কতো কিতাপখনত সন্নিবিষ্ট হৈছে কেইবাটাও আমোদজনক কাহিনী। তেখেতে উল্লেখ কৰিছে, জীৱনৰ বিয়লি বেলাত কথাবোৰ লিখিবলৈ লোৱা হেতুকে বহু উল্লেখনীয় কথাই বিস্মৃতিৰ গৰাহত হেৰাই গ'ল। তৎসত্ত্বেও এই কিতাপখনে এটা সময়ৰ সামাজিক অৱস্থাটোক সুন্দৰ ৰূপত পৰিস্ফুট কৰাৰ লগতে অবিভক্ত দৰং জিলাৰ কমিউনিষ্ট পাৰ্টি সংগঠন, কৃষক সংগঠনৰ বহু কথাই সামৰি লৈছে। কিতাপখনৰ ভাব-ভাষা অত্যন্ত কোমল, অনুভৱো সহজ-সৰল। আশা কৰোঁ কিতাপখন পঢ়ুৱৈৰ বাবে হৈ উঠিব সুখপাঠ্য। কিতাপখনৰ পৰিবেশক গুৱাহাটীৰ প্ৰতিষ্ঠিত প্ৰকাশন প্ৰতিষ্ঠান “আঁক-বাক”। গ্ৰন্থখনিৰ সমাপ্তিয়ে পঢ়ুৱৈক লেখকৰ জীৱনৰ বিষাদ-মধুৰ সময়ছোৱাক উপলব্ধি কৰাৰ পথ সুচল কৰি তুলিছে - "কেতিয়াবা আৰু অতীতলৈ ভটিয়াই যাওঁ। বাস্তৱ আৰু কল্পনাৰ ছয়াময়া স্বপ্নত দেখোঁ এটা ছামৰাৰ ছুটকেছ, তাতে ৰঙা বেটুপাতৰ অনেক কিতাপ— সমাজবাদৰ স্বপ্ন, সাম্যবাদৰ বিজ্ঞান, ঐতিহাসিক বস্তুবাদ। সৌৱা বিৰ দি বাট নোপোৱা নীলিমা হল প্ৰাংগণ। উদাত্ত কণ্ঠৰ মাত ভাহি আহিছে কম্‌ৰেড বিষ্ণু ৰাভাৰ— কালৰ ৰথৰ চকা সদায় আগুৱাই যায়, আগুৱাই যায়, মষিমূৰ কৰি যায়...."।

Share Button
Print Friendly, PDF & Email

No Comments : "জনহিতৈষী স্বপ্ন আৰু মোৰ সুদিন-দুৰ্দিন - (মীনাক্ষী বৰুৱা)"

Leave a Comment

Your email address will not be published. Required fields are marked *