যৌনপ্ৰেমৰ ইতিহাস : এক বিশ্লেষণ (দ্বিতীয় খণ্ড)-(টুনুজ্যোতি গগৈ)

মানৱ সভ্যতাৰ ঊষালগ্নতে প্ৰাকৃতিকভাৱেই নাৰী-পুৰুষৰ মাজত একধৰণৰ মনোদৈহিক পাৰ্থক্য গঢ় লৈ উঠিছিল। নাৰীৰ জননতন্ত্ৰৰ প্ৰকৃতি পুৰুষৰ জননতন্ত্ৰৰ প্ৰকৃতিৰ সৈতে নিমিলে। জননতন্ত্ৰৰ পাৰ্থক্যৰ বাবেই এগৰাকী নাৰীয়ে দহমাহজোৰা কষ্ট ভোগাৰ অন্তত কেৱল এটি সন্তানৰ মাতৃত্ব অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে এজন পুৰুষে সেই সময়ছোৱাত অন্য বহু নাৰীৰ সহযোগত লেখহীন সন্তানৰ পিতৃত্ব অৰ্জন কৰিব পাৰে। অভিজিৎ ৰায়ৰ ভাষাৰে ক’বলৈ হ’লে–‘আসলে কেউ যদি বলেন, জৈববৈজ্ঞানিক দিক থেকে বিচার করলে যৌনতার উদ্ভবই হয়েছে আসলে নারী-পুরুষে পাৰ্থক্য কৰাৰ জন্য – এটা বললে মোটেই অত্যুক্তি হবে না। এই পাৰ্থক্যের প্ৰভাব ছেলে মেয়েদের মানস জগতেও পড়েছে, পড়েছে সমাজেও। কোন গবেষকই এখন অস্বীকার করেন না যে যৌনতার বিভাজন নারী পুরুষে গড়ে দিয়েছে বিস্তর পাৰ্থক্য – শুধু দেহ কাঠামোতে নয়, তার অৰ্জিত ব্যবহারেও।’ [https://blog.mukto-mona.com/2009/07/20/1876/]

প্ৰসংগক্ৰমে ক’ব লাগিব, বিৱৰ্তনৰ ধাৰাত লিংগৰ আবিৰ্ভাৱক লৈ বহু ব্যক্তি এতিয়াও বিভ্ৰান্ত হোৱা দেখা যায়। তেওঁলোকে লিংগসৃষ্টিৰ দৰে এক জটিল প্ৰক্ৰিয়াক আত্মস্থ কৰিব নোৱৰাত বিৱৰ্তনবাদৰ ওপৰতো আস্থা ৰাখিব পৰা নাই। ইয়াৰ সুযোগতে ধৰ্ম প্ৰচাৰকসকলে জীৱ সৃষ্টিৰ কাল্পনিক তত্ত্বটো প্ৰচাৰৰ চেষ্টা চলায়। সেয়ে বিৱৰ্তনৰ সূত্ৰ অনুসৰি লিংগ আৰু পুং তথা স্ত্ৰী প্ৰজাতিৰ উদ্ভৱৰ বিষয়েই চমুৱাই আলোচনা কৰাৰ প্ৰয়োজনীয়তা আছে।

সকলোৱে জানে যে যৌন প্ৰক্ৰিয়াৰ তুলনাত অযৌন প্ৰক্ৰিয়াৰে জীৱৰ বংশবিস্তাৰ কৰাটো তেনেই সহজ। অযৌন প্ৰক্ৰিয়াত এটি জীৱই অন্য এটি জীৱৰ লগত কোনো সম্পৰ্ক নকৰাকৈ অকলেই নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে প্ৰজনন কৰিবলৈ সক্ষম হয়। প্ৰতিটো জীৱৰ দেহ এক বা একাধিক কোষেৰে গঠিত। এককোষী জীৱবোৰৰ কোষ বিভাজনৰ জৰিয়তে – এটি কোষৰপৰা দুটি কোষ, দুটি কোষৰপৰা চাৰটি কোষ বিভাজন হৈ বংশবৃদ্ধি হয়। এয়াই হ’ল অযৌন প্ৰজনন। অযৌন প্ৰজননৰদ্বাৰা সৃষ্ট জীৱবোৰ জিনীয়ভাৱে একেই হয় অৰ্থাৎ মূল জীৱটোৰ নকল বুলিব পাৰি।

যৌন প্ৰজনন প্ৰক্ৰিয়া অতি জটিল। বহুকোষী বা উন্নত জীৱৰ শৰীৰত মাইটোছিছ কোষ বিভাজনৰ সমান্তৰালভাৱে মিয়োছিছ কোষ বিভাজনৰ ফলতে জননকোষ গঠিত হয়। পুং জননকোষ আৰু স্ত্ৰী জননকোষ পৰস্পৰ সান্নিধ্যলৈ অহাৰ পাছতহে নতুন বংশধৰে জন্ম লাভ কৰে। অযৌন প্ৰজননৰ তুলনাত যৌন প্ৰজনন প্ৰক্ৰিয়া জটিল হ’লেও বিৱৰ্তন প্ৰক্ৰিয়াত যৌন প্ৰজননৰ গুৰুত্ব বহু বেছি। তদুপৰি, যৌন প্ৰজননৰ কেতবোৰ সুবিধা আছে। যেনে–

. উন্নত বৈশিষ্ট্যৰ বিস্তাৰ : যৌন প্ৰজননত পুৰুষ জীৱ আৰু স্ত্ৰী জীৱ একত্ৰে মিলিত হোৱাৰ ফলত উভয়ৰ বৈশিষ্ট্যসমূহ সংমিশ্ৰণ হয়। এই সংমিশ্ৰণৰ ফলত উভয়ৰ উন্নত বৈশিষ্ট্যসমূহ বংশধৰৰ মাজত পৰিলক্ষিত হ’ব পাৰে। অৱশ্যে, বংশধৰৰ মাজত পুৰুষৰ উন্নত আৰু স্ত্ৰীৰ অনুন্নত বৈশিষ্ট্যসমূহ বা পুৰুষৰ অনুন্নত আৰু স্ত্ৰীৰ উন্নত বৈশিষ্ট্যসমূহ বা উভয়ৰে অনুন্নত বৈশিষ্ট্যসমূহো পৰিলক্ষিত হ’ব পাৰে।

. নতুন প্ৰকৰণ (variation) সৃষ্টি : যৌন প্ৰজননৰ জৰিয়তে নতুন নতুন প্ৰকৰণ সৃষ্টি হোৱাৰ বাবেই একে পিতৃ-মাতৃৰ দুই সন্তানৰ মাজত সুকীয়া বৈশিষ্ট্য পৰিলক্ষিত হয়। অযৌন প্ৰজননৰদ্বাৰা সৃষ্ট বংশধৰত তেনে সুকীয়া বৈশিষ্ট্য দেখা নাযায়। বিৱৰ্তন প্ৰক্ৰিয়াত নতুন প্ৰকৰণৰ গুৰুত্ব অপৰিসীম। নতুন প্ৰকৰণৰ দুটা প্ৰধান প্ৰভাৱ হ’ল– বিভিন্ন প্ৰকাৰৰ বৈশিষ্ট্যসম্পন্ন বংশধৰৰ সৃষ্টি হয় আৰু সুকীয়া বৈশিষ্ট্যসম্পন্ন বংশধৰে পৰিৱৰ্তিত পৰিৱেশত নিজকে খাপ খোৱাই ল’ব পাৰে।

. প্ৰতিযোগিতা : যৌন প্ৰজনন প্ৰক্ৰিয়া প্ৰায়েই প্ৰতিযোগিতামূলক হয়। উদাহৰণস্বৰূপে, পুৰুষৰ মাজত প্ৰতিযোগিতা হ’লে সকলোতকৈ যোগ্য পুৰুষ জীৱটোৱে স্ত্ৰী জীৱৰ সৈতে মিলিত হোৱাৰ সুযোগ লাভ কৰে। স্ত্ৰীৰ মাজত প্ৰতিযোগিতা হ’লে সকলোতকৈ যোগ্য স্ত্ৰীগৰাকী পুৰুষ জীৱৰ সৈতে মিলিত হোৱাৰ সুযোগ পায়। উল্লেখ্য যে পৃথিৱীত বৰ্তি থাকিবৰ বাবে প্ৰয়োজনীয় বৈশিষ্ট্যৰ আধাৰত যোগ্যতা নিৰূপিত হয়। ইত্যাদি।

বিৱৰ্তনৰ সম্পৰ্কত ঊনবিংশ শতিকাৰ শেষৰ ফালে জাৰ্মান জীৱবিদ আগষ্ট্ ৱেইজমেন এক নতুন মতবাদ আগবঢ়াইছিল। তেওঁৰ মতে, মানুহকে ধৰি বহুকোষী জীৱসমূহৰ দেহত দুইধৰণৰ কোষৰ সমষ্টি থাকে – দেহকোষ (somatic cell) আৰু জননকোষ (Germ cell)। জননকোষবোৰ দেহকোষৰপৰা এক পৃথক গোট হিচাবে থকাৰ লগতে জীৱ এটাৰ সমগ্ৰ সত্তাটোক প্ৰতিনিধিত্ব কৰে। বংশগতিৰ বাহক জননকোষবোৰ কেতিয়াও বৃদ্ধ নহয়। জননকোষৰ কিবা পৰিৱৰ্তন হ’লে সেই পৰিৱৰ্তন স্থায়ী হৈ পৰে আৰু পৰৱৰ্তী বংশলৈ কঢ়িয়াই নিয়ে। সেইদৰে, জীৱৰ দেহকোষবোৰ জননকোষৰ পৰাই উদ্ভৱ হয়। জননকোষ বিভাজিত হৈ দেহকোষবোৰ সৃষ্টি হোৱাৰ সময়ত কোষৰ কৰ্মসূচী নিৰ্দিষ্ট আৰু নিশ্চিতকৰণ হৈ থাকে বাবে দেহকোষৰ আয়ুস নিশ্চিত হৈ থাকে। ৱেইজমেনৰ মতে, দেহকোষৰ কৰ্মসূচী নিৰ্দিষ্ট আৰু নিশ্চিতকৰণ প্ৰক্ৰিয়াটো একোটা জীৱৰ প্ৰজাতি বৰ্তি থকাৰ ক্ষেত্ৰত অতি জৰুৰী। দেহকোষৰ ক্ষয় আৰু মৃত্যু নিশ্চিত নকৰা হ’লে পৰৱৰ্তী জীৱসমূহৰ বাবে কোনো ঠায়েই নাথাকিলহেঁতেন।

স্থানান্তৰত যৌন প্ৰজনন প্ৰক্ৰিয়া প্ৰায়েই প্ৰতিযোগিতামূলক হয় বুলি কোৱা হৈছিল। মনোবিজ্ঞানীসকলে দীৰ্ঘদিন ধৰি লক্ষ্য কৰিছিল যে নাৰী-পুৰুষৰ পাৰস্পৰিক চাহিদা, পচন্দ-অপচন্দ আদিৰ মাজত বহু সাদৃশ্য থকাৰ দৰে চকুত লগা বৈসাদৃশ্যও আছে। তেওঁলোকৰ মতে, আচৰণগত দিশৰপৰা নাৰীসকলতকৈ পুৰুষসকল বেছি প্ৰতিযোগিতামূলক। কিয়নো, পুৰুষসকলে সভ্যতাৰ আদি পৰ্বৰপৰাই বিভিন্ন গোটৰ সৈতে যুঁজ-বাগৰ কৰি বাচি থকাৰ চেষ্টা চলাই আহিছে। পুৰুষসকলে কেৱল সম্পদ আহৰণৰ বাবেই যুঁজ-বাগৰ কৰা নাছিল, নাৰীৰ মনোযোগ আকৰ্ষণৰ বাবেও যুঁজ-বাগৰ কৰিছিল। বাচি থকাৰ প্ৰতিযোগিতাত জয় লাভ কৰি আদিম সমাজত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা শক্তিশালী আৰু সমৰ নিপুণ পুৰুষসকলেই উপযুক্ত নাৰী সংগী লাভ কৰিছিল আৰু তেওঁলোকেই পৃথিৱীৰ বুকুত বেছি সন্তান-সন্ততি এৰি থৈ যাব পাৰিছিল। আধুনিক পৃথিৱীতো পুৰুষসকলৰ এই প্ৰতিযোগিতামূলক মানসতা বিৱৰ্তনৰ সূত্ৰ অনুসৰিয়েই বৰ্তি আছে। উল্লেখ্য যে মানুহৰ ক্ষেত্ৰত যৌন প্ৰজনন প্ৰক্ৰিয়াৰ প্ৰতিযোগিতাৰ সৈতে যৌনতাৰ নিৰ্বাচনী তত্ত্বৰ এক ওচৰ সম্পৰ্ক আছে।

আধুনিক বিৱৰ্তন তত্ত্বয়ো প্ৰমাণ কৰিছে যে জিনগত স্তৰে সদায় একধৰণৰ স্বাৰ্থপৰ কাৰ্যসূচীত লিপ্ত হয়। সকলোৱে জানে, মানুহকে ধৰি সকলো জীৱৰে সন্তানৰ প্ৰতি থকা অপত্য স্নেহ অপৰিসীম। সন্তানক যিকোনো সংকটৰপৰা ৰক্ষা কৰিবলৈ মাক-দেউতাকে সৰ্বোচ্চ ত্যাগ স্বীকাৰ কৰে। অৰ্থাৎ জীৱজগতৰ প্ৰায়বোৰ সদস্যই নিজৰ শৰীৰক তিল তিলকৈ নষ্ট কৰি হ’লেও পৰৱৰ্তী জিনক ৰক্ষা কৰিবলৈ সচেষ্ট হয়। বিৱৰ্তনৰ পথত ‘পৰৱৰ্তী জিন’ক ৰক্ষা কৰিব নোৱাৰিলে নিজৰ শৰীৰ সুৰক্ষিত বা সুন্দৰ কৰি ৰখাৰ কোনো মূল্য নাই। কেকোঁৰাৰ দৰে প্ৰজাতিয়ে নিজৰ শৰীৰ ধ্বংস কৰিয়েই পৰৱৰ্তী বংশধৰক পৃথিৱীত বৰ্তাই ৰাখে।

১৯৭৬ চনত প্ৰকাশিত ৰিচাৰ্ড ডকিন্সৰ ছেলফিছ জিন গ্ৰন্থখনিয়ে ‘বিৱৰ্তনীয় স্থিতিশীল কৌশল’ সম্পৰ্কত কেতবোৰ নতুন ধাৰণা পোহৰলৈ আনে। এই গ্ৰন্থখনত ডকিন্সে ব্যাখ্যা কৰিলে যে বিৱৰ্তনে কোনো একক জীৱৰ ওপৰত নহয়, জিনৰ ওপৰত প্ৰভাৱ পেলায়। মানৱ দেহে আন যি কামেই নকৰক, শেষ পৰ্যন্ত ‘অতি স্বাৰ্থপৰ’ভাবে জিনক ৰক্ষা কৰা আৰু পৰৱৰ্তী প্ৰজন্মলৈ কঢ়িয়াই নিয়া কামটো অৱধাৰিতভাৱে কৰে। বিৱৰ্তনীয় দৃষ্টিকোণৰ মতে মানুহৰ জীৱনৰ যদি কিবা ‘উদ্দেশ্য’ আছে, তেন্তে সেইটোৱেই একমাত্ৰ উদ্দেশ্য। উল্লেখ্য যে ডকিন্সৰ গ্ৰন্থখনৰ নাম ছেলফিছ জিন হ’লেও গ্ৰন্থখনৰ লক্ষ্য ঠিক বিপৰীতহে আছিল। তেওঁ জিনগত স্বাৰ্থপৰতাৰ মাজৰপৰাই কিদৰে পৰাৰ্থিতাৰ দৰে এক বিপৰীতমুখী অভিব্যক্তি উদ্ভৱ হয়, সেয়াহে ব্যাখ্যা কৰিব বিচাৰিছিল। অৱশ্যে, ডকিন্সে নিজাভগীয়াকৈ নতুন একো লিখা নাই। তেওঁ জৰ্জ উইলিয়ামছ আৰু উইলিয়াম হেমিল্টনৰ বিদ্যায়তনিক স্তৰৰ চিন্তা-চৰ্চাসমূহকেই সহজ-সৰল অথচ আকৰ্ষণীয় ভাষাৰে উপস্থাপন কৰি সাধাৰণ পাঠকৰ মাজত জনপ্ৰিয় কৰি তুলিছিল। ডকিন্সৰ তথ্য-পাতিত নতুনত্ব নাথাকিলেও উপস্থাপনশৈলীত নতুনত্ব আছিল।

জিনৰ স্বাৰ্থপৰতাৰ সম্পৰ্কত জীৱ বিজ্ঞানী হেলেনা ক্ৰনিনেও এনেদৰে কৈছিল–‘Among genes all is selfishness, every gene out for its own replication. But from conflict can come forth harmony; the very selfishness of genes can give rise to cooperation. For among the potential resources that genes can exploit is the potential for cooperation with other genes. And, if it pays to cooperate, natural selection will favour genes that do so. Thus selfish genes can come to be accomplished cooperators —selfish cooperators, pragmatic cooperators, but accomplished cooperators nonetheless.Their cooperation arises not in spite of but because of genetic selfishness.’ [The Battle of the Sexes Revisited, Grafen, Alan & Ridiley, Mark (ed.) : Richard Dawkins : How a Scientist Changed The Way We Think; Oxford University Press, 2006, p-15 ]

আদিম মানৱৰ যৌন জীৱন

উল্লেখ কৰি অহা হৈছে যে বংশাণু ৰক্ষা (Survival of the Genes)ৰ তাড়নাই আদিম মানৱৰ প্ৰেমানুভূতি সৃষ্টিৰ মূল কাৰণ আছিল। বংশাণু ৰক্ষাৰ তাড়নাই কেৱল প্ৰেমানুভূতিয়েই নহয়, ধীৰে ধীৰে সকলো মানৱীয় অনুভূতি আৰু আচৰণৰ জন্ম দিছিল। ডাৰউইনৰ মতে, বংশাণু ৰক্ষাৰ বাবে যিকোনো প্ৰাণীয়েই প্ৰজনন সক্ষম বয়স পৰ্যন্ত জীয়াই থাকিব লাগিব আৰু যৌন সংগী নিৰ্বাচনেৰে পৰৱৰ্তী প্ৰজন্মলৈ নিজৰ বংশাণু প্ৰেৰণ কৰিব লাগিব। প্ৰাণী হিচাবে আদিম মানৱো ইয়াৰ ব্যতিক্ৰম হ’ব নোৱাৰিছিল। যৌন সংগী নিৰ্বাচনৰ বেলিকা আদিম মানৱ প্ৰেমানুভূতিৰে সিক্ত হৈছিল আৰু সংগীৰ সান্নিধ্যলৈ অহাৰ পাছত যৌন কামনা চৰিতাৰ্থ কৰিছিল। অৱশ্যে, বন্য স্তৰৰ মানুহৰ মাজত কোনোধৰণৰ ব্যক্তিগত প্ৰেমানুভূতি উদ্গম হোৱা নাছিল, সভ্য স্তৰৰ মানুহৰ মাজতহে ব্যক্তিগত প্ৰেমানুভূতি উদ্গম হৈছিল।

যৌন সংগী নিৰ্বাচনৰ সময়ত আদিম মানৱো এক বিশেষ সংগীৰ প্ৰতি গভীৰভাৱে আকৃষ্ট হৈছিল। তেনেদৰে আকৃষ্ট হোৱাৰ কাৰণ হিচাবে আধুনিক গৱেষণাই প্ৰমাণ কৰিছে যে প্ৰেমত পৰাৰ সময়ত মানুহৰ মস্তিষ্কৰ কডেট কেন্দ্ৰ নামৰ অংশটোত ডোপামিন নামৰ এবিধ হৰমন বেছিকৈ নিঃসৰণ হয়। নিৰ্দিষ্ট সংগীগৰাকীৰ সৈতে একেলগে থাকিবলৈ লোৱাৰ সময়ত অৰ্থাৎ বিবাহৰ পাছত যুগল বন্ধন নিশ্চিত আৰু দীৰ্ঘ কৰি তুলিবলৈ পুৰুষ-নাৰীৰ মাজত মস্তিষ্কৰপৰা নিঃসৰিত হোৱা অক্সিটচিন নামৰ অন্য এবিধ হৰমনে অন্য এক বিশ্বাস আৰু দায়বদ্ধপূৰ্ণ প্ৰেম সৃষ্টি কৰে। নক’লেও হয়, সন্তানক এক নিৰ্দিষ্ট বয়সলৈকে লালন-পালন কৰিবৰ বাবেই যুগল বন্ধন নিশ্চিত আৰু দীৰ্ঘ কৰি তুলিব লগা হৈছিল। অৱশ্যে, ডাৰউইনে যুগল বন্ধন দীঘলীয়া হোৱাৰ সম্পৰ্কত কোনো মতামত আগবঢ়োৱা নাছিল, পৰৱৰ্তী সময়ত একাংশ মনোবিজ্ঞানীয়েহে প্ৰেমৰ এই বিৱৰ্তনীয় দিশটোত আলোকপাত কৰিছিল।

সমাজ বিজ্ঞানী ডেচমণ্ড মৰীচে কৈছিল, জৈৱিকভাৱে মানৱ প্ৰজাতিটো মূলতঃ যুগল বন্ধনত অভ্যস্ত প্ৰাণী। এহাল নাৰী-পুৰুষে আৱেগিকভাৱে যুগল বন্ধনৰ বাবে আগবাঢ়ি আহিলে সেই যুগল বন্ধনত যৌন সম্পৰ্কই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। অথচ, অন্য কোনো জন্তুৰ ক্ষেত্ৰতে যৌন সম্পৰ্কই যুগল বন্ধনত ইমান সহায় নকৰে। যুগল বন্ধনৰ সময়ত কৰা যৌন সম্পৰ্ক আৰু যুগল বন্ধনৰ পাছত কৰা যৌন সম্পৰ্কৰ মাজৰ পাৰ্থক্য তথা গভীৰতা তেতিয়াহে উপলব্ধি কৰা হয়, যেতিয়া এজন সংগীয়ে যুদ্ধ, ব্যৱসায় আদি কাৰণত আন এজনক এৰি দীঘলীয়া সময়ৰ বাবে বাহিৰত থাকিব লগা হয়। দীৰ্ঘ সময়ৰ পাছত দুয়ো মিলিত হ’লে প্ৰথম কেইটামান দিনত আৱেগৰ গভীৰতা বিশেষধৰণে বাঢ়ি যায়। তেনে আৱেগ পৰিলক্ষিত নহ’লে অৰ্থাৎ যান্ত্ৰিকভাবে যৌন সম্পৰ্ক কৰিলে বুজিব লাগিব যে তেওঁলোকৰ মাজৰ সম্পৰ্কত ফাট মেলিছে।

আদিম মানৱৰ যৌনাকাংক্ষা আধুনিক মানুহতকৈ তীব্ৰ আছিল নেকি? বা আদিম মানৱে উদৰৰ ক্ষুধা পূৰণ কৰাৰ পাছত যৌনক্ষুধা পূৰণতে ব্যস্ত আছিল নেকি? এই প্ৰশ্নৰ উত্তৰত ক’ব লাগিব যে আদিম মানৱৰ বাবে আহাৰ, নিদ্ৰা আদিৰ দৰে প্ৰেম আৰু যৌনতাও এক জৈৱিক তাড়না আছিল। বন্য স্তৰত তেওঁলোকে স্থান-কাল-পাত্ৰ বিচাৰ নকৰাকৈ অবাধ যৌনাচাৰত লিপ্ত হ’লেও তেওঁলোকৰ যৌনাকাংক্ষা তীব্ৰ আছিল বা তেওঁলোকে উদৰৰ ক্ষুধা পূৰণ কৰাৰ পাছত যৌনক্ষুধা পূৰণতে ব্যস্ত আছিল বুলি ক’ব নোৱাৰি। কিয়নো, অন্য জীৱৰ দৰেই আদিম মানৱো আছিল প্ৰকৃতিৰ অসহায় ক্ৰীড়নক। খাদ্য সংগ্ৰহ, বহিঃশত্ৰু বা বনৰীয়া জন্তুৰ আক্ৰমণ প্ৰতিহত কৰা আদি কামতেই তেওঁলোক বেছি সময় ব্যস্ত হৈ থাকিবলগা হৈছিল। তেনেস্থলত আজৰি সময়কণত তেওঁলোকে কেৱল যৌনতাক লৈ ব্যস্ত আছিল বুলি ভৱাৰ যুক্তি নাথাকে।

সি যি নহওক, পৃথিৱীৰ যিকোনো দেশৰ সাহিত্যৰ পৃষ্ঠা লুটিয়ালেই দেখা যায়– নাৰীৰ পীনোন্নত স্তন, বৃহৎ নিতম্ব, ক্ষীণ কটিদেশ, দীৰ্ঘ কেশ আদিয়ে যুগে যুগে কবি-সাহিত্যিকসকলক বিস্ময়-বিমুগ্ধ কৰি আহিছে। নাৰীদেহৰ এই বৈশিষ্ট্যসমূহ প্ৰায় সকলো পুৰুষৰ কাষত সকলো সময়তে মহাৰ্ঘ সম্পদৰূপে পৰিগণিত হৈ আহিছে। প্ৰশ্ন হয় – নাৰীৰ স্তন, নিতম্ব, তপিনা আদি অংগ পুৰুষৰ বাবে সঁচায়ে কামোদ্দীপক নেকি? নে ইবোৰক মানৱ সভ্যতাৰ কোনো এক স্তৰত পুৰুষতান্ত্ৰিক সমাজে বিভিন্ন মাপকাঠিৰে কামোদ্দীপক কৰিহে লৈছে?

এচাম আধুনিক সমাজ বিজ্ঞানী আৰু সমাজ বিশ্লেষকে মতপোষণ কৰে যে কামোদ্দীপক অংগৰূপে পৰিচিত নাৰীৰ অংগবোৰ পুৰুষতান্ত্ৰিক সমাজে বিভিন্ন মাপকাঠিৰে কামোদ্দীপক কৰিহে লৈছে। তেওঁলোকৰ মতে, তথাকথিত সভ্য সমাজত কামোদ্দীপক ৰূপে পৰিচিত নাৰীৰ অংগবোৰ এখন জনজাতীয় সমাজত কামোদ্দীপক ৰূপে পৰিগণিত নহ’বও পাৰে। নাৰীৰ যি স্তনযুগলক লৈ বুৰ্জোৱা চলচ্চিত্ৰ নিৰ্মাতা বা বস্ত্ৰ ব্যৱসায়ীয়ে ৰমৰমীয়া ব্যৱসায় চলাই আহিছে, সেই স্তনযুগল বিভিন্ন জনজাতীয় সমাজত কেৱল সন্তানৰ পৰিপুষ্টিৰ ভাণ্ডাৰ ৰূপেহে পৰিচিত আৰু সমাদৃত। অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচলত ত্ৰিশ বছৰ কাল কৰ্মসূত্ৰে বসবাস কৰা জনগোষ্ঠীয় গৱেষক ডঃ যোগেন্দ্ৰ নাথে জনোৱা মতে, অৰুণাচলৰবহু জনজাতীয় অবিবাহিতা গাভৰুৱে আশী-নবৈব দশকলৈকে নিজৰ স্তনযুগল নিৰাভৰণ কৰি ৰাখিছিল আৰু যুৱক-যুৱতীসকলে নৈ-নিজৰাত একেলগে নগ্ন হৈ স্নান কৰিছিল। আধুনিক সভ্যতাৰ কোনো কুটিলতা বা জটিলতাই স্পৰ্শ কৰিবলৈ সক্ষম নোহোৱা সেই জনজাতীয় যুৱক-যুৱতীসকলৰ মাজত পৰস্পৰৰ যৌনাংগসমূহক লৈ কোনোধৰণৰ কৌতূহল নাছিল।

কথা হ’ল, একাংশ আধুনিক সমাজ বিজ্ঞানী-বিশ্লেষকে নাৰীৰ স্তন, নিতম্ব, তপিনা আদি অংগবোৰক পুৰুষতান্ত্ৰিক সমাজে সভ্যতাৰ কোনো এক স্তৰত বিভিন্ন মাপকাঠিৰে কামোদ্দীপক কৰি লৈছিল বুলি আগবঢ়োৱা মতামতটো সম্পূৰ্ণ শুদ্ধ নহয়। নৃ বিজ্ঞানী আৰু প্ৰাণী বিজ্ঞানীসকলে নিৰলস গৱেষণাৰ অন্তত প্ৰমাণ কৰিছে যে আদিম মানৱ সমাজতো প্ৰাকৃতিক কাৰণতেই বৃহৎ স্তন, বিশাল নিতম্ব আৰু ক্ষীণ কঁকালৰ অধিকাৰী নাৰীৰ প্ৰতি পুৰুষৰ আকৰ্ষণ আৰু আদৰ অধিক আছিল। আদিম পুৰুষজনৰ বৃহৎ স্তন আৰু বিশাল নিতম্বৰ অধিকাৰী নাৰীৰ প্ৰতি থকা আকৰ্ষণৰ উৎস সন্ধান কৰিবলৈও ডাৰউইনৰ বিৱৰ্তনবাদ বা যৌনতাৰ নিৰ্বাচন তত্ত্বৰ কাষেই চাপিব লাগিব।

আদিম মানৱ বসবাস কৰিছিল গভীৰ অৰণ্যৰ বিপদ সংকুল পৰিৱেশৰ মাজত। কৃষিকৰ্মত অভ্যস্ত হোৱাৰ আগলৈকে নাৰীসকলে কোলাত সন্তান লৈয়েই পুৰুষসকলৰ সৈতে অ’ত-ত’ত ঘূৰি ফুৰিছিল। সেই সময়ত খাদ্য সংকটে সঘনাই দেখা দিছিল বাবে তেওঁলোকে প্ৰায়ে অনাহাৰে কটাব লগা হৈছিল। প্ৰাপ্তবয়স্ক নাৰী-পুৰুষসকলে¸ অনাহাৰে দুই-তিনিদিন পৰ্যন্ত থাকিব পাৰিলেও নাবালক সন্তানৰ পক্ষে অনাহাৰে থকাটো অসম্ভৱ আছিল। খাদ্য সংকটৰ সময়ত কোলাৰ সন্তানেই হওক বা খোজ কাঢ়িব পৰা নাবালক সন্তানেই হওক তেওঁলোকে মাকৰ দুগ্ধ পান কৰিয়েই ক্ষুধা নিবাৰণ কৰিছিল। খাদ্য সংকটৰ সময়ত নিজৰ সন্তানক স্তনৰ দুগ্ধ পান কৰায়েই সুস্থ-সবল কৰি ৰাখিবপৰা নাৰীগৰাকীৰ প্ৰতি পুৰুষজনৰ আদৰ স্বাভাৱিকতেই বেছি আছিল। কাৰণ, সেই নাৰীৰ সন্তানবোৰ অকাল মৃত্যুৰ মুখত নপৰিছিল।

আদিম পুৰুষে স্বাভাৱিক পৰ্যবেক্ষণৰ জৰিয়তে উপলব্ধি কৰিছিল যে বৃহৎ স্তনৰ অধিকাৰী নাৰীয়েহে খাদ্য সংকটৰ সময়ত সন্তানক বচাই ৰাখিব পাৰিব। গতিকে এজন পুৰুষে তেনে স্তনৰ গৰাকীক জীৱন সংগী হিচাবে ল’বলৈ অধিক আগ্ৰহী হৈ পৰিছিল। কালক্ৰমত নাৰীৰ বৃহৎ স্তনযুগল পুৰুষসকলৰ দৃষ্টিত ভৱিষ্যৎ প্ৰজন্মৰ বাবে ‘অফুৰন্ত খাদ্যৰ ভাণ্ডাৰ’ ৰূপে প্ৰতিভাত হৈছিল। হয়তো এয়া আদিম পুৰুষৰ বাবে এক অদ্ভুত বিভ্ৰমেই আছিল। সেই বিভ্ৰমেই পুৰুষক বৃহৎ স্তনৰ প্ৰতি লালায়িত কৰি তুলিছিল। আদিম পুৰুষৰ স্তনযুগলৰ প্ৰতি থকা লালসা প্ৰাগৈতিহাসিক যুগত শ্ৰদ্ধালৈ ৰূপান্তৰিত হৈছিল বুলি একাংশ সমাজ বিজ্ঞানীয়ে ক’ব বিচাৰে। তেওঁলোকৰ মতে, প্ৰাগৈতিহাসিক যুগৰ পুৰুষসকলে নাৰীৰ স্তনক পৱিত্ৰ অংগ হিচাবে গণ্য কৰাৰ লগতে শক্তিৰ প্ৰতীক বুলি ভাবিছিল। ফ্ৰান্সৰ বহু পৰ্বতৰ গুহাচিত্ৰত স্তনযুগল বন্দিত হৈছিল। সেইদৰে, লৌহযুগৰ পানপাত্ৰসমূহ স্তনৰ আকাৰতেই গঢ়িছিল। প্ৰাচীন মিছৰৰ পুৰুষ দেৱতাৰ শৰীৰত নাৰীৰ দৰেই স্তন খোদিত কৰাটো নাৰীৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ নিৰ্দশন আছিল।

পৰৱৰ্তী সময়ত স্তনৰ আকৃতি আৰু আকৰ্ষণীয়তাৰ মাজত সম্পৰ্ক স্থাপন কৰা কেতবোৰ সংস্কৃতিৰ প্ৰভাৱৰ ফলত ভিন্ন স্থানৰ ভিন্ন যুগৰ বহু নাৰীয়ে স্তনৰ আকাৰ বৃহৎ হোৱাটো আৰু বহু নাৰীয়ে ক্ষুদ্ৰ হোৱাটো বিচাৰে। খ্ৰীষ্টান ধৰ্মাদৰ্শই যৌনতাক দমন কৰাটো মহত্বৰ লক্ষণ হিচাবে গণ্য কৰে বাবে মধ্যযুগৰ ইউৰোপত ক্ষুদ্ৰ স্তনৰ অধিকাৰী নাৰীক পৱিত্ৰ নাৰী হিচাবে গণ্য কৰা হৈছিল। ‘পাপী’ নাৰীৰ স্তন বৃহৎ হয় আৰু তেওঁলোকে স্তন প্ৰকাশ কৰে বাবে তেওঁলোক ‘নৰক’ত অবৰ্ণনীয় অত্যাচাৰৰ সন্মুখীন হয় ! মধ্যযুগৰ খ্ৰীষ্টিয় চিত্ৰকলাত ‘পাপী’ নাৰীৰ স্তন কাটি পেলোৱাৰ নৃশংস দৃশ্য দেখা যায়। লক্ষণীয় যে আফ্ৰিকাৰ কিছুমান জাতিৰ সংস্কৃতিয়ে নাৰীৰ স্তনৰ আকাৰৰ ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়ে, তেওঁলোকে সুঠাম আৰু মাংসল উৰুকহে যৌনতাৰ প্ৰতীক বুলি ভাবে। ভাৰতীয় নাৰীসকলে ডিঙিত সোণ-হীৰাৰ দামী অলংকাৰ পিন্ধিব পৰাটো গৌৰৱৰ বিষয় বুলি ভবাৰ বিপৰীতে পাশ্চাত্যৰ নাৰীসকলে বৃহৎ স্তনযুগলৰ অধিকাৰী হোৱাটো গৌৰৱৰ বিষয় বুলি ভাবে। অৱশ্যে, পাশ্চাত্যৰ কিছুমান সংস্কৃতি অনুসৰি নাৰীৰ স্তনযুগল সম্পূৰ্ণ উন্মুক্ত হৈ পৰিলেও কোনো অসুবিধা নাই, কেৱল স্তনবৃন্ত ঢাকি ৰাখিব পাৰিলেই হ’ল। তেওঁলোকৰ বাবে স্তনবৃন্ত প্ৰদৰ্শন কৰাটো চৰম অসভ্যালি।

এতিয়া আদিম পুৰুষজনৰ নাৰীৰ বিশাল নিতম্ব আৰু ক্ষীণ কঁকালৰ প্ৰতি উদ্ভৱ হোৱা আকৰ্ষণৰ উৎস সন্ধান কৰা হওক।

আদিম মানৱ গোটবোৰৰ মাজত মূলতঃ খাদ্য বস্তুৰ বাবেই সঘনাই সংঘৰ্ষ হৈছিল। বনৰীয়া জীৱ-জন্তুৰ আক্ৰমণো স্বাভাৱিক ঘটনা আছিল। বহিঃশত্ৰু বা বনৰীয়া জীৱ-জন্তুৰ আক্ৰমণৰপৰা ৰক্ষা পাবলৈ কোলা বা বোকোচাত সন্তান লৈ দৌৰিব পৰা নাৰীসকলেই সাধাৰণতে নিজৰ আৰু সন্তানৰ জীৱন ৰক্ষা কৰিব পাৰিছিল। সেই পৰিস্থিতিৰ সৈতে তাল মিলাবলৈ যাওঁতে আদিম নাৰীৰ কঁকাল হৈ পৰিছিল ক্ষীণ আৰু নিতম্ব হৈ পৰিছিল বিশাল তথা সুদৃঢ়। মানুহে খোজ কাঢ়িবলৈ শিকাৰ ফলত কঁকালৰ আকাৰ পূৰ্বতকৈ ক্ষীণ হৈ পৰিছিলেই, দৌৰিবলৈ বাধ্য হোৱাৰ ফলত নাৰীৰ কঁকাল বেছি ক্ষীণ হৈ পৰিছিল। নাৰীৰ স্তনৰ দৰেই ক্ষীণ কঁকাল আৰু বিশাল তথা সুদৃঢ় নিতম্বও পুৰুষৰ বাবে বেছি আদৰণীয় আৰু আকৰ্ষণীয় হৈ পৰিল।

বিশাল আৰু সুদৃঢ় নিতম্বৰ প্ৰতি পুৰুষৰ আকৰ্ষণৰ অন্য কাৰণো নথকা নহয়। নৃ বিজ্ঞানীসকলে দীৰ্ঘ গৱেষণাৰ জৰিয়তে জানিব পাৰিছে যে সভ্যতাৰ এক নিৰ্দিষ্ট সময়ৰপৰা মানুহৰ মস্তিস্কৰ আকাৰ অবিশ্বাস্য দ্ৰুততাত বৃদ্ধি পাই আহিছিল। ফলত তুলনামূলকভাৱে ডাঙৰ মূৰৰ শিশু জন্ম দিবলৈ গৈ বেছিভাগ নাৰীয়েই অকাল মৃত্যুৰ মুখত পৰিছিল। সহজেই অনুমেয় যে ডাঙৰ মূৰৰ শিশু জন্ম দিওঁতে ক্ষীণ নিতম্ববিশিষ্ট নাৰীয়েই বেছিকৈ মৃত্যুৰ মুখত পৰিছিল। তাতে বিৱৰ্তনৰ ধাৰাত নাৰীৰ জৰায়ুৰ দ্বাৰো সৰু হৈ পৰিছিল। কিন্তু, বিশাল আৰু সুদৃঢ় নিতম্ববিশিষ্ট নাৰীয়ে ডাঙৰ মূৰৰ শিশু সুকলমে জন্ম দি লালন-পালন কৰিব পাৰিছিল।

সময়ৰ গতিত নাৰীৰ বৃহৎ স্তন, বিশাল নিতম্ব আৰু ক্ষীণ কঁকাল পুৰুষৰ বাবে কেৱল আকৰ্ষণীয় কামোদ্দীপক অংগই হৈ নাথাকিল; প্ৰজনন ক্ষমতা আৰু সুস্বাস্থ্যৰো প্ৰতীক হৈ পৰিল। মানুহৰ মাজত সৌন্দৰ্যবোধৰ অনুভূতি সৃষ্টি হোৱাৰ লগে লগে পুৰুষসকল কামোদ্দীপক দৈহিক বৈশিষ্ট্য সম্পন্ন নাৰীৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিবলৈ অধিক আগ্ৰহী হৈছিল। সৌন্দৰ্যবোধৰ অনুভূতি কোনো বিমূৰ্ত ব্যাপাৰ নহয়; ইয়াৰ সৈতে যৌন আকৰ্ষণ আৰু নাৰীৰ গৰ্ভধাৰণ ক্ষমতাৰ এক গভীৰ সম্পৰ্ক আছে।

বুজা গ’ল, নাৰীৰ দৈহিক বৈশিষ্ট্যই আদিম পুৰুষক বেছি আকৰ্ষিত কৰিছিল। নাৰীৰ পৰিষ্কাৰ ছাল, সঘন কেশ, কমনীয় আনন আদিও পুৰুষৰ আকৰ্ষণৰ উৎস আছিল। আদিম নাৰীকো পুৰুষৰ দৈহিক বৈশিষ্ট্যই আকৰ্ষণ কৰিছিল নেকি? ইয়াৰ উত্তৰত জীৱ বিজ্ঞানীসকলে কয় যে নাৰীক পুৰুষৰ দৈহিক বৈশিষ্ট্যই নহয়, পুৰুষৰ দেহৰ গোন্ধইহে বেছি আকৰ্ষিত কৰিছিল। অৰ্থাৎ নাৰীৰ যৌন নিৰ্বাচনৰ ক্ষেত্ৰত দেহৰ গোন্ধ আছিল এক গুৰুত্বপূৰ্ণ উপাদান। উল্লেখ্য যে প্ৰতিজন মানুহৰ দেহৰ এক নিজস্ব গোন্ধ থাকে, আঙুলিৰ চাপৰ দৰেই ইজনৰ দেহৰ গোন্ধ সিজনৰ লগত নিমিলে। সকলো মানুহৰ দেহৰ গোন্ধৰ মাজত পৰিলক্ষিত পাৰ্থক্যক বিৱৰ্তনীয় যোগ্যতা (Evolutionary Fitness)ৰ পৰিমাপক বুলিব পাৰি। নাৰীৰ দেহৰ গোন্ধই পুৰুষক বা পুৰুষৰ দৈহিক বৈশিষ্ট্যই নাৰীক হয়তো কিছু পৰিমাণে আকৰ্ষিত কৰিছিল, কিন্তু সেয়া আকৰ্ষণৰ মূল কাৰণ নাছিল। উল্লেখ্য যে দীৰ্ঘ উচ্চতা, সবল পেশী, সুগঠিত হনু, বহল কান্ধ আদিয়েই পুৰুষৰ দৈহিক বৈশিষ্ট্য আছিল। আজিৰ নাৰীৰ দৰেই আদিম নাৰীয়েও ওখ-পাখ, সুস্থ-সবল, উদ্যমী-সাহসী পুৰুষে তেওঁক নিৰাপত্তা দিব পাৰিব বুলি বিশ্বাস কৰিছিল।

নাৰী-পুৰুষৰ মাজত প্ৰেমৰ গভীৰতা বঢ়াই তোলাৰ ক্ষেত্ৰত বা যৌন উদ্দীপনা সৃষ্টিৰ ক্ষেত্ৰত চুম্বনে এক গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে। জীৱ আৰু যৌন বিজ্ঞানীসকলৰ মতে, পুৰুষতকৈ নাৰীৰ বাবে চুম্বন কাৰ্য বেছি আদৰণীয় আৰু গুৰুত্বপূৰ্ণ। নাৰীৰ ক্ষেত্ৰত চুম্বন কাৰ্য বেছি গুৰুত্বপূৰ্ণ হৈ উঠাৰ আঁৰত কিছু বিৱৰ্তনীয় কাৰণো আছে। ডাৰউইেন যৌনতাৰ নিৰ্বাচন তত্ত্বক লৈ গৱেষণা কৰোঁতে লক্ষ্য কৰিছিল যে প্ৰাণী জগতৰ স্ত্ৰী লিংগসমূহ সংগী নিৰ্বাচনৰ ক্ষেত্ৰত খুবেই হিচাপী আৰু সাৱধানী। স্ত্ৰী লিংগৰ সংগী নিৰ্বাচনৰ পৰ্যবেক্ষণক জীৱ বিজ্ঞানৰ পৰিভাষাত ‘স্ত্ৰী অভিৰুচি’ বুলি জনা যায়। ডাৰউইনে স্ত্ৰী অভিৰুচিৰ বিষয়টো পৰ্যবেক্ষণ কৰিলেও তাৰ আঁৰৰ কাৰণসমূহৰ বিস্তৃত ব্যাখ্যা দিয়া নাছিল। পৰৱৰ্তী সময়ত একাংশ জীৱবিজ্ঞানী আৰু বিৱৰ্তন মনোবিজ্ঞানীয়ে বিষয়টোৰ সম্পৰ্কত গৱেষণা কৰি কেতবোৰ নতুন সত্য উন্মোচন কৰিলে।

স্তন্যপায়ী প্ৰাণীৰ ক্ষেত্ৰত দেখা যায় যে সন্তান জন্ম দিওঁতেই হওক বা লালন-পালন কৰোঁতেই হওক পুং লিংগটোতকৈ স্ত্ৰী লিংগটোৱে বেছি সময়, মনোযোগ আৰু শক্তি বিনিয়োগ কৰে। জীৱবিজ্ঞানৰ পৰিভাষাত ইয়াক ‘অভিভাৱকীয় বিনিয়োগ’ বুলি কোৱা হয়। মানুহো এবিধ স্তন্যপায়ী প্ৰাণী। মানুহৰ সন্তান জন্ম আৰু লালন-পালনৰ ক্ষেত্ৰতো স্ত্ৰী লিংগটোৱেই অধিক অভিভাৱকীয় বিনিয়োগ কৰে। পুৰুষৰ তুলনাত নাৰীয়ে অধিক অভিভাৱকীয় বিনিয়োগ কৰিব লাগে বাবেই তেওঁলোক যৌন সংগী নিৰ্বাচনৰ ক্ষেত্ৰত খুবেই হিচাপী আৰু সাৱধানী হৈ পৰিছিল। অসতৰ্কভাৱে যৌনসংগী নিৰ্বাচন কৰিলে পুৰুষ সংগীজনে সন্তান জন্ম আৰু লালন-পালনৰ ক্ষেত্ৰত অলপো সহায় নকৰিব বা সন্তান জন্ম দিয়েই পলাই যাব বুলি তেওঁলোকে ভয় কৰিছিল।

এই প্ৰসংগতে ডেভিড এম বাছে কৈছিল–'Adaptationist thinking provides a guide to hypotheses about the evolution of what women want, namely those characteristics that reliably led to an increase women’s reproductive success. These include selecting a mate who (1) is able to invest resources in her and her children, (2) is willing to invest resources in her and her children, (3) is able to physically protect her and her children, (4) is willing to physically protect her and her children, (5) show promise as a good parent, and (6) will be sufficiently compatible in goals and values to enable strategic alignment without inflicting too many costs on her and her children (Buss,1994/2003).' (https://pdfs.semanticscholar.org)

বাছে Human Mating Strategies শীৰ্ষক গৱেষণা পত্ৰখনত এয়াও কৈছিল যে যৌনসংগী নিৰ্বাচনৰ ক্ষেত্ৰত বেহিচাপী আৰু অসাৱধানী নাৰীসকলে বিৱৰ্তনীয় যাত্ৰাপথত খুব কমেই প্ৰজননগত সফলতা অৰ্জন কৰিছিল। প্ৰশ্ন হয়, আদিম নাৰী গৰাকীয়ে উপযুক্ত যৌনসংগী নিৰ্বাচনৰ ক্ষেত্ৰত কি পদ্ধতি অৱলম্বন কৰিছিল? জীৱ আৰু যৌন বিজ্ঞানীসকলৰ মতে, আদিম নাৰীয়ে পুৰুষ সংগীজনৰ সৈতে সম্পৰ্ক গঢ়ি তোলাৰ সময়ত সংগীজনক চুম্বন কৰিছিল বা চুম্বন কৰাৰ সুবিধা দিছিল আৰু চুম্বনৰত হওঁতেই সংগীজনে তেওঁৰ ভবিষ্যৎ সন্তানৰ ক্ষেত্ৰত অভিভাৱকীয় বিনিয়োগ কৰিব নে নাই, সেয়া বুজিব পাৰিছিল। অৰ্থাৎ নাৰী গৰাকীৰ বাবে চুম্বনৰত হোৱাটো সংগী নিৰ্বাচনৰ এক অৱচেতন প্ৰক্ৰিয়া হৈ পৰিছিল। নক’লেও হয়, চুমাৰ জৰিয়তে নিঃসৰিত অক্সিটোচিন হৰমনে মস্তিষ্কক ভালপোৱাৰ গভীৰতাৰ সংকেত সহজেই দিয়ে।

আদিম সমাজ মাতৃতান্ত্ৰিক হৈ থকালৈকে নাৰীজাতিৰ যৌন সংগী নিৰ্বাচনৰ সম্পূৰ্ণ স্বাধীনতা নাথাকিলেও সীমিত স্বাধীনতা আছিল আৰু তেওঁলোকে চুমাৰ জৰিয়তেই সেই নিৰ্বাচন প্ৰক্ৰিয়া সম্পন্ন কৰিছিল। সমাজত পুৰুষতন্ত্ৰ প্ৰতিষ্ঠা হোৱাৰ পাছত পচন্দৰ যৌনসংগী নিৰ্বাচন কৰি লোৱাৰ অধিকাৰ হেৰুৱালেও তেওঁলোকে চুমাৰ জৰিয়তে পুৰুষ সংগীজনৰ প্ৰেমৰ গভীৰতাৰ উমান পাই থাকিল।

আকৌ প্ৰশ্ন হয় – আদিম শিশুৰ মস্তিষ্ক বৃহৎ হোৱাৰ কাৰণ কি আছিল· ইয়াৰ উত্তৰত একাংশ বিৱৰ্তনী মনোবিজ্ঞানীয়ে ক’ব বিচাৰে যে যৌন নিৰ্বাচনজনিত চাপৰ বাবেই মানুহৰ মস্তিষ্কই অপেক্ষাকৃত বৃহৎ আকৃতি ধাৰণ কৰিছিল। জেফ্ৰী মিলাৰে ইয়াৰ ব্যাখ্যা এনেদৰে দিছে– ‘This sexual choice view also sounds rather circular as an explanation of human mental evolution. It puts the mind in an unusual position, as both selector and selectee in its own evolution. If the human mind catalyzed its own evolution through mate choice, it sounds as though our brains pulled themselves up by their own bootstraps. However, most positive-feedback processes look rather circular, and a positive-feedback process such as sexual selection may be just what we need to explain unique, highly elaborated adaptations like the human mind. Many theorists have accepted that some sort of positive-feedback process is probably required to explain why the human brain evolved to be so large so quickly. Sexual selection, especially a process called runaway sexual selection, is the best-established example of a positive feedback process in evolution. (The Mating Mind: How Sexual Choice Shaped the Evolution of Human Nature, Anchor Books, New York, 2001, p.11 )

বিৱৰ্তনী মনোবিজ্ঞানীসকলে মানুহৰ মস্তিষ্কক ম’ৰা চৰাইৰ পেখমৰ দৰেই এক ব্যয়বহুল অংগ বুলি ক’ব বিচাৰে। মানৱ দেহৰ মুঠ তাপ ক্ষয়ৰ সিংহ ভাগ মস্তিষ্কতেই ক্ষয় হোৱাৰ বাবে উন্নত মস্তিষ্কক ভাল বংশাণুৰ এক নিদৰ্শক হিচাবে গণ্য কৰা হয়। উন্নত মস্তিষ্কৰ মানুহহে সৃজনশীল বা উদ্ভাৱনশীল হয় বাবে তেনে মানুহৰ গুৰুত্ব সকলো সময়তে, সকলো সমাজতে থাকে। আদিম কালতো তুলনামূলকভাৱে উন্নত মস্তিষ্কৰ অধিকাৰী মানুহসকলেই তেওঁলোকৰ পৰম্পৰাগত জীৱন নিৰ্বাহ পদ্ধতিত নতুনত্বৰ সূচনা কৰিছিল আৰু মানৱ সভ্যতাক ঢাপে ঢাপে উত্তৰণৰ দিেশৰে আগুৱাই আনিছিল। মস্তিষ্কৰ বিৱৰ্তন আৰু তৎজনিত বৌদ্ধিক বা শৈল্পিক গুণাৱলী যৌন নিৰ্বাচনৰ কাৰণেই ঘটি আহিছে বাবে জেফ্ৰী মিলাৰে মানৱ মস্তিষ্কক এক অপৰিহাৰ্য যৌনাংগ বুলি অভিহিত কৰে।

লক্ষণীয় যে আদিম মানৱে যৌন সম্পৰ্কৰ জৰিয়তে বংশবৃদ্ধি হয় বুলি বহুদিনলৈকে বুজি পোৱা নাছিল। তেওঁলোকে কৰ্ম ব্যস্ততাৰ অন্তত দৈহিক আৰু মানসিক আনন্দৰ বাবেই যৌন সম্পৰ্ক কৰিছিল। মানুহৰ বুদ্ধিমত্তাৰ বিকাশৰ লগে লগে যৌন সম্ভোগক বেছি সুখকৰ কৰি তোলাৰ স্বাৰ্থত নিত্য নতুন কৌশলো উদ্ভাৱন কৰিছিল। নাৰী বা পুৰুষৰ কি অংগত মৃদুভাৱে স্পৰ্শ কৰিলে যৌন উত্তেজনা বৃদ্ধি পায়, যৌন সম্ভোগৰ সময়ত মুখেৰে কেনেকৈ শব্দ উচ্চাৰণ কৰিব লাগে, কেনেকৈ অংগ সংস্থাপন কৰিব লাগে আদি কৌশলবোৰ উদ্ভাৱন কৰাৰ পাছত মানুহৰ যৌনজ্ঞান আগতকৈ বৃদ্ধি পাইছিল। মানুহে যৌন সম্পৰ্কৰ জৰিয়তে বংশবৃদ্ধি হয় বুলি জনাৰ পাছতো কেৱল বংশবৃদ্ধিৰ খাতিৰতে নহয়; পূৰ্বৰ দৰেই দৈহিক আৰু মানসিক আনন্দৰ আহৰণৰ বাবেও যৌন সম্পৰ্কত লিপ্ত হৈ থাকিল।

মানুহকে ধৰি আন স্তন্যপায়ী জীৱৰ ক্ষেত্ৰত দেখা যায় যে পূৰ্ণ যৌন সন্তুষ্টি আহৰণৰ বাবে উভয় লিংগৰে সমান সহযোগিতাৰ প্ৰয়োজন হ’লেও যৌন সম্পৰ্ক স্থাপনৰ মুহূৰ্তত পুং লিংগৰ ভূমিকা সদায়ে আক্ৰমণাত্মক আৰু স্ত্ৰী লিংগৰ ভূমিকা সমৰ্পণাত্মক হৈ পৰে। ঘৰচীয়া মেকুৰী এজনীৰ গাত হঠাতে স্পৰ্শ কৰিলে মেকুৰীজনীয়ে নেজডাল থিয় কৰি নিজৰ পশ্চাৎদেশ দাঙি দিয়া দেখা যায়। তেনেদৰে পশ্চাৎদেশ দাঙি দিয়াৰ মূল কাৰণ হ’ল, মতা মেকুৰীয়ে তাইক যৌনক্ৰিয়াৰ বাবে আহ্বান জনাইছে বুলি ভাবি নিজকে সমৰ্পণ কৰা। বান্দৰী এজনীও বান্দৰ এটাৰ কাষলৈ গৈ নিজৰ পশ্চাৎদেশ সামান্যভাবে দাঙি মূৰৰ ফালটো তললৈ কৰি ৰৈ দিয়ে, যাতে বান্দৰটোৱে বান্দৰীৰ যোনিপথেৰে লিংগ প্ৰৱেশ কৰাব পাৰে। মানুহৰ ক্ষেত্ৰতো তেনে ঘটনাই পৰিলক্ষিত হয়। যৌন সম্পৰ্ক স্থাপনৰ সময়ত সাধাৰণতে নাৰী গৰাকীয়ে শয্যাত শুই দি নিজকে পুৰুষৰ কাষত সমৰ্পণ কৰে।

মানৱ সভ্যতাৰ কোনো এক স্তৰত যৌন আচৰণত মানৰ প্ৰসংগও আহি পৰিল। ডেচমণ্ড মৰীচৰ মতে, মানসম্পন্ন যৌন আচৰণ বংশবৃদ্ধি বা প্ৰজননৰ লগত নহয়, প্ৰতিপত্তিৰ সৈতেহে বেছিকৈ জড়িত আছিল। যৌন সম্পৰ্ক স্থাপনৰ মুহূৰ্তত পুং লিংগৰ আক্ৰমণাত্মক আৰু স্ত্ৰী লিংগৰ সমৰ্পণাত্মক ভূমিকাৰ প্ৰসংগটো পুনৰ দোহাৰি ক’ব পাৰি যে সমাজত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা শক্তিশালী আৰু সমৰ নিপুণ পুৰুষসকলে উপযুক্ত নাৰী সংগী লাভ কৰিছিল বা নাৰীসকলে তেওঁক সংগী হিচাবে পাব বিচাৰিছিল। কোনো নাৰীয়ে শক্তিশালী পুৰুষৰ ওচৰত বশ্যতা স্বীকাৰ কৰিবলৈ হ’লে যৌন নিবেদন কৰাৰ ভংগিমাৰে দণ্ডায়মান হৈছিল। উল্লেখ্য যে অৰুণাচলৰ আদি সমাজত কোনো শক্তিশালী শত্ৰুৱে আক্ৰমণ কৰিলে আদি নাৰীয়ে শত্ৰুৰ ওচৰত যৌন নিবেদন কৰাৰ পৰম্পৰা প্ৰচলিত আছিল। তেনেদৰে যৌন নিবেদন কৰাৰ অৰ্থ হ’ল, তেওঁ শত্ৰুৰ অনুগত্য স্বীকাৰ কৰিছে যেতিয়া শত্ৰুৱে তেওঁক ইচ্ছানুসৰি উপভোগ কৰিব পাৰে।

আদিম কালত পুৰুষৰ প্ৰতিপত্তি বা ক্ষমতা প্ৰদৰ্শনৰ প্ৰতীক আছিল উত্থিত বৃহৎ লিংগ। লিংগ যিমানেই ডাঙৰ হয়, শত্ৰুৱে সিমানেই ভয় কৰে বুলি বিশ্বাস কৰা হৈছিল। তেনে কাৰণতে নিয়ুগনিৰ জনজাতীয় পুৰুষসকলে যুদ্ধক্ষেত্ৰলৈ যোৱাৰ সময়ত নিজৰ নিজৰ লিংগটো চুঙাত ভৰাই নিছিল। প্ৰায় এফুট দীঘল চুঙাটো এডাল ৰছীৰে নিজৰ গাত বান্ধি লৈ লম্বভাৱে ৰখা হৈছিল। আধুনিক প্ৰত্নতাত্ত্বিক খননৰ সময়ত আৱিষ্কৃত প্ৰাচীন ৰোম, গ্ৰীক, ভাৰত আদি দেশৰ বিভিন্ন গুহা, শিলাখণ্ড, দেৱাল আদিত খোদিত বৃহৎ আকাৰৰ পুৰুষাংগৰ ছবি বা ভাস্কৰ্যবোৰেও উত্থিত বৃহৎ লিংগ পুৰুষৰ প্ৰতিপত্তি প্ৰদৰ্শনৰ প্ৰতীক আছিল বুলি প্ৰমাণ কৰে। ধৰ্মীয় অনুষ্ঠানৰ প্ৰতিমূৰ্তিত পুৰুষৰ লিংগক শৰীৰৰ স্বাভাৱিক উচ্চতাতকৈ ডাঙৰ কৰি দেখুওৱা হৈছিল।

সি যি নহওক, সময় বাগৰি যোৱাৰ লগে লগে তথাকথিত মানসম্পন্ন যৌন আচৰণে বহুপত্নী বিবাহ প্ৰথাক সাৰ-পানী যোগান ধৰাৰ উপৰি যৌনসেৱা, ধৰ্ষণ আদিৰ দৰে নাৰীত্বক অৱনমিত কৰা ঘৃণনীয় বৃত্তি, যৌন অপৰাধ, যৌন বিকৃতি আদিৰো জন্ম দিলে। পুৰুষৰ বাবে কেইবাগৰাকী নাৰীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰাটো বা যৌন সম্পৰ্ক স্থাপন নকৰিলেও কেইবাগৰাকী নাৰীক পত্নী হিচাবে স্বীকৃতি দিয়াটো প্ৰতিপত্তি প্ৰদৰ্শনৰ নমুনা হৈ পৰাত নাৰীৰ সামাজিক স্থান দ্ৰুতগতিত নিম্নগামী হৈ পৰিল। কিছুমান দেশৰ ৰজা-মহাৰজাই গঢ়ি তোলা হেৰেমৰ বহু নাৰী যৌনতাৰ স্বাভাৱিক আনন্দৰ পৰাই বঞ্চিত হৈ ৰৈছিল।

মানসম্পন্ন যৌন আচৰণৰ গইনা লৈয়ে বহু পুৰুষে নাৰীৰ ওপৰত দৈহিক উৎপীড়ন চলাই যৌন কামনা পূৰণ কৰিছিল। তেওঁলোকে নাৰীক ব্যক্তিগত সম্পত্তি বুলি ভাবিছিল বাবে নাৰীৰ দেহত বেত্ৰাঘাত কৰি বা কোমল অংগবোৰনখেৰে আঁচুৰি বা দাঁতেৰে কামুৰি যৌন সন্তুষ্টি আহৰণ কৰাটো তেওঁলোকৰ অধিকাৰ বুলিয়েই গণ্য কৰিছিল। দৈহিক উৎপীড়নৰ ফলত নাৰীয়ে যিমানেই যন্ত্ৰণাত চিঞৰ-বাখৰ কৰে, পুৰুষজনে সিমানেই যৌনতৃপ্তি লাভ কৰে। পুৰুষৰ দাঁতৰ কামোৰ বা নখৰ আঁচোৰত নাৰীৰ স্তন কেনেধৰণে ক্ষত-বিক্ষত হ’ব পাৰে, তাৰ বিস্ময়কৰ আৰু বিস্তাৰিত বৰ্ণনা ভাৰতীয় প্ৰাচীন সাহিত্যত তেনেই সুলভ। সন্দেহ নাই, পুৰুষে নাৰী¸ৰ ওপৰত প্ৰতিপত্তি দেখুৱাব বিচৰাৰ পৰিণতিতে ধৰ্ষণৰ দৰে ঘটনা প্ৰাচীন মানৱ সমাজতো পৰিলক্ষিত হৈছিল। নাৰীৰ সন্মতি অবিহনে স্থাপন কৰা যৌন সম্পৰ্ক ধৰ্ষণৰ আওতাতে পৰে যেতিয়া প্ৰাচীন কালত কত বিবাহিত বা অবিবাহিত নাৰী ধৰ্ষিতা হৈছিল, তাৰ হিচাপ দিয়াটো সম্ভৱপৰ নহয়।

মানুহক মৌখিকভাৱে অপদস্থ বা গালি-গালাজ কৰিবলৈ ব্যৱহাৰ কৰা শব্দ বা বাক্যবোৰতো লিংগই প্ৰতীকৰূপ গ্ৰহণ কৰিছিল। অৰ্থাৎ যৌন সম্ভোগ বা যৌনাংগ সম্পৰ্কীয় বাক্য নিক্ষেপ কৰিহে বিপৰীত পক্ষক গালি-গালাজ কৰা হৈছিল। আজিৰ তাৰিখতো দুজন পুৰুষৰ মাজত কাজিয়া হ’লে কোনোবা এজন পুৰুষে আনজন পুৰুষৰ পত্নী-মাতৃ-ভগ্নীৰ সৈতে অবৈধভাৱে যৌন সম্পৰ্ক স্থাপন কৰিম বুলিয়েই ভাবুকি দিয়ে। উল্লেখ্য যে বহু সমাজত গালি-গালাজ কৰোঁতে গুপ্তাংগ প্ৰদৰ্শন কৰা দেখা যায়। জিভা বা তৰ্জনী আঙুলি প্ৰদৰ্শন কৰাটোও লিংগ প্ৰদৰ্শনৰে প্ৰতীক।

Share Button
Print Friendly, PDF & Email

No Comments : "যৌনপ্ৰেমৰ ইতিহাস : এক বিশ্লেষণ (দ্বিতীয় খণ্ড)-(টুনুজ্যোতি গগৈ)"

Leave a Comment

Your email address will not be published. Required fields are marked *