যুৱ-উশৃংখলতা বনাম প্ৰকৃতি আৰু প্ৰতিপালন (মনজিতা শইকীয়া)

বৰ্তমান সততে শুনিবলৈ পোৱা এটা শব্দ হ'ল যুৱ-উশৃংখলতা। নৱ প্ৰজন্মৰ কিশোৰ-কিশোৰী বা যুৱক-যুৱতীসকলৰ ৰেহৰূপ গতি-গোত্ৰ চাই এই কথা সকলো স্তৰৰ মানুহৰ মাজতে আলোচনা হয়। বাটে-পথে হাই-উৰুমি কৰা, মাৰপিট, কাজিয়া, অশ্লীল গালি-গালাজ, ৰেষ্টোৰা-পাৰ্কৰ ‘আপত্তিজনক’ দৃশ্য, ডাঙৰক সন্মান কৰিব নজনা, ৰাগিয়াল দ্ৰব্য খাই উদ্ভণ্ডালি কৰা—এনেবোৰ কাৰণত আমি পোনচাটেই তেওঁলোকক দোষাৰোপ কৰোঁ। প্ৰকৃততে বাৰু আমাৰ বা আপোনালোকৰ সন্তানৰ এনে ব্যৱহাৰৰ বাবে তেওঁলোকেই কেৱল দায়ী নে? পিতৃ মাতৃৰ এই ক্ষেত্রত একো ভূমিকা নাই নেকি?

মনোবিজ্ঞানীসকলৰ মতে কেঁচুৱাৰ দৈহিক জীৱন মাতৃগৰাকী সন্তানসম্ভৱা হোৱা মুহূৰ্তৰ পৰাই আৰম্ভ হয়। এহাতে প্ৰকৃতি আনহাতে পালন। কেঁচুৱাৰ মন বুজি পোৱা মাতৃয়ে এই দুয়োটাৰ মাজত সামঞ্জস্য ৰক্ষা কৰি সকলো দিশতে শিশুক সুন্দৰকৈ আগুৱাই লৈ যাব পাৰে। ইয়াত আমি ‘প্রকৃতি’ শব্দটো এটা বিশেষ অৰ্থত ব্যৱহাৰ কৰিছোঁ ; প্ৰকৃতিয়ে সংলক্ষণ, সমৰ্থতা, সক্ষমতা আদিক বুজায়। প্ৰজননৰ জৰিয়তে সংলক্ষণ এক পুৰুষৰ পৰা পাছৰ পুৰুষলৈ সঞ্চাৰণ হয়। উদাহৰণ স্বৰূপে চুলি পোন বা কেকোঁৰা, গাৰ বৰণ, চকুৰ মণিৰ ৰং, উচ্চতা, মুখৰ আকৃতি আদি। আনহাতে আমাৰ আচৰণ গঢ় দিয়াতো প্ৰকৃতিৰ ভূমিকা আছে বুলি কোৱা হয়। ইংৰাজ পণ্ডিত চাৰ ফ্ৰান্সিচ গেল্টনে দৃঢ়তাৰে মত পোষণ কৰিছিল যে মানুহে চাৰিত্ৰিক বৈশিষ্ট্য বিশেষকৈ বুদ্ধি, দক্ষতা, নৈতিক আচৰণ আদি আনুবংশিকভাৱে লাভ কৰে। তেওঁ বহুতো পৰিয়ালৰ বহু ব্যক্তিৰ জীৱন অনুসন্ধান কৰি দেখুৱাইছিল যে উচ্চ বুদ্ধিসম্পন্ন লোকসকলৰ উপৰিপুৰুষত বহুতো গুণী-জ্ঞানী ব্যক্তি দেখা যায়। ইয়াৰ বিপৰীতে তেখেতে এইটোও দেখুৱাইছিল যে খুনী-অপৰাধীৰ উপৰিপুৰুষত তেনেধৰণৰ লোকেই দেখা যায় ।

ইয়াৰ বিপৰীতে, আন এজন ইংৰাজ দাৰ্শনিক জন লকে আকৌ প্ৰতিপালন বা nurture-ৰ ভূমিকাৰ কথা কৈছে। শিশুৰ উপযুক্ত মানসিক বিকাশ কিছুমান পৰিবেশীয় অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰে। পিতৃ-মাতৃৰ অজ্ঞতা বা উদাসীনতাৰ ফলত ব্যক্তিত্বৰ বিকাশত বাধা আহি পৰে। কেতিয়াবা পিতৃ-মাতৃ ইমান ব্যস্ত হৈ পৰে যে সন্তানৰ প্ৰতি চকু দিবলৈ আহৰি নাথাকে। ল'ৰা ছোৱালীৰ বিকাশৰ বাবে এয়া অত্যন্ত ক্ষতিকাৰক। সৰু বয়সত পোৱা আদৰ-যত্নই শিশুৰ মনলৈ আত্মপ্ৰত্যয়ৰ ভাৱ আনি দিয়ে। মৰম-চেনেহৰ পৰা বঞ্চিত হোৱা শিশু আগলৈ হৃদয়হীন আৰু সমাজবিৰোধী হোৱা দেখা যায়। এওঁলোকে আনক ভালকৈ মাতবোল কৰা বা সন্মানেৰে কাৰোবাৰ লগত আলাপ কৰা আদি বোৰ নাজানে।

কেতিয়াবা দৰিদ্ৰতাৰ বাবে পিতৃ-মাতৃয়ে নিজৰ আৱেগিক আৰু মানসিক ভাৰসাম্য বজাই ৰাখিবলৈ অসমৰ্থ হয়। ইয়াৰ অশুভ প্ৰভাৱ ল'ৰা-ছোৱালীৰ ওপৰত পৰে। দৰিদ্ৰতাই ল’ৰা-ছোৱালীৰ স্বভাৱ-চৰিত্ৰৰ বিকাশত অন্তৰায় সৃষ্টি কৰে। চুৰ-ডকাইতি বা মাৰপিট, হুলস্থুলীয়া পৰিবেশ সৃষ্টি কৰাত এওঁলোক আগবঢ়া হয়।

কিছুমান পৰিয়ালত অনবৰতে হৈ থকা হাই-কাজিয়া, মাক-দেউতাকৰ বিবাহ-বিচ্ছেদ ঘৰৰ কোনো লোক অপৰাধী হোৱা আদিয়ে ল'ৰা-ছোৱালীৰ ব্যক্তিত্বৰ গঠনত খেলিমেলিৰ সৃষ্টি কৰে। তেওঁলোকৰ বেছিভাগেই বিপথগামী হয়। মানুহৰ প্ৰতি দয়া-মায়া অনুভৱ নকৰা হয়। প্ৰেম-ভালপোৱা কি চিনি নাপায়। আনৰ প্ৰতি সন্মানৰ ভাৱ জাগ্ৰত নহয়। নিজৰ খেয়াল-খুচি মতে সকলোবোৰ কৰিবলৈ বিচাৰে।

অতিমাত্ৰা শাসনৰ ফলত পিতৃ-মাতৃৰ লগত শিশুৰ সম্পৰ্ক ভীতিমূলক আৰু কৃত্ৰিম হয়। নিজৰ স্বাধীন চিন্তা প্ৰকাশ কৰিব নোৱাৰা হেতু এনেবোৰ শিশুৰ ব্যক্তিসত্বা ভৱিষ্যতে দুৰ্বল হৈ পৰে। এওঁলোকে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম নহয় আৰু অবাটে বাট বোলে। অতিমাত্ৰা শাসন যিদৰে ক্ষতিকাৰক সেইদৰে শাসনৰ অভাবেও ক্ষতি কৰে। অবাধ স্বাধীনতা পালে কিছুমান অপৈণত শিশু বা কিশোৰ বিপথগামী হয়। তেনে শিশু কিছুমান মদ-ভাং-ড্ৰাগছৰ প্ৰতি আসক্ত হয় আৰু নিষিদ্ধ কাম কিছুমান কৰি আনন্দ পায় ।

শিক্ষানুষ্ঠানৰ অৱস্থান আৰু পৰিৱেশেও এই ক্ষেত্ৰত এটা ডাঙৰ ভূমিকা গ্রহণ কৰে। শিক্ষকৰ উদাসীনতা, অজ্ঞতা, পক্ষপাতিতা, নেতৃত্বহীনতাই ছাত্ৰ-ছাত্ৰীৰ বিকাশত প্ৰাচীৰ হৈ থিয় দিয়ে। সমনীয়াৰ স্বভাৱ-চৰিত্ৰ, ৰাপ, ৰুচি, বুদ্ধি, অৰ্হতা যিমান উচ্চ স্তৰৰ হ’ব প্ৰত্যেক ল'ৰা-ছোৱালীয়ে সিমানেই উচ্চ স্তৰৰ হ’বলৈ চেষ্টা কৰিব ।

মানুহৰ বুদ্ধি, ব্যক্তিত্ব, চিন্তা, কল্পনা, সামৰ্থ আৰু গুণাগুণ প্ৰকৃতি আৰু প্ৰতিপালন দুয়োটাৰ উমৈহতীয়া প্ৰভাৱৰ ফলত বিকাশ হয়। প্ৰকৃতিগতভাৱে পোৱা বৈশিষ্ট্যই মূল ভেঁটি তৈয়াৰ কৰে আৰু প্ৰতিপালনে ইয়াক ভাল-বেয়াৰ ফাললৈ পৰিবৰ্তন কৰিব পাৰে। সেয়ে আমি বৰ্তমান সমাজত দেখি থকা যুৱক-যুৱতীসকলৰ উশৃংখলতা বা সমাজৰ অহিতজনক কাৰ্যকলাপৰ বাবে পোনপটীয়াকৈ তেওঁলোকক দোষী সাব্যস্ত কৰিবলৈ যোৱাৰ আগতে এই আনুষংগিক দিশসমূহো এবাৰ ফঁহিয়াই চোৱা উচিত ।

Share Button
Print Friendly, PDF & Email

No Comments : "যুৱ-উশৃংখলতা বনাম প্ৰকৃতি আৰু প্ৰতিপালন (মনজিতা শইকীয়া)"

Leave a Comment

Your email address will not be published. Required fields are marked *