সম্পাদকৰ টোকা : কাৰাগাৰহীন পৃথিৱীৰ সপোন -(কৌশিক  দাস)

(১)

ব্যাপক হাৰত চাকৰি-পদৰ অৱলুপ্তিৰ কথা কেতিয়াবা বাৰু ভাল খবৰ হ’ব পাৰে নে? সকলোৱে একেমুখেই ক’ব, কেতিয়াও নোৱাৰে ; চাকৰি-পদৰ অৱলুপ্তিৰ কথা কেনেকৈনো বাৰু শুভ বাতৰি হ’ব? কিয়নো আটায়ে জানে, কৰ্মসংস্থানহীন হোৱাৰ আশংকা ব্যক্তিগতভাৱে ভয়াৱহতো হয়েই, লগতে সি সামাজিক-অৰ্থনৈতিক সমস্যা কিছুমান তীব্রতৰ হৈ উঠাৰো নিৰ্ভৰযোগ্য সূচক।

কিন্তু উত্তৰটো সদায় তেনেকুৱা নহ’বও পাৰে ! কেতিয়াবা চাকৰি-পদৰ অৱলুপ্তিৰ বাতৰিয়ে ক‌ঢ়িয়াই আনে শুভ দিনৰ আগজাননী। এইটোতো এটা চমক খাই উঠিবলগীয়া কথা ! লগে লগে প্রশ্ন কৰিব সকলোৱেই, কেনেকৈ বাৰু কৰ্মসংস্থান নোহোৱা হোৱা কথাটো এটা শুভ-সংবাদ হ’ব পাৰে? কথাটো পৰিষ্কাৰ কৰিবলৈ আমি অন্য এটা দিশত দুটামান কথা কৈ ল’ব লাগিব, যিটো হ’বগৈ আমাৰ এই আলোচনাৰ মূল বিষয়।

আমাৰ সমাজৰ সৰহভাগ মানুহৰেই মনত নানান ধৰ্ম-বিশ্বাস অতি গভীৰলৈ শিপাই আছে। ধৰ্মচিন্তা সেইসকল লোকৰ সত্তাত অংগীভূত হৈ পৰিছে। স্বাভাৱিকতেই তেওঁলোকৰ বাবে ধৰ্মহীন অৱস্থা এটা কল্পনাতীত। কিন্তু যুক্তিবাদী চিন্তা-চৰ্চাৰ অগ্রগতিয়ে ধৰ্মৰ এই ব্যাপক গ্রহণযোগ্যতাৰ কথাটোত বহুতৰেই মনত আঁকি দিছে এটা বৃহৎ প্রশ্নবোধক চিহ্ন। বিজ্ঞানমনস্কতা আৰু যুক্তিবাদে ধৰ্মৰ সৈতে সম্পৰ্কিত অলেখ অন্ধবিশ্বাস, কুসংস্কাৰ, আচাৰ-অনুষ্ঠান আদিৰ যুক্তিহীনতাৰ বহুতো দিশ উন্মোচন কৰিছে। ধৰ্মৰ প্রতি মতান্ধ আৰু নিঃচৰ্ত আনুগত্য প্রদৰ্শন কৰা লোকসকলক বাদ দি, উদাৰমনা একাংশ ধৰ্মবিশ্বাসী লোককো যুক্তিবাদৰ তেনে অগ্রগতিয়ে ইতিবাচক দিশত প্রভাৱান্বিত কৰিছে যেন বোধ হয়। সেইসকলৰ বহুতেই ধৰ্মৰ যে নানান ক্ষতিকাৰক আৰু অযুক্তিকৰ দিশ আছে, সেইটো স্বীকাৰ কৰে। ধৰ্মৰ যুক্তিহননকাৰী সংকীৰ্ণ বৃত্তৰ পৰিসীমাৰপৰা সেইসকল লোক বাহিৰলৈ ওলাই আহিবলৈ কৰা তেনে প্রয়াস অতিকৈ আদৰণীয়।

ঠিক এইখিনিতে আহি পৰে আমাৰ এই আলোচনাৰ কেন্দ্রীয় বিষয়টো। কথাটো হৈছে, একাংশ লোকে যদিও ধৰ্মৰ মূল প্রমেয় আৰু তৎসংক্রান্তীয় আচাৰ-অনুষ্ঠানৰ ভিত্তিহীনতাৰ কথাটো স্বীকাৰ কৰে, তথাপি তেওঁলোকে এটা বিশেষ দিশত ধৰ্মৰ প্রয়োজন আছে বুলি ধাৰণা কৰে। তেওঁলোকে কয় যে মানুহৰ মনৰপৰা ধৰ্মবিশ্বাস কিম্বা ঈশ্বৰ-চিন্তা নোহোৱা গৈ গ’লে সমাজৰপৰা নৈতিক-শৃংখলাও অন্তৰ্হিত হৈ পৰিব। কাৰণ, তেনে ধাৰণা অনুসৰি, ধৰ্ম আৰু ঈশ্বৰ-বিশ্বাস হৈছে সমাজ-জীৱনৰ নৈতিক নিয়ন্ত্রক। গতিকে, ধৰ্ম-ঈশ্বৰহীন সমাজখন অপৰাধ আৰু অপৰাধীৰে ভৰি পৰিব, সৃষ্টি হ’ব এক ভয়ংকৰ নৈতিক নৈৰাজ্যৰ।

উপৰিউক্ত ধাৰণাটো বাৰু যুক্তিযুক্ত নে? ধৰ্মহীন সমাজখন বাৰু সঁচাই শুভাশুভ ধাৰণা বিবৰ্জিত এক ব্যাপক বিশৃংখলাত নিমজ্জিত হ’বগৈ নে? কথাটো ফঁহিয়াই চোৱা দৰকাৰ। অৱশ্যে কৈ থোৱা ভাল, তেনে আলোচনাই স্বাভাৱিকতেই দাবী কৰিব আলোচকৰ সুগভীৰ প্রজ্ঞা আৰু বিশাল অভিজ্ঞতা। আমাৰ সেইসমূহ একো নাথাকিলেও, তেনে প্রশ্নসমূহৰ গুৰুত্বৰ বাবেই, আমি এই আলোচনাৰ মূল বিষয় হিচাপে উক্ত কথাটো উত্থাপন কৰিছোঁ।

মূল আলোচনালৈ আগ ব‌ঢ়াৰ আগতে আমি বাটতে এৰি অহা, এই নিবন্ধৰ আৰম্ভণিতেই উনুকিয়াই অহা কথাটো কৈ লোৱা যাওক। প্রশ্নটো আছিল, কৰ্মসংস্থানৰ অৱলুপ্তিৰ কথা কেনেকৈ বাৰু এটা শুভ-সংবাদ হ’ব পাৰে? লগে লগে আকৌ প্রশ্ন এটা উত্থাপিত হ’ব, এইটো কথা আকৌ এই আলোচনাৰ কেন্দ্রীয় বিষয়টোৰ সৈতে কেনেদৰে সম্পৰ্কিত ?

কথাটো স্পষ্ট কৰিবলৈ আমি এটা বৰ চিত্তাকৰ্ষক বাতৰিলৈ লক্ষ্য কৰোঁ আহক। বাতৰিটো প্রকাশ হৈছিল ইংলেণ্ডৰপৰা প্রকাশিত বিখ্যাত দ্য টেলিগ্রাফ্‌ কাকতত (২২ মাৰ্চ, ২০১৬)। বাতৰিটোত প্রকাশ যে নেদাৰলেণ্ডৰ কৰ্মচাৰী-সংগঠন এটাই আশংকা প্রকাশ কৰিছে যে তেওঁলোকৰ সংগঠনৰ ১৯০০গৰাকী চৰকাৰী কৰ্মচাৰীয়ে অচিৰেই চাকৰি হেৰুৱাব আৰু ৭০০ কৰ্মচাৰীয়ে আজি এঠাইলৈ, কালি এঠাইলৈ বদলি হৈ থাকি এটা অনিশ্চিত দোদুল্যমান স্থিতিত কৰ্ম-জীৱনটো পাৰ কৰিব লাগিব।

এই চাকৰি সংক্রান্তীয় অনিশ্চয়তাৰ কাৰণ কিন্তু কোনো আৰ্থিক মন্দাৱস্থাৰ সৈতে সম্পৰ্কিত নহয়। কৰ্মসংস্থানৰ অৱলুপ্তিৰ কাৰণটো হৈছে, দেশখনত অপৰাধীৰ অভাৱ! অপৰাধৰ মাত্রা নেদাৰলেণ্ডত ইমানেই হ্রাস পাইছে যে তাৰ পাঁচটা কাৰাগাৰৰ ১৩,০০০টা কোঠা শূন্য হৈ পৰি আছে। সেই কোঠাবোৰ অপৰাধীৰে পূৰ্ণ হোৱাৰ কোনো সম্ভাৱনা নাই। গতিকে সেই পাঁচোটাকৈ কাৰাগাৰ বন্ধ হৈ পৰাটো নিশ্চিত হৈ পৰিছে। ফলত কাৰাগাৰকেইটাৰ কৰ্মচাৰীৰ চাকৰিৰ স্থায়িত্বৰ প্রসংগত আহি পৰিছে এটা আশংকাজনিত প্রশ্নবোধক চিহ্ন। ইউৰোপৰেই উত্তৰত থকা এখন স্কেণ্ডিনেভিয়ান দেশ ছুইডেন। তাৰো কাহিনী প্রায় একেই। ২০১৬ চনৰ হিচাপ মতে, দেশখনৰ প্রতি ১,০০০০০ মানুহৰ মাজত কাৰাবন্দীৰ সংখ্যা মাত্র ৫৩জন। সমগ্র দেশখনত মুঠতে ৬২২৮গৰাকী কাৰাবন্দীৰ বাবে স্থান আছে ; কিন্তু সৰ্বমুঠ মাত্র ৫২৪৫গৰাকীহে বন্দী থকাৰ বাবে বহুতো কাৰাগাৰৰ কোঠা শূন্য হৈ পৰি আছে (ছুইডেনৰ কাৰাগাৰৰ বন্দীৰ কোঠা এটিৰ আলোকচিত্র এখন চাওক ; চিত্র:- ১)। মন কৰিবলগীয়া কথা, কাৰাবাসত থকা বন্দীসকলৰ ৩০.৯০% আকৌ বিদেশী লোক। কথাটো সম্প্রতি দেশখনলৈ হোৱা বহিৰ্দেশৰ লোকৰ অনুপ্রৱেশৰ সৈতে সম্পৰ্কিত বুলি ধাৰণা কৰা হৈছে। তাৰ অৰ্থটো হৈছে, অপৰাধীসকলৰ বুজন অংশ সেই দেশখনৰ নহয়।

চিত্র ১ :- ছুইডেনৰ কাৰাগাৰৰ বন্দীৰ কোঠা এটা। দেশখনৰ কাৰাগাৰত বন্দীৰ সংখ্যা কমি আহিছে।

অপৰাধ আৰু অপৰাধীৰ অভাৱ যে সমাজৰ বাবে নেতিবাচক কথা নহয়, সেইটো কোৱা বাহুল্য। গতিকে উক্ত বাতৰিকেইটাৰ আঁত ধৰি, এই আলোচনাৰ বাবে প্রাসংগিক দিশটোলৈ লক্ষ্য কৰোঁ আহক। নেদাৰলেণ্ডত নাস্তিক, অজ্ঞেয়বাদী আৰু ইট্‌ছিজ্যমত (Ietsism, প্রচলিত ধৰ্মীয় আচাৰ-অনুষ্ঠানক অগ্রাহ্য আৰু অস্বীকাৰ কৰা এটা বিশেষ চিন্তা-মাৰ্গ) আস্থাশীল লোকৰ সংখ্যা ধৰ্মবিশ্বাসীৰ সংখ্যাতকৈ বহুত বেছি। দেশখনৰ মুঠ জনসংখ্যাৰ ৮৩% লোকেই নাস্তিকতা, অজ্ঞেয়বাদ আৰু ইট্‌ছিজ্যমত আস্থাশীল ; মাত্র ১৭% লোকহে ধৰ্ম কিম্বা ঈশ্বৰ-বিশ্বাসী। ছুইডেনৰ কথাও প্রায় একেই। দেশখনৰ ৩৪% লোকৰ দৃ‌ঢ় মত যে আত্মা (Spirit), ঈশ্বৰ বা কোনো জীৱন-নিয়ন্ত্রক শক্তিৰ (Life force) অস্তিত্ব নাই ; মুঠ জনসংখ্যাৰ এটা নগণ্য অংশহে (১৮%) ঈশ্বৰ-বিশ্বাসী।

এইবাৰ একেবাৰেই বিপৰীত স্থিতিৰ দেশ এখনলৈ লক্ষ্য কৰা যাওক। এমেৰিকা যুক্তৰাষ্ট্রৰ মুঠ জনসংখ্যাৰ ৯০% লোক আস্তিক ; ধৰ্ম আৰু ঈশ্বৰত তেওঁলোকৰ অটল আস্থা। এবাৰ এটা সমীক্ষাত এমেৰিকান লোকক সোধা হৈছিল যে ঈশ্বৰৰ পৰিৱৰ্তে তেওঁলোকে এটা মহাবিশ্বচৈতন্যত বিশ্বাস কৰিব নে, তেতিয়া মাত্র ১২% লোকেহে তাত সন্মতি জনাইছিল। ২০১৪ চনৰ এটা সমীক্ষাৰ মতে মাত্র ৩% এমেৰিকাৰ লোকহে নিজকে নাস্তিক বুলি কয়, ৫% লোকে পৰিচয় দিয়ে অজ্ঞেয়বাদী বুলি। অৰ্থাৎ, তেনে পৰিসংখ্যাই অতি পৰিষ্কাৰভাৱে দেখুৱাই দিয়ে যে সিংহভাগ এমেৰিকানৰ মনত ধৰ্ম আৰু ঈশ্বৰ-বিশ্বাসৰ ভেটি অতি সুদৃ‌ঢ়। গতিকে প্রচলিত আৰু জনপ্রিয় ধাৰণা মতে তাত অনৈতিক কাম-কাজ কিম্বা অপৰাধৰ মাত্রা অতি কম হোৱা উচিত আছিল। কাৰণ, তেনে ধাৰণাই কয় যে ধৰ্ম আৰু ঈশ্বৰ-বিশ্বাস হৈছে সমাজৰ নৈতিক শৃংখলাৰ ৰক্ষক। কিন্তু আহৰিত তথ্যই তাৰ সম্পূৰ্ণ বিপৰীত ছবি এখনহে দাঙি ধৰে। বি.বি.চি.-এ দিয়া তথ্য অনুসৰি এমেৰিকা যুক্তৰাষ্ট্রত মুঠ কাৰাবন্দীৰ সংখ্যা ২,১৯৩,৭৯৮জন, অৰ্থাৎ, প্রতি এক লাখজনৰ ভিতৰত ৭৩৭জন লোকেই বন্দীশালৰ কোঠাত আবদ্ধ। ছুইডেন-নেদাৰলেণ্ডত অপৰাধীৰ অভাৱত কাৰাগাৰ বন্ধ হৈ যাবলগীয়া অৱস্থা এটাৰ সময়ত এমেৰিকাৰ কাৰাগাৰৰ ১০৭.৬০% কোঠা বন্দীৰে পূৰ্ণ হৈ আছে। গতিকে নাস্তিকৰ সংখ্যাধিক্য থকা দেশ দুখনতকৈ, ধৰ্ম আৰু ঈশ্বৰত আস্থাশীল লোকেৰে গিজগিজাই থকা এমেৰিকাতেহে দেখোন অপৰাধৰ মাত্রা বেছি! গতিকে, উপৰিউক্ত তথ্যৰ ভিত্তিত আমি আকৌ এবাৰ আমাৰ এই আলোচনাৰ কেন্দ্রীয় বিষয়টো উত্থাপন কৰিছোঁ— ধৰ্ম আৰু ঈশ্বৰ-বিশ্বাস সঁচাই জানো সমাজৰ নৈতিক শৃংখলাৰ নিৰ্ভৰযোগ্য ৰক্ষক?

(২)

ধৰ্ম আৰু ঈশ্বৰ-বিশ্বাস সমাজৰ নৈতিক শৃংখলাৰ নিৰ্ভৰযোগ্য ৰক্ষক— এই ধাৰণাটো সাধাৰণতে দুটা ভিন্ন চৰিত্রৰ শিৱিৰৰপৰা উচ্চাৰিত হয়। প্রথম ভাগটো ধৰ্মত গভীৰ আৰু নিঃচৰ্ত আস্থা স্থাপন কৰা ধৰ্মপ্রাণ মানুহেৰে গঠিত। এইসকলৰ ধাৰণাত ধৰ্ম কিম্বা ঈশ্বৰ-বিশ্বাস মানুহৰ এটা স্বাভাৱিক, সহজাত আৰু অপৰিহাৰ্য প্রবৃত্তি। এইটো মাৰ্গৰ চিন্তাত ধৰ্মপ্রদত্ত নীতি-নিয়ম-আচাৰ-পৰম্পৰা আদি হৈছে মানুহৰ জীৱনৰ মুখ্য নিয়ন্ত্রক। গতিকে, স্বাভাৱিকতেই, তেনে লোকে মত দিয়ে যে ধৰ্ম আৰু ঈশ্বৰ-বিশ্বাসে সমাজত নৈতিক শৃংখলা বৰ্তাই ৰখাত এটা প্রধান ভূমিকা গ্রহণ কৰি আহিছে।

দ্বিতীয় শিবিৰটোৰ মতাদৰ্শগত অৱস্থানটি অধিক চিন্তাকৰ্ষক। তেওঁলোকে প্রাতিষ্ঠানিক ধৰ্ম মূল প্রমেয়সমূহ যে যৌক্তিক ভিত্তিৰহিত, সেই কথাটো মোটামুটিকৈ স্বীকাৰ কৰে। কিন্তু তাৎপৰ্যপূৰ্ণ কথা, তেওঁলোকৰ মতে, ধৰ্মীয় চিন্তা মূলতঃ অযৌক্তিক হ’লেও, ধৰ্ম কিম্বা ঈশ্বৰবিশ্বাসক পৰিত্যাজ্য বুলি দলিয়াই পেলোৱা উচিত নহয়। তেওঁলোকে তেনেদৰে ধাৰণা কৰাৰ কাৰণটো কি বাৰু? তেওঁলোকৰ মতে, নৈতিকতাক সমাজত বৰ্তাই ৰাখিবলৈকে, যিমানেই অযৌক্তিক নহওক কিয়, ধৰ্মৰ প্রয়োজন আছে। এই প্রসংগত আমি ৰামমোহন ৰায়ৰ চিন্তাৰ এটি বিশেষ দিশৰ কথা উদাহৰণ হিচাপে মনলৈ আনিব পাৰোঁ। তেখেতে মানৱ-সমাজত ধৰ্মৰ উদ্ভৱৰ ক্ষেত্রত অলৌকিক-অতিপ্রাকৃত কথা-বতৰাৰে কৰা বিচাৰ-বিশ্লেষণ-ব্যাখ্যাক অযৌক্তিক বুলি কৈছিল। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে ৰামমোহন ৰায়ে মত দিছিল যে আত্মা কিম্বা মৰণোত্তৰ জীৱন-জগতৰ প্রতি থকা মানুহৰ বিশ্বাসৰ এটা ব্যাৱহাৰিক প্রয়োজন আছে। কাৰণ, তেখেতৰ মতে, আত্মা আৰু মৰণোত্তৰ জগতৰ প্রতি থকা বিশ্বাসে মানুহৰ মনত মৰণোত্তৰ শাস্তিৰ আশংকাৰ জন্ম দিয়ে। তেনে আশংকাই আকৌ মানুহক অপৰাধ-কাৰ্যৰপৰা বিৰত কৰি ৰাখে।

দেখদেখ কথা, নৈতিকতাৰ ৰক্ষক হিচাপে ধৰ্মৰ প্রয়োজনীয়তাৰ কথা ঘোষণা কৰা উপৰিউক্ত শিবিৰ দুটাৰ মাজত এটা মৌলিক প্রভেদ বিদ্যমান। প্রথমটোৱে নৈতিকতাক ধৰ্মৰ অবিচ্ছেদ্য উপাদান হিচাপে গণ্য কৰাৰ বিপৰীতে, দ্বিতীয় শিবিৰটোৱে সমাজত নৈতিক শৃংখলা বৰ্তাই ৰাখিবলৈ ধৰ্মৰ ব্যাৱহাৰিক উপযোগিতাৰ ওপৰতহে গুৰুত্ব প্রদান কৰে। এই গুৰুতৰ প্রভেদ থকা সত্ত্বেও, দুয়োটা মাৰ্গৰ চিন্তাৰেই মূল কথাটো হৈছে যে সমাজত নৈতিকতা বৰ্তাই ৰাখিবলৈ ধৰ্ম অপৰিহাৰ্য।

নৈতিকতাৰ ক্ষেত্রত ধৰ্মৰ অপৰিহাৰ্যতাৰ তেনে তত্ত্বসমূহৰ বিচাৰ-বিশ্লেষণৰ আগতে খোদ নৈতিকতাৰেই প্রসংগত কিছুমান কথাত আমাৰ দৃষ্টিকোণ স্পষ্ট কৰি লোৱাটো জৰুৰী। আলোচ্য প্রসংগত স্বাভাৱিকতেই প্রশ্ন উঠিব, নৈতিক মূল্যবোধসমূহ অপৰিৱৰ্তনীয় কিম্বা চিৰায়ত, নে সেইবোৰৰ স্বৰূপ আপেক্ষিক আৰু যুগ-সাপেক্ষে পৰিৱৰ্তনশীল? লগতে এইটো প্রশ্নও উত্থাপিত হ’ব, নৈতিকতাৰ উদ্ভৱেই বা কেনেকৈ হ’ল? কোনো কোনোৱে দাবী কৰাৰ দৰে, নৈতিক প্রমূল্যসমূহৰ উৎস যদি ধৰ্মসম্ভূত, তেনেহ’লে ধৰ্মৰ উদ্ভৱৰ পূৰ্বে মানৱ-সমাজখনত কোনো নৈতিক মূল্যবোধ নাছিল নেকি? মানৱ-জাতিৰ সামগ্রিক বিকাশৰ দীৰ্ঘ সময়ছোৱাৰ তুলনাত ধৰ্মৰ উদ্ভৱ দেখোন এটা অৰ্বাচীন ঘটনা ! কোৱা বাহুল্য, এইসমূহ অতি কঠিন প্রশ্ন। সেইসমূহৰ বিশদ বিশ্লেষণ যিহেতু এই নিবন্ধকাৰৰ সাধ্যাতীত, সেইবাবে মাত্র দুটামান কথা উনুকিয়াই আমি আলোচনাৰ পৰৱৰ্তী অংশলৈ যোৱা যুগুত হ’ব।

প্রশ্নটো আছিল, নৈতিক মূল্যবোধসমূহ অপৰিৱৰ্তনীয় আৰু দেশ-কাল নিৰপেক্ষ নেকি? দেখা যায় যে মানুহৰ বহুতো নৈতিক মূল্যবোধ দেশ-কালৰ ঊৰ্ধ্বত নহয়। অতীতৰ নানান নৈতিক প্রমূল্যই বৰ্তমান কালত প্রাসংগিকতা হেৰুৱাই পেলাইছে ; আনহাতেদি, প্রাচীন কালত অনুপস্থিত কোনো কোনো ধ্যান-ধাৰণা বৰ্তমান যুগৰ নৈতিকতাৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে। উদাহৰণস্বৰূপে আমি নৰ-নাৰীৰ বহুগামী যৌন সম্পৰ্কৰ কথাটো উল্লেখ কৰিব পাৰোঁ। বহুগামী যৌন সম্পৰ্ক সন্দৰ্ভত অতীত আৰু বৰ্তমান কালৰ নৈতিক দৃষ্টিকোণৰ মাজত বিস্তৰ পাৰ্থক্য সহজেই চকুত পৰে। বৰ্তমান কালৰ কথা বিবেচনা কৰিলেও, পৃথক পৃথক ভৌগোলিক অঞ্চলত ভিন্ন ভিন্ন নৈতিক মূল্যবোধৰ উপস্থিতি পৰিলক্ষিত হয়। তেনেদৰেই একেটা নিৰ্দিষ্ট ভৌগোলিক অঞ্চলত বাস কৰা সুকীয়া সুকীয়া জনগোষ্ঠীৰ মাজতো নৈতিকতাৰ ক্ষেত্রত বহুতো ভিন্নতা দেখা যায়। এটা সৰু উদাহৰণ, কোনো এটা ভৌগোলিক অঞ্চল বা কোনো এটা জনগোষ্ঠীৰ মাজত হয়তো আত্মীয়-স্বজনৰ মাজত সম্পন্ন হোৱা বিবাহ এটা অনৈতিক কাৰ্য ; কিন্তু অন্য এটা অঞ্চল বা বেলেগ এটা জনগোষ্ঠীৰ মাজত হয়তো তেনে বৈবাহিক সম্পৰ্ক স্থাপন কৰাত কোনো নৈতিক বাধা-নিষেধ নাই। গতিকে দেখা যায় যে বহুতো নৈতিক প্রমূল্য দেশ-কালসাপেক্ষে আপেক্ষিক আৰু পৰিৱৰ্তনশীল। সেইসমূহৰ কোনো শাশ্বত কিম্বা চিৰায়ত ৰূপ নাই। সমাজ-পৰিৱৰ্তনৰ সৈতে সংগতি ৰাখি মানৱ-সমাজখনৰ তেনে নৈতিক মূল্যবোধো সময়ে সময়ে সলনি হৈ গৈ থাকে।

এইখিনিতেই কিন্তু আমি অন্য এটা দিশলৈ লক্ষ্য কৰা উচিত হ’ব। বহুতো নৈতিক প্রমূল্য যদিও যুগসাপেক্ষে পৰিৱৰ্তনশীল, তথাপি, কোনো কোনো মূল্যবোধ মানৱ-সমাজখনত প্রাগৈতিহাসিক যুগৰেপৰাই নিগাজীকৈ, প্রায় অবিকৃত ৰূপত বৰ্তি আছে। তেনে চিৰায়ত প্রমূল্যবোধ দেশ আৰু কাল-নিৰপেক্ষ। উদাহৰণস্বৰূপে যিকোনো সমাজতেই, যিকোনো কালতেই ভয়াতুৰ স্বভাৱক গৌৰৱান্বিত কৰা দেখা নাযায়। অকাৰণত নিজ গোষ্ঠীৰ সদস্যক কৰা হত্যাই কোনো কালতেই, কোনো দেশতেই প্রশংসা বুটলিব নোৱাৰে। শিশুৰ প্রতি মৰম-চেনেহ সদায় এটা ভাল গুণ বুলি পৰিগণিত হৈ আহিছে। তেনে বহুতো কালস্রোতত অপৰিৱৰ্তিত মূল্যবোধ নৈতিকতাকেন্দ্রিক ঔচিত্যবোধৰ মাজত মূৰ্ত হৈ মানৱ-সমাজত যুগ-যুগান্তৰ ধৰি জীৱন্ত হৈ আছে।

কিন্তু মানৱ-সমাজত তেনে নৈতিকতাকেন্দ্রিক ঔচিত্যবোধৰ উদ্ভৱেই বা কেনেদৰে হৈছিল? এই প্রসংগত আমি পূৰ্বৰ এটি সম্পাদকীয় লিখাত চমুকৈ আলোচনা কৰাৰ প্রয়াস কৰিছিলোঁ (দ্রষ্টব্য : “পাপ আৰু প্রায়শ্চিত্ত, অপৰাধ আৰু শাস্তি”, http://muktosinta.org/editorial-4th-issue/)। এই আলোচনাত কথাটো বিশদভাৱে আলোচনা কৰাৰ অৱকাশ নাই যদিও কথা এটা উনুকিয়াই থোৱাটো ভাল হ’ব। কোনো কোনো ধৰ্মবেত্তাই সাধাৰণতেই মত প্রকাশ কৰে যে মানুহৰ নৈতিকতা ধৰ্মসম্ভূত কিম্বা ঈশ্বৰপ্রদত্ত। এই কথাটোৰ ভিত্তিহীনতা অলপ গমি চালেই পৰিষ্কাৰকৈ ওলাই পৰে। তুলনামূলক হিচাপত এটি অৰ্বাচীন ধৰ্মৰ কথাই উদাহৰণস্বৰূপে লোৱা যাওক। ইছলাম ধৰ্মৰ মূল প্রমেয়সমূহ অলৌকিক উৎস-সম্ভূত বুলি বিশ্বাসীসকলে জ্ঞান কৰে। সেই হিচাপত, উক্ত ধৰ্মৰ নৈতিক প্রমূল্যসমূহৰ উদ্ভৱৰ আঁৰত আছে দৈৱী প্রত্যাদেশ। কথাটো মানি ল’লে আমি এইটো কথাও মানি ল’ব লাগিব যে তেনে প্রত্যাদেশৰ পূৰ্বে মানুহৰ মাজত নৈতিক প্রমূল্যসমূহৰ অস্তিত্ব নাছিল। কিন্তু লগে লগে, যুক্তিযুক্ত কাৰণতেই উত্থাপিত হ’ব এইটো প্রশ্ন, ইছলামৰ আগতে জন্ম হোৱা খ্রীষ্টান ধৰ্মৰ মাজত কোনো নৈতিক প্রমূল্য নাছিল নেকি? এই কথাটো বাৰু খ্রীষ্টান ধৰ্মবেত্তাসকলে মানি ল’ব নে? বৰঞ্চ, তেওঁলোকেও দাবী কৰিব যে নৈতিকতা তেওঁলোকৰ ধৰ্মইহে জন্ম দিছে ! এই কথাটো এইবাৰ আকৌ এনেদৰে উত্থাপিত হ’ব যে খ্রীষ্টানৰ পূৰ্বৰ হিব্রু ধৰ্মত বাৰু কোনো নৈতিক চিন্তা-চৰ্চা নাছিল নেকি? বৈদিক ধৰ্মৰ আগৰ, হৰপ্পা-মহেঞ্জোদাৰোৰ আধিবাসীসকলৰ মাজত নৈতিকতাৰ ধাৰণাই নাছিল নে? কিঞ্চিৎ আমোদজনক কথা, এই বিসংগতি নিৰসন কৰিবলৈ যদি কোৱা হয় যে ধৰ্মই পূৰ্বৱৰ্তী মানুহৰ ধ্যান-ধাৰণাৰপৰা কোনো কোনো নৈতিক প্রমূল্য আত্মস্থ কৰি লৈছে, তেনেহ’লে কিন্তু ঐশী প্রত্যাদেশৰ ধাৰণাটোৱে যৌক্তিক ভিত্তি হেৰুৱাই পেলাব। কাৰণ, তেনে দৈৱী প্রত্যাদেশৰ আগতেই দেখোন পৃথিৱীত মানৱ-সৃষ্ট শুভংকৰ নৈতিকতা বিদ্যমান আছিল! গতিকে এইটো কথা অতি স্পষ্ট, নৈতিকতাৰ ক্ষেত্রত প্রাতিষ্ঠানিক ধৰ্মসমূহৰ নিজ নিজ নিৰ্দেশাৱলী থাকিলেও, মানৱ-সমাজত নৈতিক প্রমূল্যসমূহৰ উদ্ভৱৰ ধৰ্মীয় ব্যাখ্যা একেবাৰেই অযৌক্তিক। নৈতিকতাৰ জন্মৰ বস্তুগত ভিত্তিৰ সন্ধান ধৰ্মাশ্রয়ী ব্যাখ্যা কিম্বা ভাববাদী দৰ্শনে দিব নোৱাৰে।

প্রকৃততে মানৱ-জাতিৰ আদিম অৱস্থাত নৈতিকতাৰ উদ্ভৱৰ কথাটো সম্পৰ্কিত হৈ আছিল মানুহৰ কঠিন, ৰূ‌ঢ় জীৱন-সংগ্রামৰ লগত। পৃথিৱীত মানুহ নামৰ প্রজাতিটো বৰ্তি থকাৰ সৈতে কথাটো সম্পৃক্ত হৈ আছিল। আমি ইতিমধ্যেই উল্লেখ কৰি অহা কেইটিমান উদাহৰণলৈ লক্ষ্য কৰা যাওক। ভয়াতুৰ স্বভাৱ মানৱ-জাতিৰ জীৱন-সংগ্রামৰ বাবে অনুপযোগী বুলি পৰিগণিত হৈছিল বুলি যুক্তিযুক্তভাৱে ধাৰণা কৰিব পাৰি। সেই বাবেই ভয়াতুৰ স্বভাৱক ক’তো-কেতিয়াও গৌৰৱান্বিত কৰা দেখা নাযায়। অকাৰণত নিজ গোষ্ঠীৰ সদস্যক হত্যা কৰাটো উত্তম বুলি বিবেচিত হ’লে নিজৰ মাজত কটাকটি কৰিয়েই মানৱ-প্রজাতিটো নিশ্চিহ্ন হৈ পৰিলেহেঁতেন। আমি যৌক্তিকভাৱে অনুমান কৰিব পাৰোঁ যে যিবোৰ নৈতিক মূল্যবোধ যুগ যুগ ধৰি অপৰিৱৰ্তিত হৈ আছে, সেইবোৰ কোনোবা প্রকাৰে আছিল মানৱ-বিৱৰ্তনৰ সৈতে যোগাত্মকভাৱে সম্পৰ্কিত। নৈতিকতাৰ উদ্ভৱ হৈছিল মানুহৰ জাগতিক প্রয়োজনত; যিবোৰ প্রমূল্য মানৱ-বিৱৰ্তনৰ সহায়ক, সেইবোৰৰ কিছুমান মানুহৰ নৈতিকতাৰ মাজেদি মূৰ্ত হৈছিল। পৰিৱৰ্তিত পৰিস্থিতিত, জাগতিক প্রয়োজনত, তেনে প্রমূল্যবোধ পৰিৱৰ্তিত, বৰ্জিত কিম্বা পৰিশীলিত হৈ পৰিছিল। প্রজাতিটো বৰ্তি থকাৰ প্রয়োজনত, পৰিৱৰ্তিত অৱস্থাত হয়তো জন্ম হৈছিল নতুন মূল্যবোধৰ।

(৩)

উপৰিউক্ত চমু আলোচনাৰপৰা আমি ক’ব পাৰো যে নৈতিকতাৰ আদি-উন্মেষ ধৰ্মনিৰ্ভৰ নাছিল। তাৰ পাছতো কিন্তু নৈতিকতাৰ প্রসংগত ধৰ্মৰ ব্যৱহাৰিক উপযোগিতাৰ প্রশ্নটো থাকি যায়। কোনো কোনোৱে সংগত কাৰণতেই সুধিব পাৰে, নৈতিকতাক বাৰু ধৰ্মই জন্ম দিয়া নাছিল ; কিন্তু এতিয়াতো ধৰ্মই নৈতিকতাক লালন-পালন কৰি আহিছে। এই ক্ষেত্রত জানো ধৰ্মৰ ভূমিকা ইতিবাচক নহয়? কথাটো অলপ যুকিয়াই চোৱা উচিত হ’ব।

বহুতেই ব্যৱহাৰ কৰা এটি তথ্যৰে কথাটো আলচ কৰা যাওক। “ভাৰতীয় বিজ্ঞান আৰু যুক্তিবাদী সমিতি”ৰ উদ্যোগত ১৯৮৮ চনত ভাৰতৰ কাৰাবন্দী অপৰাধীৰ ধৰ্মবিশ্বাস সংক্রান্তত এটা সমীক্ষা চলোৱা হৈছিল। সমীক্ষাটোৰপৰা ওলাই পৰিছিল যে অপৰাধীসকল আছিল আস্তিক, ঈশ্বৰৰ অস্তিত্বত বিশ্বাসী ; তেওঁলোক পাপ আৰু পুণ্যৰ ধাৰণাতো বিশ্বাসী আছিল। আনকি, “পাপ” কৰ্মত লিপ্ত হ’লে মৰণোত্তৰ জীৱনত নৰকৰ যাতনা ভোগ কৰিব লাগে— সেই কথাটোকো তেওঁলোকে বিশ্বাস কৰিছিল। প্রায় একেধৰণৰ সমীক্ষা এটি এমেৰিকা যুক্তৰাষ্ট্রতো সম্পন্ন কৰা হৈছিল। সেই দেশখনৰ ফেডাৰেল ব্যুৰ’ অব্ প্রিজন-ৰ ২০১৫ চনৰ তথ্য অনুসৰি দেশখনৰ প্রায় সকলো কাৰাবন্দী অপৰাধীয়েই হৈছে ধৰ্ম আৰু ঈশ্বৰত আস্থাশীল, অৰ্থাৎ আস্তিক মানুহ ; দেশখনৰ সকলোবোৰ কাৰাগাৰ হিচাপলৈ আনিলে ধৰ্মত আস্থাহীন অপৰাধী মাত্র ০.১% (মুঠ ১৯৭ জন, চিত্র:- ২)। এই সমীক্ষাসমূহ সম্পাদন কৰা পদ্ধতি ইত্যাদিৰ প্রসংগত নিশ্চয় অধিক অনুসন্ধানৰ প্রয়োজন আছে। কিন্তু আস্তিক আৰু নাস্তিকৰ মাজৰ বিপুল সংখ্যাগত পাৰ্থক্যটো বিশ্বাসযোগ্য বুলি যুক্তিযুক্তভাবে ধাৰণা কৰিব পাৰি।

চিত্র ২ :- এমোৰিকা যুক্তৰাষ্ট্রৰ মাত্র ০.১% কাৰাবন্দীহে ধৰ্মত আস্থাহীন।

কাৰাগাৰত ধৰ্মবিশ্বাসীৰ সংখ্যাধিক্যৰ কথাটোৰ তেনে পৰিসংখ্যাৰপৰা কেতিয়াবা কোনোৱে কোনোৱে এটা সিদ্ধান্তলৈ অহা চকুত পৰে। সেইটো হৈছে, অপৰাধীসকলৰ অপৰাধ-প্রৱণতাৰ উৎস হ’ল তেওঁলোকৰ ধৰ্মবিশ্বাস। ধৰ্ম অপৰাধৰ উদ্গাতা—এইটো কথা ভুল নে শুদ্ধ, সেইটো পাছলৈ থওঁ ; কিন্তু দেখদেখ কথা, উপৰিউক্ত সমীক্ষাই প্রদান কৰা পৰিসংখ্যাৰপৰা তেনে এটা সিদ্ধান্তলৈ আহিব নোৱাৰি। কথাটো সহজকৈ বুজিবলৈ এটা কাল্পনিক পৰিস্থিতি মনলৈ আনিব পাৰি। ধৰা হওক, এখন সমাজৰ এশ শতাংশ মানুহেই নাস্তিক। এতিয়া, সেইখন সমাজত যদি মানুহৰ মাজত অপৰাধ প্রৱণতা বিদ্যমান, তাত অপৰাধ সংঘটিত হৈ থাকে, তেন্তে সেই সমাজখনৰ সকলো অপৰাধীয়েই হ’ব ধৰ্মত অবিশ্বাসী। মন কৰিবলগীয়া কথা, এমেৰিকা যুক্তৰাষ্ট্রৰ ফেডাৰেল ব্যুৰ’ অব্ প্রিজন-ৰ তথ্য অনুসৰি ২০১৩ চনত দেশখনত ধৰ্মহীন বুলি কোৱা কাৰাবন্দী আছিল ০.০৭% ; ২০১৫ চনত একেটা তথ্য-উৎসৰ মতেই, ওপৰত ইতিমধ্যেই কোৱা হৈছেই, নাস্তিক বন্দী আছিল ০.১%। তেনে বৃদ্ধি হয়তো দেশখনত ধৰ্মহীন লোকৰ কিঞ্চিৎ সংখ্যাবৃদ্ধিৰ সৈতে সম্পৰ্কিত। গতিকে আমি আলোচনা কৰি অহা সমীক্ষা-পৰিসংখ্যাবোৰৰপৰা সিদ্ধান্ত ল’ব নোৱাৰি যে ধর্মই মানুহক অপৰাধ কৰিবলৈ প্রৰোচিত কৰে। পুনৰাবৃত্তি কৰিয়েই কওঁ, কথাটো শুদ্ধ নে ভুল, সেইটো পাছলৈ থৈছোঁ। তেনে সিদ্ধান্তলৈ আহিবলৈ উক্ত সমীক্ষাজাত পৰিসংখ্যাসমূহ যে প্রশস্ত নহয়, সেইটো কথাহে আলোচনাৰ এই অংশত উনুকিয়াইছোঁ। কিন্তু তেনে পৰিসংখ্যাৰপৰা আমি এটা যৌক্তিক সিদ্ধান্তলৈ আহিব পাৰোঁ। সেইটো হ’ল, সমাজৰ সিংহভাগ মানুহকেই ধৰ্ম আৰু ঈশ্বৰ-বিশ্বাসে অপৰাধ কার্যৰপৰা আঁতৰাই ৰাখিবলৈ সমর্থ হোৱা নাই।

কিছুমান তথ্য-পাতিৰ সহায়েৰে কথাটো এইবাৰ অন্য এটা দিশৰপৰা চোৱা যাওক। জনা যায় যে ভাৰতবৰ্ষৰ একাংশ ডকাইত আছিল কালীৰ উপাসক। সেই ডকাইতবিলাকে কালীৰ উপাসনা কৰিছিল মুখ্যতঃ এটাই উদ্দেশ্য আগত ৰাখি— সিহঁত যেন লুণ্ঠন অভিযানত সফল হয়। একালত ভাৰতবৰ্ষত ঠগসকলে সন্ত্রাসৰ সৃষ্টি কৰিছিল। এই ঠগসকলেও অভিযানত ওলোৱাৰ আগতে ভক্তিসহকাৰে তেওঁলোকৰ দেৱীৰ প্রতি পূজা আগ ব‌ঢ়াইছিল। মন কৰিবলগীয়া কথা, ঠগসকলে গভীৰভাৱে বিশ্বাস কৰিছিল যে তেওঁলোকৰ আৰাধ্যা দেৱীয়ে তেওঁলোকক তেনে ঠগ-কার্যৰ বাবে জগতলৈ প্ৰেৰণ কৰিছে। তেনে উদাহৰণৰপৰা দেখোন ধৰ্মই কোনো কোনো মানুহক অপৰাধ কৰিবলৈ প্রৰোচিতহে কৰে বুলি ক’ব লাগিব। এই কথাটো অলপ বিস্তাৰিতভাৱে আলোচনা কৰা উচিত হ’ব।

১৪৯২ চনৰ ১২ অক্টোবৰত কলম্বাছে আটলাণ্টিক মহাসাগৰ অতিক্ৰম কৰি পশ্চিম-পৃথিৱীৰ দ্বীপ এটাত পদাৰ্পণ কৰিছিল। তেওঁ দ্বীপটোৰ মাটিত ভৰি দিয়েই বাৰু সৰ্বপ্রথমে কি কৰিছিল? কলম্বাছে প্ৰথমতেই কৰিছিল এটা ধর্মীয় আচাৰ,— দ্বীপটোৰ মাটিত প্রোথিত কৰিছিল এডাল খ্ৰীষ্টীয় ধর্মদণ্ড। দ্বীপটোৰ নাম ৰখা হৈছিল “ছান ছালভাডো”, অর্থ— পৱিত্ৰ পৰিত্ৰাতা। তাৰ পৰৱৰ্তী সময়ত আৰম্ভ কৰা হ’ল সেই মহাদেশৰ মানুহসকলক হয় ধর্মান্তৰিত নতুবা বিলুপ্ত কৰাৰ বিৰাট-বিপুল অভিযান। এগৰাকী স্পেইনৰ ঐতিহাসিকে উক্ত অভিযানৰ প্ৰসংগত লিখিছিল যে আকাশৰ তৰাৰ সমান অসংখ্য হত্যা কৰা হৈছে, কাৰণ অবিশ্বাসীবোৰৰ ওপৰত বাৰুদ চলোৱাৰ অৰ্থ প্ৰভুৰ উদ্দেশ্যে ধূপ জ্বলোৱা। এয়াই আছিল “পৱিত্ৰ পৰিত্ৰাতা”-ৰ পৰিষ্কাৰ অর্থ ! ভৌগোলিক অভিযানৰ সৈতে সম্পৰ্কিত ধৰ্মীয় কৰ্ম-কাণ্ডৰ প্রসংগত, ৰাছেলে লিখা কথা এটা আমি স্মৰণ কৰিব পাৰোঁ, “The Spaniards in Mexico and Peru used to baptise Indian infants, and then immediately dash their brains out: by this means they secured that these infants went to Heaven”. ধৰ্মৰ নামত সংঘটিত কৰা তেনে জাতীয় বিভৎস কামবোৰে বাৰু কেনেবিধৰ নৈতিকতাৰ সম্ভেদ দিব?

দ্বিতীয় মহাসমৰৰ সময়ত নাগাছাকি আৰু হিৰোছিমাৰ নৰসংহাৰৰ ঘটনাটো শুভবুদ্ধিসম্পন্ন লোকৰ দৃষ্টিত মানৱ-ইতিহাসৰ এক অমোচনীয় ক’লা দাগ। কিন্তু এটা অতিশয় চিত্তাকৰ্ষক তথ্যলৈ লক্ষ্য কৰা যাওক। যোৱা শতিকাৰ পঞ্চম দশকৰ সমীক্ষা এটাৰপৰা দেখা গৈছিল যে উক্ত আণৱিক নৰসংহাৰৰ সপক্ষে ৭৫%জন আমেৰিকাবাসীয়ে মত দিছিল। কিন্তু এই আলোচনাৰ বাবে প্রাসংগিক কথাটো হ’ল, সেইচাম আমেৰিকাবাসীৰ ধৰ্ম আৰু ঈশ্বৰত বাৰু বিশ্বাস আছিল নে? দেখা গৈছিল, তেওঁলোকৰ চাৰি-পঞ্চমাংশই বাইবেল ঈশ্বৰে প্রেৰণ কৰা সত্য বুলি ধাৰণা কৰিছিল; ৬০%জন নিয়মিতভাৱে গির্জালৈ গৈছিল। অর্থাৎ, সেই জঘন্য নৰসংহাৰৰ কাণ্ডটোক সমর্থন কৰা লোকসকলৰ বেছিভাগেই আছিল ধর্মত আস্থাভাজন লোক। কোনো কোনো বিশ্লেষকে মত দিছে যে বহু মার্কিন নেতাই আণৱিক বোমা-বিস্ফোৰণৰ ঘটনাটোৰ সৈতে বাইবেল-বৰ্ণিত জগৎ সৃষ্টিৰ ছেডোম আৰু গোমোৰাৰাহ ধ্বংসৰ কাহিনীটোৰ সাদৃশ্য বিচাৰি পায় আৰু বাইবেলৰ নামত, সেই কথাটোক সমর্থন কৰে। যুদ্ধৰ বাবে মাৰণাস্ত্র নিৰ্মাণৰ প্রসংগত সাম্প্রতিক সময়ৰ কথা এটাও মনলৈ আহে। নৰসংহাৰৰ অৰ্থে অস্ত্র-নিৰ্মাণৰ পোষকতা কৰাটো বাৰু কোনো উচ্চতৰ নৈতিকতাৰ সাক্ষৰ হ’ব পাৰেনে? এই প্রশ্নটোক প্রায় ভেঙুচালি কৰি বিশ্বৰ নানান দেশে বহুতো ভয়ংকৰ সমৰাস্ত্ৰৰ নিৰ্মাণ কৰি আহিছে। কিন্তু লক্ষণীয় কথা, তেনে বহুতো জীৱন-বিধ্বংসী অস্ত্রৰ নামকৰণ কৰা হৈছে ধৰ্মৰ সৈতে সম্পর্কিত কৰি। সহিংস ধৰ্মযুদ্ধ, ক্রুছেড, ৰক্তাক্ত সাম্প্রদায়িক সংঘৰ্ষ ইত্যাদি জানো কোনো সুস্থ মানৱীয় প্রমূল্যৰ বাবে সংঘটিত হয়? বৰঞ্চ সেইসমূহ পৈশাচিক ঘটনাত মানুহৰ মনবোৰ হিংসা-দ্বেষেৰে বিষাক্ত কৰি ধৰ্মইহে নিৰ্ণায়ক ভূমিকা লয়। এনে উদাহৰণসমূহৰপৰা এটা প্রশ্নই ভুমুকি মাৰে, প্রকৃততে কোনো কোনো ক্ষেত্ৰত ধর্মচিন্তাই মানুহক নৈতিকতা বিসর্জন দিবলৈহে প্ৰৰোচিত কৰিছে নেকি? এইবোৰৰপৰা ৰাছেলৰ এটা মন্তব্য বৰ অৰ্থৱহ যেন লাগে— “I do not myself think that the dependence of morals upon religion is nearly as close as religious people believe it to be.” অৰ্থাৎ, ৰাছেলৰ মতে, ধৰ্মবেত্তাসকলে কোৱাৰ বিপৰীতে নৈতিকতা সিমান ধৰ্মনিৰ্ভৰ প্রপঞ্চ নহয়।

তেনে কথাৰ বিপৰীতে অৱশ্যে ধৰ্মবেত্তাসকলে দাবী কৰে যে ধৰ্মই মানুহক অপৰাধ-পাপ আদিৰপৰা দূৰত থাকিবলৈহে প্রেৰণা যোগাই আহিছে। অতীতত ধৰ্মই জন্ম দিয়া ভয়-ভীতি-বিশ্বাসে সীমিত ক্ষেত্ৰত, সৰ্বসাধাৰণ মানুহক অপৰাধ কিছুমান সংঘটিত কৰাৰপৰা বিৰত ৰাখিছিল, সেইটো হয়তো সঁচা। কিন্তু অলপ গমি চালেই ধৰিব পাৰি, ধৰ্মই কোনো কালতেই শাসক-শোষকসকলে সংঘটিত কৰি অহা বিৰাট পৰিসৰৰ হত্যা-সন্ত্রাস-লুণ্ঠনক অকণো বাধা দিব পৰা নাই। গতিকে ধৰ্মই কোৱা তেনে নৈতিকতাৰ প্রকৃত স্বৰূপ কি—এই কথাটো অলপ চালি-জাৰি চোৱা ভাল।

(৪)

ধৰ্মই পৃষ্ঠপোষকতা কৰা নৈতিকতাৰ ৰেহৰূপ কেনেকুৱা? এই প্রসংগটো উদাহৰণ এটাৰ সহায়েৰে আলোচনালৈ অনা যাওক। সাধাৰণতেই কোৱা হয়, ধৰ্মই বিশ্ব-ভ্রাতৃত্ববোধেৰে সম্পৃক্ত নৈতিকতাৰ শিক্ষা দিয়ে। আপাত দৃষ্টিত ধৰ্মৰ এইটো এটা সন্দেহাতীত শুভংকৰ দিশ বুলি সাধাৰণতেই ধাৰণা কৰা হয়। কিন্তু ধৰ্মৰ এই দিশটো চালি-জাৰি চালে অন্য কথা কিছুমানহে পোহৰলৈ আহিব।

ধৰা হওক, এজন খাটিখোৱা কৃষকৰ শস্য এজন ক্ষমতাশীল লোকে লুন্ঠন কৰি লৈ গ’ল। এতিয়া এই দুজন মানুহৰ মাজত— লুন্ঠিত আৰু লুন্ঠকৰ মাজত— কি উপায়েৰে ভ্রাতৃত্ববোধ স্থাপন কৰা যাব? কৃষকজনৰ মনৰ ভ্রাতৃত্ববোধ লুণ্ঠনকাৰীজনৰ বৰ লাগতিয়াল বুলি বিবেচিত হ’ব, কিয়নো কৃষকজনৰ তেনে ভ্রাতৃত্ববোধে লুন্ঠন প্রক্রিয়াটো অবাধে চলাই যোৱাত সহায় কৰিব। কিন্তু সেইটো কথা— লুন্ঠনকাৰীৰ সৈতে ভ্রাতৃত্ববোধৰ ধাৰণাটো— কৃষকগৰাকীৰ বাবে সঁচাই বাৰু গ্রহণীয় হ’ব নে? অৱশ্যে, ধৰ্মই হয়তো কেতিয়াবা ক’ব, লুণ্ঠনৰ দৰে গৰ্হিত কার্য কৰা অনুচিত। কিন্তু এই কথাটোৰ বাস্তৱ উপযোগিতা কিমান? সহজ বুদ্ধিৰেই ধৰিব পাৰি যে শোষণ-লুন্ঠনক অনৈতিক-অনুচিত বুলি আখ্যায়িত কৰা বুলি ধৰি ল’লেও, ধৰ্মই শোষক শ্রেণীটোৰ শোষণকেন্দ্ৰিক কাণ্ড-কাৰখানা কেতিয়াও বন্ধ কৰি ৰাখিব পৰা নাই। সেইবাবেই, নিৰ্মম শোষণ-নিপীড়ন অবাধ গতিত চলি থকা সময়ত— শোষক আৰু শোষিতৰ মাজৰ ভ্ৰাতৃত্ববোধৰ ধাৰণাটোৱে শোষক শ্রেণীটোকহে সহায় কৰে। তেনে ভ্ৰাতৃত্ববোধ যিদৰে শোষিতৰ প্রতিবাদী সত্তা-হননকাৰী, তেনেদৰেই শোষকৰ হাতত সি হৈ পৰেগৈ শাসন-শোষণৰ এটা নিৰ্ভৰযোগ্য নৈতিক হাথিয়াৰ। সকলোৱে জনা কথা, শোষক শ্রেণীটোৱেই যুগে যুগে ভিন্ন ৰূপত শাসন-কাৰ্যও চলাই আহিছে ; তেওঁলোকেই হৈছে সমাজৰ কর্তৃত্বশীল আৰু প্রতিপত্তিশীল শ্রেণী, তেওঁলোকৰ হাততে সদায় পুঞ্জীভূত হৈ আহিছে ৰাজক্ষমতা। তেনে কর্তৃত্বশীল শ্রেণীটোৰ স্বাৰ্থক পৃষ্ঠপোষকতা কৰা দৰ্শনকেই সমাজৰ সকলোৰে বাবে, সাৰ্বজনীনভাৱে গ্রহণীয় বুলি ছলে-বলে-কৌশলে জাপি দিয়া হয়। এই কথাটো নৈতিকতাৰ প্রসংগতো প্রযোজ্য। অৰ্থাৎ, শাসক শ্রেণীটোৰ দৃষ্টিকোণৰ নৈতিকতাকেই সমাজৰ সাৰ্বজনীন নৈতিকতা বুলি ধাৰণা জন্মাবলৈ চেষ্টা কৰা হয়। আমাৰ উপৰিউক্ত উদাহৰণটোৰ কৃষকজনৰ শোষণবিৰোধী প্ৰতিবাদী কাৰ্য-কলাপ ধৰ্মৰ দৃষ্টিত হ’বগৈ অনৈতিক কাৰ্য, কিন্তু নির্বাক-নির্লিপ্ত-প্রতিবাদহীন হৈ কষ্ট সহ্য কৰাটোক আখ্যা দিয়া হ’ব ভ্ৰাতৃত্ববোধৰ মহান নৈতিক আদর্শ বুলি।

সাধাৰণতেই ধৰ্মগ্রন্থত প‌ঢ়িবলৈ পোৱা ভ্রাতৃত্ববোধ, অহিংসা, বৈষয়িক নিস্পৃহতা আদিৰ প্রসংগত আমি উপৰিউক্ত দিশটো অগ্রাহ্য কৰিব নোৱাৰোঁ। ধৰ্মপ্রদত্ত সহনশীলতাৰ নৈতিক প্রমূল্যই শোষিত জনতাক সংগ্রামবিমুখ কৰি পেলায়। এই কামটোৰ বাবে শাসকশ্রেণীয়ে অস্ত্র কিম্বা বল প্রয়োগ কৰাৰ প্রয়োজন নহয়। মন কৰিবলগীয়া কথা, তেনে নৈতিকতা পালন নকৰিলে ভয়ংকৰ শাস্তিৰ বিধান দি মানুহৰ মনত ত্রাস সৃষ্টি কৰা ব্যৱস্থাও ধৰ্মৰ মাজত আছে। প্রাচীন ভাৰতত শোষণ-শাসনৰ ধৰ্মীয় ৰূপটো মূৰ্ত হৈছিল বৰ্ণাশ্রমভিত্তিক শ্রেণীবিন্যাসৰ মাজত। প্রাচীন শাস্ত্রগ্রন্থ মনুসংহিতাত লিখা হৈছে, “কোনো শূদ্ৰলোকে যদি দ্বিজাতিৰ প্রতি কঠিন বাক্য প্রয়োগ কৰে, তেন্তে তেনে শূদ্ৰৰ জিভা কাটি পেলাব লাগে, নাম আৰু জাতিত ধৰি শূদ্রই দ্বিজাতিক আক্রোশ কৰিলে এগোছা জ্বলন্ত দশাঙ্গুল লৌহময় শংকু শূদ্ৰৰ মুখত নিক্ষেপ কৰিব লাগিব।” শাস্ত্ৰখনত পুনৰ পোৱা যায়, “শূদ্ৰই যদি দৰ্পবশতঃ ব্রাহ্মণৰ সৈতে একে আসনত উপবেশন কৰে, তেন্তে ৰজাই শূদ্ৰৰ কটিদেশ লৌহময় তপ্ত শলকাত অংকিত কৰি দেশৰপৰা নির্বাসিত কৰিব।” আকৌ কোৱা হৈছে, “শূদ্ৰই যদি অহংকাৰপূর্বক হস্তদ্বাৰা ব্রাহ্মণৰ চুলিত হাত দিয়ে তেন্তে ৰজাই বিচাৰ নকৰাকৈ শূদ্ৰৰ হস্তদ্বয় কাটি পেলাব লাগিব।” দেখা যায় যে ধর্মীয় অনুশাসনত যিবোৰ শাস্তিৰ বিধান আছে, সেইসমূহ প্রকট বৈষম্যৰে পক্ষপাতদুষ্ট। এই কথাটাৱে আমি পূৰ্বেই উনুকিয়াই অহা ধর্মীয় ন্যায়-নৈতিকতাৰ শ্রেণী-চৰিত্ৰৰ কথাও সুন্দৰভাৱে প্রমাণ কৰে। ইয়াৰ উপৰিও আৰু এটা বৰ গুৰুতৰ প্রশ্ন এইখিনিতেই উত্থাপিত হ’ব। শাস্ত্ৰগ্ৰন্থ কিছুমানত, ওপৰত পোৱাৰ দৰে, যি ধৰণৰ জঘন্য শাস্তিৰ উল্লেখ আছে, সেইসমূহ জানো কোনো সুস্থ নৈতিক প্রমূল্যৰ অধিকাৰী সভ্য মানুহৰ মনলৈ আহিব পাৰে? ইমান ভয়ংকৰ জিংঘাসাৰে পৰিপূৰ্ণ হৈ থকা তেনেজাতীয় ধর্মীয় নৈতিকতাক আমি কেনেকৈ সুস্থ নৈতিক শৃংখলাৰ নিৰ্ভৰযোগ্য ধাৰক বুলি ধাৰণা কৰিব পাৰিম? খ্ৰীষ্টধৰ্মৰ প্রসংগত ৰাছেলে লিখা এটি কথা বৰ মনোগ্রাহী, “There is one very serious defect to my mind in Christ's moral character, and that is that He believed in hell. I do not myself feel that any person who is really profoundly humane can believe in everlasting punishment.” গতিকে সংগত কাৰণতেই এইটো প্রশ্ন উত্থাপিত হ’ব, ধর্ম সঁচাই জানো কোনো মহৎ নৈতিক জীৱনবীক্ষাৰ উপযুক্ত আধাৰ হোৱাৰ উপযুক্ত?

এইটো কথা সঁচা যে একোটা বিশেষ ধৰ্মাৱলম্বী লোকসকলে, স্বধৰ্মৰ মানুহৰ মাজত ভ্ৰাতৃত্ববোধৰ চেতনা এটা থকা যেন অনুভৱ কৰে। এই কথাটো আমি গুৰুত্বসহকাৰে বিচাৰ কৰি চোৱা উচিত। নিজ নিজ ধৰ্মৰ লোকৰ মাজত অনুভূত তেনে ধৰ্মীয় ভ্রাতৃত্ববোধৰ স্বৰূপ কি, আৰু তাৰ সামাজিক তাৎপৰ্যই বা কেনেকুৱা? দেখা যায় যে তেনে ভ্রাতৃত্ববোধ দুটা প্রধান কাৰণৰ বাবে মূলতঃ নেতিবাচক। প্রথম কথা হ’ল, অন্যান্য ধৰ্মৰ লোক, অজ্ঞেয়বাদী, ধৰ্মহীন আৰু নাস্তিকসকলৰ কথা বিবেচনা কৰিলে একোটা ধৰ্মৰ আভ্যন্তৰীণ ভ্রাতৃত্ববোধৰ ধাৰণাটো বৰ সংকীর্ণ হৈ পৰে। নিজ ধৰ্মৰ মানুহহে তেওঁলোকৰ ভ্রাতৃ, বাকীসকলৰ তেনে মৰ্যাদা নাই। তেনে সংকীর্ণতাই সাম্প্রদায়িক হিংস্ৰ মনোভাব আৰু তৎজনিত কার্যকলাপৰ জন্ম দিয়াৰ সম্ভাৱনা থাকে। দ্বিতীয় কথাটো অধিক গুৰুতৰ। ধৰ্মৰ আভ্যন্তৰীণ ভ্রাতৃত্ববোধৰ ধাৰণাটো শ্রেণী-চেতনাৰ সৈতে সম্পর্কিত নহয়। তেনে ভ্রাতৃত্ববোধে শোষিত-বঞ্চিত মানুহক প্রকৃত শ্রেণী-শত্ৰু চিনাক্ত কৰাত বাধা দিয়ে। বঞ্চিত-শোষিত মানুহৰ চকুত নিৰ্মম শোষকো হৈ পৰেগৈ ভ্রাতৃপ্রতিম, কাৰণ দুয়োৰে যে ধৰ্ম একেটাই !

(৫)

শ্রেণীস্বাৰ্থ কিম্বা সংকীর্ণতাৰ কথা বাদ দিলেও ধর্মীয় নৈতিকতাৰ কেতবোৰ ৰেহ-ৰূপ অতি বিসংগতিপূৰ্ণ। তেনে বিসংগতিৰ বাবে ধৰ্মীয় নৈতিকতাক এক পৰিপূৰ্ণ আৰু সুস্থ বিশ্ববীক্ষাৰ সৈতে সংগতিপূৰ্ণ বুলি ধাৰণা কৰিব নোৱাৰি। ধৰ্মীয় নৈতিকতাৰ তেনে বিসংগতি আহে মূলতঃ দুটা দিশৰপৰা। প্রথমটো হৈছে, ধৰ্মৰ বহুতো নৈতিক নিৰ্দেশাৱলীৰ কোনো যৌক্তিক ভিত্তি নাই। দ্বিতীয়টো হ’ল, ধৰ্মভিত্তিক অনেক নৈতিক প্রমূল্য একেবাৰেই পৰস্পৰবিৰোধী। সুবিধাৰ বাবে এই দুয়োটা দিশ একেলগেই সাঙুৰি এই আলোচনাৰ শেষলৈ আগ ব‌ঢ়া যাওক।

ধৰ্মীয় নৈতিকতাৰ মাজত প্রকট পৰস্পৰবিৰোধিতাৰ উপস্থিতি পৰিলক্ষিত হয়। এটা উদাহৰণলৈ লক্ষ্য কৰা যাওক। কোনো কোনো ধৰ্মত আত্মীয়-স্বজনৰ মাজত যৌন সম্পৰ্ক স্থাপন কৰাটো এটা অনৈতিক কাৰ্য বুলি বিবেচনা কৰে। তেনে কাৰ্য নৈতিক নে অনৈতিক, সেইটো এই আলোচনাত অপ্রাসংগিক। কথাটো হৈছে, ধৰ্মৰ মতে তেনে যৌন সম্পৰ্ক একেবাৰেই অনৈতিক-অনুচিত। কিন্তু সেই একেটা ধৰ্মই মানৱ-জাতিৰ উদ্ভৱ এজন আদিম পুৰুষ আৰু আদিম নাৰীৰ যোগেদি হৈছিল বুলি গভীৰভাৱে বিশ্বাস কৰে। এইখিনিতে এটা আমোদজনক বিসংগতিৰ উদ্ভৱ হয়। ধৰ্মকথিত উক্ত আদিম নৰ-নাৰীৰ মিলনৰ ফলতেই নিশ্চয় সন্তান কেইজনমানে পৃথিৱীৰ মুখ দেখিছিল। সেইখিনিলৈকে বাৰু কথাটো স্বাভাৱিকভাবেই আগ বা‌ঢ়ে। কিন্তু তাৰ পাছত, দ্বিতীয় পৰ্যায়ত, মানৱ-জাতিৰ বংশ কেনেকৈ বৃদ্ধি হৈছিল? সেই পৰ্যায়ত দেখোন পৃথিৱীত থকা আটাইকেইজন মুনিহ-তিৰোতাই আছিল ৰক্তসম্পৰ্কৰ ভাই-ভনী !

দেখা যায় যে বহুতো বিষয়ত বহুতো নৈতিক বাধা-নিষেধ আৰোপ কৰিলেও (পুনৰ কওঁ, সেইবোৰ নৈতিক নে অনৈতিক, সেইটো এই আলোচনাত প্রাসংগিক নহয়), ধৰ্মই মহিমামণ্ডিত কৰা, পূজনীয় বুলি ঘোষণা কৰা অনেক চৰিত্রই তেনে “নৈতিকতা”-ৰ বিপৰীতে অহৰহ কৰ্ম-কাণ্ড সম্পাদন কৰিছিল বুলি ধৰ্মগ্রন্থতেই প‌ঢ়িবলৈ পোৱা যায়। দয়া আৰু ক্ষমাক অন্যতম প্রধান নৈতিক প্রমূল্য বুলি প্রচাৰ কৰা ধৰ্মৰ ঈশ্বৰগৰাকীয়ে নিৰ্মমভাৱে মহাপ্লাৱন সৃষ্টি কৰি বিশ্বচৰাচৰৰ প্রায় সকলো জীৱ-জন্তু হত্যা কৰিছিল। নৰহত্যাক অনৈতিক বোলা, নৰহত্যাৰ বাবে শাস্তিৰ নিৰ্দেশনা থকা ধৰ্ম এটাৰ ভগৱানগৰাকীয়ে যুদ্ধবিমুখ মানুহক যুদ্ধ কৰিবলৈ, নৰহত্যা কৰিবলৈ প্রৰোচিত কৰিছিল। পণ্ডিতসকলে বৰ সুন্দৰকৈ দেখুৱাইছে যে বহুতো দেৱ-দেৱীয়ে ধৰ্মই নিজেই কোৱা অনেক অনৈতিক যৌন সম্পৰ্কত লিপ্ত হৈছিল। গতিকে প্রশ্ন এটা মনলৈ অহাটো অতি স্বাভাৱিক যে তেনে “অনৈতিক” কাৰ্য কৰা চৰিত্রসমূহ কেনেকৈ শ্রদ্ধাৰ আৰু পূজনীয় হ’ব পাৰে? দেৱ-দেৱীৰ তেনে যৌন সম্পৰ্কবিলাক নৈতিক নে অনৈতিক, সেই প্রসংগটো অগ্রাহ্য কৰিও আমি কথাটোৰ মাজৰ বিৰাট স্ববিৰোধটো লক্ষ্য কৰিব পাৰোঁ।

ধৰ্মীয় নৈতিকতা পৰস্পৰবিৰোধিতাৰে পৰিপূৰ্ণ। কোনো এটা ধৰ্মত এবিধ খাদ্য ভক্ষণ কৰাটো হয়তো চূড়ান্ত অনৈতিক কাৰ্য, আনহাতে হয়তো অন্য এটা ধৰ্মত সেই একেই খাদ্যটো গ্রহণ কৰাত কোনো বাধা-নিষেধ নাই। মন কৰিবলগীয়া কথা, তেনে নৈতিক পাৰ্থক্য মাত্র ধৰ্মৰ কিতাপতেই সীমাবন্ধ হৈ নাথাকি কেতিয়াবা সেইবোৰ মানুহৰ মাজৰ নগ্ন হিংসা-দ্বেষৰ কাৰক হৈ পৰে। তদুপৰি দেখা যায় যে সাধাৰণতেই ধৰ্মীয় নৈতিকতা ব্যস্ত হৈ থাকে সামাজিকভাৱে কম তাৎপৰ্যপূৰ্ণ কথা-কাণ্ড কিছুমানত। এইবিধ খাদ্য ভক্ষণ কৰিলে ধর্ম শেষ, তেনে খাদ্য খোৱাটো ভয়ংকৰ অনৈতিক কাৰ্য— এইজাতীয় কথাত সাংঘাতিক গুৰুত্ব প্রদান কৰা ধৰ্মই কিন্তু ৰজা-মহাৰজা-মন্ত্রী-আমোলাই ৰাইজৰ ধন আত্মসাৎ কৰা ঘটনাক সিমান এটা অনৈতিক কাৰ্য বুলি বিবেচনা নকৰে। নাৰী ঋতুমতী হ’লে কেনেকৈ কি কৰিব লাগে, সেইবোৰ উদ্ভট নীতি-নিয়মক লৈ ব্যস্ত থকা ধৰ্মত নাৰী অৱদমনৰ প্রতিমুখে মহত্তৰ মানৱীয় প্রমূল্যৰ উপস্থিতিৰ কোনো সাক্ষ্য পোৱা নাযায়। বৰ্ণাশ্রম, দাসব্যৱস্থা আদি অমানৱীয় ব্যৱস্থাৰ প্রতিমুখে ধৰ্মীয় নৈতিকতাই মানুহক সংগ্রাম কৰিবলৈ শিক্ষা দিয়া নাই ; বৰঞ্চ মানুহৰ সংগ্রামী মনোভাব কলিতেই বিনষ্ট কৰি দিব পৰা বহুতো বিধ্বংসী উপাদানেৰে ধৰ্মীয় নৈতিকতা পৰিপূৰ্ণ হৈ আছে।

তেনে প্রেক্ষাপটটো বিবেচনা কৰি চালে আমি এটা সিদ্ধান্তলৈ আহিব পাৰোঁ। সামগ্রিকভাৱে ধৰ্মীয় নৈতিকতা মানুহৰ বাবে— বিশেষকৈ শোষিত আৰু সংগ্রামী মানুহৰ বাবে অতি ক্ষতিকাৰক। সেয়েহে, শোষিত মানুহৰ দৃষ্টিকোণৰপৰা ধৰ্মীয় নৈতিকতাৰ ব্যৱহাৰিক উপযোগিতাৰ তত্ত্বটো এটা বৰ্জন কৰিবলগীয়া বস্তু। অৱশ্যে এইখিনিতে এটা সতৰ্ক হ’বলগীয়া দিশ আছে। এইটো কথাৰেই নিবন্ধটো শেষ কৰা যাওক।

প্রাতিষ্ঠানিক ধৰ্ম মানি চলিলেই সমাজখন নৈতিকতাৰ বিচাৰত উচ্চ হৈ নাযায় ; আৰু, ধৰ্মহীন হ’লেও সমাজ এখন অনৈতিক কাম-কাজেৰে ভাৰাক্রান্ত হৈ নপৰে। এই কথাটো আমি এই আলোচনাৰ প্রথমতেই উদাহৰণ-সহকাৰে পাই আহিছিলোঁ। কিন্তু উক্ত কথাটো বিপৰীত দিশৰপৰাও সত্য। সমাজৰ সকলো মানুহ ধৰ্মহীন-নাস্তিক হ’লেই, ধৰ্মীয় নৈতিকতাক বিসৰ্জন দিলেই যে সমাজখন সকলো ফালৰেপৰা উত্তম হৈ পৰিব, সেইটো ভাবিলে এটা ডাঙৰ ভুল কৰা হ’ব। সমাজ-জীৱনৰ শুভাশুভৰ মূল নিৰ্ণায়ক হৈছে আৰ্থ-সামাজিক ব্যৱস্থাটো। স্পষ্টতঃ, শেষ বিচাৰত, আৰ্থ-সামাজিক ব্যৱস্থাটোৱেই নৈতিকতাৰ দৰে মানৱীয় মূল্যবোধৰ ৰেহৰূপো নিৰ্ধাৰণ কৰি দিয়ে। যদি সেই ব্যৱস্থাটো মানুহৰ বৈষম্যৰ পৃষ্ঠপোষক হয়, তেনেহ’লে সেই সমাজৰ নৈতিকতাতো মানৱীয় সাম্য অৱধাৰিতভাবে অনুপস্থিত হৈ ৰ’ব। এই প্রসংগত, ধৰ্মহীন-নাস্তিকসকলে এক বিকল্প নৈতিকতাৰ সন্ধান কৰাটো অতি প্রাসংগিক যেন বোধ হয়। কাৰণ, নৈতিকতাৰহিত, নিৰালম্ব নাস্তিকতা মানৱ-জাতিৰ বাবে ভয়ংকৰ হৈ উঠাৰো সম্ভাৱনা থাকে। একাংশ নাস্তিকে কিন্তু নিৰালম্ব নাস্তিকতাৰ সম্ভাব্য ভয়াৱহতাৰ দিশটো স্বীকাৰ নকৰে। কিঞ্চিৎ পৰিহাসৰ কথা, নিৰালম্ব নাস্তিকতাৰ ক্ষতিকাৰক দিশটোৰ প্রতি উদাসীন তেনে মাৰ্গৰ চিন্তাই “সুস্থ-শান্তিৰ সমাজ এখনৰ বাবে ধৰ্মৰ প্রয়োজন আছে” – ধৰ্মবেত্তাসকলৰ এই মতটোতহে সাৰ-পানী যোগান ধৰে।

গতিকে, স্বাভাৱিকেতই, বিকল্প নৈতিকতাৰ সন্ধান কৰাটো শুভবুদ্ধিসম্পন্ন নাস্তিকৰ বাবে এটা গুৰুত্বপূৰ্ণ প্রত্যাহ্বান। কিয়নো, আকৌ দোহাৰিছোঁ, সমাজৰ আৰ্থ-সামাজিক ব্যৱস্থাটোৱেহে শেষ বিচাৰত নৈতিকতাৰ ৰেহৰূপ নিৰ্ধাৰণ কৰি দিয়ে। গতিকে মানৱীয় সাম্যৰ ভিত্তিত গ‌ঢ় দিব খোজা বিকল্প নৈতিকতাৰ বিকাশৰ সৈতে সমাজৰপৰা অসাম্য আঁতৰ কৰাৰ জটিল প্রশ্নটোও জড়িত হৈ আছে। আশা কৰিব পাৰি, মানৱ-ইতিহাসৰ সুদীৰ্ঘ বন্ধুৰ পথত উদ্ভৱ আৰু বিকাশ হোৱা বহুতো চিৰায়ত মানৱীয় মূল্যবোধ তেনে বিকল্প নৈতিকতাৰ অবিচ্ছেদ্য অংগ হৈ পৰিব। কিন্তু মন কৰিবলগীয়া কথা, সমাজৰ বাস্তৱ প্রয়োজনত জন্ম হোৱা তেনে কিছুমান নৈতিক প্রমূল্য ধৰ্মতো অন্তৰ্লীন হৈ আছে। কিন্তু ধৰ্মভিত্তিক নৈতিকতাৰ অনিবাৰ্য সীমাবদ্ধতাৰ বাবে সেইসমূহক ধৰ্মমুক্ত ৰূপ প্রদান কৰিহে ভৱিষ্যতৰ প্রস্তাৱিত বিকল্প নৈতিকতাৰ অন্তৰ্ভুক্ত কৰিব লাগিব। যিহেতু তেনে বিকল্প নৈতিকতাৰ আধাৰ ধৰ্মমুক্ত হ’ব, গতিকে ধৰ্মৰ কাৰাগাৰৰপৰা সমাজ আৰু মানৱ-মননৰ মুক্তিৰ কথাটো এই প্রসংগত অনিবাৰ্যভাৱে উত্থাপিত হ’ব। কাৰাগাৰহীন পৃথিৱী এখনৰ সপোন বাস্তৱায়িত কৰাৰ সৈতে এই কথাটো সম্পৰ্কিত হৈ আছে।

ধৰ্ম-ঈশ্বৰহীন পৃথিৱী এখনৰ সপোন দেখাটো নিশ্চয় প্রগতিশীল চিন্তাৰ সাক্ষৰ। কিন্তু সেই সপোনৰ সৈতে কাৰাগাৰহীন সমাজ এখনৰ স্বপ্নক সম্পৰ্কিত কৰিব নোৱাৰা নিৰালম্ব নাস্তিকতাই কোনো উচ্চতৰ বিকল্প নৈতিকতাৰ সন্ধান দিব পাৰিব বুলি ধাৰণা নহয়।

Share Button
Print Friendly, PDF & Email

2 Comments : "সম্পাদকৰ টোকা : কাৰাগাৰহীন পৃথিৱীৰ সপোন -(কৌশিক  দাস)"

  1. Anjan Saikia

    অতি সুন্দৰ সহজবোধ্য লিখনি l
    লগতে মননশীল , চিত্তাকৰ্ষক আৰু যুক্তিপূৰ্ণ l

  2. Anjan Saikia

    দুটামান প্ৰশ্নৰ অৱকাশ আছে-
    ''এক ধৰ্মনুক্ত মহৎ নৈতিক জীৱনবীক্ষাৰ অনুশীলনেহে শোষণ-বৈষম্য বিহীন ব্যৱস্থা এটালৈ
    সমাজক আগবঢাই নিবনে ?
    আৰু
    সাম্যবাদী সমাজ ব্যৱস্থা প্ৰতিস্থাৰ বৈপ্লবিক পৰিবৰ্তনে সমাজত এক মহান নৈতিক জীৱনবীক্ষাৰ নিশ্চয়তা প্ৰদান কৰিব পাৰিবনে ?

Leave a Comment

Your email address will not be published. Required fields are marked *