কোন বাটে অসমীয়া গান? - (বৰ্ণালী বৰুৱা দাস)

লঘু সংগীত বা জনপ্ৰিয় গীতৰ দ্বাৰা এখন সমাজ বা এটা জাতিক যি কোনো যুগ মুহূৰ্তত যিমান ভালকৈ চিনিব পাৰি আন একো শিল্পৰূপেৰেই তেনেকৈ চিনিব নোৱাৰি‌। কথাটো বুজিবলৈ আমি যিকোনো জাতিৰ যিকোনো এক যুগ মুহূৰ্তৰ লঘু সংগীতলৈ চকু দিব পাৰোঁ‌। লঘু সংগীত বোলোঁতে লোক-সংগীত আৰু ধ্ৰুপদী বা শাস্ত্ৰীয় সংগীতক বাদ দি আন জনপ্ৰিয় সংগীতৰ কথা ক’ব খুজিছো‌, যাক আমি সাধাৰণতে আধুনিক গীত বুলি কওঁ‌। তাত লোক-সংগীতৰ প্ৰভাৱ পৰিব পাৰে বা  শাস্ত্ৰীয় সংগীতৰো প্ৰভাৱ পৰিব পাৰে‌। কিন্তু সি লোক-সংগীত বা শাস্ত্ৰীয় সংগীত নহয়‌। উদাহৰণস্বৰূপে বিহুৰ সুৰৰ আধাৰত সৃষ্টি কৰা কোনো এটা গীত বা কোনো এটা ৰাগভিত্তিক গীতো আধুনিক গীতেই‌। সেই অৰ্থতেই ৰবীন্দ্ৰ সংগীত, জ্যোতি সংগীত আদিও সেই যুগ মুহূৰ্তৰ আধুনিক গীত‌। সেইসমূহৰ সুকীয়া কিছুমান বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি পাছৰ সময়ত স্ৰষ্টাৰ নামানুসৰি এক সুকীয়া ধাৰা বুলি অভিহিত কৰা হৈছে‌। আৰু এই যে এক সুকীয়া ধাৰা বুলি অভিহিত হৈছে, সেইটোও আৰোপিত নহয়‌। সময়ৰ গতিধাৰাত এনেকুৱা গীতে এক ধাৰা বুলি চিহ্নিত হোৱাৰ যোগ্যতা অৰ্জন কৰিছে অৱধাৰিতভাবে‌। সেই প্ৰসংগ পাছলৈ থৈ আমি বৰ্তমান ক’ব খোজা কথাটো হ’ল যে ধাৰাৰূপে চিহ্নিত হ’লেও এই গীতসমূহ সেই সেই সময়ৰ আধুনিক গীত‌েই‌, যাক আমি লঘু সংগীতৰ বিভাগটোত ৰাখোঁ‌। আৰু এই ধাৰাৰূপে চিহ্নিত হোৱা গীতসমূহলৈ চালেই আমি প্ৰথমে কোৱা কথাটোৰ সত্যসত্য‌ নিৰূপণ কৰিব পাৰিম। কথাটো আছিল যে লঘু সংগীত বা জনপ্ৰিয় গীতৰদ্বাৰাই এখন সমাজৰ বা এটা জাতিৰ সেই মুহূৰ্তৰ সমাজখনক আমি আটাইতকৈ ভালকৈ চিনিব পাৰোঁ‌। ইয়াত আটাইতকৈ শব্দটোত বিশেষভাৱে গুৰুত্ব দি ব’ল্ড আখৰেৰে লিখা হৈছে। কাৰণ সমাজ বা জাতিক আন শিল্পৰূপবোৰেৰেও চিনিব পাৰি‌। চিনেমা, সাহিত্য, নাটক, চিত্ৰ, এই সকলোবোৰতেই আমি সমাজখনৰ সাংস্কৃতিক অৱস্থানটো নিৰ্ণয় কৰিব পাৰোঁ নিশ্চয়! কিন্তু এইসমূহ চিত্ৰৰূপ ইমান সহজ-বিস্তৃত নহয়, যিমানখিনি জনপ্ৰিয় লঘু সংগীতৰ ক্ষেত্ৰত আমি দেখোঁ‌। চিনেমা এখন নিৰ্মাণ কৰা যথেষ্ট ব্যয়বহুল আৰু সময়সাধ্য কাৰবাৰ‌। আনকি যাৰ ওচৰলৈ সি যাব, সেই গ্ৰহিতা অৰ্থাৎ দৰ্শকেও তাৰ বাবে সময় আৰু আগ্ৰহ খৰচ কৰিব লাগিব‌। মৌখিক সাহিত্যক বাদ দি লিখিত সাহিত্যৰ বাবেও গ্ৰহিতা অৰ্থাৎ পাঠকৰ সাক্ষৰতাৰ কথাটো পূৰ্বচৰ্ত‌। কিন্তু গানৰ ক্ষেত্ৰত সেইটো নহয়‌‌। নিজৰ ন্যূনতম আয়োজন নোহোৱাকৈও শ্ৰোতাৰ কাণলৈ গান এটা যাব পাৰে‌। সি লাগিলে কোনোবা অত্যুৎসাহী প্ৰতিবেশীৰ উচ্চগ্ৰামৰ মিউজিক ছিষ্টেমৰপৰা ভাহি অহা সংগীতপ্ৰীতিৰ নিদৰ্শনেই হওক, সভা-সমিতি, পূজা-পাৰ্বণ, ৰাজহুৱা পৰিবহণ আদিৰপৰা ভাহি অহা সংগীতেই হওক, গান এটা শ্ৰোতাৰ কাণলৈ অনিচ্ছাকৃতভাৱেও যাব পাৰে‌। নিজৰ ইচ্ছাৰে কৰা আয়োজনৰ কথাটো বেলেগেই‌। আৰু এই সহজলভ্যতা বা সহজ-বিস্তৃতিৰ বাবেই কোনবোৰ গাননো ঠিক এক যুগ মুহূৰ্তত এখন সমাজৰপৰা সৃষ্টি হৈ আছে সি সেই সমাজখনৰ সেইখিনি সময়ৰ সাংস্কৃতিক অৱস্থানটো আনবোৰ শিল্পৰূপতকৈ অধিকভাৱে প্ৰকট কৰিবলৈ সক্ষম‌।

গতিকে জনপ্ৰিয় সংগীতৰ ইতিহাসৰপৰাই আমি সমাজ এখনৰ সমাজ-সাংস্কৃতিক ইতিহাসো অধিক সহজে অধ্যয়ন কৰিব পাৰোঁ‌। ‘বাসনা উৰ্বসী বিবসনা’ হোৱাৰপৰা কোন বাটেৰেনো আহি অসমীয়া গানে ‘কাপোৰৰ জাপেৰে ঢাকি-ঢুকি থোৱা হেৰিখন চাবলৈ মন যোৱা’ৰ পৰ্যায় পালেহি তাক জানিবলৈ জনপ্ৰিয় অসমীয়া গানৰ ইতিহাস আমি মেলিবই লাগিব‌। আৰু কেবল গানৰ কথাই নহয়, গানৰ সুৰ সংৰচনালৈ কেনেকুৱা বিবৰ্তন আহিছে, সময়ৰ লগে লগে গায়কীৰ সূক্ষ্ম পৰিবৰ্তনবোৰ কেনেকুৱা, কোনটো সামাজিক পৰিবেশৰ সাৰ-পানীৰপৰা পুষ্টি অৰ্জন কৰি কোনবোৰ লঘু সংগীত জনপ্ৰিয় হৈছিল আৰু হৈছে, সেই কথা জানিবলৈকে এই ইতিহাস চৰ্চাৰ প্ৰয়োজন‌।

দুখৰ বিষয়, অসমত জনপ্ৰিয় বা লঘু সংগীতৰ ইতিহাস বিশ্লেষণৰ তেনে কোনো প্ৰয়াসেই চকুত নপৰে‌। শেহতীয়াভাৱে অৱশ্যে সুগায়ক তথা লেখক লোকনাথ গোস্বামীয়ে ‘অসমীয়া আধুনিক গীতৰ ইতিহাস’ নামৰ সংকলন এখন পাঠকলৈ আগ বঢ়াই দিছে‌। কিতাপখনত আধুনিক গীতৰ বিবৰ্তনৰ ইতিহাস বিধৃত হৈছে নে নাই হোৱা সেই বিষয়ে এই লেখিকা জ্ঞ‌াত নহয়। যি নহওক, ইয়াৰ বাহিৰে এই বিষয়ৰ তেনে কোনো সচেতন প্ৰয়াস চকুত নপৰে‌। অসমীয়া আধুনিক গানৰ বিষয়ে কোনোবাই লিখিবলৈ ল’লেও খুব বেছি, হায় হায় অসমীয়া গানৰ কি দুৰ্দশা হ’ল বুলি ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, খগেন মহন্ত বা ৰুদ্ৰ বৰুৱাৰ দুটামান গানৰ উদ্ধৃতিৰে এক মোহাবিষ্ট অতীত ৰোমন্থনতেই কাম সমাপ্ত কৰা হয়‌। অৱক্ষয়ৰ কাৰণ অনুসন্ধানৰ প্ৰয়াসটো দূৰৰে কথা‌। বহু ক্ষেত্ৰত এই ৰোমন্থনকাৰীসকলে যে নিজৰ বিশেষ আয়োজনেৰে আৰু মনোযোগেৰে সেই উদ্ধৃত কৰা গানসমূহো শুনে তাতো সন্দেহ আছে‌। কাৰণ তেনে দুই-তিনি শাৰীৰ উদ্ধৃতিৰ মাজতেই দুই-তিনিটা শব্দৰ ইফাল-সিফাল প্ৰায়েই থাকে। আকৌ এই দুৰ্দশাৰ দিনত ক’ৰবাত যদি কিবাকৈ ভাল সৃষ্টি হৈছেও, তাৰ খবৰ ৰাখিবলৈকো তেনে আলোচকৰ আহৰি নাই‌। গতিকে এই কথা কোৱা বাহুল্য নহয় যে সুস্থ আলোচনা-সমালোচনাৰ অভাৱেও অসমীয়া লঘু সংগীতৰ আজিৰ এই অৱক্ষয়িত ৰূপটো পোৱাত অৰিহণা যোগাইছে‌।

কিন্তু, ‘অৱক্ষয়িত ৰূপ’ বুলি যে ক’লো? এইটোও অতীতৰ মোহমুগ্ধতা আৰু নতুনক গ্ৰহণ কৰিব নোৱৰা ৰক্ষণশীল প্ৰতিক্ৰিয়াই নেকি? সকলোলৈকে পৰিবৰ্তন আহিছে, গানলৈ নাহিব কিয়? এই যুক্তিৰে নতুনকৈ নিৰ্মিত এটা তত্ত্বও আজিকালি আগ বঢ়াই দিয়া হৈছে‌। সেইসকলে ক’ব খোজে যে এনেকৈ ‘অসমীয়া আধুনিক গানৰ সাম্প্ৰতিক অৱক্ষয়’ বোলা ধাৰণাটো এটা ‘জাতীয়তাবাদী ক্লিচ্ছে’‌। আচলতে এই যুক্তিৰে অৱক্ষয়ক অৱক্ষয় নুবুলি তেওঁলোকেও এই অৱক্ষয়িত সংস্কৃতিৰ সংৰক্ষণ আৰু প্ৰসাৰতহে হাত উজান দিছে‌।

এই কথা সত্য যে হাজাৰ ঐশ্বৰ্যশালী হ’লেও সেই অতীতক খামুচি সংস্কৃতি কেতিয়াও একে ঠাইতে ৰৈ নাথাকে‌। বিশেষকৈ আমি যাক ‘আধুনিক’ শব্দটোৰে বিভূষিত কৰিছো সি প্ৰকৃতাৰ্থত আধুনিকতা অৰ্জন কৰাটো বাঞ্ছনীয়‌। আৰু সেই কাৰণতেই সম্ভৱ অসমীয়া আধুনিক গানত অলপ হুলস্থূলীয়া বাদ্যযন্ত্ৰৰ সংযোগ ঘটিছে‌। ৰক্‌, পপ্‌, ব্লুজৰ সুৰৰ আমদানি কৰা হৈছে‌। কিন্তু কেৱল এইবোৰৰ সংযোগৰ বাবেই এই গীতবোৰক আমি আধুনিক বুলি ক’ম নে? বা আনধৰণেৰে প্ৰশ্নটো সুধিলে এনেকুৱা হ’ব, যিবোৰ গীতক আমি এতিয়া আধুনিক আখ্যা দিছো, সেইবোৰ সঁচা অৰ্থত আধুনিক নে? সকলোলৈকে পৰিবৰ্তন আহিছে, গানলৈ কিয় নাহিব বুলি যে কৈছো, সঁচাকৈয়ে তেনে কিবা পৰিবৰ্তন আহিছে জানো গানলৈ? কথা, সুৰ, গায়কী, এই সকলো মিলি? নে এতিয়াও গানত সেই লাহী কঁকাল ভঙা ভন্টীজনী নহ’লেই নহয়? নে প্ৰেমত পৰি নিশা টোপনি নহা কথাষাৰৰ বাহিৰে আৰু বেলেগ কথা নায়েই? আৰু বেলেগ ভাব, বেলেগ কথা, বেলেগ আংগিক যদি নায়েই, আনকি সুৰটোতো পৰিচিত বিহুনামৰ সুৰ সানিবই লাগিব, তেন্তে সি আধুনিক হ’ল কেনেকৈ? তাক আধুনিক বোলাবলৈ অলপমান ৰক্‌, পপ্‌, ৰেপ মিহলাই দিলেই হৈ যাব নে? আমোদজনকভাৱে ‘ৰেপ-বিহু’ নামেৰে নিজে আধুনিক ধাৰাৰ সৃষ্টি কৰিব খোজা গায়কেও আকৌ সেই লাহী কঁকালৰ ভন্টীজনীক আধুনিক হ’বলৈ কোনোমতেই নিদিয়ে‌। কথাটো এনেকুৱা, - আধুনিকতাৰ নামত মই ৰেপ্‌ গাম, পপ্‌ গাম, ৰক্‌ গাম যি গাম গাম, তুমি পিছে ভন্টী অকণো সলনি হ’ব নোৱাৰিবা‌। ডিস্ক’ নানাচিবা, জিনছ্ নিপিন্ধিবা‌। হাতত জেতুকা ল’বা, মুখত কেঁচা হালধি সানিবা, চুলি দীঘলকৈ ৰাখিবা, তাক মণিচালেৰে ধুবা‌। মুঠতে তুমি অপৰিবৰ্তনীয় হৈ থাকিবা‌। আৰু এই অপৰিবৰ্তনীয় হৈ থকাৰ মানসিকতাক আমি আধুনিক বুলি মানি ল’ব লাগিব‌ একমাত্ৰ অকণমান অপভ্ৰংশিত ৰেপৰ সুৰ সংযোজনৰ বাবেই‌!!! আনহাতে, এচাম ‘ৰুচিশীল অসমীয়াৰ’ বাবে এইবোৰ একো সমস্যাই নহয়‌। চেংমৰা, ঢেঁকীয়া, পাতত দিয়া ডঁৰিকণা, চেৱা দিয়া বৰা চাউল, শ’লে-মূলে ৰান্ধি খুওৱা, ‘মাটিৰ গোন্ধে’ মলমলাই থকা গানতো আৰু সমস্যা হ’ব পাৰে নে? সেইকাৰণেই ‘মাটিৰ গোন্ধ’ বজাৰত বিক্ৰী কৰিবলৈ বেপাৰীসকলে ভাল পায়‌।

পাহৰিলে নহ’ব যে গ্ৰাহকৰ বিপুল চাহিদাৰ সেই ‘মাটিৰ গোন্ধৰ’ হাত ধৰিয়েই বাঁহৰ চুঙাৰ দৈৰে খোৱা এবাতি চিৰা আৰু তপিনা ডাঙৰ ছোৱালীৰ জুতি একে হৈ পৰিছিল। সেই জুতি লৈ লৈ এটা সময়ত সেই জুতিয়েই অসমীয়া আধুনিক গানৰ একমাত্ৰ গানৰ ভাষা হৈ পৰেগৈ‌। ‘মাটিৰ গোন্ধ’ৰ লগত মিহলি হৈ অহা ‘অশ্লীলতা’খিনি তেতিয়া সমস্যা হয়হি‌। ‘অশ্লীলতা’ বুলি চিনাক্ত কৰা বস্তু নাথাকিলেই বাকীবোৰ সকলো চলি যাব‌ - এই মানসিকতা অৰ্জন কৰি আধুনিক গানৰ নামত পুৰণি ঘেৰঘেৰীয়া ৰেকৰ্ডখনকে বজাই থকা হয়‌।‘অৱগুন্ঠন গুচোৱা হে প্ৰিয়া, দেখি শাঁত পৰক এই হিয়া, হৰিণী নয়ন দুটিৰে প্ৰাণৰ মদিৰা বাকী দিয়া’—এনেকুৱা কথাৰ গান এটাও অত্যাধুনিক বাদ্য-যন্ত্ৰ আৰু ৰক্‌ পপ্‌ আদিৰ সুৰৰ সংযোগে প্ৰকৃতাৰ্থত আধুনিক কৰি তুলিব নে? সন্দেহ নাই যে এনেকুৱা গীতবোৰক তথাকথিত ৰুচিশীল মহলে এক সুন্দৰ প্ৰেমৰ গীত বুলি, লগতে আধুনিক গীত বুলি স্বীকৃতি দিব‌। পিছে কোন আধুনিক প্ৰিয়াইনো এনেকৈ অৱগুণ্ঠনৰ আঁৰ কৰি ৰাখে নিজকে? কোনোবা গীতিকাৰক লিখাৰ প্ৰেৰণা দিবলৈকে ওৰণিয়ে-বাৰণিয়ে মুখ ঢাকি ৰখা ‘প্ৰিয়া’ এজনীক আমি আধুনিক বুলিমেই বা কিয়? সেই তাহানিৰেপৰা ব্যৱহাৰ কৰি কৰি জৰাজীৰ্ণ হোৱা শব্দ আৰু চিত্ৰৰে নিৰ্মিত এনেকুৱা গানকেই আমি এতিয়াও আধুনিক বুলি ক’ব লগাটোৰ সমান দুৰ্ভাগ্য আৰু আছে কি? গতিকে অসমীয়া আধুনিক গানৰ সমস্যাটো এতিয়া এক কথাত ক’বলৈ গ’লে আধুনিকতা অৰ্জন কৰিব নোৱৰাটোহে‌। জনপ্ৰিয় আধুনিক গানে প্ৰকৃতাৰ্থত আধুনিকতা অৰ্জন নকৰি পুৰণি ৰেকৰ্ডখন বজাই থকালৈকে মাজে মাজে ‘হেৰি’ৰ দৰে বাজে বস্তু আহি থাকিব‌।

পিছে দুখৰ বিষয়, গল্প-কবিতা-চিনেমা আদিক লৈ সদা-সচেতন লোকেও, আনহে নালাগে এইবোৰৰ একেবাৰে নিৰ্দয় আৰু অনুপুংখ বিশ্লেষণ কৰা লিখকেও সংগীতৰ ক্ষেত্ৰত নিৰৱতা আৰু নিৰুদ্বিগ্নতা দেখুৱায়। কোনো ভাল কামৰো প্ৰশংসা নাই, বেয়া কামৰ বাবেও উদ্বেগ নাই‌। নতুনত্বৰ নামত বাছ-বিচাৰ নোহোৱাকৈ আদৰি লোৱা খন্তেকীয়া জনপ্ৰিয়তাৰ শীৰ্ষবিন্দুত আৰোহণ কৰা কিছুমান গানৰ সমালোচনা কৰি বিপদ চপাই লোৱাৰ পক্ষপাতী নহয় এইসকল লেখক‌। আনকি কেতিয়াবা অতিকে নিম্ন মানৰ গানৰো তেওঁলোক উৎসাহী সমৰ্থকহে‌ হৈ পৰে। আৰু তেনে সমৰ্থনৰ নায্যতা প্ৰদান কৰা হয়, ‘গানটো শুনি মোৰ ভাল লাগিছে’ - এই উক্তিৰে‌। অথচ গল্প-কবিতা-চিনেমা আদিৰ ক্ষেত্ৰত বহুজনৰ ‘ভাল লগা’ক আওকাণ কৰিও তাৰ যথোচিত সমালোচনা কৰিবলৈ তেওঁলোকে দ্বিধাবোধ নকৰে। (কৰা উচিতো নহয়‌।)

‘গানটো শুনি মোৰ ভাল লাগিছে’ - এই উক্তিয়েই গান এটাক ভাল গান বুলি ক’ব পৰাকৈ যথেষ্ট নহয়‌। কাৰণ সুৰৰ এটা প্ৰচণ্ড শক্তি আছে‌। এই শক্তিৰ জোৰতেই অতি নিকৃষ্ট কথাইও পাৰ পাই যাব পাৰে‌। গান শুনাটোৱেই এটা সামগ্ৰিক কাৰবাৰ। কেৱল সুৰ আৰু গায়কৰ কণ্ঠই সকলো নহয়‌। নহ’লে ধুনীয়া সুৰত বান্ধি ভাল কণ্ঠৰে কেৱল তা না না না, লা লা লা বুলি গাই থকাকো আমি গান বুলিলোহেতেন‌। নাইবা যন্ত্ৰ-সংগীতেই আমাৰ বাবে যথেষ্ট হ’লহেঁতেন‌। তাকে নকৰি আমি গান শুনো কিয়? গান হ’বলৈ হ’লে অন্ততঃ তাত কথা আৰু সুৰ এই দুটা বস্তু থাকিব লাগিব‌। লগতে লয়, তাল, ছন্দ, এই সকলোবোৰৰ সামগ্ৰিক ৰূপ এটাই গান হৈ আমাৰ কাণত প্ৰবেশ কৰে‌। সন্দেহ নাই যে এই সামগ্ৰিক ৰূপটোৱে সকলোৰে মগজুত একে প্ৰতিক্ৰিয়া বা হৃদয়ত একে অনুৰণন নোতোলে‌। তথাপি এটা ভাল গান হ’বলৈ হ’লে সি এটা সামগ্ৰিকতাৰ স্তৰত উৰ্ত্তীৰ্ণ হ’বই লাগিব‌। আৰু আধুনিক গান বুলি ক’বলৈ সেই সামগ্ৰিকতাৰ সৈতে যোগ হ’ব লাগিব সঁচা অৰ্থত আধুনিকতাৰ চাপ‌। ‘তোমাৰ ভাবনাত ৰাতি টোপনি নহা’ প্ৰেমৰ গান নিৰ্দয়ভাৱে দলিয়াই দিব পৰাৰ ক্ষমতা থাকিব লাগিব‌। প্ৰেমৰ গানেই হওক‌। কিন্তু তাতো নতুন আংগিক, নতুন দৰ্শন নানিলে নহ’ব‌।

পিছে সেই নতুন আংগিক, নতুন দৰ্শন ওপৰৰপৰা সৰি নপৰে‌। তাৰ বাবে সাধনা লাগিব‌। সাধনা মানে কেৱল ‘সা ৰে গা মা পা’য়েই নহয়‌। সাধনা মানে অধ্যয়ন‌। নতুনত্বৰ বাবেও গানৰ ইতিহাস জানিব লাগিব‌। সামাজিক-সাংস্কৃতিক আৰু আৰ্থ-ৰাজনৈতিক পৰিবেশক নজনাকৈ ভাল আধুনিক গান সৃষ্টি হ’ব নোৱাৰে‌। সমাজ পৰিবৰ্তনৰ আহিলা হোৱা গানতো সৃষ্টি নহয়েই, আনকি আধুনিক প্ৰেমৰ গানো সৃষ্টি নহয়‌।

Share Button
Print Friendly, PDF & Email

No Comments : "কোন বাটে অসমীয়া গান? - (বৰ্ণালী বৰুৱা দাস)"

Leave a Comment

Your email address will not be published. Required fields are marked *