কৰ্মস্থানত নাৰীৰ যৌন নিৰ্যাতন : ৰাষ্ট্ৰ আৰু সমাজব্যৱস্থা -(গীতালী  বৰপাত্ৰগোহাঁই)

“Women are the only oppressed group in our society that lives in intimate association with their oppressors.” - Evelyn Cunningham

সমাজৰ বিভিন্ন প্ৰান্তত শোষিতসকলৰ ভিতৰত নাৰীয়েই হৈছে একমাত্ৰ, যি শোষকৰ লগত একেলগে আৰু অন্তৰংগহৈ বাস কৰে। নাৰীজনিত অপৰাধ কেৱল নিৰ্দিষ্ট ধৰ্মৰ মাজত বা কেৱল দৰিদ্ৰ আৰু অশিক্ষিত শ্ৰেণীৰ মাজত সংঘটিত হোৱা অপৰাধ নহয়, ইয়াৰ বিপৰীতে ই বিস্তাৰিত হৈ থাকে সমাজৰ যিকোনো ক্ষেত্ৰলৈ অৰ্থাৎ পৰিয়ালৰ পৰা ৰাজপথলৈ, চিকিৎসাগৃহৰ পৰা সেনাৰ ছাউনিলৈ অথবা শিক্ষানুষ্ঠানৰ পৰা কৰ্মস্থানলৈ।

১৯৯২ চনত ৰাজস্থানত সংঘটিত ভাৱৰী দেৱীৰ ধৰ্ষণ আৰু ধৰ্ষণ কাণ্ডত জড়িত হৈ পৰা আইনী প্ৰক্ৰিয়াৰ মেৰ-পাকে প্ৰথমবাৰৰ বাবে কৰ্মক্ষেত্ৰত নাৰীৰ যৌন নিৰ্যাতন বিষয়টো ভাৰতৰ সচেতন মহলৰ মাজলৈ লৈ আনে। বৰ্ণবৈষম্য, বাল্যবিবাহ আদিৰে জুৰুলা হৈ থকা ৰাজস্থানৰ ভাটেৰী নামৰ গাঁওখনৰ বাল্য বিবাহ প্ৰথাত বাধা দিয়াৰ হেতু উচ্চ বৰ্ণৰ বহু লোকৰ বাবে নাৰীৰ উন্নয়ন সম্পৰ্কীয় এক প্ৰকল্পৰ তৃণমূল পৰ্যায়ৰ সমাজকৰ্মী, নিম্ন বৰ্ণৰ ভাৱৰী দেৱী শত্ৰু হৈ উঠিছিল। ১৯৯২ চনৰ ২২ ছেপ্টেম্বৰত ভাৱৰীয়ে পতি মোহনলালৰ লগত পথাৰত কাম কৰি থকা অৱস্থাত পাঁচজন লোকে মোহনলালক মাৰ-পিট কৰি অচেতন কৰি তোলে আৰু ভাৱৰীক দলবদ্ধ ধৰ্ষণ কৰে।

ভাৱৰী দেৱীৰ ধৰ্ষণ কাণ্ডই ন্যায় ব্যৱস্থাৰ লেহেমীয়া, বৈষম্যমূলক স্বৰূপক নগ্নভাৱে উদঙাই দিছিল। প্ৰথমাৱস্থাত আৰক্ষীয়ে এই অভিযোগ ল'বলৈ অস্বীকাৰ কৰে এই যুক্তিত যে ধৰ্ষণ হ'ব পৰাকৈ ভাৱৰী দেৱী আকৰ্ষণীয় নহয় আৰু বয়সিয়াল। পাছত আৰক্ষীয়ে অভিযোগ লয় যদিও স্বাস্থ্যপৰীক্ষাৰ বাবে ভাৱৰী উপস্থিত হোৱা জয়পুৰৰ চিকিৎসা-কৰ্মীসকলে মেজিষ্ট্ৰেটৰ নিৰ্দেশ নোপোৱালৈকে পৰীক্ষা নকৰাৰ সিদ্ধান্ত লয় আৰু মেজিষ্ট্ৰেটে তেওঁৰ কৰ্মৰ সময় পাৰ হৈ যোৱাৰ অজুহাতত পৰৱৰ্তী দিনৰ বাবে ভাৱৰীক অপেক্ষা কৰিবলৈ কয়, যাৰ ফলস্বৰূপে ভাৰতৰ আইন অনুসৰি ‘vaginal swab’ ধৰ্ষণৰ ২৪ ঘন্টাৰ ভিতৰত লোৱাটো বাধ্যতামূলক যদিও ভাৱৰীৰ ক্ষেত্ৰত ইয়াক ৪৮ ঘণ্টাৰ পাছত লোৱা হয়। ধৰ্ষণৰ দুবছৰ পাছত আৰম্ভ হোৱা জিলা পৰ্যায়ৰ তদন্তত  পাঁচজনকৈ বিচাৰকৰ সাল-সলনিৰ পাছত অৱশেষত ষষ্ঠ বিচাৰকৰ অধীনত অভিযুক্তসকলক নিৰ্দোষী ঘোষণা কৰা হয়। বিচাৰকৰ যুক্তি অনুযায়ী ভাৱৰী দেৱীৰ স্বাস্থ্য পৰীক্ষা ৪৮ ঘন্টাৰ পাছত কৰা হৈছিল আৰু ধৰ্ষণ সংঘটিত হোৱাৰ সময়ত ভাৱৰীৰ পতি অচেতন অৱস্থাত আছিল, গতিকে বিচাৰকে ভাৱৰীয়ে মিছাকৈ অভিযোগ অনা সম্ভৱ বুলি ৰায় দিয়ে। বিচাৰকৰ মতে উচ্চ বৰ্ণৰ পুৰুষ, (যাৰ মাজত এজন ব্ৰাহ্মণ আছিল) তেওঁলোকে নিম্ন বৰ্ণৰ এগৰাকী নাৰীক ধৰ্ষণ নকৰে। অভিযুক্তসকলৰ দুজনৰ মাজত খুৰা-ভতিজাৰ সম্পৰ্ক থকাৰ বাবে ক'ৰ্টে ৰায় দিয়ে যে ভাৰতৰ দৰে দেশৰ গাঁৱৰ এজন খুৰাকে ভতিজাকৰ সম্মুখত ধৰ্ষণ সংঘটিত কৰাটো কেতিয়াও সম্ভৱ হ’ব নোৱাৰে। এই ৰায়দানৰ ফলত সৃষ্টি হোৱা অসন্তুষ্টি আৰু প্ৰতিক্ৰিয়াৰ বাবে ৰাজস্থানৰ বিশাখা নাৰী সংগঠনৰ নেতৃত্বত বিচাৰলানি ভাৰতৰ উচ্চতম ন্যায়লয়লৈ প্ৰেৰণ কৰা হয়। ৰাজস্থান চৰকাৰৰ বিৰুদ্ধে বিশাখা নাৰীসংগঠনৰ এই পদক্ষেপৰ বাবে ১৯৯৭চনত প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষত কৰ্মস্থানত নাৰীৰ যৌনউৎপীড়নৰ প্ৰাথমিক সংজ্ঞানিৰ্ধাৰণ কৰা হয় আৰু উচ্চতম ন্যায়ালয়ৰ দ্বাৰা কৰ্মস্থানত মহিলাৰ যৌন নিৰ্যাতন প্ৰতিৰোধ আইনৰ বাবে বিশাখা গাইড লাইন গঠন কৰি তোলা হয়। এই ঘটনাৰ কোনো উচিত ন্যায় ভাৱৰী দেৱীয়ে পোৱা নাই (ইতিমধ্যে দুজন অভিযুক্তৰ মৃত্যু হৈছে), কিন্তু ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমৰ্থন তথা ১৯৯৪ চনত  Neerja Bhanot Memorial Award আৰু ১৯৯৫ চনত চীনৰ বেইজিঙত অনুষ্ঠিত United Nations 4th world Conference on Womenঅলৈ ভাৱৰী দেৱীক আমন্ত্ৰিত কৰা হয়।

১৯৯৭ চনৰ পৰা এক দীঘলীয়া সময়ৰ পাছত ২০১৩ চনত কৰ্মস্থানত মহিলাৰ যৌন নিৰ্যাতন (প্ৰতিৰোধ, নিষিদ্ধকৰণ আৰু প্ৰতিকাৰ) আইনখন নতুনকৈ গঠন কৰি তোলা হয়। এই নতুন আইনে বিশাখা গাইড লাইনৰ ‘কৰ্মস্থান’ৰ পৰম্পৰাগত সংজ্ঞাক ভংগ কৰি ইয়াক বহল পৰিসৰত সংজ্ঞাবদ্ধ কৰিছে। ‘কৰ্মস্থান’ শব্দটোক ইয়াত নিয়োগকৰ্তাই যোগান ধৰা যান-বাহন আদিকো সামৰি মহিলাৰ নিয়োগৰ সৈতে জড়িত ব্যক্তিগত, ৰাজহুৱা আদি ক্ষেত্ৰ, চৰকাৰী মালিকানাধীন-নিয়ন্ত্ৰণাধীন প্ৰতিষ্ঠান, চিকিৎসালয়, নাৰ্ছিং হোম, বৃত্তিমূলক-শিক্ষামূলক-ক্ৰীড়া-প্ৰশিক্ষণ-অনুষ্ঠান, অনান্য আনুষ্ঠানিক/অনানুষ্ঠানিক কৰ্মৰ ক্ষেত্ৰ (যেনে ইটা ভাতা, বিউটি পাৰ্লাৰ, পাব, ক্লাবঘৰ, বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠান আদি) আৰু নিয়োগজড়িত কৰ্তব্যত থাকোতে মহিলাই পৰিদৰ্শন কৰা সকলো ঠাইলৈ সম্প্ৰসাৰিত কৰা হৈছে ।

ভাৰতীয় দণ্ডবিধি আইনৰ ৩৫৪ (ক) দফা  আৰু নতুন আইনখনে দিয়া সংজ্ঞা অনুসৰি যৌনউৎপীড়ন মৌখিক, অ-মৌখিক, লিখিত, শাৰীৰিক, চিত্ৰায়িত আৰু বৈদ্যুতিন আদি যিকোনো ৰূপতেই হ’ব পাৰে। শাৰীৰিক সান্নিধ্য আৰু শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ, যৌন-অনুগ্ৰহৰ বাবে অনুৰোধ বা দাবী কৰা, পৰ্ন'গ্ৰাফি বা অশ্লীল ছবি দেখুওৱা, যৌনগন্ধী মন্তব্য কৰা, অ-মৌখিক যৌনপ্ৰস্তাৱ-কাৰ্য বা যৌনপ্ৰকৃতিৰ আচৰণ আদি সকলো যৌনগন্ধী ঘটনাক এই আইনে ইয়াৰ পৰিসৰত আগুৰি লৈছে। যৌনউৎপীড়নৰ গুৰুতৰ পৰ্যায়কেই নহয়, লঘুৰূপ যেন লগা যৌন-উৎপীড়নকো এই আইনখনৰ অন্তৰ্ভুক্ত কৰা হৈছে। কাৰণ প্ৰাৰম্ভিক অৱস্থাত সাধাৰণভাৱে দিয়া যৌনগন্ধী ইংগিতসমূহেই ধৰ্ষণৰ প্ৰচেষ্টা বা ধৰ্ষণৰ দৰে চৰম পৰ্যায়লৈ বৃদ্ধি পাব পাৰে। এনেক্ষেত্ৰত মহিলা এগৰাকীয়ে এক যৌনগন্ধী ইংগিত সহ্য কৰি থকা মানেই ইংগিত দিওঁতাক পৰৱৰ্তী পৰ্যায়লৈ অৰ্থাৎ এক ধৰ্ষণকাণ্ডলৈ উৎসাহিত কৰা কাৰ্য।

এই আইন অনুসৰি নিয়োগকৰ্তাই ব্যৱসায়িক প্ৰতিষ্ঠান, বৃহৎ সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ শাখা বা প্ৰশাসনীয় বিভাগ আদি য’ত ১০ বা ততোধিক কৰ্মচাৰীক কামত নিয়োগ কৰা হৈছে, তাত একোখন আভ্যন্তৰীণ অভিযোগ কমিটি (Internal Complaint Committee বা ICC) গঠন কৰাটো নিতান্তই বাধ্যতামূলক। নিয়োগকৰ্তাৰ বাবে কেতবোৰ কৰ্তব্য, যেনে-সজাগতা সৃষ্টিৰ বাবে কৰ্মশালা-আলোচনাচক্ৰ আদিৰ আয়োজন, ভুক্তভোগী মহিলাৰ বাবে প্ৰতিকাৰৰ ব্যৱস্থা সুনিশ্চিত কৰা আদি তালিকাভুক্ত কৰাৰ উপৰি কোনো ব্যৱসায়স্থানলৈ আগমন ঘটা মহিলা ব্যৱসায়ী বা ব্যৱসায় সংক্ৰান্তত অহা মহিলা অতিথিসকলকো অভিযোগ দাখিল কৰাৰ অধিকাৰ এই আইনে প্ৰদান কৰিছে। আভ্যন্তৰীণ অভিযোগ কমিটিৰ গঠন প্ৰণালীত দুভাগৰ এভাগ সদস্যই মহিলা হোৱাটো বাধ্যতামূলক। যিগৰাকী নিয়োগকৰ্তাই আভ্যন্তৰীণ অভিযোগ কমিটি গঠন কৰাত ব্যৰ্থ হয়, তেওঁ জৰিমনা ৫০,০০০ টকালৈকে ভৰিব লগা হ’ব আৰু লগতে অনুষ্ঠান চলাই যোৱাৰ অনুজ্ঞাপত্ৰও হেৰুৱাব লগা হ’ব পাৰে। আনহাতেযদি কোনো কৰ্মস্থানত ১০জনতকৈ কমসংখ্যক কৰ্মচাৰী থাকে, য’ত আভ্যন্তৰীণ অভিযোগ কমিটি গঠন হোৱা নাই আৰু যদিহে কোনো গোচৰ উৎপত্তি হয় তেতিয়া স্থানীয় অভিযোগ কমিটিত (Local Complaint Committee বা LCC) অভিযোগ দাখিল কৰিব পাৰিব। স্থানীয় অভিযোগ কমিটিবোৰ জিলাপৰ্যায়ত বা তাতোকৈ নিম্নস্তৰত জিলা-প্ৰশাসকে গঠন কৰে। আভ্যন্তৰীণ অভিযোগ কমিটি আৰু স্থানীয় অভিযোগ কমিটিৰ গঠনপ্ৰণালীত কোন কোন সদস্য থাকিব তাৰবাবেও এই আইনে নিৰ্দিষ্ট নিয়ম বান্ধি দিছে। এই আভ্যন্তৰীণ কমিটি বা স্থানীয় কমিটিত ভুক্তভোগী মহিলাই গোচৰপঞ্জীয়ন কৰি ইয়াৰ সহযোগত ন্যায় তথা বিচাৰৰ বাবে আইনগত প্ৰতিবেদন দাখিল কৰিব পাৰিব। ভুক্তভোগী মহিলাই পাব পৰা ক্ষতিপূৰণৰ উপৰি বিচাৰ প্ৰক্ৰিয়া চলি থকা সময়ত ভুক্তভোগী মহিলাই ICCলৈ সাময়িক বা অস্থায়ী উপশম বিচাৰি আবেদন কৰাৰ সুবিধা এই আইনে প্ৰদান কৰিছে। তদন্ত প্ৰক্ৰিয়া খৰতকীয়া কৰিবলৈ নিৰ্দিষ্ট সময়ো ধাৰ্য কৰি দিয়া হৈছে। ICCয়ে অপৰাধৰ ওপৰত ভিত্তি কৰি অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থালৈ জৰিমণা বিহিব পাৰে আৰু বেছি গুৰুতৰ অপৰাধৰ ক্ষেত্ৰত ভাৰতীয় দণ্ডবিধি আইনৰ (IPC) সহায় ল'ব পাৰিব। এগৰাকী ভুক্তভোগী মহিলাই ভাৰতীয় দণ্ডবিধি আইন আৰু কৰ্মস্থানত মহিলাৰ যৌননিৰ্যাতন প্ৰতিৰোধ আইনৰ অধীনত সমান্তৰালভাৱে আইনী প্ৰক্ৰিয়া চলাই যাব পাৰে। আনহাতে, কোনো মহিলাই যদি কু-অভিপ্ৰায়েৰে মিছা অভিযোগ উত্থাপন কৰিব বিচাৰে বা কোনো অভিযোগকাৰীয়ে দাখিল কৰা প্ৰমাণবোৰ যদি মিছা প্ৰমাণিত হয়, তেন্তে তেনে অভিযোগকাৰীৰ বিৰুদ্ধে কাৰ্যপন্থা লোৱাৰ বিষয়েও এই আইনে উল্লেখ কৰিছে।

কৰ্মস্থানত মহিলাৰ যৌনউৎপীড়ন সম্পূৰ্ণৰূপে মষিমূৰ কৰাৰ উদেশ্যে গঠিত এই আইন কিন্তু সমালোচনাৰ ঊৰ্ধত নহয়। প্ৰধানতঃ এই আইন নগৰকেন্দ্ৰিক বাবে কৃষিখণ্ডৰ মহিলাসকল, পথ নিৰ্মাণ আদিত জড়িত নাৰী আৰু সামৰিকবাহিনীৰ মহিলাসকলৰ বিষয়ে উল্লেখ কৰা নাই বুলি অভিযোগ উত্থাপন হয়। অথচ সামৰিকবাহিনীত পুৰুষৰ দমনশক্তিৰ প্ৰভাৱো বেছি আৰু দেশৰ অধিকাংশ মহিলায়েই বৃহৎ কৃষিখণ্ডকো সাঙুৰি আছে। কিছু সমালোচকৰ মতে এই আইনে কৰ্মস্থানত মহিলা-পুৰুষৰ মাজত মুকলি পৰিৱেশ সৃষ্টিত ব্যাঘাত জন্মাব। পুৰুষ কৰ্মচাৰীসকল সকলো সময়তে সজাগ হৈ থাকিব লাগিব। তেওঁলোকে মহিলা সহকৰ্মীৰ লগত যিকোনো আন্তৰিক বা বন্ধুত্বপূৰ্ণ ব্যৱহাৰ কৰাৰ বাবে সংকোচ আৰু অস্বস্তি বোধ কৰিবলৈ ল’ব, যিয়ে কৰ্মস্থানত এক অস্বাস্থ্যকৰ পৰিবেশৰ জন্ম দিব। আন কিছু সমালোচকে দাবী কৰে যে  এই আইন বৈষম্যমূলক কাৰণ ইয়াক প্ৰধানতঃ মহিলাৰ স্বাৰ্থক প্ৰাধান্য দি গঠন কৰা হৈছে, পুৰুষৰ বাবে নহয়। কিন্তু বহু সমীক্ষাই ইতিমধ্যে পোহৰলৈ আনিছে যে পুৰুষো কৰ্মস্থানত তেওঁলোকৰ নিয়োগকৰ্তা মহিলা বা দমনশীল মহিলাৰ দ্বাৰা নিৰ্যাতিত হয়। এই আইনক একাংশ স্বাৰ্থান্বেষী নাৰীয়ে নিজৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰাৰ সম্ভাৱনা থাকি যায়। আনহাতে মিছা অভিযোগ দাখিল কৰা নাৰীৰ বিৰুদ্ধে যি কাৰ্যপন্থা লোৱাৰ কথা এই আইনে উল্লেখ কৰিছে, সেয়াই একাংশ ভুক্তভোগী নাৰীক অভিযোগ দাখিল কৰিবলৈহে বাধা দিব, কাৰণ সকলো অপৰাধৰে প্ৰমাণ যুগুত কৰাটো সম্ভৱহৈ নুঠিবও পাৰে। অথবা প্ৰমাণ যুগুত কৰিলেও তাকো একাংশ স্বাৰ্থান্বেষীয়ে ভুল প্ৰমাণিত কৰি সমগ্ৰ ঘটনাৰ মোৰ আন দিশে নিয়াৰ সুৰুঙা থাকিযায়। কৰ্মস্থানত নাৰী-পুৰুষ উভয়কে নিয়োগকৰ্তাই কেতিয়াবা কামৰ মূল্যাংকন হিচাপে কেতবোৰ মন্তব্য বা feedback দিয়ে যিবিলাক সকলো সময়তে ধনাত্মক নহয় যদিও প্ৰফেছনেল কাম-কাজত ফলদায়কো। কিন্তু এই আইন অনুসৰি মহিলা কৰ্মচাৰীৰ ক্ষেত্ৰত বৰ্তমান বা ভৱিষ্যতৰ কামৰ অৱস্থানৰ সম্পৰ্কে ভাবুকিজনক কথা ক'ব নোৱাৰিব। গতিকে তেনে মন্তব্যসমূহক ভাবুকিৰ স'তে একাকাৰ কৰি কোনো নাৰীয়ে আইনক বিপথে নিয়াৰ সম্ভাৱনাও থাকি যায়। এইবিলাকৰ উপৰিও এই আইনখনে নিৰ্ধাৰণ কৰা শাস্তি, নিয়োগৰ্কতাৰ সংজ্ঞা আদিকলৈও বহু অভিযোগ উত্থাপন হৈছে।

প্ৰকৃতাৰ্থত নাৰীৰ বাবে পৃথককৈ কেতবোৰ আইনৰ কিয় প্ৰয়োজন হয়? তথ্য অনুসৰি ২০১৫ চনত বিশ্বৰ ৭৭% পুৰুষ আৰু ৫৫% মহিলা কৰ্মনিয়োজিত (যাৰ অৰ্থনৈতিক মূল্য আছে)। কিন্তু UN পৰিসংখ্যা অনুসৰি ১৯৯৫-২০১৫ চনৰ ভিতৰত দক্ষিণ এছিয়াত কৰ্মনিয়োজিত নাৰীৰ সংখ্যা ক্ৰমান্বয়ে কমি আহিছে আৰু ইয়াৰ কাৰণ হৈছে প্ৰধানত এই সময়ছোৱাত ভাৰতৰ কৰ্মনিয়োজনত মহিলাৰ অংশগ্ৰহণ ৩৫%ৰ পৰা ২৭% হোৱা হেতু। এয়া হৈছে ভাৰতত নাৰীৰ বাবে নিৰাপদ কৰ্মস্থানৰ পৰিবেশ সৃষ্টি নোহোৱাৰ লক্ষণ (কম পাৰিশ্ৰামিক, কৰ্মৰ গুণাগুণৰ উপৰি)। National Commission of Womenৰ তথ্য অনুসৰি ভাৰতত কৰ্মক্ষেত্ৰত নাৰীৰ যৌনউৎপীড়নৰ পৰিসংখ্যা ২০১২ চনত ১৬৭, ২০১৩ চনত ২৪৯ আৰু ২০১৪ চনত ৫২৬ অৰ্থাৎ বৃদ্ধিহৈ আহিছে। ‘সু-গৃহিণী’ৰ সংজ্ঞাৰে নাৰীৰ স্থান পাকঘৰতে সীমাবদ্ধ কৰি ৰখা আৰু নাৰীৰ মানসিক বুদ্ধিমতাৰ পৰিৱৰ্তে শৰীৰক প্ৰধানতঃ গুৰুত্ব দিয়া মানসিকতাৰ পৰা আমাৰ সমাজ যে এতিয়াও মুক্ত হোৱা নাই তাক এই পৰিসংখ্যাবিলাকে প্ৰমাণ কৰে। যেতিয়ালৈকে সামগ্ৰিকভাৱে অৰ্থনৈতিক কাঠামোৰ পৰিৱৰ্তন নহয় তথা নাৰী-পুৰুষ-ৰূপান্তৰকামীকে (transgender) ধৰি সামগ্ৰিকভাৱে সমাজৰ প্ৰতিজন ব্যক্তিৰ সমমৰ্যাদা, সম-অধিকাৰ তথা বিকাশৰ  বাবে সম-সুবিধাৰ সৃষ্টিৰ বাবে সমাজ বিফল হ’ব, তেতিয়ালৈকে সমাজৰ শোষিতসকলৰ অধিকাৰৰ বিষয়টো সুকীয়াকৈ উত্থাপিত হৈ থাকিব। তেতিয়ালৈকে এনে আইনৰ প্ৰয়োজনীয়তাও থাকিব আৰু ব্যক্তিগত পৰ্যায়ত দুই-একপুৰুষ এনে আইনী প্ৰক্ৰিয়াৰ দ্বাৰা মিছা অভিযোগত অভিযুক্ত হোৱাৰ ঘটনাও ঘটি থাকিব।

Share Button
Print Friendly, PDF & Email

No Comments : " কৰ্মস্থানত নাৰীৰ যৌন নিৰ্যাতন : ৰাষ্ট্ৰ আৰু সমাজব্যৱস্থা -(গীতালী  বৰপাত্ৰগোহাঁই)"

Leave a Comment

Your email address will not be published. Required fields are marked *