মান্টোৰ দহখন চিঠি - (কাশ্যপ চৌধুৰী)

 

ক'ত পঢ়িছিলো সঠিককৈ মনত নাই৷ যি সাহিত্যই এবাৰ পঢ়িলেই হৃদয়ত ঠাই লয়, সেয়াই ভাল সাহিত্য‌। চাৰি বছৰমান আগৰ কথা, অধ্যয়ন সূত্ৰে বীৰুবাৰীৰ মেছ এটাত থাকোঁ।

এবাৰ বন্ধু এজন আহিল। প্রায়ে আহে আড্ডা দিবলৈ। সিদিনা আড্ডাৰ শেষত কিতাপ এখন উলিয়াই দি ক’লে, “আজি এইখন কিতাপৰ উন্মোচনী সভালৈ গৈছিলো‌। পঢ়িবিচোন কিতাপখন কেনেকুৱা‌। ইমৰান হুছেইনৰদ্বাৰা অসমীয়ালৈ অনূদিত ছাদাত হাছান মান্টোৰ কেইটামান গল্পৰ সংকলন‌। নাম ‘অস্থিৰ প্ৰান্তৰ‌’।” এয়াই ছাদাত হাছান মান্টোৰ গল্পৰ লগত প্ৰথম পৰিচয় আৰু এই প্ৰথম পৰিচয়তে মান্টোৰ গল্পই স্থান লয় হৃদয়ত‌।

১৯৫৫ চনৰ শীত কালৰ এদিন (তাৰিখ আছিল ১৮ জানুৱাৰি)‌। মাজনিশাৰপৰা তেজ বমি কৰি কেইঘণ্টামানৰ পাছত যেতিয়া ছাদাত হাছান মান্টো মৃত্যুমুখত পৰিছিল, তেতিয়া তেওঁৰ বয়স আছিল ৪৩ বছৰ৷ তেওঁৰ জন্ম হৈছিল ১৯১২ চনৰ ১১ মে'ত। ছাদাত হাছান মান্টো উর্দু চুটিগল্পৰ অন্যতম শ্রেষ্ঠ গল্পকাৰ। তেওঁ কিছুদিনৰ সাহিত্য চৰ্চাৰ জৰিয়তেই ভাৰত উপ-মহাদেশত উৰ্দু সাহিত্যত নিজৰ এক সুকীয়া আসন তৈয়াৰ কৰি গৈছে‌। প্ৰথমে তেওঁ লিখা-মেলা আৰম্ভ কৰিছিল ৰোমান্টিক গল্পৰে‌। কিন্তু পৰৱৰ্তী সময়ত অৱক্ষয়ী সমাজ, মানৱিক আৱেগবৰ্জিত মূল্যবোধ, আদিক লৈ গঢ়ি তোলে অধিকাংশ গল্প‌। মান্টো আৰু তেওঁৰ সমসাময়িক কেইজনমান তৰুণ-তৰুণীয়ে উৰ্দু সাহিত্যত নতুন যুগৰ সূচনা কৰিছিল‌। উৰ্দু সাহিত্যৰ মহীৰূহ প্ৰেমচন্দৰ ৰীতিক আৰু এঢাপ আগুৱাই নিছিল ছাদাত হাছান মান্টোৱে‌। মান্টোৰ লিখনিসমূহত ফুটি উঠিছিল প্রতিবাদ আৰু আধুনিকতা। মাণ্টোৰ গল্প সম্পর্কে তেওঁৰ নিজৰ ভাষাত ক’বলৈ গ’লে—“মাণ্টোৰ সৈতে কবৰলৈ গুচি গৈছে চুটিগল্পৰ সমস্ত শিল্প আৰু ৰহস্য। ক’ৰবাত শুই মান্টোৱে ভাবিছে— কোন ডাঙৰ, মান্টো নে আল্লা?’ চুটিগল্পই মান্টোৰ শিল্পপ্রতিভাৰ একমাত্র বিষয় নাছিল। বিভিন্ন ক্ষেত্ৰত আছিল তেওঁৰ বিচৰণ‌। প্রবন্ধ লিখিছিল, ৰেডিঅ’ত সম্প্রচাৰৰ বাবে নাটক লিখিছিল, দেশ বিভাজন আৰু দাংগাৰ সময়ৰ বাস্তৱ ঘটনাবোৰক লৈ আখ্যান তৈয়াৰ কৰিছিল‌, যিবোৰত কল্পনাৰ মিশ্ৰণ থাকিলেও নাছিল কোনো মিথ্যাচাৰ‌।

এই শিল্পপ্ৰতিভাক ন ৰূপত পাওঁ, ‘মান্টোৰ খোলা চিঠি - সাহিত্যিকৰ কলমত ৰাজনীতিৰ ভাষ্য‌’ নামৰ সোমেশ্বৰ ভ‌ৌমিকৰ বাংলা ভাষাৰ কিতাপখনত‌। কাল্পনিক এই চেম খুৰালৈ মুঠ ৯খন চিঠি লিখিছিল‌। দৰাচলতে আঠখন। কিয়নো তেওঁ ষষ্ঠ চিঠিখন লিখাই নাছিল। অথচ তেওঁ চেম খুৰালৈ লিখিছে, - ‘প্ৰিয় খুৰা, আদাব‌। মোৰ ছয় নম্বৰ চিঠিখন, যিখন মই নিজ হাতেৰে প’ষ্ট কৰিছিলো মোৰ বোধেৰে সেইখন হেৰাই গৈছে‌। ক’ত গ’ল কোনে জানে ?’ এনে ৰস সৃষ্টি কেৱল ছাদাত হাছান মান্টোৰ পক্ষেই সম্ভৱ। এই চিঠিসমূহ সেই সময়ৰ মার্কিন ৰাষ্ট্ৰপতি ট্রুমানক উদ্দেশ্য কৰি লিখা‌। আন এখন পণ্ডিত নেহৰুলৈ লিখা ‘পণ্ডিত মান্টো’ শিৰোনামৰ চিঠি। এই দহখন তীব্র ব্যংগধর্মী চিঠিৰ জৰিয়তে মান্টোৱে বিশৃংখল, বিপর্যস্ত জীৱনৰ শেষ পর্যায়ত সমসাময়িক আন্তর্জাতিক কূটনীতিৰ অনবদ্য ভাষ্য তৈয়াৰ কৰি গৈছিল। মান্টোৱে ভাবে, কোনো মানুহ নিজে বেয়া নহয়, সামাজিক পৰিৱেশে মানুহক বিপথগামী হ’বলৈ বাধ্য কৰে‌। মান্টোৱে ভালদৰেই জানিছিল আপাত দৃষ্টিত চৰিত্ৰহীন, নীতিভ্ৰষ্ট বা অমানৱিক যিবোৰ মানুহক লৈ তেওঁ লিখিছে, সমাজৰ বৈষম্যমূলক আচৰণ আৰু অবিচাৰৰ ফলতেই এওঁলোকৰ সৃষ্টি। মাণ্টোৱে নিজৰ চিঠিসমূহত এনে সামাজিক, ৰাজনৈতিক পৰিৱেশৰ প্রতি তীব্র ঘৃণা ব্যক্ত কৰিছে। এই চিঠিসমূহত উল্লিখিত ঘটনাবিলাকৰ ঐতিহাসিক প্রেক্ষাপট বিশ্লেষণ কৰিলে ব্যংগ আৰু ৰসিকতাৰপৰা ওলাই পৰিব এজন লেখকৰ তীক্ষ্ম পর্যবেক্ষণ ক্ষমতা, প্ৰখৰ ৰাজনৈতিক বোধ আৰু প্রজ্ঞাৰ কথা। বুজিব পৰা যাব চিঠিবোৰত যি যি লিখিছে সকলোবোৰেই তথ্যমূলক। এই চিঠিসমূহ লিখাৰ কালছোৱাত এছিয়া আৰু আফ্রিকাৰ ঔপনিৱেশিক শাসনৰ অৱসান ঘটিছে। নতুন নতুন ৰাষ্ট্ৰৰ জন্ম হৈছে। যদিও নামতহে তেওঁলোক স্বাধীন। এই ৰাষ্ট্রসমূহক ন ন কৌশলেৰে শোষণ কৰাৰ পথ আমেৰিকা, ফ্ৰাঞ্চ, ব্ৰিটেইন আদি ৰাষ্ট্ৰসমূহে উলিয়াইছে‌। সদ্য স্বাধীন ৰাষ্ট্ৰ পাকিস্তানত থাকি এই ঘটনাসমূহৰ কদৰ্য ৰূপ দেখিছে মান্টোৱে‌। বুজিব পাৰিছে তথাকথিত ৰাষ্ট্ৰনেতাৰ স্বৰূপ‌। এই চিঠিসমূহত কাশ্মীৰ দখলক লৈ ভাৰত-পাকিস্তানৰ বিবাদ, পাকিস্তানৰ ৰাষ্ট্ৰীয় সংগীত নিৰ্মাণত হোৱা খেলিমেলি, গোষ্ঠী সংঘৰ্ষৰ, সাংস্কৃতিক সাম্ৰাজ্যবাদৰ বিভিন্ন স্বৰূপ, তৃতীয় বিশ্বৰ দেশৰ অৰ্থনৈতিক দুৰৱস্থা, পাকিস্তানত কমিউনিষ্ট পাৰ্টি নিষিদ্ধ কৰা আদি বিভিন্ন ঘটনাই স্থান পাইছে‌।

       মান্টো পেছাদাৰী ঐতিহাসিক, সাংবাদিক অথবা ৰাজনৈতিক পৰ্যবেক্ষক নাছিল‌। কিন্তু অসুস্থ অৱস্থাত (মান্টোৰ জীৱনী নাজানিলে, এয়া বুজা অসম্ভৱ, কেনে শাৰীৰিক আৰু মানসিক দুৰৱস্থাত এই চিঠিসমূহ লিখিছিল‌। এলাপেচা মানুহৰ বাবে এয়া অসম্ভৱ)‌ লিখা এই চিঠিসমূহক আমি গঢ়িব লাগিব মূল্যৱান ঐতিহাসিক দলিল হিচাপে‌। অসংগঠিত এক নতুন ৰাষ্ট্ৰৰ বিপৰ্যয়ৰ খতিয়ান হিচাপে। পঢ়িব লাগিব এজন জাত সাহিত্যিকৰ সমসাময়িক আন্তর্জাতিক ৰাজনীতিৰ অবিৰাম বিবৰ্তনৰ ধাৰাভাষ্য হিচাপে। পঢ়িব লাগিব— নতুন উপনিৱেশবাদৰ আখ্যান হিচাপে।

প্ৰসংগ :

আগতেই উল্লেখ কৰিছো, সেই সময়ৰ মার্কিন ৰাষ্ট্রপতি ট্ৰুমানলৈ ন-খন চিঠি লিখিছিল। দৰাচলতে ১৯৫১ চনত আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি হ্যাৰি ট্ৰুমানৰ আমোলত কোৰিয়া সংকটৰ (১৯১০ চনৰপৰা দ্বিতীয় বিশ্বযুদ্ধৰ শেষ পর্যন্ত কোৰিয়া উপদ্বীপ জাপান সম্রাটৰ শাসনাধীন আছিল। দ্বিতীয় বিশ্বযুদ্ধত জাপানৰ পৰাজয়ৰ পাছত ছোভিয়েট ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনা বাহিনীয়ে উপদ্বীপৰ যথাক্রমে উত্তৰ আৰু দক্ষিণ অঞ্চলত নিজৰ আধিপত্য বিস্তাৰ কৰিছিল। কোৰিয়াৰ জনগণে নির্বাচনৰ মাধ্যমত এক গণতান্ত্রিক চৰকাৰ গঠন কৰাৰ কথা আছিল। কিন্তু এই নির্বাচনৰ পদ্ধতি সম্পর্কে বিবাদ আৰম্ভ হয়। শেষত ১৯৪৮ চনত ছোভিয়েট ৰাছিয়া প্রভাৱিত উত্তৰাঞ্চলত কমিউনিষ্ট চৰকাৰ আৰু আমেৰিকাৰ প্ৰভাৱিত দক্ষিণাঞ্চলত আমেৰিকাপন্থী চৰকাৰ ক্ষমতালৈ আহে। কিন্তু দুখন ৰাষ্ট্ৰত বিভক্ত এই উপদ্বীপত আকৌ আৰম্ভ হয় সামৰিক সংঘর্ষ। ১৯৫০ চনৰ জুন মাহত উত্তৰ কোৰিয়াৰ সেনাবাহিনী দক্ষিণ কোৰিয়াৰ ভূ-খণ্ডত অনুপ্রৱেশ কৰা বুলি অভিযোগ আহে জাতিসংঘত। ছোভিয়েট ইউনিয়নৰ অনুপস্থিতিত নিৰাপত্তা পৰিষদৰ সভাত সিদ্ধান্ত হয় যে এক আন্তর্জাতিক বাহিনীয়ে উত্তৰ কোৰিয়াত সামৰিক হস্তক্ষেপ কৰিব‌। আৰম্ভ হয় কোৰিয়া সংকট৷ সময়ছোৱাত ছোভিয়েট ৰাছিয়া আৰু আমেৰিকাৰ মাজৰ শীতল যুদ্ধ তুংগত উঠে৷ সেই সময়ত দক্ষিণ-পূব এছিয়া আৰু মধ্য প্ৰাচ্যৰপৰা কমিউনিজমৰ ভূত দূৰ কৰাৰ বাবে বিভিন্ন চেষ্টা চলায়৷ এই অঞ্চলৰ দেশবিলাকক ইউৰোপীয় সামৰিক জোট ‘নাটো’ (NATO)ৰ দৰে এক সংগঠনৰ চুক্তিৰ আওতাত আনিব বিচাৰিছিল৷ Public diplomacy নামৰ এই কৌশলৰ মূল কথা আছিল - সেই অঞ্চলৰ সাধাৰণ মানুহৰ মাজত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক নীতিৰ পক্ষে বিভিন্ন মত প্ৰচাৰ কৰা৷ এই কামসমূহ কৰা হৈছিল বিভিন্ন বাতৰিকাকত আৰু পত্ৰিকা আদিৰ জৰিয়তে৷ এই পৰিকল্পনাৰ অংশস্বৰূপে পাকিস্তানত থকা আমেৰিকাৰ দূতাবাসৰপৰা অকল ইংৰাজীতে নহয়, উৰ্দু ভাষাতো নিয়মিত পত্ৰিকা প্ৰকাশৰ পৰিকল্পনা কৰিছিল৷ এনে এক সময়তে বাঁওপন্থী হিচাপে পৰিচিত মান্টোৱে ছোভিয়েট ইউনিয়নৰ সমালোচনা কৰি এটা লেখা স্থানীয় বাতৰি কাকত এখনত লিখিছিল৷ এই সুযোগৰ সদব্যৱহাৰ কৰি আমেৰিকাৰ দূতাবাসে মান্টোক উৰ্দু পত্ৰিকাত ৰাছিয়াবিৰোধী তথা আমেৰিকাৰ সপক্ষে লেখা লেখিবলৈ আহ্বান জনায়৷ লগতে তেওঁক প্ৰতিটো লেখাৰ বাবে ৩০০ টকাকৈ দিব বুলি কয়৷ সেই সময়ত মান্টোৰ টকাৰ কিমান প্ৰয়োজন, সেয়া জানিবলৈ ভুমুকি মাৰিব লাগিব তেওঁৰ জীৱনলৈ৷

তথাকথিত শিক্ষাৰ অৰ্হতা মান্টোৰ তেনেই নগণ্য আছিল৷ সেয়েহে উপাৰ্জনৰ একমাত্ৰ সম্বল আছিল লেখা-মেলাৰ জৰিয়তে পোৱা বানচ৷ ভাৰতত থকা সময়ছোৱাত বন্ধু অশোক কুমাৰ পৰিচালিত প্ৰতিষ্ঠান ‘বম্বে টকীজ’ত নিয়মিতভাৱে চিত্ৰনাট্য আৰু সংলাপ লিখাৰ কাম কৰিছিল৷ যাৰ জৰিয়তে পেটে-ভাতে জীয়াই থকাৰ জোখাৰে অৰ্থ উপাৰ্জন হৈছিল৷ কিন্তু দেশ বিভাজন (১৯৪৬-৪৭)ৰ পৰিণতিত বম্বে (এতিয়াৰ মুম্বাই)ৰ চলচ্চিত্ৰ জগতত মুছলিম খেদা অভিযান চলিল৷ অশোক কুমাৰক প্ৰায় প্ৰতিদিনেই ভাবুকি দিয়া হৈছিল ‘বম্বে টকীজ’ৰ মুছলিম কৰ্মচাৰী, বিশেষকৈ মান্টোক উলিয়াই দিয়াৰ বাবে৷ সেই সময়ত মান্টোৰ স্ত্ৰী ছাফিয়াই সন্তানসম্ভৱা অৱস্থাত এজনী শিশু কন্যাৰ সৈতে লাহোৰৰ মাকৰ ঘৰত আছিল। দেশ বিভাজন আৰু দাংগাৰ বাবে ছাফিয়াই বম্বেলৈ ঘূৰি অহাৰ সাহস নকৰিলে। বৰঞ্চ স্বামীক অনুৰোধ জনালে পাকিস্তানলৈ ঘূৰি অহাৰ বাবে। এনে এক পৰিবেশত বন্ধুসকলক নজনোৱাকৈ ১৯৪৮ চনৰ জানুৱাৰি মাহত বম্বে এৰিলে মান্টোৱে৷

কিন্তু লাহোৰত উপস্থিত হৈ প্রিয়জনৰ লগত মিলনৰ বাহিৰে একো সুবিধা নাপালে। কিয়নো লাহোৰত ফিল্ম ষ্টুডিঅ' আছিল যদিও দেশ বিভাজনৰ বাবে হিন্দু কলা-কুশলী আৰু প্রযোজক (যাৰ সংখ্যাই আছিল বেছি)সকল ভাৰতলৈ উভতি আহিছিল৷ ফলত লাহোৰৰ ষ্টুডিঅ’বিলাকৰ অৱস্থা ভালে নাছিল। তদুপৰি এই অৱস্থাত ষ্টুডিঅ'ত নিয়মিতভাৱে কাম দিব পৰা কোনো বন্ধু মাণ্টোৰ নাছিল | ভাৰতত থকা সময়ছোৱাত বিভিন্ন মহলৰপৰা অহা বিদ্বেষৰ পাছতো মান্টোৰ লেখা নিয়মিতভাৱে প্রকাশ পাইছিল। কিন্তু জন্মলগ্নৰেপৰা পাকিস্তানৰ সমাজ আৰু ৰাজনীতিত ৰক্ষণশীলসকলৰ প্ৰভাৱ আছিল সীমাহীন। তদুপৰি ব্ৰিটিছ আমোলত মান্টোৱে অশ্লীল গল্প লিখাৰ অভিযোগত তিনিবাৰকৈ লাহোৰৰ ফৌজদাৰী আদালতত বিচাৰ হৈছিল৷ সেই সময়ত পাকিস্তানত এনে দাগী লেখকৰ লেখা প্ৰকাশৰ ইচ্ছুক কোনো নাছিল বুলিব পাৰি। ইয়াৰ উপৰি পাকিস্তানলৈ যোৱাৰ কেইমাহমানৰ ভিতৰতে মাণ্টোৰ গল্প ’খোল দো’ প্ৰকাশৰ অভিযোগত এখন সাহিত্য পত্রিকাৰ ওপৰত ছয় মাহৰ নিষেধাজ্ঞা জাৰি কৰিছিল। আনহাতে, ইয়াৰ কিছুদিনৰ পাছতে প্রকাশিত ‘ঠাণ্ডা গোস্ত' গল্পৰ অশ্লীলতাৰ অভিযোগত আকৌ লাহোৰৰ ফৌজদাৰী আদালতত মামলা দাখিল হয় আৰু শুনানিত জৰিমনা আৰু অনাদায়ত কাৰাদণ্ডৰ ৰায় দিয়ে। বহু কষ্টৰ মূৰত এই অভিযোগৰপৰা ৰেহাই পায় যদিও লেখা-মেলাৰ জৰিয়তে অর্থ উপাৰ্জনৰ ৰাস্তা প্রায় শেষ হৈ পৰিছিল। ৰোজগাৰৰ কোনো ভৰসা নাই, তাতে তেওঁৰ সুৰাপানৰ আসক্তিত ছেদ পৰা নাছিল। ভাৰতত থকা সময়ছোৱাত বিলাসী সুৰা আৰু খাদ্য-খানাও ঠিকমতে পাইছিল। পাকিস্তানত অৰ্থৰ অভাৱত চুলাই, সেয়াও খালী পেটতে খাইছিল। সেয়েহে কিছুদিনৰ পাছতে তেওঁৰ অৱস্থা ভীষণ বেয়া হৈ পৰিল আৰু চিকিৎসাৰ প্রয়োজন হ’ল। এফালে অর্থৰ অভাৱ, তেওঁকে ধৰি চাৰিজনীয়া পৰিয়াল পোহ-পাল দিয়া আৰু আনহাতে শাৰীৰিক অসুস্থতা | এনে পৰিস্থিতিত আমেৰিকাৰ দূতাবাসে মান্টোক ৩০০ টকা বানচ (তাকো এটা লেখাৰ বাবে) দিয়াব বুলি ক’লে তেওঁলোকৰ স্বার্থসিদ্ধি হ’ব বুলি ভাবি। কোৱা বাহুল্য - মান্টোক বুজাত তেওঁলোকে ভুল কৰিছিল। দুই-এদিনৰ ভিতৰতে মান্টোৱে আমেৰিকাৰ দূতাবাসৰ চাহিদাৰ সম্পূর্ণ বিপৰীতধৰণৰ এটি লেখা লৈ উপস্থিত হয়। সেই লেখাটো আছিল চিঠিৰ আকাৰত। তেওঁক লেখাটো থৈ যাবলৈ কোৱা হ’ল। স্বভাৱত অস্থিৰ মান্টোৱে কিছুদিনৰ পাছতে খবৰ ল’বলৈ গ’ল। তেতিয়া দূতাবাসে জনালে — লেখাটো বিবেচনাধীন। আচলতে মান্টোৰ চিঠিখন প্রকাশ কৰাৰ বাবে সাহস নাছিল ’বাক স্বাধীনতাৰ পূজাৰী’ আমেৰিকান দূতাবাসৰ। বিশেষকৈ যি চিঠিত খোলাখুলিকৈ মার্কিন ৰাষ্ট্রপ্রধানজনক ব্যংগ কৰা হৈছে। ইয়াৰ কিছুদিনৰ পাছতে আৰু এটা লেখা (কোৱা ভাল হ'ব চিঠি) লৈ দূতাবাসৰ অফিচত গ’ল মান্টো৷ এইবাৰ দূতাবাসে জনালে — ’আগতে প্রথমটোৰ গতি লাগক, তাৰ পাছত দ্বিতীয়টোৰ বিষয়ে ভবা হ’ব।’ বুদ্ধিমান মাণ্টোৱে আৰু কথা নবঢ়ালে। ইয়াৰ পাছত তেওঁ লিখা সাতখন (মুঠ ৯খন) চিঠি আৰু পণ্ডিত জৱাহৰলাল নেহৰুলৈ লিখা এখন চিঠি হৈছে কিতাপখনৰ মূল বিষয়বস্তু।

সামৰণি : প্রগতিশীল শিবিৰত প্রতিক্রিয়াশীল হিচাপে পৰিচিত মাণ্টোৱে এই চিঠিসমূহৰ জৰিয়তে কৈ গৈছে — চৰম দৰিদ্রতা সত্ত্বেও অকল টকাৰ বাবে বিক্ৰী হোৱা লেখক তেওঁ নহয়। আনহাতে বিপর্যস্ত জীৱনৰ শেষ অৱস্থাত এনে ৰসপূৰ্ণ সাহিত্য সৃষ্টিৰ জৰিয়তে দেখাই গ’ল সাহিত্যিক হিচাপে তেওঁৰ দক্ষতা‌।

Share Button
Print Friendly, PDF & Email

No Comments : "মান্টোৰ দহখন চিঠি - (কাশ্যপ চৌধুৰী)"

Leave a Comment

Your email address will not be published. Required fields are marked *