মধ্যবিত্তীয় ভণ্ডামিৰ সমালোচক জেহিৰুল হুছেইনৰ গল্প - (লিপিমণি দত্ত)

বিংশ শতিকাৰ ষাঠিৰ দশকতে গল্পকাৰ হিচাপে জেহিৰুল হুছেইনে আত্মপ্ৰকাশ কৰিছিল । কিন্তু গল্পকাৰ হিচাপে অসমীয়া সাহিত্য ক্ষেত্ৰত তেওঁ বলিষ্ঠ খোপনিৰে পৰিচয় নিগাজি কৰে নব্বৈৰ দশকতহে। ১৯৯১ চনত তেওঁৰ প্ৰথম গল্প সংকলন ‘দূবৰি বনৰ জুই’ প্ৰকাশ পায়। ২০০০ চনত ‘ৰাং কুকুৰৰ টুপী’ আৰু ২০০৫ চনত তেওঁৰ অন্তিমখন সংকলন ‘চিলিকন ভেলীৰ মানুহ’ প্ৰকাশ পায়। সীমিতসংখ্যক গল্পৰ মাজেৰেই গল্পকাৰগৰাকীয়ে প্ৰতিভা আৰু সাহিত্যিক নিপুণতাৰ চিন ৰাখি থৈ গৈছে।

জেহিৰুল হুছেইন মূলতঃ প্ৰগতিশীল ধাৰাৰ গল্পকাৰ। আশীৰ দশকৰ অসম আন্দোলন আৰু তাৰদ্বাৰা প্ৰভাৱিত অসমীয়া থলুৱা সমাজজীৱনৰ তেওঁ নিজেও এজন অংশীদাৰ আছিল। অসম আন্দোলনৰ নামত নেতৃত্বৰ ধ্বজাধাৰীসকলৰ প্ৰতাৰণা, চৰকাৰী শাসকযন্ত্ৰৰ স্বাৰ্থান্বেষী আৰু শোষণকামী স্থিতি, পুঁজিপতিৰ হাতোৰা আৰু সেইসকলৰ বহতীয়া মধ্যবিত্তীয় সমাজৰ সুবিধাভোগী মানসিকতাই গল্পকাৰগৰাকীক বামপন্থী চিন্তা-চেতনাৰে ধাৱিত হ'বলৈ অনুপ্ৰাণিত কৰিছিল। এফালে ক্ষমতাৰ বলেৰে বলীয়ান শাসকীয় মন্ত্ৰী-আমোলা-বিষয়াৰ শোষণ, আনফালে ধনবলেৰে বলী পুঁজিপতি বণিকগোষ্ঠীৰ অৰ্থনৈতিক নিষ্পেষণ – এই দুইধৰণৰ হেঁচাই সদায় শ্ৰমজীৱী মধ্যবিত্তীয় শ্ৰেণীটোক জীয়াতু ভোগাই আহিছে। জেহিৰুল হুছেইনৰ বিভিন্ন গল্পৰ মাজেৰে সমাজৰ অসহায় নিম্নবৰ্গৰ, দৰিদ্ৰ শ্ৰমজীৱী শ্ৰেণীটোৰ দুখ-দুদৰ্শাৰ ছবি প্ৰতিফলিত হৈ আহিছে। শ্ৰমজীৱী সমাজখনৰ দৰিদ্ৰতা, মধ্যবিত্তীয় সমাজখনৰ পুঁজিতন্ত্ৰকেন্দ্ৰিক বহতীয়া মানসিকতা তথা শোষণ-দুৰ্নীতিৰে দুখীয়াৰ ধন আহৰণৰ চেষ্টা আৰু আইনৰ কবচৰ আঁৰত গণতন্ত্ৰৰ মুখা পিন্ধা ৰূপ -এই তিনিধৰণৰ কাৰকৰ বিপৰীতে জেহিৰুল হুছেইনে যুঁজিবলৈ এটাই পথ বিচাৰি পাইছিল – সেয়া হ'ল সাম্যবাদৰ প্ৰতিষ্ঠা। ভাৰতবৰ্ষৰ মাৰ্ক্সবাদী আন্দোলনৰ নক্সালপন্থী ধাৰাৰ লগত সাংগঠনিকভাৱেও সংযুক্ত আছিল জেহিৰুল হুছেইন। ফলত জেহিৰুল হুছেইনৰ বেছিভাগ গল্পৰ মূল সুৰটোৱেই হৈ পৰিছে প্ৰগতিশীল চেতনা-নিঃসৰিত। তেওঁৰ কেইবাটাও গল্পত প্ৰকাশিত বিষয়বস্তু, বলিষ্ঠ প্ৰকাশভংগী আৰু শাসকীয় পক্ষৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি গল্পকেইটাক প্ৰগতিশীল শিবিৰৰ সংগ্ৰামৰ অস্ত্ৰ হিচাপে চিহ্নিত কৰিব পৰা যাব বুলি সাহিত্য সমালোচক হীৰেন গোহাঁয়ে মত প্ৰকাশ কৰিছে। (পাতনি, ‘ৰাং কুকুৰৰ টুপী’)

জেহিৰুল হুছেইনৰ গল্পৰ মূল সুৰ প্ৰগতিবাদ হ'লেও বিভিন্ন প্ৰেক্ষাপটত ইয়াৰ পোহৰ বিচিত্ৰ ধৰণে পৰি আনুষংগিক বিভিন্ন দিশ গল্পসমূহৰ মাজেৰে উন্মোচিত হৈছে। ইয়াৰ লগতে সাঙোৰ খাই পৰিছে গল্পকাৰগৰাকীৰ দৃষ্টিকোণ। সাম্প্ৰতিক প্ৰেক্ষাপটৰপৰা তুলি অনা সহজ-সাধাৰণ কিছুমান দৃশ্যৰ মাজেৰে গল্পকাৰগৰাকীয়ে উন্মোচন কৰিছে বাস্তৱৰ আঁৰৰ নিৰ্মম সত্য। গল্পৰ বিষয়বস্তু সন্দৰ্ভত হীৰেন গোহাঁয়ে এঠাইত মন্তব্য কৰিছে – ‘শোষিত আৰু নিপীড়িত মানুহৰ অভাৱ আৰু দাৰিদ্ৰ্যৰ বৰ্ণনা, সমাজত চলি থকা শোষণ আৰু অন্যায়ৰ বৰ্বৰতা, শোষক-শোষিতৰ মাজত শ্ৰেণীগত প্ৰভেদ আৰু দ্বন্দ্ব, শোষিতৰ পক্ষত থিয় দিবলৈ যাওঁতে মধ্যবিত্তৰ দেখা দিয়া অন্তৰ্দ্বন্দ্ব – এইবোৰেই সংকলিত গল্পবোৰৰ বিষয়।' (পাতনি, ‘ৰাং কুকুৰৰ টুপী’)

শ্ৰমজীৱী শ্ৰেণী বনাম মধ্যবিত্তীয় সমাজ -  এই দুই সমাজৰ জীৱন-সংগ্ৰাম, জীৱনশৈলী আৰু আদৰ্শ, এই সকলোবোৰৰ প্ৰতিফলনেৰে হুছেইনৰ সকলোবোৰ গল্পৰ পটভূমি নিৰ্মাণ হৈছে। সমান্তৰালভাৱে দুই শ্ৰেণীৰ সমাজত প্ৰভাৱ পেলোৱা সাম্প্ৰদায়িকতাবাদ, সাম্প্ৰতিক ৰাজনীতি, সন্ত্ৰাসবাদ, শাসকীয় নীতি ইত্যাদিক সমালোচনা কৰি সূক্ষ্ম সমাজ পৰ্যবেক্ষণৰ পৰিচয় দাঙি ধৰিছে গল্পকাৰগৰাকীয়ে। শ্ৰমজীৱী দৰিদ্ৰ শ্ৰেণীটোৰ জীৱন সংগ্ৰামৰ আঁৰত হেঙাৰ হিচাপে থিয় দি আহিছে পুঁজিপতি আৰু মধ্যবিত্তৰ শোষণকাৰী চৰিত্ৰ। শোষণৰ বিভিন্ন ছবি জেহিৰুল হুছেইনৰ বিভিন্ন গল্পত বিভিন্ন ধৰণে প্ৰকাশ পোৱা পৰিলক্ষিত হৈছে। কেতিয়াবা গল্পৰ চৰিত্ৰসমূহ শোষিত হৈছে ৰাজনৈতিকভাৱে, কেতিয়াবা উদ্যোগপতি, ব্যৱসায়ী আদি পুঁজিপতি গোটৰ হাতত নিষ্পেষিত হৈছে। কেতিয়াবা দুৰ্নীতিগ্ৰস্ত বিষয়া-ঠিকাদাৰৰ যোগেদি আৰু আন কেতিয়াবা মধ্যবিত্তীয় জীৱন নিৰ্বাহ কৰা তথাকথিত সাধাৰণ ভদ্ৰলোকৰ সমাজৰপৰা। ‘দণ্ডবিধি' গল্পত দেখা গৈছে পুঁজিপতি আৰু দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ নিজা লাভালাভৰ স্বাৰ্থত সাধাৰণ খাটি খোৱা লোকসকলক সাম্প্ৰদায়িক সংঘৰ্ষৰ বাবে উচটনি দিয়া হৈছে। কিন্তু সাম্প্ৰদায়িক সংঘৰ্ষৰ উচটনিৰ অভিযোগত অপৰাধী হিচাপে নিৰ্দোষী এদল নিম্নবিত্তীয় লোকক লকআপত বন্দী কৰা হৈছে। শীৰ্ষ ৰাজনৈতিক নেতা-বিষয়াৰ নিৰ্দেশত সাধাৰণ কেইজনমান লোকক নিৰ্দোষ বুলি জানিও বন্দী কৰিবলগীয়া হোৱাৰ কৈফিয়ৎ আৰক্ষী থানাৰ বিষয়াজনেই তাচ্ছিল্যৰে প্ৰকাশ কৰিছে।

‘এইবোৰ ৰাজনীতি তহঁতে নুবুজ। তহত হ'লি বিৰিণা। থাক দুদিনমান ৰঙাঘৰত। ভাল ধাৰাই পাইছ। আৰামত থাকিবি। উকীল আছেনে নাই।'

শ্ৰমজীৱী চৰিত্ৰসমূহৰ আৰ্থিক দীনতাৰ সুযোগ লৈ মধ্যবিত্ত আৰু পুঁজিপতিসকলে কৰা শোষণৰ ছবি জেহিৰুল হুছেইনৰ গল্পত যিমান মৰ্মস্পৰ্শী, সমান্তৰালভাৱে শোষক শ্ৰেণীটোৰ বিৰুদ্ধে প্ৰতিবাদৰ সুৰ এটাও বলিষ্ঠ ৰূপত গল্পসমূহত প্ৰকাশ পাই আহিছে। কেতিয়াবা এই প্ৰতিবাদ পোনপটীয়া ৰূপত, কেতিয়াবা ৰূপকধৰ্মিতাৰে আৰু কেতিয়াবা ব্যংগৰ মাজেৰে ফুটাই তোলা হৈছে। ‘গান্ধী ৰ'ডৰ লোহা' শীৰ্ষক গল্পত ভগা-ছিগা লোহা সংগ্ৰহ কৰি জীৱিকা নিৰ্বাহ কৰা কিশোৰকেইটিয়ে তথাকথিত ভদ্ৰলোকৰ মুখা পিন্ধা, চৌৰ্যবৃত্তিত লিপ্ত ইঞ্জিনিয়াৰজনৰ বিৰুদ্ধে পোনপটীয়াকৈ প্ৰতিশোধ লোৱাৰ চেষ্টা কৰিছে। কিশোৰ দুটাৰ নৈতিক সততাৰ বিপৰীতে মুখা পিন্ধা অভিজাত সমাজৰ চৰিত্ৰ উদঙাই গল্পকাৰে সাব্যস্ত কৰিছে আন এক প্ৰতিবাদ। আনহাতে, তথাকথিত অভিজাত সমাজখন থকা পথটো গান্ধী ৰ'ড নামকৰণ কৰি শ্লেষ সৃষ্টি কৰিছে গল্পকাৰগৰাকীয়ে।

হুছেইনৰ গল্পসমূহত এফালে শ্ৰমজীৱী শ্ৰেণীটোৰ দাৰিদ্ৰ্যপীড়িত লোকসকলৰ সৰলতা, শ্ৰমমুখিতা, নৈতিক সততা আৰু আনফালে মধ্যবিত্ত শ্ৰেণীটোৰ মেৰুদণ্ডহীন মানসিকতা, ভোগপ্ৰৱণতা আৰু অসাধুতা – এই দুইধৰণৰ ছবিয়ে দুয়োখন সমাজৰ বৈপৰীত্যবোধক অধিক স্পষ্ট কৰি তুলিছে। জীৱিকাৰ স্বাৰ্থত ধন আহৰণৰ সংগ্ৰামত নিম্নবিত্ত আৰু মধ্যবিত্ত দুয়ো শ্ৰেণীৰ লোকেই সমানে নামি পৰে। তথাপি মধ্যবিত্তসকলৰ উপেক্ষা, অৱহেলা, শোষণৰ বলি হ'ব লগা হয় নিম্নবিত্তীয় শ্ৰমজীৱী শ্ৰেণীটো আৰু এই কাৰণেই শ্ৰমজীৱী শ্ৰেণীটোৰ প্ৰতি সহানুভূতিশীল হৈ গল্পকাৰে মধ্যবিত্তীয় মানসিকতাক কঠোৰ সমালোচনা কৰিছে।  মধ্যবিত্ত শ্ৰেণীটোৰ সকলো অহংকাৰ, প্ৰতিপত্তি আৰু ক্ষমতাৰ মূলতে হ'ল শ্ৰমজীৱী দুখীয়া লোকসকলৰ কঠোৰ শ্ৰম আৰু ত্যাগ। ‘প্ৰৱাল দ্বীপৰ সভ্যতা' গল্পত শেষৰফালে মধ্যবিত্ত শ্ৰেণীৰ চৰিত্ৰটোৱে এই কথাকেইটাকেই উপলব্ধি কৰিছে।

“এক গৃহহীন বিশ্বকৰ্মাৰ ছিঙি যোৱা হাত এখনৰ ওপৰতে বহি আমি আধুনিক  সভ্যতাৰ বুনিয়াদ গঢ়ি তুলিছো।”

 একেদৰে  ‘ভেঁটি' গল্পতো তিনিটা ভিন জাতৰ শ্ৰমিকে বিহু মঞ্চ সজাৰ বাবদ উদ্যোক্তা সমিতিৰপৰা প্ৰাপ্য মজুৰিৰ বাবে হামৰাও কাঢ়িবলগীয়া হৈছে। সেই সময়তে ভাগি যাব খোজা বিহু মঞ্চৰ খুঁটাকেইটা কান্ধত ধৰি লৈ খুঁটাকেইটা বাগৰি পৰাৰপৰা ৰক্ষা কৰা ছবিয়ে প্ৰকাশ কৰিছে সেই একে সত্যৰে স্বৰূপ। অসমীয়া সংস্কৃতিৰ গুৰুদায়িত্ব শ্ৰমজীৱীসকলৰ কান্ধত সঁপি গল্পকাৰে গল্পকাৰে ভণ্ড মধ্যবিত্তীয় সমাজখনৰ স্বৰূপ দাঙি ধৰাৰ প্ৰয়াস কৰিছে আৰু সেইসকল বাবুক তাচ্ছিল্য কৰি শ্ৰমজীৱীসকলে তীৰ্যকভাৱে কৈ উঠিছে –

“আমৰা চাড়ি দিলে বাবুগিলা চালা চব গিৰি যাব ৰে।”

মধ্যবিত্তীয় সমাজখনৰ ভণ্ডামি, দুৰ্বল নৈতিকতাক কঠোৰ সমালোচনা কৰা গল্পকাৰৰ দৃষ্টিত সূক্ষ্ম সূক্ষ্ম প্ৰসংগবোৰো সাৰি যোৱা নাই। সেয়েহে বিভিন্ন দিশৰপৰা উদঙাই দিয়া হৈছে মধ্যবিত্তীয় দুৰ্বলতাসমূহ। ‘কেন্সাৰ ৱাৰ্ড' গল্পত ঘৰত সন্তানক থৈ বিয়া খাবলৈ যোৱা দম্পতীয়ে বাটত মনত পেলাইছে ঘৰত অশ্লীল চিনেমা এৰি থৈ অহাৰ কথা। আনহাতে, আংগিকৰ দিশত দুৰ্বল হ'লেও মধ্যবিত্তীয় মানসিকতাৰ উৎকৰ্ষহীনতা তথা মেৰুদণ্ডহীন দুৰ্বল স্থিতিক অতি সবলভাৱে উপস্থাপন কৰা হৈছে ‘তগৰ, কমলাকান্ত ইত্যাদি’ গল্পত। বীণা বৰুৱাৰ ‘জীৱনৰ বাটত' উপন্যাস বিংশ শতিকাৰ ছল্লিশৰ দশকৰ পটভূমিৰ আৰু হুছেইনৰ গল্পটো বিংশ শতিকাৰ আশীৰ দশকৰ পিছৰ পটভূমিৰ। এই সময়ছোৱাত সমাজ আৰু সভ্যতা বহুত আগ বাঢ়িল। কিন্তু উপন্যাসখনৰ সমাজ-পৰিস্থিতিৰ সৈতে গল্পৰ পটভূমিৰ সময়-পৰিস্থিতি তুলনা কৰি মধ্যবিত্তীয় মানসিকতা যে পূৰ্বতকৈ এখোজো আগ বঢ়া নাই সেই কথা গল্পকাৰগৰাকীয়ে অত্যন্ত কলাত্মকভাৱে প্ৰকাশ কৰিছে। ভণ্ড মধ্যবিত্তীয় জীৱনশৈলী আৰু ফোঁপোলা আভিজাত্যৰ সমালোচনাৰ সমান্তৰালভাৱে জেহিৰুল হুছেইনৰ কোনো কোনো গল্পত দেখা গৈছে ৰাজনীতিৰ সমালোচনা, আন কোনো গল্পত শাসনযন্ত্ৰৰ সমালোচনা। ‘বাজিকৰ’ গল্পত স্পষ্টভাৱে কোৱা হৈছে ৰাজনৈতিক নেতৃত্বও এক খেলা বুলি। ইফালে শাসকীয় পক্ষৰ পৃষ্ঠপোষকতাত চৰকাৰী বিভাগসমূহৰ দুৰ্নীতি-লুণ্ঠনৰ ছবিও পটুতাৰে অংকন কৰিছে গল্পকাৰগৰাকীয়ে। ‘দণ্ডবিধি' গল্পত আৰক্ষী বিভাগৰ দুৰ্নীতি, ‘ৰাং কুকুৰৰ টুপী' গল্পত বন বিভাগৰ ছত্ৰছায়াত চোৰাং কাঠ বৱসায়ীৰ দৌৰাত্ম্য ইত্যাদি প্ৰধান বিষয় হিচাপে ঠাই পাইছে।

আনহাতে, সাম্প্ৰতিক প্ৰেক্ষাপটত গভীৰ সমস্যা হিচাপে দেখা দিয়া সাম্প্ৰদায়িকতাবাদ আৰু সন্ত্ৰাসবাদক গল্পকাৰে বিষয়বস্তু হিচাপে থিৰ কৰা কাৰ্যই গল্পকাৰগৰাকীৰ বাস্তৱ-সচেতনতাৰ উমান দিছে। সন্ত্ৰাসবাদৰ পৃষ্ঠভূমিত গল্প নিৰ্মাণ নহ'লেও ‘মৃত্যুঞ্জয়’, ‘জাগি নুঠা মানুহ’, ‘মৃগয়া’, ‘দ্বিতীয় পাঠ’ আদি গল্পত সন্ত্ৰাসবাদৰ প্ৰসংগ উত্থাপিত হৈছে। ‘সৰুধেমালি বৰধেমালি' গল্পত সন্ত্ৰাসবাদক ব্যতিক্ৰমী দৃষ্টিকোণৰপৰা চাবলৈ চেষ্টা কৰা হৈছে। গল্পটোত এজাক কিশোৰে এটা মৃতদেহ উদ্ধাৰ কৰাৰ পাছত মৃতদেহটোক লৈ কিশোৰ মানসিকতাত সৃষ্টি হোৱা বিভিন্ন প্ৰতিক্ৰিয়াই গল্পটোক এক অনন্য সংবেদনশীল মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হৈছে।

জেহিৰুল হুছেইনৰ গল্পত সাম্প্ৰদায়িক সংঘৰ্ষ আৰু সম্প্ৰীতিৰ প্ৰসংগও সুকীয়া দৃষ্টিকোণেৰে উত্থাপিত হৈছে।  মিলা-প্ৰীতিৰে বসবাস কৰা সমাজখনত ভিন সম্প্ৰদায়ৰ চৰিত্ৰসমূহৰ মাজত ব্যক্তিগতভাৱে কোনো বিভেদ নাই। এনে মিলা-প্ৰীতিৰ ছবি দেখা গৈছে ‘দণ্ডবিধি' গল্পৰ লাখন প্ৰসাদ-ৰচিদ অথবা ‘আৰোপিত বিষাদ' গল্পৰ অনুপ-ৰফিকৰ মাজত। সাম্প্ৰদায়িক সংঘৰ্ষত জড়িত থকাৰ অভিযোগত লাখন-ৰচিদক আৰক্ষী লকআপৰ একেটা কুঠৰীতে ৰখা হৈছে, কিন্তু সিহঁতৰ মাজত শত্ৰুতাৰ পৰিৱৰ্তে দেখুৱা হৈছে মানৱীয় সহানুভূতিভৰা অকৃত্ৰিম বন্ধুত্ব। দৰাচলতে বিভেদ সৃষ্টি কৰি আহিছে স্বাৰ্থজড়িত তৃতীয় এটা পক্ষই।  কেতিয়াবা এই তৃতীয় পক্ষটো পুঁজিপতি বণিয়া গোষ্ঠী, আন কেতিয়াবা শাসনৰ গাদীত বহা চৰকাৰী শাসনযন্ত্ৰ। লাখন-ৰচিদ সমাজৰ নিম্নবৰ্গৰ প্ৰতিনিধি চৰিত্ৰ। কিন্তু মধ্যবিত্ত সমাজৰ প্ৰতিনিধি অনুপ-ৰফিকৰ মাজৰ বন্ধুত্বও ধৰ্মনিৰ্ভৰ নহয়; মানৱীয় বিশ্বাসনিৰ্ভৰ। একেলগে নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ অনুপে ৰফিকক সপৰিবাৰে নিমন্ত্ৰণ কৰাৰ পাছত সেইদিনাই বাবৰি মছজিদ ভঙাৰ খবৰে সিহঁতৰ সম্পৰ্কত আউল লগাব বুলি আশংকাত ভুগিছে অনুপ। কিন্তু সমগ্ৰ আশংকা মুহূৰ্ততে জোকাৰি ৰফিকে কৰা মন্তব্যই গল্পকাৰৰ তীব্ৰ সমাজ-বিশ্লেষণী শক্তিক তুলি ধৰিছে।

‘ থ থ হেৰ, মই কেতিয়াবাই সেইটো বাতৰি শুনিলো। তই কি ভাবিছ, দিল্লীৱালাহঁতে বাঁহী বজাব, আৰু আমি তাৰ তালে তালে নাচিম নহয়? সিহঁতৰ মগজুৰ বিকৃতি হৈছে বুলি আমাৰ বিকৃতি হৈছে বুলি ভাবিছ নেকি –'

লেখকৰ সাম্প্ৰদায়িকতা সম্পৰ্কীয় বিচাৰধাৰাৰ সৰ্বোৎকৃষ্ট প্ৰকাশ দেখিবলৈ পোৱা গৈছে ‘ভাল মানুহৰ সংজ্ঞা' গল্পটোত। বংগ ভংগ আন্দোলনৰ সময়ত মুছলমানৰ আক্ৰমণত সৰ্বস্বান্ত হৈ পলায়ন কৰা এটা ভগনীয়া হিন্দু পৰিয়ালে মুছলমান পৰিয়াল এটাৰ কাষত চুবুৰীয়া হিচাপে থাকিবলৈ লয় আৰু দুয়ো পৰিয়ালৰ মাজত আত্মীয়তা গঢ়ি উঠে। মুছলমান পৰিয়ালটোৰ সন্মুখত ভগনীয়া হিন্দু পৰিয়ালটোৰ কিশোৰী বাণীয়ে মুছলমানৰ নিৰ্দয় আক্ৰমণৰ কথা বৰ্ণনা কৰোতে তাই জনা নাই যে ইমান পৰে মুছলমান সম্প্ৰদায়ৰ লোকৰ আগতে মুছলমানবিৰোধী কথা কৈ আছে। সেই কথা জনোৱাৰ পিছত কিশোৰীজনীয়ে ভয়ৰ পৰিৱৰ্তে অবিশ্বাসৰ ভংগীৰে কৈ উঠিছে : ‘আপনাৰা মুছলমান নন, আপনাৰা ভাল মানুষ।'

ঘটনাৰ পাকচক্ৰত হিন্দু ভগনীয়া পৰিয়ালটো বড়ো আক্ৰমণৰ বলি হ'বলগীয়া হ'ল। বড়ো উগ্ৰপন্থীৰ সেই নিৰ্দয় আক্ৰমণৰ কথা পৰৱৰ্তী সময়ত বয়সীয়া বাণীৰ নাতিনীয়ে যেতিয়া মুছলমান পৰিয়ালটোলৈ বিয়া হৈ অহা বড়ো সম্প্ৰদায়ৰ বোৱাৰীগৰাকীৰ আগত বৰ্ণনা কৰিছে, তেতিয়া বড়ো সম্প্ৰদায়ৰ কমলাই সোঁৱৰাই দিছে – তুমি বড়ো মানুহৰ কথা কৈছা ন? ময়ো বড়ো মানুহহে। সেই সময়তে গল্পটোৰ সৰ্বোত্তম উপলব্ধিটো গল্পকাৰে নাতিনী চৰিত্ৰটোৰ যোগেদি প্ৰকাশ কৰোৱাইছে – আপুনি বড়ো নহয়। কেতিয়াও নহয়। আপুনি ভাল মানুহ।

গল্পকাৰৰ দৃষ্টিত ভাল মানুহ বুলি কোনো ধৰ্ম নাথাকে। অথবা ধৰ্মৰ ওপৰত নিৰ্ভৰ  কৰি মানুহ ভাল বা বেয়া নহয়। নিৰ্ভৰ কৰে আচৰণৰ ওপৰত। সাম্প্ৰদায়িক বিচাৰধাৰাৰ ইয়াতকৈ উৎকৃষ্ট ব্যাখ্যা বিচাৰি পোৱা টান। ‘জাগি নুঠা মানুহ’, ‘ব্ৰহ্মা’, ‘মাটিৰ চাকিৰ পোহৰ’, ‘চিলিকন ভেলীৰ মানুহ’ আদি গল্পতো সাম্প্ৰদায়িক চেতনাক ভিন্নধৰণে উপস্থাপন কৰাৰ প্ৰয়াস কৰা হৈছে।

এগৰাকী সমাজ-সচেতন গল্পকাৰ হিচাপে হুছেইনৰ গল্পত সমাজৰ ইতিবাচক-নেতিবাচক বিভিন্ন দিশ প্ৰতিফলিত হৈছে। সমাজত প্ৰচলিত লোকবিশ্বাস-অন্ধবিশ্বাস সম্পৰ্কীয় কথায়ো ঠাই পাইছে বহুকেইটা গল্পত। লোকবিশ্বাস সম্পৰ্কীয় প্ৰসংগই এফালে গল্পবোৰক যাদুকৰী বাস্তৱতাৰ প্ৰকাশৰ দিশেলৈ যোৱাৰ বিপৰীতে অন্ধবিশ্বাস সম্পৰ্কীয় প্ৰসংগবোৰক সমাজ সংস্কাৰৰ স্বাৰ্থত প্ৰয়োগ কৰাহৈছে। নিৰক্ষৰ সমাজত অন্ধবিশ্বাসৰ প্ৰচলন বেছি। অন্ধবিশ্বাসৰ সুযোগ লৈয়ে এচাম চতুৰ সুবিধাভোগীয়ে মুনাফা আহৰণৰ চেষ্টা কৰি আহিছে। ‘ছিন্নমূল' গল্পটোত আইথানৰ মাহাত্ম্যক লৈ ব্যৱসায় চলাইছে অনা-অসমীয়া বিহাৰী পুৰোহিতে। ‘সাত নম্বৰৰ সন্ধানত' গল্পটোত অন্ধবিশ্বাসৰ সুযোগ লোৱা পুৰোহিত শ্ৰেণীটোৰ ভণ্ডামি বেছি স্পষ্ট ৰূপত প্ৰকাশ পাইছে। স্বামী-পুত্ৰকে ধৰি সকলোকে হেৰুৱাই সৰ্বস্বান্ত হোৱা বনুৱা তিৰোতাগৰাকীৰ অৱস্থা লাওলোৱা হোৱাৰ পিছতো পূজা-পাতলৰ নামত ভণ্ড বাবাই সঞ্চিত ধনৰ শৰাধ কৰিছে। সমাজৰ প্ৰধান শত্ৰুৰূপে বিবেচনাযোগ্য ভণ্ড সন্ন্যাসীজনক বাগিছা কৰ্তৃপক্ষয়ো খেদিব নোখোজে। কিয়নো যেতিয়ালৈকে নিৰক্ষৰ বনুৱা সমাজখনত অন্ধবিশ্বাস শিপাই থাকিব, তেতিয়ালৈকে বাগিছা কৰ্তৃপক্ষয়ো সিহঁতক নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিব। শ্ৰমিক শ্ৰেণীটো শিক্ষিত হৈ ধন সঞ্চয় কৰি আত্মনিৰ্ভৰশীল হ'লে বাগিছাৰ মুনাফা অৰ্জনতে ব্যাঘাত আহিব। লক্ষণীয় কথা হ'ল, গল্পবোৰত অন্ধবিশ্বাস সম্পৰ্কীয় প্ৰসংগ কেৱল উল্লেখ থকাটোৱেই নহয়, তাৰ প্ৰতিবাদো সুষ্পষ্ট। ‘ছিন্নমূল' গল্পটোত ধনশিৰী নদীৰ দেৱীথানৰ দেওমাছটোক লৈ গাঁওবাসীয়ে কৰা ভয়ক তাচ্ছিল্যৰে উপহাস কৰা হৈছে। ‘সাত নম্বৰৰ সন্ধানত' গল্পটোতো একেদৰে ভণ্ড সন্ন্যাসীটোৰ ভূমিকাক সমালোচনা কৰি কাহিনীটোৰ হৰেন মামাই কৈ উঠিছে - ‘দুখীয়া কুলিমখাক সি শুহি শুহি তেজ পিলে।'

 অন্ধবিশ্বাসৰ আঁৰত নিৰক্ষৰ, শিক্ষা-বঞ্চিত সমাজখনৰ অজ্ঞতাকে মূলতঃ গল্পকাৰে দেখুৱাবলৈ যত্ন কৰিছে যদিও শিক্ষাপ্ৰাপ্ত আধুনিকতাৰ পোছাক পিন্ধা একাংশ মধ্যবিত্তও যে অন্ধবিশ্বাসৰ গণ্ডীৰপৰা ওলাই আহিব পৰা নাই, তাৰ ছবিও দেখিবলৈ পোৱা গৈছে ‘ছিন্নমূল' গল্পটোত। এটা সময়ত আয়ুৰ্বেদিক ঔষধ যতনাই দিয়া বাবে কবিৰাজক অপদস্থ কৰা ডলী বৰুৱা নামৰ তথাকথিত আধুনিক ভদ্ৰ মহিলাগৰাকীও শেষত দেওলগা মাছৰ অভিশাপৰপৰা ৰক্ষা পাবৰ বাবে কবিৰাজৰ শৰণাপন্ন হোৱাৰ দৃশ্যটোৰ যোগেদি তথাকথিত মধ্যবিত্তীয় মানসিকতাক শ্লেষ হানিছে গল্পকাৰগৰাকীয়ে।

 অসম আন্দোলনকালীন সময়ছোৱাৰ এগৰাকী গল্পকাৰ হিচাপে অসম আন্দোলনক বিষয়বস্তু হিচাপে লৈ জেহিৰুল হুছেইনে গল্প লিখা নাই, কিন্তু আন্দোলন-প্ৰভাৱিত জনজীৱনৰ ছবি তেওঁৰ গল্পত দেখিবলৈ পোৱা যায়। জেহিৰুল হুছেইন অসম আন্দোলনৰ সপক্ষে নাছিল। আন্দোলনে সমাজৰ সৰ্বস্তৰীয় উন্নয়ন সাধিব বুলি তেওঁ বিশ্বাস কৰা নাছিল। সেয়ে আন্দোলনক সমৰ্থন কৰাৰ সলনি গল্পৰ মাজেৰে সমালোচনা কৰাহে পৰিলক্ষিত হৈছে। ‘শেষ সম্বাদ', ‘দৃষ্টিদোষ' আদি গল্পত এনেধৰণৰ  সমালোচনাৰ সুৰ স্পষ্ট। থলুৱা সাধাৰণ লোকৰ জীৱনৰ মান ঊৰ্ধ্বগামী কৰি তোলাৰ পৰিৱৰ্তে আন্দোলনে একাংশ দালাল আৰু পুঁজিপতি শ্ৰেণীৰ উত্থানত অৰিহণা যোগোৱাৰ ছবি ‘শেষ সম্বাদ' গল্পত ফুটি উঠিছে। আনহাতে, একাংশ থলুৱা নেপালীলৈ আন্দোলনে কঢ়িয়াই অনা সংশয়ক উপস্থাপন কৰা হৈছে ‘দৃষ্টিদোষ' গল্পটোত।

অসম আন্দোলন প্ৰভাৱিত জনজীৱনক লৈ যিদৰে জেহিৰুল হুছেইন হতাশাগ্ৰস্ত হৈছিল, সমান্তৰালভাৱে কুৰি শতিকাৰ শেহৰ দুটা দশকত বিশ্বায়নে অনা সামাজিক পৰিৱৰ্তনকো গল্পকাৰগৰাকীয়ে মানি ল'ব পৰা নাছিল। বিশ্বায়নে সাধাৰণ ৰাইজৰ মানসিকতা সলনি কৰি পেলাইছিল। নগৰীয়া আগ্ৰাসনত গাঁওবোৰে স্বকীয়তা হেৰুৱাব খোজা প্ৰক্ৰিয়াৰ আৰম্ভণি  ঘটিছিল। আনহাতে, ব্যৱসায়-চাকৰিৰ তাগিদাত নগৰত থিতাপি ল'বলৈ গৈ শিপা হেৰুৱাই লৈছিল একাংশ মধ্যবিত্ত নাগৰিকে। বিশ্বায়নৰ প্ৰভাৱত গ্ৰাম্য সমাজলৈ অহা পৰিৱৰ্তনৰ প্ৰতি গল্পৰ মাজেৰেই যেন বিদ্ৰোহ কৰিছিল গল্পকাৰগৰাকীয়ে। বিশ্বায়নৰ ফলত গাঁৱলৈ অহা পৰিৱৰ্তনৰ ছবি তুলি ধৰা হৈছে ‘অভিমন্যু’ গল্পত।  –

“আজি অলপ দিনৰপৰা নগৰখনেই লাহে লাহে সিহঁতৰ গাঁৱৰ ফালে আহি আছে। তাৰ এনে লাগে যেন মস্ত এটা অজগৰে মুখখন আঁকৈ মেলি সিহঁতৰ গাঁওখন গিলিব খুজিছে।

 পথাৰ পোত গৈছে। বিশাল কংক্ৰিটৰ দালান উঠিছে। শৈশৱত সিহঁতে বাৰে ভচহু কথাৰে আড্ডা দিয়া বৰ পুলটোৰ ওচৰত গঢ়ি উঠিছে এখন প্ৰকাণ্ড নাৰ্ছিং হোম।”

নগৰীয়া আগ্ৰাসনৰ ফলত গ্ৰাম্য মানসিকতাৰো ব্যাপক পৰিৱৰ্তন হৈছে। গাঁৱৰ সহজ-সৰল সমাজপ্ৰিয় মানুহবোৰ কিদৰে ভোগবাদী হৈছে, তাৰো বৰ্ণনা গল্পকাৰৰ ভাষাত পোনপটীয়াকৈ প্ৰকাশ পাইছে। –

“গাঁৱত দেখা গৈছে কিছু অচিনাকি মুখ। ক'ৰপৰা আহিছে ক'লৈ গৈছে সি একো উৱাদিহ উলিয়াব পৰা নাই। চিনাকি মানুহবোৰো অচিনাকি যেন হৈ পৰিছে। অকণমান সময় ৰৈ কুশলবাৰ্তা সুধিবলৈও কাৰো সময় নাই।”

হঠাতে পৰিৱৰ্তনৰ জোৱাৰে ধুই নিয়া গাঁৱৰ এই ধামখুমীয়াত, পৰিৱৰ্তনক সহজে গ্ৰহণ কৰি লোৱা মানুহবোৰৰ মাজত ৰক্ষণশীল, পৰম্পৰাগত জীৱনপ্ৰৱাহত অভ্যস্ত একাংশ লোকে নিজকে খাপ খুৱাবলৈ ব্যৰ্থ হৈ পৰিছে। ভিৰৰ মাজতো নিঃসংগ হৈ পৰিছে তেনে চৰিত্ৰসমূহ। পৱিত্ৰৰ দৰে তেনে এটা চৰিত্ৰই পৰিৱৰ্তিত সমাজ আবহাৱাত অসহায়বোধ কৰি নিজকে সলনি কৰিবলৈ গৈ গভীৰ অন্তৰ্দ্বন্দ্বত ভুগিছে। ভোগপ্ৰৱণতাত উটি-ভাহি ফুৰা মানুহৰ মাজত মিলি যাবলৈ গৈ বেহু মাজত সোমাই পৰা অভিমন্যুৰ দৰে অসহায় হৈ পৰিছে। বিশ্বায়নে আনি দিয়া নব্য ধাৰণা আৰু সংস্কৃতিৰ ফলত থলুৱা সংস্কৃতিলৈও সংকট আহিছে। তাৰো আভাস গল্পটোৰ বায়ন চৰিত্ৰটোৰ জৰিয়তে প্ৰকাশ কৰা হৈছে। বায়নে আক্ষেপ কৰে - ‘গাঁৱৰ ডেকাবোৰে খোল শিকিবলৈ মোৰ ওচৰলৈ নাহে।' ‘চিলিকন ভেলীৰ মানুহ’, ‘ৰসায়ন’ গল্প দুটাতো বিশ্বায়ন-প্ৰভাৱিত সমাজ-জীৱনৰ ছবি সুস্পষ্ট।

আনহাতে, বিশ্বায়ন-প্ৰভাৱিত সমাজ-জীৱনত মধ্যবিত্তৰ নগৰমুখী গতি আৰু তাৰ বাবে শিপা হেৰুওৱা নাগৰিকৰ সংশয়-অনুতাপ আদি বিভিন্ন অনুভূতিৰ ছবি আন কেইটামান গল্পত দৃশ্যমান। ‘ছিন্নমূল’ গল্পটোৰ কথা পোনছাটেই আঙুলিয়াব পাৰি। ভুৱন বৰুৱা নামৰ মধ্যবিত্তীয় সমাজৰ প্ৰতিনিধি চৰিত্ৰটোৱে নগৰীয়া জীৱন আঁকোৱালি লোৱাৰ পিছত পৰিয়ালৰ সৰ্বসন্মত সিদ্ধান্তত গাঁৱৰ পৈতৃক ভেটি বিক্ৰী কৰি দিয়াৰ সিদ্ধান্ত লৈছে। গাঁৱলৈ শেষবাৰলৈ আহি গ্ৰাম্য জীৱনৰ সৈতে একাত্ম হৈ শিপাছিন্ন হোৱাৰ অনুতাপত দগ্ধ হৈছে। ধন আহৰণ-ভোগ-বিলাসৰ জীৱন সকলোকে তাচ্ছিল্যৰ দৃষ্টিৰে চাই মধ্যবিত্তীয় জীৱনটোক উপহাস কৰিছে চৰিত্ৰটোৱে। ‘মৃত্যু-সংবাদ’ গল্পত প্ৰত্যক্ষভাৱে ছিন্নমূল সম্পৰ্ক দেখুওৱা নহ'লেও গল্পটোত এগৰাকী নতুন প্ৰজন্মৰ যুৱতীৰ মানসিকতাই তেনে এক ইংগিতকে তুলি ধৰিছে। সম্পৰ্কীয় খুৰাক এজনৰ মৃত্যুৱে বিচলিত কৰিব নোৱৰা যুৱতীগৰাকীক টেলিভিশ্যনত লেডী ডায়েনাৰ মৃত্যুৰ খবৰে হুকহুকাই কন্দুৱাই তুলিছে। নতুন প্ৰজন্মৰ শিপাবিচ্ছিন্ন মানসিকতাক উপহাস কৰা হৈছে গল্পটোত।

জেহিৰুল হুছেইনৰ প্ৰতিটো গল্পতে এটা নিটোল কাহিনী থাকে, যি কাহিনীৰ মসৃণ আৰম্ভণি আৰু অৱধাৰিত পৰিসমাপ্তি থাকে। সামৰণিত নাটকীয় চমক থকাটো তেওঁৰ গল্পৰ অন্যতম বৈশিষ্ট্য। বৰ্ণনামূলক পদ্ধতিৰে উপস্থাপন কৰা কাহিনীসমূহ নাটকীয় সমাপ্তিৰ বাবেই সুখপাঠ্য হৈ পৰে। কিন্তু এই সুখপাঠ্যতাৰ বিপৰীতে হুছেইনৰ গল্পত প্ৰকাশশৈলীৰ বৈচিত্ৰ্য অত্যন্ত সীমিত। বহুবোৰ গল্পত গল্পকাৰে এজন কথকৰ ভূমিকা লৈছে আৰু পৰম্পৰাগত শৈলীৰে কাহিনীৰ গতি আগ বঢ়াই নিছে। শৈলীৰ ক্ষেত্ৰত পৰীক্ষা-নিৰীক্ষাৰ অভাৱে গল্পসমূহত অভিনৱত্বহীন কৰি তুলিছে। কিন্তু বাস্তৱবাদী ৰীতিৰ সৰহখিনি গল্পৰ বিপৰীতে কেইটিমান গল্পৰ শৈলীয়ে যাদুকৰী বাস্তৱবাদৰ দিশে গতি কৰিছে। ‘ছিন্নমূল' বা ‘ৰাং কুকুৰৰ টুপী' গল্পত লোকবিশ্বাসৰ ওপৰত ভেঁজা দি গল্পকাৰে এনে এক অতিপ্ৰাকৃতিক পৰিৱেশ গঢ় দিবলৈ সক্ষম হৈছে, যাৰ বাবে গল্পৰ ভাষা যাদুকৰী বাস্তৱবাদৰ শৈলীৰ নিচেই কাষ চাপিছে। এনে প্ৰচেষ্টাৰে সৰ্বোৎকৃষ্ট বিকাশ ঘটিছে ‘বাঘ মানুহ' গল্পত। কিন্তু কাহিনীৰ অনুপাতে শৈলীৰ ওপৰত গুৰুত্ব কম আৰোপ হোৱা বাবে গল্পকাৰে পৰম্পৰাগত আৱেষ্টনীৰপৰা ওলাই আহিব পৰা নাই। ভাষাৰ ক্ষেত্ৰত গল্পকাৰৰ সচেতনতা মন কৰিবলগীয়া। পৰিস্থিতি অনুযায়ী ভাষাৰ প্ৰয়োগ আৰু চৰিত্ৰ অনুযায়ী সংলাপ প্ৰয়োগ তেওঁৰ ৰচনাশৈলীৰ অন্যতম বিশেষত্ব। চৰিত্ৰটোৱে যিধৰণৰ শ্ৰেণী বা সমাজক প্ৰতিনিধিত্ব কৰে সেই শ্ৰেণীৰ ভাষা ব্যৱহাৰৰ যত্ন কৰিছে গল্পকাৰগৰাকীয়ে। মধ্যবিত্তীয় চৰিত্ৰৰ মুখত গতানুগতিক প্ৰচলিত ভাষা ব্যৱহাৰ কৰাৰ বিপৰীতে গ্ৰাম্য বাসিন্দাসকলৰ মুখত গ্ৰাম্য ঠাঁচত ভাষা দিয়াৰো যত্ন কৰিছে - ‘গুৱাহাটীত দুদিনমান থাকোতে মোৰ উশাহ-নিশাহ বন্ধ হ'ব খুজিছিল। পিছে ভিনদেউৱে কেছাৰীঘাটৰ ফালে ফুৰিবলৈ নিয়াতহে মনটো ভাল লাগিল। কেছাৰীঘাটৰ ফালে তই গৈছনে নাই মহেশ্বৰ কাই?' ভঙা-ছিঙা লোহা বেচা কিশোৰটোৰ মুখৰ সংলাপ - ‘তই জুধ-মুট হাল্লা কৰ পিণ্টু। ধৈৰ্য ধৰচোন। সেইদিনাৰ দৰে ভাল দাও আহি যাব পাৰে।' একেদৰে বাংলাদেশী ভগনীয়া পৰিয়ালৰ মুখতে হওক অথবা অনা-অসমীয়া বিহাৰী হিন্দুৱেই হওক, চৰিত্ৰ অনুযায়ী বৈশিষ্ট্য ৰক্ষা কৰি গল্পকাৰে সংলাপ দিয়াৰ যত্ন কৰিছে। একেদৰে শিশু-কিশোৰৰ মুখতো বয়সে দাবী কৰা অনুযায়ী  ভাষা প্ৰয়োগ কৰাৰ ক্ষেত্ৰতো গল্পকাৰ সচেষ্ট।

বিংশ শতিকাৰ আশীৰ দশকৰ পৰৱৰ্তী সময়ছোৱাত বিভিন্ন কাৰকৰদ্বাৰা প্ৰভাৱিত হোৱা সমাজৰ ছবি যদি অধ্যয়ন কৰিবলগীয়া হয়, তেন্তে জেহিৰুল হুছেইনৰ গল্পসমূহ অৱশ্যপঠনীয়। এই সময়ছোৱাৰ মধ্যবিত্ত-নিম্নবিত্ত আদি শ্ৰেণীসমূহৰ অৱস্থা আৰু মানসিকতাৰ ছবি নিখুঁতভাৱে তুলি ধৰি সমাজ-দায়বদ্ধ গল্পকাৰ হিচাপে পৰিচয় দি থৈ গৈছে জেহিৰুল হুছেইনে।

Share Button
Print Friendly, PDF & Email

No Comments : "মধ্যবিত্তীয় ভণ্ডামিৰ সমালোচক জেহিৰুল হুছেইনৰ গল্প - (লিপিমণি দত্ত)"

Leave a Comment

Your email address will not be published. Required fields are marked *