মেঘালয়ৰ মাতৃপ্ৰধান সমাজ : বোধ আৰু বিচাৰ-(বিপাশা বৰা)

        আমি বিশ্বৰ এখন বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰৰ বাসিন্দা। যিখন ৰাষ্ট্ৰত প্ৰতি ১০-১৫ মিনিটৰ মূৰে মূৰে ধৰ্ষণৰ বাতৰি পোৱা যায়, যিখন দেশত পদে পদে নাৰী লাঞ্ছিত-বঞ্চিত হয়, যিখন দেশত নিজৰ প্ৰাপ্য সন্মান আৰু নিৰাপত্তা লাভৰ দাবীৰে নাৰীয়ে উলংগ হৈ ৰাজপথত প্ৰতিবাদত নমাৰ নজিৰো আছে, সেইখন দেশত প্ৰকৃততে নাৰী-স্বাধীনতা আৰু সম-অধিকাৰৰ স্বপ্ন এতিয়াও সুদূৰপৰাহত।

        অথচ এইখন ভাৰতৰেই একোণত পিতৃতান্ত্ৰিকতাক বৃদ্ধাংগুষ্ঠ দেখুৱাব পৰাকৈ এখন সৰু পাহাৰীয়া ৰাজ্য আছে - মেঘালয় যাৰ নাম। আধুনিক পুঁজিবাদী সমাজব্যৱস্থাত বিশ্বায়নৰ বতাহে পৃথিৱীৰ চুকে-কোণে কোবাই গৈছে - যি হৈ উঠিছে ক্ষুদ্ৰ নৃগোষ্ঠীসমূহৰ স্বকীয়তা-সভ্যতা-সংস্কৃতিৰ প্ৰতি এক ভাবুকিস্বৰূপ। এনে প্ৰেক্ষাপটতো যে একোটা জাতিয়ে বিশ্বৰ সন্মুখত নিজৰ  প্ৰাচীনতম সাংস্কৃতিক পৰিচয়ক একক আৰু অনন্য ৰূপত স্থাপিত কৰিব পাৰে, তাৰ এক উৎকৃষ্ট উদাহৰণ হ'ল - মেঘালয়ৰ মাতৃতান্ত্ৰিক জনগোষ্ঠীসমূহ।

        মেঘালয়ৰ সমাজ-ব্যৱস্থা আৰু গাঁথনি আমাৰ দৰে পিতৃতান্ত্ৰিক সমাজ এখনত ডাঙৰ-দীঘল হোৱা নাৰী এগৰাকীৰ বাবে তেনেই আচহুৱা। অথচ ৰাজ্যখনৰ চৌপাশে পিতৃতান্ত্ৰিক সমাজে ঘেৰি ৰখাৰ পাছতো ঐতিহ্যপ্ৰাণ ইয়াৰ বাসিন্দাসকলে অতি সুচাৰুৰূপে তেওঁলোকৰ একক বৈশিষ্ট্যপূৰ্ণ এই পৰম্পৰাসমূহ ৰক্ষা কৰি আহিছে। ভাৰতৰ আন ঠাইত যিদৰে নাৰীয়ে নিজৰ স্ব-অধিকাৰ ৰক্ষাৰ বাবে সংগ্ৰাম কৰিব লাগে, তেনে ক্ষেত্ৰত মেঘালয়ত দেখা যায় সম্পূৰ্ণ ওলোটা ছবি এখন।

        পৰিহাসৰ কথা যে এই ৰাজ্যত নায্য অধিকাৰ বিচাৰি সংগ্ৰাম গঢ়ি তুলিছে পুৰুষসকলেহে। 'চিংখং-ৰিম্পেই-থ্যমাই' (Syngkhong-Rympei-Thymmai) নামৰ এটি সংগঠনে মেঘালয়ৰ পুৰুষসকলৰ অধিকাৰৰ সংগ্ৰামখন আগ বঢ়াই নিছে। এই সংগঠনৰ সভাপতি কীথ পেৰিয়াটে কয় যে - এই আন্দোলনৰ জৰিয়তে নাৰীসকলে লাভ কৰি থকা স্থান আৰু ক্ষমতা অৱনমিত কৰা তেওঁলোকৰ উদ্দেশ্য নহয়, মাথোঁ তেওঁলোকে বিচাৰে, নাৰী-পুৰুষৰ মাজত সমতা স্থাপন হওক আৰু পুৰুষৰ আৰ্থ-সামাজিক অৱস্থাৰ উন্নতি হওক। এই সংগ্ৰামে একে সময়তে মাতৃপ্ৰধান সমাজখনৰ বহু দুৰ্বলতা আঙুলিয়াই দিয়াৰ পিছতো পিছে মাতৃপ্ৰধান সমাজখনৰ বিৰোধিতা কৰা নাই, কিয়নো এই সমাজখনৰ পৰিৱেশ পিতৃতান্ত্ৰিক সমাজ এখনৰ সামগ্ৰিক পৰিৱেশতকৈ অনেক গণতান্ত্ৰিক।

        মহান ভাৰতীয় সভ্যতাৰ বিয়াৰ দিনা স্বামীঘৰলৈ দোলাত উঠি আহি মৃত্যুৰ পিছত সাঙীত উঠিহে এগৰাকী নাৰীয়ে স্বামীগৃহ ত্যাগ কৰাৰ প্ৰচলিত ধাৰণাটো মেঘালয়ৰ সমাজব্যৱস্থাত এক হাস্যকৰ কথা। তাৰ বিপৰীতে পৰিয়ালৰ নুমলীয়া জীগৰাকীৰ স্বামীয়েহে নিজ পৰিয়াল-পৰিজন এৰি আহি পত্নীৰ পৰিয়ালৰ লগত বাস কৰাটো নিয়ম। মেঘালয়ৰ মাতৃপ্ৰধান সমাজত সন্তানে মাকৰ উপাধি গ্ৰহণ কৰে, পৰিয়ালৰ আটাইতকৈ নুমলীয়া ছোৱালীজনী সকলো স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ উত্তৰাধিকাৰী হয়। এই উত্তৰাধিকাৰী ছোৱালীজনীক 'খাদু' বুলি কোৱা হয়। মেঘালয়ৰ নাৰীসকল স্বাধীনচিতীয়া, অৰ্থনৈতিকভাৱে স্বাৱলম্বী আৰু কষ্টসহিষ্ণু। সফল নাৰীসকলে তেওঁলোকৰ সফলতাৰ ভাগ ইয়াৰ সমাজব্যৱস্থাকো দিয়ে আৰু এই অৱস্থা বাহাল ৰখাৰ সপক্ষে শক্তিশালী মত পোষণ কৰে।

        ইয়াৰ বিপৰীতে পিছে বহু হতাশাগ্ৰস্ত পুৰুষে এই ব্যৱস্থাৰ অৱসান বিচাৰে। ইয়াকে লৈ আনকি একোটা পৰিয়াল বিভাজিত হোৱাৰ উদাহৰণো নোহোৱা নহয়। এই ব্যৱস্থাই একাংশ পৰিৱৰ্তনকামী স্থানীয় যুৱকক যিদৰে ৰুষ্ট কৰি আহিছে, তাৰ বিপৰীতে এই ব্যৱস্থাৰ সুযোগ লৈছে এচাম বহিৰাগত অথবা দাখাৰে। তেওঁলোকে পৰিয়াল একোটাৰ খাদুৰ সৈতে বিবাহপাশত আবদ্ধ হৈ পত্নীৰ নামত মেঘালয়ৰ উৰ্বৰ মাটিত নিৰ্বিবাদে চলাই গৈছে খেতি-বাতি আৰু ব্যৱসায়-বাণিজ্য। তদুপৰি পাহাৰীয়া লোকৰ বাবে ৰাষ্ট্ৰই ধাৰ্য কৰা বিভিন্ন অতিৰিক্ত সা-সুবিধাসমূহো তেওঁলোকে একেধৰণে ভোগ কৰি থাকে। 'চিংখং-ৰিম্পেই- থ্যমাই' নামৰ সংগঠনটোৱে এনেধৰণৰ কথাসমূহৰে বিৰোধিতা কৰি আহিছে।

        মেঘালয়ৰ মাতৃপ্ৰধান সমাজখনক কেন্দ্ৰ কৰি অনেক মিথ, অনেক মুখৰোচক বাতৰি সততে প্ৰচলিত। বহু বিদেশী গৱেষক-পণ্ডিতৰ লগে লগে স্থানীয় দেশীয় পণ্ডিতসকলেও ইয়াক ৰোমান্টিচাইজ কৰি অহা দেখা যায়। কিন্তু প্ৰকৃত সত্যটো হ'ল, মাতৃপ্ৰধান হোৱা সত্ত্বেও আৰু সমাজে নাৰীৰ হাতত অধিক ক্ষমতা দিয়াৰ পিছতো বিগত কেইটামান দশকত মেঘালয়ত নাৰীজনিত অপৰাধ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। বহু পৰিৱৰ্তনকামীয়ে আকৌ ইয়াৰ বাবেও আওপকীয়াকৈ মাতৃপ্ৰধান সমাজখনকে দায়ী কৰে। কিয়নো সমাজত ক্ৰমাৎ বৃদ্ধি পোৱা অকৰ্মণ্য মানুহ এচাম অপৰাধপ্ৰৱণ হৈ পৰাৰ লগতে, তেওঁলোকে নিচা-আসক্তিৰ মাজতে মুক্তিৰ পথ বিচাৰি লৈছে, যাৰ কাৰণে মেঘালয়ৰ সৰল সমাজখনত অপৰাধপ্ৰৱণতা অনেক পৰিমাণে বৃদ্ধি পাইছে।

        যি সময়ত মেঘালয়ৰ এচাম প্ৰগতিশীল লোকে এই পুৰণিকলীয়া প্ৰথাসমূহ ওফৰোৱাৰ বাবে আৰম্ভ কৰা যুঁজখনৰ কথা কোৱা হয়, সেই একে সময়তে আমাৰ চকুৰ সন্মুখত ভাহি উঠে - পাহাৰৰ ভিতৰুৱা গাঁওবোৰৰ বাসিন্দাসকলৰ মনৰ গহনলৈকে প্ৰোথিত হৈ থকা মাতৃতান্ত্ৰিকতাৰ শিপা। শতিকাৰ পিছত শতিকাজুৰি খামোচ মাৰি থকা এই শিপা উঘালি পেলোৱাও বৰ সহজ কথা নহয়। এই কথাৰ প্ৰমাণ পোৱা যায় - এটা পৰিয়ালত সন্তান জন্মৰ সময়ত। কন্যা সন্তান জন্মৰ সময়ত সকলোৱেই আনন্দত আত্মহাৰা হৈ উঠে। আনকি আমাৰ ল'ৰা সন্তানটি জন্মোতেও তেওঁলোকে কৈছিল - ছোৱালী হ'লেহে মাক-দেউতাক অধিক সুখী হয়। মই আচৰিত হৈ কাৰণ সোধাত তেওঁলোকে যুক্তি দৰ্শাইছিল - “ছোৱালীবোৰ কামৰ। পৰিয়ালৰ দা-দায়িত্ব ল'ব পৰাকৈ বুজন আৰু সমৰ্থ।” কথাষাৰ যে কিমান সঁচা - সেই কথা দেখোন মনৰ মাজতে বাৰে বাৰে প্ৰতিধ্বনিত হয় !!!

        যি কি নহওক, পুৰুষতান্ত্ৰিকতা আৰু মাতৃতান্ত্ৰিকতাৰ পোষকতা কৰা অথবা বিৰোধিতা কৰা মোৰ উদ্দেশ্য নহয়। মেঘালয়ৰ সমাজখনত যোৱা প্ৰায় তিনি-চাৰি বছৰ ধৰি বসবাস কৰি আৰু ইয়াৰ সমাজখন অতি ওচৰৰপৰা লক্ষ্য কৰি, নিজৰ সীমিত অভিজ্ঞতাৰে এই স্পৰ্শকাতৰ বিষয়টোত মাত মতাৰ সাহস কৰিছোঁ এইবাবেই যে - ব্যৱস্থা এটাৰ অংশীদাৰ নোহোৱাকৈও, অতি ওচৰৰপৰা কৰা পৰ্যবেক্ষণত নিৰ্মোহভাৱে কথাবোৰ চালি-জাৰি চাব পাৰি। নিজৰ মাতৃতান্ত্ৰিক পৰম্পৰা ৰক্ষাত আগ্ৰহী সফল নাৰীৰ যুক্তি-বক্তব্য কেতিয়াও দলিয়াই পেলাব পৰাবিধৰ নহয়। পিছে এই ব্যৱস্থাত শিথিলতা বিচৰা, পত্নীগৃহ অথবা ভগ্নীগৃহত নিজকে পৰিত্যক্ত বিবেচনা কৰা, শিক্ষিত ডেকাসকলৰ হাহাকাৰো দেখি-শুনি আহিছোঁ। কিন্তু তেওঁলোকৰ মূল সমস্যা যে সমাজখন মাতৃপ্ৰধান হোৱাটোৱেই নহয়, সেই কথা  'চিংখং-ৰিম্পেই- থ্যমাই' সংগঠনটোৰ নেতাসকলে অনুধাৱন কৰাটো বাঞ্ছনীয়। লগতে মেঘালয়ৰ মাতৃপ্ৰধান সমাজখনৰো মূল শত্ৰু 'চিংখং-ৰিম্পেই-থ্যামাই' নহয়, বৰং ইয়াৰ মূলতে হৈছে বিশ্বায়নে তীব্ৰৱৰূপত লৈ অহা সাংস্কৃতিক বিৱৰ্তন আৰু আগ্ৰাসনহে।

Share Button
Print Friendly, PDF & Email

No Comments : "মেঘালয়ৰ মাতৃপ্ৰধান সমাজ : বোধ আৰু বিচাৰ-(বিপাশা বৰা)"

Leave a Comment

Your email address will not be published. Required fields are marked *