"মটৰচাইকেল ডায়েৰি" মূল : "দ্য মটৰচাইকেল ডায়েৰিজ"২য় খণ্ড - (মূল:চ্ছে গুৱেৱাৰা, অসমীয়া ভাঙনি (কিছু অতিৰিক্ত সংযোজন সহিতে) - আৰহান ইনামূল)

মটৰচাইকেল ডায়েৰিৰ যাত্ৰাপথৰ ক্ৰমণিকা -
আৰ্জেন্টিনা
১৯৫১
ডিচেম্বৰ - ক'ৰড'বা'ৰপৰা বুয়েন'ছ আয়াৰ্ছলৈ
১৯৫২
৪ জানুৱাৰি - বুয়েন'ছ আয়াৰ্ছ ত্যাগ কৰে
৬ জানুৱাৰি - ভিল্লা গেচেল
১৩ জানুৱাৰি - মিৰামাৰ
১৪ জানুৱাৰি - নেক'চ্ছেআ'
১৬-২১ জানুৱাৰি - বাহিআ ব্লাংকা
২২ জানুৱাৰি - চ্ছৱেলে চ্ছৱেল'লৈ বুলি যাত্ৰাপথ গ্ৰহণ কৰে
২৫ জানুৱাৰি - চ্ছৱেলে চ্ছৱেল
২৯ জানুৱাৰি - পিয়েড্ৰা ডেল এগুইলা
৩১ জানুৱাৰি - ছান মাৰ্টিন ডে লছ এণ্ডেছ
৮ ফেব্ৰুৱাৰি - নাহুৱেল হুৱাপি
১১ ফেব্ৰুৱাৰি - ছান কাৰ্লছ ডে বাৰিল'চ্ছে
চিলি
১৪ ফেব্ৰুৱাৰি - মডেষ্টা ভিক্টৰিয়া'ৰপৰা পেউলা'লৈ বুলি যাত্ৰা পথ লয়।
১৮ ফেব্ৰুৱাৰি - টেমুক'
২১ ফেব্ৰুৱাৰি - লাউটাৰ'
২৭ ফেব্ৰুৱাৰি - লছ এঞ্জেলছ
১ মাৰ্চ - ছান্টায়াগ' ডে চিলি
৭ মাৰ্চ - ভালপাৰাইচ্ছ'
৮-১০ মাৰ্চ - ছান এন্ট'নিঅ' এৰে
১১ মাৰ্চ - এন্ট'ফাগাষ্টা
১২ মাৰ্চ - বেকুইডান'
১৩-১৫ মাৰ্চ- চ্চুকুই-কামাটা
২০ মাৰ্চ - ইকুইকিউ (আৰু দ্য ট'ক', লা ৰিকা এভেঞ্চুৰা আৰু প্ৰচপেৰিডাড নাইট্ৰেট কোম্পানি ভ্ৰমণ কৰে)
২২ মাৰ্চ - এৰিকা
পেৰু
২৪ মাৰ্চ - টাকনা
২৫ মাৰ্চ - টাৰাটা
২৬ মাৰ্চ - পুন'
২৭ মাৰ্চ - টিটিকাকা হ্ৰদৰ ওপৰেদি নাৱৰে যায়
২৮ মাৰ্চ - জুলিআকা
৩০ মাৰ্চ - চিকুআনি
৩১ মাৰ্চ-৩ এপ্ৰিল - কুযক'
৪-৫ এপ্ৰিল - মাচ্ছু পিচ্ছু
৬-৭ এপ্ৰিল - আকৌ কুযক'
১১ এপ্ৰিল - আবান্কেই
১৩ এপ্ৰিল - হুৱানকাৰামা
১৪ এপ্ৰিল - হুৱাম্ব'
১৫ এপ্ৰিল - আকৌ হুৱানকাৰামা
১৬-১৯ এপ্ৰিল - আণ্ডাহুআইলাছ
২২-২৪ এপ্ৰিল - আয়াকুচ্ছ'ৰপৰা হুৱানকাল্ল'লৈ বুলি যাত্ৰা
২৫-২৬ এপ্ৰিল - লা মেৰচেদ
২৭ এপ্ৰিল - অক্সাপাম্পা আৰু ছান ৰেম'ন'ৰ মাজত
২৮ এপ্ৰিল - ছান ৰেম'ন
৩০ এপ্ৰিল - তাৰমা
১-১৭ মে' - লিমা
১৯ মে' - চেৰ' ডে পাচক'
২৪ মে' - পুকাল্লপা
২৫-৩১ মে' - আমাজন'ৰ এখন উপনৈ ৰিঅ' উকায়ালি'ৰ ওপৰেদি লা চেনেপা' নামৰ নাৱৰে যায়
১-৫ জুন - ইকুইট'জ
৬-৭ জুন - ছান পাৱল'ৰ কুষ্ঠৰোগী থকা কলনি এটালৈ বুলি এল চিছনে নামৰ নাৱেৰে যায়
৮-২০ জুন - ছান পাৱল'
২১ জুন - মাম্ব'-টেঙ্গ' নামৰ ভেলা এখনেৰে আমাজনৰ ওপৰেদি যাত্ৰা
কলম্বিয়া
২৩ জুন- ১ জুলাই - লেটিচিয়া
২ জুলাই - প্লেনেৰে লেটিচিয়া ত্যাগ কৰে
২ জুলাই-১০ জুলাই - ব'গ'টা
১২ জুলাই- ১৩ জুলাই - কুকুটা
ভেনিজুৱেলা
১৪ জুলাই - ছান ক্ৰিষ্ট'বাল
১৬ জুলাই - বাৰকুইচিমেটো আৰু ক'ৰ'না'ৰ মাজত
১৭জুলাই- ২৬ জুলাই - কাৰাকাছ, ইয়াতেই চ্ছে আৰু আলবাৰ্ট পৰস্পৰৰপৰা বিচ্ছিন্ন হৈছিল।
আমেৰিকা যুক্তৰাষ্ট্ৰ
জুলাইৰ শেষৰ ফালে মিয়ামি পায়গৈ।
আৰ্জেন্টিনা
আগষ্ট মাহত ক'ৰ'ড'বা'ত থকা নিজৰ পৰিয়ালৰ ওচৰলৈ চ্ছে উভতি যায় ।

মূল আৰম্ভণি
(ইয়াৰ পিছৰেপৰা সকলো ঘটনাৱলী চ্ছে'ৰ নিজস্ব ব্যাখ্যাৰ)
ENTENDAMONOS
তেন্তে, আমি এজনে আনজনক বুজি পাওঁ
এইখন কোনো বীৰত্বব্যঞ্জক বৰ্ণনাৰ গাথা নহয় বা কোনো নিন্দাসূচক ব্যাখ্যাও নহয়, অন্ততঃ মই তেনে অৰ্থ প্ৰকাশ কৰিব বিচৰা নাই এই স্মৃতিকথাৰ যোগেদি। এইখনক আপোনালোকে ক'ব পাৰে কিছু সময়ৰ বাবে সমান্তৰালভাৱে গতি কৰা দুটা জীৱনৰ এটা জিলিঙনি, যাৰ আশা আৰু সপোনবোৰ সদৃশ আৰু সন্মিলিত আছিল।
এজন মানুহৰ জীৱনৰ ন মাহৰ সময়ত বহুত কথাই তেওঁ চিন্তা কৰিব পাৰে, তত্ত্বগধুৰ দৰ্শনৰ ধ্যান-ধাৰণাৰপৰা খালি পেটটোৰ অৱস্থাৰ লগত চুক্তি কৰি থকা সময়ত অলপ মাত্ৰ ছুপৰ বাবে হাহাকাৰ কৰি থকাৰ যাতনা ভৰা অনুভৱলৈকে। আৰু তাতে যদি সেই অভাগা এজন এডভেঞ্চাৰ ভাল পোৱা ব্যক্তি হয়, তেন্তে তেওঁ হয়তো অন্য মানুহৰ ইচ্ছা-অনিচ্ছাৰ মাজেৰে জীয়াই থাকিব লগা হ'ব পাৰে। সেয়ে সিমানৰ পিছত সেইজন অভিযাত্ৰীয়ে লিপিবদ্ধ কৰা তথ্যসমূহ নিশ্চয়কৈ এনেকুৱা ধৰণৰ আংকৰি-বাংকৰি ভৰা হ'বই।
সেয়ে, পইছাটো ওপৰলৈ মাৰি পঠিওৱা হ'ল, কেইবাপাকো ঘূৰি ঘূৰি মাটিত পৰেহি, কেতিয়াবা হে'ড পৰে, কেতিয়াবা টেইল। আচলতে মই এইটো কথা বুজাব বিচাৰিছো যে ইয়াত মই যিবোৰ কথা কৈ যাম সেই সকলোবোৰ মোৰ নিজৰ মুখৰপৰা ওলোৱা, মোৰ নিজৰ ভাষাৰে প্ৰকাশ কৰা আৰু সকলোবোৰ মোৰ এই দুটা চকুৰে দেখা। সেয়ে সম্ভৱ হ'ব পাৰে যে দহটা সম্ভাৱনীয় হে'ডৰ পৰিৱৰ্তে মাত্ৰ এট সঁচা টেইল পৰাহে মই দেখিছো বা তাৰ সম্পূৰ্ণ ওলোটা হোৱাও দেখিছো। যিয়েই নকওঁ কিয় এয়া সম্ভাৱনীয়হে, ইয়াত কোনো অজুহাত দেখুওৱাৰ প্ৰশ্নই উত্থাপন নহয়, এই দুই ওঁঠে কেৱল সেয়াহে ব্যাখ্যা কৰিব পাৰিম যিখিনি এই দুটা চকুৰে প্ৰকৃততে দেখিছো। এইটোও স্বীকাৰ কৰো যে সদায়েই আমাৰ দৃষ্টি বা পৰ্যবেক্ষণ সিমান স্পষ্ট আৰু সম্পূৰ্ণ নাছিল। কিছুমান ঘটনা মাত্ৰ ক্ষণিকৰ বাবে পৰ্যবেক্ষণ কৰিছিলোঁ আৰু কিছুমান ক্ষেত্ৰত সম্পূৰ্ণৰূপে তথ্যও উপলব্ধ নাছিল। কিজানি আমি কেতিয়াবা আমাৰ বিচাৰ কৰাৰ মাত্ৰাৰ লগত কম্প্ৰমাইজ অলপো নকৰাকৈ ৰৈ গৈছিলো। যি কি নহওক, এতিয়া আৰু সেই সীমাবদ্ধতা বা অসম্পূৰ্ণতাৰ বাবে কাকো জগৰীয়া কৰিব নোৱাৰি।
যিজন মানুহে তেওঁৰ টাইপ ৰাইটাৰত এই নোটবোৰ লিখিছিল তেওঁৰ সেই মুহূৰ্ততেই মৃত্যু হৈছিল যেতিয়া তেওঁ আৰ্জেন্টিনাৰ মাটিত পুনৰ ভৰি দিছিলহি। সেই মানুহজন - মানে মই নিজে, যি সেইবোৰ চিনি পাইছিলো বা মসৃণ কৰিছিল, মানুহে চাব পৰা কৰিছিল, এতিয়া আৰু বাচি থকা নাই। অন্ততঃ মই আৰু সেইজন মানুহ নহয় যিধৰণৰ আগতে আছিলো। এই সকলোবোৰত পাকঘূৰণি খাই থকা মোৰ সেই "এটা কেপিটেল A'ৰ সৈতে আমাৰ আমেৰিকা" নামৰ ভাবনাটোৱে মোক মই ভবাতকৈ বেছি মাত্ৰাত সলনি কৰি পেলাইছিল।
কোনোবাই যদি মই লোৱা ফটোগ্ৰাফৰ ওপৰেদি যদি চকু ফুৰাই চায় তেন্তে তাৰ বেছিভাগেই হয় নিশাৰ ভাগত বা সম্পূৰ্ণ পূৰ্ণিমাৰ ৰাতিৰ দৃশ্যৰ সৈতে দৃষ্টিবদ্ধ হৈ ৰ'ব। কিন্তু "দুপৰীয়াৰ অন্ধকাৰ"ৰ সেই যাদুকৰী দৃষ্টি প্ৰায়েই সেই ফটোসমূহৰ লগত সংলগ্ন লেখাৰপৰা ফাদিল হ'ব। এই কিতাপখনৰ পাঠকসকল নিশ্চয়কৈ মোৰ ৰেটিনাৰ সংবেদনশীলতা সন্দৰ্ভত জ্ঞাত নহ’ব , আনকি মই নিজেও অতি কমেইহে ইয়াক অনুভৱ কৰিব পাৰো। সেয়ে পাঠকসকলে এইটো নিৰ্ধাৰণ কৰাটো কঠিন হ'ব, ঠিক কোন সময়ত সেই ফটোবোৰ লোৱা হৈছিল। মানে মই এইটো বুজাব খুজিছো, ধৰা হ'ল মই আপোনাক এখন ফটো চাবলৈ দি ক'লো যে সেইখন মই নিশাৰ ভাগত তোলা, আপুনি হয় বিশ্বাস কৰিব অথবা সন্দেহৰ দৃষ্টিৰে চাব, কিন্তু মোৰ বাবে সি সিমান অৰ্থ বহন নকৰে, কাৰণ মই যি পৰিবেশৰ প্ৰেক্ষাপটত সেই ফটোখন তুলিছিলো সেয়া আপুনি অনুধাৱন কৰাটো সম্ভৱ নহ’ব। সেয়ে মই আপোনাক কোৱা কথাখিনি মানি লোৱাৰ বাদে আপোনাৰ হাতত অন্য বিকল্প নাথাকিব। কিন্তু মই এতিয়া আপোনালোকক এৰি যাম, মোৰ নিজৰ সৈতে, মানে সেই মানুহটোৰ সৈতে এটা সময়ত যিজন মই আছিলো ...

PRODROMOS
সাৱধানবাণী

এইটো অক্টোবৰ মাহৰ এটা সুন্দৰ অথচ আলস্যভৰা পুৱা আছিল। যিহেতু সেইদিনা ১৭ অক্টোবৰ আছিল, সেয়ে বন্ধ দিনটোৰ সুবিধা মই আৰু গ্ৰানাণাড'ৱে পূৰামাত্ৰাই লৈছিলো। আমি গ্ৰানাড'ৰ ঘৰতে ভাইনজোপাৰ তলত বহি মিঠা "মেইট" (আৰ্জেন্টিনাৰ ৰাষ্ট্ৰীয় পানীয়, চাহৰ দৰেই মেইট নামৰ হাৰ্বৰপৰা তৈয়াৰ কৰা হয়) পান কৰি আছিলো, অৱশ্যে মই "ক'ৰডবা"লৈ যাবলগীয়া আছিল। আমাৰ মাজত হোৱা কথোপকথনত লাগ-বান্ধ নোহোৱা বহু কথাই ঠাই পাইছিল, "BITCH OF LIFE"ৰ শেহতীয়া ঘটনাৱলী ওপৰত মন্তব্য দিয়াৰপৰা আমাৰ "লা প'ডেৰ'জা-II"ক লৈ ঠাট্টা-মস্কৰা বা কৌতুকেৰে ৰসিকতা কৰালৈকে আদি-অন্ত নোহোৱা ভিন্ন কথাই আছিল আমাৰ আড্ডাত। আলবাৰ্ট'ৱে স্বীকাৰ কৰিছিল যে ছান ফ্ৰান্সিছক'ৰ ডেল চ্ছানাৰ কুষ্ঠ ৰোগীৰ কলনিত সি কৰি থকা চাকৰিটো কিয় এৰি আহিছিল আৰু বৰ্তমান কৰি থকা এছপান'ল হস্পিটেলত কিমান কম পাৰিশ্ৰমিকত কাম কৰিব লগীয়া হৈছে। ময়ো মোৰ চাকৰি এৰি আহিলো, অৱশ্যে আলবাৰ্ট'ৰ দৰে দুখ মনেৰে এৰি অহা নাছিলো, যথেষ্ট সুখী হৈছিলো চাকৰিটো এৰি থৈ আহি।

আমি আমাৰ দিবাস্বপ্নৰ আৱেশত নিজকে এৰি দিছিলোঁ ভিন্ন পথৰ ওপৰত যি লৈ গৈছে আমাক কোনোবা অজান-ভিতৰুৱা, মানে আনে গৈ নোপোৱা দেশলৈ, আমাৰ স্বপ্নক নেভিগেট কৰি আমি নি পোৱাই দিওঁগৈ কোনোবা পাকত একেবাৰে ট্ৰপিকেল সাগৰৰ পাৰলৈ অথবা এছিয়াৰ কোনো গাঁৱৰ মাজত। তেনেতে হঠাতে আমাৰ ফেন্টাছিক আৰু অলপ লাই দি ইটোৱে সিটোক প্ৰশ্ন কৰি দিওঁ -
"আমিনো উত্তৰ আমেৰিকালৈ কিয় নাযাওঁ?"
"উত্তৰ আমেৰিকা? কিন্তু কেনেকৈ যাম?"
"লা প'ডেৰ'জা-IIলৈ, বন্ধু।"

সেই ট্ৰিপটো আমি তেনেকৈয়েই ঠিক কৰিছিলোঁ, মানে "Just like that!!!" কিন্তু আমাৰ ফেন্টাছিপ্ৰসূত সেই ট্ৰিপটোৰ আয়োজন একেবাৰে কেঁচা আছিল। আমি মূলনীতিবোৰেই অৱজ্ঞা কৰিছিলোঁ, যেনে "IMPROVISATION"; মানে আমাৰ তথৈবচ অৱস্থাৰ লা প'ডেৰ'জা-IIৰ ওপৰত কিদৰে ভৰসা কৰি যাবলৈ ওলাম সেয়া সঁচা অৰ্থতেই এক বেলেগধৰণৰ, অন্য এক প্ৰকাৰৰ এডভেঞ্চাৰেই আছিল। তেনেতে আলবাৰ্ট'ৰ ককায়েকেও আহি আমাৰ লগত কিছু "মেইট" পান কৰাৰ উদ্দেশ্যে সংগ দিলেহি।

সেই অনানুষ্ঠানিক মিটিংখনতেই আমি দৃঢ়প্ৰতিজ্ঞ হ'লো, যেতিয়ালৈকে আমাৰ এই "মেইট"ৰ প্ৰভাৱত ৰচি লোৱা স্বপ্নৰ যাত্ৰাটোক সফল ৰূপ দিব নোৱাৰো তেতিয়ালৈকে আমি ক্ষান্ত নহওঁ, কাৰণ আমিও জানিছিলো যে সপোনৰ মাজেৰে পৃথিৱীখন এপাক মাৰোতে মাত্ৰ দুচকু মুদিলেই হ'ল, কিন্তু বাস্তৱত কেইখনমান দেশ ভ্ৰমণ কৰিবলৈকে যা-যোগাৰ কৰোতে আমাৰ যে নিদ্ৰা হৰিব সেয়া নিশ্চিত আছিলো। সেয়ে তাৰ পিছৰেপৰা সেই ভিছা বিচাৰি, চাৰ্টিফিকেট বিচাৰি আৰু অন্য আনুষ্ঠানিক কাগজ-পত্ৰৰ আমনি লাগি যোৱা একঘেয়ে কামবোৰত লাগি গলো। নকৈ নোৱাৰো যে আধুনিক সময়ৰ ভ্ৰমণকাৰী হ'ব খোজাসকলৰ বাবে এই আধুনিক দেশবোৰৰ নীতি-নিয়মবোৰ বৰকৈয়ে কঁকাল ভাঙি পেলোৱাধৰণৰ। আমিও আমাৰ মুখ বচাবলৈকে, প্ৰয়োজনবশতঃ আমি চিলিলৈ যাম বুলিহে ক'ম বুলি সিদ্ধান্ত লৈছিলো।

সেই যাত্ৰা আৰম্ভ কৰাৰ আগতে মোৰ বাবে আটাইতকৈ প্ৰয়োজনীয় কাম আছিল যিমান পাৰি সিমানকৈ বিভিন্ন বিষয়ৰ পৰীক্ষা লোৱাটো । আনহাতে, আলবাৰ্ট'ৰ কাম আছিল সেই দীঘল যাত্ৰাৰ বাবে বাইকখন সাজু কৰি তোলাটো। তাৰ লগতে সি সেই যাত্ৰাৰ যাত্ৰাপথ সন্দৰ্ভত অধ্যয়ন কৰা আৰু প্লেন কৰাৰ প্ৰাৰম্ভিক দায়িত্বখিনিও পালন কৰিছিল। কিন্তু এইটো কথা স্বীকাৰ নকৰি নোৱাৰি যে সেই সময়ত প্ৰয়োজন হোৱা স্বাভাৱিক ছিৰিয়াছ হোৱাৰ প্ৰয়াস আমাৰ তৰফৰপৰা একেবাৰেই কম আছিল। আমি মোহাচ্ছন্ন হৈ আছিল কিছুমান এই হঠাতে আহি দুচকুত সুখ দি যোৱা কিছুমান টুকুৰা-টুকুৰ দৃশ্যৰ আৱেশত, যেনে এটা ধূলিয়ৰি পথেৰে ধূলি উৰুৱাই উৰি যোৱা আমাৰ বাইকখনৰ ওপৰত আমি যাত্ৰাৰ সুখ লৈ গৈছো, বা উত্তৰমুৱা ফ্লাইটখনেৰে বহু কিলোমিটাৰজোৰা আমাৰ গতি ইত্যাদি।

EL DESCUMRIMIENTO DEL OCEANO
সাগৰখনৰ আৱিষ্কাৰ

পূৰ্ণিমাৰ জোনটোৱে যেন সাগৰখনৰ সিপাৰৰপৰা পোহৰ বিলাই আছিল, সোঁতবোৰৰ উঠা-নমাবোৰৰ ওপৰত যেন এক ৰূপোৱালী ৰহণ সানি দিছিল। এটি বালিৰ ঢাপৰ ওপৰত বহি আমাৰ দৃষ্টি নিবদ্ধ কৰি ৰাখিছিলোঁ পাৰলৈ অহা-যোৱা কৰি থকা ঢৌবোৰৰ ওপৰত আৰু হেৰাই গৈছিলো নিজৰ মন গহনত অন্ত নোহোৱা ভাবনাবোৰৰ মাজত।
মোৰ বাবে সাগৰ সদায়েই মোৰপৰা অভিন্ন যেন এক বন্ধু, সেই বন্ধু যাক মই মোৰ সকলো কথাই ক'ব পাৰো, এখন এখনকৈ যাৰ আগত মই উন্মুক্ত কৰি দিব পাৰো মোৰ জীৱনৰ সকলো গোপনীয়তাৰ দুৱাৰ। আপোনালোকে এই কথা শুনি হয়তো হাঁহিব যে সাগৰখনেও বিনিময়ত মোক দিয়ে এটাৰ পিছত এটাকৈ মোৰ বাবে অমূল্য হৈ পৰা পৰামৰ্শ, সাগৰৰ ঢৌৰ সেই কোলাহলৰ ভাষাক আমি আমাৰ নিজৰ ভাষালৈ পৰিবৰ্তন কৰি বুজি ল’ব পাৰো সাগৰৰ নিজৰ ভাষা, য'ত লুকাই থাকে আত্মানুসন্ধানৰ প্ৰতিটো খাজনা।

আনহাতে, আলবাৰ্ট'ৰ বাবে সেয়া আছিল এক নতুন আৰু আগতে কেতিয়াও নোপোৱা অনুভৱ, সি নিজৰপৰাই যেন বিচ্ছিন্ন হৈ সেই পাৰলৈ আহি উভতি যোৱা ধাৰাবাহিক ঢৌবোৰৰ মাজত বিচাৰি পাইছিল এক অনন্য অভিজ্ঞতা। সি বাৰুকৈয়ে মোহাচ্ছন্ন হৈ ৰৈছিল। প্ৰায় ত্ৰিছ বছৰৰ ওচৰ চপা আলবাৰ্ট'ৱে এয়া প্ৰথমবাৰৰ বাবে আটলাণ্টিক মহাসাগৰ দেখিছে, আৰু সি এই কথা আৱিষ্কাৰ কৰি আনন্দতে উত্তেজিত হৈ পৰিছিল যে পৃথিৱীৰ প্ৰতিটো কোনলৈ যাবলৈ অসীমসংখ্যক পথ আছে।

বিশুদ্ধ বতাহখিনিয়ে অনুভৱ কৰিব পাৰিছিল যেন সাগৰখনৰ মুড আৰু শক্তিক, ইয়াৰ পৰশত যেন সকলোবোৰ ৰূপান্তৰ হৈছিল অন্য এক সত্তালৈ। আনকি "কামবেক"ৰ (চ্ছে'ই তেওঁৰ প্ৰেমিকা চ্ছিচিনালৈ বুলি লগত লৈ যোৱা সৰু কুকুৰ পোৱালিটোৰ নাম) দৃষ্টিও যেন আগৰ দৰে নাছিল, তাৰ সৰু নাকৰ পাহিটো যেন ফুলি গৈছিল বতাহৰ সুগন্ধ বিচাৰি ওপৰলৈ সিয়াই থাকোতে।

কামবেক, মোৰ দৃষ্টিত এটা প্ৰতীক বা চিন আৰু এটা উত্তৰজীৱীৰ দৰে হৈ পৰিছিল। মোৰ প্ৰেমিকাৰ ওচৰত মই উভতি আহিম বুলি যি কথা দিছিলোঁ তাৰ এটা চিন হিচাপে আৰু দুটাকৈ সি সন্মুখীন হোৱা সত্যৰ বাবে তাক উত্তৰজীৱী হিচাপে মই গণ্য কৰিছো, এবাৰ সি মই আৰু আলবাৰ্ট'ৰ লগতে তাক ভৰাই অনা বেগটোৰ সৈতে বাইকখনৰ লগতে বাগৰি গৈছিল আৰু আনটো তাৰ দুৰ্ভাগ্য হ'ল যে সি ধাৰাবাহিকভাৱে ডায়েৰিয়াত ভুগি আছিল। এবাৰতো তাক এটা ঘোঁৰাই প্ৰায় শেষেই কৰিছিল।

আমি "মাৰ ডেল প্লাটা"ৰপৰা উত্তৰ দিশে থকা গেছেল ভিল্লাত আছিলো, আমি তাত মোৰ খুৰাৰ ঘৰত আছিলো । প্ৰায় ১২০০ কিলোমিটাৰজোৰা যাত্ৰাৰ পিছত এয়া আমাৰ প্ৰথম বিশ্ৰাম আছিল, ভাল লাগিছিল এই প্ৰায় মসৃণ আৰু বিশেষ কষ্ট নোপোৱা যাত্ৰাপথৰ বৰ্ণনা দি। অৱশ্যে সেই সময়তো আমাৰ মনত প্ৰায়েই প্ৰশ্নৰ অৱতাৰণা হৈছিল যে সঁচাকৈয়ে আমি আমাৰ লক্ষ্যত উপনীত হ'মগৈনে ? কাৰণ আমি জানিছিলো যে ইয়াৰ পিছৰ পথছোৱা বৰ এটা সুখপ্ৰদ নহ’ব। হাস্যকৰভাৱে আলবাৰ্ট'ৱে তাৰ প্ৰতি মুহূৰ্তৰ কৌতুকৰ দৰেই সি নিজেই তৈয়াৰ কৰা আঁচনিখন বাৰে বাৰে চাই বৰ পাতলকৈ কৈ আছিল যে মাত্ৰ আৰু কিছু দূৰহে বাকী আছে, য'ত নেকি বাস্তৱত সেয়া আৰম্ভণিহে আছিল।

আমি খুৰাই দান হিচাপে দিয়া শাক-পাচলি আৰু টিনৰ বাকচত থকা মাংসৰ সৈতে গেছেল এৰিছিলো। তেওঁ আমাক "বাৰিল'চ্ছে" পোৱাৰ পিছতে টেলিগ্ৰাম এখন পঠাবলৈ বাৰে বাৰে কৈছিল, যদিহে আমি তাত পাওঁগৈ, কাৰণ তেওঁ সেই টেলিগ্ৰামৰ নম্বৰটো ভাগ্যশালী বুলি গণ্য কৰি লটাৰি টিকট কিনাৰ পৰিকল্পনা কৰিছিল আৰু ইয়াক লৈ তেওঁ বৰকৈয়ে আশাবাদী আছিল। আনহাতে, খুৰাৰ তাৰ বাকীবিলাকে আমাৰ বাইকখনক লৈ যি ঠাট্টামিশ্ৰিত বাক্যবাণ প্ৰক্ষেপ কৰিছিল, যেনে আমাৰ বাইকখন জগিং কৰিবলৈ যোৱাৰ বাবে এটা ভাল অজুহাত হ'ব পাৰে-ধৰণৰ, সেইসকলৰ আমাৰ বাইকখনক লৈ থকা ধাৰণাক ভুল প্ৰমাণিত কৰিবলৈ আমাৰ যথেষ্ট আত্মবিশ্বাসভৰা দৃঢ়তা আছিল। আমাৰ এই দৃঢ়তাই আমাৰ যাত্ৰাটো সফল কৰিবলৈ যি আত্মবিশ্বাসৰ প্ৰয়োজন আছিল সেয়া প্ৰকাশ কৰিছিল।

উপকূলৰ কাষে কাষে যোৱা বাটটোৰে আগুৱাই যাওঁতে "কামবেক"য়ে পুনৰ এবাৰ তাৰ "এভিয়েটৰ-ইম্পালছ" বৰ্তাই ৰখাৰ প্ৰমাণ দিলে, যেতিয়া অন্য এটা বাইক দুৰ্ঘটনাৰ পিছতো সি নিৰাপদ অৱস্থাৰে বেগৰপৰা মূৰ উলিয়াই সি ঠিকে থকাৰ উমান দিছিল। বাইকখন নিয়ন্ত্ৰণ কৰি চলাই নিয়াটো সঁচাকৈয়ে বৰ কঠিন আছিল, কাৰণ পিছফালে মেটমৰা বোজা বান্ধি দিয়াৰ ফলত বাইকখনৰ ভাৰকেন্দ্ৰ মাজত নাথাকি পিছলৈ গৈছিল, যাৰ বাবে প্ৰায়েই আগ চকাকেইটা দাং খাই গৈছিল। আমাৰ তিলমাত্ৰ অসাৱধানতাই আমাক উৰন্ত অৱস্থালৈ নিয়াৰ সম্ভাৱনা বাৰুকৈয়েই আছিল। আমি বাটত এটা কচাইখানাত ৰৈছিলো, অলপ মাংস কিনিলো আৰু কুকুৰটোৰ বাবে অলপ গাখীৰ লৈ ল'লো, যি সেয়া মুখ লগায়ো নাচায়। সেয়ে মই গাখীৰখিনিত যিখিনি খৰছ কৰিলো তাতকৈ বেছি এই সৰু প্ৰাণীটোৰ স্বাস্থ্যক লৈ বেছিকৈ চিন্তিত আছিলো। পিছত গম পালো, মাংসখিনি ঘোঁৰাৰ মাংস আছিল আৰু ইমানেই মিঠা আছিল যে আমি খোৱাৰ কথা ভাবিবই নোৱাৰিলো। সেই মাংসৰ এটুকুৰা মই কামবেকলৈ দলিয়াই দিলো আৰু মোক আচৰিত কৰি সি মুহূৰ্ততে সেয়া গিলি থ’লে, তাৰ পিছত তেনেকৈয়ে আৰু এটুকুৰা দলিয়াই দিলো, সি সেইটুকুৰাও খালে। ফলত সি গাখীৰ নোখোৱাক লৈ হোৱা চিন্তা আঁতৰ হ'ল। এইবিলাক চিন্তা, দুৰ্ঘটনা আৰু দুৰ্দশাৰ ওৰ পেলাই অৱশেষত আমি "মিৰামাৰ"ত প্ৰৱেশ কৰিলো...।
(ক্ৰমশঃ)

Share Button
Print Friendly, PDF & Email

No Comments : ""মটৰচাইকেল ডায়েৰি" মূল : "দ্য মটৰচাইকেল ডায়েৰিজ"২য় খণ্ড - (মূল:চ্ছে গুৱেৱাৰা, অসমীয়া ভাঙনি (কিছু অতিৰিক্ত সংযোজন সহিতে) - আৰহান ইনামূল)"

Leave a Comment

Your email address will not be published. Required fields are marked *