"মটৰচাইকেল ডায়েৰি" মূল দ্য মটৰচাইকেল ডায়েৰিজ (৩য় খণ্ড) - (মূল : চ্ছে গুৱেৱাৰা, অসমীয়া ভাঙনি (কিছু অতিৰিক্ত সংযোজন সহিতে) - আৰহান ইনামূল)

.....PARENTESIS AMOROSO
......প্ৰেমৰোগীৰ বিৰতি

মিৰামাৰ'ত পাৰ কৰা সেই দিনকেইটা স্মৰণ কৰাই এই ডায়েৰিখনৰ মূল উদ্দেশ্য নহয়, য'ত "কামবেক"য়ে এটা নতুন আশ্ৰয় পোৱাৰ লগতে সেই বিশেষ গৰাকীক কেন্দ্ৰ কৰি পাৰ কৰা দিনবোৰ যাৰ লগত "কামবেক" নামটোৰ ওতপ্ৰোত সম্পৰ্ক আছে। সেই সিদ্ধান্ত ল’ব নোৱৰা দিনকেইটাৰ বাবে আমাৰ যাত্ৰা স্থবিৰ হৈ গৈছিল। একপ্ৰকাৰে যেন পৰাধীন হৈ পৰিছিলোঁ "সন্মতি"ৰ ওচৰত, "পাৰস্পৰিক বান্ধোন"ৰ ওচৰত।

আলবাৰ্ট'য়ে ভৱিষ্যতৰ বিপদক লৈ যেন ইতিমধ্যেই চিন্তাৰ সাগৰত বুৰ গৈছিল, যেন সি অনাগত সময়ৰ অকলশৰীয়া দিনবোৰৰ কল্পনা কৰিবলৈ আৰম্ভ কৰিছিল - অকলেই আমেৰিকা ভ্ৰমণ সম্পূৰ্ণ কৰাৰ। কিন্তু এবাৰলৈও তাৰ সেই চিন্তাগ্ৰস্ততাৰ বহিঃপ্ৰকাশ কৰা নাছিল। সংগ্ৰাম এখনহে যেন চলিছিল তাই আৰু মোৰ মাজত, কিছু ক্ষণলৈ নিজকে সঁচাকৈয়ে কিমান ডাঙৰ বিজয়ী যেন অনুভৱ কৰিছিলোঁ। সেইবাবেই যেন মোৰ অনুভৱৰ প্ৰবাহে মোৰ কাণত গুঞ্জৰিত কৰিছিল "অটেৰিয়' ছিলভা"ৰ সেই হৃদয় চুই যোৱা শাৰীকেইটাই -

নাওখনৰ ওপৰৰপৰা শুনিছিলোঁ
পানীৰ সেই চপচপনি ,
তাইৰ খালী ভৰি দুখন পানীত জোকাৰি আছিল।

আমাৰ গালে-মুখে চুই গৈছিল
ক্ষুধাতুৰ অস্তাচলৰ আৱেশে।

মোৰ হৃদয়খন পেণ্ডুলামৰ দৰে দুলি আছিল
পথটো, ৰাস্তাটো আৰু তাইৰ মাজত,

নাজানো ক'ৰপৰা মই লভিছিলো সেই অবিশ্ৰান্ত শক্তি,
তাইৰ দুচকুৰপৰা নিজকে আঁতৰাই আনিবলৈ,
তাইৰ দুবাহুৰ মাজৰপৰা নিজকে বিচ্ছিন্ন কৰি আনিবলৈ।

তাই ৰৈ গৈছিল,
তাই স্থিৰ হৈ ৰৈছিল, জঠৰ হৈ;

মাথোঁ তাইৰ দুচকুৰে চকুলো নিগৰিছিল,
বৰষা আৰু কাচৰ ফাকেৰে,

তাই শব্দ কৰিও কান্দিব পৰা নাছিল
শোক আৰু চকুলোৰ বোজাত,

তাই মাথোঁ ৰৈ গৈছিল,
জঠৰ হৈ তাই ৰৈ গৈছিল।

মই যেন পিছলৈ ঘূৰি হাত দুখন জোকাৰি চিঞৰি ক'ম ,
ৰ'বা ! মই উভতি আহিম,
আকৌ তোমাৰ সৈতে খোজ কাঢ়ি,
মই আকৌ উলটি আহিম।

যিদৰে সাগৰৰ পানীৰ লগত উটি-ভাহি অহা কাঠডালৰ কোনো অধিকাৰ নাথাকে নিজকে "জিকিলো" বুলি ঘোষণা কৰাৰ, যদিও সি বিচাৰি থকা পাৰলৈকে সাগৰে কঢ়িয়াই আনে। ঠিক সেই একে পুতৌজনক অৱস্থাৰ মাজত মই ওলমি আছিলোঁ। তাত মাত্ৰ দুদিন থাকিম বুলি আঁচনি কৰাৰ পিছতো সেই দুটা দিন আঠোটাকৈ দিনলৈ ইলাষ্টিকৰ দৰে দীঘল গৈছিল ততেই ধৰিব নোৱাৰিলো। কিন্তু অৱশেষত সেই ম্লান বিদায়ী হাঁহিৰ বিনিময়েৰে আৰু মোৰ শ্বাস-প্ৰশ্বাসজনিত অসুস্থতাৰে মই যেন আঁতৰি আহিবলৈ বাধ্য হৈছিলোঁ বিশ্বখন ভ্ৰমি চোৱাৰ হেঁপাহৰ সৈতে । সেই হেঁপাহৰ আহ্বানত মই যেন আঁতৰি আহিবলৈ বাধ্য হৈছিলো, যেন সেয়া আছিল সেই সাগৰৰ পাৰৰ বতাহজাকে উৰুৱাই নিয়াৰ দৰে। কিন্তু এইখিনিতে উল্লেখ নকৰিলে ভুল হ'ব যে অনাগত সময়ছোৱা যিমান মসৃণ আৰু সাধাৰণ হ'ব বুলি ভাবিছিলো তাতোকৈ বহুগুণে বেছি কষ্টকৰ আৰু অসাধাৰণ সময়ে আমাৰ বাবে বাট চাই আছিল।

সেই সিদ্ধান্ত লোৱাৰ খেলিমেলিৰে ভৰা দিনবোৰৰ মাজতে কিদৰে মোৰ চিৰন্তন বিশ্বাসী বন্ধু সাগৰখন আগ বাঢ়ি আহিছিল মোক উদ্ধাৰ কৰিবলৈ সেই কুহেলিকাৰপৰা। মই সাগৰখনৰ কাষলৈ যোৱা সেই দিনটোত উপকূলটো জনশূন্য হৈ আছিল, এজাক শীতল সেমেকা বতাহ বলি আছিল। মই পাৰৰ বালিখিনিৰ ওপৰত ভূমিৰ সৈতে নিজকে বান্ধোনযুক্ত কৰি শুই পৰিছিলোঁ। এনে অনুভৱ কৰিছিলোঁ যেন মোৰ চৌপাশৰ প্ৰতিটো বস্তুৱেই যেন মোক নিচুকনি গীত শুনাই নিচুকাইছিল। সমগ্ৰ বিশ্বব্ৰহ্মাণ্ড যেন মোৰ চকুৰ আগেদি এটা মাধুকৰী লয়ৰ সৈতে পাৰ হৈ গৈছিল মোৰ অন্তঃপৃথিৱীখনৰ আব্দাৰ মানি। তেনেকুৱাতে সাগৰখনে সম্পূৰ্ণ ভিন্ন শব্দ এটা সৃষ্টি কৰি মোক সচকিত কৰি তুলিছিল, মই মূৰ তুলি চাৰিওফালে চালোঁ, কিন্তু বিশেষ একো পৰিৱৰ্তন নেদেখিলোঁ। ভাবিলো আৰু এটা ভুৱা সাৱধানবাণী। আকৌ শুই পৰিলোঁ। নিজকে কল্পনাৰ পৃথিৱীৰ মাজত এৰি দিলো, অনুভৱ কৰিলোঁ যেন সেই মোৰ প্ৰতি অনুৰাগী বিশেষগৰাকীৰ কোমল কোলাত মূৰ থৈ নিশ্চিতভাৱে শুই আছোঁ। আকৌ এবাৰ সাগৰখনৰ সাৱধানবাণী শুনিলোঁ । এইবাৰ আৰু উপেক্ষা কৰিব নোৱাৰিলোঁ। লাহে লাহে উপকূলটো সহ্যাতীত শীতলতাৰ কবললৈ আহিছিল। সেই শীতলতাই যেন মোক সাগৰখনৰ পাৰত আৰু কিছু পৰ অকলে থাকিবলৈ অনুমতি দিব বিচৰা নাছিল। সাগৰখনে লাহে লাহে ইয়াৰ স্বাভাৱিক লয় এৰি অলপ উন্মাদ হৈ যেন নাচিবলৈ আৰম্ভ কৰিছিল । বাৰে বাৰে যেন মোক সকীয়াই আছিল তাৰপৰা আঁতৰি যাবলৈ। কিন্তু "প্ৰেমৰ জ্বৰত ভুক্তভোগী" (যদিও আলবাৰ্ট'য়ে এই বিশেষণৰ পৰিবৰ্তে অন্য এটা অলপ বেছি শক্তিশালী আৰু কম পবিত্ৰ শব্দ ব্যৱহাৰ কৰিছিল) এগৰাকীৰ বাবে এইবোৰ যেন সকলো প্ৰভাৱহীন আছিল। সেই সময়তে "বুইক"ৰ বৃহদাকায় পেটটোৰ ভিতৰত গঢ় লৈ উঠাৰ দৰে মোৰ সত্তাৰ পুঁজিবাদী দিশটোও নিৰ্মাণৰত অৱস্থাত আছিল।

এজন ভাল আৰু সফল হ'ব খোজা অভিযাত্ৰীৰ বাবে প্ৰথমটো বিচাৰ্য আৰু জানিব লগীয়া সত্য হ'ল যে "প্ৰত্যেকটো অভিযানৰ দুটা বিন্দু থাকে, এটা হ'ল যাত্ৰাত ওলাই যোৱা বিন্দুটো আৰু আনটো হ'ল অভিযান সমাপ্তিৰ বিন্দুটো"। যদিহে অভিযাত্ৰীয়ে দ্বিতীয় বিন্দুটো প্ৰথমটো বিন্দুৰ লগত মিলি যোৱাটো বিচাৰে তেন্তে অন্য অৰ্থৰ সন্ধান নকৰাই ভাল। কাৰণ এটা যাত্ৰা হ'ল এক বাস্তৱ-ক্ষেত্ৰ যি তেতিয়াই শেষ হ'ব, য'ত শেষ হ'ব লাগে, কিন্তু সেই শেষ হোৱাৰ বা যাত্ৰাৰ সমাপ্তিৰ ধৰণ ভিন্ন ধৰণৰ হ'ব পাৰে, অৰ্থাৎ সেই "যাত্ৰাৰ পৰিসমাপ্তি" বোলা প্ৰকাশৰ অৰ্থ ভিন্ন হ'ব পাৰে। সেই ক'ব পাৰি অৰ্থবোৰ যেন অন্তহীন।

মোৰ এতিয়াও মনত আছে আলবাৰ্ট'ৱে মোক কোৱা , " সেই ব্ৰেচলেটপাট, নহ'লে তুমি সেয়া নহয় যি বুলি নিজকে ভাবা।"
'চ্ছিচ্ছিনা'ৰ হাত দুখন যেন অদৃশ্য হৈ গৈছিল মই নিজেই নিৰ্মাণ কৰা গহ্বৰৰ গভীৰতাৰ বুকুত। "চ্ছিচ্ছিনা, সেই ব্ৰেচলেটপাট মোক দিবা নে? দিবা নে মোক সেইপাট যাতে ই মোক সংগ দি যায়, পথ দেখুৱাই যায় আৰু তোমাৰ কথা মনত পেলোৱাই যায়?"

অহ!! বেচেৰীজনী, মই জানো ব্ৰেচলেটৰ সোণখিনি মোৰ বাবে মূল্যহীন, কিন্তু মোৰ হাতত সেইপাট তুলি দিওঁতে চ্ছিচ্ছিনাৰ আঙুলিকেইটাই বহন কৰা ওজনখিনিয়ে যেন হিচাপ কৰি দিছিল আমাৰ ভালপোৱাখিনিৰ। মই সঁচাকৈয়ে নিজৰ ওচৰত নৈতিকতা ৰক্ষা কৰি তেনেকৈয়ে ভাবো। কিন্তু আলবাৰ্ট'ৱে যেতিয়া কৈছিল (মোৰ বাবে তেতিয়া সি অলপ দুৰ্ব্যৱহাৰ কৰি কোৱাৰ দৰেই লাগিছিল) যে মোক বিশেষকৈ কোনো সংবেদনশীল আঙুলিৰ প্ৰয়োজন নাই – মোৰ ভালপোৱাৰ পূৰাপূৰি ২৯ কেৰেটৰ ওজন ল’বলৈ।

ক্ৰমশ...

Share Button
Print Friendly, PDF & Email

No Comments : ""মটৰচাইকেল ডায়েৰি" মূল দ্য মটৰচাইকেল ডায়েৰিজ (৩য় খণ্ড) - (মূল : চ্ছে গুৱেৱাৰা, অসমীয়া ভাঙনি (কিছু অতিৰিক্ত সংযোজন সহিতে) - আৰহান ইনামূল)"

Leave a Comment

Your email address will not be published. Required fields are marked *