সম্পাদকৰ টোকা : মুক্ত চিন্তা আৰু মুক্ত-চিন্তক (কৌশিক দাস)

১.

বিপ্লৱৰ পাছৰ ছোভিয়েট্ ইউনিয়ন। পেট্ৰ'গ্ৰাড মহানগৰৰ ৰাজপথত গাড়ী-ঘোঁৰাৰ সাংঘাতিক ভিৰৰ সময়। তেনে ভিৰলৈ অলপো ভ্ৰূক্ষেপ নকৰি এগৰাকী শকত-আবত বয়স্কা মহিলাই হাতত বাস্কেট এটা লৈ লাহে লাহে খোজ কাঢ়ি আগ বাঢ়িছিল ৰাজপথৰ সোঁ-মাজেদি। অৱধাৰিতভাবে যান-বাহনৰ চলাচলত খেলিমেলি লাগিছিল, মহিলাগৰাকীৰ বাবে ৰাজপথত সৃষ্টি হৈছিল অভাবনীয় যান-জঁটৰ। মহিলাগৰাকীক বাটৰুৱাই সোঁৱৰাই দিলে যে পদযাত্ৰী অহা-যোৱা কৰিবলৈ আছুতীয়াকৈ ৰাজপথৰ দাঁতিতেই ফুটপাথ এটা আছে, তেখেতে সেই ফুটপাথটোহে ব্যৱহাৰ কৰা উচিত। উত্তৰত কিন্তু তেখেতে ক'লে, “মোৰ য'তেই মন যায়, মই তাতেই খোজ কাঢ়িম। কাৰণ, আমি এতিয়া স্বাধীনতা লাভ কৰিছোঁ!” মুক্ত চিন্তা আৰু মুক্ত-চিন্তকৰ প্ৰসংগত আলোচনাৰ আৰম্ভণিতেই মনলৈ আহিল ইংলেণ্ডৰ চিন্তাশীল আৰু জনপ্ৰিয় লিখক এ. জি. গাৰ্ডিনাৰৰ (Alfred George Gardiner, 1865 – 1946) ‘On the Rule of the Road’ শীৰ্ষক বিখ্যাত ৰচনাখনত বৰ্ণনা কৰা উক্ত ঘটনাটোৰ কথা। গাৰ্ডিনাৰৰ সাধুটো আলোচ্য বিষয়টোত কিয়নো প্ৰাসংগিক, সেইটো আমি যথাসময়ত উল্লেখ কৰিম।

“মুক্ত চিন্তা”-ৰ অৰ্থনো কি, “মুক্ত-চিন্তকেই” বা কোন? এই প্ৰশ্নটোৰ উত্তৰ একেবাৰেই সহজকৈ এনেদৰে দিয়া যায়, মুক্তভাৱে কৰা চিন্তাকেই “মুক্ত চিন্তা” বোলে ; আৰু তেনেদৰে চিন্তা কৰা লোককেই “মুক্ত-চিন্তক” বুলি অভিহিত কৰা যায়। কোনো সন্দেহ নাই, এই উত্তৰটো পোনপটীয়া আৰু দ্ব্যৰ্থহীন। কিন্তু শব্দ দুটাত অন্তৰ্নিহিত হৈ থকা গভীৰ তাৎপৰ্যৰ দিশটো তেনে সহজ-সৰল উত্তৰে উন্মোচন কৰিব নোৱাৰে; তদুপৰি তেনে অৰ্থ বিভ্ৰান্তিকৰো। বিষয়টো সন্দৰ্ভত বিস্তাৰিত আৰু সুগভীৰ আলোচনাৰ প্ৰয়োজন। তেনে জ্ঞানগৰ্ভ আলোচনা কৰাটো আমাৰ দৰে সীমিত অভিজ্ঞতাৰ লোকৰ বাবে সম্ভৱ নহয়। কথাটো উপলব্ধি কৰিও, বিষয়টোৰ গুৰুত্বৰ বাবে, ইয়াতে এটা প্ৰাৰম্ভিক আৰু নাতিদীৰ্ঘ আলোচনা কৰিবলৈ আমি আগ বাঢ়িছোঁ। আশা কৰোঁ, অভিজ্ঞ আৰু সুধী বিদ্বানে এই দিশত আলোকপাত কৰিব।

২.

অলপ গমি চালেই পৰিলক্ষিত হয় যে “মুক্ত” আৰু “মুক্ততা” - এই শব্দ দুটাৰ সৈতে “স্বাধীন” আৰু “স্বাধীনতা”ৰ ধাৰণাও অনিবাৰ্যভাৱে সাঙোৰ খাই আছে। গতিকে আমি এইমাত্ৰ পাই অহা “মুক্ত চিন্তা”-ৰ আপাত-সৰল অৰ্থটোক সামান্য সম্প্ৰসাৰিত কৰি এনেদৰেও উপস্থাপন কৰিব পাৰি – স্বাধীন আৰু মুক্তভাৱে কৰা চিন্তাই হৈছে “মুক্ত চিন্তা”। কিন্তু এইটো উত্তৰৰ হাত ধৰি আলোচনাৰ মাজলৈ অন্য কেইটিমান আহুকলীয়া প্ৰশ্নৰ আগমন ঘটে। “মুক্ত চিন্তা”-ৰ বাবে কিহৰপৰা মুক্ততাৰ প্ৰয়োজন, কিহৰপৰাই বা স্বাধীনতা লাগে? মানুহৰ চিন্তা পৰাধীন নেকি? যদি পৰাধীন, তেনেহ’লে মানুহৰ চিন্তাক কেনেকুৱা শক্তিয়ে পৰাধীন কৰি ৰাখিছে?

উপৰিউক্ত প্ৰশ্নসমূহৰ উত্তৰৰ সন্ধানত নিৰ্ভৰযোগ্য আৰু প্ৰামাণিক অভিধানে কিবা প্ৰাৰম্ভিক সহায় আগ বঢ়াব পাৰিব নেকি চোৱা যাওক। প্ৰকৃততে ইংৰাজীৰ “Free thought” আৰু “Free thinker” এই শব্দ দুটাৰ জনপ্ৰিয় অসমীয়া প্ৰতিশব্দ হৈছে যথাক্ৰমে “মুক্ত চিন্তা” আৰু “মুক্ত-চিন্তক”। The Oxford English Dictionaryত “Free thinker” শব্দটোৰ অৰ্থ এনেধৰণৰ : “One who refuses to submit his reason to the control of authority in matters of religious belief”। Websterঅৰ New International Dictionaryত “Free thinker”-অৰ অৰ্থ দিয়া হৈছে এনেধৰণে : “One who forms opinions (as about religious matters) on the basis of reasons independently of authority; esp: one whose beliefs differ markedly from those of an established religion.” গতিকে, স্পষ্ট যে তেনে আভিধানিক অৰ্থই মুক্ত-চিন্তক এগৰাকীৰ চিন্তা ধৰ্মীয় কৰ্তৃত্ব আৰু বান্ধোনৰপৰা মুক্ত কিম্বা স্বাধীন হোৱাটো অনিবাৰ্য পূৰ্বচৰ্ত হিচাপে নিৰ্ধাৰণ কৰি দিছে।

“মুক্ত চিন্তা”-ৰ ধৰ্মবিজড়িত তেনে অৰ্থ এক ঐতিহাসিক ঘটনাক্ৰমৰ ভাষাগত পৰিণতি। ইউৰোপৰ নৱজাগৰণৰ সময়ত তৎকালীন ধৰ্মীয় ধ্যান-ধাৰণাসমূহে সভ্যতাৰ বিকাশৰ বাটত অনড় মন্থৰক হিচাপে থিয় দিয়া কথাটো সৰ্বজনবিদিত। আধুনিক যুগৰ অংকুৰোদ্গমৰ সেই যুগসন্ধিক্ষণত মানুহৰ মনন তেনে পুৰণিকলীয়া ধ্যান-ধাৰণাৰপৰা মুক্ত কৰাটো সময়ৰ জৰুৰী আহ্বান হিচাপে পৰিগণিত হৈছিল। কিন্তু সেই কামটো বৰ এটা সহজ আৰু নিৰাপদ নাছিল। কিয়নো অমিত শক্তিশালী প্ৰাতিষ্ঠানিক ধৰ্মৰ জংগী অবয়ৱটো আছিল তেনে প্ৰাচীন প্ৰমেয়সমূহৰ উৎসাহী পৃষ্ঠপোষক আৰু নিৰ্ভৰযোগ্য ৰক্ষক। যিসকল মনীষীয়ে ধৰ্মৰ তেনে কৰ্তৃত্বময় ৰঙা চকুক অগ্ৰাহ্য কৰি স্বাধীনভাৱে চিন্তা-চৰ্চা কৰিবলৈ সমৰ্থ হৈছিল, তেওঁলোককেই উক্ত সময়-পৰ্বত অভিহিত কৰা হৈছিল “মুক্ত চিন্তক” বুলি। তেনে ঐতিহাসিক পটভূমিৰ অন্যতম পৰিণতি স্বৰূপে ধৰ্মীয় বান্ধোন আৰু কৰ্তৃত্বক অগ্ৰাহ্য কৰা চিন্তা-চৰ্চাক আভিধানিক অৰ্থত “মুক্ত চিন্তা” বুলি অভিহিত কৰা হ'ল।

ইচ্ছাকৃত পুনৰাবৃত্তি কৰিয়েই কওঁ, “মুক্ত চিন্তা”ৰ আভিধানিক অৰ্থটোত ধৰ্মবিৰুদ্ধ চৰিত্ৰ আৰোপনৰ এটা ঐতিহাসিক ভিত্তি আছে। কিন্তু লক্ষ্য কৰিবলগীয়া কথা, উক্ত দিশটোৰ তাৎপৰ্য এই একবিংশ শতিকাৰ প্ৰথম ভাগতো অম্লান হৈয়েই আছে। সাধাৰণতেই ধাৰণা কৰা হয় যে ধৰ্মীয় মাৰ্গৰ বিৰুদ্ধাচৰণেই মুক্ত-চিন্তকসকলৰ মুক্ত চিন্তাৰ একমাত্ৰ চৰিত্ৰ আৰু উদ্দেশ্য। সাম্প্ৰতিক কালৰ এটা উদাহৰণে কথাটো বুজাত আমাক সহায় কৰিব।

আমাৰ প্ৰতিবেশী ৰাষ্ট্ৰ বাংলাদেশত বহু দশক ধৰি এক শক্তিশালী ধৰ্মীয় মৌলতন্ত্ৰ বিদ্যমান। মৌলবাদী শিবিৰটো দেশখনৰ ৰাজনীতিৰো অন্যতম নিয়ন্ত্ৰক। যোৱা শতিকাৰ শেষৰপৰা ধৰ্মীয় মৌলতন্ত্ৰৰ বিৰুদ্ধে লাহে লাহে একাংশ সচেতন আৰু উদাৰমনা বাংলাদেশী লোকে মাত মাতিবলৈ আৰম্ভ কৰে। তেওঁলোকৰ মাজৰ একাংশই আকৌ পোনে পোনে প্ৰাতিষ্ঠানিক ধৰ্মৰ নানান স্ববিৰোধ-বিসংগতি, অনিষ্টকাৰী দিশ, অযৌক্তিকতা আদিও উন্মোচন কৰাৰ প্ৰয়াস কৰিছিল। স্বাভাৱিকতেই এইসকল লোকৰ বিৰুদ্ধে মৌলবাদী শিবিৰটোৱে অচিৰেই জংগী ৰূপ ধাৰণ কৰে। ২০১৫ চনত অভিজিৎ ৰায়ৰ দৰে প্ৰতিভাৱান আৰু তীক্ষ্নধী লোকক ঢাকাৰ ৰাজহুৱা স্থানত মৌলবাদী ঘাতকে নৃশংসভাৱে ঘপিয়াই হত্যা কৰে। তাৰ পাছতো বহুকেইগৰাকী বাংলাদেশী উদাৰমনা লিখকক মৌলবাদীয়ে ধাৰাবাহিকভাৱে হত্যা কৰি আহিছে। ধৰ্মীয় মৌলবাদৰ তেনে নৃশংসতা যিকোনো শুভবুদ্ধিসম্পন্ন মানুহক বিচলিত কৰি তুলিবলৈ যথেষ্ট। অথচ, আপেক্ষিকভাৱে কিছু উদাৰ ৰাজনৈতিক দল আৱামী লীগৰ নেত্ৰী, দেশখনৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই তেনে ধৰ্মীয় সন্ত্ৰাসৰ বলি হোৱা লোকসকলৰ চিন্তা-চৰ্চাৰ সন্দৰ্ভত এটি আচৰিত মন্তব্য প্ৰদান কৰে। এই মন্তব্যটিকেই আমি উদাহৰণ হিচাপে এই আলোচনাৰ মাজলৈ আনিছোঁ। তেখেতে কৈছিল, “ধৰ্মক আঘাত কৰি লিখা-মেলাকেই বহুতে মুক্ত চিন্তা বুলি কয়... ধৰ্মৰ বিৰুদ্ধে যিবিলাকে তেনে কথা লিখে সিহঁত মানসিকভাৱে বিকৃত। তেখেতে লগতে সকীয়াই দিয়ে যে মুক্ত চিন্তাৰ নামত কোনো ধৰ্মৰ মানুহৰ অনুভূতিত আঘাত কৰাটো সহ্য কৰা নহ'ব” (দ্ৰষ্টব্য, ১৮ এপ্ৰিল, ২০১৬-ৰ যিকোনো এখন বাংলাদেশৰ দৈনিক বাতৰিকাকত)। শ্বেখ হাছিনাৰ মতামতৰ যৌক্তিকতাৰ কথাটো আগ্ৰাহ্য কৰিও, তেখেতৰ উক্ত মন্তব্যৰপৰা আমি লক্ষ্য কৰিব পাৰোঁ যে বৰ্তমানৰ যুগতো মুক্ত চিন্তাৰ এটা অন্যতম অভিব্যক্তি ধৰ্মৰ বিৰুদ্ধচাৰণ বুলি গণ্য কৰা হয়।

গতিকে অতীতৰ দৰে বৰ্তমান সময়তো “মুক্ত চিন্তা” অনিবাৰ্যভাৱে ধৰ্মবিৰুদ্ধ, এই কথাটো স্বতঃসিদ্ধ বুলি সাধাৰণতেই ধাৰণা কৰা দেখা যায়। “মুক্ত চিন্তা”-ৰ সৈতে ধৰ্মবিৰোধিতাৰ কথাটো যে পাকে-প্ৰকাৰে সাঙোৰ খাই আছে, সেইটো সঁচা। কিন্তু প্ৰশ্ন উঠিব, ধৰ্মবিৰোধিতায়েই মুক্ত চিন্তাৰ একমাত্ৰ, অনন্য আৰু প্ৰধান লক্ষণ বা চৰিত্ৰ নেকি? যদি সেইটো নহয়, তেন্তে উক্ত প্ৰশ্নটোৰ হাত ধৰি আৰু এটা আনুষংগিক সমস্যাৰ কথা উত্থাপিত হ'ব। সেইটো হ'ল, ধাৰ্মিক লোক এজন মুক্ত-চিন্তক হোৱাটো সম্ভৱ নে? যদি সম্ভৱ নহয়, তেন্তে দেখোন অকল ধৰ্মহীন নাস্তিকসকলহে মুক্ত-চিন্তক বুলি পৰিগণিত হ'ব। আৰু, তেনেই যদি হয়, তেনেহ’লে “মুক্ত চিন্তা” আৰু “মুক্ত চিন্তক” বুলি ওপৰঞ্চি দুটা শব্দৰ প্ৰয়োজনেই বা কি, ধৰ্মহীন নাস্তিক বুলি কৈ বিষয়টো সামৰি থ’লেই হৈ যায় দেখোন ! এই কথাখিনি ফঁহিয়াই চোৱা দৰকাৰ।

৩.

উপৰিউক্ত সমস্যাটোক অলপ যুকিয়াই চাবলৈ, আমাৰ আলোচনাৰ বাট সুগম কৰিবলৈ বিশ্ববিশ্ৰুত এগৰাকী কেথলিক ধৰ্ম-যাজকৰ কথালৈ মনত পেলোৱা যাওক। অৱশ্যে কোনো ধৰ্ম সংক্ৰান্তীয় কাম-কাজৰ বাবে তেওঁ বিশ্ব-বিখ্যাত হোৱা নাছিল। বৰঞ্চ, তেওঁৰ কাম এটাই প্ৰচলিত ধৰ্মমতৰ ওপৰত হানিছিল এটা প্ৰচণ্ড আঘাত। আৰু, সেই কামটোৰ বাবেই তেওঁ হৈ পৰিল আধুনিক যুগৰ এগৰাকী প্ৰাতঃস্মৰণীয় ব্যক্তি, আধুনিকতাৰ অন্যতম পথিকৃৎ। মানুহজনৰ নাম নিকোলাছ ক'পাৰ্নিকাছ।

ক'পাৰ্নিকাছৰ সময়ৰ সহস্ৰ বছৰ আগতে ট'লেমিকে আদি কৰি কেইগৰাকীমান চিন্তাশীল প্ৰতিভাই সৌৰজগৎ কিম্বা বিশ্বব্ৰহ্মাণ্ডৰ আৰ্হি এটি প্ৰস্তুত কৰি উলিয়াইছিল। সেই আৰ্হি অনুসৰি ব্ৰহ্মাণ্ডৰ কেন্দ্ৰত আছিল আমাৰ এই পৃথিৱীখন। যদিও বৰ্তমান সময়ৰ মানুহৰ জ্ঞান-বুদ্ধিৰ বিচাৰত উক্ত আৰ্হিটিৰ গুৰুতৰ আসোঁৱাহ আছিল, তথাপিও, সুদূৰ অতীতত সেইটো আছিল মানৱ-মনীষাৰ অগ্ৰগতিৰ এক উজ্জ্বল সাক্ষৰ। বিজ্ঞানৰ নিৰন্তৰ বিকশমান চৰিত্ৰই উক্ত আৰ্হিটোৰ বিসংগতি সময়ত আঁতৰ কৰি দিয়াটো স্বাভাৱিক কথা আছিল। কিন্তু তেনে নহ'ল। বিপদ আহিল অন্য এটা দিশৰপৰা। ব্ৰহ্মাণ্ডৰ উক্ত আসোঁৱাহপূৰ্ণ আৰ্হিটোৱে অমিত শক্তিশালী প্ৰাতিষ্ঠানিক ধৰ্মৰ পৃষ্ঠপোষকতা লাভ কৰিলে। ধৰ্মৰ প্ৰভাৱৰ বাবেই উক্ত আৰ্হিৰ বিকল্পৰ সন্ধান কৰাটো দুৰূহ হৈ পৰিছিল। বহু যুগৰ পাছতহে ক'পাৰ্নিকাছে নতুন আৰ্হি এটা দাঙি ধৰিবলৈ সক্ষম হৈছিল। আমাৰ আলোচ্য প্ৰসংগত এই উদাহৰণটো গুৰুত্বপূৰ্ণ, গতিকে কথাটো আমি অলপ সূক্ষ্মভাৱে লক্ষ্য কৰাটো উচিত হ'ব।

চিন্তাৰ নতুন অবয়বৰ অংকুৰণত ধৰ্মপ্ৰদত্ত বাধাৰ স্বৰূপ বাৰু কেনেকুৱা? এই প্ৰশ্নটোৰ উত্তৰৰ সন্ধানৰ বাবেই আমি ক'পাৰ্নিকাছৰ উদাহৰণটিৰ অৱতাৰণা কৰিছিলোঁ। সেই সময়ত ধৰ্মৰপৰা বাধা আহিছিল ঘাইকৈ দুটা দিশৰপৰা। প্ৰথমটো দিশত নিৰ্ণায়ক ভূমিকা লৈছিল ধৰ্মৰ জংগী প্ৰাতিষ্ঠানিক চৰিত্ৰটোৱে। ধৰ্মীয় প্ৰমেয়সমূহৰ সন্দৰ্ভত কোনো প্ৰশ্ন, সংশয় কিম্বা দ্বিধা প্ৰকাশ কৰাত ধৰ্মৰ প্ৰাতিষ্ঠানিক ৰূপটোৱে অভাবনীয় হিংস্ৰতাৰে, বিপুল শক্তি-প্ৰয়োগেৰে বাধা দিছিল। এই সন্দৰ্ভত যথেষ্ট আলোচনা-বিলোচনা হৈছে। কিন্তু দ্বিতীয় দিশটো হয়তো কিছু স্বল্পালোচিত। নক’লেও হ'ব, তেতিয়া মানুহৰ মনত ধৰ্মৰ প্ৰভাৱ আছিল প্ৰায় সৰ্বগ্ৰাসী। ধৰ্মীয় অতিকথা, কল্পকাহিনী, জীৱন-জগতৰ সন্দৰ্ভত অযৌক্তিক অ্যাখান-ব্যাখ্যান, প্ৰমাণহীন ছদ্ম-প্ৰমেয় আদি মানুহৰ মনত তৰ্কাতীত আৰু অবিসম্বাদী পৰম সত্য বুলি প্ৰতিষ্ঠিত হৈ পৰিছিল। তেনে মানসিক আৱৰ্জনাৰ বোজাৰে ভাৰাক্ৰান্ত মানুহৰ মন গতানুগতিক চিন্তাবৃত্তৰপৰা বাহিৰলৈ ওলাই অহাটো অতি কঠিন আছিল। গতিকে, এই দ্বিতীয় কাৰণটোৰ বাবে, শক্তি প্ৰয়োগ নকৰাকৈয়ো, ধৰ্মই মানুহক ভিন্ন ধৰণে চিন্তাৰ কৰাৰপৰা বিৰত কৰি ৰাখিবলৈ সক্ষম হৈছিল। ধৰ্ম-চিন্তাত আচ্ছন্ন মন এটা লৈ মানুহে বিশ্বব্ৰহ্মাণ্ডৰ ধৰ্ম-অনুমোদিত আৰ্হিটিক প্ৰশ্নাতীত সত্য বুলি গভীৰভাৱে বিশ্বাস কৰিছিল। আমাৰ এই একক, অনন্য আৰু অসাধাৰণ পৃথিৱীখন বিশ্বব্ৰহ্মাণ্ডৰ অনড়-নিশ্চল কেন্দ্ৰ, ধৰ্ম-কথিত তেনে ধাৰণাৰপৰা মানুহ সহজতে মুক্ত হৈ নতুনকৈ চিন্তা-চৰ্চা কৰাটো সেই সময়ত সঁচাই বৰ কঠিন আছিল। সহস্ৰ বছৰ ধৰি মানুহৰ মনত প্ৰোথিত হৈ থকা ব্ৰহ্মাণ্ডৰ তেনে নৃ-কেন্দ্ৰিক ধাৰণাৰপৰা মুক্ত নোহোৱাকৈ নতুন ধৰণে চিন্তা-চৰ্চা কৰাটো আছিল এটা অসম্ভৱ কথা। তেনে পটভূমিতেই, ধৰ্মপ্ৰদত্ত বান্ধোনৰপৰা নিজৰ চিন্তাক মুক্ত কৰি ক'পাৰ্নিকাছে আগ বঢ়াইছিল ব্ৰহ্মাণ্ডৰ এটা নতুন মডেল। চিন্তাৰ উন্মুক্ততাৰ অবিহনে তেনে কাৰ্য সম্পাদন কৰাটো সম্ভৱ নাছিল। কিন্তু তাৎপৰ্যপূৰ্ণ আৰু আমোদজনক কথা, বিজ্ঞানৰ উক্ত বিশেষ ক্ষেত্ৰত মুক্ত চিন্তাৰ অধিকাৰী ক'পাৰ্নিকাছ আছিল এগৰাকী ধৰ্মপ্ৰাণ কেথলিক ধৰ্ম-যাজক (এই আমোদজনক কথাটোৰ ব্যাখ্যা এই আলোচনীৰেই “বিজ্ঞানীৰ আস্তিকতা বিজ্ঞানীৰ নাস্তিকতা” শীৰ্ষক পূৰ্বৰ এটি সম্পাদকীয়ত আগ বঢ়াবলৈ চেষ্টা কৰা হৈছে)। গতিকে, এই উদাহৰণটোৰপৰা স্পষ্ট যে ধৰ্মবিৰোধিতাক একমাত্ৰ আৰু মুখ্য চৰিত্ৰ বুলি প্ৰক্ষেপ কৰি মুক্ত চিন্তাক সংজ্ঞায়িত কৰাটো যুক্তিযুক্ত কথা নহয়।

৪.

গতিকে আমাৰ প্ৰাৰম্ভিক আৰু প্ৰাথমিক প্ৰশ্নটো আকৌ এবাৰ অৱধাৰিতভাৱে আলোচনাৰ মাজলৈ উভতি আহিব – মুক্ত চিন্তাৰ বাবে কিহৰপৰা মুক্ততাৰ প্ৰয়োজন? ধৰ্মচিন্তাই বান্ধি দিয়া আবদ্ধ বৃত্তটোৰ দুৰ্ভেদ্য পৰিসীমাৰপৰা মানসিক মুক্ততা? আভিধানিক অৰ্থই তেনে এটা ইংগিত দিলেও, সেইটো হৈছে সামগ্ৰিক উত্তৰটোৰ এটা সৰু অংশহে মাত্ৰ। অলপ গমি চালে আমি দেখিম যে এই কথাটো মূলতঃ তিনিটা দিশৰ সৈতে সম্পৰ্কিত। সেইকেইটা হ'ল –

ক. পৰম্পৰাৰ প্ৰতি অন্ধ-আনুগত্যৰপৰা মানসিক মুক্ততা

মুক্ত চিন্তাৰ বাটত এটা প্ৰধান বাধা হৈছে পৰম্পৰাৰ প্ৰতি অন্ধ-আনুগত্য। মানুহৰ মনত ঐতিহ্য-পৰম্পৰাৰ প্ৰভাৱ অতি গভীৰ। পৰম্পৰাগত আৰু ঐতিহ্যকেন্দ্ৰী নীতি-নিয়ম কিম্বা ধ্যান-ধাৰণাসমূহ সাধাৰণতেই মানুহৰ আশৈশৱ-আমৃত্যু সহযোগী। ঐতিহ্য-পৰম্পৰাই মানুহৰ ব্যক্তিগত আৰু সমষ্টিগত চিন্তা-চেতনাক গঢ় দিয়াত এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে। গুৰুত্বসহকাৰে এইখিনিতেই আমি উনুকিয়াই থোৱাটো যুগুত হ'ব যে প্ৰাচীন বুলিয়েই সকলো ঐতিহ্য-পৰম্পৰা অনিষ্টকাৰী কিম্বা পৰিত্যাজ্য নহয়; আৰু, ঐতিহ্য-পৰম্পৰাৰ উপকাৰিতা-অপকাৰিতাৰ বিচাৰো এই আলোচনাৰ বিষয় নহয়। তদুপৰি, ইয়াত আমি ঐতিহ্য-পৰম্পৰাৰ কথাটো এটা বহল প্ৰেক্ষাপটতহে ব্যৱহাৰ কৰিছোঁ। সেইফালৰপৰা তেনে ঐতিহ্য-পৰম্পৰাৰ সৈতে জাতিগত-গোষ্ঠীগত-শ্ৰেণীগত-লিংগভিত্তিক কথা কিছুমানো সাঙোৰ খাই পৰে। কথাটো পৰিষ্কাৰ কৰিবলৈ এটা চমৎকাৰ উদাহৰণ আছে। এসময়ত (এতিয়াও) বিধৱা-বিবাহৰ বাবে এটি সাংঘাতিক মুক্ত মন লাগিব, তেনে এটা ধাৰণা প্ৰক্ষেপ কৰা হৈছিল। কিন্তু অলপ চিন্তা কৰি চালেই ওলাই পৰে, বিধৱা-বিবাহৰ প্ৰতি নেতিবাচক দৃষ্টিৰ কথাটো সাৰ্বজনীন নহয়। ভাৰতীয় সমাজখনৰেই কোনো কোনো জনসমষ্টিৰ মাজত (যেনে, অসমৰ চাহ বনুৱাৰ সমাজত) বিধৱা-বিবাহ এটা অতি স্বাভাৱিক কথা। বিপৰীতপক্ষে, বিধৱা-বিবাহ আছিল মধ্যশ্ৰেণীৰ বাবেহে ঐতিহ্য-পৰম্পৰাগত দিশৰপৰা এটা অস্বীকৃত-অনাদৰণীয় প্ৰথা। গতিকে, মন কৰিবলগীয়া কথা, বিধৱা-বিবাহৰ ক্ষেত্ৰত যি মুক্ত চিন্তাৰ কথা প্ৰক্ষেপ কৰা হয়, সেইটো মধ্যশ্ৰেণীৰ প্ৰসংগতহে মুক্ত চিন্তা বুলি ক’লেহে অধিক শুদ্ধ হ'ব। যি কি নহওক, আলোচ্য প্ৰসংগত আমাৰ বাবে প্ৰয়োজনীয় কথাটো হ'ল যে মানুহৰ মনত ঐতিহ্য-পৰম্পৰাৰ প্ৰভাৱ ইমান গভীৰভাৱে প্ৰোথিত হৈ আছে যে সেই প্ৰভাৱৰপৰা মুক্ত হৈ নিজৰ চিন্তা-চেতনাক বেলেগ ধৰণে গঢ় দিয়াটো সঁচাই এটা কঠিন প্ৰত্যাহ্বান।

ধৰ্মৰ প্ৰশ্ন উঠিলে ঐতিহ্য-পৰম্পৰাসমূহ ধৰ্মযুক্ত আৰু ধৰ্মমুক্ত, – এই দুটা ভাগত ভাগ কৰা যায়। ধৰা হওক, এটা ভাষিক জনগোষ্ঠীয়ে বসবাস কৰা কোনো ভৌগোলিক অঞ্চললৈ অন্য এক ভূ-খণ্ডৰপৰা অন্য এটা ভাষিক জনগোষ্ঠীৰ মানুহৰ বিপুল হাৰত প্ৰব্ৰজন হ'বলৈ ধৰিলে। সেই ঘটনাটোৰ কথা আলোচনা কৰোতে আলোচকগৰাকীৰ নিজৰ ভাষিক-জাতীয়তাবাদী ঐতিহ্য-পৰম্পৰাই তেনে বিচাৰ-বিশ্লেষণত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা অতি বেছি। সহজ কথাত, আলোচকগৰাকীৰ মনটো জাতীয়তাবাদী চিন্তাৰপৰা মুক্ত নোহোৱাৰ বাবে তেখেতৰ আলোচনা একদেশদৰ্শী হৈ পৰাৰ যথেষ্ট সম্ভাৱনা আছে। এইটো হ'ল ধৰ্মমুক্ত ঐতিহ্য-পৰম্পৰাই কেনেদৰে মুক্ত চিন্তাক বাধা দিব পাৰে তাৰ উদাহৰণ। ধৰ্মযুক্ত ঐতিহ্য-পৰম্পৰা যে মুক্ত চিন্তাৰ বাটত হেঙাৰ হৈ উঠিব পাৰে, সেইটো আমি আগতেই পাই আহিছিলোঁ।
এইখিনিতেই আৰু এটা কথা উল্লেখ কৰি থোৱাটো উচিত হ'ব। মুক্ত চিন্তাৰ কৰ্ষণৰ আৰু বিকাশৰ মাজেদিহে অযুক্তিকৰ পৰম্পৰাৰ মানসিক হেঁচাৰপৰা মুক্তি লাভ কৰা যায়। তেনে মানসিক মুক্তিয়ে অন্যান্য বিষয়-প্ৰসংগতো মুক্ত চিন্তাৰ তীক্ষ্মতা বৃদ্ধি কৰে। দেখ্ দেখ্ কথা, ইয়াত মুক্ত চিন্তা হৈছে কাৰণ, আৰু অযুক্তিকৰ পৰম্পৰাৰপৰা মানসিক মুক্তি হৈছে তেনে মুক্ত চিন্তাৰ পৰিণাম। কিন্তু এই কাৰণ-পৰিণামৰ সম্পৰ্কটোক যদি ওলোটাই দি এইদৰে প্ৰক্ষেপ কৰা হয় যে অযুক্তিকৰ পৰম্পৰাৰ বিৰুদ্ধাৰণেই হ'ল মুক্ত চিন্তাৰ উদ্ভৱৰ একমাত্ৰ কাৰণ, তেনেহ’লে কথাটো যুক্তিসংগত নহ'ব। গতিকে ঐতিহ্য-পৰম্পৰাৰ প্ৰতি থকা অন্ধ-আনুগত্যৰপৰা মানসিক মুক্ততা যদিও পৰিশ্ৰুত মুক্ত চিন্তাৰ বাবে অপৰিহাৰ্য, তেনে অন্ধ-আনুগত্য আঁতৰ কৰাত আকৌ মুক্ত চিন্তাইহে বাট দেখুৱায়। এই কথাটোও আমি মনত ৰখা যুগুত।

খ. কৰ্তৃত্ববাদী গুৰুবাদৰপৰা মুক্ততা

মুক্ত চিন্তাৰ অন্যতম প্ৰতিবন্ধক কৰ্তৃত্ববাদী গুৰুবাদ। সমাজৰ আধিপত্যশীল শ্ৰেণীটোৱে নিজৰ স্বাৰ্থৰ সৈতে সংগতি থকা দৰ্শনক শ্ৰেণী-নিৰ্বিশেষৰ বাবে গ্ৰহণযোগ্যতা আনিবলৈ নিৰন্তৰভাৱে প্ৰচেষ্টা চলাই যায়। সাধাৰণতেই কিছুমান সামাজিক ৰীতি-নীতিৰ মাজত তেনে দৰ্শন মূৰ্ত হৈ পৰে। স্বাভাৱিকতে তেনেকুৱা সামাজিক নিয়ম-কানুনকো সাৰ্বজনীনভাৱে গ্ৰহণযোগ্য বুলি আধিপত্যশীল শ্ৰেণীটোৱে পতিয়ন নিয়াবলৈ যত্ন কৰি যায়। তেনে প্ৰচেষ্টাত তেওঁলোক সফলো হয়। সমাজৰ অন্যান্য শ্ৰেণীৰ দৃষ্টিতো, ভুলকৈ হ’লেও, আধিপত্যশীল শ্ৰেণীটোৰ দৰ্শনটোৱেই এটা অবিতৰ্কিত, প্ৰশ্নাতীত আৰু চিৰায়ত বিশ্বজনীন দৰ্শন বুলি পৰিগণিত হ'বলৈ ধৰে। তেনে ভ্ৰান্তিৰপৰা ওলাই আহিবলৈ অনিবাৰ্যভাৱে প্ৰয়োজন মুক্ত চিন্তাৰ। এই কথাটো আমি ইতিমধ্যেই ওপৰৰ “ক” দফাত পাই অহা পৰম্পৰাৰ প্ৰতি অন্ধ-আনুগত্যৰপৰা মানসিক মুক্ততাৰ সৈতে সম্পৰ্কিত। এই দ্বিতীয় দফাত আমি অন্য এটি দিশৰ কথাহে উনুকিয়াবলৈ যত্ন কৰিম।

পুনৰাবৃত্তি কৰিয়েই কওঁ, সমাজত আধিপত্য বিস্তাৰ কৰি থকা মতবাদৰ যুক্তিযুক্ততা আছেনে, সেইটো প্ৰশ্ন উত্থাপন কৰিবলৈ মুক্ত চিন্তাৰ প্ৰয়োজন। কিন্তু দেখা যায় যে নিজৰ স্বাৰ্থ-সংলগ্ন মতবাদ-দৰ্শনৰ ৰক্ষণত আধিপত্যশীল শ্ৰেণীটোৱে সাধাৰণতেই কৰ্তৃত্ববাদী আচৰণ প্ৰদৰ্শন কৰে। উক্ত শ্ৰেণীটোৰ স্বাৰ্থৰ পৰিপন্থী কোনো চিন্তাৰ প্ৰকাশ বা প্ৰয়োগক আদৰণি বা অনুমোদন জনোৱা নহয়। তেওঁলোকৰ মত-মতবাদ-আচাৰ-অনুষ্ঠান যিকোনো প্ৰশ্নৰ ঊৰ্ধ্বত, তেনে এটা কথাকেই আমি কৰ্তৃত্ববাদী গুৰুবাদ বুলি অভিহিত কৰিব পাৰোঁ। তেনে কৰ্তৃত্ববাদী গুৰুবাদে কেতিয়াবা বল প্ৰয়োগ কৰি হ’লেও মুক্ত চিন্তাৰ প্ৰকাশত বাধা দিয়ে। এই দুই নম্বৰ দফাৰ দিশটো আৰু প্ৰথম দফাটোত উনুকিয়াই অহা কথাটোৰ মাজত এটা প্ৰভেদ বিদ্যমান। প্ৰথম দিশটো মানুহ এজনৰ চিন্তা-ভাবনা পৰম্পৰাৰ প্ৰতি অন্ধ-আনুগত্যৰপৰা মানসিক মুক্তিৰ সৈতে সম্পৰ্কিত। কিন্তু দ্বিতীয় দিশটো মুক্ত চিন্তাৰ প্ৰকাশ আৰু প্ৰয়োগৰ সৈতে জড়িত। কথাটো সহজকৈ বুজিবলৈ আমি আকৌ ক'পাৰ্নিকাছৰ উদাহৰণটোলৈ উভতি যাওঁ। ক'পাৰ্নিকাছৰ মানসিক মুক্ততাৰ পৰিণতিতহে ব্ৰহ্মাণ্ডৰ সৌৰকেন্দ্ৰী আৰ্হিটোৰ জন্ম হোৱাটো সম্ভৱ হৈছিল। কিন্তু সেই মুক্ত চিন্তাৰ প্ৰকাশৰ ক্ষেত্ৰত? তেখেতে তেখেতৰ পুথিখন প্ৰায় ধেমালিতে ৰচনা কৰা বুলি তাৰ আগকথাত লিখিবলগীয়া হৈছিল। কাৰণটো স্পষ্ট, কৰ্তৃত্ববাদী গুৰুবাদৰ ৰঙা চকুৰপৰা হাত সাৰিবলৈকে তেনে কৰা হৈছিল। উল্লেখযোগ্য কথা, মানুহৰ চিন্তা জগতক উন্মুক্ত কৰি দিয়া সেই মহৎ গ্ৰন্থখনি প্ৰকাশ হৈছিল তেখেতৰ মৃত্যুৰ পাছতহে। তাৰ পাছৰ ঘটনা আৰু ভয়ংকৰ। ক'পাৰ্নিকাছৰ আৰ্হিটো শুদ্ধ বুলি প্ৰচাৰ কৰাৰ বাবে মহাপ্ৰতিভাধৰ জিউৰডানো ব্ৰ'নোক জুইত নিক্ষেপ কৰি হত্যা কৰা হৈছিল। স্পষ্টতঃ, কৰ্তৃত্ববাদৰ অৱদমনে হেঁচা মাৰি ধৰা শ্বাসৰুদ্ধকৰ পৰিৱেশে মুক্ত চিন্তাৰ প্ৰকাশত বাধা দিয়াৰ উপৰিও তেনে চিন্তাৰ কৰ্ষণতো নেতিবাচক প্ৰভাব পেলায়। গতিকে মুক্ত চিন্তাৰ সুচল-সুগম প্ৰকাশ আৰু প্ৰয়োগৰ বাবে কৰ্তৃত্ববাদী গুৰুবাদে আৰোপ কৰা নীতি আৰু নিষেধাজ্ঞাৰপৰা মুক্ততাৰ প্ৰয়োজন।

গ. নিজৰ মতাদৰ্শগত মানসিক জাড্যৰপৰা মুক্ততা

আমি প্ৰথম দফাটোত উনুকিয়াই আহিছিলোঁ যে পৰম্পৰাসম্ভূত বান্ধোনৰপৰা মানসিক মুক্ততা মুক্ত চিন্তাৰ বাবে অপৰিহাৰ্য। কিন্তু ঐতিহ্য-পৰম্পৰাই বান্ধি দিয়া পৰিসীমা অতিক্ৰম কৰা সকলো লোকৰ মানসিক পৰিমণ্ডলটো অন্য এটা দিশৰপৰা মুক্ত নহ'বও পাৰে। মানুহৰ নিজে বিশ্বাস কৰা মতাদৰ্শ বা ধ্যান-ধাৰণাত অন্ধ আস্থা আৰোপ কৰিলে একধৰণৰ চিন্তাৰ স্থবিৰতাই দেখা দিয়াৰ সম্ভাৱনা থাকে। তেনে স্থবিৰতা মুক্ত চিন্তাৰ পৰিপন্থী। তাৰ কবলত মুক্ত চিন্তক এগৰাকীও পৰিব পাৰে।

যিকোনো কথাকেই প্ৰশ্নাতীত সত্য বুলি গণ্য নকৰাটো মুক্ত চিন্তাৰ অন্যতম গুণ বা চৰিত্ৰ। কথাটো নিজৰ মতাদৰ্শৰ ক্ষেত্ৰতো প্ৰযোজ্য। নিজৰ মতাদৰ্শক বিতৰ্কাতীত আৰু অনড় সত্য বুলি কৰা ধাৰণাই কেতিয়াবা গোড়ামিৰ জন্ম দিব পাৰে। গতিকে মুক্ত চিন্তক এগৰাকীয়ে নিজৰ মতাদৰ্শকো তেনে সংশয় আৰু প্ৰশ্নৰ আৱৰ্তলৈ আনিব লাগিব, নিজৰ মতাদৰ্শগত অৱস্থান পৰীক্ষা কৰিব লাগিব। তাৰ অৰ্থ এইটো নহয় যে তেখেতে মতাদৰ্শগত অৱস্থানৰ সাল-সলনি ঘটাই থকাটো অপৰিহাৰ্য। কথাটো মতাদৰ্শৰ পৰীক্ষণৰ সৈতেহে জড়িত। মতাদৰ্শৰ বৰ্জন কিম্বা আৰক্ষণ, তেনে পৰীক্ষাৰ ফলাফলেহে নিৰ্ধাৰণ কৰি দিব। যদি প্ৰতীয়মান হয় যে তেখেতৰ মতাদৰ্শগত অৱস্থানটো বিসংগতিপূৰ্ণ, তেনেহ’লে সেইটো সংশোধন বা বৰ্জন কৰাটো মুক্ত চিন্তকৰ পৰিচায়ক হ'ব। তাকেই নকৰিলে তেখেত আৰু মুক্ত চিন্তক হৈ নাথাকিব।

কিন্তু বাস্তৱত এই কথাটো অতি কঠিন বুলি পৰিগণিত হয়। মানুহে সাধাৰণতেই, অন্য ঘটনা-পৰিঘটনাৰ কথা মুক্ত মনেৰে চিন্তা কৰি চাবলৈ সক্ষম হ’লেও, নিজৰ মতাদৰ্শগত অৱস্থানৰ কথাত একধৰণৰ ৰক্ষণশীলতা প্ৰদৰ্শন কৰে। এই কথাটো আনকি কোনো কোনো চিন্তাশীল বাঁওপন্থী, উদাৰ মনৰ সোঁ-পন্থী যুক্তিবাদী আৰু অবিচল-অটল ধৰ্মহীন-নাস্তিকৰ মাজতো দেখা যায়। আমাৰ মতেৰে, নিজৰ মতাদৰ্শৰ সন্দৰ্ভত কৰা প্ৰশ্ন-পৰীক্ষাই কোনো আপোচকামিতাৰ কথা নিৰ্দেশ নকৰে, বৰঞ্চ সি সত্যৰ দিশত অগ্ৰসৰ হোৱাত চিন্তাক অধিক তেজাল আৰু উদ্দীপিত কৰিহে তোলে। গতিকে, মুক্ত চিন্তক এগৰাকীয়ে নিজৰ মতাদৰ্শই আৰোপ কৰিব পৰা সংকীৰ্ণতাৰপৰাও মুক্ত হৈ থকাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব লাগিব।

৫.

আগৰ প্ৰশ্ন এটিলৈ উভতি যাওঁ; ধৰ্মত বিশ্বাসী লোক এগৰাকী বাৰু মুক্ত চিন্তক হ'ব পাৰেনে? এইটো কথাৰ বিচাৰ-বিশ্লেষণত আমি অন্য এটি দিশ আলোচনাৰ মাজলৈ আনিব লাগিব। সেইটো হ'ল, মুক্ত চিন্তক এজনৰ চিন্তা-পদ্ধতিৰ কথা। কথাটো সহজ-সৰলকৈ আলোচনা কৰা যাওক।

মুক্ত চিন্তা কিহৰপৰা মুক্ত হোৱা দৰকাৰ? ঐতিহ্য-পৰম্পৰাসম্ভূত অন্ধ-আনুগত্য আৰু মতাদৰ্শগত গোড়ামিৰপৰা মুক্ত মন এটা মুক্ত-চিন্তক এগৰাকীৰ বাবে অপৰিহাৰ্য। মুক্ত চিন্তাৰ প্ৰকাশ-প্ৰয়োগৰ বাবে কৰ্তৃত্বময় গুৰুবাদৰহিত পৰিৱেশো লাগে। এইখিনি কথা আমি ইতিমধ্যেই আলোচনা কৰি আহিলোঁ। তাৰ বহিৰেও কিন্তু মুক্ত চিন্তাৰ মাজত আৰু কিছুমান গুণ বা চৰিত্ৰৰ একান্তই প্ৰয়োজন। যিকোনো বিষয়তেই সংশয়, নতুন নতুন প্ৰশ্ন, গতানুগতিক চিন্তাৰ পৰিৱৰ্তে বিকল্প চিন্তা, পূৰ্বধাৰণা বৰ্জন আদি মুক্ত-চিন্তক এগৰাকীৰ চিন্তাৰ বৈশিষ্ট্য। কিন্তু এই সকলোখিনি থকাৰ পাছতো যদি এটা বিশেষ চৰিত্ৰ অনুপস্থিত হৈ থাকে, তেন্তে তাক মুক্ত চিন্তা বুলি অভিহিত কৰা নাযাব। তেনে চৰিত্ৰটো মুক্ত-চিন্তক এজনৰ অভিনৱ চিন্তা-পদ্ধতিৰ মাজত নিহিত হৈ আছে।

আমি উনুকিয়াই আহিছিলোঁ যে কেতিয়াবা যিকোনো কথাৰ “মুক্তভাৱে” কৰা চিন্তাকেই মুক্ত চিন্তা বুলি ধাৰণা কৰা দেখা যায়। উদাহৰণ এটা লওঁ। ধৰা যাওক, কোনো এজন লোকে “মুক্তভাৱে” চিন্তা কৰিবলৈ আৰম্ভ কৰিলে যে পৃথিৱীখন গোলাকাৰ নহয়, কেঁচু এডালৰ দৰে দীঘল। তেনেদৰে চিন্তা কৰাতনো আপত্তি কিহৰ? ঐতিহ্য-পৰম্পৰাৰ সকলো পূৰ্বধাৰণাক ওফৰাই পেলোৱা, প্ৰচলিত-প্ৰতিষ্ঠিত সত্যৰ বিপৰীতে কৰা তেনে চিন্তাক বাৰু মুক্ত চিন্তা বুলি অভিহিত কৰা যাবনে?

কথাটো হ'ল, লেগামহীন যথেচ্ছ চিন্তাক মুক্ত চিন্তা বোলা নাযায়; মুক্ত চিন্তা অংকুশহীন নহয়। মুক্তভাৱে কৰা উদ্দাম চিন্তাত যুক্তিয়ে লেগাম টানি ধৰিলেহে বাস্তৱ উপযোগিতাসম্পন্ন কোনো অৰ্থৱহ সিদ্ধান্তৰ নিৰ্গমন সম্ভৱ। যুক্তিৰ প্ৰতি এই আনুগত্য কিন্তু দাসত্ব বুলি ভাবিলে ভুল কৰা হ'ব। অৰ্থাৎ, ব্যক্তি এগৰাকীয়ে কি কি চিন্তা কৰিছে, সেইটোৰ ওপৰত নিৰ্ভৰ কৰি তেখেতক মুক্ত-চিন্তক বুলি বিশেষিত কৰা নাযায়। তেওঁ নিজৰ চিন্তাক কেনেদৰে নিয়ন্ত্ৰণ কৰিছে, কেনেদৰে পৰিচালনা কৰিছে, সেইটোৱেহে স্থিৰ কৰি দিব তেখেত মুক্ত চিন্তক হয় নে নহয়। তেনে চিন্তাৰ নিয়ন্ত্ৰকৰ আসনত যুক্তি উপবিষ্ট হৈ থাকিলেহে পৰিশীলিত ৰূপৰ মুক্ত চিন্তাৰ স্ফুৰণ সম্ভৱপৰ হয়।

ধৰ্মবিশ্বাসী লোক মুক্ত চিন্তক হোৱাটো সম্ভৱ নে? এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ যাওঁতে উপৰিউক্ত আলোচনাখিনি আমি মনত ৰাখিব লাগিব। ধৰা হওক, ধৰ্মবিশ্বাসী লোক এজনে ধৰ্মৰ ৰীতি-নীতি-প্ৰমেয় ইত্যাদিৰ প্ৰসংগত প্ৰশ্ন কিছুমান উত্থাপন কৰি সেইবোৰৰ উত্তৰৰ সন্ধান কৰিছে। এই কথাটো মুক্ত চিন্তাৰ প্ৰাথমিক কথা হ’লেও, এই মুহূৰ্তলৈ লোকজনক মুক্ত-চিন্তক বুলি অভিহিত কৰা নাযায়। ইয়াৰ পাছত তেওঁ নিজৰ চিন্তাক কেনেদৰে পৰিচালনা কৰিছে, সেইটোহে গুৰুত্বপূৰ্ণ কথা। প্ৰথমতে লক্ষ্য কৰিব লাগিব, প্ৰশ্নবোৰৰ উত্তৰৰ সন্ধান কোনো যুক্তিসন্মত চিন্তা-পদ্ধতিৰে সম্পাদন কৰা হৈছে নে নাই। যদি তেনে বিচাৰ-পদ্ধতি অযুক্তিকৰ-আধিভৌতিক-অবৈজ্ঞানিক, তেন্তে সেই পদ্ধতি অনুসৰণ কৰি লাভ কৰা উত্তৰবোৰো স্বাভাৱিকতেই হৈ পৰিব প্ৰমাদযুক্ত আৰু ভ্ৰান্ত। অন্যহাতেদি, যুক্তিসন্মত আৰু বৈজ্ঞানিক পদ্ধতিৰে উত্তৰ বিচাৰিলে তেখেত মুক্ত চিন্তাৰ দিশত আৰু এখোজ আগুৱাই যাব। কিন্তু তাৰ পাছৰ পৰ্যায়টোৱেহে নিৰ্ণয় কৰিব, তেখেত মুক্ত-চিন্তক হয় নে নহয়। প্ৰশ্ন-জিজ্ঞাসাসমূহৰ যুক্তিগ্ৰাহ্য উত্তৰ যদি তেখেতে শুদ্ধ বুলি গ্ৰহণ কৰে, তেন্তে সি হ'ব মুক্ত চিন্তাৰ পৰিচায়ক, সেই স্তৰত তেখেত নিশ্চিতভাৱে এগৰাকী মুক্ত-চিন্তক। কিন্তু তেখেতে প্ৰশ্নবোৰৰ যুক্তিসন্মত উত্তৰ লাভ কৰিও যদি সেইবোৰক মানি ল’বলৈ অস্বীকাৰ কৰে, তেনেহ’লে সেইটো জানো মুক্ত চিন্তাৰ নিদৰ্শন বুলি ক'ব পৰা যাব? গতিকে, ধৰ্মবিশ্বাসী লোক মুক্ত-চিন্তক হোৱাটো সম্ভৱ হয় নে নহয়, সেইটো নিৰ্ভৰ কৰিব লোকগৰাকীৰ চিন্তাৰ নিয়ন্ত্ৰণ আৰু দিশৰ ওপৰত। এইখিনিৰপৰা এটা স্বল্পালোচিত দিশো পোহৰলৈ আহে। সেইটো হ'ল, মুক্ত-চিন্তক এগৰাকীৰ চিন্তা শুদ্ধ নে অশুদ্ধ, সেই প্ৰশ্নটো চিন্তন প্ৰক্ৰিয়াটো চলি থাকোঁতে বৰ এটা দৰকাৰী কথা নহয়; চিন্তন-প্ৰক্ৰিয়াটো আসোঁৱাহৰপৰা মুক্ত হৈ আছেনে, সেইটোহে গুৰুত্বপূৰ্ণ। মুক্ত চিন্তাৰ ফচল হিচাপে লাভ কৰা সিদ্ধান্তৰ ক্ষেত্ৰতহে সত্যাসত্য, শুদ্ধ-অশুদ্ধৰ কথাটো প্ৰাসংগিক হৈ পৰে।

শেষত আমি আকৌ এবাৰ আলোচনাৰ আৰম্ভণিতেই লগ পোৱা পেট্ৰ'গ্ৰাড মহানগৰৰ সেই বয়স্ক মহিলাগৰাকীলৈ মনত পেলাব পাৰোঁ। ট্ৰেফি্ক আইন আগ্ৰাহ্য কৰি, সেই মহিলাগৰাকীৰ দৰে মইমতীয়া হৈ “স্বাধীনভাৱে” ৰাজপথত গমন কৰিলে দুৰ্ঘটনাৰ ঘটাৰ পূৰ্ণ সম্ভাৱনা আছে। মহিলাগৰাকীৰ “স্বাধীনতা”-ৰ ধাৰণাটো মাথোন প্ৰমাদযুক্তই নহয়, বিপজ্জনকো। মহিলাগৰাকীৰ “স্বাধীনতা”-ৰ ধাৰণাটো গ্ৰহণ কৰি কোনোবা উৎসাহী ট্ৰাক-চালকে যদি ফুটপাথেদি ট্ৰাক এখন চলাই দিয়ে তেন্তে কি হ'ব, সেইটো সহজেই অনুমেয়। ট্ৰেফি্ক আইনৰ বান্ধোন তেনে অনাকাংক্ষিত ঘটনা প্ৰতিহত কৰিবলৈকে প্ৰয়োজন হয়। তেনেধৰণেই নিয়ন্ত্ৰণহীন অসংলগ্ন, যেনি-তেনি গমন কৰা “অবাধ স্বাধীন” চিন্তাও বিপৰ্যস্ত হৈ পৰে। চিন্তাত মুক্ততা থাকিলেই নহ'ব, সেই চিন্তাত একধৰণৰ শৃংখলাও থাকিব লাগিব। ইয়াকেই আমি মুক্ত চিন্তাৰ বৌদ্ধিক শৃংখলা বুলিও অভিহিত কৰিব পাৰোঁ। আধুনিক বিজ্ঞানসন্মত চিন্তা-চৰ্চা কিছুমান বৌদ্ধিক নীতি-নিয়মৰ মাজেদি সম্পাদন কৰা হয়। মুকলিভাৱে কৰা চিন্তা যদি তেনে বৌদ্ধিক শৃংখলাৰহিত, তেনেহ’লে সি খুব বেছি কিছুমান উৎকেন্দ্ৰিক ধ্যান-ধাৰণাৰ জন্ম দিব, কিন্তু সি কেতিয়াও অৰ্থৱহ মুক্ত চিন্তা বুলি পৰিগণিত হ'বলৈ সক্ষম নহ'ব। ট্ৰেফিক আইন যিদৰে স্বাধীনতাৰ সংকোচক নহয়, সি সুচাৰুৰূপে স্বাধীনতা উপভোগ কৰাৰ সহায়কহে, তেনেদৰেই যুক্তি-নিয়ন্ত্ৰিত বৌদ্ধিক শৃংখলাইহে মুক্ত চিন্তাক পৰিশীলিত আৰু পৰিশ্ৰুত কৰি তুলিব।

Share Button
Print Friendly, PDF & Email

1 Comment : "সম্পাদকৰ টোকা : মুক্ত চিন্তা আৰু মুক্ত-চিন্তক (কৌশিক দাস)"

Leave a Comment

Your email address will not be published. Required fields are marked *