শিল্প-কলা-সংস্কৃতি

মুক্ত চিন্তাৰ শীৰ্ষ গীত প্ৰতিযোগিতাৰ গীতসমূহ

 

১) গীতিকাৰ:  সমুদ্ৰ কাজল শইকীয়া (প্ৰথম পুৰষ্কাৰ প্ৰাপ্ত)

মুক্ত নহয় চন্দ্ৰ সূৰ্য,
মুক্ত নহয় নদী,
মুক্ত নহয় এই পৃথিৱী
নহয় বনৰ পক্ষী।
পুৱা উঠি যি মাৰ যায় বিয়লি
বান্ধোনতে ঘূৰে বেলি
জোনৰো আছে আপোন নিয়ম
আহে পষেকতে ঘূৰি

কোন বাটে গৈ কাক সাবটিব
জানি আগুৱায় নদী
দিক-বিদিক ঘূৰি আপোন বাহলৈ
পক্ষীটি আহিবই ঘূৰি।

এই জগতত মুক্ত নহয়
কোনো ক’তো তুমি জানা
মুক্ত কেৱল চিন্তা তোমাৰ
তাৰেই জোৱাৰ আনা।

আওপুৰণি চিন্তাধাৰাৰ ঢাকোন আঁতৰ কৰা
নতুন চিন্তাৰে আজিয়েই
জগত সুন্দৰ কৰা।

থাকিব কেৱল মানুহৰ টান
থাকিব প্ৰেমৰ গান
মুক্ত চিন্তাৰ নতুন বীক্ষাৰে
জাগিব নতুন প্ৰাণ।

---------------

২) গীতিকাৰ: অংগৰাগ ভূঞা (২য় পুৰষ্কাৰ প্ৰাপ্ত)

বাৰিষাৰ ডাৱৰে ঢাকিলেও
নকমে আকাশৰ বিশালতা
পৰিসৰ নমনা বিস্তৃতিতে
অনাদি অনন্ত উচ্চতা

অজ্ঞানতাৰ অন্ধকাৰে
অযুক্তিৰ অত্যুৎসাহে
পাতেহি বৰপীৰা অনিয়মৰ

এলান্ধু ক'লা
অসত্যই
নীতিবাগীশৰ
মন্ত্ৰণাতে
শিকলি বান্ধেহি দাসত্বৰ

নিম্ন চাপৰ আৱাহনত
কুসংস্কাৰৰ ডাৱৰতে
ঢেৰেকনি মাৰেহি ধৰ্মান্ধই
ভেকুলীয়ে টোৰটোৰায়।

সুস্থ মনৰে
মুক্ত চিন্তাৰে
বাৰিষা নামেহি ধৰাত
আকাশ মুকলি
যুক্তিৰ গজালি
গাভিনী মৰতৰ বুকুত

মুক্ত মনৰ
মুক্তিৰ মন্ত্ৰই
মানৱৰ জয়গান গাব

বিভেদৰ দূবৰি
সাম্যৰে গচকি
প্ৰজ্ঞাৰ পোহাৰ পাতিব

বিজ্ঞান সাৰথি
সন্ধানী মানৱে
জীৱনৰ জয়ধ্বনি দিব।
-------------

৩) গীতিকাৰ: সমুদ্ৰ কাজল শইকীয়া (৩য় পুৰষ্কাৰ প্ৰাপ্ত)

পৰিধি ভাঙি যায় যদি যাক মন গুচি
বান্ধি ল’লোঁ মন
নেবান্ধোঁ আৰু বুলি

যি বান্ধোনত নাই হায় প্ৰাণৰ উত্তাপ
নাই ভালপোৱা
আছে য’ত মাথোঁ সন্তাপ‌।

এলান্ধুকলীয়া
নেলাগে শুচিবায়ু ৰুচি।

জাত্যভিমান পৰিব এদিন অন্ত
বুলি আমি ভাবিবতো পাৰোঁ
ভাবিবলৈ আমি মুক্ত
ধৰ্মান্ধতা পৰিব এদিন অন্ত
বুলি আমি ভাবিবতো পাৰোঁ

ভাবিবলৈ আমি মুক্ত
মুক্ত চিন্তাৰ ফল্গুধাৰাত আজি
উটি মান্ধাতা যুগৰ চিন্তাৰ ময়লা যাক গুচি।
--------------


৪)  গীতিকাৰ:  অঞ্জন শইকীয়া (বিচাৰকৰ দ্বাৰা বিশেষভাবে বিবেচিত)

এটি-দুটি কম্পন, সৰু-বৰ স্পন্দন
চেতনাত তুলি যাওঁ যুক্তিৰ ছন্দ
প্ৰাণে প্ৰাণে সিঁচি দিওঁ মুক্তিৰ মন্ত্ৰ
মুক্ত চিন্তা আমাৰ মুক্ত মনৰ
লক্ষ্য আমাৰ বিশাল আকাশ
মুক্ত কণ্ঠ সুষম বিকাশ
মুক্ত জীৱন মুক্ত প্ৰকাশ

মুক্ত মানৱ আমি মুক্ত প্ৰাণৰ
মুক্ত চিন্তক আমি মুক্ত মনৰ।

মানুহ মানুহ মানুহ আমাৰ জাতি
মানুহ মানুহ মানুহ আমাৰ বৰ্ণ
মানুহ মানুহ মানুহ আমাৰ ধৰ্ম

ৰঙা ৰঙা তেজৰ
আমি ৰঙা মনৰ
ৰঙা ৰঙা তেজৰ
আমি ৰঙা মনৰ

মুক্ত মানৱ আমি মুক্ত প্ৰাণৰ
মুক্ত চিন্তা আমাৰ মুক্ত মনৰ।

যুক্তি আমাৰ আমাৰ পথ
মানৱতা আমাৰ আমাৰ ব্ৰত
বিজ্ঞান আমাৰ আমাৰ ৰথ।

স্বপ্ন আমাৰ মুক্তি
লক্ষ্য আমাৰ প্ৰগতি।
স্বপ্ন আমাৰ মুক্তি
লক্ষ্য আমাৰ প্ৰগতি

শত-সহস্ৰ বিঘিনি নেওচি
দুৰন্ত মানৱৰ গতি নিৰন্তৰ
অজেয় সৈনিক আমি মুক্তিযুঁজৰ
মুক্ত চিন্তা আমাৰ মুক্ত মনৰ।

এটি-দুটি কম্পন, সৰু-বৰ স্পন্দন
চেতনাত তুলি যাওঁ যুক্তিৰ ছন্দ
প্ৰাণে প্ৰাণে সিঁচি দিওঁ মুক্তিৰ মন্ত্ৰ
মুক্ত চিন্তা আমাৰ মুক্ত মনৰ
লক্ষ্য আমাৰ বিশাল আকাশ

মুক্ত কণ্ঠ সুষম বিকাশ
মুক্ত জীৱন মুক্ত প্ৰকাশ
মুক্ত মানৱ আমি মুক্ত প্ৰাণৰ
মুক্ত চিন্তক আমি মুক্ত মনৰ।

শতিকাজোৰা এন্ধাৰ আঁতৰাই
পুৰণি সমাজৰ এলান্ধু নিলগাই
নতুন সমাজৰ তন্ত্ৰ সাজিম।
মহা জীৱনৰ ভেটি গঢ়িম।

মুক্ত পৃথিৱীত মুক্ত জীৱনৰ
মুক্ত চেতনাৰ মুক্ত মানৱৰ নতুন সমাজৰ শৃংখল গঢ়িম।
মুক্ত চিন্তক আমি বিশ্ব মনৰ।

ধৰ্মীয় গোড়ামি যত মৌলবাদ
অন্ধবিশ্বাস আৰু কুসংস্কাৰ
স্থান নাই সিবোৰৰ মনত আমাৰ
সমাজ জীৱনৰ অন্যায়-অবিচাৰ
নিপীড়িতজনৰ হতাশা-হাহাকাৰ
নাশ কৰাই পণ আৰু ৰণ আমাৰ
মুক্ত চিন্তা আমাৰ মুক্ত মনৰ।

এটি-দুটি কম্পন, সৰু-বৰ স্পন্দন
চেতনাত তুলি যাওঁ যুক্তিৰ ছন্দ
প্ৰাণে প্ৰাণে সিঁচি দিওঁ মুক্তিৰ মন্ত্ৰ
মুক্ত চিন্তা আমাৰ মুক্ত মনৰ
লক্ষ্য আমাৰ বিশাল আকাশ
মুক্ত কণ্ঠ সুষম বিকাশ
মুক্ত জীৱন মুক্ত প্ৰকাশ

মুক্ত মানৱ আমি মুক্ত প্ৰাণৰ
মুক্ত চিন্তক আমি মুক্ত মনৰ।
নাৰী পুৰুষ আমি সমান মনৰ
সম অধিকাৰ আমাৰ অৰ্ধ আকাশৰ
নাজানো যুক্তি কোনো লিংগ
বৈষম্যৰ
নামানো উক্তি কোনো বিভেদ-শোষণৰ
মুক্ত নাৰী আমি মুক্ত আকাশৰ
মুক্ত পুৰুষ আমি মুক্ত সমাজৰ
মুক্ত মানৱ আমি বিশ্বব্ৰহ্মাণ্ডৰ
মুক্ত চিন্তক আমি মুক্ত মনৰ।

এটি-দুটি কম্পন, সৰু-বৰ স্পন্দন
চেতনাত তুলি যাওঁ যুক্তিৰ ছন্দ
প্ৰাণে প্ৰাণে সিঁচি দিওঁ মুক্তিৰ মন্ত্ৰ
মুক্ত চিন্তা আমাৰ মুক্ত মনৰ
লক্ষ্য আমাৰ বিশাল আকাশ
মুক্ত কণ্ঠ সুষম বিকাশ
মুক্ত জীৱন মুক্ত প্ৰকাশ

মুক্ত মানৱ আমি মুক্ত প্ৰাণৰ
মুক্ত চিন্তক আমি মুক্ত মনৰ।

নেনো প্ৰযুক্তি অত্যুচ্চ মহাকাশ
ৰাজনীতি অৰ্থনীতি দৰ্শন ইতিহাস
জ্ঞান বিজ্ঞানৰ প্ৰতি দিগবলয়ত
যুক্তিৰ আধাৰত কৰোঁ আমি বিচৰণ
বিজ্ঞান মনেৰে কৰোঁ আমি বিশ্লেষণ
মানুহৰ কল্যাণ কৰোঁ আমি অন্বেষণ
মুক্ত চিন্তক আমি মুক্ত মনৰ ।

শিৰত পিন্ধিলো মানৱ প্ৰমূল্য।
বুকুত বান্ধিলো বিজ্ঞান মন।
যুক্তিক কৰিলো আলিঙ্গন।
সত্য সুন্দৰৰ পথেৰে গমন।
বিপ্লৱ আনিম সমাজ জীৱনৰ
পাতনি মেলিম মহামিলনৰ
মুক্ত চিন্তা আমাৰ বিশ্ব প্ৰাণৰ ।

এটি-দুটি কম্পন, সৰু-বৰ স্পন্দন
চেতনাত তুলি যাওঁ যুক্তিৰ ছন্দ
প্ৰাণে প্ৰাণে সিঁচি দিওঁ মুক্তিৰ মন্ত্ৰ
মুক্ত চিন্তা আমাৰ মুক্ত মনৰ
লক্ষ্য আমাৰ বিশাল আকাশ
মুক্ত কণ্ঠ সুষম বিকাশ
মুক্ত জীৱন মুক্ত প্ৰকাশ
মুক্ত মানৱ আমি মুক্ত প্ৰাণৰ
মুক্ত চিন্তক আমি মুক্ত মনৰ।
----------------

৫) গীতিকাৰ: অংকুৰ বৈদ্য

আকাশত সৌৱা
উৰিছে চোৱা
পতাকাখনি
সাক্ষী হৈ বহু যুগৰ
শোষিতৰ কেঁচা তেজৰ
বোল সানি পতাকাখনি ।

এই পতকাই দিয়ে সোঁৱৰাই
আমাৰ অতীতক
মানুহৰ নায্য প্ৰাপ্য
আদায়ৰ সংগ্ৰামক
সোঁৱৰায় ইতিহাস
শোষণৰ কৰুণ কাহিনী ।
সাক্ষী হৈ,
মুক্ত চিন্তা, মুক্ত প্ৰকাশৰ ... ...
মনৰ আশাবোৰ বুকুৰ ভাষাবোৰ
শিখা হৈ সৌৱা উৰিছে
গৰ্বিত বুকুত কালজয়ী পতাকাই
প্ৰতিবাদৰ তুলিছে ধ্বনি ।

সাক্ষী হৈ,
মুক্ত চিন্তা, মুক্ত প্ৰকাশৰ ... ...
সুদূৰৰ প্ৰতিধ্বনি
নৱ আলোড়ন
প্ৰভাতৰ আৱাহনী
সৃষ্টিৰ সন্ধিক্ষণ
প্ৰাণে প্ৰাণে
আজি নৱজাগৰণ ।
সাক্ষী হৈ,
মুক্ত চিন্তা, মুক্ত প্ৰকাশৰ
-------------

৬)  গীতিকাৰ:  আশীষ গোস্বামী

একবিংশ শতিকাৰ মানুহ আমি
প্ৰভাত আমাৰ কাম্য
ক’লীয়া ডাৱৰে আকাশ ঢাকে
সিপাৰে ক্ষণ গণা সূৰ্য

নীলিম আকাশ হেঁপাহ আমাৰ
দৃষ্টিত সীমাহীন সিন্ধু
এন্ধাৰ নাশি আগ বাঢ়ি যাওঁ
সূৰ্যস্নাতা প্ৰতি বিন্দু

মুক্ত চেতনাত প্ৰাপ্তি আমাৰ
কঢ়িয়াওঁ দীপ্ত শিখা
গাই যাওঁ নিতে মানৱৰ জয়গান
ধৰণী সেউজী কৰা
----------

৭) গীতিকাৰ: বৰ্ণালী বৰুৱা দাস

মুক্ত মনৰ যুক্তিৰ স্পন্দন
সত্য সন্ধানীৰ সমুদ্ৰ মন্থন
মানুহৰ মুক্তিৰ সুস্থিৰ চিন্তন
আছে ক’ত আছে ক’ত
সমূহৰ মুক্ত চিন্তাত‌।

মুক্ত চিন্তা
মুক্ত চিন্তা
হাজাৰ যুগৰ এলান্ধু আঁতৰাই
কৰা কৰা মুক্ত চিন্তা‌।

জাতি ধৰ্ম বৰ্ণৰ
শ্ৰেণী লিংগভেদৰ
সংকীৰ্ণতা এৰি ওলাই আহা
হাতে হাতে হাত ধৰি ওলাই আহা
সমতাৰ গান গাই ওলাই আহা‌।
কৰি মুক্ত চিন্তা‌।

মুক্ত চিন্তা
মুক্ত চিন্তা
হাজাৰ যুগৰ এলান্ধু আঁতৰাই
কৰা কৰা মুক্ত চিন্তা‌।
-------------

৮) গীতিকাৰ: ভাগ্য কোঁৱৰ

মহাবিশ্বৰ বিশাল বুকুত
জীৱনৰ একাঁজলি বুৰবুৰণি
বিশ্বই জানো বুজি পায়
মানুহৰ মিছা ভেম আৰু অহংকাৰ ?
মানৱ যদি হ’ব লাগে বিশ্বৰ অলংকাৰ
পৰিধি ভাঙি দিয়া চেতনাৰ বিস্তাৰ
অন্ধ আৱেগক যুক্তিৰে নাশ কৰি
সংকীৰ্ণ মনৰ চাৰিও দুৱাৰ খুলি
আদৰি আনিবা মুক্ত চিন্তাৰ বতাহ
চেতনাৰ পৰমাণুত ৰৈ যাব আভাস
বহু শতিকাৰ জাগৰণৰ খোজবোৰ
মচি দিয়াৰ যেন অহৰহ প্ৰয়াস
সন্ধানী মনক ছলনা ধমকিৰে
নাচনী পুতলা সজাৰ অভিলাস

গণ জাগৰণৰ ফিৰিঙতি আমি
পলকতে শিখা হৈ উজলি উঠিম
ভয় নাই ভয় নাই লগ হোৱাহি
মুক্ত মানৱতাৰ আধাৰ গঢ়িম

হ’ব পাৰে কেতিয়াবা অন্তৰ্দ্বন্দ্ব
জ্ঞানৰ অভিমান অথবা যুক্তি-তৰ্ক
মুক্ত মনৰ হ’ব তাতেই চিনাকি
তথ্যৰ ৰায় যি নতশিৰে মানি ল’ব

বিশ্বৰ একোণত মানৱৰ জন্ম
হয়তো বিশ্বই নেপায় উমঘাম
মানৱ চেতনা এটি অভিনৱ সৃষ্টি
এয়ে হওক আমাৰ চিৰ অৱদান

---------------




৯)  গীতিকাৰ: ৰক্তিম শৰ্মা


আমি মুক্ত

আমি মুক্ত

মুক্ত চেতনা আমাৰ


পোহৰৰ বাটেৰে আগ বাঢ়ি যাওঁ আমি

পিছলৈ থৈ ইতিহাস

মুক্তি চেতনাৰ মহামন্ত্ৰেৰে

গাওঁ আমি বিজয়ৰ গান ।


আমি মুক্ত

আমি মুক্ত

মুক্ত চেতনা আমাৰ …


আন্ধাৰ চাকনৈয়া কাতি কৰি থৈ

বুকুত লৈ অদম্য সাহস

যুক্তিৰ শংখেৰে ৰণভেৰী বাই

ব’লা সবে আগ বাঢ়ি যাওঁ ৷


আমি মুক্ত

আমি মুক্ত

মুক্তি চেতনা আমাৰ …


সৌৱা দুৰন্ত সেনানী

বিশ্ববিজয়ী

ইতিহাস মেলিলেই সাক্ষী

জনতাৰ দুবাহুত আছে লুকাই

মুক্তি বিজয়ৰ পথদাবী ৷


আমি মুক্ত

আমি মুক্ত

মুক্তি চেতনা আমাৰ …


মুক্তি আমাৰ লক্ষ্য

যুক্তি আমাৰ ধৰ্ম

মুক্ত পৃথিৱীৰ মুক্ত মানুহ আমি

জীৱনক কৰি যাওঁ তুচ্ছ ৷


আমি মুক্ত

আমি মুক্ত

মুক্ত চেতনা আমাৰ …

----------




১০)  গীতিকাৰ:  অচ্যুৎ মাধৱ দাস




বুঢ়া লুইতকে কথা দি ওলালোঁ

আমি অসমী আইৰ সন্তান

মুক্ত চিন্তা নৱ চেতনাৰে

জগত সভালৈ যাম।

শংকৰ-আজানে বোৱালে ইয়াত নামৰে ধৰমৰ নৈ

কীৰ্তন-ঘোষা-জিকিৰ জুৰিলে ভাতৃবোধকে লৈ

কত জাতি-জনজাতি পাহাৰে-ভৈয়ামে

মিলি বৈ আছে একেখনিয়েই নৈ

সমন্বয়ৰ একেখনি পথাৰ

আমি একেজনী অসমী আইৰে পো

যাউতিযুগীয়া ৰূপে-ৰসে ভৰা  অ’ মোৰ অসমী আই

মুক্ত চিন্তা নৱ চেতনাৰে দিয়া

নতুন তেজৰ তীখা

যুক্তি-চিন্তা মুক্ত মনেৰে আমি নতুনৰ বাট কাটিম

আইৰ বুকুত তাৰেই উজলিব

হাজাৰ সূৰ্য-শিখা


লক্ষ্মীনাথ আৰু জ্যোতিয়ে বান্ধিলে ভাষা-কৃষ্টিৰ ভেটি

বিষ্ণু ৰাভাই গৰজি কয় সাম্য-মৈত্ৰীৰ মাটি।

বীৰ লাচিত চিলাৰায় আমাৰ যুগৰ জেউতি চৰা

দেশৰ কাৰণে নিজক পাহৰি আগ বাঢ়ি যাওঁ ব’লা।

--------




১১)  গীতিকাৰ:  গৌৰীশংকৰ বৰা




এই কঠিনতাৰ শেষ আছে

এই কৰুণতাৰ শেষ আছে

আমাৰ চকুত সেই স্বপ্ন আছে

সেই স্বপ্নৰ বাবেই প্ৰশ্ন আছে

ৰুদ্ধ এই দুৱাৰ

সিপাৰে কি আছে ?




এই দুঃসময়ৰ ইতি আছে

এই সময়ৰ যে গতি আছে

আমাৰ মননত সেই যুক্তি আছে

সেই যুক্তিৰ বাবেই শক্তি আছে

দুৰ্বাৰ আমাৰ গতি

ৰোধক কি আছে?




এনে ৰুদ্ধ দ্বাৰৰো বিনাশ আছে

তেনে অবিনাশী ইতিহাস আছে

আমাৰ প্ৰাণত সেই চেতনা আছে

সেই চেতনাৰ বাবেই প্ৰেৰণা আছে

সলনি হ'ব এই দিন

সলনিৰ সলনি কি আছে?

------------




১২)  গীতিকাৰ:  শৈলেন তালুকদাৰ




বান্ধৈ

ব'ল আগ বাঢ়ি যাওঁ

মুক্ত সমাজ এখন বিচাৰি চাওঁ

য'ত আছে সকলোৰে সম অধিকাৰ

ধৰ্ম-জাতিভেদ আৰু ধনী-দুখীয়াৰ

হয় য'ত একেমুখে তিৰস্কাৰ

এনে এখন সমাজ লাগে আমাক

যুক্তিৰ অস্ত্ৰ সমল আমাৰ

বান্ধৈ ...




দুৰ্নীতি-শোষণত কোঙা সমাজ

বুভুক্ষুজনৰ মুখত নাই এসাঁজ

কামনাৰ বলি হৈ নাৰী অসহায়

মানৱতাৰ কি হ'ল আছেনে উপায়

ব'ল আগ বাঢ়ি যাওঁ

মুক্ত সমাজ এখন বিচাৰি চাওঁ

এনে এখন সমাজ লাগে আমাক

যুক্তিৰ অস্ত্ৰ সমল আমাৰ

বান্ধৈ ...




অন্ধবিশ্বাস আৰু কুসংস্কাৰ

একেলগে দিওঁগৈ ব'ল ধিক্কাৰ

বিজ্ঞানে আনক নতুন সংস্কাৰ

হওঁক সকলোতে সমতাৰ বিস্তাৰ

ব'ল আগ বাঢ়ি যাওঁ

মুক্ত সমাজ এখন বিচাৰি চাওঁ

এনে এখন সমাজ লাগে আমাক

যুক্তিৰ অস্ত্ৰ সমল আমাৰ

বান্ধৈ ...




কোন ক’লা কোন বগা

সকলোৰে তেজ ৰঙা

হওক মুকলি মন মুকলি চিন্তাৰ

একেই আকাশ একেই বতাহ

একেখন ধৰাতে আছো জীয়াই

সকলোৰে আছে সম অধিকাৰ

ব'ল আগ বাঢ়ি যাওঁ

মুক্ত সমাজ এখন বিচাৰি চাওঁ

এনে এখন সমাজ লাগে আমাক

যুক্তিৰ অস্ত্ৰ সমল আমাৰ

বান্ধৈ ...

———–

Print Friendly, PDF & Email

2 thoughts on “মুক্ত চিন্তাৰ শীৰ্ষ গীত প্ৰতিযোগিতাৰ গীতসমূহ

  • Bhaskar Jyoti Acharjya

    তিনি নম্বৰ গীতটো মোৰ বেছি ভাল লাগিছে। বাকী সকলোকে অভিনন্দন জনালোঁ।

    Reply
  • Wahidur Raham

    Gotei keitai bhal lagise. Agote jona hole moyo pothalo hoi karon geet likhar proyax moyo kisu bosoror pora kori ahisu . Silpi gom pale bhale beyai potham.

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *