নাৰী সৰবৰাহ : যেতিয়া নাৰীতকৈও অধিক হয় পহুৰ মূল্য

জীৱশ্রেষ্ঠ মানৱ বুলি সমাজে যুগ যুগ ধৰি স্বীকৃতি দি আহিছে । কিন্তু আজি যেন মানুহৰ এই শ্রেষ্ঠত্বত ঘুণে ধৰিছে। সম্প্রতি বিশ্বত যিধৰণে মানৱ বিক্ৰীৰ বজাৰ ক্ষিপ্ৰ গতিত প্ৰসাৰ হ’ব ধৰিছে তাৰপৰা ক’ব পাৰি এয়া জীৱশ্রেষ্ঠ মানুহৰ পৃথিৱী নহয়, এয়া যেন দানৱৰহে পৃথিৱী ।

মানৱ সৰবৰাহ তথা মানৱ বিক্ৰীৰ দৰে এক নিকৃষ্ট ও জঘন্য ব্যৱসায় পুঁজিবাদ বিকাশৰ আদিপর্বত ব্যাপক হাৰত প্রচলিত আছিল । সেই সময়ত শক্তিৰ ক্ষেত্ৰত দুর্বল দেশসমূহৰপৰা শক্তিশালী ৰাষ্ট্রৰ ভূ-স্বামীসকলে জোৰ-জুলুম কৰি হাত-ভৰি বান্ধি ক্ৰীতদাস হিচাপে মানুহ সৰবৰাহ কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বিশ্বযুদ্ধত অংশগ্রহণ কৰা কিছুমান ৰাষ্ট্রই অংশগ্রহণ নকৰা একাংশ ৰাষ্ট্ৰৰপৰা নিৰাপত্তা বাহিনীৰ শক্তি বৃদ্ধি আৰু প্ৰসাৰৰ বাবেও মানৱ সৰবৰাহ কৰিছিল। আনপিনে একাংশ তথ্য উৎসত বিশ্বত গণতন্ত্ৰৰ যোগ অহাৰ পূৰ্বে নাৰী অর্থাৎ যুৱতী সৰবৰাহৰ কথা উল্লেখ কৰি প্ৰকাশ কৰা হৈছে যে সেই সময়ত ৰজাঘৰীয়াৰ যৌন ভোগ্য সামগ্ৰী কৰিবৰ বাবেও বহু সময়ত নাৰী সৰবৰাহ হোৱাৰ তথ্য পোৱা যায়।

পিতৃপ্রধান ভাৰতীয় সমাজত নাৰী যুগ যুগ ধৰি পৰিয়ালৰ ভিতৰে-বাহিৰে অকথ্য নিৰ্যাতন, হিংসা, হত্যা, ধর্ষণৰ বলি হৈ অহাৰ লগতে বিক্ৰীৰ বলিও হ’বলগা হৈছে – য’ত পহু এটাৰ বিক্ৰীমূল্যও নাৰীতকৈ অধিক। নাৰী বিক্ৰী বা নাৰী সৰবৰাহ সম্বন্ধীয় বাতৰি সংবাদ মাধ্যমত সততে স্থান পাই অহা এক সাধাৰণ বাতৰি যদিও দেশৰ ভালেকেইখন ৰাজ্যত ইয়াৰ প্রভাৱে আমাৰ দৰে বহুতকে শংকিত কৰি ৰাখিছে। দেশৰ অন্যান্য একাংশ ৰাজ্যৰ দৰে অসমতো ইয়াৰ প্ৰভাৱ চিন্তনীয়। সামগ্রিকভাৱে এটি উন্নত জীৱন যাপনৰ প্ৰতিশ্রুতি দি দৰিদ্ৰ-পিছপৰা জনজাতি, সংখ্যালঘু আৰু অন্যান্য পিছপৰা জনগোষ্ঠীপ্রধান অঞ্চলসমূহৰপৰাই অসমৰ অসংখ্য কিশোৰী-যুৱতী পাঞ্জাব, হাৰিয়ানা, দিল্লী, ৰাজস্থান, লক্ষ্ণৌ, মুম্বাইলৈ অবাধে চালান হৈ আছে। এই চালানকৃত যুৱতীসকল অনিচ্ছাৰ পাছতো মজবুৰিত পৰি হৈ পৰে যৌনদাসী ।

কিছু ক্ষেত্ৰত সৰবৰাহকাৰীসকলে সাধাৰণতে স্থানীয় কোনো দালালৰ সহযোগত বিভিন্ন সময়ত অভিযান কৰিবলৈ অঞ্চল বাছনি কৰি তাতে নিগাজিকৈ কোনো ব্যৱসায় নতুবা অন্য কোনো কর্ম কৰিবলৈ লয়। স্থানীয় লোকৰ লগত চা-চিনাকিৰ পিছতেই হ’বলৈ ধৰে তেওঁলোকৰে ঘনিষ্ঠতা। সেই সুবাদতেই প্ৰেমৰ ছলনাৰে বিয়া নতুবা সামাজিকভাৱেই বিয়া কৰি অন্যথা দৰিদ্ৰ পিতৃ নতুবা পৰিয়ালক ধনেৰে প্ৰলোভিত কৰি উধাও হোৱাও দেখা যায় বহু সময়ত। আনপিনে নাৰী ব্যৱসায়ীসকলে কেতিয়াবা প্রত্যক্ষভাৱে জড়িত নহৈ স্থানীয় কোনোবা লোকৰদ্বাৰাও যুৱতীক নিজৰ হাতলৈ আনি পলাই লৈ যোৱাৰ ঘটনাও দেখা যায় । যুৱতী গৰাকী এবাৰৰ বাবে ঘৰৰপৰা ওলাই যোৱাৰ পাছৰপৰাই আৰম্ভ হয় ব্যৱসায় । গন্তব্য স্থান নাপাওঁতেই এজনী যুৱতী সস্তাত বিক্ৰী হয় বহুবাৰ। এনেদৰে গৈ গৈ পিছলৈ তেওঁলোক হৈ পৰে যৌনদাসী । তেওঁলোকক পতিতাবৃত্তি, অশ্লীল ছায়াছবি নির্মাণ, ৰেষ্টুৰেণ্ট-বাৰত অশ্লীল নৃত্য পৰিৱেশনৰ বাবে বলপূৰ্বকভাৱে নিয়োজিত কৰাৰ লগতে অভিজাত আৰু মধ্যবিত্ত এচামৰ সস্তান উৎপাদনৰ যন্ত্রৰ লগতে যৌন ভোগৰ সামগ্ৰী হিচাপেও ব্যৱহাৰ কৰে । এই কর্মসমূহত ব্যৱহাৰৰ ক্ষেত্ৰত এওঁলোকৰ একাধিক তথাকথিত স্বামী তথা মালিকেই থাকে সৰ্বেসৰ্বা । যৌনদাসীসকলে যেতিয়া যৌন কামৰ বাবে অনুপযোগী হৈ পৰে তেতিয়া এই দাসীসকলক অন্য এজনৰ হাতত বিক্ৰী কৰি দিয়া হয় । ক্ৰয়কৰ্তাজনে তেওঁলোকক কৃষিকৰ্ম নতুবা কাৰখানাৰ কামত ব্যৱহাৰ কৰে আৰু শিকলি বন্ধা শ্ৰমিকৰ দৰে কাম কৰাবলৈ লয় । এওঁলোকৰ শ্ৰমৰ বাবে দিয়া নহয় কোনো মজুৰি, কেৱল জীয়াই থকাৰ বাবে নিম্নমানৰ সামান্য খাদ্য আৰু বস্ত্ৰৰ বাহিৰে আন একোৰে আশা কৰিব নোৱাৰে এওঁলোকে । এওঁলোকৰ অধিকাংশৰে নাই এই বন্দিত্বৰপৰা পলাই অহাৰ সাহস, যদিও কোনোবাই সৌভাগ্য আৰু সাহস একেলগ কৰি ওলাই আহে তথাপিও তাৰে অধিকাংশকে গ্রহণ নকৰে তথাকথিত এই সভ্য সমাজে । এনে যৌনদাসীৰ প্রথা পাঞ্জাব, হাৰিয়ানা, দিল্লী আদিৰ সমাজত স্বীকৃতিপ্ৰাপ্তভাৱেই চলে । এই ৰাজ্যসমূহত যৌনদাসীসকলক স্থানীয় ভাষাত “প্যাৰো”, “মুলকি" আদি বুলি কোৱা হয় । এই ভাষ্য আমাৰ নিজা নহয়! এই ভাষ্য বন্দিত্বৰ শিকলি ছিঙি পলাই অহা দুখভৰা জীৱনৰ গৰাকীসকলৰ। প্রকাশ্য যে হাৰিয়ানা, পাঞ্জাব, দিল্লী আদিত এনে জঘন্য কাণ্ডক স্বীকৃতি দি অহাৰ সাক্ষ্য বহন কৰিছে মানৱ সৰবৰাহৰ বিৰুদ্ধে মাত মাতি জনগণৰ মাজত সজাগতৰ সৃষ্টি কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বেচ্ছাসেৱী সংগঠন ‘এম্পাৱাৰ পিপুল’ৰ সৈতে হাৰিয়ানাৰ কুৰুক্ষেত্ৰ জিলাৰ আৰক্ষী অধীক্ষকৰ লগত যোৱা দুটামান বছৰ পূৰ্বৰ এটি সাক্ষাৎকাৰে । সাক্ষাৎকাৰটোত আৰক্ষী অধীক্ষকজনে যৌনদাসী প্রথাক মানৱ সৰবৰাহৰ ঘটনা বুলি মানি ল’বলৈ অস্বীকাৰ কৰিছিল। যি সময়ত অধীক্ষকজনে সৰবৰাহৰ ঘটনা বুলি অস্বীকাৰ কৰিছিল সেই সময়তে এটা বেচৰকাৰী তথ্যত প্রকাশ পাইছিল যে হাৰিয়ানা, পাঞ্জাবৰ ৫০ শতাংশ পৰিয়ালতেই এনেকুৱা যৌনদাসী আছে। যৌনদাসী প্রথা স্বীকৃতি দি অহা ৰাজ্যবোৰে উৎস ৰাজ্য হিচাপে পশ্চিমবংগ, বিহাৰ, ওড়িশা, দাৰিদ্র কবলিত সংখ্যালঘু, জনজাতি নতুবা অন্যান্য পিছপৰা জনগোষ্ঠীপ্রধান অঞ্চলসমূহক নাৰী সৰবৰাহৰ ক্ষেত্র হিচাপে বাছনি কৰি লৈছে।

চৰকাৰী তথ্যমতেই অসমৰ অপৰাধ অনুসন্ধান শাখাত ২০০৫ চনলৈ পঞ্জীয়ন হৈছিল ১,১২৭টা মানৱ সন্ধানহীনৰ গোচৰ, ২০১০ চনলৈ পঞ্জীয়ন হৈছিল ২,২৯১টা গোচৰ। যিসমূহ গোচৰৰ ৪০ শতাংশই আছিল মহিলাৰ । ২০১০ চনৰপৰা ২০১১ চনৰ এপ্রিল মাহলৈ পঞ্জীয়ন হৈছিল ৭৫৪টা সন্ধানহীনৰ গোচৰ । যি গোচৰসমূহৰ ৩১৮জনেই আছিল প্রাপ্তবয়স্ক মহিলা। প্রকাশ্য যে ২০১০ চনলৈ পঞ্জীয়ন হোৱা ২,২৯১টা সন্ধানহীনৰ গোচৰৰ ৯৯৮টা গোচৰৰ সন্ধানহে আৰক্ষীয়ে উলিয়াব পাৰিছে। অসম পুলিচৰ অপৰাধ অনুসন্ধান বিভাগৰ তথ্য অনুসৰি ২০১১ চনৰপৰা ২০১৪ চনলৈ মাত্ৰ চাৰি বছৰত ১৫৩গৰাকী যুৱতী বহিঃৰাজ্যলৈ সৰবৰাহ হৈছে । ২০১১ চনত ৩৫গৰাকী, ২০১২ চনত ৩০গৰাকী, ২০১৩ চনত ১৮গৰাকী আৰু ২০১৪ চনত প্ৰায় ৭০গৰাকী যুৱতী সৰবৰাহকাৰীৰ কবলত পৰিছে । অন্যহাতে শেহতীয়া চৰকাৰী তথ্য মতে ২০০৫ চনৰপৰা ২৫ নৱেম্বৰ, ২০১৫ চনলৈ ২৯,৭১৬টা নাৰী সন্ধানহীনৰ ঘটনা সংগঠিত হৈছে । ইয়াৰে নগাঁৱত ২৭১৪টা, সংখ্যালঘু-অধ্যুষিত ধুবুৰী জিলাত ২৯৫১টা আৰু বৰপেটাত ২৫১৩টা সন্ধানহীনৰ ঘটনাৰে শীৰ্ষত আছে । তাৎপর্যপূর্ণ যে কেৱল পঞ্জীয়ন হোৱা গোচৰৰ ক্ষেত্ৰতহে এই পৰিসংখ্যা লাভ কৰা হৈছে, দেশৰ ভিতৰত সৰ্বাধিক মানৱ সৰবৰাহৰ ঘটনা সংঘটিত হোৱা অন্যতম ৰাজ্য অসমত যদি এইধৰণৰ সকলো গোচৰ পঞ্জীয়ন হ’লহেঁতেন, তেন্তে ইয়াতকৈও অধিক ভয়াৱহ পৰিসংখ্যা পোৱা গ’লহেঁতেন যে সেয়া নিশ্চিত ।

দৰিদ্ৰতা আৰু সৰলতাৰ সুযোগত ঘৃণনীয় কাণ্ডৰ কিছু অকথ্য :

ব্যক্তিগতভাৱে এক প্রাথমিক তদন্ত চলাই গোমাফুলবাৰীৰ আগশাৰীৰ স্বেচ্ছাসেৱী সংগঠন ‘সামূহিক জ্ঞান বিকাশ কেন্দ্ৰ’ৰ এদল কর্মী বন্ধুৰ সহযোগত আমি গৈ উপস্থিত হৈছিলো বৰপেটা জিলাৰ তাৰাবাৰী থানাৰ অন্তর্গত কাকধোৱা-গণকপাৰা ৰিজার্ভৰ হুছেন খাঁৰ ঘৰত । দৰিদ্ৰতাৰ লগত যুঁজি যুঁজি জীৱন সংগ্ৰাম কৰা হুছেন খাঁ সম্প্ৰতি হৈ পৰিছে ক্লান্ত । চাৰিজন সন্তান আৰু পত্নীৰে একেলগে বসবাস কৰে চৰকাৰী ৰিজাৰ্ভখনত । পূৰ্বতে এওঁৰ সামান্য কৃষি আৰু বাসভূমি আছিল যদিও সেয়া বর্তমান ব্রহ্মপুত্ৰৰ গ্ৰাসত বিলীন। ব্রহ্মপুত্ৰত সকলো জাহ যোৱাত পূৰ্বৰ গাঁও বালাপাৰাৰপৰা উঠি আহি কাকধোৱা-গণকপাৰা ৰিজাৰ্ভত বৰপটা জিলা প্রশাসনে দিয়া ১৫ লেছা ভূমিত এটি খেৰীঘৰত বাস কৰে এওঁৰ পৰিয়ালটো। বাঁহৰ সা-সামগ্ৰী প্রস্তুত কৰি যি দুই-এপইচা পায় তাৰেই পৰিয়াল পোহ-পাল দিয়াৰ লগতে সস্তানকেইটাক স্কুলত পঢ়োৱাৰ ক্ষুদ্র প্রয়াস এটা কৰিছিল যদিও সেয়া প্রায় স্তব্ধ হৈছিল ৮ আগষ্ট, ২০১১ চনত । এই অভিশপ্ত দিনটোতে এই পৰিয়ালৰপৰা নিৰুদ্দেশ হৈছিল হুছেন খাঁৰ বৰজীয়ৰী জায়েদা বেগম (১৫), যাৰ সন্ধান আজিলৈও নোলাল । পৰিয়ালৰ লগত হোৱা কথা-বতৰাত জানিব পৰা গ’ল যে এই ঘটনাটোৰ লগত স্থানীয় দুষ্টচক্ৰ জড়িত আছে যদিও সেয়া কোন তাৰ উত্তৰ ৰাজহুৱা কৰিবলৈ ভয় কৰে । যদি এওঁলোকে মুখ খোলে তেন্তে তেওঁলোকে কোনোপধ্যেই চৰকাৰী ৰিজাৰ্ভ ভূমিডৰাত বসবাস কৰিব নোৱাৰিব । সেই দুষ্টচক্ৰই হ’ল এই ৰিজাৰ্ভখনত বসবাস কৰা দৰিদ্ৰ-ভূমিহীনসকলক অত্যাচাৰ কৰা ব্যক্তিসকলৰ এজন । এই ভয়তে সম্প্রতি তেওঁলোক মূক-বধিৰ ! তাৎপর্যপূর্ণ বিষয় যে এই সম্পর্কে দৰিদ্র আৰু অশিক্ষিত পৰিয়ালে কোনোধৰণৰ গোচৰ আজিলৈকে ৰুজু কৰা নাই । ইয়াৰো কাৰণ নিশ্চিত্ভাৱে বাসস্থানৰ প্ৰতি অহা ভাবুকি ।

      ২০০৮ চনৰ ঘটনা, ভাতৃৰদ্বাৰা বিক্ৰী হ’বলগা হৈছিল ভগ্নী। বৰপেটা জিলাব তাৰাবাৰী থানাৰ অন্তৰ্গত ফুলবাৰী নামৰ এটি নৈপৰীয়া গাঁৱৰ কথা । দুৰ্ভগীয়া ফাতিমা বেগম (সলনি কৰা হৈছে) নামৰ কিশোৰীগৰাকীক কামৰ বাবে বহিঃৰাজ্যলৈ নি বিক্রী কৰিছিল নিজ ভাতৃয়ে । যি কিশোৰীগৰাকী আজিও লক্ষ্ণৌত আছে, জানিব পৰা গ’ল যে ধনৰ বিনিময়ত ভগ্নীক এৰি থৈ আহিলেও চুবুৰীয়াসকলক তাতে বিয়া হোৱা বুলি জানিবলৈ দিয়ে । এই জঘন্য ব্যক্তিজনে অনুৰূপধৰণে ২০১৩ চনতো একেখন বৰপেটা জিলাৰ দামালঝাৰৰ এগৰাকী মহিলাকো কাম দিয়াৰ বাবে ফুচুলাই নি লক্ষ্ণৌত বিক্ৰী কৰিছিল যদিও স্থানীয় একংশ লোকৰ হস্তক্ষেপত ১৫-২০ দিনৰ ভিতৰতে উদ্ধাৰো হৈছিল ।

‘অসমীয়া খবৰ’ কাকতত ২ আগষ্ট, ২০১১ ত প্রকাশ পোৱা এটি বাতৰি অনুসৰি ২০১১ চনৰ এপ্রিল-মে’ মাহত চাকৰিৰ প্রলোভনেৰে অসাধু চক্রই অপহৰণ কৰি নিছিল দেৰগাঁৱৰ ৰঙাগড়াৰ এজনী যুৱতীক । অসম আৰক্ষীৰ প্রায় এমাহৰ অনুসন্ধানৰ অন্তত যুৱতীগৰাকী উদ্ধাৰ হৈছিল হাৰিয়ানাত ।

      ৰাষ্ট্ৰীয় পর্যায়ৰ আগশাৰী স্বেচ্ছাসেৱী সংগঠন ‘এম্পাৱাৰ পিপুল’ৰপৰা পোৱা তথ্যমতে ২০১০ চনৰ ফেব্ৰুৱাৰি মাহত উত্তৰ প্ৰদেশৰ গাজিয়াবাদত উদ্ধাৰ হৈছিল ১৫বছৰীয়া কাথিৰা খাতুন নামৰ অসম-বেঙ্গল সীমান্তৱৰ্তী এলেকাৰ এগৰাকী কিশোৰী । ঘটনাৰ বিৱৰণী মতে কাথিৰাক চাকৰি দিয়াৰ প্রলোভনেৰে ঘৰৰ লৈ আনি দুষ্ট চক্রই শেষৰবাৰ বিক্ৰী কৰিছিল হাৰিয়ানাৰ সমীপৰ এঠাইত ।এই ঠাইডোখৰ পাওঁতেই তাই ইতিমধ্যেই বিক্রী হ’বলগা হৈছিল বহুবাৰ । তাইক বাধ্য কৰোৱা হৈছিল মদ্যপান কৰিবলৈ আৰু পুৰুষৰ মেহফিলত উদ্দাম নৃত্য নাচিবলৈ । সদায় বন্ধ কোঠাৰ ভিতৰত আবদ্ধ কৰি ৰখা কিশোৰীগৰাকীয়ে পাহৰি গৈছিল তাই কিমানবাৰ, ক’ত আৰু কাৰ কাৰ হাতত বিক্ৰী হৈছিল ? তাই পাহৰি গৈছিল - কিমানবাৰ ধৰ্ষিতা হৈছিল ! কিন্তু পুনৰ্বাৰ যেতিয়া অন্ধ্রপ্রদেশত বিক্ৰী কৰিবলৈ গাজিয়াবাদলৈ অনা হৈছিল তেতিয়া তাই সৌভাগ্যক্ৰমে অকলশৰীয়াকৈ বাহিৰলৈ ওলাই আহিবৰ সুযোগ পাইছিল । ৰাস্তাত ছোৱালীজনীৰ চলন-ফিৰণ আৰু ভাষাৰ পিনে লক্ষ্য কৰি তাই যে কিবা বিপদত আছে সেয়া বুজি পাইছিল পশ্চিম বংগৰ বঙালী ছিকিউৰিটি গার্ড সুজল আৰু ৰাজুৱে । সোধা-পোছাৰ অন্তত নৰপিশাচৰ জঘন্য কাৰবাৰৰ বলি হোৱা বুলি জানি সুজল আৰু ৰাজুৱে এই বিষয়ে আৰক্ষীক অৱগত কৰোৱায়। আৰক্ষীয়ে ছোৱালীজনীক নিজৰ জিম্মাত লৈ যায় । কিশোৰী সৰবৰাহৰ এই ঘটনাটোৰ তদন্ত গাজিয়াবাদ আৰক্ষীয়ে ২০১৩ চনলৈ উলিয়াব পৰা নাছিল, এতিয়াও উলিয়াব পাৰিছে বুলি মোৰ বিশ্বাস নহয় !

এইবাৰৰ ঘটনাৰ স্থান ডিব্ৰুগড় । সৰলতাৰ সুযোগত ম’বাইল প্ৰেমে কাল নমাই আনিলে এজনী যুৱতীৰ জীৱনলৈ । বিবাহৰ প্রলোভনেৰে মুম্বাইৰ দেহ ব্যৱসায়ীৰ হাতত ডিব্ৰুগড়ৰ যুৱতীক বিক্ৰী কৰিছিল ম’বাইল প্রেমিকে । সংবাদপত্ৰত প্রকাশ পোৱা বাতৰি অনুসৰি ডিব্ৰুগড় জিলাৰ খোৱাং থানাৰ অন্তর্গত দুই নং চৰাইহাবি গাঁৱৰ সুষমা হাজৰিকা নামৰ ২৮ বছৰীয়া যুৱতীজনীৰ ম’বাইলৰ মাধ্যমত চিনাকি হৈছিল বঙাইগাঁৱৰ কৃষ্ণ সিং বুলি পৰিচয় দিয়া ছদ্মনামী পুৰুষ এজনৰ লগত। পিছলৈ ম’বাইলৰ মাধ্যমতে তেওঁলোকৰ মাজত বহু দিন প্রেম চলাৰ অন্তত ২৫ ফেব্ৰুৱাৰি, ২০১২ত বিয়াৰ প্রলোভনেৰে প্রেমিকজনে ফুচুলাই নি পোনে পোনে এক লাখ টকাৰ বিনিময়ত বিক্ৰী কৰিছিল মুম্বাইৰ এখন পতিতালয়ত । পৰিয়ালৰ সন্মতি অবিহনে যুৱকজনৰ সৈতে পলাই যোৱাত যুৱতীজনীৰ পৰিয়ালে বিচাৰ-খোঁচাৰ কৰিছিল। ইয়াৰ উপৰিও বঙাইগাঁৱৰ বুলি পৰিচয় দিয়া ঠিকনাত কৃষ্ণ সিং নামৰ কোনো ব্যক্তি নতুবা সুষমাৰ কোনো সন্ধান নোলোৱাত সুষমাৰ ভগ্নীয়ে ১৮ মাৰ্চত ডিব্ৰুগড় সদৰ থানাত ভাৰতীয় দণ্ড বিধি আইনৰ ৩৬৬ আৰু ইম্মৰেল ট্রেফিকিং আইনৰ অধীনত ২২৫/১২ নম্বৰ এজাহাৰ পঞ্জীয়ন কৰিছিল। সেইমৰ্মে ডিব্ৰুগড় আবক্ষীয়ে ২০মাৰ্চত মুম্বাই আৰক্ষীৰ সহযোগত থানে চিটিৰ চিলদিয়াগড় থানাৰ অন্তর্গত এলেকাৰ এখন পতিতালয়ৰপৰা সুষমাক উদ্ধাৰ কৰে ।ইয়াৰ পিছতেই ডিব্ৰুগড় আৰক্ষীয়ে বঙাইগাঁও আৰক্ষীৰ সহযোগত লম্পট কৃষ্ণ সিং ওৰফে মাহমুদ আলীক আটক কৰি ডিব্ৰুগড় আৰক্ষীৰ জিম্মালৈ আনে। জানিব পৰা মতে আন্তঃৰাজ্যিক নাৰীদেহ ব্যৱসায়ী চক্রৰ সৈতে দীর্ঘদিন ধৰি জড়িত থকা কৃষ্ণ সিং ওৰফে মাহমুদ আলীয়ে অসমৰ আন দহগৰাকীৰো অধিক যুৱতীক মুম্বাইৰ পতিতালয়ত বিক্ৰী কৰিছে।

দৰিদ্রতাই ঘেৰি ধৰা নিজৰ পৰিয়ালক এমুঠি খুৱাবলৈ ৰাতিপুৱাই অন্নৰ সন্ধানত ওলাই যাব লাগে বৰপেটা জিলাৰ কলগাছিয়াৰ আতোৱাৰ ৰহমান। দিনটো হাজিৰা কাম কৰি যি পায় তাৰেই সন্ধিয়া চাউল, তেল, নিমখ কিনি ঘৰলৈ উভতি আহি নিজৰ ছয় সন্তান আৰু পত্নীৰ আগত ৰাখে। কোনোবা দিন যদি কামলৈ যাব নোৱাবে তেন্তে পাকঘৰত চৌকা নজ্বলাৰ দৰেই । দৰিদ্ৰতাৰ মাজত তথাপিও শান্তিৰে কটাইছিল দিনবোৰ। কিন্তু হঠাৎ ২০০৭ চনৰ কোনোবা অভিশপ্ত দিনত তেওঁৰ পৰিয়াললৈ নামি আহিল ঘোৰ অন্ধকাৰ। দৰিদ্রতাৰ বাবে নিজৰ সন্তানক পোহপাল, শিক্ষা, স্বাস্থ্যৰ তদাৰক কৰিব নোৱৰাত এদিন তেওঁৰ কন্যা মনোৱাৰা খাতুন (১৫)ক একেখন জিলাৰ সৰভোগৰ এগৰাকী চিনাকি মহিলাই এঘৰত বনকৰা ছোৱালী হিচাপে থৈ দিবলৈ নিব খুজিছিল । পৰিয়ালৰ সন্মতিমর্মে মনোৱাৰাক মহিলাজনীয়ে লৈ আহে যদিও আৰু কোনোদিনেই ঘূৰি নাহিল নিজৰ পৰিয়াললৈ। আজি বোধহয় মনোৱাৰা হৈ আছে কোনোবা এদল নিকৃষ্ট মানৱৰ যৌন ভোগৰ সামগ্রী ! উল্লেখ্য যে কামৰ ছলনাৰে লৈ আনি বিক্রীকর্তা মহিলাগৰাকীৰ বিৰুদ্ধে আতোৱাৰ ৰহমানে সৰভোগ থানাত এজাহাৰো দাখিল কৰিছিল আৰু আটকো হৈছিল যদিও কিহৰ বাবেই বা আইনী মেৰপাকৰপৰা আঁতৰি গ’ল ধৃত মহিলাগৰাকী সেয়াহে আমি আজিও বুজিব নোৱাৰিলোঁ । এয়া বোধহয় মেনেজ কৰিয়েই সম্ভৱ হৈছিল ! আজিও মনোৱাৰাৰ পিতৃ-মাতৃয়ে মনোৱাৰাৰ বিষয়ে সুধিলে কান্দোনত ভাগি পৰে। দুচকুত চকুলোৰ নৈ বৈ যায়, আজিও মুখত আশাৰ ৰেঙণি যেন কোনোবা দিন মনোৱাৰা ঘৰলৈ ঘূৰি আহি মা-দেউতাক মাত এষাৰ দিব বুলি।

এইবাৰ উত্তৰ প্ৰদেশত উদ্ধাৰ হ’ল বৰপেটাৰ কলগাছিয়াৰ কিশোৰী । এক লাখ টকাৰ বিনিময়ত উত্তৰ প্ৰদেশৰ বুলন্দ জিলাত বিক্ৰী কৰিছিল কলগাছিয়া থানাৰ অন্তৰ্গত সাউৰাচৰা ৰিজাৰ্ভৰ চাহেব খানৰ কন্যা আলিয়া (কাল্পনিক নাম) নামৰ ১৫ বছৰীয়া কিশোৰীগৰাকীক । ২০ এপ্ৰিল ২০১৪ তৰিখে জাহিদুল ইছলাম নেতৃত্বাধীন এটি ৫জনীয়া নাৰী সৰবৰাহকাৰী দলে কিশোৰীগৰাকীক অপহৰণ কৰি নি উত্তৰ প্ৰদেশৰ বুলন্দ জিলাৰ আৰনিয়া আৰক্ষী থানাৰ অন্তৰ্গত সূৰ্যাবালী গাঁৱৰ বাবুল দাস আৰু সুমন দাসৰ ওচৰত বিক্ৰী কৰিছিল । আলিয়া নিৰুদ্দেশ হোৱাৰ দিনাই পিতৃ চাহেব খানে ৬২৪/৪ ক্ৰমত ভাৰতীয় দণ্ডবিধিৰ ৩৬/৬৯(এ)/৪২০/৩৭২/৩৪২ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰে । ছেপ্টেম্বৰ মাহলৈ সন্ধান নোলোৱা কিশোৰীগৰাকীয়ে এদিন এটি নম্বৰৰপৰা ঘৰলৈ ফোন কৰাত সেই নম্বৰৰ ভিত্তিত উত্তৰ প্ৰদেশ আৰক্ষীৰ সহযোগত অসম আৰক্ষীয়ে অভিযান চলাই কিশোৰীগৰাকীক উদ্ধাৰ কৰে ।

এইবাৰ আমাৰ অভিযান হাৰিয়ানালৈ । দিল্লীৰপৰা প্ৰায় আঢ়ৈ ঘণ্টাৰ পথ হাৰিয়ানাৰ উত্তৰ অংশত অৱস্থিত মেৱাদ জিলা। মেৱাদত অসমৰ যুৱতী বিগত বহু বছৰ ধৰিয়েই চালান হৈ আহি আছে । আমি তেনে কিছু মহিলাৰ সন্ধান পাইছিলোঁ গাছিয়া খান নামৰ আদবয়সীয়া এক মহিলাৰপৰা । যিগৰাকী মহিলা ১৪ বছৰ বয়সত বিক্ৰীৰ বলি হৈ পাছলৈ অশেষ সংগ্ৰামৰ অন্তত সেই জীৱনক সলনি কৰি সম্প্ৰতি সৰবৰাহৰ বলি হোৱা প্যাৰোসকলৰ অধিকাৰ ৰক্ষাৰ আন্দোলনৰ কৰ্মী । এম্পাৱাৰ পিপুলৰ প্ৰতিষ্ঠাপক শ্বফিক আৰ ৰহমান খানৰ মতে এই এলেকাটোত সৰবৰাহ কৰি অনা নাৰীক প্যাৰো বুলি কোৱা হয় । ইয়াতে নাৰীৰ দাম ভিন্ন হয় । বয়স, চেহেৰা আৰু অন্যান্য কিছুৰ ওপৰত নিৰ্ভৰ কৰে নাৰীৰ মূল্য । সাধাৰণতে ৫ হাজাৰৰপৰা ৩০ হাজাৰৰ ভিতৰত বিক্ৰী হয় এজনী মহিলা । মেৱাদৰ ফিৰোজপুৰত আমি লগ কৰিছিলোঁ জমিলা (কাল্পনিক নাম) নামৰ এগৰাকী প্ৰায় ৩৫ বছৰীয়া মহিলাক । মাণিকপুৰ থানাৰ অন্তৰ্গত ২ নং গৰাইমাৰী-ডেৱধাৰীত পিতৃৰ গৃহৰ লগতে পিতৃৰ নামো আমাক জানিব দিছিল । প্ৰায় ২০ বছৰ পূৰ্বে কিছু টকাৰ বিনিময়ত সম্পৰ্কীয় এজনী পেহীয়ে বিক্ৰী কৰিছিল জমিলাক । ঘৰত অভাৱ, যিটো দিনত ঘৰৰপৰা ওলাই আহিছিল জমিলা সিদিনাও খাবলৈ নাছিল ঘৰত। এনেকৈয়ে আহি হাৰিয়ানা পালে, আৰম্ভ হ’ল অত্যাচাৰৰ ওপৰত অত্যাচাৰ, মানুহৰ ঠাট্টা, প্যাৰো বুলি অৱহেলা ইত্যাদি ইত্যাদি । সহি সহি ৮ বছৰ পাৰ কৰি এবাৰ অসমলৈ গৈছিল । ক’তনো শান্তি পাব, লোকৰ বিভিন্ন কথা । নিজৰ জীৱনৰ প্ৰতি ঘৃণা কৰি এনে জীৱন যাতে কাৰো নহয় তেনেকৈ কৈ আৱেগিক হৈ পৰিছিল মহিলাগৰাকী । তথাকথিত স্বামীজন, যিজনে মাথোঁ যৌন ক্ষুধা পূৰণৰ বাবে ক্ৰয় কৰিছিল, তেওঁৰ ২০১০ চনত মৃত্যু হৈছিল । তাৰ পাছৰপৰাই ৭টি সন্তানক নিজেই উপাৰ্জন কৰি পোহ-পাল দি আছিল জমিলাই ।

গোৱালপাৰা জিলাৰ বাসট্টাৰিৰ মেনকা (কাল্পনিক নাম) । ৩৪ বছৰীয়া মহিলাগৰাকী বিগত ১৭ বছৰে বিক্ৰীৰ বলি হৈছে তিনিবাৰ । প্ৰথমবাৰৰ মূল্য নাজানে যদিও দ্বিতীয়বাৰত ৮ হাজাৰ টকা আৰু তৃতীয়বাৰত ৪ হাজাৰ টকাৰ বিনিময়ত বিক্ৰী কৰিছিল মেনকাক । তৃতীয়বাৰৰ বাবে বিক্ৰী হোৱা তথাকথিত স্বামীয়ে মেনকাক আন একো নিদিলেও ৭টাকৈ সন্তান উপহাৰ দিছে । কিমান নিষ্ঠুৰ ! ধিক ! আমাৰ এই অভিযানত আমি আৰু কেইবাগৰাকীও অসমৰ মহিলাক লগ পাইছিলোঁ, আৰু তেওঁলোকৰ দুখভৰা কাহিনীসমূহ জানিছিলোঁ । সকলোৰে লগতেই সেই একেই, মাথোঁ যৌন ভোগৰ সামগ্ৰী !

কিয় ঘটে এনে ঘটনা :

দৰিদ্রতা, নিৰক্ষৰতা আৰু সৰলতাৰ সুযোগ লৈ বিভিন্ন ছলনাৰে ফুচলাই নি অসমৰ যুৱতীক যৌন ভোগ্য সামগ্ৰী হিচাপে ব্যৱহাৰৰ কাৰণ বিচাৰিলে কেইবাটাও কাৰণ দেখা যায় ।তাৰে ভিতৰত লিংগ অনুপাতৰ ব্যৱধানেই প্রধান । ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন মতে মহিলা জনসংখ্যাৰ বিপৰীতে পুৰুষৰ হাৰ কম থকা শীৰ্ষৰ দহখন দেশৰ ভিতৰত ভাৰতো এখন ।ৰাষ্ট্ৰসংঘৰ ২০১৫ চনৰ এক অধ্যয়ন মতে যি সময়ত সমগ্র বিশ্বত গড়ে ১০১.৭০% পুৰুষৰ বিপৰীতে ৯৮.৩৩ শতাংশ নাৰীৰ জনসংখ্যা পোৱা যায় সেই একেটা সময়তে ভাৰতত ১০৬.৯৮ শতাংশৰ বিপৰীতে মাত্ৰ ৯৩.৪৭ শতাংশ মহিলা জনসংখ্যা পোৱা যায় । লোকগণনা ২০১১ মতে ১০০০ পুৰুষৰ বিপৰীতে নাৰীৰ সংখ্যা মাত্র ৯৪০গৰাকী। এই ব্যৱধান সকলো ৰাজ্যতে একে নহয়। এই নিবন্ধটোত যিসমূহ ৰাজ্যলৈ নাৰী সৰবৰাহ হোৱা বুলি আলোচনা কৰা হৈছে সেইসমূহ ৰাজ্যত লিংগ অনুপাতৰ ব্যৱধান বহুত বেছি।

২০১১ চনৰ লোকপিয়লৰ তথ্য মতে যিসমূহ ৰাজ্যলৈ সৰবৰাহ হৈ থাকে তাৰে একাংশৰ লিংগ অনুপাতৰ এখন তালিকা তলত দিয়া হ’ল । উল্লেখযোগ্য যে সমগ্ৰ দেশত লিংগ অনুপাত ৯৪০: ১০০০ আৰু সমগ্ৰ বিশ্বৰ লিংগ অনুপাত প্ৰায় ৯৮০:১০০০ ।

ক্ৰমিক নং ৰাজ্য নাৰী: ১০০০ পুৰুষৰ বিপৰীতে
দিল্লী ৮৬৮
হাৰিয়ানা ৮৭৯
পাঞ্জাব ৮৯৫
মহাৰাষ্ট্ৰ ৯২৯

ইয়াৰ উপৰিও মন কৰিবলগীয়া যে একাংশৰ বজৰুৱা যৌন ক্ষুধা নিবাৰণৰ সামগ্ৰী হিচাপে দেশত বহু পতিতালয় গঢ় লৈ উঠিছে দীৰ্ঘদিনৰেপৰা । ইয়াৰে পশ্চিম বংগৰ সোণাগাছি, মুম্বাইৰ কামাথিপুৰা, পুনেৰ বুধৱাৰ পেট, এলাহাবাদৰ মিৰগঞ্জ, দিল্লীৰ জি বি ৰোড, মুজাফৰপুৰৰ চৰ্তুৰভুজস্থান, নাগপুৰৰ ইটাৱাৰি আদি প্ৰধান। অন্যহাতে অসমৰ শিলচৰো লেখত ল’বলগীয়া । নাৰীদেহৰ ব্যৱসায়ৰ লগত নাৰী সৰবৰাহৰো যথেষ্ট সম্পৰ্ক আছে। বহুতকে প্ৰথম অৱস্থাত বলপূৰ্বক এই পেছাত ঠেলি দিয়া হয় যদিও পাছলৈ ওলাই আহিব নোৱৰাৰ লগতে ‘প্যাৰো’, মুলকি বা ঘৰুৱা যৌনদাসীৰ জীৱনৰপৰা ওলাই আহিও সমাজত থাকিব নোৱাৰি দেহ ব্যৱসায়ৰ লগতে যুক্ত হয় । ইপিনে গুৱাহাটীৰ একাংশ যৌন কৰ্মীয়ে দিয়া স্বীকাৰোক্তি মতে প্ৰথমে তেওঁলোক ধৰ্ষণৰ বলি হোৱাৰ পাছৰপৰাই লাহে লাহে এই পেছাটো গ্ৰহণ কৰাত সহজ হৈ পৰে আৰু আজি ইয়াত তেওঁলোক প্ৰতিষ্ঠিত ।

চিন্তনীয় বিষয় যে পিতৃপ্ৰধান ভাৰতবৰ্ষত লিংগ অনুপাতৰ ক্ষেত্ৰত বিশ্বৰ তুলনাত ব্যৱধান ইমান বেছি কিয়? ইয়াৰ অন্তৰালৰ ৰহস্য কি ? ইয়াৰ অন্তৰালত ৰহস্যৰ অন্যতম "কন্যা ভ্ৰুণ হত্যা” যি সম্প্রতি ভাৰতবৰ্ষৰ বাবে এক বৃহৎ প্রত্যাহ্বান হিচাপে গা কৰি উঠিছে। আমাৰ দেশত প্রতি বছৰত প্রায় এক কোটি শিশুৰ জন্ম হয়। এটা বেচৰকাৰী সংস্থাৰ সমীক্ষা মতে প্রসৱ-পূৰ্ব ভ্ৰুণ পৰীক্ষা কৰি প্রায় ২০ লাখ কন্যা ভ্ৰুণ গৰ্ভাৱস্থাতে হত্যা কৰা হয়। তাৎপর্যপূর্ণ যে ১৯৯৪ চনৰপৰাই এক আইনৰ জৰিয়তে প্রসৱৰ পূৰ্বে ভ্ৰুণ পৰীক্ষাত বাধা আৰোপ কৰা হৈছিল। এই আইন সংশোধন কৰি ‘পি এন ডি চি প্ৰিনেটল ডিটাৰমাইনেচন টেষ্ট, ২০০২’ নামেৰে ২০০৩ চনৰ ১৪ ফেব্ৰুৱাৰিৰপৰা সমগ্ৰ দেশত বলৱৎ কৰিছিল এক অধিনিয়ম। এই অধিনিয়ম অনুযায়ী উলংঘাকাৰী দোষী ব্যক্তিক ৫ বছৰৰ কাৰাদণ্ড আৰু এক লাখ টকাপর্যন্ত অর্থদণ্ড থকাৰ পাছতো এইদৰে ব্যাপকভাৱে কিদৰে কন্যা ভ্ৰুণ হত্যা হৈ আছে?

এই সমগ্র বিষয়টো গভীৰভাৱে চিন্তা কৰিলে দেখা যায় যে চৰকাৰে এই বিষয়টোৰ ওপৰত যিমান গুৰুত্ব দিব লাগিছিল তাৰ বিপৰীতে উদাসীনতাই অধিক । মহিলাসকলৰ সাংবিধানিক আৰু আইনগত অধিকাৰ সুৰক্ষাৰ বাবে ১৯৯০ চনত ৰাষ্ট্ৰীয় মহিলা আয়োগ গঠন কৰা হৈছিল আৰু ইয়াৰ তলতীয়াভাৱে কাম কৰিবলৈ গঠন কৰা হৈছিল প্রত্যেক ৰাজ্যৰ ৰাজ্যিক মহিলা আয়োগ। গঠন কৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ, ইয়াৰ উপৰিও গঠন কৰিছে মানৱ সৰবৰাহ-বিৰোধী কোষ । কিন্তু এয়া কি? কার্যক্ষেত্ৰত কিমান সক্রিয়তা আৰু আন্তৰিকতাৰে চৰকাৰ আৰু আয়োগে দায়িত্ব পালন কৰিছে ? তাৰ উদাহৰণ হিচাপে ৰাষ্ট্ৰীয় অপৰাধ ব্যুৰোৰ তথ্য অনুসৰি ২০০৪ চনত সংঘটিত হৈছিল ২,২৬৫টা ধৰ্ষণৰ ঘটনা, ২০০৯ চনত ২০,৮৯০টা ধৰ্ষণৰ ঘটনা। ২০১২ চনৰ বাজেট অধিবেশনত বিধানসভাত মন্ত্রী বকিবুল হুছেইনে প্রকাশ কৰা তথ্য মতে অসমত ২০০৬ চনলৈ ৭,১৬৪টা ধর্ষণৰ ঘটনা সংঘটিত হোৱাৰ বিপৰীতে ২০১১ চনলৈ ই ১১,৫৬৩টালৈ বৃদ্ধি পাইছে। শেহতীয়া চৰকাৰী তথ্য মতে ২০০৫ চনৰপৰা ২০১৫ চনৰ ২৫ নৱেম্বৰলৈ অসমত সংঘটিত হৈছে ৭৪,১২৮টাকৈ নাৰী নিৰ্যাতনৰ ঘটনা । আনপিনে ২৮ মে', ২০১২ত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ হৈ আয়োগৰ অধ্যক্ষ কে জি বালাকৃষ্ণনে সদৰি কৰা মতে হিংসা, হত্যা, ধর্ষণ, ডাইনী হত্যা, যৌতুকজনিত কাৰণত হাৰাশাস্তি কৰি হত্যা ইত্যাদিকে আদি কৰি নাৰী নির্যাতনৰ ক্ষেত্ৰত অসমে ভাৰতবৰ্যৰ ভিতৰত দ্বিতীয় স্থান দখল কৰিছে। একেটা ঘোষণাতে বাষ্ট্রীয় মানৱাধিকাৰ আয়োগে ভুক্তভোগীসকলক ৩৫ লাখ টকাকৈ ক্ষতিপূৰণ দিবলৈ অসম চৰকাৰক নির্দেশ দিছে যদিও কার্যকৰী হোৱাৰ কোনো খবৰ আমি এতিয়ালৈ পোৱা নাই ।

তাৎপর্যপূর্ণ যে চৰকাৰে মানৱ সৰবৰাহৰ বিৰুদ্ধে যিমানে আইন প্রণয়ন নকৰক নতুবা যিমানেই ব্যৱস্থা নলওক, যদিহে জনগণৰ মাজত সজাগতা আনিব নোৱাৰে তেন্তে সকলো বিফলে যোৱাৰ সম্ভাৱনাই অধিক । চৰকাৰে এই বিষয়টো বিশেষভাৱে গুৰুত্বসহকাৰে লৈ সজাগতা সৃষ্টি কৰিব লাগে যদিও চৰকাৰে গুৰুত্বসহকাৰে লোৱাটো আমাৰ চকুত পৰা নাই, বৰঞ্চ এই বিষয়টোও প্ৰচলিত ধাৰাতে চলি আছে । চৰাকাৰে গ্ৰাম্যাঞ্চলৰ লগতে অন্যান্য অঞ্চলতো শিবিৰ পাতি, পথসভা, বাটৰ নাট নতুবা বেনাৰ-পোষ্টাৰ, সংবাদ মাধ্যমত বিজ্ঞাপন আদিৰে সজাগতা অনাৰ উপায় আছে যদিও এই ক্ষেত্ৰত চৰকাৰৰ ভূমিকা লজ্জাজনক । ৰাজধানী চহৰে গুৱাহাটীৰ দুই-এঠাইত মানৱ সৰবৰাহ-বিৰোধী কোষৰদ্বাৰা দুই-এখন হৰ্ডিং ওলমাই সকলো দায়িত্ব সামৰিছে যেন লাগিছে। বিশ্বৰ অন্যান্য ৰাষ্ট্র, যিসমূহ ৰাষ্ট্ৰত কিছু পৰিমাণে হ'লেও মানৱ সৰবৰাহ চলে, বিশেষকৈ ইউৰোপীয় ৰাষ্ট্ৰসমূহে উপৰোক্ত ব্যৱস্থাসমূহ লোৱাৰ উপৰিও মানৱ সৰবৰাহৰ বলি হোৱাসকলৰ বাবে বিশেষ পুঁজিৰ ব্যৱস্থা কৰি সহায়ৰ হাত আগ বঢ়োৱাৰ লগতে মানৱ সৰবৰাহৰ অপৰাধ ৰোধৰ বাবে কঠোৰ আইনী ব্যৱস্থা হাতত লৈছে। ইয়াৰ উপৰিও ৰাষ্ট্ৰসমূহে সচেতনতামূলক ছবি, তথ্যচিত্ৰ ইত্যাদিও প্ৰস্তুত কৰি দেশবাসীৰ বাবে মেলি দিছে । এনেধৰণৰ ছবিসমূহ যে কেৱল ইউৰোপীয় দেশসমূহেই নির্মাণ কৰিছে এনে নহয়, এই কাম ইতিমধ্যে ২০০৭ চনত বাংলাদেশেও সম্পন্ন কৰিছে।

সমাজ তথা ৰাষ্ট্ৰৰ প্ৰগতিৰ বাবে মহিলাসকল নিৰাপত্তাত থকা আৰু সকলো ক্ষেত্রতে সবল হোৱাটো অত্যন্ত জৰুৰী। মহিলাসকল অকল শক্তিয়েই নহয়, এওঁলোক আমাৰ মাতৃ আৰু ভগ্নীও । কিন্তু আমাৰ দেশত দেখোন মাতৃ-ভগ্নীৰ প্রতি যথাযথ সন্মান, নিৰাপত্তাৰ লগতে এওঁলোকৰ উন্নয়নৰ প্রতি উপযুক্ত ব্যৱস্থা গ্রহণ কৰা হোৱা নাই। আজি সময়ৰ আহ্বান,আপুনি আপোনাৰ সহায়ৰ হাত আগ বঢ়াওক এওঁলোকৰ প্রতি আৰু ৰোধ কৰক বাণিজ্যিক যৌন শোষণ তথা নাৰীক লৈ কৰা বেআইনী ব্যৱসায় । দাবী তোলক নাৰীৰ প্রকৃত সুৰক্ষাৰ বাবে সুৰুঙাবিহীন কঠোৰ আইনৰ, যাতে আইনী সুৰুঙাৰে কোনো দোষী সাৰি যাব নোৱাৰে আৰু নির্যাতিতাই ন্যায় আৰু সুৰক্ষা পায় । দাবী উত্থাপন কৰক অসমত কর্মসংস্থাপন আৰু শিক্ষাৰ ব্যৱস্থা কৰিবলৈ যাতে কোনেও ছলনাৰ জালত বন্দী হৈ অন্যৰাজ্যলৈ দাসী হিচাপে সৰবৰাহ হ'ব নলাগে। চৰকাৰলৈ বাট চাই নাথাকি সজাগ কৰোৱাওক অজ্ঞাতসকলক, অন্যথা যদি আপুনি নীৰৱে ৰং-তামাচা চাই থাকে তেন্তে দুদিন পিছত চাব কোনোবাই আপোনাৰ চুবুৰিৰ ভগ্নীকে মুলকি নতুবা প্যাৰো বনাই হাৰিয়ানা,পাঞ্জাব, দিল্লী নতুবা মুম্বাইৰ কোনোবা এদলৰ ৰখিয়াল, পতিতালয়ৰ বেশ্যা নতুবা বাৰৰ অশ্লীল নৃত্যশিল্পী হিচাপে ব্যৱহাৰ কৰিছে ।

  আশ্রাফুল হুছেইন

Share Button
Print Friendly, PDF & Email

No Comments : "নাৰী সৰবৰাহ : যেতিয়া নাৰীতকৈও অধিক হয় পহুৰ মূল্য"

Leave a Comment

Your email address will not be published. Required fields are marked *