নাৰীবাদী দৃষ্টিৰে পৃথিৱীখন : লৈংগিক শ্রম বিভাজন

ইউৰোপ-আমেৰিকাৰ বহুতো বন্ধুৱে মোক প্রায়েই আচৰিত হৈ সোধে : “তোমালোকৰ দেশত এতিয়াও এৰেঞ্জড মেৰিজ আছে যে? কথাটো কি?” মই মাজে-সময়ে ভাবোঁ – এৰেঞ্জড মেৰিজ হওক, লাভ মেৰিজ হওক – মেৰিজতো মেৰিজেই! এটা পর্যায়ৰ পাছত দুয়োটায়েতো বিবাহ বোলা অনুষ্ঠানটোক ন্যায্যতা প্রদান কৰে? বহুতে ভবাৰ দৰে প্রেমবিবাহ সঁচাকৈয়ে ইমান ৰেডিকেল বস্তুনে? শেহত গৈ ইয়োতো বিবাহ বোলা [অবাঞ্ছনীয়] অনুষ্ঠানটোকেই মজবুত কৰে?

বিবাহ অনুষ্ঠানটোৰ এটা মূল বৈশিষ্ট্য হৈছে লৈংগিক শ্রম বিভাজন। মহিলাসকলকেই ঘৰুৱা কামৰ বাবে জগৰীয়া কৰা হয়; অর্থাৎ শ্রম শক্তিৰ পুনঃউৎপাদনৰ বাবে প্রয়োজনীয় শ্রমখিনি নাৰীসকলেই সমাপন কৰে। ব্যক্তি একোজনক দিনৰ পাছত দিন ধৰি কর্মক্ষম কৰি ৰাখিবলৈ প্রয়োজন হোৱা চর্তখিনি – (যেনে খাদ্য, পৰিষ্কাৰ ঘৰ, পৰিষ্কাৰ কাপোৰ আদিৰ প্রয়োজনসমূহ) মহিলাসকলেই পূৰণ কৰে। মহিলাসকলে হয়বা নিজেই এই কামখিনি কৰিব লাগিব নতুবা কোনো বনকৰা মহিলাৰদ্বাৰা এইখিনি কৰোৱাই ল’ব লাগিব । অর্থাৎ যেনেকৈয়ে নহওক কিয় – শেহপর্যন্ত ঘৰৰ কামখিনি সমাপন কৰাটো মহিলা একোগৰাকীৰ মুখ্য দায়িত্ব বুলি ভবা হয়। আনকি যিসকল মহিলাই ঘৰ-পৰিয়ালৰ বাহিৰত, কোনো অফিচ আদিত কাম কৰে, তেওঁলোকৰো মূল দায়িত্ব ঘৰুৱা কামখিনি বুলিয়েই গণ্য কৰা হয়। গৃহকর্মী নিয়োগ কৰি মধ্যবিত্তীয় মহিলাগৰাকীয়ে হয়তো এই হেঁচাৰপৰা কিছু পৰিমাণে সাময়িক সকাহ লাভ কৰিব পাৰে, কিন্তু তাৰপৰা সম্পূর্ণ নিষ্কৃতি তেৱোঁ লাভ কৰিব নোৱাৰে। [বনকৰা মহিলাগৰাকীয়ে মালিকৰ ঘৰত কাম কৰে বাবে তেওঁৰ কর্মস্থলীক ফেক্টৰিৰ দৰে প্রকৃত কর্মস্থলী বুলি গণ্য কৰা নহয়। সেয়েহে শ্রমিকৰ প্রাপ্য বহুতো সামাজিক সুৰক্ষা যেনে - ন্যূনতম বেতন, কামৰ সুৰক্ষা আদিৰপৰা তেওঁক বঞ্চিত কৰা হয়। আনহাতে, বন কৰা মহিলাগৰাকীয়ে ভালকৈ কাম-কাজ কৰিছেনে নাই – সেয়া চোৱাচিতা কৰাৰ দায়িত্ব মালিকনী অর্থাৎ মধ্যবিত্তীয় মহিলাগৰাকীৰ ওপৰতেই এৰি দিয়া হয়। কিবা গণ্ডগোল হ’লে মধ্যবিত্তীয় মহিলাগৰাকীকেই স্বামীয়ে দায়ী সাব্যস্ত কৰে। ঘৰুৱা কামৰ দায়িত্বৰ হেঁচাৰপৰা এতিয়াও মধ্যবিত্তীয় মহিলাগৰাকীয়ে সম্পূর্ণ মুক্তি নাপায়, কিন্তু বনকৰা শ্রমিক নিয়োগ কৰি তেওঁ কিছু সকাহ নিশ্চয় লাভ কৰে। এইদৰেই পিতৃতন্ত্রৰ কিছু বোজা মধ্যবিত্তীয় মহিলাগৰাকীৰপৰা বনকৰা মহিলাগৰাকীলৈ স্থানান্তৰিত কৰা হয়। আনহাতে, মালিকনী আৰু বনকৰা মহিলাগৰাকীৰ মাজৰ দ্বন্দ্ব বৃদ্ধি হয়। কথাখিনি ঠিক শ্রমিক আৰু ছুপাৰভাইজাৰৰ মাজত থকা দ্বন্দ্বৰ দৰে। শেহ পর্যন্ত ছুপাৰভাইজাৰজনেও সুচল জীৱন উপভোগ কৰিব নোৱাৰে। শেষ অর্থত পুঁজিপতিৰদ্বাৰা শ্রমিক আৰু ছুপাৰভাইজাৰ – দুয়ো শোষিত হয়। কিন্তু সংকীর্ণ দৃষ্টিৰে চালে শ্রমিক আৰু ছুপাৰভাইজাৰৰ দ্বন্দ্বই মূল দ্বন্দ্ব যেন প্রতিভাত হয়। [পুঁজিপতিৰ ভূমিকাৰ কথাটো তল পৰে - অনুবাদক] ।

শ্রমৰ এই লৈংগিক বিভাজনৰ কোনো প্রাকৃতিক ভিত্তি নাই। এই যে মহিলা তথা পুৰুষসকলে বেলেগ বেলেগধৰণৰ কাম কৰে – সেয়া ঘৰ-পৰিয়ালৰ ভিতৰতেই হওক বা বাহিৰতেই হওক – তাৰ স’তে জীৱবিজ্ঞানৰ কোনো সম্পর্ক নাই। কেৱল গর্ভধাৰণৰ প্রকৃত প্রক্রিয়াটোহে জীৱবিজ্ঞান সম্পর্কীয় বুলি ক’ব পাৰি। কিন্তু এই যে মহিলাসকলে বিভিন্ন ঘৰুৱা কাম-কাজ কৰে – যেনে, ৰন্ধা-বঢ়া, ঘৰ চাফা কৰা, ল’ৰা-ছোৱালীৰ যতন লোৱা – ইত্যাদিসমূহ পুৰুষেও ইচ্ছা কৰিলে সমানেই কৰিব পাৰে। কিন্তু তথাপিও এই কামসমূহক ‘মহিলাৰ কাম’ বুলি ধৰা হয়। ঘৰ-পৰিয়ালৰ বাহিৰৰ বহুতো কামতো এই লৈংগিক শ্রম বিভাজনৰ সম্প্রসাৰণ ঘটে। সিবিলাকৰ ক্ষেত্রতো “ছেক্স” (জীৱবিজ্ঞান)ৰ বিপৰীতে “জেণ্ডাৰ” (সংস্কৃতি)ৰহে ভূমিকা থাকে। এই বাহিৰৰো কেতবোৰ কাম মহিলাৰ কাম বুলি ধৰা হয় আৰু কেতবোৰ পুৰুষৰ বুলি ধৰা হয়। এই ক্ষেত্রত গুৰুত্বপূর্ণ কথাটো হৈছে যে মহিলাসকলে যিয়েই কাম নকৰক কিয়, সদায়েই তাৰ বেতন তথা মূল্য পুৰুষৰ তুলনাত কমকৈ নির্ধাৰণ কৰা হয়। উদাহৰণস্বৰূপে, প্রাথমিক শিক্ষক তথা নার্ছৰ কাম বেছিকৈ নাৰীসকলেই কৰে য’ত বেতনৰ স্তৰ অন্যান্য মধ্যবিত্তীয় চাকৰিতকৈ কম পর্যায়ৰ হোৱা দেখা যায়। নাৰীবাদীসকলে আঙুলিয়াই দিছে যে প্রাথমিক শিক্ষক, নার্ছিং আদি কামসমূহক মহিলাসকলে ঘৰ-পৰিয়ালত প্রদান কৰা সেৱা-শুশ্রুষাৰ এক সম্প্রসাৰিত ৰূপ হিচাপেই গণ্য কৰা হয়। গতিকেই সিবিলাকক ‘মহিলাৰ কাম’ বুলি ধৰা হয়।

আমোদজনকভাৱে, যেতিয়াই এই ‘মহিলাৰ কাম’সমূহক প্রফেছনেল ৰূপ দিয়া হয় তেতিয়াই সিবিলাক পুৰুষৰ একাধিপত্যৰ অধীন হৈ পৰে। উদাহৰণস্বৰূপে, অধিকাংশ প্রফেছনেল ‘ৰান্ধনী’ (chefs) হৈছে পুৰুষ, সেয়া লাগে দিল্লীৰে হওক বা নিউয়র্কৰে হওক। এনে পৰিণতিৰ কাৰণ বুজাটো কঠিন নহয় : শ্রমৰ লৈংগিক বিভাজনে এই কথাটো সুনিশ্চিত কৰে যে শেহপর্যন্ত মহিলাসকলে সদায়েই বেতনযুক্ত শ্রমৰ বিপৰীতে অভুক্ত ঘৰুৱা শ্রমক অগ্রাধিকাৰ দিবলৈ বাধ্য হয়।

অর্থাৎ, লৈংগিক শ্রম বিভাজনৰ আঁৰত কোনো জীৱবিজ্ঞানভিত্তিক কাৰণৰ বিপৰীতে কেতবোৰ মতাদর্শগত ধাৰণাইহে ক্রিয়া কৰে। এফালে কোৱা হয় – মহিলাসকল শাৰীৰিকভাৱে দুর্বল আৰু সেয়েহে কঠিন কায়িক শ্রমৰ বাবে তেওঁলোক উপযুক্ত নহয়। আনফালে, কিন্তু ঘৰ তথা বাহিৰত খৰি লুৰা, দূৰ-দূৰণিৰপৰা পানী কঢ়িয়াই অনা, ঢেঁকী দিয়া, ধান ৰোৱা, নির্মাণ উদ্যোগত গধুৰ ইটা মূৰত কঢ়িয়াই নিয়া আদি কঠিন কামসমূহ মহিলাসকলেই কৰে। আমোদজনকভাৱে, যেতিয়াই মহিলাসকলে কৰা কামসমূহ যন্ত্র প্রয়োগৰ ফলত সহজ হৈ পৰে, যেতিয়া সিবিলাকৰ বিনিময়ত লাভ কৰা পাৰিশ্রমিক ভাললৈ আহে, তেতিয়াই সিবিলাক পুৰুষৰ কামলৈ পর্যৱসিত হয়। উদাহৰণস্বৰূপে, আগেয়ে ধান বনা কাম মহিলাসকলেই কৰিছিল; এতিয়া পিছে ধান মিলত চাউল উলিওৱা কামফেৰা কোনো পুৰুষেহে কৰে। আগেয়ে নাৰীসকলেই কাঁচিখন ব্যৱহাৰ কৰি ধান দাইছিল। এতিয়া বহু ঠাইত ধান দোৱা মেচিন ব্যৱহাৰ কৰা হয় আৰু এনে মেচিন চলোৱাৰ বাবে প্রয়োজনীয় প্রশিক্ষণ কেৱল পুৰুষেহে লাভ কৰে। চাবলৈ গ’লে আমাৰ দেশত ১৯৭৬ চনতেই সমান মজুৰি আইনখন গৃহীত কৰা হৈছিল, কিন্তু আজিও মহিলাসকলক সমান কামৰ বিনিময়ত পুৰুষৰ তুলনাত কম মজুৰি দিয়া হয়। আইনৰপৰা হাত সাৰিবলৈ পুঁজিপতিয়ে বিভিন্ন কৌশল প্রয়োগ কৰে। যেনে, শ্রম প্রক্রিয়াটোক বিভিন্ন ভাগত বিভক্ত কৰি পেলোৱা হয়; এটা ভাগত মহিলা শ্রমিকসকলক ৰখা হয়; আনটো ভাগত পুৰুষ শ্রমিকসকলক ৰখা হয়। মহিলা শ্রমিকসকলক কম মজুৰি দিয়া হয়। কোৱা হয় যে আচলতে ‘মহিলাসকলক’ কম মজুৰি দিয়া হোৱা নাই; বৰং তেওঁলোকে কৰা নির্দিষ্ট ‘কামখিনি’ৰ বাবেহে কম মজুৰি দিয়া হৈছে। অথচ পুৰুষৰ তুলনাত তেওঁলোকে কৰা কামখিনি কম দক্ষতাপূর্ণ বা কম কষ্টকৰ বুলি সাধাৰণতেই ক’ব নোৱাৰি।

মহিলাসকলে বহুতো অভুক্ত শ্রম (unpaid labour) কৰে – যেনে খৰি লুৰা, পানী অনা, হাঁহ-কুকুৰা পোহা, ধান দোৱা,ঢেঁকী দিয়া ইত্যাদি। সিবিলাকৰ জৰিয়তে পৰিয়ালৰ অর্থনীতিলৈ তেওঁলোকে অৰিহণা যোগায়। এই সমস্ত কামবোৰ মহিলাসকলে নকৰিলে সিবিলাকক বজাৰৰপৰা ক্রয় কৰিব লাগিব; অর্থাৎ সিবিলাকৰ বাবে হয় ধন দিব লাগিব নতুবা কোনো বন কৰা শ্রমিক নিয়োগ কৰিব লাগিব। কিন্তু আমাৰ সমাজত লৈংগিক শ্রম বিভাজনৰ ধাৰণাটো ইমানেই মজ্জাগত যে দীর্ঘ সময় ধৰি ভাৰতীয় জনগণনাত এই কামসমূহক কাম বুলিয়েই ধৰা হোৱা নাছিল। কিয়নো এই কামবোৰৰ বাবে যে মহিলাসকলে কোনো মজুৰি লাভ নকৰে! মহিলাসকলে নিজেও প্রায়ে এনে কামসমূহক কাম বুলি জনগণনা অফিচাৰৰ ওচৰত ৰিপ’র্ট নকৰে, কিয়নো তেওঁলোকেও সিবিলাকক ঘৰুৱা দায়িত্বৰ অংশবিশেষ বুলিয়েই গণ্য কৰে। মাজে-সময়ে মহিলাৰ কামবোৰে পৰিয়ালটোৰ বাবে উপার্জন সৃষ্টি কৰিলেও সিবিলাকে যদি অন্যান্য ঘৰুৱা দায়িত্ব পালন কৰাৰ ক্ষেত্রত বাধাৰ সৃষ্টি কৰে, তেনেহ’লে সিবিলাকৰ অৰিহণা পৰিয়ালটোৱে মানি নল’বও পাৰে (Krishna Raj 1990; Krishna Raj and Patel 1982)। অর্থাৎ মহিলাৰ শ্রম প্রায়েই অদৃশ্য হৈয়েই ৰয়। নাৰীবাদী অর্থনীতিবিদসকলৰ অহৰহ প্রচেষ্টাৰ পাছত অৱশেষত ১৯৯১ চনৰ জনগণনাৰ প্রপত্রখনত “যোৱাবছৰ আপুনি কোনো কাম কৰিছিলে নেকি” – এই শীর্ষক প্রশ্নটো সংশোধন কৰা হ’ল। মহিলাগৰাকীয়ে কাম কৰা নাই বুলি উত্তৰ দিলে লগে লগে আন এটা পৰিপূৰক প্রশ্ন সোধাৰ নির্দেশনা দিয়া হ’ল : “পৰিয়ালৰ ফার্ম বা ব্যৱসায়ত বেতন অবিহনে কোনো কাম কৰিছিলে নেকি?” এইদৰেই মহিলাসকলে কৰা শ্রমখিনিক ৰাষ্ট্রৰ চকুত দৃশ্যমান কৰাৰ ব্যৱস্থা কৰা গ’ল। এই সংশোধন সম্ভৱপৰ কৰি তোলা নাৰীবাদী অর্থনীতিবিদসকলে বিশ্বাস কৰে যে এইদৰে যিমানেই মহিলাই কৰা কাম সম্পর্কে ৰাষ্ট্রৰ ওচৰত সঠিক তথ্য-পাতি গোট খাব, ঠিক সিমানেই দাৰিদ্র দূৰীকৰণ, সংস্থাপন সৃষ্টি আদি বিভিন্ন চৰকাৰী আঁচনিসমূহ নির্মাণ কৰোঁতে মহিলাসকলৰ বিশেষ প্রয়োজনসমূহ সম্পর্কে চকু ৰাখিব পৰা যাব। অর্থাৎ, আঁচনিসমূহ সুচিন্তিতভাৱে গঠন কৰিব পৰা যাব।

লৈংগিক শ্রম বিভাজনৰ প্রভাৱ মহিলাৰ নাগৰিক পৰিচয় তথা ভূমিকাৰ ওপৰতো পৰে। কিয়নো ইয়াৰ প্রভাৱৰ ফলত ‘মূল দায়িত্ব’ – অর্থাৎ ঘৰুৱা দায়িত্বৰ মাজতে সকলো মহিলাৰ সম্ভাৱনা তথা দিগন্ত সীমাবদ্ধ কৰি চোৱা হয়। কেৰিয়াৰ নির্বাচন কৰাৰ ক্ষেত্রতেই হওক বা (ট্রেড ইউনিয়ন, নির্বাচন আদিৰ যোগেৰে) ৰাজনীতিত অংশগ্রহণ কৰাৰ ক্ষেত্রতে হওক, মহিলাসকলে জীয়ৰী কালৰেপৰা তেওঁলোকৰ আকাংক্ষাবোৰক সীমাবদ্ধ কৰি চাবলৈ প্রশিক্ষণ লাভ কৰে। এনে স্ব-সীমাবদ্ধকৰণেই ‘গ্লাছ চিলিং’ বোলা পৰিঘটনাটো জন্ম দিয়ে। গ্লাছেৰে নির্মাণ কৰা চিলিং একোখনক সহজতে মনিব নোৱাৰি। কেতিয়াবা তাৰ অস্তিত্ব নাই যেনেই অনুভৱ হয়। ঠিক তেনেদৰেই মহিলাসকলৰ কেৰিয়াৰৰ ক্ষেত্রতো এনে কেতবোৰ গ্লাছ চিলিং পৰিলক্ষিত হয়। এই চিলিঙৰ পর্যায় পাৰ হৈ কেৰিয়াৰৰ শীর্ষত অৱস্থান কৰা নাৰীৰ সংখ্যা এতিয়াও নগণ্য। পিতৃতান্ত্রিক লোকসকলে মহিলাসকলৰ কেৰিয়াৰৰ অগ্রগতিৰ ক্ষেত্রত কোনো বাধা নাই বুলিয়েই গণ্য কৰে। তেওঁলোকে গ্লাছ চিলিংসমূহ মন কৰিব নোৱাৰে, কৰিব নোখোজে। সন্তানৰ মাতৃ মহিলাসকলৰ ক্ষেত্রত প্রায়ে দেখা যায় যে তেওঁলোকৰ কেৰিয়াৰ অতিশয় মন্থৰ গতিৰেহে আগ বাঢ়িছে। কিয়নো জীৱনৰ আটাইতকৈ উৎপাদনশীল এছোৱা সময় যে তেওঁলোকে শিশু পৰিচর্যাৰ কামতেই খৰছ কৰি পেলালে! যিহেতু ৰাষ্ট্রৰ চকুত শিশু পৰিচর্যা হৈছে মহিলাসকলৰ অন্যতম মূল দায়িত্ব, সেয়েহে ফ্রান্স, জার্মানি, হাংগেৰি আদি বহুতো দেশত মহিলাসকলক তিনি বছৰপর্যন্ত ‘মাতৃত্ব অৱকাশ’ (মেটাৰনিটি লিভ) দিয়া হয়। ইউৰোপৰ এই ৰাষ্ট্রসমূহত শিশুৰ জন্ম হাৰ তেনেই মন্থৰ। এইদৰে মহিলাসকলক দীঘলীয়া ছুটীৰ লোভ দি অধিক সন্তান জন্ম দিবলৈ উৎসাহ দিয়া হয়। ২০০৮ চনত ভাৰততো চৰকাৰী মহিলা কর্মচাৰীসকলৰ মাতৃত্ব অৱকাশ ছয় মাহলৈ বৃদ্ধি কৰা হ’ল; লগতে যিকোনো সময়তে শিশু পৰিচর্যাৰ বাবে দৰমহাসহ অতিৰিক্ত ২ বছৰীয়া ছুটীৰো ব্যৱস্থা কৰা হ’ল। বাতৰি কাকতত ৰিপ’র্ট আহিল – কর্প’ৰেট খণ্ডৰ মহিলাসকলে হেনো চৰকাৰী মহিলা কর্মচাৰীৰ এনে সা-সুবিধা দেখি জ্বলি-পকি মৰিছে! অর্থাৎ নিজৰ কেৰিয়াৰৰ প্রগতি জলাঞ্জলি দি শিশু পৰিচর্যা কৰাৰ সুবিধা লভিবলৈ নেপাই তেওঁলোক হিংসাত দহি-পুৰি গৈছে! এনে হট্টগোলৰ মাজত সদায়েই এটা সহজ কথা পাহৰি যোৱা হয় : শিশুসকলৰ সাধাৰণতেই দুজন পেৰেণ্ট থাকে। ইয়াৰে এজনৰ ওপৰত – অর্থাৎ মাতৃগৰাকীৰে ওপৰত সন্তান পালন-পোষণৰ সমস্ত দায়িত্ব থাকিবই লাগিব বুলিতো কোনো কথা নাই! পিতৃ একোজনেও দেখোন সন্তান পালনৰ দায়িত্ব গ্রহণ কৰিব পাৰে! আৰু একক মাতৃসকলৰ কেৰিয়াৰৰ কি হ’ব? একক মাতৃগৰাকীয়ে সন্তানৰ ভৰণ-পোষণৰ মাজতেই সময় অতিবাহিত কৰিব আৰু তেওঁৰ পুৰুষ সহকর্মীসকলে তেওঁলোকৰ পত্নীসকলৰ বলত নিজ কেৰিয়াৰত মনোনিবেশ কৰিবলৈ সম্পূর্ণ অৱসৰ পাব। এনে কথা গ্রহণযোগ্য হোৱা উচিতনে?

আমি ঘৰুৱা কাম-কাজ, শিশু পৰিচর্যা আদি কামবোৰক অর্থহীন বুলি ক’ব খোজা নাই। বৰং আমি ক’ব বিচাৰিছোঁ যে এনে কামবোৰৰ আনন্দ তথা বিৰক্তি - পুৰুষ আৰু নাৰী উভয়েই সমানে বিলাই লোৱা উচিত! কেৱল এজনৰ ওপৰত দায়িত্ব দি আৰু তাৰ পাছত সিবিলাকৰ কেৱল মহিমামণ্ডন কৰি অসমতাৰ ছবিখন ঢাকি পেলাবলৈহে চেষ্টা কৰা হয়।

লৈংগিক শ্রম বিভাজনে কেৱল পৰিয়াল বোলা অনুষ্ঠানটোকে বর্তাই নেৰাখে; বৰং বৃহত্তৰ অর্থনীতিখন চলাই নিয়াৰ ক্ষেত্রতো ই আধাৰৰ ভূমিকা পালন কৰে। অভুক্ত ঘৰুৱা শ্রমৰ বিনিময়ত যদি স্বামী বা নিয়োগকর্তাই নগদ প্রদান কৰিবলৈ হয় তেতিয়াতো সমস্ত অর্থনীতিখনেই বালিৰ ঘৰৰ দৰে খহি পৰিব! এই কথাষাৰ মন কৰক : শ্রমিকজনে কর্মস্থলীত কৰা কামৰ বিনিময়ত নিয়োগকর্তাই মজুৰি প্রদান কৰে। কিন্তু এই যে শ্রমিকগৰাকী কাইলৈ পুনৰ কর্মক্ষম হৈ কর্মস্থলীলৈ ঘূৰি আহিব – তাৰ বাবে প্রয়োজন হোৱা সমস্ত শ্রমসমূহ – যেনে ভাত ৰন্ধা, কাপোৰ ধোৱা, মৰম-শুশ্রূষা প্রদান কৰা – আদিৰ বিনিময়ত মালিকে কোনো নগদ প্রদান নকৰে। এই অভুক্ত শ্রমবোৰৰ অবিহনে অর্থনীতিখন বর্তি থাকিব নোৱাৰে। কাইলৈ যদি সকলো মহিলাই এই বুলি দাবী কৰিবলৈ হয় যে তেওঁলোকে ঘৰত কৰা এই কামবোৰৰ বিনিময়ত স্বামী বা তেওঁৰ নিয়োগকর্তাই নগদ মজুৰি প্রদান কৰক – তেতিয়া অর্থনীতিখন আজিৰ দৰে বাচি থাকিবনে? অর্থাৎ আমাৰ সমস্ত ব্যৱস্থাটোৰ সুৰক্ষা এই ধাৰণাটোৰ ওপৰত বর্তি আছে যে মহিলাসকলে ঘৰুৱা কাম-কাজবোৰ [স্বামীৰ প্রতি থকা] প্রেমৰ বাবে কৰে!

নাৰীবাদী ইতিহাসৰ এটা পর্যায়ত ঘৰুৱা কামৰ বাবে মজুৰি দাবী কৰি আন্দোলন গঢ়ি তোলা হৈছিল। ১৯৭০ৰ দশকৰ গ্রেট ব্ৰিটেইনত ঘৰুৱা শ্রমৰ গুৰুত্ব গণচক্ষুৰ সমুখত উন্মোচন কৰাৰ ক্ষেত্রত বাগাড়ম্বৰৰ স্তৰত এনে দাবীয়ে বিশেষ ভূমিকা পালন কৰিছিল। ঘৰুৱা কামৰ বাবে মজুৰি দাবী কৰাৰ পাছতহে বহুতৰে মগজুত এই কথাটো খেলালে যে হয়, সঁচাকৈয়ে মহিলাৰ ঘৰুৱা শ্রমৰ আর্থিক গুৰুত্বও আছে পিছে আজি বহুতো নাৰীবাদীয়ে অনুভৱ কৰে যে এনে দাবীয়ে লৈংগিক শ্রম বিভাজনৰ প্রশ্নটো সম্পূর্ণকৈ সম্বোধন কৰিব নোৱাৰে। উদাহৰণস্বৰূপে, তিনিবছৰীয়া মাতৃত্ব অৱকাশৰ দৰে বিধানসমূহক ‘মাতৃত্বৰ মজুৰি’ বুলি অভিহিত কৰা যাব পাৰে। পিছে এনে বিধানসমূহে লৈংগিক শ্রম বিভাজনৰ ব্যৱস্থাটোক প্রশ্ন কৰাৰ বিপৰীতে কেতবোৰ কামক “মহিলাৰ কাম” বুলি অধিক সুদৃঢ়ভাৱে সংজ্ঞায়িত কৰাৰহে আশংকা থাকে।

২০১০ চনত ভাৰতীয় উচ্চতম ন্যায়ালয়ে মহিলাৰ ঘৰুৱা কামৰ মূল্য বিষয়ক এক ঐতিহাসিক ৰায় প্রদান কৰিলে। মটৰ দুর্ঘটনাত এগৰাকী ‘হ’ম-মেকাৰ’ পত্নীৰ মৃত্যু হয়; তেওঁৰ স্বামীয়ে ক্ষতিপূৰণ বিচাৰি আদালতত আর্জি প্রদান কৰিলে। আদালতে মহিলাগৰাকীৰ ঘৰুৱা কামৰ মূল্য স্বামীৰ বেতনৰ এক-তৃতীয়াংশ বুলি গণনা কৰিলে আৰু সেই অনুসৰি ক্ষতিপূৰণৰ মাত্রা নির্ধাৰণ কৰিলে। অধিক ক্ষতিপূৰণ দাবী কৰি মহিলাগৰাকীৰ স্বামীজন এইবাৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল। উচ্চতম ন্যায়ালয়ে ক্ষতিপূৰণৰ মাত্রা যথেষ্ট বৃদ্ধি কৰি মন্তব্য কৰিলে যে মহিলাৰ ঘৰুৱা কামৰ আর্থিক মূল্য হিচাপত নোলোৱাটো আচলতে লৈংগিক বৈষম্যমূলক মানসিকতাৰে প্রমাণস্বৰূপ। ন্যায়াধীশজনে প্রাসংগিক আইনখন (মটৰ গাড়ী আইন)ৰ লগতে অন্যান্য আইনসমূহকো সংশোধন কৰাৰ পৰামর্শ দিলে আৰু দেশৰ সংসদক মহিলাৰ কামৰ মূল্য বিষয়ক প্রশ্নটো আলোচনা কৰিবলৈ আহবান জনালে। (Gunu 2010)

কেনে পৰিস্থিতি আৰু কি প্রসংগত এই ঐতিহাসিক ৰায়দান কৰা হৈছিল, সেইফালেও কিছু মন কৰা দৰকাৰ। এগৰাকী মহিলাৰ মৃত্যু হৈছিল আৰু তেওঁৰ স্বামীৰ পৰিয়ালে এগৰাকী শ্রমক্ষম সদস্য হেৰুওৱাৰ বাবে ক্ষতিপূৰণ দাবী কৰিছিল। কিন্তু এগৰাকী জীৱিত মহিলাই যদি আদালতৰ কাষ চাপি স্বামীৰ পৰিয়ালৰপৰা তেওঁৰ শ্রমৰ মাননী দাবী কৰে, তেতিয়াও আদালতে এনে ৰায় প্রদান কৰিবনে? মোৰ সন্দেহ আছে। এই ক্ষেত্রত আন এটা সমস্যাও সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। ঘৰুৱা কামৰ বিনিময়ত নগদ দাবী কৰিলে লৈংগিক শ্রম বিভাজনৰ ব্যৱস্থাটো মষিমূৰ হোৱাৰ বিপৰীতে ই তাৰ ব্যক্তিগতকৰণ কৰি পেলোৱাৰো আশংকা আছে। এনে পৰিস্থিতিত স্বামীগৰাকী বেতনদাতা আৰু মহিলাগৰাকী মজুৰি-শ্রমিক হৈ পৰিব।

ঘৰুৱা কামৰ এটা অদৃশ্য সামাজিক দিশ আছে যাক নাৰীবাদী তত্ত্বৰ জৰিয়তে দৃশ্যমান কৰি চিনাক্ত কৰাটো দৰকাৰ। এই দিশটো তেতিয়াহে পোহৰলৈ আহে যেতিয়া আমি মজুৰিৰ বিনিময়ত ঘৰুৱা শ্রম কৰা লোকসকল – অর্থাৎ ঘৰুৱা শ্রমিক বা “চাকৰ-চাকৰণী”ৰ প্রশ্নটোৰ সৈতে সমুখীন হওঁ।

ক্রমশঃ

[অনাগত সংখ্যাত পঢ়িবলৈ পাব : “ঘৰুৱা শ্রম আৰু বেতনভোগী গৃহকর্মীসকল”]

মূল : নিবেদিতা মেনন

অনুবাদ : ময়ূৰ চেতিয়া

Share Button
Print Friendly, PDF & Email

No Comments : "নাৰীবাদী দৃষ্টিৰে পৃথিৱীখন : লৈংগিক শ্রম বিভাজন"

Leave a Comment

Your email address will not be published. Required fields are marked *