ক্ৰান্তিৰ ক্ৰান্তি: নেপালৰ মাওবাদী মহিলা আৰু তেওঁলোকৰ লিখনি - অমৃতা প্ৰীতম গগৈ

ক্ৰান্তিৰ ক্ৰান্তি:  নেপালৰ মাওবাদী মহিলা আৰু তেওঁলোকৰ লিখনি

১৯৯৬ চনৰ ১ ফাগুন,  সেইদিনা Communist Party of Nepal (Maoist)ৰ নেতৃত্ব আৰু তত্ত্বাৱধানত এখন বৰ্ণহীন সমাজ গঢ়ি তোলাৰ দায়িত্ব বুকুত বান্ধি কিছুসংখ্যক নেপালী যুৱক-যুৱতী ওলাই আহিছিল সশস্ত্ৰ সংগ্ৰামৰ পথত। এইসকল সংগ্ৰামীয়ে সশস্ত্ৰ সংগ্ৰামেৰে নেপালী সমাজত যুগ যুগ ধৰি চলি অহা শোষণকাৰী ৰীতি-নীতিৰ লগতে এই ৰীতি-নীতিসমূহক সমৰ্থন দি অহা সকলোবোৰ সামাজিক আৰু ৰাজনৈতিক সংস্থাক নিৰ্মূল কৰি এখন 'নতুন নেপাল' গঢ়ি তোলাৰ সপোন ৰচিছিল, দেখিছিল। সেই সময়ত নেপালী জন-জীৱনক এই সশস্ত্ৰ সংগ্ৰাম আৰু 'ন নেপাল'ৰ সপোনটিয়ে কিদৰে মোহাচ্ছন্ন কৰি তুলিছিল সেই অনুভৱ বহুতো সংগ্ৰামীয়ে তেওঁলোকৰ লিখনিসমূহৰ জৰিয়তে প্ৰকাশ কৰি আহিছে। ২০১১ চনত প্ৰকাশ পোৱা আত্মজীৱনীখনত (সমৰ ক স্মৃতিহৰো) কমৰেড প্ৰতিভাই বিস্তাৰিতভাৱে বৰ্ণনা কৰিছে কিদৰে জন-যুদ্ধ আৰম্ভ হোৱাৰ প্ৰাকমুহূৰ্তত তেওঁ আৰু তেওঁৰ বন্ধু-বান্ধৱীসকলৰ মনোজগতত নিজকে ‘সাধাৰণ’ মহিলাৰ পৰা বিপ্লৱী সেনানীলৈ ৰূপান্তৰ কৰিবলৈ এক আলোড়নৰ সৃষ্টি হৈছিল। তেওঁ হেনো ১ ফাগুনৰ আগে আগে জন আন্দোলন আৰম্ভ হোৱাৰ সপোন ঘনাই দেখিবলৈ লৈছিল। আৰু এই সপোনটোৰ কথা যেতিয়া নিজৰ বান্ধৱী (পিছলৈ কমৰেড) নাইনা আৰু  কাঞ্চনক জনাইছিল, নাইনাই তাৰ প্ৰত্যুত্তৰ দিছিল এইদৰে, "জন আন্দোলন খুব সোনকালেই আৰম্ভ হ’বলৈ গৈ আছে। ঠিক এনেকুৱা এটা সপোন আজিকালি বহুতেই দেখিবলৈ লৈছে। তই চাই থাক, জন আন্দোলন আৰম্ভ হ’বই"। প্ৰতিভা, নাইনা আৰু কাঞ্চনৰ এই কথোপকথনৰ দ্বাৰা আমি বুজিব পাৰোঁ, কিদৰে নেপালী সমাজ, সেই সময়ত, এক নিশ্চিত পৰিবৰ্তনৰ দিশে আগুৱাই যাবলৈ সাজু হৈছিল। লগতে, ‘ন নেপাল’ৰ সপোনটিয়ে তেওঁলোকক কেনেদৰে উন্মাদ কৰি তুলিছিল বা সকলোবোৰ সামাজিক আৰু ৰাজনৈতিক বাধা-বিঘিনি নেওচি আগ বাঢ়ি যাবলৈ যি এক শক্তি প্ৰদান কৰিছিল, সেই কথাও বহুতো বিপ্লৱীয়ে মোৰ লগত হোৱা অন্তৰংগ আলাপত বিতংভাৱে প্ৰকাশ কৰে। মই ২০১৪ চনত লগ পোৱা প্ৰথমগৰাকী কেডাৰ মায়াক সেই সময়ত ৰচা ভিন ভিন সপোনবিলাকৰ বিষয়ে সোধোঁতে তেওঁ কৈছিল, “নাই, সেই সময়ত অন্য কোনো সপোনৰ বিষয়ে ভবা নাছিলোঁ, ভাবিবলৈ বা চিন্তিবলৈ অৱসৰো নাছিল। মাত্ৰ এটাই চিন্তা, এটাই কথা, ‘নতুন নেপাল’ কেনেদৰে গঢ়ি তুলিম। এতিয়া পিছে আছে। কাঠমাণ্ডুত সপৰিয়ালে বাস কৰিব পৰা স্থিতিলৈ জীৱনটোক আগুৱাই নিয়াৰ। কিন্তু ই সম্ভৱ নহয়”। মায়াৰ উত্তৰত মই সুধি পেলালোঁ, “‘নতুন নেপাল’ গঢ়ি তোলাৰ সপোন সম্ভৱপৰ আছিল নে"। তেওঁ তৎক্ষণাৎ অকণো দ্বিধাবোধ নকৰাকৈ ক’লে, "আছিল"। তেওঁ যিটো দৃঢ়তা আৰু আত্মবিশ্বাসেৰে "আছিল" বুলি ক’লে মোৰ এনে লাগিল, আচলতে তেওঁ ক’ব বিচাৰিছিল "হয়" বুলিহে, "আছিল" নহয়। অথবা মোৰেই সোধাত ভুল হৈ গ'ল। তাৰ পিছত, যিমানেই মোৰ ফিল্ড ৱৰ্ক আগ বাঢ়ি গৈ থাকিল মই বুজি গৈ থাকিলোঁ, ভুলটো মোৰেই আছিল।

২০১৬ চনৰ জুলাই–আগষ্ট মাহত মই দ্বিতীয়বাৰৰ বাবে নেপাললৈ গৈছিলোঁ, আৰু  মধ্য-পশ্চিম নেপালৰ ডাঙ জিলাত কটোৱা সময়ছোৱাত কেডাৰসকলৰ মুখত মই সঘনাই শুনিবলৈ পালো – "মাত্ৰ যুদ্ধখনৰহে অন্ত পৰিছে, সংগ্ৰামখন চলিয়েই আছে।" তেওঁলোকৰ মুখত বাৰম্বাৰ এই কথাষাৰ শুনি মোৰ এনে লাগিছিল তেওঁলোকে যেন মোক সকীয়াই দিব বিচাৰিছে, মই কোনো কাৰণতেই তেওঁলোকৰ বিপ্লৱী পৰিচয়টোৰ বিষয়ে অতীতত থাকি নিলিখোঁ বা নুবুজোঁ। অথবা, মোক জনাব বিচাৰিছিল, এক দশক (১৯৯৬-২০০৬) জুৰি চলা এই সংগ্ৰামখনত, সশস্ত্ৰ সংগ্ৰাম কৰি অহা সেনানী বুলি পৰিচয় দিবলৈ তেওঁলোকে অকণো দ্বিধাবোধ বা সংকোচবোধ নকৰে। ২০০৬ চনত যুদ্ধৰ অন্ত পৰাৰ পিছত বিশেষকৈ মহিলা ক্ৰান্তিকাৰীসকল বহুতো প্ৰশ্নৰ সন্মুখীন হ’ব লগাত পৰিছে। বহুতেই ক’ব বিচাৰে, তেওঁলোক কোনো ভাবনাত উতনুৱা হৈহে যুদ্ধত অংশগ্ৰহণ কৰিছিলগৈ, ৰাজনৈতিক বা সামাজিক উদ্দেশ্য বুজি উঠি সেইবোৰত উপনীত হ’বলৈ নহয়। যুদ্ধত শিকা, বুজা, সকলোবোৰ ৰাজনৈতিক বিচাৰ, অভিজ্ঞতাবোৰ পাহৰি পুৰণি পৰম্পৰাগত পিতৃতান্ত্ৰিক ৰীতি-নীতিক আদৰি লোৱা বুলিও বহুতেই তেওঁলোকক প্ৰশ্ন কৰে, কেতিয়াবা ঠাট্টা-মস্কৰাৰ সুৰতো। হয়তো সেইকাৰণেই তেওঁলোকে বিচাৰিছিল, তেওঁলোকে যুদ্ধৰ সময়ৰ চিন্তাধাৰা, সপোন আৰু প্ৰতিশ্ৰুতিবোৰৰ লগতে যুদ্ধক্ষেত্ৰত গঢ়ি তোলা প্ৰগতিশীল সংস্কৃতিবোৰ বৰ্তমানত কেনেদৰে অনুশীলন আৰু পৰিবেশন কৰি আছে সেই কথা যেন মই আওকাণ নকৰোঁ। ২০১৬ চনৰ জুলাই মাহৰ পিছৰ পৰাই তেওঁলোকৰ লগত মোৰ সম্পৰ্ক যিমানেই নিবিড় হৈ গৈ থাকিল তেওঁলোকৰ জীৱন প্ৰণালী আৰু জীৱন পৰিৱেশনৰ ভিন ভিন কথা আৰু কাৰ্যকলাপে বাৰে বাৰে মোক তেওঁলোকৰ এই বিপ্লৱখন বুজাই থৈ, দেখুৱাই থৈ গ’ল। তেওঁলোকৰ এই বিপ্লৱখন মোৰ চকুৰ আগত ফুটি উঠিল।

নেপালত জন-যুদ্ধ চলি থকাৰ সময়তেই দক্ষিণ এছিয়াৰ বহুতো ঠাইত সমসাময়িকভাৱে এনেধৰণৰ সশস্ত্ৰ সংগ্ৰাম চলি আছিল তেওঁলোকৰ নিজা চিন্তা আৰু বিষয়বস্তুক সামৰি। যদিও এই সংগ্ৰামবোৰত মহিলাসকলৰ অংশগ্ৰহণ দেখা যায়, নেপালৰ জন-যুদ্ধৰ দৰে এইবোৰ সংগ্ৰামত মহিলাসকলে প্ৰথমদিনাৰ পৰাই সশস্ত্ৰ সংগ্ৰামী হিচাপে অংশগ্ৰহণ কৰি অহা নাই। ২০১৬ চনৰ আগষ্ট মাহত জন-যুদ্ধৰ প্ৰথমগৰাকী মহিলা যোদ্ধা কমলা ৰোকা ‘ক্ৰান্তি’ৰ লগত কাঠমাণ্ডুত হোৱা কথোপকথনত তেওঁ মোৰ আগত ব্যাখ্যা কৰিছিল কেনেদৰে তেওঁ বুজি উঠিছিল যে তেওঁক আৰু সংস্কাৰে সুখী কৰিব নোৱাৰে, তেওঁক সুখী আৰু সন্তুষ্ট কৰিব একমাত্ৰ স্বাধীনতাইহে। আৰু তাকেই বুজি উঠি ঘৰ আৰু সমাজৰ সকলোবোৰ পিতৃতান্ত্ৰিক বন্ধনৰ পৰা নিজকে মুক্ত কৰি, 'জীৱন লৈ জীৱন দিয়াৰ' প্ৰতিশ্ৰুতিৰে ১৯৯৬ চনৰ এক ফাগুনৰ দিনা ওলাই আহিছিল, হাতত বন্দুক তুলি লৈছিল, আৰু ৰুকুম পুলিচ থানাত মাওবাদীসকলে কৰা আক্ৰমণত অংশগ্ৰহণ কৰি সশস্ত্ৰ সংগ্ৰামৰ আৰম্ভণিৰ ঘোষণা কৰিছিল। নাৰায়ণী শৰ্মাৰ আৰু লাল কুমাৰী ৰোকাৰ লগতে নিজকে জনমুক্তি সেনাৰ (PLA) প্ৰথম মহিলা সেনানী বুলি পৰিচয় দিবলৈ কিমান গৌৰৱবোধ কৰে সেই অনুভৱ তেওঁৰ লিখনিৰ লগতে মোক বা অন্য লেখক-লেখিকাক দিয়া সাক্ষাৎকাৰত খুব স্পষ্টভাৱে ফুটি উঠে।

Party আৰু PLAৰ লগতে জনমৰ্চা আছিল নেপালী জনযুদ্ধৰ ৩ নম্বৰটো গোট। এই তিনিওটা গোটে, এক দশক জুৰি চলা সংগ্ৰামখন, ভিন ভিন স্থলত, দিশত আৰু ৰূপত আগ বঢ়াই নিয়ে আৰু এই তিনিওটা গোটত মহিলাসকলে গুৰুত্বসহকাৰে অংশগ্ৰহণ আগ বঢ়ায়। কোৱা হয়, যুদ্ধৰ কোনো সময়ত তেওঁলোকৰ অংশগ্ৰহণ ৫০ শতাংশলৈ বৃদ্ধি পাইছিল। মহিলা কেডাৰসকলে জন-যুদ্ধৰ অন্যান্য দায়িত্ব হাতত লৈ যিদৰে যুদ্ধক্ষেত্ৰলৈ অমূল্য কৃতিত্ব কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল, ঠিক একেই সময়তেই সেই একেখিনি অভিজ্ঞতাই তেওঁলোকলৈ কঢ়িয়াই আনিছিল অনেক সুখ-দুখ, ত্যাগ-বলিদান আৰু প্ৰাপ্তি-অপ্ৰাপ্তিৰ লেখ অলেখ অনুভূতি। এই সকলোবোৰ অনুভূতিয়ে তেওঁলোকৰ আগত দাঙি ধৰিছিল জীৱন দৰ্শন, পৰিৱেশন আৰু উদযাপনৰ ন ন বাট। যুদ্ধকালীন আৰু যুদ্ধৰ পূৰ্বে ঘটি যোৱা অনেক ঘটনা আৰু পৰিঘটনাক এক সুকীয়া ধৰণে বিশ্লেষণ কৰিবলৈ তেওঁলোকক  শিকাই থৈ গৈছিল। নিজকে আগতকৈ বেলেগ ধৰণে জনা, বুজা বা অনুভৱ কৰাৰ প্ৰচেষ্টাত নিয়োগ হোৱাৰ এই প্ৰক্ৰিয়াটো বহুতো সংগ্ৰামীৰ বাবে হৈ পৰিছিল বিপ্লৱী জীৱনৰ আটাইতকৈ কঠিনতম আৰু ৰোমাঞ্চকৰ অভিজ্ঞতা। জন-যুদ্ধৰ যুদ্ধক্ষেত্ৰত অৰ্জা সকলোবোৰ অনুভূতি আৰু অভিজ্ঞতা প্ৰকাশ কৰিবলৈ আৰু অনাগত দিনলৈ সাঁচি ৰাখিবলৈ যোদ্ধাসকলে এই সকলোবোৰ আবেগ-অনুভূতি কবিতা, চিঠি আৰু দিনলিপিৰ আকাৰত লিখি ৰাখিছিল। জন-মুক্তি সেনাৰ battalion vice-commander কমৰেড সমঝনাই তেওঁৰ যুদ্ধকালীন ডায়েৰিৰ পাত লুটিয়াই লুটিয়াই মোক দেখুৱাই গৈছিল কিদৰে তেওঁ প্ৰত্যেকখন যুদ্ধৰ পিছত যুদ্ধত হোৱা ঘটনাবিলাকৰ বিষয়ে লিখি ৰাখিবলৈ যত্ন কৰিছিল। যুদ্ধ চলি থকা সময়ছোৱাত ঘটনাসমূহৰ বিষয়ে লিখি ৰখাটো বৰ সহজ নাছিল, কিয়নো যুদ্ধৰ আৱশ্যকতা অনুসৰি প্ৰায়েই তেওঁলোকে ঠাই সলনি কৰি ঘূৰি ফুৰিব লগা হৈছিল, নেপালৰ পাহাৰে-ভৈয়ামে। বহু সময়ত কেডাৰসকলে Royal Nepal Army (RNA)ৰ হাতত ধৰা পৰাৰ ভয়তো লিখনিবোৰ নষ্ট কৰিবলৈ বাধ্য হৈছিল। কেতিয়াবা হয়তো পুৰি পেলাইছিল, কেতিয়াবা নদীত উটুৱাই দিছিল, নাইবা হাবিত পুতি ৰাখিছিল। ডায়েৰিবোৰ তেওঁলোকৰ ইমানেই মৰমৰ আছিল যে কেতিয়াবা ঘূৰি আহি সেইবোৰ উদ্ধাৰ কৰাৰ আশাত লিখনিবোৰ কোনোবা ঝৰণাৰ দাঁতিত বা শিলৰ ফাঁকত লুকুৱাই থৈ গৈছিল। যোদ্ধাসকলে এনেদৰে লিখা বহুতো লিখনি মাওবাদী মুখপত্ৰ “জনাদেশ”ৰ আৰু অন্যান্য ৰাজ্যৰ মহিলা শাখাই প্ৰকাশ কৰা আলোচনীবোৰত (মহিলা ধ্বনি, মহিলা হুংকাৰ, মহিলা বুলেটিন ইত্যাদি) প্ৰকাশ পাইছিল।

এই খিনিতেই এটা কথা উল্লেখ কৰি যাওঁ, নেপালৰ নিচিনা এখন পিতৃতান্ত্ৰিক দেশত মহিলাসকলক বহুতো অধিকাৰৰ উপভোগৰ পৰা বঞ্চিত কৰি ৰখা হৈছিল। আনকি তেওঁলোকে শিক্ষা স্ব-ইচ্ছাৰে লাভ কৰিব নোৱাৰিছিল। আৰু সেইবাবেই, বহুতো কেডাৰে যুদ্ধত নিয়োগ হোৱাৰ পিছতহে পাৰ্টিৰ নেতৃত্বত লিখা-পঢ়া শিকিবলৈ সুযোগ পাইছিল। এনেধৰণৰ অন্যায় আৰু দমনৰ মাজত ডাঙৰ-দীঘল হ’বলৈ পাই মহিলাসকলে অনেক কষ্ট পাইছিল। কমৰেড দেবি খড়কাই কৈছিল কেনেদৰে তেওঁ মাত্ৰ এদিনৰ বাবেহে স্কুল যাবলৈ সুযোগ পাইছিল। শিক্ষা আহৰণৰ পৰা এনেদৰে বঞ্চিত হ’ব লগা অভিজ্ঞতাই তেওঁৰ আত্মবল আৰু আত্মবিশ্বাস নোহোৱা কৰি পেলাইছিল। তেখেতে মোক কৈছিল সেই প্ৰকাশ কৰিব নোৱৰা কষ্টকৰ অনুভৱটোৰ বিষয়ে, যেতিয়া তেওঁ লাহে লাহে বুজিবলৈ লৈছিল; ভায়েকে তেওঁতকৈ বেছি কথা জনা হৈ উঠিছে, বেছি স্বাধীনভাৱে ঘূৰি ফুৰিব পৰিছে। জন-যুদ্ধৰ প্ৰথমগৰাকী মহিলা যোদ্ধা ‘ক্ৰান্তি’ৰ ক্ৰান্তিকাৰী জীৱনো ঠিক এনেধৰণৰ এক অন্যায়ৰ পৰা অহা খং, দুখ আৰু যুক্তিতেই পাতনি মেলে বুলি তেওঁ দাবী কৰে। ক্ৰান্তিৰ ককায়েকক যেতিয়া পখৰাত হোষ্টেলত ৰাখি কলেজত পঢ়ুৱাইছিল, ঘৰৰ মানুহে ক্ৰান্তিক গাঁৱৰেই স্কুললৈ যাবলৈ অনুমতি দিয়া নাছিল। ক্ৰান্তিৰ দায়িত্বত পৰিছিল দিনৰ দিনটো গৰু, ছাগলী চৰাই দানা-পানীৰ যোগান ধৰা কামবোৰ। কিন্তু এই কথাটোৱে দিয়া কষ্ট নেওচি নিজকে শিক্ষিত কৰি তোলাৰ জেদ ভাব ক্ৰান্তিৰ মাজত গঢ়ি উঠে। ক্ৰান্তিয়ে মোক কৈ গৈছিল, কিদৰে তেওঁ গৰু-ছাগলী চৰাই থকাৰ মাজতেই অ, আ, ক, খ, বৰ্ণমালাখিনি শিকি পেলাইছিল। বৰ্ণমালাখিনি শিকি লোৱাৰ পিছত তাই স্কুলত নিজৰ নামভৰ্তি কৰাইছিলগৈ, মাক-দেউতাকৰ অজানিতেই। যেতিয়া মাক-দেউতাকে ক্ৰান্তিৰ এই কাণ্ডৰ বিষয়ে খবৰ পোৱাত মাকে খুব কন্দা-কটা লগায়, ক্ৰান্তিক মাৰ-পিট কৰি কিতাপবোৰ ফালি পেলালে। কিন্তু ক্ৰান্তি নিজৰ সিদ্ধান্তত অটল থাকি স্কুল যাবলৈ বন্ধ নকৰিলে। ক্ৰান্তিৰ মতে এয়াই আছিল তাইৰ জীৱনৰ প্ৰথমখন সংগ্ৰাম, আৰু এই সকলোবোৰ অভিজ্ঞতাই ক্ৰান্তিৰ মন দৃঢ় কৰি তুলিছিল, ক্ৰান্তিৰ পথত আগ বাঢ়ি যাবলৈ।

ইয়াৰ পৰিবৰ্তে, যুদ্ধত নিয়োগ হোৱা কেডাৰসকলে যুদ্ধৰ মাৰ্গদৰ্শক মূল পুথিসমূহ পঢ়ি, মালেমা (মাৰ্ক্সবাদ-লেনিনবাদ-মাওবাদ) আৰু পছন্দ পথেৰে নতুন নেপালখন তেওঁলোকে কেনেদৰে গঢ়িবলৈ বিচাৰিছে, সেই কথা নেপালৰ পাহাৰে-ভৈয়ামে বাস কৰা জনতাক বুজাব লগা হৈছিল। এনেদৰে তেওঁলোকে নেপালী জনতাৰ মাজত যুদ্ধৰ প্ৰচাৰ চলাইছিল আৰু যুদ্ধৰ বাবে এক সন্মতি সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল। সেইবাবেই পাৰ্টি নেতৃত্বই কেডাৰসকলক লিখা-পঢ়া শিকাইছিল আৰু যুদ্ধৰ প্ৰয়োজন অনুসৰি কেডাৰসকলক লিখা-পঢ়া কাৰ্যত নিয়োগ কৰি ৰাখিছিল। বহু সময়ত স্ব-ৰচিত কবিতা আবৃত্তি, বক্তৃতা প্ৰতিযোগিতা আদি পাতিছিল। কেডাৰসকলক যুদ্ধৰ ভাব-অনুভৱ আৰু অভিজ্ঞতাবোৰো লিখি ৰাখিবলৈ পাৰ্টি নেতৃত্বই যথেষ্ট উৎসাহিত কৰিছিল। জন-মুক্তি সেনাৰ Platoon Commander কমৰেড কল্পনাক তেওঁ যুদ্ধত অৰ্জন কৰা আটাইতকৈ মূল্যৱান আৰু মধুৰতম স্মৃতিটোৰ বিষয়ে সোধোঁতে তেওঁ মোক কৈছিল, “মই জন-যুদ্ধত নিয়োগ হোৱাৰ আগতে একেবাৰেই লিখা-পঢ়া কৰিব নাজানিছিলোঁ। পাৰ্টিৰ নেতৃত্বই যি কৰ্মশালা পাতিছিল তাতেই মই লিখিব-পঢ়িব শিকিলোঁ। লিখিত ৰূপত নিজৰ ভাব-অনুভৱবোৰ সাঁচি ৰাখিব পৰা হ’লো, প্ৰকাশ কৰিব পৰা হ’লো; মোৰ কাৰণে তাতোকৈও বেছি ভাল লগা স্মৃতি একো হ’ব নোৱাৰে”।

কমলা, কল্পনাৰ আৰু অন্য বহুতো মহিলা কেডাৰৰ ব্যাখ্যাই বুজাই দিয়ে, কিদৰে লিখিব-পঢ়িব শিকাটো আছিল তেওঁলোকৰ বিপ্লৱী জীৱনৰ এক অবিচ্ছেদ্য অংগ। লগতে লিখনিৰ জৰিয়তে নিজকে প্ৰকাশ কৰি যোৱাটো আছিল বহুতো মহিলা কেডাৰৰ বাবে এক গুৰুত্বপূৰ্ণ সংগ্ৰামী কাৰ্য। মহিলাসকলৰ মাজত লিখা-পঢ়া শিকাৰ গুৰুত্ব বুজাবলৈ গৈ J S Mill এ লিখিছিল, ‘যেতিয়াৰ পৰা মহিলাসকলে লিখিব-পঢ়িব জনা হ’ল তেওঁলোকে লিখিতভাৱে নিজৰ লগত হোৱা অন্যায়, অত্যাচাৰ, আৰু খং-ক্ষোভবোৰ পুঞ্জীভূত কৰি ৰাখিব পৰা হ’ল। নেপালতো মহিলা কেডাৰসকলে ঠিক তেনেধৰণৰ এক কাৰ্যত নিজকে নিয়োগ কৰি পেলাইছিল। ‘ক্ৰান্তি’য়ে তেওঁৰ ২০১১ চনত প্ৰকাশ পোৱা প্ৰবন্ধ সংকলনৰ লেখকীয় চৰাত তেওঁক কিদৰে লিখা-পঢ়াৰ পৰা বঞ্চিত কৰি ৰখা হৈছিল তাৰ বৰ্ণনা দিয়াৰ পিছত লিখিছে, -- “নেপালৰ নিচিনা এখন পিতৃতান্ত্ৰিক দেশত মহিলা হৈ জন্ম গ্ৰহণ কৰাটো এটা অভিশাপৰ দৰেই। ৰাষ্ট্ৰ, সমাজ আৰু পৰিয়াল এই সকলোবোৰ অনুষ্ঠানেই মহিলাসকলক বৈষম্যৰে পৰিচালনা কৰে। শিক্ষা লাভৰ কোনো অধিকাৰ নথকা এই মহিলাসকলৰ মূল্য এক হাজাৰ টকা আৰু এক বটল ৰকচিতে নিৰ্ধাৰণ কৰে। মহিলাসকলক ল’ৰা জন্ম দিয়া মেচিন বুলি গণ্য কৰে। মহিলাসকলক নিজৰ কামৰ বাবে ব্যক্তিগত সম্পত্তিৰ দৰে ব্যৱহাৰ কৰে আৰু উৎপাদিত সামগ্ৰীৰ ওপৰত কোনো অধিকাৰ নিদিয়ে। আচলতে, নেপালী সমাজে নেপালী মহিলাৰ ৰগত ঘামেৰে ফাকু খেল খেলে আৰু সেইবাবেই নেপালী মহিলাসকলৰ অৱস্থা এনে আছিল যে, তেওঁলোকে স্বাধীনতা কি বুজি নাপাইছিল আৰু সেইবাবেই সংস্কাৰতেই সুখী হৈ থাকিবলৈ যত্ন কৰিছিল‌।---- পৰিয়াল আৰু সমাজৰ পৰা পোৱা এনেবোৰ অভিজ্ঞতাই মোৰ মাজত বিপ্লৱী অনুভৱৰ সৃষ্টি কৰিলে।”

অতি স্পষ্টভাৱে ‘ক্ৰান্তি’য়ে নেপালী সমাজত মহিলাসকলৰ ওপৰত সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিকভাৱে চলি অহা শোষণবিলাকৰ মাজৰ সম্পৰ্ক আৰু এটাই আনটোক দি অহা সমৰ্থন বুজাই তোলে। মহিলাসকলৰ ওপৰত চলি অহা দমন পুঞ্জীবদ্ধ কৰাৰ উপৰিও লিখা-পঢ়া শিকিবলৈ পোৱা সুবিধা আৰু অধিকাৰখিনি তেওঁলোকে ক্ৰান্তিকাৰীভাৱে ব্যৱহাৰ কৰিবলৈ ল’লে। ক্ৰান্তিয়ে লিখিছে, “যুদ্ধত নিয়োগ হোৱাৰ লগে লগে মই দুখন হাতত দুটা অস্ত্ৰ তুলি ল’লো, এখন হাতত বন্দুক আৰু আনখন হাতত কলম। যুদ্ধ যেনেদৰে চলি গৈ থাকিল ময়ো মোৰ এই দুয়োটা অস্ত্ৰ সমান্তৰালভাৱে চলাই গৈ থাকিলোঁ”। যিখন সমাজে নেপালী মহিলাক কোনোদিনেই ‘অবলা আৰু অসহায়’ৰ বাহিৰে অন্য কোনো আখ্যা দিব নিবিচাৰিছিল, সেইখন সমাজৰ আগত কেডাৰসকলে তেওঁলোকৰ লিখনিৰ জৰিয়তে নিজৰ ক্ৰান্তিকাৰী পৰিচয় উপস্থাপন কৰিছিল। নিজকে ক্ৰান্তিকাৰীৰূপে কিদৰে বুজি উঠিছিল, সেই নতুনত্বক তেওঁলোকে লিখনি মূহৰ দ্বাৰা নিজৰ আৰু শ্ৰোতাসকলৰ আগত দাঙি ধৰিছিল। অৰ্থাৎ ই আছিল নিজকে সংগ্ৰামী কৰি তোলা প্ৰক্ৰিয়াৰ এক অবিচ্ছেদ্য অংগ। উদাহৰণস্বৰূপে আমি শ্বহীদ কমৰেড চুনু গুৰুংৰ ‘বেলিচৰা’ কবিতাটোৰ কথা ক’ব পাৰোঁ। ‘বেলিচৰা’ত তেওঁ লিখিছে;

  ...

বেলিচৰাৰ  মনটো সলনি হ’বলৈ লৈছে

তাই কৈছে তাইৰ সাহস বাঢ়িব লৈছে

তাইৰ হেনো দৃঢ়তাৰো বৃদ্ধি পাইছে...

...

শ্ৰমিকতকৈ মালিকৰ জীৱন কিয় বেছি সুখময়?

তাইৰ মনত এটা চিন্তাৰ উদয় হৈছে।

বেলিচৰাই এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ জানিব বিচাৰিছে

সঁচাই, বেলিচৰাই আজিকালি

জীৱনৰ শংকা লৈ ঘূৰি ফুৰে...

ডাঙত এদিন আবেলি, বালীকা আৰু কল্পনাই মোক কৈছিল, যুদ্ধৰ পূৰ্বে মহিলাসকলক কোনোধৰণৰ ৰাজনৈতিক বা সামাজিক সমস্যাৰ বিষয়ে মতামত আগ বঢ়াব দিয়া নহৈছিল, আৰু কোনো প্ৰশ্ন উপস্থাপন কৰিবলৈ নিদিছিল। কোনোদিন কোনো কথাত কিবা মতামত আগ বঢ়ালেও লগে লগে তেওঁলোকক আঁতৰি থাকি নিজৰ কামত মন দিবলৈ সকীয়াই দিছিল। পিছে, যুদ্ধত নিয়োগ হোৱাৰ পিছৰে পৰা মহিলাসকলে সমাজ, ৰাষ্ট্ৰ, পৰিয়ালকে আদি কৰি পাৰ্টিৰ নেতৃত্বকো প্ৰশ্ন কৰিবলৈ সুবিধা আৰু অধিকাৰ পালে। সেইবাবেই, নেপালী সমাজত বিশেষকৈ নেপালী মহিলাসকলৰ বাবে ই হৈ পৰিছিল সশক্তিকৰ পৰিৱৰ্তনকাৰী অভিজ্ঞতা। আৰু, এই অভিজ্ঞতাবোৰক আৰু অলপ গভীৰভাৱে অনুভৱ কৰিবলৈ, অভ্যাস/অনুশীলন কৰিবলৈ, নেপালবাসীৰ লগতে বিশ্ববাসীৰ আগত পৰিৱেশন কৰিবলৈ তেওঁলোকে লিখা আৰু প্ৰকাশ কৰা মাধ্যম প্ৰয়োগ কৰিছিল। আৰু ‘বেলিচৰা’ৰ জৰিয়তে শ্বহীদ কমৰেড চুনু গুৰুংয়ে নেপালী সমাজৰ আগত দাঙি ধৰিছে মহিলাসকলে কি ধৰণে নেপালী সমাজ আৰু ৰাজনৈতিক ব্যৱস্থাক প্ৰশ্ন কৰিব পৰা হৈছে, বা কৰিবলৈ লৈছে।

নেপালী জন-যুদ্ধৰ মহিলা কেডাৰসকলৰ লিখনিবোৰ চালি-জাৰি চালে আৰু এটা কথা খুব স্পষ্টভাৱে ফুটি উঠে। লিখনিবোৰত ব্যক্তিগত জীৱনক খুব কম গুৰুত্ব দিয়া হৈছে। কেডাৰসকলৰ মাতৃত্ব, বিবাহ, পৰিয়াল, যৌনতা, প্ৰেম আদিৰ বিষয়ে বহুত কম প্ৰকাশ কৰা দেখা যায়। লগতে, তেওঁলোকৰ মাজত যুদ্ধ ক্ষেত্ৰত প্ৰদৰ্শন কৰা বীৰত্ব আৰু বলিদানৰ বিষয়বস্তুৱে বেছি গুৰুত্ব পাই আহিছে। সমঝনাই তেখেতৰ ২২টা অধ্যায়ৰ আত্মজীৱনীৰ ১৭ টা অধ্যায়তেই তেওঁ নিয়োগ হোৱা ভিন ভিন যুদ্ধ, যুদ্ধত তেখেতে লোৱা দায়িত্ব আৰু যুদ্ধৰ কাৰ্যক্ৰমৰ বিষয়ে বিশ্লেষণ আগ বঢ়াইছে। ক’ব পাৰি, এনেধৰণৰ লিখনিৰ জৰিয়তে কেডাৰসকলে নিজৰ যোদ্ধা পৰিচয়, যুদ্ধৰ কলা-কৌশল আৰু নিয়ম-নীতিৰ ওপৰত তেওঁলোকৰ দখলো পৰিবেশন কৰে। সৰিতা বি. ক.ৰ এটি কবিতাত তেওঁলোকৰ এই নতুন পৰিচয় অতি সুন্দৰভাৱে প্ৰকাশ পাইছে। তেওঁ লিখিছে –

বীৰ যোদ্ধা

আমি ৰক্ত সেনানী

আমি বীৰ যোদ্ধা

শত্ৰুৰ তেজত খেলো সাঁতোৰ

আমি মুক্তিৰ পথত আহিছোঁ আগুৱাই।

অন্যায় আৰু অত্যাচাৰৰ প্ৰাচীৰ ভাঙি দিয়া

শক্তিশালী শত্ৰুক ধূলিসাৎ কৰি

মালেমাৰ অজেয় পতাকা বিশ্বজুৰি উৰুৱাই দিয়া

আমি.................  

সুদূৰ পূবৰ পৰা পশ্চিমলৈ বিদ্ৰোহৰ জ্বালা জ্বলাই দিয়া

বম গুলিৰ ধোঁৱাত লুকাভাকু খেলি যোৱা

সুন্দৰ সংসাৰ গঢ়াত সদায় মন দি লাগি থাকা

আমি.................

শোষিত পীড়িত জনগণৰ হাতত হাত মিলাই যোৱা

কালনিশা ফালি প্ৰভাতী কিৰণ বিৰিঙাই দিয়া

নিৰংকুশতা ভাঙিবলৈ কান্ধত কান্ধ মিলাই যুদ্ধ কৰা

আমি.................

আমি ৰক্ত সেনানী

আমি বীৰ যোদ্ধা

শত্ৰুৰ তেজত খেলো সাঁতোৰ

আমি মুক্তিৰ পথত আহিছোঁ আগুৱাই।

অখিল নেপাল মহিলা সংস্থা (বিপ্লৱী)ৰ ভেৰি-কৰ্নালি অঞ্চলৰ মুখপত্ৰ ‘মহিলা হুংকাৰ’ৰ ২০০৮ চনৰ আহাৰ মাহত প্ৰকাশ পোৱা সৰিতা বি. ক.ৰ এই কবিতাত মহিলা কেডাৰসকলৰ বীৰত্বৰ লগতে যুদ্ধ আৰু নেপালী জনতাৰ প্ৰতি থকা দায়িত্ববোধৰ বিষয়ে প্ৰকাশ পায়। লগতে, যুদ্ধত সকলো দিশতেই পাৰ্গত হৈ উঠিবলৈ যি বৰ্গীয় চেতনাৰ প্ৰয়োজন, তেওঁলোকৰ চিন্তাধাৰা আৰু বিশ্লেষণত সেই বৰ্গীয় চেতনাৰ অৱস্থিতিৰো প্ৰমাণ দিয়ে। যুদ্ধক্ষেত্ৰলৈ মহিলা শ্বহীদসকলৰ অৱদানৰ বিষয়েও বহুতো কেডাৰে লিখি আহিছে। ‘ক্ৰান্তি’য়েও যুদ্ধ আৰম্ভ হোৱাৰ তিনি বছৰৰ পিছত মহিলা শ্বহীদসকলৰ অৱদান বুজাবলৈ গৈ লিখিছিল, “সেই মহান বীৰাংগনাসকল বাস্তৱত মহান হৈ জীয়াই আছে, বিচাৰ হৈ মাৰ্গনিৰ্দেশ কৰি আছে, যোদ্ধা হৈ যুঁজি আছে, ভাবনা হৈ সাহস দি আছে”। যিদৰে কেডাৰসকলৰ লিখনিবোৰ হৈ পৰিছিল সেই সময়ৰ বীৰত্ব, সপোন, আশা, আৰু প্ৰতিশ্ৰুতিবোৰৰ দস্তাবেজ, তেনেদৰেই বিষাদ আৰু বিচ্ছেদ পুঞ্জীবদ্ধ আৰু পৰিৱেশন কৰাৰো ই হৈ পৰিছিল এক অন্যতম মাধ্যম। কেডাৰসকলে তেওঁলোকৰ বিষাদ এনেদৰে পৰিৱেশন কৰিছিল যে ই নেপালী জনসাধাৰণৰ মাজত যুদ্ধৰ বাবে সন্মতি যোটাবলৈ সহায় কৰাৰ লগতে, নেপালী জনগণ আৰু  কেডাৰসকলক যুদ্ধৰ বাবে বলিদান দি যাবলৈ প্ৰেৰণা আৰু সাহস দিছিল। মোৰ ফিল্ড ৱৰ্ক চলি থকা সময়তেই বহুতো কেডাৰে মোক শ্বহীদ কমৰেড চুনু গুৰুঙে তেওঁৰ শ্বহীদ জীৱন লগৰী কমৰেড বিবেকলৈ লিখা চিঠিখনৰ বিষয়ে কৈছিল। চিঠিখনত এনেধৰণে তেওঁৰ বিষাদ আৰু বেদনাৰ উপস্থাপন কৰিছিল যে বহুতো কেডাৰে সেইখন পঢ়ি যুদ্ধৰ অন্ত নপৰালৈকে বিবাহ বন্ধনত নোসোমোৱাৰ প্ৰতিশ্ৰুতি লৈছিল। প্ৰতিভাই লিখিছে কিদৰে কমৰেড সাৰদা তেনে এক প্ৰতিশ্ৰুতিত আবদ্ধ থাকিয়েই মহান জন-যুদ্ধৰ শ্বহীদ হৈ ৰ’ল। অথচ, শ্বহীদ কমৰেড চুনু গুৰুঙৰ এই চিঠিখন পঢ়িলে আমি দেখোঁ, কিদৰে তেওঁ শ্ৰোতাসকলৰ আগত নিজৰ জীৱন সংগীক হেৰুওৱাৰ বিষাদ উত্থাপন বা পৰিবেশন কৰি থাকোঁতে নিজৰ বিপ্লৱী সত্তাক প্ৰতিস্থাপন কৰিবলৈ চেষ্টা চলাইছে। চিঠিখনৰ শেষৰ পিনে তেওঁ লিখিছে;

“কমৰেড বিবেকৰ নামত আয়োজন কৰা সকলোবোৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি ঘূৰি অহাৰ পিছত, মই মোৰ বিপ্লৱী জীৱন পুনৰ আৰম্ভ কৰি দিলোঁ। মই যুদ্ধৰ সৈতে আকৌ মিতিৰালি কৰিবলৈ ল’লোঁ। বীৰসকলেহে মাথোঁ নিজকে বিপ্লৱৰ বাবে সাজু কৰিব পাৰে। বিপ্লৱৰ অবিহনে পৰিৱৰ্তন সম্ভৱ নহয়। সেইবাবেই মুক্তিৰ হকে আমি বহুবাৰ মৃত্যুৰ পিছত জী উঠিবলৈ বাধ্য হওঁ। আৰু, যিসকলে জীৱন আৰু মৃত্যুৰ মূল্যাংকন কৰিব নাজানে তেওঁলোক আচলতে মূৰ্খ। জীৱন প্ৰকৃতি আৰু বিজ্ঞানৰ দ্বন্দ্বৰ মাজেৰেই আগ বাঢ়ি গৈ থাকিব”।

ডাঙত মোৰ ফিল্ড ৱৰ্কৰ শেষৰ পিনে এদিন কল্পনাই মাতি আনি এখন বহী হাতত তুলি দি ক’লে, “যুদ্ধকালীন সকলোবোৰ লিখা যুদ্ধক্ষেত্ৰতেই এৰি থৈ আহিব লগা হ’ল। মাত্ৰ দেউতাই দিয়া চিঠিবোৰহে বচাই আনিব পাৰিলোঁ। আকৌ যাতে হেৰাই নাযায় সেইকাৰণে বহীখনত টুকি ৰাখিছোঁ”। ক’ব নোৱাৰোঁ কিয়, কল্পনাৰ এই কাৰ্যত মোৰ মনতো গধুৰ হৈ আহিল আৰু মই তাইক বিশেষ একো সুধিব নোৱাৰি, মাত্ৰ বহীখনৰ পাত লুটিয়ালোঁ। এনে লাগিল ফিল্ড ৱৰ্কৰ আৰম্ভণিতেই সমঝনাই কোৱা কিছু কথা, কিছু আৱেগ যেন আৰু অলপ স্পষ্ট হৈ পৰিল। সমঝনাই কৈছিল, -

“যুদ্ধক্ষেত্ৰৰ পৰা আমি ঘৰলৈ চিঠি লিখিছিলোঁ, যুদ্ধৰ বাতৰি দিছিলোঁ। চিঠিৰ দ্বাৰা প্ৰতিশ্ৰুতি দিছিলোঁ, সফল হৈ ঘূৰি আহিলে এখন বৰ্ণহীন নেপাল গঢ়ি তুলিম। আৰু যদি ঘূৰি নাহোঁ তেতিয়া তেওঁলোকে যেন দুখ নকৰে, এখন বৰ্ণহীন নেপালৰ হকে শ্বহীদ হ’লো বুলি গৰ্ব কৰে। যুদ্ধক্ষেত্ৰত লগ পাই যুদ্ধক্ষেত্ৰৰ লেখ-অলেখ আৱেগ, অনুভূতি আৰু অভিজ্ঞতাৰ সমভাগী হোৱা বন্ধু-বান্ধৱীৰ লগত যেতিয়া যুদ্ধৰ নিয়ম আৰু প্ৰয়োজন সাপেক্ষে বিচ্ছেদ হ’ব লগা হৈছিল আমি এজনে আনজনক কবিতা বা পদ্য লিখি উপহাৰ দিছিলোঁ”।

ঠিক এনেকুৱা কিবা আছে চাগৈ কল্পনাৰ চিঠিবোৰত। সমঝনাইও যুদ্ধকালীন সকলোবোৰ লিখা সাঁচি ৰাখিছে। যুদ্ধৰ সময়ত কোনোবা এবাৰ মোমায়েকহঁতৰ গাঁৱৰ পিনে যাব লগা হ’লত কাকো নোকোৱাকৈ, কোনেও নেদেখাকৈ মোমায়েকৰ ঘৰৰ গোহালিত ডায়েৰি, চিঠি, কবিতা, উপহাৰ পোৱা পদ্য আদিবোৰ পলিথিনৰ কেইবা তৰপত বান্ধি পুতি থৈ আহিলগৈ। কল্পনাক লগ পাই আহি সেইদিনা গধূলি মই ভাবি থাকিলোঁ কেডাৰসকলৰ লিখনিবোৰ সাঁচি ৰাখিবলৈ চলাই থকা বৰ্তমানৰ এই প্ৰক্ৰিয়াটোৰ বিষয়ে। বৰ্তমানৰ কেনেধৰণৰ ভয় বা শংকাৰ সৈতে যুঁজ দিবলৈ গৈ নিয়োগ হৈছেগৈ এই প্ৰক্ৰিয়াটোত? ভাবিলোঁ, আচলতে তেওঁলোকে কি সাঁচি ৰাখিব বিচাৰিছে; সময়বোৰ, সপোনবোৰ, নে আৱেগবোৰ? হয়তো তাতোকৈও অধিক কিবা গুৰুত্বপূৰ্ণ, আপুৰুগীয়া। হয়তো যুদ্ধত অৰ্জা সশক্তিকাৰী অভিজ্ঞতাবোৰ, বীৰ যোদ্ধা বা সেনানীৰ দৰে আখ্যাবোৰ, অন্যথা নিজৰ বিপ্লৱী পৰিচয় বা বিপ্লৱী সত্তাক। মনলৈ আহিল, এই প্ৰচেষ্টাৰ কি সম্পৰ্ক তেওঁলোকে বাৰে বাৰে উনুকিয়াই থকা সেই বাক্যটোৰ লগত, “মাত্ৰ যুদ্ধখনৰহে অন্ত পৰিছে, সংগ্ৰামখন চলিয়েই আছে।" সংগ্ৰামখন জীয়াই ৰাখিবলৈ এই সাঁচতীয়া লিখনিবোৰে সহায় কৰিছে নে? হয়তো কৰিছে।

উল্লেখযোগ্য যে লিখা আৰু প্ৰকাশ কৰাৰ এই প্ৰচেষ্টা যুদ্ধকালীন সময়লৈকে সীমিত হৈ থকা নাই। বৰ্তমান সময়ত বহুতো কেডাৰে নিজকে এই প্ৰচেষ্টাত নিয়োগ কৰি ৰাখিছে। ২০১০ চনলৈকে জন-যুদ্ধক কেন্দ্ৰ কৰি লিখা প্ৰায় ৩৫০খন কবিতা, গান, প্ৰবন্ধ, উপন্যাস আৰু স্মৃতিগ্ৰন্থ প্ৰকাশ হৈছে বুলি অনুমান কাৰ যায়। ছ’চিয়েল মেডিয়াতো তেওঁলোকৰ এই সক্ৰিয়তা দেখা পোৱা যায়। জন-যুদ্ধক কেন্দ্ৰ কৰি প্ৰকাশ পোৱা এই লেখনিবোৰক লৈ কাম কৰা গৱেষকসকলে এই সাহিত্য পৰম্পৰাক “দান্দৱ্য সাহিত্য” বুলি অভিহিত কৰিছে। মোৰ লগত ছ’চিয়েল মিডিয়াৰ জৰিয়তে সম্পৰ্ক ৰখা কেডাৰসকলক দেখোঁ, কেনেদৰে বৰ্তমান নেপালৰ যিকোনো ৰাজনৈতিক নাইবা সামাজিক সমস্যাৰ বিষয়ে তেওঁলোকে মতামত আগ বঢ়ায়। এই লিখনিবোৰত কেডাৰসকলে পাৰ্টিৰ নেতৃত্বৰ প্ৰতি থকা আখেজ, অভিযোগ আদিও প্ৰকাশ কৰে। ব্যক্তিগত বহুতো ভাব-অনুভৱ প্ৰকাশ কৰাৰ উপৰিও, “দান্দৱ্য সাহিত্য”ৰ এই চৰিত্ৰটোৰ বাবে লিখনিবোৰ কেডাৰসকলে, ক্ষমতাৰ লোভত পৰি যুদ্ধৰ আদৰ্শ পাহৰিব ধৰা পাৰ্টিৰ নেতৃত্বৰ বিৰুদ্ধে খবৰদাৰি হিচাপে ব্যৱহাৰ কৰে বুলি ক’ব পাৰি। এনেধৰণে নিজকে আৰু পাৰ্টিৰ নেতৃত্বক জন-যুদ্ধৰ আদৰ্শ, দৰ্শন, বিচাৰ ইত্যাদি পাহৰি নাযাবলৈ কেডাৰসকলে আকৌ লিখাৰ মাধ্যমটো বাছি লৈছে। আৰু এই কাৰ্যৰে তেওঁলোকে নিজৰ বিপ্লৱী সত্তাক সক্ৰিয় কৰি ৰাখিছে, তাক প্ৰকাশ কৰিছে, আৰু বিপ্লৱ আগুৱাই নিয়াত সহায় কৰিছে।

সেয়েহে আমি ক’ব পাৰোঁ, কেডাৰসকলে লিখাৰ মাধ্যমেৰে যুদ্ধ চলি থকা সময়ৰ দৰেই, যুদ্ধ অন্ত পৰাৰ পিছতো, তেওঁলোকৰ ব্যক্তিগত, ৰাজনৈতিক অথবা সামাজিক উদ্দেশ্যত উপনীত হ’বলৈ লিখাৰ কাৰ্যটো এটা মহত্ত্বপূৰ্ণ আৰু শক্তিশালী মাধ্যম হিচাপে ব্যৱহাৰ কৰি আহিছে। আৰু, বৰ্তমানত তেওঁলোকৰ সংগ্ৰামখন আগুৱাই নিবলৈও, এই মাধ্যমটোৰ ওপৰত তেওঁলোক নিৰ্ভৰশীল।

১) এই লিখাটোত ব্যবহাৰ কৰা সকলোবোৰ তথ্য, লেখিকাই ২০১৪ চনৰ জুলাই মাহ আৰু ২০১৬ চনৰ জুলাই-আগষ্ট মাহত নিজেই সংগ্ৰহ কৰা

২) বেলিচৰা এজনী ছোৱালীৰ নাম

Share Button
Print Friendly, PDF & Email

No Comments : "ক্ৰান্তিৰ ক্ৰান্তি: নেপালৰ মাওবাদী মহিলা আৰু তেওঁলোকৰ লিখনি - অমৃতা প্ৰীতম গগৈ"

Leave a Comment

Your email address will not be published. Required fields are marked *