অক্টোবৰ বিপ্লৱ আৰু মার্ক্সীয় তত্ত্ব - (মূল: প্রভাত পাটনায়ক অনুবাদ : ময়ূৰ চেতিয়া)

 

(কিছুদিন পূর্বে বিশিষ্ট মার্ক্সবাদী পণ্ডিত প্রভাত পাটনায়কে “ৰুছ বিপ্লৱ আৰু মার্ক্সবাদী তত্ত্ব” সম্পর্কে এলানি বক্তৃতা দিছিল। বর্তমানৰ প্রবন্ধটো হৈছে প্রথম বক্তৃতাটোৰ মুকলি অসমীয়া অনুবাদ। ভৱিষ্যতে বাকী তিনিটা বক্তৃতাৰো অনুবাদ আগ বঢ়াবলৈ চেষ্টা কৰা হ’ব।)

মার্ক্সৰ তত্ত্ব যেতিয়া পোনপ্রথমবাৰৰ বাবে উপস্থাপিত হৈছিল, ই ৰাছিয়াৰ বৌদ্ধিক জীৱনটোক অন্যান্য দেশৰ তুলনাত অতি গভীৰভাৱে প্রভাৱিত কৰি পেলাইছিল। এই কথা সঁচা যে জার্মানিৰ বিশাল শ্রমিক আন্দোলন – যি সেই সময়ৰ আটাইতকৈ শক্তিশালী শ্রমিক আন্দোলন আছিল (প্রথম বিশ্বযুদ্ধৰ প্রাকক্ষণত জার্মান ছ’চিয়েল ডেমক্রেটিক পার্টিয়ে দৈনিক ৮৬খন বাতৰিকাকত প্রকাশ কৰিছিল), মার্ক্সৰদ্বাৰা প্রত্যক্ষভাৱে প্রভাৱিত হৈছিল, কিন্তু ৰাছিয়াৰ সামগ্রিক বৌদ্ধিক জীৱনটোকেই মার্ক্সৰ চিন্তনে যেনেদৰে প্রভাৱিত কৰি পেলাইছিল, তাৰ আন কোনো উদাহৰণ সেই সময়ত নাছিল।

স্বয়ং মার্ক্সেই স্বীকাৰ কৰি গৈছে যে ডাছ কেপিটেলখনৰ আটাইতকৈ অন্তর্দৃষ্টিপূর্ণ মূল্যায়নবোৰৰ ভিতৰত এটা অন্যতম মূল্যায়ন ৰাছিয়াতেই প্রকাশিত হৈছিল। লেনিনেও কৈ গৈছে – তেওঁৰ শৈশৱৰ ৰাছিয়াখনত সকলো বুদ্ধিজীৱীয়েই মার্ক্সবাদৰদ্বাৰা প্রভাৱিত হৈছিল। ৰাছিয়াৰ প্রাচীন কৃষি সাম্প্রদায়িক অনুষ্ঠান মীৰ–ৰপৰা সমাজবাদলৈ চিধাচিধি সংক্রমণ (transition)ৰ সম্ভাৱনা সম্পর্কে ৱেৰা জেচুলিচে মার্ক্সলৈ লিখা পত্রসমূহে দর্শায় যে দেশখনৰ ৰেডিকেল আৰু বুদ্ধিমান বুদ্ধিজীৱীসকলৰ এটা লেখত ল’বলগীয়া অংশই মার্ক্সবাদৰ স’তে বার্তালাপ কৰাৰ হাবিয়াস কৰিছিল। মার্ক্সেও যি সতর্ক মনোযোগেৰে জেচুলিচৰ প্রশ্নবোৰৰ উত্তৰ দিবলৈ চেষ্টা কৰিছিল (আজি সকলোৱে জানে যে জেচুলিচলৈ উত্তৰ দিয়াৰ সময়ত মার্ক্সে তেওঁৰ চিঠিখনৰ কমেও চাৰিটা ভিন ভিন পাণ্ডুলিপি তৈয়াৰ কৰিছিল), সি দর্শায় যে তেৱোঁ ৰাছিয়াখন বুজিবলৈ চেষ্টা কৰিছিল। এৰিক হবছবম তথা অন্যান্য পণ্ডিতসকলে আঙুলিয়াই দিছে - জীৱনৰ শেহৰছোৱাত মার্ক্সে ক্রমবর্ধমানভাৱে পশ্চিম ইউৰোপৰপৰা ৰাছিয়ালৈ তেওঁৰ দৃষ্টি স্থানান্তৰ কৰিছিল – য’ত তেওঁ অধিক আসন্ন বিপ্লৱৰ সম্ভাৱনা দেখা পাইছিল।

গতিকেই আশ্চর্যকৰ নহয় যে অক্টোবৰ বিপ্লৱৰ তাত্ত্বিক ভেটিটো নির্মাণ কৰাৰ আগেয়ে মার্ক্সবাদে তাত্ত্বিক বিতর্কৰ তিনিটা পর্যায় বা তিনিটা ৰাউণ্ডৰ মাজেৰে পাৰ হৈ যাবলগা হৈছিল; ইয়াৰ জৰিয়তেই মার্ক্সবাদ বিকশিত হৈছিল। বিতর্কৰ এনে প্রতিটো পর্যায়ৰ তাৎক্ষণিক সূত্রপাত ৰাছিয়াৰ সামাজিক বাস্তৱৰ কেতবোৰ সুকীয়া বৈশিষ্ট্যৰপৰাই হৈছিল – কিন্তু সেইবুলি সেই বিতর্কৰ প্রাসংগিকতা কেৱল ৰাছিয়াৰ পৰিসীমাৰ মাজতে আবদ্ধ হৈ ৰোৱা নাছিল। বিশ্বৰ এক বৃহৎ অংশৰ বাবে এই বিতর্কবোৰ প্রাসংগিক আছিল আৰু আজিও সিবিলাকৰ প্রাসংগিকতা আছে। আপাত দৃষ্টিত বিতর্কৰ তিনিওটা পর্যায়ৰ বিষয়বস্তু ভিন ভিন আছিল, কিন্তু আচলতে আটায়েই একেটা প্রশ্নৰে উত্তৰ বিচাৰি ফুৰিছিল : প্রশ্নটো হৈছে – কোনোবা দেশ একোখনত  পুঁজিবাদী বিকাশ (কোনোবা নহয় কোনোবা অর্থত) “সম্পূর্ণ” নোহোৱাপর্যন্ত সমাজবাদী সংক্রমণৰ প্রক্রিয়াটো অপেক্ষাৰত হৈ থাকিব লাগিব নেকি? আৰু যদি সেয়াই হয়, তেনেহ’লে এই প্রসংগত “সম্পূর্ণ” শব্দটোৰ অর্থ কি?

বিতর্কৰ প্রথমটো পর্যায় সংঘটিত হৈছিল নেৰোডনিক আৰু ছ’চিয়েল ডেমক্রেটসকলৰ মাজত। নেৰোডনিকসকলৰ মাজতে দুটা পজিচন আছিল; তাৰে এটাৰ প্রতিনিধিত্ব কৰিছিল ৱেৰা জেচুলিচে। জেচুলিচে ৰুছ সমাজৰ সংক্রমণত পুঁজিবাদী পর্যায়টো একেবাৰে এৰাই যাব পৰাটো বাঞ্ছনীয় বুলি গণ্য কৰিছিল, কিয়নো অন্যথাই ই ৰাছিয়াৰ মীৰ-আশ্রিত সাম্প্রদায়িক জীৱনটো ধ্বংস কৰি পেলাব বুলি তেওঁ আশংকা কৰিছিল [অনুবাদকৰ টোকা : ইয়াত ‘সাম্প্রদায়িক/communal’ শব্দটো এক ভিন্ন তথা ধনাত্মক অর্থত ব্যৱহাৰ কৰা হৈছে]। কাজেই তেওঁ মীৰৰপৰা পুঁজিবাদলৈ নগৈ চিধাই সমাজবাদলৈ - অর্থাৎ এটা সাম্প্রদায়িক ব্যৱস্থাৰপৰা আন এটা সাম্প্রদায়িক ব্যৱস্থালৈ - সংক্রমণৰ ৰাস্তা বিচাৰি ফুৰিছিল। আনহাতে, নেৰোডনিকসকলৰ আনটো পজিচনৰ প্রতিনিধিত্ব কৰিছিল ডেনিয়েলছনে – যি নিকোলায়ন নামেৰে লেখামেলা কৰিছিল আৰু যি মার্ক্স-এংগেলছৰ সৈতে ব্যাপকভাৱে পত্রালাপ কৰিছিল। ডেনিয়েলছনে যুক্তি দিছিল যে ৰাছিয়াত পুঁজিবাদৰ বিকাশ সম্ভৱপৰ নহয় কিয়নো ইয়াৰ আভ্যন্তৰীণ বজাৰখনৰ আকাৰ নিচেই সৰু তথা ইয়াৰ শ্রমিক জনগণৰ অৱস্থা তেনেই লাওলোৱা।

লেনিনে এই দুয়োটা পজিচনকে সমালোচনা কৰিছিল। তেওঁৰ অন্যতম মহান কৃতি The Development of Capitalism in Russia গ্রন্থখনত তেওঁ লিখিছিল যে পুঁজিবাদ আচলতে ইতিমধ্যেই ৰাছিয়াত বিকশিত হ’ব ধৰিছে; “প্রতি দিনেই, প্রতি মুহূর্ততে” ই বিকশিত হ’ব ধৰিছে আৰু কাজেই ডেনিয়েলছনে কোৱা ‘অসাধ্য’ৰ কথাষাৰ তেনেই ভিত্তিহীন। ঠিক তেনেদৰেই পুঁজিবাদী বিকাশৰ ফলত মীৰ অনুষ্ঠানটোও ইতিমধ্যেই খণ্ড-বিখণ্ড হৈ পৰিছে আৰু কাজেই মীৰৰপৰা সমাজবাদলৈ চিধাচিধি সংক্রমণৰ প্রশ্নটো এতিয়া আৰু প্রাসংগিক হৈ থকা নাই (মীৰ অনুষ্ঠানটো এতিয়াও কিমানখিনি বাচি আছে – এই প্রশ্নটো মার্ক্সেও জেচুলিচক কৰিছিল)।

সেয়েহে লেনিনৰ দৰে ছ’চিয়েল ডেমক্রেটসকলৰ পজিচনটো আছিল এনেধৰণৰ : পুঁজিবাদী বিকাশৰ এই বাস্তৱতাৰ পটভূমিত ৰাছিয়াৰ শ্রমিক শ্রেণীটোৱেই অনাগত বিপ্লৱৰ নেতৃত্ব প্রদান কৰিব – যিহেতু বর্তমানৰ পৰিস্থিতিত শ্রমিকসকলেই হৈছে আটাইতকৈ সক্রিয় আৰু গতিশীল শ্রেণী। পিছে এইখিনিতে আন এটা প্রশ্ন উত্থাপিত হ’ল – শ্রমিকসকলৰ এই বিপ্লৱত সহযোগী শ্রেণী আন কোন হ’ব? এই প্রশ্নটোৱেই ৰাছিয়াৰ মার্ক্সবাদীসকলৰ মাজত তত্ত্বগত বিতর্কৰ দ্বিতীয়টো পর্যায়ৰ সূত্রপাত ঘটালে। ছ’চিয়েল ডেমক্রেটসকলৰ এটা অংশই ক’লে যে যিহেতু বিপ্লৱীসকলে জাৰবাদৰ উৎখাত ঘটাব লাগিব – সেয়েহে দেশখন প্রথমে সামন্তবাদ-বিৰোধী এটা গণতান্ত্রিক বিপ্লৱৰ পর্যায়ৰ মাজেৰে পাৰ হ’ব লাগিব। অর্থাৎ শ্রমিকসকলে বুর্জোৱাহঁতৰ সৈতে মিত্রতা কৰিব লাগিব – যাৰ প্রায়োগিক অর্থ হৈছে শ্রমিক শ্রেণীৰ প্রতিনিধি হিচাপে ছ’চিয়েল ডেমক্রেটসকলে কেডেট আৰু মিলিউকভ নেতৃত্বাধীন লিবাৰেলসকলৰ সৈতে ৰাজনৈতিক স্তৰত মিত্রতা কৰিব লাগিব।

লেনিনে ইয়াৰো বিৰোধিতা কৰিলে। অন্যান্য লেখনিৰ লগতে Two Tactics of Social Democracy in the Democratic Revolution গ্রন্থখনত তেওঁ এনে এটা যুক্তি দিলে যিটো পাছৰ সময়ছোৱাত  তৃতীয় বিশ্বৰ মার্ক্সবাদীসকলৰ চিন্তনৰ ভিত্তি হৈ পৰিল। এই যুক্তিটো আছিল এনেধৰণৰ : যিবোৰ দেশত পুঁজিবাদ পলমকৈ উপস্থিত হৈছে, সিবিলাকৰ বুর্জোৱা শ্রেণীটোৰ ওচৰত গণতান্ত্রিক বিপ্লৱ পূর্ণ কৰিব পৰাকৈ ইচ্ছাশক্তি নাই। এই বুর্জোৱাই ভয় কৰে যে যিহেতু ইতিমধ্যেই এটা সম্ভাৱনাময় বিপ্লৱী শ্রেণীৰ ৰূপত শ্রমিক শ্রেণীৰ উত্থান ঘটিছে, সেয়েহে সামন্তীয় সম্পত্তিৰ ওপৰত আজিৰ সময়ত আক্রমণ কৰিলে ই শেহত গৈ বুর্জোৱা সম্পত্তিৰ ওপৰতো আক্রমণ ঘটাবগৈ পাৰে; এনেস্থলত বুর্জোৱাই সামন্তীয় শক্তিসমূহৰ সৈতে এক বুজাপৰাত অহাটোৱেই পছন্দ কৰে। এই বুজাপৰাৰ অর্থ হৈছে - সামন্তীয় শৃংখলৰ অধীনত কৃষকৰ শোষণ অনাগত সময়তো অব্যাহত থাকিব – অর্থাৎ গণতান্ত্রিক বিপ্লৱৰ সৈতে বুর্জোৱাই ইতিমধ্যেই বিশ্বাসঘাতকতা কৰিছে।

ইয়াৰপৰা লেনিন এই সিদ্ধান্তলৈ আহিল – গণতান্ত্রিক বিপ্লৱৰ নেতৃত্ব শ্রমিক শ্রেণীয়েই দিব আৰু এইক্ষেত্রত তেওঁলোকৰ মিত্র শ্রেণী হ’ব কৃষকসকল। বিপ্লৱৰ পাছতো শ্রমিকসকল ক্ষান্ত হৈ নাথাকিব; বিপ্লৱৰ পাছত নিশ্চিতভাৱেই “তলৰপৰা” – অর্থাৎ কৃষকসকলৰ শ্রেণী বিভাজন ঘটি পুঁজিবাদী বিকাশৰ সম্ভাৱনাই দেখা দিব; পিছে এই সম্ভাৱনা পূর্ণ হোৱাৰ পূর্বেই শ্রমিকসকলে এইবাৰ সমাজবাদী বিপ্লৱৰ দিশেৰে আগ বাঢ়ি যাব। অর্থাৎ বিপ্লৱৰ দুটা স্তৰ থাকিব, কিন্তু দুয়োটা স্তৰ ইটো সিটোৰ সৈতে অহৰহভাৱে সংযোজিত হৈ থাকিব। প্রথমে বিপ্লৱৰ শ্লোগান হ’ব – জাৰবাদৰ বিৰুদ্ধে “শ্রমিক আৰু কৃষকৰ বিপ্লৱী গণতান্ত্রিক একনায়কত্ব” আৰু গণতান্ত্রিক বিপ্লৱৰ পাছত শ্রমিকসকল সমাজবাদী বিপ্লৱৰ দিশেৰে আগ বাঢ়ি যাব। বিপ্লৱৰ দুয়োটা স্তৰত শ্রমিকৰ সহযোগী শ্রেণী আৰু শ্রেণী শ্রত্রু সলনি হৈ থাকিব।

এইখিনিতে মই চাৰিটা বিন্দু উপস্থাপন কৰিব খুজিছোঁ। প্রথম বিন্দুটো হৈছে – লেনিনৰ এই ফর্মুলাটোৱে এক প্রকাৰে নেৰোডনিকসকলনৰ চিন্তনৰ ধাৰাবাহিকতাকেই অটুট ৰাখিলে – এই অর্থত যে লেনিনৰ মতেও পুঁজিবাদী বিকাশ সম্পূর্ণ নোহোৱালৈকে সমাজবাদী সংক্রমণৰ প্রশ্নটো অপেক্ষাৰত হৈ থকাৰ কোনো অর্থ নাই। নেৰোডনিকসকলে ভাবিছিল যে পুঁজিবাদৰ পর্যায়টো সম্পূর্ণভাৱে নেওচা দি সমাজবাদলৈ আগ বাঢ়ি যোৱাটো সম্ভৱপৰ হ’ব; লেনিনৰ যুক্তি আছিল যে এয়া সম্ভৱপৰ নহয় কিয়নো ইতিমধ্যেই ৰাছিয়াৰ সামন্তীয় ব্যৱস্থাটোৰ মাজতে পুঁজিবাদ বিকশিত হ’ব ধৰিছে, কিন্তু একে সময়তে লেনিনে এইবুলিও ক’লে যে সামন্তীয় ব্যৱস্থাটোক অতিক্রম কৰাৰ প্রক্রিয়াটোৰ অংশ হিচাপেই পুঁজিবাদকো অতিক্রম কৰি যোৱাটো সম্ভৱপৰ হ’ব। অর্থাৎ সামাজিক বিকাশৰ প্রক্রিয়াটোক বিভিন্ন উৎপাদন প্রণালী অনুসৰি বিভিন্ন স্বয়ংসম্পূর্ণ পদানুক্রমিক বিপ্লৱৰ স্তৰৰ জৰিয়তে চিহ্নিত কৰাৰ প্রক্রিয়াটোৰ লেনিনে স্পষ্টভাৱে বিৰোধিতা কৰিছিল। ঠিক একেটাই কাম নেৰোডনিকসকলেও কৰিছিল। লেনিনে অর্থবাদীসকলক আক্রমণ কৰোঁতে (যি ৰাছিয়ান পুঁজিবাদৰ গতিশীলতাৰ দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰিব খুজিছিল) নেৰোডনিকসকলৰ দৰেই ব্যংগ কৰি কৈছিল যে অর্থবাদীহঁতে পুঁজিবাদৰ এক প্রতিমা স্থাপন কৰি তাৰ পূজা কৰা উচিত!

দ্বিতীয় বিন্দুটো – যাৰ বিষয়ে সবিশেষভাৱে আমি পাছলৈ আলোচনা কৰিম – হৈছে যে লেনিনে যেতিয়া কৈছিল - পুঁজিবাদক অতিক্রম কৰিব লাগিব – বা বিশ্ব ঐতিহাসিকভাবে পুঁজিবাদ পুৰণা হৈ পৰিছে – তাৰ মানে তেওঁ এইটো বুজোৱা নাছিল যে ৰাছিয়াত উৎপাদিকা শক্তি বিকশিত কৰাৰ ক্ষেত্রত পুঁজিবাদৰ ক্ষমতা নাইকিয়া হৈ পৰিছে। বৰং সেই সময়ৰ তথা পাছৰ কালৰ অর্থনীতিবিদসকলে স্পষ্টকৈ দর্শাইছে – ৰাছিয়াত প্রথম বিশ্বযুদ্ধৰ পূর্বৰ সময়ছোৱাত পুঁজিবাদৰ অধীনতেই ভীষণ গতিৰে আর্থিক বিকাশ সমাপন হৈছিল। আর্থিক বিকাশৰ গতিৰ সৈতে, তাৰ উপস্থিতি বা অনুপস্থিতিৰ সৈতে লেনিনৰ যুক্তিৰ চিধা সম্পর্ক নাছিল।

এই কথা সঁচা যে লেনিনৰদ্বাৰা লিখিত Programme of Social Democracy দলিলখনত পুঁজিবাদী বিকাশৰ “দুটা পথৰ” কথা কোৱা হৈছে – আমেৰিকান পথ আৰু প্রুছিয়ান পথ। প্রথমটো পথৰ বিকাশ যাত্রাত কোনো সামন্তীয় ঐতিহ্যৰ বাধা নাথাকে বা এনে সমস্ত ঐতিহ্যৰ বাধা অতিক্রম কৰা হয়। আনহাতে দ্বিতীয়টো পথৰ অর্থ হৈছে – পৰম্পৰাগত উৎপাদন সম্পর্কবোৰৰ ওপৰত পুঁজিবাদী বিকাশৰ বলপূর্বক আৰোপকৰণ। প্রথমটোৰ ক্ষেত্রত সাধাৰণতে পুঁজিবাদৰ তেজাল বিকাশ দেখা পোৱা যায় কিয়নো সামন্তীয় ভূ-সম্পর্কবোৰৰ বিধ্বংসকৰণ তথা কৃষকৰ মাজত মাটি-বিতৰণৰ ফলত পুঁজিবাদে এখন বহল বজাৰ লাভ কৰে। পিছে এইক্ষেত্রতো লেনিনে এই কথাটোৰ ওপৰতহে অধিক গুৰুত্ব দিছিল যে প্রুছিয়ান পথটোৱে আমেৰিকান পথৰ তুলনাত জনগণক অধিক কষ্ট দিয়ে; তেওঁ প্রুছিয়ান পথৰ অধীনত উৎপাদিকা শক্তি তুলনামূলকভাৱে মন্থৰ গতিৰে বিকশিত হোৱাৰ প্রৱণতাটোৰ ওপৰত অত্যধিক গুৰুত্ব আৰোপ কৰা নাছিল। পাছৰ কালৰ লেখকসকলেহে এই দিশটোৰ ওপৰত বেছিকৈ গুৰুত্ব দিবলৈ লয়। আন কথাত ক’বলৈ গ’লে – প্রুছিয়ান পথৰ অর্থ হৈছে অসহনীয় সামন্তীয় শোষণ (যেনে অত্যধিক ভূমি খাজনা)ৰ লগতে উপৰঞ্চি পুঁজিবাদী শোষণৰ বোজা; তাৰ অর্থ এইটো নহয় যে প্রুছিয়ান পথৰ অধীনত বিকাশৰ গতি মন্থৰ হ’ব। এইখিনিতে মন কৰিবলগীয়া যে কৃষকৰ ওপৰত থকা মাটি-খাজনাৰ (land rent) বোজা কমাবলৈ লেনিনৰ কৃষি কার্যসূচীখনত মাটিৰ ৰাষ্ট্রীয়কৰণৰ কথা কোৱা হৈছিল। বহু সময় পাছত অক্টোবৰ বিপ্লৱৰ সময়তহে ৰাষ্ট্রীয়কৰণৰ বিপৰীতে ভূ-সংস্কাৰ – অর্থাৎ কৃষকৰ মাজত মাটিৰ বিতৰণ - বলছেভিক দলৰ কার্যসূচীৰ অংশ হৈ পৰে। এই ক্ষেত্রত ছ’চিয়েল ৰিভলুচনেৰিসকলে ঠিকেই কৈছিল – লেনিনে তেওঁলোকৰ ভূমি-কার্যসূচীখন চুৰ কৰি ল’লে (যিহেতু ছ’চিয়েল ৰিভলুচনেৰিসকলে প্রথমৰেপৰা ভূ-সংস্কাৰৰ কথা কৈ আহিছিল)।

প্রুছিয়ান পথৰ গুণাত্মক পার্থক্যৰ কথাটোৱে পাছৰ কালৰ বহুতো পণ্ডিতৰ মনোযোগ আকর্ষণ কৰি আহিছে। বেৰিংটন মুৰ জুনিয়ৰৰ মতে প্রুছিয়ান পথটো ৰাজনৈতিক একনায়কত্বৰ সৈতে তথা আমেৰিকান পথটো গণতন্ত্রৰ সৈতে যুক্ত। ঠিক তেনেকৈয়ে অন্যান্য পণ্ডিতসকলে কয় যে প্রুছিয়ান পথৰ অর্থ হৈছে – নিজ গৃহভূমিৰ সংকীর্ণ বজাৰখনৰ বাধা অতিক্রম কৰাৰ বাবে প্রুছিয়ান পথ গ্রহণ কৰা দেশসমূহে অহৰহ বাহ্যিক বজাৰৰ সন্ধান কৰি ফুৰে যি অৱশেষত আক্রামক সাম্রাজ্যবাদী অভিযানৰ ৰূপ লয় – যেনে পুঁজিবাদলৈ সংক্রমণ ঘটাৰ পাছত জাপান আৰু জার্মানিয়ে লোৱা সাম্রাজ্যবাদী নীতি। এই তত্ত্বসমূহ সম্পর্কে আপোনাৰ যিয়েই অভিমত নহওক কিয়, এটা কথা স্পষ্ট যে পুঁজিবাদৰ বিলম্বিত আৱির্ভাৱৰ ফলত সৃষ্টি হোৱা “অস্থিৰতা”সমূহক সংকীর্ণ আর্থিক দৃষ্টিৰ বিপৰীতে সামগ্রিক তথা বহল অর্থত সামাজিক দৃষ্টিৰেহে চোৱা উচিত। সংকীর্ণ আর্থিক দৃষ্টিৰ অর্থ হৈছে এই ধাৰণা যে প্রুছিয়ান পথ লোৱা দেশসমূহত আর্থিক বিকাশৰ গতি তুলনামূলকভাৱে মন্থৰ হ’ব (এই আর্থিক ধাৰণা যে সদায়েই সঁচা হ’ব তাৰো কোনো গেৰান্টি নাই)। মন কৰক যে লেনিনে যেতিয়া ৰুছ দেশত পুঁজিবাদক অতিক্রম কৰি যোৱাৰ কথা কৈছে, তেতিয়া তেওঁ স্থানীয় পুঁজিবাদৰ মন্থৰ আর্থিক গতিৰ কথা কোৱা নাই, বৰং তেওঁ পুঁজিবাদৰ ব্যাপক সামাজিক ফলাফলবোৰৰ কথাহে কৈছে।

এই যুক্তিটো আৰু আগ বঢ়াই নিব পাৰি। যিহেতু শ্রমিক শ্রেণীৰ উদয়ৰ ফলতেই বুর্জোৱাই সামন্তীয় সম্পত্তিৰ ওপৰত আক্রমণ কৰিবলৈ ভয় কৰা আৰম্ভ কৰিলে (‘জানোচা এই আক্রমণে শেহত গৈ পুঁজিপতিৰ সম্পত্তিৰ ওপৰতো আক্রমণৰ ৰূপ লয়গৈ’), সেয়েহে এইবুলি ক’ব পৰা যায় যে এটা সম্ভাৱনাময় বিপ্লৱী শ্রেণীৰ ৰূপত শ্রমিকসকলৰ উদয়ৰ অর্থই হৈছে যে বুর্জোৱাহঁত ইতিমধ্যেই এটা পুৰণা ঐতিহাসিক শক্তিলৈ পৰিণত হৈছে। বুর্জোৱাই তাৰ ঐতিহাসিক ভূমিকা হেৰুৱাই পেলোৱাৰ সঠিক অর্থ এইটোৱেই। ইয়াৰ বাবে বার্নষ্টিনৰ দৰে কোনো “বস্তুগত” আর্থিক লক্ষণ - যেনে সংকট বা মন্দাৱস্থা বিচাৰি ফুৰাৰ সকাম নাই। কথাটো হৈছে যে পুঁজিবাদ পলমকৈ উপস্থিত হোৱা দেশ একোখনত ইতিমধ্যেই সমাজবাদৰ প্রসংগও উত্থাপিত হ’বলৈ ধৰে আৰু ফলত ই কেতবোৰ বিশেষ সামাজিক ডায়নামিক সৃষ্টি কৰে।

তৃতীয় বিন্দুটো হৈছে বৈপ্লৱিক কার্যসূচীৰ অংশ হিচাপে কৃষকসকলৰ চামিলকৰণ। যদিও এংগেলছে ‘জার্মানিৰ কৃষক যুদ্ধ’ৰ বিষয়ে লিখি থৈ গৈছিল, এয়া পুৰণা সময়ৰ কথা আছিল; মার্ক্সবাদে সাধাৰণতেই সমাজবাদলৈ সংক্রমণৰ যাত্রাপথত কৃষকসকলৰ বৈপ্লৱিক ভূমিকাৰ কথাটো সন্দেহৰ চকুৰে চাইছিল। ইয়াৰ অন্যতম কাৰণ আছিল – পেৰিছ কমিউনক পৰাস্ত কৰাৰ ক্ষেত্রত ফৰাচী কৃষকসকলৰ ভূমিকা। বিদ্রোহী পেৰিছৰ শ্রমিকসকলৰ বিৰুদ্ধে বুর্জোৱাহঁতে গ্রাম্যাঞ্চলৰ কৃষকসকলক ভালকৈয়ে ব্যৱহাৰ কৰিছিল। প্রধানমন্ত্রী থিয়েৰে প্রচাৰ কৰিছিল যে শ্রমিকসকলে বুর্জোৱাৰ সম্পত্তি অধিকাৰৰ বিৰোধিতা কৰাৰ অর্থ হৈছে – এদিন সিহঁতে কৃষকৰ সৰু-সুৰা সম্পত্তিৰ অধিকাৰৰো বিৰোধিতা কৰিব! কাজেই ব্যক্তিগত সম্পত্তিৰ মালিক হিচাপে ফৰাচী কৃষকসকলে বুর্জোৱাৰ সৈতে একেলগে মিলি বিদ্রোহী শ্রমিকহঁতৰ বিৰূদ্ধে থিয় দিব লাগে। এইদৰেই ফ্রান্সৰ গ্রাম্যাঞ্চলৰ কৃষক সেনাবাহিনীয়ে পেৰিছ কমিউনক পৰাস্ত কৰাত বিশেষ ভূমিকা পালন কৰিলে।

এনে পটভূমিত সমাজবাদী সংক্রমণৰ প্রক্রিয়াটোত কৃষকসকলক শ্রমিকৰ মিত্র শ্রেণী হিচাপে চিহ্নিত কৰিব পৰাটো তাত্ত্বিক দৃষ্টিৰে এটা বৃহৎ কৃতিত্ব বুলিয়েই ক’ব লাগিব। কৃষক-শ্রমিকৰ মিত্রতাৰ অর্থ লগতে এইটোও আছিল যে সমাজবাদলৈ সংক্রমণ কৰিবৰ বাবে পুঁজিবাদী বিকাশ সম্পূর্ণ হোৱালৈ ৰৈ থকাৰ কোনো প্রয়োজন নাই। এই ফর্মুলাটোৱেই মার্ক্সবাদ আৰু তৃতীয় বিশ্বৰ মাজত এক গুৰুত্বপূর্ণ তাত্ত্বিক যোগসূত্র প্রদান কৰিলে। ইয়াৰ অর্থ আছিল এই যে মার্ক্স-এংগেলছে কৈ যোৱা তৃতীয় বিশ্বৰ বিপ্লৱসমূহ এক ভিন্ন প্রকাৰৰ বিপ্লৱ হোৱাৰ প্রয়োজনীয়তা নাই; সিবিলাক আটাইকে মার্ক্সবাদী বিপ্লৱী কাঠামোটোৰ অধীনলৈ আনিব পাৰি। অর্থাৎ এফালে উন্নত পশ্চিমীয়া দেশবোৰত সমাজবাদী বিপ্লৱ হ’ব আৰু তৃতীয় বিশ্বৰ দেশবোৰত ‘জন গণতান্ত্রিক বিপ্লৱ’ বা ‘নব্য গণতান্ত্রিক বিপ্লৱ’ সংঘটিত হ’ব।

ইয়াৰ অর্থ কেৱল এইটো নহয় যে সর্বহাৰাই সামন্তবাদৰ বিৰূদ্ধে থকা কৃষক অসন্তোষৰ সুযোগ ল’ব আৰু নিজৰ ৰাজনীতি - অর্থাৎ সমাজবাদী এজেণ্ডা কার্যকৰী কৰিব। এয়া কোনো “সুবিধাবাদ” মাত্র নহয়। মোৰ চতুর্থ বিন্দুটো হৈছে যে সেই সময়ত সঁচাকৈয়ে আশা কৰা হৈছিল যে কৃষক জনগণৰ বৃহত্তৰ অংশটোক সমবায় আদি নির্মাণৰ যোগেদি সমাজবাদৰ প্রতি আকর্ষিত কৰিব পৰা যাব আৰু সমাজবাদ বিৰোধিতা ধনী কৃষকৰ এটা সৰু অংশৰ মাজতে আবদ্ধ হৈ থাকিব। এয়া এক বৃহৎ আশা আছিল আৰু পাছলৈ ই সমাজবাদী অনুশীলনৰ বাবে কেতবোৰ ডাঙৰ সমস্যাৰো সৃষ্টি কৰিলে। কিন্তু এই বিষয়ে কোনো সন্দেহ নাই যে মৃত্যুপর্যন্ত কৃষক বিষয়ক এই ধাৰণাটোৱেই লেনিনে কঢ়িয়াই লৈ ফুৰিছিল। তামাৰা ডয়েচাৰে তেওঁৰ Not By Bread Alone গ্রন্থখনত এটা আমোদজনক ঘটনাৰ কথা লিখিছে – বিপ্লৱৰ পাছত বলছেভিক দলৰ কেন্দ্রীয় সমিতিৰ মিটিং বহি আছিল। লেনিনে “আমাৰ ৰাষ্ট্রখন” হৈছে “কৃষক আৰু শ্রমিকৰ ৰাষ্ট্র” বুলি বাৰম্বাৰ কৈ আছিল। এনেতে বুখাৰিনে আপত্তি দেখুৱাই ক’লে – পার্টিৰ দলিলবোৰত স্পষ্ট ভাষাত লিখা আছে যে ছোভিয়েট ৰাষ্ট্রখন হৈছে সর্বহাৰাৰ একনায়কত্বৰ ৰাষ্ট্র। পিছদিনা লেনিনে পুথি-পাঁজি চাই আহি বুখাৰিনৰ ওচৰত স্বীকাৰ কৰিলে – “হয়, বুখাৰিনে ঠিকেই কৈছিল; পার্টিৰ দলিলত লিখা আছে যে ছোভিয়েট ৰাষ্ট্রখন হৈছে সর্বহাৰাৰ একনায়কত্ব।” আন কথাত ক’বলৈ গ’লে – লেনিনে শ্রমিক-কৃষকৰ মিত্রতাৰ প্রশ্নটোক সর্বহাৰাৰ একনায়কত্ব ৰক্ষাৰ বাবে অতিশয় জৰুৰী বুলি গণ্য কৰিছিল, অর্থাৎ লেনিনে এইবুলি মানি চলিছিল যে কৃষক জনগণৰ বৃহত্তম অংশটো সমাজবাদী সংক্রমণ যাত্রাৰ সহযোগী হ’ব পাৰে।

এই ধাৰণাটো, এই আইডিয়াটো – যে শ্রমিক শ্রেণীয়ে নিজা বিপ্লৱী প্রজেক্টটোৰ বাবে কৃষকৰ বৈপ্লৱিক শক্তিখিনিকো প্রয়োগলৈ আনিব পাৰে – ই মার্ক্সবাদক পশ্চিম ইউৰোপৰ সমাজবাদী বিপ্লৱৰ অনুশীলনকর্তাৰ সীমিত পৰিসৰটোৰপৰা আঁতৰাই আনি তাক সার্বজনীন বিপ্লৱী তত্ত্বলৈ পৰিণত কৰিলে। অর্থাৎ পূর্বৰ দৰে মার্ক্সবাদ কেৱল মেট্রপলিছৰ বিপ্লৱী অনুশীলন হৈ ৰোৱাৰ বিপৰীতে এইবাৰ ই তৃতীয় বিশ্বৰো বৈপ্লৱিক তত্ত্বত পৰিণত হ’ল। চমু কথাত ক’বলৈ গ’লে ই পুঁজিবাদৰ সীমা চেৰাই যোৱাৰ বাবে প্রয়োজনীয় সার্বজনীন বিপ্লৱী প্রজেক্টটোৰ বাবে ভূমি তৈয়াৰ কৰিলে।

বিতর্কৰ তৃতীয়টো পর্যায় তেতিয়া আৰম্ভ হ’ল যেতিয়া এই প্রজেক্টটো তাৎক্ষণিক ঐতিহাসিক এজেণ্ডাৰ অংশ হৈ পৰিল। এইখিনিতে প্রথম বিশ্বযুদ্ধৰ প্রসংগত সাম্রাজ্যবাদ বিষয়ক তত্ত্ব সম্পর্কে বিভিন্ন আলোচনা হ’বলৈ ধৰিছিল। বিশ্বযুদ্ধ সম্পর্কে বিভিন্ন ইউৰোপীয় বাঁওদলবোৰৰ মাজত থকা মতপার্থক্য সম্পর্কে আজি সকলোৱে জানে। এইক্ষেত্রত বাঁওপন্থীসকলৰ মাজত তিনিটা পজিচন আছিল – (১) সামাজিক-উগ্রজাতীয়তাবাদী পজিচন – ইয়াৰ অনুসৰি শ্রমিকসকলে নিজা দেশসমূহৰ যুদ্ধ প্রস্তুতিত সহযোগ কৰিব লাগে। (২) কার্ল কাউটস্কিৰ মজলীয়া পজিচন – ইয়াৰ মতে শ্রমিকসকলে আন দেশৰ বিৰুদ্ধে আক্রামক যুদ্ধত সহযোগ কৰিব নেলাগে – কিন্তু আন কোনো আগ্রাসী শক্তিৰ হাতত গৃহভূমি বিপদত পৰিলে প্রতিৰক্ষামূলক প্রস্তুতিৰ বাবে নিজৰ দেশখনৰ চৰকাৰৰ সৈতে সহযোগ কৰিব লাগে। (৩) লেনিন, ৰ’জা লাক্সেমবার্গ আৰু কার্ল লিবনিষ্টৰ বাঁওপন্থী পজিচন - এই তৃতীয় গ্রুপটোৰ ভিতৰতো তত্ত্বগত আৰু ৰণনীতিগত প্রশ্নসমূহ সম্পর্কে কিছু মতভেদ আছিল। লাক্সেমবার্গে সমগ্র ইউৰোপজুৰি এটা শান্তি আন্দোলন গঢ়ি তোলাৰ পোষকতা কৰিছিল, আনহাতে লেনিনে স্বয়ং সাম্রাজ্যবাদী যুদ্ধখনকেই গৃহ-যুদ্ধলৈ পৰিণত কৰাৰ আহ্বান জনাইছিল। সাম্রাজ্যবাদী যুদ্ধ সম্পর্কে লাক্সেমবার্গে কৰা তত্ত্বগত বিশ্লেষণ লেনিনে মানি লোৱা নাছিল। কিন্তু যুদ্ধখনৰ বিৰোধিতা কৰাৰ ক্ষেত্রত আটায়ে একমতত উপনীত হৈছিল। কার্ল লিবনিষ্টে যুদ্ধ ঋণৰ বিৰুদ্ধে জার্মান সংসদত দিয়া ভোটদানৰ কথা আজি সকলোৱে জানে।

লেনিনৰ নিজা যুক্তিখিনি আছিল এনেধৰণৰ : পুঁজিবাদৰ অন্যতম অন্তর্নিহিত প্রৱণতা হৈছে পুঁজিৰ কেন্দ্রীভূতকৰণ – এই কেন্দ্রীভূতৰণৰ ফলত আজি এনে এটা পৰিস্থিতি সৃষ্টি হৈছে য’ত উদ্যোগ আৰু বিত্তীয় খণ্ডসমূহত বিভিন্ন একাধিপত্যৰ আবির্ভাৱ হৈছে। ঔদ্যোগিক আৰু বিত্তীয় একাধিপত্যবোৰ মিলি এটা নতুন সত্তাৰ জন্ম দিছে, যাৰ নাম হৈছে বিত্ত পুঁজি। প্রতিখন বিকশিত পুঁজিবাদী দেশত এচাম মুষ্টিমেয় বিত্তীয় কুলীনতন্ত্রই (oligarchy) এই বিত্ত পুঁজি নিয়ন্ত্রণ কৰে যাৰ স’তে ৰাষ্ট্রৰ মেনেজাৰসকলৰো অতিশয় ভাল সম্পর্ক। পূর্বৰ প্রতিযোগিতামূলক পুঁজিবাদৰ পর্যায়টোৰ দৰে পণ্যৰ দামক লৈ হোৱা প্রতিযোগিতাৰপৰা এতিয়া আঁতৰি থাকিবলৈ চেষ্টা কৰা হয়, কিন্তু সেইবুলি প্রতিযোগিতা শেষ হৈ যোৱা নাই। বিভিন্ন দেশৰ বিত্তীয় কুলীনতন্ত্রবোৰে এতিয়া “আর্থিক অঞ্চল”ৰ বাবে ইটো-সিটোৰ সৈতে দবৰা-দবৰি কৰিব ধৰিছে; প্রতিটো কুলীনতন্ত্রই ইয়াৰ বাবে নিজৰ ৰাষ্ট্রযন্ত্রবোৰ ব্যৱহাৰ কৰিব ধৰিছে। যিহেতু বিশ্বখন ইতিমধ্যেই বিভাজিত হৈ আছে, এই নতুন সংঘাতটোৰ অর্থ হৈছে – বিশ্বক পুনৰ নতুনকৈ বিভিন্ন সাম্রাজ্যবাদী দেশৰ মাজত বিভাজিত কৰিব লাগিব যিটো কেৱল সাম্রাজ্যবাদী দেশবোৰৰ মাজত সংঘটিত যুদ্ধৰ জৰিয়তেহে সম্ভৱপৰ হ’ব। তদুপৰি এনে বিভাজন সদায়েই অস্থিৰ হৈ ৰ’বলৈ বাধ্য – কিয়নো পুঁজিবাদৰ অসমান বিকাশৰ ফলত সাম্রাজ্যবাদী দেশবোৰৰ আপেক্ষিক শক্তিও বঢ়া-টুটা হৈ থাকিব আৰু বাৰম্বাৰ পৰিবর্তিত এই শক্তি অনুসৰি নতুনকৈ বিভাজনৰ দাবীও উত্থাপিত হৈয়েই থাকিব। আন কথাত, আন্তঃসাম্রাজ্যবাদী সংঘাতৰ ফলাফল হিচাপে বাৰম্বাৰ যুদ্ধৰ সূত্রপাত হৈয়েই থাকিব আৰু এয়াই হৈছে একাধিপত্যবাদী পুঁজিবাদৰ নৱতম পর্যায়টোৰ অন্যতম বৈশিষ্ট্য। প্রথম বিশ্বযুদ্ধ হৈছে এই পৰিঘটনাটোৰ অভিব্যক্তি মাত্র।

এই সন্ধিক্ষণে (conjuncture) বিকশিত দেশবোৰৰ শ্রমিকসকলৰ সমুখত এটা কঠিন চয়ন উত্থাপন কৰিলে - হয় তেওঁলোকে যুদ্ধক্ষেত্রত আন আন দেশৰ শ্রমিকসকলৰ তেজেৰে নিজৰ হাত ৰাঙলী কৰিব লাগিব, নতুবা তেওঁলোকে স্বয়ং পুঁজিৰ শাসনকেই ওফৰাই দি এই সমস্ত সন্ধিক্ষণটোৰ সমাপ্তি ঘটাব লাগিব। আন কথাত, তেওঁলোকে সাম্রাজ্যবাদী যুদ্ধখনক গৃহযুদ্ধলৈ পৰিণত কৰিব লাগিব। ঠিক তেনেদৰেই যিহেতু এনে যুদ্ধত উপনিবেশবোৰৰ জনগণক সৈনিকৰ বেশত পুঁজিৰ বাবে প্রাণ ত্যাগ কৰিবলৈ পঠোৱা হয় – যি উপনিবেশবোৰৰ বৃহৎসংখ্যক সৈনিকৰ চেতনা বৃদ্ধি কৰাৰ লগতে তেওঁলোকক সশস্ত্রও কৰি তোলে, সেয়েহে এনে যুদ্ধৰ সুযোগ লৈ উপনিবেশবোৰৰ জনগণেও নিজ জাতীয় মুক্তিৰ সংগ্রামবোৰ তীব্র কৰি তুলিব পাৰে। অর্থাৎ এই সন্ধিক্ষণে বিশ্ব বিপ্লৱক ঐতিহাসিক মঞ্চৰ এজেণ্ডাত উপস্থাপন কৰিলে, যদিওবা বিভিন্ন দেশত বিপ্লৱে ভিন ভিন স্তৰৰ মাজেদি পাৰ হোৱাটো প্রয়োজনীয় আছিল।

লেনিনে কেৱল প্রথম বিশ্বযুদ্ধৰ ওপৰতেই মনোযোগ দিয়া নাছিল। বিশ্বযুদ্ধৰ পাছত স্বাক্ষৰিত হোৱা ভার্ছাইৰ সন্ধিখনে একাধিপত্যবাদী পুঁজিবাদৰ তাতোকৈও লেতেৰা ছবিখনৰ উন্মোচন কৰিলে। জন মেইনার্ড কেইনছৰ The Economic Consequences of Peace গ্রন্থখনৰ বাৰম্বাৰ উদ্ধৃতি দি লেনিনে কমিউনিষ্ট ইন্টাৰনেচনেলৰ দ্বিতীয় কংগ্রেছত ঘোষণা কৰিলে যে জার্মানিৰ বাবে সম্পূর্ণ অসহনশীল এই শান্তি চুক্তিখনৰ চর্তবোৰে দর্শাই দিছে - পৰিস্থিতি বিশ্ব বিপ্লৱৰ বাবে সম্পূর্ণভাৱে পৰিপক্ব।

এইখিনিতে লেনিনৰ বিশ্লেষণৰ তাৎপর্য সম্পর্কে কিছু কথা কৈ থোৱাটো উচিত হ’ব। আমি ইতিমধ্যেই দেখিলো যে লেনিনে পুঁজিবাদৰ ঐতিহাসিক কালবাহ্যতা (obsolescence)ৰ কাৰণ উৎপাদিকা শক্তিৰ বিকাশৰ ক্ষেত্রত তাৰ বিফলতাৰ মাজত বিচাৰি ফুৰা নাছিল। তেওঁৰ সাম্রাজ্যবাদ বিষয়ক তত্ত্বই এই বিশ্লেষণক আৰু আগলৈ লৈ গ’ল : এইবাৰ তেওঁ পুঁজিবাদৰ কালবাহ্যতাক সময়ৰ ধাৰণাটোৰ সৈতে যুক্ত কৰিলে।

মন কৰা ভাল যে পুঁজিবাদৰ কালবাহ্যতাক উৎপাদিকা শক্তিৰ বিকাশৰ ক্ষেত্রত পুঁজিবাদৰ অক্ষমতাৰ সৈতে যুক্ত কৰি চোৱা প্রথম ব্যক্তিজন আছিল এডৱার্ড বার্নষ্টাইন। তেওঁ মার্ক্সৰ A Contribution to the Critique of Political Economy গ্রন্থখনৰ বিখ্যাত পাতনিখনৰ এটা আক্ষৰিক ব্যাখ্যা আগ বঢ়াইছিল। বার্নষ্টাইনৰ যুক্তি আছিল যে মার্ক্সৰ মতে উৎপাদিকা শক্তিৰ অধিক বিকাশৰ ক্ষেত্রত পুঁজিবাদৰ এই অক্ষমতাই ব্যৱস্থাটোৰ গতিহীনতা বা ভাঙোনৰ ৰূপ ল’বলৈ বাধ্য হ’ব। পিছে যিহেতু বাস্তৱত এনে গতিহীনতা বা ভাঙোন দেখা পোৱা হোৱা নাই বা অদূৰ ভৱিষ্যতে তাৰ কোনো লক্ষণো দেখা হোৱা নাই, ইয়াৰ অর্থ হৈছে যে মার্ক্সীয় তত্ত্বৰ এক আমূল ‘সংশোধন’ প্রয়োজনীয় হৈ পৰিছে (এই ‘সংশোধন’ শব্দটোৰপৰাই পাছলৈ “সংশোধনবাদ” শব্দটোৰ জন্ম হ’ল)। বার্নষ্টিনৰ মতে যিহেতু ব্যৱস্থাটো ভাগি পৰাৰ কোনো আশা নাই, সেয়েহে শ্রমিকসকলে তাক ধ্বংস কৰিবলৈ চেষ্টা কৰি থকাৰ সলনি ব্যৱস্থাটোৰ অধীনতে নিজৰ স্থিতি কিছু উন্নত কৰাৰ চেষ্টাহে কৰা ভাল। ইয়াৰ বিপৰীতে লাক্সেমবার্গে যুক্তি দিছিল যে নহয়, অতি সোনকালেই পুঁজিবাদে তাৰ শেষ সীমা অতিক্রম কৰিব – লাক্সেমবার্গৰ এই যুক্তি পুঁজি-সঞ্চয়ন বিষয়ক তেওঁৰ তত্ত্বৰ ওপৰত আধাৰিত আছিল।

পিছে লেনিনে এনে সমস্ত আলোচনাৰ মূল ভিত্তিটোৱেই সলনি কৰি পেলালে। তেওঁ যুক্তি দিলে যে পুঁজিবাদৰ ঐতিহাসিক কালবাহ্যতা ইতিমধ্যেই আহি উপস্থিত হৈছে, কিয়নো এতিয়া এই ব্যৱস্থাটোৱে ভীষণ তথা বাৰম্বাৰ যুদ্ধ সৃষ্টি কৰি থাকিব – যি এখন দেশৰ শ্রমিকক আন এখন দেশৰ শ্রমিকৰ তেজেৰে ফাকু খেলিবলৈ বাধ্য কৰিব; এইক্ষেত্রত প্রথম বিশ্বযুদ্ধ হৈছে তাৰ আগতীয়া উদাহৰণহে মাত্র। এইদৰেই লেনিনে পুঁজিবাদৰ কালবাহ্যতাক কোনো আর্থিক মাপদণ্ডৰ ভিত্তিত সংজ্ঞায়িত কৰাৰ বিপৰীতে তাক এক সামগ্রিক ভিত্তিত সংজ্ঞায়িত কৰিলে আৰু এইবুলি ক’লে যে ইতিমধ্যেই এই কালবাহ্যতা আহি উপস্থিত হৈছেহি।

আন্তঃসাম্রাজ্যবাদী সংঘাতে কেৱল যুদ্ধ আৰু তাৰ ফলস্বৰূপে বিপ্লৱী পৰিস্থিতি সৃষ্টি কৰাই নহয়, একে সময়তে ই সংঘটিত বিপ্লৱবোৰক বর্তি থকাতো সহায় কৰিলে। লেনিনে মৃত্যুপর্যন্ত এই কথাষাৰ মানি চলিছিল। জীৱনৰ একেবাৰে শেহৰছোৱাৰ লেখনিবোৰতো তেওঁ উল্লেখ কৰি গৈছে যে বলছেভিক বিপ্লৱ এইকাৰণেই বর্তি থাকিব পাৰিলে, কিয়নো সেই সময়ত পুঁজিবাদী শক্তিবোৰৰ মাজত শত্রুতা তথা বিভাজন অতি তীব্র হৈ আছিল। অৱশ্যে  বলছেভিক বিপ্লৱৰ বিৰুদ্ধে সামৰিক হস্তক্ষেপৰ উদ্দেশ্যৰে প্রায় তেৰখন সাম্রাজ্যবাদী দেশে সৈন্যবাহিনী পঠাইছিল, তথাপিও কিন্তু লেনিনে এই সূত্রটো মানি চলিছিল।

বিপ্লৱী পৰিস্থিতি বিষয়ক এই কথাখিনি যদি মানি লোৱা হয়, তাৰ অর্থ হৈছে – বিপ্লৱী প্রক্রিয়াটোক বাধাগ্রস্ত কৰিব পৰা একমাত্র কাৰক হ’ব পাৰে – একাংশ শ্রমিক নেতাৰ দোধোৰ-মোধোৰ তথা নমনীয় মানসিকতা। এনেস্থলত এই নমনীয় নেতাসকলৰ সৈতে যদি বিপ্লৱী অংশটোৱে সংযুক্ত ফ্রণ্ট গঢ়ি তুলিবলৈ হয়, তাৰ অর্থ হ’ব সমগ্র বিপ্লৱী প্রক্রিয়াটোকেই বাধাগ্রস্ত কৰা অর্থাৎ ই ভালক ছাৰি বেয়াহে হ’ব। মন কৰা ভাল যে ব্যক্তিগত স্তৰত মেনছেভিকসকলৰ নেতা য়ুলি মার্টভক লেনিনে বেছ ভাল পাইছিল; ‘ইস্ক্রা’ কাকতখন প্রকাশ কৰাৰ সময়ছোৱাত মার্টভ তেওঁৰ সহযোগী আছিল আৰু বহু ক্ষেত্রত মার্টভৰ নিজা পজিচনবোৰ বলছেভিকসকলৰ বেছ কাষ চপা আছিল। তথাপিও কিন্তু লেনিনে মার্টভৰ সৈতে একেলগে মিলি কামকাজ কৰিবলৈ অস্বীকাৰ কৰিলে, কিয়নো মার্টভে তেওঁতকৈ সোঁপন্থী পজিচনত থকা অন্যান্য দল-সংগঠনবোৰৰ সৈতেও মিত্রতা কৰাৰ প্রস্তাৱ দিছিল। ঠিক এইটো কাৰণতেই তৃতীয় ইন্টাৰনেচনেলে দ্বিতীয় ইন্টাৰনেচনেলৰ দলসমূহৰ লগতে “দুই আৰু আধা ইন্টাৰনেচনেলবাদী” কাউটস্কি আৰু মার্টভৰ সৈতেও একেলগে কাম কৰিবলৈ অস্বীকাৰ কৰিলে।

তাৰ অর্থ এইটো নহয় যে লেনিনে সকলোধৰণৰ সংযুক্ত ফ্রণ্টৰ বিৰোধিতা কৰিছিল। বৰং কমিউনিষ্ট ইন্টাৰনেচনেলৰ দ্বিতীয় কংগ্রেছত মানবেন্দ্রনাথ ৰয়ৰ সৈতে হোৱা বিতর্কখনিত তেওঁ ঔপনিবেশিক দেশবোৰৰ বুর্জোৱাৰ প্রতি স্থানীয় শ্রমিক শ্রেণীৰ মনোভাব কিছু নমনীয় হ’ব লাগে বুলিয়েই মতপোষণ কৰিছিল; অর্থাৎ স্থান-কাল বিশেষে তেওঁ সংযুক্ত ফ্রণ্টৰ পোষকতাও কৰিছিল। গংগাধৰ তিলকক যেতিয়া ব্ৰিটিছ চৰকাৰে বার্মালৈ নির্বাসন দিছিল, লেনিনে তেওঁৰ বেছ প্রশংসা কৰি তেওঁক প্রথমজন ভাৰতীয় ছ’চিয়েল ডেমক্রেট বুলি বিভূষিত কৰিছিল। কিন্তু ইউৰোপৰ ভূমিত তেওঁৰ সংযুক্ত ফ্রণ্ট-বিৰোধী মানসিকতাৰ কাৰণ আছিল এই যে তেওঁ বিশ্বাস কৰিছিল – বিপ্লৱী পৰিস্থিতিৰ এই দিনত নমনীয় শক্তিবোৰৰ সৈতে সংযুক্ত ফ্রন্ট গঢ়ি তুলিলে ই বিপ্লৱী প্রক্রিয়াটোক বাধাগ্রস্তহে কৰিব।

ই পিছে এটা সমস্যাৰো সৃষ্টি কৰিলে। এই “লেনিনীয় সন্ধিক্ষণ” বা “পুঁজিবাদৰ সাধাৰণ সংকট”ৰ কালত সকলো বিপ্লৱী প্রচেষ্টাই যে সফল হ’ব – তাৰ কোনো গেৰান্টি নাছিল। জার্মানিকে আদি কৰি কেইবাখনো দেশত এনে প্রচেষ্টাবোৰ বিফল হৈছিল আৰু য়ুজিন লেভিন, লাক্সেমবার্গ, লিবনিষ্ট আদি বহুতো প্রতিভাৱান বিপ্লৱী এনে প্রচেষ্টাসমূহত মৃত্যুমুখত পৰিছিল। তথাপিও কিন্তু এই ধাৰণাটো বর্তি থাকিল যে নমনীয় শক্তিবোৰৰ সৈতে যিকোনোধৰণৰ সংযুক্ত ফ্রণ্ট গঢ়া অনুচিত, কিয়নো ই বিপ্লৱী প্রক্রিয়াটোক বাধাগ্রস্ত কৰিব। সেইবাবে যেতিয়া এই বিফল বিপ্লৱসমূহৰ মৰাশৰ ওপৰত থিয় হৈ জার্মানিত নাজিবাদৰ উত্থান ঘটিল, তাৰ প্রতিৰোধ কৰিবলৈও সময়ত কোনো প্রচেষ্টা হাতত লোৱা নহল। ৱাল্টাৰ বেঞ্জামিনে আঙুলিয়াই দিছে, কমিউনিষ্ট আৰু ছ’চিয়েল ডেমক্রেটসকল একেলগে অহা হ’লে ফেচিবাদৰ উত্থান প্রতিৰোধ কৰিব পৰা গ’ল হয়। ফেচিবাদৰ বিৰুদ্ধে সংযুক্ত ফ্রন্টৰ প্রয়োজনীয়তাৰ কথা ১৯৩৬ পর্যন্তহে মানি লোৱা হ’ল আৰু কমিন্টার্নৰ সপ্তম কংগ্রেছত এই বিষয়ক প্রস্তাৱ লোৱা হ’ল। কিন্তু ইতিমধ্যেই বহু পলম হৈ গৈছিল, ফেচিবাদে ইতিমধ্যেই ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল।

নিশ্চিতভাৱেই এই কথাষাৰ সঁচা যে ৰাছিয়াত বলছেভিকসকলে বিভিন্ন নমনীয় দল – যেনে মেনছেভিক ইত্যাদিৰ সৈতে সংযুক্ত ফ্রণ্ট গঢ়ি তোলা হ’লে বিপ্লৱ কেতিয়াও সফল নহ’লহেঁতেন। মন কৰক যে য়ুলি মার্টভৰ দৰে সোঁপন্থী মেনছেভিকসকলৰ লগতে স্বয়ং বলছেভিক দলৰ জিন’ভিয়েভ, কামেনেভ আদি নেতায়ো বিপ্লৱৰ বাবে প্রয়োজনীয় সশস্ত্র অভ্যুত্থানটোৰ বিৰোধিতা কৰিছিল। অর্থাৎ বলছেভিকসকলে অকলে আগ বাঢ়ি উদ্যোগ নোলোৱা হ’লে বিপ্লৱ কেতিয়াও সফল নহ’ল হয়। আনকি বিপ্লৱৰ সময়ত বলছেভিকসকলে বাঁও ছ’চিয়েল ৰিভলুচনেৰিসকলৰ সৈতে গঢ়ি তোলা মিত্রতাও কিছু দিনৰ ভিতৰতে ভাগি গৈছিল। তথাপিও লগতে এই কথাও সত্য যে অকলে আগ বঢ়াৰ এই প্রৱণতাৰ ফলতেই এসময়ত গৈ সর্বহাৰাৰ একনায়কত্বও ছিংগল-পার্টিৰ একনায়কত্বত পৰিণত হ’ল। এই ছিংগল পার্টিৰ একনায়কত্বই অৱশেষত শ্রমিকসকলক ৰাজনীতিৰপৰা আঁতৰাই পেলালে আৰু পুঁজিবাদী পণ্য উৎপাদনৰ ক্ষেত্রত দেখা পোৱা সচৰাচৰ একাংগীকৰণ (alienation)ৰ বিপৰীতে এক নতুন ধৰণৰ একাংগীকৰণৰ জন্ম দিলে। এই একাংগীকৰণৰ ফলতেই অৱশেষত ছোভিয়েট ইউনিয়নৰো পতন ঘটিল।

স্তালিনে পাছলৈ দাবী কৰিলে যে প্রতিটো শ্রেণীৰ প্রতিনিধিত্ব এটা মাত্র দলৰ জৰিয়তেই কৰিব পৰা যায় আৰু সেয়েহে সর্বহাৰাৰ একনায়কত্বই এটা দলৰ একনায়কত্বৰ ৰূপ লোৱাটো আচৰিত কথা নহয়। এই কথাষাৰ জ্ঞানশাস্ত্রীয় (epistomology) অর্থত একেবাৰেই শুদ্ধ নাছিল – কিন্তু তাতোকৈ গুৰুত্বপূর্ণভাৱে, মার্ক্সবাদ তথা লেনিনবাদৰ সৈতে তাৰ কোনো সম্পর্ক নাছিল। স্তালিনে ঐতিহাসিক বাধ্যবাধকতাৰপৰা সৃষ্টি হোৱা পৰিঘটনা এটাক তত্ত্বগতভাৱে আদর্শ ৰূপ বুলি সূত্রায়িত কৰিলে।

অৱশ্যে বিপ্লৱে পাছলৈ যেনেধৰণৰ কর্তৃত্ববাদী (authoritarian) ৰূপ ধাৰণ কৰিলে – যাৰ ফলত শ্রমিকৰ ৰাজনৈতিক হস্তক্ষেপৰ সুযোগ একেবাৰেই কমি আহিল - তাৰ আঁৰত আন কেতবোৰ কাৰকো আছিল। কেতবোৰ কাৰকৰ জন্ম হৈছিল বিপ্লৱে সমুখীন হোৱা “বস্তুগত স্থিতি”ৰপৰা – আনহাতে আন কেতবোৰৰ সৃষ্টি হৈছিল পার্টিৰ কেতবোৰ ভুল সিদ্ধান্তৰপৰা। এইজাতীয় ভুল সিদ্ধান্ত লেনিনৰ সময়তো ল’বলৈ চেষ্টা কৰা হৈছিল যাৰ বিৰুদ্ধে লেনিনে ট্রেড ইউনিয়ন বিতর্কৰ সময়ত দৃঢ়তাৰে সংগ্রাম কৰিছিল। এইবোৰ বিষয় সম্পর্কে ইতিমধ্যেই বিস্তৰ আলোচনা হৈছে আৰু আজি মই সেইবোৰত প্রবেশ কৰাৰ প্রয়োজন নাই। মোৰ বোধেৰে এটা অন্যতম গুৰুত্বপূর্ণ বিষয় হৈছে ‘স্মিচকা’ বা শ্রমিক-কৃষকৰ মিত্রতা, যাৰ ওপৰত লেনিনে বলছেভিজমৰ প্রথমছোৱা সময়ৰেপৰা অনেক গুৰুত্ব প্রদান কৰি আহিছিল, স্তালিনৰ কালত তাৰ বিধ্বংসকৰণ। উদ্যোগীকৰণৰ বাবে প্রয়োজনীয় উদ্বৃত্ত আহৰণ কৰিবলৈকে এই বিধ্বংসকৰণ প্রয়োজনীয় বুলি ভবা হৈছিল – যাক প্রেয়ব্রেঝেন্সকীয়ে নাম দিছিল “আদিম সমাজবাদী সঞ্চয়ন”। স্মিচকাৰ বিধ্বংসকৰণ ঐতিহাসিকভাৱে প্রয়োজনীয় আছিল নে নাছিল – এই বিষয়লৈ নোযোৱাকৈও এটা কথা নিশ্চয় ক’ব পৰা যায় যে ই বিপ্লৱৰ ওপৰত এটা গভীৰ সাঁচ ৰাখি গ’ল, ই বিপ্লৱক এটা গভীৰ কর্তৃত্ববাদী ৰূপ দিলে। পাছলৈ আন এটা বক্তৃতাত মই এই বিষয়ে পুনৰ আলোচনা কৰিম।

The Eighteenth Brumaire of Louis Bonaparte গ্রন্থখনত মার্ক্সে বুর্জোৱা আৰু সমাজবাদী বিপ্লৱবোৰৰ মাজত কেতবোৰ পার্থক্য অংকন কৰিছে। বুর্জোৱা বিপ্লৱবোৰৰ সাধাৰণতেই এটা চমকপ্রদ, চকু ছাঁট মাৰি ধৰা বৈশিষ্ট্য থাকে যিটো সাধাৰণতেই সমাজবাদী বিপ্লৱবোৰত দেখা পোৱা নাযায়। সমাজবাদী বিপ্লৱবোৰ সাধাৰণতেই অধিক কঠিন, অধিক মন্থৰ, কিন্তু অধিক সুদৃঢ় হয়। এনে হোৱাটো অনিবার্য কিয়নো সর্বহাৰা বিপ্লৱৰ লক্ষ্য পূর্বৰ দৰে কোনো নতুন সম্পত্তিশালী শ্রেণীৰ শাসন প্রতিষ্ঠা কৰা নহয়। বৰং ইয়াৰ লক্ষ্য হৈছে জনগণক ইতিহাসৰ চেতনাশীল কর্তালৈ পৰিণত কৰা। সেয়েহে বিপ্লৱৰ প্রতিটো পদক্ষেপেই জনগণে বুজিব পৰা বিধৰ হ’ব লাগিব আৰু জনগণৰ হস্তক্ষেপৰ যোগেদিয়েই তাক আগ বঢ়াই নিব লাগিব – যাৰ বাবে ই অধিক মন্থৰ তথা কঠিন হ’ব। বলছেভিক বিপ্লৱে তাৰ চমকৰ জৰিয়তে সমস্ত বিশ্বৰে চকু ছাঁট মাৰি ধৰিছিল। ই নিশ্চিতভাৱেই বিশ্ব ইতিহাসৰ গতি সলনি কৰিলে আৰু ছোভিয়েট ইউনিয়নৰ পতনৰ ফালে আঙুলিয়াই দি তাক অস্বীকাৰ কৰিব পৰা নাযায়। ই মানৱ জাতিক ফেচিবাদৰপৰা ৰক্ষা কৰিলে, ই উপনিবেশবোৰৰ জাতীয় মুক্তি সম্ভৱপৰ কৰি তুলিলে, ই সমস্ত বিশ্বতেই নোহোৱা-নোপজা বিধৰ এক বিশাল কল্যাণকামী ৰাষ্ট্রযন্ত্র নির্মাণ কৰিলে। কিন্তু একে সময়তে অক্টোবৰ বিপ্লৱৰ এই মহান চমকেই তাৰ দুর্বলতাবোৰৰ প্রতিও আঙুলিয়াই দিয়ে। নিশ্চিতভাৱে এই দুর্বলতাৰ বাবেই অৱশেষত ছোভিয়েট ইউনিয়নৰ পতন ঘটিল তথা এই দুর্বলতা বিপ্লৱৰ জন্ম পৰিস্থিতিৰ মাজতেই লুকাই আছিল – কিন্তু তাৰ অর্থ এইটোও নহয় যে বিপ্লৱ সংঘটিত হ’বই নালাগিছিল বা বিপ্লৱ নোহোৱা হ’লে পৃথিৱীখনৰ অৱস্থা আজিতকৈ ভাল হ’ল হয়। অক্টোবৰ বিপ্লৱে ইতিহাসত তাৰ নির্দিষ্ট ভূমিকা পালন কৰি গ’ল আৰু আজি এই অভিজ্ঞতাৰপৰা উচিত শিক্ষা গ্রহণ কৰাটো হৈছে আমাৰ অন্যতম কর্তব্য।

সমাপ্ত

Share Button
Print Friendly, PDF & Email

No Comments : "অক্টোবৰ বিপ্লৱ আৰু মার্ক্সীয় তত্ত্ব - (মূল: প্রভাত পাটনায়ক অনুবাদ : ময়ূৰ চেতিয়া)"

Leave a Comment

Your email address will not be published. Required fields are marked *