অতিথি চ’ৰাৰ সম্পাদকৰ সম্পাদকীয় - (সৃষ্টি শ্রেয়ম )

এক : একাশী

সভ্য পৃথিৱীখনত চলচ্চিত্র বা চিনেমা হৈছে আচলতে এটা জাতিৰ ‘ষ্টেটাছ চিম্বল’। চিনেমাৰ শব্দ-চিত্র-সঙ্গীত-কেওবিধ কলাৰূপৰ স’তে টেকন’ল’জিৰ প্রায়োগিক মাপে নির্ণয় কৰে আমি পৃথিৱীখনৰ প্রগতিশীল জাতিবোৰৰ বৌদ্ধিক দৌৰত কোনখিনিত। একাশী বছৰ সময় - বহুত সময়। কিন্তু আমাৰ অসমীয়া চিনেমাৰ বৃদ্ধি-বিকাশৰ গঢ়-গতি দেখি এনে লাগে যেন ই বুদ্ধত্ব নোপোৱাকৈয়ে বৃদ্ধ হ’বৰ হ’ল। ১৮৯৫ৰ ফেব্রুৱাৰিত ফ্রান্সৰ লুমিয়েৰ ভ্রাতৃদ্বয়ে লণ্ডনত প্রথম চলচ্চিত্র নির্মাণ কৰাৰ তিনি বছৰ পাছত ১৮৯৮ চনত হীৰালাল সেনে ‘The Flower Of Persia’ নামৰ ভাৰতৰ প্রথমখন চুটি চলচ্চিত্র নির্মাণ কৰিছিল। তাৰ ১৫ বছৰৰ পিছত ভাৰতৰ প্রথম পূর্ণ দৈর্ঘৰ চলচ্চিত্র নিৰ্মাণ কৰিছিল দাদা চাহেব ফাল্কেয়ে ১৯১৩ চনত। অ-বাকভাৱে নির্মিত এইখন চিনেমা আছিল ‘ৰাজা হৰিশ্চন্দ্র’। ইয়াৰ পাছত ১৯৩১ চনত পোন প্রথমবাৰৰ বাবে সবাক ভাৰতীয় চিনেমা নির্মাণ হয়। সেয়া আছিল আৰ্দেশী ইৰানীৰ ‘আলম আৰা’। গুৰুত্বপূর্ণ কথাটো এয়ে যে ১৯১৩ৰপৰা ১৯৩১লৈ এই ১৮ বছৰত প্রায় ১৩০০খন নির্বাক চুটি কাহিনী-চিত্র নির্মাণ হয় বুলি জনা যায়। এতিয়া আমি চাওঁ অসমলে’। ১৯৩৫ চন। ‘আলম আৰা’-ৰ চাৰি বছৰ মাত্র। ব্ৰিটিছ অধ্যুষিত অসমত তেতিয়া আকাশে-বতাহে বিপ্লৱী চেতনা। তেনে সময়তে জাৰ্মানিৰপৰা সঙ্গীত আৰু চিনেমাৰ কাৰিকৰী জ্ঞান লৈ উভতি অহা জ্যোতিপ্রসাদ আগৰৱালাই তেজপুৰৰ ভোলাগুৰি চাহ বাগিছাত কলগছ-কাঠ-বাঁহৰ ষ্টুডিঅ’ সাজি অসমৰ পটভূমিত অসমীয়া চিনেমা বনোৱাৰ দুঃসাহস কৰিছিল। নাৰী চৰিত্রৰ বাবে ছোৱালী বিচাৰি ঘৰে ঘৰে ঘূৰি, নিম্ন মানৰ কাৰিকৰী সামগ্রীৰ বাবে শ্বুটিঙৰ পিছত অকলেই কেওটি চৰিত্রৰ বাবে নিজে ডাবিং কৰি জ্যোতিয়ে মুক্তি দিছিল ‘জয়মতী’। ভাৰতীয় সবাক চিনেমাই মুক্তি পোৱাৰ চাৰি বছৰৰ ভিতৰতে ইমান প্রতিকূলতাৰ মাজতো অসমীয়া চিনেমাই মুক্তি পাইছিল। বিপ্লৱকেই প্রগতিৰ পথ বুলি ভবা জ্যোতিৰ ক্ষেত্রত আক্ষৰিক অর্থতে এয়া আছিল এক বিপ্লৱ। ১৯৩৯ত জ্যোতিপ্রসাদেই দ্বিতীয় অসমীয়া চিনেমা ‘ইন্দ্রমালতী’ আৰু ১৯৪১ত ৰোহিণী কুমাৰ বৰুৱাই তৃতীয়খন অসমীয়া চিনেমা ‘মনোমতী’ নিৰ্মাণ কৰি উলিয়ায়। তাৰ পাছত বছৰ-দুবছৰত এখন-দুখনকৈ লেহেমীয়াকৈ অসমীয়া চিনেমাই মুক্তি পাই থাকিল। স্বৰাজোত্তৰ কালছোৱাত আমাৰ চিনেমা নিৰ্মাণৰ হাৰে কিছু গতি ল’লে যদিও ইয়াৰ উদ্ভৱ কাললৈ চাই বৰ্তমান প্ৰেক্ষাপটত এই অঙ্ক পুতৌ লগা। এতিয়া কথা হ’ল সেই তেতিয়াৰপৰা এতিয়ালৈ ভাৰতীয় চিনেমা বা কাষৰ বাঙালী চিনেমাই যি গতি আৰু বিৱৰ্তন লাভ কৰিলে তাৰ তুলনাত আমাৰ চিনেমা ক’ৰবাতে থাকিল কিয়। দেখা যায়, বজাৰ অথবা কলাত্মক দিশত তামিল, তেলেগু, মালয়ালম, মাৰাঠী ইত্যাদি চিনেমাও আজি কোনোবাখিনিত। এই সকলো ভাষাৰ চিনেমাই আজি ভাৰতীয় চিনেমাৰ ‘face’স্বৰূপ বলিউডক টক্কৰ দিব পৰা পর্যায়ত বা তাতোকৈ বহু উচ্চ স্তৰত নিজকে প্রতিষ্ঠা কৰিছে। তামিলভাষাৰ ওচৰত কে বালচন্দৰ, মণি ৰত্নম, কমল হাছান, শঙ্কৰ আছে; তেলেগুত বি নৰসিংহ ৰাও, এন টি ৰামাৰাও, এছ ৰাজামুলি আছে; মালায়ালমত অদূৰ গোপালকৃষ্ণন, প্রিয়দর্শন; মাৰাঠীৰ ওচৰত মহেশ মঞ্জৰেকাৰ, নাগৰাজ মঞ্জুলে; বাঙালীৰ ওচৰত সত্যজিত ৰায়, ঋত্বিক ঘটক, ঋতুপর্ণ ঘোষ, অপর্ণা সেন আছে – আমাৰ? মাজতে টি ছার্ট-ত লিখা দেখা মনত পৰে, “সেই এজনেই ভূপেনদা”। - ঠিক তেনেকৈ ‘এজনেই জাহ্নু বৰুৱা’ বা তেনেকুৱা কিবা এটা? এক অনুপাত একাশী? একাশী বছৰত ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিব পৰা এটা নাম? তাকো বন্ধনীৰ ভিতৰত এডাল প্রশ্নবোধক দি! তেনেহ’লে কি আমি স্বীকাৰ কৰিবই লাগিব নেকি যে আমি সঁচাই ভোদা? পাছপৰা? ৩ মিনিটৰ ভিতৰত নাম ল’বলে’ দিলে যদি পাঁচজন ঔপন্যাসিক, তিনিজন গল্পকাৰ, দুজন সমালোচক, এজন চিত্রকৰ, আধাজন ভাস্কৰৰ নাম মনলে’ আহে আৰু ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পর্যায়ৰ নাম সুধিলে যদি আধা ঘন্টা ঘেঁহাই ঘেঁহাই পাৰ কৰিব লগা হয় - তেন্তে এয়াইতো সঁচা - নহয়নে? সাহিত্য-চিনেমাৰ ক্ষেত্রত বাঙালী-অসমীয়াৰ আৰম্ভণি প্রায় সমসাময়িক। কিন্তু বিবর্তনৰ গ্রাফকেইডালত আকাশ-পাতাল পার্থক্য নহয়নে? মানৰ কথা বাৰু ব্যক্তি বিশেষলে এৰিলোঁ; কিন্তু সংখ্যাৰ ফালৰপৰা? কিয়? এজনৰ/এখনৰ স্বর্ণকমল-ৰজতকমলে গোটেই উদ্যোগটোৰ উন্নতি নির্দেশ কৰেনে? আমাৰ উৎপাদন কিয় ইমান কম? আলফাই হিন্দী চলচ্চিত্ৰৰ আগ্ৰাসন বন্ধ কৰিবলৈ যাওঁতে অসমীয়া চিনেমাই নিজৰ আসনখনো হেৰুৱালে। এনেই কম উৎপাদনৰ অসমীয়া চলচ্চিত্ৰ উদ্যোগটোৱে তেতিয়াই বেয়াকৈ কঁকাল থেকেচা খালে সঁচা, কিন্তু সেই সময় আঁতৰি যোৱাৰোতো দিনচেৰেক হ’ল। সেই দিনৰ লোকচান পূৰাবলৈ প্রকৃততে এতিয়া দুগুণ জোৰেৰেহে দৌৰিবলৈ হ’ল। আমি এই লেখা-মেলা, ছবি-চিনেমাৰ দৌৰত পিছ পৰি থকাৰ অন্য এটা কাৰণ হিচাপে মনলে’ আহে - জাতীয়তাবোধ থকা যেন লাগিলেও আমি, অসমীয়া আচলতে দুৰ্বল আত্মবিশ্বাস আৰু আত্মসন্মানৰ জাতি। কলিকতাত বহুবছৰ থকা আমাৰ কলেজীয়া বন্ধু এজনে কথা প্রসঙ্গত কৈছিল যে আমাৰ ষ্টেটাচ অসমীয়া নজনাত, বিষ্ণুৰাভা নজনাত; বাঙালীৰ ষ্টেটাচ কিমান ৰবীন্দ্ৰ সঙ্গীত জানে তাত। বাঙালীক ভাত নহ’লেও চলিব- নিজৰ চিত্র-গীত-সাহিত্য-ৰ অভ্যাসৰ তাৰতম্য নচলিব। কথাটো দলিয়াই দিব পৰা নহয়। ফৰাচী চিনেমা ফৰাচী সাহিত্য, জাৰ্মান চিনেমা জাৰ্মান সাহিত্য- শিল্প-সাহিত্যত ৰাজ কৰি থকা যি জাতিলৈকে চাওঁ প্রত্যেকেই প্রথমে নিজ ভাষা-সংস্কৃতিক বৰপীৰাত বহোৱাইহে আনক আকোঁৱালি লৈছে। নিজৰ মাটিৰ essence গুৰুত্বপূর্ণ নোহোৱা হ’লে ব্ৰিটেইন, জার্মানি দেখি অহা ডেকা ল’ৰা এটাই দুখুনী অসমীৰ কাহিনী নেদেখুৱাইও পাৰিলহেঁতেন। সেই সকলো কথা সামৰি এতিয়া সবাতোকৈ গুৰুত্বপূর্ণ কথাটো হৈছে, আমাক কাম লাগে। খালী ময়দানত এজন খেলুৱৈয়ে তেওঁৰ শ্রেষ্ঠত্ব উজাৰিব নোৱাৰে। তেওঁৰ সম্ভাৱনাৰ বিকাশ নহয়। সেই কাৰণেই প্রতিদ্বন্দ্বী লাগে। আৰু তিনি কোটিৰ (অৱশ্যে তাত ভাষিক তাৰতম্য আছে) ভিতৰত তিনিজনৰ অংশগ্রহণে জাতিৰ সামগ্রিক অগ্রগতিৰ খতিয়ান দাঙি নধৰে, সেই কাৰণেই সংখ্যা লাগে। উদ্যোগটোত Mass আৰু class-অৰ ভাৰসাম্যৰ বাবে বাণিজ্যিক আৰু কলাত্মক, দুইবিধ চলচ্চিত্রৰ সন্মানজনক সহাৱস্থান লাগে। অসমৰ চিনেমা উদ্যোগটোৰ ক্ষেত্ৰত ধাৰাবাহিকভাৱে বহুত কাম হৈ থাকিলেহে উদ্যোগটোৰ বৃদ্ধিৰ লগতে বিকাশৰ সম্ভাৱনা বেছি। সেইকাৰণেই চলচ্চিত্রপ্রেমী আৰু চৰকাৰ - দুয়োপক্ষই অধিক অসমীয়া চিনেমা চোৱা, দেখুওৱা আৰু বনোৱাৰ উদ্যোগ ল’ব লাগিব। কিন্তু নির্মাতা অৱশ্যেই সচেতন হ’ব লাগিব - ‘parallel’ হওক বা popular front-অৰ commercial - যিয়ে নহওক, পর্দাত যি কৰা যায় সেয়া পতিয়ন নিব পৰাতহে চিনেমাৰ প্রাণ। নহ’লে দৰ্শকৰ কাৰণে ষ্টেজ আৰু চার্কাছো আছে।

আমাৰ সাংস্কৃতিক পৰিবেশ আৰু সংস্কৃতি চর্চা

আমাৰ অসমত কোনো এটা বিষয়ৰ চর্চাৰ পৰিবেশটোও বেছ গণ্ডগোলীয়া। ভাগ্যৱান দুই-এজনক বাদ দি এজনে আনজনক ভাল কিতাপ recommend নকৰা, ভাল চিনেমা recommend নকৰা, ফটোশ্বপ শিকাই নিদিয়া মানুহৰ সংখ্যা অসমত যেতিয়ালৈকে নকমে তেতিয়ালৈকে সামূহিক অগ্রগতি ক্ষিপ্র হোৱাৰ আশা কৰাটো বাতুলামি। চিনেমাৰ ক্ষেত্রত পাৰস্পৰিক সহযোগ উল্লেখ কৰিব নলগীয়া অপৰিহার্য কথা। এইখিনিতে মনত পৰিছে ‘আড্ডা’ নামৰ চুটি চলচ্চিত্র নির্মাণকাৰী দলটোৰ প্রাৰম্ভিক অৱস্থাৰ বিষয়ে এজন সদস্য সূৰয দুৱৰাই কোৱা কথা। তেওঁলোকে কাৰিকৰী কাম-কাজৰ বাবে technician-অক মাননি দিব নোৱাৰিছিল বাবে পৰস্পৰে পৰস্পৰৰ চিনেমাত নিজৰ নিজৰ শ্রমদানেৰে সহযোগ কৰি কাম আগ বঢ়াই নিছিল। এই কথাটো, এই মানসিকতাটো অতি আশাব্যঞ্জক। এই কাৰণে নহয় যে আৰামত খাই-বৈ শুই থকা অসমীয়া জাতিৰ দৰিদ্ৰ চিনেমা উদ্যোগটো ঠন ধৰি উঠাত এই কার্যই কোনো ডাঙৰ ভূমিকা ল’ব। কিন্তু শুভাশা আৰু সহযোগৰ এইযে দৃষ্টান্ত, সেই দৃষ্টান্তৰ positivity-য়ে বহুজনক পুঁজিৰ বাবে ৰৈ নাযাবলৈ উদগনি যোগাব। অসমৰ দৰে ঠাইত ‘বকুল’ নামৰ ধুনীয়া চিনেমাখন ‘crowd funding’অৰ সফলতাৰ উদাহৰণ হোৱাটো সেই শুভাশাৰেই প্রতিফলন নহয় জানো?
(ক’বলে থাকি গৈছিল - সেই তেতিয়া ইজনে সিজনক শ্রমদান কৰি চুটি চিনেমা বনোৱা সূৰয দুৱৰা আজি ৰজত কমল বিজয়ী পৰিচালক।)

চুটি চিনেমা : পূর্ণ দৈর্ঘ্যৰ চিনেমাৰ এটি সমান্তৰাল ধাৰা

আচলতে এই সময়ত আমি Short film বা চুটি চিনেমাক (৪০মিনিটৰ কম চিনেমা) এটা ছিৰিয়াছ বা পূর্ণ দৈর্ঘ্যৰ চিনেমাৰ এটি সমান্তৰাল ধাৰা হিচাপে ল’ব পৰা হৈ গৈছোঁ। সাহিত্যত যিদৰে উপন্যাস আৰু গল্প - দুইটা ধাৰাই সমান ছিৰিয়াছভাৱে সহাৱস্থান কৰে তেনেকৈ অসমত পূর্ণ দৈর্ঘ্যৰ ছবি আৰু চুটি চিনেমাই নিশ্চয় সহাৱস্থান কৰিব পাৰে। চুটি চিনেমা পূর্ণ দৈৰ্য্ ৰ চিনেমাৰ বিকল্প অৱশ্যেই নহয়, বৰঞ্চ ই নিজস্ব ষ্টাইল আৰু বৈশিষ্ট্যৰে গৰিমামণ্ডিত। কলাবিধৰ প্রতি আমি - দর্শকৰ আদৰণি বা সঁহাৰিয়ে নিৰ্মাতাসকলকো উৎসাহিত কৰিব। চুটি চিনেমাৰ প্রত্যাহ্বান আছে, কিন্তু তাৰ সম্ভাৱনা যথেষ্ট।

চিনেমাৰ এটা মুখ্য আৰু প্রাথমিক চৰ্ত হৈছে বাজেট। আঁঠুৱা চাই ঠেং মেলাৰ দৰে কথা। অসমত বর্তমান চলচ্চিত্র নিৰ্মাণ কৰিব খোজাসকলে ভালকৈ জানে - বিনিয়োগ কৰিবলে’ অহা প্রযোজকৰ scenario কি। প্রযোজকৰ অভাব বা প্রযোজকৰ মন-মৰ্জিত চিনেমাৰ নামত শেষ ফলাফলত আপোচ- এই ধৰণৰ মূৰ বিষৰ পৰা চুটি চিনেমা বনাবলে মন মেলা সকলৰ সৃষ্টিশীলতাই নিশ্চয় কিছু ৰেহাই পাব পাৰে। মাজতে অসমত ডাঙৰ পর্দাৰ বিকল্পৰ দৰে আবির্ভাব হৈ বাৰমহীয়া বিহুৰে তাণ্ডৱ দেখুৱাই ক’তো কোনো সাঁচ নোথোৱাকৈ (জানমণি আৰু জোনবাইলৈ ক্ষমা-প্রার্থনা) আকৌ লুকাই যোৱা ভিচিডিকো হয়তো আমি চুটি চলচ্চিত্রৰ মাধ্যম হিচাপে ল’ব পাৰোঁ। এই ভিচিডিসমূহে অসমৰ গাঁৱে-ভূঞে কিছু বছৰ ধৰি যি বা-মাৰলিৰ সৃষ্টি কৰিছিল, চিনেমা হল নোহোৱা, চিনেমা নোহোৱা সময়ত সেয়া আচলতেই আমাৰ চিনেমাজগতৰ মানুহখিনিৰ বাবে উৎসাহজনক হ’ব পাৰিলহেঁতেন যদিহে গৰিষ্ঠসংখ্যক নির্মাতা-নির্দেশকে সময় বুজি মাধ্যমটোক মাথোঁ বিহুনাচৰ ধেমেলীয়া অজুহাত হিচাপে ন’লৈ ছিৰিয়াছ কাম কৰাৰ মাধ্যম হিচাপে আঁকোৱালি ল’লেহেঁতেন। ইয়াৰ accessibility বা সহজলভ্যতাই চিনেমা হললৈ গৈ চিনেমা চাবলে’ নোপোৱা বুজনসংখ্যক দর্শককো বিহুনাচৰ পথাৰ সিপাৰৰ অসমীয়া চিনেমাৰ জগত এখন দেখুৱালেহেঁতেন। চুটি চিনেমা নির্মাতাই এই কথাটো হয়তো ভাবি চাব পাৰে। অৱশ্যে, চিনেমাৰ ‘লাৰ্জাৰ দেন লাইফ’ অনুভৱটো প্রকৃততেই ডাঙৰ পৰ্দাতহে পোৱা যায়। সেই ক্ষেত্রত চুটি ছবি এখন একোখন proper চিনেমাৰ দৰে হলত - ডাঙৰ পৰ্দাত কেনেকৈ প্রদর্শন কৰিব পৰা যাব? এই ক্ষেত্রত আমি ‘বম্বে টকিজ’ৰ উদাহৰণ ল’ব পাৰোঁ। ভাৰতীয় চিনেমাৰ শতবর্ষ উপলক্ষে চিনেমাৰ (আচলতে বলিউডৰ) প্রভাৱক বিষয় হিচাপে লৈ নির্মাণ কৰা চাৰিজন পৰিচালকৰ চাৰিখন চুটি ছবি একত্রিত কৰি এখন পূর্ণ দৈৰ্য্ৰৰ চিনেমাৰ (১২৭মিনিট) দৰেই ৰিলিজ দিয়া হ’ল। প্রায় ৬.৫ কোটি বাজেটৰ চিনেমাখনৰ উপাৰ্জনো বেয়া নাছিল - প্রায় ১৭ কোটি। সেইদৰেই আমাৰ চাৰি-পাঁচজন পৰিচালকে নিজাববীয়াকৈ ১৫/২০ মিনিটৰ চাৰি/পাঁচখন চুটি চিনেমা নিৰ্মাণ কৰি তেনেকৈ ৰিলিজ দিয়াৰ কথাটো চিন্তা কৰিব পাৰি নিশ্চয়।

চুটি ছবিক পূর্ণ দৈৰ্য্ণৰ ছবি নির্মাণৰ অনুশীলন হিচাপেই লয় বহুজনে। কিন্তু ই নিজেই এটা স্বয়ংসম্পূর্ণ কলাৰূপ। চার্লি চ্যাপলিনৰপৰা আব্বাচ কিয়ৰ’ষ্টমি, ৰোমান প’লানস্কি, বুনুৱেল, টাৰক’ৱস্কি, গডাৰ, কিছলৱস্কি, David Lynch, Jean-Pierre Jeunet, খ্ৰীষ্ট’ফাৰ ন’লান, টিম বাৰটন, সত্যজিত ৰায়ৰ চুটি চিনেমাবোৰ চালে [সংখ্যাত কম হ’লেও] কোনোধৰণৰ অতৃপ্তি বাকী নৰয়। চুটি চিনেমাৰ এটা ধনাত্মক দিশ এইটো যে low budget বা no budget-এৰেও ই চমৎকাৰী ফলাফল দিব পাৰে। ই চিন্তা উদ্রেককাৰী হ’ব পাৰে বা মনোৰঞ্জনধৰ্মী হ’ব পাৰে। সময় কম বাবে আৰু বেছি কথা কোৱাৰ সুবিধা নথকা বাবে ই এটা মিতব্যয়ী, নিটোল শিল্পবস্তুত পৰিণত হোৱাৰ সুবিধা বেছি। এই কথাটো গুৰুত্বসহকাৰে ল’লে আমি লাভান্বিত হ’ম নিশ্চয়। মুঠতে চিনেমা হ’ব লাগে। চুটি, দীঘল, বেয়া, ভাল সকলোধৰণৰ চিনেমা হ’ব লাগে। পৰাধীন দেশ এখনত তেত্রিশ বছৰীয়া ল’ৰা এজনে সকলোৰে বাবে কাটি যোৱা বাটটোত দূবৰি গজিব নালাগে; পাৰিলে তাক ‘পকী’ কৰিব লাগে।

শেষত, এই সংখ্যাটিৰ অতিথি চ’ৰাটো চাবলে’ দিয়া বাবে আৰু সকলোধৰণৰ সহযোগিতা আগ বঢ়োৱা বাবে ‘মুক্ত চিন্তা’ পৰিয়াললৈ কৃতজ্ঞতা জনালোঁ। ‘অসমীয়া চিনেমাৰ একাশী বছৰীয়া যাত্রাৰ গতি-প্রকৃতি ধৰি ৰখাৰ মানসেৰে আমি চিনেমাৰ সকলো দিশৰ প্রবন্ধ আৰু চলচ্চিত্রজগতৰ সকলো দিশৰ লগত জড়িত শিল্পী-কলা কুশলীৰ সাক্ষাৎকাৰৰ আঁচনি কৰিছিলোঁ। লিখনি আৰু সাক্ষাৎ গ্রহণেৰে যিসকলে আমাক সহযোগ কৰিলে তেওঁলোকলৈ আন্তৰিক ধন্যবাদ যাচিলোঁ।
জ্যোতিপ্রসাদলৈ এয়ে আমাৰ মৃত্যু বাৰ্ষিকীৰ অর্ঘ্য।

সৃষ্টি শ্রেয়ম

Share Button
Print Friendly, PDF & Email

No Comments : "অতিথি চ’ৰাৰ সম্পাদকৰ সম্পাদকীয় - (সৃষ্টি শ্রেয়ম )"

Leave a Comment

Your email address will not be published. Required fields are marked *