অতিথি সম্পাদকৰ চ'ৰাচতুৰ্থ বছৰচতুৰ্থ বছৰ (চতুৰ্থ সংখ্যা)

অতিথি সম্পাদকৰ কলম- (ভবেশ নাথ)

“বিপ্লৱ” শব্দটোৱে সাধাৰণ অৰ্থত আমূল পৰিৱৰ্তনক প্ৰতিনিধিত্ব কৰে। “বিপ্লৱ” শব্দটোৰ ইংৰাজী প্ৰতিশব্দ “revolution” শব্দটো লেটিন ভাষাৰ ”revolutio” শব্দটোৰ পৰা উৎপত্তি হৈছে, যাৰ অৰ্থ হৈছে “turn around” অৰ্থাৎ “সম্পূৰ্ণ পৰিৱৰ্তন”। গ্ৰীক দাৰ্শনিক এৰিষ্ট’টলে তেওঁৰ “Politics” নামৰ গ্ৰন্থখনৰ পঞ্চম অধ্যায়ত উল্লেখ কৰিছে যে –” A revolution means any major or minor change in the constitution.”  এৰিষ্ট’টটলৰ সংজ্ঞাৰ আঁত ধৰি আমি ক’ব পাৰো যে প্ৰচলিত নীতি-নিয়মবোৰৰ মুখ্য আৰু গৌণ পৰিবৰ্তনেই হৈছে বিপ্লৱ। মানৱ সমাজৰ ইতিহাসো গঢ় লৈ উঠিছে প্ৰচলিত নীতি-নিয়মৰ পৰিৱৰ্তন প্ৰক্ৰিয়াৰ মাজেৰে। দলবদ্ধভাৱে চিকাৰ কৰি জীৱন নিৰ্বাহ কৰা আদিম সাম্যবাদী সমাজখনৰ পৰা আজিৰ পুঁজিবাদী সমাজ ব্যৱস্থালৈ মানৱ সমাজৰ পৰিৱৰ্তনৰ প্ৰক্ৰিয়াটো প্ৰকৃততে প্ৰচলিত নীতি-নিয়মৰ বিৰুদ্ধে মানৱ সমাজে কৰা সংগ্ৰামৰেই এক পৰিণতি।

উল্লেখযোগ্য যে মানৱ সমাজে বিভিন্ন সময়ত প্ৰচলিত নীতি-নিয়মৰ বিৰুদ্ধে কৰা সংগ্ৰামৰ এই ঐতিহাসিক সত্যটোক পোন প্ৰথমবাৰৰ বাবে আৱিষ্কাৰ কৰিছিল জাৰ্মান দাৰ্শনিক, সমাজ বিজ্ঞানী কাৰ্লমাৰ্ক্সে। কাৰ্লমাৰ্ক্সেই হৈছে পৃথিৱীৰ প্ৰথমজন দাৰ্শনিক যিয়ে সমাজ বিকাশৰ ইতিহাসক বিজ্ঞানসন্মতভাৱে বিশ্লেষণ কৰিছিল। মাৰ্ক্সৰ সময়খিনি আছিল ১৯ শতিকাৰ ইউৰোপৰ শিল্প বিপ্লৱৰ যুগ। ঔদ্যোগীকৰণৰ সময়ছোৱাত ঘটা সকলোবোৰ ঘটনা মাৰ্ক্সে নিজে পৰ্যবেক্ষণ কৰিবলৈ সুবিধা পাইছিল। উদ্যোগৰ মালিক গোষ্ঠীৰ শোষণ-অত্যাচাৰত জৰ্জৰিত হোৱা শ্ৰমিক শ্ৰেণীৰ অৱহেলিত ছবিখন মাৰ্ক্সে নিজে দেখিছিল। এইবোৰ দেখি-শুনি মাৰ্ক্সে এই ব্যৱস্থাৰ পৰিৱৰ্তন বিচাৰি ইতিহাসৰ বিভিন্ন সামাজিক স্তৰসমূহৰ বিষয়ে অধ্যয়ন কৰিবলৈ লয়। এই অধ্যয়নৰ অন্তত মাৰ্ক্সে এটা সিদ্ধান্তত উপনীত হৈছিল যে সমাজ বিকাশৰ ইতিহাস হৈছে বিভিন্ন সামাজিক ব্যৱস্থাসমূহত সংঘটিত হোৱা শ্ৰেণী দ্বন্দ্বৰ ইতিহাস। তেওঁ ইয়াকো আৱিষ্কাৰ কৰিছিল যে এই দ্বন্দ্বসমূহ এক নিৰ্দিষ্ট নিয়মৰ মাজেৰে আগবাঢ়ে। উদাহৰণস্বৰূপে আদিম দাস ব্যৱস্থাত আমি দুটা শ্ৰেণী দেখিবলৈ পাওঁ। শোষিত অৱহেলিত দাস শ্ৰেণী আৰু দাসৰ মালিক শ্ৰেণী। দাসসকলে মালিক শ্ৰেণীৰ শোষণৰ বিৰুদ্ধে কৰা দ্বন্দ্বৰ(সংগ্ৰাম) পৰিণতিতেই আদিম দাস ব্যৱস্থা ভাঙি সামন্তবাদী ব্যৱস্থা গঢ় লৈ উঠিল। আকৌ সামন্তবাদী ব্যৱস্থাটো সামন্ত প্ৰভু(ভূমিৰ গৰাকী) আৰু তেওঁলোকৰ মাটিত কাম কৰা অৰ্থাৎ শ্ৰমিকসকল- এই দুটা শ্ৰেণীৰ সৃষ্টি হ’ল। এই ব্যৱস্থাত শ্ৰমিকসকলে সামন্ত প্ৰভুসকলৰ শোষণৰ বিৰুদ্ধে কৰা দ্বন্দ্বৰ বাবেই এটা সময়ত সামন্তবাদী ব্যৱস্থা ভাঙিল আৰু নতুনকৈ পুঁজিবাদী ব্যৱস্থা গঢ় লৈ উঠিল। এই পুঁজিবাদী ব্যৱস্থাতো দুটা শ্ৰেণী – পুঁজিপতি আৰু শ্ৰমিকসকল। বৰ্তমানে এই শ্ৰমিক শ্ৰেণীয়ে পুঁজিপতিসকলৰ শোষণৰ বিৰুদ্ধে সংগ্ৰামৰত। মাৰ্ক্সৰ মতে এই শ্ৰমিক শ্ৰেণীয়েও পূৰ্বৰ দাস আৰু সামন্তবাদী ব্যৱস্থাৰ  শ্ৰমিকসকলৰ দৰেই সংগ্ৰামৰ মাজেৰে নতুন সমাজ ব্যৱস্থা এটা গঢ় দিব যাৰ নাম হৈছে সমাজবাদী সমাজ ব্যৱস্থা। আনহাতে, মাৰ্ক্সৰ মতে এই দ্বন্দ্বসমূহৰ সৈতে মানুহৰ উৎপাদন প্ৰক্ৰিয়া প্ৰত্যক্ষভাৱে জড়িত। মানুহক নিজক জীয়াই ৰাখিবলৈ মূলতঃ অন্ন, বস্ত্ৰ আৰু বাসস্থানৰ প্ৰয়োজন। অন্নৰ বাবেই মানুহে উৎপাদন কৰে।কিন্তু এই উৎপাদন কৰিবলৈ যাওঁতে উৎপাদনৰ আহিলাসমূহৰ মালিকানাৰ কথাটো আহি পৰে‌। উৎপাদনৰ আহিলাসমূৰ ওপৰত যাৰ কৰ্তৃত্ব থাকে, সেই শ্ৰেণীটোৱে বিনা শ্ৰমে ভোগ কৰিবলৈ সুবিধা পায়‌।আদিম দাস ব্যৱস্থাত উৎপাদনৰ আহিলাৰ গৰাকী আছিল দাস প্ৰভুসকল,সামন্তবাদী  ব্যৱস্থাত সামন্ত প্ৰভুসকল আৰু পুঁজিবাদী ব্যৱস্থাত পুঁজিপতিসকল বৰ্তমান উৎপাদনৰ আহিলাৰ গৰাকী। উৎপাদনৰ আহিলাসমূহ নিজৰ অধীনত ৰাখি মালিকসকলে শ্ৰমিকসকলক ব্যৱহাৰৰ জৰিয়তে নিজৰ উৎপাদন প্ৰক্ৰিয়া কায়েম ৰাখে। গতিকে উৎপাদনৰ আহিলাসমূহৰ মালিকসকলৰ সৈতে উৎপাদনৰ আহিলাসমূহৰ গৰাকী নোহোৱা শ্ৰমিকসকলৰ দ্বন্দ্বৰ মাজেৰেহে নতুনকৈ সমাজ ব্যৱস্থা গঢ় লৈ উঠে। আনহাতে, উৎপাদনৰ আহিলাসমূহৰ মালিকানা নিজৰ অধীনত ৰাখিবলৈ গৰাকীসকলে বিভিন্ন ব্যৱস্থা হাতত লয়। পুঁজিবাদী সমাজ ব্যৱস্থাত ৰাষ্ট্ৰ, পুলিচ ব্যৱস্থা, ধৰ্ম, সংস্কৃতি – এইবোৰ উপাদানৰ ব্যৱহাৰৰ জৰিয়তে শ্ৰমিকসকলক তেওঁলোকৰ শোষণ সম্পৰ্কে অৱচেতন কৰি ৰখা হয় বা শোষণ সম্পৰ্কে অৱগত হ’লেও দমনমূলক প্ৰক্ৰিয়াৰে তাক দমাই ৰাখিবলৈ প্ৰচেষ্টা চলোৱা হয়। গতিকে মাৰ্ক্সে উৎপাদনৰ এই মালিকানা  সমূহীয়া মালিকানালৈ পৰিৱৰ্তিত কৰাৰ কথা কৈছে বিপ্লৱৰ মাজেৰে। মাৰ্ক্সে কোৱা সমাজবাদী ব্যৱস্থাত কোনো ব্যক্তিগত মালিকানা নাথাকে, সকলোবোৰ সমূহীয়াভাৱে এই ব্যৱস্থাত ব্যৱহাৰ কৰা হ’ব।

    মানৱ সমাজৰ পৰিৱৰ্তনৰ এই ঐতিহাসিক সত্যটোক সাৰোগত কৰি যিসকল মহান ব্যক্তিয়ে পৃথিৱীত নতুন সমাজ ব্যৱস্থা গঢ় দিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল সেইসকলেই হৈছে ইতিহাসৰ মহান বিপ্লৱীসকল। বিশ্বত পোন প্ৰথমবাৰৰ বাবে ছোভিয়েট ৰাছিয়াত জাৰৰ শাসনতন্ত্ৰৰ বিৰুদ্ধে বিপ্লৱ সংঘটিত কৰি মাৰ্ক্সৰ সমাজবাদী অৰ্থনীতিৰ দেশ গঢ়ি তুলিছিল মহান বিপ্লৱী মহামতি লেনিনে। তাৰ পৰৱৰ্তী পৰ্যায়ত চীন, ভিয়েটনাম, কিউবা আদি দেশসমূহত বিপ্লৱৰ মাজেৰে নতুন সমাজ ব্যৱস্থা গঢ় লৈ উঠিছিল। মাও চে তুং, ফিডেল কাষ্ট্ৰো, চে গুৱেভাৰা, হো চি মিন আদি বিপ্লৱীসকলৰ নেতৃত্বত নিজ নিজ দেশত তেওঁলোকে প্ৰচলিত সমাজ ব্যৱস্থাৰ বিৰুদ্ধে বিপ্লৱ সংঘটিত কৰি নতুন সমাজ ব্যৱস্থা গঢ়ি তুলিছিল। পৃথিৱীৰ ইতিহাসত প্ৰচলিত সমাজ ব্যৱস্থাৰ পৰিৱৰ্তনৰ বাবে সংগ্ৰাম কৰা এনে অজস্ৰজন বিপ্লৱীক মানৱ সমাজে আজিও সেয়ে শ্ৰদ্ধাৰে সোঁৱৰে। বিশ্বত বৰ্তমানে পুঁজিবাদৰ আগ্ৰাসী স্থিতিয়ে সাধাৰণ শ্ৰমজীৱী জনতাক যিধৰণৰ সংকটলৈ ঠেলি দিছে, তাৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে শ্ৰেণী সংগ্ৰামৰ বাদে আমাৰ সন্মুখত কোনো বিকল্প নাই। বিপ্লৱৰ মাজেৰে নতুন সমাজ ব্যৱস্থা গঢ় দিয়া মহান বিপ্লৱীসকলৰ চিন্তা-চেতনা সেই বাবেই বৰ্তমান সময়ত আমাৰ বাবে প্ৰাসংগিক। জাতি,ধৰ্মৰ নামত বিভাজন কৰি পুঁজিবাদে মানুহক মূল সমস্যাৰ পৰা আঁতৰাই ৰাখি নিজৰ মুনাফা হাছিল কৰাৰ কৌশলক মানৱ সমাজৰ শ্ৰেণী সংগ্ৰামৰ ঐতিহাসিক সত্যৰ মাজেৰেই পৰাভূত কৰিব লাগিব। সেইবাবেই নতুন প্ৰজন্মৰ ওচৰত এইসকল মহান বিপ্লৱীৰ চিন্তা-চেতনাক উলিয়াই অনাৰ প্ৰয়োজনীয়তাও বহু পৰিমাণে বৃদ্ধি পাইছে। তেনে এক উদ্দেশ্য আগত ৰাখিয়েই “মুক্ত চিন্তা”ৰ এইবেলিৰ “অতিথি সম্পাদকৰ চ’ৰা”  শিতানটিৰ বিষয় নিৰ্ধাৰিত কৰা হৈছিল- “ইতিহাসৰ বিপ্লৱী পথিকৃৎসকল। এই সুযোগতে “অতিথি সম্পাদকৰ চ’ৰা ” শিতানটি পৰিচালনা কৰাৰ ক্ষেত্ৰত যিসকল ব্যক্তিয়ে আমালৈ তেওঁলোকৰ বহুমূলীয়া লেখা প্ৰেৰণ কৰি কৃতাৰ্থ কৰিলে, সকলোলৈ ধন্যবাদ লগতে কৃতজ্ঞতা জনালোঁ। মুক্ত চিন্তাৰ দৰে এখন সমাজসচেতন আলোচনীৰ “অতিথি সম্পাদকৰ চ’ৰা” শিতানটি পৰিচালনাৰ সু্যোগ দিয়াৰ বাবে মুক্ত চিন্তা গোটৰ সমূহ সদস্য-সদস্যালৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *