অতিথি সম্পাদকৰ সম্পাদকীয় - (প্ৰদ্যুম্ন কুমাৰ গগৈ)

'মুক্ত চিন্তা'ৰ দৰে অতি প্ৰয়োজনীয় আলোচনী এখনিৰ 'অতিথি সম্পাদকৰ চ'ৰা' শিতানটিৰ দায়িত্ব আমাক প্ৰদান কৰাৰ বাবে সকলোলৈকে ধন্যবাদ।

ভাৰতবৰ্ষৰ জনগাঁথনি তথা নৃগোষ্ঠীসমূহৰ উত্থান-পতনৰ ইতিহাস আৰু প্ৰাগঐতিহাসিক আখ্যানসমূহ বস্তুবাদী দৃষ্টিভংগীৰে বিশ্লেষণ কৰাটো প্ৰগতিশীল চিন্তা-চৰ্চাৰ ভেটিস্বৰূপ। বিশেষকৈ বিষয়টোক ৰাজনৈতিক দৃষ্টিভংগীৰে লক্ষ্য কৰাৰ উপৰিও সৃষ্টিশীল ক্ষেত্ৰতো কাহিনীসমূহ পুনৰ্গঠন কৰিলে সেইসমূহৰ বিশ্লেষণ ঘটে, তদুপৰি কাহিনীনিৰ্মাতা অথবা ৰচকৰো ৰাজনৈতিক-সামাজিক স্থিতি সম্পৰ্কে ধাৰণা কৰিব পাৰি, কিয়নো ৰাজানুগ্ৰহ আৰু সৃষ্টিশীলতা হাতে হাত ধৰি পৰম্পৰাগতভাৱে চলি আহিছে। ৰামায়ণ, মহাভাৰতৰ কাহিনীসমূহ আমি যদি ইতিহাসৰ এক অংশ হিচাপে লওঁ, তেনেহ'লে এটা কথা স্পষ্ট যে সেইসমূহ ভাৰতৰ আদিবাসী অনাৰ্য লোকসকলতকৈ বুদ্ধি-বৃত্তিত উন্নত আৰু নতুনকৈ প্ৰব্ৰজন কৰা আৰ্যসকলৰ বুদ্ধিজীৱী শ্ৰেণীটোৱে একপক্ষীয়ভাৱে ৰচনা কৰি থৈছিল, লোককথা কিছুমানৰ ঘটনাসমূহো নতুনকৈ গঠন কৰি লৈছিল, দক্ষিণ-পূব এছিয়াজুৰি ইয়াৰ প্ৰসাৰণ কৰা হৈছিল যাতে ৰামে ব্ৰাহ্মণ্যবাদৰ বিস্তাৰ কৰি যোৱাৰ পাছত কৃষ্ণ একনায়ক হৈ আৰ্যসকলে ইয়াত প্ৰভুত্ব চলাব পাৰে। আৰ্যসকল সভ্যতাৰ বিকাশ ঘটা আৰু পৰ্বত-মৰুভূমিৰ বিপদসংকুল অঞ্চলসমূহৰ মাজেৰে প্ৰব্ৰজিত কৰাৰ বাবে চিন্তা আৰু প্ৰতিভা সেই সময়ৰ বাবে hightech আছিল! ইয়াৰ পাছৰ পৰ্যায়ত মোগলকে ধৰি মধ্যপ্ৰাচ্যৰ দিগ্গজ ইছলামীয় শক্তিসমূহৰ ভাৰতবৰ্ষৰ মাটি-পানীক আঁকোৱালি লৈ আৰম্ভ কৰা ৰাজতন্ত্ৰ আৰু শেষত খ্ৰীষ্টীয় ব্ৰিটিছৰ ঔপনিৱেশিক শাসনলৈকে বিশ্লেষণ কৰিলে দেখা যায় - সময়ৰ স'তে, আনকি সময়ৰ আগত খোজ কঢ়া নতুনকৈ প্ৰব্ৰজিত শক্তিসমূহে ভাৰতবৰ্ষত ন ন সভ্যতা গঢ়ি থৈ গৈছে, যাৰ ফলত আদিবাসী অনাৰ্যসকলৰ জীৱনক হয় প্ৰচলিত মিডিয়ামৰপৰা লুকুৱাই ৰখা হ'ল, নহয় আদিবাসীৰ নিৰ্বাচিত চৰিত্ৰসমূহক ৰাজানুগ্ৰহী সাহিত্যত সুবিধাজনকভাৱে নিৰ্মাণ কৰা গ'ল। আনহাতে, বৰ্তমান উপন্যাস সাহিত্যত শিৱ চৰিত্ৰটোক লৈ বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলোৱাৰ বিপৰীতে মহিষাসুৰ-ৰাৱণৰ দৰে আৰ্যকৰণ নকৰা চৰিত্ৰসমূহ ৰাজনৈতিক কৌশলগত কাৰণত উপেক্ষিত। (অৱশ্যে দক্ষিণ ভাৰতীয় ঔপন্যাসিক আনন্দ নীলকণ্টনৰ উপন্যাসসমূহে পাঠক লাভ কৰিবলৈ সক্ষম হৈছে।) উত্তৰ-পূৰ্বাঞ্চলৰ অনাৰ্য জনগোষ্ঠীয়সকলৰ সাংবিধানিক অধিকাৰ আন্দোলনৰ লগত দক্ষিণ-পূব ভাৰতবৰ্ষৰ দলিত-আদিবাসী সংগ্ৰামৰ স'তে এইটোও একধৰণৰ পাৰ্থক্য যে অসমৰ কছাৰীমূলীয় কেইবাটাও জনগোষ্ঠী নিজৰ নিজৰ ধৰণে শৈৱিক আৰু আৰ্যকৃত শিৱক পুনৰ অনাৰ্যকৰণ কৰা সম্ভৱ নহয়, আৰু বাকী জনজাতিসমূহে নিজৰ নিজৰ পৰম্পৰাগত বিশ্বাস এৰি বিভিন্ন ধৰ্ম গ্ৰহণ কৰিছে। কিন্তু দলিত-আদিবাসী সংগ্ৰামসমূহত ভাৰতবৰ্ষৰ প্ৰচলিত সামাজিক গাঁথনিক প্ৰত্যাহ্বান জনাই অনাৰ্য পৰিচয় বাহাল ৰখাৰ এক বৈশিষ্ট্য পোৱা যায় কিয়নো আৰ্যসকলৰ দমনবাদৰপৰা পুঁজিবাদী ব্যৱস্থালৈকে, এওঁলোকৰ অৱস্থা সময়সাপেক্ষে অপৰিৱৰ্তিত হৈয়েই আহিছে।
অসমীয়া ভাষাত আৰ্য-অনাৰ্যৰ সংঘাতক মূল বিষয় হিচাপে লৈ কৰা কাম অতি নগণ্য। সেয়ে ‘মুক্ত চিন্তা’ৰ এই সংখ্যাটোৰ অতিথি সম্পাদকৰ চ'ৰা শিতানটোত ৰাৱণ আৰু মহিষাসুৰ তথা আৰ্য-অনাৰ্যৰ প্ৰসংগক জেৰ টানি কিছু বিশ্লেষণ দাঙি ধৰা হৈছে। শিতানটোত সহায়-সহযোগ কৰা আলোচনীখনৰ সন্মানীয় বিষয়ববীয়া আৰু লেখকসকলক ধন্যবাদ জ্ঞাপন কৰিছো।

Share Button
Print Friendly, PDF & Email

No Comments : "অতিথি সম্পাদকৰ সম্পাদকীয় - (প্ৰদ্যুম্ন কুমাৰ গগৈ)"

Leave a Comment

Your email address will not be published. Required fields are marked *