পীক্‌স্কিল- এক সম্যক পৰিচিতি (মীনাক্ষী বৰুৱা)

আমেৰিকাৰ এখন ক'লা মানুহৰ মহানগৰীত এজন পৃথিৱী বিখ্যাত সংগীতজ্ঞই বসবাস কৰিছিল। তেওঁ নিগ্ৰো, নাম পল ৰবছন। শৈশৱতে শুনা বহু কালজয়ী গীতৰ স্ৰষ্টা যে ৰবছন আছিল এই কথা নজনাকৈয়ে গীতবোৰে হৃদয়ত স্থান পাইছিল। 'We are in the same boat brothers' (আমি একেখন নাৱৰে যাত্ৰী), 'we shall overcome'(আমি হ'ম হ'মেই সফল) এই গীত দুটি হাইস্কুলৰ 'গাইড'ৰ ক্লাছত আমি প্ৰায়েই গাব লগা হৈছিল। এই সংগীতে ছাত্ৰীসকলৰ মাজত একাত্মবোধৰ জৰীদাল অধিক মজবুত কৰি তুলিছিল। আৰু শুনিছিলোঁ "জন হেনৰি! তীখাৰ আখৰে লিখা নাম তাৰ..।" কঠিন বুকুও কোমল কৰি তুলিব পৰা এক মৰ্মস্পৰ্শী গীত। ড০ ভূপেন হাজৰিকাৰ 'বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে' গীতটি ৰবছনৰ বিখ্যাত Ol' man river গীতটিৰ আধাৰত ৰচিত বুলি সংগীতপ্ৰেমী সকলে নিশ্চয় জানে। নিউয়ৰ্কৰ জেফাৰছন স্কুল অৱ ছচিয়েল ছায়েন্সত ড০ হাজৰিকাই পলৰ সান্নিধ্য লাভৰ সুযোগ পাইছিল। সাত সাগৰ তেৰ নদীৰ সিপাৰে নিউয়ৰ্ক চহৰত ৰবছনক লগ পাই আমাৰ ভূপেনদাৰ 'বিষ্ণু ককাইদেউ'ক লগ পোৱা যেন লাগিছিল। কাৰণ অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী এই নিগ্ৰো শিল্পীগৰাকী আছিল অনন্য প্ৰতিভাধাৰী, সাগৰৰ দৰে গভীৰ যাৰ হৃদয়। শ্বেইক্সপীয়েৰৰ অ'থেলো নাটকত অ'থেলোৰ চৰিত্ৰত অভিনয় কৰি পলে আমেৰিকাত ৰেকৰ্ড গঢ়িছিল। নাটকখনৰ নায়িকা ডেছডিম'না আছিল বগা, অৰ্থাৎ শ্বেতাংগ। এগৰাকী শ্বেতাংগৰ বিপৰীতে এজন কৃষ্ণাংগৰ অভিনয় সহজ কথা নাছিল। তাতে আকৌ নাটখনত নায়কে নায়িকাৰ হাতত চুম্বন কৰাৰ এটি দৃশ্য আছিল, যিটো সেই সময়ত ভাবিব নোৱাৰা কথা আছিল। মঞ্চত এই দৃশ্য বগা নাগৰিকে প্ৰত্যক্ষ কৰিলে হ’ব মহাভাৰত অশুদ্ধ! গতিকে পলৰ প্ৰতিভা হৈ ৰৈছিল অস্বীকৃত। 

 

সুৰ আৰু সংগীতেৰে আমেৰিকাৰ বুকু কঁপাই তোলা এই বিখ্যাত গায়কজন খেলুৱৈ হিচাপেও অত্যন্ত পাকৈত আছিল। পলৰ প্ৰতিভাই দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল সঁচা, কিন্তু পদে পদে তেওঁক বঞ্চিত কৰা হৈছিল স্বীকৃতিৰপৰা। কাৰণ? কাৰণ তেওঁ আছিল নিগ্ৰো, গাৰ ছালখন আছিল ক'লা! পিছলৈ এঘাৰখনকৈ বোলছবিত অনবদ্য অভিনয়েৰে দৰ্শকৰ অন্তৰ জয় কৰাৰ পাছতো আমেৰিকাত তেওঁ অস্পৃশ্য হৈয়েই ৰৈছিল। ফলত ভিতৰি ভিতৰি পল বিদ্ৰোহী হৈ উঠিছিল আৰু সংগীতক সাৰথি কৰি আমেৰিকাত নতুন বিপ্লৱৰ সূচনা কৰিছিল। কেৱল এয়ে নহয়, বক্তা হিচাবেও পল আছিল অতিকে দক্ষ। পৃথিৱীৰ বিভিন্ন ঠাইত বক্তৃতা দিবৰ বাবে আমন্ত্ৰণ পাইছিল তেওঁ। লণ্ডনৰ এলবাৰ্ট হলত দিয়া এটা বক্তৃতাত তেওঁ কৈছিল - "শিল্পীসকলে এতিয়া মুক্তি অথবা দাসত্বৰ বাবে যুঁজ দিব লাগিব, নহ’লে ইয়াৰ বিকল্প নাই।" পলে মন স্থিৰ কৰি লৈছিল আৰু যুঁজিছিল বৰ্ণ-বৈষম্যৰ বিৰুদ্ধে, নিৰ্বিচাৰ হত্যাৰ বিৰুদ্ধে, ভোটদানৰ অধিকাৰৰ হকে আৰু জীৱিকাৰ ক্ষেত্ৰত থকা বাধানিষেধ আঁতৰোৱাৰ বাবে। স্বাভাৱিকতে এই জাগৰণ শাসকীয় পক্ষৰ সহ্য হোৱা নাছিল আৰু ইয়াৰ ফলশ্ৰুতিতে পিছলৈ সংঘটিত হৈছিল পীক্‌স্কিল কাণ্ড!

পীক্‌স্কিল হৈছে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আমেৰিকাৰ এখন সৰু চহৰ। নদী, পাহাৰ, উপত্যকা আৰু বিস্তীৰ্ণ সেউজীয়াৰ বাবে এই অঞ্চলটো গ্ৰীষ্মৰ ছুটী উপভোগ কৰাৰ বাবে এক উপযুক্ত ঠাই। পীক্‌স্কিল চহৰৰ উত্তৰ দিশে  বনভোজথলীৰ সেউজীয়া দলিচাত (লেকলেণ্ড একৰ্ছ পিকনিক গ্ৰাউণ্ডছ) ১৯৪৯ চনত আগষ্ট মাহৰ মাজ ভাগত এক সংগীতানুষ্ঠানৰ আয়োজন কৰিছিল এটি গণশিল্পীৰ দলে। ঠাইখিনি পাহাৰীয়া আছিল বাবে কোনো কোনো ঠাই আছিল দ খাৱৈৰ দৰে আৰু বাকী অঞ্চল আছিল এঢলীয়া আৰু সমতলীয়া। আয়োজকসকলে অতি নান্দনিকভাৱে ইয়াক সজাই তুলিছিল। সংগীতানুষ্ঠানৰ বিশেষ আকৰ্ষণ আছিল প্ৰখ্যাত সুৰকাৰ, গীতিকাৰ, লোকসংগীত শিল্পী পিট ছিগাৰ আৰু 'ঈশ্বৰৰ কৃষ্ণকণ্ঠ' পল ৰবছন। এই গণশিল্পীৰ দলটোৱে প্ৰাচীন সুৰত নতুন কথা সংযোজন কৰি আমেৰিকাৰ শ্ৰেষ্ঠ সংগীতধাৰাক সৰ্বত্ৰ বিয়পাই দিছিল। 'স্পাৰ্টাকাছ'-খ্যাত লেখক হাৱাৰ্ড ফাষ্টক এই সংগীতানুষ্ঠানত সভাপতিত্ব কৰাৰ বাবে অনুৰোধ কৰা হৈছিল। 'এক আনন্দই আৱৰা দুৰ্লভ সন্ধিয়াৰ প্ৰত্যাশাৰে' ফাষ্ট সময়তকৈ আগতে অনুষ্ঠানস্থলীত উপস্থিত হৈছিলগৈ। পুত্ৰদ্বয়ৰ সৈতে নিবিড় সময় পাৰ কৰাৰ উদ্দেশ্যে আৰু ৰাজনৈতিক জটিলতাৰপৰা কেইদিনমানৰ বিৰতি বিচাৰি হাৱাৰ্ড তেতিয়া হাডছন নদীৰ পাৰৰ এটা ভাড়াঘৰত আছিল। পীক্‌স্কিলপৰা মাথোঁ ছমাইলমান দূৰত্বতে আছিল সেই ভাড়াঘৰ। স্বাভাৱিকতে অৱসৰ বিনোদনৰ কালছোৱাত ফাষ্টে দেশৰ খবৰৰপৰা কিছু আঁতৰি থাকিব বিচাৰিছিল। সেয়ে সংগীতানুষ্ঠানৰ বিৰুদ্ধে উমি উমি জ্বলি থকা জুইকুৰাৰ খবৰ তেওঁ পোৱা নাছিল। পিকনিক গ্ৰাউণ্ডছলৈ সোমাই যোৱা প্ৰৱেশ পথৰ সন্মুখতে সমবেত হৈ আছিল এদল উশৃংখল যুৱক! তাৰ বাহিৰেও কিছু অনুৰাগী কিশোৰ ইতিমধ্যেই তাত গোট খাইছিল। তেওঁলোক অতিথি আপ্যায়নৰ বাবে নিউয়ৰ্কৰ পৰা আহিছিল। ফাষ্টৰ গাড়ীখন সোমাই যোৱাৰ অলপ পিছতে প্ৰৱেশ পথটো কোনো সোমাব নোৱাৰাকৈ  উশৃংখল ল'ৰাবোৰে বন্ধ কৰি দিছিল আৰু ইয়াৰ পিছত যি হৈছিল সেয়া ইতিহাস।

প্ৰায় তিনিশমান উদণ্ড যুৱকে হাতত টাঙোন, পিতলৰ হাতুৰী, চুৰী, শিলগুটি আদি লৈ পীক্‌স্কিল গ্ৰাউণ্ডছৰ ভিতৰত থকা লোকসকলক আগুৰি ধৰিলে। আৱদ্ধ হৈ পৰিল শিশু-মহিলাসহ তাত গোট খোৱা পঁচিশ/ত্ৰিশজনমান লোক। উদণ্ড যুৱকসকলৰ সংখ্যা লাহে লাহে বাঢ়ি গৈ থাকিল। তেওঁলোকৰ মূৰত আছিল প্ৰাক্তন সৈনিক-সংঘৰ একোটাকৈ টুপী। সিহঁতে বিদ্বেষৰ হাঁহি মাৰিছে, ঘৃণাত টেঁটুফালি চিৎকাৰ কৰিছে - 'আমি হিটলাৰৰ সন্তান, হিটলাৰৰ সন্তান!.. ৰবছন নিপাত যাওক।'  টাঙোন আৰু ভঙা মদৰ বটলৰে সিহঁতে আক্ৰমণ আৰম্ভ কৰিলে। কেইবাটাও শৰীৰ তেজেৰে লুটুৰি-পুতুৰি হৈ পৰিল। ইতিমধ্যে সন্ধিয়া নামি আহিছিল আৰু আক্ৰমণে হিংস্ৰ ৰূপ ধাৰণ কৰি উঠিছিল। সাংস্কৃতিক সন্ধিয়া উপভোগৰ উদ্দেশ্যে গ্ৰাউণ্ডছলৈ ইতিমধ্যে সংগীতপ্ৰেমীসকলৰ সোঁত বৈছিল। কিন্তু জঘন্য আক্ৰমণেৰে তেওঁলোকক গ্ৰাউণ্ডছৰ ভিতৰত সোমাবলৈ বাধা দিয়া হৈছিল। অস্ত্ৰধাৰী ল'ৰাবোৰ সুৰাৰ ৰাগীত অসুৰ হৈ পৰিছিল। ৰবছন আৰু ছিগাৰ বা ক'ত আছে! নাই, এতিয়া এই কথা ভবাৰ সময় নহয়। এই সময় আত্মৰক্ষাৰ হকে যুঁজ কৰাৰ সময়। কিন্তু নিৰস্ত্ৰ, নিৰপৰাধী পঁচিশ/ত্ৰিশজন লোকৰ এই ক্ষুদ্ৰ দলটোৱে অস্ত্ৰৰ বিৰুদ্ধে যুঁজিব কিহেৰে? তাৎক্ষণিকভাৱে ফাষ্টে দলটোৰ নেতৃত্ব লৈ তেওঁলোকক কিছু পৰামৰ্শ দিলে আৰু সুপৰিকল্পনাৰে দলীয় প্ৰতিৰোধ গঢ়ি তুলিলে। পৰস্পৰ উষ্ণতা আৰু আশ্বাসে দলটোক জোখতকৈ অধিক শক্তিশালী কৰি তুলিলে। আক্ৰমণকাৰীসকলৰ সংখ্যা অধিক আছিল যদিও তেওঁলোকৰ মাজত কোনো ঐক্য নাছিল। অৱশ্যে সেই ঠাইত ৰাজ্য আৰোহী পুলিচ কেইজনমান দেখা গৈছিল আৰু তেওঁলোক আক্ৰমণকাৰীৰ পক্ষত থকা যেন অনুমান হৈছিল। জনসাধাৰণৰ মাজত উদ্ভৱ হোৱা অৰাজক পৰিস্থিতিৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত প্ৰতিৰক্ষা ব্যৱস্থাক বহু সময়ত উদাসীন আৰু নিৰ্লিপ্ত হোৱা দেখা যায়। অৱশ্যে সাংগঠনিক দক্ষতা আৰু সুস্থ সিদ্ধান্তই ৰণক্ষেত্ৰত শত্ৰুপক্ষৰ বিপক্ষে অলৌকিক শক্তিৰ উন্মেষ ঘটালে। শেষৰ ফাললৈ গ্ৰাউণ্ডছৰ ভিতৰত সাংবাদিকসকলকো দেখা গৈছিল। তেওঁলোকৰ কাম আছিল কথাবোৰ টুকি যোৱা আৰু ফটো উঠোৱা। ভুক্তভোগীসকলৰ কোনোবাই ফেঁকুৰি ফেঁকুৰি কান্দিছে, কাৰোবাৰ মূৰৰ খোলা ভাগিছে, কাৰোবাৰ মুখমণ্ডল ক্ষত-বিক্ষত হৈছে আৰু আক্ৰমণকাৰী দলটো অধিক উন্মাদ হৈ উঠিছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কোনো নাই। অথচ ৰাজ্যপাল আৰু কাকতৰ সাংবাদিকলৈ ঘটনাৰ খবৰ আৰম্ভণিতেই পঠিওৱা হৈছিল! ধৈৰ্য্যৰ বান্ধ অতিক্ৰম কৰাৰ পিছত প্ৰতি-আক্ৰমণ আৰম্ভ হ'ল। ঘৃণাত অন্ধ হৈ পৰিল দুয়ো পক্ষ। প্ৰতিপক্ষৰ উগ্ৰৰূপ দেখা পাই আক্ৰমণকাৰী দলটোৰ শক্তি দুৰ্বল হৈ পৰিল আৰু সিহঁতে ক্ষন্তেকৰ বাবে বাট এৰি দিবলৈ বাধ্য হ'ল। আসন্ন তথা নিশ্চিত মৃত্যুৰ কথা মনলৈ অহাত হাৱাৰ্ডৰ কণমানি ল'ৰা দুটালৈ বৰকৈ মনত পৰিছিল। সিহঁতে পলৰ সংগীত  বৰ ভাল পাইছিল আৰু দেউতাক ঘূৰি যোৱালৈকে নোশোৱাৰ কথা আছিল।

হঠাৎ গ্ৰাউণ্ডছৰ বাল্ববোৰ নুমাই গৈছিল। আকৌ নতুনকৈ আৰম্ভ হৈছিল হৈ-চৈ, চিৎকাৰ। শেষ ৰাতিলৈকে চলিছিল ভয়ংকৰ আক্ৰমণ। জুইত জাপি দিয়া হ'ল চকী-মেজ, কিতাপ-পত্ৰ। স্বেচ্ছাসেৱীদলৰ কেইজনমান মানুহৰ সহযোগিতাত শেষ নিশালৈ অন্ত পৰিছিল প্ৰথম নিশাৰ পীক্‌স্কিল কাণ্ড। পলৰ কি হ'ল? তেওঁ আহিছিলনে অনুষ্ঠানটিলৈ? এই কথা জানিবৰ বাবে আমি যাব লাগিব সন্ত্ৰাসৰ পৰৱৰ্তী অধ্যায়লৈ।

পল আহিছিল। পিকনিক গ্ৰাউণ্ডছলৈ কিছু দূৰ থাকোতেই তেওঁক ওভতাই পঠিওৱা হৈছিল। এই আক্ৰমণত সেইদিনা বহু মানুহ মৃত্যু মুখত পৰিছিল, বহুতৰ অংগচ্ছেদ হৈছিল আৰু বহু মানুহ সন্ধানহীন হৈছিল। পিছদিনা মাউণ্ট কিস্কো নামৰ ঠাইখনিত এখনি সভা অনুষ্ঠিত হ'ল আৰু সেই সভাতে 'ৱেষ্ট-চেষ্টাৰ আইন-শৃংখলা সমিতি' গঠন কৰা হৈছিল। এই বৰ্বৰ কাৰ্যই যিমান প্ৰচাৰ পাব লাগিছিল তেনেকৈ একো হোৱা দেখা নগ'ল। ৰাজ্যপালৰ কথাৰ সাৰমৰ্ম আছিল একপক্ষীয়, অৰ্থাৎ স্বাধীন মাৰ্কিনপক্ষীয়। ইয়াৰ পিছৰ সভাখন অনুষ্ঠিত হৈছিল  হাৰলেমৰ গোল্ডেন গে'ট সভাগৃহত। সেইদিনা সেই ঠাইত দুখনকৈ বিশাল জনসভা একে সময়তে অনুষ্ঠিত হৈছিল। এদল নমনীয়, এদল অনমনীয়।  সেই সভাতেই সিদ্ধান্ত হ'ল এই অমানৱীয় বিৰোধৰ ওচৰত বশ্যতা স্বীকাৰ কৰা উচিত নহয়। ফলত বহু প্ৰতিবন্ধকতা ওফৰাই পীক্‌স্কিলৰে আন এঠাইত পুনৰ সংগীতানুষ্ঠানটিৰ আয়োজন  কৰা হ'ল। গৰিষ্ঠ সংখ্যক লোকেই কথাবোৰ নাজানিলে আৰু নতুনকৈ আয়োজন কৰা সংগীতানুষ্ঠানলৈ হাজাৰ হাজাৰ মানুহৰ সোঁত ববলৈ আৰম্ভ কৰিলে। দৰ্শকসকলৰ অধিক সংখ্যকেই আছিল নিৰপেক্ষ আৰু পলৰ গুণগ্ৰাহী, তেওঁলোকে বিপদৰ একো ভূ পোৱা নাছিল। এইবাৰ উগ্ৰপন্থা অৱলম্বন কৰা সকল অধিক কঠোৰ হৈ পৰিল, তেওঁলোকে পলক হত্যা কৰিবই! মাজৰ দিনকেইটাত ঘটি থাকিল সৰু-বৰ ভিন্ন ঘটনা। প্ৰকৃত সত্য প্ৰকাশৰ শংকাত এই ঘটনাবোৰে অৱশ্যে বহুল প্ৰচাৰ লাভ নকৰিলে। ক'লা ছালৰ লোকসকল আৰু তেওঁলোকক সমৰ্থন কৰাসকলৰ প্ৰতি সিহঁতৰ মনবোৰ ঘৃণাত বিকৃত হৈ গৈ থাকিল। ইপিনে শিশু, মহিলা, বৃদ্ধ আদি অগণন দৰ্শকৰে লাহে লাহে সভাস্থলী নধৰা হৈ আহিল। দৰ্শকৰ এই অবিশ্বাস্য সমাবেশৰ মূল কাৰণ আছিল তেওঁলোকে অৱসৰ বিনোদনৰ উদ্দেশ্যে সেই ঠাইলৈ গৈছিল। তিনিশ আৰোহী পুলিচক নিৰাপত্তাৰ দায়িত্ব দিয়া হৈছিল যদিও  দায়িত্ব পালনৰ নামত তৰ্ক-বিতৰ্ক কৰিবলৈ আৰম্ভ কৰাত সভাস্থলীত তেওঁলোকৰ প্ৰয়োজন নাই বুলি জনাই দিয়া হ'ল। গতিকে পুলিচৰ দলটো পিছুৱাই গৈ উগ্ৰ মাৰ্কিনসকলক জাকে জাকে জঁপিয়াই পৰাৰ পথটো মুকলি কৰি দিলেগৈ। ইতিমধ্যে গান শুনিবলৈ গোট খোৱা মানুহ প্ৰায় পঁচিশ হাজাৰমান হৈছিলগৈ। ভীৰ আৰু জনসমুদ্ৰ দেখি আটায়ে ৰোমাঞ্চিত হ'ল। আয়োজকসকলৰ নিজা নিৰাপত্তা ব্যৱস্থাও অধিক কটকটীয়া হৈ উঠিল। পিট ছিগাৰ আৰু পল ৰবছনৰ বাবেও সেই পৰিবেশ আছিল অকল্পনীয়। লেখক হাৱাৰ্ড ফাষ্টেও সুপৰিকল্পিত কাৰ্যসূচীৰে অনুষ্ঠানটি পৰিচালনা কৰি গ'ল। তেনেতে নিৰাপত্তাৰ দায়িত্বত থকা এজন লোকে খবৰ পালে টেলিস্কোপ লগোৱা শক্তিশালী ৰাইফলধাৰী দুজন লোকে লক্ষ্য স্থিৰ কৰি গছৰ ওপৰত বাহৰ পাতিছে! সিহঁতে পল মঞ্চত উঠালৈ অপেক্ষা কৰিছে । হাৱাৰ্ড বিমোৰত পৰিল। জীৱনতকৈ সংগীত ডাঙৰনে? পলে এই কথা মানি নল'লে। তেওঁ গান গাবই! তেওঁ কৈছিল - "মানুহে য'তেই মোৰ গান শুনিবলৈ বিচাৰিব তাতেই মই গাম। আমি শান্তিৰ গান গাওঁ, স্বাধীনতাৰ গান গাওঁ, জীৱনৰ গান গাওঁ।" এই মুহূৰ্ততে তাৎক্ষণিকভাৱে পোন্ধৰজনীয়া এটা শ্ৰমিকৰ দলে এটা সাংঘাতিক নিঃস্বাৰ্থৰ নিদৰ্শন দেখুৱালে। তেওঁলোকে মঞ্চৰ ওপৰত পলক আগুৰি ধৰি এক মানৱ প্ৰাচীৰ গঢ়ি তুলিলে। এই দৃশ্যই উপস্থিত সকলোকে হতভম্ব কৰি তুলিলে। মৃত্যু আসন্ন বুলি একপ্ৰকাৰ নিশ্চিত হৈও তেওঁলোকে এই কামটো কৰিবলৈ বিনা দ্বিধাই আগবাঢ়ি গ'ল। কাৰণ পলে পলায়ন কৰা নাই, তেওঁলোকৰ সৈতে বিশ্বাসঘাটকতা কৰা নাই, আসন্ন মৃত্যুৰ সৈতে যুঁজিবলৈ ভয় কৰা নাই। পলৰ এই অসামান্য মৰ্যাদাবোধ, শান্ত আৰু অকৃত্ৰিম সৰলতাৰ বাবে খ্যাতনামা প্ৰৱন্ধকাৰ তথা গল্পকাৰ আলেকজেণ্ডাৰ উলবাটে ' While Rome burns' নামৰ গ্ৰন্থত পলক "পৃথিৱীৰ খাটি উপাদানেৰে নিৰ্মিত" বুলি মন্তব্য কৰিছিল ।

পলৰ উদাত্ত কণ্ঠই ৰাইজৰ হৃদয় জিনিলে। অনুষ্ঠানটি সফল হ'ল। ক্ষুব্ধ বিদ্ৰোহীসকলৰ পৰিকল্পনা ব্যৰ্থ হোৱাত অনুষ্ঠানৰ শেষলৈ ঘটনাই অন্য ৰূপ ধাৰণ কৰিলে। শিলাবৰ্ষণ হ'ল, গাড়ীবোৰ চূৰ্ণ-বিচূৰ্ণ হ'ল, শিশু-মহিলা-বৃদ্ধ নিৰ্বিশেষে অগণন শৰীৰ হৈ পৰিল ৰক্তাক্ত। বহু লোক অচেতন হৈ পৰিছিল। হস্পিতেলবোৰ আক্ৰান্ত লোকেৰে ভৰি পৰাৰ খবৰ ওলাইছিল। আৰু বহু কথা অজ্ঞাত হৈ ৰৈছিল। পৰিণামস্বৰূপে ৰাষ্ট্ৰদ্ৰোহিতাৰ মিছা অপবাদেৰে বহুজন গ্ৰেপ্তাৰ হৈছিল।

তেওঁলোকৰ অভিযোগৰ অন্ত নাছিল। হাৱাৰ্ডে তিনি মাহৰ কাৰাদণ্ড ভোগ কৰিব লগা হৈছিল।  নিৰ্দোষিতাৰ প্ৰমাণ লৈ মূল দোষীসকল সাৰি গৈছিল। পীক্‌স্কিলৰ ঘটনাৱলীৰ নেপথ্যত কি ক্ৰিয়াই কাম কৰিছিল সেয়া  কিতাপখন নপঢ়াকৈ বুজা সম্ভৱ নহয়।

মুঠ আঠদিন ধৰি চলা পীক্‌স্কিল কাণ্ডত হাৱাৰ্ড প্ৰথম দিনৰেপৰাই উপস্থিত আছিল। তেওঁ কৈছে -"পীক্‌স্কিল কাণ্ড আছিল মাৰ্কিন ফেচীবাদৰ প্ৰথম মহান প্ৰকাশ্য প্ৰদৰ্শনী।" এই সমস্ত ঘটনাকে শব্দৰ ৰূপ দিওঁতে লেখকে কথাবোৰ যেনেকৈ ঘটিছিল, যেনেকৈ দেখিছিল ঠিক তেনেকৈয়ে বৰ্ণনা কৰি গৈছে। ইয়াত আত্মপক্ষ সমৰ্থন অথবা সমালোচনাৰ সুযোগ তেওঁ গ্ৰহণ কৰা নাই। "পীক্‌স্কিল" গ্ৰন্থত অৱশ্যেই প্ৰকাশ হৈছিল অইনে ব্যক্ত নকৰা বহু অপ্ৰকাশিত তথ্য। এই বিখ্যাত গ্ৰন্থখনৰ অসমীয়া ভাষান্তৰ সৌমিত্ৰ যোগীৰ। লেখক এজনৰ গদ্যৰ মাজেদি তেওঁৰ অনুভৱৰ সুৰ পঢ়ুৱৈৰ কৰ্ণত প্ৰতিধ্বনিত হয়। অসম আন্দোলনৰ ভুক্তভোগী হিচাপে পীক্‌স্কিল কাণ্ড বুজিবলৈ মোৰ অসুবিধা হোৱা নাছিল। প্ৰতিৰক্ষা ব্যৱস্থা সদায় প্ৰশাসনৰ পক্ষত, ই অপ্ৰিয় সত্য। কেৱল অসম আন্দোলনেই নহয় তাৰো আগৰ নালীয়াপুলৰ ঘটনালৈ যদি আমি চাওঁ একেই কথা স্পষ্ট হৈ পৰিব। প্ৰকৃততে শোষণৰ বিৰুদ্ধে সজাগ হৈ উঠিলেই শোষকসকল উগ্ৰ হৈ উঠে। কিতাপখনৰ কোনো কোনো ঠাইত অনুবাদ কিছু কঠিন হোৱা যেন অনুভৱ হয়। তথাপিও সামগ্ৰিক ভাৱানুবাদে মূল ঘটনাৰ মাজলৈ পঢ়ুৱৈক টানি নিয়াত সক্ষম হৈছে। কিতাপখনৰ শেষলৈ পলৰ জীৱনপঞ্জী আৰু কিছু গীত সন্নিবিষ্ট কৰা হৈছে। 'আঁক-বাক'ৰ পৰা প্ৰকাশ হোৱা ১৯২ পৃষ্ঠাৰ এই কিতাপখনৰ  মূল্য ডেৰশ টকা ।

Share Button
Print Friendly, PDF & Email

No Comments : "পীক্‌স্কিল- এক সম্যক পৰিচিতি (মীনাক্ষী বৰুৱা)"

Leave a Comment

Your email address will not be published. Required fields are marked *