পক্ষী-জগতৰ অভিযন্তা টোকোৰা চৰাই - (নন্দ গগৈ)

পক্ষীৰ ভিতৰত সুনিপুণ অভিযন্তা হ’ল টোকোৰা চৰাই। এই চৰাইটিক ইংৰাজীত Weaver Bird ; বৈজ্ঞানিক নাম, Ploceus philippinus। এই চৰাইবিধৰ প্রধান বৈশিষ্ট্য পৰিলক্ষিত হয় সিহঁতৰ বাহৰ আকাৰ-আকৃতিত। বাহ সজাৰ সময়ত সিহঁতৰ ব্যতিক্রমী কাৰ্য-কলাপ বৰ চিত্তাকৰ্ষক। চৰাইবিধে তামোল, নাৰিকল, টকৌ আদি গছত আটকধুনীয়া আৰু দৃষ্টিনন্দন বাহ সাজে। সেই সুন্দৰ বাহত সিহঁতে নিজৰ সংসাৰখনো বৰ নিয়াৰিকৈ আগ ব‌ঢ়ায় আৰু পোৱালিবোৰ লালন-পালন কৰে।

শীতকালৰ অন্ত পৰাৰ লগে লগে আমাৰ চৌপাশৰ পৰিৱেশলৈ বহুতো পৰিৱৰ্তন আহে।  প্রকৃতিৰ তেনে পৰিৱৰ্তনৰ সৈতে সংগতি ৰাখি বসন্তকালত জীৱ-জন্তু, চৰাই-চিৰিকটি আদিৰ জীৱনলৈও পৰিৱর্তন আহে। এই বসন্ত ঋতুতে টোকোৰা চৰায়ে নিজৰ জীৱনচক্ৰ বৰ্তাই ৰখাৰ উদ্দেশ্যে আৰম্ভ কৰে বাহ সজাৰ কাম। মন কৰিবলগীয়া কথা, ইহঁতে কেৱল পোৱালি ফুকাবলৈয়ে বাহ সাজে। চৰাইবিধৰ কিচিৰ-মিচিৰ মাতেৰে মুখৰিত হৈ থকা বাহবোৰ ভৰ বাৰিষা নিমাওমাও হৈ পৰে।

টোকোৰা চৰাইৰ বাহ সজা কামটো বৰ চিত্তাকৰ্ষক। প্রথম অৱস্থাত চৰাইটোৱে বাহ সজা গছৰ পাত এটি আধাৰ পাত হিচাপে লয়। পোনতে সেই পাতটো ফালি এডাল ওলোম সাজে। ওলোমডালক মাজ কৰি দুটা মুখৰ বাহটোৰ কাম আৰম্ভ কৰে। তাৰ পাছত, ওলোমডালত ঠেঙৰ ভৰ দি বাহটো নিয়াৰিকৈ সাজিবলৈ লয়। বাহটোৰ ওলোম আৰম্ভ কৰা স্থানত দুকাষে কেঁচা মাটি বা গোবৰ তুলি থোৱা দেখা যায়। বাহটো বতাহত প্ৰথমতে সন্তুলিত হৈ থাকিবৰ বাবেই হয়তো সিহঁতে কেঁচা মাটি, গোবৰ আদি তাত ৰাখে। তদুপৰি, বাহটোৰ ভিতৰত সেমেকা ভাব কমাবৰ বাবে আৰু ঠোঁট পৰিষ্কাৰ কৰাৰ বাবে বোকামাটি বা গোবৰ বাহত তুলিব পাৰে।

বাহ সজা কাম আৰম্ভ কৰাৰ পিছৰেপৰা এক বিশেষ ভংগিমাৰে পাখি কোবাই মূৰ হালধীয়া, মুগা বৰণীয়া মতা চৰাইটোৱে নিজৰ সংসাৰ পতাৰ উদ্দেশ্যৰে মাইকী টোকোৰা চৰাই এজনীক আকৰ্ষিত কৰিবলৈ যত্ন কৰে। মাইকী ঘৰচিৰিকা চৰাইজনীৰ দৰে মুগা বৰণীয়া মাইকী টোকোৰা চৰাই এজনী বাহ সজা স্থানত উপস্থিত হ’লেই মতা চৰাইবোৰৰ পাখি মাৰি কৰা কোলাহলৰ তীব্রতা বৃদ্ধি পায়। মতা টোকোৰা চৰাইবোৰে ইটোৱে সিটোক ইর্ষৎ খেদা-খেদিও কৰে। সেইবাবেই টোকোৰা চৰায়ে বাহ সজা স্থলীত সিহঁতৰ মাতে ৰজনজনাই থাকে। কেতিয়াবা মাইকী চৰাইজনী গৈ বেলেগ ঠাইত পৰিলে, মতা চৰাইটোও উৰি গৈ সেই ঠাইত পাখি মাৰি কিচিৰ-মিচিৰ মাতেৰে তাইক ভুলাবলৈ চেষ্টা কৰা দেখা যায়। মতা চৰাইটোৰ প্রতি মাইকী চৰাইজনী আকৰ্ষিত হ’লে, মতাটোৱে ইতিমধ্যেই সাজিবলৈ আৰম্ভ কৰা বাহটো মাইকী চৰাইজনীয়ে চাবলৈ আহে। বাহটো মাইকী চৰাইজনীৰ পছন্দ হ’লে বাহৰ দুই-এডাল কুটা খুঁচৰি বাহটো মতাটোৰ সৈতে সাজিবলৈ লয়। মতা টোকোৰাটোৱে সংগিনীৰ মন পছন্দৰ বাহটোৰ তলিখন সাজি আনটো মুখ নলাকৃতিৰ কৰি পেলায়। তাৰ পাছত আৰম্ভ হয় দুয়োটাৰে সংসাৰ-যাত্ৰা।

অৱশ্যে, তামোল, নাৰিকল, তাল আদি গছত দেখা পোৱা টোকোৰা চৰাইৰ সকলো বাহ নলাকৃতিৰ দেখা নাযায়। তললৈ মুখ থকা নলাকৃতিৰ বাহবোৰ টোকোৰা চৰাইৰ একোটা পূর্ণতাপ্রাপ্ত বাহ। এই বাহবিলাকৰ তললৈ অলপ দোঁ খাই থকা নলাকৃতি অংশটোৰ বিপৰীত ফালে মাইকী টোকোৰা চৰাইজনীয়ে কণী পাৰি উমনি দি পোৱালি ফুকাই লালন-পালন কৰে। পোৱালি উৰিব পৰা হ’লেই মাক-বাপেকে বাহৰ বুকুত এটা বিন্ধা কৰি ভৰ বাৰিষাৰ আগতে বাহৰপৰা পোৱালিবোৰ বাহিৰলৈ উলিয়াই নিবলৈ যত্ন কৰে। পোৱালি ওলাই যোৱাৰ পিছত বাহবোৰ শূন্য হৈ পৰে।

সাধাৰণতেই গছ-বিৰিখত বহুতো অসম্পূর্ণ টোকোৰা চৰাইৰ বাহ দেখা যায়। তেনে অসম্পূৰ্ণ বাহবোৰ দেখিলে মতা টোকোৰা চৰাইৰ তুলনাত মাইকী চৰাইৰ সংখ্যা কম যেন অনুভৱ হয়। কিয়নো মতা চৰাইবোৰেহে বাহবোৰ সজা কাম আৰম্ভ কৰি মাইকী চৰাইবোৰক উমনিৰ জৰিয়তে পোৱালি লালন-পালন কৰাৰ সুবিধা কৰে। অৱশ্যে কেতিয়াবা এটা মতা টোকোৰাই কেইবাটাও বাহ সাজে। কিন্তু সৰহভাগ অসম্পূর্ণ বাহ মতাটোৰ সংগিনীৰ অভাৱৰ বাবেই দেখা যায়। তেনে বাহবোৰ মতাটোৱে বাহবোৰৰ দুমুখীয়া মুখ থকা অৱস্থাতেই অসম্পূৰ্ণকৈ এৰি দিয়ে। কেতিয়াবা আকৌ মতাবোৰে নিজৰ বাহটো মাইকী টোকোৰাই পছন্দ কৰক বুলি বাহটোৰ আকাৰ বিৰাট-বিশাল কৰি পেলায়। তেনে ডাঙৰ বাহ অধিক ভৰৰ বাবে বতাহ-বৰষুণত মাটিত সৰি পৰে। নলাকৃতি মুখৰ সচৰাচৰ দেখা বাহবোৰ টোকোৰাই মেৰামতি কৰি বতাহ-বৰষুণত সহজে ছিগি নপৰাকৈ সবল কৰি পেলায়।

টোকোৰা চৰাইৰ সংখ্যা ক্রমাৎ কমি অহা পৰিলক্ষিত হৈছে। পৰিৱেশ প্ৰদূষণ, নগৰ অঞ্চল বৃদ্ধি, গছ-গছনি হ্রাস, কৃষিভূমিৰ পৰিমাণ হ্রাস আদিয়েই তাৰ প্রধান কাৰণ। পথাৰ আৰু গছ-গছনিৰ আলমতেই জীৱন নির্বাহ কৰা এই প্রকৃতি-শুৱনি চৰাই প্রজাতিটো আজি ভাবুকিগ্ৰস্ত। শেন-চিলনীৰো ত্ৰাসত থকা এই চৰাইবোৰৰ গড় আয়ুস একেবাৰে কম। ইহঁতে হয়তো ৫ বছৰমানহে জীয়াই থাকে। জন্ম-মৃত্যুৰ হাৰৰ তাৰতম্যৰ বাবেও হয়তো প্রকৃতিত চৰাইবিধৰ বিচৰণ কমি আহিছে।

টোকোৰা চৰায়ে শস্যৰ কিছু অনিষ্টসাধন কৰিলেও পোৱালি লালন-পালনৰ সময়ত বহু পৰিমাণৰ কীট-পতংগৰ পলু সংগ্ৰহ কৰি প্ৰাকৃতিক জৈৱ-বৈচিত্ৰ্য নিয়ন্ত্ৰণত অংশগ্রহণ কৰে। বহু বছৰলৈ একেজোপা গছতে বসন্তকালত দৃষ্টিনন্দন বাহ সাজি আমাক আনন্দ প্রদান কৰা এই চৰাইবিধ প্রকৃতিত সুচাৰুৰূপে বিচৰণ কৰি থাকিবলৈ হ’লে আমাৰ চৌপাশে থকা গছ-বিৰিখবোৰো সুকলমে থাকিব লাগিব। তামোল, নাৰিকল আদিৰ দৰে গছ ৰোপণ এই ক্ষেত্রত বৰ প্রয়োজনীয় কথা। অৱশ্যে কম সময়ৰ ভিতৰত তেনে এটা পৰিৱেশ অহাটো সম্ভৱ নহয়। চৰাইবিধে বাহ সজা গছ-বিৰিখৰ ব্যাপক ৰোপণে হয়তো এই চৰাইবিধৰ বাবে অনুকূল পৰিৱেশটোৰ প্রত্যাৱৰ্তনত অৰিহণা যোগাব। কাৰণ কিছুমান বিকল্প গছত বাহ সাজিলেও, উপযুক্ত গছৰ অভাৱত টোকোৰা চৰাইৰ বংশবৃদ্ধি কার্যতঃ বাধাগ্ৰস্ত হৈছে। অৱশ্যে কিঞ্চিৎ আশাৰ কথা, এতিয়াও আমাৰ প্ৰাকৃতিক পৰিৱেশত টোকোৰা চৰাই নিঃশেষ হৈ যোৱা নাই। কিন্তু আমি সতৰ্ক হৈ থকা ভাল, কৃষি অথবা অন্য কাৰ্যত ব্যৱহাৰ কৰা কীটনাশকৰ সংস্পৰ্শলৈ অহাৰ বাবেও এই চৰাইবিধৰ সংখ্যা ক্রমাৎ কমি আহিছে। গতিকে তেনে বিষয়সমূহত আমি সাৱধানতা অৱলম্বন কৰিলেহে চৰাইৰ এই প্রজাতিটো আমাৰ প্রাকৃতিক পৰিৱেশত সুকলমে বৰ্তি থাকিবলৈ সক্ষম হ’ব।

Share Button
Print Friendly, PDF & Email

No Comments : "পক্ষী-জগতৰ অভিযন্তা টোকোৰা চৰাই - (নন্দ গগৈ)"

Leave a Comment

Your email address will not be published. Required fields are marked *