প্ৰাচীন ভাৰতীয় বিজ্ঞান চৰ্চা বনাম অতিকথা-(ৰঞ্জিত ভূঞা)

প্ৰাচীন ভাৰতত বিজ্ঞান চৰ্চাৰ গৌৰৱময় ইতিহাস আমাৰ বাবে একে সময়তে গৌৰৱ,বিস্ময় আৰু প্ৰেৰণা। সেই সময়ছোৱাত, ইমান প্ৰাচীন কালত আমাৰ জ্ঞান-বিজ্ঞানৰ সাধকসকলে যিধৰণৰ চিন্তা-চৰ্চা কৰিছিল, সেই চিন্তা-চৰ্চাৰ গভীৰতাই এতিয়াৰ বিজ্ঞানী সমাজক চমৎকৃত কৰিছে,তেওঁলোকে দি যোৱা অৱদানে জ্ঞান-বিজ্ঞানৰ গবেষণা আগ বাঢ়ি যোৱাত সহায় কৰিছে।কিন্তু সেইবুলিয়েই বিজ্ঞানৰ বিভিন্ন শাখাত হোৱা আৱিষ্কাৰ, বৈজ্ঞানিক তথ্য, সূত্ৰসমূহৰ বেছিভাগেই প্ৰাচীন ভাৰতত হৈছিল, প্ৰায় সকলো প্ৰাচীন ভাৰতৰ মনীষীসকলৰে অৱদান – তেনেকৈ ভাবিবলৈ যোৱাটো বা দাবী কৰাটো হ'ব অতিকথা বা অপপ্ৰচাৰৰ নামান্তৰ।যুক্তি আৰু জ্ঞানৰ বিকাশ বিভিন্ন সভ্যতাত বিভিন্ন সময়ত হৈছিল,নতুন নতুন চিন্তা-চৰ্চাই পোখা মেলিছিল,সেইবোৰৰ আদান-প্ৰদান হৈছিল ।এটি সভ্যতা আন এটি সভ্যতাৰদ্বাৰা প্ৰভাৱান্বিত হৈছিল,কোনোবা মনীষীৰ চিন্তা,ধাৰণা আন কাৰোবাৰদ্বাৰা বিকশিত হৈছিল,তেওঁ সেই ধাৰণাকে লৈ নতুন চিন্তাৰে আগুৱাই নিছিল,আন কোনোবাই হয়তো তাক প্ৰমাণ কৰি দেখুৱাইছিল।এতিয়া এই গোটেই প্ৰক্ৰিয়াটোত কিন্তু সকলোৰে বৰঙণি আছে,তাক সন্মানসহ স্বীকৃতি দিয়া উচিত।তাকে নকৰি পক্ষপাতিত্বৰে,মইবৰ ভাবেৰে ভাবিবলৈ গ'লে, আলোচনা কৰিলে সত্যক ঢাকি ৰখা হ’ব।এটা উদাহৰণ দিয়া যাওক।বিজ্ঞানৰ ইতিহাসবিদসকলৰ মতে বিশ্বৰ "প্ৰথম বিশুদ্ধ গণিতজ্ঞ" হ'ল গ্ৰীছ দেশৰ গণিতজ্ঞ পাইথাগোৰাছ।তেওঁৰেই সেই বিখ্যাত "পাইথাগোৰাছৰ সূত্ৰ" দৰাচলতে "বুদ্ধযান সূত্ৰ" বোলা উচিত,কিয়নো পাইথাগোৰাছৰ বহু আগেয়ে সূল্বসূত্ৰসমূহৰ মাজত এই সূত্ৰটোও সোমাই আছে - এই দাবী আমাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী ডঃ হৰ্ষবৰ্ধনৰ। ২০১৫ চনৰ জানুৱাৰিত মুম্বাইত অনুষ্ঠিত হোৱা ভাৰতীয় বিজ্ঞান মহাসভাত তেওঁ এই দাবী কৰিছিল। ডঃ হৰ্ষবৰ্ধনৰ এই দাবী কিন্তু সম্পূৰ্ণ সত্যৰ ওপৰত প্ৰতিষ্ঠিত নাছিল।এই বিষয়ে ভাৰতীয় মূলৰ,বৰ্তমানে কানাডাৰ নাগৰিক,কানাডাৰ প্ৰিঞ্চটন বিঃবিঃৰ গণিতৰ অধ্যাপক,গণিতৰ নোবেল বঁটাৰূপে পৰিচিত "ফিল্ড মেডেল" বিজয়ী গণিতজ্ঞ ডঃ মঞ্জুল ভাৰ্গৱৰ বক্তব্য আছিল এনেধৰণৰ –"যদি সূত্ৰটোৰ কেৱল এটা ধাৰণাৰ কথা কোৱা হয়,তেনেহ'লে ইজিপ্টীয়সকল প্ৰথম।যদি এটা সম্পূৰ্ণ সংজ্ঞাৰ কথা কোৱা হয়,তেনেহ'লে ভাৰতীয়ৰ অৱদান প্ৰথম।আনহাতে পোন প্ৰথমবাৰৰ বাবে সঠিক প্ৰমাণ দিয়াৰ কথা ওলালে চীনাসকল প্ৰথম। ডঃ ভাৰ্গৱৰ মতে, পাইথাগোৰাছৰ সূত্ৰ নামে বিখ্যাত হোৱা জ্যামিতিৰ এই সূত্ৰটোৰ প্ৰথম সঠিক প্ৰমাণ দিবলৈ সক্ষম হৈছিল চীনাসকলে যাৰ প্ৰমাণ খ্ৰীঃপূঃ ১০৪৬-২৫৬ সময়ছোৱাৰ এখন পাণ্ডুলিপিত উপলব্ধ।গতিকে পশ্চিমীয়া দেশৰ লোকসকলে এই সূত্ৰৰ সম্পূৰ্ণ কৃতিত্ব গ্ৰীকসকলক,বিশেষকৈ পাইথাগোৰাছক দিব খোজা কথাটো যিদৰে শুদ্ধ নহয়, ঠিক তেনেদৰে ভাৰতীয়সকলেহে প্ৰথমে জানিছিল আৰু প্ৰমাণ কৰিব পাৰিছিল বুলি কোৱাটোও সত্যৰ অপলাপ।আগতেই কৈছোঁ,প্ৰাচীন ভাৰতে বিজ্ঞানৰ বিভিন্ন শাখা, গণিত শাস্ত্ৰলৈ বহুতো অৱদান দি থৈ গৈছে যাক আজি আধুনিক বিশ্বই স্বীকৃতি দিছে।তেনে অৱদান আগ বঢ়াই যোৱা সেইসকল বিজ্ঞানী, গণিতজ্ঞ,দাৰ্শনিকৰ কথা আমি শ্ৰদ্ধাৰে সুঁৱৰিছো।পোন প্ৰথমে মনলৈ আহে দাৰ্শনিক কনাদৰ নাম। খ্ৰীঃপূঃ ৬০০ শতাব্দীতেই তেওঁ "বিশেষিকা সূত্ৰ"ৰ অৱতাৰণা কৰিছিল।এই সূত্ৰৰ সাৰমৰ্ম হৈছে পৰমাণুবাদ।কনাদৰ সূত্ৰসমূহ সঠিকভাৱে বিশ্লেষণ কৰিলে দেখা যায় যে তেওঁৰ পৰমাণুতত্ত্ব পৰৱৰ্তী কালৰ লিউচিপাছ,ডেমোক্ৰিটাছ আদি গ্ৰীক দাৰ্শনিকসকলৰ পৰমাণু তত্ত্বৰ তুলনাত ভালেখিনি আগবঢ়া আছিল।তেৱেঁই প্ৰথম পদাৰ্থৰ অবিভাজ্য অংশ "পৰমাণু" নামেৰে নামকৰণ কৰিছিল।তেনেধৰণে চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত চৰক আৰু সুশ্ৰুত নামৰ দুগৰাকী বিজ্ঞানীৰ অৱদান উল্লেখযোগ্য।আজিৰপৰা প্ৰায় 2000 বছৰ আগেয়ে চৰকে তেওঁৰ বিখ্যাত গ্ৰন্থ "চৰক সংহিতা"ৰ যোগেদি পাচন (digestion), বিপাক (metabolism),অনাক্ৰম্যতা (immunity) ইত্যাদি ধাৰণাৰ লগতে জীৱ-জন্তু,গছ-গছনি আদিৰ বাবে ৬০০বিধ ঔষধৰ বিধান দিছিল।মানুহৰ দেহৰ গঠন প্ৰণালী আৰু আভ্যন্তৰীণ অংগ-প্ৰত্যংগ সম্পৰ্কে তেওঁৰ প্ৰচুৰ জ্ঞানৰ উমান পোৱা যায়।শিশুৰ জন্মগত দৈহিক বিকৃতি (বন্ধ্যাত্ব বা অন্ধত্ব) সম্পৰ্কে তেওঁ আগবঢ়োৱা তত্ত্ব সঁচা বুলি স্বীকৃতি পাইছে।আন এগৰাকী চিকিৎসাবিজ্ঞানী সুশ্ৰুতৰ "সুশ্ৰুত সংহিতা"ত অস্ত্ৰোপচাৰৰ বিষয়ে বহুলভাৱে আলোচনা কৰা হৈছে ।তাত ৪২টা অস্ত্ৰোপচাৰৰ পদ্ধতিৰে আৰু ১২১টা বেলেগ বেলেগ সৰঞ্জামেৰে ৩০০টা অস্ত্ৰোপচাৰৰ বিশদ বৰ্ণনা দিয়া আছে।গণিত, জ্যোতিৰ্বিদ্যা আদি বিষয়তো আৰ্যভট্ট, বৰাহ মিহিৰ,ভাস্কৰ প্ৰথম, ভাস্কৰ দ্বিতীয়,ব্ৰহ্মগুপ্ত আদি গণিতজ্ঞ,দাৰ্শনিক, জ্যোতিৰ্বিদৰ অৱদান অবিস্মৰণীয়।আৰ্যভট্টৰ "আৰ্যভট্টিকা","আৰ্যসিদ্বান্ত",বৰাহ মিহিৰৰ "পঞ্চসিদ্বান্তিকা",ভাস্কৰৰ "লীলাৱতী", ব্ৰহ্মগুপ্তৰ "ব্ৰহ্মস্ফুটসিদ্বান্ত"ইত্যাদি গ্ৰন্থ গণিত আৰু জ্যোতিৰ্বিদ্যা বিষয়ক তেওঁলোকৰ জ্ঞানৰ গভীৰতাৰ উজ্জ্বল স্বাক্ষৰ।তেওঁলোকৰ অৱদানৰ কথা সুকীয়া সুকীয়াকৈ আলোচনা কৰিবলৈ গ'লে এক সুকীয়া দীঘলীয়া নিবন্ধৰ প্ৰয়োজন হ’ব।আগ্ৰহী পাঠকে মন কৰিলেই এই বিষয়ে পঢ়ি চাব পাৰে।এইখিনিলৈকে সকলো ঠিকেই আছে। প্ৰাচীন ভাৰতৰ এই মনীষীসকলৰ অবিস্মৰণীয় অৱদানক স্বীকৃতি দিয়াত আজি কোনেও কাৰ্পণ্য কৰা নাই,কৰাৰ প্ৰশ্নও নুঠে।কিন্তু বুৰঞ্জীয়ে ঢুকি নোপোৱা যুগৰ, মহাকাব্যিক যুগৰ অনেক কল্প-কাহিনীক, লোকবিশ্বাসক ইতিহাস বুলি, বিজ্ঞান বুলি প্ৰতিষ্ঠা কৰাৰ যে চেষ্টা চলিছে,সেইটোহে বৰ পৰিতাপৰ বিষয় হৈ পৰিছে।খোদ দেশৰ প্ৰধানমন্ত্ৰীৰ মুখত তেনে কথা শুনিবলৈ পোৱা গৈছে।তেখেতৰ লগতে তেখেতৰ দলৰ বহুকেইজন কেন্দ্ৰীয় মন্ত্ৰী, ৰাজ্যৰ মুখ্যমন্ত্ৰী,ৰাজ্যৰ মন্ত্ৰীৰ মুখত এনেধৰণৰ অকল্পনীয়, চূড়ান্ত অবৈজ্ঞানিক কথা শুনিবলৈ পোৱা গৈছে যিবোৰে দেশৰ বিজ্ঞানমনস্ক শিক্ষিত ব্যক্তিক ব্যথিত, চিন্তিত কৰি তোলাৰ লগতে বিশ্বৰ ওচৰতো ভাৰতৰ সন্মান লাঘৱ কৰিছে।তেনে বহুবোৰ উদাহৰণৰ মাজত কেইটামান উল্লেখ নকৰিলে আলোচনা আধৰুৱা হৈ ৰ'ব –

1) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মতে ভগৱান গণেশৰ ডিঙিত হাতীৰ মূৰ প্ৰতিৰোপণ ভাৰতীয় চিকিৎসা বিজ্ঞানৰ চমকপ্ৰদ সফলতা।প্লাষ্টিক ছাৰ্জাৰি ভাৰতত তেতিয়াই হৈছিল।এই মন্তব্য ২০১৪ চনৰ অক্টোবৰ মাহত মুম্বাইত চিকিৎসা বিষয়ৰ এক সন্মিলনত।সমগ্ৰ বিশ্বৰ চকু কপালত উঠিল -ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বক্তব্য শুনি ,বিজ্ঞানৰ জ্ঞান দেখি! কোৱা বাহুল্য যে বিশ্বৰ কোনো ঠাইতে এতিয়ালৈ head transplant সম্ভৱ হোৱা নাই।তাতে মানুহৰ মূৰত জন্তুৰ মূৰৰ কথাটো বাদেই,মানুহৰ মূৰ লগোৱা এতিয়াও ভাবিব নোৱৰা কথা হৈ আছে।কিন্তু আমাৰ প্ৰধানমন্ত্ৰীয়ে এটা লোকবিশ্বাসক বিজ্ঞানৰ মৰ্যাদা দি দিলে! কিমান আজব, অবান্তৰ কথা!

2)মহাভাৰতৰ কৰ্ণৰ জন্ম সম্পৰ্কেও তেখেতৰ আন এক আজব তথ্য।কৰ্ণৰ জন্ম হেনো ভাৰতত genetic engineeringৰ সফলতাৰ উদাহৰণ!

3)গোটেই বিশ্বতে সমাদৃত জীৱৰ ক্ৰমবিকাশৰ তত্ত্ব ভুল, এই তত্ত্ব ভাৰতৰ বিদ্যালয়ৰ পাঠ্যপুথিৰপৰা আঁতৰাব লাগে, কিয়নো বান্দৰ জাতীয় প্ৰাণী (ape)ৰপৰা মানুহৰ জন্ম হোৱা কোনেও দেখা নাই! এতিয়া ক'ত মৰে মৰক!সমগ্ৰ দেশৰ বিজ্ঞানী সমাজ, শিক্ষাৰ স'তে জড়িত ব্যক্তি, বিজ্ঞানমনস্ক ব্যক্তিয়ে একেমুখে প্ৰতিবাদ কৰা সত্ত্বেও এই তথ্যৰ সত্য বুলি নিজৰ স্থিতিত অটল হৈ ৰ'ল মোদী চৰকাৰৰ মানব সম্পদ উন্নয়ন মন্ত্ৰী সত্যপাল সিং।

4)ৰামায়ণত উল্লেখ থকা ৰাৱণৰ পুষ্পক বিমান কেনেকৈ বনাইছিল, আই আই টিৰ ছাত্ৰ-ছাত্ৰীয়ে শিকিব লাগে, সেইজনা কৃতবিদ্য বিজ্ঞানী মন্ত্ৰীৰে পৰামৰ্শ!

5)কেন্সাৰ বেমাৰ ভাল কৰিবলৈ যোগাসনেই যথেষ্ট, কোনো ঔষধৰ প্ৰয়োজন নাই - মোদী মন্ত্ৰীসভাৰ আন এজন বিজ্ঞানী মন্ত্ৰীৰে আৱিষ্কাৰ!

6) কেইবালাখ বছৰৰ আগেয়েই ভাৰতে নিউক্লীয় গৱেষণা কৰিছিল, পৰীক্ষাও সফলতাৰে সম্পন্ন কৰিছিল! ঋষি কনাডে কৰিছিল এই কাম - দাবী উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বৰ্তমানে হৰিদ্বাৰৰ সাংসদজনৰ।

7)গৰু সম্পৰ্কে এক আজব তথ্য - গৰু পৃথিৱীৰ একমাত্ৰ প্ৰাণী যি উশাহত অক্সিজেন লয়, নিশাহতো অক্সিজেনেই এৰি দিয়ে - এই আৱিষ্কাৰ কৰাজনো বিজেপি দলৰে মন্ত্ৰী ৰাজস্থানৰ এইজনা, নাম বাসুদেৱ দেৱনানী।এখেতৰে আন এক যুগান্তকাৰী ঘোষণা - মাধ্যাকৰ্ষণ শক্তিৰ সূত্ৰ নিউটনৰ এহেজাৰ বছৰৰ আগেয়ে ভাৰততে আৱিষ্কাৰ হৈছিল, আৱিষ্কাৰক আছিল ব্ৰহ্মগুপ্ত দ্বিতীয়।

8)শস্যৰ গুটিবোৰক "পৰমাত্মা শক্তি" ৰশ্মিৰদ্বাৰা শক্তিবৰ্ধন কৰি বেছি উৎপাদনক্ষম কৰি তোলাৰ অভিনৱ, গোটেই বিশ্বক চমকিত কৰি তুলিব পৰা পৰিকল্পনা কৰা Yogic farming উদ্ভাৱন মোদী চৰকাৰৰে কৃষি মন্ত্ৰীৰ।

9)এইবাৰ গোটেই বিশ্বকে থৰ লগাই দিয়া মন্তব্য দিয়াজন আকৌ আমাৰ এই অসম মুলুকৰে । "কেন্সাৰ ৰোগ" পূৰ্বজন্মৰ পাপৰ ফলতহে বোলে হয়! লাখ লাখ কোটি টকা খৰচ কৰি, গোটেই বিশ্বৰ জাকে জাকে গৱেষক, চিকিৎসা বিজ্ঞানীয়ে গবেষণা কৰি যি সিদ্ধান্তলৈ আহিব পৰা নাই, সেই কথা আমাৰ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীজনাই টিলিকতে উদ্ভাৱন কৰিলে! কম কথা নে! বিশ্বত তোলপাৰ লাগিল!প্ৰতিবাদ, গৰিহণাৰ সন্মুখীন হৈ মন্ত্ৰীয়ে ক্ষমা খুজিলে।কিন্তু কথা ৰৈ গ'ল!

10) "ভুল মাণিক বা গ্ৰহৰত্ন পৰিধান কৰিলে মানুহে বিচৰা বস্তু নাপায়, ভাগ্য খোল নাখায়, সেইকাৰণে মাণিক এৰি "হীৰা" পিন্ধিব লাগে আৰু সেই হীৰা তেওঁ দিব " - এইবুলি ত্ৰিপুৰাত ইলেকচন সভাত দিয়া প্ৰতিশ্ৰুতি মোদী ডাঙৰীয়াই ৰাখিলে।ত্ৰিপুৰাৰ জনতাই "হীৰা" সদৃশ মুখ্যমন্ত্ৰী পালে যিজনে এতিয়া মুখ খুলিলেই চাৰিওফালে হুলস্থূল লাগে।তেওঁৰ মতে মহাভাৰতৰ যুগতে ইণ্টাৰনেট আছিল,দূৰদৰ্শন আছিল, সঞ্জয় ধৃতৰাষ্ট্ৰৰ আগত কুৰুক্ষেত্ৰ যুদ্ধৰ বৰ্ণনা দিয়াটো বোলে তাৰ প্ৰমাণ! আৰু আছে তেওঁৰ মুখৰ বাণী, গোটেইবোৰ লিখিবলৈ গ'লে এটা সুকীয়া লেখাৰ প্ৰয়োজন হ’বগৈ।

11) উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী মহেশ শৰ্মাৰ মতে, সীতা আছিল পৃথিৱীৰ প্ৰথম 'টেষ্ট টিউব বেবি'!

     এয়া কেইটামান মাত্ৰ উদাহৰণহে,এইদৰেই বিজেপি দলৰ নেতা, মন্ত্ৰী, বিধায়কে কল্পকাহিনীক বিজ্ঞান বুলি প্ৰচাৰ কৰাত লাগিছে।উদ্দেশ্য হ'ল মানুহৰ চিন্তা-চেতনাকে ভোটা কৰা, যুক্তিবাদী,বিজ্ঞানসন্মত মানসিকতা প্ৰচাৰ,প্ৰসাৰত বাধাৰ সৃষ্টি কৰা। বেদ মানেই বিজ্ঞান বুলি অদ্ভুত প্ৰচাৰ চলাইছে।বেদ যে বিজ্ঞান হ’ব নোৱাৰে,বিজ্ঞান কি বুজি পোৱা শিক্ষিত ব্যক্তি মাত্ৰেই জানে।কোনো প্ৰকৃত অৰ্থত যুক্তিবাদী শিক্ষিত মানুহে এই কথা মানি ল’ব নোৱাৰে।এটা কথা অনস্বীকাৰ্য যে প্ৰাচীন ভাৰতৰ বিজ্ঞানৰ বিভিন্ন শাখা, গণিত, চিকিৎসা শাস্ত্ৰৰ চৰ্চাৰ এক গৌৰৱময় ঐতিহ্য আছিল।বিভিন্ন গ্ৰন্থই তাৰ স্বাক্ষৰ বহন কৰিছে।সেই বিষয়ে বিস্তাৰিত আলোচনা কৰিবলৈ গ'লে এক সুকীয়া দীঘলীয়া নিবন্ধৰ প্ৰয়োজন হ’ব। কিন্তু সেই গৌৰৱোজ্জ্বল ইতিহাসৰ কথা নকৈ কিছুমান কল্পকাহিনী, লোকবিশ্বাসক যদি বিজ্ঞান বুলি প্ৰচাৰ কৰে বা কোৱা হয়, আৰু যদি এনে প্ৰৱণতা বৃদ্ধি পায়, তেন্তে আমাৰ উঠি অহা চাম বিভ্ৰান্তিত ভোগাৰ লগতে বিজ্ঞান চৰ্চাৰ পৰিবেশ বিনষ্ট হ’ব।বিশ্বৰ চকুত ভাৰতৰ বিজ্ঞান চৰ্চাৰ বিশ্বাসযোগ্যতা প্ৰশ্নৰ সন্মুখীন হ’ব। তেতিয়া বিশ্বৰ উন্নত দেশৰ তুলনাত আমি পিছ পৰি ৰোৱাৰ লগতে এনেবোৰ কথা-কাণ্ডৰ বাবে আমাৰ জনপ্ৰতিনিধিৰ লগতে সকলো ভাৰতীয় বিশ্ববাসীৰ ওচৰত সদায় হাঁহিয়াতৰ,উপহাসৰ পাত্ৰ হৈ ৰ'ব।

(তথ্যসূত্ৰ :  "সমীক্ষণ", "অন্বেষণ"ৰ লগতে ইণ্টাৰনেটত উপলব্ধ কেইবাটাও লেখা)

Share Button
Print Friendly, PDF & Email

No Comments : "প্ৰাচীন ভাৰতীয় বিজ্ঞান চৰ্চা বনাম অতিকথা-(ৰঞ্জিত ভূঞা)"

Leave a Comment

Your email address will not be published. Required fields are marked *